doc_id
large_stringlengths
32
64
text
large_stringlengths
0
560k
type
large_stringclasses
3 values
9155a07f93db8a99a3af4c935236220d42b3b95a
কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতো জিঅ'ৰ বাবে আহিছে ইটোৰ পিছত সিটো ভাল খবৰ। ৰিলায়েন্স জিঅ'ত এইবাৰ বিনিয়োগ কৰাৰ সিদ্ধান্ত ল'লে Abu Dhabi Investment Authorityয়ে। 'Abu Dhabi Investment Authority'য়ে জিঅ'ত ১. ১৬ শতাংশ ইক্যুইটিৰ বাবে ৫,৬৮৩. ৫০ কোটি টকা বিনিয়োগ কৰিছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ফালৰ পৰা দেওবাৰে জনোৱা হয় এই কথা। - ইয়াৰ লগে লগে মাত্ৰ সাত সপ্তাহৰ ভিতৰত জিঅ'ত অষ্টমটো বৃহত্ বিনিয়োগ। - 'Abu Dhabi Investment Authority'য়ে জিঅ'ত ১. ১৬ শতাংশ ইক্যুইটিৰ বাবে ৫,৬৮৩. ৫০ কোটি টকা বিনিয়োগ কৰিছে জিঅ'ত। - জিঅ'ত এতিয়ালৈকে মুঠতে ৯৭,৮৮৫ কোটি টকা বিনিয়োগ কৰিছে। বিনিয়োগকাৰী সকলৰ ভিতৰত আছে, ফেচবুক, মুবাডালা, ভিষ্টা ইক্যুইটি পাৰ্টনাৰ, ক'লকাতা নাইট ৰাইডৰ্ছ, জেনেৰেল আটলাণ্টিক আৰু আমেৰিকাৰ দুটা প্ৰতিষ্ঠান। - Abu Dhabi Investment Authorityয়ে ১৯৭৬ চনৰ পৰাই আবু ধাবি চৰকাৰৰ হৈ ধন বিনিয়োগ কৰি আহিছে। - প্ৰতিষ্ঠানটোৱে লংগ-টাৰ্ম ভেল্যু ক্ৰিয়েচনত গুৰুত্ব প্ৰদান কৰি আহিছে। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম। - First Published :
web
289b7432cb2aa9cde8f303458ea804a03e444adf
নগাঁও জিলাৰ চামগুৰি আৰক্ষীৰ এটা দলে শনিবাৰে মাজ নিশা আমনিত অবৈধ বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান চলাই সুৰা ভৰ্তি এখন ট্ৰাক জব্দ কৰে। আৰক্ষীৰ দলটোৱে তিনি গৰাকী সৰবৰাহকাৰীকো আটক কৰে বুলি জানিব পৰা গৈছে। অবৈধ বিলাতী সুৰাখিনি অৰুণাচলৰ নাহৰলগুনৰ পৰা এ এছ ০১ এ চি ৮৯৯১ নম্বৰৰ ট্ৰাকখনে নাগালেণ্ডৰ ডিমাপুৰলৈ কঢ়িয়াই অনা অৱস্থাতে আমনিত গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে অভিযান চলাই অবৈধ সুৰা ভৰ্তি ট্ৰাকখন জব্দ কৰাৰ লগতে তিনিজন সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। বৰ্তমান তিনিও সৰবৰাহকাৰীক চামগুৰি থানাত জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। আনহাতে জব্দ কৰা ট্ৰাক খনত প্ৰায় এঘাৰশ কাৰ্টন অবৈধ ৰাম আছে বুলি চামগুৰি আৰক্ষীয়ে জানিবলৈ দিয়ে।
web
699340cbab32f2bc9f59fee73aaf14cf0029e895
নিউজ ডেস্কঃ কিছু সময়ৰ বাবে নিথৰ হৈ পৰিছিল ব্যক্তিজন। ক্ৰমাৎ চেঁচা পৰিছিল হাত-ভৰি। উশাহো বন্ধ হৈ পৰিছিল। কিন্তু সেই সময়তে ব্যক্তিজনক মৃত্যুৰ মুখৰ পৰা উভতাই আনিবলৈ সক্ষম হ'ল পত্নীয়ে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এজন ব্যক্তিৰ জীৱন-মৃত্যুৰ যুঁজৰ এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মথুৰা ৰে'ল ষ্টেছনত। দৰাচলতে কেৰালাৰ কছাৰাগোদৰৰ নিৱাসী ৬৭ বৰ্ষীয় কেশৱন নামৰ ব্যক্তিজনে পত্নীৰ সৈতে ৰে'ল যাত্ৰা কৰাৰ সময়তে ৰে'লৰ ভিতৰত হৃদৰোগত আক্ৰান্ত হয়। তাৰ পিছতে মথুৰা ষ্টেছনত ব্যক্তিজনক ৰে'লৰ পৰা নমাই প্লেটফৰ্মতে শুৱাই দিয়া হয়। কিন্তু তেতিয়ালৈকে শ্বাস প্ৰশ্বাস বন্ধ হৈ পৰিছিল কেশৱনৰ। সেই সময়ত প্লেটফৰ্মত উপস্থিত থকা এগৰাকী আৰপিএফ কনিষ্টবল আগবাঢ়ি আহি ব্যক্তিজনক মুখেৰে চিপিআৰ প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়ে। আৰু সেই পৰামৰ্শ অনুসৰি মহিলাগৰাকীয়ে স্বামীক চিপিআৰ প্ৰদান কৰাত অৱশেষত উশাহ ঘূৰি আহে কেশৱনৰ। তাৰ পিছতে আৰপিএফে এম্বুলেন্সযোগে তেওঁক প্ৰথমে ৰে'লৱে হাস্পতাললৈ প্ৰেৰণ কৰে আৰু পৰৱৰ্তী সময়ত মথুৰাৰ এখন ব্যক্তিগত নাৰ্ছি হোমত কেশৱনক ভৰ্তি কৰোৱা হয়। ৰে'লৱে প্লেটফৰ্মত ৬৭ বৰ্ষীয় ব্যক্তিজনক পত্নীয়ে মৃত্যু মুখৰ পৰা ঘূৰাই অনাৰ এটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। জানিব পৰা মতে, কেশৱন নামৰ ব্যক্তিজনে পত্নী দিয়াৰ সৈতে এটা ৮০ জনীয়া দলৰ লগত চাৰ ধাম যাত্ৰাৰ বাবে উত্তৰাখণ্ডলৈ গৈছিল। তাৰ পৰা উভতি কইম্বটুৰ এক্সপ্ৰেছ ৰে'ল যোগে দিল্লীৰ পৰা কোঝিকোডলৈ গৈ থকা সময়তে ৰে'লৰ ভিতৰত হৃদৰোগত আক্ৰান্ত হয় কেশৱন। ইফালে পিতৃৰ অসুস্থতাৰ খবৰ লাভ কৰাৰ পিছতে ছাহাৰনপুৰত চিকিৎসক হিচাপে কৰ্মৰত তেওঁলোকৰ পুত্ৰ নীৰজ ততাতৈয়াকৈ মথুৰাত উপস্থিত হয়। বৰ্তমান হাস্পতালত চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলাই থকা হৈছে কেশৱনৰ। বৰ্তমান তেওঁক বিপদমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে।
web
75ee2851ec528dff50aa69a3d5b7cc7746fa3936
সোমবাৰে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ বিস্তৃত কাৰ্যসূচী আছে যোৰহাটত। দেওবাৰে নিশা যোৰহাটৰ আৱৰ্ত্ত ভৱনত কটালে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সোমবাৰে জন আশীৰ্বাদ যাত্ৰাই সামৰি ল'ব উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া মৰিয়নি আৰু থাওৰা সমষ্টি । সোমবাৰে পুৱা ১০ বজাত যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানত যোৰহাটৰ একাংশ বিশিষ্ট লোকক সম্বৰ্ধনা কৰাৰ লগতে তেওঁলোকৰ লগত মত বিনিময় কৰিব । তাৰ পিছত পুৱা প্ৰায় ১১ বজাত জন আশীৰ্বাদ যাত্ৰাৰ কনভয় আগবাঢ়িব মৰিয়নি সমষ্টিলৈ । এক সমদলেৰে মৰিয়নিলৈ সৰ্বানন্দ সোণোৱালক আদৰি নিয়াৰ ব্যাপক প্ৰস্তুতি চলিছে । মৰিয়নিৰ সোণোৱাল চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা এখন সভাত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। ইয়াৰ পিছতে মৰিয়নিৰ পৰা যাত্ৰা আৰম্ভ কৰি দুপৰীয়া প্ৰায় ১-১৫ বজাত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হ'ব সৰ্বানন্দ সোণোৱাল । ঢেকীয়াখোৱা বৰনামঘৰত সেৱা আগবঢ়াই প্ৰায় ডেৰঘণ্টা সময় মন্ত্ৰীগৰাকী থাকিব ঢেকীয়াখোৱাত। ইয়াতে এখন কৰ্মীসভাতো মত বিনিময় কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব শিৱসাগৰলৈ। শিৱসাগৰটো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ ব্যাপক প্ৰস্তুতি চলিছে । বিয়লি প্ৰায় ৪. ৪০ বজাত জন আশীৰ্বাদ যাত্ৰাৰ কনভয় উপস্থিত হ'বগৈ ডিমৌত। ডিমৌত অনুষ্ঠিত হ'ব লগা এলানি কাৰ্যসূচীত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ যাত্ৰা কৰিব ডিব্ৰুগড়লৈ । আৰু ডিব্ৰুগড়ৰ নিজা বাসগৃহত মন্ত্ৰীগৰাকীয়ে নিশা পাৰ কৰিব । - First Published :
web
f99122573e5a58b9d69061f59adfb1e3f0cc6e19
বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ২৬ মে'ত আঠ বছৰৰ শাসন সম্পূৰ্ণ কৰিব। এই উপলক্ষ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য এই সময়চোৱা দেশৰ সন্তুলিত উন্নয়ন, সামাজিক ন্যায় আৰু সামাজিক সুৰক্ষাৰ বাবে উৎসৰ্গিত কৰা হৈছে। যোৱা সপ্তাহত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যালয়ৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰি মোদীয়ে কয়ঃ "এই মাহত এন ডি এ চৰকাৰে আঠ বছৰ সম্পূৰ্ণ কৰিব। এই আঠ বছৰ সংকল্প আৰু সফলতাৰ আছিল। এই আঠ বছৰ দৰিদ্ৰ লোকসকলৰ সেৱা, সুশাসন আৰু কল্যাণৰ বাবে উৎসৰ্গিত আছিল। " বিগত আঠ বছৰত, নৰেন্দ্ৰ মোদী চৰকাৰে বিত্তীয়, স্বাস্থ্যসেৱা আৰু সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীক পোণপটীয়াকৈ লাভান্বিত কৰিবলৈ কেইবাখনো আঁচনি সফলতাৰে ৰূপায়ণ কৰিছে। News18. com-এ ২০১৪ চনৰ পৰা নৰেন্দ্ৰ মোডী চৰকাৰে আৰম্ভ কৰা এনে আঠখন ফ্লেগশ্বিপ আঁচনিৰ ওপৰত চকু ফুৰাইছে। আহক চাও। News18. com-এ ২০১৪ চনৰ পৰা নৰেন্দ্ৰ মোডী চৰকাৰে আৰম্ভ কৰা এনে আঠখন ফ্লেগশ্বিপ আঁচনিৰ ওপৰত চকু ফুৰাইছে। আহক চাও।
web
4f644f3c2d36ab0767e129a01036c97ab33c8297
ক'ভিডৰ কামোৰ আৰু দীৰ্ঘ তলাবন্ধৰ বাবে অসংখ্য মানুহে কাম হেৰুৱাইছে । শেহতীয়াকৈ কল-কাৰখানা, অফিচ-কাছাৰীৰ দুৱাৰ খোল খাইছে যদিও চলিত বছৰত চাকৰি হেৰুওৱা লোকৰ তুলনাত চাকৰি পোৱা লোকৰ সংখ্যা অতি নগন্য । তৎসত্ত্বেও বছৰৰ আৰম্ভণিতে নিবনুৱাৰ হাৰ যি আছিল, বিগত দুমাহত সেয়া নামি আহিছে । অৰ্থাৎ, দেশত এতিয়া নিবনুৱাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে । অন্তত পৰিসংখ্যাই এই দাবীয়েই কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ উপদেষ্টা চিএমআইইৰ শেহতীয়া হিচাপ অনুসৰি, দেশত এতিয়া কৰ্মহীন লোকৰ অনুপাত তলাবন্ধৰ আৰম্ভণিৰ আগতকৈও কম । অৱশ্যে বিশেষজ্ঞৰ মতে, পেতৰ দায়ত পৰি যোগ্যতা আৰু পৰিশ্ৰমিকৰ স'তে আপোচ কৰি কাম কৰিবলৈ বাধ্য হোৱা তথা হতাশ হৈ বহুতে কামৰ বজাৰখনৰ পৰাই আঁতৰি যোৱাটোৱেই ইয়াৰ মূল কাৰণ । উন্নত বিশ্বত নিবনুৱাৰ পৰিসংখ্যা বেছিকৈ নিৰ্ভৰশীল প্ৰধানকৈ তিনিটা কাৰণত - প্ৰথম, য'ত কৰ্মীসকলৰ বৃহৎ অংশই কাম সংগঠিত ক্ষেত্ৰত । ফলত তথ্য সংগ্ৰহ কৰাটো সুবিধাজনক । দ্বিতীয়, নিবনুৱা ভাট্টাৰ বাবে আবেদনকাৰীৰ সংখ্যাৰ পৰা ইংগিত পোৱা যায় কিমানজনৰ চাকৰি গৈছে । তৃতীয়তে, এই নিবনুৱা ভাট্টাৰ কাৰণে এটা ন্যূনতম বেতন বা পাৰিশ্ৰমিক নোপোৱা পৰ্যন্ত বহুতে কামৰ বজাৰৰ ফালে ভৰিয়ে আগনবঢ়ায় । এই কথা জানিবলৈ দি দিল্লী স্কুল অৱ ইক'নমিক্সৰ অধ্যাপক দিব্যেন্দু মাইতিয়ে কয়, 'কেৱল কৰ'না কালত নহয়, এই দেশত কাঋৰ বজাৰৰ আচল ছবিখন কেতিয়াও আিবনুৱাৰ হাৰত প্ৰতিফলিত নহয় । সেই সমস্যা অধিক বাঢ়িছে ক'ভিডৰ সময়ত । কাৰণ বহুতেই কেৱল সংসাৰ চলোৱাৰ তাগিদাতে এনে কামত যোগ দিবলৈ বাধ্য হৈছে, য'ত বেতন বা মজুৰি আগৰ তুলনাত কম । বহুতে আকৌ সংগঠিত ক্ষেত্ৰৰ নিৰ্ধাৰিত বেতনৰ চাকৰি হেৰুৱাই অসংগঠিত ক্ষেত্ৰৰ ঠিকা উা দিন-মজুৰিৰ দৰে কামত যোগ দিবলৈ বাধ্য হৈছে । অৰ্থাৎ, কাগজে-কলমে নিবনুৱাৰ সংখ্যা কমিলেও কিন্তু সেয়া কামৰ বজাৰৰ সুস্থিৰতা উভতি অহাৰ প্ৰমাণ নহয় । চৰকাৰী দাবী অনুসৰি, তলাবন্ধত কাম হেৰুৱাই গাঁৱলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বহুতেই এতিয়া এশ দিনৰ কামত যোগ দিছে । আন বহুতৰে ভৰসা এতিয়া শেহতীয়াকৈ আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ ৰোজগাৰ অভিযানত । ইয়াতেই শ্ৰমিক সংগঠনসমূহে প্ৰশ্ন কৰিছে যে এই শ্ৰমিকসকলে চহৰত যি মজুৰিৰ বিনিময়ত কাম কৰিছিল, গাঁৱত তাৰ সামান্য অংশও পাইছে নে নাই ? অৰ্থাৎ, সমীক্ষাৰ সময়ত প্ৰশ্ন কৰিলে তেওঁলোকে হয়তো নিজকে কৰ্মহীন বুলি কোৱা নাই, অথচ তেওঁলোকৰ উপাৰ্জনো একেবাৰে হ্ৰাস পাইছে । আন এক উদাহৰণ দাঙি ধৰি তেওঁ কয় যে এটা পৰিয়ালৰ মূৰব্বীজনে মাহিলি ২০ হেজাৰ টকা বেতনৰ চাকৰি হেৰুওৱাৰ পাছত সংসাৰৰ জোৰা-টাপলি মাৰিবলৈ যদি এতিয়া তেওঁৰ পৰিয়ালৰ তিনিজনে মাটি কাটি মাহত পাঁচ-ছহেজাৰ টকাকৈ আয় কৰে, তেনেহ'লে কাম কৰা মানুহৰ মূৰ সংখ্যা একৰ পৰা বাঢ়ি তিনি হ'ব । কিন্তু মুঠ উপাৰ্জন হ্ৰাস পাব পৰিয়ালটোৰ । তলাবন্ধ আৰু ইয়াৰ পৰৱৰ্তী সময়ত হতাশ হৈ বহুতেই কামৰ বজাৰখনৰ পৰাই নিজক আঁতৰাই নিছে । চিএমআইইৰ পৰিসংখ্যা অনুসৰি, কেৱল অক্টোবৰতে এনে লোকৰ সংখ্যা প্ৰায় দুই কোটি । আইডিএছকেৰ অধ্যাপক শুভনীল চৌধুৰীয়ে কয়, 'মুঠ কৰ্মক্ষম জনসংখ্যাৰ অনুপাতত কাম বিছৰা লোকৰ সংখ্যাই যদি হ্ৰাস পায়, সেয়া উদ্বেগজনক । বিগত কিছু মাহত সেয়াই ঘটিছে । কিন্তু নিবনুৱাৰ হিচাপ কৰাৰ সময়ত তেওঁলোকক গণ্য কৰা নহয় ।
web
43e573a8f39ee7a2cfa832d5dd319dcc60d211bc
৮ জুনত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন। পাহাৰত এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত। পিছপৰি ৰোৱা নাই কংগ্ৰেছো। কাৰ্বি আংলঙৰ বিভিন্ন সমষ্টিত প্ৰচাৰ চলাইছে ভূপেন বৰা আৰু বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ লগতে আন বহু কেইজন নেতাই। সম্মূখত কাৰ্বি পাহাৰত পৰিষদীয় নিৰ্বাচন। নিৰ্বাচনলৈ মাজতে আৰু তিনিদিন বাকী থকা অৱস্থাত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। মুখ্যমন্ত্ৰীয়ে বিজেপি প্ৰাৰ্থীৰ বাবে মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাইছে। পিছপৰি ৰোৱা নাই প্ৰধান বিৰোধী দল জাতীয় কংগ্ৰেছ দল। সভাপতি ভূপেন বৰাৰ লগতে বিৰোধী দলপতি দেবব্ৰত শইকীয়ায়ো বিভিন্ন পৰিষদীয় সমষ্টিত চলাইছে নিৰ্বাচনী প্ৰচাৰ। দেবব্ৰত শইকীয়াৰ প্ৰশ্ন যদি বিৰোধীয়ে নাই তেনেহলে ৬০ গৰাকী বিধায়কক বিজেপিয়ে কিয় কাৰ্বি আংলঙত ভৰাই থৈছে। "কাৰ্বি পৰিষদ কংগ্ৰেছে গঠন কৰিম" এই দাবী আমৰেঙৰ কংগ্ৰেছ প্ৰাৰ্থী এলিছ ইংতিপিৰ। পাহাৰীয়া দুখন জিলা মিলি গঠিত ২৬ টা সমষ্টিতে বিজেপিৰ সাংসদ,মন্ত্ৰী বিধায়ক সকলে দলীয় প্ৰাৰ্থীৰ হৈ চলাই আছে প্ৰচাৰ। বিধায়ক দিগন্ত কলিতা আৰু জিতু গোস্বামীৰ দাবী বিজেপিয়ে ২৬ খনৰ ২৬ খনতে জয় হব। শনিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিথুং ৰেংথেমাৰ বিজেপি প্ৰাৰ্থী তুলিৰাম ৰংহাং, হামৰেন সমষ্টিৰ মংগলছিং তিমুং আৰু ৰংখাঙৰ লমবেছন বেৰ বাবে পাহাৰত অন্তিমখন নিৰ্বাচনী সভাত অংশ লয়। অন্যান্য সমষ্টিৰ দৰে তুলিৰামৰ সমষ্টিতো প্ৰতিশ্ৰুতিৰ বন্যা বোৱালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ই। - First Published :
web
ce18157745bf7bb3648762a2196c6ae0fc9be128
হাওৰাঘাট থানাৰ অন্তৰ্গত অককেৰেং এলেকাত আজি বিয়লি আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ তিনিটা সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি, এক গোপন সূত্ৰৰ পম খেদি আজি বিয়লি হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ তেৰাং আৰু ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলমণি মালাকাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পাৰখোৱাৰ 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাওৰাঘাট সংযোগী পথত তালাচী অভিযান চলায়। উক্ত অভিযানৰ সময়তে আৰক্ষীৰ দলটোৱে উক্ত পথৰ অককেৰেং নামৰ ঠাইত এএছ-02-এ-4999 নম্বৰৰ মাৰুতী কাৰখনত তালাচী চলাই প্ৰায় 8560 টা নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে এগৰাকী মহিলা সহ তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত সৰবৰাহকাৰীকেইটা ক্ৰমে নʼমন ৰিচ ৰেংমা, মনোজ ক্ৰামছা আৰু ক্ৰিষ্টিনা তিচʼপী বুলি চিনাক্ত কৰা হৈছে। জব্দ হোৱা নিচাযুক্ত সামগ্ৰীখিনি নগাঁৱৰ পৰা ডিফুলৈ আনি থকা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, সৰবৰাহকাৰী দলটোৱে আৰক্ষীৰ বাহনত খুন্দিয়াই পলাই সৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে আটাইকেইটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
web
6afea328c403519d74dab71081ccee90dc5b86fa
নিউজ ডেস্কঃ সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলন,নলবাৰী জিলা সমিতিৰ উদ্যোগত চটাইবাৰী আঞ্চলিক সমিতিৰ সহযোগত ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি নলবাৰী জিলাৰ ধমধমা আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰাংগণত ডাঃ ভূগীচৰণ কলিতা সোঁৱৰণি বক্তৃতা অনুষ্ঠান হৈ যায়। স্থানীয় সমাজকৰ্মী হেমন্ত কুমাৰ পাটগিৰিয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে অধিৱক্তা তথা সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ সাধাৰণ সম্পাদক প্ৰতুল কলিতাই। সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ সাংগঠনিক সম্পাদক নগেন কলিতাই আঁত ধৰা অনুষ্ঠানটিত --কাছাৰ জিলাৰ অৱসৰী চি. ডি. পি. অ' ধৰণীধৰ কলিতা,কলিতা জনগোষ্ঠীৰ মুছলপুৰ জিলাৰ সভাপতি ৰামেশ্বৰ ডেকা, নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক ভুৱনেশ্বৰ কলিতা আদিয়ে সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ ওপৰত ইতিহাস বিতংকৈ বক্তব্য আগবঢ়োৱাৰ লগতে ৩৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ডাঃ ভূগীচৰণ কলিতাৰ স্মৃতি আলোকপাত কৰে। সদৌ অসম কলিতা জনগোষ্ঠী সন্মীলনৰ সভাপতি ডাঃ ৰমেন কুমাৰ কাকতি নিজ ভাষণত কলিতা জনগোষ্ঠীৰ ইতিহাস,বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত ভাষণ প্ৰদান কৰি তেওঁ সম্প্ৰতি সময়ত কলিতা জনগোষ্ঠীৰ একগোট হৈ আগবাঢ়ি লাগিব। নহলে কোনো ৰাজনৈতিক দলে আমাৰ সমস্যাৰ প্ৰতি গুৰুত্ব নিদিব।
web
24f0901f4c810e6e7047f96dc2aa9d0ceecdaf30
কেন্দ্ৰীয় চৰকাৰে (Central Goverment) অসমৰ এটা অংশ কৰ্তন কৰি এখন সুকীয়া ৰাজ্য গঠন কৰাৰ লগতে ইষ্টাৰ্ণ নাগালেণ্ড গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰিত হৈ অহাৰ সময়তে অসমৰ পাহাৰীয়া জিলাকেইখনক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীৰে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী (Home minister)লৈ স্মাৰক-পত্ৰ (Memorandum) প্ৰেৰণ কৰে এএছডিচি (ASDC), কেএছএ (KSA) আৰু কে এন চি এ (KNCA)ই। এএছডিচি দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে আজি ডিফুত এক সংবাদ মেলৰ আয়োজন কৰি এই বিষয়ে অৱগত কৰে। লগতে পাহাৰীয়া জিলাকেইখনক সামৰি এখন স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবী যথেষ্ট পুৰণি যদিও কেন্দ্ৰীয় চৰকাৰে বিষয়টোত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই বুলি আক্ষেপ ব্যক্ত কৰে। এই সন্দৰ্ভত এছ ডিচি, কেএছএ আৰু কেএনচিএৰ প্ৰতিনিধিবৰ্গই অহা ১০-১৫ ডিচেম্বৰৰ ভিতৰত নতুন দিল্লীত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰো সম্ভাৱনা থকা বুলি লগতে জানিবলৈ দিয়ে।
web
7efc1ec9a91f459d5b0ce6728e2b4305f770c05d
জোনাইত খেৰলৈ পৰ্যবসিত হৈছে শ শ বিঘা কৃষিভূমি। জোনাই মহকুমাৰ কেইবাখনো পথাৰত অচিন পোকে চলাইছে সন্ত্ৰাস। ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে কৃষকসকলে । এইক্ষেত্ৰত কৃষকসকলক ধেমাজি জিলা কৃষি বিভাগে কোনো সহযোগিতা নকৰাৰ অভিযোগ উত্থাপিত হৈছে । কৃষকৰ ভৰসা স্বৰূপ একমাত্ৰ পথাৰখন নষ্ট হোৱাৰ পিছতো কৃষকৰ সমস্যাৰ প্ৰতি জিলা কৃষি বিভাগে তিলমানো গুৰুত্ব প্ৰদান কৰা নাই বুলি কৃষকসকলে অভিযোগ উত্থাপন কৰিছে । আনকি কৃষি বিভাগে কোনো ধৰণৰ কীটনাশক ঔষধ যোগান নধৰা আৰু ক্ষতিগ্ৰস্ত কৃষকৰ কাষলৈ নহাৰো অভিযোগ উত্থাপিত হৈছে । ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ দিয়া আৰু ধাননি পথাৰসমূহ পোকৰ আক্ৰমণৰ পৰা মুক্ত কৰা লগতে ঔষধৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰ তথা কৃষি বিভাগক দাবী জনাইছে । এই ক্ষেত্ৰত খেতিয়ক সকলে জোনাই মহকুমা কৃষি বিভাগক পৰিদৰ্শন কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে । প্ৰথমে বৰষুণৰ অভাৱত খেতি পথাৰত চিৰাল ফাঁট, তাৰ পাছত কিছু পৰিমানে বৰষুণ হৈছিল যদিও ইয়াৰ মাজতে পোকৰ আক্ৰমণত ধান খেতি নষ্ট হোৱাত বিপাঙত পৰিছে জোনাই অঞ্চলৰ খেতিয়ক সকলে । শুৰ পোকতকৈও এইবিধ পোক অতি ভয়ংকৰ বুলি খেতিয়ক সকলে মন্তব্য কৰিছে । কিয়নো শুৰ পোকে ধানৰ আগবোৰ খায় যদিও গুৰিৰ পৰা কুমলীয়া পাতবোৰ ওলাই থাকে । কিন্তু এই বিধ ভয়ংকৰ পোকে ধানৰ আগ নহয়, গুৰিৰ পৰা মাজৰ কুমলীয়া অংশ কুটি পেলোৱাত কঠিয়াৰ গছ সম্পূৰ্ণ ৰূপে নষ্ট কৰি পেলায় । এই বিধ অচিন পোকে কঠিয়া গছৰ ভিতৰত থাকি কঠিয়াৰ গছ কাটি পেলায় । ফলত ক্ৰমশঃ বৃদ্ধি হৈছে অচিন পোকৰ আক্ৰমণ ।
web
d078e5b1c49e7ac3bd2a5143b51e623928ea56c8991d47ab37cc6eb184b017aa
[ ১ম অঙ্ক হোছেন । কিন্তু শুনিছাই তো ফকীৰৰ কথা বিলাক । অৱস্থাত বাহিবব শত্রুই দেশ জয় কবাটান। তুমি এতিয়া কোৱা, পিছত বিবেচনা কৰি চাম । ফৰিদ। আপোনাব যেনে ইচ্ছা। (ফৰিদ যায় ) হোছেন । এতিয়াও কামৰূপ আক্রমণ কবিবব সময় অহা নাই । অথচ একো একোটা সুযোগ আহি মন উতলা কবি দিয়ে।... হথাৎ যেন তবোৱাল খাপব পৰা নাচি ওলাই আহিব খোজে>8 [ ৰাজিয়া আহিল ] ৰাজিয়া । আকৌ যুদ্ধ ? হোছেন । তোমাক বাৰু কোনে কলে ? ৰাজিয়া । কোনে কব লাগে ? আজি কেই দিন মানৰ পৰ। আপোনাৰ মুখত যুদ্ধৰ ভূতৰ ছায়া পৰিছে । হোছেন । তুমি হাকেম এৰি আহিছ। কিয় ? ৰাজিয়া। হাবেম • তো হামে। মই দৰ্কাৰ হলে পৰ্দ্দাকে নলওঁ বুলি ভাবিছোঁ। এই ফালৰ দেশ বোৰ এনে সুন্দৰ । পৰ্দ্দা লই এই সৌন্দৰ্য্যৰ পৰা বঞ্চিত হওঁ কিয় ? হোছেন । তুমি ফুলবনৰ বন্দিনী, স্বাধীনতাৰ হেপাহ কৰ। কিয় ? ৰাজিয়া । এতিয়া মোক সেই বোৰ কৈ কথ। পাহৰাব নালাগে । হোছেন । তুমি বাৰু পাঠান ৰমণী হৈ যুদ্ধলৈ ইমান ভয় কৰা কিয় ?
pdf
732f24e4cdd0227235a9abc3fb4180dba52158e570e43a437f07b9c638fd2816
অসমীয়া বৰ্ণ-প্রকাশ ২.৫৪.১২ ওপৰৰ তালিকাৰ পৰা দেখা গৈছে - আদি বর্ণৰূপে ফ ষ যুৱ এৰে কোনে। বৰ্ণ সংযুতিৰ সৃষ্টি নহয়। পৰবৰ্ত্তী ঙ এৰে মাথোন ঙঙ হ পোৱা গৈছে, অর্থাৎ ঙ পৰবৰ্ত্তী বৰ্ণৰূপে আন ব্যঞ্জনৰ লগত সংযুক্ত নহয় । পৰবৰ্ত্তী ৱয় বৰ্ণৰ কথা ইতিমধ্যে (হেদ ২.৪৬ ) আলোচনা কৰ হৈছে। বল আৰু লগ্ন সচৰাচৰ স্বৰভক্তি হৈ বিকল্পে বঅল আৰু অধ উচ্চাৰিত হোৱা শুনা যায়। হখ ঘৰ সাধাৰণ বিকল্প কথ। ঙস মাথোন ব্যক্তিৰ নামবাচক কেইটামান শব্দত উচ্চারিত হয়। এনে শব্দত ঙস বিকল্পে ঊষ ও শুনা যায় । ২.৫৫ সংযুক্ত বর্ণবোৰৰ উদ্ধৃতি। ২.৫৫.১০ ওপৰৰ তালিকাত দেখুওৱ। বৰ্ণ-সংযুক্তিবোৰ তলত উচ্চারণ দি বুজোৱা হৈছে । উদ্ধৃতিবোৰৰ ক্ৰমিক সংখ্যাই তালিকাভুক্ত সংখ্যাৰ নিৰ্দ্দেশ কিছুমান একে শব্দ বেলেগ বেলেগ ঠাইত উদ্ধৃত হৈছে । যেনে, অনয়া, 'অনৃ' নয় অৰ লগত অএ'ননা, 'অন্য' নন অৰ লগত উদ্ধৃত হৈছে। 'জন্য' শব্দৰ এই দুয়োট। উচ্চাৰণ বিকল্প বুলি গৃহীত হৈছে। কেতিয়াবা একেজন মানুহৰ মুখত আৰু কেতিয়াবা বেলেগ বেলেগ লোকৰ মুখত এনে বিঙ্কল্পৰ উচ্চাৰণ হোৱা হেতু ইয়াত সেইবোৰ দেখুৱ। হৈছে । (১) পপঃ বিৰল, মাথোন দুই এটা শব্দর পোৱা যায় । ইয়াৰ লিখিত রূপ 'প' অথবা 'পপ'। যেনে, থআপপঅৰ, 'থাপ প্ৰ' । (২) পভ : শব্দৰ মাজত উচ্চাৰিত হয়। সাধাৰণতে 'প' আখৰেৰে লিখা হয়। বিদেশী ঋণ শব্দত 'প্ট' ব্যৱহাৰ হয়। যেনে, ষউপতঅ, 'লুপ' ; অ'নউদ্ভঅপতা, 'অশ্ব ক্ষ্ব' : বয়আপতই, 'ব্যাপ্তি'; বজ্রপতইসত~বজ্রপতইস, 'বেপ্টিষ্ট'; ইত্যাদি । (৩) পসঃ শব্দৰ মাজত ব্যৱহাৰ হয়। লিখিত ৰূপ 'া' । লইপসজ্জা, 'লিপ্সা' : ইপসইতঙ্ম, 'ঈপ্সিত' ; অপসঅা', 'অপ্সৰা': ইত্যাদি।
pdf
e6f435a42ab2a06abeea0d4570a09c28044d5f19
তিনিজন মানুহে নিশাৰ ভাগত গুলীওৱা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। বহুকেইজন ব্যৱহাৰকাৰীয়ে এয়া সম্প্ৰতি মনিপুৰত চলি থকা সংঘৰ্ষৰ বাতৰি বুলি প্ৰচাৰ কৰি এই ঘটনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক জগৰীয়া কৰিছে। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিওটো পোষ্ট কৰি কেপচনত লিখিছেঃ এয়া কোনো চিনেমাৰ দৃশ্য নহয়, মোদী ডাঙৰীয়াৰ ডাবল ইঞ্জিন চৰকাৰ চলি থকা মনিপুৰৰ ঘটনা। এতিয়া দালাল ৰূপী একাংশ সংবাদ মাধ্যম আৰু মোদী ভক্তই হয়তো ক'ব এয়া বিৰোধীৰ উচতনিৰ ফলত সৃষ্টি হোৱা সংঘৰ্ষ। কথাতে কোৱা হয় নহয়- "নাচিব নাজানে চোতাল বেঁকা।" গডচেৰ সন্ততি হঁতে দেশখন বৰবাদ কৰি দিলে। এই পোষ্টটো ইয়াত পাব। নিউজ মোবাইলৰ তৰফৰ পৰা উল্লেখিত পোষ্টটো বিশ্লেষণ কৰা হৈছিল আৰু এই পোষ্টটোট দাবী কৰা কথাখিনি অসত্য বুলি প্ৰমাণ হয়। ভিডিওটোৰ কী ফ্ৰেমৰ ফটো লৈ ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত আমি ২০২৩ চনৰ ২৯ এপ্ৰিলত এটা অজানা সূত্ৰৰ পৰা প্ৰচাৰিত টুইট লাভ কৰিলো। টুইটটোৰ ভিডিওৰ সৈতে ভাইৰেল ভিডিওটোৰ হুবহু মিল আছে। কেপচনৰ কতো এই ভিডিও মনিপুৰৰ সংঘৰ্ষৰ, অৰ্থাত্ ২০২৩ৰ ৩ মেৰ পাছৰ ঘটনাৰ দৃশ্য বুলি উল্লেখ নাছিল। আমি ২০২০ৰ ৫ জুলাইত প্ৰচাৰিত এটা ইনষ্টাগ্ৰাম পোষ্ট ত একেটা ভিডিওকেই দেখা পালো। ইয়াৰ পৰা প্ৰমাণ পালো ভিডিওটো ৩ বছৰ আগতেই পোষ্ট কৰা। এয়াও স্পষ্ট হয়, এই ভিডিওটো মনিপুৰৰ শেহতীয়া সংঘৰ্ষৰ নহয়। আমি অবশ্যে ভাইৰেল ভিডিওটো মূলতঃ ক'ৰ সেয়া উলিয়াবলৈ সক্ষম নহ'লো। শেষত ক'ব পাৰি, ৰাতিৰ এন্ধাৰত তিনিজন মানুহে গুলীওৱা ভাইৰেল ভিডিওটো মনিপুৰৰ নহয়।
web
218779b6aed2da4f165c0a9aff3dd330ab073d70
নিউজ ডেস্কঃ নলবাৰী হাজো পথৰ আৰিকুছিত শুকুৰবাৰে নিশা এখন ১৮চকীয়া ট্ৰাক ডকাইতি কৰাৰ চেষ্টা চলোৱা ঘটনা সংঘটিত হৈছে। পাঞ্জাৱৰ পৰা কমলপুৰলৈ ট্ৰেক্টৰ ভৰ্তি ট্ৰাক(পি ই ১১,চি জে ৪০৭৩) ডকাইতিৰ চেষ্টা কৰিছিল এটি অজ্ঞাত ডকাইতৰ দলে। কিয়নো এই ট্ৰাকখনে কঢ়িয়াই আনিছিল ১০ খনকৈ ট্ৰেক্টৰ। অস্ত্ৰধাৰী ডকাইতৰ দলটোৱে ট্ৰাকখনৰ ড্ৰাইভাৰ-হেণ্ডিমেনক মাৰপিত কৰা বুলি অভিযোগ উত্থাপন হৈছে। শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে ডকাইতৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে ড্ৰাইভাৰ-হেণ্ডিমেনৰ। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে নলবাৰী আৰক্ষীৰ দল। আৰক্ষীয়ে ড্ৰাইভাৰ, হেণ্ডিমেনৰ লগতে স্থানীয় একাংশ ৰাইজকো সোধা-পোছা অব্যাহত ৰাখিছে। এই ডকাইতিৰ ঘটনাকলৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
web
a953886ab3c9bc3b67378e3ebb9eccaaccb7c3033f3eda156d410d70fd1089e9
দ্বিতীয়তে ভাৰতৰ বজাৰখনো কম বেচি পৰিমাণে মিশ্রিত। কিছুমান বস্তুৰ যোগান, বিতৰণ আৰু মূল্য নিৰূপণত চৰকাৰৰ নিয়ন্ত্রণ আছে। অন্য কিছুমান সামগ্রী সম্পূর্ণ মুক্ত। এনে হোৱাৰ কাৰণেও যোগান চাহিদাৰ তাৰতম্য, মূল্যৰ উঠা পৰা সহজেই উদ্ভৱ হয়। ভাৰতত অনাটন বিশেষকৈ ভোগ্য সামগ্ৰীৰ, উদ্ভৱ হোৱা বহুতো বছৰ হ'ল। জনসংখ্যা বৃদ্ধি, প্রাকৃতিক দুৰ্য্যোগ ইত্যাদি নানান কাৰণ বশতঃ যোগানতকৈ চাহিদা চেৰাই যোৱা ভাৰতীয় অর্থনীতিৰ এটা লক্ষণ হৈ পৰিছে । এনে অৱস্থাত অভ্যাৱশ্যকীয় সামগ্ৰীৰ উচিত মূল্যত সমবিতৰণ এটা ৰূপৰূপীয়া ব্যৱস্থা জাতীয় নীতি হিচাপে গ্রহণ কৰা উচিত আছিল। তাকে নকৰি সময়মতে ( বিভিন্ন দল গোষ্ঠিৰ হেঁচাত) মূল্য আৰু বিতৰণ নিয়ন্ত্ৰণৰ অধীনলৈ অনা আৰু সময়মতে এইবোৰ সম্পূৰ্ণ মুক্ত কৰি দিয়া হৈছে আৰু ইয়াৰ ফল হিচাপে দেশৰ সমগ্ৰ গ্ৰাহক সকল ব্যৱসায়ী বণিক গোষ্ঠিৰ উৎপীড়ণৰ স্থল হৈ পৰিছে । সম্পূৰ্ণ মুক্ত বজাৰত যোগান চাহিদাৰ প্ৰভাৱত বস্তুৰ এটা ভাৰসাম্য মূল্য নিৰূপণ হোৱাৰ স্থল আছে যদিহে উৎপাদন, কেঁচামাল আৰু শ্ৰমিকৰ যোগান চাহিদাতে। তেনে মুক্ত অৱস্থা প্ৰৱৰ্ত্তিত থাকে। ইয়াৰ উপৰিও মুক্ত বজাৰত বিদেশী বস্তুৰ আমদানি ৰপ্তানিৰে। বাধাহীন ভাৱে প্ৰৱেশৰ স্থল থকা উচিত । পৰিকল্পনা আৰম্ভ হোৱাৰ পৰা আৰু বৈদেশিক মুদ্ৰাৰ অনাটন উদ্ভৱ হোৱাৰ কাৰণে ভাৰতৰ বহিঃ বাণিজ্য এক পিঠিয়। কৰা হৈছে। মাত্ৰ ৰপ্তানি বৃদ্ধি কৰাত আত্ম নিয়োগ কৰি আমদানি সম্পূৰ্ণ (পৰাপক্ষত ) কপকপীয়। কৰা হৈছে। অথচ স্বীকাৰ কৰিব লাগিব যে চালুকীয়া উদ্যোগবিলাকক এনে ধৰণৰ আশ্ৰয় নিদিলে এইবোৰে সতকাই গা কৰি উঠিব নোৱাৰে । কিন্তু ভাৰতীয় উদ্যোগে এই সুবিধাৰ অজুহাতত নিজকে সুস্থ সৱল কৰি অনাৰ লগত প্রতিযোগিতাত নমাৰ অৱস্থা গঢ়ি তোলাৰ পৰিৱৰ্ত্তে, ৰক্ষিত অৱস্থাৰ সুযোগ অসমৰ অৰ্থনৈতিক পৰিস্থিতি
pdf
d35ce941843ca769e59fb5ee9390135e9f3068d4
দুদিন পিছত সমগ্ৰ দেশত পালন কৰা হ'ব পোহৰৰ উৎসৱ দিপাৱলী আৰু ইয়াৰ বাবে সকলোৱে কৰিছে বিভিন্ন ধৰনৰ প্ৰস্তুতি । নিজৰ ঘৰ খনক আটক-ধুনীয়াকৈ সজাই পোহৰ কৰি তোলাৰ প্ৰয়াস কৰিছে বিভিন্ন প্ৰকাৰে । এই ক্ষেত্ৰত বলীউড তাৰকা সকলৰ কথাই বেলেগ । প্ৰতিবছৰৰ দৰে এইবাৰো ব্যতিক্ৰম নহ'ল চেলিব্ৰেটিচ সকলৰ মাজত । দিৱালীৰ পূৰ্বে (প্ৰি-দিৱালী) আয়োজন কৰিলে দিৱালীৰ অনুষ্ঠান । বলীউড জগতৰ বহু কেইগৰাকী চেলিব্ৰেটিচে আয়োজন কৰিলে দিপাৱলীৰ পাৰ্টী । যোৱা দিনত চলমান খানৰ পৰা আৰম্ভ কৰি শ্বাহৰুখ খান আৰু অবু জানী সন্দিপ খোচলায়ে নিজৰ বাসগৃহত দিপাৱলীৰ এক গ্ৰেণ্ড চেলিব্ৰেচন কৰা দেখা পোৱা গৈছে । যোৱা ৰাতি দিপাৱলীৰ পাৰ্টী তথা অনুষ্ঠানৰ আয়োজন কৰিলে মোহময়ী অভিনেত্ৰী শিল্পা চেত্তীয়ে । আৰু এই অনুষ্ঠানত বি-টাউনৰ নিজৰ বিশেষ বন্ধু সমূহক দিলে নিমন্ত্ৰন । জানিব পাৰি যে,শিল্পাই আয়োজন কৰা এই অনুষ্ঠানত বলীউড তাৰকা সকলে খুউব কৰিলে মজা । অনুষ্ঠানত উপস্থিত আছিল অৰৱাজ খান,জৰ্জিয়া এনড্ৰিয়ানি,কৰন কুন্দ্ৰা,ভুষন কুমাৰ,দিব্যা খোচলা,আধি বহুতো ।
web
cf1717db8e3530f98d997a1573cf88c7596f2e2b
Mumbai Airport : মুম্বাই বিমানবন্দৰৰ পৰা উদ্ধাৰ হৈছে প্রায় আঠ কেজি হেৰ'ইন । যোৱা ২৫ নৱেম্বৰত গোপন সূত্রে খবৰ লাভ কৰি মুম্বাইৰ ছত্রপতি শিৱাজি মহাৰাজ আন্তর্জাতিক বিমানবন্দৰত যৌথ অভিযান চলাইছিল আৰক্ষী আৰু ডায়ৰেক্টৰেট অৱ ৰেভেনিউ ইন্টেলিজেন্স বিভাগৰ বিশেষ দলে । তাৰ পাছতেইই ইথিওপিয়াৰ পৰা মুম্বাই বিমানবন্দৰত অৱতৰণ কৰা বিমানৰ কিছুসংখ্যক যাত্রীক আটক কৰে যৌথ দলে । সন্দেহযুক্ত যাত্ৰীৰ বেগ তালাচী কৰি প্রায় আঠ কেজি হেৰ'ইন উদ্ধাৰ কৰে আৰক্ষীয়ে । প্ৰাপ্ত তথ্য অনুসৰি, এই হেৰ'ইনৰ বজাৰমূল্য ৫০ কোটি টকা । হেৰ'ইন পোৱৰ পাছতেই তেওঁলোকক গ্রেপ্তাৰ কৰা হয় । পাছত তেওঁলোকক বিচাৰবিভাগীয় হেফাজতত ল'বৰ বাবে আবেদন জনোৱা হয় আৰক্ষীৰ তৰফৰ পৰা । আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে গ্রেপ্তাৰ হোৱা যাত্রীসকল ইথিওপিয়াৰ ৰাজধানী আদিছ আবাবাৰ বাসিন্দা । মাদক সৰবৰাহত অভিযুক্ত যাত্রীসকলক সোধ-পোচ কৰিব বিচাৰে আৰক্ষীয়ে । আৰক্ষীৰ একাংশৰ দাবী, তেওঁলোকে ক'ৰ পৰা এই হেৰ'ইন পাইছে, ক'ত সৰবৰাহ কৰা হৈছিল, এই প্ৰশ্নবোৰৰ উত্তৰ নোপোৱা পৰ্যন্ত ঘটনাৰ নেপথ্যত কোনো বৃহৎ মাদকচক্র জড়িত আছে নেকি বুজিব পৰা নাযাব ।
web
91b7634a9d68043bf6a6745f1b631778db0a0d1c808cd10498a54725211ce23b
ঘৰ।-ফুটি মাৰ,-(ঠেলা মাখি লুটি খুৱাই দি ) - ল'ৰাটোক অনাহত ঘন। ফুটি মাৰিল কিয় ? ঘৰে পৰে - ( য'তে ত'তে : বাহিৰে ভিতৰে ) - তুমি ঘৰে পৰে মোৰ বদনাম ৰটি ফুৰা কিয় ? ঘলো-মলে। --(কাম-বন নকৰিগা খেলাই ফুৰ। ) - ডেকা মানুহে জ্বলো-মলে। কৰি ফুৰাটে। কোনে ভাল পাব ? খাই-চুলিত ধৰ, - (দুর্বল স্থানত ধৰি জব্ব কৰ.) -উকীলে সাখীজনৰ ঘাই চুলিত ধৰি তেওঁক জেৰা কৰিবলৈ ধৰিলে; সঁচা কথাবোৰ টপ টপ কৈ ওলাই আছিল। যাই দি―(যুঁজিবলৈ ফেৰ পাত ) - তাক ফোনে কি ক'লে ? সি এনেকৈ ঘাই দি ফুষিছে কিয় ? ঘাই পাত,-(১। হাষিত ফাল পাতি, শিকাই লোৱা চৰাইৰ সহায়েৰে বনৰীয়া চৰাই ধৰ । ২। পৰিয়ালত এটাৰ পিছত এটাকৈ নৰিয়া আদি হৈ থাক্ ) - ১। হাষিত যাই পাতি মানুহটো ওচৰতে লুকাই আছিল। ২। নৰিয়াই আমাৰ ঘৰত এইবাৰ ঘাই পাতিছে ; বুঢ়ী নমৰেও, নবতেও : ইফালে এটা এটাকৈ বাগৰি পৰিছে । খাই-ঘুৰীয়।- (খাই বা মূৰী মালুহ ) মেললৈ যাই-যুৰীয়াসকলক মাতিলেই হব। ঘাউৰা পাড়ু-(কোনে। কাম আদিলৈ আসোঁৱাহ দেখুৱাই বা হুমাতি হৈ থাক্) - তই নো কি ঘাউরা পাভিলি। বিয়ালৈ নগলে জানো ভাল হব? ঘণহত ধৰ - (পিয়ন ছাৰি ঘাঁহ পাবলৈ ধৰ, গৰু, ম'হ আদিৰ পোৱালিত খাটে ) - দামুৰিটোৱে ঘণহত ধৰাই নাই; তাক মই নিকিবো। ঘ"হ ধৰ- - 'ঘাঁহত ধৰ চোৱাঁ। স্বাগৰি-গাতি-(এফালে কান্ধৰ ওপৰেদি নি সিফালে কাবলভ বা বাহুৰ ওলেদি ওলোমাই মৰ। কাপোৰ আদিৰ বান্ধ ) - যাগৰি-গাতি মাৰি ক'লৈ বুলি ওলাল ? ঘাট-মাউৰ। - (ঘাটে বাটে পৰি থাকিলেও তত্ত্বাৱধান কৰিবলৈ কেও-কিছু নোহোৱা : পিতৃমাতৃহীন ) - এই ঘাট-মাউৰা ল'ৰাটোৰ কিবা উপায় কৰিব পাৰে নে ? ঘাটৰ চেলেকন। - (নদীৰ ঘাটে ঘাটে খাদ্য বিচাৰি ফুৰ। এৰিধ মাছ। ই-সি কৰি কৰা চোবাই ফুৰা মানুহ, - বিশেষকৈ তিৰোতা ) - আজি দেখোন ঘাটৰ চেলেকল। সেই ভিৰোতাজনী নাই । মা-(১। আকস্মিকভাবে অশেষ লাভবান হ। ২। ধৰা নপৰাকৈ সাৰি যা ) - ১। সি আজি ঘাটা মাৰিলে; মাছ ধৰিবলৈ গৈ একলহ টকা পালে। ২। মই ঘৰত সোমালোঃ সি বাৰীত সোমাই তামোল লৈ ঘাটা মাৰিলে। ঘাটি খা−(বিপদ বা জগৰত পৰি জন্ম হ) - যি মানুহ যি কামত পাৰ্গত, তেওঁ ডেনে কামত ঘাটি নাথায়। ঘাটিনামালৈ যা - 1 পৰাপ্ত বা জব্দ হোৱাৰ নামল : সামান্তভাৱে ফের বা হেয় ক্ষতিগ্রস্ত হ) - মিটমাট কৰিবলৈ তেওঁ মেলখন মাতিলে বুলিয়েই ঘাটিনামালৈ যোৱা হ'ল নে? ঘাটি মাৰু, - (সাৰি যা ) - আমি তেওঁৰপৰা এশ টকা লম বুলি আছিলোঁ; তেওঁ গৈণীয়েকৰ ভতুৱাই পঞ্চাশ টকা দিশই ঘাটি মাৰিলে। ঘাটি লাগ -( কোনো দেৱতাৰ অপৰাধত পৰ, ) - শীতলা দেৱীৰ ঘাটি লাগিছে, সেই দেখিছে ল'ৰাটোৰ জ্বৰ এৰা নাই । যাৰ খা (সন্মত হঃ আপত্তি কৰিবলৈ এৰ) - কত বুজালে। তেওঁ কিন্তু এতিয়াও বিয়া কৰাবলৈ ঘাৰ খোৱা নাই। ঘাৰে হেঁচি কৰ (শাৰীৰিক বল প্রয়োগ কৰি ফৰ.) -ই ঘাৰে হেঁচি কৰা কাম নহয় : কৌশলেৰেছে কৰিব পাৰিবা। দ্বিউ-মৌ পা -(বৰ আকর্ষণীয় বস্তু বা বিষয় পা ) - ডই নো ভাত কি দ্বিউ-মৌ পাইছ যে পুৱাৰপৰ। গধূলিলে কুঠাই হলি দ্বিউ-লোণ দি− (স বোৱাৰীয়ে পাগ-দিয়নিত মানুহৰ পাতে পাড়ে কিউ আৰু লোণ দি) ছোৱালীনী ওলাই আহি এতিয়া ঘিউ-লোণ দি যাওক। ঘিটিং মাৰ - হঠাৎ গুচি যা ) - খোৱা-বোৱা হৈ গলেই তেওঁ মিটিং মাৰিব; তেতিয়া ক'ত লগ পাৰা ? যিলা-খোঁপা-(ঘিলাৰ ত্ৰিচিনা চেপেটা আৰু ঘূৰণীয়াকৈ ৰন্ধা খোঁপা ) - যিলৰোঁপা ছোৱালীৰ মূৰত এতিয়া দেখিছা জানো? ছিল।-পিঠা-(বহাগৰ দোমাহীত কৰা এবিধ চেপেটা আৰু পিঠা) -দোয়াছী আছিল; আমালৈ যিলা-পিঠা কৰিবা । বিলা-সংযোগ ( ডাঙৰ পেৰা আদিৰ তলত লগোৱা চকৰিৰ যতন ) - ইমান ডাঙৰ পেৰাটো কৰিল। দিলা-সংযোগ হলে অনা-নিয়া কৰিবা কেনেকৈ ? দু'কুটিয়াই থাক্( কোনো কথা যাবে বাধে, আঙুলি আদিবে খোঁচা যাবি সোঁৱৰাই থাক্ ) - পুৱাৰ্গৰ। সেই একে কথাটো দুকুটিয়াই থাকি তুমি বল লগাবলৈ বিচাৰিছা নেকি ? মুগুলা ওলা -( অতি দুর্বল বা সর্বস্বান্ত হ্ন) মোকদ মা খেলি খেলি এই গিৰী মানুহ ঘুগুলা ও। ঘুটি পৰি চা-(চকু নলৰোৱাকৈ বৰ আগ্ৰহেৰে চাই থাক্ ) - বুঢ়ীয়ে কেনেকৈ ঘুটি পৰি চাই আছে। কেঁচুৱাটি ভিতৰলৈ লৈ আহা। ঘুণ লগা (ক্ষত বা কলঙ্কিত কৰ.) - ল'ৰা ৰজাই সকলো কোঁৱৰৰ গাভ ঘুণ লগাবলৈ পাডিলে। ঘুণে খোৱা খুটা- (ভিতৰি দোষযুক্ত হৈ থকা মানুষ ) সেই ডেকাজনলৈ ছোৱালীজৰী নিদিবা : তেওঁ তেনেই ঘুণে খোৱা খুটা। ঘুমটি-ঘূৰ্ণ - ( এবিধ ৰোগ ) এই ল'ৰাটোৰ ঘুমটি ঘূৰণ হৈছে। সি খুৰি ফুৰিছে । কিন্তু তৎ নাই । ঘুমটিত ভাত হেৰুৱা (এলাহত হুযোগ যাৰলৈ দি ) - ঘুমটিত তাত হেকরা, লাজড কাজ হেৰুৱ। একে কথা। ঘুমটিত মৰ। শৰীৰ - (গভীৰ টোপনিত মাহুহ মৰাৰ দৰে নিতৎ হৈ থাকে ) - দুৱাখন মাৰি ধৰা : ঘুমটিত মৰা শৰীৰ, কিবা সোমোৱাতো আটক নাই। ঘুমটায়াক জগা ( বিবেচন) বা সৎ নোহোৱা মানুহক কোনো বিষয়ে বোধ জন্মাই দি ) এইদৰে ঘুমটায়াক জগাই মই সকলো ফালে চণ্ডালি থাকিব ঘুম মাৰ -( সৰ্বশৰীৰ কাপোৰেৰে ঢাকি ল) ঘুম মাৰি ললা যে উশাহ-নিশাহ লবা কেনেকৈ ? ঘুমে খাইতী―(এবিধ মাছঃ খালৈ-ভাঙী) - ঘুমে-খাইতী হলেও মাছ; কির পেলাই দিয়া ? ঘুমে-খোৱা বন-বাৰি নকৰি শুই সময় কটোৱা, গাড়ীয়া ) - সেই ঘুমে-খোৱা মাহুহটোৱে এই কাম কৰিব নোৱাৰে। ঘুমে-গড়ীয়া - 'ঘুমে-খোৱা' চোৱা। - বোকাত ঘুলি কবি লেটি ল। ২। ফোমো পাপকাৰ্থত সম্পূর্ণ লিপ্ত হ) - ১। ম'হ কেইটাই কেনেকৈ বুলি লৈছে চোৱাচোন। ২। সিহঁতে জঘন্য মনোবৃত্তিত বুলি লৈছে; এইবোৰ যে গর্হিত কাৰ্য, বুজিব কেনেকৈ ? ঘূৰ-ঘূৰী পকা - ( কোনো বিষয়ে ঘূৰি ঘূৰি লাগি থাক ) - মোক মাপ্তি কৰাবলৈ তেওঁলোকে ঘূৰ-ঘূৰী পকাই আছিল। ঘূৰ-পাক -( ঠাইতে খৰকৈ মৰা পাক : খৰলি-পাক ) - বুঢ়ীয়ে তিনবাৰ মান বুৰ-পাক মাৰি মুখ মেলিলে। ঘূৰি-পকি- (নান। প্রতিকূল অৱস্থাৰ মাজত মেৰ-পাক খাই, অৱশেষত ) - আজিও দৰা আহি নাপালে ; ঘূৰি-পকি বিয়াটো পৰে নেকি ? ঘুঘু'টি খাই ফুৰ, (বাট বা ব্য বিচাৰি ঘূৰি ফুৰ ) ঘুমু'টি খাই ফুৰিও দাখন নাপালোঁ। ঘ্ৰেত কৰি উঠ, ( যেংখেঙাই উঠ বৰ খং কৰি তেকাহি মাৰি দি ) - তাক মাতিবই নোৱাৰি যেৎ কৰি উঠে। থেকেটা খা - বাৰে বাৰে অপদস্থ কে নিলাজহ) বাৰে বাৰে অপমান পাই থাকিলে মানুহ থেকেটা খোৱা স্বভাৱৰ হবই। ঘ্ৰেতা থ -(সামৰণি বাদ্যেৰে নাম সামৰাৰ দৰে কোনো বিষয়ৰ অন্ত পেলা ) দিনটো দল কৰি কৰি এভিয়া মোৰ মূৰত তো থবলৈ আহিছ নেকি? যেত। মাৰ, - (দীঘলীয়া বা বিৰক্তিজনক কোনো কথা সামৰ ) তোমালোকৰ সন্দৰ এতিয়া যেত। মৰাই ভাল। ঘোঁক মাৰি পি-(বৰকৈ চুহি চুছি পি দামুৰি আদিয়ে পিয়াত খাটে ) দামুৰিয়ে ঘোঁক মাৰি পিলেই, গাই খীৰংল নো গাখীৰ কত পাবা? ৰোঁকা জালি (চল পাই সৰহকৈ নিয়া কাৰ্য) - র্ষেণকা-জালি মাৰি প্রসাদখিনি অকল তোমালোকেই শেষ নকৰিবা। ৰোঁকো-মোকো (অস্বাভাৱিক ব্যথতাহেতু কৰা খৰ-ধৰ) - যেকোমোকো মকৰি লাহে লাহে খোৱা দি থাকিম। যোটে ঘোঁটে পানী ঘুৱ।- (বৰকৈ বিপদত পেলা )- মোৰ লগত হুঁজিব খুজিছ যদি, ঘেটে ঘোটে পানী খুৱাইছে এৰিম। ৰোঁৰা-পাক যোৱা দি((শুকান গাৰ আৰু দীঘল ঠেঙৰ মাসুছে বেগাই যা ) - তেওঁ দেখোন আজি উত্তৰমুৱাকৈ ৰেণৰা-পাক যোৱা দিছে।
pdf
9d0e6c5a8b8312863e636c1ee71a2cc91d52853a
ৰোহিংগিয়া শৰণার্থীসলক ফ্লেট দিব কেন্দ্রীয় চৰকাৰে । লগতে ২৪ ঘণ্টা তেওঁলোকৰ প্রহৰাত থাকিব দিল্লী আৰক্ষীও । কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ উচ্চ পর্যায়ৰ বৈঠকৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে বুলি জনাইছে কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰীয়ে । কেন্দ্রীয় মন্ত্রী পুৰীয়ে টুইটাৰত জনাইছে, কেন্দ্রীয় চৰকাৰে দিল্লীৰ বক্কৰৱালাত ৰোহিংগিয়া শৰণার্থীসকলক ফ্লেট দিব । তেওঁ লিখে, 'ভাৰতে দেশত আশ্রয়প্রার্থীসকল স্বাগত জনাইছে । এটা অত্যন্ত গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছে । ৰোহিংগিয়া শৰণার্থীসকলক দিল্লীৰ বক্কৰৱালা অঞ্চলৰ অর্থনৈতিকভাৱে দুর্বল শ্রেণীৰ বাবে নিৰ্মাণ কৰা ফ্লেটত (ইডব্লুএছ) প্ৰেৰণ কৰা হ'ব । তেওঁলোকক সাধাৰণ সুযোগ-সুবিধা দিয়া হ'ব আৰু দিল্লী আৰক্ষী ২৪ ঘণ্টা নিৰাপত্তাৰ বাবে থাকিব । ইয়াৰ পাছতেই তেওঁ বিৰোধীসকলক কটাক্ষ কৰি লিখে, যিসকলে ভাৰতৰ শৰণার্থী নীতিক চিএএ-ৰ স'তে সংযোগ কৰি বিৰোধিতা কৰি নিজৰ কেৰিয়াৰ নিৰ্মাণ কৰাত অভ্যস্ত, তেওঁলোকৰ বাবে দুঃসংবাদ । সংবাদ সংস্থা এএনআইৰ বাতৰি অনুযায়ী, মদনপুৰ সদৰ কেম্পত বসবাসকাৰী ১,১০০ জন ৰোহিংগীয়া শৰণার্থীক বক্কৰৱালাৰ ২৫০টা ইডব্লুএছ ফ্লেটলৈ লৈ যোৱা হ'ব । দিল্লী আৰক্ষীয়ে নিৰাপত্তাৰ ব্যৱস্থা কৰিব । দিল্লীৰ চৰকাৰৰ সমাজ কল্যাণ দপ্তৰে এই ফ্লেটগুবোৰত ফেন, তিনি বেলাৰ খাদ্য, টেলিফোন, টেলিভিছন অন্যান্য নিত্য প্রয়োজনীয় সুযোগ-সুবিধাৰ ব্যৱস্থা কৰিব । কৰ'না কালত এই ফ্লেটবোৰ ক'ভিড কেম্প হিচাপে ব্যৱহাৰ হৈছিল ।
web
aab158cfcad98cbddf22debb37820c89
Dwayne Bravo টী-২০ বিশ্বকাপৰ পাছতে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে ৱেষ্ট ইণ্ডিজৰ তাৰকা অলৰাউণ্ডাৰ ডোৱেইন ব্ৰেভোই। বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ আৰু মাত্ৰ এখন মেচ খেলিবলৈ বাকী আছে। অষ্ট্ৰলিয়া বিৰুদ্ধে খেলিবলগীয়া এই মেচখনৰ পাছতে নিজৰ ১৮বছৰীয়া বৰ্ণাঢ্য কেৰিয়াৰ সামৰণি মাৰিব তাৰকা পেচাৰ-বেটাৰ গৰাকীয়ে। বৃহস্পতিবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে ২০ৰাণত পৰাজয় বৰণ কৰি টী-২০ বিশ্বকাপৰ পৰা বিদায় লৈছে বৰ্তমান চেম্পিয়ন ৱেষ্ট ইণ্ডিজ। মেচখনৰ সমাপ্তিৰ পাছত আইচিচিৰ ব্ৰডকাষ্ট প্ৰগ্ৰামলৈ আহি ব্ৰেভোৱে অৱসৰৰ কথা ঘোষণা কৰে। ২০০৪ চনত কেৰিয়াৰৰ অভিষেক ঘটা ব্ৰেভোৱে দেশৰ জাৰ্ছি পৰিধান কৰি ৯০খন টী-২০ মেচত ৭৮টা উইকেট তথা ১হাজাৰতকৈয়ো অধিক ৰাণ সংগ্ৰহ কৰিছে। Covid Update অ'মিক্ৰণৰ আতংকৰ মাজতে ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ'ল কোভিডত; মৃত্যু কিমানৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
web
af57db63561d7f008aceb54b01cd16bc463e31024fa0182e5e35054b2dc7fca4
