doc_id
large_stringlengths 32
64
| text
large_stringlengths 0
560k
| type
large_stringclasses 3
values |
---|---|---|
d99119f5274ed02571a849bf6e65446b8bfdc3d2 | নিউজ ডেস্ক :
ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ বিগত পাঁচ বছৰৰ ভিতৰত সৰ্বনিম্ন পৰ্যায় পাইছেহি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন এনডিএ চৰকাৰে দ্বিতীয় বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ দিনাই কেন্দ্ৰীয় পৰিসংখ্যা মন্ত্ৰ্যালয়ে এই তথ্য সদৰী কৰে। পৰিসংখ্যা মন্ত্ৰ্যালয়ে জনোৱা মতে, ২০১৮-১৯ বিত্তীয় বৰ্ষৰ চতুৰ্থ তিনি মাহত মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) হাৰ ৫. ৮ শতাংশলৈ হ্ৰাস পাইছে। জিডিপিৰ এই হাৰ বিগত পাঁচ বছৰৰ ভিতৰত সৰ্বনিম্ন। চৰকাৰী তথ্য অনুসৰি ২০১৮-১৯ বৰ্ষত দেশৰ ৰাজকোষ ঘাটিৰ হাৰ হৈছেগৈ মুঠ জিডিপিৰ ৩. ৪ শতাংশ। লক্ষণীয় যে দেশত ভোগ্যপণ্যৰ চাহিদা আৰু প্ৰত্যক্ষ বিনিয়োগৰ হাৰো উদ্বেগজনক হাৰত হ্ৰাস পাইছে। | web |
4e947b88e5984cd1425c9dbc133b122e63a07d5b | ডিজিটেল সংবাদ, চিলাপথাৰঃ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পঞ্চদশ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন অহা ২৭, ২৮ আৰু ২৯ এপ্ৰিলত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে নেতাজী সমন্বয় ক্ষেত্ৰত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছিল ।
কিন্তু যোৱা ১৯ এপ্ৰিলৰ সন্ধিয়া হঠাতে অহা প্ৰচণ্ড ধুমুহা বৰষুণে নিৰ্মীয়মান অধিৱেশনৰ মূল মণ্ডপকে ধৰি সকলোখিনি বিধ্বস্ত কৰি থৈ যায় । ইয়াৰোপৰি ভৈৰৱপুৰকে ধৰি কাষৰীয়া বঙালী অধ্যুষিত অঞ্চলসমূহ ধুমুহাই বেয়াকৈ বিধ্বস্ত কৰি থৈ যায় ।
প্ৰকৃতিৰ প্ৰতিকূলতাৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাবলৈ বাধ্য হ'ল অধিৱেশন । শনিবাৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কাৰ্যালয়ত অভ্যৰ্থনা সমিতিয়ে এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে । অহা ২৬, ২৭ আৰু ২৮ মেত অধিৱেশনখন অনুষ্ঠিত কৰা হ'ব বুলি সংবাদমেলযোগে জানিবলৈ দিছে ।
| web |
445cefff26c608e6576eee84e4dd46b960984a35 | বৰপেটা আৰক্ষীৰ তৎপৰতাতভুৱা শিক্ষাৰ্থীৰ নামত ধন আত্মসাতৰ পৰিকল্পনা কৰা ৪ অভিযুক্তক বৰপেটা আৰক্ষীযে আটক কৰিবলৈ সক্ষম হৈছে । বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰতন হাজৰিকাক আটক হোৱাৰ পিছত এইবাৰ আন তিনিজন ক্ৰমে ৰূপচান্দ আলী,ছাহানুৰ আলী আৰু ছহিদুল মিঞাক আটক কৰে। লগতে আচাৰুদ্দিন,তাৰু আলী,ছাদ্দাম শিকদাৰ,দানিচ খান,স্বপ্নিআৰা খাতুন,হালেদা বেগম আৰু মহিৰুদ্দিনসহ এই ৭ জনক সোধ-পোচৰ বাবে আৰক্ষীয়ে আটক কৰিছে। এই অভিযুক্ত সকলৰ জিম্মাৰ পৰা ১২ টা মোবাইল ফোন, ২ টা প্ৰিণ্টাৰ আৰু এটা লেপটপ, ৪৭ খন ডেবিট কাৰ্ড,৫ টা বেংক পাছবুক,এটা চেকবুক,২ খন আধাৰ কাৰ্ড জব্দ কৰে। উল্লেখ্য যে বৰপেটাৰ এম চি কলেজৰ অধ্যক্ষ ড° প্ৰকাশ শৰ্মাই দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত চলাই অভিযুক্তসকলক গ্ৰেপ্তাৰ-আটক কৰাৰ লগতে কেতবোৰ নথি-পত্ৰসহ তথ্য প্ৰযুক্তিৰ বিভিন্ন সামগ্ৰী আদি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী । অৱশ্যে কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড দামালজাৰ গাঁওৰ মিনহাজুল হক আৰু শিলা গাঁওৰ ৰকিবুল খান এতিয়াও পলাতক অৱস্থাত আছে । তথ্য অনুসৰি 291 গৰাকী ভুৱা শিক্ষাৰ্থীক এম চি কলেজৰ ছাত্ৰ-ছাত্ৰী বুলি দেখুৱাই ঈশান উদয় জলপানিৰ নামত 1. 88 কোটি টকা আত্মসাতৰ পৰিকল্পনা কৰিছিল দুষ্ট চক্ৰটোৱে। নথি-পত্ৰৰ সত্যতা নিৰূপণৰ সময়ত দুষ্ট চক্ৰটোৰ গোপন পৰিকল্পনাৰ সমগ্ৰ তথ্য পোহৰলৈ অহাত অৱশেষত বৰপেটা সদৰ থানাত গোচৰ তৰে এম চি কলেজৰ অধ্যক্ষই। | web |
19a8d732db2772ded77e61afc6497f6c66796252 | অসম সাহিত্য সভাৰ নিৰ্বাচন সমাগত । নিৰ্বাচধৰ ওপৰত লক্ষ ৰাখিয়েই বহুতেই আগন্তুক অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে । বুধবাৰে অসম সাহিত্য সভাই ঘোষণা কৰিলে আগন্তুক অসম সাহিত্য সভা নিৰ্বাচনৰ সভাপতি , উপ - সভাপতি আৰু প্ৰধান সম্পাদকৰ প্ৰাৰ্থীৰ তালিকা ।
বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদ মেলত অসম সাহিত্য সভাৰ নিৰ্বাচন সমিতিৰ মুখ্য পাত্ৰ বিজন মহাজনে বাচনি হোৱা প্ৰাৰ্থীৰ তালিকাৰ নাম ঘোষণা কৰে । সংবাদ মেলত আগন্তুক অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লগীয়া প্ৰাৰ্থী সকলৰ নাম ঘোষণা কৰি নিৰ্বাচন সমিতিৰ মুখ্যপাত্ৰ বিজন মহাজনে কয় যে সভাপতি পদত ড° বসন্ত কুমাৰ গোস্বামী , সূৰ্যকান্ত হাজৰিকা , পখিলা কলিতা , কুলধৰ শইকীয়া , প্ৰহ্লাদ চন্দ্ৰ তাচা , ড° কৰবী ডেকা হাজৰিকা , আৰু ড° জয়শ্ৰী গোস্বামী মহন্তই প্ৰতিদ্বন্দিতা আগবঢ়াব । ঠিক একেদৰে উপ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৪ জন প্ৰাৰ্থীয়ে । এই ৪ জন প্ৰাৰ্থীৰ ভিতৰত আছে ৰতিমোহন নাথ , মৃনালী দেৱী , ড° বসন্ত কুমাৰ শৰ্মা আৰু পদুমী গগৈ । লগতে প্ৰধান সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যাদৱ চন্দ্ৰ শৰ্মা , হৰেন্দ্ৰ কলিতা , আৰু দেৱজিৎ বৰাই ।
তাৰোপৰি অসম সাহিত্য সভাৰ নিৰ্বাচন সমিতিৰ মুখ্যপাত্ৰ বিজন মহাজনে কয় যে অহা ১ নৱেম্বৰ তাৰিখৰ পৰা জিলা আৰু শাখা পৰ্যায়ত ডাক যোগে ভোট দান প্ৰক্ৰিয়া আৰম্ভ হ'ব । লগতে ভোট দান প্ৰক্ৰিয়া সমাপ্ত হ'ব ১০ ডিচেম্বৰ তাৰিখে আৰু সন্ধিয়া ৪ বজাত ভোটৰ বাকচ বন্ধ কৰা হ'ব । এই প্ৰক্ৰিয়াত উপস্থিত থাকিব নিৰ্বাচন সমিতিৰ মুখ্যপাত্ৰ । বন্ধ কৰা ভোটৰ বাকচ সমূহ গুৱাহাটীৰ পানবজাৰ আৰক্ষী থানাত আৰক্ষীৰ নিৰাপত্তাত ৰখা হ'ব ।
১৫ ডিচেম্বৰ তাৰিখে পুৱা ৭ বজাৰ ভিতৰত গুৱাহাটী পানবজাৰ থানাৰ পৰা আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে ভোট বাকচ সমূহ সভাৰ সপ্তম তম কাৰ্যনিৰ্বাহ অধিবেশন স্থলীলৈ নিয়া হব । তাৰপিছত নিৰ্বাচন সমিতিয়ে ভোটৰ ফলাফল ঘোষণা কৰিব ।
বুধবাৰে অনুষ্ঠিত হোৱা সংবাদ মেলত অসম সাহিত্য সভাৰ নিৰ্বাচন সমিতিৰ মুখ্য নিৰ্বাচনী বিষয়া তথা গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা , অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীৰ লগতে আন বহুতো বিষয় ববীয়া উপস্থিত থাকে । | web |
425b650eada73b0f927296bdce71330d8307c72f | আমাৰ অসম, ২৭ জানুৱাৰীঃ বিশিষ্ট সাহিত্যিক তথা ভাষাবিদ ড৹ ৰমেশ চন্দ্ৰ পাঠকৰ দেহাৱসান । এই গৰাকী অসমীয়া ভাষাৰ অভিভাৱকৰ মহাপ্ৰয়াণ অসমীয়া ভাষা-সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি। দীৰ্ঘদিনধৰি অসুস্থহৈ আছিল সাহিত্যাচাৰ্যগৰাকী। ৭৯ বছৰ বয়সত মঙলবাৰে মহানগৰীৰ লখিমীনগৰস্থিত নিজ বাসগৃহত শেষ নিঃশ্বাস ত্যাগ কৰে সাহিত্যিক গৰাকীয়ে । কেইবাটাও ৰোগত আক্ৰান্ত হৈ ৩ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ জিএনআৰচিত আৰু ১৬ ডিচেম্বৰৰ পৰা ২৩ জানুৱাৰীলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ড০ ৰমেশ পাঠক। শেহতীয়াকৈ চিকিৎসা মহাবিদ্যালয়খনৰ পালমনাৰী আৰু কাৰ্ডিঅ'লজি বিভাগৰ চিকিৎসকে চিকিৎসা চলাইছিল তেখেতক।
তেখেত ১৯৫৯ চনত টিহু হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় । ইয়াৰ পিছত নলবাৰী মহাবিদ্যালয়ৰ পৰা আই. এ. আৰু ১৯৬৩ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উৰ্ত্তীণ হয় । তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয় ১৯৬৫ চনত। পৰৱৰ্তী সময়ত ড৹ পাঠকে প্ৰথমে অৰুণাচল প্ৰদেশৰ তেজু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাপে চাকৰিত যোগদান কৰে । ইয়াৰ পিছতে ১৯৬৬ চনত অৰুণাচল প্ৰদেশৰ জৱাহৰলাল নেহৰু কলেজত অধ্যাপক হিচাপে যোগদান কৰে ড৹ পাঠকে। | web |
be2b2e1b98620cd76a95c2f65498ad0162006c1b | ৰাছিয়া-ইউক্ৰেইন (Russia-Ukraine) যুদ্ধ আৰম্ভ হোৱাৰ পৰাই আমেৰিকাকে (America) ধৰি পশ্চিমীয়া বিশ্বই মস্কোৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰি আহিছে যদিও ভাৰতে এতিয়ালৈকে সেইবোৰক আওকাণ কৰিছে।
সস্তা মূল্যৰ সুবিধা লৈ দিল্লীয়ে ভ্লাদিমিৰ পুটিনৰ দেশৰ পৰা তেল আমদানি বৃদ্ধি কৰি আছে। যাৰ ফলত বিশেষকৈ ইউৰোপৰ বিভিন্ন দেশ সৰৱ হৈছে। এনে পৰিস্থিতিত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে (S. Jaishankar) অষ্ট্ৰিয়া ভ্ৰমণৰ সময়ত পুনৰ এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে। তেওঁ স্পষ্টকৈ কয় যে ইউৰোপৰ জনমূৰি আয় অতি বেছি। কিন্তু যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁলোকে ভাৰততকৈ ছয়গুণ বেছি ৰাছিয়াৰ তেল আমদানি কৰিছে। যুদ্ধ আৰম্ভ হোৱাৰ পিছত যে ইয়াৰ গতি লেহেমীয়া হʼল এনে নহয়। ফলত ভাৰতে তুলনামূলকভাৱে কম জনমূৰি আয়ৰ সৈতে সস্তা তেলৰ সুবিধা লʼব লাগিব।
যুদ্ধৰ পূৰ্বে দেশখনৰ তেল কোম্পানীসমূহে ৰাছিয়াৰ পৰা মাত্ৰ ০. ২% ইন্ধন আমদানি কৰিছিল। মাৰ্চ মাহলৈকে প্ৰতিদিনে ৯,০৯,৪০৩ বেৰেল আছিল। আমেৰিকা আৰু ইউৰোপৰ দেশসমূহে মস্কোত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে ৰাছিয়াই ভাৰতৰ দৰে আমদানিকাৰকৰ বাবে তেলৰ মূল্য কমালে। পশ্চিমীয়া বিশ্বৰ সমালোচনাৰ পিছতো দিল্লীয়ে তাৰ সুবিধা লʼবলৈ কুণ্ঠাবোধ কৰা নাছিল।
ফলত চৰকাৰী তেল কোম্পানীসমূহে দেশখনৰ পৰা ইন্ধনৰ আমদানি বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিলে। ইৰাক আৰু চৌদি আৰৱৰ দৰে দেশক চেৰ পেলাই এতিয়া ৰাছিয়া ভাৰতৰ সৰ্ববৃহৎ তেল ৰপ্তানিকাৰক দেশ। মুঠ আমদানিকৃত তেলৰ ভিতৰত ৰাছিয়াৰ অংশ পঞ্চমাংশতকৈও অধিক। ইউৰো মণ্ডলৰ দেশসমূহে অৱশ্যে ৰাছিয়াৰ তেল আমদানি পূৰ্বৰ তুলনাত কিছু হ্ৰাস কৰিছে।
মঙলবাৰে অষ্ট্ৰিয়াৰ চৰকাৰী টিভি চেনেলত দিয়া এক সাক্ষাৎকাৰত জয়শংকৰে কয় যে ইউৰোপে আমদানি এনেদৰে হ্ৰাস কৰিছে যে তেওঁলোকে আৰাম অনুভৱ কৰে। আপুনি জনমূৰি ৬০ হাজাৰ ইউৰোত মানুহৰ প্ৰতি ইমানেই গুৰুত্ব দিয়ে আৰু তাত আমাৰ জনমূৰি আয় ২০০০ ইউৰো।
আমাক ইন্ধনৰো প্ৰয়োজন। আৰু আমি অধিক ধন দিব পৰা অৱস্থাত নাই। মন কৰিবলগীয়া যে আমেৰিকা আৰু ইউৰোপীয় সংঘই ৰাছিয়াৰ তেলৰ মূল্যৰ উচ্চ সীমা নিৰ্ধাৰণ কৰিছে প্ৰতি বেৰেলত ৬০ ডলাৰ। সূত্ৰ অনুসৰি, তেতিয়াৰ পৰা ভাৰতে মস্কোৰ পৰা তাতকৈ অলপ কম মূল্যত তেল লাভ কৰি আহিছে।
সমালোচনাৰ প্ৰতিক্ৰিয়া স্বৰূপে আজিৰ দিনটোত জয়শংকৰৰ স্পষ্ট বাৰ্তা, "যদি নীতিৰ বিষয় হয়, তেন্তে ২৫ ফেব্ৰুৱাৰীৰ পৰা ইউৰোপে মস্কোৰ শক্তিৰ আমদানি কিয় হ্ৰাস নকৰে? ...আচলতে ইউৰোপে যি কৰি আছে, সেয়াই হৈছে তেল উৎপাদন গতিশীল। " পশ্চিম এছিয়াৰ পৰা আঁতৰত তেলৰ দাম বৃদ্ধি পাইছে। ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় শক্তি বজাৰত চাপ বৃদ্ধি কৰে। | web |
efec807018e78406c5871164ac1860ac | লখিমপুৰৰ লালুকত ভয়ংকৰ ঘটনা। লালুকৰ কৰুণাবাৰী বেচাপট্টিত নিশা শোৱাপাটীতে এটা পৰিয়ালৰ ওপৰত দুৰ্বৃত্তৰ এচিড আক্ৰমণ। সংটকজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি পাঁচজনক। চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে শিশু, কিশোৰীসহ তিনিজনে।
নিশা দুই বজাত ছাইফুল ইছলাম নামৰ লোকজনৰ বাসগৃহত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে দুৰ্বৃত্তই। মহিলা, শিশু, কিশোৰীসহ গুৰুতৰভাৱে আহত পৰিয়ালটোৰ পাঁচজন। নিশাই সংকটজনক অৱস্থাত লালুক আৰক্ষীয়ে লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে আঘাতপ্ৰাপ্তসকলক।
আহতসকল ছালেহা খাতুন (৪৮), হাবিজা খাতুন (৩০), আনোৱাৰা বেগম (২৮), মামুনি বেগম (১৮), খুৰ্ছিদা বেগম (৯) আৰু এতৰাজ আলী (৪)। মুখ, পিঠি, পেট, বুকুত দুৰ্বৃত্তই এচিড ঢালি পলায়ন কৰে। দুৰ্বৃত্তই নিশা দুৰ্জা খুলি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি কিছু টকা,মোবাইল ফোন লুটপাত কৰাৰ পিছত গভীৰ নিদ্ৰাত থকা পৰিয়ালটোক এচিডেৰে আক্ৰমণ কৰে।
বৰ্তমান মামুনি বেগম(১৮), খুৰ্ছিদা বেগম (৯) আৰু এতৰাজ আলী ( ৪)ৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। ইফালে লালুক আৰক্ষীয়ে নিশাই ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত পৰিয়ালৰ সদস্যসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।
| web |
c5597eb3c61bcbdf92bf1553c5a12de8f19d77c3 | শিৱসাগৰঃ বিষাক্ত মাখিৰ আক্ৰমণত ভীতিগ্ৰস্ত শিৱসাগৰৰ দিখৌমুখবাসী। দিখৌমুখত বিষাক্ত মাখিৰ কামোৰত বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ৬-৭ খন গাঁৱৰ ৰাইজ। যোৱা এটা মাহ ধৰি বিষাক্ত মাখিবিধে দিখৌমুখৰ ৰঘুবাৰী, গটঙা, নকটানীকে ধৰি ৬-৭ খন গাঁৱত উপদ্ৰৱ চলিছে মাখিবিধৰ। মাখিৰ উপদ্ৰৱত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পাঠদান ব্যাহত হৈ পৰিছে।
বিশেষকৈ দিখৌমুখ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঠদান ব্যাহত হৈছে। ৰাইজৰ অভিযোগ মৰিদিখৌৰ আৱৰ্জনাৰ পৰা উৎপত্তি হৈছে মাখিবিধ। যোৱা বহু বছৰ ধৰি মৰিদিখৌ চাফা নকৰাৰ ফলত বিষাক্ত মাখিৰ উৎপত্তি হৈ বৃহত্তৰ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে। উল্লেখ্য যে মাখিবিধে কামুৰিলে খজুৱতি হোৱাৰ লগতে টেমুনাৰ সৃষ্টি হয়। নিশা খজুৱতিত টোপনি নধৰা বুলি স্থানীয় লোকে জানিবলৈ দিছে।
বিষাক্ত মাখিবিধ নিৰ্মূল কৰিবলৈ স্থানীয় লোকে জিলা প্ৰশাসনক দাবী জনাই আহিছে যদিও বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে। কেৱল এটা মলম আৰু অলপ ধোঁৱা দিয়েই দায়িত্ব সামৰা জিলা প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা ল'বলৈ দাবী জনাইছে ৰাইজে। | web |
9e0733149de7427eefbec5b10b349160f6e5887cc16c0a03debd79c595438928 | আৰু আন পুৰস্কাৰো দিছিল। তেওঁ নথকাত বঙ্গদেশত ঘটা নানা বেমেজাৰি কথা কোম্পানীৰ গুৰিয়াল সকলে মনি, তেওঁক ১৭৬৫ চনত আকৌ ভাৰতলৈ পঠাই দিলে।
আমি বর্ণনা কৰা সময়ত যদিও আগৰ মোগল সম্রাজ্যৰ অন্তৰ্গত থকা প্রায় প্রদেশ বিলাকেই স্বাধীন হৈছিল তথাপি নিয়ম মতে আৰু নামত সকলো প্রদেশই মোগল সম্রাটৰ তলতীয়া। আগেয়ে সম্রাট প্রদেশ শাসন কৰিবৰ নিমিত্তে এজন চুবাদাৰ আৰু এজন দেৱান নিযুক্ত কৰাৰ নিয়ম আছিল। নিজ প্ৰদেশত দুয়োজনেই সমান বিষয়। আছিল। চুবাদাৰে আইন আৰু শৃঙ্খল। ৰক্ষা আদি সকলো ৰকমৰ ফৌজাদাৰি কাৰ্য্য চলায় আৰু দেৱানে খাজনা-পাতি আদায় কৰা, ৰছ বৰছ কৰা আদি াব্দীয় দেৱানি কাম চলায়। ক্লাইবে বঙ্গদেশত শৃঙ্খলা লগাৱৰ কাৰণে বঙ্গদেশৰ দেৱানি বাবটে। ইংৰাজৰ হাতলৈ আনিবলৈ থিৰ কাৰলে। তেওঁ জানিছিল, ইংৰাজৰ যিমানেই শক্তি থাওক তথাপি মোগল সম্রাটে ইংৰাজৰ ক্ষমতা নিদিলে প্রজা সাধাৰণে ইংৰাজক দানিবলৈ ভাল নেপায়। সেই দেখি তেওঁ সেই সময়ৰ অতি দুর্ব্বল, নাম মাত্র মোগল সম্রাট চা আলামক, অযোধ্যাৰ নৱাবৰ পৰা পোৱা কোৰা আৰু এলাহাবাদ জিলা দুখন উপহাৰ দি আৰু প্ৰতি বছৰে ২৬ লাখ টকা কৰ দিবলৈ প্রতিশ্রুতি দি ইষ্ট ইণ্ডিয়া কোম্পানী'ৰ নিমিত্তে বঙ্গ বিহাৰ আৰু উড়িষ্যাৰ দেৱানি ললে। লগতে আগেয়ে পোৱ। উত্তৰ চৰকাৰ আদি প্ৰদেশতো কোম্পানীৰ কৰ্তৃত্ব সম্ৰাটৰ হতুৱাই স্বীকাৰ কৰাই ললে। এইদৰে শক্তিৰ দ্বাৰা লাভ কৰা ক্ষমতা আইনমতে সম্রাটৰ দ্বাৰা গ্ৰাহ কৰাই লোৱাৰ পৰাই ইংৰাজ বঙ্গ বিহাৰ আৰু উৰিষ্যাৰ আচল অধিপতি হল। ১৭৭২ খৃষ্টাব্দত নবাবৰ উত্তৰাধিকাৰী সকলক বৃত্তি দি ৰাজকাৰ্য্যৰ পৰা অৱসৰ দিয়া দিন ধৰি ইংৰাজেই কামত আৰু নামতো বঙ্গদেশৰ সৰ্ব্বময় কৰ্ত্তা হৈ উঠিল।
"ৰেগুলেটিং এক্ট" - মোগল সম্রাটৰ পৰা দেৱানি লৈ ইংৰাজে নিজে বঙ্গ বিহাৰ উৰিষ্যা আদিৰ ধনৰ গিৰিহঁত হোৱা স্বত্ত্বেও কোম্পানীৰ আথিক অৱস্থা শোচনীয় হৈ উঠিল। ইহাতে কোম্পানীৰ যিবিলাক বিষয়। বিলাতলৈ উভতি যায়, তেওঁবিলাকৰ আৰ্থিক অৱস্থা অতি উন্নত আৰু চলন ফিৰণ ৰজা মহাৰাজাৰ নিচিনা। যুটীয়া হিছাপে কোম্পানীৰ শোচনীয় আর্থিক অৱস্থ। আৰু ব্যক্তিগত হিছাপে কোম্পানীৰ বিষয়া সকলৰ উন্নত আর্থিক অৱস্থাৰ তুলনা নাই। এই বিলাক দেখি শুনি ইংলণ্ডৰ লোক সক মনত কোম্পানীৰ কাৰ্য্যত কিবা ব্যতিক্রম ঘটিছে যেন অনুমান হল। ইফালে বঙ্গদেশৰ শোচনীয় অৱস্থাৰ কথা শুনিও ইংলণ্ডৰ ৰাজনীতিবিদ লোক সকলৰ মনত দ্বিধা ভাব উপজিল।
ইংরাজ চক্ৰাৰে কোম্পানীক আগতে যি বিলাক চনদ পত্র দি আহিছে সেই বিলাকৰ ধাৰাবিলাকে কোম্পানীৰ ৰাজ্য শাসন আজ ইয়াৰ বাণিজ্য সংক্রান্ত উন্নতিত বিশেষ সহায় কৰিব নোৱাৰা যেন ভাবি ১৭৭৩ চনত পালিয়ামেণ্ট সভা সভাই ভাৰতৰ নিমিত্তে প্রথম আইন প্রণয়ন কৰাৰ দায়িত্ব গ্রহণ কৰে। এই আইনব নামেই ১৭৭৩ চনৰ ৰেগুলেটিং এক্ট । তেতিয়াৰ মন্ত্ৰী লৰ্ড নর্থে এই বিল (১) পালিয়ামেণ্ট মহাসভাত পাছ কৰাই ৰজ! ৩য় জৰ্জ্জৰ 'অনুমোদন মতে আইনত পৰিণত কৰায়। এই আইন বিধিবদ্ধ হোৱাৰ পৰাই পাৰ্লিয়ামেন্ট মহাসভাত বুটিছ ভাৰতৰ অস্তিত্ব স্বীকৃত হয় আৰু কোম্পানীও ভাৰতৰ বিষয়ত পালিয়ামেণ্টৰ ওচৰত দায়ী হয়। ইয়াৰ আগতে কোম্পানীয়ে নিজ ইচ্ছামতে শাসন কাৰ্য্য চলাইছিল।
(১) আইন পন যেতিয়ালৈকে পালিয়ামেণ্টত পাচ হৈ ৰজাৰ দ্বাৰা অনুমোদিত ম তেতিয়ালৈকে ইয়াক "বিল" বোলা হয়। আইনৰ আচনি খন বিল, নিমতে সমর্থিত হয়েছে আইন।
এই আইন চলোৱাৰ আগতে বোম্বাই, মাদ্রাজ আৰু কলিকতাত বেলেগ বেলেগ শাসন সভা আছিল আৰু এই সভা বিলাকৰ একোজন সভাপতি বা প্রেচিডেন্ট আছিল (১) তিনিও ঠাইৰ প্রাদেশিক শাসন স্বাধীন ভাবে চলিছিল, কোনো কাৰে। তলতীয়া নাছিল। প্রত্যেকেই বিলাতৰ "বৰ্ড অৱ ডিৰেক্টৰ"ৰ অধীনত সকলো কাম চলাইছিল।
এই আইন অনুসৰি বঙ্গদেশৰ গৱৰ্ণৰক, গৱৰ্ণৰ জেনেৰেল পতা হয় আৰু এওঁৰ লগত চাৰি জন সভ্য নিযুক্ত কৰি শাসন পৰিষদ্ গঠন কৰা হয়। বোম্বাই আৰু মাদ্রাজক যুদ্ধ-বিগ্রহ সন্ধি আদি গুৰুত্বপূৰ্ণ বিষয়ত বঙ্গ প্রেসিডেন্সিৰ তলতীয়া কৰা হয়, কিন্তু এনে বিষয়তো বিলাতৰ পৰা ডিৰেক্টৰ বৰ্ডৰ অনুমতি পালে গৱৰ্ণৰ জেনেৰেলৰ অনুমতি নোলোৱাকৈয়ে কাৰ্য্য কৰিব পাৰে । এই আইনে ৱাৰেণ হেষ্টিংচক 'প্ৰথম গৱৰ্ণৰ জেনেৰেল স্বৰূপে আৰু আন চাৰ্জিনক সভ্য স্বৰূপে নিযুক্ত কৰি দিয়ে। এওঁবিলাকৰ কাৰ্য্যকাল পাঁচ বছৰ পিৰ হয়। সেই দবেই আজি কোপতি চলি আহিছে। ইয়াৰ পাচৰ পৰাই ডিৰেক্টৰ সকলৰ সভাক, তেওঁবিলাকক নিযুক্ত কৰিব পৰা ক্ষমতা দিয়া হয়। ডিৰেক্টৰ সকলৰ কাৰ্য্য কালো এবছৰৰ ঠাইত চাৰি বছৰ কৰা হয়, অৱশ্যে দেখাত সকলো কাম কোম্পানীর ডিরেক্টৰ সভাই কৰিলেও আচলতে বৃটিছ গৱৰ্ণমেণ্টৰ কৰ্তৃত্বতহে কোম্পানীৰ সকলো কান চলা থিৰ হল। ডিৰেক্টৰ সভাই ভাৰতৰ কৰ-কাটল সম্পৰ্কীয় সকলো কথা ইংলণ্ডৰ অৰ্থ সচিবক আৰু আন চৰ্কাৰী বিষয়ৰ সকলো বোৰ কথা উপনিবেশ সচিবক জনাই থাকিব লাগিছিল। এইদৰে কোম্পানীৰ সকলো কামৰ বাবে পালিয়ামেণ্টৰ কৈফিয়ৎ কব পৰা ক্ষমতা হল । আইন প্ৰৱৰ্তন কৰা আদেশ দিয়া আদি কাম গৱৰ্ণৰ জেনেৰেল আৰু পৰিষদৰ ওপৰত দিয়া হয়, কিন্তু
(১) প্রেচিডেপ্ট কর্তৃত্বত থকাৰ নিমিত্তেই বঙ্গদেশ, বোখাই আৰু মাহাজক প্রেচেডেন্সি ৰোলে।
এনে আইন প্রধান আদালতৰ অনুমোদন নহলে কাৰ্য্যকৰী হব নোৱাৰে। এই আইন মতে এনে এটা প্রধান আদালত বা 'চুপ্রিম কৰ্ট' কলিকতাত স্থাপিত হয়। এই আদালতত ৰজাৰ দ্বাৰা মনোনীত এজন (১) প্রধান বিচাপতি আৰু তিনি জনৰ পৰা পাচ জনলৈকে ছৰলীয়। বিচাৰপতি ইংলণ্ডৰ পৰা নিযুক্ত কৰি পঠোৱা নিয়ম হয়। এই আদালতে দেৱানি, কৌজাদাৰি আৰু খৃষ্টান ধৰ্ম্ম সম্বন্ধে বিচাৰ কৰিব পাৰে। এই আদালতে, সাধাৰণভাবে গৱৰ্ণৰ আৰু তেওঁৰ পৰিষদৰ সভ্য কিনৰ বিরুদ্ধে অনা মকৰ্দ্দমাৰ বাহিৰে আন সকলো বিষয়াৰ বিৰুদ্ধে অন! মকদ্দমা শুনিবৰ ক্ষমতা পায় । গৱৰ্ণৰ আৰু তেওঁৰ পৰিষদৰ কোনো সভ্যৰ ওপৰত কাৰ্য্যকাৰ ভিতৰত মকদ্দমা কৰিব খুজিঙ্গে তেনে মকদ্দমা ইংলণ্ডতে হব পাৰে ।
ৰেগুলেটিং এক্টৰ আলোচনা - কোম্পানীৰ হাতৰ পৰা, ভাৰতত কৰা কোম্পানীৰ কাৰ্য্যবিলাক পাৰ্লিয়ামেণ্টৰ কৰ্তৃত্বলৈ অনাৰ প্ৰথম চেষ্টা হয় এই ৰেগুলেটিং এক্টৰ দ্বাৰাই । বিশেষ দায়িত্ব নথকা কোম্পানী এটাৰ সৰ্ব্বময় কতৃত্বৰ পৰা পালিয়ামেণ্টৰ বিধি-বিধানৰ তললৈ অহাত ইংৰাজ অধিকৃত ভাৰতৰ ভালেই হৈছিল, কিন্তু 'ৰেগুলেটিং এক্টৰ' ধাৰা বিলাক খটোৱাত অলপ অসুবিধাই দেখা দিলে। এই আইনে কাৰো ক্ষমতাৰ স্বৰূপ বৰ্ণনা কৰা নাই । গৱৰ্ণৰ জেনেৰেল আৰু তেওঁৰ পৰিষদে তলতীয়া প্ৰদেশৰ ওপৰত কতদূৰ ক্ষমতা চলব পাৰে, প্রধান আদালতৰেই বা ক্ষমতাৰ সীমা কিমান, সপৰিষদ গৱৰ্ণৰ জেনেৰেলৰ সৈতে প্রধান আদালতৰ কি সম্বন্ধ, এই বিলাকৰ কোনো ধৰাবন্ধা বিধি নথকাত পদে পদে বেমেজালিৰ সৃষ্টি হোৱাৰ
(১) এলিজাএফি প্রথম প্রধান বিচাৰপতি হয়। এ বাৰেন হেষ্টিংচৰ বন্ধু আছিল, হেষ্টিংচৰ পৰিষদৰ সভ্য সৰ ভিৰ সৰহ ভাগেই তেওঁৰ বিপক্ষ খাছিল। প্রধান বিচাৰপতি জন নিজব ফলীয়। থকা কাৰণেই তেওঁ অলপ সুবিধা পাইছিল।
সম্ভাৱনা আছিল। ইহাতে গৱৰ্ণৰ জেনেৰেলৰ ওপৰত সম্পূর্ণ দায়িত্ব থাকিব, কিন্তু তেওঁ পৰিষদৰ সৰহীয়া মতৰ বিৰুদ্ধে যাব নোৱাৰে। সেই সময়ত ভাৰতত ইংৰাজ যেনে বেমেজালিৰ ভিতৰত সোমাই পৰিছিল (১) তালৈ চাই সম্পূর্ণ দায়িত্ব থকা মানুহ জনে আৱশ্যক অনুপৰি পৰিষদৰ মতৰ বিপক্ষেও কাম কৰিব পৰা ক্ষমতা পাব লাগিছিল। ইহাতে আইনত কোম্পানীৰ বিষয়াৰ
আৰু বৃটিছ প্ৰজাৰ নাম কৰা আছে; কিন্তু ১৭৮১ চনৰ আইন কোম্পানীৰ বিষয়। কোনবোৰ আৰু বৃটিছ প্ৰজামানে ইংলণ্ডৰ প্ৰহ্লাই নে ভাৰতৰ প্ৰজ। তাৰ কোনো ব্যাখ্যা নাই । এই বিপাক অসুবিধা বুজিব পাৰি, ১৭৮১ চনত আৰু এখন আইন বিধিবদ্ধ হয়। এই আইনে অৱতে ভালে খিনি অসুবিধা আঁতৰালে।
[ বিতং শাসনৰ নিমিত্তে ৱাৰেন হেষ্টিংচেও ভালে তিনি সংস্কাৰ কৰে। তেওঁ দেৱানি আৰু ফৌজাদাৰি বিচাৰৰ নিমিতে কলিকতা চৰ্কাৰৰ অধীনস্থ সকলো জিলাতে দুখনকৈ আদালত পাতে । এখন এখন ফৌজাদাৰি আৰু এখন দেবানি বিচাৰৰ নিমিত্তে, জিলাই পতি একোজন ওথ খাপৰ ইংৰাজ বিষয়া নিয়োগ কৰে; এই বিষয়াই দেৱানি আদালতৰ গুৰি ধৰে আৰু ৰাজহ আদি তোলা काম কৰে । ফৌগুদাৰি বাৰেন হেষ্টিংচৰ সংস্কাৰ আদালতত দেশীয় লোককে বিচাৰক নিয়োগ কৰা হৈছিল। এই জিলা আদাগত বিলাকৰ ওপৰত, তাৰপৰা অহা আপিল আদি শুনিবলৈ কলিকতাত গৱৰ্ণৰৰ অধ্যক্ষতাত 'সৰৰ দেৱানি আদালত' আৰু এজন মুছলমান ৰিচাৰপতিৰ তলত 'সদৰ নিজামত আদালত' স্থাপন কৰে। ৰাজহ তোলা কাম পাঁচ বছৰৰ কাৰণে ডাক কৰি নিয় হৈছিল।
(১) আচছ। দেশত থলুৱা ৰাজশফিক ওফৰাই ৰাজ্য বিস্তাৰ কৰা এনেয়ে ডাঙৰ কাম, তাতে ভাৰতৰ ডাঙৰ শক্তি মহাঘাট, মহীপ্তৰ, নিজাম আধিৰ লগত ফ্ৰেমৰা, চাৰিও পিনে যুদ্ধ বিগ্ৰহ কৰা আহিয়েই ভয়ানক বেমেজাি
| pdf |
d0198ae818606c6e0c40c2c4b5681ea4 | হিমাংশু প্ৰসাদ দাস; তেওঁৰ নামটো কোৱাৰ লগে লগে আপোনালোক বহুতৰে মনত হয়টো দোলা দিছে তেওঁৰ দ্বাৰা ৰচিত প্ৰত্যেকটো কবিতা তথা তেওঁৰ দ্বাৰা লেখা প্ৰত্যেকখন নাটকৰ কেইটামান হৃদয় জুৰোৱা সংলাপ। নহয়নে?? "এ ছোৱালী এবাৰ ভাল পাই চাবা নেকি??" - উক্ত কবিতাটিয়ে হাজাৰ হাজাৰ যুৱ প্ৰজন্মক তেওঁৰ অনুৰাগী হ'বলৈ বাধ্য কৰাইছিল। অসমৰ এগৰাকী ব্যতিক্ৰমী চিন্তা-ধাৰাৰ শিল্পীয়ে হৈছে হিমাংশু প্ৰসাদ দাস।
২০০৮ বৰ্ষত দিল্লী স্থিত নেশ্বনেল স্কুল অৱ ড্ৰামাত তেওঁ অভিনয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি অসমত নতুন উদ্যমেৰে উভতি আহি নিজৰ লগতে নাটক সমূহক এক অন্য যাত্ৰা প্ৰদান কৰাৰ চেষ্টা কৰিছিল। ইয়াৰ উপৰিও হিমাংশু প্ৰসাদ দাসে পৰিচালিত কৰা "ছাকিৰা আহিব বকুল তলৰ বিহুলৈ" শীৰ্ষক ছবিখনেও লাভ কৰিছিল দৰ্শকৰ বৃহৎ সংখ্যাত সমাদৰ।
এইবছৰত তেওঁৰ দ্বাৰা প্ৰস্তুত কৰা নাটক কেইখন হৈছে ক্ৰমে- হেঙুল থিয়েটাৰত "মিছ ৰুক্মিণী হৰণ", প্ৰাগজ্যোতিষ থিয়েটাৰত "হাল্লা-বোল", আৰু ভাগ্যদেৱী থিয়েটাৰত "লংকা কাণ্ড"।
| web |
3664e007d553e07f0eeb59d7ba6681e4d1969d5c4a29b63d11fcc8d4d7f634aa | দুর্জন / ৬০
ফাঁক কৰি গছৰ ওপৰত বহি থকাজনে ৰাস্তাটোলৈ চালেকোনোবা আছে নেকি?
জন্তু এটাই ঘাঁহ খোৱাৰ শব্দ ।
(নিস্তব্ধতাৰ চৰম মুহূর্ত)
গৰুৱে ঘাঁহ খাইছে নে ম'হে ধাঁহ খাইছে চাব খোজোতে দেখিলে স্বয়ং কেম্পবেল গছডালৰ তলতে। কাৰোবালৈ যেন অপেক্ষা কৰিছে । ওপৰলৈ চালে একে। চকুত নপৰিল । পিন্ধি থকা হেট টোৰ ওপৰত সোণাৰু ফুলৰ পাহিবোৰ সৰি পৰিল । হেট টে। খুলি ওপৰত পৰি থকা পকা ঘূৰণীয়া নেমুৰঙৰ দৰে সোণাৰু ফুলৰ পাহিবোৰ পেলাই দিলে ।
কেবেনে ওপৰৰপৰাই অনুভৱ কৰিলে, যেন কোনোবা এজন দৌৰি আহিছে আৰু চাহাবৰ ওচৰত ৰৈ গৈছে ।
চাহাবে চিবুক দেখিয়েই ক'ৰবাৰপৰা কিৰা সম্ভেদ কঢ়িয়াই অনা বুলি ভাবি ধোঁৰাত লফিয়াই উঠি যাবলৈ সাজু হ'ল । 'ক্যা খবৰ ? তুমি কি তাকে দেখিছে ? ঐ ক'ত থাকিছে তাৰ কুছ পাত্তা নাহি মিলিছে ।'
চিবুৱে মূৰটো জোকাৰি নেদেখাৰ ইঙ্গিত দিলে। 'ননচেঞ্চ ! তুমি দেখিবে কি ৰকম ? হি ইজ ম'ৰ ক্লেভাৰ ডেন ইউ । তুমি কেৱল খাব জানিছে অউৰ কুছ নাই জানিছে। পগ কহি কা । গ' এ্যগু ফাইণ্ড, আউট, হিম্ ইমিডিয়েটলি । তুমি হিদিগে যাবে, আউৰ হামি যাব হিদিগে।'
যি দেখা গ'ল, সনন্তই কোৱা কথাষাৰ সম্পূৰ্ণ সঁচা । বস্তিত সি তাক কিয় নামাতিলে সেই কথা এতিয়া স্পষ্টভাৱে বুজি, উঠিল । তাৰ কথা চিবুৱেই নিশ্চয় জনাইছিলগৈ, এই বিষয়ত সি নিশ্চিত হ'ল ।
বিশ্বাসঘাতকতাৰ চূড়ান্ত নিদর্শন। বহুৱাই বহুৱাক বিশ্বাসযাতকতা কৰে। আজি মোৰ অপকাৰ কৰিছে, কাইলৈ তাৰ
দুর্জন / ৬১
কৰিব, পৰহিলৈ অন্য এজনৰ কৰিব । চাহাবে বুজিব আমাৰ মাজত কোনে। একতা নাই। এইচৰ, - 'চালা চব চুৱৰ কা বাচ্চা, কেবেনে গছৰ ওপৰতে মুখেৰে ভোৰভোৰাই থাকিল ।
সনন্তই জানিছিল, যিহেতু কেবেন তাৰ ঘৰত সোমাইছে এই খবৰ চিবুৱে সংগ্ৰহ কৰি নিশ্চয় চাহাবক বীৰদৰ্পে জনাৰগৈ আৰু যদি চাহাবে কেৰেনক ইয়াৰপৰা পলাই ফাট মৰা দেখা পাইছে, তেন্তে তাৰ কোনোপধ্যেই ৰক্ষা নাই । সি পলাইও লাভ নাই । হয়তো এই মুহূর্ততেই বিজনীৰ ফালে গুচি যাব লাগিব ; নহয়তো ইয়াতে থাকিলে কেম্পবেলৰ সৌকাৰ কোব খাবই লাগিব ।
কেবেনৰ ওপৰত উঠা খংটো তাৰ নিমিষতে দমি আহিল আৰু মনত সাহস গোটালে। কেবেনে চাহাবৰ বিৰুদ্ধাচৰণ কৰি উপযুক্ত কামকেই কৰিছে । মাত্র ভুল কৰি আছো আমি । বাগিছাৰ গোলামি বাদ দি সি সাহসৰহে পৰিচয় দিছে, তাৰ তুলনাত আমি চব ভিজা মেকুৰী ।
সনস্তই ইমানপৰে বাহিৰতেই থিয় দি আছিল । তাৰপৰা সি গুচি আহিল আৰু কেবেনে দি যোৱা কেৰ্কেটুৱাৰ ছালখন বেৰত ওলোমাই থোৱা ঠাইৰপৰা আনি তুলি এডাল বনাম বুলি নোমবোৰ কাটিব ধৰোঁতেই বাহিৰত জোতাৰ শব্দ শুনি কঁপিবলৈ ধৰিলে।
বোধহয় চাহাব পুনৰ আহিছে । সি সাজু হোৱা উচিত, এইবাৰ কোনোপধ্যেই ৰক্ষা নাই ।
সমুখলৈ চোৱাৰ সাহস তাৰ নহ'ল । জোড়াবোৰ দেখিলে প্ৰথমতে আৰু জোতা পিন্ধা মানুহজন কোন সেই বিষয়ে নিশ্চিন্ত থাকি মাত্র ভয় নকৰিবলৈ নিজৰ মনৰ লগত যুঁজ-ৰাগৰ কৰি সমুখলৈ চালে ।
কুঞ্চিত কপাল আৰু কৃষিত যুগাবৰণীয়া চকুৰে এক অজ্ঞাৰ চাৱনিৰে চাহাবে সুধিলে-'হোৱেৰ ইজ হি ?
| pdf |
109157b09907637ed0450b96341bc78aa82219f9 | কিছুদিন পূৰ্বে বিজেপি চৰকাৰৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত কটাক্ষ কৰি ৰোষত পৰিছিল চলচ্চিত্ৰ পৰিচালক অনুৰাগ কাশ্যপ।
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এনএফ ডি চি)ৰ নিয়ম বহিৰ্ভূত বিত্তীয় লেনদেনৰ অভিযোগত পৰিচালকগৰাকীক চি বি আইৰ তদন্তৰ সন্মুখীন হোৱাৰ বাতৰিও ওলাইছিল।
কিন্তু একোৱে বাধা দিব পৰা নাই অনুৰাগক। পূৰ্বৰ দৰেই বক্ৰোক্তি ভৰা ভাষাৰে আক্ৰমণ চলাইছে প্ৰধান মন্ত্ৰী মোদীক।
कभी कभी लगता है पाकिस्तान नहीं होता तो मोदी जी के पास बात करने के लिए भी कुछ नहीं होता । काम तो खैर वो वैसे भी तभी करते हैं जब आसपास कैमरा होता है ।
অনুৰাগ কাশ্যপৰ মোদী বিৰোধী কটাক্ষ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও তেওঁ মোদীৰ বিৰুদ্ধে কেইবাবাৰো সৰৱ হৈছিল।
শেহতীয়াভাৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত অনুৰাগে মোদী চৰকাৰক ভয়াতুৰ, অহংকাৰী তথা ক্ষমতালোভী বুলি অবিহিত কৰিছিল।
দেশজুৰি চলা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদতো যোগ দিছে অনুৰাগ কাশ্যপে। ইয়াৰ বাবেই তেওঁৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ দিয়াৰো অনুমান কৰিছে সচেতন মহলে। | web |
83e4854af5a6fd84e147be81fdda3e94 | সময় সলনি হৈছে, সলনি হৈছে জনসাধাৰণৰ সচেতনতাৰো। বৰ্ধিত ইলেক্ট্ৰনিক মেডিয়াৰ লাইভ আলোচনা, ছ'চিয়েল মেডিয়াৰ অসম্পাদিত বাৰ্তা, প্ৰচাৰ আদিয়ে যথেষ্ট প্ৰভাৱিত কৰা হৈছে নিৰ্বাচনী ফলাফলো। মানুহক এতিয়া কাম লাগে, মুখত এটা কামত এটা স্থিতি হয়তো ৰাইজে পচন্দ নকৰা হৈছে। দেখিও নেদেখা ভাও জোৰা ধৃতৰাষ্ট্ৰ সজা শাসকৰ বাবে এই বাৰ্তাকেই চাগৈ নিৰ্বাচনৰ ফলাফলৰ যোগেদি বিহাৰৰ ৰাইজে দিবলৈ বিচাৰিছে। সাধাৰণ নিৰ্বাচনত বুকুৰ আমঠু কৰি লোৱা এন.ডি.এ তথা বিজেপিয়ে বিগত সময়চোৱাতনো কি এনে কৰিলে যে ৰাইজৰ মাজত গ্ৰহণযোগ্যতাৰ অভাৱ ঘটিল সেই কথাও এই মূহূৰ্তত বিচাৰ কৰাৰ প্ৰয়োজন আছে। বিশাল জয়ৰ পাছত আচল কামলৈ পিঠি দিয়া শাসকক যি কোনো স্তৰৰ নিৰ্বাচন যোগে সেকা দিবলৈ ভাৰতীয় জনতা যে আজি সচেতন হৈ উঠিছে, সেই কথা বাৰানসীৰ গ্ৰাম্য স্তৰৰ নিৰ্বাচনৰ পৰা বিহাৰৰ বিধান সভাৰ নিৰ্বাচনী ফলাফলতো প্ৰতিফলিত হৈছে।
এই ফলাফলৰ পটভূমিৰ বিশ্লেষণ কৰিবলৈ হ'লে বিগত ডেৰ বছৰ সাম্প্ৰতিক ঘটনাৱলীৰ কথাও উল্লেখ কৰিবই লাগিব। চাওকচোন, ২০১৪ চনৰ নিৰ্বাচনৰ ফলাফলৰ ঠিক পিছতেই কেইজনমান লোক আৰু কেবাটাও ৰাজনৈতিক অৰাজনৈতিক সংগঠনৰ যেন গাত পৰুৱা উঠিছিল, 'লাভ জিহাদ' নামটো লৈ দেশ তোলপাৰ লগাই দিছিল। দেশৰ জীয়ৰী ৰক্ষাৰ বাবে তেওঁলোকক যেন ঠিকা দিয়া হৈছিল। বিৰুদ্ধে কোনোবাই কিবা ক'লেই দেশদ্ৰোহী হৈ পৰিছিল। এই হঠাৎ পেট্ৰিয়টসকলে যেন কোনো সম্প্ৰদায়ৰ 'বিৰাট' (?) ষড়যন্ত্ৰক ওফৰাইহে পেলাব! আৰু বীৰদৰ্পে ২০১৪ চনৰ নিৰ্বাচনত ৰাইজে তেওঁলোকক এই কামৰ বাবেই নিৰ্বাচিত কৰা বুলি ধাৰণা সৃষ্টি কৰাত লাগিছিল। আচৰিত কথাটো আছিল এয়ে যে, নতুন প্ৰধানমন্ত্ৰীকে আদি কৰি দলীয় নেতৃত্বই মাত এষাৰো মতা নাছিল, তেতিয়ালৈকে যেতিয়ালৈ এটা সৰু উপনিৰ্বাচনৰ ফল ওলোৱা নাছিল!
কিন্তু ছেপ্তেম্বৰৰ শেষত প্ৰধানমন্ত্ৰীয়ে কবলৈ বাধ্য হৈছিল যে ভাৰতীয় মুছলমানৰ দেশপ্ৰেম সন্দেহৰ উৰ্দ্ধত, আৰু গৃহমন্ত্ৰীয়ে ক'লে যে 'লাভ জিহাদ' কি হয় এইটো? হয়তো এই কথাখিনিৰ পৰা কোনো একো শিক্ষা লাভ নকৰিলে বা 'লাভ জিহাদ' অৰুণ জেটলীৰ মৰমৰ শব্দ Manufactured অভিধা আছিল। হয়, ঠিকেই Cobrapost ৰ গোপন অনুসন্ধানৰ ভিডিঅ'ত জোলোঙাৰ মেকুৰীও ওলাই পৰিল! কিন্তু দুখৰ বিষয় যে, দেশপ্ৰেমিক বাতৰিৰ ছেনেলবিলাকৰ সময় নহল এই অনুসন্ধানৰ ওপৰত বাতৰি পৰিবেশন কৰিবলৈ।
আজি ৰাইজে কৈ আছে অসহিষ্ণুতা বৃদ্ধি হৈছে, ওলোটাই কোনোবাই ডাটা দেখুৱাইছে সাম্প্ৰদায়িক সংঘৰ্ষ কমিছেহে আগতকৈ! বা কোনোবা অত্যুৎসাহী অসমীয় কাকতৰ স্তম্ভলেখকে এন.জি.অ'ৰ বিদেশী সাহাৰ্যৰ সৈতে সংযোগলৈ আঙুলিয়াই দিছে! আচল কাৰকক ধূসৰিত কৰি মূল কথা, কবলৈকে লাজ লগা ধৰ্মান্ধ কিছুমানৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে যে ধৰ্ম-নিৰপেক্ষতাৰ আহ্বান জনোৱা মানুহৰ গণতান্ত্ৰিক মতান্তৰ হৈছে সেই কথা কবলৈ বিচৰা নাই।
পিছে এই অসহিষ্ণুতাৰ বাবে কব্ৰাপষ্ট আগবাঢ়ি আহিবলগীয়া হোৱা নাই। এয়া ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাৰ অসহিষ্ণুতা। ভাৰতৰ সংসদত শাসক দলৰ যিগৰাকী সাংসদে ধৰ্মীয় সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ঘন্টাযোৰা ভাষণ দিছিল, তেখেতেই মুছলমান মহিলাৰ মৃতদেহকো অত্যাচাৰ কৰাৰ কথা কয়, নিৰ্বাচিত সাংসদে ৰামজাদা-হাৰামজাদা কয়, নিৰ্বাচিত বিধায়কে গো-মাংসৰ নামত দেশৰ সন্মান ৰক্ষাত ব্ৰতী নৌসৈনিকৰ পিতৃক কিছুমান পশুৱে হত্যা কৰাৰ পিছত তাত গৈ সভা পাতি বিবাদিত মন্তব্য দিয়ে। ঠিক লাভ জিহাদৰ দৰেই চৰকাৰৰ বৰমূৰীয়াসকল নিমাত। গতিকে ৰাষ্ট্ৰৰ শাসকৰ পৃষ্ঠপোষকতা নহ'লে এয়া সম্ভৱনে?
শাসনৰ জৰী হাতত থকা সকলে কঠোৰ স্থিতি ললে এনে লোকসকল জেইলৰ ভিতৰত থকাটো নিশ্চিত আছিল! নিশ্চিত আছিল মহাত্মা গান্ধীক যিদৰে নিৰস্ত্ৰ অবস্থাত হত্যা ক'ৰা হৈছিল ঠিক সেইদৰে যুক্তিবাদী লেখকসকলক হত্যা কৰাসকলো জেলত থকাটো! নিশ্চিত আছিল লেখকৰ মৃত্যুত আতচবাজীৰে ফুৰ্তি কৰা হিটলাৰৰ বংশধৰকলক দলৰ-সংগঠনৰ পৰা উলিয়াই দিয়াটো। নিশ্চিত আছিল এজন বিদেশী লেখকৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ কলা ৰঙ কাৰোবাৰ মুখত সনা সকলৰ জেলগমন। কিন্তু একো নাই হোৱা, বৰঞ্চ যেন চৰকাৰে প্ৰদান কৰা ভায়েগ্ৰা সেৱন কৰি এইসকল অধিক উৎসাহিত হৈছিল, নিলৰ্জ পাৰ্ৰফমেণ্সৰ বাবে।
এই বিহাৰৰ নিৰ্বাচনৰ পিছত কামনা কৰিছো, দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ে যেন সাহস পাওক। যি ভাষণত কয় তাকে বাস্তৱত কৰি দেখুৱাবলৈ। ভাষনেৰে যে মানুহক চিৰকাল ঠগি থাকিব নোৱাৰি সেয়া ৰাইজে বুজি উঠিছে! প্ৰধানমন্ত্ৰীয়ে যে সেই অতবোৰ আপাত ৰাজনৈতিক সংগঠনৰ ওচৰত দায়বদ্ধতাক নেওচা দিব নোৱাৰে। সেয়ে বিকাশৰ মুখাতকৈ মুখাৰ তলৰ গোপন উদ্দেশ্যেহে বাৰে বাৰে সমুখলৈ অহাত তেখেতেও বাধা দিব পৰা নাই। শক্তিশালী নেতা হিচাবে ৰাইজে গ্ৰহণ কৰা মোদী চাহাবৰ এই নিৰৱতা বা ভূমিকাক লৈ ৰাইজ যে অসন্তোষিত হৈছে! বিহাৰৰ নিৰ্বাচনী ফলাফল তাৰেই এক সঁকিয়নী নহয়নে!