প্রথম অধ্যায় পুণ্যশ্লোক কালিদাসৰ জন্মই ভাৰতৰ কোন অংশ কেতিয়া পৱিত্ৰ কৰি তুলিছিল তাক সঠিককৈ কোৱা টান। ঐতিহাসিকৰ মাজতো এই বিষয়ে যথেষ্ট মতভেদ আছে। এই প্রসঙ্গত বিশ্বকবি ৰবীন্দ্ৰনাথে কৈছে : হাযৰে কবে কেটে গেছে কালিদাসেৰ কাল । পণ্ডিতেৰা বিবাদ কৰে লয়ে তাৰিখ সাল ॥ কালিদাসৰ জন্মলগ্ন নির্ভুলভাৱে স্থিৰ কৰিব নোৱাৰিলেও ভাৰতৰ ঐতিহাসিক পৰিস্থিতিয়ে তেওঁক এটা বিশেষ যুগৰ লোক বুলি নিৰ্দ্দেশ কৰে। ভাৰতীয় সভ্যতাৰ উত্থান-পতনৰ মূলত দুটা সক্রিয় শক্তিৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি - তাৰ ভিতৰত এটা সাম্রাজ্য আৰু আনটো ধৰ্ম্ম । প্রাচীন বৌদ্ধ-সভ্যতাৰ মূলত মৌৰ্য্য-সাম্রাজ্য আৰু বৌদ্ধ-ধৰ্ম্ম। পৰবৰ্ত্তী যুগৰ হিন্দুসভ্যতাৰ পুনৰুত্থানৰ মূলতো গুপ্তসাম্রাজ্য আৰু হিন্দু-ধৰ্ম্ম। পিছৰ পুৰাণৰ যুগতেই হিন্দু সংস্কৃতি আৰু সভ্যতা নতুন ৰূপ লৈ সগৌৰৱে পুনৰ জগতৰ সন্মুখত থিয় হ'ল । বৈদিক ধৰ ঠাইতপৗৰাণিক ধৰ্ম্মই সমাজত প্রতিপত্তি লাভ কৰিলে। পৌরানিক আদৰ্শই জীৱনৰ আদৰ্শ হৈ পৰিল। কালিদাস এই গুপ্তসাম্ৰাজ্যৰে সৰ্ব্বোৎকৃষ্ট অলঙ্কাৰ। গুপ্তবংশীয় সম্রাট দ্বিতীয় চন্দ্রগুপ্ত বা বিক্রমাদিত্যৰ ৰাজত্বকালতে মহাকবি কালিদাসৰ আৱিৰ্ভাৱ হৈছিল বুলি পণ্ডিতসকলে অনুমান কৰে। কবিশ্রেষ্ঠ কালিদাস সম্রাট বিক্রমাদিত্যৰ ৰাজসভাৰ নৱৰত্ন মনীষীৰ উজ্জ্বলতম ৰত্ন। ৰজা বিক্রমাদিত্য যিদৰে গুপ্তবংশীয় সম্রাটসকলৰ ভিতৰত সৰ্ব্বশ্রেষ্ঠ, সেইদৰে কবি কালিদাসে হিন্দুসভ্যতাৰ পুনৰুত্থান-মহাব্ৰতৰ হোতাসকলৰ ভিতৰত সৰ্ব্বপ্রধান। "যোগাং যোগ্যেন যোজয়েৎ" এই নীতি-বচন অনুসাৰে কালিদাসক বিক্রমাদিত্যৰ লগত যোগ কৰা এক প্ৰকাৰ যুি যুক্তই বুলিব পাৰি। ভাৰতৰ চিৰ-প্ৰচলিত জনশ্রুতিযে মহাকবি কালিদাসক তেওঁৰ জীৱনৰ আগছোৱাত মূৰ্খ বুলি অভিহিত কৰি আহিছে। এই প্রসঙ্গত বিশ্বকবি ৰবীন্দ্ৰনাথৰ উক্তি বিশেষ মন কৰিব লগীয়া : "বাল্মীকি নিষ্ঠুৰ দস্যু ছিলেন এবং কালিদাস অবসিক মূর্খ ছিলেন, এই উভয়েৰ একই তাৎপর্য। বাল্মীকিৰ ৰচনায় দয়াপূর্ণ পবিত্রতা এবং কালিদাসেৰ ৰচনায় সপূর্ণ বৈদগ্ধ্যেৰ অদ্ভুত অলৌকিকতা প্ৰকাশ কৰিবাৰ জন্য ইহা চেষ্টা মাত্র।" ১ পত্নীৰ দ্বাৰা অপমানিত হৈ কবি কালিদাসে ঐকান্তিক ভক্তিৰে কালীৰ আৰু কোনো কোনোৰ মতে সৰস্বতীৰ আৰাধনা কৰি অসাধাৰণ পাণ্ডিত্য লাভ কৰা প্ৰবাদে। শুনা যায়। কালিদাসৰ এইভাৱে পাণ্ডিত্যলাভ তেওঁৰ পত্নীৰ মনতেই সন্দেহৰ বিষয় হোৱা স্বাভাৱিক, সেই কথা কবিয়ে প্ৰয়োগ কৰা প্রথম বাক্যৰপৰাই পত্নীয়ে অনুমান কৰে। গতিকে কবিৰ প্ৰথম উচ্চাৰিত বাক্য "অস্তি কশ্চিদ্ বাগ্বিশেষঃ" ইয়াৰ প্রতিটি শব্দেৰে একোখন সুকীয়া কাব্য ৰচনা কৰি কবি কালিদাসে পত্নীৰ সন্দেহ ভঞ্জন ১ সাহিত্য, পৃষ্ঠা ১৭৫ কৰিব লগীয়া হ'ল। এইদৰে কবিয়ে কুমাৰ সম্ভৱ, মেঘদূত আৰু ৰঘুৱংশ - এই তিনিখন কাব্য ৰচনা কৰে, আৰু এই কাব্যত্ৰয়ৰ প্রথম শব্দ যথাক্রমে 'অস্তি", 'কশ্চিৎ" আৰু 'বাকৃ'৩। কালিদাস আৰু তপস্যা সম্বন্ধীয় প্রসঙ্গত কবিৰ চাৰিখন কাব্য, যথা, (১) কুমাৰ-সম্ভৱ (২) মেঘদূত (৩) ৰঘুৱংশ আৰু (৪) অভিজ্ঞানশকুন্তলাৰ আলোচনাৰ প্ৰযোজন। এইখিনিতে বিশেষভাৱে মন কৰিব লগীয়া যে কুমাৰ-সম্ভৱৰ নায়ক-নায়িকা দেৱতা আৰু ঘটনাস্থল দেৱলোক - কালিদাসে দেৱতাৰ চৰিত্ৰ লৈয়ে কুমাৰ সম্ভৱ ৰচনা কৰিছে যদিও পাঠকৰ অন্তত অলৌকিক দেৱতাৰ ভাৱ জগাই মূল কাব্য-সধাৰাক নীস কৰা নাই । মেঘদূত কাব্যৰ নাযক যক্ষ - দেৱতাও নহয, মানুহো নহয়; তেওঁ গন্ধৰ্ব্ববিশেষ আৰু ঘটনাস্থল গন্ধৰ্ব্বলোক । ৰঘুৱংশৰ নায়ক প্রকৃত মানুহ, স্থান মনুষ্যলোক। কবিয়ে এই ১ অস্ত্যত্তৰ্যাং দিশি দেৱতাত্মা হিমালযে। নাম নগাধিৰাজঃ । পূৰ্ব্বাপৰৌ তোযনিধী ৱগাহ্য স্থিতঃ পৃথিৱ্যা ইৱ মানদণ্ডঃ ॥ ২ কশ্চিৎকান্তাৱিৰহগুৰুণ। স্বাধিকাৰপ্ৰমত্তঃ শাপেনাঝংগমিতমহিম। ৱৰ্যভোগেশ ভর্ত্তঃ। যক্ষশ্চক্রে জনকতনয়াস্নানপুণ্যোদকেষু স্নিগ্ধচ্ছায়াতৰুষু সতিং ৰামগিৰ্য্যাশ্রমেষু ॥ ৩ ৱাগৰ্থাৱিব সম্প,ক্তৌ বাগর্থপ্রতিপত্তয়ে। জগতঃ পিতৰৌ ৱন্দে পাৰ্ব্বতীপৰমেশ্বৰৌ ।। কালিদাস আৰু উপস্থা তিনিখন গ্রন্থত তিনি ভুৱনৰ তিনি প্ৰকাৰ চৰিত্র অঙ্কিত কৰিছে আৰু অৱশেষত অভিজ্ঞানশকুন্তলম্ নাটকত পৃথিৱী আৰু স্বৰ্গৰ মিলন ঘটাইছে। কালিদাসৰ তপস্যা সম্বন্ধেও লক্ষ্য কৰিব লগীয়া এই যে, কুমাৰসম্ভৱ, মেঘদূত আৰু ৰঘুৱংশৰ তপস্যাৰ স্বৰূপ যথাক্রমে অনুষ্ঠানমূলক, অনুশোচনামূলক আৰু পৰিচৰ্য্যামূলক। সাধাৰণভাৱে অৱশ্যে তপস্থাৰ এই ত্রিবিধ স্বৰূপেই দৃষ্টিগোচৰ হয়। কিন্তু কবিয়ে অভিজ্ঞানশকুন্তলম্ নাটকত নায়ক-নায়িকা উভয়ৰ চৰিত্ৰৰ যোগেদি অনুশোচনাকেই শ্রেষ্ঠ তপস্যা বুলি প্রতিপন্ন কৰিছে। তপস্যাৰ সাধাৰণ অৰ্থ সাধনা বা আৰাধনা। এই তপস্যাই ভাৰতীয় সভ্যতাৰ মূলমন্ত্র। বিশ্বসংসাৰ সৃষ্টিৰ পূৰ্ব্বে প্রজাপতি তপস্যাত আছিল - "স তপোঽতপ্যত"। ১ উপনিষদৰ প্ৰকৃষ্ট জ্ঞান লাভ কৰিবলৈ প্ৰয়োজন হৈছিল এই তপস্যাৰ । "তপসা ব্রহ্ম বিজিজ্ঞাসম্ব" ২ : তপস্যাৰ দ্বাৰা ব্ৰহ্মক জানিবলৈ ইচ্ছা কৰা। বিশ্বসৃষ্টিৰ আদি সৃষ্টবস্তু ঋত আৰু সত্য তপস্যাৰপৰাই প্রথম প্রকাশ পায় - "ঋতং চ সত্যং চাভীদ্ধাত্তপসোহধ্যজায়ত" ৩ এই তপস্য। বা সাধনা নহ'লে মানুহে জীৱনৰ পৰম আকাঙ্ক্ষিত বস্তু লাভ কৰিব নোৱাৰে - "সত্যেন লভ্যস্তপস। হোষ আত্ম।"। ৪ তপস্যাৰে সেই পৰমাত্মাৰ সাক্ষাৎকাৰ বা দর্শন সম্ভৱ হয়। তপস্যাই স্বর্গ লাভৰ সোপান-স্বৰূপ - "তপসা যে অনাঘৃষ্য। তপস। যে স্বর্যযুঃ।" জীৱনত কৃতকাৰ্য্য হ'বলৈ, অভিলষিত ফল লাভ কৰিবলৈ, পৰম সত্য উপলব্ধি কৰিবলৈ ভাৰতৰ প্রাচীন ঋষি-মুনিসকলে যি পথ ১ তৈভিৰীযোপনিষৎ ২৬ ২ তৈত্তিৰীয়োপনিষৎ ৩৭২ ঋকবেদ ১০।১০৯/১ ৪ মুণ্ডকোপনিষৎ ৩১৫ নিৰ্দ্ৰ্দেশ কৰি গৈছে সেই পথেই হৈছে তপস্যাৰ পথ বা সাধনাৰ পথ। এই তপস্যাৰ প্ৰভাৱত মানুহে ভূত, ভৱিষ্যৎ আৰু বর্তমান সকলোৰে জ্ঞান লাভ কৰিব পাৰে - "তপঃ প্ৰভাৱাৎ প্ৰত্যক্ষং সৰ্ব্বমেৱ তত্ৰভৱতঃ"। তপস্যাৰ প্ৰভাৱত বিশেষ শক্তিও আহৰণ কৰিব পাৰি - "শমপ্রধানেষু তপোধনেষু গূঢ়ং হি দাহাত্মকমস্তি তেজঃ"। ২ ভাৰতৰ ঋষি-মুনিসকলে অলেখ আখ্যান-উপাখ্যানৰ যোগে তপস্যাৰ মাহাত্ম্য প্ৰকাশ কৰি গৈছে। মহাকবি কালিদাসেও তেওঁৰ কাব্যৰ মাজেৰে তপস্যাৰ মহিমা বিস্তাৰ কৰিছে। কবিয়ে তেওঁৰ কাব্যৰ চৰিত্ৰসমূহৰ যি সাধনা বা তপস্যাৰ বৰ্ণনা কৰিছে সি কেৱল কবিৰ স্বকীয় কল্পনাপ্রসূত নহয় ; তেওঁ ব্যক্তিগত সাধনাৰে জীৱন সাফল্যমণ্ডিত কৰা ৰজা হৰিশ্চন্দ্র, নল-দময়ন্তী, সাবিত্রীসত্যৱান আদি চিৰস্মৰণীয় পুৰুষ-মহিলাসকলৰ জীৱন-চৰিৰ দ্বাৰাও অনুপ্রাণিত হৈছিল। পুৰাণৰ যুগৰ সভ্যতাৰ বীজমন্ত্রই হ'ল সাধনা বা তপস্যা। এই যুগ-প্ৰভাৱেৰে কবি প্রভাৱান্বিত। ক্রান্তদর্শী কালিদাসে কেৱল নিজেই এই সত্য উপলব্ধি কৰি ক্ষান্ত থকা নাই ; সেই সত্যক কাব্যৰ যোগে প্রকাশ কৰি ভাৰতবাসীৰ জ্ঞানৰ পথ সহজ আৰু সুগম কৰি দিছে। সাধনাৰ মাহাত্ম্য প্ৰকাশ কৰিবলৈ কবিয়ে তেওঁৰ কাব্যৰ কোনো চৰিত্ৰক অৱস্থাবিশেষে অভিশাপগ্রস্ত কৰিছে, কিন্তু সেই চৰিত্ৰক ধ্বংস হৈ যাবলৈ দিয়া নাই। অভিশাপৰপৰা নিষ্কৃতি পাবলৈ কৰিয়ে কেৱল সাধনাৰ পথকেই তেওঁৰ সন্মুখত দাঙি ধৰিছে। অভিশাপতকৈও গুৰুতৰ কিবা বিপদ যদি মানুহৰ জীৱনত উপস্থিত হয়, তাৰে। শক্তি ৰোধ কৰিবলৈ মানুহ সক্ষম - যদিহে তেওঁৰ জীৱনত থাকে আত্ম-সংযম, একাগ্ৰতা আৰু সাধনা বা তপস্যা। কালিদাসীয় সাহিত্যৰ বীজমন্ত্ৰ আত্মসংযম, কৰ্ত্তব্যনিষ্ঠা আৰু কঠোৰ সাধনা। ১ শকুন্তল! - ৭ম অঙ্ক কুপ্ত । - 219 জাগতিক ঘাত-প্রতিঘাত, দুঃখ-দৈন্য, জ্বালা-যন্ত্রণা অতিক্ৰম কৰিবলৈ হ'লে সততে প্রয়োজন কঠোৰ সাধনাৰ। আত্ম-সংযমী পূর্ণ শাস্তি আৰু পূৰ্ণ প্ৰজ্ঞাৰ অধিকাৰী । কবি কালিদাসৰ এই সত্য উপলব্ধি তেওঁৰ কাব্যত কিভাৱে প্রকাশ পাইছে সেই সম্বন্ধে প্রথমেই তেওঁৰ অমৰ কাব্য কুমাৰসম্ভৱৰ আলোচনা কৰা হওক । হিমালয়ৰ কন্যা পাৰ্ব্বতী পূৰ্ব্বজম্মত দক্ষকন্যা সতী আছিল। তেওঁ আছিল মহাদেৱৰ ভাৰ্য্যা আৰু সাক্ষাৎ আদ্যাশক্তি। দক্ষযজ্ঞত সতীয়ে দেহত্যাগ কৰাৰ পিছত মহাদেৱ শক্তিহীন হৈ সেই হেৰোৱা শক্তিক পুনৰ লাভ কৰিবলৈ তপস্যাত ৰত হ'ল - "কেনাপি কামেন তপশ্চচাৰ ।" ১ মহাদেৱৰ লগত বিবাহ দিবৰ উদ্দেশ্যে হিমালয়ে তেওঁৰ বিবাহযোগ্য। কন্যা পাৰ্ব্বতীক মহাদেৱৰ শুশ্রূষাত নিয়োগ কৰিলে । পাৰ্ব্বতীও শুশ্রূষা কৰোতে মহাদেৱৰ প্ৰতি একান্ত আসক্ত। হৈ পৰিল। সেই সময়ত তাৰক নামে অসুৰ এজনৰ দ্বাৰা দেৱতাসকল উৎপীড়িত হৈছিল; সেই উৎপীড়নৰপৰা অব্যাহতিৰ সম্ভৱ আছিল মহাদেৱৰ পুত্ৰৰ দ্বাৰা। কিন্তু পাৰ্ব্বতীৰ লগত বিবাহ নহ'লে মহাদেৱৰ পুত্ৰ জন্ম অসম্ভৱ ; সেই কাৰণে, দেৱতাসকলে মহাদেৱৰ তপস্যা ভঙ্গ কৰি পাৰ্ব্বতীৰ লগত সোনকালে বিবাহ-কাৰ্য্য সম্পাদন কৰিবলৈ মদনক পঠিয়াই দিলে। মদন মহাদেৱৰ সমাধি ভঙ্গ কৰিবলৈ হিমালয়ত উপস্থিত। তেওঁৰ সহচৰ হ'ল জগতৰ চিত্তউন্মাদনাৰ প্ৰধান কাৰণ ৰতি, তেওঁৰেই প্রিয়পত্নী। অকালতে হিমালয়ত ঋতুৰাজ বসন্তই দেখা দিলে। বহিৰ্জ্জগতৰ ১ কুমাৰ সম্ভৱ ১৫৭ অর্থাৎ প্রাকৃতিক সৌন্দৰ্য-বিকাশৰ ভাৰ বসন্তৰ ; অন্তৰ্জ্জগতৰ বিক্ষোভ সৃষ্টিৰ ভাৰ মদন আৰু ৰতিৰ। পাৰ্ব্বতীৰ ৰূপ-সৌন্দর্য্য্যেৰে মহাদেৱক বিমোহিত কৰায়ে মদনৰ প্রধান উদ্দেশ্য--বিবাহ অপ্রধান, গৌণ। দৈহিক মিলনতকৈ যে আত্মিক সংযোগেই বিবাহৰ শ্ৰেষ্ঠ উদ্দেশ্য, সেইটো বিচাৰ কৰা মদনৰ এতিয়। অৱসৰেই বা ক'ত ! মুহূৰ্ত্তৰ ভিতৰতে সেই শান্ত স্নিগ্ধ তপোৱন বিলাসীৰ উপবনত পৰিণত হ'ল। বসন্তৰ আগমনত হিমালয়ৰ আশালতা প্রস্ফুটিত হ'ল। পাৰ্ব্বতীয়ে ভাবিলে, দূৰৈৰ গঙ্গা সম্মুখত উপস্থিত । নৱোদিত বসন্তৰ নতুন আভৰণেৰে ফুলৰ সাজ পিন্ধি "সঞ্চাৰিণী পল্লৱিনী লতেৱ" নিজ কৰ্ত্তব্যচ্যুত হৈ পাৰ্ব্বতী মহাদেৱৰ সম্মুখলৈ আহিল । বসন্ত বাহ্য সৌন্দৰ্য্যৰ অধীশ্বৰ, মদন অন্তৰৰ বিলাসমগ্ন অধিপতি আৰু ৰতি বাহ্য-অন্তৰ উভয়ৰে সঞ্জীৱনী শক্তি। মুহূৰ্ত্তৰ কাৰণে হলেও এই ত্রিমূৰ্ত্তিৰ সমাৱেশে নিবাত-নিষ্কম্প অগ্নিশিখাৰ দৰে যোগমগ্ন ত্রিনয়নৰ অন্তৰ্ত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে। তেওঁৰ ধ্যান ভঙ্গ হ'ল। চকু মেলিয়েই অপূর্ব্ব সাজ-সজ্জাবে বিভূষিতা পাৰ্ব্বতীক দেখিলে, দূৰত পুষ্পধমু লৈ স্বয়ং মদন। ক্রুদ্ধ হৈ মহাদেৱে তৃতীয় নেত্ৰৰ বহ্নিৰে মদনক ভস্মসাৎ কৰিলে - "ভস্মাৱশেষং মদনং চকাৰ ।"১ মহাদেৱে পাৰ্ব্বতীক প্রত্যাখ্যান কৰিলে। পাৰ্ব্বতীৰ পাৰ্থিৱ ৰূপ-সম্পদেই মূৰ্ত্তিমান মদন-ৰূপত ভস্মীভূত হ'ল। পাৰ্ব্বতীৰ চতুৰ্দ্দিশ শূন্য হৈ পৰিল। ভগ্নমনোৰ্থ হৈ পাৰ্ব্বতী পিতৃগৃহলৈ উভতিল - "শূন্যা জগাম ভৱনাভিমুখী কথঞ্চিৎ"। কবি কিন্তু ইমানতেই ক্ষান্ত নাথাকিল; নিজ কৰ্ত্তব্যচ্যুত পাৰ্ব্বতীক তেওঁৰ ১ কুমাৰ সম্ভৱ ৩৭৭২ ২ কুমাৰ সম্ভৱ ৩/৭৫ নিজৰ অপৰাধৰ কাৰণে অন্তস্তাপেৰে দগ্ধ কৰি তুলিলে। পাৰ্ব্বতীয়ে নিজেই নিজৰ ৰূপ-লাৱণ্যক তিৰস্কাৰ কৰিলে : তথা সমক্ষং দত্তা মনোভৱং পিনাকিন। ভগ্নমনোৰ্থ। সতী। নিনিন্দ ৰূপং হৃদয়েন পাৰ্ব্বতী প্রিয়েষু সৌভাগ্যফলা হি চাকতা ॥১ পিনাকীয়ে হিমাদ্রি-কন্যা উমাৰ সন্মুখতে কন্দর্পক ভস্মীভূত কৰাত ব্যৰ্থমনোৰ্থ হৈ তেওঁ মনে মনে নিজৰ ৰূপক ধিক্কাৰ দিবলৈ ধৰিলে। হৃদয়বল্লভৰ মন আকৰ্ষণ কৰিব পৰাই নাৰীসৌন্দৰ্য্যৰ সাৰ্থকতা। কালিদাসে পাৰ্ব্বতীক দগ্ধ কৰি, মদনৰ চিতা-জুইত নিশ্চিহ্ন হৈ যাবলৈ দিয়া নাই। কবিয়ে পাৰ্ব্বতীক দৰ্শালে যে তেওঁ মহাদেৱক স্বামীৰূপে পাবলৈ যি পথ অনুসৰণ কৰিলে সি পাৰ্থিৱ প্ৰণয়ৰ কাৰণে প্ৰযোজ্য ; কিন্তু কাম-গন্ধশূন্য অলৌকিক প্রণয় লাভৰ পথ ভিন্ন। আনৰ সাধনা ভঙ্গ কৰি নিজৰ কামনা পূৰণ অনৰ্থৰ মূল। অমঙ্গল উপায়েৰে মঙ্গল কামনা বৃথা। সেয়েহে পাৰ্ব্বতী নিজৰ পিতৃ-মাতৃ সকলোকে পৰ্ত্যিাগ কৰি পৱিত্ৰ প্ৰণয়ৰ অভিলাষিণী হৈ কঠোৰ তপস্বিনী হ'বলৈ বাধ্য হ'ল। শেষত পাৰ্ব্বতীৰ তপস্যাই একমাত্ৰ অৱলম্বন হ'ল। পাৰ্ব্বতীয়ে এতিয়া নিজৰ সৌন্দৰ্য্যৰ সাৰ্থকতা কামনা কৰিলে তপস্যাৰে, মদনৰ সহায়েৰে নহয় : ইযেষ সা কৰ্ত্তমৱন্ধ্যৰূপতাং সমাধিমাস্থায তপোভিৰাত্মনঃ। অৱাপ্যতে ৱা কথমন্যথা দ্বয়ং তথাবিধৎ প্রেম প্রতিশ্চ তাদৃশঃ ॥২ পাৰ্ব্বতীয়ে পুনৰ ঐকান্তিকভাৱে কঠোৰ তপস্যাৰে নিজৰ সৌন্দৰ্য্যক সফল কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিলে। এনেকুৱা প্ৰেম আৰু এনে ধৰণৰ মৃত্যুঞ্জয় পতিক তপস্যাৰ বাহিৰে জানো লাভ কৰা সম্ভব ? ১ কুমাৰ-সম্ভৱ ৫।১ ২ কুমাৰ সম্ভৱ । পাৰ্ব্বতীয়ে বঢ়িয়াকৈ বুজিলে যে সেই "অৰূপহাৰ্য্য···পিনাকপাণিম্" দেৱাদিদেৱক পতিৰূপে পাবলৈ হ'লে, সেই পৰম পৰিত্ৰ প্রেম, সেই অভিন্ন বা একাত্মক প্ৰেম-সম্পদ লভিবলৈ হ'লে প্রয়োজন ঐকান্তিক তপস্যাৰ "তথাৱিধং প্ৰেম পতিশ্চ তাদৃশঃ" - পাৰ্থিৱ সৌন্দৰ্য্যৰাশিৰে অপাৰ্থিৱ, অলৌকিক প্রেম লাভ কৰা সম্ভৱপৰ নহয়। পাৰ্থিৱ প্ৰণয়েৰে জৰা-মৰণশীল পতিক পোৱা যায় ; অলৌকিক প্রণয়েৰে হে মৃত্যুঞ্জয়ক জয় কৰিব পাৰি। ৰাজসুখ, ভোগ-বিলাস, সকলোকে নেওচা দি, সেই অৰূপহাৰ্য্য অমৰেশ্বৰক পতিৰূপে পাবলৈ অভিমানিনী উমা যি কঠোৰ তপস্যাত মগ্ন হ'ল তাকে দেখি বিশ্ব মুগ্ধ আৰু স্তম্ভিত। কুমাৰসম্ভৱৰ টীকাকৰ্ত্তা মল্লিনাথে এই প্রসঙ্গতে ধৰ্ম্মশাস্ত্ৰৰ বচন উদ্ধৃত কৰি তপস্যাৰ মহিম। দেখুৱাইছে : যদ্দুঙ্কৰং যদ্দুৰাপং যদ্দুৰ্গং যচ্চ দুস্তম্। তৎসৰ্ব্বং তপসা প্রাপ্যং তপে। হি দুৰতিক্ৰমম্ ॥ এই জগতত তপস্যা বা সাধনাৰ অতীত একো নাই। 'তপো হি দুৰতিক্ৰমম্' - তপস্যাৰ অসাধ্য একো নাই। পাৰ্ব্বতীয়ে কঠোৰ সাধনাত সিদ্ধি লাভ কৰিলে। কবিয়ে সাধকৰ ওচৰত মহাদেৱক বশ্যতা স্বীকাৰ কৰালে। যি ত্রিলোচনে এদিন বসন্তৰ সাজ-সজ্জাৰে বিভূষিতা পাৰ্ব্বতীক প্রত্যাখ্যান কৰিছিল সেই দেবাদিদেৱেই আজি জটাধাৰিণী, তপস্যাকৃশা, নিৰাভৰণ। গিৰিৰাজ-তনয়াৰ স্থিৰ সৌন্দৰ্য্য-মূৰ্ত্তিৰ ওচৰত আত্মসমৰ্পণ কৰিব লগা হ'ল। মহাদেৱে স্বীকাৰ কৰিলে - "অন্য প্ৰভৃত্যৱনতাঙ্গি তৱাস্মি দাসঃ"। ১ আজি কৈলাসৰ অধিপতি উগ্ৰ তপন্যাৰ বিনিময়েৰে ক্রীতদাস। কল্যাণ ধৰ্ম্মেৰে অভিষিক্তা, অলৌকিক প্ৰেমেৰে অভিভূতা পতিব্ৰতা ৰমণীৰ মঙ্গল মূৰ্ত্তিত ফুটি ১ কুমাৰ-সম্ভৱ ৫/৮৬ উঠিল নাৰী-সৌন্দৰ্য্যৰ অপৰূপ লাৱণ্য। তপস্যাৰ দ্বাৰা কৃশ হ'লেও, বসন্তৰ আভৰণশূন্য হ'লেও সেই সৌন্দৰ্য্য-মূৰ্ত্তিয়ে মহাদেৱক জয় কৰিলে। মহাদেৱৰ অন্তৰত দাৰ-পৰিগ্ৰহৰ আগ্ৰহ জন্মিল : অদ্ভুৎ শস্তোভূঁ র্যান্ দাৰাৰ্থমাদৰঃ । "পুত্রার্থে ক্রিয়তে ভাৰ্য্য।" - পুত্ৰৰ কাৰণেই ভাৰ্য্য। গ্ৰহণ কৰা হয় - এয়েই হ'ল ভাৰতৰ আদৰ্শ। অমৰ কবি কালিদাসে কঠোৰ তপস্বিনী পাৰ্ব্বতীৰ অলৌকিক চৰিত্ৰৰ মাজেৰে তাকেই প্রতিপন্ন কৰিলে। কবীন্দ্ৰ ৰবীন্দ্ৰৰ ভাষাত ক'বলৈ গ'লে : "মদন গোপনে শৰ নিক্ষেপ কৰিয়া ধৈর্যবাঁধ ভাঙিয়া যে মিলন ঘটাইয়া থাকে তাহা পুত্র জন্মেৰ যোগ্য নহে, সে মিলন পৰস্পৰকে কামনা কৰে, পুত্রকে কামনা কৰে না। এইজন্য কবি মদনকে ভস্মসাৎ কৰাইয়া গৌৰীকে দিয়া তপশ্চৰণ কৰাইয়াছেন । এইজন্য কবি প্রবৃত্তিৰ চাঞ্চল্যস্থলে ধ্ৰুবনিষ্ঠাৰ একাগ্রতা, সৌন্দর্যমোহেৰ স্থলে কল্যাণেৰ কমনীয দ্যুতি এবং বসন্ত-বিহ্বল বনভূমিৰ স্থলে আনন্দ-নিমগ্ন বিশ্বলোককে দাঁড় কৰাইয়াছেন - তবে কুমাৰ জন্মেৰ সূচনা হইয়াছে।" ২ মঙ্গল প্রতিষ্ঠাৰ প্ৰথম কেন্দ্রস্থল গৃহ। গৃহত মঙ্গল ভাৱৰ প্রতিষ্ঠ। হ'লে সমাজৰ কল্যাণ উপস্থিত হয়। সমাজ কল্যাণেই দেশৰ মঙ্গল আৰু শ্রীবৃদ্ধিৰ অপৰিহাৰ্য্য অঙ্গ। গতিকে গৃহত প্রথম মঙ্গলৰ অভিষেক বিচাৰিলে গৃহস্থৰ পক্ষে সংযম আৰু শাসন, তপস্যা আৰু সাধনাৰ একান্ত প্রয়োজন। ১ কুমাৰ সম্ভৱ ৩৭১৩ ২ প্রাচীন সাহিত্য, পৃষ্ঠা ২৮ সম্প্রতি আমি গন্ধৰ্ব্বলোকৰ বিচাৰ কৰোঁ। গন্ধৰ্ব্বলোকতে অলকা নগৰ ; তাৰ অধিপতি ধননায়ক কুৱেৰ। সেই কুৱেৰৰ ভৃত্য কোনো এক যক্ষ। এই যক্ষই মেঘদূতৰ নায়ক। কালিদাসে যক্ষৰ কোনো বিশেষ পচিয় দিয়া নাই, কেৱল কুৱেৰৰ এজন সাধাৰণ ভৃত্য-স্বৰূপেই অঙ্কিত কৰিছে। নিজৰ প্ৰিয়তমাৰ প্ৰণয়পাশত আপোন-পাহৰ। হৈ যক্ষ নিজ কাম-কাজত দিনে দিনে শিথিল হৈ পৰিছিল। প্রণয়িনীৰ প্ৰেমতকৈ কৰ্ত্তব্যৰ দায়িত্ব অধিক। কর্ম্মই ধর্ম্ম। এই ধৰ্ম্মৰ বিৰুদ্ধে চলিলেই মানুহৰ জীৱনত বিপ্লৱ উপস্থিত হয় । কৰ্ত্তব্যধৰ্ম্মৰ অৱহেলাই পাপ; সেই পাপৰ প্রায়শ্চিত্তৰূপে যক্ষৰ ওপৰত কুৱেৰৰ অভিসম্পাত পৰিল। তাৰে ফলত যক্ষই নিজৰ প্ৰাণতকৈও স্নেহৰ প্ৰিয়তমাৰে সৈতে অলকা নগৰী পৰিত্যাগ কৰি অকলশৰে ৰামগিৰিৰ আশ্ৰমত আশ্রয় লব লগীয়া হ'ল। পৃথিৱীৰ দুঃখ-যন্ত্ৰণাৰ লেশ মাত্র অলকাত নাই, অলকা নিতা সুখৰ স্থান । স্বাধিকাৰ-প্ৰমত্ত যক্ষক নিৰ্ব্বাসন-দণ্ডেৰে দণ্ডিত কৰিবলৈ, যক্ষৰ প্ৰমত্ত চিত্তক সংযম-শিকলিৰে শৃঙ্খলিত কৰিবলৈ অলকা উপযুক্ত স্থান নহয় । তদুপৰি যক্ষক এই পৃথিৱীৰ যেই সেই ঠাইত থ'লে তেওঁৰ বিৰহ যন্ত্রণা সমুচিত নহ'ব, সেই দেখি কবিয়ে যক্ষক ৰামগিৰিলৈ লৈ আহিল। এই ৰামগিৰিতে শ্ৰীৰামচন্দ্ৰই বনবাসৰ সময়ত সীতাৰে সৈতে কিছু কাল আছিল, যক্ষৰ যেন সেই কথা স্মৰণ কৰাৰ লগে লগে বিৰহ বেদনাত হৃদয় শতধা বিদীর্ণ হৈ যায়, কালিদাসে তাৰেই বন্দবস্ত কৰিলে। দ্বিতীয় কথা, অভিশাপেৰে যক্ষক নিজৰ ক্ষমতা নাশ কৰি দিয়া হৈছে "অন্তং-গষিত-মহিমা" - নহ'লে যক্ষৰ পক্ষে অলকালৈ গৈ প্রিয়া-সাক্ষাৎ অসম্ভৱ নহ'লহেঁতেন; কিয়নো আকাশ-পথত বিচৰণ কৰা যক্ষৰ স্বভাৱ কৰ্ত্তব্যচ্যুত হ'লে মানুহৰ যি পাপ হয় আৰু সেই পাপৰ পৰিণাম স্বৰূপে মানুহে যি যন্ত্রণা ভোগ কৰা উচিত কালিদাসে তাৰেই ব্যৱস্থা কৰিলে। পাপী যক্ষৰ প্রায়শ্চিত্তৰ পৌৰোহিত্য কৰালে "কান্তা-বিৰহ গুৰুণা - প্রিয়তমা-বিৰহোপদেশাচার্য্যেন" অর্থাৎ প্রিয়তম। বিবহৰ উপদেষ্টাৰূপ যিজন গুৰু বা আচাৰ্য্য তেওঁৰ দ্বাৰা। অনুশোচনাৰ অশ্রুজলেৰে বিৰহী যক্ষৰ ব্যথাভৰ। অন্তৰৰ মলিনতা ধৌত কৰি পুনঃ পৰম পৱিত্ৰ মিলনৰ পথ উন্মুক্ত কৰিলে। এই অনুশোচনাই তপস্যা বা সাধনাৰ ৰূপান্তৰ মাথোন। যি উম্মত্ত প্রেম অকল প্রেয়সীকে কেন্দ্ৰ কৰি বিচৰণ কৰে, যি উন্মত্ত প্রেমে কৰ্ত্তব্যাকৰ্ত্তব্য জ্ঞান দূৰ কৰে, হিতাহিত বিবেচনা লোপ কৰে, সংযম-শিকলিক ছিন্ন-ভিন্ন কৰে, সেই প্রেমে নিচেই অলপ সময়ৰ ভিতৰতে অসহ্য হৈ নিজক দগ্ধ কৰে আৰু সেয়ে নহয়, সি সমস্ত জগতকে তাৰ প্ৰতিকূলে দণ্ডায়মান কৰে । কল্যাণ ধৰ্ম্মৰ আশা কৰিলে, মাঙ্গলিক ভাৱৰ অভ্যুদয় কামনা কৰিলে, জগতক নিজৰ অনুকূলে পাবলৈ বিচাৰিলে, আত্ম-সংযম, কৰ্ত্তব্য নিষ্ঠ। আৰু কঠোৰ সাধনাৰ প্ৰয়োজন। মহাকবি কালিদাসে যক্ষক এবছৰ কাল বিৰহ তপস্যাৰ অগ্নিত পৰিশুদ্ধ কৰি পুনঃ মিলনৰ শুভ লগ্ন স্থিৰ কৰিলে। আদর্শবাদী কালিদাসৰ আদৰ্শ অক্ষুণ্ণ হৈ থাকিল - "তপো হি দুৰতিক্ৰমম্"। এতিয়া আমি ৰামগিৰিৰপৰা ৰামৰাজ্যত প্ৰৱেশ কৰিছো। দিলীপ ৰামৰাজ্যৰ আদি ৰজা। তেওঁ ৰঘুৰ পিতা, ৰঘুৱংশৰ প্ৰৱৰ্ভয়িতা ; কালিদাসৰ মহাকাব্য ৰঘুৱংশৰ প্ৰথম বীৰ। সেই দিলীপ সসাগৰ। পৃথিৱীৰ অধীশ্বৰ। সকলো প্ৰকাৰ সুখ-সম্পদ, ধন-দৌলত, ঐশ্বৰ্য-বিভূতিৰে পৰিপূৰ্ণ হ'লেও দিলীপ পুত্ৰ-সুখৰ পৰা বঞ্চিত আছিল। মহাৰাজ দিলীপ দুঃখভৰ। হৃদয়েৰে তেওঁ নিঃসন্তান হোৱাৰ কাৰণ জানিবলৈ কুলগুৰু বশিষ্ঠৰ ওচৰ চাপিল। তেওঁৰ লগত আছিল ধৰ্ম্মপত্নী সুদক্ষিণা। দিলীপে আশ্ৰমলৈ গৈ অন্তৰৰ কথা ঋষিক জনালে। দিলীপ অভিশপ্ত বুলি যোগবলেৰে ঋষিয়ে জানিব পাৰিলে - "সোহপশ্যৎ প্রণিধানেন সন্ততেঃ স্তম্ভকাৰণম্"১ - এই অভিশাপৰ প্ৰভাৱতেই তেওঁ নিঃসন্তান। কোনো এক সময়ত ইন্দ্ৰৰ কাৰ্য্যত সহায় কৰি নিজ ৰাজধানীলৈ উভতি আহোঁতে মহাৰাজ দিলীপে বশিষ্ঠৰ আশ্ৰমৰ সুৰভি যথাযোগ্য পূজাৰ ত্রুটি কৰিছিল। পূজনীয়জনক যথাৰীতি পূজা বা সম্মান দেখুওৱা ভাৰতীয় ৰীতি; ইয়াৰ অন্যথাত বিষম পৰিণাম অৱশ্যম্ভাৱী - "প্রতিবধ্নাতি হি শ্রেয়ঃ পূজ্যপূজাৱ্যতিক্রমঃ।"২ পূজনীয়জনৰ প্ৰতি পূজাৰ ত্ৰুটি নিজ কল্যাণৰ অন্তৰায়। সমুচিত সদাচাৰৰপৰা কৰ্ত্তব্যচ্যুত হোৱ। অপৰাধত মহাৰাজ দিলীপ অপৰাধী। এই অপৰাধৰ দণ্ডবিধান হ'ল : অৱজানাসি মাং যম্মাদতস্তে ন ভৱিষ্যতি । মপ্ৰস্তুতিমনাৰাধ্য প্রজেতি ত্বাং শশাপ না।ত এই অপৰাধৰপৰা নিষ্কৃতি পাবলৈ মহাৰাজ দিলীপৰ তপস্যাৰ প্ৰয়োজন হ'ল । সুৰভিৰ কন্যা নন্দিনীৰ পৰিচৰ্য্যাই এই তপস্যা। কবি কালিদাসে সম্রাট দিলীপৰ এই সামান্য অপৰাধে। মাৰ্জ্জনা নকৰিলে । ৰঘুৱংশৰ কালিদাস সম্পুর্ণভাৱে, ব্যক্তিগত অভিমানশূন্য হ'লেও - "মন্দঃ কৱিযশঃপ্ৰাৰ্থী"৪; "ক্ব চাক্মৱিষয়ামতিঃ"৫ ; "উদ্বাহুৰিৱ ১ ৰঘুৱংশ ১।৭৪ ২ ৰঘুৱংশ ১।৭৯ ৩ ৰঘুৱংশ ১।৭৭ ৪ ৰঘুৱংশ ১৪৩ ৫ ৰঘুৱংশ ১২ ৱামনঃ" ১ ভাৰতীয় সভ্যতাৰ আদৰ্শৰ অভিমান বিবৰ্জ্জিত হোৱা নাই। সেয়েহে ভাৰত-সম্রাট দিলীপে সাধাৰণ গৰখীয়া ল'ৰাৰ দৰে গাভীৰ যথেচ্ছ গতিৰ পশ্চাৎ অনুসৰণ কৰিব লগীয়া হ'ল, মন্ত্ৰ-মুগ্ধ সাপৰ দৰে। কালিদাসে সহধৰ্ম্মচাৰিণী যোগ্যপত্নী কল্যাণমূত্তি সুদক্ষিণাক দিলীপৰ কাষে কাষে বননিৰ মাজে মাজে সুৰভিৰ পৰিচৰ্য্যাৰ কাৰণে যাবলৈ দিয়া নাই; এজনৰ পাপৰ কাৰণে আন এজনক প্রায়শ্চিত্ত কৰোৱ। কালিদাসৰ অভিপ্রায় নহয়। মহাৰাজ দিলীপক ইমান কঠোৰ শাসন আৰু সংযমেৰে শাসন কৰিও কালিদাস ক্ষান্ত থকা নাই। দিলীপৰ তপস্যাৰ পৰাকাষ্ঠা সেই দিনাই প্ৰমাণ কৰি দেখুৱালে যি দিনা দিলীপে ভাৰতৰ সত্যধৰ্ম্মৰূপী মায়াসিংহৰ ওচৰত গাভীৰ প্ৰাণ ৰক্ষার্থে আত্মবলিদান দিবলৈ প্ৰস্তুত হ'ল : স ত্বং মদীয়েন শৰীৰবৃত্তিং দেহেন নিৰ্ব্বৰ্ত্তযিতুং প্রসীদ। দেৱতাসকলে ভাৰতীয় আদৰ্শৰ মহিমাত সন্তুষ্ট হৈ পুষ্পবৃষ্টি কৰিলে। সেই স্বর্গীয় বৃষ্টিৰে দিলীপৰ অভিশপ্ত শৰীৰ পৰিশুদ্ধ হ'ল, মায়াসিংহ আপোনা-আপুনি অন্তৰ্দ্ধান হ'ল, আৰু দিলীপৰ পৱিত্ৰ নয়নত নন্দিনীৰ স্নেহময়ী জননীমূৰ্ত্তি উদ্ভাসিত হৈ উঠিল। ইমান কঠোৰ সাধনাৰ পিছতো জননীৰ কল্যাণমূৰ্ত্তি জানে। নিৰ্ব্বাক হৈ থাকিব পাৰে ? সুৰধেনু সুৰভিৰ কথা নন্দিনী পৰিতুষ্ট। হ'ল - সেয়েহে নন্দিনীও প্রকাশ কৰিলে - ঐকান্তিক গুৰুভক্তি আৰু কঠোৰ সাধনাৰে তুমি আজি মোৰ সবাতকৈ প্ৰিয় - হে পুত্ৰ, তোমাৰ অভিলাষ অনুসাৰে বৰ গ্ৰহণ কৰাঁ - "প্রীতাস্মি তে পুত্ৰ বৰং বৃণীষ।"৩ নন্দিনীৰ পৰিচৰ্য্যাৰূপ কঠোৰ তপস্যাৰে কালিদাসে দিলীপক বংশ-প্ৰৱৰ্ত্তক হ'বলৈ সক্ষম কৰালে : ১ ৰঘুৱংশ ১।৩ ২ ৰঘুবংশ ২।৪৫ ৩ ৰঘুবংশ ২৬৩ বংশস্ত কৰ্ত্তাৰমনস্তকীর্ভিং সুদক্ষিণায়াং তনযং যযাচে।১ কীৰ্ত্তিমন্ত সন্তান পাবলৈ আত্ম-সংযম, একাগ্ৰতা আৰু কঠোৰ তপস্যা বা সাধনাৰ যে প্রয়োজন ৰঘুৱংশৰ মূল বর্ণনাত প্ৰৱেশ কৰাৰ পূর্ব্বেই কালিদাসে সেই কথাৰ সন্ধান দিলে। এতিয়া অভিজ্ঞানশকুন্তলম্ নাটকত তপস্যাৰ আদৰ্শ আলোচনা কৰা যাওক। মৃগয়াবিহাৰী ৰজা দুষ্যন্তৰ লগত শকুন্তলাৰ গন্ধৰ্ব্ব ৰীতিৰে বিবাহ হোৱা দিনৰপৰা শকুন্তলাই কেৱল ৰজা দুষ্যন্ত কথাই ভাবিলে। ৰজাৰ কথা ভাবি ভাবি শকুন্তলাই বহিৰ্জ্জগতৰ জ্ঞান সম্পুৰ্ণ হেৰুৱালে । অন্য কি, পিতাকে দি যোৱা অতিথি সৎকাৰ কৰ্ত্তব্যৰ জ্ঞানো তেওঁৰ অন্তৰৰপৰা অন্তৰ্দ্ধান হ'ল । শকুন্তলাৰ দেহ-মন-প্রাণ কেৱল দুষ্যস্তময় হৈ পৰিল । কৰ্ত্তব্যজ্ঞানহীনতা যে গুৰুতৰ অপৰাধ সেই কথা তেওঁৰ মনত কেনেকৈ থাকিব ? শকুন্তলাৰ প্ৰথম অতিথি মহাৰাজ দুষ্যন্ত। সেইজন। অতিথিৰ প্রতি শকুন্তলাৰ অতিথি-সেৱা আৰু আগ্রহ দেখি আমি তেওঁক প্রশংসা নকৰি নোৱাৰোঁ। শকুন্তলাৰ দ্বিতীয় অতিথি মহর্ষি দুৰ্ব্বাসা। ঋষি-মুনিক অতিথিৰূপে শুশ্রূষা কৰিবলৈ পোৱ। কাচিহে ভাগ্যত ঘটে। স্বয়ং সমাগত এনেহেন অতিথিৰ প্ৰতি আশ্রমধর্মী শকুন্তলাৰ কৰ্ত্তব্য অতি মহান আৰু গুৰুতৰ; কিন্তু সেই অতিথিৰ প্রতি শকুন্তলাৰ আজি দৃষ্টি নপৰা হ'ল। শকুন্তলাৰ এই অপৰাধ ১ ৰঘুৱংশ ২৬৪ অমার্জনীয় ; কিয়নো শকুন্তলা আজি বিবাহিতা স্ত্রী, ভৱিষ্যত ভাৰতৰ সম্রাজ্ঞী আৰু ভাবী ৰাজচক্ৰৱৰ্ত্তীৰ জননী। তথাপি শকুন্তলাৰ এই বালিকালুলভ অপৰাধ মার্জ্জন। কৰিবলৈকে। কালিদাসৰ অন্তৰত অনুকম্পা নাজাগিল। শকুন্তলাৰ প্ৰতি কালিদাসে বিহা ব্যৱস্থাক সমৰ্থন কৰি বিশ্বকবি ৰবীন্দ্রনাথে কয় : "যে প্রেমেৰ কোনো বন্ধন নাই, কোনো নিয়ম নাই, যাহা অকস্মাৎ নৰনাৰীকে অভিভূত কৰিয়া সংযমদুৰ্গেৰ ভগ্ন প্রাকাৰেৰ উপৰ আপনাৰ জয়ধ্বজা নিখাত কৰে, কালিদাস তাহাৰ শক্তি স্বীকাৰ কৰিয়াছেন, কিন্তু তাহাৰ কাছে আত্মসমর্পণ করেন নাই। তিনি দেখাইয়াছেন, যে অন্ধ প্রেম সম্ভোগ আমাদিগকে স্বাধিকাৰ প্রমত্ত কৰে তাহা ভর্তুশাপেৰ দ্বাৰা খণ্ডিত, ঋষিশাপেৰ দ্বাৰা প্রতিহত ও দেবৰোষেৰ দ্বাৰা ভস্মসাৎ হইয়া থাকে। শকুন্তলাৰ কাছে যখন আতিথ্য ধর্ম কিছুই নহে, দুষ্যন্তই সমস্ত, তখন শকুন্তলাৰ সে প্রেমে আৰ কল্যাণ ৰহিল না।" ১ শকুন্তলা আজি অকল্যাণ ধৰ্ম্মৰ অনুচাৰিণী ; আত্ম-বিস্মৃতিব অপৰাধেৰে অপৰাধিনী। আশ্ৰমধৰ্ম্মী শকুন্তলাৰ পক্ষে অতিথিৰ অৱমাননা, কৰ্ত্তব্যৰ অৱহেল। অমাৰ্জ্জনীয় অপৰাধ ; সেই কাৰণেই দুৰ্ব্বাসাৰ অভিশাপৰ অৱতাৰণা হ'ল : আঃ অতিথিপৰিভাৱিনি । ৱিচিন্তযস্তী যমনন্যমানস। তপোধনং ৱেৎসি ন মামুপস্থিতম্ । ন্মৰিষ্যতি ত্বাং ন স বোধিতোঽপি সন্ কথাং প্রমত্তঃ প্রথমং কৃতামির ॥ ২ অতিথিক অৱহেলা কৰাৰ কাৰণে ক্রুদ্ধ হৈ মহর্ষি দুৰ্ব্বাসাই শাপ দিলে যে যিজনৰ চিন্তাত তন্ময় হৈ শকুন্তলাই অতিথিক তুচ্ছ প্রাচীন সাহিত্য, পৃষ্ঠা ২২ ২ শকুন্তলা 611 কৰিলে সেই প্রিয়জনে মনত পেলাই দিলেও শকুন্তলাৰ কথা স্মৰণ কৰিব নোৱাৰিব। এই অভিশাপ অকল দুৰ্ব্বাসাৰেই অভিশাপ নহয়, ই ভাৰতৰ অভিশাপ ; ই ভাৰতীয় সমাজৰ অভিশাপ। শকুন্তলাই দুষ্যন্ত ক ভাল পোৱাত কাৰে। হিংসা নাই, কাৰে। বিদ্বেষ নাই; কিন্তু শকুন্তলাই দেহ-মন-প্রাণ সকলোকে দুষ্যস্তত অৰ্পণ কৰি, কৰ্ত্তব্যৰ প্রতি আওকাণ কৰাত শকুন্তলাৰ প্ৰতি কাৰে। অনুকম্পাও নাই; কাৰণ ই অভাৰতীয় ৰীতি। কালিদাসে শকুন্তলাৰ প্ৰতি সমুচিত দণ্ড বিধান কৰিলে। তেওঁ নায়ক-নায়িকাক অভিশাপগ্রস্ত কৰি বিৰহ-তপস্যাৰ অনলত পৰিশুদ্ধ কৰিবলৈ বিচাৰিলে আৰু পাৰ্থিৱ প্ৰেমৰ ঠাইত স্বৰ্গীয় প্ৰেমৰ পথ উন্মুক্ত কৰি দেখুৱালে । শকুন্তলাৰ বিৰহ-তপস্যাৰ শেষৰ চিত্রটি বিশ্বকবি ৰবীন্দ্রনাথে মনোৰম ভাষাত অঙ্কিত কৰিছে : "এমন সময় "ৱসনে পৰিধূসৰে ৱসনা নিয়মক্ষামমুখী ধৃতৈকৱেণিঃ।" মলিন ধূসবসনা, নিয়মচর্যায় শুল্কমুখী, একবেণীধৰা, বিহব্রতচাৰিণী, শুদ্ধশীল। শকুন্তলা প্রবেশ কৰিলেন। এমন তপস্যাৰ পৰে অক্ষয়বৰলাভ হইবে না! সুদীৰ্ঘব্রতাচৰণে প্রথম সমাগমেৰ গ্লানি দগ্ধ হইয়। পুত্রশোভায় পৰ্মভূষিতা যে কৰুণকল্যাণচ্ছবি জননীমূর্তি বিকশিত হইয়া উঠিয়াছে তাহাকে কে প্রত্যাখ্যান কৰিবে!" কালিদাসে শেষত পুত্ৰৰ যোগেদিয়েই নায়ক-নায়িকাৰ স্বৰ্গীয় মিলন ঘটালে। ছয্যন্তই স্বীকাৰ কৰিলে, "ভগবন্ অত্র খলু মে ৱংশপ্রতিষ্ঠা।" কবিয়ে দেখুৱালে, ভাৰ্য্যা বিলাসৰ সামগ্ৰী নহয় : স্ত্ৰী-পুৰুষৰ মিলনৰ এটি পৱিত্ৰ উদ্দেশ্য আছে - সেয়ে হ'ল - "পুত্রার্থে ক্রিয়তে ভাৰ্য্যা এয়েই ভাৰতৰ গার্হস্থ্য ধৰ্ম্মৰ বা বৈবাহিক জীৱনৰ ১ চীন সাহিত্য, পৃষ্ঠা ২৯ শ্রেষ্ঠ আদর্শ। কল্যাণপ্রসূত মঙ্গলৰ প্ৰতিষ্ঠা কৰাতেই নৰ-নাৰীৰ প্ৰেমৰ সৌন্দৰ্য্য। এই মঙ্গল প্রতিষ্ঠাই বিশ্বশান্তিৰ কাৰণ। শান্তিৰ কাৰণে প্ৰয়োজন সাধনাৰ । ভাৰতৰ সাধনাৰ অক্ষয় কীত্তিস্তম্ভ স্থাপন কৰি অমৰ কবি কালিদাস আজিও বিশ্ববৰেণ্য। কালিদাস আৰু তপস্যা সম্বন্ধীয় সমালোচনাৰ উপসংহাৰত উল্লেখ কৰিব পাৰি যে কবিয়ে তপস্যা বা সাধনাৰ উপযুক্ত ক্ষেত্র তপোৱন বা আশ্রমকেই নিৰ্দেশ কৰিছে। তপস্যা আৰু তপোৱনেই ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ। বহু দেশ, বহু ভাষা আৰু বহু সভ্যতাৰ লগত ভাৰতবৰ্ষই যোগাযোগ কৰিলেও সাধনাৰ পথত ই সম্পূর্ণ স্বতন্ত্ৰ । তপস্যা ভাৰতৰ নিজস্ব বস্তু। ই ভাৰতীয় সভ্যতাৰ অমূল্য সম্পদ । শান্তিপূর্ণ স্থানেই সাধনাৰ উপযুক্ত ক্ষেত্র। সংযমশৃঙ্খলিত, সুবিমল শান্তি আৰু কল্যাণধৰ্ম্মৰ আবাস পৱিত্ৰ তপোৱনেই তপস্যাৰ দৃঢভূমি। তপোৱনৰ দৰ্শনমাত্রেই আত্মাই পৱিত্ৰতা লাভ কৰে। মহাৰাজ দুষ্যন্তই মহৰ্ষি কণ্বৰ আশ্ৰমপদত প্ৰৱেশ কৰাৰ পূৰ্ব্বেই এই তপোৱনৰ মাহাত্ম্য প্ৰকাশ কৰিলে : পুণ্যাশ্রমদর্শনেন তৱাদাত্মানং পুনীমহে। গৌৰীৰ তপশ্চৰ্য্যাৰ কাৰণে দেৱতাৰ আৱাসস্থান হিমালয়ৰ তপোৱনকে মহাকবি কালিদাসে নির্দ্দেশ কৰিলে - "তপোৱনং তচ্চ বভূৱ পাৱনম্" - গৌৰীৰ তপোৱন জগতৰে পৱিত্ৰকাৰক হৈ উঠিল । বিৰহী যক্ষৰ তপস্যা সাধনাৰ কাৰণে ৰামগিৰিৰ আশ্রমেই কবিৰ চকুত পৰিল - "ৰামগিৰ্য্যাশ্রমেষু"। গার্হস্থ্য-ধৰ্ম্মৰ অপৰাধী ১ শকুন্তলা, ১ম অঙ্ক
pdf
2895b1fdd17d90647350865f51a0271aef28a9c100b7eb06f4acf5524eaaaf83
নিৰুপমা বৰগোহাঞিৰ গল্প সমগ্ৰ বহা কোঠালিটো বৈশ্যৰ শোৱনি কোঠালিৰ সংলগ্ন। হাতত কাগজ-কলম লৈ বহি থকা বৈশ্যৰ সেয়ে ফুৰিবলৈ অহা মানুহ-দুনুহৰ কথা-বতৰাত (যদিহে সেই আগন্তুক তেওঁৰ নহৈ ঘৰখনৰ আন কাৰোবাৰ ওচৰলৈ অহা মানুহ হয়) তেওঁৰ লিখাত কিছু ব্যাঘাত ঘটে, মনঃসংযোগ বাৰে বাৰে খণ্ডিত হৈ পৰে। অৱশ্যে আজি কিছুদিনৰ পৰা ৰাজীৱ বা লায়লাৰ বন্ধু-বান্ধৱ আহিলে তেওঁ হাতৰ কলম থমাই উৎকৰ্ণ হৈ থাকে, কিজানিবা সিহঁতৰ কথা-বতৰাত তেওঁ কিবা লিখাৰ সমল পায়েই! তেওঁৰ সেই 'নীচ' কাৰ্যক সমালোচনা কৰিবলৈ এতিয়া আৰু তেওঁৰ পত্নী নাই, দুবছৰ আগতে তেওঁ বিপত্নীক হৈছে। ৰাজীৱ আৰু লায়লা ঘৰতে আছিল। দুয়ো এন্দ্ৰিয়াছক উষ্ণ আহ্বান জনোৱা শুনা গ'ল। বৈশ্যই কাণ থিয় কৰি বহি ল'লে। এই বিদেশী যুৱকজনৰ কথা-বতৰাৰ পৰাই আজি কিবাকিবি লিখাৰ সমল গোটাব লাগিব, গোটাবই লাগিব, এনেকি তেওঁ গল্প বা উপন্যাসত এনে এক চৰিত্ৰ সুমুৱাব, যি হ'ব বিদেশী। হয়, এনে এটা চৰিত্ৰই তেওঁৰ 'নিস্তেজ' লিখনিত নিশ্চয় অলপ প্ৰাণৰ সঞ্চাৰ কৰিব। ললিত বৈশ্যই সমস্ত মনোযোগ কাণ দুখনলৈ সঞ্চাৰিত কৰি চকীত ঋজু হৈ বহি ৰ'ল। কত কথা, কত উচ্ছ্বাস, কত হাঁহি! ললিত বৈশ্যই যেন অলপ ঈৰ্ষাৰেও পুতেকহঁতৰ কথা-বতৰা শুনি থাকিল, এনেবোৰ লঘু, আনন্দোচ্ছল মুহূর্ত তেওঁৰ জীৱনলৈ আৰু নাহে, সেইবোৰ চিৰকাললৈ হেৰাই গ'ল। তেওঁৰ নিজৰ অজানিতে যেন পাতল হুমুনিয়াহ এটাও ওলাল, কিন্তু লগে লগেই তেওঁ সষ্টম হৈ সিহঁতৰ কথাবতৰাত মনোযোগ ঢালি দিলে। এন্দ্ৰিয়াছে কিবা এটা কৈছিল, কিন্তু মাতটো সৰু বাবে তেওঁ ভালকৈ বুজি পোৱা নাছিল। পিছে লায়লাৰ সপ্রতিভ আৰু উচ্চকণ্ঠৰ উত্তৰটো তেওঁৰ কাণত ঠহৰ ঠহৰকৈ পৰিল : 'মই মুছলমান আৰু ৰাজীৱ হিন্দু হোৱা বাবে আমি কাক পূজা কৰোঁ? হাঃ হাঃ! You know Andreas, we worship each other!' ললিত বৈশ্যৰ সমস্ত শৰীৰেৰে যেন এক বিদ্যুৎ প্ৰৱাহ খেলি গ'ল। আচৰিত, এই এটা বাক্যই, এই এটা সুন্দৰ আৰু অদ্ভুত বাক্যই তেওঁক কেনেকৈ গল্পৰ প্লট এটা দি দিলে! এৰা, এইবাৰ তেওঁ ভাল গল্প এটা লিখিব পাৰিব, একেবাৰে 'সময়ৰ লগত খাপ খোৱা' গল্পই লিখিব পাৰিব, তেওঁ গল্পটো লিখিব হিন্দু-মুছলমানৰ সম্প্ৰীতিক লৈ, বাবৰি মছজিদ ভাঙি পেলোৱাৰ পিছত ভাৰতবৰ্ষত এতিয়া সাম্প্ৰদায়িকতাই প্রধান 'ইচ্যু' হৈ পৰিছে, অথচ তাৰ ওপৰত তেওঁ একো এটা লিখিব পৰা নাই - তাৰ বাবেও যে তেওঁৰ মনত কিমান গ্লানি। ললিত বৈশ্যৰ মুখখন আনন্দেৰে উদ্ভাসিত হৈ উঠিল, সঁচায়ে এইবাৰ তেওঁ এটা ভাল গল্প লিখিব পাৰিব - We worship each other - আমি প্রত্যেকে প্রত্যেকক পূজা কৰোঁ। এৰা, আমি প্রত্যেকে প্রত্যেকক পূজা কৰিব লাগে, ভালপাব লাগে, মৰম কৰিব লাগে, দয়া আৰু কৰণা কৰিব লাগে; ইয়াতেই সমগ্ৰ মানৱৰ মঙ্গল নিহিত হৈ আছে, ইয়াৰ পিছত আৰু আল্লা-ঈশ্বৰ, ৰামৰহিমক আমাৰ মাজলৈ অনর্থক কিয় টানিব লাগে? ললিত বৈশ্যই কাগজ-কলম উলিয়াই লৈ খচখচকৈ লিখিবলৈ আৰম্ভ কৰি দিলে। বহা কোঠালিত তেতিয়াও পুতেক-বোৱাৰীয়েক আৰু এন্দ্ৰিয়াছৰ কথা-বতৰা চলি আছিল। কিন্তু বৈশ্যৰ তেতিয়া আৰু কোনো কথাই কাণলৈ যোৱা নাছিল।
pdf
5d93e112508b9326a263de3e47623e1b4360c9aa
1 Eme ma Pol tiye tiri i buku doh, "Aha mari, aha nadu tine, ma aha tama, jo anya kasehek taha kamwenen i buku doh, jo badeh tanan ari lakou jo amekes andra-i bwe. Aha kanuhun kamwenen." 2 Eme ma iri anuhun iy asehek sahou i tiri i boho kon Aramek, ma iri mara-ei andru-uk, ma bamekes se sahou bwe, tasah iri anuhun iy amwenen labai. 8 "Eme ma jo asumon bohon i buku doh, 'Laban, ou are lau badeh?' Eme iy anya, 'Jo Jises badu Nasaret, ou nane abo gok ta adai jo kede-eh!' 9 Ya oro lau rayah nane adek hawek badeh, anyolom lomada sun doh, arile oro banuhun boho ndramak nane asehek sahou eme tek bwe. "Ma Laban tiye sahou eme tek i buku doh, 'Ya, ou suri ou ma ou ala bolo kon tinan Damaskus, ya ndramak ari kameh tiye tam ta lakou marakon Kindrei aso-ok ou amekes.' 11 Madak ma la-uh badeh, ilik mara-ei, tasah lomada sun nane doh, lomadan tinan labai, eme ma oro lau nane adek hawek tawi minek, ma sirini jo iu ili bolo kon tinan Damaskus. 12 "Ndramak ari nyaran Ananayas, iy udu bolo kon nane doh. Iy lau ta Jises ari ai, len mari badeh, iy in hamon le tiri kandriyen ta batanau, eme ma iri Juwis nane are Damaskus badeh, aso-ok iy tinan labai. 13 Ya iy eme ales ere mirihik tek, ma iy asehek sahou eme tek i buku doh, 'Sol, ou nadu tine ahi, na dah kameh ou winiyan anyolom kon ja.' Sahou ano le bohon badeh, madak asak, ma jo anyolom iy amwenen. 23 Iri arah, ma asehek sahou laleyah. Iri asini awin tiri udu bwele-e iri iu, iri akeh ili eme laleyah, ma iri akeh kasu-er ta ndren ili loken, atalan laleyah. Idoh leheya buku iri basekesek ta sahou Pol asehek nane bwe. 29 Eme ma oro lau ta bahun nane bawei Pol ma anya ka-um iy badeh, anuhun sahou doh ja, oro anoh ma oro tolowei iy. Tinan ta atondrok iri lau ta bahun mara-ei nane doh inoh ale, tasah iy badeh, tiye iri lau ta bahun ta bawei Pol na malou ma sen. Ya, iy tanan idoh ndrabun, ndrabun labai ta apeu ari ndramak laleyah, buku nyaran udu bolo buk badu Rom. 30 Na len ari ja badeh, tinan ta atondrok iri lau ta bahun mara-ei nane dah tolowei Pol, ma iy udu bolo kowah laleyah. Ma tinan tiri lau ta bahun mara-ei dah anya kasilah kati sahou doh ale, iri Juwis nane amekes ta adeu Pol i ta mada sahou. Eme ma iy atehei sahou ili tiri tinan tiri pris, ma hawe iri kansol mara-ei tiri Juwis, ta kame ta tukum doh. Ma iy andrei Pol ili atehei iy ales ere mada iri mara-ei.
web
1c8540417d299e5b3ea3a9ff6e43966ba890d947
দ্বিতীয় স্থানপ্ৰাপ্ত দানিল মেদভেদেভে মঙলবাৰে নিশা পাঁচ ছেটৰ এখন খেলত ১৭২ তম স্থানপ্ৰাপ্ত কোৱালিফায়াৰ থিয়াগো চেবোল্টৰ হাতত পৰাস্ত হোৱাৰ পিছত ফ্ৰেন্স অ'পেনৰ পৰা বাহিৰ হয়। ২৩ বছৰীয়া ব্ৰাজিলীৰ তাৰকাজনে দুবছৰ পূৰ্বে ইউএছ অ'পেন গ্ৰেণ্ড শ্লেম জয় কৰা মেদভেদেভক ৭-৬ (৫), ৬-৭ (৮), ২-৬, ৬-৩, ৬-৪ ব্যৱধানত পৰাস্ত কৰে। চেবোল্টে যিকোনো ডাঙৰ প্ৰতিযোগিতাৰ মূল ড্ৰ'ত তেওঁৰ দ্বিতীয়খন খেল খেলি আছিল। যোৱা সপ্তাহত, তেওঁলোকে ৰোলাণ্ড গাৰোছত মূল ড্ৰ'ৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ তিনিখন মেচ জিকিব লগা হৈছিল। চেবোল্টে মেদভেদেভৰ বাবে চাৰি ঘণ্টা ১৫ মিনিটত যাত্ৰা সমাপ্ত কৰে, যি বিশ্ব ৰেংকিঙতো শীৰ্ষস্থান দখল কৰিছে।
web
f89cb6ea2cacab09958411ac598fb568a3b731f0
ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই শুকুৰবাৰে বৰদলৈ নগৰস্থিত উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পত আয়োজিত এক অনুষ্ঠানত চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ তথা ততোধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰে । মুঠ ৩৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় আজিৰ অনুষ্ঠানত । তদুপৰি অনুষ্ঠানৰ জৰিয়তে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তিনিচুকীয়া জিলাৰ ভিতৰত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা কৃতী শিক্ষাৰ্থী ক্ৰমে পৰমানন্দ জাতীয় বিদ্যালয়ৰ অংকিতা দাসক সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক 'ছহিদ বিশ্বজিৎ বড়া সোঁৱৰণি বঁটা' আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰিয়া কুৰ্মীক 'সুপ্ৰভা শইকীয়া স্মাৰক বঁটা'ৰে সন্মানিত কৰা হয়। প্ৰিয়া কুৰ্মীক সুপ্ৰভা শইকীয়া ন্যাসৰ হৈ বিকাশজ্যোতি শইকীয়াই এই বঁটা আগবঢ়ায় । এই বঁটাত নগদ পাঁচ হেজাৰ টকা, আৰ্হি চেক, শৰাই, কিতাপৰ টোপোলা, চেলেং আৰু গামোচা প্ৰদান কৰা হয় । ইয়াৰ সমান্তৰালভাৱে আজিৰ সম্বৰ্ধনা অনুষ্ঠানত তিনিচুকীয়াৰ ২৯খন শিক্ষানুষ্ঠানৰ প্ৰধানসকলকো আছুৱে ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰে । প্ৰায় পাঁচ শতাধিক কৃতী শিক্ষাৰ্থী, অভিভাৱক তথা সচেতন ৰাইজৰ উপস্থিতিত সম্পন্ন হোৱা অনুষ্ঠানত সভাপতিত্ব কৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা মণিকা দেৱীয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক কৌস্তুভ ডেকাৰ লগতে আছুৰ অন্যান্য কেন্দ্ৰীয় বিষয়-ববীয়া উপস্থিত থাকে।
web
a46bee7e2c8586387c47ab2e5481094e411a68c4
কেউফালে হালধীয়া হালধীয়া হৈ পৰিছে প্ৰায় দেৰ হাজাৰ বিঘা মাটিত হোৱা সৰিয়হ গছবোৰ। ভাল খবৰ যে প্ৰায় আঢ়ৈশ শিক্ষিত যুৱকে খেতি কৰিবলৈ আগবাঢ়ি অহিছে। এয়া কৃষি-ক্ষেত্ৰখনলৈ ইতিবাচক সঁহাৰি আৰু যুৱ প্ৰজন্মৰ এই যোগদানে আমাক দ্বিতীয় সেউজ বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ আগবঢ়াব বুলি ধাৰণা কৰিব পাৰি। যি সময়ত আধুনিক কৃষি সা-সঁজুলি, জলসিঞ্চন ব্যৱস্থা আৰু উৎপাদিত সামগ্ৰীবোৰ উচিত মূল্য নোপোৱাৰ বাবে বহু কৃষক থমকি ৰ'ব লগা হৈছে তেনে সময়ত কলিয়াবৰত এখন ব্যতিক্ৰম ছবি দেখিবলৈ পোৱা গৈছে। প্ৰাক্তন আলফা, প্ৰাক্তন ছাত্ৰ নেতা, কেইজন মান সাংবাদিক- শিক্ষক, ব্যৱসায়ী তথা স্থানীয় যুৱকে পৃথকে পৃথকে গোট গঠন কৰি আৰম্ভ কৰিছে এই কৃষি কৰ্ম। জখলাবন্ধাৰ পৰা পূবে হাতীমূৰা অঞ্চলৰ পৰা কুকুৰাকটা পাহাৰলৈকে ব্ৰহ্মপুত্ৰৰ বালিচাপৰিৰ প্ৰায় ডেৰ হাজাৰ বিঘা কৃষি ভূমিত বিভিন্ন প্ৰজাতিৰ মাহ, সৰিয়হ, আলু, পিয়াঁজ, নহৰু, বিলাহী, ফুলকবি, বন্ধাকবি, বেঙেনা, লাই শাক, পালেং, ধনীয়া, মূলা আদি বিভিন্ন শাক-পাচলিৰে খেতি কৰি স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল কৃষক সকলে। কথা মতেই কাম। সেয়েহে এতিয়া কঠীয়া সিঁচি জেওৰা জপনা দি একোটাকৈ ঘৰ সাজি ব্যস্ত হৈ পৰিছে কৃষকসকল। পূৰ্বতে এই বৃহৎ অঞ্চলটোত সহস্ৰাধিক কৃষকে চাপৰিত খেতি কৰি যথেষ্ট লাভৱান হৈ সুন্দৰকৈ পৰিয়াল পোহপাল দিছিল। আৰ্থ-সামাজিক দিশটো অধিক টনকিয়াল কৰাৰ ক্ষেত্ৰত সেইসকল কৃষকে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। কিন্তু বহু বছৰৰ পূৰ্বে লুইতে সুঁতি সলাই কৃষি ভূমি খহাই নিয়াত বহু বছৰ ধৰি সেই চাপৰিত কৃষকে খেতি কৰিবলৈ বাদ দিছিল। বছৰ বছৰ ধৰি চন পৰি আছিল সেই কৃষি ভূমি। কিন্তু স্থানীয় প্ৰাক্তন আলফা নেতা চিত্ৰবন হাজৰিকা আৰু বুলকন বৰাৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ সমবায় কৃষি পাম প্ৰাঃলিঃ নামেৰে এটি সমবায় গঠন কৰি বালিচৰৰ পতিত কৃষি ভূমিত কৃষি কৰ্ম কৰাৰ পৰিকল্পনা কৰে। বৃহত্তৰ অঞ্চলটোৰ প্ৰায় আঢ়ৈ শ যুৱকৰ মাজত ১৭ টা গোট গঠন কৰি পৃথকে পৃথকে কৃষি কৰ্ম কৰিবলৈ উৎসাহিত কৰাত যথেষ্ট সফল হোৱা বুলি ক'ব পাৰি। এই গোটত মহিলাকো জড়িত কৰা হৈছে। হাতীমূৰা, ৰাঙলু, কেৰিবাকৰি, ছ'গুৰি আৰু কলং ননকে কিচামতক সাঙুৰি সু-বৃহৎ এলেকাৰ কৃষি ভূমিক পূৰ্বতে গহগুৰি চাপৰি বোলা হৈছিল। ইতিমধ্যে সৰিয়হৰ খেতি কৰা কৃষিভূমিসমূহ হালধীয়া হ'বলৈ আৰম্ভ কৰিছে। বতৰ অনুকুল হ'লে নিশ্চয় কৃষকে অধিক শস্য তথা শাক পাচলি অভাৱনীয়ভাৱে উৎপাদন কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি। কিন্তু বনৰীয়া হাতী, ম'হ, গাহৰি, পহু আদিয়ে কৃষি শস্য অনিষ্ট কৰাত সমস্যা বৃদ্ধি পাইছে। ইয়াৰ বাবে কৃষকসকলে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সু ফল পোৱা নাই। এইক্ষেত্ৰত কৃষি বিভাগে যিমান সহযোগিতাৰে কৃষকসকলক উৎসাহিত কৰিব লাগিছিল তাৰ লেশ মানো হোৱা নাই বুলি অভিযোগ উঠিছে। জলসিঞ্চন ব্যৱস্থাৰ বাবে কৃষি বিভাগে হাত উজান দিলে কৃষকসকল নিশ্চয় সফল হ'ব বুলি কৃষকসকলে মত প্ৰকাশ কৰিছে। স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক কৃষকসকলে বিষয়টোত হস্তক্ষেপৰ দাবী জনোৱাৰ লগতে কৃষি মন্ত্ৰী অতুল বৰাক দিছপুৰৰ পৰা গৃহ সমষ্টিলৈ ৰাওনা হওঁতে এক্ষন্তেক ৰৈ চাই যাবলৈও আহ্বান জনাইছে স্থানীয় কৃষক ৰাইজে।
web
78acec4f1c7231aeb4cc6a8f4c94f0a362e63395
যোৱা নিশা অসম আৰক্ষীয়ে তেজপুৰৰ পৰা লালমিথাং ছিনেট নামৰ এজন মাৰ পীপল কনভেনশ্যন(ডেম'ক্ৰেটিক)ৰ নেতাক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা নেতাজন যোৱা ১৮ ফেব্ৰুৱাৰিত মেঘালয়ৰ আগন্তুক বিধানসভা নিৰ্বাচনত থিয় দিয়া এন চি পি দলৰ প্ৰাৰ্থী জনাথন চাংমাৰ হত্যাকাণ্ডৰ আঁৰৰ মূল ব্যক্তি বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে যোৱা ১৮ ফেব্ৰুৱাৰিত পূব গাৰোপাহাৰ জিলাৰ ছৱিলগ্ৰী গাৱঁত জনাথন নেংমিনজা চাংমাক গুলীয়াই হত্যা কৰা হৈছিল। প্ৰথমে আই ই ডি বিস্ফোৰণৰ পিছত সন্দেহযুক্ত বিদ্ৰোহীয়ে জধেমধে গুলীয়াই চাংমাকে ধৰি মুঠ চাৰিজনক হত্যা কৰিছিল। ইয়াৰ ভিতৰত তেওঁৰ দুজন দেহৰক্ষীও আছিল। তেজপুৰ আৰক্ষীৰ এটা সূত্ৰই জনোৱামতে লালমিথাং ছিনেটক এছ এছ বি জোৱানৰ এটা ভাৰাঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে বিশেষ তদন্তকাৰী ব্যুৰোৰ পৰা পোৱা এটা সূত্ৰৰ আঁত ধৰি জানুৱাৰিৰ পৰাই ছিনেটৰ সন্ধান কৰি আছিল। জানিব পৰা মটে লালমিথাং ছিনেট সংগঠনটোৰ যুদ্ধ বিৰত গোটৰ নেতা দাৰথাঙৰ হত্যাতো জড়িত থকাৰ অভিযোগ আছে। দাৰথাং ওৰফে নোবাৰ ছিনেট সংগঠনটোৰ যুদ্ধ বিৰত গোটটোৰ বিত্ত সচিব আছিল। আৰক্ষীৰ সূত্ৰটোৱে জনোৱা মতে তেওঁৰ বিৰুদ্ধে কাচাৰ জিলাৰ লক্ষীপুৰ থানাত 15/2018 নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে। 'আমি তেওঁক গ্ৰেপ্তাৰ কৰি শিলচৰ আৰক্ষীক গতাই দিছো। শিলচৰ আৰক্ষীৰ দ্বাৰা তদন্ত চলাই থকা হৈছে। ' এইদৰে কয় তেজপুৰৰ আৰক্ষী অধীক্ষক পি পি সিঙে। উল্লেখযোগ্য যে মাৰ পীপল কনভেনশ্যন(ডেম'ক্ৰেটিক) নামৰ বিদ্ৰোহী গোটটো দুটা ভাগত বিভক্ত আৰু ইয়াৰে এইচ্ছ জোচাংবেৰা নেতৃত্বাধীন গোটটোৱে মিজোৰাম চৰকাৰৰ সৈতে আলোচনা প্ৰক্ৰিয়া চলাই আছে। আনটো আপোচবিহীন গোট লালমিথাং ছিনেটৰ নেতৃত্বাধীন।
web
260bc7d2281327940cf908418bb77f30ed30be1c
কেন্দ্ৰীয় গৃহ বিভাগে গান্ধী পৰিয়ালৰ এছপিজি নিৰাপত্তা প্ৰত্যাহাৰৰ বিৰোধিতাৰে ৰিপুণ বৰাৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছে ৰূপায়ণ কৰে ৰাজভৱন ঘেৰাও কাৰ্যসূচী। সোমবাৰে গুৱাহাটী মহানগৰীৰ গুৱাহাটী ক্লাবৰ গোল চকত আৰম্ভ হোৱা ৰাজভৱন ঘেৰাও কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ উপৰিও উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ক্ৰমে অজন্তা নেওগ,ৰকিবুল হুছেইন, অকণ বৰা, সাংসদ আব্দুল খালেক, যুৱ নেতা মানস বৰা প্ৰমুখ্যে প্ৰায় তিনি শতাধিক কংগ্ৰেছ কর্মী। কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি শংকিত হোৱা বুলি অভিযোগ তুলি সভাপতি ৰিপুণ বৰাই কয়-'ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে বিজেপি চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ বিষয়ে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ সভা-সমিতি পাতি ৰাইজক জাগ্ৰত কৰিছে। নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে দেখিছে এনেদৰে যদি এই নেতাসকল ঘূৰি ফুৰে,তেতিয়া বিজেপি শাসন দেশত আৰু নাথাকিব,উফৰি যাব। সেই বাবে তেওঁলোকৰ ঘূৰা-ফুৰা বন্ধ কৰি প্ৰতিবাদী কণ্ঠ স্তব্ধ কৰি সমগ্ৰ দেশৰ কংগ্ৰেছ কর্মীসকলক ভীতিগ্রস্ত কৰি তুলিবৰ বাবে অগণতান্ত্ৰিকভাৱে এছপিজি প্ৰত্যাহাৰ কৰিছে। তেওঁলোকে ভয় খাইছে আৰু আক্ৰোশমূলকভাৱে ৰাজনৈতিক প্ৰতিশোধ লৈছে। মহান নেতাৰ জীৱনক লৈ তেওঁলোকে হেতালি খেলিছে। ' আনহাতে,প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পৰিয়ালক এছপিজি নিৰাপত্তা দিয়া ব্যৱস্থা পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে কৰি যোৱা বুলি উল্লেখ কৰি সভাপতি বৰাই কংগ্ৰেছৰ মহানুভৱতাৰ উদ্ধৃতি দি কয়-'যেতিয়া অটল বিহাৰী বাজপেয়ী প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল আৰু তেওঁ তিনি-চাৰি বছৰ শয্যাগত হৈ আছিল,তেওঁক এছপিজি নিৰাপত্তাৰ কোনো প্ৰয়োজন নাছিল। কাৰণ কোঠাৰ ভিতৰত তেওঁ সেই সময়ত আছিল। কিন্তু তেতিয়া কংগ্রেছ চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এছপিজি নিৰাপত্তা প্ৰত্যাহাৰ কৰা নাছিল। এয়া কংগ্ৰেছৰ মহানতা। ' ইফালে এই প্রতিবাদে চৰকাৰক সিদ্ধান্ত পুনৰ বিবেচনা কৰাব বুলি ভাবে নেকি বুলি প্ৰশ্ন কৰাত বৰাই কয়-'পুনৰ বিবেচনা কৰে নকৰে,সেইটো তেওঁলোকৰ কথা। কাৰণ তেওঁলোকে হিটলাৰী,একনায়কত্ব শাসন চলাইছে। দেশবাসীৰ ওচৰত কংগ্ৰেছ কর্মী হিচাপে লৈ যোৱাটো আমাৰ প্ৰধান লক্ষ্য। ' ইফালে,কংগ্ৰেছৰ কাৰ্যসূচী আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ৱেষ্টনীত আগবাঢ়িবলৈ নিদিলে। সেই সন্দৰ্ভত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপিক সমালোচনা কৰি কয়-'তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা কংগ্ৰেছ কর্মীসকলক আজি আটক কৰিছে। এই আটক বেছিদিন নচলিব। কাৰণ ৰাইজে তেওঁলোক ২০২১আটক কৰিব । ' বৰাৰ নেতৃত্বত এটা দল গৈ ৰাজ্যপালক সাক্ষাৎ কৰি গান্ধী পৰিয়ালৰ এছপিজি প্ৰত্যাহাৰ বাতিলৰ দাবীৰে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
web
5bcc1a5816dc8a8f78b20bd20021ab15516eae2c
শিৱসাগৰ জিলাৰ ডিমৌত আৰক্ষী আৰু আবকাৰী বিভাগৰ সহযোগতে লালিগুৰৰ এক ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত তথ্য মতে আৰক্ষী আৰু আবকাৰী বিভাগক মেনেজ কৰি ডিমৌৰ এখন হোটেলৰ স্বত্বাধিকাৰীয়ে চলাই আহিছে অবৈধ ভাবে চুলাই প্ৰস্তুত কৰা লালিগুৰৰ বেহা। জানিব পৰা মতে ডিমৌৰ দিহাজানত অৱস্থিত এখন গেলামল দোকানৰ পৰাই লালিগুৰ ডিমৌৰ লগতে ওচৰৰ চাহ বাগিছা অধ্যুষিত অঞ্চল আৰু ডিমৌৰ অন্তৰ্গত কেন্দুগুৰি, শুকানপুখুৰী, নহাত, মহাৰাণী গাঁও পঞ্চায়তৰ বিভিন্ন গাঁওত চুলাই মদৰ অবৈধ বেহা চলাই থকাত সহায় কৰিছে। ফলত ডিমৌৰ সচেতন ৰাইজে উক্ত লালিগুৰ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে যথাযথ প্ৰমাণ উলিয়াই উচিত ব্যৱস্থা ল'বৰ বাবে জিলা প্ৰশাসনক আহ্বান জনাইছে। তাৰোপৰি বকতা নেমুগুৰি থানাৰ অন্তৰ্গত বকছা চানবেচা , জুটলিটিং, চুমনিবস্তি, ম'হখুটি আদি লাইনত আৰক্ষী আৰু আবকাৰী বিভাগৰ সন্মুখতে অবৈধ ব্যৱসায়ী সকলে সুৰা নিৰ্মাণ কৰা কেইবাটাও কাৰখানা গঢ়ি তুলিছে। উক্ত কাৰখানাৰ পৰাই বকতা মৌজাৰ বিভিন্ন অঞ্চললৈ দেশীয় সুৰা সৰবৰাহ হৈ আহিছে। এই বিষয়ে বকতা নেমুগুৰি আৰক্ষী আৰু আবকাৰী বিভাগ জ্ঞাত যদিও ব্যৱসায়ী সকলৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে অসম চাহ জনজাতি ছাত্র সন্থা ডিমৌ শাখাই শীঘ্ৰে আৰক্ষী আৰু আবকাৰী বিভাগক এই অবৈধ চুলাই ঘাটি উচ্ছেদ কৰিবলৈ দাবী জনাইছে।
web
2377aa24e2bcc981d9aff34539c665460bdff2cb1104674cd33c8494b8b79cf8
বিশেষকৈ যোৱা কিছুদিন ধৰি তাইৰ যিটো বিপৰ্যয় গৈছে তাত মাকৰ, সহায়, সহান ভূতি, মৰম-চেনেহে তাইক দেহে-মনে বৰকৈ বল দিছে। এতিয়া তাইক মৰমেইতো বেছিকৈ লাগে। সেইবাবে মনৱে মৰম কৰাত ভাই মুহূর্ততে গলি গ'ল। বিশটকীয়া নতুন, ৰঙা, কৰকৰীয়া নোটখন এবাৰ খোজোতেই দি দিলে। হাজাৰ হওক নিজৰে ককায়েক, দেউতাকে নিদিলে বুলি তাক পইচা নেলাগিব নেকি ? দেউতাকে আজিকালি মাজে মাজে কিবা বৰ কাঢ়া হৈ উঠা হৈছে । হৃদয়নাথৰো যে কিবা এটা হৈছে সেইটো ললিতাই লক্ষ্য কৰিছে। "ইয়াক ( মনকে ) এক পইচাও নিদিবি" ধৰণৰ টান হুকুম একোটা হঠাতে দি দিয়ে। এদিন কিবা মন বেয়া হৈ আছিল হ'ৰলা, সেই পাঞ্জাবী ভাড়াটীয়াৰ লগত কথা কটাকটিও হৈছিল, হৃদয়নাথে সাজি-কাচি এপাক ফৰিবলৈ ওলোৱা ললিতাকে এবাৰ ঠাট্টা কবি সাধি পেলাইছিল, "চিৎপখিলীজনী হৈ নো কাক দেখাৱাবলৈ ওলাইছা?" সেই অফিচৰ ঘটনাটোৰ পৰাই মানহুটোৰ এনেকুৱা কথাবার্তা দেখিবলৈ পোৱা যেন লাগে। টকা-পইচাৰ গণ্ডগোল আৰু পইচা খোৱা লৈ এটা গোলমাল হৈছিল। মানহবোৰো বৰ বেয়া, পেটকপটীয়া, ভেটীও খবাব আৰু লগারো দিব, ( ললিতাই তেতিয়াই কৈছিল), "আমাৰ তেখেতে খাইছে বুলি কিনো প্রমাণটো আছে ? আৰু, আজিকালিনো পইচা নাখায় কোনে যে তাকেই বৰ ডাঙৰ কৰি ঘমঘণ্ট লগাই দিব লাগে ? দৰমহাৰ পইচাৰে কেইজনে চলেহে আজিকালি ?" হৃদয়নাথ সেইটো কেছতে এমাহ চাচপেণ্ড হৈ আছিল। তাৰ পিচত যেনিবা কেছ চলি থাকিলেও চাকৰিত জইন কৰিব দিলে। কেছটো এতিয়াও চলিয়ে আছে, কোন কালত যে নিষ্পত্তি হবগৈ কোনেও নাজানে। কেছটো নিছিগা বাবেই হবলা মানহটোৰ মূৰটো তেতিয়াৰ পৰাই ঠিক নথকা হ'ল । পাভেঙ্কৰ লগত প্রতি কথাতে তৰ্ক কৰা হ'ল। মনৱে মদত ধৰা বলি শুনিতো বাপেক অগ্নিশ্চমহি হৈ উঠিল। মদ খাই অহা অৱস্থাত এদিন ৰাতি মনক ধৰি ভালকৈ কেইচৰ্মান লগায়েই দিলে। মনটোও এনে উদণ্ড যে চৰ খাই "চালা ভাৰী ভাল চেলাই দেখাইছে, ঘোচখোৰ" বুলি সি দেউতাককে উভতি ধৰিছিল। ললিতা আৰ, মইনাকপে তাক টানি চোচোৰাই নিয়াৰ দৰে আঁতৰাই লৈ গ'ল ৰক্ষা। আগেয়ে হৃদরনাথে কলেজত পঢ়া, । ল'ৰাক মাজে সময়ে পাঁচ-দহটকা হাত খৰচ দিছিল। সেই তেতিয়াৰ পৰা একেবাৰেই নিদিয়া হ'ল, আৰু ললিতাকো আদেশ দি দিলে যেন তাক এক পইচাও দিয়া নহয়। ফলত মনকণে ডক-হকা দিবলৈ আৰম্ভ কৰিলে মাক-ভনীয়েকৰ ওপৰত । খং উঠি নাথাকিলে হৃদয়নাথে মনকে কয় কামচামকে এটা বিচাৰিবলৈ, ল ক্লাছটো সেই গধূলিছে, দিনৰ দিনটো একো কাম নাই। কিন্তু কাম বিচৰাৰ পিনে মনৰ কোনো মন দেখা নগ'ল। দেউতাকে কেইবাদিনো কোৱাৰ পিচত এদিন বিৰক্ত হৈ সি কৈ দিলে যে সি চাকৰিৰ কাৰণে কাকো খাতিব কৰিব নোৱাৰে, আৰ, তাৰ চাকৰি কৰাৰেইবা কি প্রয়োজন ? ঘৰখনতো বেছ সন্দৰভাৱেই চলি আছে, কিবা অভাৱ হৈছে বুলিতো মনে নধৰে। তেনে স্থলত...... ইত্যাদি। ঘৰখন কেনেকৈ চলিছে সিতো নাজানে - এই বদলি দেউতাকে বজাই দিব খুজিছিল যদিও সি সেই কথা শুনিবলৈ তাত ৰৈ থকা নাছিল। পাচত মাকেহে তাক অলকশৰে বজাই দিবলৈ চেষ্টা কৰিছিল যে আচলতে অভাৱ হোৱা নাই যদিও আজিকালি ঘৰ চলোৱাত বৰ দিগদাৰি হয় । "দেখিছই নহয় বদমাইচবোবে পইচা খোরাছে দেখে", একোখন সংসাৰ যে কি মস্কিলত চলিছে সিহ তেতো খবৰ নেবাখে, ভাড়াঘবটো আছে দেখিহে ললিতাই ইহাত সিহাত কৰি কাম চলাই দিছে, সিহতক জানিবলৈ নিদিয়ে কাৰণেহে, নহ'লেচোন দেখ দেখ কথা, এটা কামিজ বা পেস্ট ল'বলৈকে পঞ্চাশৰ বহুতে ওপৰলৈ যাব লাগে। অৱশ্যে ভাড়াঘৰটোৱেই যে কাল হবগৈ সেইটো ললিতাই জনা নাছিল আৰু সেইবাবে সেই কথা পতেককো কোৱা নাছিল নাইবা পতেকে উভতি ভাড়াঘৰৰ বিপদৰ কথা কৈ দিয়া নাছিল। গাব কাপোৰত তিতা হাত দখন মচি মচি ললিতা খৰপোচকৈ পাকঘৰৰ পৰা ওলাই আহিল। মনকণে ষোৱাৰ আগতে মাকক কৈ গৈছিল মইনাৰণ অকলে আছে বুলি। আঢ়ৈ কঠাব চৌহদটোৰ প্ৰকাণ্ড ঘৰখন এই কাল সন্ধিয়া নিমাও-মাও। ঘাই ঘৰটোৰ গাতে লগাকৈ ভাড়া ঘৰটো ললিতাৰ বুদ্ধিমতেই সজা হৈছিল। মাজত সামান্য চকোৱা এখন নামমাত্রকৈ থাকিলেও দাইটা ঘৰৰ মাজত অহা যোৱা অবাধ। তিনিটা কোঠাৰ স্বয়ংসম্পূর্ণ ভাড়া ঘৰটো যোৱা এমাছে খালী পৰি আছে। মইনাৰ ঘটনাটোৰ কাৰণে ভাল ভাল ভাড়াটীয়া পোৱা সত্ত্বেও নানান অজুহাতত কাকো নিদিয়াকৈ পেলাই থৈছে। নানান দুশ্চিন্তাত হৃদয়নাখেও আজিকালি বহু, ৰাতিলৈকে বাহিৰতে কটোৱা হৈছে। "শূন্য ভাড়াঘৰটোৱে বেন ললিতাক ইতিকিংহে কৰিছে। কাৰণ টকাৰ কাৰণে ভাড়াত দিয়াৰ প্রয়োজন আছে যদিও ঘৰটো পেলাই থব লগা হৈছে। ললিতাই দৱাৰ ঠেলি ভিতৰ সোমাই মইনাৰণৰ ওপৰত হাউলি, "মা মইনাকশ" বদলি মৰমেৰে মাতিলে আৰু মূৰত আলমূলকৈ হাত বলাই দিলে। মইনাই 'ধ্রু' দলি সহাৰি দিলে আৰু অলপ হাঁহিলেও, মাকে আন্ধাৰতো হাঁহিটো দেখিলে। তেওঁ আৰু, এখন খিৰিকী লি দিলে আৰু দুয়োখন খিৰিকীৰে পৰ্দা দাঙি দাঙি দিলে। অলপ বতাহ আহক। অলপ পোহৰো হওক। কিন্তু, বৰ বেছি পোহৰ ন'হল। গলি ভালকৈয়ে হৈছিল। ললিতা মইনাৰণৰ ওচৰতে বহিলহি। তেওঁ কিবা সাধিবলৈ পোৱাৰ আগতেই মইনাই ক'লে, "দাদাই বিশটকীয়া নোটখন মোৰ লৈ গ'ল মা।" ললিতাই আতঙ্কিত হোৱাৰ দৰে "কেলৈ দিলি" লি অলপ চৰা সৰতে কৈ উঠিছিল; কিন্তু, মইনাকণে লগে লগে বৃত্তি দিলে যে তাৰ হাতত এটাও পইচা নাই বুলি যেনেকৈহে খাজিলে যে তাই নিদিয়াকৈ থাকিব নোৱাৰিলে, আৰ, সিনো বাৰু, হাতত এটাও পইচা নোহোৱাকৈ কেনেকৈ ওলাই যায় ? বন্ধু-বান্ধৱব ওচৰত কেতিয়াবা লাজ পাব লাগিব। ককায়েকলৈ ভনীয়েকৰ মৰম দেখি মাকৰো পত্ৰস্নেহ উথলি উঠিল । গতিকে সেই বিষয়ে আৰু একো নক'লে, মাত্র ক'লে যেন দেউতাক কথাটো নকয়, জানিলে বৰ খং কৰিব। "মই একেবাৰে উঠিৰ নেলাগে নেকি মা? মইনাকণে সুধিলে। ললিতাই অলপ কেহোঁই কেঘেহাঁই ক'লে যে হওঁতে এই কাল সন্ধিয়া অলপ উঠিব লাগিছিল, আৰু অলপ উঠিলেও একো নহয় নিশ্চয়। কিন্তু ডাক্তৰে দণ্টা দিন কমপ্লিট ৰেষ্টত থাকিবলৈ কৈছে যেতিয়া বিমান পাৰি মানি চলাই ভাল। "উঠ যদি উঠি বহু অলপ।" কিন্তু মইনাৰণ নঠিল, তাই ক'লে যে নদঠিবলৈ কৈছে বেতিয়া তাই বাৰু, নদণ্ঠে, দটা দিন কষ্টে-মষ্টে থাকিব পাৰিব। ললিতাই উঠি গৈ নীলা বাঘটো জলাই দিলে আৰু খোলা খিৰিকী দখন বন্ধ কৰি দি আহিল ! আন্ধাৰ ভালকৈয়ে হৈছে, জাৰো পৰিছে। তেওঁ' পাক-বৰৰ কাম প্রায় শেষ কৰিয়ে আহিছে। হৃদয়নাথ অলপ সোনকালে উভতি আহিলে একাপ চাহ দিব লাগিব, নহলে একেবাৰে ভাত । মনকণৰ ভাঙতো তাৰ ৰুমতেই প্রতি নিশা সাজি ঢাকি থ'ব লাগে। প্রতি আকৌ জীয়েকৰ ওচৰত বলিলহি আৰু তাইৰ মূৰত হাত ফৰাই কৰাই সুধিলে কি দিনাৰ পাইছে নেকি? তাই ক'লে যে একো বিল পোৱা নাই, মাত্র অনবৰত শুই থাকিবলগীয়া হোৱাত আমনি লাগিছে, আৰু গাটো কিবা ভাগৰ লাগি থকা যেন লাগিছে, আৰুদ কেতিয়াবা মূৰটো বিষায়। ললিতাই তাইৰ কপালত হাত দুখন থৈ দীঘলকৈ নিশ্বাস এটা কাঢ়িলে। তেওঁৰ চকু-মখেত চিন্তাৰ চিন ফটি উঠিল। হঠাৎ যেতিয়া মইনাকণে সধিলে "কেঁচুৱা হ'লে এনেকুৱা কষ্টই হয় নেকি মা :" তেতিয়া ললিতা প্রায় উচপ খাইয়ে উঠিল। মূহূৰ্ত্ততে তেওঁ'ব মনলৈ কেউটা ল'ৰা-ছোৱালী হোৱাৰ কথাবোৰ আহি গ'ল আৰু লগে লগে অনুভৱ কৰিলে' যে এই সৰু, ছোৱালীজনীয়ে মাতৃ নোহোৱাকৈয়ে হৈ পোৱা যন্ত্ৰণাৰ কথাকে সধিছে । জীয়েকক দিব পৰা একো উত্তৰ তেওঁৰ নাছিল। কিন্তু কিৰা উত্তৰ নিদিলেও নহয় কাৰণে প্রাচীন প্রবচনৰ শাৰী এটাকে কৈ থলে, "কি কৰিবি মা, মামাৰ তিৰোতা মানহৰ ভাগ্যত এইবোৰ ভুগিব লগীয়া আছেই। ছোৱালী হৈ জন্ম ল'লে এদিন বিয়া হৈ মাক হ'ব লাগে। ঈশ্বৰৰ অভিশাপেই আছে হবলা। আমি ইয়াব হাত সাৰিব নোৱাৰোঁ।" আনফালে চাই কথাখিনি কোবা ললিতাই ইয়াৰ পাচতে ঘূৰি মইনাকণলৈ চালে। তাইৰ চকুমখত তেজ আহি পৰা যেন দেখা গ'ল। হয়তো লাজ পাইছে। একো ভাবি চিন্তি নকলেও কথাখিনিয়ে জীয়েকৰ জীৱনত সহায় কৰিব যেন লাগি বোৱাত ললিতাই আৰু এটা বাক্য যোগ দি দিলে, "সেই কাৰণেই ছোৱালীয়ে বিমান পাৰে পলমকৈ বিরা সোমাব লাগে" তাৰ মানে তুমি হাইস্কুলত পঢ়ি থাকোঁতেই এইবিলাক কৰিব নালাগিছিল, যিহৰ কাৰণে ডাক্তৰৰ গোপন সহায় লৈ তোমাক আমি উদ্ধাৰ কৰিব লগীয়া হ'ল আৰু তুমি এতিয়া সকলোৰে পৰা লাকাই থাকিব লগীরা হৈছে। মাকৰ কথাৰ এইটোকে অর্থ - কৰি মইনাকণে মুখখন ওফোন্দাই উত্তৰ দিলে, "পলমকৈ কিন্তু মই বিয়া সোমোৱাৰ কথাই নাভাবো মা ।" ললিতাই আৰু কথা নবঢ়াই দীঘলকৈ নিশ্বাস পেলাই মনে মনে থাকিল। ছোৱালীয়ে আৰু, কি কৈ পেলায়গৈ ঠিক নাই। কিন্তু ছোৱালীক উচটোৱাৰ বা উৎসাহ দিয়াৰ আজি প্রয়োজনেই নহ'ল। তাই একেই উষাৰ সৰত ক'লে, "তোমালোকৰ এই ভাড়াঘৰটো ভাঙি পেলোৱা। নইলে দেউতায়ো ঘোচ খাবলৈ নেৰে, দাদাকো ভাল কৰিব নোৱাৰা।" গাঁলতাই তীক্ষ দৃষ্টিৰে মইনাকণলৈ চালে। "তাৰ মানে? এই কি ক'ব জিছ? কিন্তু মইনাকণে একো উত্তৰ নিদিলে। মাকৰ ওপৰত খং কৰি গাৰটোৰ ওপৰতে মখ ঘঘুৰাই ল'লে। তাইৰ কথাৰ অৰ্থ ললিতাই স'চাই বদজিব পৰা নাছিল। এনে সাংঘাতিক কথা কিছুমান কৈ দিয়া কাৰণে তেওঁৰ খঙো উঠিছিল। কিন্তু কিবা প্ৰশ্ন কৰিব পৰাৰ আগতেই ঘৰলৈ ঘৰি অহা হৃদয়নাথৰ জোতাৰ শব্দ শুনিবলৈ পোৱা গ'ল। গল-ধেকাৰি মাৰি, হয় নে হেৰা, মা অ' আদি নিত্যনৈমিত্তিক শব্দবোৰ উচ্চাৰণ কৰি কৰি হৃদয়নাথ বাহিৰৰ কোঠাটোৱেদি আহি প্ৰথমে ভিতৰ বাৰাণ্ডা আৰু তাৰ পৰা একেবাৰে কোঠাটোত সোমালহি। ললিতাই তেওঁক এই পৰত হৃষ্টচিত্তে ৰাখিবলৈ নিজেকে সংযত কৰি ল'লে আৰু মূখত যিমানলৈকে পাৰি হাঁহি বিৰিঙাই ৰাখিলে। হৃষ্ট-পষ্ট, ওখ-পাখ বঙা কামিজ আৰ, ঋতি পিন্থা হৃদয়নাথে ইকাণৰ পৰা সিকাণলৈ হাঁহি এটা ফটাই জীয়েকৰ মূৰৰ ওপৰেদি হাউলি সাধিলে, "মা-জনী! অলপ ভাল পাইছানে? তোমাক কিবা লাগিব বলিয়েই মই সোনকালে গুচি আহিলোঁ। লাগিলে আকৌ যাম।" মইনাৰণৰ মূখত আকৌ হাঁহি বিৰিঙি উঠিল। মাক-দেউতাকৰ স্নেহৰ কোমল স্পর্শ তাই সদায়েই উপভোগ কৰি আহিছে। কেতিয়াবা অভিমান হ'লেও সেই স্পর্শই তাক সদায়েই দূৰ কৰি আহিছে। দেউতকাৰ ক্ষেত্ৰত এইটো বেছি সত্য। ললিতাৰ লগত জীয়েকৰ কেতিয়াবা খট-বান্ধ লাগিলেও হৃদয়নাথৰ লগত কেতিয়াও নালাগে। এক প্ৰকাৰ তাই দেউতাকৰ স্নেহতে মষ্ট হৈছে বলিব লাগে। ললিতা চকিখনব পৰা উঠিব খুজিছিল, কিন্তু গিৰীয়েকক জীয়েকৰ লগত হাউলি কথা পাতি থকা কাৰণে বাটটো বন্ধ হৈ আছিল। কথাটো জানিব পাৰি হৃদয়নাথে ক'লে, "ব'বা, মই চোলাটো খালি বাথৰুমৰ পৰা আছোঁ। তুমি ক্ষন্তেক মাজনীৰ লগত বহা।" আকাৰে ইঙ্গিতে মইনাৰ পৰা বিদায় লৈ হৃদয়নাথ আঁতৰি এদাঁতিৰ আলনা ডালৰ ওচৰলৈ গ'ল আৰু কামিজটো খুলি ঘোৰখোৱা খটো দড়ালত ওলোমাই থৈ তলৰাপত থকা হাৱাই এযোৰ হাতেৰে আনি তাৰ ঠাইত দগধা পামযোৰ থৈ বাহিৰ ওলাই গ'ল। পাঁচ মিনিটৰ ভিতৰতে তেওঁ বাথৰুমৰ পৰা তিখনৰ আগদটা ককলিত বাচি লৈ ঘূৰি আহিল । এইখিনি সময় নীৰৱেই বহি থকা ললিতাই গিৰীয়েকলৈ বহি থকা চনি এৰি দি চাহ কৰি আনিবৰ মনেৰে নীৰৱেই পাকলে হুঁচি গ'ল। হারনাথে হাঁহি মইনাৰণৰ ওচৰতে বহিলছি। তাই এতিয়া সম্পর্ক সহজ হৈ উঠিছে। পাকঘৰটো ললিতাই আগতেও এৰিব পৰা নাছিল আৰু এতিয়াও এৰা নাই। নিজৰ বংশ-পৰিয়াল ভাঙৰ, সম্ভ্রান্ত আৰু, কোনো কোনো ঘৰ এতিয়াও ধনী ৰদিও, নিজৰ ঘৰখন অৱস্থাহীন হৈ পৰাত হৃদয়নাথৰ লগত ললিতাৰ বিৱা হওঁতে তেওঁ ঘৰ ধৰিবৰ সমস্ত প্রশিক্ষণকে ঘৰৰ পৰা লৈ আহিব পাৰিছিল। আটোমটোকাৰী সংসাৰ এখন গঢ়ি তুলিবলৈ তেওঁৰ বিশেষ একো কষ্ট নহ'ল। কিন্তু বংশ-পৰিয়ালৰ মান-মৰ্য্যাৰ্দাৰ পূৰণা স্মৃতিয়ে তেওঁক সদায়েই উদগতিৰ কাৰণে উৎসাহ দি আহিছে। সেইকাৰণে তেওঁ সৰল স্বভাৱৰ হৃদয়নাথক প্রভাৱান্বিত কৰি কৰি ঘৰৰ শ্ৰীচেহেৰা চকুত লগাকৈ সলাই পেলাব ধৰিলে । নহ'লে এনেয়ে হৃদয়নাথ অলপতে সন্তুষ্ট হোৱা বিধৰ লোক আছিল আৰু পাপলৈ বৰ ভয় কৰিছিল। ললিতাৰ এতিয়াও মনত পৰে, কিন্তু গিৰীয়েকক জানিবলৈ কোনোদিনেই দিয়া নাই, যে হৃদয়নাথে হীৰ ওচৰত ভালেখিনি সঙ্কোচ কৰি চলিছিল। পিচলৈ লাহে লাগে সহজ হৈ আহিন যদিও, সেই প্রথমৰ অভ্যাস একপ্ৰকাৰ ৰৈয়েই গ'ল। ই যেন এক অলিখিত বিধি হৈ ৰ'ল । ললিতা আছিল চালাক ছোৱালী। হৃদয়নাথৰ মনোবৃত্তিৰ লগত খাপ খৱাই দেখাত ""আমাৰ এয়ে ভাল" "ঈশ্বৰে যি দিছে সেয়ে যথেষ্ট" এনে ধৰণৰ উক্তি প্রয়োগ কৰিছিল যদিও, সময় আৰু সুবিধা বৃজি "আমাৰো এনেকুৱা হ'লে ভাল হয়", "অহাবাৰ পইচা পালে অকটো কিনিম বলি ভাবিছোঁ", এই ধৰণৰ ইচ্ছাও প্রকট কৰি গৈছিল । প্ৰীতিৰ সময়লৈকে এইটো ব্যৱস্থা বৰকৈ পক ধৰা নাছিল। কিন্তু মনকণ আৰ, মইনাকণ হবৰে পৰা সামান্য উপার্জনে নকুলোৱা হ'ল বাৰে হৃদয়নাথে যেনেকৈ দইপইচা বেছিকৈ অৰ্জাৰ কাৰণে চিন্তা কৰিবলৈ বাধ্য হ'ল তেনেকৈ ললিতাৰ উপদেশ পৰামৰ্শ ও পকি আহিবলৈ ধৰিলে। সেইবাবেই বৰ জীয়ৰী প্ৰীতিয়ে বৰ বেছি প্ৰাচুৰ্য্যও নাপালে, আব্দাৰ কৰাৰ সুবিধাও নাপালে। তদুপৰি তাইৰ বিয়াও হৈছিল কম বয়সতে। কিন্তু মণ আৰ, মইনাৰুণে মনত পৰাৰে পৰা বিলাস আব্দ প্ৰাচুৰ্যক উপভোগ কৰি আহিছে, আৰু, দেউতাকৰ চাকৰিটোৰ যে বৰ বেছি দাম নাই, সেইটোও নবজাকৈ থকা নাই। সিহতৰ দিনতে ভাড়াঘৰটো হৈ উঠিছে, মাত্র আঠহাজাৰ টকাৰ ঋণেৰে যে সেইটো ছোৱা নাই, সেইটো সিছ'তে মাক-দেউতাকৰ কথা-বতৰাৰ পৰা প্ৰকাৰান্তৰে বুজি আহিছে। কিন্তু মাজতে হৃদয়নাথ অফিচৰ কিবা হিচাপৰ গোলমালত চাচপেণ্ড হৈ পৰাত আৰু, ভাড়াঘৰটোও ইয়ানদিকে চলাই অহাৰ পাচত কোনোবা হিংসাকুৰীয়া লগৰীয়াৰ কথামতে মিউনিচিপেলিটিয়ে হঠাৎ নতুনকৈ এচেছ কৰাত ভালকৈরে এটা জোব্বৰ খাব লগা হ'ল। মন্দ আৰু মইনাই অৱশ্যে বিশেষ একো বদৰে অভাৱৰোধ নকৰিলে। মাক-দেউতাকে সিহতক অভাৱ বোধ কৰিবলৈ কেতিরাও নিদিলে। তেওঁলোকে গোটেইটো ধৰ্মহা নিজেই মূৰ পাতি ল'লে। মাজৰ ছোৱাত যি চাকৰ-বাকৰ ৰাখিছিল সকলোকে বিদায় দি ললিতাই আকৌ নিজেই ঘৰ চম্ভালিবলৈ ল'লে। সেই ব্যৱস্থাই এতিয়ালৈকে চলি আছে। সেই ব্যৱস্থা চলি থকাটো এতিয়া বিশেষকৈ ভাল হৈছে বুলি ধাৰণা হৈছে, কাৰণ ভাড়াঘৰটো খালীয়েই, তাৰপৰা আৰ্জন নাই, তদপবি চাকৰ-বাকৰ থকা হ'লে মইনাকণৰ কেলেঙ্কাৰীটো ওলাই পৰাৰ আশঙ্কা আছিল। কিন্তু মইনাকণে আজি হঠাৎ ইমান টান কথা শুনালে কিয় ? গেছৰ জুইৰ ওপৰত চোঁ চোঁ কৰিব ধৰা কেটলীৰ পানীৰ উতল অহালৈ অপেক্ষা কবি থাকোঁতে এই প্ৰশ্নৰ উত্তৰ কোনোমতেই বিচাৰি নেপালে। অন্ততঃ মইনাকণে ইমান ডাঙৰ অভিযোগ এটা তুলিব নেলাগিছিল। মনকণৰ কথাটো বেলেগ। সি গূৰ গোসাঁই নামানে। কাম কাজ নকৰে বাৰ, নাই, কিন্তু মদতো ধৰিলেগৈ যেতিয়া তেনেই গচিল লিবই লাগিব। হৃদয়নাথৰ খং দেখি কেতিয়াবা ল'বাক ললিতাই বহুজাবলৈ চেষ্টা কৰিলে সি ওলোটাই প্রশ্নহে কৰে। সি কয় : কাম কৰিব লাগে ? নকৰাকৈ যদি সিহতৰ ইমানটো সম্পত্তি হ'ব পাৰে, দৰমহাৰ পইচা নলখোৱাকৈ যদি সিহতৰ ইমানটো ঘৰ হ'ব পাৰে, দৰমহাৰ পইচা নগোৱাকৈ যদি সুখ ভোগ কৰিবলৈ সকলো পাব পাৰে, তেন্তে সি কি যুক্তিত কাম কৰিবলৈ যাব ? আন এটা নিবনূৱা মানুহৰ ভাত মাৰিবলৈ ? সেইটো ল'ৰাই যদি মইনাকণৰ কথাখিনি আজি মাকক ক'লেহেতেন তেন্তে হয়তো ইমান চিন্তা কৰিব লগীয়া নহ'লহেতেন। ভাড়াঘৰটো কিন্তু ভাঙি পেলাব লাগে? তাতেই তাইৰ সৰ্বনাশ হ'ব ধৰিছিল ? কিন্তু তাৰ দ্বাৰা হৃদয়নাথৰ ভেটিখোৱা বন্ধ হোৱা আৰ, মনকণ ভাল হৈ অহাটো কেনেকৈ সম্ভৱ হ'ব পাৰে ? শশূদা চাহ একাপ বাকি ললিতাই গিৰীয়েকক দিবলৈ গ'ল। দেখিলে চকিৰ হাতোৰাত কিলাকুটি থৈ দহাতৰ আঙুলিৰে চকু দটো জপাই হৃদয়নাথ গভীৰ চিন্তাত নিমগ্ন হৈ আছে। নিস্তেজ নীলা পোহৰৰ তলত প্ৰকৃততকৈও বেছি শেতা পৰা যেন লগা মইনায়ো চকু মুদি পৰি আছে। লাহেকৈ 'চাই' বলি ললিতাই মাত দিয়াত হৃদয়নাথ উচাপ খাই উঠিল। ললিতাই চাহ কাপ তুলি দি ফচ ফচাই সুধিলে, মইনাবণকো কিবা অলপ খাবলৈ দিব নেকি ? কিন্তু হৃদয়নাথে ক'লে যে তাইৰ তন্দ্রাভাব আহিছে এতিয়া জগাব নালাগে। নিজে একাপ খাই ল'বৰ মনেৰে ললিতা পাকঘৰ পালেগৈ। ভাত খাবলৈ এডিরাও ভালেখিনি সময় আছে। গিৰীয়েকে আকৌ আজিকালি বৰ পলমকৈ ভাত শ্ৰেৱা হৈছে। ঘবিও ফৰে ৰাতিলৈ আৰ; ঘৰলৈ অহা সোনকাল হলেও "ভোক লগাই নাই, খাম বাৰ, লাহে ধীৰে" এইবিলাক কয। মানুহটোৰ কিবা এটা হৈছে। বৰ বেছি চিন্তা কৰি থকা হৈছে। ভাটীয়াৰ লগত আৰ, অলপ সাবধান হ'ব লাগিছিল হয়। ইমান হলিগলি কাৰো লগতেই ভাল নহয়। কিন্তু কোনেনো জানিছিল যে ইমান ডাঙৰ ঘটনা এটা হবগৈ বদলি। তাতে অসমীয়া মানুহ। হলি-গলি পাঞ্জাৱী ঘৰৰ লগতহে বেছি হৈছিল। একেবাবে একেখন ঘৰৰ দৰেই হৈ পৰিছিল । চৰ্দাৰ্জী আৰ, চদাৰণী, তেওঁলোকৰ ল'ৰা-ছোৱালী কেইটাই কি মনঢুণ, কি মইনাফণ কাকো খন্তেক নেদেখাকৈ থাকিব নোৱাৰিছিল। মানহে মান্ন,, হইনাহে মইনা। মইনাকণেও আণ্টি আব্দ আঙ্কোলক কম ভাল নাপাইছিল । তেওঁলোকে তাইক বলৈকে তলৈকে ফৰাবলৈ গাড়ীবে লৈ যায়। কেতিয়াবা কাপোৰ কানিও কিনি দিয়ে আপত্তি কৰিলে উবাই দিয়ে। কাপোৰব উপহাৰটো পিচলৈ এনেকুৱা নিয়মীয়া হৈ পৰিছিল যে আনকি ললিতাইও মাজে মাজে শাৰী এখন গ্ৰহণ কৰাটো একো ভাবিবলগীয়া কথা হৈ থকা নাছিল। মইনাকণে তেতিয়াই নানান নতুন নতুন পোছাকবিলাক পিন্ধিবলৈ শিখিলে। আঙ্কোল-আণ্টিৰ বহৃত কাপোৰ দিল্লীৰ পৰা পোনে পোনে আহিছিল। এইদৰে কাপোৰ পাই থকাত যে হৃদয়নাথ আব, ললিতাই মনে মনে নকাহ পাইছিল সেইটো নক'লেও হ'ব। কাৰণ ঘৰখনৰ অন্যান্য খৰচ দিনে দিনে বাঢ়ি অহাৰ লগে লগে টেক্স বাঢ়ি অহা, মাহে মাহে ঋণৰ আদায় দিয়া আদিব বাবে তেওঁলোকে সময়ত হাত ধৰিও চলিব লগা হৈছিল। অৱশ্যে সেইটো কাকো জানিবলৈ নিদিছিল। চাহকাপ বাকি লৈ মাত্র এসোহা মাৰিয়ে কাপটো নমাই থৈ ললিতাই নিজব মনতে স্বীকাৰ কৰিলে যে এই অভ্যাসটো তাৰ পিচলৈকো চলি থাকিব দিব নালাগিছিল। পাঞ্জাৱী পৰিয়ালটো গূচি যোৱাৰ পাচত এটা দক্ষিণ, ভাৰতীয় পৰিয়াল আহিল, গিৰীয়েক-বৈণীয়েক আৰু, গিৰীয়েকৰ ডেকা ভায়েক। নিস্তান স্বামী স্ত্রী হালে মইনাশক বৰ মৰম কৰিছিল, হিন্দীৰেই কথা পাতি পাতি ললিতাক দোচা আৰ; ইদলী কৰিবলৈ শিকাইছিল। বিহুৰ সময়ত হৃদয়নাথে তিনিওকে তিনিখন ভাল ফলাম গামোচা দি জা-জলপানো ওৱাত ললিতাই কিছুদিন পাচতে এখন কাঞ্জিভবম শাড়ী আৰু মইনাকণে স্থানীয় বজাবৰ হবেক ৰকমৰ কাপোৰ কানি পাইছিল, বিশেষকৈ ডেকা ভায়েক জনে বিশেষ উৎসাহেৰেই তাইক বজাৰলৈ লৈ গৈ কাপোৰ কিনি দিয়া দেখি স্কুলত লগৰ ছোৱালীয়ে জোকাই একলেখীয়া কৰি পেলাইছিল। সিমানলৈকে কোনো ভয়ৰ কাৰণ ওলোৱা নাছিল। কাৰণ মনত যিয়েই নাথাকক এই ডেকাজনে এদিনলৈকে অসৎ আচৰণ মইনাৰণৰ প্ৰতি দেখওৱা নাছিল। তথাপি সিমানতে ক্ষান্ত হোৱা হ'লে নিশ্চয় ভাল আছিল। কিয়নো তাৰ পাচত হৃদয়নাথে দুজন অসমীয়া ডেকাক এদিন ভাড়াটীয়া কৰি লৈ আহিল। দই জনেই ইঞ্জিনীয়াব, এজনে চাকবি কবে, ইজনে ঠিকা কৰে । হৃদয়নাথে অফিচতে তেওঁলোকক আৱিষ্কাৰ কৰি কিবা কামত অকল সহায় কৰি দিয়াই নহয় দক্ষিণ ভাৰতীয় পৰিয়ালটো গচি যাবলৈ ওলোৱাত তেওঁলোকক ঘৰটো দিয়েই মাতি লৈ আহিল। ডেকা ডঙ্গৱা মানহ দেখি ললিতাই প্রথমতে অলপ থেৰো-থেৰো কৰিছিল। কিন্তু হৃদয়নাথে উবাই দি ক'লে, "থোৱাহে এওঁলোক আমাবে অসমীয়া ল'ৰা, ককাই ভাইব দবে । সেইবোৰ কথা বিদেশী মানহৰ ক্ষেত্ৰতহে ভাবিব লাগে।" ইঞ্জিনীয়াৰ দজনেও "বৌ আমি ঘরবাবী, আইবোপাই এবি আপোনাৰেই আশ্ৰয় লৈছোঁহি" বলি নানান চলাহী কথাবে লেনচেলাই ললিভাক তেনেই মাহি পেলালে। কেতিয়াবা এসপ্তাহ মানব শাক-পাচলি আৰু গোটা ৰৌমাছ এটা জীপত তুলি আনি দি ক'ব, "বৌ আজি আমিও. আপোনালোকৰ লগতে খাম।" তেওঁলোকৰ আদব-সাদব, ৰং লগা কথা-বতৰা আদিত ললিতাই এটা নতুন আমোদ পালে যিটো পাঞ্জাৱী, মাদ্রাজী খাদ্য খোৱা আৰু, দৰিব নোখোজা জিভাবে হিন্দী কোবাত পোৱা নাযায় । শেষত জীপেৰে পিক্নিক, খাবলৈ যোৱা আব্দ চিনেমা চাবলৈ যোৱাটোও সহজ নৈমিত্তিক হৈ আহিবলৈ ধৰিলে। কাপোৰৰ বজাব কৰিবলৈ জীপখন হুজি লেতো ফ্ৰহভাগ পইচা ডেকা দজনেই খৰচ কৰে। ললিতাই জানে। মইনাৰণে কেতিয়াৰা টকাও ঋজি নি স্কুললৈ যাওঁতে খৰচ কৰিছিল। তেওঁ পাচত গম পাইছিল যে হৃদয়নাথে কিবা এটা দৰকাৰত তেওঁলোকৰ পৰা ভালেখিনি টকা লৈ থোৱা কাৰণেহে আচলতে ঘৰটোৰ লোভ তেওঁলোকক দেখাৱাব লগা হৈছিল। চোঁচা হৈ অহা শেষৰ চাহৰণ খাই কাপটো শেষবাৰলৈ নমাই ওঁতে ললিতাৰ মনলৈ আহিল যে আচৰিত ধৰণে এই সকলোবোৰৰ পৰা মনকণ একপ্ৰকাৰ আঁতৰি আছিল। পাঞ্জাৱী, মাদ্রাজী, অসমীয়া যি কোনো ভাড়াটীয়াৰে নহওক, মৰম-চেনেহ সি অভদ্রতা কবি প্রত্যাখান কৰা নাছিল। দই-এটা সৰু-সৰা উপহাৰো সি গ্ৰহণ নকৰাকৈ থকা নাছিল। কিন্তু কোনো ভাড়াটীয়াৰ লগতে মনকণে হিয়া উৰিয়াই দি হলি-গলি কৰা নাছিল। কঁপি উঠা বকুৰে ললিতাই মনত পেলালে যে মনঢুকণে প্রত্যেকযোবা ভাড়াটীয়াকে বেয়া মানহ বলি গণ্য কৰি আহিছে। ল'ৰাটোৰ কাণ্ডবোৰ ঘবখনৰ কাৰো লগত কেতিয়াও নিমিলে। যি অবাটে গৈছে, মদত ধৰিছে, সেই কারণে দেউতাকে তাক মবিয়াইছে আব্দ সিও মাৰ খাই উভতি ধৰি দেউতাকঁক গালি পাৰিছে। তথাপি যেন সিহে শুদ্ধ, বাকী সকলোৰে ভুল হৈ আহিছে ; মইনাকণৰ আজিৰ অৱস্থা আৰু তাইৰ আচৰিত ধৰণৰ অভিযোগঢৌৱে ললিতাক তাকেই উপলব্ধি কৰাব খুজিলে। ফ্লক পিন্ধি থকা সৰু ছোৱালী হ'লেও মইনাকণ উঠন বয়সৰ । তাইৰ অনিষ্ট সকলো চিন মাকে যেতিয়া দেখিবলৈ পালে, তেতিয়া সেই ডেকা দুজনে নানান অজুহাতত ভাড়াঘৰটো এৰি গুচি গ'ল। হৃদয়নাথ বা ললিতাই বাধা দিব নোৱাৰিলে, হৈ-চৈ নলগালে, পলিচত খবৰ নিদিলে। পাকঘৰৰ পৰা ওলাই আহিব খুজি ললিতাই লাইট নামাবলৈ চুইচত হাত দিওঁতে দেখিবলৈ পালে খোজৰ কোনো শব্দ নকৰাকৈ চিকাৰী বাঘৰ দৰে আহি হৃদয়নাথ দুৱাৰখ পাইছেহি। তেওঁৰ চকুৱে-মথে চিন্তাৰ চাপ। অলপতে বিতত হৈ পৰা এই মানহটোক ললিতাই খুব ভালদৰে জানে। বহৃত ঋদ্ধিকৌশল খটুৱাই তেওঁ এই মান্দহটো চলাই আনিছে; কিন্তু এই সৰল মানহঢোক তেওঁ ভয়ো কৰে অসম্ভব। দয়ো দয়োলৈকে চাই একেথৰে থিয় হৈ ৰ'ল। হৃদয়নাথে গম্ভীৰভাৱে সুধিলে, "ভাড়াঘৰটো ভঙাই পেলাওঁ নেকি ?" ললিতাই চকু নমাই ললে। তেনেহ'লে তাই দেউতাককো অভিযোগটোৰ কথা কৈছে ? কিন্তু তেওঁ নৰেজাৰ ভাও ধৰি ওলোটাই প্রশ্ন কৰিলে, "ভাড়াঘৰটোৰ কি জগব লাগিল ? সেইটো ভাঙি পেলালেই হোৱাটো নোহোৱা হৈ -যাবনে ?" হরনাথে সুধিলে, "ভাড়াঘৰটো নোহোৱা হ'লে আমাৰ নহ'লকেৰেয়া হে'তেননে ? আমি যদি ল'ৰা-ছোৱালীক হেৰুৱালোঁ তেনেহ'লে ঘৰটো বা ভাড়াঘৰটো কেলৈ ? মই যদি কওঁ - এই ভাড়াঘৰটোৰ কাৰণেই আমি আজি ল'ৰা-ছোৱালীক হেৰুৱাবলৈ ওলাইছোঁ, তেন্তে কি কৰিব লাগিব তুমিয়ে কোৱাচোন।" ললিতাই জানে এইটো প্রশ্ন হৃদয়নাথৰ নিজৰ নহয়। তথাপি এইটো এটা ডাঙৰ প্রশ্ন। তাতকৈও ডাঙৰ কথা এয়ে যে ইয়াৰ উত্তৰ ললিতায়ো দিব নোৱাৰে। জীয়েকৰ অভিযোগ উঠাৰ ক্ষণ ধবি তেওঁ ইয়াৰে এটা উত্তৰ উলিয়াবৰ কাৰণে আপ্রাণ চেষ্টা কৰি আছে। কিন্তু পৰা নাই। তেওঁ চুইচটো অফ কৰি দি গিৰীয়েকক পাচফাললৈ ঠেলি ঠেলি ক'লে, "বাৰ, ব'লক, সেইবোৰ লাহে লাহে চিন্তা কৰা যাব। তাইক অকলশৰে এৰি থৈ অহাটো ঠিক হোৱা নাই ।" "আমাৰ পদোশ্বৰৰ ডাঙৰ ছোৱালী মিনৰ বিয়া। তালৈ গধূলিপৰত আমাৰ চাৰ অহাটো একো আচৰিত কথা নহয় । কিন্তু বৰ ডাঙৰ কথা । আমাৰ চাৰ পদেড়শ্বৰৰ নিচিনা আমাৰ চামৰ উপবি আগর-পিচৰ বহুতৰে শিক্ষক বাবে তেখেত সার্বজনীন চাৰ হৈ উঠিছে । তেখেতে এতিয়া অৱসব লৈছে । কিন্তু সেই ডেকা দিনৰ মানসিক সৰলতা তেখেতে এতিয়াও হেৰুওৱা নাই। আওপৰণি চাইকেলখন লৈ এতিয়াও চহৰখনত ঘূৰি কৰে। আমি নিজৰ ভিতৰত তেখেতৰ ধৰণীধৰ বৰুৱা নামটো ব্যৱহাৰ নকৰোঁৱেই। আমাৰ চার বলিলেই আমি বজোঁ । পদোশ্বৰৰ ঘৰৰ সমূখত পতা ৰভাতলিত আমার চাব যেতিয়া উপস্থিত হ'লহি তেতিয়া আমি কেউটাই উৰি যোৱাদি গৈ তেখেতক আগবঢ়াই আনিলোঁগৈ। মই চাইকেলখন ধৰি একাষে থ'লোঁ। হেমন্তই হাত দখন মোহাৰি মোহাবি বহা ঠাইলৈ আগবঢ়াই নিলে। নগেনে লৰ মাৰি গৈ ডাঙৰ কাঠব চকি এখন হাতেৰে মোহাৰি মোহাবি চিঞৰিলে, "আহক চাৰ, ইয়ালৈ চাব !" চাবেও আমাৰ সম্ভাষণ অকাতৰে গ্ৰহণ কৰাৰ দৰে "বৰ বৰ বেছি গোলমাল নকবিবি" বদলি কৈ কৈ গৈ নগেনে নির্দিষ্ট কৰি দিয়া চকিখনত গাটো পেলাই দিলে। টেঙৰ হাজবাই ক'ৰবাৰ পৰা বিচনী এখন বিচাৰি আনি পাচ ফালৰ পৰা চাৰক বিচিবলৈ ধৰিলে। চাৰে তালৈ উভতি চাই ক'লে, "অ' তই মনোৰঞ্জন। ভালেই কৰিছ দে, বৰ গৰম লাগি আহিছে। এই ফেনখন চলা নাই কিয়?" আমি জনালোঁ যে কাৰেণ্ট দিয়া নাই। হাজৰাই প্ৰশংসাটো পোৱা কাবণে আমি অলপ ক্ষোভেৰে তাৰ ফালে চালোঁ। আমাৰ মনৰ অৱস্থা বুজিব পাৰি সি মিচিক কৰে হাঁহি ক'লে, "চাঞ্চটো ল'লোঁ, বেয়া নেপাবি।" ভাবি-চিত্তি দম্বি খটাই চলি অহা বাবে মনোৰঞ্জন হাজৰাক আমি ইষাৰ চকুৰে চাই প্ৰায়েই "নোমটেঙৰ বঙালী" বুলি জাতিত ধৰি গালি পাৰিছিলোঁ। কিন্তু তাকো মৰমতেহে আমাৰ ফাইলটো এদিনলৈকে এৰা-এৰি হোৱা নাছিল। চাৰক বেৰি-কুবি আমি নানান প্ৰশ্ন কৰিবলৈ ধৰিলোঁ। চাৰেও আমার চা আমাৰ সকলোৰে থা-খবৰ ল'বলৈ ধৰিলে। কোৱা বাহুল্য আমার প্রশ্নবোৰ প্রায়েই চাবক জোকাবৰ কাৰণে কৰা। আমি যেন এতিয়াও সেই তাহানিৰ স্কুলীয়া দণ্ট ল'বাকিটাই হৈ আছোঁ। তেতিয়াও চাবক দিগদাব কৰিছিলোঁ, এতিয়াও খেজেলিয়াবলৈ এবা নাই। চাবেও তেতিয়াৰ দৰেই দাবি-ধমক দি আমার কথার উত্তর দিলে, যেন এতিয়াও আমি তেখেতৰ ভয়ত থৰহৰি কম্পমান দষ্ট ল'বা কিটাই হৈ আছোঁ। অবশ্যে এতিয়া ভয় নকৰিলেও আমি ভয় কৰাৰ অভিনয় কৰিছোঁ। মজা সেইখিনিতে । যেনে আমি ক'লোঁ, "চাবে আব, এই বয়সত চাইকেলত উঠি নফৰাই "কিয় নঠিম অ' ! কিয় নঠিম ?" এনে জোবত চাৰ গবজি উঠিল যে আমি আধা-আধি ভয়তে চিটিকি উফৰি পৰিলোঁ। হাজবাই কোনোমতে খোপনি পতি জোৰে জোৰে বিচনী মানি, কিন্তু মখত দুষ্টালিব হাঁহি লৈ ক'লে, "নহয় চাব, আজিকালি গাড়ী-মটৰ বেছি হৈছে। চাইকেল চলোৱা টান হৈ পৰিছে । কেনেবাকৈ পৰি গ'লেও এই বয়সত আপনি বব কষ্ট পাব। চাবে সমান উম্মাবে সমিধান দিলে, "৭৫ বছৰ হ'লহি, শিকোঁতে পবাব বাহিবে এদিনো চাইকেলবপবা পৰা নাই, এতিয়া কিয় পৰিম? হোঃ তহ'তে ক'লেই হ'ল ! আব্দ মটবে চেপিলে তহ'তে খবখেদাকৈ শ্মশানলৈ লৈ ষাবি, ঘৰত খবব নিদিবি।" আমি কেউটাই প্রতিবাদ কবি উঠিলোঁ, "ছিঃ চাব, কিয় তেনেকৈ কয় ? আপোনাক কোনখন মটবে চেপে আমি চাম নহয় । এসময়ৰ পালোৱান হেমন্তই বহুকু ফিদাই ক'লে, "তাব মটৰ গড়া কৰি দিম চাৰ।" 'তাব' মানে চাৰৰ অজাতশত্র, মটর চালক। চাবে হো-হো কবে হাঁহি আমাক আশ্বাস দিলে, "বাব, বাব, যা তহ'তে চিন্তা কবিব নেলাগে। মই মটৰব চেপাত নমবোঁ। তহঃতক গালি পাৰিবলৈ আব, কিছুদিন জীয়াই থাকিম।" গালি পৰা কথাটোৰ অর্থ আছে। আমাৰ চাৰৰ সমান খঙাল মাষ্টব আমি আমাৰ জীৱনত দেখাই নাই। ডেকা বয়সত এছিষ্টেন্ট হৈডমাষ্টব হৈ থাকোঁতেই আমি চাৰক প্রথমে পাইছিলোঁ। ডিচিলিন ৰক্ষা কৰিবৰ কাবণে স্কুলত ক'ত যে নিয়ম নলিয়ালে, কিমান যে সৌকা নেভাঙিলে, কিমান যে. ডিটেইন নকৰিলে। এইবিলাক বিষয়ত চাৰে হেডমাষ্ট্ৰৰ হাকবচন প্ৰায়েই নহনিছিল। নিজে হেডমাষ্টৰ হোৱাৰ পাচততো কথাই নাই । চাৰ স্কুলখনৰ কাৰণে আতঙ্ক স্বৰূপ হৈ উঠিছিল। কোনো ল'ৰাই বাৰান্দাত থিয় দি থাকিব নোৱাৰে । পলমকৈ আহিলেতো ছাত্র হওক, শিক্ষক হওক কোনেও স্কুলত সোমাব নোৱাৰে ; ফাইনেল বেল পৰাৰ লগে লগে ছটীৰ ঘণ্টা নপৰালৈকে ধনীবাম চকিদাবে প্রকাণ্ড তলাটো লগাই থয়। মলিয়ন কাপোৰ পিন্ধি আহিলে, হোমৱৰ্ক কৰি নানিলে, কাৰোবাৰ গাত অজ্ঞাতে চিঞাহি পেলালে, লগৰ ল'বাৰ লগত কাঁজিয়া কৰিলে; পৰীক্ষাত চুৰ কৰিলে, অফিচলৈ মতাই নি একোজনকৈ বেতব কোব খাবই লাগিব। তথাপি যে ল'বাহ'তে উৎপাত বা দষ্টোমি নকৰাকৈ আছিল এনে নহয় । এই বিষয়ত আমাৰ দলটো বা ফাইলটো আছিল আটাইতকৈ চকুত লগা। আমাৰ ভিতৰত আকৌ চদাৰ আছিল পশ্বেব। সি স্কুলত থকা কালত চাৰক কম আহকাল দিয়া নাছিল। তেতিয়া নিশ্চয় চাবব শাস্তি আব, নিয়মবোৰ আমি ভাল পোৱা নাছিলোঁ। কিন্তু আজি সাংসাৰিক অভিজ্ঞতা হোৱাত, নিজবো ল'ৰা-ছোৱালী স্কুললৈ যোৱাত ভাবি-চিন্তি দেখিছোঁ, চাবে একো বেয়া কাম কৰা নাছিল। অন্যায় কামতো তেখেতে এটাও কৰা নাছিল। আমি মনত পেলাই চাইছোঁ, আমাব কোনো এজন অভিভাৱকেই চাব কামবোবত এবাবলৈকো আপত্তি বা প্রতিবাদ কৰা নাছিল। মানহ বা শিক্ষক হিচাপে চাৰক আমিও কোনো দিনে বেয়া পোৱা নাছিলোঁ কাৰণ পঢ়া নোৱাৰিলে গালি পাবিছিল বা কাণচেপা দিছিল যদিও চাৰে মবম আব, সহানদভূতিৰে বাবে বাবে বহুজাই দিবলৈ কেতিয়াও বেয়া নেপাইছিল। আমার বেচক নাইনব পৰাই দেওবাৰে দেওবাৰে ঘবলৈ মাতি নি অঙ্ক আব, ইংরাজী শিকাইছিল। মোৰ মনত আছে, এদিন গধূলি চাবে দেউতাক কিবা কাৰণত বিচাবি আমাৰ ঘবলৈ গৈছিল। মই তেতিয়া পঢ়াৰ টেবলত। "চাওঁ কি পঢ়িছ" বুলি তেখেতে মোৰ ওচবতে বহিল। ইংৰাজী গ্রামাৰ অলপ ধবি, "ডেফোডিল" কবিতাটো আকৌ এবাৰ বজাই দি মই নোৱাৰা অঙ্ক এটা কৰিবলৈ ধৰিলে। কিন্তু, উত্তৰ নোলায়হে নোলায় । সেইটো কৰি দিওঁতে পাতোতে, কৰোঁতে বা কিতাপৰ উত্তৰতে কিবা ভুল আছে নেকি কেউ দিশৰ পৰা চাওঁতে চাওঁতে ইমান পলম হৈ গ'ল যে শেষত মা আব্ব, দেউতায়ো উচপিচাই আলেঙে আলেঙে আহি চাই যাবলৈ ধৰিলে। মাৰ চিন্তা মোব ভোক লাগিব পাৰে, দেউতাৰ চিন্তা তেওঁ নিজে খাবলৈ পোৱা নাই। শেষত যেনিবা অঙ্কটো কবি দি চাৰ গ'লগৈ কাকো মাত নলগোৱাকৈয়ে। অকল মোব বদলি নহয়, পঢ়া-শুনাৰ বিষয়ত সকলোবে কাৰণে চাৰব একে চিন্তা। এনে এজন মানুহক কোনে বেয়া বদলিব ? কোনোবা সব, ল'বা এটাই তামোলৰ বটাটো আনি চাবৰ সমূখত ধবিলৌহ। আমি তেতিয়াও চাবক লৈয়েই ব্যস্ত হৈ আছোঁ। মাজে মাজে বিয়ালৈ অহা মানহকো সোধ-পোচ কৰিছোঁ। পদ্মেশ্বব তেতিয়াও ওলাই আহিব পৰা নাই। তামোল চাবব বব প্রিয়। বটাটো কোচত লৈ দুখনমান তামোল একেলগে ভবাই জেপব পবা নিজব টেমাটো উলিয়াই তাৰ পৰা অসমীয়া ধপাত অকণমান লৈ বব আয়মেবে খাবলৈ ধৰিলে। ধপাত আমাকো দিছিল, পিচে আমি এটায়ো নাখাওঁ। চাবে মন্তব্য কবিলে, "ধপাতেই যদি নেখালি তেন্তে কিহব তামোল খাব ?" আমাৰ অনন্মানত চাবব তামোলখনত পাগ উঠোঁতেই হেমস্তই ভিতৰৰ পৰা আহি ক'লে, "চাবে জলপান খাই ল'লেই ভাল আছিল নেকি ?" "কেলেই খাম অ' এতিয়া :" চাব গবজি উঠিল : "এনে সন্দব তামোলখন নষ্ট কবি খাওঁ এতিয়া তোৰ জলপানটো ; নাখাওঁ যা - নিদিলেও নিদিবি।" মই কৃত্রিম ধমকব সবত হেমন্তক ক'লোঁ, "তোবনো কি এনে সময় নোহোৱা হৈছে যে চাবে এতিয়া আজবি কবি দিলেহে হয় ? যা চাবৰ যেতিয়াই মন যাব তেতিয়াই খাব ।" চাবে মোৰ ফালে চাই ক'লে, "অ' চাচোন চা, ইয়াব কাণ্ডটো চা। ই হেমন্ত এটা - এটা - এটা গাধা।" মূৰ খজুৱাই খজুৱাই হেমন্তই ক'লে, "হয় চাৰ। আগতে কেৱল বোজা কঢ়িয়াইছিলোঁ। এতিয়া মানহো কঢ়িয়াওঁ। মই ৰেলত কাম কৰোঁ।" চাৰে আকৌ এবাৰ হো-হো কবে হাঁহি হেমন্তৰ গাত চপৰিয়াই ক'লে, "নহয় যা। তোৰ বুদ্ধি এতিয়া খলি গৈছে। আগতে পাওঁতে শিলব মাজত লকাই থকা সোণব চেকুৰা আছিল।" হেমন্তই ক'লে, "হয় চাব।" চাবে পদ্মোশ্বৰৰ খবৰ লৈ আছিল। সি কিবা পূজাৰ কামত ব্যস্ত হৈ আছিল। মাতি দিম বুলি কৈছিলোঁ। চাৰে "নেলাগে, তাক কামখিনি শেষ কৰি ল'বলৈ দে" বদলি ক'লে। বিয়ালৈ অহা মানুহবো ভালেমানে চাৰৰ ওচৰলৈ আহি খা-খবৰ ল'লে । প্রায় সকলোৱে চিনি,পায় । যি নেপায় তেওঁলোকে পরিচয় লৈ শ্ৰদ্ধা জনাই গ'ল। চাব যে জনাজাত মানুহ এই বিষয়ে কোনো সন্দেহ নাই। চাবে বক্তৃতা দিয়াৰ দৰে অনর্গল কথা কৈয়ে আছে। তাতে আমিও নানান কথা কৈ জোকাই আছোঁ। আমাৰ কথাত কৃত্রিম থং দেখৱাই উষ্মা প্ৰকাশ কৰি চাৰে ডাঙৰকৈ কথা কৈ আছে। আমাৰ মাজত যে এটা মধবে সম্পর্ক আছে সেইটো সকলোৱে বুজিছে। বহুতেই অদবকাবতো বহি বহৃত বহৃত পৰলৈ আমার আমোদত নীৰৱে ভাগ লৈছে। অৱশেষত পদ্মেশ্বৰ ওলাই আহিল । সি গম পাইছিল যে চাৰ আহিছে। কিন্তু, কাম পেলাই আহিব পৰা নাছিল। যেতিয়াই আজবি পালে তেতিয়াই চাৰক বিচাবি বাহিবব ৰভাতল পালেহি। আহিয়েই সি 'চাব' বদলি হাউলি চাৰব ভবিত ধবি টপ কবে সেৱা কবিলে ! চাব কথাত মচগুল হৈ আছিল। পদ্মেশ্বৰ যে আহিছে ক'বই নোৱাবে। সি সেৱা কৰোঁতেহে চক খাই উঠাব দৰে "হেঃ :" বুলি কৈ পম্মোশ্ববক লক্ষ্য কৰিলে। "এইয়া পদ্মেশ্বৰ !" চাবে কৈ উঠিল : "অথনিব পৰা বহি আছোঁ, তোব দেখা-দেখিয়েই নাই।" অপবাধবোধত হাত দখন মোহাবি মোহাবি পদ্মেশ্বৰে ক'লে, "বব লেঠা এটাত পৰি আছিলোঁ চাব, পৰোহিতে উঠি আহিবই নিদিয়ে । আপনিতো জানেই।" তাৰ কথা শেষ নৌহওঁতেই চাবে ক'লে, "জানিছোঁ, জানিছোঁ অ', মই খবৰ লৈ আছোঁ। ইহ'তে মাজতে মাতি দিবই খুজিছিল, মইহে মানা কৰিলোঁ।" এসময়ৰ স্কুলৰ দুৰ্দ্ধৰ্ষ ল'ৰা পদ্মেশ্বৰ আৰু, আজিব কন্যাদায়গ্রস্ত পিতৃ পদ্মেশ্ববক চাবব সম্মূখত আমি মনতে বিজাই চালোঁ। স্কুলৰ স্বাস্থ্যৱান ছটফটীয়া ছাত্র পদ্মেশ্বৰে ছাত্ৰজীৱনত উৎপাতেই কবি গ'ল । আজি মেদবহুল, পেটুৱা, চুলিত পথবা পদ্মেশ্বৰে শব্দা ভৰিবে, চুৰিয়াৰ ওপৰত চেলেং কাপোৰ এখন পেলাই লৈ গহীন গম্ভীব হৈ চাৰৰ সমূখত সম্ৰমেৰে থিয় দিছেহি । সি আকৌ বিনয়েৰে ক'লে, "আপনি অহাত বব ভাল পালোঁ চাৰ।" চাবে আকৌ তাব কথাব ওপৰতে ক'লে, "এঃ ষা তই একো ভাল পোৱা নাই। ছোৱালীব বাপেকী হ'লিহি, চাবে এতিয়াও গালি পাবে, এতিয়াও দোষ ধৰে বলি মই নহা হ'লেই ভাল পালিহেতেন।" পদ্মেশ্ববে প্রতিবাদ কৰিলে, "নহয় চাৰ, কেলৈ হ'ব, মই তেনেকৈ কেলৈ...." মই মাজতে ক'লোঁ, "হয় চাব, ই পশ্মেশ্বৰ একো পৰিৱৰ্তন হোৱা নাই।" চাবে হো-হো কবে হাঁহি ক'লে, "অ" এতিয়া ? এতিয়া ক কি কৱ ? বাৰু, যা যা তই ভাল নোপোৱা হ'লেও মই তোৰ ছোৱালীৰ বিয়ালৈ আহিলোঁহেতেন। মাতিছ যেতিয়া, মনত পেলাইছ যেতিয়া নিশ্চয় আহিম। এতিয়া জলপানৰ দিহাটো কবি দেচোন, ইহতঁতে এটায়ো মোক খাওৱাৰ কথা ভবা নাই ।" আমি সকলোবে এই মিছা অভিযোগব প্রতিবাদ কৰিলোঁ। এটা হৈ-চৈ লাগিল। নগেন আব্, হেমন্ত দৌৰি ভিতবব পিনে গ'ল । উঠিব খোজা চাৰক পদ্মেশ্ববে এনেয়ে সহায় কবিলে। সি হুকুম দিলে, "এই, চাবক ভিতৰত বেলেগ জাগাত টেবল ঠিক কবি দে।" তাতো চাবব আপত্তি : ক'লে, "বেলেগ জাগাত কেলৈ খাম অ' : পৰা আঁতবাই ইস্পেচিয়েলাঁ খুৱাই মোক বহুৱা তুলিব খুজিছ? ই-স। তহ'তব স'চাই কোনো পরিবর্তন হোবা নাই । মোক কেনেকৈ দিগদাৰী কৰিব পাব তার চিন্তাতে থাক।" হাজৰাই মাত লগালে, "ইহ তব অলপো কাণ্ডজ্ঞান নাই। ইম্পেচিয়েল টেবল কবি চাবক বদনাম এটা দে আব্দ।" চাবে হাজৰাৰ ফালে চাই ক'লে, "অ' কাণ্ডজ্ঞানটো তোবেই যি অলপ আছে। চাকৰি নকৰি দেউতাবৰ ঘড়ীৰ দোকানখনতে লাগি ভাল উন্নতি কৰিছ। বাকী কেইটাইতো পাছ কৰিয়েই চাকৰিব পাচে পাচে গৈ বৰ ডাঙৰ মানুহ হ'ল।" অভাৱ বিশেষ নেথাকিলেও আমি কেউটা সামান্য সামান্য চাকৰিয়াল। চাৰে আন আন মানুহৰ লগতে জলপান খালে। আমি কেউটাই তেখেতৰ তদাৰক কবিলোঁ। পদ্মেশ্ববো উপস্থিত থাকিল। ইটোৰ পিচত সিটোকৈ বস্তু, দিবলৈ চেষ্টা কৰি নগেন আৰু, হেমন্তই আকৌ চাৰক ব্যতিব্যস্ত কৰিলে। হাজবাই বিচনী মাৰিয়েই থাকিল। চাবে খালে সামান্য, পাতত কিবা দিব খাজিলেই কয়, "অ'ই মিছাই দিগদাৰী নকৰিবি ?" চাৰে স্কুলত আমাৰ পৰা কম "দিগদাৰী' পোৱা নাছিল। খঙত উগ্রমূর্তি ধৰি আমাক চাবে প্ৰায়েই ক'ব লগা হৈছিল, "তহ'তেনো মোক কিমান দিগদাৰী কৰ হোঁ? হাত পাত।" পদ্মেশ্ববৰ নেতৃত্বত আমি বহৃত উৎপাতেই স্কুলত কৰিছিলোঁ। এবাব মেটিনি চাবলৈ পলাইছিলোঁ। লেজাৰত ওলাই গৈ একে কোবেই চিনেমা হল পালোঁগৈ। বদ্ধি আব্দ প্ৰস্তাৱ আছিল পদ্মেশ্বৰব। হাজৰা ঘৰলৈ গৈছিল কারণে তাক এবি গৈছিলোঁ। আমি কেউটা একেখন বেঞ্চতে বহোঁ। পদ্মেশ্ববে ক্লাছৰ কেইটামান ল'বাক আন বেঞ্চৰ পৰা আহি আমাৰ বেঞ্চত বহি থাকিবলৈ বদৱন্ত কৰি আহিছিল। নহ'লে চাবব চকুত খালী বেঞ্চখন নপবাকৈ থকা টান। কিন্তু তথাপি ধবা পৰিব লগা হ'ল। চিনেমা হলত হাজবায়ো আমাক লগ ধৰিলেগৈ । স্কুলত আমাক বিচাবি নেপাই বেল পবাৰ আগে আগে সিও ওলাই আহিল । পদ্মেশ্ববে খঙত ক'লে, "তই থাকিলে ধৰা নপৰিম বলি ভাবিছিলোঁ। এতিয়া সিহতকিটা আমার বেঞ্চত বহে নে নবহে কোনে জানে?" হাজবাই উত্তৰ দিলে, "চাবে ধবি সুধিলে মই কি জবাব দিম ? তাতকৈ একেলগে মবাই ভাল।" পিচদিনা প্রথম ঘণ্টাতে আমার ডাক পবিল। কেনেকৈ চাৰে জানিলে আমি আজিও ক'ব নোৱাৰোঁ। বোধকবো আমাৰ ফাইলটো স্কুলত অনুপস্থিত থকাটো লকুৱাব পৰা কথাই নহয় ! আমি প্রত্যেকেই প্রতি হাতত ছটাকৈ চাব পূর্ণহতীয়া কোব খালোঁ। তাব পিচত গোটেই দিনটো বেঞ্চব ওপৰত থিয় হৈ থাকিলোঁ ! তদুপরি ঘবলৈকো বিপ'ৰ্ট যোৱাত গধূলি আকৌ গালি। বেজাবতে দ'দিনমান আমি স্কুললৈ নোযোৱাকৈ থাকিলোঁ। স্কুললৈ অহাৰ দৰে ঘৰব পৰা আহি ক'বৰাত থাকোঁগৈ। যেতিয়া আকৌ স্কুললৈ গ'লোঁ - নগ'লে নিস্তাৰ নাই বলিও জানিছিলোঁ - তেতিয়া চাবে আমাৰ ক্লাছত সোমাই চিধাই সুধিলে, "ক'লৈ যোৱা হৈছিল মহাপবষসকলব?" আমি ভয়তে তলমবেকৈ থিয় হৈ থাকিলোঁ। ক্লাছটো নিস্তব্ধ। চাবে আকৌ সুধিলে। এইবাৰ পদ্মেশ্বৰে উত্তৰ দিলে, "হাতত বিষ উঠি আছিল। স্কুলত একো কাম কৰিব নোৱাবিম বলি অহা নাছিলোঁ।" সেই অৱস্থাতো আমাৰ হাঁহি উঠি যাব খুজিছিল। কথমপিহে নহহাঁকৈ থাকিলোঁ। আচৰিত কথা, চাবে আৰ, বিশেষ একো শাস্তি নিদিলে। মাত্ৰ ক'লে, "বিষবোৰ ভালকৈ ভাল কৰি লোৱাহ'ক। আকৌ বিষোৱাৰ লাগিব। আজি স্কুল ছটীৰ পিচত এঘণ্টা থাকি কেউজনে ট্রেন্সলেচনব কাম কবিব লাগিব।" উল্লেখযোগ্য যে ডিটেইন হৈ থকা সময়খিনিত কোনো শান্তিব পৰিৱৰ্তে - চাৰে পৰম আন্তৰিকতাবেই আমাক ট্রেন্সলেচন শিকাইছিল। আন এবাব বছৰেকীয়া পৰীক্ষাত পণেশ্বৰে হলৰ ভিতৰতে বিকট শব্দ কৰা ফটকা. এটা ফটাই দি হলস্থলৰ সৃষ্টি করে। পরীক্ষা পিচুৱাই দিবলৈ সকলো ল'ৰাই হেডমাষ্টবক ধৰিছিল। চাবে বেত লৈ আমাক আটাইকে গব, খেদা দিলে। পরীক্ষা পিচুওৱা আন্দোলনৰ নেতা আছিল পদ্মেশ্বৰ। কিন্তু, আচলতে ফটকাটো কোনে ফটুৱালে কোনেও ঠিক ধৰিব নোৱাৰিলে। শব্দ উঠাৰ লগে লগে সকলোটি ফবিং ছিটিকা দিলে। প্রশ্ন বিলোৱা হৈছিলেই। সেই বাবে এবেলাব পরীক্ষা বাতিল হৈ গ'ল। সকলোৰে চকু গ'ল পদ্মেশ্ববলৈ। বহুতে তাৰ নামো ক'লে । কিন্তু চাবে একো প্রমাণ উলিয়াব নোৱাৰিলে। সিও সৈ নেকাঢ়িলে। ফলত সি শাস্তি পাব লগা নহ'ল । এনেকুরা উদাহরণ বহৃত দিব পাবি। চাবে ডিচিপ্লিন ৰক্ষা কৰিবলৈ যিমানেই কঠোৰ ব্যৱস্থা অৱলম্বন কবে সিমানেই পক্ষেশ্ববে চেষ্টা কবে সেইবোব ভঙ্গ কৰিবলৈ। ক'তবাব চাৰে তাক স্কুলব পৰা বাহিৰ কবি দিম বদলি কৈছে, কিন্তু চাব নিচিনা খঙাল মানদহজনেও সিমান ডাঙব শাস্তি শেষত দিব নোৱাৰিছিল। কারণ দুষ্টালিব লগে লগে পদ্মেশ্ববব বহৃত গণো আছিল। সি আছিল স্কুল টিমব বেষ্ট ফন্টেবলাৰ, টুর্ণামেন্টতো দই এটা পবেষ্কাৰ সি বছৰি আনিবই। এবাৰ এজন নতুন অভিভাৱকে পতেকক বেতোৱা বাবে চাৰক বব অপমান কৰিলে; চাৰে মানহজনক বাহিৰ কবি দিলে; কিন্তু "আমাৰ চাবক এনেকুৱা কবে" বলি পদ্মেশ্বৰে ভদ্রলোকৰ জীৱন এনেধৰণে দুৰ্ব্বহ কবি তুলিলে যে শেহত চাবেই গৈ তাক বিবত কৰিব লগা হ'লগৈ। আনহাতে পাছ কৰিব পৰাকৈ যথেষ্ট বুদ্ধি বৃত্তি থকা বাবেও পদ্মেশ্বৰক শিক্ষকসকলে মৰম কৰিছিল। জলপান খোৱাৰ পিচত আমি চাবক ভিতৰলৈ লৈ গ'লোঁ। তেখেতে নিজেও কইনা চাব জিলে। পদ্মেশ্ববে ক'লে, "হয় চাৰ, মিতুক আপনি আশীর্ব্বাদ কৰি যাবই লাগিব।" তেতিয়া ভিতব পিনে মানুহব বেছ সমাগম হৈছিল। কাৰণ ৰাতিও হৈ আহিছিল। আমি চাৰিওপিনে চকু দিব লগা হৈছিল। তথাপি এটায়ো আমি চাৰৰ লগ নেৰিলোঁ। চাৰক ভিতৰপিনে বাৰান্দাত বহুৱাই দিলোঁ। পদ্মেশ্বৰে পাট কাপোৰ পিন্ধা কইনা মিনক ভিতৰৰ পৰা লৈ আহিলগৈ । পথিৱীৰ অধ দেখিবলৈ তাই ইমান যে ধনীরা হৈছিল। চাৰ থিয় হ'ল। পদ্মেশ্বৰে জীয়েকক ক'লে, "মা চাৰক সেৱা কৰ।" তাই আঠ, কাঢ়ি চাৰক সেৱা কৰিলে। . চাৰে তাইক তুলি ধৰিলে। পদ্মেশ্বৰে ক'লে, "তাই একো নেজানে চাৰ । নিচেই সৰ হৈ আছে। চাৰে হঠাৎ জেপৰ পৰা নতুন সোণৰ আঙঠি এটা উলিয়াই মিনক পিন্ধাই পিন্ধাই ক'লে, "মাক-বাপেকৰ মানত ল'ৰা-ছোৱালী সদায়েই সৰু, হৈ থাকে অ'। মই জানোঁ তহু'তক তাহানিখনৰ দৰেই দেখি থকা নাই ?" আমি বাকী কিটাই মগ্ধ হৈ চাই থাকিলোঁ; পদ্মেশ্ববৰ বাহিৰে আমাৰ কাৰো ডাঙৰ ছোৱালী নাই। সেইবাবে তাৰ কেনে লাগিছিল কেৱল অনুমানহে কৰিব পাৰিছিলোঁ। মনত আনন্দ লাগিছিল যদিও পদ্মেশ্বৰে বিনয় দেখাৱাই ক'লে, "সেইটো নোহোৱা হ'লেও হ'লহেতেন চাব। আপোনব আশীর্ব্বাদেই যথেষ্ট।" চাৰে উত্তৰ দিলে, "নহয় অ', যোবহাটত, বিয়া এখন খাবলৈ যোৱাৰ কথা আছিল - -সম্পৰ্কীয় নাতি ছোৱালী এজনীৰ । ঘবতে সোণ আছিলবাইদেউৰে মাকৰ ঘৰৰ পৰা অনা - ঘততো আব, ছোৱালী নাই - চাবিওজনীকে উলিয়াই দিলোঁ - - - হঠাৎ তোৰ ছোৱালীৰ বিয়াৰ কথা শুনিলোঁ । লৰালৰিকৈ সেই সোণকে লৈ ফাইন আর্ট জুৱেলাৰীলৈ গ'লোঁ - তই তাতেই অলঙ্কাৰ কৰাইছ নহয় ?― জোখটোও পাই গ'লোঁ। এই আৰ! ব' মা" - চাবে ইতিমধ্যে আমাক আকৌ অবাক কৰি দি জেপৰ পৰা কাগজেৰে নাৰিওৱা সৰ, টোপোলা এটা উলিয়াই আনিলে। সেইটো মিনৰ হাতত দি ক'লে, "ইয়াত তিনিগজ আন্দি আছে মা - প্ৰফেচবক দিবি - কবি চাবৰ আশীর্ব্বাদ।" তাই হাত পাতি লৈ লাজতে তলমূৰ কৰিলে। পদ্মেশ্বৰ জোঁৱায়েক কলেজৰ লেকচাবাৰ। ছলছলীয়া চকুৰে পদ্মেশ্ববে জীয়েকক লাহে লাহে ধৰি ভিতৰলৈ লৈ গ'ল। আমি চাবক আকৌ বহিবলৈ দিলোঁ। হেমন্তই প্ৰস্তাৱ দিলে, "চাবে একেবাৰে বিয়া চাই যাব।" পদ্মেশ্বৰ ওলাই আহিছিল। সি ক'লে, "হয় চাৰ, বিয়াখন চায়েই যাওক।" চাবে ক'লে, "অ" ময়ো ভাবিছোঁ, ইমান পৰে তহ'তে মোক থাকিবলৈ কোৱা নাই কিয় ? কিমান দেৰি হ'ব?" আমি বেছ বুজিলোঁ যে চাৰ ইমান পৰে বিয়াৰ ফুৰ্ত্তিৰ মাজত সোমাই পৰিছে। আমাৰ চা পদোশ্বৰে ক'লে, "খুব সোনকালেই হ'ব চাব। আব্, এঘণ্টামানতে দৰা অহাৰ কথা। আমি বাৰ বজাৰ ভিতৰতে চব শেষ কৰি পেলাব খজিছোঁ।" চাৰে ক'লে, "বাৰ, হ'ব। নগেন, মোৰ চাইকেলখন চাই আহগৈচোন।" নগেন দৌৰি ওলাই গ'ল। কিন্তু ক্ষন্তেকৰ ভিতবতে ফোঁপাই-জোপাই আহি সি ক'লে, "চাব, চাব চাইকেলখন দেখোন থোৱা ঠাইত নাই । কোনোবাই নিলেই নেকি !" "কি ক'লি?" বদলি বদ্রমূর্ত্তি ধৰি চাব বহাৰ পৰা উঠিল। মই জোৰ কৰি চাৰক বহুৱাই দি ক'লোঁ যে চাইকেল হেবাব নোৱাবে, আমি বিচাৰি দিম। হেমন্তই ক'লে, "আপনি ভয় নকৰিৰ চাব। চোবে নিছে যদি তাৰ জান বাহিব কবি দিম । পদেরশবে তাব আগব মূৰ্ত্তি ধৰিব দৰকাৰ হ'লে।" "অ'ই !" চাবে পোন্দোৱাকৈ হেমন্তব ফালে চাই ক'লে, "সেইবোৰ কবিবিতো তহ'তক মই - মই ঠিক কৰি দিম। আজিব দিনত ইয়াত এটা কেলেঙ্কাৰি কৰিলে মই শব্দাই নেবোঁ কিন্তু।" মই বৰকৈ ভয় থোৱা যেন দেখুৱালোঁ। নগেনে ক'লে, "হয় চাব, তেনেকুৱা কৰিলে বিয়া ঘৰত অমঙ্গল কৰাহে হ'ব।" "খবৰদাব !" চাৰে আমাক সতর্ক - কবি দি ক'লে, "আজি ইয়াত অমঙ্গলৰ নাম নলৰি। ভালকৈ বিচাবি চা। হেবায় যদি হেবাওক চাইবেল, মই আজিব পবা খোজ কাঢ়িয়েই ফবিম।" কিন্তু চাবা খোজ কাঢ়ি ফরাব বা আমাৰ ইমান চিন্তা কৰাব কোনো কাৰণ নাছিল। অলপ পিচতে হাজবা ক'বৰাব পৰা ওলালহি। সিষে নোহোৱা হৈছিল আমি লক্ষ্যই কবা নাছিলোঁ। অৱশ্যে গোটেই দিনটো আমি বিয়াখনত লাগি থাকিব লগা হোৱাত কোন কেতিয়া ঘৰৰ পৰা আহিলগৈ কোনেও মন কৰা নাছিলোঁ। হাজবাই আহি সমস্যাটো বাজি লৈ হাঁহি মাবি ক'লে, চাব মই আপোনাক নোকোৱাকৈয়ে চাইকেলখন নি আপোনাৰ খবত থৈ আহিলোঁগৈ। ভাবিলোঁ, বিয়াঘবৰ যি কোনো এখন গাড়ীবেই আপোনাক ঘৰত থৈ আহিমগৈ। ৰাতিখন কিয় আপনি কষ্ট কৰিব লাগিছে ? ঘৰতো বাইদেউক খবটো দি আহিলোঁ।" চাবে মন্তব্য কৰিলে, "ভাল হল দে, নাজানি উপকাৰেই কবিলি। মই পৃথিৱীব অসুখ বিয়া চাইহে যাম, বহহৃত বাতি হ'ব। পিচে মোব ভুল হোৱা নাই - তোব কিছু কাণ্ডজ্ঞান আছে। নে কি কর তহতে ?" আমি হাঁহিলোঁ। নগেনে মূৰে খজুৱাই খজুরাই যোগ দিলে, "হয় চাব, হাজবাই কোনোদিন আমার দবে কাণ্ড কবি নেপালে - আমার ফাইলটোব ভিতবত সিয়েই আটাইতকৈ ভয়াতুব আছিল - সেইবাবে তার কিছু জ্ঞানেই হ'ল।" চাবে ক'লে, "বাব; হৈছে যা । এতিয়া কামত লাগগৈ। মোব ওচৰত বটা এটা থৈ যাবলৈ ক বিয়াৰ কাম লাহে লাহে আগৱাবলৈ ধবিলে। আমি একোটাই চাব খবৰ কবি থাকিলোঁ । পদেশ্ববব ঘৈণীয়েকে নানান কামব মাজতো মাজে মাজে আহি "একাপ চাহ খাব নেকি" সধি গ'ল । কিন্তু তামোলৰ বাহিবে চাবে একোকে নেখালে। মানহব খুব ভিব হৈছিল; প্রায় এঘণ্টামান আমাব তবণি নাছিল। সিও সময়ত কমি আহিল। কিন্তু স্বস্তির নিশ্বাস পেলাওঁতেই দৰা আহি পালে। আকৌ হৈ-চৈ লৰা-ধপৰা আৰম্ভ হৈ গ'ল। এইবাৰ চাবে উঠি গৈ নিজব অজ্ঞাতেই কাম পরিচালনা কৰিবলৈ ধৰিলে। চেননীয়া ল'বাহ'তক ডবিয়াই চকুত চাউল নেমাবিবি, গাত মাৰ ।" আমাক ক'লে, "ভিতবব বভাত মানুহ বহাৰ দিহা কবগৈ।" পানী তুলিবলৈ যোৱা আইসকলক মানুহ ঠেলি ঠেলি নিজে বাট উলিয়াই দিলে। নগেন আৰু, হাজবাক পঠিয়াই দিলে দবাঘবীয়া মানুহৰ ভাত-পানী ৰন্ধাব তদাৰক কবিবলৈ । বিয়াব আনুষ্ঠানিক কাম আবম্ভ হ'ল। পদেশ্বৰে হোমব গবিলৈ যোৱাব আগতে চাবক আকৌ এবাব সেৱা কবি তাৰ ওচবতে বহিবলৈ অনুৰোধ কৰিলে। তাব পাচফালে গৈ চাব বহিল। কিন্তু তাব পৰাও আমালৈ আঙুলি, চকুৰ ঠাঁব আদিৰে ইংগিত কবি কবি দৰাঘৰীয়া সকলক জলপান খুৱাবলৈ নির্দেশ দি থাকিল। আনকি জলপান খাই আহি কোনে তামোল পোৱা নাই তাব প্রতিও চাৰৰ চকু নোযোৱাকৈ নেথাকিল। এই কঠোৰ নিয়মানৱৰ্ত্তী শিক্ষকজনব নির্ভুল নিখত তদাৰকতা দেখি আমি অবাক। চাৰ নথকা হ'লে আমাব বহহৃত দোষ বৈ গ'লহেতেন নেকি ভাবিবলৈ ধৰিলোঁ । এসময়ত বিয়াৰ কাম শেষ হ'ল। কইনাক আকৌ ভিতৰলৈ নিয়া হ'ল। সকলোৱে মুগ্ধ হৈ বিয়া চাই আছিল। কিন্তু, হোমৰ গৰিৰ পৰা উঠি আহোঁতে হঠাৎ পদ্মেশ্বৰৰ চকুত পানী দেখি আমাৰ মনবোৰো সেমেকি উঠিল। কান্দোন লকুৱাবলৈ অলপো চেষ্টা নকবি পাটৰ চাদৰখনেবে চকু দটা ঢাকি ধৰি ফেকুৰি উঠি সি ক'লে, "চাৰ ?" চাৰে তাক গাত ধবি ভিতবলৈ লৈ গ'ল । আমি কেউটাও গ'লোঁ। একেবাবে ভিতৰলৈ নগৈ কাষৰে কোঠাটোত বৈ পদ্মেশ্ববে হকহকাই কান্দিবলৈ ধৰিলে। চাবে দুহাতেৰে তাক ধবি ধমকব সত্ৰত ক'বলৈ ধৰিলে, "অ'ই পদ্মেশ্বৰ ! তোব হৈছে কি? তই কেলৈ কাদিছ ?" পদ্মেশ্বৰে উভতি চাবক সাৱটি ধৰিলে। চাবেও তাক পরম বান্ধৱব দবে গবা মাৰি ধৰিলে । সি উচুপি উচুপি ক'বলৈ ধৰিলে, "তাই বৰ সব, ছোৱালী চাব। তাই একোকে নেজানে। আব্দ·· আব্দ, এজাউবী সশব্দ কান্দোন ওলাই আহিল। চাবেও ওঁঠ দুটো কামছবি ধৰিলে। পদ্মেশ্বৰৰ পিঠিত মবমেবে হাত বলাই বলাই চাবে থোকাথ,কি মাতেৰে ক'লে, "মই এজনী এজনীকৈ চাবিজনী ছোৱালী উলিয়াই দিছোঁ পদ্মেশ্বব! এবার মোব কথা ভাবি চা। তোব মিন. আজিব পৰা ডাঙৰ হ'ল ।" আমাৰ চকুবোবো ভবি আহিছিল। কিন্তু আমি একো নকৈ মাত্র সেই অপূর্ব দৃশ্যটো চাই থাকিলোঁ। ৰাসে পেহীয়ে অৱশেষত দিবাকবক ক'লে, "তই এতিয়া যা বোপাই। নই গাটো তিয়াই আহোঁ। গধূলি হ'লেই দলিব লাগে। তাই আজি আৰ, নাহিবই হবলা। তই মিছামিছি বহি থাকিব নেলাগে। ঘৰতো চাগে তোক ইমানপৰে নেদেখি কিবা ভাবিছে।" দিবাকবে বুজিলে যে ইয়াৰ পিচত আব্, বহি থাকিব নোৱাবি। আবেলি তিনিবজা মানৰে পৰা সি মাত লগোৱাৰ ছলেবে সোমাই পদমক চাকবি এটাৰ খবব দিওঁ বুলি বৈ বৈ গধূলি কবি পেলালে। খববটো হৈছে, ধর্মপৰৰ স্কুলখনত মাষ্টবর্ণী কাম এটা খালী হৈছে বলি দিবাকবে শশুনিছে। এইটলৈকে পঢ়ি ঘবতে বহি থকা পদমে পালে তেনেকুৱা কাম এটা কবি আইতাকক সহায় কৰিব খোজে। খবটো সচানে মিছা দিবাকবে নেজানে। অকাণে-পহকাণে শনিয়েই খবর দিবলৈ আহিছিল। আচল উদ্দেশ্য পদমব ওচবলৈ আহিবলৈ হাততে পোৱা এই সবিধাটো লোরা। বাসে পেহীয়ে অৱশ্যে জানে; গাভব, নীতিনীয়েকক লগ ধৰিবলৈ এইদবে নানান কারণ উলিয়াই অকল দিবাকবেই নাহে। হেমধব ড্রাইভাৰ, সতাই মণ্ডল, কুঞ্জনাথ চোব ইত্যাদি এপাল উলিপঙা-পদলিশভা, কাম-বন নোহোৱা দিবাকৰৰ দৰেই বুঢ়ীৰ তালৈ ঘনাই আহি থাকে। অলপ মেহেঙা-মেহেঙ কবি থাকি দিবাকর আমন জিমন্কৈ গ'লগৈ। পবণা খেৰী ঘৰটোৰ দুৱাব মূখৰপৰা ৰূঢ়ীয়ে গধূলিব কুর'লীব পোহবত মননমনকৈ আঁতবি গৈ থকা দিবাকবব ফালে চাই থাকি নিয়াহ এটা চাৰিলে : এই ডেকালবাহ'তকনো কি দোষ দিবা ? পদমজনীব যিটোহে ৰূপ! এপাহ টিকটিক কবে অকলে ফলি থকা ডাঙৰ জবা ফুলব দৰে খাওঁ খাওঁ হৈ আহিব ধৰিছে। গেবেকনিত জানোঁ এইজনী কি পদমে ফলিবলৈ পালে। বগী - এতিয়া বাঙীয়েই হৈছে, নাকে মুখে গঢ়িত, হাত ভবি লোহোবালোহোব যদিও বব শকত নহয়, ওখ-পাখ; পিন্ধা কাপোৰ ফিন্দ খৱাই বকুরে তপিনাই লৰচৰ কবি যেতিয়া খোজ কাঢ়ে তেতিয়া যেন তাইৰ পবা কিবা এসোপা ছিটিকি ছিটিকি পরে। বাসেশ্বৰীব ভয়েই লাগি থাকে ক'ববাত কেতিয়াবা কিবা অঘটন ঘটি যায় জ্বলি! পদম তেনেকৈ ৰাসে পেহীৰ তেজমঙহব একো নহয়। দদায়েকৰ ডাঙব ল'ৰা ভায়েকৰহে নাতিনীয়েক। ভায়েকে একেজনী ছোৱালী এৰি থৈ গৈছিল। এদিন পদমৰ মাকো আন এটালৈ গ'লগৈ। বঢ়ীয়েই ছোৱালীজনীক তুলি তালি ইমান জনী কবিলে। বাসেশ্ববীৰ নিজৰ বিয়া-বাৰ, নহ'লেই। পদম পিচে অলপ পিচতে আধাৰে সন্ধাবে ওলালহি। বাসে পেহীয়ে গাটো তিয়াই আহিছিল মাত্র। টিনৰ ছটকেছটো লৈ নাতিনীয়েকক ওলোৱাহি দেখি ভয় খাই গ'ল। কেনেকৈ আহিল ? কাব লগত আহিল ? পদদমে পীৰা এখনত বহি আঁচলেবে ঘাম মচি মচি ক'লে, "মই আহিম বলি কৈছিলোঁ নহয় ? বজনীহতে থাক বদলি ধৰিছিল। মই কিন্তু, লাচ, বাছত গচি আহিলোঁ। বজাবত বাছতে মণ্ডলক লগ পাই গ'লোঁ। এইছোৱা একেলগেই আহিলোঁ।" নূঢ়ীব বহুকুখন চিবিংকৈ গ'ল । সতাই মণ্ডল মতলবী মানহ। সংসাবী মান্নহ যদিও বাব ঠাই ফবি বাব কথা শিকা সতাই মণ্ডলে পদমব আসৈ পাবলৈ চেষ্টা কৰিয়ে আছে - "টকী চাবলৈ যাওঁ ব'ল" বুলি মাজে মাজে কৈয়ে থাকে। বাসে পেহীয়ে গতিকে খবব ল'লে তাই সতাইব লগত দোকানেচোকানে সোমাইছিল নেকি ? আন ক'ৰবালৈ সি লগ ধৰি নিছিল নেকি : মটবড সি তাইৰ ওচৰত বহিছিলনে আঁতবতঃ গাঁও সোমাইও সি লগে লগে আহিছিল নেকি : পদামে বাজিলে আইতাকব দুশ্চিন্তা কোনখিনিত। সেইবাবে যথাযথ উত্তব দি বঢ়ীৰ মনব সংশয় দূৰ কৰিবলৈ চেষ্টা কৰিলে। তাই ক'লে যে তাই বাছৰ পৰা নমাই নাছিল। বজাবত মণ্ডল বাছত উঠি তাইব পিচফালে বহি খা-খবহে লৈছিল - "কিবা খাবি নেকি :" বদলি সুধিছিল, কিন্তু, তাই নগ'ল। বাছ এই পিনে গাৱ'ব মবেদিয়ে যায়, গতিকে এইখিনি আহিবলৈ একো ভয় নাই, তথাপি মণ্ডলে চাইকেল নমাই তাইব লগ লয়হি মানে তাই মাইকণহ'তব চোতালেদি বেগা-বেগীকৈ ঘৰলৈ গুচি আহিল । বঢ়ীয়ে স্বস্তির নিশ্বাস পেলাই নাতিনীয়েকক মখে-হাত ধই ল'বলৈ কৈ ভাত বান্ধিবলৈ কাবাব কৰিলে। আচল কথাটো নোসোধা দেখি পদমে নিজেই ক'বলৈ ধৰিলে, বজাব পাব হৈ দহ মাইল মান গ'লে এলেকব পেলেক বজনীকান্ত ককায়েকৰ গাওঁ। ৰজনীকান্ত গাঁৱব মাখিমাল মানুহ। ক'ববাত কিবা কৰি দিব পাৰে নেকি খবৰ ল'বলৈ গৈছিল। পিচে নাই, ৰজনীয়ে