ৰাইজে এয়াও বুজি উঠিছে যে ভাষনেৰে যিমানেই নকওক কিয়, আচল ডাটা আজিকালি ইন্টৰনেটত পোৱাই যায়। ভুল তথ্যৰ ৰাজনীতিৰে বেচিদিন মিছাবোৰ লুকুৱাব নোৱাৰে। Indiaspend ৰ দৰে বহুতো গোট/ লোক আগবাঢ়ি আহিছে এই তথ্য-সন্ত্ৰাসৰ বিৰুদ্ধে। গতিকে প্ৰধানমন্ত্ৰী মহোদয়ে আশা কৰো সাহসেৰে মনৰ কথা কওক যে এই গোমাংস আদিৰ সাম্প্ৰদায়িক ৰাজনীতি ৰাইজে পৰিহাৰ কৰক আৰু তেনেকুৱা কৰা অপৰাধীক জেইললৈ পঠাই দেশলৈ শক্তিশালী বাৰ্তা দিয়ক! প্ৰমাণ কৰি দেখুৱাওক যে একক ধৰ্মৰে ভাৰতবৰ্ষক পৰিচালিত কৰিব বিচাৰাসকল ভুল দেশত জন্ম ল'লে, এই দেশত বিভিন্নতাক উদযাপন ক'ৰা হয়, সংখ্যাগুৰুৰ দমন অবাস্তৱ ফেণ্টাচিহে। বিহাৰৰ নিৰ্বাচনৰ ফলাফল হওক, এই বাস্তৱক মানি লব নোখোজা অসহিষ্ণু মনৰ চিন্তাবোৰৰ বিৰুদ্ধে জনতাৰ এক শুভবাৰ্তা স্বৰূপ!
| web |
7a1d80d1bd0cc7159eb6bae83e5c79778313638e | বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন-২০১৯ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা অসমবাসীক উপলুঙা অসম গণ পৰিষদৰ সভাপতি মন্ত্ৰী অতুল বৰাৰ। স্বতঃস্ফূৰ্তভাৱে শদিয়াৰ পৰা ধুবুৰীলৈ ৰাইজে গঢ়ি তোলা প্ৰতিবাদক গান-নাচ আৰু টায়াৰ জ্বলোৱা আন্দোলন আখ্যা। আন্দোলনটোত অংশগ্ৰহণ কৰা গৰিষ্ঠসংখ্যক লোকৰ চেহেৰা,কথা-বতৰা কংগ্ৰেছ-এআইডিইউএফৰ বুলি বৰাই কটাক্ষ কৰে। লগতে কয় যে সম্পত্তি বিনষ্ট কৰাত তেওঁলোকে জড়িত। দলৰ মুখ্য কাৰ্যালয়ত এটা যোগদান অনুষ্ঠানত উপস্থিত থাকি সভাপতি বৰাই আৰু কয়-'"কা বাতিলৰ বাবে গান-নাচ,ৰাস্তাত টায়াৰ জ্বলাই কেন্দ্ৰীয় চৰকাৰক সৈমান কৰিবলৈ নোৱাৰি। দিল্লীয়ে কেৱল ৰাজনৈতিক পৰিৱৰ্তনলৈ ভয় কৰ। আইন-আদালতৰ কথা জানিও একাংশই আঞ্চলিক ৰাজনৈতিক দল গঠন কৰাৰ বাবে আন্দোলন কৰিছিল। অসম চুক্তিৰ আত্মাস্বৰূপ ছয় নং দফা ৰূপায়ণ কৰাৰ স্বাৰ্থত বিজেপিৰ লগত মিত্ৰতা কৰিছোঁ। এককভাৱে চৰকাৰ গঠন কৰাটো সম্ভৱ নহয়"। অসমত আঞ্চলিকতাবাদ শক্তিশালী কৰিবলৈ হ'লে অগপক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কিয় বুলিও নৱ-গঠিত আঞ্চলিক দললৈ প্ৰশ্ন উত্থাপন কৰে বৰাই। তেওঁ কয়-"অগপলৈ ভাল দিন আহিব। আৱেগ নহয় যুক্তিৰে আগবাঢ়িব লাগিব। " | web |
8c501d7f611b8ac70bbe91f5c8c90bb57ae51e13 | দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে বিতৰ্কিত 'বুল্লিবাঈ' এপ গোচৰত গ্ৰেপ্তাৰ কৰিছে অসমৰ এজন যুৱকক। দিল্লী আৰক্ষীয়ে দাবী কৰা অনুসৰি অসমৰ ২০ বছৰীয়া অভিযান্ত্ৰিক ছাত্ৰজনে আছিল মূল মাষ্টাৰমাইণ্ড। যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা অসমৰ যুৱকজন ২১ বছৰীয়া নীৰজ বিষ্ণৈ।
নীৰজে ভূপালৰ ভেলোৰ ইনষ্টিটিউট অৱ টেকন'লজীত কম্পিউটাৰ বিষয়ত অধ্যয়ন কৰি আছে। দিল্লী আৰক্ষীৰ ইণ্টেলিজেঞ্চ ফিউজন এণ্ড ষ্ট্ৰেটেজিক অপাৰেচন ইউনিটৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱাৰ পিছত ভিআইটিয়ে নীৰজক নিলম্বন কৰিছে।
বৃহস্পতিবাৰেহে দিল্লী আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাৰ পিছত ১০ জানুৱাৰীলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। আদালতে আৰক্ষীক বুল্লিবাঈ এপ গোচৰত অনুসন্ধান কৰিবলৈ অনুমতি দিয়ে।
আৰক্ষীয়ে নীৰজক বুলি বাই এপৰ মূল ষড়যন্ত্ৰকাৰী বুলি অভিহিত কৰিছে। এপটোৱে মুছলমান মহিলাসকলক লক্ষ্য কৰি আছিল আৰু নিলাম কৰাৰো অভিযোগ। ইতিমধ্যে এই গোচৰটোৰে জড়িতৰ সন্দেহত উত্তৰাখণ্ডৰ শ্বেতা সিং, বেংগালুৰুৰ বিশাল ঝা আৰু মায়াংক ৰাৱাল নামৰ আন ৩জনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।
প্ৰকাশিত খবৰ অনুসৰি দিল্লী আৰু মুম্বাই আৰক্ষীয়ে নীৰজক ধৰিবলৈ চেষ্টা কৰি আছিল। কিন্তু মুম্বাই আৰক্ষী যোৰহাটত উপস্থিত হোৱাৰ এঘণ্টা পূৰ্বে দিল্লীৰ দলটো উপস্থিত হৈছিল আৰু অভিযুক্ত নীৰজক দিল্লীলৈ লৈ গৈছিল। চাইবাৰ চেলৰ বিষয়াসকলে এই সন্দৰ্ভত দিল্লী আৰক্ষী বিষয়াৰ সৈতে কথা পাতিছে। দুয়োটা দলে ইজনে সিজনৰ সৈতে সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিছে। দিল্লী আৰক্ষীৰ বিশেষ IFSO দলে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতে দেশজুৰি খলকনিৰ সৃষ্টি হৈছে। | web |
d9017cd53e201a5be82eb66babf02a19 | অৰ্ধ নাৰী - সাহিত্য ডট অৰ্গ\nজুবেদাৰ যেতিয়া বিয়া হয় তাইৰ তেতিয়া পঁচিশ বছৰ বয়স। তাইৰ মাক-দেউতাকৰ ১৭ বছৰতে তাইক বিয়া দিয়াৰ ইচ্ছা আছিল। কিন্তু মনৰ মতন কোনো সম্বন্ধ অহা নাছিল। যেতিয়াই তাইৰ বিয়াৰ কথা প্ৰায় ঠিক হয়, তেতিয়াই কিবা নহয় কিবা সমস্যা আহি পৰে। ফলত তাই ইমান দিন বিবাহপাশত আৱদ্ধ হ'ব পৰা নাছিল। যেতিয়া জুবেদাই পঁচিশ বছৰত ভৰি দিলে তাইৰ দেউতাকে এজন অকলশৰীয়া ব্যক্তিৰ সতে তাইৰ বিয়াখন প্ৰায় ঠিক কৰি পেলালে।\nজুবেদা আছিল মাক-দেউতাকৰ একান্ত বাধ্য ছোৱালী। তাই নিজেই মাক-দেউতাকৰ এই সিদ্ধান্ত মানি ললে বাবে বিয়াখনো সুকলমে হৈ গ'ল আৰু জুবেদা পতিগৃহলৈ গুছি গ'ল।\nতাইৰ স্বামীৰ নাম আছিল ইলমুদ্দিন। খুব শান্ত আৰু সৎ প্ৰকৃতিৰ মানুহ, আৰু পতি হিচাপে কিদৰে প্ৰেম কৰিব লাগে সেইটো তেওঁ জানে। জুবেদাৰ সুখ-দুখৰ প্ৰতিটো খবৰ তেওঁ ৰাখে। প্ৰতি মাহেই জুবেদা এবাৰকৈ মাক-দেউতাকৰ ওচৰলৈ যায়। এবাৰ যেতিয়া তাই মাকৰ ঘৰলৈ গ'ল মূল দৰজাত ভৰিখন ৰাখিবলৈ নৌ পাওঁতেই তাই ঘৰৰ ভিতৰত কান্দোনৰ শব্দ শুনিবলৈ পালে। ঘৰৰ ভিতৰলৈ সোমাই গৈয়েই তাই গম পালে যে তাইৰ দেউতাকৰ হৃদৰোগত আক্ৰান্ত হৈ হঠাত মৃত্যু ঘটিছে।\nজুবেদাৰ মাক এতিয়া ঘৰত অকলেই থাকে। ঘৰত বনকৰা মানুহৰ বাদে আন কোনো নাছিল। সেইবাবে তাই স্বামীক ক'লে যদি তেওঁ অনুমতি দিয়ে তেতিয়া হ'লে নিজৰ মাকক তাই লৈ আনিব। ইলমুদ্দিনে জুবেদাক ক'লে,\n: ইয়াত অনুমতি লোৱাৰ কি কথা আছে? এইটো তোমাৰ নিজৰ ঘৰ, তোমাৰ মা মোৰো মা। ঘৰলৈ গৈ তেখেতক লৈ আনা। তেওঁৰ বস্তু-বাহনি অনাৰ ব্যৱস্থা মই কৰি দিম।\nজুবেদাই শুনি খুব সুখী হ'ল। তাইৰ ঘৰটোও বেচ ডাঙৰ। দুই তিনিটা কোঠালী এনেয়ে খালি হৈ পৰি আছিল। তাই টাঙ্গাত গৈ মাকক লৈ আনিলে।\nএদিন তাইৰ মাকে তাইক ক'লে,\n: মই ইয়ালৈ অহা দহ মাহৰ ওপৰ হ'লহি। এতিয়ালৈকে এটা পইচাও খৰচ হোৱা নাই। তোৰ দেউতাই দহ হাজাৰ টকা আৰু বহুত গহনা থৈ গৈছে।\nজুবেদাই চৌকাত পাতল পাতলকৈ ৰুটি সেকি আছিল। তাই ক'লে -\n: মা, তুমি কি কৈছা!\n: মই সকলোখিনি ইলমুদ্দিনকেই দি দিলোঁহেঁতেন, কিন্তু কিয় নাজানো মোৰ ইচ্ছা হৈছে তোৰ ল'ৰা-ছোৱালী এটা হ'লে তাকেই আশীৰ্বাদ হিচাপে সকলো দি দিম ।\nজুবেদাৰ মাকৰ মনলৈ এটা কথাই বাৰে বাৰে আহি থাকিবলৈ ল'লে তাইৰ কিয় ল'ৰা-ছোৱালী এটা হোৱা নাই। বিয়াৰতো প্ৰায় দুবছৰ পাৰ হৈ গ'ল। কিন্তু এতিয়ালৈকে ল'ৰা-ছোৱালী হোৱাৰ কোনো লক্ষণেই চকুত পৰা নাই।\nজুবেদাৰ মাকে তাইক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। কত ধৰণৰ বড়ি কত ধৰণৰ ঔষধ তাইক খুৱালে। কিন্তু তথাপিও একো লাভ নহ'ল।\nঅৱশেষত জুবেদাক তেওঁ পীৰ ফকীৰবোৰৰ ওচৰলৈ লৈ গ'ল। বহু ধৰণে শুশ্ৰূষা কৰিলে। বহুত তাবিজ পিন্ধালে। কিন্তু তেওঁৰ মনৰ আশা পূৰণ নহ'ল।\nএইবোৰ ইটো সিটো কৰি কৰি জুবেদাৰ এসময়ত এইবোৰৰ ওপৰত বিতৃষ্ণা জন্মিল। এদিন তাই ভীষণ বিৰক্ত হৈ মাকক ক'লে,\n: মা, এইবোৰ লৈ আৰু মূৰ নঘমাবা, ল'ৰা-ছোৱালী ন'হলে নাই।\nতাইৰ মাকে মুখ ভেঙুচাই ক'লে-\n: তই নাজান, এজনী ছোৱালীৰ কিয় সন্তান হোৱা দৰকাৰ। তোৰ মূৰটো কি বেয়া হৈ গৈছে? সন্তান এটা ঘৰলৈ আহিলে মানুহৰ জীৱন বাগিছা সুশোভিত হৈ পৰে। তেতিয়া ...\nজুবেদাই চৌকাৰ পৰা উঠাই ফুলকা ৰুটি এখন বাচন এটাত ৰাখি ক'লে,\n: মা কেঁচুৱা যদি নহয় মই কি কৰিব পাৰোঁ? এইটো কি মোৰ অপৰাধ?\nতাইৰ বৃদ্ধা মাকে ক'লে,\n: এই দোষ কাৰো নহয়। ...কেৱল আল্লাৰ মেহেৰবাণীৰ প্ৰয়োজন।\nজুবেদাই খোদাতাল্লাৰ কেৱল সেৱা যত্নই কৰা নাছিল। তেওঁৰ ওচৰত হাজাৰবাৰ প্ৰাৰ্থনাও কৰিছিল। খোদাই যেন কৃপা কৰি তাইৰ কোলাত সন্তান এটি দিয়ে। কিন্তু তাই কৰা ইমানবোৰ প্ৰাৰ্থনাৰ কোনো ফল নধৰিলে।\nতাইৰ মাকে প্ৰতিদিনেই যেতিয়া তাইৰ সতে সন্তান জন্মৰ বিষয়ে কথা পাতে, তেতিয়া তাইৰ মনত ভাৱ হয় তাই যেন এখন অনুৰ্বৰ পথাৰ, যিখন পথাৰত কেতিয়াও কোনো গছ-গছনি অঙ্কুৰিত নহয়। ৰাতি জুবেদাই কিছুমান অদ্ভুত সপোন দেখে। প্ৰতিটো সপোনৰ দৃশ্যবোৰ অৰ্থহীন আৰু খেলিমেলি। ....কেতিয়াবা দেখে তাই কোনোজন মানৱহীন মৰুভূমিত অকলে থিয় হৈ আছে। তাইৰ কোলাত এটা হৃষ্ট-পুষ্ট শিশু। তাই সেই শিশুটোক এনেধৰণে শূণ্যলৈ দলি মাৰি দিলে যে শিশুটি আকাশৰ বুকুত ক'ৰবাত হেৰাই গ'ল।\nকেতিয়াবা তাই সপোন দেখে, তাই এনেকুৱা এখন বিছনাত শুই আছে যিখন বিছনা কণ কণ শিশুৰ জীৱন্ত আৰু স্পন্দিত মাংসৰে তৈয়াৰ কৰা। এই ধৰণৰ সপোনবোৰ দেখি দেখি তাইৰ চিন্তা ভাৱনাৰ ভাৰসম্য হেৰুৱাই পেলালে। যেতিয়া তাই বহি থাকে সকলো সময়তে কেৱল তাইৰ কাণত সৰু ল'ৰা-ছোৱালীৰ কান্দোনৰ মাত ভাঁহি থাকে। এদিন তাই মাকক সুধিলে-\n: কাৰ কেঁচুৱাই ইমান কান্দিছে মা?\nতাইৰ মাকে কাণ থিয় কান্দোনৰ শব্দ শুনাৰ চেষ্টা কৰিলে। কিন্তু কোনো ধৰণৰ শব্দ শুনা নাপাই তাইক ক'লে\n: ক'তা? কোনো কেঁচুৱাইতো কন্দা নাই।\n: নাই মা কান্দিছে। কান্দি কান্দি লেবেজান হৈ গৈছে।\nতাইৰ মাকে তাইক ক'লে,\n: হয় মই কাণেৰে কম শুনা হৈছোঁ আৰু নহ'লে তোৰ কাণত কিবা এটা হৈছে।\nজুবেদাই আৰু একো কথা নবঢ়াই নিশ্চুপ হৈ পৰিল। কিন্তু বহুত সময় ধৰি কোনো নৱজাত শিশুৰ অবিৰাম কন্দাৰ শব্দ তাইৰ কাণত বাজি থাকিল। বহুসময়ত তাইৰ মনত ভাব হ'য় যেন তাইৰ বুকুৰ পৰা গাখীৰ টোপাটোপে পৰিছে। কিন্তু তাইৰ এই অনুভৱ তাই মাকৰ আগত ব্যক্ত নকৰিলে। যেতিয়া তাই নিজৰ শোৱা কোঠালৈ বিশ্ৰাম কৰিবলৈ গ'ল, তাই ব্লাউজটো খুলি তাইৰ বুকুৰ ফালে চালে। তাই দেখিলে তাইৰ স্তন যুগল যেন গাখীৰেৰে টনটনাই আছে।\nতাই সদায়েই শিশুৰ কান্দোনৰ শব্দ শুনে। কিন্তু তাই বুজিব পাৰিলে এইবোৰ তাইৰ মনৰ ভুল। সকলো সময়তেই তাইৰ মূৰত যেন হাতুৰীৰ কোব পৰে তাই ভাবি থাকে, কিয় তাইৰ ল'ৰা-ছোৱালী হোৱা নাই!\nতাই নিজকে ভীষণ অকলশৰীয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে। এই ধৰণৰ একাকিত্ব যিকোনো বিবাহিত মহিলাৰ জীৱনলৈ অহাটো একো অস্বাভাৱিক নহয়।\nতাই আজিকালি সকলো সময়তে উদাস হৈ থাকে। চুবুৰীয়াৰ ল'ৰা-ছোৱালীবোৰে হুলস্থূল কৰিলে তাইৰ কাণখন যেন ফাটি পৰে। ইচ্ছা হয় বাহিৰলৈ গৈ সিহঁতৰ যেন ডিঙি চেপি মাৰি পেলাব। কিন্তু তাইৰ পতি ইলমুদ্দিনৰ সন্তানৰ বাবে কোনো চিন্তা ভাৱনা নাছিল। তেওঁৰ কাপোৰৰ ব্যৱসায় দিনক দিনে ৰমৰমীয়া হৈ পৰিছিল। তেওঁৰ মাহিলী আয় আগতকৈ দুগুণ হৈ পৰিছিল। তেওঁৰ এই দুগুণ আয় বৃদ্ধিয়ে জুবেদাৰ মনলৈ একো স্ফূৰ্তিৰ ভাৱ আনিব পৰা নাছিল। তাইৰ স্বামীয়ে তাইৰ হাতত টকাৰ বাণ্ডিল দিলে তাই সেই টকাখিনি মোনাত ভৰাই গুন গুণকৈ নিচুকনি গীত গাই, তাৰপিছত কোনো কাল্পনিক দোলনাত টকাখিনি ৰাখি দোলাই থাকে।\nএদিন ইলমুদ্দিনে দেখিলে তেওঁ পত্নীক যিখিনি টকা ৰাখিবলৈ দিছিল সেইখিনি গাখীৰ গৰম কৰা বাচনটোৰ মাজত ভৰাই থোৱা আছে। তেওঁ আচৰিত হ'ল, টকাখিনি গাখীৰৰ বাচনটোৰ মাজত কোনে ভৰালে? তেওঁ জুবেদাক সুধিলে\n: এই টকাখিনি চচপেনৰ মাজত কোনে ভৰালে?\nজুবেদাই উত্তৰ দিলে-\n: বাবাটো খুব দুষ্ট হৈছে। এই বদমাছি সিয়েই কৰিছে হ'বলা।\nইলমুদ্দিন আচৰিত হ'ল। তেওঁ ক'লে\n: ইয়াত বাচ্চা তাচ্চা ক'তনো দেখা পালা?\nজুবেদা তাইৰ স্বামীতকৈ আৰু বেচি আচৰিত হ'ল,\n: আমাৰ ঘৰত কি বাচ্চা নাই? তুমি এইবোৰ কি কথা কৈছা? বাবাটো এইমাত্ৰ স্কুলৰ পৰা আহিব। সি আহিলেই সুধিম এই দুষ্টামি কোনে কৰিছে?\nইলমুদ্দিনে গম পালে যে তেওঁৰ ঘৈণীয়েকৰ মূৰৰ গোলমাল হৈছে।তেওঁৰ মনে মনে খুব বেয়া লাগিল। কিন্ত কিদৰে তাইৰ চিকিৎসা কৰিব তাকো ভাবি নেপালে। তেওঁ বন্ধু-বান্ধবৰ সতে পৰামৰ্শ কৰিলে। কোনোৱে উপদেশ দিলে পত্নীক পগলা ফাটেকলৈ পঠাবৰ বাবে। কিন্তু এই পৰামৰ্শ তেওঁৰ বাবে হৃদয়হীন যেন ভাৱ হ'ল। তেওঁ দোকানলৈ অহা-যোৱা কৰা বন্ধ কৰিলে। সকলো সময় ঘৰতে থাকি জুবেদাৰ চোৱা চিতা কৰাত লাগিল যাতে তাই কোনো ভয়ঙ্কৰ কাণ্ড ঘটাব নোৱাৰে।\nইলমুদ্দিন সকলো সময়তে ঘৰত থকাৰ ফলত জুবেদাৰ অৱস্থাৰ কিছু উন্নত হ'ল। কিন্তু ব্যৱসায় কোনে চলাইছে ভাবি তাইৰ ভীষণ চিন্তা হবলৈ ধৰিলে। তাই নিজৰ স্বামীক কেইবাবাৰো সুধিলে-\n: তুমি দোকানলৈ যোৱা নাই কিয়?\nইলমুদ্দিনে খুব মৰমেৰে জুবেদাক ক'লে,\n: কাম কৰি কৰি ভাগৰি পৰিছোঁ, সেইবাবে কেইদিনমান আৰাম কৰিছোঁ।\n: কিন্তু দোকানৰ ভাৰ যাৰ ওপৰত দিছা তেওঁ বিশ্বাসীনে?\n: অ খুব বিশ্বাসী। প্ৰতিটো পইচাৰ হিচাপ দিয়ে। তুমি একো চিন্তা নকৰিবা।\nজুবেদাই বেচ চিন্তিত স্বৰেৰে ক'লে,\n: মই চিন্তা নকৰিম কিয়? সন্তানৰ মাক মই, নিজৰ বাবে কোনো চিন্তা নকৰো, কিন্তু সন্তানৰ বাবেতো চিন্তা হ'বই....যদি তোমাৰ কৰ্মচাৰীজনে টকা নিদি পলাই যায় তেতিয়া বাবাটোৰ কি...।\nইলমুদ্দিনৰ চকুদুটা চলচলীয়া হৈ উঠিল।\n: জুবেদা তাৰ কথা নাভাবিবা। তাৰ ৰক্ষাকৰ্তা স্বয়ং আল্লা। মোৰ কৰ্মচাৰীজনো খুব বিশ্বাসী।\n: মোৰ কিয় চিন্তা নহ'ব...সন্তানৰ বাবে মাকে চিন্তা নকৰিলে আৰু কোনে কৰিব?\nইলমুদ্দিনৰ খুব চিন্তা হ'ল, তেওঁ কি কৰিব বুজিব পৰা নাছিল। ....\nজুবেদাই পুৰা দিনটো তাইৰ কল্পনাৰ সন্তানটোৰ বাবে কাপোৰ-কানি চিলাই কৰে, চুৱেটাৰ গোঠে। বহুবাৰ তাই নিজৰ পতিৰ হতুৱাই বিভিন্ন জোখৰ বহুতো চেণ্ডেল কিনাই আনিছে। প্ৰতিমাহে এবাৰ হ'লেও তাই নিজেই সেই চেণ্ডেলবোৰ পালিছ কৰে। ইলমুদ্দিনে তাইৰ সকলো কাম চাই থাকে। তেওঁৰ হৃদয়খন কান্দোনত ভাঙি পৰে। তেওঁ মনে মনে ভাবে, তেওঁ নিজে যি পাপ কৰিছে এতিয়া সেই পাপৰ প্ৰায়শ্চিত্ত কৰিছে। কিন্তু কি সেই পাপ? তেওঁ নিজেই সেই পাপৰ কথা ভাবি উলিয়াব নোৱাৰে। এদিন ইলমুদ্দিনৰ এজন বন্ধুৰ সতে দেখা হ'ল। তেওঁক খুব চিন্তিত যেন লাগিছিল। তেওঁৰ সেই উদ্বিগ্নতাৰ কাৰণ জানিবলৈ বিচৰাত তেওঁ ক'লে যে এজনী ছোৱালীৰ সতে তেওঁৰ প্ৰেম আছে। ছোৱালীজনী মাক হ'বলৈ ওলাইছে। গৰ্ভপাতৰ সকলো ব্যৱস্থা কৰা হৈ গৈছে। কিন্তু এতিয়াও কৰা হোৱা নাই। ইলমুদ্দিনে তেওঁক ক'লে -\n: গৰ্ভপাত নকৰিবি, কেঁচুৱাটোৰ জন্ম হ'বলৈ দে।\nতেওঁৰ বন্ধুজনে ক'লে, যিটো কেঁচুৱাৰ জন্ম হ'ব তাৰ প্ৰতি তেওঁলোকৰ কোনো মৰম নাই।\n: কেঁচুৱাটো লৈ মই কি কৰিম?\n: কেঁচুৱাটো মোক দি দিবি।\nকেঁচুৱাটো জন্ম হ'বলৈ আৰু কিছুদিন বাকী আছিল। সেই সময়খিনি ইলমুদ্দিনে কামত লগালে। তওঁ জুবেদাৰ মনত বিশ্বাস জগাবলৈ সক্ষম হ'ল যে তাই গৰ্ভৱতী। দুমাহমানৰ ভিতৰতে তাইৰ কেঁচুৱা জন্ম হ'ব।\nতেওঁৰ বন্ধুৰ প্ৰেমিকাৰ এটা পুত্ৰ সন্তান জন্ম হ'ল। জুবেদা যেতিয়া শুই আছিল ইলমুদ্দিনে তাইৰ কাষত কেঁচুৱাটো শুৱাই দিলে। তাৰ পিছত জুবেদাক জগাই দি ক'লে-\n: জুবেদা, কিমান দেৰি এনেকৈ বেহুছ হৈ পৰি থাকিবা, এইটো চোৱা, তোমাৰ বুকুৰ কাষত কোন শুই আছে?\nজুবেদাই তাইৰ কাষত এটা সুন্দৰ শিশু দেখিলে। কেঁচুৱাটোৱে হাত ভৰি জোকাৰি আছিল। জুবেদাৰ খুব ভাল লাগিল।\n: এই কেঁচুৱাটো কেতিয়া হ'ল?\nইলমুদ্দিনে ক'লেঃ ৰাতিপুৱা সাত বজাত।\n: বাঃ, মই গমেই পোৱা নাছিলোঁ। মই চাগে প্ৰসৱ বেদনাত অজ্ঞান হৈ পৰিছিলোঁ।\nপিছদিনা ইলমুদ্দিনে দোকানলৈ যোৱাৰ আগতে জুবেদাক চাবলৈ গ'ল। দেখিলে তেওঁৰ স্ত্ৰীৰ গোটেই গাতে তেজ। তাইৰ হাতত এখন চোকা চুৰি। চুৰিখন লৈ তাই নিজৰ স্তনটো কাটিছে। ইলমুদ্দিনে তাইৰ হাতৰ পৰা একে আজোৰে চুৰিখন কাঢ়ি আনিলে।\n: এয়া কি কৰিছা?\nজুবেদাই তাইৰ কাষত শুই থকা কেঁচুৱাটোৰ ফালে চাই ক'লে-\n: ই গোটেই ৰাতি কান্দিছে। মোৰ স্তনৰ পৰা গাখীৰ ওলোৱা নাই। সেইকাৰণে.....।\nইয়াতকৈ তাই আৰু এটা শব্দও বেচিকৈ ক'ব নোৱাৰিলে। তেজত ডুবি থকা এটা আঙুলি তাই কেঁচুৱাটোৰ মুখত দিলে আৰু চিৰদিনৰ বাবে এই সংসাৰ ত্যাগ কৰি গুছি গ'ল।
| web |
8ff9d88504eef2492dbb785e6664364ab2052a36 | গৃহ বিভাগ ত্ৰিপুৰাই বৈজ্ঞানিক বিষয়া (এছ. ও. ) পদৰ বাবে নিয়োগ কৰি আছে। এতিয়া প্ৰয়োগ কৰক!
গৃহ বিভাগ ত্ৰিপুৰাৰ বিষয়েঃ
গৃহ মন্ত্ৰালয়ে বহুমুখী দায়িত্ব পালন কৰে, সেইবোৰৰ ভিতৰত গুৰুত্বপূৰ্ণ হৈছে - আভ্যন্তৰীণ সুৰক্ষা, সীমান্ত ব্যৱস্থাপনা, কেন্দ্ৰ-ৰাজ্য সম্পৰ্ক, কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসন, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ব্যৱস্থাপনা, দুৰ্যোগ ব্যৱস্থাপনা ইত্যাদি। যদিও ভাৰতৰ সংবিধানৰ সপ্তম অনুসূচীত দ্বিতীয় তালিকাৰ ১ আৰু ২ - 'ৰাজ্যিক তালিকা'ৰ প্ৰবিষ্টিৰ ক্ষেত্ৰত, 'ৰাজহুৱা শৃংখলা' আৰু 'আৰক্ষী' হৈছে ৰাজ্যসমূহৰ দায়িত্ব, সংবিধানৰ অনুচ্ছেদ ৩৫৫-এ প্ৰতিখন ৰাজ্যক বাহ্যিক আক্ৰমণ আৰু আভ্যন্তৰীণ বিভ্ৰান্তিৰ বিৰুদ্ধে সুৰক্ষা দিবলৈ আৰু সংবিধানৰ বিধান অনুসৰি প্ৰতিখন ৰাজ্যৰ চৰকাৰ কঢ়িয়াই নিয়াটো নিশ্চিত কৰিবলৈ সংঘক আদেশ দিয়ে। এই দায়বদ্ধতাবোৰ অনুসৰণ কৰি, গৃহ মন্ত্ৰালয়ে নিৰন্তৰভাৱে আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতি নিৰীক্ষণ কৰে, উপযুক্ত পৰামৰ্শ জাৰী কৰে, চোৰাংচোৱা তথ্য ভাগ বতৰা কৰে, ৰাজ্যসমূহৰ সাংবিধানিক অধিকাৰ বেদখল নকৰাকৈ নিৰাপত্তা, শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবে ৰাজ্য চৰকাৰসমূহক জনশক্তি আৰু বিত্তীয় সমৰ্থন, নিৰ্দেশনা আৰু দক্ষতা প্ৰদান কৰে।
গৃহ বিভাগ ত্ৰিপুৰাই শেহতীয়াকৈ ০৫ জন বৈজ্ঞানিক বিষয়াৰ খালী পদৰ নিযুক্তিৰ বাবে চাকৰিৰ জাননী প্ৰকাশ কৰিছে। আকাংক্ষিত প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰেঃ
বৈজ্ঞানিক বিষয়া (এছ. ও. )
০৫ (ইউআৰঃ ০২ আৰু এছটিঃ ০৩)
অনুশাসনঃ ৰাসায়নিক বিজ্ঞান অনুশাসন (ৰসায়ন বিজ্ঞান বিভাগ আৰু বিষবিজ্ঞান বিভাগ) জৈৱিক বিজ্ঞান অনুশাসন (জীৱবিজ্ঞান/চেৰোলজী, ডিএনএ টাইপিং বিভাগ) ভৌতিক বিজ্ঞান অনুশাসন (পদাৰ্থ বিজ্ঞান/বেলিষ্টিক আৰু দস্তাবেজ বিভাগ)
১৮ (১৮) বছৰতকৈ কম নহয় আৰু ১৬. ০৪. ২০২২ তাৰিখত ৪০ বছৰতকৈ অধিক।
অনুসূচীত জাতি/অনুসূচীত জনজাতি/পিএইচ প্ৰাৰ্থী আৰু চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত ৫ (পাঁচ) বছৰৰ বাবে শিথিল কৰিব পাৰি। অৱশ্যে, অনুসূচীত জাতি/জনজাতি/চৰকাৰী কৰ্মচাৰীয়ে ৫ (পাঁচ) বছৰৰ শিথিলতাৰ উপৰিও ৫ (পাঁচ) বছৰৰ অধিক শিথিলতা নাপাব যিটো তেওঁলোকে ইতিমধ্যে অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ প্ৰাৰ্থী হিচাপে প্ৰাপ্ত কৰাৰ অধিকাৰ প্ৰাপ্ত কৰিছে।
অৰ্হতা আৰু যোগ্যতাৰ চৰ্তঃ
ৰাসায়নিক বিজ্ঞানৰ বাবেঃ M. Sc ৰসায়ন বিজ্ঞান/জৈৱ ৰসায়ন/ফৰেনচিক বিজ্ঞানত ৫০% নম্বৰৰ সৈতে যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা এটা বিষয় হিচাপে ৰসায়ন বিজ্ঞান।
জৈৱবিজ্ঞানৰ বাবেঃ উদ্ভিদবিজ্ঞান/প্ৰাণীবিজ্ঞান/অণুজীৱবিজ্ঞান/ জৈৱ প্ৰযুক্তি/জৈৱ ৰসায়ন বা ভৌতিক নৃতত্ত্ব বা ফৰেনচিক বিজ্ঞান বা জেনেটিক্সত ৫০% নম্বৰৰ সৈতে M. Sc যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ এটা বিষয় হিচাপে উদ্ভিদবিজ্ঞান বা প্ৰাণীবিজ্ঞান।
ভৌতিক বিজ্ঞানৰ বাবেঃ পদাৰ্থ বিজ্ঞান/গণিত/ফৰেনচিক বিজ্ঞানত ৫০% নম্বৰৰ সৈতে M. Sc যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ অন্যতম বিষয় হিচাপে পদাৰ্থ বিজ্ঞান বা গণিত।
আকাংক্ষিতঃ- বাংলা বা কোকবৰোকৰ জ্ঞান।
কেনেদৰে আবেদন কৰিবঃ প্ৰাৰ্থীসকলে কেৱল অনলাইন আবেদন পৰ্টেলৰ জৰিয়তে আবেদন দাখিল কৰিব লাগিব।
আয়োগে কোনো হাৰ্ড কপি আবেদন গ্ৰহণ নকৰে। অনলাইন আবেদন দাখিল কৰাৰ আগতে, অনলাইন আবেদন পূৰণ সম্পৰ্কে প্ৰাৰ্থীসকলক নিৰ্দেশনাবোৰ মনোযোগেৰে পঢ়ক। অনলাইন এপ্লিকেচন পৰ্টেল আয়োগৰ ৱেবছাইটত ১৫. ০৩. ২০২২ ৰ পৰা ১৬. ০৩. ২০২২ (সন্ধিয়া ৫. ৩০ বজালৈ) উপলব্ধ হ'ব।
পদটোৰ বাবে আবেদন কৰাৰ আগতে, এজন আবেদনকাৰীয়ে আয়োগৰ ৱেবছাইটযেনে tpsc. tripura. gov. in এককালীন প্ৰ'ফাইল পঞ্জীয়নৰ (ওটিপিআৰ) জৰিয়তে তেওঁৰ জৈৱ-ডাটা বিৱৰণ পঞ্জীয়ন কৰিব। আবেদনকাৰীয়ে তেওঁৰ বিৱৰণ পঞ্জীয়ন কৰাৰ পিছত, এটা ব্যৱহাৰকাৰী আইডি সৃষ্টি কৰা হয় আৰু তেওঁৰ পঞ্জীভুক্ত ম'বাইল নম্বৰ আৰু ইমেইল আইডিলৈ প্ৰেৰণ কৰা হয়। আবেদনকাৰীসকলে আয়োগৰ ৱেবছাইটৰ জৰিয়তে অ'টিপিআৰ ব্যৱহাৰকাৰী আইডি ব্যৱহাৰ কৰি পদটোৰ বাবে আবেদন কৰিব লাগিব।
আবেদন মাচুলঃ
(ক) গোট-এ ৰাজপত্ৰিত পদসমূহঃ কেৱল সাধাৰণ প্ৰাৰ্থীৰ বাবে ৩৫০/- টকা (তিনিশ পঞ্চাশ টকা) আৰু কেৱল এছটি/এছচি/বিপিএল কাৰ্ড ধাৰক/শাৰীৰিকভাৱে বিকলাঙ্গ প্ৰাৰ্থীৰ বাবে ২৫০/- টকা (দুশ পঞ্চাশ টকা)।
(খ) আন ৰাজ্যৰ অনুসূচীত জাতি/জনজাতিৰ প্ৰাৰ্থীসকলে (ত্ৰিপুৰা চৰকাৰৰ দ্বাৰা স্বীকৃত নহয়) সাধাৰণ প্ৰাৰ্থীৰ বাবে নিৰ্ধাৰিত নিযুক্তি মাচুলৰ সৈতে সাধাৰণ প্ৰাৰ্থী হিচাপে অসংৰক্ষিত খালী পদৰ বাবে আবেদন কৰিব লাগিব। এনেদৰে জমা কৰা নিযুক্তি মাচুল ঘূৰাই দিয়া নহয়।
(গ) যদি এজন প্ৰাৰ্থীয়ে অসম্পূৰ্ণ আবেদন দাখিল কৰে বিজ্ঞাপনৰ চৰ্তাৱলী আৰু চৰ্তাৱলীৰ সন্মান আৰু প্ৰয়োজনীয় নিযুক্তি মাচুল অবিহনে, তেওঁৰ প্ৰাৰ্থীত্ব নাকচ কৰা হ'ব। | web |
c25fd759029dc9ba2a5774407e9b71d6d555ae990f610289e6340126de292124 | কফে গল খেকৰি মাৰি ডিঙিটো পৰিস্কাৰ কৰি লোৱা শব্দ ৰেকৰ্ডত শুনা গ'ল। তাৰ পিচত অভিক্ষীণ আৰু ভীৰুৰ দৰে কলে "প্রশ
"এশ কি ? এশ ডলাৰ ?" হাঁহিত বুঢ়া যেন বাগৰি পৰিব। তাৰ পিচত আকৌ সোধা শুনা গল - "নকয় কেলেই ? এশ ডলাৰ নে এশ হোৰ ডলাৰ ?"
"এশ হেজাৰ।"
#এতিয়াহে আচল কথাটো কৈছে, নহয় জানো ? আপুনি জীৱনত আজি প্ৰথম বাৰৰ কাৰণে মৰসাহ কৰি কথা কলে যেন পাওঁ। গতিকেই আপোনাৰ এই আগ্ৰহত মই চেচাপানী ঢোলো। আপোনাক এশ নহয় তিনিশ দিম বাৰু ।"
থিৰু এইখিনিতেই দুৱাৰত শব্দ হোৱা শুনা গ'ল। বুঢ়াই লুধিলে - "কোনে শব্দ কৰিছে।"
"চাহ আনিছে বোধ হয়, ৰেকৰ্ডাৰটো বন্ধ কৰিম নেকি ?" "কৰক। পিচে আপুনি কথাবোৰ নেপাহৰিব..."
এইখিনি আধাকোৱা হওঁতেই ৰেকৰ্ডাৰটো বন্ধ কৰি দিয়া শব্দ শুনা গল ।
উশাহ বন্ধ কৰি একেথৰে মেইনাৰে ৰেকৰ্ডৰ কথাবোৰ শুনি গৈছিল। এই ৰেকৰ্ড খিনি কিহৰ বাবে কৰাই থোৱা হৈছিল সেই কথা তেওঁ বুজি নেপালে। ষ্টার্লি কেনেও তেওঁৰ আচল কথাটে। বুজাই নিদিলে। কেনে ইতিমধ্যে আকৌ আগৰ ৰেকৰ্ডাৰটো চলাই দিলে। কেইটামান শব্দ হোৱাৰ পাছত ভাত কেনৰ মাত শুনা গল "টেপৰেকৰ্ডিঙত উল্লেখ কৰা নতুন উইলখনৰ কথা আপোনাৰ জীয়েকক কেতিয়াবা কৈছিল নে বাৰু ?
"কেলেই নম?"
"সেইকথা খিনি তেওঁ কেনেদৰে ললে ?
"তেওঁ কেনেদৰে ললে শুধিছে ? তেওঁ - মানে - কি বুলিনে।
কম ? তেওঁ হতাশ হ'ল।...আগৰ উইলখনত যে তেওঁৰ নামে সকলো সা-সম্পত্তি লিখি দিয়া হৈছিল সেই কথাটোহে তেওঁ বাৰে বাৰে কৈছিল। ৰিচমণ্ডে পিচে তেওঁক কি কৈ গৈছে মই নেজানো। সেই বিষয়ে তেওঁৱেই মোতকৈ ভালদৰে জানিব।"
"এই নতুন উইলখনৰ পৰাতো আপোনাৰে। যথেষ্ট লাভ হ'ল। নহয় জানো?"
"সেই বিষয়বোৰৰ কাৰণেই নিউইয়র্ক আহি পোৱাৰ লগে লগেই আপুনি উকীল মুক্তিয়াৰ সকলৰ লগত কথা হবলগীয়া নহৈছিল জানো ?"
"তেনেহলে কাকো লগ নধৰিলে কেলেই ?" "মই সুবিধা কৰিবই নোৱাৰিলো।"
"কফ ডাঙৰীয়া। সঁচা কথাটো নকয় কেলেই ? আপুনি যুক্তিসংগত উত্তৰ দিব পৰা নাই । মেইনাৰক বচাৰৰ কাৰণেই ইচ্ছাকৃত ভাবে আপুনি সেইটো কৰা নাছিল জানো? পিচৰ উইলখন লিখি থিক থাক কৰাৰ আগতেই একো নভবা নিচিন্তাকৈয়ে ৰিচমগুক মেইনাৰে মাৰি পেলালে আৰু সেই কথা গুপুতে ৰাখিবলৈ আপোনাৰ জীয়েকে দুশহেজাৰ ডলাৰৰ চেক্ এখনো দিলে। সিয়েই দেখোন সকলো কথা প্রমাণ কৰে।"
"সেই কথা সঁচা নহয়।"
"তেনেহলে চোৰৰদৰে ৰাতি সেই টেপৰেকৰ্ডাৰটো আনিবলৈ কেলেই গৈছিল? ৰেকৰ্ডাৰটৌ আপুনি কোলেই নৈত পেলাই দিব খুজিছিল? ৰিচমণ্ডে দিয়া তিনিশ হেজাৰ ডলাৰ আপুনি, কেলেই নললে ? কফ ডাঙৰীয়া! ঘটনা সম্পর্কে আমি যোগাৰ কৰা সাক্ষ্য প্ৰমাণ বোৰলৈ ভালদৰে মনদি চাওকচোন বাক! দেখা যাব যে মেইনাৰক ৰচাৰৰ কাৰণে আপুনি অহোপুৰুষাৰ্থ কৰিছে।"
উপেক্ষিত ধৌৱন মোৰ
"আপোনাৰ সিদ্ধান্ত ভুল বুলি মই কওঁ।"
এইখিনিতেই কেনে ৰেকৰ্ডাৰটো বন্ধ কৰি মেইনাৰৰ ফালে চাই হুধিলে - "এই বিষয়ে আপুনি কি কয় মেমচাহেব! এই সাক্ষা প্ৰমাণবোৰ মিছা বুলি কব খোজে নেকি ?"
"এই সকলো কথা মই অস্বীকাৰ কৰিছোঁ। একেবাৰে শেষলৈকেও সেই একেটা কথাকেই মই কম। মোৰু সকলো সা-সম্পত্তি দিম বুলি উল্লেখ কৰা উইল এখন অৱশ্যে আছিল। কিন্তু আনখনৰ কথা মই একোকেই নেজানো। মোৰ দৃঢ় বিশ্বাস যে মোৰ স্বামীয়ে সেইখন কেতিয়াও লিখোৱা নাছিল।"
"তেনেহলে কোনে কৰালে ?"
"সেই কথা মই নেজানো। ৰেকৰ্ডত ওলোৱা মাতটো মোৰ স্বামীৰ মাত যেনেই লাগে। কিন্তু মোৰ মনত সন্দেহৰ ভাব এটা হৈছে যে সেইয়া যেন তেখেতৰ কণ্ঠস্বৰ নহয়।"
"মেমচাহেব! অলপ দিনৰ ভিতৰতেই আদালতত আপোনাৰ বিচাৰ হব। নৰহত্যাৰ অপৰাধত আপোনাৰ বিপক্ষে অভিযোগ অন্য হব। গতিকে আপুনি কেনেধৰণৰ প্ৰতিৰক্ষা দিয়ে সেই বিষয়ে এভিয়াৰ পৰাই থিক কৰক । ভাল উকীল এজনো ধৰক । ৰিচমগুৰ উকীল সকলে আপোনাৰ হৈ হাজিৰ হোৱাহি নাই কেলেই বাৰু ?" "সেই সকলোবোৰ কৰ্ফে কৰাৰ কথা আছিল।'
"তেনেহলে এতিয়াও মোক প্ৰকৃত কথাটো নকওঁ বুলিয়েই ভাবি আছে নেকি মেমচাহেব...?"
"মোক বিশ্বাস নকৰে কিয় ? মই কোৱা সকলো কথা দেখোন আপুনি হোৱাই-নোহোৱাই উৰাইহে দিছে।"
"কাৰণ প্ৰকৃত ৰহস্যটো উদ্ঘাটন কৰাতো মোৰ কৰ্ত্তব্য।"
"কিন্তু আপুনিয়েই যদি মোক বিশ্বাস নকৰে, তেনেহলে বিচাৰৰ সময়ত জুৰিৰ সভ্য সকলেও দেখোন মই কোৱা কথা বিশ্বাস নকৰিব। "সেই কাৰণেই মই বাৰে বাৰে কৈ আছো যে আপুনি দোষ
স্বীকাৰ কৰক । সকলে। দোষ স্বীকাৰ কৰি আদালতৰ সন্মুখত ক্ষমা ভিক্ষা কৰাৰ বাহিৰে আপোনাৰ আন একো উপায় নাই বুলিয়েই মই ভাবো।"
উদাসভাবে মেইনাৰে শূন্যলৈ চালে। তেওঁ কেনৰ কথাৰ একে। উত্তৰ দিব নোৱাৰিলে। বেচেৰীৰ চকুপানীৰ নিজৰা বৈ গ'ল। সব শৰীৰ যেন দুখ বেদনাত ছাটিফুটি কৰিছে। তেওঁ অতিকৈ অৱশ হৈ পৰিছে। তথাপি মেইনাৰৰ যেন আজি খাৰু একোলৈকে ভয় নাই। জগতৰ সকলো বিপদ-বিঘিনি আহিও তেওঁক যেন লৰাব নোৱাৰে । অনাহাৰ, অনিদ্রা, শীত, বা চিন্তাইও যেন তেওঁক আজি অসাদ আমি দিব নোৱাৰে। তেওঁৰ মনত খেলালে যে তেওঁ এতিয়াও জীয়াই আছে। মৃত্যু হোৱা নাই। তেওঁ কাণেৰে যেন মানুহৰ মাত কথা সকলো শুনিছে। কিন্তু তথাপি তেওঁ যেন আজি এক ধুমুহাৰ সন্মুখত । প্ৰলয়ংকাৰী আৰু বীভৎস এক বিভীষিকাই যেন তেওঁক আগুৰি ধৰিছে ।
আৱদ্ধ কৰি ৰখা কোঠালীটোলৈ মেইনাৰক পুনৰ প্ৰেৰণ কৰা হল। মনত এইবোৰ ভাবচিন্তা লৈ সৰু খাটিয়াখনত শুই পৰাৰ কিছুসময় পিচত নিদ্রাদেবীয়ে আকোৱালি লৈ ক্ষন্তেক সময়ৰ কাৰণে তেওঁৰ অশান্ত মনক জিৰণি দিলে ।
হাজোতৰ মেট্রন গৰাকীয়ে মন্তব্য কৰিলে যে মেইনাৰ নিশ্চয় দোষী হবই লাগিব । নহলে ইমান নিশ্চিন্ত হৈ তেওঁ কেতিয়াও গভাইত দাগী আৰু দোষী চোৰেছে ইমান নিশ্চিন্ত হৈ টোপনি যাব পাৰে।
পিচদিনা গোটেই দিনটো মেইনাৰক অকলশৰে থাকিবলৈ দিয় হ'ল। অকলশৰীয়া সেই কোঠালীটোত বেচেৰী নিঃশব্দে বহি থাকিল। তেওঁক সহায় কৰিবলৈ সংসাৰত আৰু কোনো নাই। আজিৰ এই বিপদত এষাৰি আৱৈ দেহি আৰু এটি হুমুনীয়াহ মেইনাৰে বিচাৰিছিল। কিন্তু দুধে ভৰা জীৱনত মাত এষাৰি মাতিবলৈকো
তেওঁৰ আত্মীয় স্বজন কোনো নাই। সেই নিস্তব্ধতা যেন মহাশ্মশানৰ নিস্তব্ধতাহে। নিজৰ উশাহ-নিশাহৰ শব্দৰ বাহিৰে ক'তে। টোকৰ এটাও শুনিবলৈ পোৱা নগল । এই নীৰৱতাই মেইনাৰক আৰু বেচি ভীতি-বিহ্বল। কৰিলে। এই দুৰ্যোগৰ সময়ত ভগবানক প্ৰাৰ্থনা কৰি হয়তো মনত অলপ শান্তি পোৱা গলহেতেন। কিন্তু জীৱনৰ কঠোৰ সংগ্ৰামত জ্বলা-কল। হৈ মেইনাৰে ভগবানকে। বিশ্বাস নকৰা হৈ পৰিছিল। গতিকে সেই ভয়াবহ নীৰৱতাৰ মাজত থকাৰ বাহিৰে আন উপায় আৰু বেচেৰীৰ নাছিল ।
আবেলি হৈ যোৱাৰ পিচত সন্ধ্যাৰ আগে আগে তেওঁক বাহিৰা মানুহ দেখা কৰা কোঠালীটোলৈ পুনৰ লৈ যোৱ। হ'ল ।
তাত এণ্টন কর্ফ আগৰে পৰা বহি আছিল। তেওঁক দেখা স্বত্বেও মেইনাৰে মনোভাবৰ একো সালসলনি কৰি নেদেখুৱালে । তেওঁৰ উপস্থিতিলৈ মেইনাৰে যেন কোনো গুৰুত্বই দিয়া নাই । প্ৰকৃততে মেইনাৰৰ মনত খং ৰা ক্ৰোধ নাইকিয়া হৈ গৈছে। সকলো যেন এক বিৰাট উদাসীনতাই আবৰি ধৰিছে। অন্যমনস্ক ভাবেই তেওঁ কঙ্কৰ মুখামুখি হৈ বহিল আৰু কর্ষে প্রথমে কথা আৰম্ভ কৰিব বুলি অপেক্ষা কৰি ৰ'ল। এণ্টন কর্ফেই কবলৈ ধৰিলে -
"ষ্টার্লিং কেনক মই এইমাত্র লগ পালো। তেওঁৰ আগত সকলো কথা ভাঙি পাতি কৈ তুমি ষি মুখামিৰ পৰিচয় দিলা তাৰ কাৰণে তোমাক ধন্যবাদ দিবলৈহে আজি মই আহিছো। তুমি বোধ হয় বুজিব নোৱাৰিলা যে মোৰ ওপৰত দোষাৰোপ কৰিবলৈ গৈ মোক তুমি উপকাৰহে কৰি দিলাম"
মেইনাৰে একো নেমাতিলে।
কফে কৈ গ'ল - "মই তোমাৰ পৰা বিদায় লবলৈহে আহিলো। অন!তবিলম্বেই জুৰিৰ সন্মুখত আদালতত তোমাৰ বিচাৰ হৰ। তোমাৰ যে দোষী সাব্যস্ত কৰিব ভাত কোনো সন্দেহ নাই। তেতিয়াহলে লগত সাক্ষী এজন নৰখাকৈ তোমাৰ লগত মোক দেখা কৰিবলৈও
নিদিব। গান মানুহ সন্মুখত ৰাখিনো আৰু কি দৰ্কাৰী কথা-বতৰা পাতিম।"
মেইনাৰে হুধিলে - "টেপৰেকৰ্ডাৰত উল্লেখ কৰা উইলখনৰ বিষয়ে দেখোন মই একো বুজিবই পৰা নাই।"
এণ্টন ৰুফে দুই ওঠত হাঁহি বিৰিঙাই কলে - "সেই বিষয়ে অনাৰ পিচত তুমি যে আচৰিত হৰ। মই জানিছিলোৱেই। তুমি কানাই ষে হত্যাকাণ্ডৰ কাৰণ নিৰ্ণয়ৰ সময়ত আচামীৰ উদ্দেশ্য আৰু মনোভাবৰ কথা আদালতে প্রথমেই ৰিচাৰ কৰিব । আদালতৰ সেই বিচাৰত সুবিধা। কৰিবৰ কাৰণেই মই এই অভিনৱ বুদ্ধিৰ অৱতাৰণা কৰিছিলো। বহুদিন আগতেই মই এইখিনি ৰেকৰ্ড কৰি থৈছিলো। সেইয়া যে ৰিচমণ্ডৰ মাত নহয় তুমি জানানে? মইয়েই ৰিচমগুৰ নিচিনাকৈ সুন্দৰকৈ সেই মাত উলিয়াইছিলো।"
"সেইয়া ৰিচমণ্ডৰ মাত নহয় বুলি মই বুজিছিলোৱেই।"
"কিন্তু তুমি স্বীকাৰ কৰিবলৈ বাধ্য যে অৰিকল ৰিচমগুৰ মাতকেই মই ৰাহিৰ কৰিছিলো। পিচে পুলিচকেইজনে ৰেকৰ্ডাৰটো বিচাৰি উলিয়ালেগৈ । টনা-আজোৰাত পানীত নপৰাকৈ ভাগ্যেহে ৰেকৰ্ডাৰটো ৰ'ল।"
"এনেকুৱা অসৎ উপায় অৱলম্বন কৰি টকা ঘটিৰলৈ আপোনাৰ জি নেলাগেনে ?"
"তুমি তেনেই আকৰী ছোৱালী। জীৱনটো নিচেই ক্ষন্তেকীয়া। থক। দিন কেইটা আনন্দ উপভোগৰ মাজত কটোৱাই শ্রেয়ঃ।"
"মই আপোনাৰ সেই ষড়যন্ত্ৰৰ মাজত নাই। মোক ক্ষমা কৰক। আপুনি যি কয় মই তাকেই কৰিম, কিন্তু মোক বাচি থাকিবলৈ দিয়ক।"
"সেইবোৰ ভাৱ প্ৰৱণতাৰ মাজত সোমাইনো কি লাভ?" "ষ্টার্লিং কেৰৰ লগত হয়তো মই বুৰ্বকামি কৰিছিলো। কিন্তু আপুনি বুজা উচিত হব যে মোৰ উকীলে আপোনাৰ ক্ষেত্ৰত সেই ভুল সকৰে।"
"তুমি ৰোধকৰো জনাই নাই যে কেইবাজনো নিৰ্ভৰযোগ্য সাক্ষী যথেষ্ট টকা পইচা খৰচ কৰি মই হাত কৰি থৈছোঁ। তেওঁলোকৰ এজনে সাক্ষ্যত প্রমাণ কৰিব যে ১৯৪৬ চনৰ পৰা তুমি ৰেডট নামৰ মহিল। এগৰাকীৰ লগত কেট্চত বাস কৰিছিলা। সাক্ষীয়ে আৰু প্রমাণ কৰিব যে বহুবছৰ ধৰি তুমি হামবাৰ্গলৈ যোৱাই নাই। তেতিয়াহলে অহোপুৰুষাৰ্থ কৰিও তুমি আদালতক বুজাব নোৱাৰিবা যে হামৰাৰ্গৰ বাতৰি কাকত এখনত ওলোৱ। জাননীৰ সূত্ৰতহে তোমাৰ লগত মোৰ প্ৰথম সাক্ষাৎ হৈছিল।"
'কিন্তু মই কাম কৰা প্ৰকাশক কোম্পানীৰ মানুহে মোৰ লগত কেতিয়াও বিশ্বাসঘটকতা নকৰিব বুলি মোৰ দৃঢ়বিশ্বাস।"
"তেওঁবিলাকে ফ্রালিন মেইনাৰ নামৰ ছোৱালী এজনীৰ কথাহে কৰ । মিচ, কফৰ কথা তেওঁলোকে একোকেই নেজ্ঞানে।" "মোৰ দেহৰ গঠনৰ পৰাই তেওঁলোকে মোক চিনি পাব।" সেইটো অৱশ্যে হয়। তথাপি ইয়াৰ অন্য এটা দিশো আছে। মোৰ সাক্ষ্য প্রমাণক সন্দেহ কৰিবলৈ কিবা স্থল নেথাকিলে তুমি থিমান নকলেও তোমাৰ কথা কোনেও বিশ্বাস নকৰিব। কিয়নো মই এনেকুৱ। নিৰ্ভৰযোগ্য সাক্ষ্য প্রমাণ দিম যে তাত অকনো খুত নেথাকিব । তেনেকুৱা নিৰ্ভৰযোগ্য সাক্ষী তুমি পাবাই বা ক'ত? তদুপৰি মৰাশটো তেনেকৈ কঢ়িয়াই অনোৱাৰ বিশ্বাসযোগ্য উত্তৰকেই বা তুমি কি দিবা? তোমাৰ বেগত পোৱা বিষৰ গুৰিবোৰৰ কথাই বা তুমি কি বুলি বাখ্যা কৰিবা ! এইটোও পাহৰি নেযাৰা যে ইতিমধ্যে এই মোকদ্দমাৰ কথা চাৰিওফালে বহল ভাবে প্ৰচাৰ হৈ গৈছে । সকলোৱেই মনোযোগেৰে এই মোকদ্দমাৰ বিচাৰৰ বাবে অপেক্ষা কৰিছে। জগতৰ মানুহে তোমাক আজি কপট, নিষ্ঠুৰ হত্যকাৰিণী বুলি পৰিগণিত কৰিছে।"
মেইনাৰে প্ৰায় চিঞৰিয়েই কলে - "আপুনি ইয়াৰ পৰা গুচি যাওক। এতিয়াই মোৰ চকুৰ আগৰ পৰা আতৰ হওক। আপোনাক
| pdf |
56338496c177d770a8a270c24df022bba95859c7 | ডিজিটেল ডেস্কঃ অৱশেষত গ্ৰেপ্তাৰ হ'ল খালিস্তানৰ সমৰ্থক অমৃতপাল সিং। পঞ্জাৱৰ আজনালা আৰক্ষী থানা আক্ৰমণৰ এক গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ লগতে আন ৬ সহযোগীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
প্ৰকাশিত খবৰ অনুসৰি খালিস্তানীৰ সমৰ্থক অমৃতপাল সিঙক আজি জলন্ধৰৰ মেহতপুৰ নামৰ গ্ৰেপ্তাৰ কৰা হৈছে। অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ বাবে পঞ্জাৱ আৰক্ষীয়ে যুদ্ধ সদৃশ প্ৰস্তুতি চলাবলগীয়া হৈছিল।
তেওঁ জলন্ধৰৰ পৰা কোনো এক অনুষ্ঠানৰ দিশে গৈ থকাৰ খবৰ লাভ কৰাৰ পিছতে পঞ্জাৱ আৰক্ষীয়ে প্ৰায় ১০০ খন বাহনেৰে তেওঁক পাছে পাছে খেদি যায়। আৰক্ষীৰ এই যুদ্ধংদেহী ৰূপ দেখি তেওঁৰ দলটো পলায়নৰ চেষ্টা কৰে যদিও জলন্ধৰৰ কাষৰ এটা অঞ্চলৰ পৰা অমৃতপাল সিং আৰু তেওঁৰ ৬ সহযোগীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ইয়াৰ লগে লগে জলন্ধৰত আৰক্ষীয়ে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। উল্লেখ্য যে, কানাডাৰ পৰা আহি পঞ্জাৱত আশ্ৰয় লোৱা অমৃতপাল সিং ৱাৰিছ পাঞ্জাৱ ডে নামৰ সংগঠনটোৰ মুৰব্বী।
সংগঠনটোৰ এজন নেতাক গ্ৰেপ্তাৰ কৰাৰ পাছতে যোৱা ফেব্ৰুৱাৰী মাহৰ ২৩ তাৰিখে অমৃতপাল সিং আৰু তেওঁৰ সংগঠনৰ এটা বৃহৎ দলে হাতে হাতে অস্ত্ৰ লৈ আজনালা আৰক্ষী থানা আক্ৰমণ কৰি সতীৰ্থজনক আৰক্ষীৰ জিম্মাৰ পৰা উলিয়াই আনিছিল। এই সন্দৰ্ভত অমৃতপাল সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।
| web |
116493b5aab9ff2fa1aee681a5e57d7928113969 | নিউজ ডেস্কঃ সেনা নিযুক্তি কাৰ্যালয়ৰ সন্মুখত প্ৰায়ে দেখা যায় এজন যুৱকক। পিন্ধনত ভাৰতীয় সেনাৰ পোছাক। নিজকে সেনাৰ কেপ্তেইন বুলি পৰিচয় দিয়া এই যুৱকজনে চাকৰি প্ৰত্যাশীৰ পৰা সৰকাই আহিছিল লাখ লাখ টকা।
কিন্তু এশ গৰু মাৰিলে যিদৰে বাঘৰো মৰণ অনিবাৰ্য, সেইদৰেই বিপদ নামিল এই প্ৰৱঞ্চক যুৱকজনৰ ওপৰতো।
চোৰাংচোৱাৰ গোপন খবৰৰ ভিত্তিত অভিযান চলাই অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকজনক।
এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।
সামৰিক চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাই বুধবাৰে এছটিএফে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অংকিত মিশ্ৰ নামৰ প্ৰৱঞ্চকজনক।
এছটিএফৰ উপ-অধীক্ষক দীপক কুমাৰ সিঙে জানিবলৈ দিয়া মতে, সেনা নিযুক্তিৰ নামত জালিয়াতিৰ তথ্য লাভ কৰাৰ পিছতে প্ৰৱঞ্চকৰ সন্ধান উলিয়াবলৈ এটা দল গঠন কৰে এছটিএফে।
তাৰ পিছতে বুধবাৰে পিজিআই হাস্পতালৰ সমীপৰ পইণ্ট দীন দয়াল উপাধ্যায় পাৰ্কত গ্ৰেপ্তাৰ কৰা হয় সেনাৰ পোছাক পৰিহিত যুৱকজনক।
ধৃত অংকিত মিশ্ৰৰ ঘৰ চুলতানপুৰৰ তিৱাৰীপুৰত বুলি জানিব পৰা গৈছে। যুৱকজনৰ সৈতে এই প্ৰৱঞ্চনাত আন কোনো জড়িত আছে নেকি, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে।
এছটিএফৰ জেৰাৰ সময়ত অংকিত মিশ্ৰই কয় যে তেওঁ সেনাৰ কেপ্তেইনৰ ইউনিফৰ্ম পিন্ধি সেনা নিযুক্তি কাৰ্যালয়ৰ বাহিৰত ঘূৰি ফুৰে।
য'ত ভাৰতীয় সেনাবাহিনীৰ বিভিন্ন পদত চাকৰিৰ প্ৰদানৰ প্ৰলোভন দি নিবনুৱা যুৱক-যুৱতীৰ পৰা ধন লয়।
অভিযুক্তই স্বীকাৰ কৰা মতে, সান্তকবীৰ নগৰৰ বাসিন্দা বালিৰাম আৰু ইটা বাসিন্দা ৰাহুলক সেনা নায়ক পদত নিযুক্তিৰ নামত তেওঁ ৫ লাখ টকাকৈ দাবী কৰিছিল।
ইতিমধ্যে দুয়োজন যুৱকে তেওঁক প্ৰদান কৰিছিল ৪.৪০ লাখ টকা।
আনহাতে বাকী ৬.৬০ লাখ টকা ল'বৰ বাবে বুধবাৰে পাৰ্কত অপেক্ষা কৰি থাকোতেই এছটিএফে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকজনক।
প্ৰৱঞ্চক অংকিত মিশ্ৰই লগতে কয় যে সেনাবাহিনীৰ কেপ্তেইনৰ ইউনিফৰ্ম পিন্ধিলে মানুহে সন্দেহ নকৰে। পূৰ্বে টোল টেক্সৰ পৰা হাত সাৰিবলৈ সেনাৰ পোছাক পৰিধান কৰিছিল বুলিও স্বীকাৰ কৰে ধৃত প্ৰৱঞ্চকজনে।
| web |
4fabb92333c27aefe2979bfaaa8d4c22c45d8f06 | এইবাৰ কৰ'নাজনিত পৰিস্থিতিৰ বাবেই ৰাজ্যত নাই বনভোজৰ আনন্দ-উল্লাস। ম্লান হৈ পৰিল বনভোজৰ আনন্দ। আজি পহিলা ডিচেম্বৰ আজিৰ দিনটোত পূৰ্বৰ বছৰ সমূহত সমগ্ৰ ৰাজ্যৰ বনভোজস্থলী সমূহৰ দৰে নগাঁও জিলাৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰে সমৃদ্ধ চাপানালাৰ চম্পাবতী কুণ্ড তথা জলপ্ৰপাত ভৰি পৰিছিল দেশী-বিদেশী পৰ্যটকৰে । চাপানালাৰ ঐতিহাসিক এই বনভোজীস্থলীত সমাগম হৈছিল অসংখ্য বনভোজ দলৰ । কিন্তু এইবাৰ নাই সেই পৰিৱেশ । মহামাৰী কৰ'না ভাইৰাছৰ ভয়াৱহতাৰ বাবে বনভোজীস্থলীলৈ অহা নাই বনভোজৰ দল । যাৰ বাবে এতিয়া নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে নগাঁৱৰ চাপানালাৰ চম্পাৱতী কুণ্ড তথা জলপ্ৰপাতত। আনহাতে নৱবৰ্ষত চম্পাবতী কুণ্ড পৰিচালনা সমিতিয়ে বনভোজদলক আদৰিবলৈ বনভোজীস্থলী খন পৰিস্কাৰ-পৰিচ্ছন্ন কৰাৰ লগতে সজাই-পৰাই তুলিছে যদিও বৰ্তমানেও এই স্থানলৈ বনভোজ দল আহিবনে নাহে সেয়া অনিশ্চয়তাৰ মাজত । আনহাতে চৰকাৰ-তথা প্ৰশাসনে এই বনভোজীস্থলী সমূহক লৈ কভিড১৯ৰ বাবে কি কি নীতি-নিৰ্দেশনা জাৰি কৰে সেয়াও লক্ষ্যণীয় হ'ব। | web |
75b0eddce0134335f8fdc7d545b6a3b3f6e55348f5f648c79cb4b5a7c791cb59 | কৰিছিল। ৰাণী আৰু মিনিয়ে বোধহয় কামনা কৰিছিল তাহাঁতৰ মূৰত যাতে ঔটেঙা নপৰে, কাৰণ তাহাতে বেয়া কথা ভবা নাই । মই কামনা কৰিলে। যাতে মামণিৰ কামনা সিদ্ধি হয়। লগতে ক'লী আইক প্ৰাৰ্থনা জনালে। যাতে মই আৰম্ভ কৰা গাঁও সংগঠনৰ কামবোৰ সফল হয়। থান-ৰখীয়াই আমাৰ কামনাবোৰ আইৰ আগত ক'লে আৰু আশীৰ্বাদ দিলে ; "আইজনী, বোপাইটোৰ আৰু ল'ৰা-ছোৱালীকিটাই আপোনাৰ চৰণে ধৰি শৰণে পশিছে, সকলোৰে কামনা সিদ্ধি হওঁক।" ইত্যাদি ।
আইলৈ আগবঢ়োৱা মাহ-চাউলখিনি প্ৰসাদৰূপে আমি ওভোতাই পালো, সকলোৱে আনন্দ মনেৰে ওলাই আহিলো, দেখিলে। মুখেৰে হাঁহিছে যদিও মামণিয়ে এবাৰ চকুদুটা আঁচলেৰে লুকাই মচিলে। "ক'লী আই কোন ?" ৰাণীয়ে সুধিলে । "ক'লী আই এজনী মানুহেই আছিল।" ক'লী আইৰ কিম্বদন্তীটে। টুনুৱেই কৈ গ'ল । "ক'লী আইক এঘৰত মাক-বাপেকে বিয়। দিছিল। পিচে তাইৰ মুঠেই ইচ্ছা নাছিল সেইখন বিয়াত । দৰাই এই বাটে দিয়েই তাইক নিছিল। পিচে হঠাতে ইয়াত ক'লী আই নাইকিয়া হ'ল। কোনেও বিচাৰি নেপালে। তেতিয়াৰে পৰা ইয়াত থান হ'ল।" "হয় জানো ভূপেনদা ?" ৰাণীয়ে বিশ্বাস নকৰি মোলৈ চালে।
কলো, "ওঁ । আমিও সেই বুলিয়েই শুনিছো।" প্ৰসাদ চোবোৱাৰ পিছত চাহ-জলপানৰ ব্যৱস্থা কৰা হ'ল। টুলু-কুহু গ'ল বগৰি বিচাৰি । পৰি থকা দুছটা ইটা আৰু কেই-ডালমান খৰি মই মামণিক বিচাৰি দিলো। তাই কামত লাগি গ'ল। ৰাণী আৰু মিনিয়ে তাইক সহায় কৰিলে ।
"মণি, তোমালোকে অকলে পাৰিবানে মই সহায় কৰিম
'তাই জুই ফু'ৱাব ধৰিছিল. ৰঙা মুখ খনেৰে থুকা-থুকিকৈ ক'লে, 'নেলাগে ভূপেনদা, আপুনি থুমুহঁতক বিচাৰি যাওক। পগলাকেটা কেনিবা গ'লগৈ।"
তাৰ পৰা আঁতৰি গৈ দেখিলো দুৰত হাবিৰ দাঁতিত টুদুহঁতে দলিয়াই
বগৰি পাৰিছে । গতিকে সিহঁতক একো নকৈ লাহে লাহে খোজকাঢ়ি বালি গৰা এটাত থিয় দিলোগৈ। লুইতৰ পাৰ নেদেখা বালি, মাঝে মাজে অ'ত ত'ত একোটা চাপৰি, কোনোটো সৰু, কোনোটো ডাঙৰ, ঘন ঝাও বন । একা-বেঁক। লুইতৰ নীলা বাৰিষাৰ এই সেউজ সৌন্দৰ্য চাবলৈ ভালেই লাগিছিল। দুদিন মানৰ পিছত সকলোবোৰকে ঢলে তল নিয়াব । এটা হুমুনিয়া ওলাল।
মামণি মোৰ বৰ মৰমৰ 'মণি'।
এদিন অজ্ঞাতেই তাইক ভাল পাইছিলো, সেই ভালপোৱাও অজ্ঞাতে থাকি গ'ল। সেইয়া সেই বাবেহে তাৰ বেদনা বেদনা হৈরে থাকিল, মধুৰ হৈ আৰু ছুঠিল। কলেজ হোষ্টেলৰ কল্পনা প্ৰৱণ প্রিয়, লগ সমনীয়াৰ মাজত খ্যাতিমন্ত্র ভাল কথা-সাহিত্যিক মই আজি মোৰ গাঁওখনৰ এজন কঠোৰ আদৰ্শবাদী, গাঁওসংগঠক, গাঁৱৰ মাইনৰ স্কুলৰ প্রতিষ্ঠাতা আৰু তাৰে প্ৰথম হেডমাষ্টৰ। মা-দেউতাৰ ইচ্ছ। ঘৰখন পাতি লওঁ । হঠাতে কোঁচ খাই যাওঁ ; সবল - ভূপেনৰ অন্তৰলৈ আহে দুর্বলতা। এৰি অহা অতীতত যেন এনে এটা বস্তু এৰি থৈ আহিছে।, যাৰ স্মৃতিয়ে আজি মোক দুর্বল কৰি পেলাইছে। অথচ মই বিয়া কৰাবই লাগিব, ঘৰ সংসাৰী হ'বই লাগিব : নহ'লে মুকলিমুৰীয়া ডেকাহৈ গাঁও সংগঠন কৰা অভাৱনীয় কথা। ৰি.এ. পাছ কৰাৰ পিছত জৰ্জ স্কুলত মাষ্টৰি ল'লো, সেয়ে হ'ল মোৰ সোণোৱালী ভবিষ্যত, মা-দেউতাৰ আকাশকুসুম। মণি পঢ়িছিল তেতিয়া ৭ম মানত। মই তাহাতৰ ঘৰতে থাকি কাম কৰিছিলো; কিয় ক'ৰ নোৱাৰো, ঘৰখনৰ সকলোৰে মই বৰ মৰমৰ হৈ পৰিছিলো, সি মোৰ সৌভাগ্য। ল'ৰা-ছোৱালীকেইটাক মই প্রারে পঢ়াওঁ। মণি ওপৰ শ্ৰেণীৰ, তাইক পঢ়াব নালাগে; পিচে মাজে সময়ে তাই ইটো সিটো শুধি-পুছি লৈছিল। ঘৰখন বেয়া লগা নাছিল যদিও কলেজীয়া ফুৰ্তিৰ পিছৰ ফলাফলটো হাইস্কুলৰ মাষ্টৰীত
পৰিণত হোৱা দেখি জীৱনটো মাটি হোৱা বুলি বহুত সময়ত মনলৈ আহিছিল।
মণিয়ে সোধে - "আপুনি অইন চাকৰি নল'লে কিয়?" "অইন চাকৰি ?"
"অইন মানে স্কুলৰ বাহিৰে - ?"
"এই দগধা ধুতি পাঞ্জাবীযোৰ চাই কোনোবাই মোক চাকৰি দিব বুলি ভাবানে মণি ? তহুপৰি লোকৰ বৰ কথাও মই শুনিব নোৱাৰো । আৰু স্কুলৰ মাষ্টাৰীনে। কি বেয়া ?"
"ওঁহ বৰ ভাল।"
"কি বেয়ানো?"
"স্কুলৰ মাষ্টৰ - যাৰ ভবিষ্যৎ বুলিবলৈ একোৱেই নাই।" "কোনে ক'লে তোমাক আমাৰ ভবিষ্যৎ একো নাই বুলি ?" "কিটো আছে ? কওকচোন।"
"এন্ধাৰ ।"
'এন্ধাৰ হ'বল। বৰ ভাল ?
"এদ্ধাৰ বেয়। নিশ্চয়। তাতে পোহৰ দিব পাৰিলে সি জানো বেয়া হৈ থাকিব মণি ?
আমি পঢ়াই-শুনাই এনে কিছুমান ছাত্র গঢ়ি তুলিম যি এদিন দেশৰ শাসনভাৰ লৈ এন্ধাৰত পৰি থকা এই অভিশপ্ত সমাজৰ উচ্চাৰ কৰিব। শিক্ষকতাৰ নিচিন। পবিত্ৰ-বস্তু এটাৰ দৰ উচিতমতে দিব জন। নাই কাৰণেই আজি আমাৰ এনে অৱস্থা।" তাই মাতে, মানে মুখেৰে একো নেমাতে। হয়তো তর্ক কৰিব পাৰিলেহেঁতেন কিন্তু তাই মোৰ মতামতক বৰ ভক্তি কৰিছিল। দিন-ৰাতি সমানে কিতাপ পঢ়ি থকা দেখি তাই মোৰ স্বাস্থ্যহানিৰ ভয় দেখুৱাই প্ৰায়েই ধমক্ দিছিল, মৰমৰ ধমক্ । চুপৰ নিশালৈকে এদিন কিতাপ পঢ়িছিলো, হঠাৎ ভেজা দি খোৱ। ছৱাৰ মেলি মণি খাহি সোমলহি। চাই উঠি কলো,
"মণি তুমি?" "ৰাতি কিমান হ'ল ক'ব পাৰে?"
টেবুলৰ ঘড়ীটোলৈ চাওঁ ডেৰ বাজিছে। তাইৰ ফালে চাই দেখো তাই একেথৰে মোলৈ চাই আছে। আজিও মনত পৰে, মোৰ চকুত সেইদিন। বিজুলী খেলিছিল, মোৰ অনভিজ্ঞ হিয়াই সেইদিনা পঢ়িব পাৰিছিল মণিৰ দুচকুৰ থৰ লগা চাৱনিত ফুটি উঠা এটি অবুজ ভাষা । ক্ষন্তেকৰ বাবে মই সংসাৰ খনকে পাহৰি গৈছিলো, বোধহয় নিজৰ অস্তিত্বটোও পাহৰি গৈছিলো।
"আপুনি শুই থাকক ।"
তাই ওলাই যায় । মই শুই পৰো ।
ডেৰ বছৰ মাষ্টৰী কৰাৰ পিছত গাঁও সংগঠন কৰিম বুলি চাকৰি ইস্তাফা দিলো। আহিবৰ দিনা সকলোৱে বেজাৰ কৰিলে।
"আপুনি যায়গৈ ভূপেন দা?" অকমাণি ৰাণীয়ে ক'লে। চকুপানী ওলাই আহিছিল, জোৰেৰে হাঁহি এটা মাৰিবলৈ চেষ্টা কৰি তাইক চুম। এটা খাই কলো, "এৰা ৰাণী, যাওঁৱেই। মাজে মাজে আহিম।"
টুমু, থুন্নু, ফুনুৱে মুখেৰে একো মাতিব পৰা নাছিল যদিও সিহঁতৰ মুখ কেইখনেই ক'ব পাৰিছিল, সিহঁতে বেজাৰ পাইছে । "মাহীদেউ, যাওঁ আৰু ।"
মণিৰ মাকে ক'লে, "যোৱ। বোপাই । আহি থাকিবা, মোৰ বৰ বেয়া লাগিছে।"
মহাদেৱে ক'লে, "ভূপেন, ঘৰখন আজি বৰ চেঁচা হ'ব অ ।"
কলো, "এৰা কি কৰিব নো ? দুদিনমানৰ পিছত আপুনি সহ্য হৈ যাব।"
"যাওঁ দেই মণি ।"
তাই যেন কান্দিহে পেলাব, মুখৰ অৱস্থা এনে হ'ল। কোনোমতে ক'লে, "যক, খালি নেপাহৰিব ।" •
তাইৰ কথাৰ স্মৰত চক খাই উঠিছিলো, কি কৰিম মই এতিয়া ?
পাছত দেখা যাব। ক'লো, "তোমালোকক পাহৰি অমানুহৰ কাম কৰিব নোৱাৰো, মণি । মাহীদেউ, মহাদেউ, টুমু, ফুলু-থুমু আৰু ৰাণী আৰু তুমি ইমানবোৰৰ মৰম একেলগে কেতিয়াও পোৱা নাছিলো। তাক পাহৰা সহজ নহ'ব, সম্ভৱ পাহৰিবলৈ চেষ্টা কৰিলেও নোৱাৰিম। যাওঁ।"
- "ভূপেনদা!" দূৰত কাৰোবাৰ মাত শুনি ঘূৰি চাওঁ - ৰাণী মোৰ ফাললৈকে লৰ দি আহিছে । চেতনা আহিল। ছিঃ ! কি বোৰ যে ভাবিছো ।
"কি ৰাণী ?"
"চাই হ'ল নহয় ! বলক বাইদেৱে মাতিছে।"
চাহ-জলপান কৰি মণি ৰৈ আছিল। মিনিৰ সৈতে তাই দলিয়াই ফর্মু'টিয়াই বগৰি পাৰি আছিল।
"ক'তনে। আছিলগৈ ইমান পৰে ? মেঘলৈ চাওকচোন।" ওপৰৰ ফালে চাই দেখে। গোটেইখন ক'লা ডাৱৰে ছাটি পেলাইছে যে বৰষুণ দিব সন্দেহ নাই। এৰা, ভালেটিহে অলপ অলপ জাৰ লাগিছে । "বৰষুণ দিব মণি। ধ্ৰু-খেদ। কৰা যাওক । টুই ক'ত?" এনেতে টুমুহঁত আছি পালেহি।
বায়েকে ক'লে -"গৰুকিটাৰ খবৰেই নাই । নে খৰকৈ খাই ল। বৰষুণ পৰিলে তিতি যাব লাগিব।"
টুমুৱে ক'লে - "আমি মটৰত যাম । তোমালোকে ঘোঁৰা গাড়ীতে যাৰাগৈ ।"
"ক'ৰ মটৰ অ' ?"
-"উকিলৰ ঘৰৰ - ধীৰেণ আৰু মাক আহিছে।" তিওৱা চিৰা আৰু গৰম গাখীৰৰ জলপান দি তাই ক'লে, "ই; নেলাগে লোকক দিগদাৰী দিব।" "ওঁহ নেলাগে ধীৰেণৰ মাকে কৈছে আক' নেলাগে।" মই
| pdf |
136ef06d89733151b3ace46e41eb69a177d876d8 | গুৱাহাটী : মহানগৰীৰ ডাউন টাউনৰ মথুৰা নগৰত আন এক মর্মান্তিক ঘটনা সংঘটিত হয়। এটা কুঁৱাত কাম কৰি থকা অৱস্থাতে শ্বাসৰুদ্ধ হৈ তিনিজনকৈ শ্রমিকে প্রাণ হেৰুৱাব লগা হয়। মৃত্যুমুখত পৰা ধুবুৰী জিলাৰ কান্দাপাৰা গাঁৱৰ বাসিন্দা শ্রমিককেইজন হ'ল - ফাৰজ আলী (৪০), হাবেল আলী (১৮) আৰু চানােৱাৰ হুছেইন (২৫)। ঘটনাৰ স্থান মহানগৰীৰ মথুৰা নগৰ। ডাউন টাউনৰ সমীপৰ এই মথুৰা নগৰৰ বাসিন্দা ডলি বেগম নামৰ এগৰাকী মহিলাৰ নতুন কুঁৱা এটা খন্দাৰ কামত নিয়ােজিত হৈছিল এই তিনিজন শ্রমিক। কুঁৱাটোৰ ভিতৰত এটা ৰিং মেৰামতি কৰি থকাৰ সময়তে ৰছী ছিগি যােৱাত কুঁৱাৰ ভিতৰত পৰি যায় হাবেল আলী আৰু চানােৱাৰ হুছেইন নামৰ শ্ৰমিক দুজন। এই দুজন শ্রমিকক উদ্ধাৰ কৰিবলৈ গৈ ঠিকাদাৰ ফাৰজ আলীও কুঁৱাটোৰ ভিতৰত পৰি যায়। প্রায় ১২০ ফুট কুঁৱাটোৰ ভিতৰত সােমাই পৰা শ্রমিক তিনিজনক উদ্ধাৰৰ বাবে কোনাে নথকাত দীর্ঘসময় যুঁজি অৱশেষত শ্বাসৰুদ্ধ হৈ তিনিও মুত্যুক সাৱটি লয়। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি হয়। স্থানীয় লােকৰ খবৰৰ ভিত্তিত দিছপুৰ থানাৰ আৰক্ষী উপস্থিত হৈ এছ ডি আৰ এফ জোৱানৰ সহায়ত মৃতদেহ তিনিটা উদ্ধাৰ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ৬১/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে।
Subscribe to: Post Comments (Atom)
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE) | web |
139de968efbc795d4de905ad1bfdf76a69131b56fc7621430635084cce3de8df | আশাৰ অন্তৰালত
মণ্ডলনীয়ে যি দেখিছিল তাকেহে বৰ্ণালে। আশালতাৰ অৱস্থ। তেতিয়াও শাস্ত হোৱা নাই । বহুত পৰলৈ মূৰে-গাঁয়ে হাত বুলাই, বুজাই বৰাই শান্ত কৰিলে। তাই থোকাথুকি মাতেৰে এফালৰ পৰা সকলো কথা বৰ্ণালে। কথা শুনি থাকোতে মনথিৰ মণ্ডল উত্তেজিত হ'ল। খঙতে চকু ৰঙা পৰিল । আশাৰ কথা শেষ হোৱাত তেওঁ থিয়হৈ কলে "তুমি ছোৱালীজনীক খুৱাইবুৱাই সুস্থ কৰা, ইয়াৰ প্ৰতিকাৰ কৰিবই লাগিব । মই বেদান্ত দাদাক লগ ধৰি আহোগৈ।" বুলি তেওঁ বেগেৰে ওলাই গল ।
মুক্তাৰাম অধ্যাপক গুটি লগা গছৰ নিচিনা বিদ্যাত যেনেকৈ চহকী সেইদৰে স্বভাৱতো শান্ত-শিষ্ট আৰু বচনতো গহীন-গম্ভীৰ । অনাৱশ্যকীয় কথা তেওঁৰ মুখেৰে নোলায় কিন্তু যি কেষাৰ কথা ওলায় সেইখিনিৰ ওজন বৰ গধুৰ। হোৱাই নোহোৱাই সঁচাই মিছাই যিহকে পায় তাকে কব নোৱাৰে বাবেই তেওঁ কথকী নহয় । গাঁওৰ মেলত তেৱে। উপস্থিত থাকে সঁচা কিন্তু মেলকি বুলি তেওঁৰ খ্যাতি সমূলি নাই। মেল্কি বুলি খ্যাতি নাথাকিলেও গাঁৱৰ সকলোৱে কিন্তু তেওঁক যথেষ্ট মান-সম্মান কৰে। তেওঁ এগৰাকী নিষ্ঠাবান, সাত্ত্বিক আৰু সাধু পুৰুষ। কোনোবাই বিপদত পৰি দিহা-পৰামৰ্শ সুধিলে তেওঁ নিজৰ সমস্যা বুলি ভাবিলৈ সব্জ পৰামৰ্শ দি সহায় কৰে।
মনথিৰ মণ্ডলক বহিবলৈ দি তেওঁ অহাৰ উদ্দেশ্য সোধাত মণ্ডলে আশালতাৰ অসম্ভৱ হাৰভগা পৰিশ্ৰম, অমানুষিক গালি-শপনি, অতিৰিক্ত নিয়ম-নিষ্ঠাৰ অত্যাচাৰ আৰু অৰ্দ্ধাহাৰ-অনাহাৰ আদিৰ কথা বৰ্ণাই উঠি আজিৰ পৈশাচিক ঘটনাৰ কথা কলে। বেদান্তআশাৰ অন্তৰা
বাগীশে সকলো বর্ণনা মনোযোগেৰে নিমাতহৈ গুান ভাছিল। আশালতাৰ দুখ-দুর্গতিৰ কথা শুনি তেওঁৰো বৰ খং উঠিল, চকু-মুখ ৰঙা পৰিল। দুখুনী আশাৰ অবর্ণনীয় দুৰৱস্থাৰ কথা শুনিলে কাৰনো খং হুঠাকৈ থাকিব পাৰে? তদুপৰি ক্ৰোধ নামক ৰিপুটে। জীৱৰ সহ-জাত শত্রু। কিন্তু যি মানুহে খঙৰ বশৱৰ্ত্তী নহৈ তাকহে বশীভূত কৰিব পাৰে তেৱেঁইহে জ্ঞানী আৰু তেৱেঁই যথাযথ ভাবে সকলো সময়তে কৰ্ত্তব্য স্থিৰ কৰিব পাৰে। উত্তেজনাই তেওঁক সজ পথৰ পৰা পিছল খুৱাব নোৱাৰে । সেইদিনা গধূলিও মুক্তাৰাম অধ্যাপকৰ খং উঠিছিল আৰু খঙৰ মাজতেই ভাবি চিত্তি উচিত কৰ্ত্তব্য স্থিৰ কৰি আশাৰ বাবে পঞ্চাননক সাৱধান কৰি দি শাসন-বাণী শুনাই আহিছিল।
মণ্ডলৰ কথাৰ শেষত অধ্যাপকে সেইদিনাৰ ঘটনাটোৰ কথাকৈ পঞ্চাননক সাৱধান কৰি দি অহাৰ কথাও কলে। তাৰ পিছত তলমূৰকৈ ভাবিবলৈ ধৰিলে। তেওঁ বহু পৰলৈ নিমাতহৈ থক দেখি মণ্ডলে মনতে অলপ উচ,পিচ্ কৰি শেষত নিজেই কলে যে আশালতাক তেওঁ নিজৰ ঘৰতে ৰাখিব, পুনৰায় পঞ্চাননৰ ঘৰলৈ কেতিয়াও নিব নিদিয়ে ।
মুক্তাৰামে মনথিৰৰ মুখলৈ একোথৰে চাই আছিল আৰু চিলিমত জুই নথকা হাতৰ হোকাটোত মাজে সময়ে দুই এহোপা মাৰিছিল । তাৰ পিছত দীঘলকৈ এহোপা মাৰি চিলিমলৈ চাই কলে "তুমি এখন্তেক বহাদেই, মণ্ডল বাপু, মই নতুনকৈ এচিলিম লগাই আনোগৈ।" বুলি বেগাবেগিকৈ ভিতৰ সোমাই গল। অলপ পিছতে ধপাত হুপি হুপি আহি আকৌ বহিল।
মনথিৰ মণ্ডলে সুধিলে "তুমি কি দিহা দিয়া বেদান্তদা ?" দীঘলকৈ এহোপ। মাৰি চিলিমটো আৰু কলপাত এটুকুৰা মণ্ডললৈ আগবঢ়াই দি তেতিয়াহে অধ্যাপকে গহীনকৈ মাত লগালে "মইনে। কি কম মণ্ডল বাপু, অথনিৰ পৰা ময়ো তাকেই ভাবিছো। তুমি দেখোন সকলে। জানায়েই, তথাপি সুধিল। যেতিয়া কওঁ শুনা, - ছোৱালীজনীৰ কষ্ট হৈছিল বুলি আৰু নীচমন। পঞ্চাননে তাইক ইতৰ ব্যৱহাৰ কৰা বুলি মই জানো। তাইৰ কণ্ঠৰ কথা ভাবিলেই পুতৌ ওপজে কিন্তু
প্ৰতিকাৰৰ পথ নাপাওঁ। সেইদিন। গধূলি পঞ্চাননক সাৱধান কৰি দি আহি ভাবিছিলো যে সি ভৱিষ্যতে তাইক বেয়! ব্যৱহাৰ কৰিবলৈ সাহ নকৰিব কিন্তু এতিয়া দেখিছে। ওলোটাটোহে কৰিছে । তাৰ অমানুষিক অত্যাচাৰৰ কথা শুনি মোৰে। অন্তৰখনে কান্দিছে । বিশেষকৈ ষড়াননৰ কথা শুনি মই স্তম্ভিত হৈছো। গাঁওখনক সি জ্বালাতন কৰিবলৈ বাকী ৰখা নাই । এতিয়ালৈ তাক যে কিয় পুলিচত দিয়া নাই কব নোৱাৰে। কিন্তু মোৰ বিশ্বাস তালৈ বেছি দিন আৰু নাই । যি নহওক, আশাৰ প্ৰতি মোৰো কৰ্ত্তব্য নিশ্চয় আছে কিন্তু তোমাক কি কম মণ্ডল বাপু, সেই বিষয়ত মই নিৰুপায়..."
মনথিৰ মণ্ডলে বুঞ্জিলে যে অধ্যাপকে ঘৈণীয়েকৰ নিমিত্তে আশালতাক নিজৰ ঘৰত আশ্রয় দিব নোৱাৰে। সেই কথাৰ উল্লেখ নকৰি ক'লে "তাইক "তাইক আপুনি আশ্ৰয় দিয়াৰ কথা ভাবিবলৈ মই কোৱা নাই বেদান্ত দা, মই সুধিছে। মোৰ ঘৰত..."
মুক্তাৰাম বেদান্তবাগীশে মাত লগালে "জানে। মণ্ডল বাপু, তাকেহে অথনিৰ পৰা ভাবি স্থিৰ কৰিব পৰা নাই। কওঁ শুনা, অভাগিনী, দুখুনী আশালতাৰ মুখলৈ চাই তাইক তুমি নিজৰ ঘৰত আশ্রয় দিয়া নিতান্ত উচিত হব। তায়ো নিজৰ ঘৰত থকাদি নিশ্চিন্ত মনেৰে সুখত থাকিব । সৰুৰ পৰাইতে। তোমালোকৰ ঘৰতে তাইক লালন-পালন কৰিছা, এই কথা মই ভালকৈ জানো। তাত থাকিলে তাই মাক-বাপেকৰ কথাও পাহৰি থাকিব । আনপিনে মই কওঁ, সমাজে তোমাক বা তাইক কোনো শাসন কৰিবলৈ শাসন কৰিবলৈ অধিকাৰ নাই। অৱশ্যে কূটিল আৰু হিংসুক পঞ্চানন তোমাৰ চিৰ শত্ৰু হব আৰু সি নানা ৰকমে অন্যায় কৰিবলৈ চেষ্টা কৰিব, পিছে তাকে। মই সমূলি ভবা নাই। কিন্তু বাপু,
নিমাত হ'ল ।
"কিন্তু কি বেদান্তদা?" মণ্ডলে সুধিলে।
চিলিমটো মণ্ডলৰ পৰা আনি আকৌ দুহোপামান মাৰি মুক্তাৰামে কলে "মই ইয়াকে কব খোজো যে এইটো এটা ডাঙৰ সমস্যা উপস্থিত হৈছে। তোমাৰ আগ-পাছ ভাৰিবলৈ বহুত কথা আছে। সেইবোৰ তুমি এতিয়ালৈকে নিশ্চয় ভাবি চোৱা নাই। ধৰা, তোমাৰ ল'ৰা কল্যাণৰ লগত সৰুৰে পৰা ককায়েক-ভনীয়েকৰ দৰে ডাঙৰ হলেও আচলতে সম্পর্ক একোৱেই নাই। আশালতাৰ সম্প্ৰতি ভৰ যৌৱন আৰম্ভ হলহি আৰু তোমাৰ কল্যাণে। সৰু হৈ থকা নাই। অৱশ্যে দুয়োৰে স্বভাৱচৰিত্ৰ সৰুৰে পৰা ভাল কিন্তু বয়সৰ ধৰ্ম্ম এটাও আছে নহয়।
| pdf |
e29de4fc1dfd0b282c4ad96150aeda1e613201b21bd9df478a86d7a72bf1354c | মন কৰিব লগা কথা যে সিংহাসনচ্যুত হৈ খেদা খোৱা তাং সম্রাট এজনে আৰবসকলৰ ওচৰত সাহায্য ভিক্ষা কৰিছিল আৰু তেওঁলোকৰ সাহায্যৰ বলতে তেওঁ পনৰ ক্ষমতা লাভ কৰিলে।
এতেকে সেই কালত চীন সভ্যতা বেছ আগ শাৰীত আছিল আৰ, সেই কালৰ ইউৰোপীয়সকলক এদল অৰ্দ্ধ-বৰ্ধৰ লোক জ্বলি চীনে কিছ, যৌক্তিকতাপূর্ণভাৱেই গণ্য কৰিব পাৰিছিল। জ্ঞাত পৃথিৱীখনত চীন আছিল সর্ব্বোচ্চ। মই "জ্ঞাত পৃথিৱী" বদলি কৈছোঁ; কাৰণ আমেৰিকাৰ তেতিয়া কি ঘটিছিল, মই ক'ব নোৱাৰোঁ। আমি অন্ততঃ এইটো জানো যে মেক্সিকো, পেৰ, আৰু, ওচৰ-চুবুৰীয়া দেশবোৰত কেবা শ বছৰো ধৰি সভ্যতা বৰ্ত্তি আছিল। কিছুমান বিষয়ত তেওঁলোক আছিল চকুত লগাকৈ আগবঢ়া; আন কিছুমান বিষয়ত তেওঁলোক আছিল ঠিক সিমানেই চকুত লগাকৈ পিচপৰা। পিচে তেওঁলোকৰ বিষয়ে মই ইমানেই কম জানো যে বেচি কবলৈ মই বহুকু ডাঠ কৰিব নোৱাৰোঁ। কিন্তু সেইবিলাক - মেক্সিকো আব, মধ্য আমেৰিকাৰ মায়া সভ্যতা, ইন্কাসকলৰ পেৰভিয়ান ৰাষ্ট্ৰখন - তুমি মনত ৰখাটো মই বাঞ্ছা কৰোঁ। মোতকৈ বিজ্ঞ আন লোকে সেইবিলাকৰ বিষয়ে তোমাক যথোপযুক্তভাৱে কিছ, ক'ব পাৰিব। মই স্বীকাৰ নকৰি নোৱাৰোঁ যে সেইবোৰে মোক মোহিত কৰিছে; কিন্তু সেইবোৰৰ বিষয়ে মোৰ অজ্ঞতা মোৰ মোহৰেই প্ৰতিসম।
আন এটা কথাও তুমি মনত ৰখাটো মই বাঞ্ছা কৰোঁ। আমাৰ চিঠিবোৰত প্রসঙ্গক্রমে আমি দেখি আহিছোঁ যে মধ্য এচিয়াত বহুতো অঘৰী জাতি ওলাই পশ্চিমে ইউৰোপলৈ গৈছিল নাইবা ভাৰতলৈ নামি আহিছিল। হন, স্কাইথীয়ান, তুর্ক, আৰু অন্যান্য বহহুতো ইটোৰ পিচত সিটোকৈ চামে চামে গৈয়ে আছিল। ভাৰতলৈ অহা শ্বেত হন আব, ইউৰোপত ওলোৱা এট্টিলাৰ হনবোৰৰ বিষয়ে তোমাৰ মনত আছে। বাগ্দাদ সাম্রাজ্য দখল কবি লোৱা ছেলজকে তুর্কসকলো মধ্য এচিয়াৰপৰাই আহিছিল। পিচত তুর্কসকলৰ আন এটা ঠাল - অট্টোমান তুর্ক সকল - আহিল আব, সদৌ শেষত কন্টান্টিনোপল দখল কৰি লৈ ভিয়েনাৰ প্ৰাচীৰ পয্যন্ত পালেগৈ। মধ্য এচিয়া বা মঙ্গোলিয়াৰপৰাই ভয়ঙ্কৰ মঙ্গোলসকলো ওলাল। তেওঁলোকে ইউৰোপৰ বক্ষঃস্থললৈকে অধিকাৰ কৰিলে; আনকি চীনকো নিজৰ কৰ্ত্তত্বাধীন কৰিলে। এওঁলোকৰ বংশধৰসকলৰে এজনে ভাৰতত এটা ৰাজফৈদ আৰু, এখন সাম্রাজ্য স্থাপন কৰিলে আৰু, এই ফৈদে কেইজনমান প্রসিদ্ধ শাসকক জন্ম দিলে।
মধ্য এচিয়া আৰু, মঙ্গোলিয়াৰ এই অঘৰী জাতিবোৰৰ লগত চীনে অবিৰাম যদ্ধ কৰিলে। নতুবা বোধহয় এই বুলি কোৱাহে উচিত হ'ব যে এই অঘৰীবোৰে প্রায় সদায় চীনক জলন্ম কৰি আছিল আৰ, চীনে আত্মৰক্ষা কৰিব লগাত পৰিল। এইবোৰৰ বিৰুদ্ধে আত্মৰক্ষা কৰিবৰ বাবেই মহাপ্ৰাচীৰখন সজা হৈছিল। ই কিছ উপকাৰ যে কৰিলে, সেই বিষয়ে একো সংশয় নাই; কিন্তু আক্রমণৰ বিৰুদ্ধে ই নিচেই নিশকতীয়া ৰক্ষণমমূলক ব্যৱস্থা। ইজনৰ পিচত সিজনকৈ সম্রাটসকলে অঘৰীহ'তক খেদি পঠাব লগা হ'ল আৰুব্দ খেদি পঠোৱাৰ এই কাৰ্য্যক্ৰমৰ যোগেদি চীনৰ সাম্ৰাজ্য
চীনে অঘৰীবোৰক পশ্চিমলৈ খেদি পঠালে
মই তোমাক কৈ অহা মতেই পশ্চিমে কাম্পিয়ান সাগৰলৈকে বহুদূৰ বিস্তৃত হ'ল। চীনা ৰাইজ সাম্ৰাজ্যবাদত বৰ বেচি আসক্ত নাছিল। তেওঁলোকৰ সম্ৰাটসকলৰ কোনো কোনো জন অৱশ্যে সাম্রাজ্যবাদী আৰু, দিগ্বিজয়-লিপ্স, আছিল। কিন্তু অন্যান্য বহঢ়তো জাতিৰ তুলনাত তেওঁলোক আছিল শান্তিপ্রিয়; ৰণাকাঙ্ক্ষী আৰু, দিগ্বিজয়লিস, নাছিল। চীনত বিদ্বান লোকে সদায় যোদ্ধাতকৈ বেচি সম্মান আৰু, যশস্যা লভি আহিছিল। এনেস্থলতো যদি চীনা সাম্ৰাজ্য সময়ত বৰ বিশাল হৈ উঠে, তেন্তে উত্তৰ আৰু পশ্চিমে অঘৰীহ'তৰ অবিৰত হানা-খোচাত বিৰক্তি বোধ কৰাই ইয়াৰ প্ৰধান কাৰণ। শক্তিশালী সম্রাটসকলে একে কোবেই চিৰকাললৈ ৰক্ষা পাবৰ কাৰণে সিহ'তক পশ্চিমলৈ বহদৰ খেদি পঠালে। তেওঁলোকে প্ৰশ্নটো অৱশ্যে চিৰকালৰ বাবে মীমাংসা কৰিব নোৱাৰিলে; কিন্তু তেওঁলোকে অন্ততঃ কিছ, সকাহ
কিন্তু চীনৰ জনসাধাৰণে অন্যান্য লোক বা দেশৰ ক্ষতিৰ ব্যতিৰেকেহে সকাহ পাইছিল; কিয়নো চীনাসকলে খেদি পঠোৱা অঘৰীহ'তে গৈ অন্যান্য দেশ আক্ৰমণ কৰিলে। তেওঁলোক ভাৰতলৈ আহিল। তেওঁলোক ইউৰোপলৈও বাৰে বাবে যাবলৈ ধৰিলে। চীনৰ হান সম্রাটসকলৰ খেদাই অন্যান্য দেশক যোগালে হণে তাৰ্তাৰ আৰু, আন আন অঘৰীবৰ্গক; তাংসকলে ইউৰোপলৈ উপহাৰ হিচাপে পঠালে তুর্কসকলক ।
এই অঘৰী জাতিবৰ্গৰপৰা নিজকে ৰক্ষা কৰাত ইমান দিনে চীনাসকল বহ, দূৰ কৃতকাৰ্য্য হৈছিল। তেওঁলোক সিমান কৃতকাৰ্য্য হব নোৱাৰা সময় এছোৱালৈ আমি এতিয়া আহিম।
এনে ধৰণৰ ৰাজফৈদবোৰৰ সচৰাচৰ সকলো ঠাইতে যি হয়, সেইদৰে তাং ফৈদটো গৈ অকৰ্ম্মণ্য শাসক কিছুমানেৰে ওৰ পৰিল। পূৰ্ব্বৱৰ্ত্তী ৰজাসকলৰ বলিষ্ঠ ভাৱ-গতিব একোকে এওঁলোকে পোৱা নাছিল ; মাথোন লভিছিল তেওঁলোকৰ বিলাসপ্ৰৱণতা। বাজ্যত দুৰ্নীতিয়ে প্ৰসাৰ লভিলে আৰু তাৰ লগে লগে আহিল গহ্বৰ কৰ-কাটল। ইয়াৰ সৰহ ভাগ গৰীব শ্রেণীসমূহৰ ওপৰতেই ন্যস্ত হ'ল। বিক্ষোভ বাঢ়িল আব, দশম শতাব্দীৰ আৰম্ভণিতে - ৯০৭ খৃষ্টাব্দত এই ফৈদৰ পতন ঘটিল।
অর্ধ শতাব্দী কাল জৰি সৰসৰা নগণ্য শাসক কিছুমানৰ ধাৰাবাহিক ৰাজত্ব চলিল। ৯৬০ খৃষ্টাব্দত অৱশ্যে চীনৰ ডাঙৰ ডাঙৰ ৰাজফৈদবোৰৰ আন এটা প্রতিষ্ঠিত হ'ল। এইটোৱে হ'ল ছং ফৈদ - কাও ছৰ প্রতিষ্ঠিত। কিন্তু সীমান্তত আৰু, দেশৰ অভ্যন্তৰতো হলস্থূল চলি থাকিল। গধূৰ ভূমি-ৰাজহ খেতিয়ক সম্প্ৰদায়ৰ পক্ষে ডাঙৰ বোজা হৈ পৰিল আৰ, তাৰ বাবে যথেষ্ট বিক্ষোভ হ'ল। ভাৰতত হোৱাৰ দৰে গোটেই জমি বন্দৱস্ত প্ৰণালীটো ৰাইজৰ পক্ষে বৰ মেটমৰা বোজা হৈ উঠিছিল আৰু তাক একেবাৰে বলাব নোৱাৰিলে শান্তি বা সমৃদ্ধি নোহোৱা হৈছিলগৈ। কিন্তু পালিয়ে-পোখাই উভালি পেলোৱা বিধৰ সালসলনি ঘটোৱাটো সদায় কঠিন হৈ পৰে। চলি থকা ব্যৱস্থাৰ ফলত শীর্ষস্থানত থকা লোকসকল লাভবান হয় আৰু কিবা পৰিৱৰ্ত্তন সাধিব খুজিলে তেওঁলোকে চিঞৰ-বাখৰ লগায়।
কিন্তু সময়মতে পৰিৱৰ্ত্তনটো ঘটাব নোৱাৰিলে অনাহতভাৱেই এদিন আহি পৰা স্বভাৱ ইয়াৰ আছে আৰু সেয়ে হ'লে মনে পতা সংসাৰ গোটেইখন থান বান হৈ পৰে।
তাং ফৈদৰ পতন ঘটিল; কিয়নো ই যথাযথ পৰিৱৰ্ত্তন নেসাধিলে। ছংসকলেও এইবাবেই অবিৰাম জুলুম পাব লগা হ'ল। এজন লোকৰ আবিৰ্ভাৱ হ'ল, যি হয়তো কৃতকাৰ্য্যতা লভিব পাৰিলেহে'তেন। তেওঁ হ'ল ৱাং আনছি - ছংসকলৰ একাদশ শতাব্দীৰ এজন প্রধানমন্ত্রী। মই তোমাক কৈ আহিছোঁৱেই যে চীন হ'ল কন্ফৰ্চিয়ানী ভাবাদর্শ অননুযায়ী শাসিত এখন দেশ। সকলোবোৰ কৰ্ম্মচাৰী কনফচিয়ানী পথিৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু, কন্ফ,চিয়াছে কৈ যোৱা কোনোটো কথাব বিৰূদ্ধে যাবলৈ কোনেও সাহ কৰা নাছিল। ৱাং ৱান ছিও সেইবোৰৰ বিৰুদ্ধে যোৱা নাছিল; কিন্তু তেওঁ বেছ চকুত লগাভাৱে সেইবোৰ ব্যাখ্যা কৰিলে। আউল ডাঙি সৰকি যাবলৈ চতুৰ লোকে এনে পথকে লয়। ৱাঙৰ কিছুমান ভাৱাদৰ্শ - চকুত লগাকৈ আধুনিক। তেওঁৰ গোটেই উদ্দেশ্যটো আছিল দুখীয়া শ্ৰেণীৰ ওপৰত কৰ-কাটলৰ বোজা কমাই দি, যিসকলৰ দিয়াৰ সামর্থ্য আছে, সেই ধনীসকলৰ ওপৰত বঢ়াই দিয়া। তেওঁ ভূমি-কৰ কমাই দিলে আৰ, যদি ধনেৰে কৰ শোধাব নোৱাৰে, তেন্তে বস্তুৰেও - অর্থাৎ ধান বা আন উৎপন্ন বস্তুৰেও কৰ শোধাবলৈ তেওঁ খেতিয়কসক্লক অনুমতি দিলে। ধনী লোকসকলৰ ওপৰত তেওঁ আয়কৰ এটা বহুৱাই দিলে। এইটো এটা তেনেই আধুনিক কৰ বদলি ধৰা হয়; তত্ৰাচ আমি দেখা পাওঁ যে চীনত ই নশ বছৰৰ আগতে প্রস্তাবিত হৈছিল। খেতিয়কসকলক সাহায্য দিবৰ অৰ্থে ৱাঙে প্ৰস্তাৱ কৰিলে যে চৰকাৰে তেওঁলোকক ধন ধাৰলৈ দিব আৰু, খেতি উঠিলে তেওঁলোকে এই ধাৰ পৰিশোধ কৰিব লাগিব। আন এটা আহকালৰপৰাও তৰণি পাব লগা হ'ল। সি হ'ল ধানৰ দৰ-দামৰ তেজিমন্দি। যেতিয়া বজাৰত ভাও পৰি যায়, তেতিয়া গৰীব খেতিয়কসকলে পথাৰত উৎপন্ন কৰা ফচলৰ বাবদ পাৰিশ্ৰমিক বৰ কমেইহে পাব। তেওঁলোকে সেই ফচল বিক্ৰী কৰিব নোৱাৰে আৰু এনেদৰে কৰ শোধাবৰ বাবে কিম্বা অন্য বস্তু কিনিবৰ বাবে হাতত পইচাও নেথাকে। ৱাং আন-ছিয়ে এই সমস্যাটোৰ সম্মুখীন হ'বলৈও চেষ্টা কৰিছিল। দৰ উঠা-নমা কৰাটো বন্ধ কৰিবৰ অৰ্থে চৰকাৰে ধান কিনা-বিকা কৰা উচিত বদলিও তেওঁ পৰামৰ্শ দিছিল।
ৱাঙে আৰু প্ৰস্তাৱ কৰিছিল যে ৰাজহুৱা কাম-কাজৰ বাবে খাটনি জোৰজবৰদস্ত হব নেলাগিব আৰু, কাম কৰা প্ৰতিজন লোককে প্ৰা মজৰী দিব লাগিব। তেওঁ "পাও চিয়া" নামে অভিহিত স্থানীয় সেনা-বাহিনী এটাও গঠন কৰিছিল। পিচে দুর্ভাগ্যবশতঃ ৱাং তেওঁৰ সময়ৰ তুলনাত খবে আগ বঢ়া আছিল আৰু কিছ সময়ৰ পিচতে তেওঁৰ সংস্কাৰবোৰ অথলে গ'ল। মাথোন সেনা বাহিনীটোহে আঠ শ বছৰৰো ওপৰ কাল চলি থাকিল ।
সম্মূখত দেখা দিয়া সমস্যাৱলী সমাধান কৰিব পৰাকৈ সাহসে নকুলোৱাত হুংসকল ক্রমান্বয়ে সেইবোৰৰ ওচৰত নতশিৰ হ'ল। উত্তৰৰ বৰ্ব্বৰহ'ত - খিটান্বোৰ-তেওঁলোকৰ পক্ষে অত্যন্ত দৰম্ভ হৈ উঠিল। সিহতক খেদি পঠাব নোৱাৰি ছ,ংসকলে উত্তৰ-পশ্চিমৰপৰা আন এটা জনজাতি - 'কিন্' বা সোণালী তাতাৰ
| pdf |
a3befbb22595959b8cf78cc8410c2ecc4136ec76ea0f9dffbc398b37630554e6 | পঞ্চম পট ।
ৰংপুৰ নগৰৰ-ৰাজকাৰেং বৰবৰুৱাৰ তোল - ভিতৰ চ'ৰা। সময় - সন্ধ্য। লাগিছে ।
( কুৰঙ্গনয়নী আৰু ৰামকৃষ্ণাই দুয়ো কথা পাতি পাতি সোমাই আছে। কুৰঙ্গনয়নী : - তামুলি, তোমালোকৰ উদ্যম সফল হওক ! ঈশ্বৰ-ঈশ্বৰী তোমালোকৰ সহায় হওক ! তুমি মুহূৰ্ত্তলৈকে। বিশ্বাস নকৰিবা, ৰাঘৱক পতি স্বৰূপে গাতহঁতে শ্রদ্ধা কৰিছে বুলি। - ক'ত বুদ্ধিৰে যে ৰাঘৱক মই স্বামী বৰিম বুলি, দিনৰ পাছত দিন কটাই আহিছো, তাক নই বর্ণাবলৈ অক্ষম ! উপায় নাই, জানত সিংহিনী আজি বন্দী !
ৰামকৃষ্ণাই : - আই কুৱৰি, আমাৰ 'ডা-ডাঙৰীয়াসকলৰ বাতৰি সকলো জনোৱা হ'ল। আমাৰ সকলো জাতৰ সকলো শ্ৰেণীৰ মানুহেই মৰাণৰ বিপক্ষে থিয় হৈছে। আমাৰ আয়োজন প্রায় সম্পূর্ণ ! - বহাগৰ বিহুলৈ আৰু মাজতে পোন্ধৰ দিন । বিহুৰ দিনা মৰাণৰ ডেকাবিলাক বিহুত মতলীয়া হৈ থাকিব। আমি সেই সুযোগতে বিহুৰ দিনা গধূলি কাৰেঙত হুচৰি গাবলৈ আহিম। তাৰ পাচত আমাৰ মন্ত্রণা মতে, আই কুৱৰী সাজু হলেই, আমাৰ কাৰ্য্যসিদ্ধি হব।
কুৰঙ্গনয়নী : - তামুলি, সৰুতে সাধু কথাত শুনিছিলো, বাঘিনীক শিয়ালে ভাবুকি দিছিল বুলি। মোৰ ভাগ্যৰ ফেৰত, সেই সাধুকথা আজি মোৰ গাতেই ফলিয়াইছে। - তামুলি, নির্ভয়ে যোৱা।
৫ম পট ]
বিদ্রোহী-মৰাণ ।
ডাঙৰীৱাসকলক মোৰ কথা কৰাগৈ। কাৰ্যসিদ্ধি হ'ব। আৰু এই কেইদিনৰ বা-বাতৰি দি থাকিবা। ৰামকৃষ্ণাই : - ঘনাই আহিলে, জানোবা -
কুৰঙ্গনয়নী : - ব্রাহ্মণ, তোমালৈ মৰাণৰ দুৱাৰো মুকলি। মৰাণৰ এই ফো অন্ততঃ জ্ঞান আছে, ব্রাহ্মণে আশীর্ব্বাদ হে দিয়ে, অস্ত্ৰ নধৰে ! যোৱা, তামুলি, ঈশ্বৰ ঈশ্বৰী তোমালোকৰ সহায় হওক ।
ৰামকৃষ্ণাই : - আই কুৱঁৰী, তেন্তে আজিলৈ বিদায়।
( ৰামকৃষ্ণাই ওলাই যায়।)
( ভিতৰত লাহে লাহে গান-বাজনা হয় । )
কুৰঙ্গনয়নী : ~ দেৱতাৰ আসন আজি পিষাশে কলুষিত কৰিলে । ধেমালি । - অকাতৰে সহ
কৰিছো, কিহৰ বাবে ?
প্রবল প্রতাপী
ইন্দ্ৰবংশী ৰাজফুল
ৰক্ষা কৰিবলৈ ! মোৰ এই সামান্ত দেহা নিপাত হ'ব পাৰে, হওক ! যিহৰ বাবে আজি ইমান দিনে - কত মায়াৰ মায়াবিনী সাজি, দুৰ্দ্দান্ত ৰাঘৱক মিছা সপোনৰ এনা-জৰিৰে বান্ধি থৈছো ; ৰাজকন্যা, ৰাজৰাণী হৈ সামাঙ্গ মৰাণৰ ভোগৰ নৈবিদ্য সজাই দিছোঁ, সি কি অৱাবতেই, বতাহৰ লগত লগত উৰি যাব ? নোৱাৰে ! কামৰূপ। মহামায়াৰ দেশত, সেইদিনা মহামায়াৰ সংহাৰ মূৰ্ত্তি ধাৰণ কৰিম ! জগতক দেখুৱাম, - তিৰোতা ছোৱালী, তিৰোতা প্ৰেৱসী, তিৰোতা ঘৰিণী আৰু সেই তিৰোতায়ে ধ্বংসৰ লীলাত কালবদনী কালী !
( লাহে ২ গান-বাজনা কৰি ২ মণিপুৰী নাচনী আৰু কালুগঞা নটী সোমাই আহে ) ।
| pdf |
ebc15e96407fac90c58d29d802380f4128e83ca2 | গুৱাহাটী মহানগৰীৰ প্ৰায় সকলোবোৰ শিক্ষানুষ্ঠানৰ ওচৰত 'দা চিগাৰেট এণ্ড আদাৰ টবেকো প্ৰডাক্টছ এক্ট'- ২০০৩ক অংগুষ্ঠ প্ৰদৰ্শন কৰি এতিয়াও ব্যৱস্যায়িক প্ৰতিষ্ঠান তথা ব্যৱসায়ী সকলে ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰি থকাৰ ভয়াবহ তথ্য পোহৰলৈ আহিছে।
কনজিউমাৰ্ছ লিগেল প্ৰটেকশ্যন ফ'ৰামৰ তত্ত্বাৱধানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ ৯ জনীয়া শিক্ষাৰ্থীৰ এটা দলে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত চলোৱা মাহজোৰা সমীক্ষাত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।
উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ৰ ন্যায়িক অধ্যয়ন কেন্দ্ৰৰ অধ্যয়নকাৰী দলটোৱে গুৱাহাটী মহানগৰীৰ ৩৬টা ৱাৰ্ডৰ ২৩৩ খন শিক্ষানুষ্ঠানক সামৰি এই ক্ষেত্ৰভিত্তিক অধ্যয়ন চলায়।
অধ্যয়নকাৰী দলটোৱে শিক্ষানুষ্ঠানসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধত ধঁপাতযুক্ত সামগ্ৰীৰ 'বিক্ৰী আৰু বিজ্ঞাপন' সন্দৰ্ভত অধ্যয়ন চলাইছিল।
অধ্যয়নৰ তথ্য মতে গুৱাহাটীৰ প্ৰায় সকলোবোৰ শিক্ষানুষ্ঠানৰে ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী হৈ আছে। তদুপৰি শিক্ষানুষ্ঠানৰ ওচৰত থকা ৪৮. ৯৩ শতাংশ দোকানতে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিজ্ঞাপন আছে।
অধ্যয়নত প্ৰকাশ পোৱা মতে শিক্ষানুষ্ঠানৰ ওচৰত থকা ৫৬. ৮0 শতাংশ দোকানত মুকলি ভাৱে গ্ৰাহকক আকৰ্ষণ কৰিব পৰাকৈ ধঁপাত তথা গুটখা জাতীয় সামগ্ৰী ৰাখি থয়। শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ ব্যায়াৰ্ধত বিক্ৰী কৰা এনেবোৰ সামগ্ৰীৰ মূল গ্ৰাহক হ'ল ছাত্ৰ-ছাত্ৰী।
উল্লেখযোগ্য যে ২০০৩ চনৰ ধঁপাত সম্পৰ্কীয় আইন মতে শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে তথা বিজ্ঞাপনো দিব নোৱাৰে।
এই নিয়ম ভংগ কৰা সকল আইন মতে দণ্ডনীয়। এই আইন ভংগ কৰা সকলৰ ২ বছৰৰ পৰা ৫ বছৰলৈকে কাৰাবন্দীৰ লগতে ১০০০ৰ পৰা ৫০০০ টকা পৰ্যন্ত জৰিমনাও হ'ব পাৰে। কিন্তু প্ৰকৃততে এইবোৰ এতিয়া ধোৱাচাঙত। প্ৰশাসনৰ সন্মুখতে মুকলিভাৱে উলংঘা হৈ আছে আইন।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এই অধ্যয়নকাৰী দলটোৰ চন্দ্ৰজ্যোতি মিশ্ৰ, মণিকৰ্ণিকা দত্ত, প্ৰিয়ংকা চেতিয়া, প্ৰিয়াংকি গগৈ, ৰানীশ্ৰী মৰাণ,ৰিকি বৰা, চাৰকিৰি ৰংপি, চিমৰণ সাহা, চৰনামিকা চৌধুৰী আছিল। | web |
8f86e3282f16ca83096e9754e2dcfb6732793e38 | বাৰেৰহনীয়া সংস্কৃতিৰ মিলনভূমি অসম। বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় আৰু সংমিশ্ৰণৰ ৰূপেই হ'ল আমাৰ বৰ অসম। প্ৰতিটো জনগোষ্ঠীৰ মাজত ভাষা-সংস্কৃতি, সাজ-পাৰ, খাদ্য, লোকাচাৰৰ মাজত পাৰ্থক্য থাকিলেও সাতামপুৰুষীয়া ঐক্য আৰু সংহতি অক্ষুণ্ণ ৰাখি আধুনিক অসমে বিশ্ব দৰবাৰত বৃহত্তৰ অসমীয়া জাতিৰূপে নিজকে পৰিচয় দিব পাৰিছে। মূল জাতি অসমীয়া হিচাপে পৰিচয় দিলেও এই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসমূহে নিজস্বভাৱে প্ৰত্যেকেই স্বকীয় বৈচিত্ৰ্যৰে বৈচিত্ৰ্যময়। বাৰ মাহত তেৰটা উৎসৱৰ ৰাজ্য হ'ল অসম। সেইদৰে, বড়ো, মিচিং, দেউৰী, কাৰ্বি, ৰাভা, সোণোৱাল কছাৰী, ডিমাছা আদি জাতি জনগোষ্ঠীৰ মিলনক্ষেত্ৰ হৈছে অসম। এই বৈচিত্ৰ্যময় অসমত বাপতি সাহোন ৰঙালী বিহুৱেই সংহতিৰ যোগসূত্ৰ হিচাপে সকলোকে একতাৰ এনাজৰীৰে বান্ধি ৰাখিছে।
বিহু এক ঐন্দ্ৰজালিক অনুষ্ঠান। অতীতৰে পৰা কৃষিজীৱী অসমীয়া জাতিৰ মূল উৎসৱ হৈছে ৰঙালী বিহু। সাত দিন ধৰি পালন কৰা এই ৰঙালী বিহুক আমি সাত বিহু বুলি পালন কৰি আহিছোঁ। অসমত বাস কৰা প্ৰায়বোৰ জাতিয়েই ৰঙালী বিহুৰ সাত বিহুৰ পৰম্পৰা মানি অহা দেখা যায়। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে বড়োসকলৰ বৈশাগু উৎসৱ।
উত্তৰ পূৱ ভাৰতৰ আদিম জনগোষ্ঠী বড়োসকল মঙ্গোলীয় গোষ্ঠীৰ লোক। বড়ো শব্দটো বহল অৰ্থত সমগোষ্ঠীয় বিভিন্ন লোকৰ সমষ্টি। এওঁলোক ভাষা-সাহিত্য, ধৰ্ম-সংস্কৃতিৰে সমৃদ্ধিশালী। বড়োসকলৰ সংস্কৃতিও মূলতঃ কৃষিকেন্দ্ৰিক সংস্কৃতি। বৈশাগু বড়োসকলৰ মাজত প্ৰচলিত এটি কৃষিকেন্দ্ৰিক বসন্তকালীন উৰ্বৰা উৎসৱ। ভিন্ন লোকাচাৰ আৰু লোকবিশ্বাসৰ মাজেৰে তেওঁলোকে এই ৰংজালি বৈশাগু উৎসৱ পালন কৰে।
প্ৰকৃতিয়ে যেতিয়া নতুন ৰূপ লয়, আমে মলিয়াই, অজস্ৰ পাপৰিৰে কপৌ ফুলি যেতিয়া চৌদিশ প্ৰাণময় কৰি তোলে, তগৰৰ আমোলমোলীয়া গোন্ধই জীৱন যেতিয়া প্ৰাণময় কৰি তোলে, তাঁতশাল, ঢেঁকীশাল যেতিয়া গমগমাই উঠে, বৰদৈচিখলাজনীৰ যেতিয়াই আগমন হয় তেতিয়াই কৃষিজীৱী বড়োসকলে ৰংজালি বৈশাগু উৎসৱ উদযাপন কৰে। বৈশাগু শব্দ প্ৰকৃততে ক'ৰপৰা উৎপন্ন হৈছে এই লৈ বৰ্তমানেও সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই। তথাপিও বহুতৰে মত অনুসৰি বৈশাগু শব্দটো বড়ো ভাষাৰ 'বৈশা' আৰু 'আগু' শব্দ দুটাৰ পৰা আহিছে বুলি মত দিয়ে। 'বৈশা'ৰ অৰ্থ হৈছে বছৰ বা বয়স আৰু 'আগু'ৰ অৰ্থ হৈছে আৰম্ভ। অৰ্থাৎ বৈশাগু মানে হৈছে নতুন বছৰৰ আৰম্ভণি। বৈশাগুৰ প্ৰথম সাত দিনক সাতবিহুৰ ভিন্ন নামেৰে নামাঙ্কৃত কৰা হৈছে।
বিমা গাইদে বাদি দাজা।
বাৰি খনানি এম্বু বংলা।
(লাও খা, বেঙেনা খা, বছৰে বছৰে বাহি যা। মাৰ সৰু, বাপেৰ সৰু তই হ'বি বৰ গৰু। চাপৰ নহ'বি, বলধৰ দৰে ডাঙৰ হ'বি। ঘৰৰ কাষত থকা বেং ভেকুলীৰ নিচিনা ডাঙৰ হ'বি। )
সেইদিনা গোহালিঘৰটোও ভালদৰে চাফ-চিকুণ কৰা হয়। গৰুৰ গোৱৰ তেওঁলোকে ঘৰৰ বেৰ লেপন দিয়া, মজিয়া মোচা আৰু নানা কামত শুদ্ধিকৰণৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰে। গধূলি গৰু ঘৰলৈ ঘূৰি অহাৰ সময়ত নতুন পঘাৰে বান্ধি দিয়া হয়। ইয়াৰোপৰি, বৈশাগু বুলি বনোৱা বৰা চাউলৰ পৰা তৈয়াৰী 'স্বৰাই' আদি গৰুক খাবলৈ দিয়া হয়। গৰুক গিচিপৰে(বিচনী) বা দিয়া হয় আৰু সেইদিনাৰ পৰাই মানুহেও বিচনীৰ বা লোৱা আৰম্ভ কৰে। গধূলি চোতালত, গোহালিঘৰত যাগ দিয়া হয়, আগফালে, পিচফালে, গোহালিঘৰত ধূপ-চাকি জ্বলাই সেৱা কৰা হয়।
এই দিনটোত তেওঁলোকে পূৰ্বপুৰুষৰ নিয়ম অনুসৰি বিভিন্ন শাক পাচলিৰ ব্যঞ্জন ৰান্ধি খায়। অৱশ্যে বহুতে সাত দিনৰ ভিতৰতো এই নিয়ম পালন কৰে। এশ এবিধ শাকৰে বনোৱা খুংখা, নিম পাত, বিভিন্ন পাচলিৰ লগতে অমাবেদ (গাহৰি) বা মূৰ্গী মাংসৰ লগত ৰান্ধি খায়। ইয়াক 'গোখা-গোখৈ-খাজি-জানাই' বুলি কোৱা হয়। ইয়াৰ তাৎপৰ্য এয়ে যে, পুৰণি বছৰটো বিদায়ৰ নেতৃত্ব কৰা হ'ল। বড়োসকলৰ খাদ্য সম্ভাৰত অমাবেদ অতি প্ৰিয় খাদ্য। ইয়াৰ উপৰি লাফা মৈদ্ৰু(শাক), মৈথা(মেস্তা টেঙা), নাফাম(চুঙা সুন্দৰী), ঔৱা মেৱা (বাঁহ গাজ), না বাথান(ছাটনি)আদি তেওঁলোকৰ প্ৰিয় খাদ্য সম্ভাৰত পৰে।
(আমাক কণী লাগে। যদি কণী নাই তেন্তে আমাক পাকঘৰত থকা জৌ বিদৈ লাগে)
বড়োসকলৰ পূজা পাৰ্বন, বিয়া সবাহ ঘৰুৱা আৰু সামাজিক অনুষ্ঠান সকলোতে জৌ(চাউলৰ পৰা প্ৰস্তুত কৰা পানীয়) অতি অপৰিহাৰ্য পানীয়। ইয়াৰ আন এটি ৰূপ হ'ল ফিথিখা বা চেৰেপ।
'মানসি বৈশাগু'ৰ দিনা বড়োসকলে তেওঁলোকৰ উপাস্য দেৱতা বাথৌক কৃষিক্ষেত্ৰৰ উৎপাদনৰ বাবে জৌ বিদৈ আৰু কুকুৰা উৎসৰ্গা কৰে। ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰি গা-পা ধুই বাথৌৰ আগত নৈবেদ্য আগবঢ়োৱাৰ উপৰি চোতালৰ দক্ষিণ দিশত পূৰ্বপুৰুষ সকলৰ উদ্দেশ্যে তামোল, মাছ, মাংস, ফল-মূল, জৌ বিদৈ আদি আগবঢ়াই পূজা অৰ্চনা কৰে। এই দিনটোত কনিষ্ঠসকলে জ্যেষ্ঠসকলক সেৱা কৰে, আৰনাই(গামোচা) দি নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰে। এইসমূহ লোকাচাৰ কৰাৰ পিছত মহিলাসকল ওজা বা গাঁৱৰ মুখিয়ালসকলৰ ঘৰলৈ জৌ বিদৈ আৰু কুকুৰা লৈ নতুন বছৰৰ মঙ্গলৰ বাবে আশীৰ্বাদ বিচাৰি যায়। ওজায়ো বছৰটোলৈ মঙ্গলৰ বাবে তাবিজ বা খবাজ দিয়ে।
তৃতীয় দিনাৰ বৈশাগুক কোৱা হয় 'সৈমা বৈশাগু'(কুকুৰ বিহু), চতুৰ্থ দিনাৰ বৈশাগুক কোৱা হয় 'অমা বৈশাগু' (গাহৰি বিহু), পঞ্চম দিনাৰ বৈশাগুক কোৱা হয় 'দাও বৈশাগু' (কুকুৰা, পক্ষী বিহু) ষষ্ঠ দিনাৰ বৈশাগুক কোৱা হয় 'হাংস-ফাৰ বৈশাগু' (হাঁহ -পাৰ বিহু) আৰু সপ্তম দিনাৰ বৈশাগুক নামকৰণ কৰা হৈছে 'খুৰমা বৈশাগু'(আলহী বিহু)বুলি।
প্ৰকৃতিৰ উৎসৱ বৈশাগুত বড়ো চিখলাসকলে(ছোৱালী) প্ৰকৃতিৰ মাজতে উপলব্ধ সেউজীয়া, হালধীয়া ৰঙৰ দখনা, সেউজীয়া, ৰঙা ৰঙৰ জুমব্ৰা পৰিধান কৰে। অৱশ্যে আজিকালি নানা ৰঙী দখনা পৰিধান কৰাও দেখা যায়। পূৰ্বতে তেওঁলোকে ব্লাউজ পৰিধান নকৰিছিল যদিও বৰ্তমান যুগৰ লগত মিলাই তেওঁলোকে দখনাৰ লগত মিলাই ব্লাউজ পৰিধান কৰা দেখা যায়। খোপাত কপৌফুল লগাই। পুৰুষসকলে সেউজীয়া ৰঙৰ 'গামছা' ধুতিৰ দৰে পৰিধান কৰে। পূৰ্বতে বড়ো পুৰুষসকলে কোনো ধৰণৰ চোলা পৰিধান নকৰিছিল যদিও বৰ্তমানে তেওঁলোকেও বগা, হালধীয়া ৰঙৰ বোৱা কাপোৰৰ চোলা পৰিধান কৰে। বড়োসকলে বৈশাগু উৎসৱত প্ৰেমাস্পদ বা শ্ৰদ্ধাস্পদ ব্যক্তিলৈ মৰম বা সন্মানাৰ্থে বিহুৱান হিচাপে আৰনাই উপহাৰ দিয়ে। আৰনাইখন বিহুৱান হোৱাৰ উপৰি তেওঁলোকৰ ৰক্ষা কবচ হিচাপেও কাম কৰে। এইখন বড়ো পুৰুষসকলে মূৰত মাৰে বা কান্ধটো লোৱা দেখা যায়। মহিলাসকলেও আৰনাই লোৱা দেখা যায়।
বড়োসকলে সাত দিন ধৰি বৈশাগু উৎসৱ উদযাপন কৰে নানা ধৰণৰ পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে। বৈশাগু নৃত্য নচাত কোনো বয়সৰ সীমা নাথাকে। এই গীত নৃত্যসমূহ মূলতঃ প্ৰেম প্ৰণয় জনিত। বৈশাগু উৎসৱৰ সময়ত তেওঁলোকে বাগৰুম্বা, বাৰদৈচিখলা আদি নৃত্য কৰা দেখা যায়। জৌইলাউসকলে(পুৰুষ) চিফুং বাঁহী, চেৰজা(ভায়'লিনৰ দৰে বাদ্য), থৰকা(টকা), খাম(ঢোল) চিখলাসকলে গংগনা(গগণা), বাথা বিবুং, জথা(তাল) লৈ ঘৰে ঘৰে বা মুকলি ঠাইত সাদিনলৈকে বাদ্যৰ তালে তালে নৃত্যত মতলীয়া হৈ বসুমতীক শস্য-শ্যামলা কৰিবলৈ চেষ্টা কৰে।
বৈশাগু উৎসৱৰ অন্যতম নিয়ম হ'ল 'গাৰজাছালি'। গাঁৱৰ সকলোৱে সাদিনৰ দিনা সমূহীয়া প্ৰাৰ্থনা কৰা ঠাইত পাৰ, হাঁহ আদি বলি দি আগন্তুক বছৰটোলৈ গাঁওবাসীৰ বিপদ-আপদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাৰ্থনা জনায়। অৱশ্যে বৰ্তমান এই প্ৰথা লোপ পাইছে যদিও ঠাই অনুযায়ী দুই এক ঠাইত এতিয়াও আছে। জনবিশ্বাস অনুসৰি, বড়োসকলে এই সময়খিনিত ধান বা অন্য বস্তু বেচা কিনা নকৰে, ভঁৰালত নোসোমায়, ঢেঁকী নিদিয়ে, কাৰো লগত কাজিয়া নকৰে। তেওঁলোকে বিশ্বাস কৰে যে, এই সাতদিনত কাজিয়া কৰিলে পিছৰ জন্মত গৰু, কুকুৰ হিচাপে জন্ম পায়। বৈশাগুৰ সাত দিনলৈ তেওঁলোকে পীৰাত নবহে। বহিলে পিতৃ মাতৃৰ মূৰত বহা যেন হয়। এই মাহত তেওঁলোকে লাও, বেঙেনা নাখায়। যিহেতু গৰু বিহুৰ দিনা লাও, বেঙেনা ব্যৱহাৰ কৰা হয় সেয়ে লাও, বেঙেনা খালে গৰু খোৱা যেন হয় বুলি তেওঁলোকে বিশ্বাস কৰে। এই সাত দিন বড়োসকলে কেৱল নচা, গোৱা, খোৱা, বনোৱাৰ বাহিৰে আন একো কাম নকৰে।
সাতদিন ধৰি পালন কৰা বৈশাগু উৎসৱৰ দ্বিতীয় দিনাৰ পৰা পাঁচ দিনলৈকে বড়োসকলে ঘৰে ঘৰে মাগন কৰি ফুৰে। সাতদিনৰ দিনা সকলোৱে মিলি ভোজ ভাত খাই বিহুক বিদায় দিয়ে। বৰ্তমান ব্যস্ততাপূৰ্ণ জীৱন যাত্ৰাত বৈশাগুৰ সাতদিনৰ এই উদযাপন ক্ৰমান্বয়ে তিনিদিন বা পাঁচদিনলৈ হ্ৰাস পাইছে। বড়োসকলৰ বৈশাগু উৎসৱ লোক-সংস্কৃতিৰ এক উচ্চ নিদৰ্শন। নামাঙ্কৰণত ভিন্নতা থাকিলেও পাহাৰ ভৈয়ামৰ সকলো লোকৰে প্ৰাণৰ স্পন্দন বৈশাগু বড়োসকলৰ বুকুৰ কুটুম, হিয়াৰ আপোন।
টোকাঃ তথ্যসমূহ ওদালগুৰি অঞ্চলৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ পৰা সংগৃহীত ইয়াৰ লগতে 'অসমীয়া সংস্কৃতি' গ্ৰন্থখনৰ সহায় লোৱা হৈছে। | web |
dc183bd2fa3506c11d7252211860921785d2bf30 | বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ নিৰাপত্তাহীনতাত ভোগা কলিয়াবৰীয়া গঞাই এইবাৰ গণেশ দেৱতাৰ শৰণাপন্ন হ'ল কলিয়াবৰত। নিশা হ'লেই বনৰীয়া হাতীৰ সন্ত্ৰাসত সন্ত্ৰাসিত হয় কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ গাঁওবাসী।
বনৰীয়া হাতীৰ সন্ত্ৰাস ৰোধৰ বাবে চৰকাৰ আৰু বন বিভাগক আবেদন-নিবেদন কৰিও গাঁওবাসীয়ে সুফল নাপালে। সেয়ে, বন বিভাগৰ ওপৰত ভৰষা হেৰুৱাইছে কলিয়াবৰৰ দেৱৰ সত্ৰৰ গঞাই।
প্ৰায় প্ৰতি নিশাই বনৰীয়া হাতীৰ উপদ্ৰৱ অঞ্চলটোৰ ৰাইজৰ বাবে যেন হৈ পৰিছে দৈনন্দিন জীৱনৰ অভিন্ন অংগ। গতিকে, ৰাইজে বন বিভাগৰ ওপৰত ভৰসা এৰি পূজা-অৰ্চনা কৰিলে নেদেখাজনৰ। গণেশ দেৱতাক পূজাৰে সন্তোষ্ট কৰি পৰিত্ৰাণ বিচাৰিলে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীয়ে কলিয়াবৰৰ বিভিন্ন অঞ্চলত চলাইছে উপদ্ৰৱ। বিয়াগোম বন বিভাগ এতিয়াও ঘোৰ নিদ্ৰাত। কলিয়াবৰত হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ বন বিভাগৰ নাই পৰ্যাপ্ত সুবিধা। যাৰ ফলত এইদৰে জীয়াতু ভুগিছে কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ গঞাই।
কলিয়াবৰৰ প্ৰায় প্ৰতিটো অঞ্চলতে প্ৰতি নিশাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই হাতী খেদাৰ ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস দিছিল যদিও কোনো সুফল নাপালে ৰাইজে। কলিয়াবৰত ক্ৰমাৎ বাঢ়ি অহা হাতী-মানুহৰ সংঘাট নিয়ন্ত্ৰণৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই বন বিভাগক বিশেষ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছিল।
সেই সন্দৰ্ভত বন বিভাগক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাতে বনৰীয়া হাতীৰ জনাঞ্চলত প্ৰৱেশ ৰোধ কৰিব পাৰে তাৰ বাবে বন বিভাগে কৰ্মৰত বনকৰ্মী বৃদ্ধি কৰিবলৈ জনাইছিল। বনৰীয়া হাতীয়ে যি পথেৰে জনাঞ্চলত প্ৰায়েই প্ৰৱেশ কৰে সেই পথসমূহৰ পৰাই গভীৰ বনাঞ্চললৈ ওভতাই পঠোৱা ব্যৱস্থা বন বিভাগে কৰিব বুলিও জনাইছিল মন্ত্ৰীগৰাকীয়ে।
কিন্তু মন্ত্ৰীৰ আশ্বাসকো গুৰুত্ব নিদিয়ে বন বিভাগে। ফলস্বৰূপে বনৰীয়া হাতীৰ উপদ্ৰৱত দিক-বিদিক হেৰুৱাই ভুক্তভোগীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হ'ব লাগিব বুলিও গুৰুতৰ মন্তব্য লগাত পৰিছে। ইফালে হাতীয়ে ক্ষতি সাধন কৰা পৰিয়ালক চৰকাৰৰ ক্ষতিপুৰণৰ নামত শূন্য।
বহু বছৰৰ পৰা ক্ষতি পুৰণৰ নামত ফুটাকৰি এটাও লাভ কৰা নাই ভুক্তভোগী পৰিয়ালে। ৰাইজৰ দাবীৰ প্ৰতি বিভাগীয় হেমাহীৰ বাবে নিতৌ বনৰীয় হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ গাঁওবাসীয়ে লৈছে এই পদক্ষেপ। | web |
2969a423e047ed178f97992f99e68eb225c7ee0100b06057715054e832b93407 | কৰি সকলো জীব, তা নাই। প্রভু ৰাৰ যে জগতৰ ঈশ্বৰ, তেওঁৰ আৰু কিহৰ মৃত্যু ! মই এতিয়াই তপোবনৰ পৰা মৃতসঞ্জীৱনী আনি সকলোৰে প্রাণ দিম হি। ৰবাঁ মই আছোঁ।
(বাল্মীকি মৃতসঞ্জীৱনী আনিবলৈ যায় আৰু ইত্যৱসৰে জান কীৰ আৰু লগে লগে লৱ কুশৰ আৰলৈ প্ৰস্থান। ক্ষন্তেকতে বল্মীকি পুনৰ আহি ঘৃতসঞ্জীধনী জন চেতিয়াই সকলোকে পুনর্জীবিত কৰে।)
সৈন্যদল - আজি ভাল সাৰিল। কলৈ পলাল? লৰা হাল ক'লৈ গ'ল? বাল্মীকি - হেঁপাহ পলোৱা নাই নে? মনেমনে থাক।
(ৰাম, লক্ষ্মণ, ভৰত, শত্রুঘ্ন চাৰিওৰো মুনিৰ চৰণত প্ৰণিপাত । )
বাল্মীকি - কল্যানমস্ত। সেইটো আপোনাসকলৰ যজ্ঞাগ লৈ যাওক।
ষষ্ঠ অঙ্ক ।
প্রথম গর্ভাঙ্ক।
দৃশ্য-অশ্বমেধ যজ্ঞ।
বিবিধ নৃত্য গীত আৰু হোমাদি ক্রিয়া । দশিষ্যে বাল্মীকি প্রবেশ।
বাল্মীকি - রোপা লৱ কুশ ! আজি তোমালোকে যজ্ঞৰ সকলো ঠাইতে ৰামায়ণ গান কৰি ফুৰিব লাগিব।
লৱ - প্ৰভুৰ যেনে আদেশ।
বাল্মীকি - আজি কিন্তু তপোবনত গোৱাৰ দৰে গালেই নহব। আজিৰ সভাত বিবিধ ৰজা প্রজা গন্ধৰ্ব্ব কিন্তুৰ ঋষি মুনি আদি উপস্থিত। বৰ সাৱধানে গান কৰিবা। মই পূৰ্ব্বতে বহু সংখ্যক শ্লোকাত্মক ৰামায়ণৰ পৰা যিবিলাক সৰ্গ বাছি দিছিলোঁ, আজি তাৰে কুৰি সৰ্গ গাবা
নৱ - ভাল প্রভু! আমাক কেৱল প্ৰভুৰ হে আশীর্ব্বাদ লাগে।
দ্বিতীয় গর্ভাঙ্ক।
বাম পার্শ্বে স্বণ সীতা, আৰু নৰ্তক নৰ্ত্তকীৰে পৰিবেষ্টিত শ্ৰীৰামচন্দ্ৰ উপৰিষ্ট।
লৱকুশৰ প্ৰবেশ।
ৰাম - তোমালোক কোন ?