pdf
77bea5e5a6398922b46c825e49313bd443684729
ইণ্ডিয়ান এছ'চিয়েচন ফৰ দা কাল্টিভেচন অফ চাইন্সৰ বিষয়েঃ ইণ্ডিয়ান এছ'চিয়েচন ফৰ দা কাল্টিভেচন অফ চাইন্স (আই. এ. চি. এছ. ) হৈছে ভাৰতৰ সাংস্কৃতিক ৰাজধানীৰ কেন্দ্ৰত অৱস্থিত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনত মৌলিক বিজ্ঞানৰ উচ্চ শিক্ষা আৰু গৱেষণাৰ বাবে এক ৰাজহুৱা, বিবেচিত গৱেষণা বিশ্ববিদ্যালয়। ১৮৭৬ চনত মহেন্দ্ৰ লাল চিৰকাৰ নামৰ এজন ব্যক্তিগত চিকিৎসকে প্ৰতিষ্ঠা কৰা ই মৌলিক বিজ্ঞানৰ মৌলিক গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, ই হৈছে এছিয়াৰ আটাইতকৈ পুৰণি গৱেষণা প্ৰতিষ্ঠান যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ওচৰৰ যাদৱপুৰ, দক্ষিণ কলকাতা, কেন্দ্ৰীয় গ্লাছ আৰু চিৰামিক গৱেষণা প্ৰতিষ্ঠান আৰু ভাৰতীয় ৰাসায়নিক জীৱবিজ্ঞান প্ৰতিষ্ঠানৰ ওচৰত অৱস্থিত। ই ৯. ৫ একৰৰ সীমিত এলেকাত বিয়পি আছে আৰু বৰ্তমান বাৰুইপুৰত এটা অতি-উন্নত স্মাৰ্ট চৌহদ নিৰ্মাণৰ প্ৰক্ৰিয়াত আছে। আই. এ. চি. এছ. নিয়োগ ২০২২ : ইণ্ডিয়ান এছ'চিয়েশ্যন ফৰ দা কাল্টিভেচন অৱ চাইন্সে প্ৰকল্প সহায়কৰ খালী পদৰ বাবে প্ৰাৰ্থীসকলক আমন্ত্ৰণ জনাইছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণবোৰ পৰীক্ষা কৰিব পাৰেঃ শিক্ষাগত অৰ্হতা : আই. এ. চি. এছ. চৰকাৰী অধিসূচনা অনুসৰি প্ৰাৰ্থীয়ে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা ৰাসায়নিক বিজ্ঞানৰ B. Sc, বি. ই. /B. Tech, M. Sc, M. Tech সম্পূৰ্ণ কৰিব লাগিব। আই. এ. চি. এছ. প্ৰকল্প সহায়ক চাকৰি ২০২২-ৰ বাবে আবেদন কৰাৰ পদক্ষেপ : আৰু আপুনি আবেদন কৰিব লগা আই. এ. চি. এছ. নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক। প্ৰকল্প সহায়ক চাকৰিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক। আৱেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক। যদি আপুনি যোগ্য, কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।
web
cc27435a97440827b8c1a23bc27b3a99ea835235
বোকাজানঃ বোকাজানৰ বালি পথাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় ২ জন আৰু ৩ জন গুৰুতৰ ভাৱে আহত। জানিব পৰা মতে, আজি দিনৰ ১১ বজাত বোকাজানৰ পৰা দেওপানী অভিমুখে গৈ থকা এখন অট'ক মহতিয়াই নিয়ে এখন মহেন্দ্ৰ বলেৰ পিক আপ গাড়ীয়ে। যাৰ ফলত অট' খনত থকা ৫ জন আৰোহীৰ থিতাতে নিহত হয় ২ জন। নিহত দুজনৰ নাম অট'খনৰ চালক বিজয় চৌধুৰী আৰু যাত্ৰী জ্ঞান প্ৰসাদ। বোকাজান ৰেল ষ্টেচনৰ সহকাৰী অধীক্ষক আছিল জ্ঞান প্ৰসাদ।
web
c44b7bb19f79337af6651cca14d4f7d6b4b112e3
কলিয়াবৰৰ উলুৱনী থানা এলেকাৰ গড়গুৰি এলেকাত প্ৰায় দুমাহৰ পূৰ্বেই এগৰাকী তিনিসন্তানৰ মাতৃক বলাৎকাৰৰ অপচেষ্টা চলোৱা লম্পট ৰাজেন বৰুৱাক আৰক্ষীয়ে আজি আটক কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্মই দাসৰ নেতৃত্বত কলিয়াবৰ আৰক্ষীৰ নেতৃত্বত কলিয়াবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দিনবন্ধু ভূঞা আৰু চুলুং আৰক্ষী বিষয়াৰ সহযোগত যোৱা এটা আৰক্ষীৰ দলে লম্পট ৰাজেন বৰুৱাক নিজ গৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে যোৱা বছৰৰ ২৬ নৱেম্বৰত পুৱা প্ৰায় ৯ বজাত মহিলা গৰাকীক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি একে গাঁৱৰে লম্পট ৰাজেন বৰৱাই বলাৎকাৰৰ চেষ্টা চলাইছিল। অৱশ্যে বলাৎকাৰৰ অপচেষ্টাত বিফল হৈ মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰাৰ চেষ্টা কৰাৰ লগতে এচিড জাতীয় দ্ৰব্যও নিক্ষেপ কৰিছিল। ইফালে নিৰ্যাতিত মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ মহিলাগৰাকীৰ ঘৰত উপস্থিত হয় যদিও লম্পট ৰাজেন বৰুৱা তাৰ পৰা পলায় সাৰিবল সক্ষম হয়। পিছত স্থানীয় ৰাইজে গুৰুতৰভাৱে আহত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাই আৰু চিকিৎসকে এচিড নিক্ষেপ কৰাৰ বাবে মহিলাগৰাকীৰ বাওঁফালৰ চকুতো সম্পূৰ্ণ বিকল হৈ পৰে বুলি জনায়। ইফালে ঘটনা সংঘটিত কৰিয়ে লম্পট ৰাজেন বৰুৱা পলাতক অৱস্থাত আছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত অগ্ৰীম জামিনৰ বাবে আবদে কৰিছিল। অৱশ্যে কলিয়াবৰ আৰক্ষীৰ তদন্তৰ প্ৰতিবদেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজেন বৰুৱাৰ জামিন মঞ্জুৰ নকৰিলে। অৱশেষত আজি আৰক্ষীয়ে লম্পট ৰাজেন বৰুৱাক বাসগৃহৰ পৰাই আটক কৰি বলাৎকাৰ, হত্যাৰ চেষ্টা চলোৱাকে ধৰি কেবাটাও গোচৰ ৰুজু কৰি কলিয়াবৰ ন্যায়িক আদালতত হাজিৰ কৰোৱাই আৰু আদালতে বিচাৰৰ অন্তত লম্পট ৰাজেন বৰুৱাক জে'ল হাজোতলৈ প্ৰেৰণ কৰে।
web
d05f587a4216835b04f5cb9495ee15dbb23bd6bc39d6a548bb261946750b3acf
- মুক্ত বিণ. ১। অনুৰ্বৰ, বন্ধ্যা, নিষ্ফল; - মুক্তঃ মাধবীলতা; - মুক্তিঃ স্ত্রী, মোক্ষ, নির্বাণ; - মোদা স্ত্রী. নবমল্লিকা; -ৰথঃ মহাৰথী; - ৰস স্ত্ৰী. মূর্বা লতা, ৰান্না লতা; - ৰংহস বিণ. শীঘ্রগামী, অতিবেগৱান; ডস ক্ষীপ্র গতি সম্পন্ন; - ৰাজন পু, সর্বশ্রেষ্ঠ সম্রাট; - ৰাত্ৰঃ পু. ১। জ্যোতিষ্টোম যজ্ঞৰ এটা অংশ, ২। গভীৰ ৰাতি; - ৰিক্ত অতিৰিক্ত, প্রয়োজনতকৈ অধিক; - ৰুক স্ত্রী, অতি - সুন্দৰী নাৰী; - ৰুচ পু. আঠু। ঘোঁৰাৰ খুৰাৰ ওপৰ ভাগ; - ৰেক বিণ. ১। বেছি, অত্যধিক, উৎকৃষ্ট, ২। ৰাহি, উপৰুৱা, ৩। বিভিন্নতা; - ৰো(লো)মশ সৰ্বশৰীৰত নোম থকা; - লঙ্ঘনং অত্যধিক উপবাস; - ৱয়স বিণ. বয়োবৃদ্ধ, অতি বৃদ্ধ। - ৱৰ্ডুলঃ পু. এবিধ মাহ জাতীয় শস্য, ক'লা মাহ বা মাটিমাহ। - ৱৰ্তনং ক্ষমাৰ অযোগ্য। ১০ বিধ অপৰাধৰ এবিধ মনু ২।২৯০; - -বাদ বিণ. কর্কশ, নিন্দনীয় মনু ৬।৪৭; - ৱাদী(ন্) বিণ. বেছি কথা কোৱা মানুহ, কথকী। - ৱাহন বিণ. অত্যন্ত গধূৰ। অত্যন্ত কষ্টকৰ। - ৱিকটঃ পু. (বিকটঃ ভীষণঃ), মতলীয়া হাতী; - ৱিষা স্ত্রী. (ৱিষমতিক্রান্তা প্রাদিসমাস) এবিধ বিষাক্ত ঔষধি; - ৱিন্তৰঃ বাহুল্যতা, পৰিব্যাপ্তি; - বৃত্তিঃ স্ত্রী. চূড়ান্ত। (অলঙ্কাৰ শাস্ত্ৰ) অতিশয়োক্তি। বৃষ্টিঃ স্ত্রী. ধাৰাষাৰ বৰষুণ। ছয় বিধ ঈতিৰ (প্রাকৃতিক দুর্যোগৰ) এবিধ। বাকী কেইবিধ - অনাবৃষ্টি, শলভ, মুষিক, খগ, প্ৰত্যাসন্নৰাজানঃ। - ৱেল বিণ. অতিশয়, অত্যধিক; - ৱেলং ক্রি. বিণ. আবতৰীয়া (ফল ফুলাদি); - ৱ্যথা স্ত্রী, তীব্র বেদনা; ৱ্যাপ্তিঃ স্ত্রী. অলক্ষ্যত লক্ষণ আৰোপ। এটা বিধিৰ অনুচিত ব্যাপ্তি। কোনো সংজ্ঞাৰ (লক্ষণৰ) ভিতৰত নপৰা কোনো বিষয়ক (জোৰকৈ) সেই সংজ্ঞাৰ ভিতৰলৈ অনা (দোষযুক্ত) কাৰ্য্য। - শক্তিতা স্ত্ৰী পৰাক্ৰম। পৰম বীৰত্ব। - শক্তিভাক পৃ. অত্যন্ত সমর্থবান, অত্যন্ত শক্তিমান; -শয়ঃ পু. (অতি শী অচ্) উৎকৃষ্ট, প্ৰাচুৰ্য্যতা ৰ ৬।১১; - শয়ন বিণ. চেৰ পেলোৱা কাৰ্য্য, মহান, বিখ্যাত, প্ৰচুৰ; - শয়নং ক্লী, আধিক্য, প্ৰচুৰতা। অত্যধিক; -শয়োক্তিঃ এবিধ কাব্যালঙ্কাৰ, - শায়িন্ বিণ. অনুপম, চূড়ান্ত; - শেষঃ পু. অৱশিষ্ট; -শ্রেয়সিঃ পু. অত্যন্ত সুন্দৰী নাৰীতকৈও সুন্দৰ পুৰুষ; - শ্ব বিণ. ১। কুকুৰতকৈ শক্তিশালী (কোনো জন্তু), ২। কুকুৰতকৈ অধম। - শ্বা(র্) উৎকৃষ্ট কুকুৰ; - সর্জনং ক্লী. প্ৰচুৰ দান; - সন্ধানং ক্লী, প্ৰৱঞ্চনা, শঠতা শ ৫।২৫; - সৰ বিণ. অগ্রণী, অগ্রগামী; - সর্গঃ ১। উৎসর্গ, দান ৰ ১০।২; ২। অনুমতি দান, ৩। পদচ্যুতি। -সর্জনং ক্লী. ১। দান, অনুমতি, সমর্পণ, কু ৪।৩২; ২। বদান্যতা, ৩। বিচ্ছেদ, ধ্বংস, বিনাশ; - সৰ্ব্বঃ পৰমব্ৰহ্ম। -সাৰঃ পু. (অতিশয়েন মলং দ্রবীকৃত্য সৰতি ইতি অতি স্ কর্তৰি ঘঞ বৃদ্ধিঃ দীর্ঘঃ চ) সঘনাই পনীয়া শৌচ হোৱা বেমাৰ। উদৰাময়, পেটৰ অসুখ। - সাৰী অতিসাৰ ৰোগ; - সাৰকী অতিসাৰ ৰোগী; - সাম্যা স্ত্ৰী. যষ্টিমধু লতা; - স্ফিৰ বিণ. অতি স্ফুর্তিবান; - হশিতং ক্লী. অট্টহাস্য। অতিথি বিণ. (অততি সাতত্যেন গচ্ছতি ন তিষ্ঠতি অত্ ইথিন) আগতে নজনোৱাকৈ ঘৰলৈ অহা ব্যক্তি। হঠাতে অহা আলহী মনু ৩।১০২; পু. কুশৰ পুত্ৰ, শ্ৰীৰামৰ নাতি, -ক্ৰিয়া - পূজা, - সৎকাৰ্যঃ - সৎ -ক্রিয়া - সেৱা অতিথিৰ সেৱা শুশ্রূষা। আলহীক সোধপোচ কৰা, সৎকাৰ কৰা কাৰ্য্য। "অতিথি ৱালকশ্চৈৱ ৰাজা ভাৰ্য্যা তথৈৱ চ। অস্তি নান্তি ন জানত্তি দেহি দেহি পুনঃ পুনঃ।।" অতীত বিণ. (অতি ইণ্ ক্ত) আগেয়ে হৈ যোৱা, অতিক্ৰম কৰা। মৃত। - তং ভূতকাল। অতীন্দ্রিয়ঃ পু. পৰমাত্মা, পৰম পুৰুষ। - রং ১ (সাংখ্য) প্রকৃতি, প্রধান, ২। (বেদান্ত) মন। অতীৱ অব্য. অপৰিমিত। অতুল, অতূল্য বিণ. অনুপম। অতুষাৰ বিণ. অত্যন্ত চেঁচা নহয়। । অতৃণ্যা এমুঠি ঘাঁহ। অভেজস্ বিণ. অনুজ্জ্বল। দুর্বল। অতেজম্বিন্ পু. আন্ধাৰ, ছাঁ। অত্তা, অত্তিঃ, অত্তিকা স্ত্রী. ১। মাতৃ, ২। বাইদেউ, ৩। শাহু আই। মৃত্নঃ, ভূঃ ১। বায়ু, ২। সূৰ্য্য। অত্যঃ ঘোঁড়া। অত্যগ্নিঃ শীঘ্ৰে হজম হোৱা। অত্যগ্নিষ্টোমঃ পু. জ্যোতিটোম যজ্ঞৰ অংশবিশেষ
pdf
5bfbabde56724d7f96f2498c7458429dda0b1e41
মাঘৰ পাছতে বহাগ বিহু। বহাগ বিহুলৈ আগতীয়া কেৰেলাবোৰ প্ৰায় নলগা হয়গৈ। কিন্তু কেৰেলাটো বহাগ বিহুত গৰু গা-ধোৱাবলৈ লাগিবই। গতিকে কৃষকসকলে বহাগ বিহুৰ কেৰেলা বজাৰখন ধৰিবলৈ এতিয়াই কৰিব লাগিব কেৰেলা। কেৰেলা খেতি বছৰটোত তিনিবাৰকৈ কৰিব পাৰি-আগষ্ট-নৱেম্বৰ, ফেব্ৰুৱাৰী-মাৰ্চ আৰু জুন-জুলাই মাহত আৰু সময় অনুসৰি সাৰ, পানীৰ প্ৰয়োগ আৰু কেৰেলাৰ সঁচ ভিন্ন ধৰণৰ হয়। ফেব্ৰুৱাৰী-মাৰ্চত অসমৰ কৃষকসকলে কৰিব পৰা উন্নত জাতকেইটা হ'ল- বসন্ত ঋতুত খেতি কৰা সঁচ বোৰ : আর্লিয়েষ্ট অৱ অল , লংগ্রীণ , এক্সটা লং , পুচা ডো মৈচুমী। মাটিঃ পানী ওলাই যোৱাৰ সুব্যৱস্থা থকা, বালিঅঁহীয়া, পলসুৱা, অধিক জৈৱিক গুণ থকা মাটি এই খেতিৰ বাবে উপযোগী। মাটি প্ৰস্তুতিঃ ২-৩ বাৰ হাল বাই অৰ্থাৎ চহাই তাৰ পাছত মৈয়াই মাটিডৰা সমান কৰি মিহি কৰি ল'ব লাগে পুলি বা গুটিবোৰ ৰোপন কৰিব লাগে। ৰোপন পদ্ধতি : শাৰীৰ পৰা শাৰী ১ মিটাৰ আৰু এটা খুলিৰ পৰা এটা খুলিৰ দূৰত্ব ১ মিটাৰ হ'ব লাগে। এটা খুলি দুটাৰ পুলি ৰুব লাগে। যদি জেং নিদি হেণ্ডালি দিয়ে তেতিয়া শাৰীৰ দূৰত্ব একে ৰাখি খুলিবোৰৰ মাজৰ দূৰত্ব কৰিব পাৰে। হেণ্ডালি বৰ বেছি ওখ নকৰি মাটিৰ পৰা ৭ ফুটমান ওখ কৰিব লাগে। সাৰ প্ৰয়োগঃ প্ৰতি বিঘাত ১০ কুইন্টল পচন সাৰ বা শুকান গোবৰ, ইউৰিয়া ১০ কিলোগ্ৰাম, ছুপাৰ ফছফেট ২৫ কিলোগ্ৰাম আৰু মিউৰিট অব পটাছ সাৰ ৭ কিলোগ্ৰামৰ প্ৰয়োজন। ইয়াৰে ইউৰিয়া সাৰৰ আধাভাগ আৰু সমুদায় সাৰখিনি মাটি চাহ কৰা সময়ত প্ৰয়োগ কৰিব লাগে। আধাভাগ ইউৰিয়া ফুল আৰু ফল ধৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে।
web
3b0387809406d8e3a323d3d3d544405cf482f935
ৰঙিয়াঃ ৰঙিয়াত পুৱতি নিশা ৰে'লৰ আগত জপিয়াই আত্মহত্যা কৰে এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে। উজনিমুৱা যাত্ৰীবাহী ৰে'লৰ আগত জাঁপ দিছিল যুৱকজনে। ব্যৱসায়ীজন ৰঙিয়া দহৰাৰ মনেশ্বৰ কলিতা বুলি জানিব পৰা গৈছে। ৰঙিয়া চহৰৰ ডাকঘৰৰ সন্মুখত কাপোৰৰ ব্যৱসায় কৰিছল যুৱকজনে। জানিব পৰা মতে ব্যৱসায়ত সাংঘাটিক ধৰণৰ লোকচানৰ সন্মুখীন হৈ বহুদিন ধৰি যুৱকদন মানসিক চাপত আছিল। ইতিমধ্যে মনেশ্বৰ কলিতাৰ মৃতদেহ ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰি মৰোণোত্তৰৰ পৰীক্ষাৰ ব্যৱস্থা আৰম্ভ কৰিছে ।
web
7e17227ed4769afa76ac072ecf2cdd064a839b07135e420cd24274e1eaa3375d
পুৰুষ। ধুনীয়া ছোৱালী দেখিলে সিহঁত সহজে ভোল যায়।" পদ্মাৱতীয়ে ক'লে। "আমাৰ ককাইদেউ তেনেকুৱা নহয়। ককাইদেউ অহাৰ আগে আগে দেউতাই বস্তিক গুৱাহাটীত থৈ আহিলেই হয় দেখোঁ।" অণিমাই কলে। "তাতকৈ একেবাৰে কলিকতালৈকে আকৌ পঠাই দিলে সকলো লেঠা ছিগে" ইলাই "ইমান ডাঙৰ মিছা কথা এটা ইমান সহজে ঢাকিব পাৰিছে যেতিয়া পিছত ঘৰৰ ভিতৰত সোমাই আৰু বা কি কৰে।" "অণিমাৰ ভৱিষ্যৎ ইঙ্গিত শুনি পদ্মাৱতীয়ে গোৰগোৰাই কলে। ৰত্নই আনিছেগৈ যেনেকৈ পোহক তেনেকৈ, কালসাপ এতিয়া।" বত্তি আৰু ৰব নোৱাৰিলে। ক'ৰবাত, গৈ মুখ লুকুৱাবলৈ চেষ্টা কৰিলে। ধাৰাসাৰে বৈ অহা চকুপানী মচি মচি বস্তি ইলাৰ কোঠালিলৈ বেগা-বেগিকৈ সোমাই গ'ল, নিজৰ বিচনাখনত মূৰ গুজি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। গোটেই আবেলিটো কেনেকৈ কাটি গ'ল বস্তিয়ে তাৰ পিছত আৰু একো কব নোৱাৰিলে। সন্ধিয়া সময়ত এবাৰ বস্তিয়ে ভাবিলে কালিলৈ বাগিচালৈ যোৱাৰ কথা, কিন্তু ইলা আৰু অণিমাৰ লগত কি সতে বস্তি বাগিচালৈ যাব। আৰু নগলে ইয়াতেই বা থাকিব কেনেকৈ - পদ্মাৱতীয়ে সুখেৰে এৰিব নে? উপায়বিহীন হ'ল বস্তি। ৰাতিলৈকে বস্তি তেনেকৈয়ে পৰি থাকিল। ইলা আৰু অণিমাই ভাত খাবৰ পৰত বস্তিক মাতিছিলহি। কিন্তু বস্তিয়ে যাবৰ মন নকৰিলে। "ভাল নগৰত জগৰ লাগিল।" - বুলি পদ্মাৱতীয়ে কিছুসময় বস্তিৰ কোঠালিত ছট্ফটাই ফুৰি ওলাই গ'ল। যাওঁতে কৈ গ'ল - "আহ, আহ তহঁতে ভাত খাই লহি। তেখেত ৰোহ-ঘৰত পৰিছে, কোনে ৰোহ ভাঙে ভাঙকহি।" পদ্মাৱতীৰ পাছে পাছে বৌৱেক-নন্দেকে হাঁহি-খিকিন্দালি কৰি ৰান্ধনি-ঘৰলৈ বুলি খোজ ললে। অলপ আগতে ৰমেন, ভাত খাই উঠি তামোল চোবাই, বাৰাণ্ডাতে বহি আছিল। বস্তি ভাত খাবলৈ নোযোৱা দেখি ৰমেনে বস্তিক মাতিলেহি। ৰমেনক দেখি বস্তি উঠি বহিল। বস্তিৰ কাষতে বহি ৰমেনে কলে - "ব'লা বস্তি ভাত খোৱাগৈ।" "নাখাওঁ দাদা, আজি গাটো ভাল লগা নাই। আপোনালোকে খাওকগৈ যাওক।" "জ্বৰ উঠিছে নেকি" - -বুলি ৰমেনে বস্তিৰ কপালত হাত দিলে। তাৰপিছত বস্তিৰ পিঠিত হাত বুলাই মৰম কৰিলে। বস্তিয়ে এন্ধাৰৰ মাজত যেন অকণমান পোহৰ দেখিলে। কিন্তু মুহূর্ততে ই-কি ঘটিল? এয়াতো মৰম নহয়, এয়া সহানুভূতি নহয়। ছিঃ ছিঃ এয়া পুৰুষৰ, আক্রমণ, জঘন্য আক্রমণ নাৰীৰ ওপৰত। দৈহিক শক্তিত দুর্বল হলেও নাৰীৰ অন্তৰত থাকে পুৰুষৰ এনে আক্ৰমণৰপৰা নিজক ৰক্ষা কৰাৰ এক শক্তিশালী প্রবৃত্তি। ৰমেন বৰুৱাৰ কঠিন দুবাহুৰ মাজৰপৰা মন আৰু দেহৰ সকলো শক্তি প্ৰয়োগ কৰি বস্তিয়ে নিজকে আঁজুৰি উলিয়াই আনিলে। কিন্তু ৰমেনৰ মুখৰ তামোলৰ পিকবোৰ বস্তিৰ গালে-মুখে কাপোৰে কানিয়ে লাগিল। পুৰুষৰ কৰাল গ্ৰাসৰপৰা নিজকে ৰক্ষা কৰিবলৈ সমৰ্থ হ'ল যদিও এনে জঘন্যতাৰ প্ৰথম অভিজ্ঞতাত অজলা বস্তি চমকি উঠিল। বস্তিয়ে ভয় খালে, বৰকৈ ভয় খালে। গাৰ কাপোৰত পিকৰ দাগ দেখি ঘৃণাত বস্তিৰ মন উৱলি যাব খুজিলে, তথাপি বস্তি আজি যেন শক্তিৰৰূপা হৈ এটা চুকত থিয় দি থাকিল স্থিৰভাৱে, ৰমেনৰ ওপৰত এক কঠোৰ দৃষ্টি নিক্ষেপ কৰি। অসমৰ্থতাই ৰমেনৰ মুখত বিকৃত ৰূৰূপ ধৰিলে। "তই খুৰাৰ তোলনীয়া জী হে" বুলি দাঁত-মূৰ কামুৰি যেতিয়া ৰমেন লাহে লাহে কোঠালিটোৰপৰা ওলাই গ'লআকাশবত্তি/৯১
pdf
10d1df3e471017318a4f70255489bd20726f6f33
বাংলাদেশৰ পৰা মুকুল হাজৰিকাক স্বদেশলৈ হস্তান্তৰ কৰিলে বাংলাদেশৰ BSF য়ে । মঙ্গলদৈ থানাৰ আৰক্ষী বিষয়া দান্তেজিৎ দেউৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দল আৰু পিতৃ ফুলেশ্বৰ হাজৰিকাই ইতিমধ্যে পুৱা দিনৰ ১০-৩০ বজাত বাংলাদেশৰ পৰা চমজি লৈছে পিতৃয়ে। মংগলবাৰে আবেলি স্বগৃহত উপস্থিত হ'ব মুকুল হাজৰিকা । প্ৰায় ৫ বছৰ পূৰ্বে নিৰুদ্দিষ্ট হৈছিল মঙ্গলদৈৰ যুৱক মুকুল হাজৰিকা। ২০১৯ চনৰ ৫ মে'ত পোহৰলৈ আহিছিল মুকুল হাজৰিকা বাংলাদেশত আবদ্ধ হৈ থকাৰ কথা। ২০১৯ চনৰ ৫ মে' পত্ৰত বাংলাদেশৰ কাৰাগাৰৰ থকা মুকুল হাজৰিকাৰ ম্যাদ উকলিছিল কিন্তু ঘৰলৈ ওভতাই আনিবলৈ সমৰ্থ নাছিল পৰিয়ালটো। দৰং জিলাৰ মঙ্গলদৈ থানাৰ অন্তৰ্গত কেওঁতপাৰা গাঁৱৰ মুকুল হাজৰিকা ২০১৯ চনত বাংলাদেশৰ ফেনি জেলত বন্দী হৈ থকা কথা পোহৰলৈ আহিছিল। ৫ বছৰ পূৰ্বে ঘৰৰ পৰা ওলাই গৈছিল মুকুল হাজৰিকা। ঘৰৰ পৰা ওলাই যোৱাৰ পৰাই তিনি বছৰ ধৰি আৱদ্ধ হৈ আছিল বাংলাদেশ জেলত। পিতৃ ফুলেশ্বৰ হাজৰিকাই কোনো মতে দিন হাজিৰা কৰি মুকুল হাজৰিকাৰ পত্নীসহ আছে তিনি সন্তানৰ পৰিয়ালটো চলাই নিছিল। তেওঁলোকৰ কাৰণে সপোন আছিল বাংলাদেশৰ পৰা মুকুল হাজৰিকাক ঘূৰাই অনাটো। দৰিদ্ৰ পৰিয়ালটোৱে সেই সময়ত চৰকাৰ জিলা প্ৰশাসনক মুকুলক ঘৰলৈ ঘূৰাই আনিবলৈ অনুৰোধ জনাইছিল কিন্তু কোনো সুফল নাপালে। শেহতীয়াভাৱে বাংলাদেশত ন্যায়িক জিম্মাৰ ম্যাদ উকলাৰ দুবছৰ পিছত ঘৰলৈ আহিব মুকুল হাজৰিকা। দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ইতিমধ্যে মঙ্গলদৈ আৰক্ষী বিষয়া দান্তেজিৎ দেউৰীৰ নেতৃত্বত আৰক্ষীৰ দল আৰু পিতৃ ফুলেশ্বৰ হাজৰিকা ভাৰত বাংলাদেশ সীমান্তলৈ ৰাওনা হয়। ইতিমধ্যে তেওঁলোকে চমজি লৈছে মুকুল হাজৰিকাক। বাংলাদেশ BSF পৰা পিতৃয়ে নিজ হাতে চমজি লৈছে পুত্ৰক। দীৰ্ঘদিনৰ পিছত পিতা পুত্ৰৰ মিলন হ'ল ভৰত বাংলাদেশ সীমান্তত। পাছ বছৰ পূৰ্বে ঘৰৰ পৰা ৰিস্কা চলাব বুলি ওলাই গৈছিল মুকুল হাজৰিকা। উৎফুল্লিত হৈ পৰিছে মাতৃ, পত্নী, তিনি সন্তানৰ লগতে আত্মীয় স্বজন। কিদৰে মঙ্গলদৈৰ পৰা বাংলাদেশ পালেগৈ সেই কথা জানিব পৰা নাই যদিও অনাধিকাৰ বাংলাদেশত প্ৰৱেশ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা বুলি সন্দেহ কৰা হৈছে। - First Published :
web
64402382888a9bcf07b8808337560f8db658475e8411075bf2e94f3adf7f2285
ধৰালৈ যিদিনা নামিব সৰগ ঃ কিয়? তোমালোক থাকোঁতেও মই ভয় কৰিব লাগিব নেকি? : মানুহৰ মুখৰ কথা হাবিৰ জুইৰ দৰে কোনো বাধা মানিব নোখোজে। : মানুহৰ কথালৈ কাণ নিদিলেই হয়। ঃ নিদি নোৱাৰা। তদুপৰি সমাজত থাকিলে, সমাজক মানি চলাটো বুধিয়কৰ : তেন্তে বেচ। মইতো ৰাজীয়েই। কিন্তু দেউতাৰ মত ল'ব কোনে? : সেই বিষয়ে ভাবিব নালাগে। তেখেতক বলে পাৰিব একমাত্র দেউতাইহে। তাৰ ব্যৱস্থা বাৰু কৰা হ'ব। ঃ দেখিছোঁ লাইন ক্লিয়াৰ। (এখন train whistle বজাই পাৰ হৈ যায়) ঃ এৰা সেই ১১ বজাৰ মেইল ট্ৰেইনখনৰ দৰেই। আমাক কোনেও বাধা দিব নোৱাৰিব (হাঁহি)। (সংগীত সেতু) : No no I cannot agree with you Parag তোমাৰ মত মই গ্ৰহণ কৰিব নোৱাৰোঁ। বিয়াটো মানুহৰ জীৱনৰ এটা এৰিব নোৱৰা কথা : তোমাৰ কথাকে বাৰু মানি ল'লোঁ উত্তম। কোনো কোনো ক্ষেত্ৰত পুৰুষৰ বেলিকা হয়তো তোমাৰ তথ্যটো খটাব পাৰি। কিন্তু তিৰোতাৰ বেলিকা? ঃ সেই একেকথা। : তেন্তে পুৰুষ আৰু তিৰোতাৰ ভিতৰত তুমি কোনো পার্থক্য কৰিব ঃ অন্ততঃ শিক্ষিত উচ্চ আদৰ্শ থকা পুৰুষ আৰু তিৰোতাৰ ভিতৰত। : তিৰোতা যে নিৰ্ভৰশীলা তাকো তুমি নামানিবানে? : নিশ্চয় নামানো। 'আজিৰ দিনত যেতিয়া তিৰোতাই পুৰুষৰ সৈতে সমানে সমানে খোজ পেলাইছে তেনে এটা যুগত তিৰোতাক নিৰ্ভৰশীলা বুলি কোৱা মানে অযথা অপবাদ দিয়া। : কিন্তু মাতৃত্বৰ অনুৰাগ? : Traditionৰ হেঁচা দি তিৰোতাক বাঢ়িবলৈ নিদিয়া এটা ফন্দি। : সঁচাকৈয়ে বৰ আচৰিত তোমাৰ ধাৰণাবোৰ। : মানুহৰ ভিতৰত লুকাই থকা বিৰাট জীৱনী শক্তিৰ কথা তুমি পাহৰি গৈছা পৰাগ। এই জীৱনী শক্তিৰ উৎকর্ষ সাধিবলৈ সুবিধা পায় কেইজনে? : সুবিধা ল'ব জানিব লাগিব।
pdf
70f2073c3d796b98c20388fea085b0695918f4fc
গুজৰাট-ৰাজস্থানত ভয়ংকৰভাবে বৃদ্ধি পাইছে ক'ৱিড-১৯মহামাৰীত মৃতৰ সংখ্যা। একেদৰে পঞ্জাৱতো উদ্বেগজনক হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। গুজৰাট-ৰাজস্থানত ভয়ংকৰভাবে বৃদ্ধি পাইছে ক'ৱিড-১৯মহামাৰীত মৃতৰ সংখ্যা। একেদৰে পঞ্জাৱতো উদ্বেগজনক হাৰত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি বিগত দুদিনত সমগ্ৰ দেশত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ১৪ শতাংশ বৃদ্ধি হৈ ৪০,২৬৩ জন হৈছে। এয়া হৈছে ইয়াৰ আগৰ ৪৮ ঘণ্টাৰ তুলনাত যোৱা ৪৮ ঘণ্টাত অধিক বৃদ্ধি। যোৱা ৪৮ ঘণ্টাত দেশত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৩৫,৩৬৫ জন আছিল। আনহাতে, দেশৰ ভিতৰত মহাৰাষ্ট্ৰ আৰু গুজৰাটত অধিক লোক এই মহামাৰীত আক্ৰান্ত হৈছে। তদুপৰি এই দুখন ৰাজ্যত ক'ৰ'নাত অধিকসংখ্যক লোক মৃত্যুমুখত পৰিছে। অৱশ্যে পশ্চিমৰ দেশসমূহৰ তুলনাত ভাৰত আৰু এছিয়াৰ দেশসমূহত ক'ৰ'নাত মৃতৰ হাৰ কম। দেওবাৰে সন্ধিয়ালৈকে মহাৰাষ্ট্ৰত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ৯, ৭৭৫ জন হয়। তাৰ পাছতে সৰ্বাধিকসংখ্যক লোক আক্ৰান্ত হৈছে গুজৰাটত। গুজৰাটত আক্ৰান্তৰ সংখ্যা কালি সন্ধিয়ালৈ ৩, ৮৯৭জন হয়। গুজৰাটৰ পাছতে দিল্লীত ২, ৮০২জন আক্ৰান্ত হৈছে। এই মহামাৰীত আক্ৰান্ত আৰু মৃতৰ দিশৰ পৰা দেশৰ চতুৰ্থ স্থানৰ ৰাজ্য হল মধ্য প্ৰদেশ । উত্তৰ প্ৰদেশতো ১,৮৮৫ জন লোক ক'ৰ'নাত আক্ৰান্ত হৈছে। শেহতীয়া তথ্য অনুসৰি পুনে, আহমেদাবাদ, ছুৰাট, চণ্ডীগড় আদিৰ পৰিস্থিত অধিক শোচনীয়। ৰাজস্থানত এটি ২০দিনীয়া শিশুৱেও এই মহামাৰীত প্ৰাণ হেৰুৱাইছে। ৰাজস্থানৰ জয়পুৰত ক'ৰ'নাত আক্ৰান্ত হৈ মৃত্যু হয় কন্যা শিশুটিৰ । উল্লেখ্য যে সমগ্ৰ বিশ্বৰ এইটোৱে প্ৰথম ঘটনা য'ত এটি কম-বয়সীয়া শিশুৰ মৃত্যু হৈছে। জানিব পৰা মতে, জয়পুৰৰ গাংগুৰী হাস্পাতালত শিশুটিৰ জন্ম হৈছিল । তাৰ পিছতেই শিশুটিক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত । অৱশেষত শনিবাৰে মৃত্যুক সাবটি ল'বলগীয়া হয় দুৰ্ভগীয়া শিশুটিয়ে । ইপিনে, দেশত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ লকডাউন । দেশত ক'ৰ'না ভাইৰাছৰ শৃংখলা ভংগ কৰাৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত আৰোপ কৰা ৪০ দিনীয়া লক-ডাউনৰ পিছত আকৌ অহা ১৭ মে'লৈ ঘোষণা কৰা হৈছে তৃতীয় পৰ্যায়ৰ লকডাউন । অৱশ্যে অসম চৰকাৰে কিছু শিথিলতা ঘোষণা কৰিছে। ৰাজ্যৰ অধিকাংশ জিলা ক'ৱিড-১৯ৰ গ্ৰীণ মণ্ডল হোৱাৰ পৰিপ্ৰেক্ষিতত আজি সোমবাৰৰ পৰা কিছু পৰিমাণে শিথিল কৰা হৈছে লকডাউন। অৱশ্যে ৰাজ্যৰ কিছুসংখ্যক জিলা যেনে মৰিগাঁও, বঙাইগাঁও, ধুবুৰী আৰু গোৱালপাৰাত এই শিথিলতা নাথাকিব । কাৰণ এই জিলা কেইখনত কৰনা আক্ৰান্ত আছে। স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত লক-ডাউন শিথিল কৰাৰ উদ্দেশ্যে হ'ল ৰাজ্যত আৰ্থিক কাম-কাজ পুনৰ আৰম্ভ কৰা যাতে ক'ৱিড-১৯-এ কৰা ক্ষতি ৰোধ কৰিব পৰা যায়।
web
39f305728e33905030a33c8a5f0a49d02bdac73f
"পৃথকে পৃথকে আঞ্চলিক দল হলে বিজেপিক জয়ী কৰাত সহায় কৰা হব। ঐক্যবদ্ধ হ'ব নোৱাৰা বাবে কা আমি জিকিব নোৱাৰিলোঁ। পৃথকে পৃথকে আঞ্চলিক দল হলে আমি পৰাজিত হোৱাটো নিশ্চিত"- এই মন্তৱ্য কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আজি পুনৰ স্বাস্থ্য পৰীক্ষাৰ বাবে অনা সময়ত কৃষক নেতা গৰাকীয়ে কয়-পৃথকে পৃথকে দল খুলি বিজেপিক যদি কোনোবাই জিকাব বিচাৰিছে তেন্তে খুলিব পাৰে। সেইয়া ৰাইজৰ সন্মুখত কৈ দিব লাগে"। ৰাজনৈতিক দল খুলিব বিচৰা সকলে মতাদৰ্শ-কৰ্মপন্থা মিলিব লাগিব বুলি কৈ থকা সন্দৰ্ভত গগৈয়ে কয়-" সংবিধান-কৰ্মসূচী যিহেতু দলটোত থাকিব গতিকে কোনেও তাত ভাগ ভাগ হ'ব নোৱাৰে। একে মতাদৰ্শ কৰ্মসূচী বিশ্বাসী সকল তাত থাকিব। এই কথাৰে যদি কোনোবাই আঞ্চলিক দলক বিভক্ত কৰিব বিচাৰিছে তাৰ অৰ্থ বিজেপি পক্ষত থকা"। অৰুনোদয় আচনিৰ জৰিয়তে ৮৩০ টকালৈ চৰকাৰে দিবলৈ লোৱা সিদ্ধান্তক সমালোচনা কৰি গগৈয়ে কয়-জনতাক ৮৩০ টকা দি কিনিব বিচৰাটো ভয়ানক। ক'ৰনাই বিধ্বস্ত কৰা অসমীয়া জাতিক ছয় মাহলৈ ১০ হাজাৰ টকালৈ নিদিলে অসমীয়া জাতি নাবাচিব। ক্ষতিপূৰণ আন্দোলন শক্তিশালী কৰিব লাগিব"। আনহাতে কা' আন্দোলনৰ গতি ৰুদ্ধ হোৱা প্ৰশংগ উল্লেখ কৰি তেওঁ কয় - কা' আন্দোলন দেখুৱাবলৈ সৰু-সৰুকৈ চলি থকাটো দুৰ্ভাগ্যজনক"। গুৰুত্বপূৰ্ণ কথা এই যে আছু- যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হব লগা নতুন ৰাজনৈতিক ঐক্যবদ্ধ হোৱা আহ্বান জনাইছিল কৃষক নেতা গৰাকীয়ে কিন্তু বৰ্তমানলৈ একত্ৰিত সন্দৰ্ভত আছু- পৰিষদৰ পৰা কোনো উত্তৰ লাভ কৰা নাই ৭০ সংগঠনে।
web
c504459cfde6886ec30e5fe50ba8fd9e975cd376
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ হিলভিউত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। গুৱাহাটী-লিডু অভিমুখী ইনটাৰচিটিয়ে মহটিয়াই নিলে ৰেহেলা বেগম নামৰ ৬২ বছৰীয়া বৃদ্ধাক। থিতাতে নিহত হয় মহিলাগৰাকী। মাৰ্ঘেৰিটা গেছ এজেন্সিত ৰন্ধন গেছৰ চিলিণ্ডাৰ বুক কৰিবলৈ গৈছিল বৃদ্ধাগৰাকী। অতি দৰিদ্ৰ পৰিয়ালৰ মহিলাগৰাকীৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোঁকৰ ছাঁ পেলাইছে। ইতিমধ্যে ৰেলৱে সুৰক্ষা বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে।
web
0f0540b8b129e3fd89c6b47b3743df565b829e876898c02416611965075a2e44
ওচৰলৈ মোৰ নবমমান শ্রেণীত পঢ়ি থকা ল'ৰাটোক পঠাইছিলো। মোৰ লগত সময়ে সময়ে অহা যোৱা কৰা বাবে ডাক্তৰে তাক ভালদৰে চিনি পাইছিল। সি ডাক্তৰৰ কোঠাত সোমাই ডনীয়েকে নিষখত বাদে আন বস্তু খোৱাত কিবা বাধা আছে নেকি বুলি সোধাত ডাক্তৰে নাই বুলি ক'লে। সি কোঠাৰ পৰা ওলাব খোজাৰ লগে লগেই ডাক্তৰে পিচ ফালৰ পৰা মাত লগালে, "হেৰা, মোৰ ফিদুটো - ফিফটিন, ফিফটিন ?" [কাহিনীটো একে নামেৰেই দৈনিক জনমভূমি বাতৰি কাকতৰ ১৯৯২ চনৰ ১৪ জুন তাৰিখৰ সংখ্যাত প্রকাশিত হৈছিল।]
pdf
24e7253c9b2d7c8eadffa8913181781031f921cb
1 Bepaŋ, du kotigoŋ kedem nanagileŋ. Yahwe, du pilap buŋa nehitubu-lodaweŋ. 2 Me nolidi nulukumuŋ tine tiiŋ. Ale du yehimoŋgofoune nadigiyondaaŋ meka tineŋ. Me noli adi nu'walaŋ malabumuŋnedok nadifo tiiŋ. Ale du yehikelekulune kotigoŋ uneŋ, kaŋ nadiyembune wohiyehinit mokit fofoŋhinit mintaneŋ. 3 Meheki i nanimpekit tiiŋ, doktiŋa yehitubu-meka hinek tibeŋ, kaŋ adi nehi'walaŋ titiŋhik u kaŋ boho tineeŋ. 5 Bepaŋ, nu adi gweheyeŋ tiŋa nu na nemek niŋ tibitdok tuwot mokoŋ. Unduŋ doktiŋa pilap hinek nu'walaŋkade iŋgoŋ beŋ. Yahwe, da kubugoŋdi nehitubu-lodaaŋ kotigoŋ nanagitaŋ. Unduŋ doktiŋa du woomhat mu tibeŋ, adi pilap hinek nehitubu-lodaweŋ.
web
d42f4d36c1a0ebf557af6619563413b553242de25dbc156beed68963b0e3c510
অসমীয়া কবিতাৰ প্ৰবাত্ব বর্ণনাৰে 'বলিছলন' অধ্যায় ৰচনা কৰা হৈছে। কীৰ্ত্তনৰ কাহিনীভাগ ভাগৱত পুৰাণৰ (৮/২২, ২৩) পৰা গৃহীত হ'লেও ভাগৱতৰ সৈতে একে নহয়। বামন পুৰাণতো তেনে কাহিনী পাবলৈ নাই। দশমস্কন্ধ ভাগৱতৰ (১০/৩, ৬-১৫) সাৰ সংগ্ৰহ কৰি 'শিশুলীলা' অধ্যায়টি ৰচনা কৰা হৈছে। ভাগৱত পুৰাণৰ বাহিৰেও ব্ৰহ্মবৈবর্তপুৰাণ আৰু বিষ্ণুপুৰাণতো কৃষ্ণজন্মৰ কথা বিবৃত হৈছে। শঙ্কৰদেৱে ভাগৱতৰ কাহিনীৰ আধাৰত কৃষ্ণৰ সংক্ষিপ্ত ৰূপৰ বৰ্ণনা, বাসুদেৱ দৈৱকীৰ স্তুতি, নন্দালয়ত স্থাপন, পুতনাবধ প্রভৃতি বিষয়বোৰৰ চমু আৰু সৰল বর্ণনা দাঙি ধৰিছে। কৃষ্ণক বধ কৰিবৰ বাবে কংসই যিমানেই দৈত্যপ্ৰেৰণ কৰিছে সকলো তেওঁৰ ওচৰত জাহ গৈছে। 'অচিন্ত্য মহিমা হবি পুরুষ প্রধান। লীলা কৰি অনেক দৈত্যৰ লৈলা প্রাণ।। কংসৰ পাঞ্চনি পাই যত দৈত্য আসে। তুমি অগনিত যেন পূৰি মৰে জাসে।। কৃষ্ণজন্মৰ পাছত কংসৰ নিৰ্দেশক্রমে অঘ, বক, প্রলম্ব, কেশী প্রভৃতি অসুৰসকলে কৃষ্ণক বধ কৰিবৰ বাবে যায় যদিও কৃষ্ণৰ হাতত প্ৰাণ দিবলগীয়াত পৰে। কৃষ্ণ জন্মৰ ষষ্ঠ দিনা পুতনা বধ আৰু তিনিমাহ অতিক্ৰম হোৱাৰ পাছত শকত ভঞ্জন লীলা সম্পাদিত হয়। কৃষ্ণই বকাসুৰ, বৎসাসুৰ, অঘাসুৰ শকট প্রভৃতি অসুৰক বধ কৰি ভক্তক ৰক্ষা কৰিছে। আনহাতে শিশুসুলভ কাৰ্যাৱলীৰে মাতৃ যশোদা আৰু গোপীসকলক আমনি কৰি নানাধৰণৰ লীলা প্ৰদৰ্শন কৰিছে। তদুপৰি মাতৃ যশোদাক স্থাৱৰ জঙ্গমাত্মক সর্বভূতময় বিশ্ব দর্শন কৰাইছে। যশোদাই কৃষ্ণৰ মুখত দেখা বিশ্বদৰ্শন তাৎপর্যপূর্ণ : 'যশোদা সুন্দৰী দেখম্ভ পাছে। সমস্ত জগত গৰ্ভত আছে।। সাতোখন দ্বীপ সাতো সাগৰ। গিৰিবন নদী গ্রাম নগৰ।। বায়ু সূর্য শশী দিশ আকাশ। তৰাগণো তৈতে কৰৈ প্ৰকাশ।। শিশুলীলা অধ্যায়টিত কৃষ্ণৰ অলৌকিকত্ব বিকশিত হোৱাৰ লগে লগে ভক্তিতত্ত্বৰো পৰিচয় ফুটি উঠিছে। দশম স্কন্ধ ভাগৱতৰ ২৮-৩৩ অধ্যায়ৰ কাহিনীৰ আধাৰত 'ৰাসক্রীড়া' অধ্যায়টো ৰচনা কৰা হৈছে। ভাগৱতৰ উপৰিও বিষ্ণুপুৰাণ, ব্ৰহ্মবৈবর্তপুৰাণ, হৰিবংশ আদিত ৰাসক্ৰীড়াৰ কাহিনীভাগ পোৱা যায়। ৰাসক্ৰীড়াত শৃংগাৰ ৰসৰ বৰ্ণনা থাকিলেও তাৰ বক্তব্য সুকীয়া; ইয়াৰ যোগেদি শৃংগাৰৰ প্ৰভাৱৰ পৰা মুক্ত হৈ শুদ্ধ আৰু নিৰ্মল মতি সম্পন্ন হোৱাৰহে ইংগিত দিয়া হৈছে। 'তেজস্বীত কিছু নাহি অধর্ম' ৰাসক্ৰীড়াৰ এই বাণীত ভক্তিধৰ্ম আৰু ভক্তিৰসৰ অপৰাজেয় মহিমা প্রকাশ পাইছে। ইয়াত বন্ধনহীন প্ৰেমৰ দুর্নিবাৰ আবেগে সমাজ-বাস্তৱৰ সীমা অতিক্ৰম কৰি মানুহৰ অন্তৰত প্ৰৱেশ কৰিছে। ৰাসক্ৰীড়া তাত্ত্বিক আৰু পাৰমাৰ্থিক দিশৰ পৰাও অতি তাৎপর্যপূর্ণ। পুৰুষপ্ৰকৃতিৰ প্ৰতি সমজ্ঞানী মুনি শুকদেৱে মৃত্যুমুখী ৰজা পৰীক্ষিতৰ আগত আধ্যাত্মিক তত্ত্বৰে পৰিপূৰ্ণ ভাগৱতৰ কথা বর্ণনা কৰোঁতে ৰাসক্ৰীড়াৰ প্ৰসংগও বর্ণিত হৈছে। গোপীসকল জীবাত্মা আৰু ভগৱান পৰমাত্মা। সেয়ে ভগৱানৰ বংশীধ্বনিত আকৰ্ষিত হৈ গোপীসকল যমুনাৰ বালিলৈ ধাপলি মেলিছে। জগতৰ স্বামী কৃষ্ণৰ শৰণাপন্ন হলে মায়িক পতি ত্যাগজনিত ব্যভিচাৰ হ'ব নোৱাৰে বাবেই কৃষ্ণই দেখুৱা ধৰ্মভয় যুক্তিৰে খণ্ডন কৰি গোপীসকলে ঈশ্বৰবোধে ভগৱানৰ ওচৰত ভক্তিভাব প্রদর্শন কৰিছিল 'সমস্ত বিষয় এড়িয়া স্বামী। ভজিলো তোহ্মাৰ চৰণে আমি।' কিন্তু, কৃষ্ণৰ নিবিড় সান্নিধ্য পাই গোপীসকল মায়িকাভাবাপন্ন হৈ পৰাত গোপীসকলৰ দৰ্প চূৰ্ণ কৰিবৰ বাবে ভগৱান ততালিকে অন্তৰ্দ্ধাৰ্ন হয় আৰু গোপীসকলে কৃষ্ণৰ চৰণ চিহ্ন চাই তেওঁৰ অন্বেষণ কৰিবলৈ ধৰিলে। ইপিনে কৃষ্ণৰ সহগামিনী গোপীগৰাকীৰো মনত গর্ব ভাব ওপজাত কৃষ্ণ তেওঁৰ ওচৰৰ পৰাও অন্তৰ্দ্ধান হ'ল। শেষত 'আনন্দ বঢ়ায়া গোপীগণৰ মধ্যত। পৰম মধুৰ মূৰ্ত্তি ভৈলন্ত বেকত।' ভক্ত আৰু ভগৱানৰ এই মিলনত গোপীসকলৰ বিৰহতাপ আঁতৰিল আৰু মন আনন্দত ভৰি উঠিল। কাৰণ লীলা-বিগ্ৰহধাৰী শ্ৰীকৃষ্ণ কেৱল গোপীসকলৰে পতি নহয়, গোপীপতিসকলৰ আৰু অন্যান্য দেহধাৰী জীৱসকলৰো গৰাকীস্বৰূপে তেওঁ সকলোৰে অন্তৰত অন্তর্যামী ৰূপে বিৰাজমান। এই পৰমাত্মা কৃষ্ণই গোপভৰ্ত্তাৰূপে গোপীসকলৰ সৈতে ৰাসক্ৰীড়া কার্য সম্পন্ন কৰে। ভাগৱত পুৰাণৰ (১০/৩৬/১৬, ১০/৪৫/৫১) কাহিনীৰ আধাৰত কীৰ্ত্তনৰ 'কংসবধ' অধ্যায়টো ৰচনা কৰা হৈছে। সেইদৰে বিষ্ণু পুৰাণ, ব্ৰহ্মবৈবৰ্ত্তপুৰাণ আৰু গৰ্গসংহিতাতো কিছু পৰিৱৰ্ত্তিত ৰূপত কংসবধৰ কাহিনীভাগ বিবৃত হৈছে। ৩। গোপীনাং তৎপাতিনাঞ্চ সর্ব্বেপ্রাণকৈর দেহিনাম।/ মোহন্তশ্চৰতি মোহযাদ এব ক্রীড়ন দেহভাক।। ভা.গু. ১০/০৩/০৫ অসমীয়া কবিতাৰ প্ৰত্ব কংস পূর্বজন্মত কালনেমি দৈত্য আছিল। নাৰদে এই কথা কংসক কৈছিল। কংসই নাৰদৰ মুখেদি নিজৰ নিধন বাৰ্তা জানিব পাৰি পিতৃ উগ্রসেনক বন্দী কৰে আৰু যদুবংশৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে। কংসই চাণুৰ, মুষ্টিক, কেশী, অঘাসুৰ, ধেনুকাসুৰ, তৃণাবর্ত, বকাসুৰ আদিক যুদ্ধত পৰাস্ত কৰি নিজৰ অধীনলৈ আনে আৰু তেওঁলোকৰ সহযোগত অখণ্ড ৰাজ্য ভোগ কৰিবলৈ ধৰে। কংসই অসীম শক্তি আৰু সৈন্য-সামন্তৰ পৰাক্ৰমেৰে জগতখনকে তৃণবৎ জ্ঞান কৰিলে যদিও কৃষ্ণৰ হাতত তেওঁৰ দ্বাৰা প্ৰেৰিত ভালেমান অসুৰ নিহত হোৱাত কংস চিন্তিত হয় আৰু যিকোনো প্ৰকাৰে কৃষ্ণক বধ কৰাৰ চিন্তা কৰে। কংসই অক্ৰুৰক গোকুললৈ পঠিয়াই কৃষ্ণক মথুৰালৈ মতাই আনে। অক্ৰুৰে কৃষ্ণক মথুৰালৈ অনাত গোপীসকলে মনত বৰ দুখ পালে। ভাগৱতত কৃষ্ণবিৰহ তাপিত গোপীসকলৰ দীঘলীয়া বৰ্ণনা পোৱা যায়। কীৰ্ত্তনত সেইখিনি চমুকৈ বৰ্ণনা কৰা হৈছে। 'পৰশুৰামে কংসক দান কৰা মহাধনুখনত যিজনে গুণ লগাব, সেইজনেই সাক্ষাৎ পৰিপূৰ্ণ ভগৱান আৰু তেওঁৰ হাততেই কংসৰ মৃত্যু হ'ব বুলি পৰশুৰামৰ পৰা কংসই জানিছিল। কৃষ্ণই অপ্রয়াসে সেই ধনু ভংগ কৰাত পৰশুৰামৰ সেই ভৱিষ্যৎবাণী মনত পৰি কংসৰ মন অস্থিৰ হৈ পৰিল। ভয়তেই তেওঁৰ টোপনি নহা হ'ল। পাছত কৃষ্ণৰ হাতত কংসই মুক্তি লাভ কৰিলে। কাৰণ, কংসই দৈৱবাণী শুনাৰে পৰা কৃষ্ণ মথুৰাত প্ৰৱেশ কৰালৈকে কেৱল কৃষ্ণ-ভাৱনাতে আছিল, সেইবাবেই তেওঁ সাৰূপ্য মুক্তি লাভ কৰিলে। "পিয়ন্তে বোলন্তে সিটো পথত ভ্রমন্তে। নিশ্বাস কাঢ়ন্তে নিশি শয়ন কৰন্তে।। ভয়তে আগতে দেখে কৃষ্ণক সদায় । সিহেতু কৃষ্ণৰ ৰূপ পাইলা কংসবায়।।" কৃষ্ণই পাছত পিতৃ-মাতৃক বন্ধনমুক্ত কৰি, উগ্রসেনক পুনৰ মথুৰাৰ সিংহাসনত অধিস্থিত কৰিলে। দশমস্কন্ধ ভাগৱতৰ কাহিনীৰ আধাৰত 'গোপী-উদ্ধৱ সংবাদ' অধ্যায়টি ৰচনা কৰা হৈছে। কৃষ্ণ প্রেৰিত দূত উদ্ধৱ আৰু কৃষ্ণ বিৰহিনী গোপীসকলৰ মাজত হোৱা উক্তি-প্রত্যুক্তিখিনিয়ে এই অধ্যায়ৰ মূলকথা। কংসৰ আদেশ অনুসাৰে অক্ৰুৰৰ সৈতে কৃষ্ণ মথুৰালৈ যোৱাত বিৰহত দক্ষিত হোৱা গোপীসকলক শান্ত কৰিবৰ কাৰণে কৃষ্ণই ৪। সানিত্যদোমিবিয়া তমীশ্বৰং পিক অঙ্গন বা বিচৰণ স্বপন স্বসস্।/ দর্শন চক্ৰণরুধমত্রতো যতঃ তদের ৰূপং দুৰব্বাপমাপ।। ভা.-পু. ১০/৪৪/৩৯ উদ্ধৱক গোকুললৈ পঠাইছিল। উদ্ধৱে প্ৰথমে নন্দ-যশোদাক সাক্ষাৎ কৰে আৰু তেওঁলোকক নানাধৰণৰ প্ৰবোধ দিয়ে। পাছত গোপীসকলে সুৱৰ্ণৰ ৰথ দেখি প্রথমে কংসদৃত অক্ৰুৰ বুলি ভাবি নানা ধৰণৰ গালি শপনি পাৰে যদিও পাছত আচল কথাটি জানিব পাৰি উদ্ধৱক মাতি নি সকলোৱে বেৰি ধৰি কৃষ্ণৰ বাতৰি সুধিবলৈ ধৰিলে। 'বিৰলে নিয়া উদ্ধৱক মাতি। বেঢ়িয়া বসিল সমাজ পাতি।' মথুৰাত আন সুন্দৰী নাৰীৰ সান্নিধ্য পাই কৃষ্ণই উভতি নহা বুলি গোপীসকলে কৃষ্ণক স্মৰণ কৰি কান্দিবলৈ ধৰিলে। উদ্ধৱে গোপীসকলৰ একান্ত প্রেমভক্তি দেখি আচৰিত হ'ল। তেওঁ গোপীসকলক নানা ধৰণৰ প্ৰবোধ দি তেওঁলোকৰ প্ৰতি প্ৰেমৰ গভীৰতাৰ কথা ব্যক্ত কৰিলে। তেওঁ লগতে মথুৰাৰ লীলা সম্পাদন কৰি কৃষ্ণ সোনকালেই গোকুললৈ উভটি আহিব বুলিও ক'লে। 'গোপী-উদ্ধৱ সংবাদ'ত উদ্ধৱ আৰু গোপীসকলৰ কথোপকথনৰ মাজেদি অকৃত্রিম ভক্তিৰ লগে লগে একশৰণৰ মাহাত্ম্য প্রকাশিত হৈছে। গোপীসকলৰ কৃষ্ণৰ প্ৰতি থকা বিশ্বাস, নিষ্ঠা, প্রেমভক্তি আৰু কৃষ্ণৰ শৰণাগতৰ প্ৰতি থকা প্ৰেমৰ গভীৰতাই গোপীসকলক পৰম ঐশ্বৰ্য প্ৰদান কৰিছিল। দশমস্কন্ধ ভাগৱতৰ ৪৮ অধ্যায়ৰ দশম সংখ্যক শ্লোকৰ আধাৰত 'কুজীৰ বাঞ্ছা পূৰ্ণ'ৰ কাহিনীভাগ ৰচনা কৰা হৈছে। কুঁজীক দিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি বন্ধু উদ্ধৱৰ সৈতে কুঁজীৰ গৃহত কৃষ্ণই প্রবেশ কৰে। 'মদনে দগধ সৈৰিষ্ক্ৰীক জানি পাছে হৰি অন্তর্যামী। উদ্ধৰ সহিতে তাইৰ মন্দিৰত লড়িলা জগত স্বামী।। স্বামীসকলেৰে সৈতে কুঁজীয়ে উদ্ধৱ আৰু কৃষ্ণক শিষ্টাচাৰ ৰক্ষা কৰি ভক্তিপূর্বক ব্যৱহাৰ কৰিছে। পাছত কুঁজীৰ আহ্বান অনুসৰি তেওঁৰ গৃহত কেইদিনমান অতিবাহিত কৰি উদ্ধৱৰ সৈতে দুয়ো নিজ গৃহলৈ যাত্ৰা কৰিলে। কামভাৱে ভজিলেও যে কৃষ্ণক পাব পাৰি কুঁজীৰ বাঞ্ছা পূৰণেই তাৰ উৎকৃষ্ট নিদর্শন। ভাগৱতৰ দশম স্কন্ধৰ পঞ্চাশ অধ্যায়ৰ কেইটামান শ্লোকৰ আধাৰত শঙ্কৰদেৱে 'জাসদ্ধ যুদ্ধ' অধ্যায়টো ৰচনা কৰিছে। ৫। এ্যামি তে গৃহৎ সুত্র। (ভাঃ পুঃ ১০/৪২/১২) অসমীয়া কবিতার প্রবাহ কংসৰ মৃত্যুৰ পাছত তেওঁৰ দুগৰাকী বিধবা পত্নী অস্তি আৰু প্ৰাপ্তিয়ে পিতৃগৃহলৈ গৈ সবিশেষ জনোৱাত জৰাসন্ধ খঙত জ্বলি উঠে আৰু তেইশ অক্ষৌহিনী সৈন্য লৈ কৃষ্ণবধৰ উদ্দেশ্যে মথুৰালৈ যায়। জৰাসন্ধৰ আগমনত মথুৰাবাসী শংকিত হৈ পৰিল। তেতিয়া কৃষ্ণই জ্ঞাতি বৰ্গৰ সৈতে আলোচনা কৰি সকলোকে নিৰ্ভৰবাণী প্ৰদান কৰিলে : বুলিলা মাধৱে নিৰ্ভয় বাণী। কৰিলা আলোচ জ্ঞাতিক আনি।। প্রধান সোধ্যক্ষসকলৰে সৈতে আলোচনা কৰি কৃষ্ণ-বলৰাম যুদ্ধৰ বাবে সাজু হ'ল। কৃষ্ণৰ ইচ্ছা মানেই শত্ৰু সংহাৰৰ কাৰণে বৈকুণ্ঠৰ পৰা অস্ত্র-শস্ত্ৰৰে সুসজ্জিত ৰথ নামি আহিল আৰু ৰথাৰোহন কৰি সৈন্য সহিতে কৃষ্ণ শত্ৰু সৈন্যৰ ওচৰত উপস্থিত হ'ল। দুয়োপক্ষৰ মাজত তুমুল যুদ্ধ লাগিল। ৰণত জৰাসন্ধ হাৰিল। পাছত বাণ, শিশুপাল প্রভৃতি কৃষ্ণবিৰোধী নৃপতিসকলৰ আগত জৰাসন্ধই নিজৰ দুখ নিবেদন কৰিলে। পিছত বাণৰ পৰা হয়-হস্তী, ৰথ সেনাদি লৈ পুনৰ মগধ আক্ৰমণ কৰি ৰামকৃষ্ণৰ ওচৰত পৰাজয় বৰণ কৰে। এনেদৰে জৰাসন্ধই সোতৰ বাৰ মগধ আক্রমণ কৰি প্ৰতিবাৰেই হাৰ মানিবলৈ বাধ্য হয়। ভাগৱতৰ দশম স্কন্ধৰ ৪৮ অধ্যায়ৰ ১২ সংখ্যক শ্লোকৰ পৰা ৩৬ সংখ্যক শ্লোকলৈ মুঠ পঁচিশটি শ্লোকৰ আধাৰত 'অক্ৰুৰৰ বাঞ্ছাপূৰণ' অধ্যায়টি ৰচনা কৰা হৈছে। কৃষ্ণই জগতবৈৰী কংসক মাৰি অক্ৰুৰৰ ঘৰলৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল। সেয়েহে বলৰাম আৰু উদ্ধৱক লগত লৈ কৃষ্ণই অক্ৰুৰৰ গৃহত পদার্পন কৰিলে। অক্ৰুৰে তিনিওকো নমস্কাৰ জনাই ঈশ্বৰ বুদ্ধিৰে সেৱা সৎকাৰ কৰিলে। অক্ৰুৰৰ কৃষ্ণস্তুতিত সংসাৰী বিষয় জঞ্জালৰ অসাৰত্ব প্ৰকাশৰ লগে লগে সেইবোৰ ত্যাগ কৰি একান্তভাৱে হৰিভক্তি আচৰণৰ আকাংখ্যা প্রকাশিত হৈছে। অক্ৰুৰৰ প্ৰাৰ্থনা অনুসৰি কৃষ্ণই তেওঁৰ কাঙ্খিত ফল প্রদান কৰিছে। দশম স্কন্ধ ভাগৱতৰ পঞ্চাশ অধ্যায়ৰ ৪৩-৫৭ শ্লোকলৈ আৰু পৰৱৰ্তী অধ্যায়ৰ ১-১৩ শ্লোকলৈ মুঠ ২৮ টি শ্লোকৰ আধাৰত কীৰ্ত্তনৰ 'কালযৱন বধ' অধ্যায়টি ৰচনা কৰা হৈছে। মহাদেৱক সন্তুষ্ট কৰি অভিলষিত বৰ লাভ কৰি কালযৱনে সমকক্ষ যোদ্ধা বীৰৰ সন্ধান কৰি নাৰদৰ পৰামৰ্শক্রমে মথুৰা অৱৰোধ কৰিলেহি। তেতিয়া কৃষ্ণই জ্ঞাতিবৰ্গৰে আলোচনা কৰি সাগৰৰ মাজত সকলোৰে অগম্য দ্বাৰকাপুৰী নিৰ্মাণ কৰিলে। স্বয়ং বিশ্বকৰ্মাৰ দ্বাৰা নির্মিত এই দ্বাৰকা নগৰলৈ ইন্দ্ৰই অতি মাহাত্ম্যপূর্ণ সুধর্মা সভাখনো পঠিয়াই দিলে বৰশ, কুবেৰ আৰু অন্যান্য দিকপাল দেৱতাসকলেও নিজ নিজ বিভূতি প্ৰদান কৰি দ্বাৰকাক ঐশ্বর্যশালী কৰি তুলিলে : শ্রীমন্ত শঙ্কৰদেৱৰ কীর্তন ঘোষা : এটি আলোচনা 'সেহি দ্বাৰকাক লাগি কৃষ্ণে অবিকলে। মথুৰাৰ প্ৰজাক আনিলা যোগবলে।। তাৰ পাছতেই প্রজাসাধাৰণক নিৰাপদে ৰাখি কৃষ্ণই যৱনক দেখা দিলে। নাৰদৰ মুখেদি শুনা কৃষ্ণৰ ৰূপ-কান্তিৰ পৰা যৱনে কৃষ্ণৰ লক্ষণ নিৰূপণ কৰি তেওঁৰ পিছে পিছে ধাবিত হোৱাত কৃষ্ণই চল কৰি 'গিৰি গহ্বৰত' প্ৰৱেশ কৰিলে আৰু তাত কোনোবা এজন শুই থকা দেখি যৱনে তেওঁকেই কৃষ্ণ বুলি ভৰিৰে আঘাট কৰিলে : 'কৃষ্ণ হেন মানি মাৰিলেক লাথি দুৰ্জ্জন কালযৱনে।' সেই ঠাইত শয়নৰত মুচুকুন্দই সাৰ পাই তেওঁক কোনে গোৰ মাৰিলে বুলি চাৰিওফালে চাওঁতেই তেওঁৰ চকুত পৰি যৱন ততালিকে ভস্ম হৈ গ'ল। কালযৱন ভস্মীভূত হোৱাৰ পিছত কৃষ্ণই মুচুকুন্দৰ ওচৰত দেখা দিয়ে আৰু পৰস্পৰৰ মাজত পৰিচয় বিনিময় হয়। কৃষ্ণৰ পৰিচয় পাই মুচুকুন্দই তেওঁৰ ওচৰত স্তুতি জনায়। এই স্তুতিত সংসাৰৰ অনিত্যতা আৰু অসাৰতাৰ লগতে কৃষ্ণৰ প্ৰতি ভক্তিভাব প্রকাশিত হৈছে। মুচুকুন্দৰ স্তুতিত সন্তুষ্ট হৈ কৃষ্ণই তেওঁক এনেদৰে উপদেশ দিছিল : "ক্ষত্ৰিয়ৰ ধৰ্মত থাকিয়া নৃপবৰ । কৰি আছা বধ তুমি জন্তু অনেকৰ । শ্ৰৱণ-কীৰ্ত্তনে মোক কৰিব আশ্রয়। তপ কৰি এবে সিটো পাপ কৰা ক্ষয় / " আৰু সেয়ে কৃষ্ণৰ পৰামৰ্শক্রমে মুচুকুন্দই বদৰিকাশ্ৰমত গৈ একান্তভাৱে কৃষ্ণক আৰাধনা কৰিবলৈ ধৰিলে : 'বদৰিকাশ্রমে গৈয়া ধৰিয়া সমাধি। থাকিলন্ত মুচুকুন্দ কৃষ্ণক আৰাধি।। ভাগৱত পুৰাণ (১০/৫৬/১-৪৫), বিষ্ণুপুৰাণ প্রভৃতি পুৰাণত 'সম্যস্তক হৰণ'ৰ কাহিনীভাগ পোৱা যায়। বিষ্ণু পুৰাণৰ মতে সত্ৰাজিতে সূৰ্য আৰাধনা কৰি স্যমন্তক মণি লাভ কৰিছিল। এই মণি ব্যাধি-বাঘ্ৰ সৰ্পাদি ভয়ৰহিত আৰু নিতৌ অষ্টভাৰ সুবৰ্ণ প্ৰদানৰ ক্ষমতাৰে মহীয়ান। সেয়ে এদিন কৃষ্ণই সত্ৰাজিতৰ পৰা সেই মণি বিচাৰিলে। কিন্তু, মণি নিদিয়া কাৰণে সত্ৰাজিতৰ বিপর্যয় ঘটিল। কাৰণ মণিৰ প্ৰভাৱ অসীম হলেও ভগৱন্তৰ অকৃপাত তাৰ কোনো ফল নধৰিলে। অসমীয়া কবিতার প্রবা প্ৰসেনৰ যোগেদি এই মণি গৈ জাম্বৱৰ্ত্তৰ হাতত পৰিল আৰু অপবাদৰ হাত সাৰিবলৈ কৃষ্ণই জাম্বৱন্তৰ সৈতে যুদ্ধ কৰি সেই মণি হস্তগত কৰিলে। জাম্বৱন্তই হাৰ মানি মণিৰ লগতে কন্যা জাম্বৱতীকো কৃষ্ণলৈ বিয়া দিলে। পাছত কৃষ্ণই স্যমন্তক মণি সত্ৰাজিতৰ হাতত শোধাই দিলে। সত্রাজিতে কৃষ্ণক মিছাতে কলংক দিয়া বুলি অনুতাপ কৰিলে আৰু নিজ কন্যা সত্যভামাক কৃষ্ণলৈ বিয়া দিলে 'মণি সমে কন্যা দিলা নিয়া।' দশম স্কন্ধৰ উণসত্তৰ অধ্যায়ৰ পৰা 'নাৰদৰ কৃষ্ণদৰ্শন' অধ্যায় ৰচনা কৰা হৈছে। প্রাকৃতিক দৃশ্যেৰে পৰিপূৰ্ণ সুৰম্যপুৰী দ্বাৰকাত প্ৰৱেশ কৰি নাৰদে একেদিনাই একেসময়তে কৃষ্ণক বিভিন্ন ৰূপত প্ৰত্যক্ষ কৰি আচৰিত হ'ল - 'পৰম বিস্ময় ভৈলা দশম স্কন্ধত উগান্নব্বৈ অধ্যায়ৰ ২২-৬৪ শ্লোকৰ কথাবস্তুৰ আধাৰত 'বিপ্ৰপুত্ৰ আনয়ন' অধ্যায় ৰচনা কৰা হৈছে। দ্বাৰকাবাসী এগৰাকী বিপ্ৰৰ সন্তান জন্ম হৈয়েই মৃত্যুগামী হোৱাত ব্ৰাহ্মণে পুত্ৰৰ মৃত্যুৰ অপৰাধ দ্বাৰকাপতি উগ্রসেনৰ ওপৰত জাপি দিয়াত অৰ্জুনে বিপ্ৰৰ সন্তান ৰক্ষা কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে। কৃষ্ণয়ো ৰক্ষা কৰিব নোৱৰা সন্তান অৰ্জুনে ৰক্ষা কৰিব বুলি কোৱাত অর্জুনৰ অহংকাৰ ভাব প্রকাশিত হ'ল। 'নোহো বাসুদেৱ কামদেৱ অনিৰুদ্ধ।' নটি সন্তানক হেৰুৱাই দশমটি সন্তানৰ প্ৰসৱৰ সময় উপস্থিত হোৱাত সেয়ে ব্রাহ্মণে অৰ্জুনৰ সহায় বিচাৰিলে 'ত্রাহি ধনঞ্জয় বুলি ব্ৰাহ্মণে চেঞ্চাই।' কিন্তু অর্জুনে কাড়েৰে স্মৃতিকা গৃহটি আবৃত কৰিও সন্তানক ৰক্ষা কৰিব নোৱৰিলে; পিঞ্জৰাবদ্ধ শিশুটি শৰীৰসহ অন্তৰ্দ্ধাৰ্ন হ'ল আৰু বিপ্ৰই ক্ৰোধতে অর্জুনক নানা ধৰণৰ ভৎসনা কৰিলে। অর্জুনে চৌদিশে চলাথ কৰিও বিপ্ৰপুত্ৰক আনিব নোৱাৰি পূৰ্ব-প্রতিজ্ঞা অনুসৰি অগ্নিত আত্মবিসর্জন দিব বিচাৰিলে। তেতিয়া কৃষ্ণই নিষেধ কৰি নিজেও ৰথত উঠি ব্ৰাহ্মণৰ পুত্ৰৰ সন্ধানত ওলাল। তাত কৃষ্ণই কালপুৰবাসী নাৰায়ণক সাক্ষাৎ কৰি প্ৰণাম জনালে। নাৰায়ণে কৃষ্ণক চাবৰ কাৰণে ব্ৰাহ্মণৰ পুত্ৰসকলক তালৈ নি পিছত কৃষ্ণাৰ্জ্জুনৰ হাতত গতাই দিয়াত পাৰ্থৰ প্ৰতিজ্ঞা ৰক্ষা পৰিল আৰু তেওঁ সন্তানকেইটি বিপ্রক প্রদান কৰিলে। অৰ্জুনৰ কাৰ্যত বিপ্ৰ অতি সুখী হৈ তেওঁক প্ৰশংসা কৰিলে 'অর্জুন ধন্য বুলি বখানন্ত।' কিন্তু বিপ্লই অর্জুনক প্রশংসা কৰিলেও আচলতে কৃষ্ণৰ দ্বাৰাহে সমস্ত কার্য সম্পন্ন হৈছে 'পৌৰুষ পুৰুষৰ কিছু নুই। কৃষ্ণৰ প্ৰসাদে সমস্ত হই।। ভাগৱত পুৰাণত অর্জুনেও এই কথা স্বীকাৰ কৰিছে যে আচলতে কৃষ্ণৰ অনুগ্রহতহে সেই কাম সম্পন্ন হৈছে। দশমস্কন্ধ ভাগৱতৰ আশী আৰু একাশী অধ্যায়ত কাহিনীৰ আধাৰত 'দামোদৰ বিপ্ৰাখ্যান' অধ্যায়টি ৰচনা কৰা হৈছে। ভাগৱতৰ 'সুদামা'ই কীৰ্ত্তনত দামোদৰ ৰূপে বৰ্ণিত হৈছে। দৰিদ্ৰ হ'লেও ধৈৰ্যশীল আৰু সহিষ্ণু দামোদৰে বাল্যকালত কৃষ্ণৰ সৈতে একেলগে গুৰুগৃহত পঢ়াশুনা কৰিছিল। তেওঁলোক ইমানেই দৰিত্ৰ আছিল যে 'খাইবে খুষ্টিবাক একোৱে নাহিকে বস্ত্রহীন শৰীৰত'। সেয়ে দামোদৰৰ পত্নীয়ে একালৰ সহপাঠী ভগৱান কৃষ্ণৰ ওচৰলৈ কিবা এটা ভিক্ষা কৰি আনিবলৈ অনুৰোধ জনালে। লগতে নিজে ভিক্ষা কৰি অনা চাউল-চিৰা চাৰিমুঠিকে টুপলি বান্ধি দ্বাৰকালৈ যাত্ৰা কৰিলে। দ্বাৰকাত বাল্যকালৰ সহপাঠী বন্ধুক পাই কৃষ্ণই তেওঁক আদৰ-সৎকাৰ কৰিলে আৰু তেওঁ লুকুৱাই নিয়া চাউল-চিৰাৰ টোপোলাটো বিচাৰিলে আৰু বিপ্ৰই দিবলৈ অস্বীকাৰ কৰা সত্বেও 'কানিৰ টুপলি, বিচাৰি আনিলা, আপুনি জগত স্বামী' আৰু বিপ্ৰই ক'বলৈ নৌপাওঁতেই তাৰে এমুঠি ভক্ষণ কৰি 'মনুষ্য দুর্লভ পৰম সম্পদ' বিপ্ৰক দান কৰিলে। বিপ্লই ৰাতিতো কৃষ্ণৰ গৃহত কটাই পিছদিনা পুনৰ স্বগৃহলৈ মেলানি মাগিলে। নিজ গৃহত প্ৰৱেশ কৰি বিপ্ৰই অতি আচৰিত হ'ল আৰু সেয়া যে ভগৱানৰে দান সেই কথা তেওঁ উপলব্ধি কৰিব পাৰিলে। দশম স্কন্ধৰ পঁচাশী অধ্যায়ৰ ২৭-৫৯ শ্লোকৰ অন্তৰ্গত কাহিনীভাগক সামৰি 'দৈৱকীৰ পুত্ৰ আনয়ন' অধ্যায়টি ৰচিত হৈছে। ৰাম-কৃষ্ণই গুৰুকুলত শাস্ত্ৰাধ্যয়ন কৰি থকাৰ সময়ছোৱাত 'গুৰুৰ মৃতক পুত্ৰক কৃষ্ণে দিলে আনি।' এই সংবাদ শুনিবলৈ পাই দৈৱকীৰ কংসই হত্যা কৰা তেওঁৰ ছটি সন্তান দৰ্শনৰ ইচ্ছা জগিল আৰু ৰামকৃষ্ণক পুত্রকেইটি আনি দিবৰ বাবে অনুৰোধ জনালে; আৰু ৰাম-কৃষ্ণয়ো মাতৃৰ আজ্ঞা পালন কৰিব বুলি কথা দিলে। তাৰ পাছতেই দুয়ো ভাই-ককাই বলিৰ সুতলপুৰীত গৈ প্ৰৱেশ কৰাত বলি ৰজাই দুয়োকো যথাযোগ্য আদৰ-অভ্যর্থনা জনালে আৰু কৃষ্ণক নানা ধৰণৰ স্তুতি কৰিলে। তাৰ পিছতেই ৰাম-কৃষ্ণৰ অনুৰোধ ক্ৰমে বলিয়ে দৈৱকীৰ ছয়োজন সন্তানক আনি 'ভক্তিভাৱেৰে ৰাম-কৃষ্ণৰ হাতত অৰ্পন' কৰিলেহি। পিছত কৃষ্ণই পুত্ৰসকলক আনি দৈৱকীৰ হাতত অৰ্পণ কৰাত তেওঁ অতি আনন্দেৰে পুত্ৰসকলক স্তন পান কৰাই আনন্দ লাভ কৰিলে। এনেদৰেই ছয় পুত্ৰই ব্ৰহ্মশাপৰ পৰা নিস্তাৰ লাভ কৰি বিষ্ণুৰ প্ৰসাদত মুক্তি লাভ কৰিলে। ৬। যৎ কিঞ্চিৎ পৌবং পুংসাং মেনে / কৃষ্ণানুৰাম্পিতম্। (ভা. পু. ১০/৮৯; ৬৩)