লৱ - আমি মহামুনি বাল্মীকিৰ শিষ্য ।
ৰাম - ইয়ালৈ কিন্তু আহিলা ?
লৱ - (অলপ লাজ পোৱা যেন হৈ কুশৰ ফালে চাই) মহাৰাজৰ সভাত ৰামায়ণ গান কৰিবলৈ প্ৰভুৰ আদেশ হৈছে।
ৰাম - লুন্দৰ কথা। বাক, নৰ্ত্তক নৰ্ত্তকীসকল বহাঁ। এওঁলোকৰ
ৰামায়ণ গান শুনো। বোপা! তোমালোকে গোৱঁ। ! লৱ কুশৰ গীতাৰম্ভ ।
প্রথমে গুরু বন্দন! ।
১। বন্দে শ্রী গুরুদের মুনি মহাতপা বাল্মীকি পদ দ্বন্দং ।
যৎপদ পঙ্কজ ৰজ হৰতি নৰাণাং ভয়মাপদ ঘোৰৎ । তৎপদ পঙ্কজ ৰজ ধন দেহিমে দানং ভিক্ষামেব দীনজনং।
| pdf |
158b3af8c1daebc8e7fb6f6180c838b8912721b5 | নিউজ ডেস্কঃ
ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটীত ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ অৱস্থান ধৰ্মঘট। ১০ ঘণ্টাৰ অৱস্থান ধর্মঘট পালন কৰে ছাত্ৰ সংগঠনটোৱে। আজি চচলৰ প্ৰতিবাদস্থলীত অসম চৰকাৰে তৃতীয় শ্রেণীৰ পৰা দশম শ্রেণীলৈ ইংৰাজী মাধ্যমত গণিত-বিজ্ঞানৰ পাঠদানৰ বিৰোধিতাৰে ৰূপায়ন কৰে প্ৰতিবাদ।
উল্লেখ্য যে অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত। চৰকাৰৰ সিদ্ধান্তক বিভিন্ন দল সংগঠনে বিৰোধিতা কৰাৰ উপৰিও বিজেপিৰে ছাত্ৰ সংগঠন এবিভিপিয়ে বিৰোধিতা কৰিছে বিষয়টো।
ছাত্ৰ মুক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰি কয়- চৰকাৰী শিক্ষা খণ্ডক ধ্বংস কৰিবলৈ চৰকাৰে এনে সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহয়। | web |
10e693fc1d4171b7162678179188248952738d6b | বজালীত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা দুমাহ পিছত ফাদিল হোৱা খৱৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিছুদিন পূৰ্বে বজালীৰ নলনাৰ চিআৰপিএফ জোৱান ঘনশ্যাম দাস আৰু হিমাশ্ৰী কাকতি দাসৰ ১২ বছৰীয়া কন্যা সন্তান গৰাকীয়ে বেলনাৰ জেঠীয়েকৰ ঘৰত উপস্থিত হৈ মাকে সদায় মাৰপিট কৰা বুলি জেঠীয়েকক জনাই ঘৰলৈ যাবলৈ অমান্তি হয়।
ইয়াৰ পিছত কিশোৰীগৰাকীৰ জেঠীয়েক পাঠশালা আৰক্ষীৰ ওচৰ চাপে। পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত পাৰ্থ প্ৰতীম বিশ্বাসে কিশোৰীগৰাকীৰ পৰা মাকে কিয় অত্যাচাৰ কৰে তাৰ সৱিশেষ জানিব বিচৰাত কিশোৰীগৰাকীয়ে এক লোমহৰ্ষক ঘটনা পাদিল কৰে।
কিশোৰীগৰাকীয়ে আৰক্ষীক জানিব দিয়ে যে তেওঁৰ মাক- দেউতাক আৰু আৰু আন এগৰাকী মহিলাই লগ লাগি এক হত্যাকাণ্ড সংঘটিত কৰে আৰু এই হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী কিশোৰীগৰাকীয়ে কাকো একো নজনায় তাৰ বাবে সদায় ভীতিগ্ৰস্ত কৰি ৰাখে।
কিশোৰীগৰাকীৰ এই স্বীকাৰোক্তিৰ ভিত্তিত পাটাছাৰকুছি থানাৰ বিষয়া বীৰেণ কলিতাৰ সহযোগত পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতীম বিশ্বাসে অভিযান চলাই কিশোৰীগৰাকীৰ মাতৃ হিমাশ্ৰী কাকতি দাস আৰু তেওঁলোকৰ ঘৰত ভাৰাতীয়া হিচাপে থকা টুটুমনি কলিতা নামৰ মহিলাগৰাকীক আটক কৰি সোধপোছ কৰাত সকলো ৰহস্য ফাদিল হৈ পৰে।
আৰক্ষীৰ জেৰাত দুয়োগৰাকী মহিলাই স্বীকাৰ কৰে যে ঘনশ্যাম দাসৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল দিন হাজিৰা কৰা বিজনী নিৱাসী বিষ্ণু দাস আৰু পত্নী টুটুমনি কলিতা। বিষ্ণুই ঘৰলৈ মদ্যপান কৰি আহি প্ৰায়েই হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে পত্নীক মাৰপিটো কৰিছিল।
যোৱা ১ ফেব্ৰুৱাৰীতো বিষ্ণুই ভাড়াঘৰলৈ আহি হুলস্থুল লগোৱাত ঘনশ্যাম, হিমাশ্ৰী আৰু টুটুমনিয়ে লোহাৰ ৰডেৰে মূৰত আঘাত কৰাত বিষ্ণুৰ থিতাতে মৃত্যু হয়। ইয়াৰ পিছত ঘনশ্যাম আৰু টুটুমনিয়ে মৃতদেহটো এখন বস্তাত ভৰাই এখন স্কুটীৰে লৈ গৈ কালদিয়া নদীত পেলাই দিয়া বুলি জেৰাত মহিলা দুগৰাকীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰে।
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিব নোৱাৰিলেও ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত ২২০ নম্বৰ এটা গোচৰ ৰুজু কৰি মহিলা দুগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে আদালতত হাজিৰ কৰাই বৰপেটালৈ প্ৰেৰণ কৰে।
আনহাতে, বৰ্তমান ছত্তীশগড়ত কৰ্মৰত চিআৰপিএফ জোৱান ঘনশ্যাম দাসৰ বিৰুদ্ধেও আৰক্ষীয়ে ব্যৱস্থা লোৱাৰ অৰ্থে বিভাগীয় কৰ্তৃপক্ষলৈ বাৰ্তা প্ৰেৰণ কৰিছে। | web |
f4d19c941d7f5c33bf2355b4058208bbc5c8e5743de687b2f656302217e05f05 | লো পিতল, তাম আদি সকলো ধাতুই তাপ পালে আকাৰত বাঢ়ে অর্থাৎ প্ৰসাৰণ কৰে। কিন্তু সকলো খাতুৰে প্ৰসাৰণ একে নহয়। লগৰ পৰীক্ষাৰ পৰা এই কথাৰ সভা ওলাই পৰে। সমান দীঘল আৰু সমান ডাঙৰ তাম আফ লোৰ দাণ্ডা দুডাল লৈ চিত্ৰত দেখুৱাৰ দৰে ওচৰা ওচৰিকৈ ৰাখা । দুয়োৰো একে ফালৰ মূৰ দুটা এডোখৰ কাঠৰ গাত লগাই থোৱা ( ১৭নং চিত্র । অইন মূৰত দুডাল একে
১৭নং চিত্র
দীঘল আৰু একে আকৃতিৰ স্প্রিং লগাই থোৱা । এতিয়া লো আৰু তামৰ দাণ্ডা একে জুইৰে তপতোৱা । কিছু সময়ৰ পিচত দেখিবা যে, স্প্রিং দুডাল ক্রমে ভাজ খাইছে আৰু তামৰ দাণ্ডাৰ মূৰত লাগি থকা স্প্রিং লোৰ মুৰৰ ডালতকৈ বেচি দো খাইছে। এতেকে দেখা যায়, তাপ, পালে ধাতুৰ দীর্ঘতা বাঢ়ে অর্থাৎ প্ৰসাৰণ কৰে আৰু এই প্ৰসাৰণ বিভিন্ন ধাতুৰ বিভিন্ন। ওপৰৰ পৰীক্ষাৰ পৰা দেখা যায় যে তামৰ প্ৰসাৰণ লোৰ প্ৰসাৰণতকৈ বেচি।
প্ৰসাৰণৰ ব্যৱহাৰ : - কাঠৰ চকাত লোৰ 'হাল' খুৱাব লাগিলে, ইয়াক তপত কৰি আয়তনত বঢ়াই চকাত বহুৱাই
দিয়া হয়। চেঁচা হলে 'হাল' কোচ খাই চকাত অতি জোৰে কামোৰ খাই ধৰে । ৰেল লাইনৰ লোৰ ছটাবোৰৰ মাজত অলপ ফাক ৰখা হয়, কাৰণ দ্ৰুতগামী গাড়ীৰ চকাৰ ঘহা খাই, নাইবা জহু কালি তাপ পাই তপত হৈ আয়তনত বাঢ়ে। ছটাবোৰৰ মাজত ফাক নাৰাখিলে দৈৰ্ঘ্য বাঢ়ি খুলি, নাইবা বেকা হৈ গ'লহেঁতেন। বটলৰ মুখত কৰ্ক জোৰেৰে লাগি ধৰিলে অলপ তাপ দিলেই খুলি যায়। ইয়াৰ কাৰণ এই যে তাপ পালে বটলৰ কাঁচ যি পৰিমাণে বাঢ়ে কৰ্ক সেই পৰিমাণে নাবাঢ়ে, ফলত বটলৰ মুখৰ পৰা কৰ্ক এৰি পৰে ।
এই প্ৰসঙ্গতে এইটো মনত ৰাখি থোৱা যে যিবোৰ বস্তুই নিজৰ গাত পানীৰ কণিকা আটককৈ ৰাথে সেইবোৰে তাপ পালে প্ৰসাৰণ নকৰি সঙ্কুচিতহে হয়। ভাপ পালে ইহঁতৰ গাৰ ছিদ্ৰবোৰৰ পৰা পানীৰ কণিকা ভাপহৈ উৰি যায়, লগে লগে ইহঁত আয়তনত টুটে । কেতবোৰ কাঠে বহু পৰিমাণে পানীৰ কণিকা নিজৰ গাত আটককৈ ৰাখিব পাৰে। এনেবোৰ কাঠেৰে তৈয়াৰ কৰা মেজ মাচিয়। আদি ৰ'দত জ্বলে, নাইবা• অইন উপায়েৰে তাপ পালে আয়তনত টুটি ভাজ লগা তোমালোকে দেখিবই পোৱা । কাকতেও কিছু পৰিমাণে পানীৰ কণিকা নিজৰ গাত আটককৈ ৰাখিব সেই বাৰেই কিতাপ ব'দত থলে তাপ পাই পানীৰ কণিকা ওলাই যোৱাৰ বাবে আয়তনত টুটি ভাজ লাগি
যায় ।
ঞ্চম অধ্যায়
তৰল পদাৰ্থৰ ওপৰত তাপৰ প্রভাবঃ প্ৰসাৰণ (The effect of hent on Liquids : Expansion পালে কঠিন পদাৰ্থ ই প্ৰসাৰণ কৰাৰ দধে তৰল পদার্থযো আকাৰত বাঢ়ে (Expand in volume) । তৰল পদাৰ্থৰ প্ৰসাৰণ অৱশ্যে কঠিন পদাৰ্থতকৈ বহু গুণে বেচি।
পৰীক্ষাৰ সহায়ত তোমালোকে তৰল পদাৰ্থৰ প্ৰসাৰণ অভি সহজে পৰীক্ষা কৰি চাব পাৰা।
এটা কাঁচৰ ফ্লাস্কৰ ( flask ৰ ) মুখত এটা ৰবৰৰ ক খুৱোৱা ( ১৮নং চিত্র )। কৰ্কৰ মাজেৰে এডাল ঠেক কাঁচৰ নল ঠিয়কৈ ৰাখা। ক্লাস্কৰ ভিতৰত এনে পৰিমাণে পানী ভৰোৱা যেন সি গোটেই ফ্লাস্ক ভষি নলবো এক অংশলৈ উঠে। এভিয়। ফ্লাঙ্কৰ তলত তাপ দি সাৱধানে লক্ষ্য কৰা। প্রথমে নলৰ পানী কিছু তললৈ ( অর্থাৎ খ-লৈ) নামি আছে, কাৰণ, পানী তপত নহওঁতেই ক্লাঙ্কৰ কাঁচ ভপত হৈ প্ৰসাৰিত হয়, আৰু আকাৰ বঢ়াৰ বাবেই নলৰ ১৮নং চিত্র পানী তললৈ নামি আহে। কিন্তু এই দৰে তপতাই থাকিলে পানী নলেৰে নামিব এৰি উঠিৰ ধৰে। এনে দৰে তপতাই থাকিলে পানী গ-লৈ আৰু পিচত মুখলৈও উঠিব পাৰে। পানীৰ প্ৰসাৰণ কাঁচতকৈ বহু গুণে বেচি, সেইবাবেই জয়িতনত বঢ়! স্বত্ত্বেও পানীৰ প্ৰসাৰণ ৰেচ লক্ষ্য কৰিব পাৰি ।
পানী উতলালে কেতিয়াই কেটেলীৰ মুখেৰে পানী ওলোৱ। দেখিব পোৱা। ইয়ো পানীৰ প্ৰসাৰণৰ ফল।
বায়ুৰ ওপৰত তাপৰ প্রভাবঃ প্ৰসাৰণ (The effect of heat on air: Expansion) : - তাপ পালে পানীয়ে যেনেকৈ আয়তনত বাঢ়ে বায়ু বা অইন গেচীয় পদার্থয়ো বাঢ়ে, আনকি, বায়ুৰ প্ৰসাৰণ পানী বা অইন তৰল পদাৰ্থতকৈও বহু গুণে বেচি। লগৰ পৰীক্ষাৰ সহায়ত বায়ুৰ প্ৰসাৰণৰ অস্তিত্ব প্ৰমাণ কৰিব পাৰা ।
এটা সৰু কাঁচৰ ক্লাস্কৰ মুখত এটা ৰবৰৰ কৰ্ক খুৱাই তাৰ মাজেৰে এটা অতি ঠেক ছিদ্রযুক্ত দীঘল কাঁচৰ নল বহাই দিয়া ( ১৯নং চিত্র ) । নল কৰ্কত খুৱোৱাৰ আগতে অলপ ৰঙা চিয়াঁহী ভৰাই লোৱা । চিয়াঁহীৰ সলনি পাৰা ভৰাই লব পাৰিলে বেচি ভাল। এতিয়। ফ্লাস্ক চিত্ৰত দেখুৱাৰ দৰে ঠিয়কৈ ৰাখি তলত' ধীৰে ধীৰে তাপ দিয়া। তাপ পোৱাৰ লগে লগে বায়ুৰ আয়তন বাঢ়ে আৰু সেইবাবেই ৰঙ্গা চিয়াঁহীৰ টোপ বেগেৰে ওপৰলৈ
সুদ। বটল ঠিল। মাৰি ৰ'দত দিলে অনেক সময়ত ঠিলা শব্দ কৰি চিতিকি পৰা তোমালোকে লক্ষ্য কৰিবই পোৱা। ইয়ো বায়ুৰ প্ৰসাৰণৰ ফল।
| pdf |
7d697dedf8313a3314bce44f8603aeca63fa31c2 | এছিয়ান ইনড'ৰ এথলেটিকছ চেম্পিয়নশ্বিপত অভিলেখ ভাৰতৰ। তাজিন্দৰপাল সিং টুৰে শ্বট পুট সোণৰ জয়, কৰণবীৰ সিঙৰ ৰূপৰ পদক অৰ্জন।
২০১৮ চনত এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী আৰু ২০১৯ চনত আউটড'ৰ এছিয়ান চেম্পিয়ন টুৰে ইয়াৰ পূৰ্বে ২০১৮ চনত তেহৰাণত অনুষ্ঠিত এছিয়ান ইনড'ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ শেষ সংস্কৰণত ১৯. ১৮ মিটাৰ থ্ৰ'ৰে ৰূপৰ পদক লাভ কৰিছিল।
২০২৩ চনৰ এছিয়ান ইনড'ৰ এথলেটিকছ চেম্পিয়নশ্বিপত ১৯. ৪৯ মিটাৰ থ্ৰ'ৰে স্বৰ্ণ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে তাজিন্দৰপাল সিং টুৰে। মন কৰিবলগীয়া যে টুৰে তেওঁৰ ১ম প্ৰচেষ্টাত ফাউল কৰিছিল আৰু বিজয়ী থ্ৰ' তেওঁৰ ৩য় আৰু ৫ম প্ৰচেষ্টাত আহিছিল।
২০১৮ চনত তেহৰাণত অনুষ্ঠিত হোৱা চেম্পিয়নশ্বিপৰ শেষ সংস্কৰণৰ সময়ত সিঙে ১৯. ১৮ মিটাৰ থ্ৰ' কৰি ৰূপৰ জয় লাভ কৰে। ইভান ইভানভে ১৮. ১০ মিটাৰ থ্ৰ'ৰে ব্ৰঞ্জৰ পদক দখল কৰাৰ বিপৰীতে সংঘটিতভাৱে ১৯ মিটাৰৰ সীমা অতিক্ৰম কৰা আন একমাত্ৰ খেলুৱৈ কৰণবীৰ সিঙে ৰূপৰ পদক দখল কৰে।
আনহতে মহিলা পেন্টাথলনত স্বপ্না বৰ্মণ আৰু পুৰুষৰ ট্ৰিপল জাম্পত প্ৰবীণ চিথ্ৰাভেলৰ বাবে দুয়োৱে ৰূপৰ পদক লাভ কৰে। | web |
a7c74cd6f7531053faf082bc4024123a4c52d0b0 | অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ দুবছৰৰ পিছত তেওঁৰ মৰণোত্তৰ পৰীক্ষা কৰা ব্যক্তিজনে এতিয়া দাবী কৰিছে যে বলীউডৰ অভিনেতাগৰাকীক হত্যা কৰা হৈছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰত সুশান্তৰ মৰণোত্তৰ পৰীক্ষা কৰা ৰূপকুমাৰ শ্বাহে এই দাবী উত্থাপন কৰি কয় যে অভিনেতাজনৰ শৰীৰ আৰু ডিঙিত কেইবাটাও চিন আছে।
বান্দ্ৰাৰ এপাৰ্টমেণ্টত ২০২০ চনৰ ১৪ জুনত মৃত অৱস্থাত উদ্ধাৰ হৈছিল সুশান্ত সিং ৰাজপুত। ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্তৰ ৰহস্যজনক মৃত্যুত সহযোগিতা কৰাৰ লগতে তেওঁৰ সম্পত্তিৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। 'মেৰে ডেড কি মাৰুতি' আৰু 'জ্যলেবী'ৰ দৰে ছবিত কাম কৰা ৰিয়াই (২৯) সুশান্তৰ মৃত্যুৰ বাবে দায়ী ড্ৰাগছ সৰবৰাহৰ গোচৰত ২৮ দিন কাৰাগাৰত থাকিব লগা হৈছিল।
- First Published : | web |
bf52db9db7d2491dbb4f9912cae68bb71583a7f1 | ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতেই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ত সংযোজন হোৱা এটা বিশেষ পদক্ষেপে কঢ়িয়াই আনিছে সুখবৰ। ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভাৰত চৰকাৰৰ উদ্যোগত তথা অসম চৰকাৰৰ তত্বাৱধানত তিনিমাহ পূৰ্বৰে পৰা নিৰ্মাণ কৰা Oxygen generation plant দুটা আজিৰে পৰা পৰীক্ষামূলকভাৱে কাৰ্যক্ষম কৰা হৈছে।
ইয়াৰ লগে লগে শ শ ৰোগীলৈ কঢ়িয়াই আনিছে সকাহ। বৃহৎ দুটা অক্সিজেন জেনেৰেশ্যন প্লাণ্টত মুঠ ৪০ হাজাৰ কেজি লিকুইড গেছ সংৰক্ষণ কৰি তাক অক্সিজেনলৈ ৰূপান্তৰিত কৰাৰ ব্যৱস্থা কৰা হৈছে। অক্সিজেন উৎপাদৰ এই ব্যৱস্থা অসম চিকিৎসা মহাবিদ্যালয়তে আৰম্ভ কৰাত এতিয়াৰে পৰা বিগত সময়চোৱাত সৃষ্টি হোৱা অক্সিজেনৰ নাটনি দূৰ হোৱাত যথেষ্ট সহায়ক হৈ পৰিব বুলি সদৰী কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কুমাৰ কাকতি আৰু অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াই।
অক্সিজেন জেনেৰেশ্যন প্লাণ্ট দুটা কাৰ্যক্ষম হৈ উঠাৰ লগে লগে মেডিচিন আই চি ইউ, চেন্ট্ৰেল আই চি ইউ, কোভিড আই চি ইউৰ ৰোগীক প্ৰয়োজনী অক্সিজেন যোগান ধৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে এই পদক্ষেপৰ ফলত চিকিৎসা মহাবিদ্যালয়খনৰ বৃহৎ অংকৰ ধন ৰাহি হ'ব। বিগত সময়ছোৱাত অসম চিকিৎসা মহাবিদ্যালয়ে আন ঠাইৰ পৰা অক্সিজেন ক্ৰয় কৰি আহিছিল আৰু বিভিন্ন সময়ত অক্সিজেনৰ নাটনিও হৈছিল।
বৰ্তমান দুটাকৈ উচ্চ ক্ষমতাসম্পন্ন টেংক সদৃশ অক্সিজেন জেনেৰেশ্যন প্লাণ্ট সংস্থাপন কৰাত এই সমস্যা দূৰ হ'ব বুলি আশা কৰা হৈছে। ইপিনে ২০২১ ৰ আৰম্ভণিতেই এনে এটা ব্যৱস্থা কাৰ্যক্ষম কৰিবলৈ সক্ষম হোৱাত সন্তোষ প্ৰকাশ কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই।
- First Published : | web |
64e5a6f3fe42e43b9730355883e4bc2519735349 | হাইলাকান্দিঃ হাইলাকান্দিত সংখ্যালঘু ছাত্ৰ-ছাত্ৰী সকলৰ স্কলাৰশ্বিপৰ নামত বৃহৎ দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা সমিতিয়ে। জিলাখনত ভেঞ্চাৰ আৰু বেচৰকাৰী স্কুলৰ নামত ভুৱা তালিকা প্ৰস্তুত কৰি প্ৰায় তিনি কোটিৰ অধিক টকা লুটপাত হৈছে বুলি অভিযোগ জিলা সমিতিৰ। বৃহত্তৰ কেলেংকাৰীৰ মহানায়ক হাইলাকান্দিৰ স্কুল পৰিদর্শক ৰাজীৱ কুমাৰ ঝাৰ নেতৃত্বত হৈছে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীসকলৰ নামত স্কলাৰশ্বিপ কেলেংকাৰী। ভুৱা একাউণ্ট খুলি ৩০-৪০বছৰ বয়সৰ লোকসকলে লাভ কৰিছে স্কলাৰশ্বিপৰ টকা বুলি অভিযোগ তুলি ধৰিছে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে।
তেওঁলোকে আজি হাইলাকান্দিৰ আলগাপুৰ সমষ্টিৰ বিভিন্ন স্কুল পৰিদর্শন কৰি স্কুলৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ মাজত একো মিল নাই বুলিও অভিযোগ কৰিছে। জিলা জুৰি বৃহত্তৰ আন্দোলনৰ হুমকি দিয়াৰ লগতে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে। | web |
237c9c330d678759463bcb7b92fe89c6 | 1 তেতিয়া মোচিয়ে গোটেই ইস্ৰায়েলীয়াসকলক মাতি আনি ক'লে, "হে ইস্ৰায়েল, আজি মই যি যি বিধি আৰু ব্যৱস্থা আপোনালোকক জনাম সেইবোৰ শুনক আৰু শিকি পালন কৰি সেই মতে কাৰ্য কৰিব। 2 আমাৰ ঈশ্বৰ যিহোৱাই হোৰেবত আমাৰ লগত এটি নিয়ম কৰিলে। 3 যিহোৱাই আমাৰ পূর্ব-পুৰুষসকলৰ লগতে এই চুক্তি কৰা নাই, কিন্তু আজি আমি যিমান লোক জীয়াই আছোঁ, আমাৰ সকলোৰে সৈতে কৰিলে।
4 যিহোৱাই পৰ্ব্বতত অগ্নিৰ মাজৰ পৰা আপোনালোকৰ সৈতে মুখামুখিকৈ কথা কৈছিল। 5 সেই সময়ত জুইৰ ভয়ত আপোনালোকে পর্বতৰ ওপৰলৈ উঠা নাছিল বাবে মই আপোনালোকৰ আৰু যিহোৱাৰ মাজত থিয় হৈ তেওঁৰ কথা আপোনালোকৰ আগত প্রকাশ কৰিছিলোঁ। তেতিয়া যিহোৱাই কৈছিলঃ
6 'মই তোমালোকৰ ঈশ্বৰ যিহোৱা। মিচৰ দেশৰ দাসত্বৰ পৰা ময়েই তোমালোকক বাহিৰ কৰি আনিলো।
7 মোৰ আগত আন কোনো দেৱতা নাথাকক।
8 তোমালোকে নিজলৈ কোনো কটা প্ৰতিমা, ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিবীত, আৰু পৃথিবীৰ তলত থকা পানীত যি যি আছে, সেইবোৰৰ আকৃতিৰে কোনো মুৰ্ত্তি নাসাজিবা। 9 সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা আৰু সেইবোৰৰ সেৱাপূজাও নকৰিবা; কিয়নো কেৱল মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই নিজ মর্য্যাদা ৰখাত উদ্যোগী; যিসকলে মোক ঘিণ কৰে, তেওঁলোকৰ দুষ্টতাৰ শাস্তি মই তেওঁলোকৰ তৃতীয় আৰু চতুৰ্থ পুৰুষলৈকে দিওঁ। 10 কিন্তু মোক প্ৰেম কৰা ও মোৰ আজ্ঞা পালন কৰাসকলক মই হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁ।
11 তোমালোকে অনর্থকৰূপে নিজ ঈশ্বৰ যিহোৱাৰ নাম নল'বা; কিয়নো যিকোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দোষী নকৰিব।
12 তোমালোকক ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰে বিশ্ৰাম-দিন পালন কৰি পবিত্ৰ কৰা। 13 সপ্তাহৰ ছয়দিন পৰিশ্ৰম কৰি তোমালোকৰ সকলো কাৰ্য সম্পন্ন কৰিবা; 14 কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক বিশ্ৰাম-দিন; সেই দিনা তোমালোকে তোমালোকৰ পো বা জী, দাস বা দাসী, আৰু গৰু বা গাধ, নাইবা আন কোনো পশু, আৰু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা, তোমালোকৰ দাস-দাসীয়েও যেন তোমালোকৰ নিচিনাকৈ বিশ্ৰাম পাব। 15 সোঁৱৰণ কৰা, তোমালোকো মিচৰ দেশত দাস আছিলা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতৰ শক্তি প্রর্দশন কৰি তাৰ পৰা তোমালোকক উলিয়াই আনিলে; এই কাৰণেই তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক বিশ্ৰাম-দিন পালন কৰিবলৈ আজ্ঞা দিছে।
17 তোমালোকে নৰবধ নকৰিবা।
18 তোমালোকে ব্যভিচাৰ নকৰিবা।
19 তোমালোকে চুৰ নকৰিবা।
20 তোমালোকে ওচৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা।
| web |
5cd1c7b9c37107306653f4d908cb616832f331eb | আজি পুৱাৰ ভাগত আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা অভয়াৰণ্য । বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এক মাংগলিক কাৰ্যসূচীৰে আনুষ্ঠানিকভাৱে মুকলি কৰি পবিতৰাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ পর্যটকক আহ্বান জনায় ।
লগতে আগন্তুক দিপাৱলীক লৈ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰদূষণ সৃষ্টি কৰিব পৰা ফটকা ফুটুৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় । আনহাতে, অসম-মিজোৰাম সীমান্তৰ সমস্যা আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আহ্বান জনায়।
আজিৰ অনুষ্ঠানটোত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰি বন আৰু পৰ্যটন বিভাগৰ মাজৰ সম্পৰ্ক অধিক দৃঢ় কৰিবলৈ আহ্বান জনায় । লগতে দুয়োটা বিভাগে উন্নয়নত সহায় কৰিব বুলি মত প্ৰকাশ কৰে।
অনুষ্ঠানত ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই উদ্যোগ আৰু পৰ্যটনে কিদৰে এটা অঞ্চলক অৰ্থনৈতিকভাৱে আগুৱাই নিব সেই কথা প্ৰকাশ কৰে। উল্লেখ্য যে, পবিতৰা অভয়াৰণ্যৰ কৰ্তৃপক্ষই এইবছৰ পৰ্যটকৰ বাবে সাজু কৰিছে ২০ খন জীপ আৰু ১০ টা হাতী। | web |
3e4c696c6f892ca4f5a38e0391e6e3e7 | মৃতদেহৰ নাম শুনিলেই হয়টো বহুতৰে ভয়ত পেটতে হাতভৰি লুকাই।যদি তাতে দূৰ্ঘটনাত ছিন্ন-ভিন্ন মৃতদেহ নাইবা উৱলি যোৱা হয়, তেন্তে সেইটো আৰু ভয়ংকৰ।তেনে সময় হয়তো আপুনি দহ মিটাৰ দূৰৈত অৱস্থান ল'ব নাইবা সেইফালেদি মুখ কৰিবলৈ কুন্ঠাবোধ কৰিব! কিন্তু এজন যুৱকে সেই ছিন্ন-ভিন্ন মৃতদেহৰ লগত কৰে বন্ধুত্ব !আপোনাৰ হয়তো বিশ্বাস নহ'ব পাৰে, কিন্তু এইজন যুৱকে সঁচা অৰ্থত মৃতদেহৰ সৈতে কৰে মিতিৰালি। সভ্য সমাজে এনে লোকক ঘৃণাত নাক কোচালেও এইজন যুৱকে নিজৰ কৰ্তব্য নিষ্ঠাৰ বাবে উন্মুক্ত নাকেৰে বিশুদ্ধ বায়ু গ্ৰহণ কৰি আহিছে। হয়, পথ দূৰ্ঘটনাই হওক কিম্বা অন্য কাৰণতেই হওক বিভিন্ন সময়ত মৃত্যু মুখত পৰি ছিন্ন-ভিন্নহৈ থকা মানুহৰ মৃতদেহ উদ্ধাৰ কৰি সমাজৰ সামাজিক দায়িত্ব পালন কৰা এই ব্যক্তিজনৰ নাম হেমৰাজ বাছফৰ(৩৬) ।
নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত চাপৰমুখ ৰেলৱে হৰিজন কলনিত বসবাস কৰা হেমৰাজ বাছফৰে সুদীৰ্ঘ বিশবছৰে প্ৰায় ডেৰ সহস্ৰাধিক মৃতদেহ তুলি সভ্য সমাজক নিকা কৰি তুলিবলৈ চেষ্টা কৰি আহিছে। উল্লেখ্য যে,মানৱতাৰ জয়গান গোৱা সভ্য সমাজৰ অধিকাংশ লোকে দূৰ্ঘটনাত মৃত্যু হোৱা মানুহৰ মৃতদেহক সাধাৰণতে অস্পৃশ্য হিচাপে জ্ঞান কৰাত বহু সময়ত সংকটত পৰি আহিছে আৰক্ষী বিভাগ। কিন্তু এনে সংকটৰ সময়ত হেমৰাজ বাছফৰ দৰে একোজন ব্যক্তিৰ দ্বায়িত্ব আৰু কৰ্ম নিষ্ঠাৰ বাবে আৰক্ষীৰ সহায় হৈ পৰিছে। ফলত এই হেমৰাছ বাছফৰ আৰক্ষীৰ বাবে হৈ পৰে সুহৃদ স্বৰূপ। এই হেমৰাজেই আৰক্ষীৰ আহ্বানত ছিন্ন-ভিন্ন অথবা উঁৱলি যোৱা মৃতদেহ সমূহ উদ্ধাৰ কৰি আৰক্ষীক সহায় কৰি আহিছে। দিন-ৰাতি যিকোনো সময়তে সক্ৰিয় হৈ থকা হেমৰাজ বাছফৰ এতিয়া আৰক্ষীৰ পৰম বন্ধু।
মনকৰিবলগীয়া যে, চাপৰমুখ ৰেলৱে জংচনৰ হৰিজন কলনিত জন্মলাভ কৰা হেমৰাজৰ পিতৃ আছিল ৰেলৱে বিভাগৰ চিনিয়ৰ জামাদাৰ।এই পিতৃৰ পদাংক অনুসৰণ কৰিয়ে মাত্ৰ ১৬ বছৰ বয়সৰ পৰাই নগাঁও জিলাৰ চাপৰমুখ জি আৰ পি, চাপৰমুখ আৰক্ষী চকী অথবা ৰহা আৰক্ষী থানাৰ বৃহত এলেকাত মৃতদেহ উদ্ধাৰ কাম কৰি বৰ্তমানলৈকে প্ৰায় ডেৰ সহস্ৰাধিক মৃতদেহ উদ্ধাৰ কৰিছে।সৰুৰে পৰা নিৰ্ভীক আৰু স্বাধীন চেতিয়া স্বভাৱৰ হেমৰাজৰ নাছিল কোনো ঘৃণ অথবা সংকোচ। মূলত এনে কৰ্মৰ দ্বাৰা এখন সুস্থ সমাজলৈ পুতিদুৰ্গন্ধময় বায়ুৰ পৰিৱৰ্তে অলপ বিশুদ্ধ বতাহ দিবলৈ চেষ্টা কৰি অকলশৰে বিগত বিশবছৰে সমগ্ৰ অঞ্চলতে সেৱা আগবঢ়ায় আহিছে। হেমৰাজে নিজে সদায় এই কামৰ পৰা আনন্দ লাভ কৰি আহিছে। যদিও কোনো লোকে এই কৰ্মৰ বাবে অন্য দৃষ্টিৰে চাব খোজে আন কোনোৱে আকৌ হেমৰাজক উৎসাহ যোগাই আহিছে।এই কৰ্মৰ দ্বাৰা যদি কেতিয়াবা ধন লাভ কৰিছে আন কেতিয়াবা আকৌ এটকাও লাভ নকৰে।
এনে কৰ্মৰ অভিজ্ঞতা বৰ্ণনা কৰি হেমৰাজে "নিয়মীয়া বাৰ্তা"ৰ আগত কয় যে, কেতিয়াবা মৃতদেহ তুলিবলৈ যাওঁতে মৃতদেহৰ হাতৰ শিৰা সংকোচন ঘটি হেমৰাজৰ হাতত লাগি ধৰিছিল।প্ৰথমাৱস্থাত তেঁও ভয় খাইছিল যদিও পাছলৈ বিষয়টো জ্ঞাত হোৱাত সেই ভয় নাইকিয়া হৈ পৰে।তদুপৰি দিনতকৈ নিশাহে মৃতদেহ তুলিবলৈ ভালপায়। এই পেছা কোনেও ভাল নাপাই যদিও এই পেছাৰ দ্বাৰা চাৰিটি সন্তান আৰু পত্নীৰ দ্বাৰা এখন সুখৰ সংসাৰ চলাই আছে। চিন্তনীয় বিষয় যে তেওঁৰ পাছত এই কাম কৰিবলৈ অঞ্চলটোত নাই তেনেধৰণৰ কোনো লোক।অন্যহাতে হেমৰাজে যদিও এনেধৰণৰ কাম কৰে কিন্তু নিজ পুত্ৰ-কন্যাৰ কেৰিয়াৰৰ বাবে সদায় সচেতন। হেমৰাজৰ ভাষ্য অনুসৰি- মই যদিও শিক্ষা লাভ কৰিব নোৱাৰিলো,মোৰ পুত্ৰ-কন্যাক উচ্চ শিক্ষাৰে শিক্ষিত কৰিব বিচাৰোঁ।মোৰ কৰ্মৰ লগত সিঁহত কেইটাক কেতিয়াও জড়িত কৰাব নিবিচাৰোঁ। দেউতাকে মৃতদেহ তুলিলেও সিঁহতে সমাজত জিলিকি থাকিব লাগিব আৰু ভৱিষ্যতলৈ নিজকে জিলিকাই তোলক তাৰ বাবে সকলো কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে। তদুপৰি ভৱিষ্যতে একোগৰাকী সৎ নাগৰিক হিচাপে গঢ়ি তুলিবলৈ শিক্ষা লাভৰ ক্ষেত্ৰত সকলোকে আগবঢ়াই দিছে হেমৰাজে। বৰ্তমান সময়ত জেষ্ঠ কন্যাই উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত, পুত্ৰই নৱম শ্ৰেণীত আৰু দ্বিতীয় কন্যাই চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি আছে। উল্লেখ্য যে, চাপৰমুখ হৰিজন কলনিৰ ১৮ টাকৈ পৰিয়ালৰ ভিতৰত হেমৰাজৰ কন্যাই হ'ল একমাত্ৰ মেট্ৰিক উত্তীৰ্ণ।
| web |
0eab57ea79d59434d07a355f7ce54e10a67ca0baeaa9025566c1259d6203c51d | ইছলাম; একমাত্ৰ পৰিপূৰ্ণ দ্বীন
তৃতীয়ঃ বিবেক-বুদ্ধিঃ আল-কোৰআনৰ মাজত মানুহৰ বিবেক-বুদ্ধিক ৰক্ষণাবেক্ষণৰ বাবে বক্তব্য আহিছে; আল্লাহ তা'আলাই কৈছেঃ
يأيها الذين ءامنوا إنما الخمر والميسر والأنصاب والأزلم رجس من عمل الشيطن
[90 ::.slJ18jg] { $ 3gulatpsweb
"হে মুমিনসকল! মদ, জুৱা, মূর্তিপূজাৰ বেদীত বলি দিয়া আৰু ভাগ্য নির্ণায়ক তীৰ ঘৃণ্য বস্তু, চয়তানৰ কাম। এতেকে তেমালোকে ইয়াক বৰ্জন কৰা - যাতে তোমালোকে সাফল্যমণ্ডিত হ'ব পাৰা।" - (আল-মায়িদাঃ ৯০)
আৰু হাদিছত আহিছেঃ
«كل مسكر حرام وما أسكر كثيره فقليله حرام».
"প্রত্যেক নিচা জাতীয় বস্তুৱে হাৰাম; আৰু যি বস্তুত নিচা হয় সেয়া বেছি হওঁক বা কম হওঁক সেইটো হাৰাম।"º
বিবেক-বুদ্ধিক সঠিকভাৱে ৰক্ষণাবেক্ষণৰ বাবেই চৰিয়তে মাদক দ্ৰৱ্য সেৱনকাৰীৰ বাবে 'হদ' তথা নিৰ্দিষ্ট শাস্তিৰ আৱশ্যকীয় ব্যৱস্থা কৰিছে।
চতুর্থঃ বংশঃ বংশক সঠিকভাৱে ৰক্ষণাবেক্ষণৰ বাবে আল্লাহ তা'আলাই যিনাব্যভিচাৰৰ দৰে অপৰাধৰ নিৰ্ধাৰিত শাস্তি বা 'হদ'ৰ বিধান কৰিছে।
° এই শব্দতে হাদিছটো বৰ্ণনা কৰিছে ইমাম ইবনু মাজাহ, পানীয় অধ্যায় (৯১), পৰিচ্ছেদঃ যি বস্তুত নিচা হয় সেয়া বেছি হওক বা কম হওক হাৰাম(e), aljlis ouখ মতিয়র ), (২/১১২৪), হাদিছ নং- ৩৩৯২; আৰু হাদিছৰ প্ৰথম অংশঃ "ple to j5" সন্মিলিতভাৱে ইমাম বুখাৰী আৰু মুছলিম ৰাহিমাহুমাল্লাহে আবূ মূছা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণনা কৰিছে; বুখাৰী, কিতাবুল মাগাযী (s;ball cts), পৰিচ্ছেদঃ বিদায় হজ্জৰ পূৰ্বে আবূ মূছা আৰু মু'আয ৰাদিয়াল্লাহু আনহুমাক য়ামানত প্ৰেৰণ (Els,ll apa J. jall blileo, ভয়ঙর এই ভর ৩৩), ৫/১০৮; মুছলিম, পানীয় অধ্যায় (তখ ↓,এŸ\), পৰিচ্ছেদঃ 'প্রত্যেক নিচা জাতীয় বস্তু মদ, আৰু প্ৰত্যেক মদেই হাৰাম' ৰ বিৱৰণ (ও ৩, ple এবং b if g এd Sof ji), ৩/১৫৮৫, হাদিছ নং- ২০০১
| pdf |
f94b998fe1682f7ec54f77636d2174cefa794cec | বৰ্তমান সময়ত, বিজ্ঞানে বহুদূৰ আগবাঢ়িছে । বিজ্ঞানৰ দ্বাৰা সংঘটিত অলৌকিক ঘটনাবোৰে মানুহক দাঁতৰ তলত আঙুলি হেঁচিবলৈ বাধ্য কৰিছে । এনে এটা আৱিষ্কাৰ হৈছে কৃত্ৰিম গৰ্ভধাৰণ যি আগতে মানুহৰ ক্ষেত্ৰত হৈছিল, কিন্তু এতিয়া জীৱ-জন্তুৰ ক্ষেত্ৰতো এয়া সম্ভৱ হৈ উঠিছে ।
হয়! আমি আপোনাক জনাওঁ যে, বিজ্ঞানীসকলে জীৱ-জন্তুৰ কৃত্ৰিম গৰ্ভধাৰণ কৌশলো আৱিষ্কাৰ কৰিছে আৰু যিটো আজিৰ সময়ত সফল হৈছে । আগতে এই কৃত্ৰিম গৰ্ভধাৰণ দেশী গৰুৰ দ্বাৰা কৰা হৈছিল, কিন্তু এতিয়া এইটো ছাগলীতো ঘটিছে । ই পশুৰ প্ৰজাতি উন্নত কৰিব, নৱজাতকৰ মৃত্যু হ্ৰাস কৰিব, গাখীৰ উৎপাদন বৃদ্ধি কৰিব । এইটোৱে গৰু পালকসকলক যথেষ্ট লাভান্বিত কৰিব আৰু উপাৰ্জনৰ উপায় বৃদ্ধি কৰিব । গতিকে আজি আমি এই প্ৰবন্ধটোত ইয়াৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰিম ।
জীৱ-জন্তুৰ ক্ষেত্ৰত কৃত্ৰিম গৰ্ভধাৰণ কেনেদৰে কৰিব পাৰি? (How to do artificial insemination in animals? )
কৃত্ৰিম গৰ্ভধাৰণ হৈছে এক কলা য'ত পুৰুষ জন্তুৰ পৰা বীৰ্য লোৱা হয় আৰু বিভিন্ন কাৰ্যৰ জৰিয়তে ইয়াক সঞ্চিত কৰা হয় । এই বীৰ্য বহু বছৰ ধৰি তৰল নাইট্ৰজেনত সংৰক্ষণ কৰিব পাৰি । জমা কৰা বীৰ্ষ মাইকীৰ জৰায়ুত ৰাখি, মাইকী জন্তুটো গৰ্ভধাৰণ কৰা হয় । গৰ্ভধাৰণৰ এই প্ৰক্ৰিয়াটোক কৃত্ৰিম গৰ্ভধাৰণ বুলি কোৱা হয়।
থলুৱা গৰুৰ কৃত্ৰিম গৰ্ভধাৰণে ভাল প্ৰজাতি প্ৰদান কৰিব (Artificial insemination of indigenous cows will give good breed)
জীৱ-জন্তুৰ ক্ষেত্ৰত কৃত্ৰিম গৰ্ভধাৰণৰ জৰিয়তে, কম গাখীৰ দিয়া দেশী গৰুৰ প্ৰজাতিবোৰ কমি যোৱাৰ বাবে পৰিৱৰ্তন কৰা হৈছে । চৰকাৰে বিশ্বাস কৰে যে এনেদৰে, থলুৱা গৰুবোৰক এটা ভাল প্ৰজাতিৰ পৰা গৰ্ভধাৰণ কৰি কৃত্ৰিম গৰ্ভধাৰণৰ দ্বাৰা গাখীৰ উৎপাদন বৃদ্ধি কৰিব পাৰি ।
কৃত্ৰিম গৰ্ভধাৰণে ছাগলীৰ প্ৰজাতি উন্নত কৰিব (Artificial insemination will improve goat breeds)
এই কৌশলৰ দ্বাৰা ছাগলীৰ জাক এটা সময়ত গৰ্ভৱতী প্ৰাপ্ত কৰিব পাৰি । এনে পৰিস্থিতিত, একে সময়তে সকলোৰে গৰ্ভ ধাৰণ কৰাৰ দ্বাৰা, পশুপালকসকলে ছাগলীবোৰৰ ভালদৰে যত্ন ল'ব পাৰিব।
লগতে পঢ়কঃ Kadaknath Farming: কদকনাথ কুকুৰাৰ মাংস ইমান মূল্যৱান কিয়? | web |
f0df438076f630d6300fd4dc38bbfc5fe5fff429 | দলগাঁওঃ প্ৰতিবাদৰ পিছত প্ৰতিবাদ, বাতৰিৰ পিছত বাতৰি। কিন্ত গা নল'ৰে আৰক্ষী প্ৰশাসনৰ। এই অভিযোগ দৰং জিলাৰ ইত্তেহাদ ফ্ৰণ্টৰ সাধাৰণ সম্পাদক নুৰ ইছলামৰ। দৰঙত দলগাঁৱত এতিয়াও খোলা বজাৰত চলে তীৰ, জুৱাৰ ৰমৰমীয়া বেহা। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি অসাধু চক্ৰৰ।
যি সময়ত আমছুকে ধৰি একাংশ দল সংগঠনে গোটেই অসমজুৰি এনে অসামাজিক কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এনে অসামাজিক কাৰ্য ৰোধ কৰাৰ চেষ্টা চলাইছিল সেই সময়তে দৰঙত চলি থকা এনে অসামাজিক কাৰ্য আৰু অসাধু চক্রৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষ্যণীয় হ'ব। | web |
7ee0b3d51a374517e718a79861b33ae24ac5f6b8 | দুটা দশকৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীৰ বাবে মুকলি কৰিলে দেশৰ আটাইতকৈ দীৰ্ঘতম ৰে'ল আৰু স্থলপথ সংযোগী বগীবিল দলং। এই দলংখন মুকলি হোৱাৰ লগে লগেই সপোন বাস্তৱায়িত হ'ল লুইতৰ দুয়োপাৰৰ অগণন লোকৰ। ইয়াৰ সমান্তৰালকৈ নদীদ্বীপ মাজুলীলৈকেও আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে বগীবিল দলঙে।
দশক দশক ধৰি উত্তৰ-দক্ষিণপাৰৰ লোকৰ মাজত যোগাযোগ ব্যৱস্থা আছিল অতিশয় দুৰ্গম। নাও-জাহাজে আছিল দুয়োপাৰৰ লোকৰ একমাত্ৰ যোগাযোগৰ মাধ্যম। কিন্তু বগীবিল দলঙৰ মুকলিয়ে এইসকল লোকৰ যোগাযোগ মাধ্যমত পেলাব ব্যাপক প্ৰভাৱ।
উল্লেখ্য যে ২৫ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰে প্ৰধান মন্ত্ৰী মোদীয়ে নতুন দলংখন উদ্বোধন কৰাৰ লগতে তিনিচুকীয়া-নাহৰলণ্ডন ইণ্টাৰচিটী এক্সপ্ৰেছৰো ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে। ৰে'ল আৰু পথ যোগাযোগৰ ব্যৱস্থা থকা দলংখনে ডিব্ৰুগড় আৰু নাহৰলণ্ডনৰ মাজত পোনপটীয়া যাতায়াত সম্ভৱ কৰি তুলিছে।
আনহাতে দলংখন মুকলি হোৱাৰ কেইঘণ্টামান পূৰ্বেই উত্তৰ আৰু দক্ষিণপাৰৰ মাজত সংযোগ স্থাপনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক পৰিবহণ নিগমে বগীবিল দলঙেৰ ওপৰেৰে গোলাঘাটৰ পৰা জোনাইলৈ ৰাজ্যিক পৰিবহণ নিগমৰ বাছসেৱাৰো আনুষ্ঠানিকভাৱে মুকলি কৰে।
ইয়াৰ উপৰি মাজুলী-ডিব্ৰুগড়ৰ মাজতো আৰম্ভ হৈছে বাছৰ চলাচল। এতিয়াৰে পৰা ডিব্ৰুগড় জিলাৰ লগত প্ৰত্যক্ষ যোগাযোগ লাভ কৰিব মাজুলীবাসীয়ে।
উল্লেখ্য যে উন্নত চিকিৎসা, উচ্চ শিক্ষিত প্ৰতিষ্ঠান তথা অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ স্থল ডিব্ৰুগড় চহৰলৈ এতিয়াৰে পৰা বগীবিল দলঙেৰে মাজুলীবাসী তথা উত্তৰপাৰৰ লোকে অতি সহজে স্থলপথেৰে আহ-যাহ কৰিব পাৰিব। তদুপৰি এই দলঙৰ সংযোজনে অসম তথা উত্তৰ-পূবৰ আৰ্থ-সামাজিক উন্নয়নতো বিশেষ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে। | web |
3e5ebebf0f2c81be7a8674407c20784c827ae3e8 | বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী। সত্ৰনগৰী মাজুলী। যদিও ল'ৰালিৰে পৰা শুনি আছোঁ মাজুলী মাজুলী বুলি, তথাপিও মাজুলী যোৱাটো হৈ উঠাগৈ নাছিল। হঠাতে যোৱা বছৰৰ শেষৰ ফালে মাজুলী যোৱাৰ সুযোগ মিলিল। নৱেম্বৰৰ আৰম্ভণিতে বন্ধু তথা সহকৰ্মী হিমাংশু ৰাজখোৱাই সুধিলে,
: মাজুলী যায় নেকি?
মই বোলো,
: হঠাতে কিয়?