pdf
0bfcfef6b40e18f37b41a48f600c7178
ধৰ্ষণৰ সংখ্যা বাঢ়িছে কিয় ? ( অৰুণজ্যোতি দাস) - বৌদ্ধিক বিচাৰ\nচ'ৰাঘৰ / অতিথি সম্পাদকৰ চ'ৰা / ধৰ্ষণৰ সংখ্যা বাঢ়িছে কিয় ? ( অৰুণজ্যোতি দাস)\nজানুৱাৰী 1, 2017\tঅতিথি সম্পাদকৰ চ'ৰা, নাৰী অধ্যয়ন বিশেষ কেৱল এটা মন্তব্য 1,975 দৰ্শন\n২০১৫ বৰ্ষৰ ২৩ মাৰ্চ তাৰিখে বিধানসভাৰ বাজেট অধিৱেশনত বিধায়িকা গুল আখটাৰা বেগমৰ এটা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হৈ তেতিয়াৰ বনমন্ত্ৰী ৰকিবুল হুছেইনে সদনত যোৱা দহবছৰত ৰাজ্যখনত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাসমূহৰ এক খতিয়ান দাঙি ধৰিছিল। উক্ত তথ্যমতে, ইং ২০০৫ বৰ্ষৰ পৰা ২০১৪ লৈকে বিগত দহ বছৰত অসমত নিৰ্যাতিত হোৱা মহিলাৰ সংখ্যা হৈছে ৬৮,৩২৯। ইয়াৰ ভিতৰত ধৰ্ষণৰ বলি হোৱা মহিলাৰ সংখ্যা হৈছে ১৫,৯৩১ গৰাকী আৰু ধৰ্ষণৰ বলি হৈ মৃত্যুবৰণ কৰা নাৰীৰ সংখ্যা হৈছে ৭৮ গৰাকী ।\nদিনক দিনে, বছৰে বছৰে অসমত ধৰ্ষণৰ বলি হোৱা মহিলাৰ সংখ্যা অতি ভয়ংকৰভাৱে বাঢ়িবলৈ ধৰিছে। ই এটা অতি উদ্বিগ্নতাৰ বিষয়; কিয়নো আমাৰ বোধেৰে, স্বদেশত জন্ম হৈ সততা আৰু নিষ্ঠাৰ বলত জীৱনত যিমানেই সফলতা অৰ্জন নকৰো কিয়, সেই গৌৰৱ দৰ্পচূৰ্ণ হৈ সদায়ে আমি লজ্জানত হৈ থাকিব লাগিব যদিহে আমি আমাৰ জন্মদাত্ৰী জননীক সুৰক্ষা দিবলৈ অপাৰগ হওঁ । আৰু দেশৰ আজিৰ পৰিস্থিতি হৈছে তেনে এক বিপন্ন সময় ।\nসমাজৰ উন্নয়ন আৰু প্ৰগতিৰ মাপকাঠি হ'ল সভ্যতা (Civilization)। এই সভ্যতা বুলিলে আমি ডাঙৰ ডাঙৰ অট্টালিকা,কল-কাৰখানা,প্ৰযুক্তি, অৱzসৰ-বিনোদন - এইবোৰক নুবুজো। বৰঞ্চ আমি বুজা উচিত কিদৰে মানুহৰ অন্তৰাত্মাৰ ব্যাপ্তি আৰু মানৱীয়তাৰ প্ৰসাৰে জাতি এটাক একত্ৰিত কৰি সু্স্থ চিন্তাৰে উচিত কামকাজেৰে এক সৰ্বতোপ্ৰকাৰে সুষম আৰু সমতুল সামাজিক বাতাবৰণ গঢ়ি তুলিব পাৰি-সেই ধাৰণাটোকহে । এটা সভ্য জাতি হ'ব পাৰে এখন দেশৰ বাবে এক মূল্যৱান সম্পদ। আৰু সেইদৰে এটা অসভ্য জাতি দেশ এখনৰ প্ৰগতিৰ বাবে অভিশাপস্বৰূপ হ'ব পাৰে। যিবোৰ সামাজিক ব্যাধিয়ে এটা জাতিক অনুন্নত আৰু অসভ্য বুলি পৰিগণিত কৰাব পাৰে, তাৰে ভিতৰত গুৰুতৰ এটি হৈছে ধৰ্ষণ ।\nপৃথিৱীৰ সকলো সমাজ-বিজ্ঞানী আৰু মনোস্তত্ববিদে একে আষাৰে ক'ব- নিৰক্ষৰতা হৈছে ধৰ্ষণৰ এটি প্ৰধান কাৰক। ইয়াৰ অৰ্থ এইটো নহয় যে শিক্ষিত বা পঢ়া-শুনা কৰা মানুহৰ মাজত ধৰ্ষণকাৰী নাথাকে। কিন্তু বিজ্ঞসকলে পাইছে যে শিক্ষা হৈছে এনে এটা শক্তি যি মানুহৰ স্বাভিমানক জাগৃত কৰি এজন ব্যক্তিক সমাজমুখী হোৱা আৰু শুভ চিন্তাৰে জাতিষ্কাৰ হোৱাত সহায় কৰে। এইখন দেশে শিক্ষাৰ নামত স্মাৰ্ট ক্লাছৰুম, অনলাইন পাঠ্যক্ৰম, মুক্ত বিদ্যালয়, দূৰসংযোগী শিক্ষক, ই-বুক,ই-লাইব্ৰেৰী সকলো গঢ়ি তুলিছে সঁচা; কিন্তু শিক্ষাৰ এই প্ৰসাৰতাই ফুটপাথ,গলি বা বস্তি আৰু চৰ-চাপৰিত বাস কৰা কোটি কোটি ভাৰতীয়ক আজিও চুবগৈ পৰা নাই । আৰু সমাজৰ অৱ্হেলিত এই শিশুসকলক শিক্ষাৰ পোহৰ দিব পৰাকৈ যদিও চৰকাৰ আৰু বহুকেইটা ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনে কাগজে-কলমে কাম-কাজ কৰি আছে, বাস্তৱ অৰ্থত সেয়া এপাচি শাকত এটা জলকীয়াৰ সমান বুলি ক'লেও অত্যুক্তি কৰা নহ'ব । অশিক্ষিত এটি শিশু আজিৰ এই আধুনিক জীৱন-যাত্ৰাৰ অংশীদাৰ হৈ ডাঙৰ-দীঘল হ'লেও তাৰ জ্ঞানশূন্যতাই তাক আদিম মানৱৰ শাৰীতে ৰাখিব । আৰু এনে আদিমতাৰ অজুহাততে তেনে এজন যুৱকে ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত কৰি পেলোৱাটো একো অস্বাভাৱিক কথা হ'ব নোৱাৰে।\nপ্ৰতিজন মানুহৰে অৱচেতন মনত সুপ্ত হৈ থকা অপৰাধপ্ৰৱণতাক জগাই দি যিকোনো দুষ্কাৰ্যৰ প্ৰতি উচতনি দিবৰ বাবে অনুঘটক হিচাপে কাম কৰে মাদক-দ্ৰব্য বা নিচাযুক্ত দ্ৰৱ্য সেৱনে। এনে দ্ৰৱ্যই শৰীৰৰ স্নায়ুতন্ত্ৰত বিশেষ চাপৰ সৃষ্টি কৰি মানুহজনক বেপৰুৱা কৰি তোলে, যাৰ ফলতে কিজানি জেউৰা-খুটিহেন লোক এজনেও গাত হাতীৰ সমান বল থকা বুলি অনুভৱ কৰে । আৰু 'জোৰ যাৰ মুলুক তাৰ' কথাষাৰি দোহাৰি এইবোৰ মানুহে সমুখত থকা যিকোনো লোককে নিজতকৈ কম শক্তিবান বুলি ভাৱি সকলো প্ৰকাৰৰ বাহুবল প্ৰদৰ্শন কৰিবলৈ উদ্যত হয় । আমি ব্যক্তিগতভাৱে এনে মদপী লোকো দেখা পাইছো যি নিজৰ পৰিয়ালৰ মানুহৰ সমুখতে হিতাহিত জ্ঞান হেৰুৱাই অভদ্ৰ আৰু অশিষ্ট আচৰণ কৰিবলৈ ধৰে। এনে মানুহক যদি মুক্তভাৱে চলাফুৰা কৰিবলৈ এৰি দিয়া হয়,তেন্তে তেওঁ মদৰ নিচাতে কি কি যে নকৰিব তাৰ কোনো ঠিকনা নাই। গতিকে যি দেশত চৰকাৰে দেশী-বিদেশী সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি ঘৰৰ সমুখতে মদ নামৰ সমাজ ধ্বংসকাৰী এই উপাদানবিধ পাব পৰাৰ ব্যৱস্থা কৰিছে, সেই দেশত বলাৎকাৰীৰ সংখ্যা নবঢ়াৰ কোনো যুক্তিয়েই নাই। ৰাইজে নিজে ওলাই আহি মদৰ ঘাটি উচ্ছেদ নকৰিলে বা ৰাগিয়াল-দ্ৰব্যৰ অপকাৰিতাৰ বিষয়ত জনসচেতনতা বৃদ্ধি নকৰিলে চৰকাৰে সেই কামটো কৰিব বুলি ভৱাটো ভুল হ'ব - কাৰণ ৰাজহ সংগ্ৰহৰ নাম দি নিজৰ পকেট গৰম কৰা কাৰবাৰটো বন্ধ কৰিবলৈ কোনো প্ৰশাসনেই কাহানিও ইমান বুৰ্বক নহ'ব কিজানি !\nবিপৰীত লিংগৰ প্ৰতি থকা যৌন ক্ষুধা প্ৰতিটো প্ৰাণীৰেই এক প্ৰকৃতিপ্ৰদত্ত স্বাভাৱিক প্ৰবৃত্তি। কিন্তু যেতিয়াৰপৰাই মানুহে সমাজ পাতি বসবাস কৰিবলৈ ল'লে, তেতিয়াৰপৰাই অনিয়ন্ত্ৰিত আৰু বিশৃংখল যৌনতাক নিয়ন্ত্ৰিত আৰু শৃংখলাবদ্ধ কৰি মানুহে অইন ইতৰ প্ৰাণীৰপৰা পৃথক হৈ বেছ বুদ্ধিমান আৰু উন্নত বুলি প্ৰমাণ কৰিবলৈ সক্ষম হ'ল । এই শৃংখলাবদ্ধতাৰ বাবেই মানুহে 'বিবাহ' নামৰ পৰম্পৰাটো আৰু সংগমৰ কিছুমান সামাজিক ৰীতি-নীতিৰ সূচনা কৰিলে যিবোৰে আজিও মানুহক 'মানুহ' হিচাপে স্বীকৃতি দিয়াত সহায়ক হৈ আহিছে । ইয়াৰ উপৰিও যিটো মানৱীয় গুণে সমাজত এটি সুস্থ বাতাবৰণ গঢ় দিয়াত আটাইতকৈ বেছি অৰিহণা দি আহিছে সি হৈছে -'নৈতিকতা'। কিন্তু দুৰ্ভাগ্যৰ বিষয়, এই বিংশ শতিকাটোতে আমাৰ সমাজখনত নৈতিকতাৰ অৱইক্ষয় ইমানেই ঘটিছে যে নীতি-শিক্ষাৰ কথা মাত্ৰ এষাৰো যদি আপুনি কয়, তেন্তে নিজৰ সন্তানেই আজি আপোনাক 'আউট-দেটেড' বুলি উপহাস কৰিব। শিশুক নৈতিকতাৰ পাঠ দিয়াৰ সলনি আজিকালি আমি সিঁহতক দিবলৈ লৈছো কম্পিউটাৰ যন্ত্ৰৰ শিক্ষা ।\nএনে নৈতিকতাবিহীন সমাজত আজিৰ ডেকাই এগৰাকী কিশোৰী,গাভৰু বা নাৰীক একে তেজ-মঙহেৰে গঠিত সমপৰ্যায়ৰ মানুহ হিচাপে মৰ্যাদা দিয়াতকৈ গণ্য কৰে ভোগৰ সামগ্ৰী আৰু যৌন ক্ষুধা নিৱাৰণৰ আহিলা হিচাপেহে । আচৰিত হ'বলগীয়া কথা, এনে সংকীৰ্ণ মনৰ মানুহৰ সংখ্যা এই পৃথিৱীত যে তেনেই কম, তেনে নহয় । বৰঞ্চ এনে মানুহৰ সংখ্যা দিনক দিনে বাঢ়িছেহে। অসমত বহিৰাগত প্ৰব্ৰজনকাৰীয়ে এই ক্ষেত্ৰত কিছু প্ৰভাৱ পেলাইছে। যিসকল মানুহে কেৱল দিনটোৰ খোৱাৰ যা-যোগাৰৰ বাবেহে কাম কৰে, সেইসকল লোকৰ মনত অনবৰত ক্ৰিয়া কৰি থকা অন্য এটা 'ধান্দা' হৈছে তেওঁলোকৰ যৌন ক্ষুধা। তাতে আকৌ অনুঘটক হিচাপে যোগ দিয়ে মদ, ভাং, ড্ৰাগছ বা অন্য নিচাজাতীয় দ্ৰব্যই। সহজতে অধিক উপাৰ্জন কৰিব পৰা নাৰী-দেহৰ ব্যৱসায়তো বহুতে হাত উজান দিয়ে। গতিকে এইসকল লোকৰ বাবে ধৰ্ষণৰ দৰে জঘন্য অপৰাধ এটা সংঘটিত কৰাটো বাওঁ হাতৰ খেলাৰ দৰে হৈ পৰে। কাগজে-পত্ৰই,ৰেডিঅ'ই-টিভিত প্ৰকাশ হোৱা বলাৎকাৰৰ ঘটনাসমূহ অধ্যয়ন কৰি এইটো কথা ক'ব পাৰি যে এনে বহু প্ৰব্ৰজনকাৰী নিকৃষ্ট মানসিকতাৰ অশিক্ষিত মানুহৰ সংগদোষত পৰি বৰ্তমানে অসমৰ বহু থলুৱা লোকো ধৰ্ষণৰ দৰে অপৰাধত লিপ্ত হৈ পৰিছে । আমি অতি শীঘ্ৰে এনে অপৰাধকাৰীৰ সংখ্যা কমোৱাত গুৰুত্ব নিদিলে অসমীয়া জীয়ৰী-বোৱাৰীৰ বাবে ঘৰৰপৰা বাহিৰলৈ ওলাবকেই নোৱাৰা এটা সময়ো আহি পৰিব পাৰে বুলি আশংকা কৰিব পাৰি।\n'টাইটানিক' নামৰ অস্কাৰ বঁটা বিজয়ী আৰু বিশ্বজুৰি সমাদৃত চলচ্চিত্ৰখন কিছুবছৰ আগতে ভাৰতৰ ছৱিগৃহসমূহতো খুব সফলভাৱে প্ৰদৰ্শিত হৈছিল। সেই ছৱিখনত মহাসাগৰৰ মাজত এখন জাহাজত চিনাকী হৈ প্ৰেমত পৰা এহাল যুৱক-যুৱতীৰ অতুলনীয় অমৰ প্ৰেম-কাহিনীক দাঙি ধৰা হৈছে। ছবিখনৰ কোনোবা এটা মুহুৰ্তত নায়কে নায়িকাৰ উলংগ শৰীৰ চাই চাই অনুৰূপ প্ৰতিকৃতি এখন অংকন কৰা দেখুৱায় । ৯০% ভাৰতীয় দৰ্শকে চিত্ৰগৃহ ভিৰ কৰাৰ উদ্দেশ্য হেনো ছবিখন উপভোগ কৰা নাছিল, আছিল কেৱল মোহময়ী নায়িকাৰ উন্মুক্ত দেহ প্ৰদৰ্শিত হোৱা সেই বিশেষ ক্ষণকেইটাৰ সোৱাদ লোৱাহে । প্ৰেমৰ বাবে জীৱন দান কৰাৰ দৰে মহৎ অৰ্থক অনুধাৱন কৰিব পৰাৰ সলনি ভাৰতীয় দৰ্শকৰ মানসিকতা কিমান লঘু আৰু গভীৰতাবিহীন হ'ব পাৰে এই ঘটনাই তাৰ স্পষ্ট প্ৰমাণ। অৱশ্যে ভাৰতীয় মানুহৰ মানসিকতা গঢ় দিয়াত ইয়াৰ প্ৰচলিত ধৰ্মীয় পৰম্পৰা আৰু গণ-সংযোগ মাধ্যমসমূহৰ ভূমিকাৰ ওপৰতো বহুখিনি প্ৰশ্নবোধকৰ প্ৰয়োজনীয়তা আছে ।\nবিদেশত চিত্ৰকলাৰ অংশ হিচাপে জীিৱন্ত নাৰীদেহক 'মডেল' হিচাপে লৈ ছৱি অংকন কৰাৰ উদাহৰণ পোৱা যায়। এইবোৰত কোনো মোহময়ী যুৱতীয়ে বন্ধ কোঠাৰ ভিতৰত মাত্ৰ এজন পুৰুষৰ আগত দুই-তিনি ঘন্টা সময়ৰ বাবে সম্পূৰ্ণ নাঙঠ হৈ থাকিলেও কোনো ধৰ্ষণৰ ঘটনা হোৱা শুনা নাযায়। ইয়াৰ কাৰণ হৈছে বুজাপৰা,নাৰী-পুৰুষৰ বন্ধুত্ব আৰু মানসিকতাৰ উত্তৰণ। কিন্তু আমাৰ দেশত তেনে এক পৰিস্থিতি আমি কল্পনা কৰিব পাৰো নে? নাৰী-পুৰুষৰ সৌহাৰ্দ্যপূৰ্ণ বন্ধুত্বক যৌনতা বাদ দি এক অনন্য সম্বন্ধৰে পৰিচয় দিব পৰাকৈ আৰু চিনাকীয়েই হওক বা অচিনাকীয়েই হওক, যিকোনো নাৰীকে সন্মান আৰু সমমৰ্যাদাৰে স্থান দিবলৈ আমাৰ ভাৰতীয় মানসিকতাই আৰু বহু দূৰ আগুৱাবলৈ বাকী আছে ।\nনৈতিক অৱেক্ষয়ৰ এই দুৰ্যোগক ত্বৰান্বিত কৰিবলৈ ভাৰতবৰ্ষত উপাদানৰ অভাৱ হোৱা নাই। দেশৰ ধনী-দুখীয়া সকলো শ্ৰেণীৰ লোককে সামৰি লোৱা বৃহৎ চলচ্চিত্ৰ উদ্যোগটোৱে এইক্ষেত্ৰত যি আগভাগ লৈ সমাজ-সংস্কাৰমুখী ধাৰণাসমূহ চিনেমাৰ মাধ্যমেৰে ৰাইজক অৱগত কৰিব পাৰিব লাগিছিল, তাৰ সম্পূৰ্ণ ওলোটাটোহে বৰ্তমানে বাস্তৱত দেখা পোৱা গৈছে। যিসময়ত হলীউদৰ ছবিত 'হিৰো' হিচাপে প্ৰদৰ্শন কৰি শাৰিৰীক শক্তিৰে নাৰীও কোনোগুণেই কম নহয় বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা দেখা গৈছে; সেইসময়ত ভাৰতীয় চিনেমাত নাৰীক কেৱল লাঞ্চিতা-বঞ্চিতা আৰু সহিষ্ণুতাৰ প্ৰতীক হিচাপেই দেখুৱাই অহা হৈছে । তদুপৰি, আগৰ তুলনাত আজিকালি হিন্দী ছবিয়েই হওক বা স্থানীয় ভাষাৰ ছবিয়েই হওক যৌনতাক আগভাগ দি মছলা জাতীয় নৃত্য-গীতেৰে কাহিনীত বক্ৰতা নানিলে ছৱিবোৰ যেন অসম্পূৰ্ণ হৈ ৰ'ব, তেনে অনুভৱ কৰা হৈছে পৰিচালকে । ফলস্বৰূপে চলচ্চিত্ৰ নিৰ্মাতাসকলে নায়িকাক স্বল্পবস্ত্ৰৰে অংগ প্ৰদৰ্শন কৰাই দৰ্শকৰ মনত যৌন উত্তেজনাৰ ভাৱ সঞ্চাৰ কৰাত উঠিপৰি লাগিছে । কেৱল যৌনতাক বিষয় হিচাপে লৈও মাজে সময়ে চিনেমা নিৰ্মাণৰো ধূম উঠা দেখা যায় । চানী লিয়নীক নিজৰ ধন অৰ্জনৰ ব্যৱসায়ত ব্যৱহাৰ কৰা মানেই মুক্ত যৌনতাক স্বীকৃতি দি সমাজৰ এচাম মানুহক যৌনতাৰ প্ৰতি প্ৰৰোচিত কৰা নহয় নে?\nপূঁজিপতি আৰু বহুজাতিক কোম্পানীৰ ব্যৱসায়িক লাভালাভৰ বাবেই দূৰৰ ছবিগৃহৰ পৰা যৌনতাক আনি ঘৰৰ ভিতৰৰ দূৰদৰ্শনৰ পৰ্দাত উপস্থাপনৰ ব্যৱস্থাও কৰা হৈছে। তেৰাসকলৰ কুবুদ্ধিৰ প্ৰকোপত আমাৰ নিজা অসমীয়া নিউজ-চেনেলেও আপোনাক পৰিয়ালৰ সকলোৰে লগত একেলগে বহি কিবা এটা চাব নোৱাৰা অৱৰস্থাৰ সৃষ্টি কৰিছেহি । দেহ-মন খলকনি লগোৱা হাজাৰটা বিজ্ঞাপনৰ জৰিয়তে নাৰীক কেৱল উপভোগ্য সামগ্ৰী হিচাপে উদঙাই দিয়া হৈছে। মটৰ-চাইকেল অথবা শ্বেভিং-ক্ৰীমৰ বিজ্ঞাপনতো এগৰাকী যুৱতীয়ে আপোনাৰ মন পিছলাব নোৱাৰালৈকে যেন সেই সামগ্ৰীবিধৰ কোনো কালে বিক্ৰি নহ'ব, তেনে এটা ধাৰণাৰ সৃষ্টি কৰা হৈছে । ডাঙৰ ডাঙৰ হোৰ্ডিং-বেনাৰত আঁৰি দিয়া হৈছে পণ্য সামগ্ৰী হিচাপে নাৰীৰ উদং শৰীৰ । এনে এটা পৰিৱেশত পুৰুষৰ মনত নাৰীক উপভোগ কৰা বা আক্ৰমণ কৰাৰ দৰে নেতিবাচক চিন্তা-ভাৱনাই অনবৰত ঠাই পোৱাটো স্বাভাৱিক কথা হৈ পৰা নাই নে ?\nপ্ৰযুক্তিৰ প্ৰসাৰতাই আমাক যিমানে উপকাৰ কৰিছে, প্ৰায় সমানেই বা ততোধিকভাৱে অপকাৰোযে আমাক সাধিছে সেই কথা নিশ্চিত । ঘৰে ঘৰে কম্পিউটাৰ,লেপটপ আৰু হাতে হাতে মোবাইল-ফোন হোৱাৰ ফলত অসমৰ গাৱেঁ-ভূঁয়ে ব্লু-ফিল্মৰ অবাধ প্ৰচলন যে হ'বলৈ ধৰিছে, সেই কথা এতিয়া আৰু গুপুত হৈ থকা নাই। মনোবিজ্ঞানীৰ মতে এনে যৌনগন্ধী চলচ্চিত্ৰ বা আলোকচিত্ৰই এজন কিশোৰ বা পুৰুষক শাৰিৰীকভাৱে দুৰ্বলী কৰাৰ লগতে ব্যক্তিত্বৰো হানিসাধন কৰে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটি হৈছে, ধৰ্ষণৰ ঘটনা বাঢ়িবলৈ লোৱাৰ ই এটা মুখ্য কাৰণ। এই দিশত আমাৰ অভিভাৱকসকলে নিজৰ ল'ৰা-ছোৱালীৰ কৰ্ম-কাণ্ডৰ প্ৰতি সজাগ দৃষ্টি ৰখাটো বৰ্তমানে জৰুৰী হৈ পৰিছে।\nআমাৰ বোধৰে, নাৰী আৰু পুৰুষৰ মিলন হৈছে এক বিৰল সুখানুভূতি আৰু জন্মৰ ৰহস্যজড়িত এক পৰিঘটনা । প্ৰতিজন মানুহেই এই কথাটো অনুধাৱন কৰাটো প্ৰয়োজন যে, তেওঁৰ জীৱনলৈ মিলনৰ এনে মুহূৰ্ত যথাসময়ত আহিবই। ইয়াৰ বাবে ব্যাকুল হৈ কোনো অসামাজিক কাৰ্যত নিজকে নিয়োগ কৰাৰ কোনো প্ৰয়োজন নাই। মিলনৰ সময়তো, পুৰুষ-মহিলা দুয়োগৰাকীৰে ইচ্ছা-অনিচ্ছাৰ বুজাপৰা থকাটোৰ অত্যন্ত দৰকাৰ। অনিচ্ছাকৃত মিলনেই হৈছে ধৰ্ষণ। স্বামীয়েও স্ত্ৰীক ধৰ্ষণ কৰিছে বুলি ক'ব পাৰি, যদিহে এই মিলন স্ত্ৰীগৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে হয় বা অপ্ৰাকৃতিক যৌন সম্ভোগ হয়। ক'ব পাৰি, যৌন সম্ভোগক পাৰস্পৰিক বুজাপৰাৰ যোগেদি বহু উচ্চ স্তৰীয় এক অনুভূতিলৈ ৰূপান্তৰিত কৰিব পাৰি, যি অনুভূতিৰদ্বাৰা হয়তো পুৰুষ আৰু মহিলা দুয়োগৰাকীয়ে মানসিকভাৱে পূৰ্ণতা প্ৰাপ্তি কৰি ইজন সিজনৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস হ'ব পাৰে।\nপৃথিৱীত শাৰীৰিক শক্তিৰ প্ৰদৰ্শন আৰু তাৰ প্ৰয়োগেৰে দুৰ্বলীসকলক শোষণ-নিপীড়ন কৰাৰ পৰম্পৰা যুগ-যুগান্তৰৰপৰা চলি আহিছে। তাৰ প্ৰভাৱতেই নে কি নাজানো, প্ৰকৃতিয়ে দান দিয়া শক্তিৰ প্ৰদৰ্শন কৰিবলৈ যেন পুৰুষসকল অনবৰত উদ্যত হৈ থাকে। গতিকে যিমানেই শিক্ষা-দীক্ষাৰে শিক্ষিত নহওক কিয়, যিমানেই উচ্চপদস্থ চৰকাৰী-বেচৰকাৰী চাকৰি নকৰক কিয়, আমাৰ বহু পুৰুষৰ হাততে কৰ্মক্ষেত্ৰত নাৰীয়ে নানাধৰণৰ নিৰ্যাতন সহ্য কৰি থাকিবলগীয় হয়। বন কৰা ছোৱালীজনীয়েই হওক বা কোম্পেনীৰ 'বছ'ৰ চেক্ৰেটাৰীগৰাকীয়েই হওঁক, ভাবুকি নাইবা চাকৰিৰ টোপ দি অসহায় মহিলাক বা কিশোৰীক যৌন-নিৰ্যাতন চলোৱাত আমাৰ বহুত পুৰুষ সিদ্ধহস্ত। এনে ধৰণৰ নিৰ্যাতন আমাৰ দেশৰ প্ৰায় প্ৰতিগৰাকী ছোৱালীয়েই জীৱনত এবাৰ নহয় এবাৰৰ বাবে সমুখীন হ'বলগীয়া হয়েই । আৰু এই নিৰ্যাতন সমূহেই এটা মূহুৰ্তত ধৰ্ষণলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা বহুত বেছি। গতিকে নাৰী-জাতিয়ে নিজকে 'লাও সদায় পাতৰ তল' বুলি ভাৱি থকাতকৈ কুংফু-কাৰাটেৰ দৰে প্ৰতিৰক্ষাৰ কৌশলসমূহ শিকি এনে নিৰ্যাতনৰ বিপক্ষে মাত মতাৰ সময় বৰ্তমানে আহি পৰিছে । ভাৰতীয় আইনী ব্যৱস্থায়ো বহুতো সুৰক্ষা এইক্ষেত্ৰত প্ৰদান কৰিছে যিবোৰৰ বিষয়ে সৱিশেষ নজনাৰ ফলতে আমাৰ বহু শিক্ষিত মহিলায়ো সুবিধাবোৰ গ্ৰহণ কৰি দোষীক শাস্তি দিব পৰাকৈ লাভান্বিত হ'ব পৰা নাই ।\nআমাৰ দেশত ৰাতি দহবজাৰ পাছত এগৰাকী নাৰীক ঘৰৰ বাহিৰত পোৱা মানে তেওঁক অপৰাধী হিচাপে ব্যাখ্যা কৰা হয় । কিন্তু একে সময়তে ল'ৰা বা পুৰুষৰ বাবে এই নীতি প্ৰযোজ্য নহয় । সমাজৰ এনে নিয়ম-কানুনে আমাক কি শিকাইছে ? আমি আমাৰ ছোৱালীজনীক শিকাবলগীয়া হৈছো যে ল'ৰাৰপৰা বা মতা মানুহৰপৰা সদায় বাছি থাকিবি। কিন্তু কাহানিবা আমি আমাৰ ল'ৰাটোক শিকাইছো নে যে ছোৱালীক বা মহিলা মানুহক সন্মান কৰিবি বুলি ? আমি সদায় ছোৱালীজনীক প্ৰশ্নটো সোধো যে 'ক'ত যাৱি বা কি কৰিবি?' কিন্তু ল'ৰাটোক আমি একেটা প্ৰশ্ন কৰিব নোৱাৰো কিয় ? ছোৱালীৰ প্ৰতি ল'ৰাৰ যি ধাৰণা বা মানসিকতা,সেয়া গঢ় লয় সি দেখিবলৈ পোৱা সদায় উঠা-বহা কৰি থকা সমাজখনৰপৰাই । গতিকে আমি যদি আমাৰ সমাজখনক সলনি কৰিব নোৱাৰো বুলি ভাৱোঁ, তেন্তে আমি ভৱা উচিত যে আমাৰ ল'ৰাটোকতো আমি সলনি কৰিব পাৰোঁ ! কণ্যা সন্তানক হীনদৃষ্টিৰে চোৱাৰ মানসিকতাক দলিয়াই দি আমি যদি নিজৰ ছোৱালীজনীকো আঁকোৱালি লৈ ব্যক্তিত্ববান এগৰাগী সুযোগ্যা নাৰী হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰো, তেন্তে তেনে এগৰাকী নাৰীয়ে ভৱিষ্যতৰ হাজাৰটা ৰত্নাকৰক বাল্মিকী সাজিবলৈ সমৰ্থবান হ'ব ।\nপূৰ্বৱৰ্তী লেখা মোৰ শেষ পাঠ ( মূল ৰচনাঃ আলফনচ' ডুডে, অনুবাদ : অৱনী বুঢ়াগোহাঁই)\nপৰৱৰ্তী লেখা ব্ৰাহ্মণ সংবাদ, নাৰী অধ্যয়ন আৰু ইয়াৰ গুৰুত্ব ( দিতিমণি গোস্বামী )\nজুন 4, 2017 at 7:33 পূর্বাহ্ণ\nApunar kotha bor xuni mor bohut vl lagise ..
web
cc882083527a09d3b5c94e7d9036d750f6f9ead3975be880fe14b8ce82581a25
৯৮ অসমীয়া সাহিত্যৰ বুৰঞ্জী ৰবাৰ (মা) সায়ৰ, সাহেৰ (ভ.গী), হাজাৰ, আৰাম (ড) আদি। আলোচ্য যুগৰ কবিসকলে ব্যৱহাৰ কৰা শব্দসম্ভাৰক বিষয় বস্তু অনুসৰি আন কিছু ভাগত ভগায়ো আলোচনা কৰিব পাৰি। যেনে - অঙ্গ-প্রত্যঙ্গ সূচক শব্দ = অংগুলি, অধৰ, উদৰ, উৰু, ওঠ, কটি, কপোল, কণ্ঠ, কৰ, কুচ, কেশ, গ্রীবা, চক্ষু, চকু, চৰণ, চিবুক, জঙ্ঘা, জঙ্ঘা, জিহ্বা, তনু, দত্ত, দশন, নখ, নয়ন, নাক, নাভি, নাসিকা, নিতম্ব, নেত্ৰ, পয়োধৰ, ভৰি, ভুজ, ভ্ৰুৱ, মস্তক, মুখ, মুণ্ড, ৰোম, ললাট, লোচন, স্কন্ধ, স্তন, প্রোণি, আদি (দশমৰ পৰা) অয়-অ গৰ বুজোৱা শব্দ :- আঙ্গুঠি (কু), অঙ্গুৰী (ৰাম), অক্ষমালা (ৰামা), কঙ্কল (বু), কিৰীটি (F), কিংকিনী (ৰা), কুণ্ডল (কু), কেয়ূৰ (ৰাম), কৌস্তভ মণি (ৰাম), গজমতি হাৰ (F), গলপতা (F), গুলিয়া (F), চাকিশলা (F), পেচন্দাৰ (F), বলয় (ৰামা), মুকুট (F) ৰত্নহাৰ (F), শাঙ্খ (ফ), সাতসৰি হাৰ (F) আদি। অস্ত্র-শত্ৰসূচক শব্দ :- অংকুশ, খড়্গ, খাণ্ডা, গদা, গাণ্ডীৱ, চক্র, তীৰ, ধনু, নাগপাশ, বজ্র, বাণ, বিষবাণ, শৰ, শূল আদি (দশমৰ পৰা) গছ-গছনি বুজোৱা শব্দ :- অগৰু, অশ্বত্থ, খাৰিয়া, গমাৰি, তামোল, তুলসী, তেতেলী, দেৱদাৰু, দেৱনা, বট, বাঁহ, শাল, সৰল আদি (পদ্মাপুৰাণৰ পৰা) চৰাই-চিৰিকটি সম্পর্কীয় শব্দ :- কঙ্ক, কাক, কাউৰী, কোকিল, কোঢ়া, খঞ্জন, চক্রবাক, চটক, টিপচি, চুনি, টোকৰা, ডাউক, ঢোণ্ডা কাক, পাৰ, পিৰিকা, পেঞ্চা, বন্ধ, বটা, বালিকটা, ময়না, মৰা, মৈৰা, ৰাজহংস, সৰালি, শালিকা, হংস আদি (দশম আৰু উত্তৰাকাণ্ড ৰামায়ণৰ পৰা) জাতি-বৃত্তিবাচক শব্দ ঃ- অসম, আভীৰ, কঙ্ক, কছাৰী, কমাৰ, কছাৰ, কায়স্থ, কিৰাত, নট, পাঠান, বনিয়া, বৈদ্য, বৈশ্য, ব্রাহ্মণ, ভাট, মালী, যোগী, শিলাকুটি, শূদ্র, সুতাৰ, ক্ষত্রিয় আদি (ভাগৱতৰ পৰা) জীব-অসূচক শব্দ :- ইন্দুৰ, উট, ঐৰাৱত, কণ্টলা, কুকুৰ, কুঞ্জৰ, গজ, গৰু, গদৰ্ভ, ঘোটক, যোৰা, ছাগ, ধেনু, নকুল, বাঘ, বানৰ, বৰাহ, বিৰাল, বৃদ্ধ, মকৰ, মহিষ, শূকৰ, শৃগাল, সৰ্প, সাৰদ, সিংহ, হস্তী, আদি (দশম আৰু ভক্তিগীত সংকলনৰ পৰা) ভাষিক বৈশিষ্ট্যাবলী ১৯ দৰ্শনৰ সৈতে সম্পর্কযুক্ত শব্দাৱলী :- অনু, অক্ষ, অবিদে, , অবিদ্যা, অহংকাৰ, কাৰ্য, কাৰণ, জ্ঞান, চৈতন্য, জীৱ, ত্রিগুণ, নির্গুণ, পঞ্চ মহাভূত, পৰষ পুরুষ, পুরুষ, প্রকৃতি, প্রপক্ষ, বিষয়, বিদ্যা, বুদ্ধি, ব্ৰহ্ম, , , মহাভূত, মারা, মোক্ষ, সংসাৰ, সাত্ত্বিক, সাযুজ্য, সাৰণ্য, আমি (অনাধিপাতন আৰু ভক্তি-গীত সংকলনৰ পৰা) নৱৰিষা ভক্তিসূচক ঃ- অৰ্চন, কীর্তন, দাস্য, দেহু অর্পণ, পদসেৱন, ৰখন, শ্ৰৱণ, স্মৰণ আৰু সখ্য (ভক্তি-ৰত্নাৱলীৰ পৰা) নক্ষত্ৰ আৰু যোগসূচক শব্দ ঃ- অশ্বিনী, ভৰণী, কৃত্তিকা, ৰোহিণী, মৃগণিৰা, আর্দ্রা, পুনর্বসু, পুষ্যা, অশ্লেষা, মঘা, পূর্বফল্গুনী, উত্তৰ ফাল্গুনী, চিত্রা, পূৰ্বাৰাড়া, উত্তৰা ৰাঢ়া, শ্ৰৱণা, ধনিষ্ঠা, শতভিষা, পূর্বভাদ্রপদ, উত্তৰ ভাদ্রপদ, কৰ্মা, বৃতি, শূল, গণ্ড আদি। (অনাদি পাতনৰ পৰা) ফল-ফুল বুজোৱা শব্দ :- অশোক, আম, ওৰ, কৰবীৰ, কদ, কমল, কল, কেতেকী, কুন্দ, কুমুদ, খাজুৰী, গুলাল, গুটিমালী, চম্পক, জবাকুসুম, জৰা, জাম, টগৰ, ডাড়িম্ব, তাল, তাম্বুল, নাগেশ্বৰ, নাৰিকল, নেৱালী, পদ্ম, পাৰিজাত, বক, বাঙী, বাবৰী, বেল, মালতী, মৰুৱা, যুতী, শিরীষ, শেৱালি, সিংহ চম্পা, সেউতি আদি (কীৰ্তনৰ পৰা) বাদ্য বজোৱা শব্দ ঃ- কৰ্তাল, কাহাল, গোমুখ, ঘণ্টা, চিপাঞ্চি, ৱাঝৰ, ডিঙিম, ঢাক, ঢোল, তবল, দোতৰা, বাঁহী, বীণা, বেণু, ভেৰী, মন্দিৰা, মাদল बृ, শিঙা আদি । (কীর্তন- দশমৰ পৰা) খাতু সূচক শব্দ :- কনক, ৰজত, লৌহ, সুৱৰ্ণ, হেম আদি (দশমৰ পৰা) ৰাগ-ৰাগিনীসূচক শব্দ : অহিৰ, কানড়া, কামন্দৰ, কেদাৰ, কৌ, গৌৰী, ধনশ্রী, নাটমল্লাৰ, পটমঞ্জৰী, বৰাৰি, বসন্ত, বেলোৱাৰ, ভাঠিয়ালি, ভূপালী, ভৈৰৱী, মঞ্জৰী, মাৰোৱাৰ, মাহুৰ, মাহৰ ধনপ্রী, মেঘমণ্ডল, শ্যাম, শ্রী শ্রী গাজাৰ, শ্ৰীগন্ধকালি, শ্রীগৌৰী, সাৰেং, সিন্ধুৰা, সুহাই আদি (বৰগীত আৰু পদ্ম পুৰাণৰ পৰা) সম্বন্ধসূচক শব্দ :- আই (গ), বুড়া (ভা),জা (M), জী (ফ), জামাই (ফ), (প), জাৱা (কু), তনয় (কু), তনয়া (কু), তিনি (কু), গদা, দাদা (প), দেওৰ (প), ননদ (প), নাতি (কু), পিতা (প), পিতামহ (ফ), পিতৃ (ফ), পুত্র (ফ), পো (ফু), পেসী (প), ফ্লু (ফু), ৰ (ফু), বহি (প), বাপ (জ), ভগিনী (ক) ভাগিন ১০০ অসমীয়া সাহিত্যৰ বুৰঞ্জী (প), ভাই, ভাতৃ (কু), ভতিজা (প),ভাসৰ(প), মাত্ৰ (ক), মাতৃ (কী), মাতুল (কী), মাসী (প) মোমা (প), শহুৰ, শাহু (প), আদি। ঘুবীরা শব্দ :- পুৰণি অসমীয়া আৰু ব্ৰজবুলি - উভয়তে বুৰীয়া শব্দৰ পয়োভৰ চকুত লগা । সিবোৰৰ কিছুসংখ্যক ধ্বন্যাত্মক। পুনৰুক্ত হোৱা বুৰীয়া শব্দবোৰ বিশেষ্য, বিশেষণ, ক্রিয়া, ক্রিয়া বিশেষণ প্রভৃতি ৰূপত ব্যৱহৃত "হৈছে। ৰুক্মিণী হৰণ কাব্যৰ পৰা কেইটামান উদাহৰণ তলত দিয়া হল :অল্প অল্প, উৰো উৰো, একো একো, গদ গদ, গিৰ গিৰ, ঘাটে ঘাটে, ধনে ঘনে, চেৱে চেৱে, যত যত, জাকে জাকে, জাত জাত, জুমি জুমি, দৌল দৌল, ধৰ-ধৰ, পাচে পাচে, পাৰে পাৰে, পিত পিত, ফট্ ফট্, ফুলি ফুলি, বাচি বাচি, ৰিণি ৰিণি, লাসে লাসে, সাজ সাজ, সাধু সাধু, হৰি হৰি, হাসি হাসি, চাপৰি চাপৰি, ঢিমিকি ঢিমিকি আদি। কণা কাণি, কোবা কোবি, তৰ তৰি, দেখা দেখি, মক্ মকি, হাতা হাতি, হুমা হুমি আদি। অঙ্গি ভঙ্গি, আথে বেথে, উস মিস, কাউ বাউ, কিনি বিকি, খমদম, চক মক্, চল বল, চিকি মিকি, ছট ফট, জিকিমিকি, যেনে তেনে, টলবল, ঠকবক, ঠৰ মৰ, দল দপ, ৰুন ঝুন, ৰণ্ড ভণ্ড, লটি ঘটি, হাট বাট, হিল দল, আদি। আউল জাউল, আঝুৰি পিঝুৰি, ইকাটি সিকাটি, উগুল থুগুল, উল্লাসমাল্লাস, উলট পালট, কার্টন ফুটন, হৰস ফস, হাকুটি কাকুতি ইত্যাদি। বিপৰীতার্থক শব্দ - আগ-পাছ (F), আগে পাচে (ম), আজি কালি (কী), আয়া জাত (F), আপোন পৰ (F), ইহলোক পৰলোক (F), উজনি ভাটি (প) কিনি বিকি (ফ), দিবা ৰাত্ৰি (অশ্ব), দিবস ৰজনী (অশ্ব), পূব পছিম (দু) পিতৃ মাতৃ (কু), বাহিৰ ভিতৰ (দু), ভাল মন্দ (দু), ৰাত্ৰি দিন (F), সঞ্চা মিছা (ম), সুৰ অসুৰ (F() ইত্যাদি। সংখ্যাসূচক শব্দ :- প্রাচীন কবিসকলে তৎসম আৰু তদ্ভৱ উভয়বিধ সংখ্যাসূচক শব্দকে তেওঁলোকৰ ৰচনাত ব্যৱহাৰ কৰিছিল। অৱশ্যে ব্রজবুলিতকৈ পুৰণি অসমীয়াত এই জাতীয় শব্দৰ পয়োভৰ চকুত লগা। উদাহৰণ (1) অনিশ্চিত :- অনন্ত, অপাৰ, অপাৰা, অপাক, অসংখ্য, কিন্তু, বহু, সব (ভক্তি গীত সংকলনৰ পৰা); (২) নিশ্চিত সংখ্যাসূচক (গণনাত্মক ) - তিনি, চাৰি, পাঞ্চ হয়, সাত, সপ্ত, আঠ, ন, নৱ, দশ, এখাৰ, বাহু, তেৰ, ভাষিক বৈশিষ্ট্যাৱলী ১০১ তেজু, চৈধ্য, পোঞ্চৰ, সোল্ল, সত্ৰ, অ, উনৈশ, কুৰি, বিংশ, এঁকৈশ, বাইশ, তেইশ, চৌবিশ, পঞ্চিশ, ছাবিশ, সাতাইশ, আঠাইশ, উনত্রিশ, ত্রিংশ, একত্রিশ, বত্রিশ, এক চল্লিশ, বিয়াল্লিশ, তিনি চল্লিশ, চাৰি চল্লিশ, পঞ্চচব্বিশ, হয় চল্লিশ, সাত চল্লিশ, আঠ চল্লিশ, ঊনপঞ্চাশ, পঞ্চাশ, সত্তৰি, একসত্তৰি, আঠসত্তৰি, উনআশী, আশী, উন্নবৈ, নবৈব, শ, সহস্র, হাজাৰ, অযুত, লাখ, কৌটি; প্রথম, দ্বিতীয়, তৃতীয়, চতুর্থ, অৰ্ধ, ডেৰ ইত্যাদি (শ্ৰীভাগৱত কথাৰ পৰা ) ধ্বনিতাত্ত্বিক বৈশিষ্ট্য আলোচ্য যুগৰ কবিসকলে তেওঁলোকৰ বাৰে ৰহণীয়া ৰচনাত ব্যৱহাৰ কৰা ভাষালৈ লক্ষ্য কৰিলে কেইটামান সাধাৰণ বৈশিষ্ট্য ধৰা পৰে। সেয়া হ'ল - হ্রস্ব আৰু দীর্ঘস্বৰৰ পাৰ্থক্যহীনতা। তেওঁলোকে অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও আৰু ঔ - এই আখৰ কেইটা ব্যৱহাৰ কৰিলেও বিশিষ্টস্বৰৰ সংখ্যা নিঃসন্দেহে কম আছিল । ই/ঈ আৰু উ/ঊৰ সাদৃশ্যিক প্রয়োগে উভয় বৰ্ণৰ উচ্চাৰণৰ পার্থক্যহীনতা সূচায় । হ্রস্ব স্বৰৰ প্ৰয়োগ প্ৰচুৰ আছিল। প্ৰাকৃতৰ স্তৰতেই ত্রিনয়ন শব্দ তৃনয়নৰূপেও নোপোৱা নহয় । ঐ আৰু ঔ-ৰ উচ্চাৰণ লোপ পালেও নতুন দ্বিম্বৰ আৰু ত্ৰিস্বৰৰ প্ৰয়োগ বৈষ্ণৱ যুগৰ ভাষাৰ এটি উল্লেখযোগ্য বৈশিষ্ট্য। সংস্কৃত বর্ণমালাত থকা পুৰণি অসমীয়া আৰু ব্ৰজবুলি- উভয়তে প্রাচীন ভাৰতীয় আর্যভাষাৰ স্বৰধ্বনি সমূহৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছিল। তলত তাৰ আভাস দিয়া হ'ল :১. অ > আ - অগ্ৰ > আগু (ৰাম), অদ্য > আজু (মা), কলা > কালা (ৰু); ২. অ > ও - প্ৰৱাল > পোৱাল (কু), ভ্ৰমৰ > ভোমৰা (কু); ৩. অ > ঐ -চক্ষু > চৈক্ষু (F); ৪. আ > অ - কুমাৰ > কুমৰ (কু), কুমাৰী > কুমৰী (কু), আ - পতাকা > পতাক (কে); ৫. ই> এ - বিশ্ব > বেল (কু; ৬. ই> ০ - ত্রোটি > ঠোট (কী); ৭. উ > ও - অমূল্য > আমোল্য (কু); ৮. ও > উউ- ত্রৈলোক্য > ত্রৈলুক্য (কু), প্ৰতোলী > পদূলি (ফ); ৯. স্বৰ্ভক্তি (ক) অ- বৰ্ণ > বৰণ (প), ভক্ত > ভকত (ক), (খ) ই-কৃষি > কিৰিষি (ভীষ), দর্শন > দৰিশন (মাৰ), দীপ্ত > দীপিত (কু), বর্ষণ > বাৰৰণ (ক), (গ) উ মুক্তি > মুকুতি (কী), মুক্তা > - মুকুতা (কু), যুক্তি > যুগুত (দ), (খ) এ গৃহ গেছ (মাব); ১০. স্বৰসমীভবন অপাৰ > আপাৰ (ভ.গী), অভাগিনী > আভাগিনী (ভ.গী), দয়া > দায়া (ভ.গী), কেতেকী > কেতেকী (প), মেখলা > মোখলা (বলিছলন নাট); ১১. স্বৰ লোপ - অভ্যন্তৰ ভিতৰ (ৰাম), আখৈ খৈ (চো) আদি। ১০২ অসমীয়া সাহিত্যৰ বুৰঞ্জী সংস্কৃত বর্ণমালাত থকা ক ৰ পৰা ক্ষলৈকে আটাইবোৰ ব্যঞ্জনবৰ্ণই আলোচ্য যুগৰ কবিসকলে ব্যৱহাৰ কৰিলেও বিশিষ্ট ব্যঞ্জন ধ্বনিৰ সংখ্যা আছিল বহু কম । ঙ, ঞ আৰু ণৰ ব্যৱহাৰ আদি স্থানত দেখা নাযায়। চ / ছ, জ/ঝ/য, ট, ঠ ড, ঢ, ণ/ ত থ দ ধন/ ড়/ড/ৰ, ঢ/ঢ়, শ/ষ/স প্রভৃতিৰ যাদৃশ্যিক প্রয়োগে উক্ত ধ্বনিসমূহৰ পাৰ্থক্যহীনতাৰ কথা সূচায় । সংস্কৃতৰ বিভিন্ন ব্যঞ্জন ধ্বনিয়ে আলোচ্য যুগটো কেনে ৰূপ লৈছিল তাৰ এটি পৰিচয় দিয়া হ'ল শোনিত > সোনিত (কু), দোষ > দোস (কু), বৰ্ষণ > বৰিসয় (কু); ২. ক্ষ ক, খ খে আৰু ছ - ৰাক্ষসী > ৰাকশি (ৰা), দক্ষিণ > দখিন (প), ক্ষমা > খেমা, ক্ষাৰ > খাৰ (F); ৩. খ, ঘ, ছ, থ, ধ, স আৰু ভ > হ - মুখ > মুহ (ভ.গী), মেঘ > মেহ, প্রভু > পহু (ভ.গী), বধূ > বহু, মাস > মাহ (ভ.গী); ৪. গ > ঘ - গৃহ > ঘৰ (কু);৫. শ>গ দিশি > দিগি (প); ৬. ট > ৰ - কৰ্পট > কাপৰ (প); ৭. আদি ব্যঞ্জন লোপ-স্থূল >থলি (4) স্ফুট > ফুট (প), স্তম্ভ > তন্তু (ৰু); ৮. মধ্যব্যঞ্জন লোপ- গোপাল > গোৱাল (দ), জাতিষ্কাৰ > জাতিকাৰ (F), ভুজঙ্গ > ভুঅঙ্গঃ৯. অন্ত্যলোপ - পুত্র > পুত (প), মাণিক > মানিক (F); ১০. মহা প্রাণীভৱন- এবহি > এভো (চো), ক্রীড়া > খেলা (ভগী), ট্রোটি > ঠোট (কু), শুষ্ক >শুখান (প); ১১. অল্পপ্রাণীভৱন- ভগ্নীপতি > বৈনাই (জন্মযাত্রা), মধ্য >মাজ (F), হস্ত > হখ > হাত (ভ.গী); ১২. ঘোষীভৱন- দোতোৰা > দোদোৰা (F), মকৰ > মগৰ (ভ.গী), শকুন > শগুন (ভ.গী) ইত্যাদি। ৰূপতাত্ত্বিক বৈশিষ্ট্য ক. নিৰ্দিষ্টৰাচক প্ৰত্যয় :- পুৰণি অসমীয়া আৰু ব্ৰজবুলি - উভয়তে পুৰণি কবিসকলে ভালেসংখ্যক নির্দিষ্টবাচক প্রত্যয় সংযোগেৰে ভাষাক অধিক প্রাণময় কৰি তুলিছিল । দৃষ্টান্ত : কুচি- এক কুচি (F) আদি। খান - ধ্বজখান (ভা), নৱখান দুৱাৰ (ভগী), ৰথখান (ফ) আদি । খানি- একেখানি (ভগী), জিউ খানি (কু), মণ্ডপখানি (মনসা) আদি । গাছ -খেৰগাছ (F) আদি। গাছি - এক গাছি খেৰ (ক নাট), বাৰ গাহি
pdf
8b9b6f45e0d3ba7389bfc294bef900a4e8da693a
নিউজ ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডত জড়িত তথ্য বিচাৰি যোৰহাটৰ জনতালৈ জিলাখনৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ বিশেষ আহ্বান। হত্যাকাণ্ডৰ গোচৰ শক্তি শালী কৰাৰ স্বাৰ্থত আক্ৰমণ কৰা ভিডিঅ'-ফটো যোৰহাটবাসীৰ লগত থাকিলে আৰক্ষীক যোগান ধৰাৰ আহ্বান। টুইটাৰত অধীক্ষক জনে আহ্বান জনাই কয়- ২৯নৱেম্বৰত যােৰহাটৰ এটি ৰোডত সংঘটিত গণহত্যাত জড়িতসকলৰ বিৰুদ্ধে গোচৰ শক্তিশালী কৰিবলৈ জনতাৰ সক্ৰিয় সহযােগৰ প্ৰয়ােজন। ঘটনাৰ ফটো আৰু ভিডিঅ' বা অন্যান্য তথ্য থাকিলে ৯৪৩৫৭-১৩৯১০ নম্বৰত WhatsApp অথবা spofficejht2021@gmail. com ত মেইল কৰিব'। উল্লেখ্য যে ঘটনাৰ মাষ্টাৰ মাইণ্ড কলা ল'ৰা ওৰফে নীৰজ দাস ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত দুৰ্ঘটনাত মৃত্যু হৈছে। আক্ৰমণৰ ঘটনাত জড়িত মুঠ ১৩অভিযুক্ত যোৰহাট আৰক্ষী জিম্মাত আছে । দুই বন্ধুৰ সৈতে ব্যৱসায়িক কামত দেৰগাঁৱৰ পৰা যোৰহাটলৈ যোৱা সময়ত নিৰ্মল চাৰিআলিত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেশ ভূঞাক এদল উন্মত্ত জনতাই বৰ্বৰ ভাৱে হত্যা কৰিছিল।
web
a0359a1ff59efb989ba2546ead76041d50f5a2fb8dbb608ee9a446599816af19
ভাষাৰ অন্তৰ্ভুক্ত কৰে। কোকৰাঝাৰ জিলা আৰু ওদালগুৰি মহকুমাত ব্যৱহাৰৰ অর্থে ১৯৮৪ চনত অসম চৰকাৰে বড়ো ভাষাক দ্বিতীয় সহয়োগী ভাষাৰূপে স্বীকৃতি দিছিল। ১৯৫২ চনৰ ১৬ নৱেম্বৰত স্থাপিত হোৱা বড়ো সাহিত্য সভাই দেৱনাগেৰীক লিপিৰূপে গ্ৰহণ কৰিছিল যদিও পিছলৈ তেওঁলোকে ৰোমান লিপিৰহে পোষকতা কৰিছিল। ১৯৯৬ চনৰ ৮ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত (MIL) বড়ো ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয়। বড়ো ভাষাত বিভিন্ন সাহিত্য ৰচনাৰ লগতে গৱেষণা দিশতো অগ্রগতি লাভ কৰা দেখা গৈছে। বড়ো সম্বন্ধবাচক শব্দ মধুৰাম বড়ো সম্বন্ধবাচক শব্দবোৰ পৰিয়াল আৰু পৰিয়ালৰ লগত সম্বন্ধ থকা ব্যক্তিৰ মাজত প্ৰয়োগ কৰা হয়। তথাপি গাঁৱৰ বা সমাজৰ ব্যক্তিসকলৰ মাজতো আপোন ভাব ৰাখিবলৈ আৰু সম্মান প্ৰদৰ্শন কৰিবলৈ পৰিয়ালৰ লগত সম্বন্ধ নথকা ব্যক্তিসকলৰ মাজতো এনে সম্বন্ধবাচক শব্দবোৰৰ প্ৰয়োগ কৰা হয়। সম্বন্ধবাচক শব্দবোৰ বৈবাহিক সূত্ৰৰ পৰাই স্বাভাৱিকতে আৰম্ভ হৈছিল। পৰিয়ালৰ পিতৃ-মাতৃ আগলৈ পূর্ব পুৰুষ আৰু পিছলৈ সন্তান-সন্ততিকে ধৰি বংশলতাৰ মাজত এনে সম্বন্ধবাচক শব্দ প্রচলিত হয়। তাৰ উপৰিও নিজৰ পুত্ৰ জীয়ৰীৰ বিবাহ পাতি বেলেগ পৰিয়ালৰ লগত নতুন সম্বন্ধ পাতিলেও সম্বন্ধবাচক শব্দৰ প্ৰয়োগ হয়। আনকি সখী, বন্ধু আদি কৰিও এটা পৰিয়ালৰ লগত আনটো পৰিয়ালৰ মাজত সম্বন্ধ হ'লে এনে সম্বন্ধবাচক শব্দৰ প্ৰয়োগ কৰা হয়। পিতৃপ্রধান আৰু মাতৃপ্রধান সমাজৰ মাজত এনে সম্বন্ধবাচক শব্দবোৰৰ সূত্ৰ বেলেগ বেলেগ ধৰণে আৰম্ভ হয়। পিতৃ প্রধান জাতিয়ে অন্যঘৰৰ ছোৱালী আৰু মাতৃ প্রধান জাতিয়ে অন্য পৰিয়ালৰ ল'ৰাক বিয়া কৰাই আনে। পিতৃ প্রধান অসমীয়া জাতিৰ মাজতো কেতিয়াবা ঘৰ জোঁৱাই ৰখা বা ঢোকা থকাৰ ব্যৱস্থা আছে। এইটো মাতৃপ্রধান জাতিৰ এটা নিজস্ব বৈশিষ্ট্য। মাতৃপ্রধান জাতি খাচিয়া আৰু গাৰোসকলৰ মাজত সম্বন্ধবাচক শব্দৰ সূত্ৰ পিতৃপ্রধান জাতি অসমীয়াৰ বংশসূত্র বা বংশলতাৰ সৈতে একে নহয়। গতিকে সম্বন্ধবাচক শব্দবোৰ নিশ্চয় দুয়ো সমাজত বেলেগ বেলেগ ধৰণে আৰম্ভ হোৱাটো স্বাভাবিক। দক্ষিণ ভাৰতৰ দ্রাবিড়সকল হিন্দুগোষ্ঠীৰ যদিও আর্থিক দায়বদ্ধতাৰ কাৰণে নিজৰ বায়েকৰ ছোৱালী অৰ্থাৎ ভাগিনীয়েকৰ বিয়া কৰোৱা দেখা যায়। ইচলাম ধৰ্মত নিজৰ খুৰাক, জেঠাক, মোমায়েক, সখীয়েকৰ ল'ৰাছোৱালীৰ মাজতো বৈবাহিক সম্বন্ধ ঘটে। তেনেক্ষেত্রত সম্বন্ধবাচক শব্দ পিতৃপ্রধান জাতিৰ হলেও এনে দায়বদ্ধতাৰ মাজত সম্পন্ন হোৱা বিয়াৰ পিছত নিজৰ ভিনিহিয়েক, খুৰাক, খুৰীয়েক, মোমায়েক, মামীয়েকক সেই ডেকা-গাভৰুয়ে কি বুলি সম্বন্ধ ধৰি মাতিব সেইটো নিশ্চয় অনুমেয়। এনেকৈয়ে বহুতো নতুন নতুন যৌগিক সম্বন্ধবাচক শব্দৰ সৃষ্টি হয়। দক্ষিণ ভাৰতত ভিনিহি শহুৰ বিপৰীতে খুলখালী জোঁৱাই ইত্যাদি শব্দৰ জন্ম হোৱাটো অনুমেয়। বহুতো জনজাতীয় মঙ্গোলীয় গোষ্ঠীৰ মাজত নিজৰ ককায়েকৰ পত্নী অর্থাৎ বৌয়েকক সামাজিক আৰু আৰ্থিক দায়বদ্ধতাৰ কাৰণে বিয়া কৰায়। তাৰপিছত পূৰ্বৰ সম্বন্ধবাচক শব্দ পিছলৈ কেনে হ'ব তাক অনুমান কৰা যায়। আকৌ বহুতো মাতৃ প্রধান জাতি যেনে খাচিয়া আৰু গাৰোৰ মাজত মাতৃপ্রধান ৰূপ লোপ পাবলৈ লৈছে; তেনেক্ষেত্ৰত তেওঁলোকৰ মাজতো সম্বন্ধবাচক শব্দৰ ক্ৰমে পৰিবৰ্তন হোৱাটো স্বাভাৱিক। অসমীয়া সমাজ জীৱনতো ভাইশহুৰ বা দাদাশহুৰ মোমাই শহুৰ, ভাগিন জোঁৱাই, বৰ্জনা, বৰদেউতা, সৰুদেউতা এইবোৰ সম্বন্ধবাচক শব্দ পিছৰ কালৰ সৃষ্টি। সমাজৰ পৰিবৰ্তনৰ লগে লগে এনে যূৰীয়া বা যৌগিক নতুন নতুন সম্বন্ধবাচক শব্দৰ সৃষ্টি হোৱাটো স্বাভাৱিক। বড়োসকল বর্তমান পিতৃপ্রধান জাতি। কিন্তু বহুতে ক'ব খোজে যে অন্যান্য মঙ্গোলীয় জাতিৰ দৰে এওঁলোকো হয়তো মাতৃপ্রধান জাতিয়ে আছিল। যিয়ে নহওক, বড়ো বা অন্যান্য মঙ্গোলীয় গোষ্ঠীৰ মাজত দাদা শহুৰ, ভাগিন জোঁৱাই, ভাই বোৱাৰী এনে যুৰীয়া বা যৌগিক সম্বন্ধবাচক শব্দ পোৱাটো কঠিন। সম্বন্ধবাচক শব্দবোৰ পোনপটীয়া। তেওঁলোকৰ মতে বিয়া মানে ল'ৰা ছোৱালী আহি পৰিয়ালৰ ভিতৰত এটা নতুন সদস্য ভর্তি হোৱা। গতিকে পৰিয়ালৰ অন্যান্য সদস্যৰ দৰে নতুনকৈ সোমোৱা জোঁৱাই বা বোৱাৰী এক পৰিয়ালৰ দৰে মিলি যোৱা আবুৰৰ প্ৰয়োজন নাই! অসমীয়া বা অন্য সমাজতো তেনে প্রতিবন্ধকতাৰ কাৰণেই বোৱাৰীৰ সদস্য ভর্তিত সামাজিক ভেদ থাকি যায় কাৰণেই ওৰণি লোৱা বা পৰ্দা প্ৰথাৰ সৃষ্টি হৈছিল নতুবা শহুৰ বোৱাৰী, ভাই শহুৰ-ভাই বোৱাৰীৰ মাজত ওচৰা ওচৰি হোৱাৰ মুখামুখি হৈ কথা পতাত সামাজিক বাধাৰ সৃষ্টি হৈছিল। বড়ো বা অন্য জনজাতীয় সমাজত তেনে সামাজিক প্ৰাচীৰ বৰ কটকটীয়া নহয় এনে উদাৰতা আৰু সাম্য ভাবৰ কাৰণেই নতুবা একে পৰিয়ালৰ সভ্য হিচাবে স্বীকৃতি দিয়াৰ বাবেই। বড়ো আৰু অসমীয়া সমাজত শহুৰেকৰ যিমান সম্মান, মোমায়েকৰ যিমান সম্মান, ভাগিনিয়েকৰো সিমানেই সম্মান। বড়ো বা অন্য জনজাতীয় লোকৰ ভাষাত তেনে সম্মান সম্বন্ধবাচক শব্দৰ জৰিয়তে প্রকাশ পায়। বড়োসকলে তেনে সম্মানীয় ব্যক্তিসকলৰ বাবে বহুবচনাও বিভক্তিৰ চিন ব্যৱহাৰ কৰে। যেনেবিহাউছৗ (শহুৰ), জাৱাইছৗ (জোঁৱাই), বানীয়ছৗ (ভাগিন), (মোমাই) আমাছী ইত্যাদি। 'ছৗ' শব্দটো সর্বনামৰ পিছত ব্যৱহাৰ হোৱা বিভক্তিৰ চিন 'ছৗৰ' অপভ্রংশ ৰূপ যেনে - বিছৗৰ (সিহঁত), নীংছৗৰ (তহঁত তোমালোক), বি (সি, তেওঁ), নীং (তই, তুমি) নাইবা তাৰ পিছতো আৰু এটা বহুবচনাত্ত বিভক্তিৰ চিন 'মৗন' ব্যৱহাৰ কৰা হয়। যেনে - বিহাউছামীন (শহুৰহঁত), জাৱাইছৗমীন (জোঁৱাইহঁত) আদি শব্দ বহুবচন হ'লেও সম্মানার্থে একবচনৰেই অর্থ প্রকাশ কৰে। বড়ো ভাষাত অসমীয়াৰ দৰে আই, পিতা, দাদা এনেধৰণৰ প্ৰাকৃতিক বা স্বাভাৱিক বা সুকীয়া সম্বন্ধবাচক শব্দ প্রায়ে নাথাকে আই (মা), বানায় (ভাগিন) ইত্যাদি কেইটামান শব্দৰ বাহিৰে বড়ো ভাষাত তেনে সম্বন্ধসূচক শব্দ নাই। এই ভাষাত সম্বন্ধবাচক শব্দবোৰ সর্বনামৰ প্ৰসঙ্গত সৃষ্টি কৰি লোৱা হয়। এনে শব্দবোৰ মুক্তৰূপ (free monepheme) হে। ফা, দা ইত্যাদি বদ্ধৰূপবোৰৰ কোনো অর্থ থাকিলেও সেইবোৰ সম্পূৰ্ণাঙ্গ বা মুক্তৰূপ নহয় কাৰণে সেইবোৰ স্বপ্রকাশ্য নহয়। গতিকে সেইবোৰ বড়ো ভাষাত সম্বন্ধবাচক শব্দ নহয় কিন্তু সম্বন্ধবাচক ৰূপহে (morpheme) দা বদ্ধৰূপৰ অৰ্থ পিতৃত্বৰ সম্বন্ধ, দা বদ্ধৰূপে জ্যেষ্ঠ ভাতৃত্বৰ অৰ্থ প্ৰকাশৰ ইঙ্গিত দিয়ে। তেনে বদ্ধৰূপৰ আগত ব্যক্তিবাচক সর্বনাম বা সিহঁতৰ হ্রস্বৰূপ সংযোগ কৰি বড়ো সম্বন্ধবাচক শব্দবোৰ গঠন কৰা হয়; যেনে - আং (মই) =ফা = আ (আ)=ফা-আফা=মোৰ পিতা; নীং + ফা-নীম (নৗং) =ফা-নীম্ফা = তোমাৰ পিতা; বি = ফা = বিফা/ফিফা = তাৰ/তেওঁৰ পিতাক ইত্যাদি। গতিকে দেখা যায় বড়ো সম্বন্ধবাচক শব্দবোৰ ব্যক্তিবাচক সর্বনামৰ প্ৰত্যেকটোক লৈ এটা প্রাসঙ্গিক অর্থ প্রকাশ কৰি লৈ গঠন কৰা হয়। যেনে - আং অর্থ মই, গতিকে আংফা- আফা =মোৰ পিতা, নীং + ফা নাম (নৗঃ) + ফা + ফা - নীম্ফা = তোমাৰ পিতা, বি (সি, তাই, তেওঁ) = ফা =বিফা/ফিফা = তাৰ, তাইৰ, তেওঁৰ পিতা ইত্যাদি। প্রায় সকলোবোৰ সম্বন্ধবাচক শব্দই তেনেদৰে গঠিত হয়। গতিকে পিতা, মাতা, দাদা তেনে উমৈহতীয় বা স্বাভাৱিক অর্থ বড়ো ভাষাত প্রায় নাই বুলিবই পাৰি। সেইকাৰণে বড়োভাষী এজনক পিতা, মাতা ইত্যাদি শব্দ অসমীয়া বা ইংৰাজী শব্দৰ প্রতিশব্দ সুধিলে প্রথমে থমকি ৰৈ চিন্তা কৰিব, প্রসঙ্গটো কাৰ সোধোতাৰ নে কওঁতাৰ, নে কোনো অনুপস্থিত ব্যক্তিৰ (তৃতীয় পুৰুষৰ)। বড়ো ভাষাত ব্যক্তিবাচক প্রথম, দ্বিতীয়, তৃতীয় পুৰুষাৰ্থক প্ৰসৰ্গ বহাৰ দৰে অসমীয়া ভাষাতো সম্বন্ধবাচক শব্দৰ পিছত প্ৰথম পুৰুষত শূন্য প্ৰসর্গ, যেনেপিতা, দ্বিতীয় পুৰুষত পিতাৰ (তুচ্চাৰ্থ), পিতাৰা (সমনীয়), তৃতীয় পুৰুষৰ পিতাক ইত্যাদি পৰসৰ্গ ব্যৱহাৰ হয়। এই প্রথা বড়ো বা অন্য তিব্বত বর্মী ভাষাৰ প্ৰভাৱত পৰি সম্ভৱ হ'ব পাৰে। উক্ত শব্দবোৰ বৰ্ণনাত্মক সাধাৰণ; কিন্তু কিছুমান সম্বন্ধবাচক শব্দ আছে যিবোৰ বড়ো ভাষাত কেৱল সম্বোধন অর্থতহে প্ৰয়োগ কৰিব পৰা যায়। প্ৰথম পুৰুষৰ সৈতে সম্বন্ধ থকা শব্দবোৰহে সাধাৰণতে সম্বোধনবোধক সম্বন্ধবাচক শব্দ; যেনে- আফা-হে পিতা, আদা-হে ককাই ইত্যাদি। ব্যক্তিবাচক সর্বনাম প্ৰসৰ্গৰূপে ব্যৱহাৰ কৰি গঠিত নোহোৱা সুকীয়া শব্দবোৰো সম্বোধন বুজোৱা সম্বন্ধবাচক শব্দৰূপে ব্যৱহাৰ কৰা যায়; যেনে- আই-হে মা, বানায়ছৗহে ভাগিন, মামাইছৗ- হে মোমাই ইত্যাদি। যাৰ সৈতে মুখামুখিকৈ কথা ক'ব নোৱাৰি সেইবোৰ শব্দ সম্বোধনত ব্যৱহাৰ কৰা নাযায়; যেনে- বিহাউছী = হে শহুৰ, বিহাউফীৰ-শহুৰ দেউ, বীৰাই ফৗৰ = শহুৰ। কিন্তু বীৰাহ শব্দৰ অৰ্থ বুঢ়া আৰু ফাৰ মানে বহুত। তাৰ সলনি আপোনত্ব অথবা সম পৰ্যায়ৰ সম্বন্ধ ধৰি মাতিব পৰা শব্দ - হে পিতা শব্দ সম্বোধনত ব্যৱহাৰ কৰা হয়। এনে প্রয়োগ অসমীয়া ভাষাত বড়ো ভাষাত আগৰে পৰা প্ৰচলিত এই প্ৰথাৰ পিছৰ কালত হোৱা যেন অনুমান হয়। কাৰণ, বড়ো সমাজত সাম্যভাৱ বা সমান অধিকাৰ, উদাৰতা বা মুক্ত প্রয়োগ আগৰে পৰা বিৰাজ কৰি আহিছে। বড়ো সমাজত যাৰ সৈতে ধেমালি কৰিব পৰা যায়, ল'ৰা বা ছোৱালীৰ ক্ষেত্ৰত বৈবাহিক সম্বন্ধ ঘটিব পাৰে; যেনে - ভিনিহি খুলশালী আৱশ্যক হ'লে নবৌয়েক দেওৰেক, বয়স মিলিলে ককা বা আইতাকৰ সৈতে নাতিনী বা নাতিৰ মাজত। সেয়েহে এনেকুৱা সম্বন্ধত ভাষাৰ যোগসূত্ৰও মিলি যায়। বড়ো ভাষাৰ সম্বন্ধবাচক শব্দৰ লগত অসমীয়াৰ পাৰ্থক্য আছে। উদাহৰণ স্বৰূপে বড়ো ভাষাত যি দুটা পৰিয়ালৰ মাজত বৈবাহিক সম্বন্ধ ঘটিব সেই দুটাৰ ল'ৰা আৰু ছোৱালীৰ ভিনিহি খুলখালী সম্বন্ধই এই যোগসূত্ৰত একে পুৰুষৰ শাৰীতে আৰু বৈবাহিক সম্বন্ধ পতাৰ সাম্ভাৱ্যৰ কথা ইঙ্গিত দিয়ে। অর্থাৎ স্বামীৰ ভায়েকে ছোৱালীৰ নিজৰ ভনীয়েকৰ বিয়া কৰাব পাৰে। পত্নীৰ ভায়েকে বিপৰীত পৰিয়ালৰ ননদক বিয়া কৰাব পাৰে। এনেকুৱা সম্বন্ধসূচক শব্দ বড়োত থাকিলেও অসমীয়াত নাই। এইদৰে সমাজ বিজ্ঞানত বা সমাজ ভাষা বিজ্ঞানৰ মতে সম্বন্ধবাচক শব্দবোৰ সমাজ ভেদে বেলেগ বেলেগ।
pdf
c20b259d25b1783beb2ffcaeb4ce0d91
সন্মানীয় একাডেমী অৱ মোশ্যন পিকচাৰ আৰ্ট এণ্ড ছায়েন্স চমুকৈ অস্কাৰৰ ভোটিং সদস্য হিচাপে নিৰ্বাচিত হৈ ৰাজ্য তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে সাফল্যৰ শীৰ্ষত আৰোহণ কৰা অসম সন্তান দেৱজিত চাংমাই। উল্লেখযোগ্য যে জন্মসূত্ৰে শিৱসাগৰ জিলাৰ দেৱজিতে প্ৰথমে গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ পৰা ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম গ্ৰহণ কৰি কামৰ সন্ধানত মুম্বাইলৈ ঢাপলি মেলে। বহু কষ্ট আৰু উত্থান পতনৰ পাছত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা দেৱজিত এতিয়া বলিউডৰ এটা চিনাকি নাম হোৱাৰ উপৰি আগশাৰীৰ ছাউণ্ড ৰেকৰ্ডাৰ হিচাপে পৰিচিত। সম্প্ৰতি বলিউডৰ প্ৰখ্যাত প্ৰতিষ্ঠান ফিউচাৰ ৱৰ্কছৰ সৈতে কাম কৰি থকা দেৱজিতে ইতিমধ্যে বৰ্ফি, ডংগল, হেইদৰ, ছিক্ৰেট ছুপাৰষ্টাৰ, ভাগ মিলখা ভাগ, ইস্কিয়া আদিৰ দৰে ছবিত কাম কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। ২০১০চনৰ 'ইস্কিয়া' ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা দেৱজিতৰ সাফল্যত গৌৰৱবোধ কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে। উল্লেখযোগ্য যে আন এগৰাকী অসম সন্তান অমৃত প্ৰীতমে ইয়াৰ পূৰ্বে অস্কাৰ ভোটিং সদস্যৰ আমন্ত্ৰণ লাভ কৰিবলৈ সক্ষম হৈছিল। দেৱজিত চাংমাইৰ এই কৃতিত্বৰ বাবে তেওঁলৈ অভিনন্দন জ্ঞাপন কৰিছে অমৃত প্ৰীতম, উৎপল বৰপূজাৰীসহ বিভিন্নজনে। যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ? Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
web
8c8f839c462534f4722f4a2981061c0b92e4ee5b
ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰৰ এটা দলৰ সাহসী কাৰ্যক এতিয়া সকলোৱে প্ৰশংসা কৰিছে। দেওবাৰে বনভোজ খাবলৈ গৈ পানীত উটি যোৱা দুটি কন্যা শিশুক উদ্ধাৰ কৰে গৱেষক ছাত্ৰৰ দলটোৱে। ভৈৰৱকুণ্ডৰ বনভোজস্থলীত সংঘটিত হৈছিল অঘটন। বনভোজ খাবলৈ যোৱা দুটি কণমানি কন্যা শিশু হঠাৎ উটি গৈছিল খৰস্ৰোতা নদীৰ কোবাল সোঁতত। কণমানি শিশু দুটি উটি যোৱা প্ৰত্যক্ষ কৰি তৎক্ষণাত পানীত নামে গৱেষক ছাত্ৰৰ দলটো আৰু ছাত্ৰৰ দলটোৱে সুকলমে উদ্ধাৰ কৰে শিশুটিক। উদ্ধাৰকাৰী ছাত্ৰকেইজন ক্ৰমে ত্ৰিদিপ চুতীয়া, মানসপ্ৰতিম দত্ত, দিব্যজ্যোতি কলিতা, মনোৰঞ্জন দত্ত, বিশ্বজিৎ দিহিঙীয়া, নৰনাৰায়ণ দেউৰী আৰু অমৃত বৰা। আটাইকেইজন গৱেষক ছাত্ৰই দেওবাৰে বনভোজ খাবলৈ গৈছিল ভৈৰৱকুণ্ডত। ছাত্ৰকেইজন বিশ্ববিদ্যালয়ৰ ভি ভেংকটৰাও আৰচিচি-৫ গৱেষক ছাত্ৰাৱাসৰ আৱাসী। এই সাহসী কাৰ্যৰ ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাত হৈ সকলোৱে প্ৰশংসা কৰিছে ছাত্ৰকেইজনক।