হিমাংশুৰ উত্তৰ,
: কিয় মাধৱ আৰু টুটুৰ বিয়া নহয় নেকি! ফটাঢোলৰ সকলোকে মাতিছে দেখুন।
তেতিয়াহে মনত পৰিল, হয়তো গোৱালপাৰাৰ মাধৱে মাজুলীৰ টুটু পামেগামক বৰমালা পিন্ধাব ৩০ ডিচেম্বৰত। সেই উপলক্ষ্যে ফটাঢোলৰসমূহ সদস্যকে নিমন্ত্ৰণ জনাইছে (এইখিনিতে উল্লেখ কৰি থোৱা ভাল যে ফটাঢোল হৈছে অসমৰ এটা অন্যতম জনপ্ৰিয় হাস্য-ব্যংগ গ্ৰুপ। যাৰ সদস্যৰ সংখ্যা ৭০ হাজাৰৰো অধিক)। ইতিমধ্যে বিয়ালৈ যাবলগীয়া বৰযাত্ৰী দলৰ এটা হোৱাটছ্ এপ গ্ৰুপো খোলা হৈ গৈছে। দুই-তিনিদিনমান বিভিন্নজনক ফোন কৰাৰ পিছত আমি মাজুলী যাবলৈ ওলোৱা কেইজনমানৰ আন এটা হোৱাটছ্ এপ গ্ৰুপ খোলা হ'ল। সিদ্ধান্ত হ'ল আমি গাড়ীৰে জাগীৰোড - নগাঁও - তেজপুৰ- গহপুৰ- লক্ষীমপুৰ হৈ মাজুলীলৈ যাম আৰু এদিন আগতে অৰ্থাৎ ২৯ নৱেম্বৰতে যাম। প্ৰথমাৱস্থাত যাবলগীয়া সদস্য ১০ জনমান আছিল যদিও যাত্ৰাৰাম্ভ সময়ত আমি ছয়জনহে হ'লোঁগৈ। চন্দনৰ হাত ভাগিল, আদিত্যৰ দেউতাকৰ অসুখ হ'ল ইত্যাদি।
অৱশেষত নিৰ্দিষ্ট দিনটো আহিল। পুৱা সোনকালে উঠি গা-পা ধুই সাজু। গুৱাহাটীৰ পৰা দুজন আৰু জাগীৰোডৰ পৰা হিমাংশুসহিতে মোৰ নগাঁৱৰ ঘৰ পোৱাৰ কথা পুৱা ৭ বজাত। কিন্তু পালেহি ৯. ১৫ বজাত। গুৱাহাটীৰ পৰা অহা দুলাল বৰা আৰু অলকেশ ভাগৱতীৰ লগত ভালদৰে চিনাকি হৈ ল'লোঁ। যদিও ফেচবুক আৰু হোৱাটছ্ এপৰ দ্বাৰা চিনাকি আছিলেই। ঘৰৰ ওচৰৰে তেল ডিপুত গাড়ী ফুলটেংকি কৰি লৈ মাজুলীৰ অভিমুখে ধাৱমান হ'ল। যদিও ইতিমধ্যে দুঘণ্টা দেৰি তথাপিও গাড়ীৰ গতি আমি বৃদ্ধি নকৰি এটা নিৰ্দিষ্ট গতিত সীমাৱদ্ধ ৰাখিলোঁ। কলীয়াভোমোৰা দলং পাৰ হৈ এখন ৰেষ্টুৰেণ্টত সোমাই পেট পূজা কৰি থাকোঁতেই মুকুটদাৰ ফোন আহিল বোলে,
: ক'ত পাইছাহি, মই দুপৰীয়াৰ সাঁজ সাজু কৰিছোঁ।
আমি সমস্বৰে ফোনতে চিঞৰিলোঁ,
: নালাগে নালাগে।
মুকুটদাই ক'লে,
: আহি থাকাচোন দেখা যাব।
মুকুটদাই ফোনটো থৈছেহে তেনেতে হিমাংশুৰ ম'বাইলৰ স্ক্ৰীণত দেখা গ'ল মেঘালী দিহিংঙ্গীয়াৰ নাম। ফোনটো ধৰাৰ লগে লগে, "দাদা, ক'ত পালেহি মোক লগ কৰি যাব, মই বালিপাৰাত ৰৈ থাকিম" বুলি হিমাংশুক ক'লে।
" বাৰু" বুলি হিমাংশুৱে ফোন থৈ আমাৰ ফালে প্ৰশ্নবোধক চাৱনি নিক্ষেপ কৰিলে। আমি তিনিওজনে ইজনে-সিজনলৈ চালোঁ। এফালে সময়ৰ অভাৱ, আনফালে এগৰাকী যুৱতীৰ লগ কৰি যাবলৈ আকুল আহ্বান। শেষত Men will be men-ৰ বিজ্ঞাপনকেইটাত যি দেখাই সেইটোৱেই হ'ল আৰু মেঘালীক লগ কৰি যোৱাৰ সিদ্ধান্ত হ'ল। মই অৱশ্যে মেঘালী দিহিংঙ্গীয়াক ব্যক্তিগতভাৱে চিনি নাপাওঁ। গাড়ীতে হিমাংশুৱে জনালে বোলে আপাৰৰ ফালৰ ছোৱালী। এতিয়া চাকৰি সূত্ৰে (শিক্ষকতা) তেজপুৰ বালিপাৰাৰ ওচৰে-পাজৰে ক'ৰবাত থাকে। মেঘালীকো লগ কৰিব লাগিব আৰু সময়ো মিলাব লাগিব, স্বাভাৱিকতে গাড়ীৰ গতি বৃদ্ধি পালে। ফলত আমি মেঘালীতকৈ আগতেই গৈ বালিপাৰা চাৰিআলি পালোগৈ। প্ৰায় পোন্ধৰ মিনিটমান তীব্ৰ ৰ'দত আপেক্ষা কৰাৰ পিছত স্কুটি এখনত কান্ধতে বেগ এটা ওলোমাই মেঘালীৰ আবিৰ্ভাৱ। চিনি নোপোৱাকেইজনক হিমাংশুৱে চিনাকি কৰি দিলে। চিনাকি হোৱাৰ পিছত মেঘালীয়ে নিমন্ত্ৰণ কৰিলে নিজৰ ভাৰাঘৰলৈ বোলে গাহৰি লৈছোঁ, ঔটেঙা দি বনাই খোৱাম ব'লক। কিন্তু সময়ৰ অভাৱৰ বাবে এগৰাকী যুৱতীৰ হাতেৰে ৰন্ধা গাহৰি-ঔটেঙা প্ৰত্যাখ্যান কৰিব লগা হ'ল। ইয়াতকৈ বেদনা লাগেনে ঐ জানমনি.........। মেঘালীৰ পৰা বিদায় লৈ গাড়ী মুকুটদাৰ ঘৰ অভিমুখে দৌৰিল।
মুকুটদা, মানে মুকুট ভট্টাচাৰ্য্য, চাহবাগান আৰু ইটাভাটাৰ গৰাকী। ফটাঢোলৰ অন্যতম সদস্য। দুটি সন্তানৰ পিতৃ, এজন ফূৰ্তিবাজ মানুহ। যথেষ্ট কষ্ট কৰি আজিৰ পৰ্যায় পাইছেহি। যোৱা জানুৱাৰী মাহত মোৰ নগাঁৱৰ ঘৰ আৰু ফেব্ৰুৱাৰী মাহত ডিফুত সপৰিয়ালে এপাক মাৰি গ'লহি। বাটতে মোৰ এজন শুভাকাংক্ষী জয়ন্ত বৰুৱা ৰৈ আছিল। তেখেতে 'ৰ'দ' নামেৰে এখন আলোচনী প্ৰকাশ কৰি আছে। তেওঁ এই নিঃকিনৰ প্ৰস্তাৱিত অসমীয়া কাকত-আলোচনীৰ সংগ্ৰহালয়টোৰ বাবে ৰ'দৰকেইটামান কপি উপহাৰ দিলে। বহু সময় মোৰ বাবে অপেক্ষা কৰাৰ বাবে তেখেতৰ ওচৰত ক্ষমা বিচাৰিলোঁ। তেখেতক লগ কৰাৰ পিছত প্ৰায় ২ঃ৩০ মান বজাত মুকুটদাৰ ঘৰ পালোঁগৈ। তাতে লগ পালোঁ ফটাঢোলৰ সদস্য দিম্পলক। সিও বৰযাত্ৰী। মুকুটদাৰ ঘৰত মাছ-মাংসৰে দকচি খাই মাজুলী অভিমুখে পুনৰ যাত্ৰা আৰম্ভ কৰোঁ মানে ঘড়ীৰ কাঁটাই ৪ বজাৰ সংকেত দিছিল। এইবাৰ আমাৰ পথ প্ৰদৰ্শক মুকুটদা। তেখেতে তেখেতৰ Ford Ecosports-খনত দিম্পলক লৈ তীব্ৰ গতিৰে মাজুলী অভিমুখে ধাৱমান হৈছিল। ময়ো চালকৰ আসনত বহি চুইফট্ গাড়ীখনেৰে মুকুটদাক অনুসৰণ কৰিলোঁ।
মোৰ আন এজন বন্ধু তথা শুভাকাংক্ষী দীপক বৰাই লক্ষীমপুৰ চহৰত মোৰ বাবে ৰৈ আছিল। তেখেতৰ লক্ষীমপুৰত 'পথিকৃৎ' নামেৰে এটা পুথিভড়াঁল আৰু স্মৃতিগ্ৰন্থৰ সংগ্ৰহালয় আছে। তেখেতলৈ মই কঢ়িয়াই নিয়া কিতাপ-আলোচনী দিলোঁ, তেখেতেও মোক কিছু কাকত-আলোচনী উপহাৰ দিলে। ভাৰতীয় ডাক বিভাগৰ কৰ্মচাৰী দীপক বৰাৰ পৰা বিদায় লৈ গাড়ী আগবাঢ়িল মাজুলী অভিমুখে আৰু প্ৰায় নিশা ৮ মান বজাত আমাৰ লক্ষ্যস্থান মাজুলীত উপস্থিত হ'লোঁ।
প্ৰথমেই আমি দৰা মাধৱে বাহৰ পতা ৰিজ'ৰ্ট আপঙ আয়ঙলৈ গৈ সকলোকে মাত লগালোঁগৈ। দৰাৰ লগত দৰাৰ পৰিয়ালৰ ১৫-২০জনমান বৰযাত্ৰী লগ পালোঁ। তাতে লগ পালোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ফটাঢোলৰ প্ৰায় আৰু ১৫-২০জনমান সদস্যক। যিবোৰৰ লগত কেৱল ফেইচবুকৰ মাধ্যমতহে চিনাকি আছিল। আমাৰ দলৰ ছয়জনে দৰা মাধৱৰ ৰুমতে সোমাই মুখ-হাত ধুই কিছু সতেজ হৈ ল'লোঁ। ইতিমধ্যে আয়ঙ আপঙৰ চোতালত বৰযাত্ৰী দলৰ মেহফিল জমি উঠিছিল। ওপৰত ৰাস পূৰ্ণিমাৰ আগৰাতিৰ জোন, তলত বনফায়াৰ একুৰা মাজত লৈ ডেকা বৰযাত্ৰীসকলৰ উদ্দাম নৃত্য, কিছু কিছু বৰযাত্ৰীৰ হাতত সোমৰস, লগত গীটাৰসহ সংগীতৰ লহৰ (এই পূৰ্ণিমাৰ ৰাতি, এই পাহাৰৰ দাঁতি, আমি ডেকা-গাভৰুৱে নাচোঁ জুম পাতি........................আকাশত জোনাকৰ পৰভাত, বননিত লাগে আজি ঢৌ তাৰ) কোনোবা এজনৰ কণ্ঠত নিগৰিছিল। আৰু কিবা লাগিছেনে জীৱনত! এনেদৰে আনন্দ উল্লাসৰ মাজতে নিশা ১২ বাজি যোৱাত আমি ভাত মুঠি খাই ল'লোঁ। খোৱাৰ পিছত পুনৰ কিছু সময় জুইৰ উত্তাপ লোৱাৰ পিছত আমি ৫জনে (দিম্পলক বাদ দি) আমাৰ বাবে বুক কৰি থোৱা অ'কেগিগা (Okegiga) ৰিজ'ৰ্টলৈ আহি শুই পৰিলোঁ।
পিছদিনা পুৱা ৬ মান বজাত সাৰ পাই মই আৰু দুলালে কিছু দূৰ খোজ কাঢ়ি ওচৰৰ ঠাইখিনি চালোঁ। মাজুলীৰ গড়াখহনীয়া নিজ চকুৰে প্ৰত্যক্ষ কৰিলোঁ। আমি থকা Okegiga ৰিজ'ৰ্টোও আমি পুৱাহে ভালকৈ দেখিলোঁ। ৬-৮ টা সৰু সৰু কটেজসহ দেখি ভাল লগা এখন ৰিজ'ৰ্ট। দীপমইনা দুৱৰা মালিকাধীন ৰিজ'ৰ্টোৰ এইটো দ্বিতীয় বৰ্ষ। বৰুৱাক লগ পালোঁ। সুন্দৰ কথা-বতৰা, মাৰ্জিত ব্যৱহাৰৰ যুৱক বৰুৱাই আমাক ৰাতি কিবা অসুবিধা পালে নেকি সুধিলে? তেওঁৰ নিজৰ বিষয়ে, ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ক'লে। দুঃসাহসিক ক্ৰীড়া, তথা পাহাৰ বগাই ভাল পোৱা বৰুৱাৰ বিষয়ে বা ৰিজ'ৰ্টোৰ বিষয়ে জানিবলৈ till60years. com ব্ল'গটো চাব পাৰে। তেখেতৰ ৰিজ'ৰ্টোৰ কাষতে ডেকাচাং বুলি আন এটা ডাঙৰ ৰিজ'ৰ্ট আছে। য'ত আমি যথেষ্ঠ সংখ্যক পৰ্য্যটক দেখিবলৈ পাইছিলোঁ। সকলোবোৰ শুই উঠাৰ পিছত গা-পা ধুই চাহ-বিস্কুট খাই মই, দুলাল, হিমাংশু আৰু মুকুটদা ওলালোঁ মাজুলী চাবলৈ। মুকুটদাৰ বাহিৰে আমি তিনিজন প্ৰথম মাজুলীলৈ আহিছোঁ। গতিকে মুকুটদাই আমাৰ পথ প্ৰদৰ্শক তথা গাইড। প্ৰথমেই গোটেইকেইজনে পথৰ কাষৰ হোটেল এখনত পুৰি-তৰকাৰী খাই ল'লোঁ। তাৰপিছত আমি গৈ চামগুৰি সত্ৰ পালোঁগৈ। যি চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত। মহাপুৰুষ শংকৰদেৱৰ সৃষ্টি ভাওনাৰ এক অবিচ্ছেদ্য অংগ এই মুখা। যি মুখা পৰিধান কৰি ভাওনাৰ শিল্পীসকলে তেওঁলোকে ৰূপায়ন কৰা চৰিত্ৰটো ফুটাই তোলে। আমি যোৱা সময়ত যিহেতু ৰাস উৎসৱ আৰম্ভ হৈছিল গতিকে মাজুলীত যথেষ্ট ভিৰ আছিল। আমি চামগুৰি সত্ৰ পোৱা সময়ত সত্ৰৰ নামঘৰত নাম-প্ৰসংগ চলি আছিল। আমি সকলোৱে সত্ৰত মুখা নিৰ্মাণ কৰা তথা প্ৰদৰ্শন কৰি থোৱা কোঠাবোৰ চালোঁ। ফটো তুলিলোঁ, উঠিলোঁ। কিন্তু অত্যাধিক দামৰ বাবে মন থকাৰ পিছতো মুখা ক্ৰয় কৰা নহ'ল। ইয়াৰ পিছত আমি মহাপুৰুষ শংকৰদেৱে ১৫২৮ চনত স্থাপন কৰা ভোগপুৰ সত্ৰ চালোঁগৈ। ইয়াত থাকোঁতেই কইনা ঘৰৰ পৰা ফোন আহিল বোলে আহিব লাগে দুপৰীয়াৰ আহাৰৰ সময় হ'ল। সেয়েহে পুনৰ ৰিজ'ৰ্টলৈ আহি পৰিপাটি হৈ কইনাঘৰ পাই কইনাক শুভেচ্ছা জনাই ঔটেঙা-গাহৰিৰে এক পেট মাৰি ৰিজ'ৰ্ট পালোহি। এতিয়া কিছু সময় জিৰণি ন'লৈ উপায় নাই। আবেলি পুনৰ ওলাই গৈ কমলাবাৰী সত্ৰ চালোঁগৈ। ১৫৯৫ চনত বদলা আতাই স্থাপন কৰা কমলাবাৰী সত্ৰ মাজুলীৰ এখন অন্যতম পুৰণা সত্ৰ। এই সত্ৰৰ পৰাই মণিৰাম দত্ত, মুক্তিয়াৰ বায়ন, ৰামেশ্বৰ শইকীয়া বৰবায়ন আদিৰ দৰে শিল্পী অসমে লাভ কৰিছিল। কমলাবাৰী সত্ৰতে আমি ৰাতিলৈ ৰাস চোৱাৰ সিদ্ধান্ত লৈ এইবাৰ আগবাঢ়িলোঁ আমি দ্বৰিকামুখৰ নতুন দলংখনৰ অভিমুখে। আমি মাজুলী আহিয়েই শুনিছিলোঁ বোলে দ্বৰিকামুখৰ দলঙৰ পৰা সূৰ্যাস্তৰ দৃশ্য নাচালে মাজুলী ভ্ৰমণ আধৰুৱা হৈ ৰ'ব। হয়ো কথাটো, আমি যেতিয়া দ্বৰিকামুখৰ দলং পালোঁগৈ যথেষ্ঠ সংখ্যক যুৱক-যুৱতী ইতিমধ্যেই তাত গোট খাইছিল। আমিও গাড়ীৰ পৰা নামি নিজৰ নিজৰ ম'বাইল কেমেৰা সাজু কৰিলোঁ। চাই থাকোঁতেই এক সোণালী আভাৰ বিচ্ছুৰণ ঘটাই সূৰ্য্যটোৱে দূৰৰ কোনোবা দিগন্তত বিলীন হৈ গ'ল। অতি মনোমোহা দৃশ্য। যিমান পাৰি মন মগজুত দৃশ্যটো সোমোৱাই লোৱাৰ লগতে ম'বাইলতো আবদ্ধ কৰিলোঁ। মুকুটদাই নিজৰ ডি. এছ. এলাৰ কেমেৰাৰে সূৰ্যাস্তৰ লগতে আমাৰো বহু কেইখন ফটো তুলিলে। একে ঠাইতে আমি প্ৰায় ২-৩ ঘণ্টাৰ পিছত পূৰ্ণিমাৰ জোনটো নদীৰ পানীত প্ৰতিফলিত হোৱাৰ এক সুন্দৰ দৃশ্য দেখিছিলোঁ (যি দৃশ্য চিৰজীৱনলৈ মনত থাকিব। )
ইয়াৰ পিছত আমি আগবাঢ়িলোঁ মাজুলীৰ সকলোতকৈ ডাঙৰ সত্ৰ, ১৬৫৩ চনত আহোম স্বৰ্গদেউ চুতামলা (জয়ধ্বজ সিংহ)ই স্থাপন কৰা আউনীআটি সত্ৰলৈ। এই সত্ৰত বিগত ৩৫০ বছৰতকৈও অধিক কাল ধৰি পুৱাৰ পৰা গধূলিলৈ এদিনো বাদ নপৰাকৈ প্ৰাৰ্থনা অনুষ্ঠিত হৈ আহিছে। ইয়াত প্ৰধানকৈ ভগৱান শ্ৰী কৃষ্ণৰ আৰাধনা কৰা হয়। জনামতে শ্ৰী কৃষ্ণৰ মূৰ্তিভাগ পূৰীৰ জগন্নাথৰ পৰা অনা হৈছিল। আমি গৈ পাওঁতে মাজুলীৰ বুকুলৈ আন্ধাৰ নামি আহিছিল। সেয়েহে আমি লাইটৰ পোহৰতে সত্ৰৰ নামঘৰ দৰ্শন কৰি চাকি জ্বলাই প্ৰভূৰ আৰ্শীবাদ ল'লোঁ। তাৰপিছতে সত্ৰৰ ভিতৰতে থকা সংগ্ৰহালয় চালোঁ। সংগ্ৰহালয়ত আমি যথেষ্টখিনি পুৰণি ঐতিহাসিক সমল দেখিবলৈ পালোঁ। সংগ্ৰহালয়ত আমি যোৱা সময়ত যথেষ্ট লোকৰ ভিৰ আছিল। সংগ্ৰহালয়ৰ পৰা আমি সত্ৰৰ আলোচনী সংস্কৃতি পল্লৱকে ধৰি কেইবাখনো পুস্তিকা কিনিলোঁ। সত্ৰৰ এজন ভকতক সুধি গম পালোঁ যে সেই সময়ত সত্ৰৰ অধীনত প্ৰায় ৩০০ শিষ্যই শিক্ষা গ্ৰহণ কৰি আছে। মই নিজেও যিহেতু আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ অধীনত শৰণ লোৱা, তেখেতক এবাৰ লগ নকৰাকৈ উভটিব লগা হোৱাত মনতো বৰ বেয়া লাগিল। উপায় নাই আমাৰ হাতত সময় নাই। ইতিমধ্যে সন্ধিয়া ৭. ৩০ বাজি যোৱাত আমি ৰিজ'ৰ্টলৈ আহি কিছু ফ্ৰেছ হৈ বৰযাত্ৰীৰ লগত যাবলৈ সাজু হ'লোঁ।
১০ মান বজাত আপঙ আয়ংলৈ গৈ বৰযাত্ৰীৰ লগ হৈ কইনা ঘৰ পালোঁগৈ। তাত খাই বৈ দৰা-কইনাক তেওঁলোকৰ বৈবাহিক জীৱনলৈ শুভেচ্ছা জনাই আমি কমলাবাৰী সত্ৰ পালোঁগৈ। তাতে শিশু কৃষ্ণই বন্ধুবৰ্গৰ লগ লাগি মাখন চুৰি কৰি মাক যশোদাৰ পৰা পলাই ফুৰা দৃশ্য উপভোগ কৰি থাকোঁতেই নিশা প্ৰায় ১ বাজিবৰ হ'ল। যিহেতু পিছদিনা পুৱাতেই আমি ফেৰীৰে মাজুলীৰ পৰা নিমাতীঘাটলৈ যাত্ৰা কৰাৰ কথা সেয়েহে আৰু দেৰি নকৰি ৰিজ'ৰ্টলৈ উভটি আহি শুই পৰিলোঁ। উল্লেখযোগ্য যে মাজুলীৰ পৰা দুটা ঘাট ক্ৰমে কমলাবাৰী আৰু অফলামুখৰ পৰা নিমাতীঘাটলৈ ফেৰীৰে যাব পাৰি। আমি খবৰ লৈ গম পোৱা মতে অফলামুখৰ পৰা নিমাতীঘাটলৈ মাত্ৰ ৩০-৪০ মিনিটমানহে লাগে বুলি কোৱাত আমি অফলামুখৰ পৰা ফেৰীৰে অহাৰ সিদ্ধান্ত লৈছিলোঁ। কিয়নো কমলাবাৰী ঘাটৰ পৰা নিমাতীঘাটলৈ বোলে ডেৰ ঘণ্টা। | web |
e7d96fc51b7c4ff2f2f2178fb73f3c8870399b0c | গুৱাহাটীঃ ৰাজনীতিত সকলো সম্ভৱ। এগৰাকী জাতীয়তাবাদী নেতাই পিন্ধিলে গেৰুৱা বসন। বিজেপিত যোগদান নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰা তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াই বিজেপিত যোগদান কৰে। ২২ বছৰ ধৰি আটাছুৰ সৈতে জড়িত থকা অশ্বিনী চেতিয়াক সাদৰেৰে আদৰে গেৰুৱা দলটিয়ে।
২০১৬ত বিধানসভাৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিৱসাগৰ সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰি তৃতীয় স্থান লাভ কৰিছিল চেতিয়াই। ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত অনুষ্ঠিত যোগদান কার্যসূচীত উপস্থিত থাকে 'নেডা'ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় নেতা। | web |
3575ba71691f2216b54b71892d8151ee5cc6f192 | বিশ্বাস নিউজৰ এটা তদন্তত এই দাবীটো ভুল প্ৰমাণিত হৈছে। ভাইৰেল স্ক্ৰীণশ্বটটো এটা কম্পিউটাৰৰ জৰিয়তে সম্পাদনা কৰা হৈছে। কুকুৰা খাই অমাইক্ৰন বিয়পি আছে বুলি নিশ্চিত কৰিবলৈ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। তেলেংগানা চৰকাৰে অমাইক্ৰন আৰু কুকুৰা পাম সম্পৰ্কে তেনে কোনো নিৰ্দেশ জাৰি কৰা নাই। কুকুৰা খাই অমাইক্ৰন হোৱাৰ দাবী মিছা।
নতুন দিল্লী (বিশ্বাস নিউজ)। কৰোনাৰ সংক্ৰমণৰ ঘটনাৰ সংখ্যাই আকৌ এবাৰ ৩ লাখ অতিক্ৰম কৰিছে। এতিয়ালৈকে, ভাৰতত অমাইক্ৰনৰ নতুন উপ-প্ৰকাৰৰ ৫৩০ টা নমুনা পোৱা গৈছে। ইফালে, ওমাইক্ৰন সম্পৰ্কে এনডিটিভিৰ বাতৰিৰ এটা স্ক্ৰীণশ্বট ছচিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে। য'ত দাবী কৰা হৈছে যে খেতিৰ কুকুৰা খাই অমাইক্ৰন বিয়পি আছে আৰু তেলেংগানা চৰকাৰে কুকুৰা পামবোৰক সংক্ৰমিত অঞ্চল হিচাপে ঘোষণা কৰিছে। বিশ্বাস নিউজৰ এটা তদন্তত এই দাবীটো ভুল প্ৰমাণিত হৈছে। ভাইৰেল স্ক্ৰীণশ্বটটো এটা কম্পিউটাৰৰ জৰিয়তে সম্পাদনা কৰা হৈছে। কুকুৰা খাই অমাইক্ৰন বিয়পি আছে বুলি নিশ্চিত কৰিবলৈ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। তেলেংগানা চৰকাৰে অমাইক্ৰন আৰু কুকুৰা পাম সম্পৰ্কে তেনে কোনো নিৰ্দেশ জাৰি কৰা নাই। কুকুৰা খাই অমাইক্ৰন হোৱাৰ দাবী মিছা।
কি এই ভাইৰেল পোষ্ট?
ফে'চবুক ইউজাৰ Hyderabadi Miya Bhai এ এটা ভাইৰেল স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে। ভাইৰেল স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰা হৈছে। স্ক্ৰীণশ্বটত, ইংৰাজীত লিখা হৈছে যে তেলেংগানা চৰকাৰে কুকুৰা ফাৰ্মক সংক্ৰমিত এলেকা হিচাপে ঘোষণা কৰিছে। কুকুৰা খোৱাৰ বাবে অমাইক্ৰন বিয়পি আছে। একে সময়তে, আৱেদন কৰা হৈছে যে যদি আপুনি সুৰক্ষিত থাকিব লগা হয়, কেইদিনমানৰ বাবে ফাৰ্মৰ পৰা অনা চিকেন নাখাব।
ছ'চিয়েল মিডিয়াত আন বহুতো ব্যৱহাৰকাৰীয়ে একে ধৰণৰ আৰু একে ধৰণৰ দাবীৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে। ফেচবুক পোষ্টটোৰ সমল ইয়াত লিখা হৈছে। ইয়াৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।
ভাইৰেল দাবীৰ সত্যতা জানিবলৈ, আমি গুগলত কিছুমান কীৱৰ্ডৰ জৰিয়তে অনুসন্ধান কৰিছিলো। এই সময়ছোৱাত, আমি ৮ মে, ২০২১ তাৰিখে ৱেবছাইটত প্ৰকাশিত এনডিটিভিৰ মূল প্ৰতিবেদন পাইছিলো। প্ৰকৃত প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে পঞ্জাৱৰ লুধিয়ানাত এটা কুকুৰা ফাৰ্মক সংক্ৰমিত এলেকা হিচাপে ঘোষণা কৰা হৈছে। অৱশ্যে, ইয়াৰ আঁৰৰ কাৰণ হৈছে অমাইক্ৰন নহয়, কিন্তু বাৰ্ড ফ্লু। প্ৰতিবেদনঅনুসৰি, লুধিয়ানাৰ এটা কুকুৰা ফাৰ্মৰ নমুনা বাৰ্ড ফ্লুৰ বাবে ইতিবাচক পোৱা গৈছিল। যাৰ পিছত ইয়াক সংক্ৰমিত এলেকা হিচাপে ঘোষণা কৰা হৈছিল। লুধিয়ানাৰ পৰা একেটা বাতৰিৰ স্ক্ৰীণশ্বট বিকৃত কৰা হৈছে আৰু ক'লা ভেঁকুৰৰ সৈতে সংযুক্ত কৰা হৈছে।
তদন্তটো আগুৱাই লৈ, আমি জানিব বিচাৰিছিলো যে তেলেংগানা চৰকাৰে অমাইক্ৰন আৰু ফাৰ্ম চিকেন সম্পৰ্কে কোনো নিৰ্দেশ জাৰি কৰিছে নেকি। আমি এনে কোনো প্ৰমাণিক প্ৰতিবেদন পোৱা নাই যিয়ে এই ভাইৰেল দাবীটো নিশ্চিত কৰে। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত, যেতিয়া ফাৰ্ম চিকেনৰ পৰা কৰোনাভাইৰাছ বিয়পি পৰাৰ বিষয়ে একে ধৰণৰ উৰাবাতৰি ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল, গ্ৰেটাৰ হায়দৰাবাদ পৌৰ নিগমে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি স্পষ্ট কৰি দিছিল যে ভাৰতত কোনো চৰাই কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ এটাও ঘটনা ধৰা পৰা নাছিল।
আমি বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবছাইটলৈও গৈছিলো আৰু ইয়াৰ বিষয়ে অনুসন্ধান কৰিছিলো। আনকি ইয়াতো, আমি অমাইক্ৰনৰ বিষয়ে এনে কোনো তথ্য পোৱা নাছিলো। বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ ৱেবছাইটত কৈছে যে ভালদৰে ৰন্ধা হ'লে মাংসৰ সামগ্ৰী সুৰক্ষিতভাৱে খাব পাৰি।
অধিক বিৱৰণৰ বাবে, আমি এইমছৰ সহযোগী অধ্যাপক ড০ নীৰজ নিচলৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁলোকে আমাক কৈছিল যে ভাইৰেল দাবীটো ভুল। কুকুৰা খোৱাৰ ফলত অমাইক্ৰন বা কৰোনাৰ আন কোনো প্ৰকাৰ নহয়। এতিয়ালৈকে, ইয়াক নিশ্চিত কৰা কোনো বৈজ্ঞানিক প্ৰমাণ উদ্ভৱ হোৱা নাই। আমি সদায়ে লোকসকলক কওঁ যে খাদ্য ভালদৰে ৰান্ধিব লাগে, কিয়নো ভালদৰে ৰন্ধা খাদ্য খোৱাটোৱে কোনো ভাইৰাছ বিয়পাই নিদিয়ে। এনে দাবী সম্পূৰ্ণৰূপে মিছা। বিশ্বাস নিউজে ফেচবুক পেজ Hyderabadi Miya Bhai ৰ প্ৰ'ফাইল স্কেন কৰিছিল যিয়ে এই ভাইৰেল দাবীটো ভাগ বতৰা কৰিছিল। স্কেনিংয়ে প্ৰকাশ কৰিছিল যে ব্যৱহাৰকাৰীজনৰ ফেচবুকত ৭ হাজাৰ ৬শৰো অধিক অনুসৰণকাৰী আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ এটা তদন্তত এই দাবীটো ভুল প্ৰমাণিত হৈছে। ভাইৰেল স্ক্ৰীণশ্বটটো এটা কম্পিউটাৰৰ জৰিয়তে সম্পাদনা কৰা হৈছে। কুকুৰা খাই অমাইক্ৰন বিয়পি আছে বুলি নিশ্চিত কৰিবলৈ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। তেলেংগানা চৰকাৰে অমাইক্ৰন আৰু কুকুৰা পাম সম্পৰ্কে তেনে কোনো নিৰ্দেশ জাৰি কৰা নাই। কুকুৰা খাই অমাইক্ৰন হোৱাৰ দাবী মিছা।
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
Fact-checking journalism, which holds mirror to power while being free from the ropes of corporate and politics, is possible only with support from public. Help us in our fight against fake news.
| web |
56f9bdcf5529e27c8fd6c5acfe35a98edfcbf23f1f4761e149119ac001d0128b | কথা ভাবিব ধৰিলে। অৱশ্যে এই আসন্ন মৃত্যুৰ বাবে তেওঁ ভীত নহয়। মৃত্যুৰ নিৰ্মম সত্যৰূপ উপলব্ধি কৰি মৃত্যুক স্বাগত জনাবলৈ কবি-মনৰ প্রস্তুতি চলি আছিল। 'জন্মদিনে'ৰ অন্তৰ্গত 'পথেৰ শেষে' কবিতাত তাৰে অভিব্যক্তি -
'অজানাৰ দূত আজি মোৰে নিয়ে যায় দূৰে অকূল সিন্ধুৰে
নিবেদন কৰিতে প্ৰণাম।
মন তাই বলিতেছে, আমি চলিলাম।'
দীর্ঘ-জীৱনৰ কাব্য সাধনাত কবিয়ে চিত্রগুপ্তৰ বহীত লাভ লোকচানৰ হিচাপ-নিকাচ কৰাৰ সময়ত নিজৰ অপূর্ণতাও উপলব্ধি কৰিছে। এই অপূর্ণতা ৰাবীন্দ্ৰিক কাব্য-ৰস পিপাসুসকলৰ মনত তিলমাত্র আসোবাহ নজগায়। পিছে বিশ্ব কবিয়ে নিজৰ কামত সন্তুষ্ট নহয়। সেই কথাকে কয় 'ঐক্যতান'ত -
'বিপুলা এ পৃথিবীৰ কতটুকু জানি!
স্বৰ সাধনায় পৌছিল না বহুতৰ ডাক ৰয়ে গেছে ফাক।
আমাৰ সুৰেৰ অপূর্ণতা আমাৰ কবিতা, জানি আমি
গেলেও বিচিত্র পথে, হয় নাই সে সর্বত্র-গামী।'
জীৱন প্রদীপ নির্বাপিত হোৱাৰ প্ৰাঙ্কালত সেয়ে কবিয়ে আগামীদিনৰ কবিসকলক আহ্বান জনায় - 'অখ্যাত জনৰ', নিৰ্বাক মনৰ' 'মর্মবেদনা' উদ্ধাৰ কৰি 'প্রাণহীন' দেশত 'গানহীন' 'নিৰানন্দ মৰুভূমি' ৰসেৰে পূৰ্ণ কৰিবলৈ। কবিৰ মিনতি সাহিত্যৰ ঐক্যতানৰ সংগীত সভাত 'একতাৰা'
বজোৱা সকলেও যেন সম্মান পায়।
জীৱন শেষ হৈ অহাৰ ঘন্টাধ্বনি কবিয়ে এতিয়া অহৰহ শুনি আছে। অতি অসুস্থ শৰীৰ লই, অসহ্য যন্ত্ৰণাৰ মাজত কবিৰ দিনবোৰ কাটিব ধৰিলে। কেতিয়াবা জ্ঞান থাকে, কেতিয়াবা নাথাকে। তাৰ মাজতো চলে কবিতা সৃষ্টি। 'ৰূপনাৰাণেৰ কূলে' এনে এক আশ্চর্য কবিতা যাৰ সৃষ্টি কবিৰ তন্দ্ৰাচ্ছন্ন অৱস্থাত। কবিৰ কলম ধৰিবৰ শক্তি নাই। কবিয়ে গাই যায় - আনে লিখি লয়। দুটা স্তবক গোৱাৰ লগে লগে অসুখৰ প্ৰকোপত
| pdf |
6f63d51770bad663062a80e0c070b09d | আজিকালি, দৈনন্দিন জীৱনত, সাধাৰণতে যেতিয়াই কোনো অজ্ঞাত বিষয়ৰ ওপৰত বিতংভাৱে কিছু তথ্য বিচাৰিব লাগে, আমি সাধাৰণতে গুগলৰ সহায় লওঁ।
পিছে, এই গুগল কি? গুগল (বৰ্তমানৰ Google LLC, পূৰ্বৰ Google Inc.) হ'ল এটি আমেৰিকান চাৰ্চ ইঞ্জিন কোম্পানী, যাক ১৯৯৮ চনত ছেৰ্গেই ব্ৰিন আৰু লেৰী পেজৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।
এতিয়া আকৌ, ইণ্টাৰনেট চাৰ্চ ইঞ্জিননো কি?
ইণ্টাৰনেট চাৰ্চ ইঞ্জিনে ব্যৱহাৰকাৰীসকলক কীৱৰ্ড ব্যৱহাৰ কৰি ইণ্টাৰনেটত কোনো সমলৰ অনুসন্ধান কৰিবলৈ সুবিধা প্ৰদান কৰে। চাৰ্চ ইঞ্জিন বা ইণ্টাৰনেট চাৰ্চ ইঞ্জিন হৈছে এটা ছফ্টৱেৰ চিষ্টেম যাক ৱেব বা ইণ্টাৰনেটত সঞ্চিত তথ্য অনুসন্ধান কৰাৰ বাবে ডিজাইন কৰা হৈছে; অৰ্থাৎ, নিৰ্দিষ্ট তথ্য জানিবৰ বাবে এক প্ৰণালীবদ্ধ উপায়েৰে ৱৰ্ল্ড ৱাইড ৱেবত অনুসন্ধান কৰা ছফ্টৱেৰ চিষ্টেম বা ইঞ্জিনটোৱেই হ'ল ইণ্টাৰনেট চাৰ্চ ইঞ্জিন।
সংক্ষিপ্তত, এটা চাৰ্চ ইঞ্জিন হৈছে এটা ৱেব ছাইট যাৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে ইণ্টাৰনেটত সমল অনুসন্ধান কৰিব পাৰে। মূলতঃ, এটা চাৰ্চ ইঞ্জিন হৈছে এক ৱেব-আধাৰিত সঁজুলি যি ব্যৱহাৰকাৰীসকলক ৱৰ্ল্ড ৱাইড ৱেবত তথ্য চিনাক্ত কৰিবলৈ সক্ষম কৰে। চাৰ্চ ইঞ্জিনৰ জনপ্ৰিয় উদাহৰণ হৈছে গুগল, য়াহু! , এমএছএন চাৰ্চ, এ.ও.এল., বাইডু, বিং, ডাকডাকগো ইত্যাদি।
ৱেব পেজৰ পৰা ৱেব পেজলৈ, ৱেব ছাইটৰ পৰা ৱেব ছাইটলৈ লিংক অনুসৰণ কৰি চাৰ্চ ইঞ্জিনবোৰে ৱেবৰ সৈতে ভ্ৰমণ কৰা স্বয়ংক্ৰিয় ছফ্টৱেৰ এপ্লিকেচন ব্যৱহাৰ কৰে যাক ৰবট, বট বা স্পাইডাৰ বুলিও কোৱা হয়। স্পাইডাৰবোৰে সংগ্ৰহ কৰা তথ্যবোৰ ৱেবৰ এটা সন্ধানযোগ্য সূচী সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়। আজি অনলাইনত কোটি কোটি ৱেব ছাইট আছে যাৰ তথ্য বিচাৰি উলিওৱাত এই চাৰ্চ ইঞ্জিনবোৰে সহজ কৰি তোলে।
চাৰ্চ ইঞ্জিন আৰু ৱেব ব্ৰাউজাৰৰ মাজৰ পাৰ্থক্য হৈছে যে ৱেব ব্ৰাউজাৰ হৈছে এটা ছফ্টৱেৰ যি ৱেব পেজবোৰ প্ৰদৰ্শন কৰে; আনহাতে, এটা চাৰ্চ ইঞ্জিন হৈছে এটা ৱেব ছাইট যি মানুহক আন ৱেব ছাইটৰ পৰা নিৰ্দিষ্ট ৱেব পেজ বিচাৰি উলিওৱাত সহায় কৰে।
ইণ্টাৰনেট চাৰ্চ ইঞ্জিনবোৰে কেনেদৰে কাম কৰে?
প্ৰতিটো চাৰ্চ ইঞ্জিনে আমি বিচৰা ফলাফল সংগ্ৰহ তথা প্ৰদৰ্শন কৰিবলৈ বিভিন্ন জটিল গাণিতিক সূত্ৰ ব্যৱহাৰ কৰে। এটা নিৰ্দিষ্ট প্ৰশ্নৰ ফলাফল চাৰ্চ ইঞ্জিন ৰিজাল্টছ পেজত (এছ.ই.আৰ.পি.) প্ৰদৰ্শিত হয়। চাৰ্চ ইঞ্জিন এলগৰিথমে সমলসহ ৱেব পেজৰ মুখ্য উপাদানবোৰ লয়, আৰু ৱেব পেজবোৰত ফলাফলবোৰ ক'ত ৰাখিব লাগে তাৰ বাবে এটা ৰেংকিং লৈ আহে। প্ৰতিটো চাৰ্চ ইঞ্জিনৰ এলগৰিথম অনন্য, সেয়েহে ইয়াহু! ৰ শীৰ্ষ ৰেংকিঙে গুগলত এক বিশিষ্ট ৰেংকিঙ যে পাব তাৰ কোনো নিশ্চয়তা নাথাকে।
অৰ্থাৎ, চাৰ্চ ইঞ্জিনবোৰে ডাটা সূচীবদ্ধ আৰু সমল অনুসন্ধান সম্পৰ্কিত কৰিবলৈ নিজস্ব এলগৰিথম ব্যৱহাৰ কৰে, সেয়েহে আপুনি কি বিচাৰিবলৈ চেষ্টা কৰি আছে তাক বিচাৰি উলিওৱাৰ বাবে প্ৰতিটো চাৰ্চ ইঞ্জিনৰ নিজা পদ্ধতি আছে। ইয়াৰ ফলাফল আপুনি কোন স্থানত বসবাস কৰে, আপুনি কি বিচাৰিছে, আৰু একেটা বস্তু বিচাৰি থকা আন ব্যৱহাৰকাৰীসকলে কি ফলাফল পছন্দ কৰিছিল তাৰ ওপৰত আধাৰিত হ'ব পাৰে। প্ৰতিটো চাৰ্চ ইঞ্জিনে এইবোৰক অতুলনীয়ভাৱে গুৰুত্ত্ব দিয়ে আৰু ব্যৱহাৰকাৰীসকলক বিভিন্ন ফলাফল প্ৰদান কৰে।
বেছিভাগ চাৰ্চ ইঞ্জিনে কেনেদৰে কাম কৰে তাৰ তিনিটা মুখ্য পদক্ষেপ আছেঃ
ক্ৰলিং - চাৰ্চ ইঞ্জিনবোৰে প্ৰণালীবদ্ধ ইণ্টাৰনেট প্ৰ'গ্ৰাম ব্যৱহাৰ কৰে, যাক স্পাইডাৰ, বট বা ক্ৰ'লাৰ বুলি কোৱা হয় যি তথ্য বিচাৰি উলিওৱা সহজ কৰি তোলে।
ইনডেস্কিং - চাৰ্চ ইঞ্জিনে 'কীৱৰ্ড'ৰ জৰিয়তে ৱেব পেজ এটাত সমল বুজিবলৈ আৰু নিৰ্দিষ্ট তথ্য শ্ৰেণীবদ্ধ কৰিবলৈ চেষ্টা কৰিব।
ৰেংকিং - চাৰ্চ ইঞ্জিনৰ লক্ষ্য হৈছে ব্যৱহাৰকাৰীক আটাইতকৈ প্ৰাসঙ্গিক ফলাফল প্ৰদান কৰা, সন্ধানৰ ফলাফলবোৰ কেইবাটাও কাৰকৰ ওপৰত আধাৰিত কৰি ৰেংকিং কৰা হয়।
ৰিভাৰ্চ ইমেজ চাৰ্চ কি?
আমি টেক্সট্ বা আখৰৰ জৰিয়তে নিৰ্দিষ্ট তথ্যৰ সন্ধানৰ প্ৰক্ৰিয়াৰ বিষয়ে অৱগত; একেদৰে, আমি কোনো এখন ছবিৰ দ্বাৰাও একেধৰণৰ ছবি বা ছবিখন সম্পৰ্কত তথ্য বিচাৰিব পাৰোঁ, ইয়াক ৰিভাৰ্চ ইমেজ চাৰ্চ বুলি কোৱা হয়। অৰ্থাৎ, যদি আমাৰ ওচৰত কোনো নিৰ্দিষ্ট ব্যক্তিৰ ছবি বা কোনো নিৰ্দিষ্ট স্থান বা অবজেক্টৰ ছবি থাকে, আমি ৱৰ্ল্ড ৱাইড ৱেবত ইমেজ চাৰ্চৰ দ্বাৰা প্ৰাসঙ্গিক তথ্য প্ৰাপ্ত কৰাৰ চেষ্টা কৰিব পাৰোঁ।
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
| web |
f4d3b710f5d035d2d31fece827348dd42ec6110ef0e46e7b5da2faa1c0a173a8 | অসমীয়। ব্যাকৰণ আৰু ভাষাতত্ত্ব
যেনে, ৰাম আহিল ; ৰামে বন কৰিছে। পুৰণি অসমীয়াত কৰ্তাকাৰকৰ চিন শূন্য বা 'এ' ( য়ে, ৱে ) আছিল । যেনে,
দেখি জাম্বৱন্ত বীৰ বিড়ঙ্গ।
লৈলন্ত মাণিক মাৰিয়। সিংহ ।। - শঙ্কৰ বৈশানপায়ন বদতি শুনিয়ো নৰেশ্বৰ। - ৰামসৰ প্রহ্লাদে শিখাস্ত গাৱে গোবিন্দৰ গীত। - শঙ্কৰ
বৰ্তমান অসমীয়াত প্রথমা বিভক্তি এ ( =য়ে, ৱে ), ই বা শূন্য কর্তাকাৰকত প্রয়োগ হয়। যেনে সাধুসকলে সজ পথ দেখুৱায়; লক্ষীএ অনুগ্রহ কৰে ; শিশুএ (-ৱে ) বা শিশুই কান্দে ; লতাই গছত মেৰাই উঠে; বেলি উঠিল ; ইত্যাদি।
(ক) অকর্মক ক্রিয়াৰ কৰ্তাত সচৰাচৰ কোনো বিভক্তি যোগ নহয়। যেনে, ৰাম আছে, গছ পৰিল। কিন্তু হাঁচ, কান্দ, কাহ, হাঁহ, নাচ, ইত্যাদি কিছুমান অকর্মক ক্ৰিয়াৰ কৰ্তাত প্রথমা বিভক্তি (বা তির্যক বিভক্তিৰ চিন ) 'এ' যোগ হয় ( § ২৪৫ ) ; যেনে, ৰামে কান্দে।
২৬০। কর্মকাৰক ( Objective case ) :যি কাম কৰা যায় বা ক্ৰিয়াৰ যি ব্যাপ্য তাৰ নাম কর্ম। কর্মকাৰকত দ্বিতীয়া বিভক্তি হয়; যেনে, ৰাবণে সীতাক হৰি নিছিল, 'বাহু উপক তুলি নিসঙ্গ হয়। অঙ্গীকাৰ কৰা'। ভট্ট দে.। সি ঘৰক যায় ( =হিন্দী - ৱহু ঘৰকে। জাত। হৈ=স. - সঃ গৃহং গচ্ছতি )। বৈদিকতে। এনে হৈছিল ; যেনে,
নহি ৱামস্তি দূৰকে যত্ৰা ৰথেন গচ্ছথঃ। অশ্বিন। সোমিনে। গৃহং। - ঋক্ ১।২২।৪
( হে অশ্বীদ্বয় ! ৰথেদি য'তে হক মানুহৰ ঘৰক যোৱা ; কিয়নো তোমালোকৰ পক্ষে ই দূৰ নহয় )।
(ক) 'ক' যোগ (use of post position 'ক' )
কর্মপদ বিশেষকৈ সুকীয়াভাবে নির্দেশ কৰিব লাগিলে দ্বিতীয়া বিভক্তিৰ চিন 'ক' যোগ কৰা হয়; অন্যথা হলে তেনে কৰা নহয়। এই নিয়মৰ বিষয়ে ইয়াকে কব পাৰি যে জ্ঞানী জীৱৰ জাতি, সম্বন্ধ বা নামবোধক শব্দ কর্ম হলে তাত 'ক' যোগ হয়। যেনে, এনে কানীয়াক কোনেও বিশ্বাস নকৰে ; ৰামক মাতিছো, ইত্যাদি। কিন্তু (১) জ্ঞানহীন জীৱ, (২) অচেতন
| pdf |
d58dd4c2529d5e97615da9b109cb380173a9bd7aa2a236ec671248a8d47d1c6b | ৪র্থ দর্শন
যোগে। সৌৱ। দিখৌৰ বুকুত বেলি মাৰ যাব খোজা দেখিছনে আই ?
সাদৰী। দেখিছোঁ।
যোগ। আমাৰে। আয়ুবেলি সেইদৰে মাৰ যাবলৈ ধৰিছে। জীৱন-সন্ধিয়া ওচৰ চাপি আহিছে। সৌৱা আই মাতৃ কালী-গোঁসানীয়ে লেলিহান জিভা মেলি সন্তানৰ তেজ বিচাৰিছে হেঁপাহৰ নৰবলি গ্ৰহণ কৰিবলৈ বাট চাই আছে । প্রেমানন্দ ! আজি তুমি মোৰ এটি অনুৰোধ ৰক্ষা কৰিবানে ? আজিলৈকে তুমি মোৰ অবাধ্য হোৱা বুলি মনত নপৰে। আশা কৰে। আজিও তুমি মোৰ আদেশ মান্য কৰিবা ।
প্রেম। আদেশ কৰক প্ৰভু !
যোগ। ৰ'বা। সাদৰী ! আজি তই আৰু মই দুজনেই বলি যাব লাগিব। সাজু হ বাছা, বুকু পাতি থিয় হ। পিতৃৰ আদেশ লঙ্ঘন নকৰিবি। 'এই নৃশংস নৰবলিৰ কাৰণ মুসুধিবি।
সাদৰী। দেউতা। হাঁহি হাঁহি মই আপোনাৰ আদেশ পালন কৰিম । এনে মৃত্যুত গৌৰৱ আছে। । মোক বধ কৰক দেউতা।
যোগ। প্রেমানন্দ ! মই তাইক ধৰিম। তুমি জয় কালী বুলি তাইৰ বুকুত মোৰ এই ত্রিশূল বহুৱাই দিয়া নিয়া ত্রিশূল।
| pdf |
456e2813a1b23de16f0a57cd74b396b865b8c1d2eee222a04dae86aa24211025 | দ্বিতীয় সংস্কৰণৰ কথা
ং ১৯০৭ চনত ৰাজৰোষত যেতিয়। ৰাজনৈতিক গতি-মতি মোৰ স্তব্ধ হয়, তেতিয়াতে বৰপেটাত মোৰ প্ৰথম সাহিত্য চর্চ্চা আৰম্ভ হয়, আৰু এই "তুমি"য়েই তাৰ প্ৰথম নিদর্শন ।
"তুমি"ৰ প্ৰথম সংস্কৰণ ছপা হয় ইং ১৯১৫ চনত ডিব্ৰুগড়ত । তেতিয়া ই শিক্ষিত সাহিত্যিক সমাজৰ মন বিশেষ ভাৱে আকর্ষণ কৰে, আৰু কম সময়ৰ ভিতৰতে ছপা এক হেজাৰ কিতাপৰ গোটেইখিনি বিক্ৰী হৈ শেষ হয়। ইয়াৰ পৰাই সাধাৰণতঃ সাহিত্য ক্ষেত্ৰত মই উৎসাহিত হোৱা উচিত আছিল । বিশেষকৈ এই "তুমি" আৰু আন কেইটামান কৱিতা পঢ়ি, ভাৰতীয় আৰু য়ুৰোপীয় সাহিত্যত বিশেষ অধিকাৰ থক। মোৰ হিতাকাঙ্খী বন্ধু এজনে হুদিন মোক এইদৰে কৈ উৎসাহিত কৰিছিল, যে মনপুতি কৱিতা দেৱীক দেৱা কৰিলে, মই হেনো সহজতে সাহিত্যৰ নোবেল প্রাইজ়ৰ বাবেও প্রতিযোগিতা চলাব পাৰিম । কিন্তু তাতো নহল ।
ইং ১৯১৬ চনত ৰাজৰোষৰ বেড়ী গাৰ পৰা খহি পৰাত, পুনৰ ৰাজনৈতিক কোেঢ়ালৰ মাজত মোৰ গতি সোমাই পৰে । তেতিয়া বহুজন বন্ধুই মোৰ ওপৰত বিতুষ্ট হৈ মন্তব্য প্রকাশ কৰে, যে মই সাহিত্য ক্ষেত্ৰৰ পৰা ৰাজনীতিত সোমোৱাটো অন্যায় হৈছে ; আৰু সেইবাবে মই হেনো অসম মাতৃৰ ষ্ট-লৰ। ( Spoilt child ) । কিন্তু মোৰ সাহিত্য-সেৱাত আর্থিক আৰু
যশ লাভৰ কোনে। আকাঙ্ক্ষা নাছিল গতিকে, "তুমি" সম্পর্কে শিক্ষিত দেশবাসীৰ পৰা ইমানখিনি অনুগ্ৰহ আৰু উৎসাহ পাইও, সেইফালে মোৰ মন ঢাল খুৱাবলৈ নহল । আজি ২৫ বছৰ ধৰি সেই বাবে "তুমি" উঠি অহা শিক্ষিত ডেকা সমাজৰ চকুৰ আঁৰত পৰি আছিল। এতিয়া কলিকতা বিশ্ববিদ্যালয়ৰ দ্বাৰা কলেজৰ পাঠ্য হৈ নিৰ্ব্বাচিত হোৱাতহে "তুমি"ৰ ২য় সংস্কৰণ প্ৰকাশ কৰা হল।
"তুমি"ত সাহিত্য সম্ভাৰৰ কিমানখিনি সম্পদ আছে মই নাজানো । যদি কিবা আছে, তাত মোৰ ক্বতিত্ব নাই, নিৰ্ব্বাচ কৰছে কৃতিত্ব । কাৰণ, শামুকৰ পেটৰ শিল ডোখৰত মুক্তাৰ সম্পদ আছে বুলি হুহুৰীহে শক আহৰণ কৰে। শামুকৰ স্বাভাৱিক কাৰ্য্যই হৈছে মুক্তাৰ শিল উৎপাদন কৰা।
বৰপেটা ১৮৬১শ ক, ৮ শাওণ
ঐঅম্বিকাগিনী বায় চৌধাৰী
স্বদেশ প্রেমিক, পুৰণি "চেতনা" আৰু বৰ্তমান "ডেক1 অসম"ৰ সম্পাদক শ্রীযুত অম্বিকাগিৰী ৰায় চৌধাৰীক নজনা মানুহ অসমত নাই । তেওঁৰ স্বদেশ হিতৈষণ। আৰু কৰ্ম্ম-গৌৰৱেই অসমৰ জনসাধাৰণৰ মাজত তেওঁৰ যথেষ্ট পাতনি। কিন্তু ৰায় চৌধাৰী হৰপীয়া পুৰুষ। তেওঁ এফালে যেনে প্রাণ-ঢালি দিয়া স্বদেশ কৰ্ম্মী, আন ফালে তেনে অতল স্পৰ্শী আৱেগ পূর্ণ প্ৰেমৰ কবি। ভেওঁৰ সুগভীৰ প্ৰেমেই তেওঁৰ বিশাল কৰ্ম্ম-প্ৰেৰণ! ।
"তুমি" কাব্য ৰায় চৌধাৰীৰ আধ্যাত্মিকতাৰ উজ্জল চানেকী ! "তুমি" কাব্যক কবিৰ বিশ্বৰূণ দৰ্শন বুলি কব পাৰি। ভগবদ্গীতাত ভক্ত অৰ্জ্জুনে শ্রীকৃষ্ণৰ বিৰাট মূৰ্ত্তিত বিশ্বৰূপ দেখা পাইছিল। ভগৱান কৃষ্ণৰ বিৰাট ৰূপত অৰ্জ্জুনে পাহাৰ-পৰ্ব্বত, নৈ-প্ৰাগৰ, জীৱ-জন্তু, চন্দ্র-সূর্য্য, তাৰকা মণ্ডপী আদি সকলো দেখিছিল। কিন্তু প্রকৃত কৰিয়ে ভগৱানৰ বিৰাট ৰূপত "তুমি" কাব্যত বর্ণিত সকলো বিশ্ব সৌন্দৰ্যাৰ সমাৱেশ দেখিলেহেঁতেন।
"তুমি" কাব্য সাতোট। ছেদত বিভক্ত। প্রথম তিনি ছেদ 'তুমি'ময় ভগৱানৰ বিশ্ব-সৌন্দর্য্যৰ বৰ্ণনাৰে ভৰপূৰ। প্রথম ছেদত কবিয়ে ডেক। প্ৰেমিকৰ চকুৰে তুমি ভগৱানত প্ৰেমিকাৰ সকলো সম্মোহন ইন্দ্রিয়গ্ৰাহ সৌন্দৰ্য্যৰ সমাৱেশ দেখিলে। তুমিৰূপী ভগৱান "গাভৰ গোলাপী গাগত লাঙ্গৰ ৰাঙলী গান,
| pdf |
9610ee3c50fe4b41c870cfd1dba43986 | অত্যুৎসাহী ছৰফৰাজ, বাংলাদেশৰ বিৰুদ্ধে ৫০০ ৰান কৰিব পাকিস্তানে!।Sarfaraz-over-confident-pakistan-will-make-above-500-runs-against-bangladesh- News18 Assam\nঅত্যুৎসাহী ছৰফৰাজ, বাংলাদেশৰ বিৰুদ্ধে ৫০০ ৰান কৰিব পাকিস্তানে!\nছচিয়েল মিডিয়াত ট্ৰ'লৰ সন্মুখীন পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদ।\nUpdated:July 5, 2019, 4:39 PM IST\nUpdated: July 5, 2019, 4:39 PM IST\nবিশ্বকাপৰ ছেমি ফাইনেললৈ উন্নীত হ'বলৈ আজি পাকিস্তানে বাংলাদেশৰ সন্মুখত থিয় কৰাৰ লাগিব পৰ্বতসম স্কৰ। লগতে বাংলাদেশক বিশাল ব্যৱধানতো পৰাস্ত কৰিব লাগিব পাকিস্তানে। মেচখনৰ আগমুহূৰ্তত পাকিস্তানৰ অধিনায়কে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বোচ্চ ৰান আজিৰ মেচখনত পাকিস্তানে গঢ়িব বুলি উল্লেখ কৰে! ছৰফৰাজে কয় যে আজি পাকিস্তানে বাংলাদেশৰ সন্মুখত থিয় কৰিব ৫০০ তকৈও অধিক স্কৰ।\nবিশ্বকাপত পাকিস্তানে আগবঢ়োৱা দুৰ্বল প্ৰদৰ্শনৰ বাবে এতিয়া দলটোৱে ছেমি ফাইনেল খেলাৰ আশা একেবাৰেই ক্ষীণ।তেনে সময়তে ছৰফৰাজৰ এনে অত্যুৎসাহী মন্তব্যই এতিয়া ছচিয়েল মিডিয়াত বিশেষভাৱে চৰ্চা লাভ কৰিছে। বিভিন্নজনে এতিয়া ট্ৰ'ল কৰিছে পাকিস্তানৰ অধিনায়কজনক।\nইতিমধ্যে ছোৱেইব আখতাৰে তীব্ৰ সমালোচনা কৰিছে পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদক। ছৰফৰাজক মুৰ্খ, মগজুহীন বুলি অভিহিত কৰিছে আখতাৰে। আজি চলি থকা মেচখনত পাকিস্তানে টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ বৰ্তমান ২৩ অভাৰলৈকে এটা উইকেট হেৰুৱাই ১০৮ ৰান সংগ্ৰহ কৰিছে।
| web |
7763d5fbcf21e4c39fb7e22e313ea31fa32ddd51 | Begin typing your search above and press return to search.
কেন্দ্ৰৰ শান্তি মধ্যস্থতাকাৰী এ কে মিশ্ৰাই ৰাষ্ট্ৰীয় ৰাজধানীত দশকজুৰি চলি অহা সমস্যাৰ সমাপ্তি বিচাৰি নগা বিদ্ৰোহী সংগঠনৰ সৈতে যোগদান কৰিবলগা বৈঠকত অংশগ্ৰহণ কৰিছে।
- নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এডুকেচন এণ্ড ৰিচাৰ্চয়ে প্ৰেকটিছ অধ্যাপক খালী পদৰ নিযুক্তিৰ বাবে যোগ্য প্ৰাৰ্থীক আমন্ত্ৰণ জনাইছে। এতিয়াই পৰীক্ষা কৰক! | web |
6c13ffb52a4aa315b5a7c8394b4d776e5104ee27 | 'অসমে বাঙালিৰ শৰশয্যা' শিৰোনামৰ তপোধীৰ ভট্টাচাৰ্য্যৰ এটা বিতৰ্কিত লেখাক লৈ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে।
উল্লেখযোগ্য যে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তথা অসমৰে এজন আগ শাৰীৰ বাঙালী বুদ্ধিজীৱী তপোধীৰ ভট্টাচাৰ্য্যই পূৰ্বেও বিতৰ্কিত মন্তব্য দিছিল। সুবোধ বিশ্বাসৰ গ্ৰেপ্তাৰৰ সময়তো বিতৰ্কিত মন্তব্য কৰিছিল তপোধীৰ ভট্টাচাৰ্যই। কেৱল সেয়ে নহয়, অসমত থকা বাঙালীসকলৰ মনত অসমীয়া বিদ্বেষ সুমাই দিয়া তথা অসুৰক্ষিত বুলি ভীতিগ্ৰস্ত কৰাৰ ভূমিকাত অৱতীৰ্ণ হোৱা কেইবাবাৰো দেখা গৈছে তেওঁক।
কলকাতা আৰু শিলচৰৰ পৰা প্ৰকাশিত আজকাল নামৰ কাকতখনত ৩ জুলাইৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পোৱা 'অসমে বাঙালিৰ শৰশয্যা' শীৰ্ষক লেখাটোতো এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ প্ৰেক্ষাপট ব্যৱহাৰ কৰি অসমীয়া আৰু অসমৰ বাঙালীসকলৰ মাজত বিদ্বেষ বিয়পোৱাৰ চেষ্টা কৰা দেখা গ'ল বুদ্ধিজীৱীজনক। তেওঁ অসমত বাঙালীসকল অসমীয়া আধিপত্যবাদৰ বলি হৈছে বুলি অভিযোগ কৰিছে লেখাটোত। লগতে এন আৰ চিখনক অসমত থকা বাঙালীসকলৰ বিৰুদ্ধে পৰিকল্পিত ষড়যন্ত্ৰ বুলি কোৱাৰ লগতে ইয়াক বাঙালীসকলৰ বাবে শৰশয্যা অভিহিত কৰিছে। "২০১৭-এর ৩১ ডিসেম্বর মধ্যরাতে প্রথম খসড়া নাগৰিকপঞ্জি প্ৰকাশের সঙ্গে সঙ্গে স্পষ্ট হয়ে গিয়েছিল, নাগরিকপঞ্জি নবায়ন সুপরিকল্পিত চক্রান্ত ছাড়া আর কিছুই নয়। " এইদৰে কয় ভট্টাচাৰ্য্যই।
"এই বয়ান যেদিন লিখছি, সেই ৩০ জুন বাঙালি-মৃগয়ার পূর্ব নির্ধারিত ফল প্ৰকাশিত হওয়ার কথা ছিল। ..." অৰ্থাৎ এন আৰ চিক বাঙালীক চিকাৰ কৰা প্ৰক্ৰিয়া বুলি তেওঁ স্পষ্ট ইংগিত দিয়ে।
কেৱল সেয়ে নহয়, তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত বাঙালি-বিদ্বেষৰ কদৰ্য্য সংঘবদ্ধ চেহেৰা উন্মত্ত উত্তেজনা প্ৰকাশ পোৱা বুলি দাবী কৰে।
তেওঁ আকৌ লিখিছে, "বাঙালি হিন্দু-মুসলমান ভুলে যাচ্ছেন যে তাঁদের মাতৃভাষা সংখ্যার নিরিখে পৃথিবীতে ষষ্ঠ এবং ভারতে দ্বিতীয়। ..." তেওঁ ধৰ্মৰ বিভেদ পাহৰি হিন্দু-মুচলমানক বাঙালীৰ অতীত গৌৰৱ আওৰোৱাৰ বাবে আহ্বান জনাইছে লেখাটোৰ জৰিয়তে। তাৰ বাবে তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰ-চাপৰিৰ মুচলমানসকলে নিজকে ভাষিক অসমীয়া হিচাপে পৰিচয় দিয়াৰ পিছতো অসমীয়াৰ দ্বাৰা নেলী-গহপুৰৰ বীভৎস গণহত্যা হৈছিল বুলি সোঁৱৰাই দিয়ে।
আনহাতে আলোচনাপন্থী আলফাৰ স্থিতিকো কঠোৰ ভাষাৰে আক্ৰমণ কৰে।
ভট্টাচাৰ্য্যৰ এই বিভিন্ন উচটনিমূলক বক্তব্য আৰু বিদ্বেষ ভৰা লেখাটোক লৈ এতিয়া ৰাজ্যখনৰ সৰ্বত্ৰে চৰ্চা হৈছে। ছ'চিয়েল মিডিয়াৰ লগতে ইলেক্ট্ৰনিক সংবাদ মাধ্যমতো বিভিন্নজনে লেখকজনক কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে। | web |
2713dc4271b5623749cee871e45d06f2 | কোলকাতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল তেখেতে ।তেখেত আছিল বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ বৰমূৰীয়া অধ্যাপক । প্ৰকৃতি প্ৰেমী চক্ৰবৰ্তী ডাঙৰীয়াৰ অন্তৰত হিমালয় প্ৰেমে সৰুৰে পৰাই বিশেষ স্থান অধিকাৰ কৰি আহিছিল । তেখেত আছিল আধ্যাত্মিকতাবাদৰ পূজাৰী । হিমালয়ৰ কোলাত তেখেতে অন্তৰৰ ইপ্সিত সমস্ত বস্তু বিচাৰি পাইছিল। সেয়েহে এবাৰ দুবাৰ নহয় , বিশ বাৰকৈ তেখেতে ভ্ৰমণ কৰিছিল হিমালয়ৰ অভ্যন্তৰৰ বহু দুৰ্গম আৰু ৰমণীয় স্থানলৈ। এই ভ্ৰমণ কাহিনী সমূহ তেখেতে গ্ৰন্থ আকাৰে প্ৰকাশ কৰি উলিয়াইছে। পশ্চিম বংগৰ গ্ৰন্থপ্ৰেমী আৰু ভ্ৰমণ প্ৰেমী সমাজত তেখেতৰ গ্ৰন্থ সমূহ বহুল ভাবে সমাদৃত ।
প্ৰফেছৰ চক্ৰবৰ্তী সংসাৰ ত্যাগী সন্যাসী নহয় । কোলকাতা মহানগৰীৰ বেহালা অঞ্চলত তেখেতৰ নিজৰ ঘৰ বাৰী আছে । সংসাৰত তেখেতৰ আছে পত্নী আৰু দুগৰাকী জীয়ৰী । বৰ জীয়ৰীৰ বিয়া হৈ গৈছে । সৰু জীয়ৰী সাংসাৰিক জীৱনৰ প্ৰতি সম্পূৰ্ণ উদাসীন । বিয়া বাৰুৰ নাম নলয় । হিমালয় ভ্ৰমণত তাই সদায়েই সংগী হৈ আহিছে পিতৃ দেবৰ । ইয়াৰ মাজতেই তাই বিচাৰি পায় জীৱনৰ অৰ্থ ।
কৰ্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাচত প্ৰফেছৰ চক্ৰবৰ্তীয়ে নিজৰ ফালৰ পৰাই হিমালয়ৰ বুকুত সৰুকৈ গঢ়ি তুলিছে এখন আশ্ৰম । নাম দিছে-"হিমালয় তীৰ্থাবাস"। উত্তৰাখন্ডৰ গাড়োৱাল অঞ্চলৰ গুপ্তকাশী নামৰ মনোৰম ঠাই খনৰ ওচৰতেই অবস্থিত এই আশ্ৰম খন। গুপ্তকাশী ঠাই খনৰ লগত হয়তো আমাৰ বহুতেই পৰিচিত । পবিত্র কেদাৰনাথ ধাম যাত্রাত হৰিদ্বাৰৰ পৰা ৰুদ্ৰপ্ৰয়াগ হৈ এই গুপ্তকাশীলৈকে চলে গাড়ী মটৰ । তাৰ পৰা আগলৈ প্ৰায় চৈধ্য কিলোমিটাৰ পথ খোজ কাঢ়ি যাব লাগে । খোজ কাঢ়িব নোৱাৰা সকলৰ কাৰণে আছে ঘোৰা আৰু দোলা। আজিকালি হেলিকপ্টাৰৰো ব্যবস্থা হৈছে বুলি সিদিনা মোক হিমালয় প্ৰেমী বন্ধু সত্যেন শৰ্মাই কলে ।
কেদাৰনাথৰ যাত্রী বহুতেই যাওতে আহোতে গুপ্তকাশীৰ হিমালয় তীৰ্থাবাসত দুই এৰাতি জিৰাই যায় । স্বেচ্ছাই দান বৰঙনিও কিছু আগবঢ়ায় । ভ্ৰমণ গ্ৰন্থ সমূহৰ বিক্ৰীৰ ফালৰ পৰাও চক্ৰবৰ্তী ডাঙৰীয়াৰ জেপলৈ কিছু পইচা আহে। সেই ধন গোটাই চক্ৰবৰ্তী ডাঙৰীয়াই প্ৰচেষ্টা চলায় আশ্ৰম খনৰ সম্প্ৰসাৰণ ঘটাই ইয়াক এখন পূৰ্ণ পৰ্যায়ৰ আশ্ৰম কৰি তোলাৰ । আধ্যাত্মিক চিন্তা চৰ্চাৰ লগতে উত্তৰাখন্ডৰ দুৰ্গত জনৰ সৰ্বোতোপ্ৰকাৰৰ বিকাশৰ বাবে সেৱা শুশ্ৰুষা আগবঢ়াই আহাটোৱেই মূলতঃ এই আশ্ৰমৰ লক্ষ্য ।
স্বামী বিবেকানন্দৰ স্বপ্নভূমি মায়াবতী আশ্ৰমত থাকোতেই কোলকাতাৰ পৰিভ্ৰমী বন্ধু এজনৰ জৰিয়তে মই প্ৰফেছৰ চক্ৰবৰ্তীৰ বিষয়ে জানিব পাৰিছিলো । শুনিছিলো এতিয়া তেখেতে হেনো ঘৰ সংসাৰ প্ৰায় বাদ দি হিমালয়ৰ আশ্ৰম খনতেই থাকে । প্ৰতি বছৰ ডিচেম্বৰ জানুৱাৰী মাহত মাথোন তেখেত নামি আহে জন্মভূমি পশ্চিমবংগলৈ । সেই সময়ত পশ্চিম বংগৰ বিভিন্ন স্থানত হোৱা গ্ৰন্হ মেলা সমূহত যোগদান কৰে । নিজৰ গ্ৰন্থ সমূহৰ বিক্ৰীৰ বাবেও প্ৰচেষ্টা চলায় । গ্ৰন্থমেলা শেষ হোৱাৰ পাচতেই তেখেতে পুনৰাই ঘূৰি গৈ হিমালয়ৰ কোলাত আশ্ৰয় লয় ।
প্ৰফেছৰ চক্ৰবৰ্তীৰ কথা শুনি মই বৰ অভিভূত হৈ পৰিছিলো । মায়াবতী আশ্ৰমৰ পৰা ঘৰলৈ ঘূৰি আহি মই তেখেতৰ লগত টেলিফোনেৰে যোগাযোগ স্থাপন কৰিছিলো । তেখেতৰ সহাৰি আছিল খুবেই আশাব্যঞ্জক । মোৰ ঘৰ 'কামৰূপ কামাখ্যা'ত বুলি জানিয়েই হবলা, তেখেতে মোৰ প্ৰতি অত্যাধিক উৎসাহ আৰু স্নেহ প্ৰদৰ্শণ কৰিছিল ।
সংসাৰ ধৰ্ম পালন কৰিও আধ্যাত্মিক জীৱনৰ পথ আকোৱালি লোৱা আৰু আজীৱন মানব সেৱাত ব্ৰত হৈ পৰা এই সাধক জনৰ লগত কথা পাতি মোৰ খুবেই ভাল লাগিছিল । মন গলেই মই তেখেতৰ লগত কথা পাতিব লৈছিলো ।
যাম যাম বুলি ভাবিও কিবা নহয় কিবা কাৰণত মোৰ তালৈ যোৱা সম্ভব হৈ উঠা নাছিল ।
প্ৰফেছৰ চক্ৰবৰ্তীৰ লগত মোৰ শেষ কথা বতৰা হৈছিল চাৰি বছৰ আগতে । তেতিয়া তেখেতৰ বয়স হৈছিল বিৰাশী বছৰ । তেখেতৰ দেহ পৰি আহিছিল । আগৰ নিচিনাকৈ দৌৰি ঢাপৰি চলিব নোৱাৰা হৈ পৰিছিল । আশ্ৰম খনৰ দায়িত্ব লৈ সেই খন চলাই নিবৰ বাবে তেখেতে কোনোবা এজন যোগ্য ব্যক্তি বিচাৰিছিল । এই কামৰ বাবে তেখেতে মোক কি কাৰণে যোগ্য বুলি বিবেচনা কৰিছিল সেয়া মই হলে নাজানো । কিন্তু তেখেতে এদিন খোলাখুলিকৈয়ে মোক সেই প্ৰস্তাব দিছিল।
প্ৰফেছৰ চক্ৰবৰ্তীৰ লগত মোৰ কথা বতৰা অন্তৰংগ আৰু সঘন হৈ আহা দেখি ইফালে মোৰ শ্ৰীমতীয়ে প্ৰমাদ গণিব লৈছিল । মই ঘৰ বাৰী বাদ দি আশ্ৰমত যোগ দিও বুলি তেও ভয় খাইছিল হবলা । মোক বুজনি দি তেও মোক কৈছিল -" দুই এদিনৰ কাৰণে ফুৰিব যোৱাটো বেলেগ কথা । কিন্তু বেছি দিন তুমি তাত তিষ্ঠিব নোৱাৰিবা - সেয়া মই ভালদৰেই জানো । সংসাৰৰ মায়া মোহ তুমি এতিয়াও এৰিব পৰা নাই । সন্ধিয়া পানী টুপি নহলেতো তোমাৰ নচলেই .....।"- ইত্যাদি ইত্যাদি ।
মিছা নহয় কথাটো । প্ৰফেছৰ চক্ৰবৰ্তীৰ হাতৰ পৰা আশ্ৰমৰ দায়িত্ব লোৱাৰ চিন্তা লাহে লাহে মই মনৰ পৰা বাদ দিছিলো ।
প্ৰফেছৰ চক্ৰবৰ্তীৰ আধ্যাত্মিক জীৱনৰ গুৰু আছিল গংগোত্রীৰ বিখ্যাত ফলাহাৰী বাবা । গুৰুৰ প্ৰতি চক্ৰবৰ্তী ডাঙৰীয়াৰ অন্তৰত থকা অপৰিসীম শ্ৰদ্ধা আৰু বিশ্বাস তেখেতৰ লিখনিত বাৰম্বাৰ প্ৰকাশ পাইছে ।
ফলাহাৰী বাবাই দেহত্যাগ কৰিছিল ২০০৪ চনত । গংগোত্রীত বাবাৰ আশ্ৰম খন খুব সম্ভব এতিয়াও আছে । গোমুখ অভিমুখী হিমালয়ৰ দুসাহসিক অভিযাত্রী সকলৰ বহুতেই আগতে ফলাহাৰী বাবাৰ আশ্ৰমত দুই এদিন কটাই যায় । আমাৰ সত্যেন শৰ্মা ডাঙৰীয়াৰো সেই অভিজ্ঞতা থাকিব পাৰে ।
২০০১ চনত মই যেতিয়া প্ৰথম গংগোত্রী দৰ্শণ কৰিছিলো, ফলাহাৰী বাবা তেতিয়া স-শৰীৰে নিজৰ আশ্ৰমত বিৰাজ কৰিছিল । দুখৰ বিষয়, সেই সময়ত মই বাবাৰ বিষয়ে অবগত নাছিলো । মোৰেই দুৰ্কপাল । সেয়েহে বাবাৰ দৰ্শণ লাভৰ সৌভাগ্যৰ পৰা মই বঞ্চিত হলো ।
নিজৰ পূজ্য গুৰুৰ দেহত্যাগৰ চমকপ্ৰদ কাহিনী চক্ৰবৰ্তী মহাশয়ে নিজৰ গ্ৰন্থত ভক্তি সহকাৰে বৰ্ণনা কৰিছে । মই আজি তাকেই কব খুজিছো ।
গৰম হওক, ঠান্ডা হওক - ফলাহাৰী বাবাই সদায় গংগাৰ শীতল জলত স্নান কৰিছিল - গংগোত্রীৰ তাপমাত্রা শূন্য ডিগ্ৰীৰ তললৈ নামি যোৱা সময়তো । স্নান কৰি উঠি বাবাই দুই বাল্টি গংগা জল নিজ হাতে কঢ়িয়াই আনিছিল - ওপৰৰ পাহাৰৰ গুহাত থকা তেখেতৰ মন্দিৰলৈ । সেই গংগা জলেৰে মন্দিৰ ধোৱা পখলা কৰি উঠি বাবাই ৰাতিপুৱাৰ পূজা অৰ্চনাত বহিছিল । এই খিনিতেই কব পাৰি যে গংগাৰ পৰা দুই বাল্টি পানী ওপৰৰ সেই গুহালৈ কঢ়িয়াই নিয়াটো এটা অত্যন্ত কষ্ট সাধ্য কাম । কবলৈ গলে - একেবাৰে পালোৱানী কাৰবাৰ ।বাবাই কিন্তু নিজৰ জীৰ্ণ শীৰ্ণ শৰীৰেৰেও সেই কাম অনায়াসে কৰিছিল।
২০০৪ চনৰ মে মাহৰ কোনোবা এটা দিনৰ কথা । আন দিনৰ দৰে সেইদিনাও গংগাত স্নান কৰি গংগা জলেৰে মন্দিৰ ধোৱা পখলা কৰি বাবা ৰাতিপুৱাৰ পূজা অৰ্চনাত বহিল । পূজা শেষ হোৱাৰ পাচত বাবাই সেইদিনা নিজৰ নিকট শিষ্য কৃষ্ণদাসক জৰুৰী ভাবে মাতি পঠিয়ালে ।
এই বুলি কৈ বাবা ধ্যানত বহিল । আধা ঘন্টা পাচত বাবাৰ প্ৰাণহীন নিথৰ দেহ গুহাৰ বেৰত হাউলি পৰিল ।
The Virus..
Disclaimer: All the contents of this website www.mahabahoo.com are copy right protected. To reuse/publish in any media, users/readers of this website are requested to send an email to [email protected]. Users/readers are also requested to send email at [email protected] for issues related to complain, rectification & removal of contents.
| web |
c520f769b05e9acdf3772dfa88d77e2bcd4ab2a5 | Covid Update :
দেশৰ দৈনিক কৰ'না পৰিসংখ্যাক লৈ উদ্বেগ অব্যাহত আছে। যোৱা কিছুদিনৰ পৰা দৈনিক ক'ভিড আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে। এইবাৰ আক্ৰান্তৰ সংখ্যা প্ৰায় চাৰি হেজাৰত উপনীত হৈছে ।
ইফালে, ক'ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ মাজতে কেন্দ্ৰই এণ্টিবায়টিক ব্যৱহাৰ সন্দৰ্ভত এক নতুন বিবৃতি জাৰি কৰিছে।
স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, যোৱা ২৪ ঘণ্টাত, দেশখনত তিনি হেজাৰ ৮২৪ জন লোক কৰ'না ভাইৰাছত আক্ৰান্ত হৈছে ।
শনিবাৰে এই আক্ৰান্তৰ সংখ্যা আছিল দুই হেজাৰ ৯৯৪ জন। অৰ্থাৎ এদিনত আক্ৰান্তৰ সংখ্যা প্ৰায় ২৭ শতাংশ বৃদ্ধি পাইছে।
অধিক উদ্বেগজনক কথাটো হ'ল যে দেশৰ দৈনিক পজিটিভ হাৰ ২. ৮৭ শতাংশলৈ বৃদ্ধি পাইছে। সাপ্তাহিক পজিটিভ হাৰও ২. ২৪ শতাংশলৈ বৃদ্ধি পাইছে।
দেশত সক্ৰিয় ৰোগীৰ সংখ্যাও প্ৰতিদিনে সামান্য বাঢ়ি আহিছে। বৰ্তমান, সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৮ হেজাৰ ৩৮৯ জন।
যোৱা ২৪ ঘণ্টাত, মাৰাত্মক ভাইৰাছৰ ফলত মুঠ চাৰিজন লোকৰ মৃত্যু হৈছে। ফলস্বৰূপে, দেশত মুঠ মৃত্যুৰ সংখ্যা পাঁচ লাখ ৩০ হেজাৰ ৮৮১ লৈ বৃদ্ধি হৈছে।
কিন্তু ইয়াৰ মাজতে, সুস্থতাৰ হাৰে সকাহ দিছে। ৯৮. ৭৭ শতাংশ ৰোগিয়ে কৰ'নাৰ পৰা সুস্থ হৈ উঠিছে । ইয়াৰ উপৰিও, চিকিৎসালয়ত ভৰ্তি হোৱাৰ সংখ্যাও কম।
অৱশ্যে, দিল্লীৰ পৰিসংখ্যা যথেষ্ট উদ্বেগজনক। যোৱা ২৪ ঘণ্টাত, ৰাজধানীত ২৩৬ জন লোক সংক্ৰমিত হৈছে। দৈনিক পজিটিভ হাৰ ১৪. ৩৭ শতাংশ।
ইফালে, কেন্দ্ৰই কৰ'না বৃদ্ধিৰ মাজত এণ্টিবায়টিক ব্যৱহাৰৰ বিষয়ে নতুন নিৰ্দেশনা প্ৰদান কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি, কৰ'না সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত, মুষ্টিমেয় এণ্টিবায়টিক গ্ৰহণ কৰিব নালাগে।
বেক্টেৰিয়াৰ সংক্ৰমণৰ সম্ভাৱনা থাকিলেহে ৰোগীক এণ্টিবায়টিক গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয়। সাধাৰণ জ্বৰৰ ক্ষেত্ৰত, পেৰাচিটামলৰ ওপৰত নিৰ্ভৰ কৰা উচিত। | web |
72338fd0160701637f69742fc46db7e99af552bb | আবেলি ছয়মান বজাত। বিয়াৰ নিমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যেই পাঞ্জাবাৰীত থকা যোগেন দাৰ ঘৰত গৈ কলিংবেল বজালোঁ। আচল নাম যোগেন্দ্ৰনাথ চৌধুৰী। কৃষি বিভাগৰ বিষয়া। আমি দুয়োজন একে গাঁৱৰে। বয়সত যঠেষ্ট ডাঙৰ যদিও বন্ধুৰ নিচিনা। দাদাৰ ল'ৰা ছোৱালীহাল বাহিৰত পঢ়ি আছে। ইয়াত দাদা আৰু বৌ অকলে থাকে। দাদাই দুৱাৰখন খুলি দিলে। মোক দেখা পাই উৎফুল্লিত হৈ উঠিল।
: সৰু দেখোন। আহ ভিতৰলৈ আহ। ভাল লাগিল দে। বহুদিনৰ মূৰত দেখা পালোঁ।
মই আচৰিত। এই ফুট গধূলিতে মুখত মদৰ গোন্ধ।
: দাদা গধূলিতে ধৰিলে যে, বৌ নাই নেকি?
: বৌয়েৰা গৈছে ইভিনিং ৱাকত। আৰু বৌয়েৰা থাকিলেও কেৰেপ নকৰোঁ। মোৰ টকা মোৰ ঘৰ, যেতিয়াই ইচ্ছা তেতিয়াই খাম।
: আপুনি ইভিনিং ৱাকত নাযায়?
: মই কিয় যাম? চেহেৰা চোৱা একেবাৰে হিৰোৰ দৰে। এতিয়াও ৰাস্তাত গ'লে দহজনীক পটাব পাৰোঁ। সেয়েহে বৌয়েৰাক কৈ দিছোঁ। কষ্ট কৰি নিজকে শ্লীম কৰা নহ'লে সতিনী আদৰিবলৈ সাজু হোৱা।
: তাৰপিছত আপুনি সুস্থ আছে? মানে বৌয়ে একো এক্সন লোৱা নাই?
: লৈছে এক্সন। এতিয়া শ্লীম হ'বলৈ দৌৰি আছে।
মই হাঁহি হাঁহি চিঠিখন আগবঢ়াই দি ক'লোঁ,
: দাদা বিয়া পাতিছোঁ। বৌৰ লগত গৈ দেখা দিব। আৰু আপুনি মোৰ লগত ৰাতি যাব লাগিব।
: ইমান ভাল খবৰ। এতিয়াটো পাৰ্টি হ'ব।
: আজি নালাগে আনদিনা বহিম।
উপায় নাপাই বহিলোঁ। তাতে আৰু এনেধৰণৰ জ্ঞান ল'ব পাৰিলে ভৱিষ্যতৰ বাবেই ভাল। যোগেন দাই চোফাৰ পিছফালৰ পৰা আধালৈ মদ থকা এটা বটল আৰু গিলাচ এটা আনি টি টেবুলত থ'লে। উঠি গৈ পাকঘৰৰ পৰা গিলাচ এটা আনি পেগ বনাই মোলৈ আগবঢ়াই দিলে।
: যোগেন দা এতিয়া কওকচোন সংসাৰখন সুখৰ হোৱাৰ কি মন্ত্ৰ আছে? মানে কি পদ্ধতিত চলিব লাগিব?
: মন্ত্ৰ মানেই গালি মাত। পদ্ধতি মানে চৰ লাঠি। বিয়াৰ প্ৰথম নিশাৰ পৰাই কাবু কৰিব পাৰিলে তেতিয়া গোটেই জীৱন সুখেই সুখ। বহিবলৈ ক'লে বহিব, উঠিবলৈ ক'লে উঠিব। ঠিক মোৰ দৰে।
যোগেন দাৰ এখন হাতত গিলাচ এখনত চিগাৰেট। ভৰিৰ ওপৰত ভৰি তুলি বুকু ফিন্দাই এনে ভংগীত ক'লে যে মোৰ অনুভৱ হ'ল তেখেত সৰ্বশক্তিমান, মহান পুৰুষ। চৰণ চুই শৰণ ল'বলৈ ইচ্ছা গ'ল। তথাপিও নিজকে সংযত কৰি সুধিলোঁ।
: অলপ বহলাই কওকচোন।
: বিয়াৰ পিছত প্ৰথম নিশা ৰূমৰ দুৱাৰৰ বাহিৰত থিয় হৈ মবাইলত কৰোবাক তামাম গালি দে। উদ্দেশ্য ভিতৰৰজনীক শুনাই চিৰদিনৰ কাৰণে ভয় সোমাই দিয়া। বুজাই দি খং উঠিলে যিকোনো চৰম মুহূৰ্তলৈ যাব পাৰোঁ। কিমানক পিটিলোঁ কিমানক মাৰিলোঁ। আৰু পিছত মাজে মাজে কথাই প্ৰতি গালি। কেতিয়াবা পাহৰি গ'লেও চৰ লাঠ দুটামান দি মনত পেলাই দিবি। তাৰপিছত দেখিবি মুখ মেলাৰ আগতেই বস্তু হাজিৰ। বুজি পাইছানে।
যোগেন দাৰ নিচাত কথাবোৰ লাগি ধৰিছে। থিৰেৰে বহি থাকিব পৰা নাই। চকুমুদি মূৰটো চোফাত পেলাই দিছে। মোৰো অলপ নিচা হৈছিল। তেনেতে কলিংবেল বাজিল। যোগেন দাই একেজাঁপে উঠি চাৰিওফালে চকু ফুৰালে। দেখাত এনে লাগিল যেন প্ৰশিক্ষণপ্ৰাপ্ত এজন সৈনিক। দ্বিতীয়বাৰ কলিংবেল বজাৰ লগে লগে মূৰটো জোকাৰি সুস্থ মানুহৰ ভংগীত দুৱাৰখন খুলিবলৈ আগুৱাই গ'ল। দুৱাৰখন খুলি দি বৌক ক'লে,
: ডাৰ্লিং আহিলা। কোন আহিছে চোৱাচোন।
বৌ সোমাই আহি মোৰ সন্মুখৰ চোফাখনত বহিল। আৰু যোগেন দা ওচৰতে থিয় দি আছে। ঠিক ভৃত্যৰ দৰে।
: সৰু কি খবৰ? ঘৰত ভাল নে?
: সকলোৰে ভাল। আপোনাৰ ভালনে?
তেনেতে বৌৱে টেবুলত বটল, গিলাচ, চিগাৰেট দেখি যোগেন দাৰ ফালে ঘোপাকৈ চালে।
: ৰবা মই তোমাৰ কাৰণে পানী এগিলাচ লৈ আহোঁ। নে চৰবত খাবা?
: পানী আনক। আৰু জলদি আনক।
যোগেন দাই দৌৰাদৌৰিকৈ ভিতৰত সোমাই গ'ল। পানী এগিলাচ আনি বৌক আগবঢ়াই দিলে। বৌৱে পানী গিলাচ লৈ টাৱেলখন আনিবলৈ নিৰ্দেশ দিলে। যোগেন দাই টাৱেলখন আনি বৌৰ হাতত দিলে। কথাকাণ্ডবোৰ দেখি মূৰটোৱে কাম নকৰা হ'ল। আশী নব্বৈ কিলোমিটাৰ বেগত গৈ থকা গাড়ীখন অকস্মাৎ ব্ৰেক মাৰি দিলে পেছেঞ্জাৰৰ যি গতি হ'ব মোৰো তেনেকুৱাই হৈছে। ভাগ্য ভাল কমাত যোৱা নাই।
: ডাৰ্লিং এটা ভাল খবৰ আছে। সৰুৰ বিয়া। সেই ফূৰ্তিতে বটলটো লৈ আহিল। মই ইমান মানা কৰিলোঁ। শেষত উপায় নাই দুইপেগ ল'লোঁ।
বুঢ়াই কি বকিব লাগিছে। খং উঠি আহিল। ভাবিলোঁ দিওঁ নেকি বৌৰ আগত গোটেই বোৰ গাই। কিন্তু যোগেন দাই বৌৰ পিছফালৰ পৰা হাতযোৰ কৰি মনে মনে থাকিবলৈ ইংগিত দি আছে বাবে আজিলৈ এৰিলোঁ। ময়ো বৌক বিয়াত নিমন্ত্ৰণ কৰি বিদায় লৈ বাহিৰ ওলাই আহিলোঁ। পিছে পিছে যোগেন দা দৌৰি আহি মোৰ হাতত ধৰিলে।
: যোগেন দা আপোনাক সিংহ বুলি ভাবিছিলোঁ কিন্তু আপুনি দেখোন ছাগলীতকৈ অধম। ছিঃ!
: সৰু এইবোৰ কথা আনৰ আগত নক'বি। মোৰ সন্মান বচাবি। সুবিধা পাই তোৰ যহতে কেইটামান মুহূৰ্ত মোৰ কল্পনাৰ সংসাৰখনত কটালোঁ। ধন্যবাদ।
: বাৰু এটা কথা কওকচোন আপোনাৰ এনেকুৱা অৱস্থাৰ স্বত্বেও কি যুক্তিত ইমান সময়ে মোক সুখৰ সংসাৰৰ উপায় দি আছিল?
: সৰু তোক মই খুব ভাল পাওঁ। মোৰ দৰে গতি নহওক বুলিয়েই উপায়টো দিছিলোঁ। যিটো পদ্ধতি বৌৱেৰাই প্ৰথম নিশাৰ পৰাই মোৰ ওপৰত খটুৱাইছিল।
যোগেন দাই হুকহুকাই কান্দি দিলে। ৰুমালখন উলিয়াই আগবঢ়াই দি তাৰপৰা বিদায় ল'লোঁ। | web |
6f565c60612a503f36e7e653ebfb26ad7ae396cc | অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী পুনৰ বিতৰ্কৰ মাজলৈ আহিছে ৰাজ্যৰ এজন বিশিষ্ট লোকৰ প্ৰতি অশোভনীয় মন্তব্য কৰি।
ছ'চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ' ক্লিপত ৰাজবংশীয়ে সক্ৰিয় ৰাজহুৱা কৰ্মী বুলি খ্যাত, ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দেৱেন দত্তক অমাৰ্জিত শব্দ, ভাষা ব্যৱহাৰ কৰি অধ্যাপকজনে লিখা এটা লেখাৰ প্ৰত্যুত্তৰ দিয়া দেখা গৈছে।
ভিডিঅ'টোত পৰমানন্দ ৰাজবংশীৰ অভিযোগ যে আমাৰ অসম কাকতত দেৱেন দত্তই, যিজনক তেওঁ সদায়ে শ্ৰদ্ধা কৰি আহিছে, তেওঁৰ বিৰুদ্ধে কিছুমান মিছা অভিযোগ অনাৰ লগতে তেওঁক ৰাজবংশী বুলি ইতিকিং কৰিছে।
ক্ষুভিত ৰাজবংশীয়ে কয় "হে মোৰ শ্ৰদ্ধাৰ দত্তদেৱ, ৰাজবংশী বুলি ইতিকিং নকৰিব মোক। আমাৰ অসমৰ দৰে এখন গুৰুত্বপূৰ্ণ কাকতত ৰাজবংশী বুলি ইতিকিং কৰিছে মোক। ৰাজবংশী হ'লেও মই অসমীয়া, মই ভাৰতীয়"।
আনহাতে অভিযোগবোৰ সঁচা প্ৰমাণ কৰিবলৈ অধ্যাপক দত্তক প্ৰত্যাহ্বান জনাই সাহিত্য সভাৰ সভাপতিজনৰ হুংকাৰ, "আপোনাক মই এই কাৰণে বুঢ়া আঙুলি দেখুৱাইছো। এটা বাক্য যদি আপুনি সঁচা বুলি প্ৰমাণ কৰিব পাৰে, তেতিয়া হ'লে মোৰ নামত আপুনি কুকুৰ পুহিব। আৰু যদি নোৱাৰে আপোনাৰ নামত মই কুকুৰ পুহিম"।
দত্তক আগৰ পৰাই শ্ৰদ্ধা কৰা বুলি জানিবলৈ দি তেওঁ আক্ষেপ কৰি কয়, "যিজন মানুহক মই ইমান শ্ৰদ্ধা কৰো, সেইজন মানুহে ইমান অকথ্য কথা লিখিব পাৰে, ইমান মনেসজা কথা লিখিব পাৰে, ইমান বেয়া কথা লিখিব পাৰে, সেই ক্ষোভটো মনত আছে বাবেই আজি মই উজাৰি দিছো"।
ভিডিঅ'টোত ৰাজবংশীয়ে আঙুলি টোঁৱাই টোঁৱাই দেৱেন দত্তক "খবৰদ্দাৰ কৰি দিছো" বুলি কয়।
তেওঁৰ বক্তব্যৰ পৰা জনা যায়, ৰাজবংশীয়ে পৰৱৰ্তী অসম বিধানসভা নিৰ্বাচনত ছিপাঝাৰ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচন খেলিব বাবেই অসম সাহিত্য সভালৈ দ্বিতীয়বাৰলৈ নিৰ্বাচিত হোৱাৰ পৰা বিৰত থাকিল বুলি দত্তই তেওঁৰ লেখাটোত অভিযোগ কৰিছে।
ইয়াৰ প্ৰত্যুত্তৰত ৰাজবংশীয়ে কয়, "৮৫ চনতেই মোক মন্ত্ৰীপদ যঁচা হৈছিল। কিন্তু মই নসাৎ কৰি আমাৰ সমষ্টিৰ মানুহ নহয় যদিও আমাৰ জ্যেষ্ঠ সতীৰ্থ জয়নাথ শৰ্মাক আমাৰ সমষ্টিৰ পৰা ময়েই বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিলো। বৃন্দাবন গোস্বামী, প্ৰফুল্ল মহন্তই এইবোৰ কথা জানে"।
তেওঁ সমষ্টিৰ মানুহে তেতিয়াৰ পৰাই তেওঁক বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হেঁচা দি আহিছে বুলিও দাবী কৰে।
এই লেখাৰ পিছত দত্তৰ প্ৰতি শ্ৰদ্ধা নাইকিয়া হ'ল বুলি মন্তব্য সাহিত্য সভাৰ সভাপতিজনৰ। "তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা নাইকিয়া হ'ল। তেখেতে জানে নে নাজানে যে অসম সাহিত্য সভাৰ পৱিত্ৰ সংবিধানৰ ৰক্ষাকৰ্তা হৈছো মই", ৰাজবংশীয়ে কয়।
তাৰোপৰি দত্তক বৰডুমচা অধিৱেশনৰ কথা সোঁৱৰাই দি কয় "সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ আমাৰ অসম কাকততে বৰডুমচাৰ অধিৱেশনত আপোনাৰ ভাষণৰ সময়ত হাজাৰ হাজাৰ মানুহ থকা সত্ত্বেও তাৰ দৃশ্য হিচাপে খালী চকী দেখুৱাই সাহিত্য সভাক ইতিকিং কৰিছিল, এতিয়াও আপুনি চালে পাব"।
আনহাতে অসম সাহিত্য সভাৰ সভাপতিৰ পদত থাকি এনে অশোভনীয় শব্দৰ প্ৰয়োগ কৰা বাবে ছ'চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈছে পৰমানন্দ ৰাজবংশী।
ছ'চিয়েল মিডিয়াত এজনৰ মন্তব্য, "তেওঁৰ ক্ষোভ যিয়েই নহওক, অসম সাহিত্য সভাৰ সভাপতি হৈ এনে নিম্নস্তৰৰ ভাব ভাষা কেনেকৈ ব্যৱহাৰ কৰিব পাৰে"। | web |
9c716872c88a073eca8edf6f5fae1e0177296c44 | কামৰূপঃ এফালে প্ৰতিবাদকাৰীক উপলুঙা আনফালে গৃহ সমষ্টি জালুকবাৰীত কেবৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ। সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত দদৰা চকৰ পৰা পছৰীয়া হৈ শিঙিমাৰীলৈ উলিয়াই জোৰ সমদল। ২নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহযোগত এই প্ৰতিবাদ। হাতে হাতে জোঁৰ লৈ ৰাজপথত কেবৰ বিৰুদ্ধে প্ৰতিবাদ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আছুৰ। ৰাজপথত প্ৰতিবাদ কৰি কৰি সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দক সকীয়নি আছুৰ। সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব মুর্দাবাদ ধ্বনিৰে উত্তাল দদৰা। | web |
7f3d86742679adbed491466fdc29b4e96edcf827 | চুৰ,ডকাইতৰ আতংকতৰ মাজতে এইবাৰ উজনিত বিছাৰ আতংক!
বিছাৰ আক্ৰমণত ইজনৰ পিছত সিজনকৈ লোক পালগৈ চিকিৎসালয়।
চুৰ,ডকাইতৰ আতংকতৰ মাজতে এইবাৰ উজনিত বিছাৰ আতংক। বিছাৰ আক্ৰমণত ইজনৰ পিছত সিজনকৈ লোক পালগৈ চিকিৎসালয়।
উজনি অসমত বিছাৰ আতংকত ত্ৰস্তমান নাহৰকটীয়া নগৰৰ ৰেল গেটৰ সমীপৰ ষ্টেচন পথৰ বাসিন্দা। বিগত এটা পষেক ধৰি নাহৰকটীয়াত অব্যাহত আছে বিছাৰ আতংক। বিছাৰ আক্ৰমণত চিকিৎসালয় পাইছেগৈ ইজনৰ পিছত সিজনকৈ লোক। ষ্টেচন পথত থকা গছত বিচৰণ কৰিছে লাখ লাখ বিছাই। বিছাৰ আতংক তথা আক্ৰমণত বাৰুকৈ ক্ষতিগ্ৰস্ত ব্যবসায়ীৰ লগতে যাত্ৰী সকলো।
প্ৰথম অৱস্থাত নাহৰকটীয়াৰ ষ্টেচন পথত থকা কিছু ব্যৱসায়ীৰ গাত খজুৱতি তথা ছালৰ ৰোগত আক্ৰান্ত হয় আৰু পিছত অঞ্চলটোৰ সকলো লোকৰে একে ৰোগ দেখা দিয়াত সকলোৱে অনুসন্ধান চলোৱাতহে উলাল উৰহী গছৰ উৰ। ব্যৱসায়ীসকলৰ অভিযোগৰ ভিত্তিত অগ্নিনিৰ্বাপক বাহিনীয়ে এফালৰ পৰা ধ্বংস কৰে বিছাসমূহ। পিছে বিছাসমুহ কৰ পৰা এইদৰে নগৰখনলৈ আহিল তাক লৈহে এতিয়া সৃষ্টি হৈছে কৌতূহলৰ। | web |
59b84c1ff1efae5edccd917c44a9edb9cd8b735a | অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ। এসময়ৰ ধন-ঐশ্বৰ্যৰে ভৰপূৰ ঐশ্বৰ্যশালী বৰ অসমৰ কথা কৈ শেষ কৰিব নোৱাৰি। এটা সময়ত মানুহৰ ঘৰ ভৰি আছিল ভঁৰাল, ধন-সম্পত্তি।
দিন বাগৰিল। সময়ৰ সোঁতত হেৰাল ঐশ্বৰ্য। আগৰ দিনত মানুহৰ ঘৰে-ঘৰে আছিল কাঁহী বাতিৰ অফুৰন্ত ভাণ্ডাৰ। এতিয়া সেই দিনো নাই, ঘৰে-ঘৰে কাঁহৰ কাঁহী-বাতিৰ ভৰপূৰ ভঁৰালো নাই।
পিছে লখিমপুৰৰ এটা ঘটনাই যেন পুনৰ মনত পেলাই দিলে পূৰ্বৰ ঐশ্বৰ্যশালী অসমৰ কথা। লখিমপুৰত পথাৰত হাল বাওতে ওলাল পুৰণি দিনীয়া কাহঁৰ বাতি। লখিমপুৰ নগৰৰ সমীপৰ সোণোৱাল গাঁৱৰ পথাৰত উদ্ধাৰ হৈছে ছটাকৈ কাঁহৰ বাতি।
ভূৱন সোণোৱাল নামৰ এজন কৃষকে পথাৰত হাল বাই থাকোতেই নাঙলত লাগি উঠি আহে কাঁহৰ বাতিকেইটা।
ভগ্ন অৱস্থাত উদ্ধাৰ হোৱা এই বাতিকেইটাৰ আহোম ৰাজত্ব কালত ব্যৱহৃত বাতিৰ সৈতে কিছু সাদৃশ্য আছে বুলি উল্লেখ কৰে স্থানীয় ৰাইজে। ইয়াৰে দুটামান বাতি হাতীখুজীয়া বাতি বুলিও কয় স্থানীয় ৰাইজে।
পথাৰত উদ্ধাৰ হোৱা এই ৰজাদিনীয়া বাতি কেইটা চাবলৈ এতিয়া কৃষক জনৰ ঘৰত ভিৰ কৰিছে ৰাইজে। পুৰণিদিনীয়া কাঁহৰ বাতিকেইটা পথাৰত উদ্ধাৰ হোৱা ঘটনাই যেন খুলি দিলে ইতিহাসৰ বহু পৃষ্ঠা। | web |
9e1ec2e78d7c680690693e2054869a6d60288ff57f44fe7e901a0b93cf3d7cf8 | অভিজ্ঞানশাকুলমঃ এক সমীক্ষা
প্রড়ীহাৰী (ৰেত্ৰৱতী) - পুৰণি কালত ৰাজপুৰীৰ দ্বাৰদেশ প্রতীহাৰী নামে এশ্ৰেণী নাৰী ৰাজ-বিষয়াৰ দ্বাৰা ৰক্ষিত হৈছিল যেন অনুমান হয়। ভাসৰ প্রতিজ্ঞাযৌগছৰায়ণ, স্বপ্নবাসরদত্তা, অৱিমাৰক, অভিষেক, প্রতিমা, কালিদাস অভিজ্ঞানপাকুণ্ডলম্, বিক্রমোবণীরম্, মালরিকাগ্নিমিত্রম্ ভৱভূতিৰ উত্তৰৰামচৰিত আদিত কৰুকী আৰু প্ৰতীহাৰী প্রভৃতি চৰিত্ৰৰ সুপ্ৰয়োগ চকুত পৰে। তদানীন্তন ফালৰ ৰাজঅন্তঃপুৰত নাৰী আৰু পুৰুষ, ৰাজবিষয়াসকলৰ কৰ্মবিভাজন আৰু কর্তব্যনিষ্ঠা আদি গুণগত বৈশিষ্ট্য। নাটকীয় প্রয়োজনত সন্নিবিষ্ট হোৱা চৰিত্ৰ সাধাৰণতে ৰাজনিয়োগৰ বাহিৰতে থকা দেখা যায়। নাট্য প্রয়োজনত নিযুক্ত লোকসকলৰ প্ৰৱেশ-প্রস্থান নাট্যকাৰৰ ইঙ্গিতত হয় আৰু ৰাজনিয়োগত থকাসকল ৰজাৰ নিৰ্দেশত চলে (অথচ নাট্যকারে আঁৰৰপৰা পুতলা নাচৰ সূত্ৰধাৰৰ দৰে নচুৱায়)। প্রতীহাবীৰ চৰিত্ৰ ৰাজনিয়োগৰ অন্যতম উদাহৰণ। ভৰতে নাট্যশাস্ত্ৰত (২৪।৪৪) প্রতীহাৰীৰ লক্ষণ দি কৈছেঃ
নিবেদয়ন্তি কার্যং যাঃ প্রতীহার্যন্ত তাঃ মৃতাঃ ।।
'ৰজাৰ দুৱাৰত চিৰজাগ্ৰত থাকি সন্ধিবিগ্রহ আদি নানান কার্যসম্বন্ধে ডাঁৰৰ বতৰা ৰজাক জনাই থকাসকল প্রতীহাৰী বিষয়া।'
দূৰ্য্যন্ত নিযুক্ত প্রতীহাৰীৰ নাম বেত্ৰৱতী। ৫ম অঙ্কত কন্ধুকীয়ে ৰজাক কথাশ্ৰমৰ তপন্থীসকল ৰজাৰ ওচৰলৈ অহাৰ বতৰা দিয়া সময়ত বেত্রব্রতী দুৰ্য্যন্তৰ ওচৰতে আছিল। তেৱেঁই নাজাফ অগ্নিশৰণ গৃহলৈ আগবঢ়াই নিয়ে। কি কাৰণনো ঋফিসকলে
ওঁ সাক্ষাৎ কৰিবলৈ আহিছে ৰজাই সুধিশত বেজৱতীয়ে কৈছে, "(ইউৰক্ষাৰ সংযুত দেখুৱা) আপোনাৰ সজ ব্যৱহাৰত সন্তুষ্ট হৈয়েই আপোনাক অভিনন্দন জনাবলৈ ঋষিসকল অহা বুলিয়েই মই ভাবো।" ৰেত্ৰৱতীৰ ভাৰণৰ ক্ষুদ্রাংশৰপৰা অনুমান হয় এই প্রতীহাৰীজনী বৰ তীক্ষ্ণ বুদ্ধিসম্পন্ন আৰু মানুহৰ আন্তৰিক ভাবাবেগ যুক্তিবলৈ সমৰ্থ আছিল। ৰজা আৰু ঋবিসকলৰ কথোপকথন তেওঁ মনোযোগেৰে মনুধাৱন কৰিছে। মাজে মাজে ৰজাৰ মনোভাৱ সম্বন্ধে নিজে নিজে অনুমান; বন্ধ মন্তব্যও দিছে। ঋধিসকলক লক্ষ্য কৰি তেওঁলোকৰ হাব-ভাব বুজি কৈছে মহাৰাজ, ঋবিসকলক ৰৰ প্ৰসন্নবদন যেন দেখিছোঁ। তাৰপৰা অনুমান হয় তেওঁলোক সুখজনক শাস্তিবিধায়ক কার্য আগতলৈয়েই আহিছে।" ৰজাই শকুন্তক দেখি চিনিবলৈ নোৱাৰি কোননো এইজনী বুলি প্রশ্ন কৰাত প্রতীহাৰীয়ে বৈছ, "দেৱ, সেইকথা জাবিনলৈ মোৰো কুতূহ হৈছে, কিন্তু মোৰ বুদ্ধিয়ে তাৰ চুৰ ঢুকি নাপায়। কিন্তু নাৰীজনী দেখিবলৈ বৰ ধুনীয়া।" ৰখাই, "ভ্ৰমৰ হৱ বিভাতে কুমন্তডুবাৰং ন চ লু পৰিভোজুং নাপি শক্লোমি হাতুম্ হয় (৫।১১) বুলি দ্বিধাগ্রত হোৱা ডাৱ বুদ্ধি প্রতীহাৰীয়ে মনে মনে কৈছে, "অহো ধর্মাপেক্ষিতা ভর্তুঃ। ইদৃশং নাম সুযোপনতা রণং দৃষ্টা কোনো বিচাৰৱতি।" পঞ্চম অঙ্কৰ শেষত তেওঁ ৰজাক শরনগৃহলৈ আগবঢ়ার নিয়ে।
বৃষ্ঠ অঙ্কটো এইজনী প্রতীহাৰীৰ ফৰ্তব্যৰৰ্তাৱস্থাত দেখা যায়। পোনতে ৰজাই বেৱৱতীক মন্ত্রী পিওনৰ ওচৰলৈ পঠিয়াই। ৰজাই বেলিকৈ শোৱাপাটী এৰা যাবে
| pdf |
3c47c3101ee0791e2a5f42992b62bf5e8b834e1856df6b914b0f86d814db34c8 | খেতিৰ প্ৰধান সঁজুলি গৰুৰ উপৰিও নাঙলত লগোৱা ফাল (চৰ্যা-৪), নখলি (খণ্টি, লোহাৰ অস্ত্ৰ-বিশেষ, চৰ্যা-২০), সিচনী (পানী সিঁচা সঁজুলি : গঅণ দুখোলে সিঞ্চল পানী ন পইসই সান্ধি, চৰ্য্যা-১৪ ), গছ কটাৰ অস্ত্ৰ হিচাপে কুঠাৰ (চৰ্যা-৪৫ ), টাঙ্গী ( হাত-কুঠাৰ বা বটালি, চৰ্যা-৫) আদিৰ উল্লেখ চৰ্যাপদত
পোৱা যায় ।
ধান-খেতি কৰাৰ উপৰিও মানুহে ঘৰ-দুৱাৰ সাজিবলৈ বাঁহৰ বাৰী পাতিছিল, তুলাৰ বাবে শিমলু গছ কইছিল, কাপোৰ বোৱাৰ বাবে কপাহৰ খেতি কৰিছিল, বাদ্য-যন্ত্র বনাবলৈ আৰু আঞ্জা হিচাপে খাবলৈ লাউৰ পুলি ৰোৱাৰ ইঙ্গিতো কোনো কোনে। চৰ্যাত পোৱা যায়। গাই গৰু পোহা, গাখীৰ ধীৰোৱা, গাখীৰৰ পৰা মাখন-লৱনু উলিওৱা আদি পাৰিবাৰিক চিত্ৰ কিছুমান চৰ্যাপদৰ মাজেৰে লক্ষ্য কৰা যায়। সেই যুগৰ খাদ্য-বস্তু হিচাপে আমি ভালেকেইবিধ দ্রব্যৰ নাম পাওঁ ; যেনে-ভাত (চৰ্যা-৩৩), হৰিণাৰ মাংস (চর্য্য-৬), লাউ (চর্য্যা-১৭), মদ (চৰ্যা-৩), পদুমৰ মোলাণ (চর্য্য-১০) তেতেলি (চর্যা-২), কঙ্গুচিনা নামৰ টেঙা জাতীয় ফল (চর্য্য-৫০), ভাত আদি খোৱাৰ পিছত মুহুদি স্বৰূপে খোৱ। তামোল আৰু কৰ্পূৰ (চৰ্য্যা-২৮), ইত্যাদি ।
পৰিয়ালত ব্যৱহৃত হাড়ী-চৰু, ঘটি, কলহ আদি মাটিৰে সঁজা বিবিধ বাচন-বৰ্ত্তন, জুই, বিছনা-খাট, দাপোণ, বস্ত্ৰ-অলঙ্কাৰ, তাঁতশাল, তুল। ধুন। সঁজুলি আদিৰ উল্লেখ কৰি চৰ্য্যা ৰচক সকলে এটি গাওঁলীয়। সামাজিক পৰিবেশ দাঙি ধৰিছে । তেতিয়াৰ সমাজত যৌথ পৰিয়ালৰ ব্যৱস্থা আছিল; সেই কাৰণে ঘৰখন পিতৃ-মাতৃ, পুত্র-বোৱাৰী, জী-পো বা শহুৰ-শাহ, স্বামী-স্ত্রী, ননন্দখুলশালী আদিৰে ভৰি আছিল।
১৯নং চৰ্যাটিত গীতিকাৰে এখন বিয়াৰ চিত্র অঙ্কণ কৰিছে। কৃষ্ণপাদে ডোম্বীক বিয়া কৰাবলৈ গৈছে। বৰ-যাত্ৰীয়ে সদল-বলে কৰণ্ড-কশালা-দুন্দুভি আদি বিবিধ বাদ্য বজাই হৰ্ষ-ধ্বনি কৰি
কইনাৰ ঘৰলৈ গতি কৰিছে। লগত দোলা-বাহন নিয়া হৈছে। বিয়া-ঘৰত কইনাৰ লগত যৌতুক দিয়া হৈছে আৰু বৰ-যাত্ৰীক আহাৰ-পৰিবেশন কৰা হৈছে । পিছত দৰা-কইনাই মহা আনন্দেৰে বিয়াৰ ৰাতি যাপন কৰিছে। চৰ্যাপদৰ এনে ৰূপকাত্মক বর্ণনাৰ পৰা বুজা যায় যে সেই যুগতো দুই-এখন অসবর্ণ বিয়া হৈছিল, আৰু আজি-কালিৰ দৰে কইনাৰ লগত যৌতুক স্বৰূপে বস্তুবাহানি দিয়া হৈছিল।
চৰ্য্যা যুগীয় অসমীয়া সমাজৰ পাৰিবাৰিক জীৱনৰ চিত্র এ পোৱা যায় কুকুৰীপাদৰ ৰচিত ২নং চৰ্যাগীতত :
আঙ্গণ ঘৰৰ্পণ লুন ভো বিআতী । কানেট চৌৰি নিল অধৰাতী ।। শুশুৰা নিদ গেল বহুড়ী ভাগা। কানেট চোৰে নিল কা গই মাগঅ ।। দিৱসই বহুড়ী কাড়ই ৬ৰে ভাঅ। ৰাতি ভইলে কামৰু জাঅ ।। অর্থাৎ ঘৰৰ বোৱাৰীয়ে ডিঙি-কাণত সোণৰ অলঙ্কাৰ পিন্ধি ৰাতি শুই আছিল; কিন্তু মাজৰাতি চোৰে সেইবোৰ লৈ গ'ল । পিছত বোৱাৰীয়ে সাৰ পাই দুখেঃশোকে জৰ্জৰিত হৈ ওৰে নিশা জাগি থাকিল । আনহাতে বুঢ়া শহুৰ টোপনিত লাল-কাল দিলে । কাণৰ অলঙ্কাৰ চোৰে নিলে, এতিয়া বেচেৰী বোৱাৰীয়ে কাৰ ওচৰত গৈ তাক বিচাৰিব ! পিছদিনা পুৱ। শহুৰেকে গম পাই বেজাৰ পাইছে আৰু বোৱাৰীয়েকৰ প্ৰতি কটাক্ষপাত কৰি কৈছে যে দিনৰ বেলা বোৱাৰীয়ে কাউৰীৰ মাতত ভয় খায়, অথচ ৰাতি হলে কামৰূপৰ নিচিনা ভয়াল ঠাইলৈ গুচি যায়। ইয়াৰ দ্বাৰা শহুৰেকে বোৱাৰীয়েকৰ অস্থিৰ আৰু অসাৱধান মনটিক দোষাৰোপ কৰিব বিচাৰিছে। আমাৰ সমাজত এনে ঘটন। বর্তমানেও লক্ষ্য কৰা যায়।
আজি-কালিৰ দৰে তেতিয়াৰ সমাজতো চুৰি, ডকাইতি, অগ্নিকাণ্ড
প্রভৃতি নানা ঘটনা ঘটিছিল। চোৰ-ডকাইতৰ ভয়ত মানুহে ঘৰত তলা লগোৱাৰ ব্যৱস্থা কৰিছিল। গুগুৰীপাদে ৪নং চৰ্য্যাত তাৰ ইঙ্গিত দিছে
সালু ঘৰেঁ ধালি কোষ্ণা তাল। চান্দ লুজ বেণি পখা ফাল ॥ অৰ্থাৎ শাহুক ঘৰৰ ভিতৰত ৰাখি দুৱাৰত দৃঢ় তলা লগোৱা হ'ল; তাত এতিয়া চন্দ্র-সূৰ্য্যৰ পোহৰো সোমাৰ নোৱাৰে ।
সেই যুগত গাঁৱে-ভূঞে কুকাৰ্য্য কৰা ডকাইতৰ বাহিৰেও দূৰ-দূৰণিলৈ নাওৰে বেপাৰ কৰিবলৈ যোৱা বণিকসকলক জলদস্যুৱে অত্যাচাৰ কৰিছিল। সৰহপাদৰ ৩৮ নং চৰ্য্যাত ইয়াৰ ইঙ্গিত পোৱা যায় নৌবাহী নৌকা টাণা গুণে।
মেলি মেল সহজেঁ জাউ ণ আগে । বাটত ভজ খাণ্ট বি বলা।
ভৱ উলোলে ষঅ বি বোলিঅ ।
অর্থাৎ লেখকে কৈছে যে 'হে নাৱঁৰীয়া, নাওৰ গুণত টানি ধৰা, সহজ পথেৰে নাওখন মেলি দিয়া, আন পথেৰে নাযাবা বাটত জলদস্যুৰ ভয় আছে । আনহাতে ভৱ-সমুদ্র উদ্দেলিত হৈ নাৱৰীয়াৰ লক্ষ্য ভ্রষ্ট কৰিব।' প্রাচীন অসমীয়া সমাজত নাওৰে বণিজ কৰিবলৈ যোৱা সাউদব অনেক কিংবদন্তী আছে। তাহানিৰ চম্পক নগৰৰ [ছয়গাওঁৰ] চান্দো সদাগৰৰ বয়-বস্তুৰে ভৰা চৈধ্যখন ডিঙা কালিদাহ সাগৰত ভীম-হনুমান প্রমুখ্যে যক্ষগণে পদ্মাৱতীৰ আদেশত ডুবাই পেলোৱা কাহিনীটে। চৰ্যাপদত উল্লেখিত নাও-যাত্ৰী আৰু জলদস্যু সম্পৰ্কীয় কথাটো তুলনীয়। আন এটা জনপ্রিয় কিংবদন্তী তেজীমলাৰ কাহিনীত সাউদে বেপাৰ কৰিবলৈ গৈ বাটতে লটিঘটি হোৱাৰ কথা আছে। এনেকুৱা ঘটনা অতি পুৰণি কালৰ পৰাই অসমীয়া সমাজত মুখে মুখে চলি আহিছে। চৰ্য্যাচক সৰহপাদে হয়তো তেনে ঘটনা জানিছিল আৰু তাৰ আলমত ৰূপক হিচাপে লৈ গীতত উপস্থাপন কৰিছিল।