web
78e44a152f3fe96f4ac3c60438ea7cedd975fe337b69590333ddeebef7924177
● माहिा- वि विमा বহুতে কব নোৱাৰিষ, কিন্তু ইয়াৰ অনুপ্রাসযুক্ত শব্দধ্বনিৰদ্বাৰা পৃষ্ট সূৰ-পয়ে ল'ৰা-বুঢ়ঢ় সকলোকে সমানে যুদ্ধ কৰি আহিছে। শব্দালংকাৰ মুঠতে হয় বিশ্বঃ অনুপ্রাস, যমক, পুনৰুক্তৰাভাস, শ্লেষ, বক্রোক্তি আৰু চিত্র। মন্ম আৰু আন আন যত আলংকাৰিকে এই হয়টা অলংকাৰৰে লক্ষণ, প্রকান আৰু উদাহরণ দিছে। কোনো কোনো আলংকাৰিকৰ মতেৰে গূঢ়, প্রশ্নোত্তৰ আৰু প্ৰহেলিকা এই তিনিটাও শব্দালংকাৰ। প্রশ্নোত্তৰ, গূঢ় আৰু প্ৰহেলিকাক প্ৰকৃততে বাক্-চাতুৰি বা কৌতুক বোলাহে উচিত। হৃদয়াহলাদকাৰি। গুণতকৈও আগতে কৈ অহা মতে ইয়াক শব্দৰ খেলা বুলিহে কৰ পাৰি। ইয়াত আহলাদ নাই, বিস্ময় আৰু কুত্বলৰোধহে আছে। সেইকাৰণে সমূহ আগ আলংকাৰিকে এই দুটাক অলংকাৰৰ পাবী ঠাই দিয়া নাই। অলংকাৰৰ শাৰীত যদি ঠাই দিবই লাগে, তেনেহলে শব্দালংকাৰৰ লগতে আসন দিয়াৰ বাহিৰে উপায়ো নাই, কাৰণ ইয়াৰ কৌতুকখিনি শারী। অর বাঙিবেক বিচাৰ কৰিলেও দেখা যায় ঘটক পদকেইটা সলাই দি জান পদ দিলে অলংকাৰ নাথাকে আৰু সেই পদকেইটা থাকিলেহে অলংকাৰ থাকে । গতিকে এই ফালৰপৰা চালেও এই কেইবিধ অলংকাৰ শব্দালংকাৰৰ শাৰীত পৰে। অসমীয়া সাহিত্যত অনুপ্ৰাসৰ বাহিৰে আন শব্দালংকাৰৰ ব্যৱহাৰ বেছিকৈ পোৱা নাযায়। কেতিয়াবা কাচিৎ যমক দুই এপদ পোৱা যায়। তথাপি কুতূহলীজনৰ মনৰ সন্তোষৰ অৰ্থে সংস্কৃত উদাহৰণৰ সহায়ভাৰে হলেও এই অলংকাৰকেইটাৰ চমুকৈ পৰিচয় দিবলৈ চেষ্টা কৰা হৈছে । ॥১॥ অনুপ্রাস শুনিবলৈ ভৱলা হোৱাকৈ সদৃশ ব্যঞ্জনবর্ণৰ ওচৰা-ওচৰিভাৱে বিদ্যাস কৰাকে নুপ্রাস বোলে। অনুপ্রাস শব্দৰ অৰ্থ হ'ল ৰসাদিৰ অনুকূলে (অনু) প্রকৃষ্টভাৱে (এ) বৰ্গৰ দ্যাস (আস)। গভিকে সপুষ্টিৰ কাৰণে যেনে বৰ্গৰ আবৃত্তি অর্থাৎ একাধিকবাৰ ব্যৱহাৰ কৰিলে ভাল হয় তেনে বৰ্ণ ওচৰা-ওচৰিকৈ বিশ্বাস কৰিব লাগে। অনুপ্রাস হোৱাৰ চিত্ৰক্রোক্তনু প্রাসগুঢ়শ্লেষপ্রহেলিকঃ । প্রশ্নোত্তৰৎ চ ধমকমষ্টাঽলঙ্ক তয়ো ধ্বংনৌ ॥" -কেশরমিক্স কৃত অশংকাৰশেখৰ - এই পৰিগণন মতে অলংকাৰ আঠ বিষ - চিত্র, রক্কোকি, অনুপ্রাস, গূঢ়, ে প্ৰহেলিকা, প্রশ্নোত্তৰ আৰু যমক। পুনৰুক্তবদভাস অলংকাৰ এই তালিকাৰণৰ। বাদ পৰিছে । दिन চावि। : সদৃশ - একেটা বা ভেনে ধৰণৰ বৰ্ণ যেনে মম, জব ইত্যাদি। ৩। ব্যঞ্জনবর্ণ- স্বৰবৰ্ণৰ পুনঃ আবৃত্তি কৰিলে সি সৌন্দর্যশালী নহয় ওনাড গুৱলা নহয়, গতিকে স্বৰবৰ্তৰ স্থান অনুপ্ৰাসত নাই বুলিলেও হয়। কেতিয়াবা বিশেষ স্থলত স্বৰবৰ্ণৰ প্রয়োগত অনুগ্ৰাসৰ মাধুৰ্য পোৱা যায়। ভাষ কথা পিছত কম। Sওচৰা-ওচৰিকৈ বিশ্বাস- এটা বৰ্গৰ উচ্চাৰণৰ বহু পিছত যদি সেই ব আকৌ উচ্চাৰণ কৰা হয়, ভেডিয়া সদৃশ বৰ্ণৰ একাধিক বার উচ্চাৰণৰ যি মধু সি কাপড় নাবাজে। বৰ্ণ এটাৰ উচ্চাৰণৰ পিছত তার স্মৃতিৰূপ বিউদি এটা ক্ষত বৈ যায়। সেই ৰিঙণিটো মাৰ নৌযাওঁতেই আকৌ ভেনে বর্ণ উচ্চারিত হলে কথিত গুৱলা লাগে। গতিকে এবাৰ য বর্ণ উচ্চাবিত হোৱাৰ মাজত যদি আৰু বৰ্ণৰ ব্যৱধান থাকে তেনেহলে পূৰ্বৰ ৰিঙণি মাৰ যোৱাৰ ফলত দ্বিতীয় ম উচ্চাৰণ অকলশৰীয়া যেন হৈ পৰে আৰু পৰিবৃত্তিৰ সূত্ৰাৰ্য্য ওটে। আনি দিব নোৱাৰে। গতিকে বৰ্গৰ আবৃত্তি (repetition ) থাসভব ওচৰা-ওচৰি হব লাগে। উদাহৰণঃ "অগজন জীবন অজন অনার্দন অনুজদমন দুঃখহাৰী। মোহনানন্দ কন্দ পৰমানন্দ মন্দ নন্দন বনচাৰী ॥" লা- শুনিবলৈ গুৱা নহলে সি অলংকাৰ নামবে যোগ্য নহ - শংকৰদে ইয়াত প্রথম হুশাৰীত ওচৰা-ওচৰিকৈ 'হু' আৰু 'ন' এই দুটা ব্যঞ্জনবর্ণ ব্যৱহাৰ কৰা হৈছে । তৃতীয় আৰু চতুর্থ শাৰীত ন দ সংযুক্ত আৰু বিযুক্ত হয়োভাৱে আবৃত হৈছে। দ্বিতীয় চতুর্থ শাৰীৰ 'হাৰী' আৰু 'চাৰী'ৰ শেহৰ ব্যঞ্জন 'হ'। তাৰ আগৰ ঘৰ (উপাত্ত ) 'জা' আৰু পিছৰ ঘৰ () ঈ ও স্বৰ ত্য) ঈ সিও একে। দ্বিতীয় চতুর্থ - চৰণৰ এই স্বৰ-ব্যঞ্জনৰ সদৃশ আবৃত্তিও এক প্রকাৰ অনুপ্রাস। ইয়াকে অভ্যানুপ্রাস বোলে। ৪. "অলঙ্কাৰপ্ৰভাৱে কেৱলং বৰপৌনক্যম্ অচাক্বার গণ্যতে ।" - অলঙ্কাৰ সৰ্বস্ব ৫. বাক্যত অর্ধবোধ হবলৈ যেনকৈ পদৰ আসতি বা সন্নিধি অপৰিহাৰ্য প্রয়োজন তেনেকৈ ধ্বনিবৈচিত্ৰ্যৰ মনোহাৰিত্ব পাবলৈকো জাসতি থাকিব লাগে। চেভাৰত 'সঃ' আঘাত কৰি ৰহুত বেলিৰ মূৰ্ত 'মা', আকৌ কিছু পৰ যোৱাৰ পিছত 'পা' আঘাত কৰিলে 'সা মা পা'ৰ পৰস্পৰিত ধ্বনি সৌন্দর্য নোলায়। সেইদৰে আকৌ 'মা' ঘৰৰ আবৃত্তি কৰিব লগা হলেও 'মা'ত আঘাত কৰি বহুত বেলিৰ মূৰত আকৌ 'মা'ও আঘাত কৰিলে 'মামা' ঘৰ একেলগে বজালে যি ওম্রাব্যতা পোৱা মাথ ডাক পোৱা নাযায়।
pdf
018047813a4937d0efbaa24711639e22b975b091
আশিকী ৩ ঘোষণাঃ কাৰ্তিক আৰ্যনে প্ৰথমবাৰৰ বাবে অনুৰাগ বসুৰ সৈতে কাম কৰিবলৈ গৈ আছে। 'আশিকী 3'ৰ ঘোষণাৰ লগতে, কাৰ্তিকে এটা প্ৰমো ভিডিঅ'ও শ্বেয়াৰ কৰিছে। বলীউডৰ অভিনেতা কাৰ্তিক আৰ্যনৰ ভাগ্য আজিকালি উচ্চতাত আছে। 'ভুল ভুলাইয়া ২'ৰ বৃহৎ সফলতাৰ পিছত, তেওঁৰ সকলো ছবি ইটোৰ পিছত সিটো কৈ ঘোষণা কৰা হৈছে। এতিয়া কাৰ্তিকৰ আন এখন চলচ্চিত্ৰ ঘোষণা কৰা হৈছে। কাৰ্তিক আৰ্যনক 'আশিকী ৩'ত দেখা যাব। চলচ্চিত্ৰখনৰ ঘোষণাৰ লগতে, তেওঁ এটা প্ৰমো শ্বেয়াৰ কৰিছে, যাৰ ওপৰত 'আশিকী ৩' লিখা হৈছে। অনুৰাগ বসুৱে ছবিখন পৰিচালনা কৰিব য'ত ভূষণ কুমাৰ আৰু মুকেশ ভট্টই ছবিখন প্ৰযোজনা কৰিব। অভিনেত্ৰীগৰাকীৰ নাম প্ৰকাশ কৰা হোৱা নাই। কাৰ্তিক আৰ্যনৰ মুখ্য চৰিত্ৰটো 'আশিকী ৩'ত দেখা যাব, কিন্তু এই মুহূৰ্তত, ছবিখনত শ্ৰদ্ধা কাপুৰৰ স্থানত কোন অভিনেত্ৰীয়ে অভিনয় কৰিব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই। মই আপোনাক কওঁ যে ১৯৯০ চনত 'আশিকী' বোলছবিখনে বক্স অফিচত যথেষ্ট হুলস্থুল কৰিছিল। ৰাহুল ৰয়ক অনু আগৰৱালাৰ সৈতে ছবিখনত দেখা গৈছিল। চলচ্চিত্ৰখনৰ গানটোৱে এই যোৰটোৰ সৈতে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। একে সময়তে, 2013 চনত, 'আশিকী 2' বোলছবিখনেও ভাল প্ৰদৰ্শন কৰিছিল, য'ত আদিত্য ৰয় কাপুৰক শ্ৰদ্ধা কাপুৰৰ সৈতে যুটি বান্ধি থকা দেখা গৈছিল। মই আপোনাক কওঁ যে কাৰ্তিক আৰ্যন আজিকালি তেওঁৰ চলচ্চিত্ৰত বহুত ব্যস্ত। শ্বাহজাদা' আৰু 'সত্য প্ৰেম কি কথা' তেওঁৰ আহিবলগীয়া ছবি। কাৰ্তিক বৰ্তমান কিয়াৰা আদৱানীৰ সৈতে 'সত্য প্ৰেম কি কথা'ৰ দৃশ্যগ্ৰহণত ব্যস্ত। চলচ্চিত্ৰৰ পৰ্দাত, এই যোৰটো 'ভুল ভুলিয়া 2' বোলছবিখনত যথেষ্ট পছন্দ কৰা হৈছিল। 'আশিকী ৩'ৰ ঘোষণাৰ পিছৰে পৰা, অনুৰাগীসকলে এতিয়া আচৰিত হৈছে যে এই ছবিখনত কাৰ্তিক আৰ্যনৰ সৈতে কোন গৰাকী অভিনেত্ৰীক ৰোমাঞ্চ কৰা দেখা যাব। প্ৰথমবাৰৰ বাবে, কাৰ্তিকে অনুৰাগ বসুৰ সৈতে কাম কৰিবলৈ গৈ আছে। কাৰ্তিকে ছবিখনৰ ঘোষণাৰ সৈতে অনুৰাছ বসুৰ সৈতে কাম কৰাৰ বিষয়ে তেওঁৰ উত্তেজনা প্ৰকাশ কৰিছে।
web
55cb20031cf1912b938f25c434975104c7f860fb
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰয়াত সহযোগী অধ্যাপক ড০ পৰাগমণি শৰ্মাৰ সোঁৱৰণত শনিবাৰে অসম সাহিত্য সভাই 'উত্তৰ-পূব লোক-সংস্কৃতিৰ শিক্ষাৰ বিস্তাৰত শিক্ষানুষ্ঠানৰ ভূমিকা' শীৰ্ষক এখন স্মাৰক বক্তৃতাৰ আয়োজন কৰে। লোক-সংস্কৃতি বিভাগৰ অধ্যাপক পৰাগমণি শৰ্মাৰ সোঁৱৰণত স্মাৰক বক্তৃতা অনুষ্ঠিত হয় গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ পৰাগমণি শৰ্মা কক্ষত। অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত ভাষণ দি ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কলা আৰু সমাজ বিজ্ঞান বিভাগৰ কলাগুৰু ড০ ৰবীন্দ্ৰ নাথ শৰ্মাই ভাষণ দি কয় যে পূৰ্বতে অসম লোক-সংস্কৃতিৰ বিশেষ চৰ্চা হোৱা নাছিল যদিও যোৱা শতিকাৰ শেষৰ ফালৰ পৰা এই ক্ষেত্ৰত বিশেষ তৎপৰ হোৱা দেখা গৈছে। অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোক-সংস্কৃতি যথেষ্ট চহকী। লেক নৃত্য, লোক নাট্য, ঢোল বাদ্য, লিপি, গহণা, খেল-ধেমালি আদি বিষয়বোৰত চৰ্চা আৰু অধ্যয়নৰ ক্ষেত্ৰত প্ৰাথমিক স্তৰৰ পৰাই চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই ক্ষেত্ৰত অসম সাহিত্য সভাই বিশেষ ভূমিকা ল'ব পাৰে। অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ড০ সঞ্জীৱ কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত ড০ পৰাগমণি শৰ্মাৰ পিতৃ দামোদৰ শৰ্মাই পৰাগমণি শৰ্মাৰ জীৱনৰ বিষয়ে আলোকপাত কৰি তেওঁৰ স্মৃতিত এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে অসম সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানটোত কামৰূপ জিলা সাহিত্য সভাৰ সভানেত্ৰী মৃণালিনী দেৱী, অসম সাহিত্য সভাৰ কোষাধ্যক্ষ প্ৰনৱ বৰা, বিত্তীয় কোষৰ আহ্বায়ক অৱনী মোহন চহৰীয়া, দিল্লী সাহিত্য সভাৰ সম্পাদক হৃদয় কুমাৰৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
web
ddc3277fd7aba1b2b3d73dc77595714eeb331ca2
মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম), বজালীয়ে পিয়ন পদৰ বাবে নিয়োগ কৰি আছে। এতিয়া প্ৰয়োগ কৰক! মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম), বজালীয়ে পিয়নৰ খালী পদৰ নিযুক্তিৰ বাবে শেহতীয়া চাকৰিৰ অধিসূচনা প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে অন্তিম তাৰিখৰ আগতে আবেদন কৰিব পাৰে। বজালী ন্যায়পালিকাৰ চাকৰিৰ খালী পদ ২০২২ ৰ বিষয়ে অধিক বিৱৰণ পৰীক্ষা কৰক। বজালীৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম)য়ে পাঠশালাৰ বজালীৰ মুখ্য ন্যায়িক দণ্ডাধীশ স্থাপনৰ অধীনত ০২ পিয়ন খালী পদৰ নিযুক্তিৰ বাবে এটা বিজ্ঞাপন প্ৰকাশ কৰিছে। আকাংক্ষিত প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰেঃ প্ৰাৰ্থীজন ০১-০১-২০২২ তাৰিখত ১৮ বছৰৰ কম আৰু ৪০ বছৰতকৈ অধিক বয়সৰ হ'ব নালাগিব। পিয়ন পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব, কিন্তু দ্বাদশ শ্ৰেণী আৰু তাৰ ওপৰৰ শ্ৰেণী উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকল এই পদৰ বাবে যোগ্য নহ'ব। নিযুক্তি বিনিময় পঞ্জীয়নঃ প্ৰাৰ্থীসকলে নিযুক্তি বিনিময়ত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব লাগিব আৰু আবেদন দাখিল কৰাৰ তাৰিখলৈকে পঞ্জীয়ন বৈধ হ'ব লাগিব। প্ৰাৰ্থীসকলে তেওঁলোকৰ আৱেদন এখন বন্ধ খামত এৰি দিব পাৰে য'ত শিক্ষাগত অৰ্হতা, বয়স, জাতি, বৈধ নিযুক্তি বিনিময় পঞ্জীয়ন কাৰ্ড সম্পৰ্কীয় সকলো প্ৰশংসাপত্ৰৰ স্ব-প্ৰমাণিত প্ৰতিলিপিৰ লগতে শেহতীয়া পাছপোৰ্ট আকাৰৰ ফটোগ্ৰাফৰ ৩ (তিনিটা) প্ৰতিলিপি ওলোটা ফালে প্ৰাৰ্থীয়ে যথাযথভাৱে স্বাক্ষৰ কৰিছে, মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ "ড্ৰপ বক্স"ত, বজালী, পাঠশালবা সকলো নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন তলত উল্লেখ কৰা কাৰ্যালয়ৰ ঠিকনালৈ ডাকযোগে প্ৰেৰণ কৰিব পাৰে।
web
14d1c35240590b345bf507bd0b218bdeaa983578
গুৱাহাটী আহি পালে ইউক্ৰেইন (Ukraine) ত থকা অসমৰ ছাত্ৰ-ছাত্ৰীৰ এটি দল । ইউক্ৰেইনৰ পৰা দিল্লীলৈ বিমানযোগে অহাৰ পিছত পুনৰ দিল্লীৰ পৰা বৰঝাৰ বিমানবন্দৰলৈ আহি পালে ৫ জনীয়া এটি দল । গুৱাহাটী আহি পালে হাৰ্বি দত্ত, শ্ববীৰ হক, স্নেহ অধ্যাপক, ডেইজী মেধি আৰু চিৰঞ্জীৱ শইকীয়া । সুকলমে নিজ মাতৃভূমি আহি পালে এই ৫ জন ছাত্ৰ-ছাত্ৰী। আটাইকেইজন ইউক্ৰেইনৰ National medical universityত অধ্যায়নৰত আছিল । অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম। - First Published :
web
47fcafaf74b6f761a3c0d1efabebd008
ৰাজপথ Class 11 Assamese Lesson 15 [প্ৰশ্ন উত্তৰ] একাদশ শ্ৰেণী\nৰাজপথ Class 11 Assamese Lesson 15\nপাঠৰ নাম ৰাজপথ\nপাঠৰ নং অধ্যায় 15\nৰাজপথ Class 11\n১। অসমীয়া কবিতাৰ কাহিনী' গ্রন্থ কাৰ ৰচনা?\nউত্তৰ : 'অসমীয়া কবিতাৰ কাহিনী" নামৰ গ্ৰন্থখন ভবানন্দ দত্তৰ ৰচনা।\n২। 'ব্লেক আউট' মানে কি ?\nউত্তৰঃ 'ব্লেক আউট' মানে নিষ্পদ্রীপ।\n৩। ৰাজপথত কোন সময়ত ভদ্র-বনিতাৰ চৰণাঘাত পৰে?\nউত্তৰ : ৰাজপথত ৰাতিৰ ভাগত ভদ্র-বনিতাৰ চৰণাঘাত পৰে।\n৪। ৰাজ পথ' কবিতাটি প্রথমে কোনখন আলােচনীত প্রকাশ পাইছিল?\nউত্তৰঃ ৰাজপথ'কবিতাটি 'জয়ন্তীৰ পাতত প্রথমে প্রকাশ পাইছিল।\n৫। নচিকেতা' কাৰ ছদ্ম নাম?\nউত্তৰঃ নচিকেতা' ভবানন্দ দত্তৰ ছদ্ম নাম।\nৰাজপথ কবিতা Class 11 চমু প্রশ্ন\n১। ৰাজপথ' নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্র অংকন কৰিছে?\nউত্তৰঃ ৰাজপথ' কবিতাটিত কবিয়ে আধুনিকতাৰ বিংশ শতিকাৰ চতুর্থ দহকৰ সময়ছােৱাৰ চিত্র অংকন কৰিছে।\n২। বিভিন্নজন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযােগ লৈছে?\nউত্তৰঃ বিভিন্ন ব্যক্তিয়ে তলত দিয়া ধৰণে ৰাজপথৰ উদাৰতাৰ সুযােগ লৈছে-\nউদভ্রান্ত প্রেমিক প্রেমিকাই গােপন অভিসাৰ কৰিছে।ভদ্র-বনিতাই জীৱিকাৰ সন্ধানত ৰাতিৰ সুযােগত উদাৰ ৰাজপথত দেহা বিক্ৰী কৰিছে, বিৰহ- কাতৰা কলেজীয়া ছােৱালীয়ে তথাকথিত অভিজাত লােকৰ শৰ্যা সংগীনি হৈছে।\n৩। ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবােৰৰ ছবি কবিতাটিত কেনেদৰে প্ৰকাশ পাইছে?\nউত্তৰঃ ৰাজপথৰ দুয়ােকাষে অভিজাত লােকৰ শাৰী। শাৰী অট্টালিকা গঢ়ি উঠিছে। সেই অট্টালিকাবােৰৰ বাসিন্দাসকল হৈছে ধনীক শ্রেণীৰ প্রতিনিধি। সিহঁত বিলাসী জীৱন-যাপন কৰাত মগ্ন। সিহঁতে মেহগনি পালেঙত বিহা-কাত কলেজীয়া যুৱতীৰ আলাসিত দেহৰ সৈতে প্রেম উন্মাদনাত মত্ত। বাহিৰৰ ৰাজপথৰ দাঁতিত দীন-দৰিদ্ৰই ভিক্ষাৰ পাত্ৰ লৈ হাহাকাৰ কৰি ফুৰিছে। অভিজাত লােকসকলে সিহঁতৰ কথা এবাৰাে ভবাৰ সময় নাই।।\n৪। ৰাজপথৰ কাষৰ ফুট পাথত কোন কেনেকৈ থাকে ?\nউত্তৰ : ৰাজপথৰ কাষৰ ফুটপাথত গৃহহীন নিঃস্বাথ লােকসকলে ভিক্ষাৰ পাত্ৰ লৈ শুই থাকে। সিহঁত কোনাে দিন পেট পুৰাই খাবলৈ নােপােৱা বাবে কংকালসাৰত পৰিণত হৈছে।\n৫। ভবানন্দ দত্তৰ ৰাজপথ'কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে?\nউত্তৰ : ভবানন্দ দত্তৰ ৰাজপথ' কবিতাটিত আধুনিক সভ্যতাৰ কঠোৰ বাস্তৱতা ফুটি উঠিছে। আধুনিকতাই সমাজত ধনী আৰু দুখীয়া নামৰ দুটা\nশ্ৰেণীৰ সৃষ্টি কৰিছে। ধনীক শ্ৰেণীটোয়ে বিলাসী জীৱন যাপন কৰাত অভ্যস্ত। আনহাতে ৰাজপথত নিশাৰ অন্ধকাৰৰ সুবিধা লৈ উদভ্রান্ত প্রেমিক প্রেমিকাই অভিসাৰ কৰি আছে। সমাজৰ চকুত ধূলি দি ৰাজপথত জীৱিকাৰ সন্ধানৰত ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলে। নিঃস্বাথ, নিচলা পৰিয়ালৰ ছােৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি নিজৰ দেহা মুখা পিন্ধা ভদ্র লােকসকলৰ কামনাৰ কোলাত সঁপি দিছে।\n(গ) দীঘল প্রশ্ন\n১। ৰাজপথ' কবিতাটোৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টিকৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্রকাশিত হৈছে - বুজাই লিখা।\nউত্তৰঃ ৰাজপথ'কবিতাটোত আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ প্রকাশিত হৈছে। কবিয়ে লক্ষ্য কৰিছে যে আধুনিকতাই সমাজত ধনী আৰু দুখীয়া নামৰ দুটা শ্ৰেণীৰ সৃষ্টি কৰিছে। ধনী শ্ৰেণীটোয়ে বিলাসী জীৱন যাপন কৰাত অভ্যস্ত। আনহাতে ৰাজপথত নিশাৰ অন্ধকাৰৰ সুবিধা লৈ, উদভ্রান্ত প্রেমিক প্রেমিকাই অভিসাৰ কৰিছে। সমাজৰ চকুত ধূলি দি ৰাজপথত জীৱিকাৰ সন্ধানৰত ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলিছে। নিঃস্ব, নিচলা পৰিয়ালৰ ছােৱালীসকলে। দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি নিজৰ দেহা মুখাপিন্ধা ভদ্র লােকসকলৰ কামনাৰ কোলাত সঁপি দিছে।\n২। সমাজ জীৱনৰ শ্ৰেণী-বৈষম্যৰ ছবিখন ৰাজপথ' কবিতাটিত কেনেদৰে প্রকাশিত হৈছে বুজাই লিখা।\nউত্তৰ : ভৱানন্দ দত্তৰ ৰাজপথ' শিৰােনামাৰ কবিতাটিত আধুনিক সভ্যতাই সৃষ্টি কৰা ধনী আৰু দুখীয়া শ্ৰেণীৰ জীৱন ধাৰাৰ মাজত থকা বৈষম্যৰ চিত্ৰ দাঙি ফুটি উঠিছে। ধনতান্ত্রিক সমাজ ব্যৱস্থাৰ ছবি অংকন কৰিবলৈ গৈ কবিয়ে দেখুৱাইছে যে অভিজাত লােকসকলে ৰাজপথৰ দুয়ােকাষে শাৰী শাৰী অট্টালিকা নির্মাণ কৰি ভােগ বিলাসী জীৱন-যাপন মত্ত হৈ পৰিছে। সিহঁতৰ পাঁচ মহলা অট্টালিকাৰ পৰা ৰেডিঅ'ৰ গান, ৰবীন্দ্ৰ সুৰৰ মুচ্ছা, ভাহি আহিছে। সিহঁতে মেহগনি কাঠেৰে সজা পালেঙত আলসুৱা দেহাটি এৰি দি ধন-সম্পত্তি প্রাচুর্যতাৰ মাজত বিলাসীতাৰ সন্ধান কৰিছে। আনহাতে ৰাজপথৰ দাঁতিৰ ফুটপাথত শূন্য ভিক্ষা পাত্র লৈ মৃতপ্রায় হৈ পৰি আছে কংকালসাৰ দৰিদ্র, নিঃস্ব লােকসকল। সিহঁত গৃহহীন, আশ্রয়হীন হৈফুটপাথকেই শেষ আশ্রয় হিচাপে গ্রহণ কৰিছে। কিছুমান তিৰােতাই দৰিদ্ৰতাৰ তাড়ণাত নিজৰ দেহা বিক্ৰী কৰিবলৈ লৈছে। এনেদৰে কবিয়ে 'ৰাজপথ' নামৰ কবিতাটিত শ্রেণী বৈষম্যৰ ছবি অংকন কৰিছে।\n৩। 'ৰাজপথ'কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্রয় থলী হিচাপে প্রকাশ কৰা হৈছে?\nউত্তৰ : 'ৰাজপথ' কবিতাটিৰ শেষভাগত কবিয়ে ৰাজপথক নিঃস্ব, নিচলা, গৃহহীন, লাঞ্চিত, বঞ্চিত, নিষ্পেষিত লােকৰ আশ্রয়থলী হিচপে অঙ্কন কৰিছে।\nকবিয়ে লক্ষ্য কৰিছে যে আধুনিকতাই সমাজত ধনী আৰু দুখীয়া নামৰ দুটা শ্ৰেণীৰ সৃষ্টি কৰিছে। ধনীক শ্ৰেণীটোয়ে বিলাসী জীৱন যাপন কৰাত অভ্যস্ত। আনহাতে ৰাজপথত নিশাৰ অন্ধকাৰৰ সুবিধা লৈ উদভ্রান্ত প্রেমিক প্রেমিকাই অভিসাৰ কৰিছে। সমাজৰ চকুত ধূলি দি ৰাজপথত জীৱিকাৰ সন্ধান ৰত ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলিছে। নিঃস্ব, নিচলা পৰিয়ালৰ ছােৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি নিজৰ দেহা মুখাপিন্ধা ভদ্র লােকসকলৰ কামনাৰ কোলাত সঁপি দিছে। ৰাজপথেই হৈছে সেই দৰিদ্ৰ লােকসকলৰ বাসস্থান। সিহঁত কোনাে দিন পেট পুৰাই খাবলৈ নােপােৱা বাবে কংকালসাৰত পৰিণত হৈছে।\nClass 11 Assamese Lesson 15\n৪। 'ৰাজপথ'কবিতাটিত 'বঞ্চিতৰ বাচিবৰ বাঞ্ছ' মানে কি কথা কোৱা হৈছে?\nউত্তৰ : কবিয়ে কৈছে যে ৰাজপথ অতি উদাৰ। ইয়াৰ ওপৰেদি ট্রাম, বাছ, টেক্সি, ৰিক্স আদি অনবৰত চলি আছে। এই ৰাজপথ বিভিন্নজনে ভিন ভিন উদ্দেশ্যত ভিন 'ভিন ধৰণে ব্যৱহাৰ কৰিছে। বঞ্চিত, লাঞ্চিত, নিষ্পেষিত, নিঃস্ব, আৰু গৃহহীন লােকসকলৰ বাবে ই হৈছে শেষ আশ্রয়স্থল। সিহঁতে ৰাজপথৰ উদাৰতাৰ সুযােগলৈ বাচি থাকিবলৈ বাঞ্ছা কৰে।\n৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ\n(ক) আন্ধাৰ ৰাতিৰ সুযােগ লৈ\nচৰণাঘাত লভিছা কত।\nউত্তৰ : উদ্ধৃত কবিতাফাঁকি 'সাহিত্য সৌৰভ'ৰ অন্তর্গত ভৱানন্দ দত্তই ৰচনা কৰা 'ৰাজপথ'নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।আধুনিক সভ্যতাই সৃষ্টি কৰা সমাজৰ অৱক্ষয় আৰু অশ্লীলতাৰ ছবি অংকন কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।\nআধুনিকতাই সমাজত শ্রেণী বৈষম্যৰ সৃষ্টি কৰিছে। অভিজাত শ্ৰেণীটোয়ে বিলাসী জীৱন যাপন কৰাত মত্ত। আনহাতে দীন-দৰিদ্র আশ্রয়হীন লােকসকলে ভিক্ষাৰ পাত্র লৈ আলিবাটৰ দাঁতিত আশ্ৰয় লৈছে। ৰাজপথত জীৱিকা সন্ধানী ভদ্র বনিতাৰ অশ্লীল প্রেমৰ বেহ চলে। নিঃস্ব, নিচলা পৰিয়ালৰ ছােৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি মুখাপিন্ধা ভদ্র লােকসকলৰ কামনাৰ কোলাত নিজকে সপি দিছে।\n(খ) পাঁচতলাৰ ওপৰত শুনা যায় ৰেডিঅ'ৰ গান\nঅর্গেনত ৰবীন্দ্র সংগীত,\nডবল-তলিচা পৰা মেহগনি পালেঙত\nবিৰহ কাত কলেজ গার্ল\nউত্তৰঃ উক্ত কবিতাফাঁকি সাহিত্য সৌৰভ'ৰ অন্তৰ্গত ভৱানন্দ দত্তই ৰচনা কৰা 'ৰাজপথ' নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। কবিয়ে উক্ত কবিতাফাকিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা সমাজৰ নগ্ন চিত্র অংকন কৰিছে। ৰাজপথৰ দুয়ােকাষে অভিজাত শ্ৰেণীটোৱে শাৰী শাৰী অট্টালিকা নির্মাণ কৰি বিলাসী জীৱন-যাপন মত্ত। পাঁচ মহলীয়া অট্টালিকাৰ পৰা ৰেডিঅ'ৰ গান, ৰবীন্দ্র সংগীতৰ সুৰ ভাঁহি অহা শুনিবলৈ পােৱা যায়। ৰাজপথৰ দাঁতিত ভিক্ষাৰ পাত্ৰ লৈ হাহাকাৰ কৰি ফুৰা লােকসকলৰ কথা অট্টালিকাৰ বাসিন্ধাসকলৰ এবাৰ ভাবি চোৱাৰ সময় নাই। সিহঁত মেহগনি পালেঙত কলেজীয়া যুৱতীৰ আলাসিত\nদেহাৰ সৈতে প্রেম উন্মাদনাত মত্ত।এইদৰে কবিয়ে অন্তঃসাৰ শূন্য সমাজৰ ধনীক শ্ৰেণীৰ বিলাসৰ চিত্ৰ ফুটাই তলিছে।\n(গ) আৰু তাৰ তুলতেই ফুট পাথত\n(ধন্য তোমাৰ দয়া)\nশূন্য ভিক্ষা পাত্র লৈ শুই পৰা\nমৃতপ্রায় কংকালৰ শাৰী।\nউত্তৰঃ উদ্ধৃত কবিতাফাঁকি 'সাহিত্য সৌৰভ'ৰ অন্তর্গত ভৱানন্দ দইৰচনা 'ৰাজপথ'নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে উক্ত কবিতাফাঁকিৰ মাজেদি আধুনিক সভ্যতাই সৃষ্টি কৰা ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজৰ ব্যৱধানৰ চিত্র অংকন কৰিছে।\nৰাজপথৰ দাঁতিৰ ফুটপাথত শূন্য ভিক্ষা পাত্র লৈ মৃতপ্রায় হৈ পৰি আছে কংকালসাৰ দৰিদ্র, নিঃস্ব লােকসকল। সিহঁত গৃহহীন, আশ্রয়হীন হৈ ফুটপাথকেই শেষ আশ্রয় হিচাপে গ্ৰহণ কৰিছে। কিছুমান তিৰােতাই দৰিদ্ৰতাৰ তাড়ণাত নিজৰ দেহা বিক্ৰী কৰিবলৈ লৈছে। এনেদৰে কবিয়ে ৰাজপথ' নামৰ কবিতাটিত শ্রেণী বৈষম্যৰ ছবি অংকন কৰিছে। কবিয়ে লক্ষ্য কৰিছে যে ৰাজপথত জীৱিকাৰ সন্ধানৰত ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলিছে। নিঃস্ব,নিচলা পৰিয়ালৰ ছােৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি নিজৰ দেহা মুখাপিন্ধা ভদ্র লােকসকলৰ কামনাৰ কোলাত সঁপি দিছে। ৰাজপথেই হৈছে সেই দৰিদ্র লােকসকলৰ বাসস্থান। সিহঁত কোনাে দিন পেট পুৰাই খাবলৈ নােপােৱা বাবে কংকালসাৰত পৰিণত হৈছে।\nৰাজপথ কবিতা Class 11 প্রশ্ন-উত্তৰ\n১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া ।\n(ক) ভবানন্দ দত্তৰ এখন গৱেষণাত্মক গ্রন্থৰ নাম লিখা।\nউত্তৰঃ ভবানন্দ দত্তৰ এখনগৱেষণাত্মক গ্রন্থৰ নাম হ'ল দৃষ্টি আৰু দর্শন।\n(খ) ভবানন্দ দত্তই ৰচনা কৰা এখন ইংৰাজী গ্ৰন্থৰ নাম লিখা।\nউত্তৰঃ ইংৰাজীত ৰচনা কৰা ভবানন্দ দত্তৰ এখন গ্রন্থৰ নাম হলঃ 'Philosophy and India'\n(গ) "নিশ্রেয়স'শব্দৰ অর্থ কি?\nউত্তৰঃ 'নিশ্রেয়স'শব্দৰ অৰ্থ মঙ্গলহীন।\n(ঘ) ভবানন্দ দত্ত কোন শ্রেণীৰ কবি?\nউত্তৰঃ ভবানন্দ দত্ত আধুনিক প্রগতিবাদী ভাৱধাৰাৰ কবি।\n(ঙ) ভবানন্দ দত্তৰ জন্ম কত হৈছিল?\nউত্তৰঃ ভবানন্দ দত্তৰ জন্ম হৈছিল যােৰহাটত।
web
e10a0476480b46806f8e0f4552bd82db
কণমইনা - মাধৱ লহকৰ - ফটাঢোল\nকণমইনা - মাধৱ লহকৰ\nঠাচ্ ঠাচ্! শ্ৰেণী কোঠাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে শব্দৰ উৎস বিছাৰি মূৰ দাঙি চালোঁ। দেখিলোঁ, দিবাকৰৰ গালত পৰীৰ দুটা পূৰ্ণহতীয়া চৰ। ৰ'ব এনেকৈ ক'লে একো বুজি নাপাব।প্ৰথমৰ পৰা কওঁ শুনক-\nতেতিয়া মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। পৰী মোৰ সহপাঠী আছিল। আমাৰ দুয়োজনৰ আগতে চিনাকি নাছিল। কাৰণ আমাৰ প্ৰাথমিক বিদ্যালয় বেলেগ আছিল আৰু আৰু পৰীৰ ঘৰ মোৰ ঘৰৰ পৰা দুই কিঃ মিঃ মান আঁতৰত আছিল। ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে মই ইংৰাজীৰ টিউচন ল'লোঁ আৰু মই টিউচন লোৱা ছাৰজনৰ ওচৰতে পৰীয়েও টিউচন লৈছিল। আৰু তেতিয়াই আমাৰ দুয়োজনৰ চিনাকি হৈছিল। সময় বাগৰিল আমি ভাল বন্ধু-বান্ধৱী হৈ পৰিলোঁ আৰু চাওঁতে চাওঁতে ষষ্ঠ শ্ৰেণীৰ ডেওনা পাৰ হৈ সপ্তম শ্ৰেণীত নাম ভৰ্তি কৰিলোঁ।\nএই যে পৰীক্ষাৰ পিছৰ এক মাহ পাৰ কৰিলোঁ, সেইয়া আগৰ বন্ধবোৰৰ দৰে নালাগিল চোন! কিবা এটা অসম্পূৰ্ণ যেন লাগিল। বুজি নাপালোঁ ক'ত কি হ'ল! তেনেকৈয়ে পাৰ কৰিলো মাহটো। আকৌ স্কুল আৰম্ভ হ'ল। একেজন চাৰৰ ওচৰতে ইংৰাজীৰ টিউচনো আৰম্ভ হ'ল, লগত পৰী। আকৌচোন দিনবোৰ আগৰ দৰেই ভাল লগা হ'ল। তেতিয়াহে ওলাল ওৰহি গছৰ ওৰ। এই যে বন্ধত কিবা মিছ কৰি আছিলো সেই বস্তু ভাগ মানে পৰীহে আছিল। তেতিয়া মনতে ভাবিলোঁ, ইয়াকে ছাগে ভাল পোৱা বুলি কয়। পৰীৰ কথাৰ পৰা অনুমান কৰিলোঁ তেওঁৰো একে অৱস্থা হৈছিল।\nযা হওক আকৌ দিনবোৰ আগৰ দৰে হৈ পৰিল। সপ্তম শ্ৰেণীত এদিন পৰী ছোৱালীৰ শাৰীত তিনি নম্বৰ বেঞ্চত বহিল আৰু আৰু মই বহিলোঁ ল'ৰাৰ শাৰীত তিনি নম্বৰ বেঞ্চত। সেয়েহে দুয়োজনে ইজনে সিজনলৈ মাজে মাজে লাইন দিবলৈ বৰ সুবিধা হৈছিল। কিন্তু চাৰি নম্বৰ বেঞ্চত বহা দিবাকৰে আমাৰ কাণ্ড কাৰখানাবোৰ লক্ষ্য কৰি আছিল।\nঅ' আপোনালোকক আৰু এটা কথা কোৱা নাই নহয়। কাহিনীটোৰ অন্যতম হিৰ' আছিল পুলক। পুলক হেনো পৰীৰ গোপন প্ৰেমিক আছিল। সেইকথাটো আকৌ মই নাজানো। ক্লাছ শেষ হোৱাৰ লগে লগে দিবাকৰে কথাটো ল'ৰাবোৰৰ মাজত প্ৰচাৰ কৰি দিলে যে মাধৱে পুলকৰ ভাগ মাৰিলে। মাধৱে পৰীক লাইন মাৰে। কথাটো পুলক আৰু মই গম পালো যদিও পৰীয়ে গম নাপালে। যা হওক কাহিনীত 'টুইষ্ট' আহি গ'ল। "এক ফুল দো মালী ", দুই হিৰ'ৰ মাজত এতিয়া যুদ্ধ হ'ব নেকি ? নে কোনোবা এজনে হিৰ'ইনৰ শান্তিৰ বাবে নিজৰ প্ৰেম চেক্ৰিফাইজ কৰিব? কিন্তু পুলক আৰু মোৰ মাজত কিবা কথা হোৱাৰ আগতে ক্লাছত অংকৰ বাইদেউ সোমাল আৰু বাইদেউক দেখা মাত্ৰকে পুলকে কান্দি কান্দি ক'লে যে, "বাইদেউ দিবাকৰে মোক আৰু মাধৱক পৰীৰ লগত যোৰা দিছে।"\nবাইদেউয়ে মোক সুধিলে হয় নে মাধৱ ? কি বুলি যোৰা দিলে দুজন লৰাক এজনী ছোৱালীৰ লগত ?\nমইঃ "বাইদেউ, দিবাকৰে কৈছে যে " মাধৱে পুলকৰ ভাগ মাৰিলে, সি পৰীক লাইন মাৰে"।\nবাইদেউয়ে পুলক আৰু মোক বহিবলৈ দি দিবাকৰক দিলে পাঁচ চাট মান চেকনিৰে লগায়। ক্লাছৰ বেল পৰাৰ পাছত বাইদেউ পাঠদান শেষ কৰি গৈ অফিচ ৰূম পালে কি নাই আমাৰ সকলোৰে কিতাপ বহীবোৰ সামৰি হোৱাই নাই, ঠাচ্ ঠাচ্ দুটা শব্দত সকলোৱে মূৰ দাঙি চালোঁ । কাণ্ড দেখি সকলোৰে চকু কপালত, পৰীয়ে দিবাকৰক দিলে দুখন গালত দুটা চৰ লগাই আৰু ক'লে, "আজিৰ পৰা এনে কথা নক'বি। আজি তোক একোৱে নকৰিলোঁ আৰু যদি কৱ নহয় তোক চাই ল'ম সেইদিনা, চিনি পোৱা নাই মানুহ", এই বুলি কৈ পৰী আহি নিজৰ বেঞ্চত বহিল।\nদিবাকৰে একো তলকিবই নোৱাৰিলে। ভেবা লাগি চাই থাকিল। পৰীৰ ৰূদ্ৰমূৰ্তি ৰূপ দেখি মোৰো নতুনকৈ হোৱা প্ৰেমৰ গছজোপা শিপাই চিপাই উঘালি পৰিল। মই বোলো, "কৃষ্ণ কৃষ্ণ হ'ল আৰু দিয়া প্ৰভু, নালাগে আৰু বহুত হ'ল। এইজনীয়ে চোন এতিয়াই কালী ৰূপ ধাৰণ কৰিলেই! পিছলৈতো খাটাং পুতনাৰ ৰূপ ধৰিবই"। মই সেইদিনাৰ পৰা সেই আশা বাদ দিলোঁ। পাছলৈ যেনিবা পৰী সলনি হ'ল আৰু আমি ভাল বন্ধু বান্ধৱী হৈ থাকিলোঁ।\n« প্ৰিয়া মোৰ - প্ৰণীতা গোস্বামী বৰঠাকুৰ\nকৌতুক - সৌৰভ শৰ্মা »\nবান্ধৱী বনাই ভালেই কৰিলে। ভাল লাগিল।
web
b1511ffa0e6a5307cc926464fb98f4b19801893c
এয়া এগৰাকী কিশোৰীয়ে অসাধ্য সাধন কৰা কাহিনী ! লক্ষ্ণৌৰ প্রমিতা তিৱাৰিৰ শৰীৰত বাহৰ পাতিছিল কৰ্কট ৰোগে । কিন্তু মাৰণৰোগক প্ৰত্যাহ্বান দি আইএছচি পৰীক্ষাত ৯৭. ৭৫ শতাংশ নম্বৰ লাভ কৰি চমক দিলে ১৭ বছৰীয়া কিশোৰীগৰাকীয়ে । যোৱা আগষ্টত একিউট মাইনৰ লিউকোমিয়া ধৰা পৰে প্রমিতাৰ । তেওঁৰ পৰিয়ালবৰ্গৰ অনেকেই ভাবিছিল যে, তেওঁৰ ভৱিষ্যৎ অন্ধকাৰ । কিন্তু হাৰ নামানে শিক্ষাৰ্থীগৰাকীয়ে । বৰঞ্চ প্ৰবল ইচ্ছা শক্তিৰে যুঁজি যায় । পৰিয়ালবৰ্গ সূত্রে খবৰ, কৰ্কট ৰোগ ধৰা পৰাৰ পাছত স্বাভাৱিকভাৱেই ভাঙি পৰিছিল প্রমিতা । সেই সময়ত তেওঁৰ পিতৃ উৎকর্ষ তিৱাৰি আৰু মাতৃ ৰশ্মিয়ে তেওঁক সাহস দিছিল । ভগৱানৰ আশীর্বাদত সকলো আগৰ জৰে হৈ যাব - পিতৃ-মাতৃৰ পৰা পোৱা এই ভৰসাই সাহস দিছিল প্রমিতাক । হাস্পাতালত চিকিৎসা চলাৰ সময়তো পূৰ্ণোদ্যমে পঢ়া-শুনা চলাই গৈছে প্রমিতাই । হাস্পাতালৰ বিচনাতে প্রথম আৰু দ্বিতীয় টার্মৰ পৰীক্ষা দিছে তেঁৱো । ইয়াৰ বাবে তেওঁৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও সহায় কৰিছে । প্রমিতাৰ বাবে অনলাইন পাঠদানৰ ব্যৱস্থাও কৰা হৈছিল । প্রমিতাক সহায় কৰিছে তেওঁৰ বন্ধু অপর্ণা ত্রিপাঠীয়েও । নোটছ দিয়াৰ লগতে ভিডিঅ' কলত নিতৌ প্রমিতাক ভৰসা জোগাইছিল অপর্ণাই । আনকি দুই বান্ধৱীয়ে আলোচনাও কৰিছিল । আগন্তুক সময়ত চিকিৎসক হ'ব বিচাৰে প্রমিতাই । হাস্পাতালচ থকাকালীন চিকিৎসকসকলৰ পৰা এই বিষয়ত পৰামর্শও লৈছে তেওঁ ।
web
5cd71136ad985fa065bd990b27ec276d0fd8ce6a
ভাৰতীয় খাদ্য নিগমে 01. 03. 2021 তাৰিখত সমগ্ৰ ভাৰতৰ বিভিন্ন কাৰ্যালয়ত সহকাৰী জেনেৰেল মেনেজাৰ, কাৰিকৰী, প্ৰশাসন আৰু অন্যান্য চিকিৎসা বিষয়াসকলৰ বাবে 89 টা খালী পদৰ বাবে পঞ্জীয়ন মুকলি কৰে। ২৭ ফেব্ৰুৱাৰী, ২০২১ তাৰিখৰ ভাৰতীয় খাদ্য নিগমৰ বিভিন্ন খণ্ডত ৮৯ টা খালী পদ নিয়োগ কৰিবলৈ এফচিআই(FCI) নিয়োগ ২০২১ অধিসূচনা প্ৰকাশ কৰিছে। যোগ্য প্ৰাৰ্থীসকলে পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰে। যোৱা 01. 03. 2021 তাৰিখত পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপুনি খাদ্য নিগম ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত বিৱৰণ সমূহ পৰীক্ষা কৰিব পাৰিব। আৱেদনৰ শেষ তাৰিখ - 31 March, 2021 (FCI Recruitment 2021 Notification) 1. পদৰ নাম - সাধাৰণ প্ৰশাসক (General Administration) - শিক্ষাগত অৰ্হতা - প্রার্থীজন স্নাতকোত্তৰ ডিগ্রীধাৰী লগতে 55% নম্বৰ পোৱা হব লাগিব। বা ACA/AICWA/ACS হব লাগিব। নাইবা আইনত স্নাতক ডিগ্রীধাৰী হব লাগিব লগতে 55% নম্বৰ পোৱা হব লাগিব। 2. পদৰ নাম - সাধাৰণ প্ৰশাসক, কাৰিকৰী (General Administration) - শিক্ষাগত অৰ্হতা - প্রার্থীজন B. Sc. (কৃষি)ত 55% নম্বৰ পোৱা হব লাগিব। বা 55% নম্বৰসহ খাদ্য বিজ্ঞান/খাদ্য প্ৰযুক্তি/খাদ্য প্ৰক্ৰিয়াকৰণত BE/ B. Tech হব লাগিব। নাইবা 55% নম্বৰসহ কৃষি অভিযান্ত্ৰিক ক্ষেত্ৰত BE/ B. Tech হব লাগিব। 55% নম্বৰৰসহ জৈৱ-প্ৰযুক্তি / জৈৱ-ৰাসায়নিক / কৃষি জৈৱ-প্ৰযুক্তিত BE/ B. Tech হব লাগিব। 3. পদৰ নাম - সাধাৰণ প্ৰশাসক, (একাউণ্ট) - শিক্ষাগত অৰ্হতা - চাৰ্টার্ড একাউণ্টেণ্ট /ব্যয় একাউণ্টেণ্ট / কোম্পানী সচিবসকলৰ সহযোগী সদস্যতা হব লাগিব। 4. পদৰ নাম - সাধাৰণ প্ৰশাসক, (আইন) - শিক্ষাগত অৰ্হতা - 5 বছৰৰ অভিজ্ঞতাৰ সৈতে আইনত স্নাতক ডিগ্ৰী থাকিব লাগিব। - শিক্ষাগত অৰ্হতা - তিনি বছৰৰ অভিজ্ঞতাৰ সৈতে MBBS ডিগ্ৰী থাকিব লাগিব। ST/SC/PWD/Female :- 0 (Nil) অনলাইন আবেদন কৰক (FCI Online Application) এফচিআই পৰীক্ষা বাছনি প্ৰক্ৰিয়া হ'ব অনলাইন পৰীক্ষা আৰু সাক্ষাৎকাৰ। প্ৰাৰ্থীসকলক সাক্ষাৎকাৰৰ বাবে চৰ্টলিষ্ট কৰা হ'ব যিসকলে সাধাৰণ আৰু ই. ডব্লিউ. এছ শ্ৰেণীৰ বাবে অনলাইন পৰীক্ষাত 50% নম্বৰ প্ৰাপ্ত কৰিব। এচচি, এছটি, অবিচি, আৰু অক্ষমতা থকা ব্যক্তিক অনলাইন পৰীক্ষাত প্ৰাপ্ত কৰা 45% নম্বৰৰ সৈতে সাক্ষাৎকাৰ লোৱা হ'ব।
web
af76bcd319d82bf6880c7395d16766038c83871076c0fc9bcd4c2d6dbe29bcd9
হেৰোৱা দিগন্তৰ মায়া কাপোৰৰ তলেদি মায়াৰ ভৰিৰ তলুৱাত হাত দি ক'লোঁ, "এয়া চোৱাচোন, জ্বৰ অলপ কমিছে, চোৱাহিচোন" অর্থাৎ মই অহল্যাক সেইখিনিলৈ মোৰ কাষলৈ আহ্বান কৰিছিলোঁ । চকুৰে অহল্যাৰ ফালে চাই অৰ্থটো পৰিষ্কাৰ কৰি দিলোঁ যেন । অহল্যাই এক মুহূর্ত কি ভাবি, এখোজ-দুখোজকৈ কাষ চাপি আহিল । কাপোৰৰ তলেদি হাতখন সুমুৱাই দিলে । মই উলিয়াই অনা হাতখন আকৌ সুমুৱাই দি থাপ্ মাৰি অহল্যাৰ হাতখন ধৰি পেলালোঁ । "সময় নাই অহল্যা, কোৱা, কোৱা, মোক ক্ষমা কৰিবা ? আজিও, আজিও মই তোমাকেই ভাল পাওঁ, অহল্যা তুমি দেৱী, মই তোমাৰ অযোগ্য, মই তোমাৰ ভৰিত... নহয়, ভৰিত কিয়, অহল্যা তোমাক, অহল্যা তুমি," আচৰিত, অহল্যাক মই উন্মাদভাৱে সাৱটি ধৰিলোঁ। এক অস্থিৰ উন্মাদনাত মোৰ চেতনা লুপ্ত হৈ গ'ল। এই অহল্যা, সাত বছৰৰ আগৰ অহল্যা, এইটো মোৰ হাতৰ আকোৱালত অহল্যাৰ শৰীৰ, অহল্যাৰ দেহৰ উত্তাপ, সৌৰ্ভ, মই ক'ব নোৱাৰাকৈয়ে অহল্যাৰ মুখলৈ মোৰ মুখখন আগবাঢ়ি গ'ল। এনে এটা অপ্রস্তুত মুহূর্তক তৎক্ষণাতে আয়ত্ত কৰি অহল্যাই 'উস্' ধৰণৰ চেপা যন্ত্রণাদায়ক শব্দ এটা উচ্চাৰণ কৰি ঠাইতে বহি পৰিল । মই গাৰপৰা হাত এৰি দি অলপ হাউলি গৈ দুই হাতেৰে অহল্যাৰ মুখখন ওপৰলৈ দাঙিবলৈ চেষ্টা কৰিলোঁ। এক বৈদ্যুতিক মুহূর্ত । অহল্যা বোধহয় সেই উদ্দেশ্যেৰেই বহি গৈছিল । বিচনাৰ তলত থকা চেণ্ডেল এপাট লৈ হঠাতে থিয় হৈ অহল্যাই মোৰ গালে-মুখে কোবাবলৈ ধৰিলে। মই স্তম্ভিতভাৱে হাতেৰে কোববিলাক বাধা দি কাঢ়ি আনিবলৈ যাওঁতে তৎক্ষণাৎ আঁতৰি গৈ জোৰেৰে চেণ্ডেলপাট মোৰ মুখলৈ দলি মাৰি দিলে । "ভণ্ড । ল...স্প.....ট, আকৌ.... প্ৰতাৰণা.. পাপী, মায়া মোৰ ছোৱালী.... মোৰ ছোৱালী... ক্ষুব্ধ ক্ৰন্দন এটাৰে ফেঁাঁচফেঁাচাই কথাখিনি কৈ এটা দীঘলীয়া উচুপনিৰে শেষ কৰি, মুখখন ঢাকি অহল্যা লৰ মাৰিলে বাহিৰৰ আন্ধাৰলৈ। সোঁ চকুটোৱে যন্ত্ৰণাত আৰ্তনাদ কৰি উঠিল । মটৰৰ ঘেঘ্ৰেৰণি আৰু দীঘলীয়া হৰ্ণৰ শব্দই সেন্দুৰীপাম গাঁৱৰ আন্ধাৰবিলাক ছিৰাহিৰকৈ ফালি পেলালে। মই বাহিৰলৈ ওলাওঁতেই দুৱাৰমূখত বাইজনীয়ে পানী গিলাচ লৈ হাজিৰ ।
pdf
da798fc67f6c25493a0f9acb37aa4b83e143c4f1
Boko : ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদখন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত আৰু ৰাভা হাছঙৰ বাহিৰত থকা ৰাভা সকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ দাবীত ছয় ৰাভা জাতীয় সংগঠনে দ্বিতীয় লানি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন । দ্বিতীয় লানি আন্দোলনৰ প্ৰথম কাৰ্যসূচী অনুসৰি আজি পৰিষদৰ অন্তৰ্গত জয়ৰামকুছিৰ পৰা ৰাণীলৈ বাইক ৰেলী কাৰ্যসূচী ৰূপায়ন কৰা হয়। গোৱালপাৰা জিলা আৰু কামৰূপ জিলাৰ কেবা শতাধিক ছয় ৰাভা জাতীয় সংগঠনৰ বিষয়ববীয়াসহ সদস্য/সদস্যাই বাইক ৰেলিৰে ৰাণীলৈ যোৱা পথত বকোত পুষ্প বৃষ্টিৰে আদৰণি জনাই কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাই। আজিৰে পৰা ৩০মে'লৈ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি,বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুম, নিখিল ৰাভা জাতীয় পৰিষদ,সদৌ ৰাভা কৃষ্টি সন্মিলনৰ যৌথ আহ্বানত ৰূপায়ন কৰা হৈছে আন্দোলনৰ কাৰ্যসূচীসমূহ। আজি বাইক ৰেলীৰ পাছত ন মে'ত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশন,১৬মে'ত ৰাজভৱনৰ সন্মুখত ধৰ্ণা,৩০মে'ত চাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ন কৰা হ'ব। বাইক ৰেলীত উপস্থিত থাকে নিখিল ভাৰত ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডা,সাঃ সম্পাদক প্ৰদীপ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা,সাঃ সম্পাদিকা কবিতা ৰাভা,ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভা, মুখ্য সম্পাদক অশোক ৰাভা,বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুমৰ সভাপতি অমৰ সিংহ কোচ, সাঃসম্পাদক ৰাজকুমাৰ ৰাভা,নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি বাবুল চন্দ্ৰ ৰাভা, সাঃ সম্পাদক গোবিন্দ ৰাভা,সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি দীপক পাম,সাঃ সম্পাদক কামেশ্বৰ ৰাভা সহ ৰাভা জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া আৰু সদস্য/সদস্যা উপস্থিত থাকে।
web
20670636b20c7b2430b02f69e35292066e797258
পংকজ নে নালিয়া; প্ৰকৃততে প্ৰণৱ দাস কোন! মিছা মাতিছে নেকি প্ৰনৱ দাসে? প্ৰনৱ দাসৰ পত্নীৰ চাঞ্চল্যকৰ ভাষ্য়ই এতিয়া কঁপাইছে ৰাজ্য়। প্ৰকৃততে প্ৰণৱ দাস কোন! নিজকে জোনমণি ৰাভাৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰনৱ দাসে মিচা মাতিছে নেকি? খোল খাইছে প্ৰণৱ দাসৰ এটাৰ পিছত এটা ন-ন পৃষ্ঠা। প্ৰণৱ দাসৰ প্ৰকৃত নাম 'প্ৰণৱ' হয়নে? প্ৰনৱ দাসৰ পত্নীৰ চাঞ্চল্যকৰ ভাষ্য়ই এতিয়া কঁপাইছে ৰাজ্য়। পত্নীৰ মতে প্ৰনৱৰ প্ৰকৃত নাম নালিয়া আৰু পংকজ দাসহে। ৭, ৮ গৰাকীকৈ পত্নী আছে প্ৰণৱ দাসৰ। প্ৰণৱ দাস প্ৰকৃততে এটা গভাইত চোৰ। এগৰাকী পত্নীৰ মুখেৰেই প্ৰকাশ প্ৰণৱৰ এই আখ্যান। উল্লেখ্য যে, দুৰ্ঘটনাৰ দিনা সন্ধিয়ালৈকে বোকাখাততে আছিল প্ৰণৱ দাস। নামঘৰীয়াৰ মতে ৰাতি ৮টাৰ লৈকে গাৱঁৰ নামঘৰতে আছিল প্ৰনৱ দাস। ৰজাবাৰীৰ এখন ফাৰ্মাচীলৈয়ো গৈছিল প্ৰনৱ দাস। ফাৰ্মাচীখনৰ চি চি টি ভিৰ দৃশ্যই পোহৰলৈ আনিছে এই তথ্য। CCTVত বন্দী হোৱা এই দৃশ্যাংশক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। প্ৰকৃততে ন্যায় পাবনে জোনমণি ৰাভাই। অধিক ৰহস্যৰ আৱৰ্তত এতিয়া জোনমণি ৰাভাৰ মৃত্যু।
web
02ccc73c1d715b4841806b24c0cda2ed15ae450e
২০২০ চনৰ ১৮ মাৰ্চতে অসমৰ তৃতীয়খন আসনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভেৰে দেশৰ উচ্চ সদনলৈ নিৰ্বাচিত হৈছিল বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা। কোভিড-১৯ৰ বাবে সময়মতে শপত গ্ৰহণ কৰিব নোৱাৰা অজিত কুমাৰ ভূঞাই ১৪ ছেপ্টেম্বৰত উচ্চ সদনত সাংসদ হিচাপে শপত গ্ৰহণ কৰিব। চলিত বৰ্ষৰ ১৮ মাৰ্চতে সাংসদ হিচাপে নিৰ্বাচিত হোৱা অজিত কুমাৰ ভূঞাক কোভিডৰ বিড়ম্বনাৰ মাজতে ২১ জুলাইত শপত গ্ৰহণৰ বাবে ৰাজ্যসভা সচিবালয়ে নিমন্ত্ৰণ জনাইছিল যদিও লকডাউনৰ বাবে তেতিয়া অজিত কুমাৰ ভূঞাই শপত গ্ৰহণ নকৰিলে। সেই সময়ত অৱশ্যে অসমৰ আন দুগৰাকী সাংসদ ভূৱনেশ্বৰ কলিতা আৰু বিশ্বজিৎ দৈমাৰীয়ে শপত গ্ৰহণ কৰিছিল। তদুপৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মনোনীত কৰা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ অসমৰ ৰঞ্জন গগৈয়েও তাৰ পূৰ্বেই উচ্চ সদনত শপত বাক্য পাঠ কৰিছিল। বিগত ছয় মাহে শপত গ্ৰহণ কৰিব নোৱাৰা অজিত কুমাৰ ভূঞাক ১৪ ছেপ্টেম্বৰত দ্বিতীয়বাৰলৈ শপত গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায় ৰাজ্যসভা সচিবালয়ে। সেয়ে সোমবাৰৰ শপত গ্ৰহণৰ বাবে সম্প্ৰতি নতুন দিল্লীত বাহৰ পাতি থকা অজিত ভূঞাই News18ক জনাই যে তেওঁ সদায় অসমৰ ৰাইজৰ বাবে কাম কৰি যাব। সংসদ শেষ হোৱাৰ পিছত অসমলৈ উভতি আহি পুনৰ আঞ্চলিকতাবাদী গণ মৰ্চা অধিক শক্তিশালী কৰিব বুলি সদৰি কৰে। - First Published :
web
46e7a3ddf79df375a8ec7010209c7a4384ffd2f2
আজি শিশু দিৱস। শিশু দিৱসৰ তাৎপৰ্য কি! বিশিষ্ট কবি তথা নাট্যকাৰ লক্ষ্যধৰ চৌধৰী দেৱে তেখেতৰ "মোৰ লক্ষ্য "নামৰ কবিতা টোৰ এক অংশত শিশুসকলৰ উদ্দেশ্য কৈছিল, "মই হ'ম জৱাহৰলাল, তৰিম জয়ৰ পাল, আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যৎ। শিশুৱেই হ'ল মানৱ জীৱনৰ আটাইতকৈ সংবেদনশীল অংশ। যি চিৰ সুন্দৰ। শিশুৰ মন অভিজ্ঞতাৰ আঘাতে নোকোবোৱা এধানি কলিৰ দৰে। আজি শিশু দিৱস। শিশুসকলৰ বাবে এক উল্লেখযোগ্য দিন। এই দিনটো শিশুসকলৰ বাবে উৎসৰ্গিত। শিশুৰ প্ৰতি স্নেহৰ বাবে বিখ্যাত সেইজনা মহান মনিষী, আমাৰ সকলোৰে পৰিচিত স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্ম দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। শিশুসকলক তেওঁলোকৰ অধিকাৰ, যত্ন আৰু শিক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি আৰু সৱলীকৰণ কৰাৰ উদ্দেশ্যে উদযাপন কৰা হয় এই দিনটো। শিশু সকলৰ মাজত "চাচা নেহৰু " নামেৰে খ্যাত পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত এলাহাবাদৰ আনন্দ ভৱনত। তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাকৰ নাম আছিল স্বৰুপা ৰাণী। নেহেৰু আছিল তেওঁলোকৰ একমাত্ৰ সন্তান। স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্রধান মন্ত্ৰী হিচাপে নিবাচিত হৈ কাযনিৰ্বাহ কৰা পাছত ১৯৬৪ চনৰ ২৭ মে' ত এই মহান নেতাজনে ইহলীলা সম্বৰণ কৰে। এই দিনটো "শিশু দিৱস " হিচাপে পালন কৰাৰ প্ৰধান তাপয্য হ'ল- শিশুসকলৰ প্রতি থকা নেহেৰুৰ অকৃত্ৰিম ভালপোৱা আৰু আকাংক্ষা। নেহেৰুৱে কৈছিল " আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। তেওঁলোকৰ সবতোপ্রকাৰে উন্নতিৰ কাৰণে আমি সদায় যত্ন পৰ হব লাগে। শিশু সকলক নেহৰুৱে বাগিচাৰ ফুলৰ কলিৰ লগতো তুলনা কৰিছিল। সিহঁতক সম্পূৰ্ণৰূপে মৰম আৰু ভালপোৱাৰে ডাঙৰ হ'বলৈ দিয়া উচিত বুলি ও মন্তব্য কৰিছিল। তেওঁ ১৯৫৫চনত কেৱল শিশুৰ বাবে চিল্ডাৰছ ফিল্ম ছ'চাইটি ইণ্ডিয়া স্থাপন কৰিছিল। হিচাপে উদযাপন কৰাবাবে ইচ্ছাকৃত কৰা হৈছিল। ১৯৫৬ চনৰ পৰা ভাৰতবৰ্ষত ২০ নৱেম্বৰত শিশু দিৱস উদযাপন কৰা হৈছিল যদিও জৱাহৰলাল নেহেৰুৰ মৃত্যুৰ পিছত ভাৰতীয় সংসদে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীৰ জন্ম জয়ন্তীক শিশু দিৱস হিচাপে পালন কৰাৰ এক প্ৰস্তাৱ গৃহীত কৰে। এনে কৰাৰ কাৰণ আছিল নেহৰুৱে শিশুৰ শৈক্ষিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে অহোপুৰুষাৰ্থ ভাৱে কাম কৰিছিল। উল্লেখযোগ্য যে নেহেৰুৱেই আছিল একমাত্ৰ প্ৰধানমন্ত্ৰী যি শিশুৰ বাবে নিজৰ জীৱনৰ সৰহভাগ সময় নিয়োজিত কৰিছিল।
web
5fa46a513a79cca53f2f42525cc379eda85706fc
খুব সম্ভৱ এই কাহিনীটো ২০১১ চনৰ। তেতিয়া মই বি. এত নতুনকৈ এডমিছন লৈছোঁ। মোৰ বাক বিয়া দিয়া হৈছিল বোকাখাতলৈ। সেয়ে মাজে সময়ে বাৰ ঘৰলৈ মোৰ অহা যোৱা চলিয়েই থাকিছিল। বাৰ ঘৰত থকা সময়ৰে কথা। সিহঁতৰ ঘৰৰ ওচৰৰে বেংগলী সম্প্রদায়ৰ মানুহ এঘৰৰ ডাঙৰ পুতেকৰ বিয়া আছিল আৰু আমাৰ ঘৰতো নিমন্ত্ৰণ জনাইছিল। সেয়ে মইও বিয়া খাবলৈ গ'লো। দৰা ঘৰৰ সকলো মানুহে আমাক বৰযাত্ৰীৰ লগত যাবলৈ লগ ধৰিলে। আমিও মানুহঘৰৰ কথা পেলাব নোৱাৰি যাবলৈ সাজু হ'লো। কইনাৰ ঘৰ নগাঁৱত। সন্ধিয়া ৭ মান বজাত বৰযাত্ৰী সাজু হ'ল কইনাক আনিবলৈ যাবলৈ। (এইখিনিতে জনাই থওঁ, সেইসময়ত মই কিছু জাধলী আছিলো। জলহু কাপোৰ-কানি পিন্ধি যেনে তেনে ছোৱালীৰ ৰূপ ধাৰণ কৰি থকা বিধৰ) গাড়ী তিনিখনত তিনিগাড়ী মানুহ লৈ বৰযাত্ৰীৰ দলটো বোকাখাতৰপৰা নগাওঁ অভিমুখে গৈ আছিল। মই আৰু বা বহিছিলো ড্ৰাইভাৰৰ পিছৰ দুই নম্বৰ ছিটটোত। আমাৰ আগৰ ছিটটোত এজন ধুনীয়া ডেকা ল'ৰা আৰু এজন অলপ বয়সীয়াল মানুহ বহিছিল। গাড়ী বোকাখাতৰপৰা আহি কঁহৰামান পাইছিল কিজানি। তেনেতে মই দেখিলো যে আমাৰ আগৰ ছিটটোত বহি থকা ল'ৰাজনে ড্ৰাইভাৰৰ পিছফালে থকা আইনাখনেৰে মোলৈ চাই আছে। (মন কৰিবচোন, ডাঙৰ গাড়ীবোৰৰ ড্ৰাইভাৰৰ পিছফালে এখন আইনা থাকে) মইও আঁৰ চকুৰে তেওঁক লক্ষ্য কৰি যাবলৈ ধৰিলো। তেনেকৈয়ে লুকাই চুৰকৈ চাই চাই আমি বোকাখাতৰপৰা নগাওঁ পালোহি। কইনাৰ ঘৰ পাইয়ো আমি দুয়োটাই ইটোৱে সিটোক লুকাই লুকাই চাই থাকিলো। বিয়া ঘৰৰ বেলেগ কাকো মোৰ ভাল নালাগিল, কিজানি তেওঁৰো। এনেকৈয়ে কইনাৰ ঘৰৰপৰা বিদায় লোৱাৰ সময় হ'লহি। আমি সকলো আহি আকৌ আমাৰ বাছখনৰ আগৰ ছিটবোৰত বহিলোহি। এইবাৰ কইনাৰ যৌতুকত দিয়া আইনাখন ল'ৰাজনক ধৰি আনিবলৈ দিলে। সেয়ে সেইখন তেওঁ সন্মুখত থিয় কৰি ধৰি লৈ বহি আহিল। এইবাৰ আৰু স্পষ্টকৈ আইনাখনত মোৰ প্ৰতিবিম্ব প্ৰতিফলিত হ'ল। কইনা ঘৰৰপৰা আমি যিহেতু পুৱা তিনি, চাৰিমান বজাতে ওলাইছিলো, সেয়ে গাড়ীৰ ভিতৰখন আন্ধাৰ হোৱাৰ লগতে যাত্ৰাৰ ভাগৰত সকলো মানুহ টোপনিত লালকাল দি আহিছিল। সাৰে আছিল মাত্ৰ তিনিজন মানুহ, মই, তেওঁ আৰু আমাৰ গাড়ীৰ ড্ৰাইভাৰজন। গাড়ীৰ ভিতৰৰ লাইটবোৰ নুমুৱাই দিয়া হৈছিল, সকলো টোপনি যোৱাৰ বাবে। সেয়ে আমি ইজনে সিজনে নেদেখা হৈছিলো। যেতিয়াই আমাৰ গাড়ীখনৰ কাষেৰে বেলেগ গাড়ী পাৰ হৈ যায় নতুবা ৰাস্তাৰ কাষত জ্বলি থকা লাইটৰ কাষেৰে গাড়ীখন পাৰ হৈ যায়, সেইকণ পোহৰতে আমি ইজনে সিজনক হেঁপাহ পলুৱাই চাই লওঁ। কেনেবাকৈ যদি মই টোপনি যোৱাৰ নিচিনা হওঁ, তেওঁ মোক জগাই দিয়ে, ড্ৰাইভাৰজনৰ লগত ডাঙৰ ডাঙৰকৈ কথা পাতি। মইও খকমককৈ সাৰ পাই আকৌ তেওঁক চাবলৈ ধৰোঁ। তেনেকৈয়ে নগাঁৱৰপৰা আহি বোকাখাত পাবহি হ'ল। সেই সময়খিনি যে কিমান দুখ লগা সময় আছিল। বিচ্ছেদৰ সময় আছিল যে আমাৰ! ৰাতিপুৱা পাঁচমান বজাত আমি কোনেও কাকো একো নোকোৱাকৈ দুখ ভৰা চাৱনি একোটাৰে বিদায় ল'লো আৰু ঘৰলৈ আহি ৰাতিটোৰ কথাকে ভাবি ভাবি শুবলৈ চেষ্টা কৰিলো। যেতিয়া টোপনিৰপৰা সাৰ পাই চকু মেলি বহিলো, তেতিয়াই সিহঁতৰ ঘৰৰপৰা জুবিন দাৰ গান এটা শুনি মনটো ভাল লাগি গ'ল। গানটো আছিল, "হেঁচি হেঁচি ঠেলি, পাৰ কৰিলো ৰাতি। গানটো শুনিয়েই বুজি পাইছিলো মোক উদ্দেশ্য কৰিয়েই গানটো লগাইছিল তেওঁ। সেইদিনা আবেলি তেওঁ কেনেবাকৈ মোৰ ফোন নম্বৰটো যোগাৰ কৰি মোলৈ ফোন কৰিছিল আৰু কৈছিল যে তেওঁৰ সেই যাত্ৰাটো সঁচাকৈয়ে ভাল লাগিছিল। দুদিনমানৰ পিছত মই নগাঁৱলৈ আহিলো। তেতিয়াও ফোনৰ যোগেৰে ইজনে সিজনৰ খবৰ লৈয়ে আছিলো। এদিন হঠাৎ তেওঁ মোক ক'লে যে তেওঁ নগাঁৱলৈ আহিব। মোক সুধিলে, কেনেবাকৈ মইও আহিব পাৰিম নেকি তেওঁক লগ কৰিবলৈ। মইও বিশেষ একো নাভাবি আহিম বুলি ক'লো। তেওঁ আহিল আৰু আমি দুয়োজনে ৰেস্তোঁৰা এখনত পাতলীয়াকৈ কিবা অলপ খালো। তাৰপিছত ক'ত যাম ভাবি ভাবি ৰিক্সা এখনতে বহিলো। (ৰেস্তোঁৰাত বেছি সময় বহিলেও পইছা দিব লাগে। ইপিনে বেলেগ ক'ৰবাত বহাৰ কথা সেই সময়ত মোৰ মনলৈ অহা নাছিল। তেওঁতো একো চিনিয়েই নাপায়। সেয়ে মই য'লৈকে নিনিওঁ কিয়, তালৈ নগৈ তেওঁৰ উপায় নাছিল) ৰিক্সাখনত উঠি আমি বিশ মিনিটমান নগাওঁ চহৰৰপৰা অলপ দূৰলৈ গ'লো। এসময়ত ৰিক্সাখন এৰি তাৰপৰা খোজ কাঢ়ি কাঢ়ি আকৌ নগাঁৱৰ চহৰৰ মাজমজিয়া পালোহি। সেই যে মই তেওঁক ইমান দূৰ খোজ কঢ়ালো, বেচেৰা ওখ পাখ ল'ৰাটোৱে যে কষ্ট পাইছে ভাবিবলৈয়ে নহ'ল। ৰোমাণ্টিক চিনেমাৰ নায়ক-নায়িকাৰ নিচিনাকৈ খোজ কাঢ়ি আহি থাকোতে সেইবোৰ চিন্তাই নকৰিলো। সি চাগৈ সেইদিনাই কাণত ধৰিলে এইজনীৰ লগত আৰু নহ'ব বুলি! সেই যে খোজ কঢ়াই কঢ়াই মই পইছা বচাইছিলো, (গুণীৰ মোল নুবুজে দেই মানুহে! ইমানবোৰ পইছা ৰেহাই কৰিলো, তথাপিও গুৰুত্ব নিদিলে! ) বেচেৰাই তেতিয়াই হয়তো মোক সাতবাৰ সেৱা কৰি মোৰপৰা মনে মনে বিদায় ল'লে। মনতে ভাবিলে চাগৈ, এইজনীৰ পাল্লাত পৰিবলৈ হ'লে কোনোবা দিনা মোক খোজ কঢ়াই কঢ়ায়েই মাৰিব! এনেকৈয়ে মোৰ প্ৰেমৰ ইতি পৰিল। তেওঁ হয়তো বিয়া-বাৰু পাতি এতিয়া ঘোৰ সংসাৰী হ'ল।
web
54b9a96c54819f483a7ebe1deebb16fc73add22c
ডিজিটেল ডেস্কঃ শিশু সৰবৰাহক লৈ অসম বিধানসভাত উন্মোচিত হৈছে উদ্বেগজনক তথ্য। শিশু সৰবৰাহৰ ক্ষেত্ৰত অসম আছে শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত। দেশৰ ভিতৰতে সৰ্বাধিক শিশু সৰবৰাহৰ ক্ষেত্ৰত অসমৰ স্থান তৃতীয়। আনহাতে অসমৰ পৰা সৰবৰাহ হোৱা শিশুৰ ভিতৰত ৭৯ শতাংশই হ'ল ছোৱালি আৰু ২১ শতাংশ ল'ৰা। আজি এই সন্দৰ্ভত অসম বিধানসভাত প্ৰশ্ন উত্থাপন কৰে কমলপুৰৰ বিজেপিৰ বিধায়ক দিগন্ত কলিতাই। তেওঁ নিজৰ শিশুৰ দৰেই ৰাজ্যৰ শিশুসকলক গণ্য কৰি সকলো বিধায়ককে নিজ নিজ সমষ্টিত সজাগ, সচেতন হ'বলৈ আহ্বান জনাই আৰু প্ৰয়োজন সাপেক্ষে শিশু সৰবৰাহৰ হাই এলাৰ্ট জাৰি হোৱা অঞ্চলত অসম বিধানসভাৰ প্ৰতিনিধিৰ দল গৈ পৰ্যবেক্ষণ কৰিব লাগে বুলিও মত পোষণ কৰে। এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰা তথ্য অনুসৰি অসমত ২০১৭ চনৰ পৰা বৰ্তমানলৈকে মুঠ ৭৫৯ টা শিশু নিৰুদ্দেশ হৈছে। ইয়াৰ ভিতৰত উদ্ধাৰ হৈছে ৬৬৬ টা শিশু। আনহাতে এতিয়াও উদ্ধাৰ কৰিব পৰা নাই ৯৩ টা শিশু। মন্ত্ৰীগৰাকীয়ে কয়, অসম চৰকাৰে এণ্টি হিউমেন ট্ৰেফিকিং ইউনিট, স্পেচিয়েল জুভেইনাল পুলিচ ইউনিট শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে প্ৰশিক্ষণ আদি প্ৰদান কৰি অন্যান্য সা-সুবিধা প্ৰদান কৰিছে। উচ্চ পৰ্যায়ৰ বিষয়াৰ তত্বাৱধানত এনে অপৰাধৰ অনুসন্ধান পক্ৰিয়া সুনিশ্চিত কৰিছে। তেওঁ কয়, শিশুৰ সৈতে জড়িত সকলোধৰণৰ অপৰাধ দূৰ কৰিবলৈ চৰকাৰ বদ্ধ পৰিকৰ। প্ৰতিখন থানাতে এ এছ আই অথবা তেওঁতকৈ উচ্চ পৰ্যায়ৰ বিষয়াক চাইলড ৱেলফেয়াৰ পুলিচ অফিচাৰ হিচাপে শিশু ভুক্তভোগী অথবা দোষীসকলৰ ব্যৱস্থা গ্ৰহণৰ বাবে এটা স্পেচিয়েল জুভেইনাল পুলিচ ইউনিট গঠন কৰা হৈছে। ইয়াৰ লগতে মহিলা আৰক্ষীৰ লগতে দুগৰাকী সমাজসেৱিকা মহিলাকো সদস্য হিচাপে লোৱা হৈছে। আনহাতে এজন ডিএছপি, এজন এডিশ্যনেল এছ পিক সদস্য মুৰব্বী হিচাপে লৈ এণ্টি হিউমেন ট্ৰেফিকিং ইউনিট গঠন কৰা হয়। উদ্ধাৰ কৰা শিশুসকলক সংশ্লিষ্ট জিলাৰ চাইল্ড ৱেলফেয়াৰ কমিটী সমূহৰ সন্মুখত হাজিৰ কৰা হয়। ইয়াৰ পিছত উদ্ধাৰ হোৱা শিশুক পৰিয়ালক অথবা চৰকাৰী, বেচৰকাৰী শিশুগৃহত ৰখাৰ ব্যৱস্থা কৰা হয়। ইফালে মন্ত্ৰী গৰকাৰী ভাষ্যত স্পষ্ট হৈছে, ৰাজ্যৰ শোণিতপুৰ, বৰপেটা, বিশ্বনাথ, কামৰূপ গ্ৰাম্য, ওদালগুৰি, ধুবুৰী, লখিমপুৰ, ধেমাজি আৰু যোৰহাট জিলাত অতি স্পৰ্শকাতৰ হিচাপে পৰিগণিত হৈছে।
web
dfe64b3d946d74be5ab8ff43a0421714f871fb5f
Begin typing your search above and press return to search. খিলঞ্জীয়া ৰক্ষা কবচ এনআৰচিৰ চূড়ান্ত খচৰা প্ৰায় তিনিবছৰৰ অন্তত কল্পনা-জল্পনাৰ অন্ত পেলাই অসম চৰকাৰে প্ৰকাশ কৰিছে। ৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছে। প্ৰায় সকলোৱে এনআৰচি প্ৰকাশৰ পাছত স্বাগতম জনোৱাৰ সময়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰছৰ সচিব মমতা বেনাৰ্জীয়ে বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে এনআৰচি নামত চৰকাৰখনে বেংগলীভাষী জনতাক বলিৰ পঠা সজাইছে,তেওঁলোকক লক্ষ্য কৰি লৈছে। এয়া এক অমানৱীয় কাৰ্য্য-কলাপ,অসমত কেৱল বেংগলীভাষী লোকেই নাই,বেলেগ লোকসকলৰতো কোনোধৰনৰ অসুবিধা কৰা নাই,কেৱল বেংগলীভাষী লোকসকলক এনআৰচি নামত হাৰাশাস্তি কৰা হৈছে।
web
a400d006d13de5e65bd1ab4663979a846b7f1899
নিখিল ভাৰত কংগ্ৰেছৰ উপ সভাপতি ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীৰ ওপৰত ভুৱা গোচৰ জাপি দি ইনফৰ্চমেন্ট বিভাগে জেৰা চলোৱা বুলি অভিযোগ তুলি আজি পুনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ জিলা কংগ্ৰেছে । শিৱসাগৰ বেতবাৰী আলিমূৰত শতাধিক কংগ্ৰেছ কৰ্মীয়ে হাতে হাতে প্লে কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ। বিজেপি চৰকাৰৰ দুৰ্নীতি, বিভিন্ন জনস্বাৰ্থ পৰিপন্থী আঁচনি সমূহৰ বিষয়ে গান্ধীয়ে বিভিন্ন সময়ত সমালোচনা কৰা বাবেই ইছ্যু সলনি কৰিবলৈ বৰ্তমান কেন্দ্ৰীয় চৰকাৰে হাৰাশাস্তি কৰাৰ অভিযোগ শিৱসাগৰ জিলা কংগ্ৰেছৰ। উল্লেখযোগ্য যে নেশ্যনেল হেৰল্ড কাকতকলৈ ৰাহুল গান্ধীক ইডি-য়ে ইতিমধ্যে কেইবাবাৰো জেৰা চলালে।
web
5e1c262ef0c31b86ad7888973ae7c95f
কেতিয়াবা কিছুমান বিজ্ঞাপনত দেখা যায় প্ৰডাক্টটোৰ কাষত ফোন নম্বৰ এটা দিয়া থাকে আৰু কাষতে লিখা থাকে টোলফ্ৰী নম্বৰ। কোম্পানীসমূহৰ কাষ্টমাৰ কেয়াৰতো টোলফ্ৰী নম্বৰ থাকে। সৰ্বসাধাৰণ মানুহেও বুজি পায় যে টোলফ্ৰী নম্বৰ মানে হ'ল এই সেই নম্বৰত ফোন কৰিলে ফোনৰ বেলেঞ্চৰ পৰা পইচা কাট নাখায়। সাধাৰণ ৰাইজ টোল' শব্দটোৰ লগত প্ৰথমে এনেদৰেই চিনাকি হৈছিল। টোল মানে হ'ল কৰ। কিন্তু লাহে লাহে অসমত টোলগেট (TollGate) নামৰ এটা শব্দই গা কৰি উঠিছে। টোলগেটৰ সৈতে অসমৰ ৰাইজৰ অধিকাংশই নতুনকৈ পৰিচয় হ'ল, যদিওবা টোলগেটৰ ধাৰণা অসমত নতুন নহয়। সমগ্ৰ অসমতে বৰ্তমান ব্যাপক চৰ্চা লাভ কৰা আৰু বিগত কিছুদিন ধৰি বাতৰি কাকত বা ইলেক্ট্ৰনিক মিডিয়াৰ মূখ্য শিৰোনাম দখল কৰি থকা এক বিষয় হৈছে ৰহাৰ টোলগেট। ৰহাৰ টোলগেট খুলিবলৈ দিয়া হ'ব নে নহয় সেয়া সাম্প্ৰতিক সময়ত লাখটকীয়া প্ৰশ্ন হৈ ধৰা দিছে। কিন্তু কি এই টোলগেট? ৰহাৰ টোলগেটকলৈ কিয় হৈছে ইমান হৈ চৈ ? ৰহাৰ বাদে অসমৰ আৰু ক'ত ক'ত টোলগেট আছে? কিয় চৰকাৰে টোলগেট খুলিবলৈ উঠিপৰি লাগিছে আৰু দল-সংগঠন তথা স্থানীয় ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে? আহকচোন জানো টোলগেটৰ সৈতে সম্পৰ্কিত কিছুমান কথা। টোলগেট কি? যাত্ৰাপথত থকা টোলগেট হ'ল এনে এখন গেট য'ত নিৰ্দ্ধাৰিত মূল্য দিহে আপুনি পাৰ হ'ব পাৰিব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ( National Highways Authority of India) চমুকৈ NHAI ৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ নিৰ্মাণৰ দায়িত্ব সাধাৰণতে ৰাজহুৱা খণ্ড বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক অৰ্পণ কৰা হয়। নিৰ্মাণ কৰা পথ আৰু পথৰ লগতে থকা দলং বা উৰণীয়া সেতুৰ ৭৫% সম্পূৰ্ণ হোৱাৰ পিছতে চৰকাৰে উক্ত নিৰ্মাতা প্ৰতিষ্ঠান সমূহক, পথ নিৰ্মাণত হোৱা খৰছখিনি আদায় কৰিবলৈ টোলগেটৰ অনুমতি দিয়ে। বিভাগীয় অনুমতি পোৱাৰ পিছত চৰকাৰে বান্ধি দিয়া নিৰিখ অনুসাৰে টোলগেট এজেঞ্চীয়ে সেই পথেৰে পাৰ হৈ যোৱা যান বাহন সমূহৰ পৰা ধন আদায় লয়। যাক এক অৰ্থত ক'ব পাৰি পথকৰ বুলি। এই পথকৰৰ জৰিয়তে টোলগেট এজেঞ্চীটোৱে সেই পথছোৱাৰ চোৱা-চিতা বা মেৰামতিৰ দায়িত্ব পালন কৰে। চৰকাৰী ভাৱে স্বীকৃত নিৰ্মাণত ব্যয় হোৱা খৰছ সম্পূৰ্ণ আদায় হোৱাৰ পিছত সেইছোৱা পথৰ অধিকাৰ টোলগেট এজেঞ্চীটোৰ পৰা চৰকাৰৰ হাতলৈ যায়। পিছত চৰকাৰেও পথৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ বাবে নিৰ্ধাৰিত সময়ৰ বাবে আকৌ টোলগেট বহুৱাব পাৰে। টোলগেট বহুৱাৰ প্ৰথম চৰ্তটো হ'ল য'ত টোলগেট স্থাপন কৰা হ'ব সেই পথছোৱা সম্পূৰ্ণৰূপে সুচল অৱস্থাৰ আৰু সকলোখিনি উপযুক্ত সা-সুবিধা উপলব্ধ হ'ব লাগিব। ♦ টোলগেট এজেঞ্চীয়ে এখন নিৰিখ তালিকা, এজেঞ্চীটোৰ নাম আৰু ফোন নম্বৰ সকলোৱে দেখাকৈ আঁৰি থব লাগিব। ♦ প্ৰয়োজনত কোনোৱে চাব বিছাৰিলে টোলগেট এজেঞ্চীয়ে তেঁওলোকৰ অনুজ্ঞাপত্ৰ বা আন নথিপত্ৰ দেখুৱাব পাৰিব লাগিব। ♦ এখন গাড়ীয়ে এবাৰ টোলগেটত পইছা দিয়াৰ পিছত তেঁও ৮০কিঃমিঃ দুৰত্ব অতিক্ৰম কৰিব পাৰিব। ♦ যদি এখন গাড়ীয়ে এদিনত এবাৰতকৈ বেছি সেই পথটোৰে অহা-যোৱা কৰে, তেন্তে তেঁও এবাৰৰ সম্পূৰ্ণ পইছা আৰু এবাৰৰ আধা পইছা দিলেই হ'ব । উদাহৰণ স্বৰূপে, যদি গাড়ীখনৰ ফিজ এবাৰত ৪০টকা হয়, তেন্তে তেঁও ৪০+২০=৬০ টকা দিলেই দিনটোত সেই পথেৰে এবাৰতকৈ বেছি অহা-যোৱা কৰিব পাৰিব। (কিন্তু তেঁও এই কথাখিনি প্ৰথমবাৰতে টোলগেট এজেঞ্চীক অৱগত কৰি ৰছিদ লব লাগিব।) ♦ যদিহে গাড়ীখনে সঘনাই সেই পথটোত অহা-যোৱা কৰি থাকে, তেন্তে তেঁও টোলগেট এজেঞ্চীৰ পৰা এখন মাহিলী ৰছিদ বনাই লব পাৰিব। ♦ আকৌ যদিহে কোনোবাই চৰকাৰে ধাৰ্য্য কৰা টোল ফিজ দিবলৈ অমান্তি হয়, তেন্তে টোলগেট এজেঞ্চীয়ে উক্ত গাড়ীখনত অনা যিকোনো বস্তু ৰাখি থব পাৰিব। আৰু যদিহে নিৰ্ধাৰিত সময়তো উক্ত গাড়ীখনৰ ব্যৱহাৰকাৰীয়ে টোলফিজ আদায় নিদিয়ে তেন্তে এজেঞ্চীয়ে ৰাখি থোৱা বস্তুটো নিলাম কৰি সেই ধন আদায় কৰি ল'ব পাৰিব। ♦ VIPৰ চিহ্ন থকা গাড়ীসমূহৰ পৰা টোলগেটত পইছা লব নোৱাৰে। যেনে- ৰাষ্ট্ৰপতি বা উপ-ৰাষ্ট্ৰপতি, ৰাজ্যপাল, লোকসভা বা বিধানসভাৰ অধ্যক্ষ আৰু মুখপত্ৰ সমূহ, কেন্দ্ৰীয় বা ৰাজ্যিক মন্ত্ৰী, লোকসভা, ৰাজ্যসভা বা ৰাজ্যিক বিধানসভাৰ প্ৰধান বিৰোধী দলৰ নেতা, লোকসভা বা বিধানসভাৰ সদস্যসমূহ (কিন্তু তেওঁলোকৰ নিজৰ সমষ্টিৰ ভিতৰত), বিদেশী অফিচিয়েল সমূহৰ সদস্য আৰু ৰাষ্ট্ৰদূত সমূহৰ গাড়ীৰ পৰা টোলগেটত পইছা ল'ব নোৱাৰে। ♦ সৈন্য বাহিনীৰ গাড়ী, দায়িত্বত থকা আৰক্ষীৰ গাড়ী, অগ্নি-নিৰ্বাপক বাহিনীৰ গাড়ী, এম্বুলেঞ্চ, শৱ কঢ়িওৱা গাড়ী, চৰকাৰী ডাক বাহন সমূহৰ পৰা টোলগেটত পইছা ল'ব নোৱাৰে। অসমত থকা টোলগেটকেইখনঃ NHAIৰ তথ্য মতে অসমত মুঠ ৬টা স্থানত টোলগেট আছে। ৰহাৰ টোলগেট স্থাপনৰ আগলৈকে কলীয়া ভোমোৰা আৰু গংগাধৰ দলঙত টোল সংগ্ৰহ কৰি থকা হৈছিল যদিও কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেবাটাও দল-সংগঠনৰ প্ৰতিবাদৰ পিছত কৰ্তৃপক্ষই টোলগেটকেইখন বন্ধ কৰি দিয়ে। তলত অসমত স্থাপন কৰা টোলগেটকেইখনৰ সবিশেষ উল্লেখ কৰা হৈছে। সৰ্বাধিক টোলগেট আছে মধ্য অসমত। সৌভাগ্যৰ কথা এয়ে যে নামনি অসমত দুখন টোলগেট থকাৰ বাদে উজনি অসম আৰু উত্তৰ অসমত এতিয়ালৈকে টোলগেট স্থাপন কৰা হোৱা নাই। টোলগেটত ধন আদায় দিওতে গাড়ীসমূহৰ দীঘলীয়া শাৰী লাগে। ফলত যাত্ৰীসকলৰ যথেষ্ট সময় ব্যয় হয়। এনে বিৰক্তিকৰ পৰিৱেশৰ পৰা হাত সাৰিবলৈ বিশ্বৰ উন্নত দেশসমূহে টোলগেটত ডিজিটেল টোল সংগ্ৰহ পদ্ধতি ব্যৱহাৰ কৰি আহিছে। এই ডিজিটেল টল সংগ্ৰহ পদ্ধতিটো হৈছে FASTag। ৰেডিঅ ফ্ৰিকুৱেন্সী আইডেণ্টিফিকেশ্যন প্ৰযুক্তিৰ সহায়ত টল সংগ্ৰহ কৰা FASTag পদ্ধতি ভাৰতত প্ৰথম মুকলি কৰা হয় ২০১৪ চনত আহমেদাবাদ-মুম্বাই সংযোগী পথত। ২০১৭ চনৰ ১ অক্টোবৰত NHAI-এ ৩৭০ টা টোলগেটত FASTag সংলগ্ন কৰে। একেটা বৰ্ষৰে ৮ নৱেম্বৰত নতুনকৈ বিক্ৰী কৰা সকলো বাহনতে ৰেডিঅ ফ্ৰিকুৱেন্সী আইডেণ্টিফিকেশ্যন প্ৰযুক্তি সংলগ্ন কৰাতো বাধ্যতামূলক কৰিবলৈ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহলৈ নিৰ্দেশনা জাৰি কৰা হয়। এই প্ৰযুক্তি অনুযায়ী গাড়ীৰ উইন্ডস্ক্ৰীণত প্ৰিপেইড FASTag লগোৱা হয় আৰু সেয়া টোলগেটত থকা স্কেনাৰে ৰীড কৰিব পাৰে। ফলত গাড়ীখনে টোলগেটত ৰৈ ধন আদায় দিয়াৰ প্ৰয়োজন নাথাকে। গাড়ীৰ গৰাকীসকলে FASTag স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰি লগাব পাৰে। চলিত বৰ্ষৰ আৰম্ভণিতে IOC, BPCL আৰু HPCL-এ তেওঁলোকৰ অধীনস্থ পেট্ৰল পাম্পসমূহত এই FASTag বিক্ৰীৰ ব্যৱস্থা কৰিবলৈ এক চুক্তিতো স্বাক্ষৰ কৰিছে। এক পৰিসংখ্যা অনুযায়ী টোলগেটত গাড়ীসমূহ দীঘলীয়া শাৰী পাতি ৰৈ থকাৰ ফলত প্ৰতিবছৰে ভাৰতীয় অৰ্থনীতিয়ে ৬০ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়াত পৰে। সেয়ে ডিজিটেল টোলগেট ব্যৱস্থাৰ ১০০ শতাংশ প্ৰয়োগত অধিক গুৰুত্ব আৰোপ কৰিছে NHAI-এ। কোনেও ধন বিনা কাৰণত খৰছ কৰিব নিবিচাৰে। বিশেষকৈ ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহত। সেয়ে টোলগেটত ধন আদায় দি গাড়ী চলোৱাতকৈ অধিকাংশ লোকে আন লিংকড ৰোডৰ সহায় লয়। শেহতীয়া তথ্য অনুযায়ী ২০১৮-১৯ বিত্তীয় বৰ্ষত টোলগেটৰ পৰা সংগ্ৰহ কৰা ধনৰ পৰিমাণ পূৰ্বৰ তুলনাত অতিকমেও ৫ শতাংশ হ্ৰাস পাইছে। টোলগেটৰ জৰিয়তে লাভ কৰা ৰাজহৰ পৰিমাণ হ্ৰাসেই স্পষ্ট কৰি তোলে যে ভাৰতত টোলগেট কিমান জনপ্ৰিয়। সাম্প্ৰতিক সময়ত ৰহাৰ টোলগেট বিতৰ্কই সংবাদ শিৰোনামত উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে। সময়ে সময়ে ৰহাৰ টোলগেট বিতৰ্কই হিংসাত্মক ৰূপো ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে ২০১৫ চনৰ ১৬ এপ্ৰিলত প্ৰথম বাৰৰ বাবে ৰহাৰ টোলগেট মুকলি কৰা হৈছিল যদিও ২৯টাকৈ সংগঠনৰ প্ৰতিবাদত প্ৰশাসনে টোলগেট বন্ধ কৰিবলৈ বাধ্য হৈছিল। কিন্তু ২০১৮ চনৰ ১২ জুলাইত সংগঠনসমূহৰ প্ৰতিবাদ নেওচি প্ৰশাসনে পুনৰ ৰহাৰ টোলগেট মুকলি কৰিছিল। সেইবাৰো কৃষক মুক্তিৰ নেতা অখিল গগৈৰ নেতৃত্বত এজেৱাইচিপিকে ধৰি সংগঠনৰ তীব্ৰ আন্দোলনত টোলগেট বন্ধ কৰিবলৈ বাধ্য হৈছিল প্ৰশাসন। কিন্তু আকৌ টোলগেট মুকলি কৰাৰ প্ৰসংগ উত্থাপন হোৱাত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰহাত। নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাম সম্পূৰ্ণ নোহোৱাকৈ ৰহা টোলগেট আৰম্ভ কৰা চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰকাশিত বাতৰি মতে ২০১৮ চনত পুনৰ টোলগেট মুকলি কৰাৰ পূৰ্বে ৰহা টোলগেটৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ইন্দ্ৰদীপ কনষ্ট্ৰাকশ্যন নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক। চুক্তি অনুযায়ী এই প্ৰতিষ্ঠানটোৱে সেই সময়ত NHAI-ক প্ৰতিদিনে আদায় দিবলগীয়া ধনৰ পৰিমাণ আছিল ১০.৫৯ লাখ টকা। ১) নেশ্যনেল হাইৱে ফী কালেকশ্যন ৰুলছ-২০০৮ মতে ৰহাৰ টোলগেটক সম্পূৰ্ণৰূপে বে-আইনী আখ্যা দি চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰহাত প্রস্তাৱিত টোলগেট বন্ধ ৰাখিবলৈ দাবী জনাই আহিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে।বিপৰীতে NHAI-এ নেশ্যনেল হাইৱে এক্ট-১৯৫৬ৰ ৯নং ধাৰামতে ৰহাৰ টোলগেট সম্পূৰ্ণৰূপে বৈধ বুলি দাবী কৰি আহিছে। এনে যুক্তি-যুদ্ধৰ মাজতে ২০১৫ চনৰ ৩০ এপ্রিলত কৃষক মুক্তি সংগ্রাম সমিতিৰ তেতিয়াৰ সভাপতি অখিল গগৈৰ নেতৃত্বত হােৱা প্রবল প্রতিবাদৰ বাবে ৰাজ্য চৰকাৰে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ৰহাৰ টোলগেটখন বন্ধ কৰি দিবলৈ বাধ্য হৈ পৰে। ২) ২০১৫ চনৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় ঘাইপথটো নতুনকৈ নির্মাণ নকৰাৰ লগতে ৰাস্তাৰ কাম সম্পূর্ণ নােহােৱাকৈ বৰ্তমানৰ চৰকাৰখনে ৰহাৰ টোলগেট বহুৱাবলৈ উঠিপৰি লাগিছে। ৩) সােণাপুৰৰ পৰা ৰহাৰ পথচোৱাত ৰহাৰ টোলগেট মুকলি কৰি পথকৰ লােৱাৰ সিদ্ধান্ত লোৱা হৈছে কিন্তু সেই পথচোৱা বাৰিষাকালত বৰষুণ দিলে ব্যৱহাৰ অনুপযােগী হােৱাৰ লগতে অত্যন্ত ভয়ংকৰ হৈ উঠে। ৪) চাৰিলেনযুক্ত পথচোৱাৰ দুয়ােপাৰে বৰষুণ দিলেই পানী জমা হয় আৰু পথচোৱা যাতায়তৰ অনুপযােগী হৈ পৰে। বৰষুণৰ সময়ত সেই পথচোৱাত গাড়ী চলালে ভয়ংকৰ দুর্ঘটনা সংঘটিত হয়। এনে দুর্ঘটনাৰ ফলত ইতিমধ্যে কেইবাজনাে লােকে প্রাণ হেৰুৱাইছে। পথত জমা হােৱা পানী ওলাই যাবৰ বাবে উপযুক্ত নলা-নৰ্দমাৰ ব্যৱস্থা নকৰাৰ বাবেই এনেকৈ পথচোৱা যাতায়তৰ বাবে বিপদগ্রস্ত হৈ পৰে। গতিকে জমা হােৱা পানী ওলাই যােৱাৰ উপযুক্ত ব্যৱস্থা নকৰা পর্যন্ত কোনােপধ্যে টোলগেট স্থাপন কৰি পথকৰ নল'বলৈ দাবী জনােৱা হৈছে। ৫) পথচোৱাৰ দুয়ােপাৰে উপযুক্ত ধৰণে পুল বা দলং নির্মাণ নকৰাৰ কাৰণে দুয়ােপাৰে থকা পাহাৰৰ পৰা পানী, মাটি, শিল-বালি আদি নামি আহি যাতায়তত সঘনে ব্যাঘাত জন্মায়। যেতিয়ালৈকে পথচোৱাৰ নিৰ্মাণৰ এই ত্রুটিসমূহ দূৰ কৰা নহয় তেতিয়ালৈকে NHAI-ই ৰহাত টোলগেট বহুৱাৰ কোনাে অধিকাৰ নাই বুলি বিভিন্ন দল সংগঠনে হুংকাৰ দিছে। ৬) টোলগেট বহুৱাবলৈ হ'লে ৰাষ্ট্ৰীয় ঘাইপথটোৰ ডিভাইদাৰত বৃক্ষ থকাটো প্ৰয়োজনীয়। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথটোৰ এইচোৱা অংশত ডিভাইদাৰত এতিয়ালৈকে বৃক্ষ ৰােপণ কৰা হােৱা নাই। ডিভাইদাৰৰ মাজত বৃক্ষ ৰােপণ নকৰাৰ বাবে বিপৰীত মুখী গাড়ীৰ লাইটৰ পােহৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। টোলগেট বহুৱাব খােজা পথটোত ৮০ শতাংশতকৈয়াে অধিক এলেকাত এতিয়ালৈকে ডিভাইদাৰৰ মাজত গছ পুলি ৰােপণ কৰা হােৱা নাই। এনে অসম্পূর্ণ পথত টোলগেট বহুৱাতো এক অপৰাধ। ৮) সেইদৰে এই পথচোৱা পথযাত্রীৰ সুবিধা হােৱাকৈ নিৰ্মাণ কৰিবলগীয়া ৰাজহুৱা সা-সুবিধাবােৰৰাে ব্যৱস্থা কৰা হােৱা নাই। বাচ, ট্রাকৰ বাবে ঠায়ে ঠায়ে টার্মিনাছ নির্মাণ কৰা হোৱা নাই। শৌচাগাৰ, প্ৰস্ৰাৱগাৰৰো সুব্যৱস্থা নাই। সেইদৰে পথটোত চিচি টিভি কেমেৰা স্থাপন কৰা হােৱা নাই আৰু এম্বুলেন্সৰাে ব্যৱস্থা কৰা হােৱা নাই। এইবােৰ জনকল্যাণমূলক কাম নকৰাকৈ কোনােপধ্যে এটা ৰাষ্ট্ৰীয় ঘাইপথত টোলগেট বহুৱাব নােৱাৰে। ৯) ৰহাত টোলগেট বহুৱালে মূল্যবৃদ্ধি হোৱাৰ লগতে বাছ আদি অন্যান্য বাহনসমূহৰ ভাড়া বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। ১০) অর্ধ নির্মিত পথৰ ওপৰত টোলগেট বহুৱাই গাড়ীৰ পৰা কৰ সংগ্ৰহ কৰা বন্ধ কৰিবলৈ বদ্ধপৰিকৰ কৃষক মুক্তি সংগ্রাম সমিতি। ১১) উল্লেখযোগ্য যে নগৰৰ পৰা ৫-১০ কিলোমিটাৰ দূৰত্বতহে টোলগেট বহুৱাব পাৰে কিন্তু ৰহাত ২ কিলোমিটাৰ দূৰত্বৰ ভিতৰতে টোলগেট বহুৱাত এয়া অবৈধ টোলগেট হিচাপে বিবেচিত হৈছে। ১২) উজনি অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ ফোৰলেনৰ কাম সম্পূৰ্ণ হবলৈ এতিয়াও বহু বাকী। তেনেক্ষেত্ৰত এক দীঘলীয়া দূৰত্ব বেয়াপথেৰে আহি নগাঁৱৰ পৰা গুৱাহাটীলৈ মাত্ৰ ১০০ কিলোমিটাৰৰ আৰামদায়ক যাত্ৰাৰ বাবে ১০০-২০০ টকা আদায় দিয়াৰ পূৰ্বে দহবাৰ ভাবি চাবলৈ বাধ্য হৈ পৰে বাহনৰ গৰাকী তথা চালকসকল। অসমত আকৌ আৰম্ভ হ'ব নেকি টোলগেট? ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ এনএইছএআই কেবাশ কোটিৰ ধাৰত ডুব যোৱাত এক প্ৰকাৰ অস্বস্তিকৰ পৰিৱেশৰ সন্মুখীন হৈছে দ্ৰুত পথ উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰ। সেয়ে এতিয়া দেশৰ ভিন্ন প্ৰান্তত নতুনকৈ টোলগেট স্থাপনৰ লগতে বন্ধ হৈ থকা টোলগেটসমূহ পুনৰ আৰম্ভ কৰিবলৈ যো-জা চলাইছে চৰকাৰে। খবৰ অনুযায়ী যোৱা ছেপ্টেম্বৰ মাহতে কেন্দ্ৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ তৰফৰ পৰা অসমত টোলগেট থকা প্ৰতিখন জিলাৰ উপায়ুক্তলৈ শীঘ্ৰে টোলগেটসমূহ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰত সকলো বাধা নেওচি টোলগেট মুকলিৰ ব্যৱস্থা কৰিবলৈ স্পষ্টকৈ কোৱা হৈছে বুলি এক সূত্ৰই News Next Oneক জানিবলৈ দিছে। ইয়াৰ পূৰ্বে ২০১৮ চনৰ জুলাই মাহতো উত্তৰ-পূবৰ দায়িত্বত থকা NHAI-ৰ মুখ্য মহা প্ৰৱন্ধক আৰ পি সিঙে ৰাজ্য চৰকাৰক টোলগেট মুকলি কৰাৰ ক্ষেত্ৰত থকা বাধা আতৰাবলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছিল। ঋণগ্ৰস্ত হৈ পৰাৰ পিছত এতিয়া যিকোনো প্ৰকাৰে টোলগেট মুকলি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে চৰকাৰী সংস্থাটোৱে। এই প্ৰচেষ্টাৰ অংশ হিচাপেই পুনৰ বাৰ পত্ৰ প্ৰেৰণ কৰিছে বুলি অনুমান কৰা হৈছে। তালৈ চাই ৰহাকে ধৰি অসমৰ আটাইকেইখন টোলগেট অচিৰেই যে মুকলি হৈ পৰিব সেয়া একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে। সূত্ৰটোৰ মতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হ'ব পৰা আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে টোলগেটৰ বিষয়টোক লৈ ইমানদিনে নীৰৱ হৈ আছিল। ৩১ আগষ্টত চূড়ান্ত খচৰা সুকলমে প্ৰকাশ হৈ যোৱাৰ পিছত চৰকাৰে অচিৰেই টোলগেট মুকলি কৰিবলৈ তৎপৰ হৈ পৰিছে। আনহাতে, দিনদিয়েক পূৰ্বে নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে আলোচনাত মিলিত হোৱাটোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখ্য যে টোলগেটৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সম্প্ৰতি অখিল গগৈকে আদি কৰি সংগঠনটোৰ কেবাগৰাকী নেতা জেলত থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি টোলগেট মুকলি কৰিবৰ বাবে চৰকাৰে সকলো ব্যৱস্থা কৰি তোলা পৰিলক্ষিত হৈছে। শেষত ইয়াকে ক'ব পাৰি যে টোলগেট মুকলি কৰাক লৈ জনসাধাৰণৰ আপত্তি নাই। আপত্তি তেতিয়ালৈকে আছে যেতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথটো ক্ৰটিমুক্ত নহয়। সকলোবোৰ দিশ সঠিক ৰূপত গঢ়ি তুলিলে চৰকাৰীভাৱে স্বীকৃত টোলগেটৰ কোনেও বিৰোধিতা নকৰে আৰু টোলগেটত সঠিক মূল্য দি পথ অতিক্ৰম কৰাটো সকলোৱে নিজৰ দায়িত্ব বুলি গ্ৰহণ কৰাৰ সম্ভাৱনাই অধিক। আমাৰ লক্ষ্য 'News Next One'ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch। Thank you for contacting us! © News Next One. All rights Reserved. Contact [email protected] for any query. Powered by: Rongjeng Technologies.
web
495c54f8de82b5226e3f05f333f257e44df14b4e
Begin typing your search above and press return to search. এই পদক্ষেপৰ অংশ হিচাপে পাণ্ডু মাল্টি ম'ডাল টাৰ্মিনেলত জাহাজ মেৰামতিৰ সুবিধা নিৰ্মাণ কৰা হৈছে বুলি সূত্ৰই দাবী কৰিছে। - নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্চয়ে প্ৰেকটিছ অধ্যাপক খালী পদৰ নিযুক্তিৰ বাবে যোগ্য প্ৰাৰ্থীক আমন্ত্ৰণ জনাইছে। এতিয়াই পৰীক্ষা কৰক!
web
9e22532419f7b89b3a6e4a03c6bc55ba76ebf958
ৰঙিয়াঃ বানত আবদ্ধ হৈ থকা ব্যক্তি সকলক সহায় কৰাৰ দায়িত্ব সকলো সচেতন ৰাইজৰ তথা দল সংগঠনৰ। এনে দায়িত্ব পালন কৰি ৰঙিয়াৰ বানাক্ৰান্ত ৰাইজৰ ওচৰত উপস্থিত হল আছুৰ প্ৰতিনিধি। কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু প্ৰচাৰ সম্পাদক ধৰ্মেশ্বৰ দাসৰ নেতৃত্বত ৰঙিয়া বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰায় ২০ জনীয়া এটা দলে ৰঙিয়া মহকুমাৰ হাচানটুক, বালাগাঁও আদি আঞ্চলৰ বানত আক্ৰান্ত ৰাইজৰ ওচৰত উপস্থিত হয়। আছুৰ দলটোয়ে লগতলৈ যোৱা চাবোন, কাচুৱা, ফেনাইল, মমবাতিৰ লগতে কিছু খাদ্য সামগ্ৰী বানপিড়িত ৰাইজৰ মাজত বিতৰণ কৰে। আনহাতে ৰঙিয়াৰ বালাগাৱত দুটা পৰিয়ালৰ ঘৰ বাৰী সম্পূৰ্ণৰূপে বানে উটুৱাই নিয়া পৰিয়াল দুটাৰ ল'ৰা-ছোৱালীৰ পঢ়াৰ সকলো কিতাপ পত্ৰ আছু দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু চৰকাৰক পৰিয়াল দুটাৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।
web
0aca11beed62d0c9e365ef2b434d3ced201399ff
ভূমিকম্পত কঁপিল মঙ্গল গ্রহ। নাছাৰ বিজ্ঞানীসকলে জনাইছে, বিগত এটা মাহত তিনবাৰ কঁপিল ৰঙা গ্রহটিৰ মাটি। শেষৰবাৰ হ'ল ১৮ ছেপ্টেম্বৰত। নাছাৰ ইনছাইট লেণ্ডাৰত কম্পনৰ তীব্রতা ৪. ২ মেগনিটিউড ধৰা পৰিছে। অবাক হ'বলগা বিষয়টো হ'ল, পৃথিৱীৰ দৰে কেইমিনিটমানৰ কম্পন নহয়, মঙ্গলৰ মাটি কঁপিল একেৰাহে ডেৰ ঘণ্টা ধৰি। ২৫ আগষ্টত দুটা ভূমিকম্পৰ তীব্রতা আছিল ৪. ২ আৰু ৪. ১, কিন্তু সেই দুটা ইমান সময় স্থায়ী নাছিল। বিজ্ঞানীসকলৰ মতে, ১৮ ছেপ্টেম্বৰৰ কম্পনটি ইনছাইট লেণ্ডাৰৰ অৱস্থানৰ পৰা ৮৫০০ কিঃমিঃ দূৰৈত। ইমান দূৰৈৰ কম্পন ইয়াৰ আগতে কেতিয়াও অনুভৱ কৰা যোৱা নাই। ভূমিকম্পৰ সঠিক উৎসস্থল নির্ণয়ৰ চেষ্টা চলিছে। ইয়াৰ আগৰ যি কম্পন চিহ্নিত কৰা গৈছিল সেইটো হৈছিল ১৬০৯ কিঃমিঃ দূৰৈত ছাৰবেৰাছ ফচি নামৰ এক অঞ্চলত।
web
503e1ee9746b139e6760feb65d30dc5b860ecb6ae0667f75f10334bcb2e5e5dc
ঘূৰি আহি যদি একেঠাইতে ৰুমালখন পৰি থকা দেখা পায়, তেতিয়া যাৰ পিছফালে ৰুমালখন থৈছিল, তেওঁৰ পিঠিত ঢকা এটা মাৰিব আৰু পুনৰ ৰুমালখন লৈ ঘূৰি থাকিব। আনহাতে, যাৰ পিছফালে ৰুমালখন থোৱা হৈছিল, তেওঁ যদি গম পায়, তেন্তে তেওঁ ততালিকে ৰুমালখন লৈ বহাৰ পৰা উঠি দৌৰি যাব আৰু ৰুমাল থৈ যোৱাগৰাকীৰ পিঠিত ভুকু এটা মাৰিব। কিন্তু তেওঁ ভুকুটো মৰাৰ আগতে যদি ৰুমাল থোৱাগৰাকীয়ে ৰুমাল লৈ দৌৰি থকাগৰাকীৰ স্থানত বহি দিব পাৰে। তেতিয়া তেওঁ ভুকুটো খোৱাৰ পৰা ৰক্ষা পৰে আৰু খেলৰ পৰা বাহিৰ নহয়। এতিয়া যিগৰাকীৰ হাতত ৰুমালখন থাকিল তেওঁ আগৰগৰাকীৰ দৰে বেলেগ এগৰাকীৰ পিছফালে ৰুমালখন মনে মনে থ'বলৈ দৌৰি ঘূৰি থাকিব। এনেদৰে খেলটো চলি থাকিব। যাৰ পিছফালে ৰুমালখন থৈ যোৱা হয়, তেওঁ যদি গম নোপোৱাকৈ বহি থাকে, তেন্তে ৰুমাল পেলাই থৈ যোৱাগৰাকীয়ে দৌৰি ঘূৰি আহি তেওঁৰ পিঠিত ভুকু মাৰি তেওঁক খেলৰ পৰা বাহিৰ কৰি দিব। এই খেলটো সাধাৰণতে কিশোৰী ছোৱালীবোৰে খেলি বেছি ভাল পায়। ঝুলনা খেল সৰুতে আমি লগৰীয়াৰ সৈতে পইচা তুলি এখন পূজা পাতো। সেই পূজাখন হ'ল ঝুলন যাত্রা। ভগৱান শ্ৰীকৃষ্ণই ৰাধাক লগত লৈ বৃন্দাবনত ঝুলনাত উঠি ঝুলি খেলা কৰিছিল। এই ঝুলন যাত্ৰা অতীজৰ পৰাই এক পৰম্পৰা হিচাপে চলি আহিছে। শাওন মাহৰ ৰাখি পূৰ্ণিমাত ঝুলন যাত্রা উৎসৱ পাতো। কিন্তু মন্দিৰবোৰত ঝুলন যাত্ৰা ডাঙৰ কৈ আয়োজন কৰা হ'লৈও ইয়াক লৈ শিশুবোৰৰ মাজত হে বেছি উলহ-মালহ দেখা যায়। কৃষ্ণ-ৰাধা বহা এই ঝুলনাডালত ঝুলি আমিও খেলো। ঝুলনা এখন সাজি গছৰ ডাল বা ঘৰৰ মাৰলি আদিত ওলোমাই লৈ ল'ৰা-ছোৱালীবোৰে ঝুলি বৰ ভাল পায়। বিশেষকৈ কেঁচুৱাবোৰ ঝুলনাত ঝুলিবলৈ পালে কন্দা-কটা এৰি চুপ হৈ পৰে আৰু সেইফালেই টোপনি যায়। আচলতে কেঁচুৱাক নিচুকোৱাৰ বাবেও ঝুলনা ব্যৱহাৰ কৰা হয়। আচলতে ঝুলনা এবিধ খেলহে। পার্ক বা উদ্যানবোৰতো ঝুলনা থাকে আৰু ল'ৰা-ছোৱালীবোৰে কোনে কিমান সময় আৰু বেগেৰে ঝুলি থাকিব পাৰে, তাৰ প্ৰতিযোগিতাত নামে। ঝুলনাখনত এজন বহি তাৰ ৰছী বা শিকলিডালত ভালদৰে খামুচি ধৰি লয় । তেতিয়া আন এজনে ঝুলনাত বহি থকাজনৰ পিঠিত ধৰি সৰ্বশক্তিৰে ঠেলা মাৰি দিয়ে। সেই ঠেলাৰ কোবতে ঝুলনাখন জোৰে জোৰে ঝুলিবলৈ ধৰে। এনেকৈ তেওঁ কিমান সময় ঝুলে তাৰ হিচাপ কৰে। তেওঁৰ ঝুলা শেষ হলে এইবাৰ ঠেলি দিয়াজন বহে আৰু ইজনে তেওঁক ঠেলা মাৰি দিয়ে। এইদৰে তেওঁ কিমান সময় ঝুলিলে, ঠেলা মাৰি দিয়াজনে হিচাপ কৰে। এইদৰে যিজনে হিচাপত বেছি ঝুলে। খেলাটোত তেৱেই বিজয়ী হয়। চহৰৰ পাৰ্ক বা উদ্যানত লোহাৰ খুঁটা পোতা শক্তিশালী ঝুলনা থকাৰ বিপৰীতে গাঁৱত ল'ৰা-ছোৱালীবোৰে তাঁতশালৰ খুঁটা। গছৰ ডাল বা বাৰান্দাৰ মাৰলিত মৰাপটৰ ৰছী বান্ধি বহা ঠাইখিনিত কাপোৰ বা বস্তাখন পাৰি ঝুলে। কেতিয়াবা পিৰা এখন বান্ধিও ঝুলনা খেলে। টেঙা বল ৰবৰ বা চামড়াৰে তৈয়াৰী ফুটবলটো খেলাৰ আগতে অসমত শিশুহঁতে এবিধ টেঙাৰে বল খেলি পৰম আনন্দ লাভ কৰে। ফুটবলটোৰ আকৃতি ঘূৰণীয়া এই টেঙা বিধ হ'ল ৰবাব বা জৰা টেঙা। বৰ্তমান চহৰৰ কথা বাদেই গাঁও অঞ্চলতো
pdf
2ce8bbcccf71fca9f343a0b8341f2b9780391fa9
ডিজিটেল ডেস্ক : ৰাজ্যৰ উপায়ুক্তসকললৈ মুখ্যমন্ত্রীৰ বিশেষ নিৰ্দেশনা। এতিয়াৰে পৰা মুখ্যমন্ত্রীৰ সভাৰ ক্ষেত্রত মানিব লাগিব ৬টাকৈ নিয়ম। ৬টাকৈ নিয়মেৰে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্রীয়ে। সেই নিৰ্দেশনা অনুসৰি বন্তি প্রজ্বলন অনুষ্ঠান আয়োজকে সভাৰ পূৰ্বে আৰম্ভ কৰিব লাগিব। সমান্তৰালভাবে মুখ্যমন্ত্রীক কোনো উপহাৰ নিদিবলৈ নিৰ্দেশনা আয়োজকক। গামাচো, ফুলৰ থোপাৰে সম্বৰ্ধনা বন্ধ কৰাৰো নিৰ্দেশ মুখ্যমন্ত্রীৰ। নিৰ্দেশনা মৰ্মে আঁত ধৰোতাৰ বাহিৰে কোনেও শলাগৰ শৰাই দিয়াৰ প্রয়োজন নাই। আনহাতে য'ত মুখ্যমন্ত্রীয়ে নিশা বাহৰ পাতে, ইয়াৰ পাছৰ দিনাৰ অনুষ্ঠান বৃক্ষ ৰোপনেৰে আৰম্ভ হ'ব। আকৌ মাটিৰ পিয়লাতহে চাহ দিয়াৰ নিৰ্দেশ উপায়ুক্তসকলক। ইয়াৰ বিপৰীতে গ্লাছৰ বটলত যোগান ধৰিব লাগিব খোৱাপানী। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বটল বৰ্জনৰো নিৰ্দেশ মুখ্যমন্ত্রীৰ। লগতে মধ্যাহ্ন আৰু নৈশ ভোজন নিৰামিষ হ'ব লাগিব। এই নিৰ্দেশনাত অসমীয়া আৰু থলুৱা জনগোষ্ঠীয় খাদ্য সম্ভাৰ যোগানৰ কথা স্পষ্টকৈ উল্লেখ আছে।
web
1a71536fdf5a638c2752508d35b1e8355df467a610f3c1a3c6882c931c7cc564
নিৰুপমা বৰগোহাঞিৰ গল্প সমগ্ৰ চাই কৈছিল, 'আপুনিয়েই কৰি দিব লাগিব বাইদেউ। অকল এই অকণমানি ছোৱালীজনী কৰি দিলেই হ'ব জানো? দৰা-কইনাহে আচল। সাজি দিয়কচোন বাইদেউ।' মই কি হাঁহোঁ। কি আচৰিত। মাক-বাপেকৰ জন্ম নহওঁতেই কেঁচুৱা? তাই প্রথমে অলপ অপ্রস্তুত হৈ পৰে। তাৰ পিছত তাইৰ বিশিষ্ট ভংগীটোৰে এক মুহূর্ত ভাবি সপ্রতিভভাৱেই উত্তৰ দিয়ে, 'কিন্তু বাইদেউ, তেনেকৈ ৰাম নৌ হওঁতেই ৰামায়ণ হোৱা নাছিল জানো?" আৰু এদিন তাই পেঘেনিয়াই আছিলহি, গল্পৰ কিতাপ এখন লাগে বোলে। হৈ যোৱা পৰীক্ষাটোৰ বহী কিছুমানত মূৰ গুজি আছিলোঁ। বিৰক্ত হৈ এবাৰ নভবাকৈ ক'লোঁ, "কিতাপৰনো কি অভাৱ কণিকা? মোৰ তাত ইমানবোৰ কিতাপ আছে, তোমাৰ ইচ্ছামতে লোৱাচোন এখন।' সিদিনাও তাই সহজভাৱেই উত্তৰ দিছিল, "কিন্তু বাইদেউ, সাগৰৰ মাজত থাকিওতো মানুহে পিয়াহুত অণ্ঠ কণ্ঠ শুকাই মৰে! নহয় জানো?' বহীৰ পৰা মূৰ দাঙি কিছু সময় তাইলৈ চাই আছিলোঁ! অতীত এটাই বর্তমানক ঠেলি থৈ অলপ আগ বাঢ়িবৰ চেষ্টা কৰিছিল। মাষ্টৰী জীৱনৰ এইকেইটা বছৰত কোনো ছাত্ৰীৰ প্ৰতি পক্ষপাতিত্ব দেখুওৱা নাছিলোঁ। কিন্তু কণিকাই তাৰ ব্যতিক্রম ঘটালে। কণিকাৰ প্ৰতি মোৰ সেই আকর্ষণটোক বাধা দিব পৰা নাছিলোঁ। কাৰণটো তাইৰ অসাধাৰণত্ব নহয়; কিবা এটা মৰম উপজিছিল তাইৰ প্ৰতি প্রথম দেখাৰ দিনৰ পৰাই। তাই মোৰ পৰা আনতকৈ বেছি মৰম আদায় কৰি লৈছিল। গ্লানি উপজিছিল যদিও তাৰ মাজতে যিখিনি যুক্তিৰ সমৰ্থন পাইছিলোঁ, সেয়েই বহুতখিনি গ্লানি আঁতৰাইছিল। মনত পৰে কলেজীয়া জীৱনৰ বন্ধু সেই বছৰৰ বিখ্যাত খেলুৱৈ মিহিৰ দত্তই কৈছিল'খেলাৰ পিছত গাঁত যি বিষ উঠে তাক sweet pain বুলিব পাৰি। কাৰণ সেই বিষত যে খেলাৰ আনন্দখিনিও মিহলি হৈ থাকে।' ময়ো সেইদৰেই ভাবোঁ, কণিকাৰ প্ৰতি পক্ষপাতিত্বৰ আঁৰত লুকাই আছে তাইৰ প্ৰতিভা আৱিষ্কাৰ কৰাৰ মোৰ কৃতিত্বখিনি। সেয়েহে ময়ো কওঁ, ই মোৰ মধুৰ গ্লানি'। কিন্তু তেতিয়াও মোৰ মাজে মাজে সন্দেহ হৈছিল।অঞ্চল কণিকাৰ প্ৰতিভাৰ সন্ধানেই যে তাইৰ প্ৰতি স্নেহ বা মনোযোগ বঢ়াইছিল, ঠিক তেনে যেনতো কেতিয়াও নালাগিছিল। তাৰ বাহিৰেও যেন মোৰ অন্তৰত আৰু এটা মৰমৰ উৎস লুকাই আছিল - আজি তাৰ ব্যাখ্যা বিচাৰি পালোঁ। কণিকাৰ মৃত্যুৱে জনাই থৈ গ'ল তাৰ ৰহস্য ক'ত। মনটো সংযত কৰি চিঠিখন আকৌ পঢ়িলোঁ। 'সেই খবৰটো জনাবৰ কাৰণেই ইমান দিনৰ মূৰত তোলৈ লিখিবলৈ কলম ল'লোঁ। অৱশ্যে এবাৰ ভাবিছিলোঁ, তোক নজনাওঁ। মোৰ কাৰণেই জীৱনত এটা আঘাত পাইছিলোঁ; তাক দুগুণ কৰোঁ কিয়। কিন্তু শেহলৈকে মনে নামানিলে। সুবিচাৰ নকৰি অবিচাৰ কৰা যেনহে লাগিল। সেই কাৰণেই খবৰটো আজি এসপ্তাহৰ পিছতহে তোক জনাব পাৰিলোঁ। ধৰি ল', এই কেইদিন বেদনাৰ বোজাটো অলপমান পাতলাবৰ যত্নত আছিলোঁ। 'ভাবিছোঁ নিৰু, এই পৃথিৱীখনত যে দিনৌ কিমানবোৰ অকাল মৃত্যু হৈ আছে। কিমাননো ভাবিবি, কিমাননো বেজাৰ কৰিবি? তাহানিৰ পৰা পৃথিৱীখনক অলপ বুজিব পৰা হৈ অহা বয়সৰ পৰাইতো দেখিছোঁ। তথাপি যেতিয়া দেখোঁ, এই অকাল মৃত্যুবোৰৰ বাবে মাথোন নজনা শক্তি এটাই দায়ী নহয়; আমাৰ মানুহবোৰেও, আমাৰ সমাজ ব্যৱস্থায়ো অসংখ্য প্ৰাণৰ ধ্বংস কৰিছে আৰু কৰি আছে, তেতিয়া যেন অতি অভ্যস্ত মনটোও জ্বলি উঠে। কেতিয়াবা কিছুমান মৰি যোৱা প্ৰাণীকে। হয়তো আমাৰ পৃথিৱীত জীয়াই থকা বুলি ধৰি লওঁ। মোকেই বা কেইজনে জানে - জীৱনৰ অপমৃত্যু ঘটি যোৱা প্রাণী এটা বুলি। মানুহ আৰু মহাকালে দেখিছোঁ আমাৰ মৰণৰ বাবে উঠি-পৰি লাগিছে। তথাপি প্ৰকৃতিৰ হাতত মৃত্যু হলে বিশেষ আক্ষেপ নাজাগে। সেই বিষয়ত নিঃসহায় আমি। কণিকাক হেৰুৱাই অন্তৰ ভাগি যোৱা যেন লাগিলেও ক্ষোভতো হোৱা নাছিল। কিন্তু যেতিয়া নিজৰ কথা ভাবোঁ? তোৰ মনত আছেনে নিৰু, এদিন যে তোক প্রতিমা বোলা মোৰ সহপাঠিনী এগৰাকীৰ ঘৰলৈ লৈ গৈছিলোঁ? এজাক ল'ৰা-ছোৱালী লৈ, ভাগ্নি যোৱা স্বাস্থেৰে দৰিদ্ৰতাৰ প্ৰতিমূৰ্তি মাইকী মানুহ এগৰাকী দেখি তোৰ ভাবিবলৈ টান লাগিছিল নহয়নে তাই আমাৰেই সমনীয়া ছোৱালী বুলি? তাৰ তুলনাত অৱশ্যে মোৰ ভাগ্য ভাল বুলিবই পাৰি। অৱশ্যে জীৱন কি তাক জনাৰ পিছত হেৰুৱাব লগা হোৱাৰ বেদনাখিনিও বোধকৰোঁ বৰ কম নহয়। প্রতিমাহঁতে যে জীৱনত প্ৰাণৰ প্ৰাচুৰ্য্য কি তাক জনাই নাছিল, সেইখিনিতে তাই মোতকৈ বহুত ভাগ্যৱতী। আৰু তোৰ জীৱনটো? কিজানি হাঁহি উৰুৱাই দিবি, প্রতিবাদ কৰিবি, স্বাধীন জীৱন এটাৰ সুখ বুজাবৰ চেষ্টা কৰিবি। কিন্তু নিৰু, কলেজীয়া ডিগ্ৰীটো গৌৰৱেৰে ল'ব নোৱৰাতেই যাৰ ভৱিষ্যৎ শূন্য হৈ যায়, যেতিয়া দেখা পাওঁ একমাত্ৰ পৰীক্ষাত ভাল কৰাই আমাৰ বুদ্ধিমানসকলক বিচাৰ কৰাৰ মানদণ্ড, ভঁয়া আৰু সান্ত্বনা থাকে ক'ত ক'চোন। 'যাওক, সেই গতানুগতিক আক্ষেপবোৰ আমি দুয়ো নজনা নহয়। কিন্তু তাকেই কিয় আলোচনা কৰোঁ? খুব বেছিকৈ অনুভৱ কৰা সেই সত্যবোৰ আপোন-আপুনি মনটোত ভৰি পৰেহি, কলমটো আৰু সংযত কৰিব নোৱাৰোঁ। আজি নতুন কথাও যে ভাবিব নোৱাৰোঁ নিৰু, বুদ্ধিবৃত্তিবোৰে। বৰ দেৱলীয়া হৈ গৈছে। মন মোৰ একেবাৰে ভাগি গৈছে নিৰু, তথাপি এবাৰ লিখিবলৈ বহিছোঁ যেতিয়া ভালকৈয়ে লিখিম। মাথোন মোৰ এটি অনুৰোধ - মোৰ কথাবোৰৰ মাজত যদি কিবা বলিয়ালিৰ চিন দেখ, নাহাঁহি সহানুভূতিৰেই বিচাৰ কৰি চাবি দেই। অৱশ্যে এইখিনি পাতনি নেমেলা হ'লেও যে হ'লহেঁতেন, সেই বিশ্বাস আজিও হেৰুওৱা নাই! অৱশ্যে মনে-প্রাণে আজি পৃথিৱীখনক বিশ্বাস কৰিবলৈ এৰিছোৱেই; নিজেই নিজৰ ওপৰত বিশ্বাস ৰাখিব নোৱাৰিলোঁ, আৰু আনৰ কথা? 'ইমান দিনে মোৰ সকলো কথা ৰহস্যৰ দৰেই আছিল নহয়নে? কিমান বছৰ বাৰু আমি দুয়ো এনেকৈ বিচ্ছিন্ন হৈ আছিলোঁ। প্ৰায় ন-দহ বছৰেই হ'ব নহয়নে? ভাবিলে বৰ আচৰিত যেন লাগে, সেই তাহানিৰ আমাৰ পক্ষে ইনো সম্ভৱ হ'ল কেনেকৈ? দুখ লাগে নহয় তোৰ? বুজিছ মোৰ কাৰণে আজি সকলো সহজ। 'দুঃখে যাদেৰ জীৱন গড়া, তাদের আবাৰ দুঃখ কিসেৰ' - নহয় জানো? যি কি নহওক, সেই যে আই এ পৰীক্ষা দি উঠিলোঁ, তাৰ পিছততো তহঁতে মোৰ পৰা কোনো খবৰ পোৱা নাছিলি নহয়। তোৰ চিঠি হলে আটাইকেইখন পাইছিলোঁ; মোৰ বিয়াৰ কথা অলপো নজনাকৈয়ে তই লিখা চিঠিবোৰ পঢ়ি কান্দিবলগীয়া হৈছিল। কিন্তু উত্তৰ দিয়া নাছিলোঁ। কিয় ক'ব নোৱাৰোঁ। বোধকৰোঁ নিজকে বৰ অপৰাধী যেন লাগিছিল। কিনো লিখিম তোলৈ? মোৰ সেই অবাঞ্ছিত নীৰৱতাৰ কাৰণে আচৰিত হৈ বৰ অধৈৰ্যভাৱেই তই পিছৰ চিঠিবোৰ লিখিছিল। অৱশ্যে সেই অৱস্থা তয়ো বেছি দিন ভুগিব লগা নাছিল, ময়ো তোৰ চিঠি হাতত লৈ নিৰুপায় বেদনাত কান্দিব লগা হৈছিল। ফাইনেল পৰীক্ষাৰ কেইমাহমানৰ পিছতে বিয়াখন হৈ গ'ল। তাৰ পিছত তোৰ চিঠি মুঠেই এখনহে পাইছিলোঁ। সেই এশাৰী কথাৰ চিঠিখন আজিও স্পষ্টকৈ মনত আছে- "ছিঃ নির্মালি ইমানখিনি কল্পনাই কৰিব পৰা নাছিলোঁ। ধন্যবাদ দিছোঁ তোক - মোৰ অভিজ্ঞতাৰ ভঁৰালটো চহকী কৰিলি।' 'নিৰু, তোৰ আখৰকেইটাতকৈ ঘৃণা আৰু বেদনাত বিকৃত হৈ যোৱা মুখখনহে মোৰ চকুৰ আগত ভাহি উঠিছিল। কিন্তু আঘাত পোৱা নাছিলোঁ, বুজিছ নিৰু। মাথোন এটা অদ্ভুত আনন্দ উপভোগ কৰিছিলোঁ। শৰীৰৰ কোনো এটা অংগ মোচোকা খাই অস্বস্তিকৰ বিষ উঠিলে কর্কশ হাতৰ বেদনাদায়ক মালিচে যি তৃপ্তি দিয়ে, সেই তৃপ্তি পাইছিলোঁ যেন! 'কথাবোৰ দেখিছোঁ সামঞ্জস্য ৰাখি সজাই লিখিব পৰা নাই। ক'ৰ পৰা আৰম্ভ কৰোঁ। সেই ফাইনেল দি ঘৰলৈ যোৱাৰ পৰাই আৰম্ভ কৰোঁ বাৰু? পৰীক্ষাটো শেষ কৰি ঘৰলৈ আহি শুনিলোঁ মোৰ বিয়াৰ ঠিক হৈ আছে। আচৰিত হ'ব লগা একো নাছিল। আমাৰ সমাজত এইটো নতুন কথা নহয়। প্ৰথমতে, অৱশ্যে যথেষ্ট প্রতিবাদ কৰিছিলোঁ। কিন্তু তাৰ পিছত কি যে হৈ গ'ল। সম্মতি দিলোঁ। দিলোঁ বুলি ক'লে ঠিক নহ'ব; আদায় কৰি ল'লে। নাজানো নিৰু, হাঁহিছইনে, ঘৃণাই কৰিছ। কিন্তু তহঁতে তাহানি বাহিৰৰ ৰূপটো দেখিয়েই সৰল বুলি ভবা সেই নির্মালিজনী যে ভিতৰি ভিতৰি ইমান দুর্বল তাক কল্পনাও কৰা নাছিলি; মোৰ ব্যৱহাৰেও সেই সন্দেহ কৰিবলৈ তহঁতক সুবিধা নিদিছিল। অৱশ্যে কেতিয়াবা কিজানি হঠাৎ অলপ আভাস নোপোৱাকৈ থকা নাছিলি। জান নিৰু, আজিও নিজৰ বিৰুদ্ধে গুমৰি উঠোঁ, যেতিয়া মনত পৰে বিয়াত সম্মতি দিয়াৰ গুৰিতে আন আন দুর্বলতাবোৰৰ লগতে মনৰ গহন পৈণত সোমাই থকা আন এটা দুর্বলতাও দায়ী আছিল। কি জান? মোৰ যাৰ লগত বিয়া হৈছিল, তেওঁ যথেষ্ট ধুনীয়া আছিল। প্রমাণ কিজানি পাইছই, যদিও আজি অভাৱ আৰু চিন্তাই সেই সৌন্দর্য বহুতখিনি ধ্বংস কৰি পেলাইছে। প্ৰকাশৰ তুলনাত তেওঁ খুবেই ধুনীয়া। বিয়াৰ আগতে মোৰ ভাবী স্বামীক দেখাৰ আৰু দুই-চাৰিটা কথা কোৱাৰ সৌভাগ্য হৈছিল। মই নিজেও আচৰিত হৈছিলোঁ কেনেকৈ যে মোৰ অজ্ঞাতসাৰে মনৰ মাজত দুয়োজনৰ ৰূপৰ তুলনা চলি আছিল। অথচ নিৰু, তোৰ নিশ্চয় মনত আছে যে প্ৰকাশৰ দৈহিক সোন্দৰ্যৰ বিষয়ে তই এবাৰ কওঁতেই মই হাঁহি উৰুৱাই দিছিলোঁ। অহংকাৰ কৰিছিলোঁ - প্রেমে চায় মনেৰে, চকুৰে নহয়, আন সাধাৰণ প্ৰেমিকৰ নৰে ৰূপ যে আমাৰ
pdf
d602f6a9a1bc0305648f22312619eea859f9b61c
ডিজিটেল সংবাদ,চিৰাং : চিৰাঙৰ ৰঞ্চাইধাম ভিচিডিচিৰ অন্তৰ্গত উলুবাৰী গাঁৱৰ মুছলিম বস্তীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত হিতাধিকাৰীৰ পৰা ধন দাবী কৰি হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপিত হৈছে ইউপিপিএল দলৰ ভিচিডিচি সদস্য কবাদ আলী মোল্লাৰ বিৰুদ্ধে । অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ বাবদ ৩টা কিস্তিত হিতাধিকাৰীসকলে ধন লাভ কৰে। সেই ধন ভিচিডিচিৰ সদস্য কবাদ আলী মোল্লাই প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা প্ৰতিটো কিস্তি মোকলাই দিয়াৰ নামত ৰঞ্চাইধাম ভিচিডিচি সভানেত্ৰীৰ নাম লৈ নিদিষ্ট পৰিমানৰ ধন দাবী কৰে। ধন আদায় নিদিলে কিস্তি মোকলাই দিয়া নহ'ব ভাবুকি প্ৰদানৰে ধন সংগ্ৰহ কৰে। হামেদ আলী শ্বেখ, শ্বাহ আলম, উৰ্বানু বেওৱা, আহাদ আলী, অজাবি বেওৱা আদি কৰি হিতাধিকাৰীসকলৰ পৰা প্ৰথম কিস্তি আদায় দিয়াৰ নামত ২৫০০ হেজাৰ টকাৰ পৰা ২০০০ টকা পৰ্যন্ত ইতিমধ্যেই আদায় কৰিছে ভিচিডিচি সদস্যজনে । এতিয়া ভিচিডিচিৰ সদস্য জনে কিস্তি আদায় দিয়াৰ নামত নতুনকৈ আকৌ হিতাধিকাৰীৰ পৰা ধনদাবী কৰা আৰম্ভ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে । আনকি কবাদ আলী মোল্লাই মুছলিম বস্তী এলেকাৰ এটা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী পক্ষাঘাত ৰোগত আক্ৰান্ত আফজাল আলী শ্বেখৰ পৰিয়ালৰ পৰাও ১৫০০ টকা আদায় কৰিছে। এই বিষয়টো স্থানীয় সচেতন ৰাইজে সহজভাৱে মানি ল'ব পৰা নাই। এই সংক্ৰান্তত ৰঞ্চাইধাম ভিচিডিচিৰ সভানেত্ৰী ছুজুলা বসুমতাৰীৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত হিতাধিকাৰীৰ পৰা কোনোধৰণৰ টকা সংগ্ৰহ কৰাৰ বাৱে অনুমতি দিয়া হোৱা নাই বা অনুমতি দিয়াৰ প্ৰশ্নই নুঠে। যদি উক্ত এলেকাৰ ভিচিডিচি সদস্য জনে তেওঁৰ নামত হিতাধিকাৰীৰ পৰা টকা দাবী কৰাৰ দৰে কাম কৰিছে তেনেহ'লে তাৰ বিৰুদ্ধে অতিশীঘ্ৰেই বিহিত ব্যবস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। এই সন্দৰ্ভত দলৰ ঊৰ্দ্ধতন কৰ্তৃপক্ষক অৱগত কৰিব বুলি সদৰি কৰে । ইয়াৰোপৰি ভিচিডিচি সদস্য কবাদ আলী মোল্লাৰ বিৰুদ্ধে জিলা কৃষি বিভাগৰ পৰা মুছলিম বস্তী এলেকাৰ খেতিয়ক সকলৰ বাবে যোগান ধৰা ৬০ কিলোগ্ৰাম ধানৰ বীজ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ৰাইজে খবৰ লাভ কৰি ধানৰ বীজ বিচাৰি যোৱাত কবাদ আলী মোল্লাই ধানৰ বীজ নাই বুলি ওভতাই পঠিয়াইছিল । কিন্তু সোমবাৰে নিশা গাঁৱত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি ভিচিডিচি সদস্য জনৰ দুৰ্নীতিৰ কথা সংবাদ মাধ্যম যোগে ফাদিল কৰাৰ কথা কোৱাত আজি ৰাতিপুৱা বাধ্যত পৰি ধানৰ বীজ ঘৰৰ পৰা ওলাই আনি ৰাইজক গতাই দিয়ে । আনহাতে স্থানীয় ৰাইজৰ অভিযোগ যে, এই দুৰ্নীতিগ্ৰস্ত ভিচিডিচিৰ সদস্যজনৰ বিৰুদ্ধে অতি সোনকালেই বিভাগীয় কৰ্তৃপক্ষক ব্যবস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
web
4872b9428c4d57c3e0c389b9d7076d2aaa6c7b73
ৰাজ্যৰ সাহিত্য-সংস্কৃতি জগতৰ আন এগৰাকী পুৰোধা ব্যক্তিৰ দেহাৱসান । সাহিত্যিক তথা গোৱালপৰীয়া লোক সংস্কৃতিৰ গৱেষক দ্বিজেন নাথ আৰু নাই । ৮১ বছৰ বয়সত বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীৰ বাঁশবাৰী উলুবাৰীপাৰা গাঁৱৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে তেওঁৰ। সাহিত্যিক গৰাকী কিছুদিনৰ পৰা বাৰ্ধক্যজনিত ৰোগত অসুস্থ হৈ আছিল । তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছত বহু গুণমুগ্ধই তেখেতৰ বাসভৱনত গৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । বঙাইগাঁও জিলা সাহিত্য সভা, বঙাইগাঁও জিলা ছাত্ৰ সন্থা, বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে বাসগৃহ চৌহদতে সাহিত্যিক গৰাকীৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পিছত তেখেতৰ নশ্বৰ দেহ পূৰ্বতে তেওঁ শিক্ষকতা কৰা নৰ্থ বইটামাৰী হাইস্কুললৈ নিয়ে । তাত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা ৰাইজে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । পিছত ডেকলিমাৰীত বইটামাৰী আঞ্চলিক যোগী সমিতি, বঙাইগাঁও জিলা নাথ-যোগী ছাত্ৰ সন্থা, ডেকলিমাৰী ৰূপজ্যোতি সংঘ আদিয়ে শেষ শ্ৰদ্ধা নিবেদন কৰে । স্থানীয় শ্মশানত বৰেণ্য সাহিত্যিক গৰাকীৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন হয় । সাহিত্যিক গৰাকীৰ মৃত্যুত জিলাখনত শোঁকৰ ছা পৰিছে। সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । নাথৰ মৃত্যুৰ লগে লগে সমাপ্তি ঘটিল এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ । ১৯৪০ চনৰ ৬ এপ্ৰিলত নৰ্থ বইটামাৰীৰ বাঁশবাৰী উলুবাৰীপাৰা গাঁৱত জন্মগ্ৰহণ কৰা নাথে আনুষ্ঠানিক শিক্ষাগ্ৰহণ সমাপ্ত কৰি নৰ্থ বইটামাৰী হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে । পিছত প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰি ১৯৯৯ চনৰ ২৮ ফেব্ৰুৱাৰীত বিদ্যালয়ৰ পৰা অৱসৰগ্ৰহন কৰে । শিক্ষকতা কৰাৰ সমান্তৰালকৈ তেওঁ সাহিত্য-সংস্কৃতি সাধনাত নিমগ্ন হয় । ১৯৭১ চনত 'গোৱালপাৰাৰ ডায়েৰী' নামেৰে অৱিভক্ত গোৱালপাৰা জিলাৰ সামাজিক-সাংস্কৃতিক ইতিহাস সম্বলিত তেওঁৰ ৰচিত এখন গ্ৰন্থ প্ৰকাশ হয় । গোৱালপৰীয়া ভাষা-সংস্কৃতিৰ ওপৰত তেওঁ ৰচিত আন মূল্যবান গ্ৰন্থসমূহ হ'ল- 'গোৱালপৰীয়া লোকগীত', 'গোৱালপৰীয়া লোক-সাহিত্যত দৃষ্টিপাত', 'গোৱালপৰীয়া লোক-সংস্কৃতি' , 'গোৱালপৰীয়া লোককথাৰ সুগন্ধি সৌৰভ', 'গোৱালপৰীয়া লোককথাৰ মৌকোঁহ' আৰু ' গোৱালপৰীয়া ভাৱাইয়া গীতত দৃষ্টিপাত' । গৱেষণাধৰ্মী প্ৰতিখন গ্ৰন্থই গোৱালপৰীয়া ভাষা-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰসাৰত অনবদ্য অৰিহনা যোগাইছে । ইয়াৰ উপৰি ' জীৱন বীণাৰ সুৰ' নামৰ গীতি-কবিতা পুথি ৰ লগতে 'তুমি আৰু মই ' আৰু ' দৃষ্টিৰ আঁৰে আঁৰে' দুখন উপন্যাসৰ স্ৰষ্টা দ্বিজেন নাথ । 'কাঁচি জোন' নামৰ গল্প সংকলন এখনো ৰচনা কৰিছিল সাহিত্যিক গৰাকীয়ে । গ্ৰন্থ সমূহৰ উপৰি আন বহু লিখনি বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে । তেওঁ এনেদৰে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়াই গ'ল অনবদ্য বৰঙণি। স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো ওতঃপ্ৰোত জড়িত আছিল নাথ । অসম সাহিত্য সভাৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত নাথে ১৯৮৩ চনত বঙাইগাঁৱত অনুষ্ঠিত সাহিত্য সভাৰ সোণালী জয়ন্তী অধিৱেশনৰ স্মৃতিগ্ৰন্থৰ মুখ্য সম্পাদকৰ দৰে দায়িত্বও পালন কৰিছিল । তেওঁৰ মৃত্যুৰ লগে লগে অভিভাৱকহীন হ'ল নৰ্থ বইটামাৰী অঞ্চল । অঞ্চলবাসীৰ এটাই আক্ষেপ- সাহিত্যিক গৰাকীক চৰকাৰে কেৱল সাহিত্যিক পেঞ্চন দিয়েই দায়িত্ব সামৰিলে । বহু ক্ষেত্ৰত উপেক্ষিত-অৱহেলিত হৈয়ো স্ব-গৰিমাৰে উজলি কীৰ্তিময় জীৱন পৰিক্ৰমা সামৰি তেওঁ গুচি গ'লগৈ অজান দেশলৈ । মৃত্যুৰ সময়ত তেওঁ পত্নী-পুত্ৰ-বোৱাৰী-নাতি-নাতিনী আদি আত্মীয়-স্বজনক এৰি থৈ যায় ।
web
43b9e265c0c94fb2ba937d35e3f6a172ceced9c8
গুৱাহাটী : অসম প্ৰকাশন পৰিষদ ৩৩সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ স্থগিত। ১৪ মার্চ পৰা ২৫মার্চলৈ চানমাৰি অসম অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত হোৱা কথা আছিল। তাৰ বাবে ইতিমধ্যে অসম অভিযান্ত্ৰিক খেল পথাৰত প্ৰস্তুতি প্ৰায় সম্পূৰ্ন হৈছিল। উল্লেখ যে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত উল্লেখ আছে "বিশ্বত সন্ত্ৰাস সৃষ্টি কৰা ক'ভিদ-১৯ ভাইৰাচৰ বাবে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু কল্যান মন্ত্ৰণালয়ে জাৰি কৰা সতৰ্কতামুলক ব্যৱস্থা তথা পৰামৰ্শ অনুসৰি অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা স্থগিত ৰখা হৈছে"। চৰকাৰে কৰণা ভাইৰাচৰ বীজানু যাতে বিয়পি পৰিব নোৱাৰে তাৰ বাবে গণসমাৱেশ সীমিত কৰা পৰামৰ্শ দিছে। কেন্দ্ৰীয় চৰকাৰৰ এই পৰামৰ্শ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থমেলাখন স্থগিত ৰখা সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰকাশ আছে। গুৰুত্বপূৰ্ণ কথা এই যে ইয়াৰ পূৰ্বতেও কা'ৰ বিৰোধি প্ৰতিবাদৰ বাবে স্থগিত ৰাখি লগা হৈছিল। এইবাৰ দ্বিতীয় বাৰৰ বাবে ৰখা হল স্থগিত।
web
8ace156d70283255890430361bd3dbc0430b2ca3
ডিজিটেল ডেস্কঃ 'মইতো ৰাজনীতি আৰু কামৰ কোনো হিচাপেই নকৰিলো। কেতিয়াও কোনো লক্ষ্য ঠিৰাং নকৰিলো। পথে যিফালে লৈ গ'ল সেইফালেই গৈ থাকিলো। মই কেৱল দেশৰ বাবে এক সৰ্বশ্ৰেষ্ঠ কাম কৰাৰ ওপৰতে বিশ্বাস কৰো। মোৰ মনত এনে কোনো ইচ্ছা নাই যে মই প্ৰধানমন্ত্ৰী হ'ম। নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আমি যোৱাবাৰৰ লোকসভা নিৰ্বাচনত যিমান আসন পাইছিলো, তেওঁৰ নেতৃত্বত এইবাৰ তাতকৈ বেছি আসন পাম। মোৰ কাৰণে ৰাজনীতি নহয়, দেশ হে সকলোতকৈ ওপৰত। মই সপোন নেদেখো। গতিকে মই প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ দৌৰত নাই। মই কেৱল ভাল আৰু উন্নয়নমূলক কাম কৰাতহে বেছি গুৰুত্ব দিওঁ। " বিজেপিৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ চৰ্চাক মাথো এক গুজৱ বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী নীতিন গাডকাৰীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত এনেদৰে কয়। নৰেন্দ্ৰ মোডীৰ পিছত আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে নীতিন গাডকাৰীক লৈ চলা এই আলোচনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো ইচ্ছা-আকাংক্ষা নাই। লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘইও তেওঁক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নকৰে বুলি নীতিন গাডকাৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
web
c41255b0a31ee76f6b5c6b57160eea07f095c5bc
ওদালগুৰিঃ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ শেহতীয়া কিছুমান সিদ্ধান্তত বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি ওদালগুৰি জিলাৰ লালপুলতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে। এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা কৰি শুনানিৰ জাননী প্ৰেৰণ কৰি সংখ্যালঘু ৰাইজক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগ উত্থাপন কৰে জিলা এবিএমছুৰ সভাপতি জিয়াৰুল হকে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ শেহতীয়া এক নিৰ্দেশনা যোগে পুনৰাই কোনো শুনানিৰ প্ৰয়োজন নাই বুলি কোৱাৰ লগতে ১৫ দিন আগত শুনানিৰ জাননী প্ৰেৰণ কৰাৰ স্পষ্ট নিৰ্দেশনা SOPত থকা স্বত্ত্বেও মাত্ৰ এদিন সময় দি ৫০০ কিলোমিটাৰ দূৰৈত শুনানিৰ জাননী প্ৰেৰণ কৰাত ৰাইজ সমস্যাত পৰে। এক হুলস্থূলীয়া পৰিস্থিতিত যোৱা ৪ আগষ্টত কামৰূপ জিলাৰ সোণতুলীৰ পৰা যোৰহাটলৈ শুনানিত অংশগ্ৰহণ কৰিব লগা এটি বাছ গুৱাহাটী খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ তিনিজন লোক নিহত হোৱাৰ উপৰি বহুকেইজন গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। এই দুৰ্ঘটনাৰ পিছতে বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠি সংখ্যালঘু জনসাধাৰণক শুনানিৰ নামত নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ কৰে। আৰু এনে ষড়যন্ত্ৰ অতি শীঘ্ৰেই বন্ধ কৰাৰ দাবীত ওদালগুৰি জিলা এবিএমছুৰ প্ৰায় শতাধিক কৰ্মীয়ে পুৱা ১১ বজাত লালপুলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজমজিয়াত টায়াৰ জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে প্ৰতীক হাজেলাৰ মইমতালি বন্ধ কৰক, এন আৰ চিৰ নামত ভেঁকোভাওনা নচলিব, অসম চৰকাৰ মুৰ্দাবাদ, এন আৰচি বিৰোধী চক্ৰ হুঁচিয়াৰ আদি বিভিন্ন শ্ল'গানেৰে লালপুলৰ আকাশ বতাহ উত্তাল কৰি তোলে। এন আৰ চিৰ বিৰোধী চক্ৰক সন্তুষ্ট কৰা তেনে ষড়যন্ত্ৰ শীঘ্ৰেই বন্ধ কৰিবলৈ প্ৰতীক হাজেলাক সকিয়নী প্ৰদান কৰে। অন্যথা সংগঠনটোৱে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে। আনহাতে উক্ত শুনানিত অংশগ্ৰহণ কৰিবলৈ যোৱা পথত দুৰ্ঘটনাত পতিত হৈ নিহত পৰিয়ালক ১০ লাখ আৰু আহত পৰিয়ালক ৫ লাখকৈ টকা দিবলৈ অসম চৰকাৰক দাবী জনায়।
web
003a98c6d823fc15b3fe31280290c2a7cdc97e10
বিশ্বজুৰি এতিয়া কোৰোণা ভাইৰাছৰ সন্ত্ৰাস। কোৰোণাক প্ৰতিৰোধ কৰিবলৈ ভাৰতত তিনি মে' লৈকে বৃদ্ধি কৰা হৈছে ল'ক ডাউন। ল'ক ডাউনৰ মাজতে ১৯৮৩ চনৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱে সলনি কৰিলে নিজৰ ৰূপ। মহান ক্ৰিকেটাৰজনে চুলি খুড়োৱাৰ লগতে ফ্ৰেন্স কাট দাড়িৰে নিজৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। কপিল দেৱৰ নতুন ৰূপ এতিয়া পছন্দ কৰিছে অনুৰাগীসকলে। ইতিমধ্যে ল'ক ডাউনত চেলুন, পাৰ্লাৰ বন্ধ হৈ থকাৰ বাবে বিৰাট কোহলী, শচীন টেণ্ডুলকাৰ, সুৰেশ ৰাইনাসহ বহু ক্ৰিকেটাৰে ঘৰতে চুলি কটা ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম। - First Published :
web
d4bd9a4a86ec886c2260c39f81beb35d7bd15f29
ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন বিশ্বজুৰি যিদৰে সমালোচনাৰ সন্মুখীন হৈছে ঠিক তেনেদৰে নিজৰ দেশতো সমালোচনাৰ পৰা মুক্ত হ'ব পৰা নাই। আপাতদৃষ্টিত ৰাছিয়াৰ সেনাই ইউক্ৰেইনক মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে বশ কৰিব পাৰে। কিন্তু ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ সেনাই নতশিৰ হৈ আত্মসমৰ্পণ নকৰালৈকে যুদ্ধ অব্যাহত থাকিব বুলি কৰা ঘোষণাই যুদ্ধ খন যে কিছু দীঘলীয়া হ'ব তাৰেই ইংগিত বহন কৰিছে। ইউক্ৰেইন আক্ৰমণ কৰি পুটিনে ৰাছিয়াৰ সাধাৰণ জনতাৰ পৰা বাঃ বাঃ পাব লাগিছিল যদিও পৰিস্থিতি বিপৰীতমুখী হোৱাহে পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে ৰাছিয়াৰ গৰিষ্ঠসংখ্যক সাধাৰণ জনতাই ইউক্ৰেইন আক্ৰমণক সহজভাবে গ্ৰহণ কৰিব পৰা নাই। ৰাছিয়াৰ এনে আক্ৰমণে সেয়ে পুটিনৰ শাসনক গুৰুতৰভাৱে অস্থিৰ কৰি তুলিব পাৰে বুলি বহুতে আশংকা প্ৰকাশ কৰিছে। কোভিডৰ মহা সংহাৰে বিশ্বৰ বহু উন্নত তথা উন্নয়নশীল দেশৰ লগতে ৰাছিয়াকো অতি বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। কোভিডত আক্ৰান্ত হৈ ৰাছিয়াত লাখ লাখ লোকৰ মৃত্যু ঘটিছে, ভাঙি পৰিছে দেশ খনৰ অৰ্থনীতি। শিক্ষা, যাতায়াত,বাণিজ্য আদি সকলো ক্ষেত্ৰতে কেৱল কোভিডৰ বাবেই দেশ খনে মুখামুখী হ'বলগীয়া হৈছে স্থৱিৰতাৰ। এনে পৰিস্থিতিত দেশৰ স্থৱিৰ হৈ পৰা খণ্ডসমূহক পুনৰুজ্জীৱিত কৰাৰ সলনি যুদ্ধৰ দৰে এক ব্যয়বহুল তথা ধ্বংসাত্মক কাৰ্যত মনোনিৱেশ কৰাৰ ফলত ৰাষ্ট্ৰপতি পুটিন সমালোচনাৰ পাত্ৰ হৈ পৰিছে। লক্ষ্যণীয় কথাটো হ'ল পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ আঁৰত থকা ৰাজনৈতিক পৰিকল্পনা এতিয়াও অস্পষ্ট হৈয়েই আছে । এয়া আক্ৰোশ, জিঘাংসা নে আগ্ৰাসনবাদী মনোভাৱৰ বহিঃপ্ৰকাশ সেয়াও বহুতৰে বাবে অনুমেয় হৈ উঠা নাই। এনে পৰিস্থিতিত ইউক্ৰেইন আক্ৰমণকলৈ ৰাছিয়াৰ বিৰোধী নেতাসকলে পুটিনক কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে। পুটিনৰ চিৰবৈৰী বিৰোধী দলৰ নেতা আলেক্সি নাভালনিক ২০২১ চনৰ জানুৱাৰী মাহৰ পৰাই কাৰাৰুদ্ধ কৰি ৰখা পিছত পুটিনে ভাবিছিল যে দেশ খনত তেওঁৰ বিৰোধিতা কৰা লোক হয়তো নাইকিয়া হৈ পৰিছে। তাৎপৰ্যপূণ কথাটো এয়াই যে পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা জাৰি কৰাৰ বহুদিন আগৰে পৰাই ৰাছিয়াৰ ষ্টক এক্সচেঞ্জবোৰ বিধ্বস্ত হৈ পৰিছিল । কোভিডে পেলোৱা বিৰূপ প্ৰভাৱকে ধৰি বিভিন্ন কাৰকৰ বাবে ৰুবুলৰ পতনে সৰ্বকালৰ অভিলেখ ভংগ কৰিছিল। আমেৰিকাকে ধৰি বিভিন্ন দেশে আৰোপ কৰা প্ৰতিবন্ধকতাৰ বাবে ৰাছিয়াৰ ষ্টক এক্সচেঞ্জে প্ৰায় ২০০ বিলিয়ন মাৰ্কিন ডলাৰৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে। ২০২১ চনৰ জানুৱাৰীত আলেক্সি নাভালনি গ্ৰেপ্তাৰ হোৱাৰ পিছত আৰক্ষীয়ে ৰাছিয়াৰ সংগঠিত বিৰোধীক চূৰ্ণ-বিচূৰ্ণ কৰি পেলাইছে। নাভালনিৰ সংগঠনটোক "উগ্ৰপন্থী সংগঠন" বুলি অভিহিত কৰা হৈছে। । আলেক্সি নাভালনিৰ প্ৰায় ১৫,০০০ সমৰ্থকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। পুটিনৰ বিৰোধিতা কৰা বহু স্বতন্ত্ৰ সংবাদমাধ্যমক হয় বন্ধ কৰি দিয়া হৈছে বা "বিদেশী এজেণ্ট" বুলি চিহ্নিত কৰি তেওঁলোকৰ মুখ বন্ধ কৰাৰ চেষ্টা চলোৱা হৈছে। ফলত বহু সময়ত পুটিনৰ বিৰুদ্ধে প্ৰতিৰোধ স্তিমিত হৈ পৰিছিল যদিও এতিয়া পুনৰ ইউক্ৰেইনৰ যুদ্ধকলৈ বিৰোধী শক্তিয়ে চল চাই কঠীয়া পৰাৰ বাবে উদ্যত হৈছে। ৰাছিয়াৰ মানৱাধিকাৰ কৰ্মী আৰু বৌদ্ধিক মহল শেহতীয়া ঘটনাৱলীকলৈ হতবাক আৰু নিৰুৎসাহিত হৈছে। কিন্তু পুটিনৰ আগ্ৰাসী নীতিৰ বাবেই বিৰোধীয়ে যুদ্ধৰ বিৰুদ্ধে গণ প্ৰতিৰোধ এতিয়াও গঢ়ি তুলিব পৰা নাই। ৰাছিয়াৰ এটা স্বতন্ত্ৰ সংস্থা লেভাদা চেণ্টাৰৰ মতে ৰাছিয়াৰ ৪০ শতাংশ সাধাৰণ জনতাই ইউক্ৰেইনৰ ডনেটস্ক আৰু লুহানস্ক অঞ্চলক পুটিন প্ৰশাসনে শক্তি প্ৰয়োগেৰে "গণ প্ৰজাতন্ত্ৰ"ৰ আনুষ্ঠানিক স্বীকৃতি দিব বিচৰা কাৰ্যক সমৰ্থন জনোৱা নাই। ডনেটস্ক আৰু লুহানস্ক অঞ্চল ইউক্ৰেইনৰ অধীনস্থ অঞ্চল হিচাবে বিশ্বই বহু বছৰ আগতেই স্বীকৃতি দিয়াৰ পিছতো ৰাছিয়াই সেই অঞ্চলসমূহ দখল কৰিবলৈ যুদ্ধৰ দৰে ভয়ংকৰ পন্থা গ্ৰহণ কৰাত স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছে দেশ খনৰ গৰিষ্ঠসংখ্যক সাধাৰণ জনতা। এই যুদ্ধই ৰাছিয়াত অস্থিৰতা বৃদ্ধি কৰাৰ লগতে যন্ত্ৰণা তথা মৃত্যুক আহ্বান জনাব বুলি ৰাছিয়াৰ সচেতন জনতাই এতিয়া অনুভৱ কৰিছে।
web
df92c44bf9cf93cfdcbf2bee0b0cdd0250cc9cb4a3b4c7a03517ba497db0b185
দ্বাবিংশতি অধ্যায়। আৰম্ভণীৰেপৰ। মন্ত্রীসভাৰ কাৰ্য-কলাপত তেওঁ খুত উলিফ'বলৈ ধৰিলে। জিন্নাক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁৰ উদ্বিগ্নত। আৰু কোনো প্ৰকাৰে মুছলীম লীগৰ প্রতিনিধি মন্ত্রীসভাত সুমুৱাব খোলাৰ ইচ্ছা, সম্পূৰ্ণ স্পষ্ট হৈ পৰিছিল। লাগে প্রত্যক্ষ সংগ্রাম চলাবৰ কাৰণেহে মন্ত্রীসভাত সোমাৰ বুলি জানিও ৱাভেলে এনে মনোভাৱ দেখুৱাইছিল। সোঁত কেনি বৈছে সেইটো বুঙিব পাৰি । মুছলীম লীগে তেওঁলোকৰ প্রত্যক্ষ সংগ্ৰামৰ নিকৃষ্ট ধৰণৰ আঁচনিলৈ আগৰাতি গ'ল। ১০ অক্টোবৰত পূর্ববঙ্গৰ নোৱাখালী জিলাৰ গাঁওবিলাকও ব্যাপকভাৱে হিন্দুসকলক হত্যা কৰি কলিকতাৰ প্ৰতিশোধ লবলৈ আৰম্ভ কৰিলে। তাৰ পাঁচ দিনৰ পিচত মুছলীম লাগে বৰলাটৰ আনম্বণক্রমে অন্তবর্তী চৰকাৰত যোগ দিবলৈ সন্মতি জনালে । কংগ্ৰেছে উদ্বিগ্ন হৈ সুধিলে, "কোন চৰ্তত" ? বৰলাটে আশ্বাস দি ক'লে যে মুছলাম লাগে নির্ধাবিত নীতি মানিয়েই চলিব কিন্তু জিন্নাৰপৰা সম্মতিসূচক লিখিত কোনো জবাব অহা নাছিল। ৰাপ বিশেষভাৱে সন্দিহান হৈ পৰিছিল, কিন্তু কংগ্ৰেছে তেতিয়া ক্ৰমে বেছিকৈ নিজৰ মতে চলিবলৈ লৈছিল। তেওঁলোকে বৰলাটে দিয়া সাশ্বাসবাণাকে গ্রহণ কৰিবলৈ সিদ্ধান্ত কৰিলে । এমাহমান একে কেদিননান বেছি হৈলে, এনেতে জিন্নাই নিৰ্দেশ জাৰি কৰিলে যে, মুছলীম লাগৰ কোনো প্রতিনিধিয়ে এলষ্টিত ঘন্ট এছেম্বলীত যোগ দিব নোৱাৰে। মুছলাল লাগে ২৯ জুমার তাৰিখে কেবিনেট মিানৰ প্লেন গ্ৰহণ নকৰিৰলৈ যি প্ৰস্তার লৈছিল ।সয়ে বলতে থাকিব। বাপুৰ ছাৱন। এতিয়া সত্যত পৰিণত হ'ল । তাৰ বহুত সাগতে জুন মাহৰ ১৩ তাৰিখে তেওঁ লৰ্ড রাভেললৈ লিখিছিল : আপুনি এজন মহান সৈনিক - এজন বীৰ গৈনিক। হায় প্রতিষ্ঠা কৰাত নিৰ্ভীকতা দেখুৱাওক। দুটা ঘোঁৰাৰ এটাক আপুনি নিশ্চয় ছাগিব । ছি, জংগিব। মত বিষানপুৰ দেখিছো, একে সময়তে দুটা ধোঁৰাত উঠাত আপুনি সফল হ'ব নোৱাৰে। কাছে আৰু লীগে দিয়া স্থখন পিষ্টৰ ভিতৰত এখনৰ নাম আপুনি বাছি লওক। চান্থৰ দোতাই, টাপলি মাৰিবলৈ নেচাৰ আৰু তাকে কবিংশ চই' কবি ভয়ানক বিশ্বে'ৰপৰ হ? নকৰিব। বাপুৰ উপদেশলৈ প্ৰক্ষেপ নকৰি লাভেলে অৱশেষত সেই অসঙ্গ নিশ্ৰণৰ দ্বাৰা জোৰ।-টাপলি মাৰিছিল। কান্ত এটা নহয়, ভুটা নয়, এলানি অ ধাত্রী-৪৩ অসীমৰ ধাত্রী দীঘলীয়া বিস্ফোৰণৰ সৃষ্টি হ'ল। কংগ্ৰেছ নেতাসকলক উপদেশ দি, সাৱধান কৰি ৰাপুৱে যিমানদূৰ সম্ভৱ সহায় কৰিছিল। কিন্তু কংগ্ৰেছৰ নেতাসকলেহে বাপুৰ দৃষ্টিভঙ্গী আৰু প্ৰণালী গ্ৰহণ কৰিবলৈ টান পাইছিল। সেই কথা বাপুৱে স্পষ্টভাৱে বুজিছিল। ৰাজনৈতিকভাৱে সমস্ত দৃশ্যপট বাপুৰ দৃষ্টিভঙ্গী বা কাম কৰা প্ৰণালীৰপৰা আঁতৰ হৈ গৈছিল । কিন্তু তথাপিও এনে এটা ক্ষেত্র তেতিয়াও আছিল, য'ত বাপুৱে নিজস্ব প্ৰণালীৰে ইচ্ছামতে কাম কৰিব পাৰে। সেই ক্ষেত্ৰ হৈছে সংঘর্ষ বিধ্বস্ত অঞ্চল। তাত বাপুৱে তেওঁৰ অহিংস। আৰু ভযশূন্যতাৰ নীতি প্ৰয়োগ কৰিব পাৰে। সেই কাৰণে অক্টোবৰ মাহৰ শেষত তেওঁ কলিকতা হৈ নোৱাখালীলৈ যাত্রা কৰিলে। বাৰে বাৰে হোৱা আক্ৰমণত জুৰুলা হোৱা সেই নগৰত চেপা দি ৰখা ক্রোধ তেতিয়াও মানুহৰ মনত উমি উমি জ্বলি আছিল; মুছলীম লীগৰ মুখ্যমন্ত্ৰী চুৰাৱদীৰ অন্তৰ জয় কৰিবৰ কাৰণে ৰাপু কামত প্রবৃত্ত হ'ল। অবিলম্বে বন্ধুভাবাপন্ন, অকপট আৰু মুখামুখি আলোচনাৰ ফল ফলিল। কেদিনমানৰ ভিতৰতে কলিকতাত সাম্প্রদায়িক মিলনৰ এক চুক্তি কৰা হ'ল। তেতিয়া বাপু সেই বিধ্বস্ত নোৱাখালীৰ গাঁওবিলাক ভ্ৰমণ কৰিবৰ বাবে যাত্রা কৰিবলৈ সন্মত হৈছিল। কিন্তু নোৱাখালীলৈ যাত্ৰা কৰাৰ আগ মুহূৰ্তত বাপুলৈ ওচৰৰে বিহাৰ প্ৰদেশত সংঘৰ্ষ হোৱাৰ খবৰ আহিল। নোৱাখালীত ঘট। বিকট কাণ্ড-কাৰখান।বিলাকৰ কথা তাত প্ৰচাৰ হ'লত, "প্ৰতিশোধ" লোৱাৰ অমঙ্গলীয়া ধ্বনি তাত শুনা গৈছিল আৰু হিন্দুবিলাকে মুছলমানক হত্যা কৰিবলৈ আৰম্ভ কৰিছিল। এই কথাই বাপুৰ অন্তৰ ক্ষত-বিক্ষত কৰে। কাৰণ, বিহাৰীসকলক তেওঁ অতি দয়ালু আৰু নিষ্ঠাবান লোক বুলি ভাবিছিল। নবেম্বৰৰ ৩ তাৰিখে প্ৰাৰ্থনা সভাত ৰক্তৃতা দি তেখেতে কৈছিল : মই যে কিমান দুখ পাইছে। তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। সলনি তেজ লাগে, এই কথা বৰ্ধৰজনোচিত। নোৱাখালীৰ ঘটনাৰ কাৰণে তুমি বিহাৰত তাৰ প্ৰতিশোধ লব নোৱাৰা । কেবিনেটৰ অহান্য মন্ত্ৰাসকলেৰে সৈতে জৱাহৰলাল বেগেৰে সংঘৰ্ষ হোৱা ঠাইত উপস্থিত হ'লগৈ। কিন্তু ততালিকে সেই ধুমুহা শাক্ত কৰাটো উজু
pdf
834af5a003f0b40e27b78e8f01844a86fc99fe21
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত জ' বিডেনৰ হাতত বৃহৎ পৰিমাণৰ ভোটৰ ব্যৱধানত পৰাস্ত হোৱা আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প কাৰাৰুদ্ধ হ'ব পাৰে! ইতিমধ্যে এই দাবী কৰিছে ব্ৰিটিছ টেবলয়েড-এ। আনকি ব্ৰিটিছ টেবলয়েড-এ দাবী কৰিছে যে কাৰাৰুদ্ধ হোৱাৰ ভয়তে হোৱাইট হাউছ পুনৰ দখল কৰিবলৈ জীৱন-মৰণৰ একাকাৰ কৰি চেষ্টা কৰিছিল ট্ৰাম্পে। ব্ৰিটিছ টেবলয়েডৰ মতে ট্ৰাম্পৰ বিৰুদ্ধে একাধিক অভিযোগ আছে। তাৰ ভিতৰত কিছুমান গুৰুতৰ অভিযোগে আছে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিৰুদ্ধে। আইনী প্ৰক্ৰিয়াক বাধা প্ৰদান কৰা, দেশৰ সংবিধানৰ ধাৰা লংঘন তথা অৱমাননা কৰা, কৰ ফাঁকি দিয়া আদিৰ লগতে ধৰ্ষণৰ দৰে অতি গুৰুতৰ অভিযোগ ট্ৰাম্পৰ বিৰুদ্ধে আছে বুলি দাবী কৰা হৈছে। হোৱাইট হাউছ এৰাৰ পিছত ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এই অভিযোগৰ বিচাৰ কৰিব পৰা যাব বুলি দাবী কৰা হৈছে। আমেৰিকাৰ প্ৰাক্তন ফেডাৰেল প্ৰচিকিউটৰ হেৰী চান্দিকৰ উদ্ধৃতিৰে কোৱা হৈছে যে ট্ৰাম্প ৰাষ্ট্ৰপতি পদৰ এৰাৰ পিছত তেওঁৰ বিৰুদ্ধে আৰু সাক্ষীবাদীৰ সপক্ষে বিচাৰ চলোৱা সহজ হ'ব। ইফালে ক্ষমতাত থকাৰ সময়ত লাভ কৰা এটৰ্নী জেনেৰেল উইলিয়াম বাৰৰ দৰে প্ৰসিদ্ধ আইনজীৱীৰ সাহায্য লাভ কৰি আহিছিল যদিও ৰাষ্ট্ৰপতিৰ পদ এৰাৰ পিছৰ পৰা ট্ৰাম্পে এই সাহায্যৰ পৰাও বঞ্চিত হ'ব। এইবোৰ কাৰণতে ট্ৰাম্পে হোৱাইট হাউছ এৰিবলৈ নাৰাজ আছিল বুলি প্ৰকাশ পাইছে। আনহাতে ৰাষ্ট্ৰপতি পদ তথা হোৱাইট হাউছ এৰাৰ লগে লগে ড'নাল্ড ট্ৰাম্পৰ পত্নী মেলানিয়া ট্ৰাম্পে বিবাহ বিচ্ছেদ দিব বুলিও চৰ্চা চলিছে।
web
cc28ec35f9e88e2cb86a758da9846bfc13916fcc
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নতুনকৈ দায়িত্ব লাভ কৰিয়েই বিভাগটোলৈ পৰিবৰ্তন অনাৰ চেষ্টা অব্যাহত ৰাখিছে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । বিভাগটোৰ একাংশ ঘোচখোৰ বিষয়া কৰ্মচাৰীক ঘোচ খোৱাৰ বিৰুদ্ধে সকিয়নী প্ৰদান কৰিছে মন্ত্ৰী দাসে । কিন্তু কিদৰে পৰিচালিত হয় পঞ্চায়তৰ কাৰ্যালয়সমূহ ? ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত দাতিৰবড়ীত আজিও এটি স্থায়ী কাৰ্যালয় নোহোৱাকৈ চলি আহিছে দাতিৰবড়ী গাওঁ পঞ্চায়ত । যাৰ বাবে ভিন্ন সমস্যাৰ সম্মুখীন হৈ আহিছে পঞ্চায়তখনৰ বিষয়া তথা জনপ্ৰতিনিধি সকল । ২০০৬ চনতে কাটলা গাঁৱত দহ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল দাতিৰবড়ী গাওঁ পঞ্চায়তৰ এটি কাৰ্যালয়গৃহ । সেই অনুযায়ী প্ৰায় ৮০ শতাংশ নিৰ্মাণ কাৰ্য সমাপন হৈছিল কাৰ্যালয়টোৰ । তাৰ পাছৰ সময়চোৱাত এই অসম্পূৰ্ণ কাৰ্যলয়টোত কিছুদিনৰ বাবে পঞ্চায়তৰ বিভাগীয় কাম কাজ পৰিচালিত হৈছিল যদিও কাৰ্যালয়টোৰ উপযুক্ত সুবিধা সমূহ নোহোৱাৰ বাবে পুনৰ ধুমাৰকুৰ বজাৰলৈ স্থানান্তৰ কৰি ভাড়াঘৰ এটি লৈ সেই কাৰ্যালয়তেই চলাই আছে পঞ্চায়তৰ বিভাগীয় কাম কাজ । বিগত প্ৰায় ১৫ বছৰ ধৰি এনেদৰে বিভিন্ন স্থানত ভাড়ালৈ লৈ বিভাগীয় কাম কাজ চলাব লগীয়া হৈছে দাতিৰবড়ী গাওঁ পঞ্চায়তৰ । নিৰ্মীয়মান কাৰ্যলয়টো এতিয়া ৰূপান্তৰিত হৈছে গোহালি লৈ । ব্যবহৃত নোহোৱাৰ বাবে কাৰ্যলটোত স্থানীয় ৰাইজে গৰু ছাগলী ৰখাৰ লগতে সাজিছে খেৰৰ পুজি । বিগত ১৫ বছৰে এদিনো কাৰ্যালয়ত কোনো বিভাগীয়ভাবে চোৱা-চিতা নকৰাৰ ফলত জহি খহি গৈছিল কাৰ্যালয়টোৰ দৰ্জা খিৰিকীকে আদি কৰি বিভিন্ন আচবাবসমূহ । চৰকাৰী ধনৰ এনেদৰে লাখ লাখ টকা অপচয় কৰা কাৰ্যই চকু কপালত তুলিছে সচেতন ৰাইজৰ । সেয়ে এতিয়া স্থানীয় ৰাইজ তথা পঞ্চায়তখনৰ জনপ্ৰতিনিধি সকলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক এই সম্পৰ্কত এক তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কাৰ্যলয়টো পুনৰ নিৰ্মাণ কৰি বিভাগীয় কাম কাজ কৰিবলৈ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ।
web
6e10d29982dfaddee9fe255f652081d0
মানুহৰ লগত কথা পাতোতে মই বন্ধুৰ এই উপদেশখিনি সদায় মনত ৰাখো আৰু সেইমতে কথা পাতিবলৈ চেষ্টা কৰো। মানুহৰ লগত কথা পতাৰ (art of talking) বা মানুহৰ কথা শুনাৰ (art of listening) যিটো কলা, সেই কলাটো আয়ত্ব কৰিবলৈ চেষ্টা কৰিছো। আগতে অনুভৱ নহৈছিল, কিন্তু এতিয়া অনুভৱ কৰো যে প্ৰায় প্ৰতিজন মানুহৰ ওচৰতেই আনক ক'বলগীয়া বহু কথা জমা হৈ থাকে। প্ৰায় প্ৰতিজন মানুহেই নিজৰ কথাবোৰ কাৰোবাক ক'ব খোজে। উপযুক্ত শ্ৰোতাৰ সন্মুখত মানুহে নিজকে খুলি দিব বিচাৰে। সমাজৰ একেবাৰে উচ্চস্থানত থকাজনৰ পৰা আৰম্ভ কৰি নিশা ৰাস্তাৰ কাষৰ ফুটপাথত শোৱা গৃহহীনজনলৈকে, মন্দিৰৰ পূজাৰীজনৰ পৰা আৰম্ভ কৰি মানুহ হত্যাকাৰী অপৰাধীজনলৈকে বহুজনৰ লগত কথা পতাৰ আৰু তেওঁলোকৰ কথাবোৰ মনোযোগেৰে শুনাৰ অভিজ্ঞতা হৈছে মোৰ। সেই অভিজ্ঞতাই মোক সমৃদ্ধ কৰিছে আৰু একেসময়তে মোক শিকাইছে যে কিছুমান কথা/কাম ভাল বা বেয়া, শুদ্ধ বা অশুদ্ধ আদি বুলি একেবাৰতে সিদ্ধান্ত দি দিয়াটো উচিত নহয়। ভাল-বেয়া, শুদ্ধ-অশুদ্ধৰ সংজ্ঞা সকলো সময়তে ইমান সহজ নহয়। কি বিচিত্ৰ মানুহৰ এই জীৱন! পৰিস্থিতিয়ে, সমাজৰ কিছুমান অদ্ভূৎ নিয়মে, কিছুমান বাধ্যবাধকতাই মানুহৰ জীৱন কেনেকৈ সলনি কৰি দিয়ে, কেনেকৈ মানুহে বাধ্যত পৰি অনিচ্ছাসত্বেও কিছুমান দুখজনক সিদ্ধান্ত ল'বলগীয়া হয় সেয়া বুজি উঠিছো মানুহৰ লগত কথা পাতি। - খুব ভাল কথা। জানি খুব ভাল পালো। এয়াহে পৰিশ্ৰমৰ ফল। নিজৰ ঘৰত থকাৰ সুখ বেলেগ। নহয় জানো? বাৰু, তুমি বিহাৰৰ নহয় জানো? - হয় চাৰ। বিহাৰৰ সমষ্টিপুৰৰ। দিল্লীত প্ৰায় ২৫ বছৰমান হ'ল। ইয়াৰ আগতে মই দিল্লীৰ কেইবাখনো কাপোৰৰ দোকানত কাম কৰিছো। - খুব ভাল কথা। সিহঁতক খুব ভালকৈ পঢ়ুৱাবা। তাৰ কাৰণে তুমি যিমান বেছি প্ৰয়োজন হয় সিমান বেছিকৈ কাম কৰা, লাগিলে তোমাৰ পত্নীকো এই কামবোৰ শিকাই লোৱা। কিন্তু সিহঁতক তুমি পঢ়োৱাবাই। সিহঁত তোমাতকৈ ডাঙৰ মানুহ হ'ব লাগিব। - নাজানো চাৰ! কেনেকৈ কি কৰিব পাৰো চাওঁ। নোৱাৰিম চাগে। ছোৱালীজনী ১৬ বছৰীয়া হ'লহি। আৰু দুবছৰমান পিছত তাইক বিয়া দিব লাগিব। মই তেতিয়াহে গম পালো দৰ্জীজনৰ প্ৰথম সন্তানটি ছোৱালী। ইয়াৰ আগলৈকে "মেৰে দ'ন' বচ্ছে" বুলি কওঁতে মই সন্তানদুটি লৰা নে ছোৱালী ধৰিব পৰা নাছিলো। - আৰে! আপুনি নাজানে নেকি? আমাৰ তাত ছোৱালীবোৰক ১৮-১৯ বছৰ বয়সত বিয়া দিব লাগে। তাতকৈ দেৰী হ'লে ভাল ল'ৰা পোৱা নাযায়। আপুনিতো জানেই আমাৰ ছোৱালীৰ বিয়াত যৌতুক দিবলগীয়া হয়। মোৰ ছোৱালীজনীক বিহাৰৰ আমাৰ গাঁৱলৈ নি তাৰে লৰাৰ লগত বিয়া দিম। দিল্লীৰ লৰাৰ একো বিশ্বাস নাই। কিন্তু যৌতুকত কমেও ১ লাখ টকা নগদ ধন দিব লাগিব। তাৰোপৰি সোণৰ অলংকাৰ, টিভি, কুলাৰ, আলমাৰী, চোফা, বাচন-বৰ্তন, কাপোৰ-কানি আদি দিব লাগিব। লগতে খোৱা-বোৱা আছেই। কমেও ৫ লাখ টকা লাগি যাব। ক'ৰপৰা পাম? মোৰ কামটো আপুনি দেখিছেই। গতিকে হাইস্কুলৰ পিছত তাইক আৰু নপঢ়োৱাও। - মই নাজানো। কিন্তু আমাৰ সমাজত এয়াই নিয়ম। মই এতিয়া দুই-আঢ়ৈ বছৰৰ ভিতৰতে ৫ লাখ টকা গোটাবই লাগিব। নহ'লে ছোৱালীজনীক বিয়া দিব নোৱাৰিম। মই ক'লো - "আৰে! সেইটো আকৌ কেনেকুৱা কথা? তুমি কাম কৰিছা, কামৰ বিনিময়ত তোমাৰ প্ৰাপ্যখিনি তুমি ল'বই লাগিব। আমাৰ বন্ধুত্ব নিজৰ ঠাইত আৰু তোমাৰ কাম নিজৰ ঠাইত।" এইবুলি মই তেওঁলৈ পঞ্চাছটকীয়া এখন আগবঢ়াই দিলো। তেওঁ ১০ টকা ৰাখি বাকীখিনি মোক ঘূৰাই দিলে - "আপ্নে মোঝে দোষ্ট ব'লা চাৰ।" মই ক'লো - "হা। তুম মেৰে দোষ্ট হ'। হ' কি নেহী? হা? কিন্তু ছোৱালীজনীক পাৰিলে পঢ়ুৱাবা। চেষ্টা কৰিবাচোন, পাৰিবা। আৰু তাইৰ বিয়ালৈ মোক মাতিবা। মাতিবা নে নামাতা?" মানুহে মানুহৰ বাবে, সমাজৰ বাবে কৰিবলগীয়া বহুত কাম বাকী আছে। মানুহৰ লগত কথা পাতিলে বহুত কথা গম পোৱা যায়।
web
98cf81fc24cc4389854bb13fdbf8de0f0b779d54
দ্বিতীয়খন IPL মেচত জয়লাভ ৰাজস্থান ৰয়েলছৰ। দিল্লী কেপিটেলছক ৫৭ ৰানত পৰাস্ত কৰে ঘৰুৱা দল ৰাজস্থান ৰয়েলছে। ৰাজস্থান ৰয়েলছৰ ১৯৯ ৰানৰ প্ৰত্যুত্তৰত ১৪২ ৰানহে কৰে দিল্লী কেপিটেলছে।
web
a41918462b441a615ec033aefab2c54c72f42b3b
যোৱা ২৪ ঘন্টাত ভাৰতবৰ্ষত কৰ'নাত আক্ৰান্ত লোকৰ সংখ্যা ১২,৬৮৯ গৰাকী । আনহাতে, ১৩,৩২০ গৰাকী লোকে কৰ'নাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে । খবৰ অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত কৰ'নাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৭ গৰাকী । উল্লেখ যোগ্য যে, বৰ্তমানলৈকে দেশত সৰ্বমুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা হ'লগৈ ১,০৬,৮৯,৫২৭ জন আৰু বৰ্তমান এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১,৭৬,৪৯৮ জন লোক । ভাৰতবৰ্ষত কৰ'নাত আক্ৰান্ত হৈ বৰ্তমানলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ১,৫৩,৭২৪ জন ।
web
b2a466331c7526267b62dc3709a7aa4f742d3cfd
গুৱাহাটীঃ অসম প্রদেশ কংগ্রেছ সমিতিয়ে ঘোষণা কৰা কার্যসূচী অনুসৰি চূড়ান্ত ৰাষ্ট্রীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱা বৈধ ভাৰতীয় নাগৰিকৰ কাষত থিয় দিয়া তথা শংকা মুক্ত কৰাৰ উদ্দেশ্যেৰে প্ৰদেশ কংগ্ৰেছৰ এটা উচ্চ পৰ্যায়ৰ দলে প্ৰথম পৰ্যায়ৰ যাত্রা শুকুৰবাৰে পুৱা ৯ বজাত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কার্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা তিনিচুকীয়া, ধলা আৰু জাগুনলৈ আৰম্ভ কৰে। এই যাত্রাৰ শুভাৰম্ভ কৰে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে। ইয়াত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। ৰকিবুল হুছেইনে সংবাদ মাধ্যমত জানিবলৈ দিয়া অনুসৰি উজনি-নামনি অসমৰ পাছত ২৩ ছেপ্টেম্বৰৰপৰা দলটোৱে বৰাক উপত্যকা ভ্ৰমণ কৰিব। ইয়াত এপিচিচিৰ সভাপতি ৰিপুণ বৰা প্ৰমুখ্যে বিষয়-ববীয়া, কংগ্ৰেছৰ সাংসদ, বিধায়ক তথা নেতাসকলে অংশগ্ৰহণ কৰিব।
web
839c153cbedd9e6c5eceb285e9440cf1d255eed7
নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলয় নাগালেণ্ড কেবিনেটে। অসমৰ জণসাধাৰণৰ গণতান্ত্ৰিক প্ৰদিবাদক বুঢ়া আঙুলি দেখুওৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বিপৰীতে বিধেয়কৰ বিৰুদ্ধে এই স্থিতি গ্ৰণহ কৰিছে বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে। আজি নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেফিও ৰিঅ'ৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত এক দীঘলীয়া বৈঠকৰ অন্তত কেবিনেটে এই সিদ্ধান্তটো লয়। প্ৰেছ বিজ্ঞপ্তিযোগে সিদ্ধান্তটোৰ বিষয়ে জনাই নাগালেণ্ড কেবিনেটৰ সচিব টেমজেন টয়ে কয় যে আজিৰ সভাত কেবিনেটে ৰাজ্যখনৰ জনসাধাৰণে বিধেয়কখনৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা গণতান্ত্ৰিক ক্ষোভ আৰু প্ৰতিবাদৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্তটো লৈছে। 'জনসাধাৰণৰ ইচ্ছা আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰা ৰাজ্য চৰকাৰেও বিধেয়কখনৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰে' বুলি বিজ্ঞপ্তিটোত কোৱা হয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা ৭ জানুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সম্পৰ্কে পুনৰ বিবেচনা কৰিবলৈ নাগালেণ্ড কেবিনেটে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছিল।
web
7b28a232bd2dddaed069021afb3ffbf1972dfa9ac0d69ea913b2a2ca7f84e5d8
কোনে কি কৰিছিল সেইবোৰকে মনত পেলালে। তাই নিজেই ঠিক কৰিলে, আজি খবৰ পাইছে যেতিয়া মানুহটো আজি ঢুকাল। অনন্তৰ হতুৱাই মার্কিন কাপোৰ কিনাই অনাই তাকে তাই অকণক চুৰিয়াৰ নিচিনাকৈ পিন্ধালে। এটা মূৰ গাত মেৰিয়াই দিলে। হাতত কটাৰী এখন দিলে; সেইখন হাতৰ পৰা আঁতৰ নকৰিবলৈ ক'লে। অকণৰ গাত কাপোৰখন ঠিক হৈ নাথাকিল। গণেশ আৰু কাতিকে বাৰে বাৰে তাক এঠাইত থিয় কৰাই লৈ কাপোৰখন ঠিককৈ দিবলৈ চেষ্টা কৰি থাকিল। কটাৰীখন সি মাজে মাজে ক'ৰবাত এৰিলে : সিহঁত দুটাই বৰ ডাঙৰ ঘটনা ঘটাৰ নিচিনাকৈ তাক ক'লে,-"এইখন কিয় তাত থৈছিলি ? লৈ থাক।" অনন্তই বিচাৰি-বিচাৰি ওচৰৰ গাঁও এখনৰ পৰা এজন পুৰোহিত মাতি আনিলে। লক্ষেশ্বৰে অনন্তক কৈ দিছিল--"বাপুদেৱে কি ক'ত কৰিবলৈ কয় তুমি কৰি থাকিবা। শম্ভুহঁত আছে, সিহঁতকো কিবা কৰিবলগীয়া থাকিলে ক'বা। পইচা-পাতি যি লাগে, মোক ক'বা। অইন কথাত মোক নাটানিবা।" এদিন বাপুদেৱে অকণৰ ন-পুৰুষৰ নাম সুধিছিল। লক্ষেশ্বৰে অলপ পৰ তভক মাৰি থাকি কৈছিল,~~"মানুহটোৱে সেই সকলৰ নাম ক'বলৈ সময়েই নাপালে। নিজৰ নামটো যে কৈছিল, সেয়ে বহুত। তেওঁৰ ফালৰ ন-পুৰুষৰ নাম নোহোৱাকৈ যি পাৰে কৰক।" লক্ষেশ্বৰে জোৰ দিছিল ভোজটোৰ ওপৰত। মাতা যিমানৰ লগত চা-চিনাকি হৈছে সকলোকে মাতা। থুপুকীৰ মাকক যেনে-তেনে অনোৱা । নিজৰ অঙহী-বঙহী বুলিবলৈ ইয়াত কোনো নাই : অহাৰ ভিতৰত ঘৰৰ পৰা বাপেক আহিছে । গতিকে সাধন কছাৰীৰ লগা-ভগা, চা-চিনাকি যিমান আছে সকলোকে মাতা। সকলোৱে হেঁপাহ পলুৱাই খাওক। সাধনে আগদিনাই দুটা খাহী ছাগলী আনি অনস্তৰ জুপুৰীটোৰ ওচৰত বান্ধি থৈ কঠালপাত এসোপা খাবলৈ দিলে। ভোজৰ দিনা লগৰ এটাৰ লগত গৈ দোকমোকালিতে ঘাটৰ পৰা বৰালি মাছ এটা কিনি আনিলে। সিহঁত দুয়োটাই ডাং এডালৰ মাজতে মাহটো ওলোমাই ভাৰ কৰি লৈ আহিছিল। চাৰিমাইল বাটৰ ওৰে বাউঠোৱে মাছটোৰ ফিছাডাল মাটিত চুঁচৰি আহিছিল। ভোজ ৰান্ধিলে সাধন কছাৰীৰ শহৰেকৰ গাঁৱৰ চাৰিজন মদগজ আদহীয়া মানুহে, তদাৰক কৰিলে অনওই। যোগমায়াই মাজতে এবাৰ বাপেকক সুধিলে, "তোৰ কাৰণে ভিতৰতে ৰান্ধি দিও নে কি ?" বাগেকে ক'লে, "নালাগে দে। লগে-ভাগে থাম।" মানুহবিলাকে খাই-বৈ, জগত অন্য চৌ-চৰিয়া-বাচিত খাই শেষ কৰিব নোৱৰাখিনি, লগতে নতুন ভাত-তৰকাৰী যি পালে ভৰাই লৈ যেতিয়া ঘৰাঘৰি যাবলৈ ওলাল, তেতিয়া উজনিৰ ফালৰ আবেলিৰ ৰেলখন আহিলেই। অলপ পাছতে ঘৰখন নিজম পৰিল। মানুহবোৰ যেন ৱেলখনতহে গ'লগৈ ! গধূলিৰ পাছত লক্ষেশ্বৰ আৰু বাপেক আগফালৰ চোতালৰ চকী দুখনত বহু সময় মনে-মনে বহি ৰ'ল। সকামখন হৈ যোৱাৰ পাছতহে যোগমায়াৰ বাৰ দিনৰ আগতে বিধবা হোৱা মানুহৰ নিচিনা লাগিছিল। এফালে অকণ আৰু ইফালে ছোৱালীজনীক লৈ তাই গধূলিতে বিছনাত পৰিল। লক্ষেশ্বৰৰ বাপেকে এসময়ত গামোহাখনেৰে ভৰি দুখন কোৰাই মহ খেদিলে । তাৰ পাছত পুতেকক সুধিলে, "এতিয়া কি কৰিম বুলি ভাবিছ ?" "মই ইয়াতে থাকোঁ। ঘৰখন চলাওঁ। তাই ল'ৰা-ছোৱালীহাল মানুহ কৰক।"--লক্ষেশ্বৰে ক'লে। "ঘৰখন চলাবলৈওতো এটা উপায় লাগিল । তোৰোতো এটা দিহা লাগিব লাগিব। তাকে সুধিছোঁ--কি কৰিম বুলি ভাবিছ ?" "চাওঁ চোন । থকাৰ ভিতৰত এই এঘাৰ-বাৰ পূৰা মাটিৰ হাবিখন আছে, আমি মানুহকেইটা আছোঁ। ইয়াৰেই কিবা এটা উপায় উলিয়াৰ তাৰ পাছত কিছু সময় দুয়ো আকৌ মনে-মনে থাকিল। বেলৰ আলিৰ ফালে গছৰ আঁৰত ঘনে ঘনে বিজুলী মাৰিছিল। এটা গুমগুমনি মাৰ নৌ যাওঁতেই আৰু এটা গুমগুমান উঠিছিল। বুঢ়াই এবাৰ আকাশৰ ফালে চালে। তৰাবোৰ চাক খাইছে। "মানুহটোৰ ঘৰৰ খা-খবৰ লোৱাৰ কথা কিবা ভাবিছ নে কি ?"-- বুঢ়াই কিছু সময়ৰ পাছত সুধিলে। "কাৰ? হাকিমৰ ?" লক্ষেশ্বৰ মনে-মনে থাকিল। অলপ পাছত, গামোছাখনৰ আগটো ঘূৰাই অলপ বতাহ লৈ বুঢ়াই সৰু মাতেৰে ক'লে, "নেলাগে দে। মানুহটোৱে এইবোৰ লুকুৱাই লুকুৱাই কৰিছিল। লুকুৱাই কৰিছিল। তেওঁলোকৰ পৰিয়ালৰ মানুহ কোনেও এইবোৰৰ গমকে নাপায়। নহ'লেনো ছমাহ-সাতমাহেও খবৰ এটা আহিব নাগায়নে ? এতিয়া মানুহটো মৰি থাকিল। এতিয়া আৰু এইবিলাক খা-খবৰ লবলৈ গলে অশান্তিহে বাঢ়িৰ । সেইটো পৰিয়ালৰ কোনেনো এতিয়া যোগৰ বুকুত সুমুৱাই জব ? बाजारগ म। তেওঁৰ আগৰজনী মানুহে ইমান দিনে তেওঁৰ লগতে ঘৰ-সংসাৰ কৰি এতিয়া বিধবা হ'ল। এতিয়ানো সেইজনী মানুহক এইবোৰ কথা জানিবলৈ দি কিন্তু কষ্ট দিওঁ? থাকক, তেওঁলোক তেওঁলোকৰ ভাগে থাকক, তহঁত তহঁতৰ ভাগে থাক।" বুঢ়া অলপ পৰ মনে-মনে ৰ'ল। তাৰ পাছত তেওঁ আৰু সৰু মাতেৰে ক'লে, "হওঁতে হয় । এইজনী এই বয়সতে জ্বলা জুইত পৰিল। তাইক চাই থকাটোও জানো কম কথা? মানুহটোৰ দোষতে এনেকুৱা হ'বলৈ পালে। পিছে সেই বুলি অইন এজনী মানুহক জুইত পেলাই দিলে এইকুৰা জুই নুমাবনে? নালাগে দে। ক'ৰ মানুহ, কি কথা, কি বতৰা, সেইবোৰ খবৰ লোৱাৰ কথা নাভাবিবি। নাম নহ'লেও ধৰ্ম হ'ব। ষি হ'ল হ'ল। নিজৰ কপালকে দুষি ৰাস্তা এটা উলিয়াই ল'। আগলৈ যাতে আৰু দুখ পাব নালাগে, সেই মতে কাম কৰ।" এটোপ-দুটোপ বৰষুণ পৰিল। বুঢ়াই ক'লে, "ব'ল। ভিতৰলৈ বাপেক যোৱাৰ দিনা যোগমায়াই বৰকৈ কান্দিলে। তাই এবাৰ ক'লে, "তয়ো নহ'লে ইয়াতে থাক।" বুঢ়াই সেমেকা হাঁহি এটা মাৰিলে। ক'লে, "সেইখন ঘৰো ৰখিব লাগে নহয়। সেইখন জানো তহঁতৰ মাৰৰ ঘৰ নহয় ?"
pdf
73835d8dfd5ec0f5ab179779b1ffa66a68380323
দেওবাৰে টেট পৰীক্ষা চলি থকাৰ মাজতে এজন পৰীক্ষাৰ্থীক বাহিৰৰ পৰা এখন পূৰাই থোৱা OMR (Optical Mark Recognition) শ্বীট যোগানৰ চেষ্টা চলাই গোৱালপাৰাৰ পি আৰ চৰকাৰী উচ্চ আৰু মধ্য প্ৰাথমিক বিদ্যালয়ৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক হাতে-লোটে ধৰা পৰে। অভিযুক্ত কৰ্মচাৰী গৰাকীক নুৰ নবি বুলি চিনাক্ত কৰা হৈছে। তেওঁ বিদ্যালয়খনৰ ২৪ নম্বৰ ৰূমত পৰীক্ষা দি থকা প্ৰণৱজ্যোতি কলিতা নামৰ পৰীক্ষাৰ্থী গৰাকীক আগৰ পৰা পূৰ হৈ থকা এখন OMR শ্বীট যোগান ধৰিছিল। পৰীক্ষা সমাপ্ত হ'বলৈ মাত্ৰ ৫ মিনিট সময় বাকী থকা অৱস্থাত এই কথা ধৰা পৰে, সেই সময়ত এগৰাকী শিক্ষয়িত্ৰী পৰীক্ষা নিৰীক্ষকৰ কৰ্তব্যত আছিল। অধ্যক্ষ এম ছজিমুদ্দিন আহমেদে তুৰন্তে ঘটনাটো বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰায়। ইয়াৰ পিছতে কাৰ্যবাহী দণ্ডাধীশ বানি কলিতা, বিদ্যালয় পৰিদৰ্শক নৃপেন দাস আৰু উপ আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা বিদ্যালয়ত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে নুৰ নবিক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰনৱজ্যোতি কলিতাৰ OMR শ্বীটখনৰো তদন্ত চলায়। এক সূত্ৰৰ মতে অভিযুক্ত পৰীক্ষাৰ্থীজন একেখন বিদ্যালয়ৰে এগৰাকী জ্যেষ্ঠ শিক্ষকৰ ঘণিষ্ঠ সম্পৰ্কীয় আৰু উক্ত শিক্ষকজন ঘটনাৰ সময়ত বিদ্যালয়খনত উপস্থিত আছিল।
web
a87079ba39378303479251dad720c500247f1340
অভিলেখসংখ্যক চতুৰ্থবাৰৰ বাবে পদক জয়ৰ উদ্দেশ্যেৰে এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ বক্সিং ৰিঙত নামিব অসমৰ ষ্টাৰ বক্সাৰ শিৱ থাপা। বেংককত অহা ১৯-২৮ এপ্ৰিললৈকে চলিব লগীয়া এছিয়াৰ সৰ্ববৃহৎ বক্সিং প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিছে শিৱ থাপাই। প্ৰতিযোগিতাখনত থাপাই ৬০ কিলোগ্ৰাম শাখাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। থাপাই ইতিপূৰ্বে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তিনিটাকৈ পদক লাভ কৰি থৈছে। বক্সাৰগৰাকীয়ে ২০১৩ চনত সোণ, ২০১৫ত ব্ৰঞ্জ আৰু ২০১৭ চনত ৰূপৰ পদক লাভ কৰিছিল। খেলুৱৈগৰাকীৰ বৰ্তমানৰ ছন্দলৈ লক্ষ্য কৰিলে প্ৰতিযোগিতাখনত পদক জয় কৰাৰ সম্ভাৱনা পূৰ্ণ আছে। কিয়নো অলপতে ফিনলেণ্ডৰ হেলচিংকিত অনুষ্ঠিত হোৱা ৩৮সংখ্যক জিবি বক্সিং টুৰ্ণামেণ্টত অসমৰ এইগৰাকী প্ৰতিভাৱান বক্সাৰে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। শিৱ থাপাৰ উপৰি প্ৰতিযোগিতাখনৰ বাবে ঘোষণা কৰা ভাৰতীয় মহিলা বক্সিং দলত স্থান লাভ কৰিছে অসমৰ আন এগৰাকী উদীয়মান তথা প্ৰতিভাশালী মহিলা বক্সাৰ লাভলিনা বৰগোহাঁই।
web
c2d7e95f6c2fdf8fa76e365fee6d38c5087ef73c
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছত দেওবাৰে উত্তৰপ্ৰদেশৰ বিজেপি অধ্যক্ষ সত্যেন্দ্ৰ দেৱ সিং ক'ৰ'না প'জিটিভ হোৱাৰ বাতৰি লাভ কৰা গৈছে। উত্তৰপ্ৰদেশৰ বিজেপিৰ সভাপতি সতেন্দ্ৰ দেৱ সিঙে দেওবাৰে টুইটাৰযোগে ক'ৰ'না প'জিটিভ হোৱাৰ কথা উল্লেখ কৰে। "চিকিৎসকৰ পৰামৰ্শ অনুসৰি মই বৰ্তমান নিজ গৃহত কোৱাৰেণ্টাইন হৈ আছো," উত্তৰপ্ৰদেশৰ বিজেপিৰ অধ্যক্ষ গৰাকীয়ে টুইটাৰত এইদৰে লিখে। উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ আজি কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হয়। তেওঁ ৰাজ্যখনৰ কাৰিকৰী শিক্ষা বিভাগৰ মন্ত্ৰী আছিল। উত্তৰ প্ৰদেশ বিধানসভাৰ সদস্য কমল ৰাণী বৰুণ ইয়াৰ পূৰ্বে সাংসদো আছিল। কমল ৰাণী বৰুণৰ মৃত্যুৰ কাৰণে মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে আজি অযোধ্যা যাত্ৰা বাতিল কৰে।
web
c4735876e86ad558b47bff52e35bd78746a997f7eca0ddda5768f7a436aeee7e
এজনী শিপিনী গৈ গৰফাত ভৰি । দিওঁতে পৰিলে খহি চিগি গল জৰি। এজনীৰ টপিণাতে লাগিলে তোলোথা । পেঙ্গুৰা তেনেই হই গল ভৰি দুটা ॥ তাইন এজনী হ'ল ডিঙি ভেঙ্গুৰিয়া। ক ফুৰুলি মাৰি চাপৰি বাই দিয়া । ঘোয়া ! - শালত তাঁত আৰোঁতে গহস্কা ধৰোঁতে ডিঙি ভেঙ্গুবিয়া হ'ল ঐ গোবিন্দ ৰাহ । পদ। - ইকাতি নিকাতি - হুনাই ধরিলে উঠি ঐ গোবিন্দ বাম । মৰ। জীয়া কৰি এটাই কেজনীয়ে তাঁতত ধৰি কেঁৰা মুঠি ঐ ঐ ০ আঁৰিলে শালতে কৰি কোনে। মতে দিলে মারি মাকো ভবি দিলে গৰকাত । ঐ ইফালে সাঁৰাওতে পুতুলে লগালে মাত ।। দিনৰে দিনটে। লাগিলে চালতে দিন? দু আঙুলে বয়। সিফালে নাটনি কাণত দিয়। বাই দুমুঠি দু আঙ ল হয় । বলে চাৰি দিনত
pdf
fad7d7e17c2921beb86efd149c4c7470843a2a83
১৩ আগষ্টৰ পূৰ্বে অসমত উপস্থিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে অসম কন্যা তথা অলিম্পিকত বক্সিং(মহিলা)ত ব্ৰঞ্জ লাভ কৰা লাভলীনা বৰগোহাঁই। এটা দিনৰ বাবে অসমলৈ আহিব লাভলীনা। তাৰ পাছত পুনৰ পেৰিছ অলিম্পিকৰ বাবে নিজকে সাজু কৰিবলৈ বক্সিং ৰিঙত নামিব লাভলীনা। অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে সংবাদমলযোগে জনাইছে এই কথা। অসমত উপস্থিত হোৱাৰ পাছতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে ৰাজ্য চৰকাৰে সম্বৰ্ধনা জনাব লাভলীনাক। তাৰ পাছতে গৃহ জিলালৈ ৰাওনা হ'ব লাভলীনা। ১০ আগষ্টত দিল্লীত উপস্থিত হ'ব লাভলীনা। দিল্লীত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰ্যালয়ে সম্বৰ্ধনা জনাব লাভলীনাক।
web
703d1aa8fef792dd588d26c7becb226542f6cf01
Is It Safe To Apply Kajal To Newborn Eyes: পৰম্পৰা আছে যে, যেতিয়াই ভাৰতবৰ্ষত নতুনকৈ শিশুৰ জন্ম হয়, তেতিয়া শিশুটিৰ ওপৰত বেয়া দৃষ্টি নপৰিবলৈ কাজলৰ ফুট দিয়া হয়। কিন্তু শিশুৰ কোমল চকুত কাজল লগোৱা উচিত নে অনুচিত, সেইলৈ সদায়েই বিতৰ্ক আছে। যদিও শিশু বিশেষজ্ঞই এনে কৰিবলৈ কেতিয়াও কোৱা নাই, তথাপিও ঘৰত চলি অহা বিশ্বাস অনুসৰি, শিশুৰ কোমল চকুত কাজল আঁকি দিয়া হয়। বিশ্বাস কৰা হয় যে, চকুত কাজল লগালে শিশুটিৰ ওপৰত কাৰোবাৰ বেয়া দৃষ্টি নপৰে আৰু চকু ডাঙৰ হয়। কিন্তু ডাক্তৰে কয় যে, চকুত কাজল লগোৱাটো শিশুটিৰ বাবে হানীকাৰক হ'ব পাৰে। হেলথ লাইনৰ মতে, এটা গৱেষণাত এই কথা পোহৰলৈ আহিছে যে, শিশুৰ স্বাস্থ্যৰ বাবে বিষাক্ত হিচাপে পৰিগণিত হ'ব পাৰে কাজল। গৱেষণা অনুসৰি, শিশুৰ হায়াৰ গট এবজৰশ্যন হয় আৰু তেওঁলোকৰ স্নায়ুতন্ত্ৰ এতিয়াও বিকাশৰ প্ৰক্ৰিয়াতে আছে। এনে ক্ষেত্ৰত, কাজলত থকা লীডে বিহৰ দৰে কাম কৰিব পাৰে। দৰাচলতে, কাজল তৈয়াৰ কৰিবলৈ ভৰপূৰ মাত্ৰাত লীডৰ ব্যৱহাৰ কৰা হয়। যি স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ই বৃক্ক, মগজু, হাড়ৰ মজ্জা আৰু শৰীৰৰ অন্যান্য অংশকো বেয়াকৈ প্ৰভাৱিত কৰে। সেইদৰে যদি তেজত লীডৰ স্তৰ বৃদ্ধি হয় তেন্তে এজন ব্যক্তি কোমা পৰ্যন্ত যাব পাৰে। কিছুমান ঘৰত প্ৰস্তুত কৰা কাজলো শিশুৰ চকুত লগোৱা হয়। কিন্তু আপোনাক কওঁ যে, ঘৰত বনোৱা কাজলো সুৰক্ষিত নহয়। ইয়াত থকা কাৰ্বন শিশুৰ চকুৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আনহাতে, আঙুলিৰে কেঁচুৱাটোৰ চকুত কাজল লগালে, চকুৰ ইনফেকশ্যনো হ'ব পাৰে। - First Published :
web
6fde624cd91fb415338354c1458ab569568cf9adb97c9b2158699102c902a9eb
কেইবা ঘণ্টা জুৰি ছানিন গভীৰ টোপনিত নিমগ্ন হ'ল। এটা সপোন দেখিলে। হেৰ, ক্ল,বাৰৰ লগত তেওঁ যেন মল্লযুদ্ধ কৰিছে। ভাটৌ চৰাই এটাই এজোপা দেবদাৰু গছৰ ওপৰত বহি অনবৰত টিক্-টিক্ শব্দ কৰি আছে দুই...** তিনি বাহিৰে আন কোনো নহয় । শেষত 'তিনি-তিনি-তিনি'ৰ শব্দ ইমান ডাঙৰ হ'ল যে ছানিনে সাৰ পালে। তেওঁ চকু মেলি গাৰুৰপৰা মূৰটো তুলিলে। কোনোবাই দুৱাৰত টুকৰিয়াই আছিল। " ভিতৰলৈ আহাঁ, " ছানিনে চিঞৰি ক'লে। পৰিচাৰকজন আহি ছানিনক ক'লে যে, এগৰাকী মহিলাই তেওঁৰ লগত কথা পাতিবলৈ উদ্বিগ্ন। হৈ আছে। জেমা।" ততালিকে তেওঁৰ মনত খেলালে কিন্তু দেখা গ'ল মহিলা গৰাকী জেমাৰ মাকহে - ৰোজেলী। তেওঁ এখন চকীত বহিল আৰু কান্দি পেলালে। আই, আপোনাৰ কি হৈছে? " ছানিনে ৰোজেলীৰ কাষত বহি লাহেকৈ তেওঁক হাতত ধৰি সুধিলে। অলপ লুস্থিৰ হওক, মই আপোনাক কাৰৌ কৰিছোঁ!' এৰা, হেৰ, ডিমিত্ৰি, সঁচাকৈয়ে মই অম্বুখী, বৰ অনুৰী।" আপুনি অসুখী? এৰা, অতি অম্বুখী। কোনে ভাবিছিল এনে এটা ঘটনা ঘটিব বুলি। হঠাতে বিনা মেঘে বজ্রপাত হোৱাৰ দৰে "কিনো হৈছে কওকচোন? এগিলাচ পানী খাবনেকি ? "নাখাওঁ, ধন্যবাদ, " ৰোজেলীয়ে ৰুমাল এখনেৰে চকু দুটা মহি আগতকৈ আৰু বেছি জোৰেৰে কান্দিবলৈ ধৰিলে। মই সকলো কথা শুনিছো, সকলো কথা। সকলো কথা মানে ? " আজি ঘটা সকলো কথা। আৰু ইয়াৰ কাৰণে। মই জানে।। তুমি এজন সাহসী লোকৰ কাম কৰিছা। কিন্তু কি যে মোৰ দুর্কপাল। যদিও তোমাৰ লগত পৰিচয় হবৰ পাঁচ দিন হ'ল মাত্র, তথাপি তোমাক এজন সম্মানিত ব্যক্তি আৰু বন্ধু বুলি ভাবি মই তোমাৰ ওচৰলৈ আহিছো কিন্তু তুমি জানা মই এজনী বিধবা, মই অকলশৰীয়া মোৰ ছোৱালীজনীয়ে মোৰ ছোৱালীজনীয়ে জেমাই মোষ্ণ" কৈছে যে, তাই হেৰু, ক্লবাৰক বিয়া নকৰায়। আৰু এই কথা মই তেওঁক কব লাগে । ছানিন উচপ খাই উঠিল । মই লাজ-চৰমৰ কথা নকৱেই। ছোৱালীয়ে জানো ভাবী দৰাক নাকচ কৰাৰ কথা কোনোবাই শুনিছে। কিন্তু হেৰ ডিমিত্ৰি, সেইটো কৰিলে আমাৰ সর্বনাশ হব। কোনোমতে চলিব নোৱাৰোঁ। আৰু ক্ৰমশ তেওঁ চহকী হব। হ'ল ? তেওঁৰ বাক্দত্তাৰ হকে থিয নিদিয়াৰ কাৰণেনেকি ? ক্ষমা কৰিব, মেডাম ৰোজেলী! আপুনি মোক দোষাৰোপ কৰা যেন পাওঁ মই তোমাক অলপে। নোদোষে।। তোমাৰ কথা সম্পূর্ণ পৃথক আন আন কছৰ দৰে তুমিও এজন সামৰিক লোক। ক্ষমা কৰিব, মই নহওঁ তুমি এজন বিদেশী, এজন পৰ্যটক। তোমাৰ ওচৰত মই আগতে আমাৰ কাৰবাৰ খুব ভাল চলিছিল। 'এঞ্জেল কেক' আমিয়ে মাথোন তৈয়াৰ কৰিছিলোঁ। এতিয়া এঞ্জেল কেক ঘৰে ঘৰে। এনে অৱস্থাত আমি কেনৈকৈ জীৱন নিৰ্বাহ কৰিম ? এতিয়া তোমাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছে। তুমি জেমাক বুজাব পাৰিবা। মই ? এৰা তুমি, তুমি পাৰিবা। তাইৰ কাৰণে তুমি তোমাৰ জীৱন বিপদাপন্ন কৰিছিলা। তাইক তুমি বুজাব পাৰিবা যে, হেৰ ক্লবাৰৰ লগত তাইৰ বিয়া নহলে তাইৰ আৰু আমাৰ সকলোৰে সর্বনাশ হব। তুমি মোৰ ল'ৰাৰ জীৱন বচাইছিলা, এতিয়া যেন, ছোৱালীজনীকো বচোৱা । " ৰোজেলীয়ে চকীখনৰপৰা আধা উঠা কৰি ছানিনৰ ভৰিত ধৰিব খুজিলে। ছানিনে বাধা দি ক'লে, " আপুনি যি ভাল দেখে তাকে কৰিম। মই জেমাক সকলো কথা কম। ৰোজেলীয়ে এটি আনন্দসূচক ধ্বনি কৰিলে। জেমাই স্পষ্টকৈ কৈছেনেকি যে, তেওঁ হেৰ ক্লবাৰক বিয়া নকৰায় ৭" কিছু সময় নীৰৱে থাকি ছানিনে সুধিলে। 'তাই একেবাৰে অমান্তি হৈছে। ভায়ে। পিতাকৰ দৰে উগ্ৰ স্বভাৱৰ। * উগ্র স্বভাৱৰ ? জেমা ? এৰা, এৰা, কিন্তু তাই এজনী দেৱদূতীও। তাই তোমাৰ কথা মানিব। তুমি সোনকালে আহিবাদেই।" চকীখনৰপৰা উঠি তেওঁ আবেগতে ছানিনক সাবটি ধৰি ক'লে, " বোপা, ভগবানে তোমাৰ মঙ্গল কৰক। এভিয়া বাৰু পানী এগিলাচ দিয়া। ছানিনে পানী এগিলাচ দিলে আৰু অতি সোনকালে তেওঁলোকৰ ঘৰলৈ যাব বুলি প্ৰতিশ্ৰুতি দিলে। তেওঁ ৰোজেলীক পঙ্গুলিমুখলৈকে আগ বঢ়াই থৈ আহিল। " ঘটনা প্রবাহে এতিয়া প্ৰচণ্ড মূৰ্ত্তি ধাৰণ কৰিছে, " ছানিনে নিজকে নিজে ক'লে। 'আৰু ই ইমান বেগাই ধাবিত হৈছে যে, মোৰ আচন্দ্ৰহি হৈছে। তেওঁৰ মাকেই কৈছে 'তেওঁ উগ্ৰ স্বভাৱৰ।' হয় জানো? আৰু মই তেওঁক উপদেশ দিব লাগে। তাইক উপদেশ দিবা' উপদেশ মোৰ কাৰণে বেচ উপদেশ । " ছানিনৰ মূৰৰ ঘূৰণি উঠিল। সকলো উত্তেজনা, সকলো স্মৃতি, সকলো অপ্রকাশিত চিন্তাৰাশিৰ চাকনৈয়াৰ মাজত জেমাৰ ছবিটো তেওঁৰ সন্মুখত ভাহি উঠিল। জেমাৰ ছবিটোৱে তেওঁৰ মনৰ ওপৰত মছিব নোৱাৰাকৈ সাঁচ বহুৱাইছিল। সিদিনাৰ সেই নাতি-উষ্ম নিশা তৰাৰ পোহৰ আৰু বিজুলীৰ চিক্মিকনিত ক'লা খিডিকীখনৰ কাষত জেমাৰ ছবিটোৰ কথা তেওঁ পাহৰিব পৰা নাছিল । দ্বিধা-সঙ্কোচিত মন লৈ তেওঁ জেমাহঁতৰ ঘৰলৈ গ'ল। বাহিৰৰ সৰু কোঠা এটাৰ ভিতৰত ৰোজেলীৰ লগত তেওঁৰ সাক্ষাৎ হ'ল । তেওঁক দেখি ৰোজেলীৰ মনত আনন্দ লাগিল আৰু লগতে ভয়ো উপজিল। ইখনৰ পাচত সিখন হাতেৰে ছানিনৰ হাত দুখন জোকাৰি তেওঁ কাণে-কাণে ক'লে, " মই তোমাক বাট চাই আছিলো। বাগিচালৈ যোৱা। তাই তাতে আছে। মনত ৰাখিবা তোমাৰ ওপৰতে সৰ্বভাৰসা। " ছানিন বাগিচালৈ গ'ল। জেমাই বেঞ্চ এখনত বহি ডাঙৰ পাৰ্চি এটাৰপৰা পকা চেৰি ফলবোৰ বাছি বাছি কাঁহী এখনত থৈছিল। ছডেনলৈ যাওঁতে পিন্ধা হেট্টোকে জেমাই পিন্ধি আছিল। হেট্টটোৰ তলেদি তেওঁ ছানিনৰ পিনে চাইছিল আৰু পাচিটোৰ ওপৰত গা হেলাই আছিল। ধীৰে ধীৰে জেমাৰ কাষলৈ গৈ তেওঁ চেৰি ফলবোৰ বুটলাৰ কাৰণ সুধিলে।
pdf