প্ৰাচ্য ভাৰত তথা প্রাচীন কামৰূপ পৰ্ব্বত-পাহাৰ আৰু হাবিজঙ্গলেৰে ভৰা ; ই এখন নদী বহুল দেশ। ইয়াৰ বিশাল পাহাৰলানি আৰু গভীৰ অৰণ্যত হাতী, বাঘ, সিংহ, গড়, বান্দৰ, হৰিণা, শিয়াল আদি জন্তু আৰু ময়ূৰ, কাউৰী, শগুণ প্রভৃতি বিবিধ চৰাই-চিৰিকতিয়ে মুক্তমনে বাস কৰিছিল। সেই কাৰণে পুৰণি অসম চিকাৰীৰ মানত স্বৰ্গপুৰী যেন আছিল। অন্যান্য জীৱ-জন্ততকৈ হৰিণাৰ মাংস সিবিলাকৰ প্রিয় খাদ্য আছিল । ব্যাধৰ ভয়ত হৰিণাই এখন বনৰ পৰা আন এখন বনলৈ যাব লগা হৈছিল। ভুসুকুপাদে ৬নং চৰ্যাত শোক-বিহবল হৰিণাৰ এটি জীৱন্ত আৰু মর্মস্পর্শী চিত্র অঙ্কণ কৰিছে। জীৱ-জন্তুৰ উপৰিও অসমৰ হাবিত চৰ্যাপদত উল্লেখিত নলিনী-বন (পদ্মমনি), মহাতৰু (বট বা আঁহত গছ), স্বৰ্ণতক (সোণাৰু গছ), বাঁহ, শিমলু, কপাহ, তামোল, কৰ্পূৰ প্ৰভৃতি বনজ সম্পদ প্ৰচুৰ পৰিমাণে পোৱা গৈছিল আৰু বর্তমানেও পোৱা যায়। মানুহৰ ৰুচি পৰিবৰ্ত্তনৰ ক্ষেত্ৰত এই সম্পদবোৰৰ অৰিহণা নুই কৰিব নোৱাৰি ।
আনহাতে অসমৰ সামাজিক জীৱনৰ বিভিন্ন দিশৰ ওপৰত নদ-নদীবোৰৰ প্ৰভাৱো কম নহয়। মুদৈয়ে নাঙৰে বেহা-বেপাৰ কৰে, নাৱঁৰীয়াই যাত্ৰীক নদী পাৰ কৰি থয়, জালুৱৈয়ে নদীত মাছ ধৰে। মুঠতে বিভিন্ন কাৰণত নদীয়ে বেলেগ বেলেগ ঠাইৰ নানা শ্ৰেণীৰ মানুহৰ মাজত সংযোগ-সম্প্রীতি স্থাপন কৰে । সেয়েহে সাহিত্য-সংস্কৃতি আৰু সভ্যতাৰ বিকাশত অসমৰ নদ-নদীয়ে বিশেষ ভূমিকা লৈ আহিছে। নদীৰ লগত মৎস্যজীৱী ডোম জাতিৰ সম্পর্ক অতি প্রাচীন। সিবিলাকে মাছ ধৰা ব্যৱসায়ৰ উপৰিও যাত্ৰীক নাওৰে নদী পাৰ কৰি দি জীৱিকা উলিয়াইছিল। ৮, ১০, ১৪ আৰু ৩৮নং চৰ্য্যাত নদীৰ গুৰুত্ব, যাত্ৰীৰ অহা-যোৱা, নাওৰ প্ৰয়োজন আৰু নাৱৰীয়াৰ বৃত্তি সম্পর্কে বিবিধ চিত্র লক্ষ্য
কৰা যায়।
পুৰুষৰ দৰে ডোম-যুৱতীয়েও যাত্রীক নাওৰে নদী পাৰ কৰি
দি পইচা-কড়ি লৈছিল। যাত্ৰীৰ পৰা ভাড়া আদায়ৰ বাবে থানা বা পাৰঘাট আছিল; নদী পাৰ হৈ ভাড়া দিব নোৱাৰা যাত্ৰীৰ জোৰ-জুলমো কৰা হৈছিল; কিন্তু সাধু-দজ্জনক বিনা পইচাই নদী পাৰ কৰি দিয়াৰ দৃষ্টান্তও আছে। ডোম্বীপাদে ১৪নং চৰ্যাত উল্লেখ কৰিছে-
কবড়ী নলেই বোড়ী নলেই লুচ্ছৰে পাৰ কৰেই । জে। ৰথে চড়িলা বাহবা গজাই ফুলে ফুল বুড়ই কোনো কোনো ঠাইত নদীৰ ওপৰত সাঁকো সাজি দিয়াৰ কথাও চৰ্যাপদত পোৱা যায় ; যেনেধামার্থে চাটিল সাক্ষম গঢ়ই।
পাৰগামি লোঅ নিৰ্ভৰ তৰই ॥
মদৰ ব্যৱসায় চৰ্যাপদ-কালীন সমাজৰ আন এটি মন কৰিবলগীয়া কথা । তেতিয়াৰ গুড়ি জাতি এই ব্যৱসায়ত পটু আছিল যেন লাগে । বিৰুৱাপাদ ৰচিত ৩নং চৰ্য্যাত মদ-বিক্রেতা আৰু মদপীৰ এটি মনোৰম বর্ণনা পোৱা যায় ; যেন - এগৰাকী শুড়ী তিৰোতাই দুখন ঘৰত সোমাই চিকুণ বাকলিৰে বাৰুনী মদ তৈয়াৰ কৰিছে। শুড়ীৰ ঘৰৰ দুৱাৰ মুখ দেখিলেই বুজিব পাৰি যে সেইখন মদ-বেচা শুড়ীৰ ঘৰ। গতিকে মদখোৱা গ্ৰাহকে দুৱাৰত সংকেত-চিহ্ন দেখি নিজে নিজেই আহি শুড়ীৰ ঘৰত সোমাই পৰে। তাত ৬৪টা ঘাগৰীত মদ ভৰোৱা আছে। মদপীয়ে যেই এবাৰ ঘৰৰ ভিতৰত সোমাল, তাৰ আৰু সাৰ-সুৰ নাইকিয়া হ'ল । সি একান্তমনে মদ পিব ধৰিলে। ইত্যাদি। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে সেই যুগত মদ খোৱাটো অপৰাধ বুলি ধৰা নহৈছিল ।
ভালেমান চৰ্যাপদত তুলা আৰু কপাহী সূতাৰে কাপোৰ বোৱাৰ ইঙ্গিত আছে। ২৬নং সংখ্যাত শান্তিপাদে লিখিছেভুলা ধুণি ধুণি আঁলুৰে আঁহু। আঁহুঁ ধুণি ধুণি নিৰৱৰ সেলু ॥
ভুলা খুশি খুশি হুঁশে অহাৰিউ। পুণ লইআঁ অপণা চটাৰিউ ১৫নং চৰ্যাত ডোম যুৱতীয়ে তাত-কাপোৰ বিক্ৰী কৰাৰ উল্লেখ আছে ; ইয়াৰ দ্বাৰা বুজা যায় যে তুলা ধুনা, কাপোৰ বোৱা আৰু বিক্ৰী কৰাটে। জীৱিকা উলিওৱাৰ বৃত্তি আছিল।
চৰ্যাপদ-ভিত্তিক সমাজখনত অন্যান্য বৃত্তি হিচাপে দেখা যায় যে মুতাৰ বা বাঢ়ৈ বিলাকে আনৰ ঘৰ-দুৱাৰ সাজি দি, কাঠৰ সাঁকে। তৈয়াৰ কৰি দি, গছৰ তক্তা ফালি দি, কুমাৰ বিলাকে মাটিৰ বাচন-বৰ্ত্তন গঢ়ি দি, সোণাৰীয়ে বিবিধ অলঙ্কাৰ তৈয়াৰ কৰি দি নিজৰ নিজৰ জীৱিকা উলিয়াইছিল । আর্থিক দিশত এইখন সমাজ দুখীয়া হলেও মানুহবিলাকৰ একোটা আত্ম-তুষ্ট ৰুচি আছিল। সিবিলাকে কেৱল অম্ল-সমস্তাতে ব্যস্ত নাথাকি আনন্দবিনোদনতে। মন দিছিল। ডোম, শৱৰ, চণ্ডাল প্রভৃতি নিম্ন বৰ্ণৰ ৰমণীবিলাক নৃত্য-গীতত পটু আছিল । ১০নং চৰ্যাত ডোম যুৱতীয়ে নিপুণ নৃত্য কৰাৰ উল্লেখ আছে। ২৭নং চৰ্যাত নাচৰ লগতে গান গোৱা, বীণা বজোৱা আৰু বাদ্য-যন্ত্ৰ ব্যৱহাৰ কৰা বুলিও উল্লেখ আছে। সাধাৰণতে নাৰীয়ে নাচ-গান কৰিছিল আৰু পুৰুষে প্রয়োজমীয় ৰাদ্য সংগত কৰিছিল। মাজে মাজে সিবিলাকে বুদ্ধদেৱৰ জীৱনকাহিনী সম্বলিত নাটকো অভিনয় কৰিছিল।
চৰ্যা-কালীন সমাজত নিম্ন শ্রেণীৰ নাৰীবিলাকে ময়ুৰৰ পাখি খোপাত গুজি লৈছিল আৰু ডিঙিত গুঞ্জাৰ ফুলৰ মালা পিন্ধিছিল। কঙ্কণ, কাণফুলী, নেপুৰ প্রভৃতি সোপ-ৰূপৰ অলঙ্কাৰ সিবিলাকে ব্যৱহাৰ কৰিছিল। দাপোণ বা আইনাৰ ব্যৱহাৰ সেই যুগতো আছিল। অৰ্দ্ধনগ্ন যোগী-স্যাসী বা কাপালিকে ডিঙিত হাড়ৰ মালা, কাণত কুণ্ডল, ভৰিত নূপুৰ পিন্ধি হাতত ডম্বৰু আৰু কান্ধত ঝুলি লৈ ঘূৰি ফুৰিছিল।
সেই যুগত ওবা-খেলৰ আদৰ আছিল বুলি জনা যায়। ১২নং চৰ্য্যাত কাজ পাদে ভৰা-খেলৰ এটা বিস্তাৰিত বিৱৰণ দাঙি ধৰিছে।
২৮নং চৰ্যাত্ শৱৰ-শৱৰীৰ পাৰিবাৰিক জীৱনৰ বৰ্ণাঢ্য চিত্র এটি প্ৰতিভাত হৈছে- ওখ পৰ্বতৰ ওপৰত শৱৰ বালিকাই বাস কৰে। তাই খোপাত ময়ুৰৰ পাখি গুজি লৈছে, ডিঙিত গুঞ্জৰী মালা পিন্ধিছে। উচ্ছল আবেগেৰে তাই আনন্দত বিচৰণ কৰিছে । তাইৰ ৰূপত মোহিত হৈ শৱৰ ডেকা উম্মাদপ্ৰায় হৈ পৰিছে। তাৰ মনৰ ভাৱ বুজি শৱৰীয়ে কৈছে - 'হে উম্মত্ত শৱৰ, তুমি ভুল নকৰিবা । মই তোমাৰেই গৃহিণী। তাৰ পাছত শৱৰে তিনি ধাতুৰ খাট পাৰি বিছন। কৰিছে। তাতে শুই শৱৰ-শৱৰীয়ে আনন্দমনে ভামুল-কৰ্পূৰ খাই মহালুখৰ ৰাতি পুৱাই দিলে
৫০নং চৰ্য্যাত সিদ্ধাচাৰ্য্য শৱৰপাদে শৱ-দাহৰ চিত্ৰ এটি প্রতীয়মান কৰিছে। কোনো এজন শৱৰৰ মৃত্যু হোৱাত চাৰিডাল বাঁহৰ ওপৰত চেঁচেলি পাৰি দি চিতা সজা হৈছে । তাতে শ-টো তুলি দাহন কৰা হৈছে। শ-টো পোৰা বাবে মৃতকৰ মাংস শিয়াল-শগুণ-কাউৰী আদিয়ে খাব নাপালে। দশোদিশে পিও চটিয়াই দি শৱৰৰ আত্মাৰ সদগতি কামনা কৰা হ'ল ।
চৰ্য্যাপদবোৰ চালি-জাৰি চালে সমাজত নাৰীৰ ভূমিকা পুৰুষতকৈ অধিক সক্রিয় ৰূপত দেখা যায়। গীতিকাৰসকলে নাৰীক ৰূপক হিচাপে লৈ বিভিন্ন প্রসঙ্গত উপস্থাপন কৰিছে। কেতিয়াবা নৃত্য পটিয়সী হিচাপে কৰবাত শুকণ্ঠী গায়িকা হিচাপে, নাও চালিকা হিচাপে, কাপোৰ আৰু মদ-বিক্ৰীকাৰিণী হিচাপে বোৱাৰী-জীয়ৰী হিচাপে, প্রেমিকা হিচাপে অভিসাৰিকা হিচাপে আৰু সাধনাৰ সঙ্গিনী হিচাপে নাৰীয়ে সমাজত বিশেষ ভূমিকা লৈছে। নাৰীৰ আকর্ষণত নৈষ্ঠিক ব্রাহ্মণো স্খলিত হৈছে আৰু কাপালিক যোগীও বিপথে গৈছে।
মন কৰিৰ লগীয়া কথা যে চৰ্যাপদ ভিত্তিক সমাজখনত লোকসমাজৰ বৈচিত্র্য ফুটি উঠাৰ লগতে প্ৰশাসনীয় ব্যৱস্থাৰো আভাস পোৱা গৈছে। সমাজত দোষীক ধৰিবলৈ পুলিচপাৰোগা আৰু অপৰাধীক বিচাৰ কৰিবলৈ কাছাৰী ধৰৰ ব্যৱস্থা ছিল;
চৰ্যাপদবোৰ সহজযান ধৰ্মৰ দার্শনিক তত্ত্ব-বাহক গীত হলেও সেইবোৰৰ মাজেৰে পূব ভাৰতীয় সমাজৰ খণ্ড চিত্র কিছুমান ফুটি উঠিছে। সেই চিত্ৰবোৰৰ আলমত আমি ৮ম শতিকাৰ পৰা ১২শ শতিকাৰ অন্তৰ্বৰ্ত্তী সমাজখনৰ বাহ্যিক আৰু আভ্যন্তৰীণ অৱস্থাৰ বিষয়ে জানিব পাৰোঁ। ইয়াত ভুগোল, বুৰঞ্জী, নৃতত্ত্ব, সমাজ-তত্ত্ব, সাহিত্য আৰু সংস্কৃতিৰ দূৰণিবটীয়া তথ্য আৰু তত্ত্ব নিহিত হৈ আছে।
পঞ্চম অধ্যায়
চৰ্য্যাপদৰ ধৰ্ম্মতত্ত্ব
গৌতম বুদ্ধই সৃষ্টী কৰা বৌদ্ধধৰ্মৰ মূল কথা হ'ল জাগতিক দুঃখ নিৰোধ কৰি মোক্ষ বা নিৰ্বাণ লাভ কৰা। জাগতিক সৃষ্টি হৈছে কাৰ্য্য-কাৰণ সম্বন্ধীয় বন্ধন। অবিদ্যা এই কৰ্ম্ম-বন্ধনৰ নামান্তৰ মাথোন । অবিদ্যাৰ পৰাই জগতত দুখৰ উৎপত্তি হয়। এই দুখ আঠ বিধ, যেনে--জন্ম, খ্যাধি, জৰা, মৃত্যু প্রিয়-বিৰহ, অপ্রিয় সমাৱেশ, অলাভ আৰু বস্তু-সযোগ। দুখৰ তত্ত্ব অনুসন্ধান কৰি বুদ্ধদেৱে চাৰিটা আৰ্য্যসত্য দাঙি ধৰিছে -ছঃখ, দুঃখৰ উৎপত্তি, ছঃখৰ নিৰোধ আৰু দুঃখ নিৰোধৰ উপায় । বুদ্ধদেৱে প্ৰচাৰ কৰিলে যে নির্বাণ-লাভেই দুঃখ-নিৰোধৰ উত্তম উপায়। নির্বাশ মানে বাসনাৰ নিবৃত্তি। পাৰ্থিৱ স্থিতিৰ অনিত্যতা সম্বন্ধে জ্ঞান লাভ কৰি অবিদ্যা-মোহ ধ্বংস কৰিব পাৰিলেই নির্বাণ লাভ হয়। বেদান্ত-দর্শনত ইয়াক 'মোক্ষ' বুলি কোৱা হৈছে। মোক্ষ-প্রাপ্তি হলে জীৱাত্মাই পৰমাত্মাৰ লগত মিলি পৰে আৰু সদানন্দত নিমজ্জিত
বুদ্ধদেৱে জীৱাত্মা আৰু পৰমাত্মা নামানে; তাৰ সলনি 'ধৰ্ম্মকায়' বিশ্বাস কৰে; নামান্তৰে ইয়েই নিৰূপাধি পৰমাত্মা। এই ধর্মকায়ৰ পৰাই বোধিচিত্তৰ উৎপত্তি হয়; ইও শাশ্বত, কিন্তু ১। বৌদ্ধধৰ্ম্ম ও সাহিত্য, পৃঃ ২২
২। গৌতম বুদ্ধই সিদ্ধি লাভ কৰাৰ পাছত তেওঁৰ নাম হয় সিদ্ধার্থ : আনটি নাম ৰুদ্ধদেৱ। 'বুদ্ধ' মানে প্রকৃত জ্ঞান ; 'বুদ্ধদেৱ' মানে প্রকৃত জ্ঞানী পুরুষ। পাণ্ডিত্য লাভ কৰা সকলক পণ্ডিত বা খাচাৰ্য বোলাৰ দৰে 'বৃদ্ধদেৱ' শব্দটিও গুণ আৰু জ্ঞানৰাচক শব্দ ; বৌদ্ধধৰ্মত এই শব্ৰটি পাৰিভাষিক ৰূপত বিশেষ অৰ্থত ব্যৱহৃত হৈছে।
৩া বৌদ্ধধর্ম ও সাহিত্য, পৃঃ ২১-২৪
৪। ধবাৰিচিত' হৈছে প্রকৃত জ্ঞান-দটিৰ বীজ; সি ফার্ডারসম্পন্ন হলেই সেই ছবি আগত হয়।
অবিদ্যাৰ মোহত পৰি বস্তু-জগতত পৰিদৃষ্ট হয়, পিছত মোহমুক্ত হলে পুনৰ ধৰ্মকায়ত লীন যায়। কাজেই, ইয়াতেই আত্মাৰ স্বৰূপ প্ৰকাশ পাইছে। ধর্মকায় নামান্তৰে তথভা বা শূন্যতা । উপনিষদ আৰু বেদান্ত-দৰ্শনৰ মতে জীৱাত্মাই পৰমাত্মাৰ লগত মিলি পৰমানন্দত লীন হোৱাকে 'মোক্ষ-প্রাপ্তি' বোলে, আৰু বৌদ্ধশাস্ত্ৰত ইয়াকে নির্বাণ-প্রাপ্তি বোলে। নিৰ্বাণৰ প্ৰধান বিশেষত্ব হৈছে নিত্য, কৰুণা-স্বভাৱ আৰু আনন্দময়। বৌদ্ধধর্মৰ অন্যতম প্রধান শাখা মহাযানীমতে নিৰ্বাণৰ বিশেষত্ব প্রধানতঃ দুটা - জগতৰ তথা চিত্তৰ শূন্যতা আৰু কৰুণা । দুঃখ-নিৰোধবাদৰ পৰা পৰবৰ্ত্তী কালত ইয়াৰ লগত মতালুখৰ ধাৰণা যুক্ত হৈছে। এই মহালুখবাদেই সহজীয়। ধৰ্মৰ মূল ভেটি। মহাযানী পন্থা মতে নির্বাণ অনির্বচনীয়, কায়-বাক-চিত্তৰ অতীত, আৰু সহজীয়া মতে নির্বাণজাত মহামুখো তদ্রূপ, অর্থাৎ অবা মনসগোচৰ।
চৰ্যাপদৰ দাৰ্শনিক পটভূমি মহাযানী বৌদ্ধধনৰ অন্তবর্ত্তী বিভিন্ন দার্শনিক সম্প্ৰদায়ৰ মতবোৰৰ দ্বাৰাই গঠিত। মহাযান-বৌদ্ধধৰ্মৰ মতবোৰৰ ভিতৰত দুটা মত প্রধানভাৱে উল্লেখ কৰিব পাৰি এটা হ'ল নাগার্জুন প্রবর্তিত শূন্যবাদ বা মাধ্যমিকবাদ আৰু আনটে। হ'ল মৈত্রেয়, অসঙ্গ, বহুবন্ধু প্রবর্তিত বিজ্ঞানবাদ বা যোগাচাৰবাদ। এই দুটা প্রসিদ্ধ মতবাদৰ মাজত যিবোৰ পাৰ্থক্য আছে চৰ্যাপদবোৰৰ মাজত সেই পার্থক্য ৰক্ষিত হোৱা নাই।
নাগাৰ্জ্জুনৰ শূন্যতত্ত্ব উপনিষদৰ নিগুণব্রহ্মৰ লগত তুলনীয়। গতিকে বৌদ্ধ শূন্যবাদ আৰু শঙ্কৰাচাৰ্য্যৰ অদ্বৈতবাদৰ মাজত কোনো প্রভেদ নাই। উল্লেখযোগ্য কথা যে ঋকবেদৰ দশম মণ্ডলৰ নাসদাসীয় শূক্ততো শূন্যতত্ত্বৰ কথা আছে। শঙ্কৰাচাৰ্যৰ অদ্বৈতবাদৰ মূল তত্ত্ব হ'ল - -প্রপঞ্চ বস্তুত অনাসিক্ত, ভগত মিথ্যা, জীৱ আৰু ব্ৰহ্মৰ একত্ব। থাক তাত বাহিৰে বাকী বন্ধ মিছা মিছা। নির্বিশেষ ব্রহ্মই সত্য,
৫। গীতা যোহন বহু, চর্যাপদ, ভূমিকা ●া বৌদ্ধধর্য ও চর্যাগীতি, ৭
বাকীবোৰ অসত্য। ব্ৰহ্ম বা পৰমাত্মাৰূপী শ্রীকৃষ্ণ বৌদ্ধ শূন্যবাদৰ শূন্যতাত পৰিণত হৈছে। আকৌ জীৱাত্মা কৰণাত পর্যবসিত হৈছে । তন্ত্র-শাস্ত্ৰত শিৱ-শক্তি বৈষ্ণৱৰ পৰমাত্মা-জীৱাত্মা। এইদৰে পৰ্য্যালোচনা কৰিলে পোৱা যায় যে ব্রাহ্মণ্য ধর্ম, বিশেষকৈ বৈষ্ণৱ আৰু শাক্তমতৰ লগত মহাযানবাদৰ পাৰ্থক্য নাই। শিৱ আৰু শক্তি বৌদ্ধসকলৰ প্ৰজ্ঞা আৰু উপায়। এই প্রজ্ঞা আৰু উপায় ক্রমে শূন্যতা আক করুণান্ত পৰ্য্যবসিত হৈছে।
মৈত্রেয় নাথে তৃতীয় খৃষ্টাব্দত প্ৰৱৰ্তন কৰা যোগাচাৰ শাখাবিভাগ মতে বোধি লাভৰ সৰ্বোত্তম পন্থা হ'ল যোগ-অভ্যাস। যোগৰ দ্বাৰা চিত্ত স্থিৰ হোৱাৰ পাছত বোধি বা প্রকৃত জ্ঞান লাভ হোৱা সম্ভৱ হয়। হিন্দু ধৰ্মত ব্রহ্ম লাভৰ উপায় সম্বন্ধেও এই কথাকে কোৱা হৈছে। যোগবলৰ দ্বাৰা চিত্তক অন্তর্মুখী কৰিৰ পাৰিলে ব্ৰহ্মক পাব পাৰি। শ্রীমদ্ভাগৱত গীতাত শ্রীকৃষ্ণই কৈছে - "অথ চিত্তং সমাধাতুং ন শক্লোষি ময়ি স্থিৰম্ । অভ্যাস যোগেন ততো মামিচ্ছাপ্তম্ ধনঞ্জয় "
অর্থাৎ হে ধনঞ্জয়, তুমি যদি মোত চিত্ত স্থিৰ কৰি ৰাখিব নোৱাৰা, তেন্তে বাৰে বাৰে অভ্যাস কৰি চিত্তক সমাহিত কৰি মোক পোৱাৰ চেষ্টা কৰা।
হিন্দু ধৰ্মত যেনেকৈ শাক্ত, শৈৱ, গাণপত্য, বৈষ্ণৱ প্রভৃতি বহু সম্প্রদায় আছে, আৰু তেওঁলোক সকলোৱে যিদৰে হিন্দু, তেনেকৈ বৌদ্ধ মহাযানী পন্থাৰো অনেক সম্প্রদায় আছে, আৰু তেওঁলোক সকলোৱেই মূলতঃ মহাযানী বৌদ্ধ।
খৃষ্টীয় পঞ্চম শতিকামানৰ পৰা কামৰূপত বৌদ্ধ-ধৰ্মৰ চলতি আছিল বুলি কলহনৰ 'ৰাজ-তৰঙ্গিণী'ৰ পৰা জানিব পাৰি। এই সময়ৰ কাশ্মীৰৰ ৰাণী অমৃতপ্ৰভাৰ পিতৃ কামৰূপেশ্বৰৰ শুক আছিল বৌদ্ধ ভিক্ষু ভৌনপা। সপ্তম শতিকাৰ কামৰূপ ৰজা ভাস্কৰবৰ্মাৰ দিনত অসমত বৌদ্ধ-ধর্ম গুপ্তভাৱে চলিছিল। সেই সময়ৰ শৈৱ ধৰ্মৰ
॥ ঘোষনাল হালহাৰ, চৰ্যাপসে অতীনিয়
», Dr. Sazibhusan Dasgupta, Tantric Buddhism, p. 3
প্ৰভাৱে ইয়াত বৌদ্ধ ধৰ্ম্মৰ অভ্যুত্থানত বাধা জন্মাইছিল। তীব্বতৰ বুৰঞ্জীলেখক লামা তাৰানাথে তেওঁৰ বৌদ্ধ ধৰ্ম্মৰ বুৰঞ্জীত অশ্বভৱ নামে আচার্য্য এজনে কামৰূপত মহাযান পন্থা প্ৰচাৰ কৰা বুলি উল্লেখ কৰিছে। পূজ্যপাদ ধীতিকেও এই দেশত বৌদ্ধ-ধৰ্ম্মৰ শিক্ষা দিছিল । মুঠতে প্রাচীন কামৰূপত বৌদ্ধ-ধৰ্ম্মৰ প্ৰচলন আছিল ।
খৃষ্টীয় সপ্তম শতিকাৰ পাছত মহাযানৰাদৰ বিৱৰ্ত্তন ঘটে আৰু বহু শাখা-প্রশাখাৰ উদ্ভৱ হয়। অষ্টম শতিকাৰ পৰাই নালন্দা, বিক্রমশীলা, ওদন্তপুৰী প্রভৃতি বৌদ্ধ-শিক্ষাৰ কেন্দ্ৰসমূহৰ আচাৰ্য্যসকলৰ হাতত যি বৌদ্ধ দর্শনে পৰিপুষ্টি লাভ কৰে সি কম সময়ৰ ভিতৰতে সমগ্ৰ প্ৰাচ্য ভাৰত আৰু তীব্বতক আচ্ছন্ন কৰি তোলে। এই "অভিনৱ বৌদ্ধ মতক সাধাৰণতে তন্ত্রযান বোলা হয়।
তন্ত্ৰষানৰ তিনিটা মত কালচক্রযান, বজ্রযান আৰু সহজযান। কালচক্রযানৰ মতে শূন্যতা আৰু ককণা উভয়েই অভিন্ন; ইয়াৰ মাজত ত্ৰিজগতৰ উৎপত্তি আৰু ক্ষয় বুলি কোনো কথা নাই । জ্ঞান আৰু জ্ঞেয় উভয়েই তাত মিলিত হৈছে। ত্রিকাল আৰু ত্রিকায় তাৰ মাজতেই নিহিত আছে। ত্রিকাল হৈছে অতীত, বর্তমান আৰু ভৱিষ্যত। কালৰ এই ভেদজ্ঞান লোপ পালে চৰম জ্ঞান লাভ হয়। আনহাতে ত্ৰিকায় হৈছে বুদ্ধৰ বিভিন্ন প্রকৃতি । বুদ্ধই যেতিয়া সাধাৰণ লোকৰ শিক্ষাৰ বাবে সূত্ৰ, অৱদান প্রভৃতি ব্যক্ত কৰে তেতিয়া তেওঁ নির্মাণকায় বুদ্ধ । বোধিসত্ত্ববোৰৰ ওচৰত যেতিয়া তেওঁ গূঢ় ধৰ্ম্মাৰ্থ ব্যক্ত কৰে তেতিয়া তেওঁ সম্ভোগকায়ত বিচৰণ কৰে আৰু যেতিয়া তেওঁ পাৰমাৰ্থিক সত্য অৱলম্বন কৰে তেতিয়া তেওঁ ধৰ্ম্ম কায়ত অৱস্থান কৰে। ১১ বজ্ৰযানত পূজা-পদ্ধতিক স্থান দিয়া হৈছে ; দেৱ-দেৱীৰ সংখ্যাও বেছি । বজ্রযানীসকলে মন্ত্র-তন্ত্র, ধ্যান-ধাৰণা আদিৰ অৱলম্বনত বহু দেৱ-দেৱীৰ পূজা পাতিবলৈ লয় আৰু স্বভাৱতেই মহাযানী সম্প্ৰদায়ৰ পৰা পৃথক হৈ পৰে । কঠোৰ সাধনাৰ দ্বাৰা যেতিয়া বোধিচিত্ত স্থিৰভাৱ প্রাপ্ত
>Crypto-Buddhism in Kamarupa', Pragjyotisha. p. 115 ১০। বৌধ ও সাহিত্য, পৃঃ ৩৩ বৌদ্ধধৰ
১১। বৌদ্ধধৰ্ম্ম ও সাহিত্য,
হয়, তেতিয়া সি ৰঞ্জৰ দৰে কঠিন, অভ্যে আৰু অবিচলিত হয়। সেই কাৰণেই বুদ্ধত্ব লাভ কৰা মহাপুৰুষসকলক ৰজ্রধৰ বা বজ্রসত্ত্ব আখ্যা দিয়া হৈছিল। যি আসনত বহি তেওঁলোকে সিদ্ধি লাভ কৰিছিল সেই আসনক বজ্রাসন বোলা হৈছিল। গৌতম বুদ্ধই বোধিবৃক্ষৰ তলত যি আসনত বহি সিদ্ধিলাভ কৰিছিল সেই আসনেও বজ্রাসন নাম পাইছিল। বোধিচিত্ত বজ্রস্বভাৱসম্পন্ন হলে সাধনাৰ ক্ষেত্ৰত সাধকে বোধিজ্ঞান লাভ কৰে।
"বজ্রযানৰ মূল ভেটি হ'ল মহালুখবাদ। বজ্রযানীসকলৰ মতে নিৰ্ব্বাণৰ তিনিটা উপাদান - শূন্য, বিজ্ঞান আৰু মহালুখ। এই তিনিৰ সংযোগেই 'বজ্র' - দৃঢ়, সাৰ, অশীৰ্য্য, অচ্ছেদ্য, অঙ্গ্যে। শূন্য নিৰাত্মা, এগৰাকী দেৱী, যাৰ আকোৱালত জীৱৰ মন অর্থাৎ বোধিচিত্ত বিজ্ঞানবদ্ধ হৈ চিৰ আনন্দ বা চিৰ মুখত থাকে। এই মহালুখবাদেই বজ্রযানক অনৈতিক পথেদি আগবঢ়ালে । গুপ্ত আচাৰ মূল কথা হ'ল।" ১,
বজ্রযানৰ দৰেই উত্তৰ-বৌদ্ধিক মতবাদ হ'ল মন্ত্রযান আৰু সহজযান । এই দুয়োটাৰ মাজতেই ব্রাহ্মণ্য ধৰ্ম্মৰ তান্ত্ৰিক আৰু বৈষ্ণৱ সহজীয়। মতৰ প্ৰভাৱ দেখা যায় । মন্ত্ৰযানৰ উৎপত্তিৰ মূলত আছিল বহুশ্রুতীয়, মাধ্যমিক আৰু যোগাচাৰ প্ৰভৃতি মহাযানবাদৰ শাখাবিভাগবোৰৰ তাত্ত্বিক কঠিনতা। মন্ত্ৰই হ'ল এই শাখা-বিভাগৰ যান বা পথ । এই মতাৱলম্বীসকলৰ ধাৰণা যে মন্ত্ৰৰ বলত বোধি বা জ্ঞান লাভ কৰিব পাৰি আৰু জ্ঞানেই নিৰ্ব্বাণ লাভৰ প্ৰশস্ত পথ। মন্ত্রযানৰ ওপৰত তান্ত্ৰিক প্ৰভাৱ লক্ষ্যণীয়। এই সময়ৰ পৰাই গুৰুৰ প্ৰভাৱ বৌদ্ধজনগণৰ মাজত বিশেষভাৱে লক্ষ্য করা যায়। ১
সহজযান হ'ল বজ্রযানৰ পৰিণত অৱস্থা। খৃষ্টীয় অষ্টম শতিকা মানৰ পৰা এই ধৰ্ম্মমত প্ৰৱল হৈ উঠে। মহাযানৰ সুবৃহৎ গণ্ডীৰ পৰা প্ৰধানকৈ কৰুণ। আৰু আনন্দ স্বভাৱৰ বিশেষত্ব লৈ সহজীয়া
১২। ডঃ মহেশ্বৰ নেওগ, পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি, পৃঃ 37-8১ চাপলে গতীনিম্ন তা
ধর্মমত প্রতিষ্ঠিত হয়। মাধ্যমিক বিভাগে 'শূন্য' আৰু 'সংসাৰ'ক লৈ যি জটিল তত্ত্বৰ অৱতাৰণা কৰিছে, সহজযানীসলে খুব সহজ পন্থাত তাক নিৰসন কৰি দিছে। বজ্রযান মতে জগতৰ অণুপৰমাণু পর্য্যন্ত সকলোবোৰ শূন্য । শূন্যৰ এই জ্ঞানেই হ'ল বোধি, আৰু এই বোধি লাভ হোৱাৰ পাছতেই নিৰ্ব্বাণ লাভ হয়। ৰজ্রযানীসকলে 'মিৰ্ব্বাণ' বুলি নকৈ 'নিৰাত্মা' বুলি কয়। বোধি লাভ হ'লে বোধিচিক্ নিৰাত্মাত লীন হৈ যায়, তেতিয়া মহাসুখৰ উদয় হয়, এই মহাম্মুখ অবামনগোগোচৰ অৰ্থাৎ অনিৰ্ব্বচনীয়, কায়-বাক্-চিত্তৰ অতীত। চিত্তৰ এই বিশেষ আহে যোগসাধনাৰ দ্বাৰা। গতিকে দেখা যায় যে বজ্রযানীসকলে মহাযানী যোগাচাৰ বিভাগৰ পথে। গ্ৰহণ কৰিছে। উপনিষদৰ 'পৰমাত্মা' আৰু 'জীৱাত্মা' আৰু 'সৎ-চিৎ-আনন্দ' তত্ত্ব ইয়াতো দেখা যায়।
নিৰ্ব্বাণ মুখময়। এই সুখময়-ভাৱেই হৈছে বৌদ্ধ সহজীয়া পথ বা সহজযান, ইয়াৰ সহায়ত নিৰ্বাণৰ পথত অগ্ৰসৰ হোৱাই সহজযানৰ মূল লক্ষ্য। সহজযানৰ মাজত বৈষ্ণৱ সহজীয়া (পৰকীয়া) আৰু শাক্ত তান্ত্রিক প্ৰভাৱ বিশেষভাৱে পৰিলক্ষিত হয়। সহজীয়া ( পৰকীয়া ) তত্ত্বৰ মাজেদিয়েই অতীন্দ্রিয়-অনুভূতিৰ চৰম বিকাশ সাধিত হৈছে। পৰকীয়। ভাবৰ সাধনাৰ লগত তান্ত্রিক সাধনাৰ ঐকা বিৰাজমান। সহজযানীসকলে ছখ বা আনন্দক তত্ত্বৰ পৰা টানি আনি দেৱীৰ আসনত প্রতিষ্ঠা কৰিছে । এই দেৱী হ'ল নৈৰাত্মা দেৱী। সহজযানীয়ে ধর্মকায়ত মিলি যোৱাই হ'ল নৈৰাত্মাদেৱীৰ লগত মিলি মহাশূন্যত বিলীন হৈ পৰা ; ই জীৱাত্মাই পৰমাত্মাৰ লগত লীন হৈ পৰা অৱস্থাৰ দৰে। এইয়া ঠিক ব্ৰহ্মোপলব্ধি, আৰু এই উপলব্ধিয়েই হৈছে অতীন্দ্রিয়ানুভূতি। ১৪
সহজীয়াসকলৰ মাধ্যমিক শাস্ত্ৰৰ 'আনন্দ' হৈছে নৈৰাত্মাদেৱী, নামান্তৰে পৰিশুদ্ধ-অৱধূতিকা, শূন্যতাৰ সহচাৰিণী। ১৫ হিন্দু-দৰ্শনত
২৪। চর্যাপদে অতীজির তত্ত্ব ১৫। ৰঘু, চৰ্যাপদ, ভূমিকা
যিদৰে নিৰাকাৰ ব্ৰহ্মক সাকাৰ ৰূপ দিয়া হৈছে, অৰূপক স্বৰূপলৈ অনা হৈছে, অসীমক সসীমত বিচৰা হৈছে, বৌদ্ধ সহজীয়াসকলেও তেনেকৈ নিৰাত্মাক নৈৰাত্মাদেৱী ৰূপে কল্পনা কৰি লৈছে।
সহজীয়াসকল অদ্বৈতবাদী। তেওঁলোকৰ মতে ধর্মকায়ত বোধিচিত্ত অধিষ্ঠিত হলে জগতৰ দ্বৈতভাৱ লোপ পায়; আৰু পিছত অদ্বৈত জ্ঞান লাভ কৰি মহালুখত ৰিলীন হয়। এই অদ্বৈত জ্ঞান লাভ আৰু মহাসুখ প্রাপ্তিৰ উদ্দেশ্যে সাধকসকলে বজ্ৰগুৰুৰ পৰা উপদেশ গ্ৰহণ কৰি লক্ষ্যৰ সন্ধান কৰি লয় । সহজীয়াসকলে তেওঁলোকৰ গুৰুক বজ্রগুৰু হিচাপে অভিজ্ঞান কৰে। বজ্ৰগুৰুৰ উপদেশেৰে জগতৰ অনিত্যতা সম্বন্ধে জ্ঞান লাভ কৰি চিত্ত জয় কৰি মহামুখত লীন হ'ব পাৰি । গুৰুৰ উপদেশ বিনে চৰম লক্ষাৰ সন্ধান পোৱা অসম্ভৱ। ১৭ কাৰণ লোকচিত্ত স্বভাৱতেই চঞ্চল; দৃঢ়তা নাথাকিলে আৰু গুৰুৰ সহায় নাপালে জ্ঞান-পথত আগবঢ়া কোনোপধ্যেই সম্ভৱ নহয়। সেই কাৰণে লুইপাদে কৈছে - কাঅ' তৰুবৰ পঞ্চ বি ডাল। চঞ্চল চীএ পইঠো কাল ।
দিঢ় কৰিঅ মহালুহ পৰিমাণ।
লুই ভণই গুৰু পুচ্ছিঅ জাণ । (চৰ্যা-১) অবিদ্যামোহাবিষ্ট আমাৰ সংবৃত্তি বোধিচিত্তই ভৱ বা জগতৰ অস্তিত্ব কল্পনা কৰি থাকে। প্রকৃতপক্ষে ভৱৰ কোনো অস্তিত্ব নাই । এই বিশেষ জ্ঞান লাভৰ বাবেই গুৰুৰ সহায় আৱশ্যক। ভৱ হ'ল দুখময়, তাৰ নিবৃত্তিকৰণৰ ফলেই হ'ল নিৰ্বাণ, ই সুখময়। নির্বাণ মানে অহংভাৱৰ বিলোপ সাধন। নির্বাণৰ এই সুখবাদৰ পৰাই সহজীয়া মতৰ উদ্ভৱ । মহাযানী মাধ্যমিক শাস্ত্ৰৰ তত্ত্বপূর্ণ সুখানন্দকে সহজীয়াসকলে শূন্যতা বা তথতাৰ (ধর্মকায়) সহচৰী অৱধুতিকাক নৈৰাত্মাদেৱী ৰূপে কল্পনা কৰিছে। ১৬। চৰ্যাপদে অতীন্দ্রিয় তত্ত্ব ১৭। বহু, চৰ্যাপদ, ভূমিকা
নিত্যত্ব, কৰুণা আৰু আনন্দ যেনেকৈ ধৰ্ম্মকায় বা তথতাৰ ধৰ্ম্ম ধৰ্ম্মকায়ৰ পৰা উদ্ভুত বোধিচিত্তৰো সিবোৰ সহজ ধৰ্ম্ম। এই বোৰৰ ঐক্যৰ ওপৰত ভিত্তি কৰিয়ে সহজবাদ গঢ়ি উঠিছে। নির্বাণৰ মহাসুখ লাভেই সহজ-সাধনাৰ মূল লক্ষ্য। ইয়াৰ বাবে ধ্যান-সাধনা কৰিবলৈ দূৰলৈ যাব নালাগে, নিজৰ দেহতেই তাক বিচাৰি পাব পাৰি । এই প্রসঙ্গত চাটিল্লপাদে কৈছে, নিঅড্ডী বোহি দূৰ মাজাহী (চৰ্য্যা -৫ ) । সহজযানীসকলে বজ্রযানীসকলৰ দৰে তন্ন-মন্ত্ৰ, বিবিৰ ধ্যান-ধাৰণাত বিশ্বাস নকৰে।
কিন্তো মন্তে কিন্তো তত্ত্বে কিত্তো বে ঝাণ-বখানে । অপইঠান মহামুহলীলে দুলখ পৰম নিবাণে ॥ 'চৰ্য্যা - ৩৪ ) । অর্থাৎ কি মন্ত্র কি তন্ত্র, কি ধ্যান-ধাৰণা - এই সকলোবোৰ মিছা । মহান্মুখত সুপ্রতিষ্টিত হ'ব নোৱাৰিলে পৰন নির্বাণ লাভ নহয় ।
'সহজযান' সেই নামক ধৰ্মৰ এটি পাবিভাষিক শব্দ। প্রবোধচন্দ্র বাগচীৰ মতে লুই সৰহ, ভুসুকু বাহ্নু পভৃতি সিদ্ধাচাৰ্য্যসকলৰ হাততেই সহজযান পন্থাটো গঢ় লৈ উঠিছিল। এওঁলোকৰ ভিতৰত কোনজন প্রধান আব প্রথম গুৰু আছিল আৰু কোনজন গুৰুৱে প্ৰথমে সহজযানব সৃষ্টি কৰিছিল তাক কোৱা টান । হয়তো কেবাজনো সিদ্ধাচার্য্যৰ নিলিত আদেশত এই ধর্মই ৰূপ লৈছিল । 'সহজ' মানে সহ-জাও । যি ধর্ম যি বস্তুৰ জন্মৰ লগে লগে উৎপন্ন হয় সি তাৰ সহজ। বোধিচিত্ত ধর্মকায় বা তথতাৰ পৰা উদ্ভূত। ধৰ্মকায়ৰ বিশিষ্টতা হ'ল নিত্যতা, করুণা আৰু আনন্দ এইবোৰ বোধিচিত্তৰ সহজাত ধর্ম। বোধিচিত্তৰ এই সহজাত ধৰ্ম অৱলম্বন কৰি সাধনাৰ ভিত্তি স্থাপিত হৈছে বুলিয়েই এই জাতীয় সাধক সকলক সহজধর্মী বোলা হয়। মহাযানৰ সুবৃহৎ গণ্ডীৰ পৰা প্ৰধানকৈ কৰুণা আৰু আনন্দৰ বিশেষত্ব লৈ সহজযান নামক ধর্মই বিশিষ্ট সংজ্ঞা লাভ কৰিছে। ১৮ যান মানে পথ বা মার্গ।
১৮। বৌদ্ধধর্ম্ম ও চর্যাগীতি, পূঃ ৮৯ :
বলু, চৰ্যাপদ, ভূমিকা
চৰ্য্যাপদৰ ধৰ্মতত্ত্ব
চৰ্য্যাপদৰ ধৰ্ম ঘাইকৈ দার্শনিক মতবাদৰ ওপৰত প্রতিষ্ঠিত। অদ্বৈতবাদী বৈষ্ণৱ মতৰ লগত ইয়াৰ যথেষ্ট মিল আছে। বৈষ্ণৱ সহজীয়। সাধকসকলে অৰূপ, প্ৰেম আৰু পৰমানন্দৰ সাধনা কৰে। বৌদ্ধ সহজীয়া ধৰ্মৰ মূল তত্ত্বও অৰূপ বা শূন্যতা, প্রেম বা ককণা আৰু মহাসুখ বা পৰমানন্দ।
'সহজ' এনে এটা অৱস্থা যাক পালে সাধকৰ নায়িক জগতৰ জ্ঞান সম্পূর্ণ নষ্ট হয় । তেতিয়া আত্ম-পৰ ভেদ-জ্ঞান নাথাকে, সংস্কাৰ বিনষ্ট হয়, ভৱ-মোহ বিলুপ্ত হয় আৰু শূন্যতা-জ্ঞান লাভ তেতিযা যি নিবিড়-নির্মোহ সুখ পোৱা যায় সেয়েই হৈছে সহজ সুখ। সাধকে সেই সুখত তন্ময় হৈ উম্মত্তবৎ হয়, কোনোৱে তেওঁক সেই মুখৰ পৰা বিচ্যুত কৰিব নোৱাৰে, অর্থাৎ তেতিয়া তেওঁ মুক্তি পায়। ১৯
এই সহজ-তত্ত্বই চৰ্যাপদৰ নানা ঠাইত কেতিয়াবা স্পষ্ট আৰু কেতিয়াবা অস্পষ্ট ভাষাত বৰ্ণিত হৈছে। ভাষাৰ এনেকুৱা দুর্বোধ্যতাৰ বাবেই হৰপ্ৰসাদ শাস্ত্ৰীয়ে চৰ্য্যাপদৰ ভাষাক সন্ধ্যা-ভাষা নাম দিছে। চৰ্য্যাৰ দার্শনিক তত্ত্ববোৰ বিবিধ উপমা, স্পষ্ট ৰূপক আৰু অস্পষ্ট প্রতীকী ভাষাৰে আপ্তজন-গ্ৰাহ্যৰূপে ব্যাখ্যা কৰা হৈছে।
আগতে কৈ অহা হৈছে যে চৰ্যাপদবোৰ তত্ত্ব-ৰহস্যৰে ভৰা আৰু সেইবোৰ ৰূপকাত্মক । গছ, নাও, কুম্ভীৰ, হাতী, হৰিণ, চন্দ্ৰ পুখুৰী ডবা-খেল মণি-মুক্তা, বারুণী, শুণ্ডিনী, তাঁতী, শবৰী, চণ্ডালী গঙ্গা, যমুনা, পৰ্ব্বত, বন, লতা, ৰথ, দিন, ৰাতি ইত্যাদিক ৰূপক স্বৰূপে লৈ সহজীয়া তত্ত্ব ব্যাখ্যা কৰা হৈছে। কুকুৰীপাদৰ চৰ্য্য। এটিৰেই এই কথাৰ মৰ্মাৰ্থ বুজিব পাৰি
তুলি ছহি পিটা ধৰণ নজাই । ৰুখেৰ তেস্কেলি কুম্ভীৰে খাঅ । আঙ্গণ ঘৰপণ শুন ভো বিআতী । বৌদ্ধধর্ম ও সাহিত্য, পৃঃ ৭২-৭৩ ২০। অসমীয়া সাহিত্যৰ ৰূপৰেখা, পৃঃ ৫৩
কাণেট চৌৰি নিল অধৰাতী ।। লুলুৰা নিদ গেল বহুড়ী জাগঅ ।
কাণেট চোৰে নিল কা গই মাগঅ ॥ দিবসই বহুড়ী কাড়ই ডৰে ভাঅ । ৰাতি ভইলে কামৰু জাঅ ॥
অর্থাৎ দুলি ( কাছ ) দুহি ( দোহন কৰি, দুধ খীৰাই ) পাত্ৰত নধৰা হৈছে । গছৰ তেঁতেলি কুম্ভীৰে খায়। হেৰা বোৱাৰী, চোতাল-ঘৰৰ পিনে চোৱা আৰু শুনা । চোৰে আধা ৰাতিতে কাণৰ সোণ। নিলে । শঙ্কৰেক টোপনি গ'ল, বোৱাৰীয়েক জাগি আছে। কাণৰ সোণা চোৰে নিলে, ( এতিয়া ) কাক গৈ মাগিব ? দিনত বোৱাৰীয়ে কাউৰীৰ মাতত ভয় পায়, কিন্তু ৰাতি হলে কামৰূপলৈ যায় । উক্ত কথাখিনি ওপৰে ওপৰে চালে সহজ ; কিন্তু ইয়াৰ ভাৱৰ তাৎপৰ্য্য অতি গভীৰ ইয়াত কুম্ভক যোগৰ দ্বাৰা সহজানন্দ উপভোগ কৰাব কথা বর্ণনা কৰা হৈছে । যিবিলাৰু অনভিজ্ঞ অবিদ্যা-মোহাচ্ছন্ন লোক সিবিলাকে চিত্তক নির্বাণ পথত পৰিচালিত কৰি সহজানন্দ লাভ কৰিব নোৱাৰে । কিন্তু সদ্গুৰুৰ উপদেশ লৈ কুক যোগৰ দ্বাৰা দেহ-তৰুৰ দ্বাৰা দেহ-তৰুৰ ফলস্বৰূপ চিত্তক নিঃস্বভারী (পাৰ্থিৱ বাসনামুক্ত ) কৰিব পাৰি। দেহ-তুল্য ঘৰৰ ওচৰতেই মহাসুখৰ আঙিনা ৰৈ আছে । হে দু,খবিনাশিনী অৱধূতী নৈৰাত্মাদেৱী, আমাক সেই স্থানলৈ চলাই নিয়া। তাত আমি আধা বাতিতে কুম্ভক যোগৰ দ্বাৰা স্থিৰভাৱে বায়ু সেৱন কৰি সহজানন্দ উপভোগ কৰিব পাৰিম। সেই সময়ত শ্বাসবায়ু স্থিৰ হৈ যেতিয়া অতীন্দ্রিয আনন্দত প্রযুক্ত হয় তেতিয়া ভৱবিকল্পাদি ভাৱ খাতৰি গৈ যোগীৰ শুদ্ধ প্রকৃতি স্বরূপিণী বোৱাৰী জাগি থাকে আৰু সহজানন্দত চিত্ত বিলীন হয়। চিত্তৰ সজাগ অৱস্থাত যেতিয়া ইন্দ্রিয় সতেজ অৱস্থাত থাকে তেতিয়াই দিন। দিনত জগতৰ ভয়াবহ সৃষ্টি আৰু দুখময় পৰিণতি দেখি পৰিশুদ্ধ অৱধৃতী দেৱীস্বৰূপিণী বোৱাৰীয়ে নিজেই ভীত হৈ পৰে । কিন্তু ৰাতি হলে
অৰ্থাৎ প্রজ্ঞা-জ্ঞানৰ উদয় হলে ইন্দ্ৰিয়াদিৰ সুষুপ্তি হেতু চিত্ত পৰিশুদ্ধ হৈ মহাসুখত গমন কৰে।
আধ্যাত্মিক উপমাৰে ভৰা আন এটি চৰ্যা ( ৪৫ ) -- নন-তৰু পাঞ্চ ইন্দি ত সাহা।
আসা বহল পাহ বাহা
অৰ্থাৎ - মন তৰুৰ দৰে, পঞ্চেন্দ্রিয় তাৰ শাখা, আৰু বহুল বাসনা সেই তকৰ ফল-পাত স্বৰূপ ।
কোনো কোনো চৰ্য্যাত তন্ত্র আঞ্চ যোগ সম্বন্ধীয় মতবাদ আছে। এইবোৰে। আত্মজ্ঞান লাভৰ আনুষ্ঠানিক সাধনা মাত্র। যোগ সাধনা পৌৰাণিক জ্ঞান-সাধনাৰ ৰূপান্তৰ বুলিব পাবি। সেইদৰে তান্ত্রিক সাধনাও আত্মম্লান লাভৰ অন্যতম উপায় - ইয়াৰ উদ্দেশ্য বাহিৰৰ কোনো দেৱতাৰ পৰিতুষ্টি সাধন নহয়। অধ্যাপক বহুৱে চৰ্য্যাবোৰৰ তিনিটা প্রধান ভাগ দেখুৱাইছে - দার্শনিক তত্ত্ব সম্বন্ধীয়, যোগ সম্বন্ধীয় আৰু তন্ত্র সম্বন্ধীয় । ১, ৫ - ১০, ১২২৩, ২৬, ২৮-৩৫, ৩৭ - ৫° সংখ্যক চৰ্যাত প্ৰধানকৈ দার্শনিক তত্ত্ব সম্বন্ধে আলোচনা আছে। ২, ১, ৩৬ সংখ্যক চৰ্যাত যোগ আৰু ৩, ৪, ২৭ সংখ্যক চৰ্যাত তান্ত্রিক মতবাদৰ উল্লেখ পোৱা যায়। ইয়াৰ বাহিৰেও কোনো কোনো চৰ্য্যাত যোগ আৰু তন্ত্ৰৰ সৈতে তত্ত্বৰ আলোচনাও ৰৈছে । ১৪ নং চৰ্যাটি ইয়াৰ উদাহৰণ। ২১
সাংসাৰিক জীৱন-যাত্ৰাত প্রযোজ্য দৈনন্দিন ব্যৱহাৰিক নীতিনিয়ম, নৈতিক আৰু আধ্যাত্মিক নীতি-উপদেশেৰে এই চৰ্য্যাপদবোৰ পৰিপূৰ্ণ। কোনো ক্ষেত্ৰত তুলা বা কপাহ ধুনা কাৰ্য্যৰ দ্বাৰা, কোনো ঠাইত তাঁতী, শৱৰ, ডোম প্রভৃতি কৰ্মজীৱীৰ ব্যৱসায়িক প্রসঙ্গৰ দ্বাৰা, কোনো ঠাইত ব। বিৱাহ-প্ৰসঙ্গ অথবা বৰযাত্ৰীৰ শোভাযাত্ৰাৰ বিৱৰণ যোগে, কোনো ঠাইত নাৱৰীয়াই নদী পাৰ কৰা, ধোবাই কাপোৰ ধোৱা, মাছমৰীয়াই মাজ নদীত জালেৰে মাছ ধৰা, কেতিয়াবা আকৌ উদ্দেশ্য সিদ্ধিৰ অৰ্থে ২১। বসু, চৰ্যাপদ, ভূমিকা
সাঁকোত উঠি গভীৰ খাল পাৰ হোৱা ইত্যাদি ৰূপকৰ দ্বাৰা সহজীয়া ধৰ্মৰ দার্শনিক তত্ত্ব ব্যাখ্যা কৰা হৈছে । ২ উদাহৰণ স্বৰূপে বিৰুৱাপাদে ৩নং চৰ্যাটিত মানৱ দেহৰ অঙ্গ-প্রত্যঙ্গ, চিন্তাভাৱনা, জ্ঞান-প্ৰজ্ঞান প্রভৃতিৰ মাজেৰেই সহজীয়া ধৰ্মৰ তত্ত্ব ব্যাখ্যা কৰিছে । ইয়াত তেওঁ অস্পৃশ্যা নাৰী, মদ, পাত্র আদিকো উপমা স্বৰূপে প্ৰয়োগ কৰিছে। চৰ্য্যাটিত অস্পৃশ্য। নাৰী শুঙিনী হ'ল নৈৰাত্মাদেৱী বা অৱধূতিকা নাড়ী; ললনা আৰু ৰসনা নাড়ী দুডালক দুটা ঘবব দ্বাৰা বুজোৱা হৈছে. 'চিকুণ বাকলি' শব্দ দুটাই অবিদ্যাবর্জিত শূন্যতত্ত্বক বুজাইছে। বারুণী-মদ হ'ল মহান্মুখৰ উপকৰণ। সেইদৰে 'দশমি দুআৰ' মানে বৈৰোচন দুৱাৰ অৰ্থাৎ নিৰ্বাণ-প্ৰাপ্তিৰ পথ । এই পথত সিদ্ধসকলে অবতীর্ণ হ'ব পাৰিলে নির্বাণ লাভ কৰিব পাৰে। আন আন চৰ্যা গীততো গীতিকাৰ সকলে সহজীয়া তত্ত্ব দাঙি বৰোতে দ্বাৰ্থক শব্দ আৰু চিত্রকল্প প্রয়োগ
কৰিছে । মুঠতে, চৰ্যাপদবোৰ সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে এবিধ ধর্মীয় গীত, সহজীয়া পন্থী সকলৰ বাবে নির্বাণ-প্ৰাপ্তিৰ উপায়-সম্বল আৰু গুৰু-শ্ৰেণীৰ পক্ষে সেইবোৰ হ'ল সহজযানৰ দার্শনিক তত্ত্বৰ ভঁৰাল ।
২২' ড° সত্যেন্দ্রনাথ শৰ্মা, অসমীয়া সাহিত্যৰ ইতিবৃত্ত
| pdf |
5bfa0a6438cfcbc4da4c954625e658ced4690552 | আজি আন্তৰ্জাতিক সুখ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত আন্তৰ্জাতিক সুখ দিৱস বিশ্বজুৰি উদযাপন কৰা হয়। এইবাৰ আন্তঃৰাষ্ট্ৰীয় সুখ দিৱসৰ থিম হৈছে 'Be Mindful. Be Grateful. Be Kind' অৰ্থাৎ 'সচেতন হওক, কৃতজ্ঞ হওক আৰু দয়াশীল হওক। " আন্তৰ্জাতিক সুখ দিৱস, যাক বিশ্ব সুখ দিৱস বা সুখ দিৱস বুলিও কোৱা হয়, প্ৰতি বছৰে ২০ মাৰ্চত উদযাপন কৰা হয়। সাধাৰণ পৰিষদে ২০১২ চনৰ ১২ জুলাইত ২০ মাৰ্চক আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস হিচাপে ঘোষণা কৰে। | web |
6e1477b56f5f278a80b28d7e9dff46c77043fec5fd526b2e55f327767a1f642d | যুগনায়ক শঙ্কৰদেৱ
"( মধ্যযুগৰ ) সেই ঘোপমৰা আন্ধাৰতে গুনিবলৈ পোৱা হ'ল নৱজন্মৰ কেহুজালি; (জ্ঞানৰ ) এই নৱজন্মৰ আন্দোলনে মধ্যযুগৰ আন্ধাৰ তথা আত্মাৰ নাগ-পাশ বন্ধনৰ বিৰুদ্ধে ধর্মযুদ্ধ ( ক্রুছেড) আৰম্ভ কৰিলে। মানৱ শৰীৰ অনিত্য সচা, সংসাৰেই অনিত্য ; কিন্তু অনিত্যক পাবলৈ বা ভৱ-সাগৰ তৰিবলৈ ইয়াতকৈ ভাল তৰণী নাই : ইন্দ্রিয়সমূহ লাগতিয়াল কিন্তু বিশ্বাসঘাতক লগুৱা সচা, এতেকে সাৱধানে সিহঁতক সব্জ কামত সততে লগাই থ'ব লাগে যাতে আমি পাছত তাৰ বাবে অনুতাপ কৰিবলগা নহয় - "নকৰিলে। শিৰে মাধৱক নমস্কাৰ। ইটো মাথা গোট মোৰ ভৈল মহাভাৰ ॥" ইত্যাদি। এয়ে আত্মাৰ মুক্তিৰ বাবে (জ্ঞানৰ ) নৱজন্ম আন্দোলনৰ অভিনৱ পন্থা।
একে বানপানীয়েই নৈক নৈ, খালক খাল, পুখুৰীক পুখুৰী আৰু বিপ্লক বিলৰূপে পৰিপূৰ্ণ কৰে ; একে নৱজন্মৰ আন্দোলনেই সেইদৰে হুকীয়া জাতিৰ সুকীয়াৰূপে নিজ অভীষ্ট আৰু বৈশিষ্ট্য পূৰণ কৰি দিলে। ইউৰপীয় নৱজন্মৰ আবিৰ্ভাৱ হ'ল গ্ৰীছ আৰু ৰ'মৰ পুৰণি সাহিত্য-কলা আদিৰ পৰা, আৰু ভাৰতীয় নৱজন্মই পাশ্চাত্য পুৰাণৰ ফীনিক্স চৰাইৰ দৰে মৰি নিজ অসমৰ পৰা অৰ্থাৎ গীতা-উপনিষদৰ মৰ্মৰ পৰাই নৱ-বৈষ্ণৱ ধৰ্মৰ ৰূপ ললে। আকৌ ইউপতেই ইংলণ্ড জার্মাণী প্রভৃতি দেশে এই নৱ-জন্ম আন্দোলনক গঢ় দিলে ধর্ম-নীতিৰ ভিতৰেদি ; কিন্তু ফ্রাঞ্চে গ্ৰীছ ইটালি আদিৰ দৰেই ইয়াক ৰূপ দিলে ইন্দ্রিয়ালুত। তথা কলা-সৌন্দৰ্যৰ মাজেদি। কিন্তু এই ইন্দ্রিয়ালুতা ইন্দ্ৰিয়-সেৱাৰ কথাৰ নিচিনা বুলি ভাবিলে হব ; ইয়াৰ গুৰিত থকা নৈতিক দর্শন এনে : দেহ আত্মাৰ মন্দিৰ, আৰু আত্মাৰ দৰেই ইয়াক পৱিত্ৰভাৱে ৰাখিব লাগে। ভাৰতবৰ্ষতে। আকৌ তেনেকৈ এই অসমে, ইংলও জার্মানী আদিৰ দৰে গীতা-ভাগৱতৰ ধৰ্ম (নীতি ) নিৰহ-নিপানী দাস্য ধৰ্মৰূপে গ্ৰহণ কৰিলে; আৰু বঙ্গই ফ্রাঞ্চ, আদিৰ নিচিনাকৈ তাক ন ন মছলাৰে সুগন্ধি কৰি ৰাধা-যুক্ত "মধুৰ" ধৰ্ম-ৰূপে ল'লে। ই জাতীয় স্বভাৱৰ গুণ নিশ্চয়।"
- নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী, ১৯৬৫
| pdf |
573ce914e4d20e71ac35a1d0b8e3c80aa2fe18a9 | আনুষ্ঠানিক শিক্ষা অবিহনে গোলাঘাট ধনশিৰি এজন যুৱকে সাজি উলিয়ালে এখন তিনি চকীয়া বাহন।
গোলাঘাট ধনশিৰি উৰিয়ামঘাটৰ এই যুৱকজনৰ নাম ঋষি বসুমতাৰি । ৰূপহী গাঁৱৰ এই যুৱকজনে নিজৰ কৰ্মস্থলীলৈ যাবলৈ কোনো বাহন নাছিল । যাৰ ফলস্বৰূপে নিজে এখন বাহন সাজি উলিয়াত মনস্থ কৰে ।আৰু পৰৱৰ্তী সময়ত নিজ হাতে তিনি চকীয়া এখন বাহন সাজি উলিয়াই। উল্লেখযোগ্য যে ঋষিয়ে এই বাহন খনত বাঁহৰ,বেতৰ লগতে লোহ সামগ্ৰীও ব্যৱহাৰ কৰিছে ।
জানিব পৰা মতে অন্য বাহনৰ দৰে এই বাহনখনতোও আছে গিয়েৰ,ক্লাছ, এক্সেলেটৰ। পিছে বৰ্তমানলৈকে চেল্ফ ষ্টাৰ্ট আৰু ব্ৰেক গিয়েৰৰ ব্যৱস্থা কৰিব পৰা নাই ঋষিয়ে।
ইতিমধ্যে ঋষিয়ে নিৰ্মাণ কৰি উলিওৱা এই বাহনখনৰ সফল পৰীক্ষণো সম্পন্ন হৈছে। প্ৰায় ৪০ কিলোমিটাৰ স্পীডত এই বাহন খন যাব পাৰে। ঋষি এই সাফল্যত অঞ্চলবাসী আনন্দিত হৈছে।
খবৰ যুগুতালে দিবাকৰ বৰাই..
আনুষ্ঠানিক শিক্ষা অবিহনে গোলাঘাট ধনশিৰি এজন যুৱকে সাজি উলিয়ালে এখন তিনি চকীয়া বাহন।
| web |
25f9159bff9c3d6ba8eb84fe7f1589d6bf2fa5575cbbbd2c7dcf683f172d759b | মহানদী, তুমি নির্মম আৰু হিংস্ৰ হোৱা উন্মাদ আৰু উত্তাল।
তুমি আঁহা
তুমি পাৰ ভাঙি আঁহা আৰু বান্ধ ভাঙি । এই ইতিহাস উটি যক
তোমাৰ প্লাবনৰ উম্মত্ত ক্ৰোধত,
আৰু মোৰ জীৱন, মোৰ ৰন্ধন আৰু সকলো ।
মোক ধ্বংস দিয়া, মহানদী,
আৰু শূন্যতা । তোমাৰ অহংকাৰে মোক এটা বিন্দু কৰক,
মোৰ মৰমে গঢ়া এই পৃথিৱী
ভাঙি-ছিঙি চুৰমাৰ কৰি । মই এটা ঢৌ হ'ম
মহাসাগৰৰ সীমাহীনভাত,
মহা আকাশৰ বুকত এট; আলোক-পলক ।
মোক বিলাই দিয়া, মহানদী, মোক মিলাই দিয়া ।
মৃতু আৰু জীৱন
সেই মৃত্যু মই দেখিছো যি মৃত্যু ভুইকঁপ হৈ
আকাশৰ পৰা বাগৰি পৰে
| pdf |
651b922ded534c6c8661fdd1dd25b08f195f99a5 | Begin typing your search above and press return to search.
ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন(আই আই এম চি)-এ সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ১টা।
বয়সৰ সীমাঃ ২৯-০৭-২০২০ত সৰ্বোচ্চ ৩৫বছৰ।
দৰমহাঃ মাহিলী ৪৫ হেজাৰ টকা।
নিযুক্তিৰ স্থানঃ নতুন দিল্লী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৩-০৮-২০২০।
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে সাক্ষাতকাৰ।
আবেদনৰ নিয়মঃ আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অহা ৩ আগষ্টৰ বিয়লি পাঁচ বজাৰ পূৰ্বে পোৱাকৈ debmnre@gmail. comলৈ বায়োডাটা প্ৰেৰণ কৰিব পাৰিব।
সবিশেষ জানিবলৈ http://iimc. nic. in/WhatsNews_Description. aspx? News_id=50736 চাওক। | web |
4d94b8603880c4d271733b7f2e48c0323a444351 | বৃষ : বন্ধু-বৰ্গৰ পৰা উৎসাহ পাব। বুদ্ধিজীৱীৰ তথা সংস্কৃতি প্রেমীৰ অনুকূল। বিদ্যাত বেয়া নহ'ব। কোনােৱে আকস্মিক চিন্তাত পৰিব পাৰে। দাম্পত্যত বুজা-পৰাৰ অভাৱ। শুভ ৰং মেৰুণ।
মিথুন : পূর্ব দিনৰ তুলনাত আজিৰ দিনটো বহুলাংশে আশাপ্রদ। কোনাে ফল স্বৰূপ মনত শান্তি আহিব। মানসিক অযথা চিন্তাক নিয়ন্ত্রণ কৰক।
কর্কট : ব্যৱসায়িক ক্ষেত্ৰত আপােনাৰ দক্ষতা থাকিব। আত্মীয়ৰ বাবে কিছু দুৰ্ভাৱনা থাকিব। বাকী দিশ মােটামুটি ভালেই দেখা যায়। ব্যৱসায়িৰ উন্নতিৰ আশা আছে। শুভ ৰং বগা।
সিংহ : পঢ়াত মধ্যম ফল পাব। কর্মস্থানত ভালেই দেখা যায়। স্বজ্ঞানিক কামত ব্যৱহাৰ কৰিলে উপকৃত হ'ব। পাৰিবাৰিক সমস্যাত বিব্রত হ'ব পাৰে। আর্থিকত ব্যয়। শুভ ৰং ক্রীম।
কন্যা : শাৰীৰিক কিছু উন্নত। যােগ্য ব্যক্তিৰ মান-সম্মান প্রাপ্তিৰ মৃদু আভাষ। ৰাজহুৱা কামতাে তদ্রুপ। কর্মক্ষেত্ৰত কিছু অগ্রগতি লাভ কৰাৰ চেষ্টা কৰক। শুভ ৰং কলা।
তুলা : মজলীয়া ফল। বাঞ্ছিত কর্মত কিছু অগ্রগতি। ভাই-ভনীৰ পৰা মনত কষ্ট পােৱাৰ সম্ভাৱনা। বাকী বিষয়ত ভালেই। দূৰ ভ্ৰমণ স্থগিত ৰাখক। সুসংবাদ লাভ। শুভ ৰং নীলা।
বৃশ্চিক :উৎসাহপূর্ণ সংবাদ। মুকলি পৰিৱেশ। ঘৰুৱাতাে ভালেই। সন্তান- সন্তুতিৰ লগত মিলি ভাল পাব। কর্মস্থানত বাধা কম। আর্থিকত নতুন সুযােগৰ আশা। বন্ধুৰ পৰা সুখ। শুভ ৰং কমলা।
ধনু : কর্মক্ষেত্ৰত উৎসাহ লাভ। কোন আত্মীয়ৰ পৰা দুসংবাদ পাব পাৰে। কর্মস্থানত যােগ্যতা থাকিব। প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্যত আহি উপকৃত হ'ব পাৰে। শুভ ৰং হালধীয়া।
মকৰ : অস্থিৰতা পাৰিলে বর্জন কৰক। শৰীৰ বিশেষ ভাল বুলি ক'ব নােৱাৰি। অৱশ্যে দুই এক সম্ভাব্য যােগাযােগত মিশ্রিত আনন্দ পাব। ঘৰুৱা চিন্তা থাকিব। শুভ ৰং গােলপীয়া।
কুম্ভ : কর্মক্ষেত্ৰত কোনাে নভবা প্রসংগই আমনি দিব পাৰে। মানসিক দিশত জেদ ভাব আগ্রহ হ'ব। বিদ্যাত চেষ্টাৰ সুফল পাব। ব্যৱসায়ী সকলৰ নতুন সুযােগ আশা। শুভ ৰং গেৰুৱা।
মীন : কর্ম আৰু ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব। শত্ৰুৰ পৰাক্ৰম কমিব। ভ্ৰমণৰ ফলত আনন্দ। নিবনুৱাৰ কর্মসংস্থাপৰ কিছু আশা আছে। | web |
b66ca0ebedecab57ca73547cb411d94f8c3d88161feaedd61d8deb81b6c77fd4 | অৱগত হ'লো। উদাহৰণ স্বৰূপে জটিল আলোড়ন এটা বেলেগ বেলেগ অৱস্থাত কেনেকুৱা আচৰণ কৰিব! এনে স্বাভাৱিক জ্ঞানে এটা গাণিতিক আৰ্হি বিকাশ কৰাত যথেষ্ট সহায় কৰে। অৱশ্যে এনে আৰ্হিৰ বিশদ বিশ্লেষণ কৰিব পাৰি। শেষৰ পৰীক্ষাটো হ'ল তত্ত্ব আৰু পৰীক্ষাৰ মাজত সৃষ্টি হোৱা মতভেদ । এনেক্ষেত্ৰত ভৌতিক স্বাভাৱিক জ্ঞানৰ ধাৰণাই আৰ্হিটো পৰিশোধিত কৰিব পাৰে।
তাত্ত্বিক আৰু পৰীক্ষামূলক বলবিজ্ঞানৰ এজন অতি মহান পাৰদৰ্শী বিজ্ঞানী কুৰি শতিকাৰ ছাৰ জিয়ফ্ৰি টেইলৰ, ট্রিনিটি কলেজৰ ফেল' তেওঁৰ বিশেষ এটা আৱিষ্কাৰৰ বাবে অতি বিখ্যাত। সেই আৱিষ্কাৰ হ'ল সমাক্ষ (Co-axial) দুটা ঘূৰি থকা চুঙাৰ মাজত হোৱা প্ৰবাহ। "টেইলৰ আৱৰ্ত্ত" (Taylor vortices) এই বিশেষ আৱৰ্তৰ নাম দিয়া হ'ল ১৯২৩ চনত। জি. আই (সকলোৱে তেওঁক এই নামেৰেই জানিছিল) ১৯৬০ চনলৈকে গৱেষণাৰ ক্ষেত্ৰত সক্ৰিয় হৈ আছিল। তেওঁ কেম্ব্ৰিজত থকা তৰল বলবিজ্ঞানৰ যুৱ-প্ৰজন্মক সদায়েই অনুপ্ৰেৰণা যোগাইছিল। তেওঁৰ প্ৰাকৃতিক জ্ঞান আছিল অতুলনীয় আৰু তেওঁ যি ঘটনাকে অনুসন্ধান কৰিছিল সেই ঘটনাত যথাযোগ্যভাৱে গণিত প্ৰয়োগ কৰাৰ চমৎকাৰ কৌশল আয়ত্ত কৰিছিল। কেৱল কলা-কৌশল প্ৰদৰ্শনৰ বাবেই গাণিতিক জটিলতাৰ সৃষ্টি কৰাৰ কোনো মানে নাই; প্রধান কলা হ'ল গণিতক প্রাকৃতিক ঘটনাবোৰ বুজাবলৈ সহজভাৱে প্ৰয়োগ কৰা। কিন্তু নিয়ন্ত্ৰিত নীতি আৰু তৰল গতিবিজ্ঞানৰ সমীকৰণ নিৰ্ধাৰণ কৰিবলৈ প্ৰাকৃতিক ঘটনাবোৰৰ প্ৰকৃত ৰূপ চিনি পাব লাগিব। আহ, তাতেই হ'ল সমস্যা।
১৯৬২ চনত মই কৰা থেছিছৰ বিষয় আছিল 'চুম্বকীয় তৰল গতিবিজ্ঞানৰ আলোড়ন" অর্থাৎ বিদ্যুৎ পৰিবাহী তৰলৰ আলোড়ন (এফালে আয়ণিত গেছ, আনহাতে তৰল ধাতু), যিটো বিষয় জ্যোতির্বিজ্ঞান, ভূ-পদার্থবিজ্ঞান, তাপ নিউক্লীয় সংযোজন প্ৰক্ৰিয়া আৰু আভিযান্ত্ৰিক বিজ্ঞানত অতি দৰকাৰী। তেনে তৰল পদাৰ্থত চুম্বকীয় ক্ষেত্ৰৰ বলৰেখাবোৰ তৰলৰ মাজত গোট মাৰি যায়। কথাটো এনেকুৱা যে তৰলটোৱে বলৰেখাবোৰক ইলাষ্টিক সূতাৰ দৰে পৰিবহণ কৰে; যিটো ঘটনা মানুহে মনৰ চকুৰে চাব পাৰে। একে সময়তে সিহঁতে তৰলৰ ভিতৰত এনেদৰে বিস্তাৰ কৰে যাতে বলৰেখাবোৰ ছিগি যায় বা নতুনকৈ যোৰা লাগে, আৰু সিহঁতৰ সাংস্থিতিক পৰিৱৰ্তন (Topological Change) হয়। এই ধাৰণাবোৰ এতিয়া সকলোৰে পৰিচিত; কিন্তু ১৯৬০ চনত এনে ধাৰণা বেছি নাছিল বা সিহঁতৰ প্ৰয়োগ সম্পর্কেও বিজ্ঞানীসকলে বুজা নাছিল। এই প্রত্যাহ্বান তেতিয়া বৰ ডাঙৰ আছিল আৰু মই নিজকে সৌভাগ্যবান বুলি ভাবোঁ এই কাৰণেই যে ইয়াৰ বিকাশৰ প্ৰথম অৱস্থাতে বিদ্যুৎচুম্বক আৰু তৰল গতিবিজ্ঞানৰ আন্তঃক্ৰিযাৰ উত্তেজনামূলক ক্ষেত্ৰত মই জড়িত আছিলো। তেতিয়াৰ
পৰা নিয়মিতভাৱে মই ইয়াৰ কাম কৰি আছোঁ।
আৰম্ভণিৰে পৰা কেম্জিত মই গণিতৰ পাঠদান কৰিছিলো। এই শিক্ষকতাই মোক গৱেষণাৰ ক্ষেত্ৰত বহুত সহায় কৰিছিল। ১৯৬২ চনত মই পৰীক্ষাৰ বাবে এটা সমস্যাৰ সন্মুখীন হৈছিলো। দুখন দৃঢ় পৃষ্ঠৰ সীমাত, পৃষ্ঠ দুখনে কৰা চুকটোত বৈ যোৱা তৰলৰ প্ৰবাহ নিৰ্ণয় কৰিব লগা হ'ল। এই সমস্যাটো সমাধান কৰিবলৈ যাওঁতে আচৰিত ধৰণৰ এক বিপৰীত ধাৰণাৰ পথ মুকলি হ'ল। সেইটো হ'ল কোণীয়া প্ৰবাহত (Corner flow) সৰু সৰু অসংখ্য পকনীয়াৰ সৃষ্টি হ'ব। ১৯৬৪ চনত মই এই বিষয়ে এটা প্ৰবন্ধ প্ৰকাশ কৰিলো। পোন্ধৰ বছৰ পাছত অর্থাৎ ১৯৭৯ চনত জাপানৰ টানেদাই এটা সুন্দৰ প্ৰবাহ পৰীক্ষাত চকুৰে দেখা পোৱাকৈ পকনীয়াৰ সৃষ্টি হোৱা কথাটো প্ৰমাণ কৰিলে। এইটো কিমান সন্তুষ্টিৰ কথা যে ইমান দিনৰ পাছত এটা তত্ত্ব পৰীক্ষামূলকভাৱে প্ৰমাণ কৰা হ'ল।
মই নিজে পৰীক্ষাবিদ নহ'লেও অপেশাদাৰী হিচাপে পাকঘৰৰ বেচিনতে বহুতো পৰীক্ষাৰ সন্ধান পাওঁ। ১৯৭৭ চনত মই তেনে এটা পৰীক্ষাৰ এটা প্ৰবন্ধ পত্ৰিকাত প্ৰকাশ কৰো। পৰীক্ষাটো হ'ল সান্দ্ৰ তৰল (viscins loquid)ৰ উদাহৰণ স্বৰূপে সোণালী চিৰাপৰ ডাঠ চামনি এটা নিজৰ অক্ষত ঘূৰি থকা অনুভূমিক চুঙা এটাৰ ওপৰত কেনেকৈ সমানভাৱে বিস্তৃত হৈ পৰিব আৰু তাৰ জটিল গতিতত্ত্ব কি হ'ব। এই সমস্যাটো প্রথম মোৰ মনলৈ আহিছিল তেতিয়া, যেতিয়া মই ১৯৭৪ চনত ICTPৰ গ্ৰীষ্মকালীন স্কুলত হোৱা ভি. পুখনাচেভে তৰল গতিবিজ্ঞানক তাত্ত্বিক পদার্থ বিজ্ঞানৰ ওপৰত দিয়া এটা বক্তৃতা শুনিছিলো। ICTP ৰ স্কুলত হোৱা এই স্কুলে তৰল গতিবিজ্ঞানক তাত্ত্বিক পদার্থ বিজ্ঞানৰ অবিচ্ছেদ্য অংশ হিচাপে প্ৰতিষ্ঠা কৰিলে) যিয়ে উল্লিখিত পৰীক্ষাটো কৰি চাইছে সিয়ে অতিশয় বিস্মিত হয় - যেতিয়া দেখে যে তৰল পদাৰ্থখিনিয়ে চুঙাটোৰ কাষত সমান সমান ঠাইৰ আঁতৰে আঁতৰে শাৰী শাৰী আঙঠিৰ দৰে তৰলৰ সৰু সৰু ঢৌৰ সৃষ্টি কৰে। চুঙাটোৰ লগে লগে প্ৰতিটো আঙঠি লাহে লাহে ঘুৰিবলৈ ধৰে। এই পৰীক্ষাটোৱে তৰল গতিবিজ্ঞানৰ ঘাই অংশ সান্দ্ৰ প্ৰবাহৰ বহুতো কথা স্পষ্ট কৰে। সেইবিলাক হ'ল স্থিৰ প্ৰবাহৰ অস্তিত্ব। এই প্ৰবাহৰ, সুষমতা, ঢৌৰ থিয় দঙা, বিচ্ছিন্ন গঠন, মুক্ত পৃষ্ঠত ঢৌৰ কটাকটি, সূক্ষ্মভাৱে ঢৌৰ মিশ্রণ, আমাৰ ৱ্যৱহাৰিক জীৱনত লগা তেল আৰু ভিনেগাৰৰ দৰে বিভিন্ন তৰলৰ মিহলি কৰা প্ৰক্ৰিয়া ইত্যাদি । ভাবাচোন, ইয়াৰ পাছত চালাডৰ ওপৰত লগোৱা বিভিন্ন তৰলৰ মিশ্রণ, দৈত মৌৰ মিশ্ৰণ। মিশ্ৰণ প্ৰক্ৰিয়াই তাৰ সোৱাদবোৰ বঢ়াই নোতোলেনে?
এটা ভাল দলৰ লগত কাম কৰা
মার্কহু মহিংস্কি
য়ুনিভার্ছাইদাদ নেচনেল অটনমা দ্য মেক্সিকো, মেক্সিকো
মোৰ জীৱনত বিজ্ঞানৰ প্ৰতি আগ্রহ দেৰীকৈ জন্মিছিল। প্রাইমেৰী আৰু হাইস্কুলত পঢ়োঁতে মই গড় হিচাপে ভাল ছাত্ৰহে আছিলো।
যদিও মোৰ পিতৃ-মাতৃৰ জ্ঞানৰ প্ৰতি গভীৰ আকৰ্ষণ আছিল, তেওঁলোক ১৯২৭ চনত ৰাছিয়াৰ পৰা মেক্সিকোলৈ অনুপ্রবেশকাৰী হৈ আহিছিল। গতিকে জীৱিকাৰ পথ উলিয়াই জীৱন যাপন কৰাত ইমান ব্যস্ত হ'বলগীয়া হৈছিল যে হাইস্কুলৰ পাছত তেওঁলোকে শিক্ষা ল'বলৈ অপাৰগ হৈছিল।
মই হাইয়াৰ ছেকেণ্ডাৰীৰ তৃতীয় বৰ্ষত এজন গণিতৰ শিক্ষক পালো। তেওঁ গণিতৰ এটা পৰীক্ষা লৈছিল আৰু পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলকহে গণিত বিষয়ত পঢ়িবলৈ দিয়া হৈছিল। সেই পৰীক্ষাত সকলোতকৈ মই বেছি নম্বৰ পাই নিজেই বিস্মিত হৈছিলো।
ঘটনাটোৱে মোক বিষয়টোৰ প্ৰতি আগ্ৰহী কৰি তুলিলে। আৰু অন্যান্য ছাত্ৰতকৈ মই সেই পাঠ্যক্রম আগতেই শেষ কৰিলো। মেক্সিকোেত স্কুলৰ শেষৰ বছৰ কেইটাত ছাত্ৰসকলে নিজ নিজ বাছনিৰ বিষয়ৰ ওপৰত সংজ্ঞা দিব লাগিছিল; আৰু কলেজত সেই বিষয় লৈ পঢ়িবলৈ কিছু প্রস্তুতিৰ দৰকাৰ হৈছিল। মই পদাৰ্থ বিজ্ঞান আৰু গণিত বাছি লৈ ভৱিষ্যতে ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছিলো। হাইস্কুল শেষ হোৱাৰ পাছত দেখা গ'ল যে মই বিশেষ এক মানসিক ৰোগত ভুগিছো আৰু ডাক্তৰে মোৰ কোনো মানসিক চাপ বৃদ্ধি নকৰিবলৈ এবছৰৰ বাবে আনুষ্ঠানিক শিক্ষা বন্ধ কৰিবলৈ ক'লে।
এনেদৰে এটা বছৰ মই (১৯৩৯) নিউয়র্কত কটালো আৰু ব্ৰডৱেৰ ১২ নং ষ্ট্ৰীটত থকা উলৰ কাৰখানা এটাত কাম কৰিবলৈ ল'লো। লগতে কিছুসময় মই ইংৰাজী ভালকৈ শিকাৰ ব্যৱস্থাও কৰিলো।
দ্বিতীয় মহাসমৰৰ আগত মই মেক্সিকোলৈ ঘূৰি আহিলো, মেক্সিকোেত ১৯৩৮
চনত স্থাপিত হোৱা নেচনেল ইউনিভাৰ্ছিটি অব্ মেক্সিকো (UNAM)ত যিবিলাক বিজ্ঞানৰ বিষয় আছিল তাৰ ভিতৰত গণিত আৰু পদার্থবিজ্ঞানো আছিল।
১৯৪০ চনত উল্লিখিত বিষয় দুটা লৈ বিশ্ববিদ্যালয়ত ভৰ্তি হ'লো। দ্বিতীয় বর্ষলৈকে মই সহকাৰী গৱেষক হিচাপে বিশ্ববিদ্যালয়ৰ ইন্ষ্টিটিউট অব্ ফিজিক্সত সহকাৰী গৱেষক হিচাপে নিযুক্তি পাইছিলো। এই ইন্ষ্টিটিউটো ১৯৩৮ চনত প্ৰতিষ্ঠা হৈছিল।
মোৰ প্ৰধান কাম আছিল মহাজাগতিক ৰশ্মিৰ গণনযন্ত্র (counter)ত। ইন্ষ্টিটিউট সঞ্চালক, মহাজাগতিক ৰশ্মিৰ গৱেষণাৰ বাটকটীয়া ড° ম্যানুৱেল ছান্দ 'ভাল ভালাটাৰ প্রাক্তন ছাত্র আছিল ।
মোৰ কামটোৱে পঢ়া-শুনাৰ ক্ষেত্ৰত একো বাধাৰ সৃষ্টি কৰা নাছিল। মই ১৯৪৪ চনত স্নাতক ডিগ্রী লাভ কৰিলো ।
সেই সময়ত আমেৰিকাৰ পৰা অহা তিনিজন বিশিষ্ট গণিতজ্ঞই মেক্সিকোত দীঘলীয়া সময় কটাইছিল, কিয়নো তেওঁলোকৰ ছাত্ৰসকলে দ্বিতীয় মহাসমৰৰ সময়ত সৈন্যবাহিনীত যোগ দিছিল। সেই তিনিগৰাকী গণিত বিশেষজ্ঞ আছিল জৰ্জ বীৰকফ্, নবিট ৱেইনাৰ আৰু ছলমান লেছে। লেফ্ছেটজে প্রিন্সটন বিশ্ববিদ্যালয়ৰ ইউজিন্ উইগনাৰৰ অধীনত, স্নাতকোত্তৰ ডিগ্ৰী ল'বলৈ উপদেশ দিছিল। উইনাৰ সেই সময়ৰ এজন বিখ্যাত পদার্থবিজ্ঞানী আছিল আৰু পাছলৈ নোবেল বঁটা পাইছিল। ১৯৪৫ চনৰ শেষৰ ফালে মই তেওঁৰ সহায়ত সেই বিশ্ববিদ্যালয়ত ভৰ্তি হ'লো; এটা বৃত্তি পোৱাৰ পাছত ১৯৪৯ চনত পি. এইছ. ডি. ডিগ্রী লাভ কৰোঁ।
সেই সময়ত প্রিন্সটন আছিল তাত্ত্বিক পদার্থ বিজ্ঞানৰ মক্কাস্বৰূপ। ইয়াৰ কাৰণ কেৱল উইগনাৰ, হুইলাৰ আৰু বাৰ্গমেনৰ দৰে বিজ্ঞানীসকলেই নহয়, আৰু এটা কাৰণ হ'ল ১৯৪৭ চনত ৰবাৰ্ট অপেনহেইমাৰ এমাইল দূৰত থকা ইন্ষ্টিটিউট অব্ এড্ভান্সড্ ষ্টাডিৰ সঞ্চালক হৈছিল আৰু তেওঁৰ লগত যুৱ-প্ৰজন্মৰ অতি মেধাৱী পদার্থবিদ আৰু গণিতজ্ঞ কেইজনমানে কাম কৰিছিল।
এনেদৰে মোৰ প্রিন্সটনত থকা দিনবোৰ অধিক ফলপ্ৰসূ হ'ল আৰু মেক্সিকোলৈ ঘূৰি আহি UNAMত মই তাত্ত্বিক পদার্থবিজ্ঞানৰ বিকাশ ঘটালো।
প্রিন্সটনত থকা কালত মই এই কথা বুজিছিলো যে আন্তর্জাতিক পর্যায়ত যিকোনো ৰাষ্ট্ৰৰ ভৱিষ্যত শিল্প উদ্যোগ অথবা অস্ত্র-শস্ত্ৰৰ দ্বাৰা যিমান উজ্জ্বল হ'ব তাতোকৈও বেছি উজ্জ্বল হ'ব জ্ঞান-বিজ্ঞানৰ চৰ্চা আৰু দেশবাসীৰ দ্বাৰা বিজ্ঞানৰ সদ্ব্যৱহাৰৰ দ্বাৰাই।
সেয়েহে মস্কোলৈ ঘূৰি অহাৰ পাছত মই মোৰ দেশ বাসীক এনেদৰে এই অৱস্থাৰ বিষয়ে সচেতন কৰিবলৈ বিচাৰিলো আৰু ছাত্ৰ আৰু জনসাধাৰণৰ মাজত বৈজ্ঞানিক জ্ঞান বৃদ্ধি আৰু বিজ্ঞানৰ ব্যৱহাৰিক দিশৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ যত্নপৰ হ'লো।
চল্লিশবছৰীয়া অধ্যাপনা কালত মই স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত পাঠদান কৰিছিলো। প্রথম কাম হিচাপে মই কোৱাণ্টাম বলবিজ্ঞানৰ পাঠদান কৰিছিলো। মোৰ মতে আধুনিক পদার্থবিজ্ঞানৰ ই ভিত্তি স্বৰূপ। দ্বিতীয় কাম আছিল মই গৱেষণাৰ কামত সক্রিয়ভাৱে আগবাঢ়িছিলো।
আন্তর্জাতিক পত্রিকাত মোৰ ২৭৫ খনতকৈও অধিক প্রবন্ধ প্রকাশ পাইছে। মই ত্রিশজন স্নাতকোত্তৰ ছাত্ৰৰ থেছিছৰ দিহা দিছিলো আৰু ১৫ জনে মোৰ অধীনত পি. এইছ. ডি. ডিগ্রী লাভ কৰিছিল। মই আন্তর্জাতিক খ্যাতি লাভ কৰাৰ লগে লগে ১৫ জনতকৈও অধিক পোষ্ট ডক্টৰেল গৱেষকে মোৰ লগত কাম কৰিবলৈ আহিছিল।
মই পাঁচখন কিতাপ লিখি প্ৰকাশ কৰাৰ উপৰিও বাতৰি কাকতত বহু প্ৰবন্ধ প্ৰকাশ কৰিছোঁ। সেইবোৰ বিশেষকৈ "সমাজৰ ওপৰত বিজ্ঞান আৰু শিক্ষাৰ প্ৰভর" সম্পর্কে।
UNAMৰ লগত মোৰ কৰ্মজীৱন সদায়েই জড়িত হৈ আছে যদিও মই বিদেশৰ বহু অনুষ্ঠানত কেইসপ্তাহমানৰ পৰা এবছৰ পর্যন্ত কটাইছোঁ। মই কেতিয়াও অনুভৱ কৰা নাছিলো যে মেক্সিকোেত বৈজ্ঞানিক কাম-কাজ কৰাৰ পৰিবেশ সিমান সুবিধাজনক নহয়। আনহাতে মোৰ বাবে এইটো সুবিধাহে হৈছিল যে উন্নত দেশত সময়ৰ প্ৰত্যাহ্বানত বিশেষ বিশেষ বিষয়তহে কাম কৰাৰ বাবে হেঁচা দিয়া হৈছিল। কিন্তু আমাৰ দেশত আমাৰ আকৰ্ষণীয় বিষয়ত একাণপতীয়াকৈ কাম কৰাৰ সুযোগ নেহেৰুৱাইছিলো -
সঁচা কথা ক'বলৈ গ'লে মই যথাযোগ্য বুলি বিবেচনা কৰা আৰু প্ৰকাশ কৰা কেইটামান বিষয় পাছত সকলোৰে জনপ্ৰিয় হ'ল। উদাহৰণ স্বৰূপে কোৱাণ্টাম বলবিজ্ঞানৰ কেননিকেল টেন্সফৰ্মেচনৰ ছিমেট্টি, হার্মনিক অছচিলেটৰৰ সহায়ত নিউক্লীয়েৰ গঠনৰ সৰলীকৰণ, দ্য ৰিলেটিভিষ্টিক মেনি বডি প্রব্লেম, দিৰাক অছচিলেটৰ। এজন যুৱ পদার্থবিজ্ঞানী আনকি যিকোনো ক্ষেত্ৰৰ যুৱ বিজ্ঞানীলৈ মোৰ পৰামৰ্শ হ'ল এই যে আইন্ষ্টাইনৰ দৰে প্ৰধান বিদ্যামন্দিৰৰ পৰা আঁতৰি, সকলো হেঁচা আৰু অসুবিধাৰ পৰা দূৰত লাইট্হাউছত গৈ অকলে কাম কৰাতকৈ এনে এখন অনুষ্ঠান বা এটা দল বাছি লোৱা, যি এক উচ্চ পর্যাযৰ উৎকৰ্ষ কেন্দ্ৰলৈ ৰূপান্তৰণত বৰঙণি যোগাবলৈ সমর্থ হ'ব খুজিছে।
মোৰ বৈজ্ঞানিক জীৱন
ডেভিদ বি. মাম্ফর্ড
ব্রাউন বিশ্ববিদ্যালয়, ইউ.এছ.এ.
তোমালোকৰ জীৱনত কেতিয়াবা কিছুমান ঘটনা নিজে নিজেই ঘটে, আনকি আত্মবিবেচনা নকৰাকৈয়ে। কিছুমান সিদ্ধান্ত ব্যক্তিগত ইচ্ছাৰ সলনি, পৰিস্থিতিৰ ধামখুমীয়াত পৰি লেহেমীয়া হয়। মই বৰ সৌভাগ্যৱান, কিয়নো বিজ্ঞানৰ জীৱন বাছি লোৱাৰ ক্ষেত্ৰত মোৰ নিৰ্বাচন অতি মসৃণতাৰে কৃতকাৰ্যতা লভিছিল। মই জানিব খুজিছিলো বিশ্বজগতৰ ৰহস্যৰ কথা আৰু বিজ্ঞানক অতি শক্তিশালী "যাদু" যেন মোৰ ভাব হৈছিল। আৰু এটা ঘটনাও ঘটিছিল। মই খুব সৰু থাকোতে আমাৰ পৰিয়ালৰ বন্ধুশিল্পী এজনে কেন্ভাছ লৈ কাম কৰি থাকোতে মই মাজে মাজে বাধা দিছিলো। মই সুধিছিলো "আপুনি কাৰ কাৰণে কাম কৰিছে - কিবা এটা মোক যেন কোনোবাই কৈছিল - তেওঁ উত্তৰ দিলে, "মোৰ নিজৰ কাৰণে"। কথাটোৱে মোক ভবাই তুলিলে। যদি কোনোবাই তেওঁ নিজে ভাল পোৱা কাম কৰিলে পাৰিশ্ৰমিক পায় তেন্তে তেওঁ আনৰ কাৰণে কিয় কাম কৰিব? এই কথাষাৰ কিমান গুৰুত্বপূৰ্ণ, সেই কথাই লাহে লাহে মোৰ মনৰ মাজত পোখা মেলিবলৈ ল'লে। এটা ডাঙৰ কথা হ'ল যে তুমি যদি কাৰোবাৰ কাৰণে কাম কৰা, তেন্তে সদায় এটা সীমাবদ্ধতা থাকিব, এটা সময়ত তেওঁলোকে ফলটো চোৱাৰ বাবে হেঁচা দিব। তুমি যদি নিজে এখন আঁচনি তৈয়াৰ কৰি কাম এটা হাতত লোৱা হয়তো তোমাৰ ১০ বছৰো লাগিব পাৰে বা জীৱনজোৰা সাধনাও হ'ব পাৰে। এনে যদি সময়সীমা নাথাকে তুমি বেলেগ বেলেগ দিশত পাখি মেলি উৰিব পাৰিবা। এন্ড্রু ৱাইলছ যি ফাৰ্মেৰ ধাৰণাটো প্ৰমাণ কৰিছিল, তেওঁ একো কথা প্রকাশ নকৰি সৰু কুঠৰী এটাত ১০ বছৰ ধৰি নিৰিবিলিভাৱে কাম কৰিছিল। জীৱনত এনে স্বাধীনতা বৰ বিৰল অথচ ই এক আপুৰুগীয়া সম্পদ। পুঁজি যোগান ধৰোতা সকলে হিচাপৰক্ষক আৰু ৰাজনীতিবিদৰ কবলত পৰি বিজ্ঞানীসকলৰ পৰা এই আপুৰুগীয়া সম্পদ কাঢ়ি লৈ যায়। এইটো এটা যুক্তিসংগত কথা যে শিক্ষকতা
আৰু গৱেষণা সমান্তৰালভাৱে (বিশেষকৈ গণিতৰ ক্ষেত্ৰত) চলালে সংযোগ ব্যৱস্থা খুব ভাল হয়। তেতিয়াহ'লে তোমাৰ নতুন ধাৰণা খুব কম হলেও দৰকাৰী কাম কৰাৰ সুবিধা পাবা।
হাইস্কুলত থাকোঁতে মই জানিছিলো যে বিজ্ঞান বিষয়টো মই আটাইতকৈ বেছি ভাল পাইছিলো। বিশেষকৈ পদার্থবিজ্ঞান আৰু জ্যোতির্বিজ্ঞান; কলেজলৈ আহি মই লাহে লাহে গণিতৰ প্ৰতি বেছি ঢাল খালো। তাৰ এটা কাৰণ হ'ল যে মই কোৱাণ্টাম ক্ষেত্র তত্ত্ব শিকিবলৈ চেষ্টা কৰি বিফল হলো। মই এটা কথা শিকিলো পদার্থবিজ্ঞানৰ পৰা - গণিত কিমান বেলেগ! অতীতৰ পৰা ১৯৩০ চনলৈকে এই দুয়োটা বিষয় কিমান আত্মীয় আছিল ! বহুতো বিজ্ঞানীয়ে বিষয় দুটাৰ সীমা সঘনে পাৰ হৈ দুয়োক্ষেত্ৰতে কাম কৰিছিল। হঠাতে এটা আচৰিত ঘটনা ঘটিল; কোৱাণ্টাম ক্ষেত্ৰ তত্ত্বৰ ভৌতিক জ্ঞান আহৰণ কৰিব পৰা গ'ল যদিও এটা সুসংগঠিত গাণিতিক পৰিকাঠামো নির্মাণ কৰিব পৰা হোৱা নাছিল। পদার্থবিদসকলে ভৌতিক ধাৰণা দেখি ব্যাখ্যা কৰিলে । (উদাহৰণ স্বৰূপে ফাইনমেনৰ ছবিখন) তেওঁলোক তাৰ গভীৰতাৰো বুজ ল'লে গণনাযুক্ত ভৱিষ্যতবাণীও কৰিব পৰা গ'ল। গণিতবিদসকলে কেতিয়াবা এই তত্ত্বৰ কিছু অংশ কৰি আগবাঢ়িলেও সম্পূর্ণ বা সামগ্রিকভাৱে শেষ কৰা নাছিল। ফলস্বৰূপে গণিতজ্ঞসকলে আজিৰ পদাৰ্থবিদক "গৰখীয়া" বুলি উপলুঙা কৰে যাৰ স্বাভাৱিক জ্ঞানৰ দ্বাৰাই অদ্ভুত যুক্তি উত্থাপন কৰি লাগি থাকে যে তেওঁলোকৰ ভুল হ'ব নোৱাৰে। পদার্থবিদসকলে গণিতজ্ঞ সকলক OCD ( obsessive compulsive disease) ৰোগী বুলি হাঁহে, সৰুসুৰা খুঁটি নাটিত লাগি স্বাভাৱিক ধাৰণাবোৰক বৃহৎ কৰি তোলে।
কলেজৰ মাজভাগত মই গণিত পঢ়িবলৈ ল'লো। অস্কাৰ জাৰিস্কি নামেৰে আমাৰ এজন অধ্যাপক আছিল। তেওঁ পাণ্ডিত্যপূর্ণ কলা-কৌশলৰ বাবে বিখ্যাত আছিল অধ্যাপকৰ মূল বিষয় আছিল এজেব্রিক জ্যামিতি। এই বিষয়ৰ মূল নায়কসকল হ'ল জ্যামিতিৰ বস্তুবোৰ, যিবোৰ তেওঁৰ হাতত বৈচিত্র্যময় আৰু প্ৰাণৱন্ত হৈ পৰিছিল। ব্লেকবোৰ্ডৰ ওচৰলৈ গৈ তেওঁ 'v' আখৰটো লিখি ক'ব "ধৰা হ'ল 'v' এটা জাতি"। তাৰ পাছত তেওঁ একো নিলিখিলেও তেওঁৰ লেখাৰ ধৰণ উপস্থাপন আৰু কথাৰ পৰা এনে লাগিব যেন এনে এখন জগতত গৈ তেওঁ বিচৰণ কৰিছে য'ত 'v' য়ে উশাহনিশাতু লৈ জীৱন্ত ৰূপ ধাৰণ কৰি বহি আছে ঠিক মানুহৰ দৰে গুণ আৰু বৈশিষ্ট্য লৈ। সেইখনেই আছিল তেওঁৰ গোপন বাগিচা। মই জানিছিলো মই তাত প্ৰৱেশ কৰিব খুজিছোঁ।
অলপ পাছতে মই তাকে কৰিছিলো। গণিতৰ সেই গুণৰ বাবেই মই ইমান ভাল পাইছিলো যে ই এনে এখন জগতৰ সৃষ্টি কৰে যি ভৌতিকভাৱে বাস্তৱ নহয় অথচ
পৃথিৱীত থকা যিকোনো বর্ণময়, বৈচিত্র্য তাৰো আছে। এনে এটা প্ৰশ্ন "বক্ৰৰ কোন গুণাংক পৃষ্ঠ ধনাত্মক জ্যামিতিৰ বৰ্গ হ'ব?" পৃষ্ঠৰ ওপৰত সেইবোৰ অস্পষ্ট ধাৰণাক ঠিক' এছিয়াৰ কোন কোন দেশৰ মানুহ মুছলমান?" বুলি সোধাৰ দৰেই অৰ্থপূৰ্ণ যেন লাগে। মই এই কথা সম্পূৰ্ণ বিশ্বাস কৰো যে এজন কৃতি গণিতজ্ঞৰ আটাইতকৈ ডাঙৰ গুণ হ'ল অবিশ্বাস আঁতৰাই সাধাণ বোধগম্য বাস্তৱতাৰ সমানেই গণিতৰ ধাৰণাবোৰক বুজি পাবলৈ চেষ্টা কৰা। কলেজত মই দেখিলো যে মই তেনে হ'বলৈ যত্ন কৰিছিলো আৰু মাগেলানৰ দৰে জীৱনে যিমান দিয়ে সিমানখিনি লৈ মই এই জগত ভ্রমণ কৰিবলৈ ল'লো। (অৱশ্যে এইটো ভাল কথা যে গণিতৰ অনুধাৱন কৰোঁতে কেতিয়াও আৱিষ্কাৰ নকৰা বাস্তৱ পৃথিৱীৰ বহু ঠাইৰ সংগী আৰু সহকৰ্মীৰ ওচৰলৈ গ'লো; মোৰ ক্ষেত্ৰত ভাৰতবৰ্ষলৈও যোৱা হ'ল।)
এল্জেৱিক জ্যামিতিৰ উল্লিখিত ধৰণৰ বহুতো প্রশ্ন মোৰ লগৰীয়া হ'ল আৰু পঁচিশ বছৰতকৈও অধিক কাল সেইখন মহাদেশত প্ৰৱেশ কৰি লগতে বহুতো গাণিতিক যন্ত্রপাতি ল'লো যিবিলাকে মোৰ অনুসন্ধানত সহায় কৰিব পাৰিছিল। এটা বৰ আমোদজনক ভ্রমণ । এই ভ্রমণে দেখুৱায় যে বিজ্ঞানৰ আন্তঃসংযোগ কৰাৰ বহুতো পথ আছে। উদাহৰণ স্বৰূপে ৰজ্জু পদার্থতত্ত্ববিদ সকলে (String Theorits) জ্যামিতিক স্থানৰ গুণাংক পৃষ্ঠবোৰ ব্যৱহাৰ কৰিলে আৰু তাত্ত্বিক পদার্থ বিজ্ঞানৰ ই এক প্ৰধান অংগ হৈ পৰিল।
মোৰ দ্বিতীয় ৰাপ আছিল অন্য এটা বিষয়ত। কলেজত থাকোঁতে মোৰ খুব জনাৰ আগ্ৰহ হৈছিল মগজুৱে কিদৰে কাম কৰে। সেই সময়ত মনোবিজ্ঞান আৰু স্নায়ুবিজ্ঞান দুয়োটাই প্রাথমিক পৰ্যায়ৰ চৰ্চাতহে পৰিছিল। আৰু এই বিষয়ে কিছু অন্তর্দৃষ্টিৰ আলোকপাত হৈছিল। যেনে হেলমলজ্ ছাইক'পিজিক্স ফ্রয়েড মনোবিশ্লেষণ, কাজালৰ সেই অপূৰ্ব কেমেৰা যিটোৱে মগজুৰ কোষৰ ছবি লৈছিল, পেনেফিল্ডৰ এপিস্পেটিক অস্ত্ৰোপচাৰৰ সময়ত সজাগ হৈ থকা কটিছেজ্ (cortices) পৰীক্ষা। কিন্তু কিছুমান অতি প্রাথমিক কথা যেনে মগজুৰ শৰীৰ-ক্ৰিয়া আৰু দেহতত্ত্ব, ঔষধে কিদৰে মগজুত প্ৰভাৱ পেলায় FMR-ৰ দ্বাৰা লোৱা ছবি যি মানুহৰ বেলেগ বেলেগ কামৰ লগত মগজুৰ সম্পৰ্ক বুজাত সহায় কৰে - এনেধৰণৰ কথাবোৰ ভালকৈ বুজা নগৈছিল। কম্পিউটাৰ সাজিবলৈ তেতিয়া ট্ৰেঞ্জিছটৰ ওলোৱাই নাছিল। (মই স্কুলৰ বিজ্ঞান প্রজেক্টত ১০০টা ৰীলে সজ্জাৰে এটা সাজিবলৈ চেষ্টা কৰিছিলো কিন্তু জুটীয়া সংখ্যাৰ পূৰণ কৰিবলৈ লওঁতে ই কাগজৰ টেপটো পুৰি পেলালে।)
৮০ দশকৰ আৰম্ভণিতে মই আৰু জয়ন্ত ছাহ নামৰ মোৰ সহকৰ্মী এজনৰ লগ লাগি কম্পিউটাৰ ভিছিয়নৰ ওপৰত কাম কৰিবলৈ মন বান্ধিছিলো। আমাক দুয়োকে
এই কামত এজন অতি মেধাৱী বৃটিছ বিজ্ঞানী ডেভিড্ মাৰে (David Marr) অনুপ্রাণিত কৰিছিল। অৱশ্যে তেজৰ কেঞ্চাৰ হৈ ডেভিডৰ অতি সোনকালে মৃত্যু হয়। ডেভিডে এনে এটা উদাহৰণ দিছিল; যেতিয়া আমি বাস্তৱ জগতৰ চকুৰে দেখা দৃশ্য এটা বিশ্লেষণ কৰো আৰু আমাৰ সন্মুখত থকা বস্তু এটাৰ নাম কওঁ, মগজুৱে তেতিয়া কেনেকৈ কাম কৰে সেই কথা বুজাৰ বাবে গণিতৰ/কম্পিউটাৰৰ আৰ্হি এটা তৈয়াৰ কৰিব লাগে। "মগজুৱে কেনেকৈ কাম কৰে?" তাক চাবৰ বাবে ই এটা বৰ সুন্দৰ পন্থা। বেছ আমোদজনক ঘটনা ঘটিল যেতিয়া এটা কেমেৰাৰ ছবিত আৱদ্ধ কিছুমান মুখ গণনা কৰিবলৈ এটা সহজ কৌশল উলিয়াই কম্পিউটাৰত কৰিবলৈ দিলো - যিমান সহজ উপাই নুলিয়াও লাগে প্রতিবাৰেই আমি অকৃতকার্য হ'লো। ইয়াৰ অন্তৰালত এনে এটা ৰহস্য আছে যিটো বিচাৰি উলিওৱা কঠিন হ'ল। এল'গৰিথিমৰ দ্বাৰা মুখ চিনাক্তকৰণৰ শতকৰা ৫০ ভাগমান কাম কৰিব পাৰিলেও মগজুৱে যিমান কঠিন কাম কৰে তাক বুজা অসম্ভৱ। প্ৰকাশভংগী, বৰণ, বৈশিষ্ট্য, ডাঢ়ি, চুলি সকলো কৈ দিয়াৰ পাছতো ই গৈ ক'ৰবাতহে মুখখন দেখুৱায়।
আমি এই সংক্রান্তত "বিচিত্ৰতাৰ নিয়ম" লৈ কিছু কাম কৰিছিলো। কিন্তু মোৰ কাৰণে কৃতকর্ম হ'ল ULF Granander-ৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা পৰিসংখ্যাৰ নীতিটোহে। এতিয়া মই এই কথাত পতিয়ন গৈছোঁ যে মগজুৱে সৰু ডাঙৰ যি কোনো কাম কৰিবলৈ যুক্তিৰ প্ৰয়োজন নহয়। তাৰ পৰিৱৰ্তে ই পাৰিসাংখ্যিক অনুমানৰ ওপৰতহে নিৰ্ভৰ কৰে যিটোক "বেইজিয়ান অনুমিতি" (Bayesian Statistical Inference)ৰ আধাৰত এনেদৰে কোৱা হয় যে পৃথিৱীৰ দৃশ্যমূহৰ সুদীৰ্ঘ দিনৰ অভিজ্ঞতা বৰ্তমান ধাৰণালৈ বিশ্লেষণ কৰাৰ অনুকলনীয় পদ্ধতিলৈ ৰূপান্তৰ। এই ধাৰণা লৈ আগুৱাই গ'লে মই জানো যে অদূৰ ভৱিষ্যতে 'মঙ্গল গ্ৰহ'ৰ সমস্যাবোৰ সমাধান হ'ব। এই কথাটো স্পষ্ট নহয় যে সেই ধাৰণাবোৰে মগজুৰ কোনো অংশত কেনেকৈ গজালি মেলে। কম্পিউটাৰৰ লগত দৰাচলতে আমাৰ মগজুৰ কাৰ্যপ্রণালী একেবাৰে সুকীয়া। মগজুৰ ক্ৰিয়াকাণ্ড বুজিবলৈ হ'লে আমি 'জেনম' গৱেষণাৰো সহায় ল'ব লাগিব।
বিশুদ্ধ গণিত আৰু প্ৰায়োগিক গণিতৰ ভাগ বুজাবলৈ মই অলপ কথা ক'ব খুজিছো। দুয়োক্ষেত্ৰতে কাম কৰি মই এই বিষয়ে উপলব্ধি কৰিছো যে ক্ষেত্ৰ দুখনৰ মাজত সক্ৰিয় যোগাযোগৰ অভাৱ। পদার্থবিজ্ঞান আৰু গণিতৰ ক্ষেত্ৰত এই ভাগ কুৰি শতিকাৰ মাজভাগৰ পৰাই ঘটিবলৈ ধৰে যেতিয়াই বিশুদ্ধ গণিতৰ বিমূৰ্ত শাখাবোৰ (যেনে বীজীয় সংস্থিতি - algebraic topology) মেল খালে আৰু প্ৰায়োগিক গণিতে কম্পিউটাৰ বিকাশৰ লগে লগে ধ্রুপদী বিশ্লেষণ আৰু সূত্ৰৰ সলনি গণনামূলক
প্ৰণালীত বেছি জোৰ দিলে। আজি মই মোৰ সহকৰ্মীসকলক কওঁ - মই মূল কথাবোৰ এনেকৈ চাওঁ, বিশুদ্ধ গণিতত আচল মানদণ্ড হ'ল উপপাদ্যৰ প্ৰমাণ। এটা তত্ত্বৰ কৃতকার্যতা হ'ল ই যি প্ৰমেয়ৰ ব্যাখ্যা কৰে সেই প্রমেয় কিমান গভীৰ আৰু জটিল। প্রায়োগিক গণিতৰ ক্ষেত্ৰত ইয়াৰ সফলতা হ'ল নতুন আৰু ফলপ্ৰসু আৰ্হি নিৰ্মাণ আৰু বাস্তৱ জগতৰ জটিলতা কিমান সহজৰূপত প্ৰকাশ কৰিব পাৰি। কিন্তু ই বিজ্ঞানীসকলক ভৱিষ্যদ্বাণী কৰিব নোৱাৰে। মই আশা কৰো দুয়ো গণিতৰ মাজত পাৰ্থক্য ক্ৰমাৎ কমি আহিব যদিহে অন্য এক নতুন গণিতৰ সৃষ্টি হয়, যি গণিতে বিষয়টোৰ পৰম্পৰাগত সৌন্দর্যও অটুট ৰাখে অথচ কিমান গণনা আৰু জোখ-মাখৰ প্ৰয়োগে নতুন নতুন অথচ বিস্ময়কৰ আৱিষ্কাৰৰ পথ মুকলি কৰে।
বিজ্ঞানী হোৱাৰ-১৩
পঁচিশবছৰৰ পাছত কৰিবলগীয়া বহুত কাম আছে
য়ইচিৰ নাম্বু
এন্কি' ফার্মি ইন্ষ্টিটিউট, চিকাগো, ইউ.এছ.এ.
জাপানৰ গোড়া বৌদ্ধধৰ্মী এখন সৰু চহৰত মই ডাঙৰ হৈছিলো। বৌদ্ধ ধৰ্মৰ ধৰ্মীয় ক্ৰিয়া-কাণ্ড, প্রার্থনা আদিৰ কাৰণে লগা আচবাব পত্ৰৰ ব্যৱসায় আমাৰ উপৰিপুৰুষৰ পৰা চলি আহিছিল। মোৰ পিতৃয়ে এই ব্যৱসায়ৰ পৰা আঁতৰি আৰু মাক-দেউতাকৰ পৰা পলাই আহিছিল। তেওঁ টকিঅ লৈ আহিছিল। তাতে মোৰ জন্ম হৈছিল। টকিঅ'ত তেওঁ সাহিত্য অধ্যয়ন কৰিছিল এজন লেখক হোৱাৰ মানসেৰে। কিন্তু ১৯২৩ চনৰ প্ৰবল ভূইকঁপে ৰাজধানীখন ধ্বংস কৰাৰ লগতে দেউতাৰ সকলো বস্তু হেৰাল আৰু নষ্ট হ'ল। তেওঁ আকৌ নিজৰ জন্মস্থানলৈ অনিচ্ছাসত্ত্বেও ঘূৰি আহিল আৰু হাইস্কুলৰ শিক্ষক হ'ল। তেওঁৰ বিজ্ঞান শিক্ষা নাছিল যদিও এজন লেখক হ'বলৈ হ'লে সকলো মানৱিক কাজ কৰ্ম জনাটো উচিত বুলি ভাবিছিল । ল'ৰালি কালত তেওঁ মোক বহুত কিতাপ আৰু শিশুৰ উপযোগী বিজ্ঞানৰ আলোচনী পঢ়িবলৈ দিছিল। থমাছ এডিছন আছিল মোৰ নায়ক।
স্কুলত পঢ়োঁতে মই বন্ধ হ'লেই মোৰ ককা আইতাৰ ঘৰলৈ গৈছিলো। তাতে মোৰ এজন দদাইদেউ যক্ষ্মা ৰোগত ঢুকাল। মই ভাবোঁ যে তেওঁ উচ্চ শিক্ষিত নাছিল যদিও বিজ্ঞানৰ কিছু চৰ্চা কৰিছিল। ক্যটুৰ এটা কোম্পানীয়ে - যিটো আজিকালি বৰ বিখ্যাত সেই কোম্পানীয়ে সজা যন্ত্রপাতিৰ তালিকা এখন তেওঁৰ হাতত আছিল। মই সেই তালিকাবোৰৰ পৃষ্ঠাত চকু ফুৰাওঁতে স্লাইড ৰুল (Slide Rule) ৰ প্ৰতি আকৰ্ষিত হ'লো। দেউতাই নতুন বছৰৰ উপহাৰ হিচাপে মোক স্লাইড ৰুল এডাল দিলে। সেইডাল মোৰ এতিয়াও আছে। এদিন মই এখন সৰু পুস্তিকাত থকা ৰেডিঅ' বৰ্তনী এটা দেখা পালো। ৰহস্যময় ছবি আৰু সূত্ৰবোৰে মোৰ কল্পনাজগতত খেলা কৰিলে। মোৰ যদিও বিদ্যুৎচুম্বকীয় তত্ত্ব সম্পর্কে কোনো জ্ঞান নাছিল তথাপিতো কথাবোৰ বুজিবলৈ চেষ্টা কৰিলো। সূত্ৰবোৰে কি কৈছে তাকে ঘুৰাই-পকাই ভাবি মই বৰ আনন্দ পালো। ঠিক
সেই সময়তে আমি থকা সৰু নগৰখনত এটা ৰেডিঅ' ষ্টেচন খুলিলে। কিন্তু আমাৰ ৰেডিঅ' যন্ত্ৰটো নাছিল। গতিকে মই মোৰ দদাইদেউৰ পৰা পোৱা বয়-বস্তুৰে গ্ৰীষ্মকালত এটা ৰেডিঅ' সাজিবলৈ ল'লো। সেই সময়ত হাইস্কুলৰ বেছবলৰ ৰাষ্ট্ৰীয় প্রতিযোগিতা এটা গুৰুত্বপূৰ্ণ ঘটনা। (এতিয়াও ইয়াৰ গুৰুত্ব কমা নাই।) এই প্রতিযোগিতা ৰেডিঅ'যোগে প্ৰচাৰ কৰা হৈছিল। দুটা শক্তিশালী দলৰ মাজত হোৱা এই প্রতিযোগিতাৰ শেষ খেলখন শুনাৰ সেই শিহৰণ মই এতিয়াও পাহৰিব নোৱাৰোঁ। খেলখনৰ এটাও স্কোৰ নোহোৱাকৈ পঁচিশটা ইনিংচ পাৰ হ'ল (সেই সংখ্যাটো আকৌ তলত দেখুওৱা হ'ব।) অলপতে কোনোবা এজনে ৱেবছাইটত অনুসন্ধান কৰি ক'লে যে সেইখনেই প্রতিযোগিতাৰ ইতিহাসত আটাইতকৈ দীঘলীয়া আছিল ।
মই হাইস্কুলত থাকোঁতে ককাহঁতৰ ঘৰত কেলকুলাছৰ কিছুমান টোকা পালো। সেই টোকাবোৰ মোৰ অন্য এজন দদাইদেৱে কলেজত পঢ়োতে অতি সাৱধানেৰে সামৰি-সুতৰি থৈছিল। মই গভীৰ মনোযোগেৰে সেইবোৰ পঢ়িলো আৰু তেতিয়াই উচ্চগণিতৰ প্ৰতি আগ্রহী হ'লো। এক সন্মানিত প্রকাশকে বিভিন্ন বিভাগৰ বিশেষ বিষয়ৰ কিছুমান সৰু সৰু পুস্তিকা প্ৰকাশ কৰিছিল। সেইবিলাক আমাৰ স্থানীয় কিতাপৰ দোকানত পোৱা গৈছিল। এখন পুস্তিকাৰ শিৰোনামে মোৰ মনত কৌতূহল জন্মালে। শিৰোনামাটো আছিল "শোভাযাত্ৰা আৰু শোভাযাত্ৰাৰ সূত্ৰ" (মেট্রিক্স আৰু নিশ্চায়ক অর্থাৎ determinant) । মই যেনে তেনে এইকিতাপখন কিনিলো যদিও শেষৰফালে কিতাপখনত থকা বিষয়টো বৰ টান পাইছিলো। অন্য কথাৰ লগতে মই এই কথাও জানিছিলো যে সোতৰ শতিকাত জাপানী গণিতজ্ঞসকলে 'নিশ্চায়ক'ৰ বিকাশ ঘটাইছিল। হাইস্কুলৰ গণিত আৰু পদার্থবিজ্ঞান ইমান আমোদজনক নাছিল। কিন্তু মই যেতিয়া ৰামধেনু কেনেকৈ গঠন হয় সেই কথা বুজি পালো আৰু ইয়াৰ কৌণিক জোখ উলিয়াব পাৰিলো তেতিয়া মই অতি আনন্দিত হ'লো।
১৯৩০ চন আগবঢ়াৰ লগে লগে মইও কিছু ডাঙৰ হ'লো; অথচ অত্যাচাৰী আৰু অযুক্তিকৰ জাতীয়তাবাদৰ বাবে জাপানত থকাটো বৰ অস্বস্তিকৰ হ'ল। যুদ্ধ আৰু হত্যাই কেউফালে গ্রাস কৰিলে। অৱশ্যে টকিঅ'ৰ কলেজীয়া দিনৰ মধুৰ স্মৃতি মোৰ মনত সদায়েই চিৰসেউজীয়া হৈ আছে। অসহ্যকৰ পৰিস্থিতিয়ে ইয়াৰ অন্তৰ্ভাগ স্পৰ্শ কৰিব নোৱাৰিছিল। মুক্ত আৰু চিন্তাবিহীন জীৱনৰ সেয়া আছিল মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা। সেই ঠাই আছিল ভয়ঙ্কৰ বাস্তৱতাৰ পৰা পলাই থকাৰ উপযুক্ত। ছাত্রাবাসৰ উন্মুক্ত পৰিবেশে মোৰ দৰে গাঁৱলীয়া ল'ৰা এটাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। বহু কথাত মোৰ ৰাপ জন্মিল। মোৰ লগত পঢ়া মেধাৱী ছাত্ৰসকলৰ যুক্তিপূর্ণ আলোচনাই
পদার্থ বিজ্ঞানৰ নিগূঢ় কথাবোৰ উদঙাই দিলে। তাপগতিবিজ্ঞান বিষয়টো অৱশ্যে মোৰ বাবে কিছু জটিল যেন অনুভৱ হ'ল। মই ভাবিলো যে ই এক গভীৰ অনুধাৱনৰ আৰু জটিল সমস্যাৰ বিষয়। গণিতৰ অধ্যাপক এজনেও মোক বহু তিতা মিঠা অভিজ্ঞতা দিলে। পঁইংকাৰ, গেলৱা আৰু আবেলক প্রশংসা কৰা অধ্যাপকজনে আমাৰ শ্ৰেণীত বাৰে বাৰে তেওঁলোকৰ কথা উল্লেখ কৰিছিল আৰু এই কথাও লগতে সঁকীয়াই দি কৈছিল যে - তোমালোকৰ পঁচিশ বছৰ বয়স হৈ গ'লৈ আৰু একো কৰিব নোৱাৰা। মই কি কৰিম? মোৰ ভৱিষ্যতে আৰু পাঁচ বছৰহে আছে? তেনেতে মই পদার্থবিজ্ঞান পঢ়াৰ কথাকে ভাবিলো তাৰ কাৰণ আছিল দুটা, এটা হ'ল মোৰ বাবে এইবিষয় বেছি উপযোগী যেন অনুভৱ হ'ল। দ্বিতীয়টো হ'ল সেই সময়ত য়ুকাৱাৰ খ্যাতিয়েও মোক অনুপ্ৰেৰণা যোগাইছিল।
মোৰ পঁচিশ বছৰ বয়স অতিক্ৰম কৰাৰ পাছতো যুদ্ধৰ দিনবোৰ পাৰ কৰিলো। আনকি সেনাবাহিনীৰ ৰাদাৰ গৱেষণাগাৰত কৰা চাকৰিয়ে মোক বহু উপকৃত কৰিলে। মই আকৌ বিদ্যায়তনিক জীৱনলৈ ঘূৰি আহি কণা পদাৰ্থ বিজ্ঞানৰ কাম কৰাৰ সুবিধা পালো। সেই সময়ত মোৰ সহকৰ্মীসকলে টম্ৰাগাৰ লগত কাম কৰি "Renormalization" তত্ত্বৰ বিকাশ ঘটাইছিল। মই এনেদৰে সুযোগ পোৱাৰ বাবে মোৰ দেউতা, দদাইদেউহঁত, বন্ধুবৰ্গ আৰু অন্যান্যসকলৰ ওচৰত চিৰঋণী।
মই কেনেকৈ বিজ্ঞানী হ'লো
ৰৰ্দ্দাম নৰসিমূহা
জৱাহৰলাল নেহৰু চেণ্টাৰ ফৰ এড্ভান্সড্ ছায়েন্টিফিক ৰিছাৰ্চ, বাংগালোৰ, ভাৰত
এইটো অৱশ্যে ঘৰতেই আৰম্ভ হৈছিল। এখন সৰু নগৰত লালিত পালিত হোৱা এজনে সেই তেতিয়াৰ দিনতে বিজ্ঞানৰ স্নাতক হৈ মহান ভাৰতীয় বিজ্ঞানী মেঘনাদ সাহাৰ তত্ত্বাৱধানত পঢ়িবলৈ আহিছিল। সেই সময়ত সাহাই এলাহাবাদত (তেওঁৰ ঘৰৰ পৰা এহেজাৰ মাইল দূৰত্বত) অধ্যাপনা কৰিছিল। স্নাতকোত্তৰ ডিগ্ৰী পোৱাৰ পাছত দেউতাই বাংগালোৰৰ চেণ্ট্ৰেল কলেজত অধ্যাপনা কৰিছিল। জীৱনৰ শেষৰ বছৰবোৰত তেওঁ কানাড়া ভাষাত বিজ্ঞানৰ বিষয়ে লেখা-মেলা কৰিছিল। কানাড়া হ'ল ভাৰতৰ এই অংশৰ ৰাজ্যিক ভাষা। তেওঁ মোক প্ৰত্যক্ষভাৱে পদার্থ বিজ্ঞান বা অন্য বিষয়ৰো বিজ্ঞান শিকোৱা নাছিল। কিন্তু তেওঁৰ উদাহৰণ আৰু দৃষ্টিভংগীয়ে যিবিলাক বৈজ্ঞানিক ভাৱে আধুনিক, সামাজিকভাৱে উদাৰ আৰু সাংস্কৃতিকভাৱে পৰম্পৰাগত গুণবোৰে মোক অন্য মৌলিক শিক্ষা দিছিল, যাক হয়তো মই "গৌৰৱবোধ" বুলি ক'ব খোজোঁ। মোৰ আইয়ে দহবছৰ বয়সতে স্কুল এৰিছিল। কিন্তু তেওঁ এগৰাকী সুপাঠিকা আৰু সুৰুচি সম্পন্না মহিলা আছিল। শুবলৈ যোৱাৰ আগতে তেওঁ সদায় আমাক ভগৱানৰ ওচৰত এইবুলি প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল যাতে ভগৱানে আমাক জ্ঞান-বুদ্ধি দিয়ে।
স্কুলত মোৰ কেইগৰাকীমান মহান শিক্ষকক লগ পোৱাৰ সৌভাগ্য হৈছিল। তাৰে এজন আছিল নোবেল বঁটা বিজয়ী চি.ভি. ৰমন। তেওঁ শেষৰ বয়সত আমাৰ কুঁচা।ৈ মাজে-সময়ে 'আহিছিল। তেওঁৰ কামৰ বিষয়ে তেওঁ ইমান সৰস আৰু উদ্দীপনামূলক বক্তৃতা দিছিল যে ল'ৰাৰ পৰা জেষ্ঠ্য শিক্ষকসকলেৰে বক্তৃতাঘৰ ঠাহ খাই পৰিছিল। সেই সময়ত ভাৰতৰ বিজ্ঞান জগতত ৰমনেই আছিল আটাইতকৈ নামজ্বলা। মিষ্টাৰ কে.ভি.আৰ নামৰ যিজন শিক্ষকে ৰমনক আমাৰ বিদ্যালয়লৈ নিমন্ত্রণ কৰি আনিছিল তেওঁও মোক লিখাৰ কলা-কৌশল শিকাইছিল। তেওঁ এই উপদেশ দিছিল যে সদায় চুটিকৈ আৰু নিষ্ঠা সহকাৰে লিখা উচিত। সৰুতে বিভিন্ন পৰীক্ষাত প্রশ্ন কৰা হৈছিল - "সৌৰজগতত কেইটা গ্রহ আছে?" মই চিধা উত্তৰ দিছিলো ৯টা।
কিন্তু গ্ৰহবোৰৰ নাম নিলিখাৰ বাবে মোক শিক্ষকসকলে ধম্কি দিছিল। মই ভাবিছিলো এইটো ভাল কথা নহয়। মোক যিহেতু গ্ৰহবোৰৰ নাম সোধা নাই তেন্তে মই তাৰ উত্তৰ কিয় দিম? এনেক্ষেত্ৰত কে. ভি. আৰে সদায় মোৰ সপক্ষে মাত মাতিছিল। এনেকৈয়ে তেওঁৰ আৰু মোৰ মাজত এটা বন্ধন হৈছিল যদিও ব্যক্তিগতভাৱে আমি কাষ চপা নাছিলো। মোৰ ফালৰ পৰা তেওঁলৈ আছিল অসীম শ্রদ্ধা আৰু তেওঁ মোক সস্নেহ দৃষ্টিৰে চাইছিল। অন্য অজন শিক্ষকৰ লগত মোৰ ব্যক্তিগত সম্পর্ক গঢ়ি উঠিছিল। তেওঁ মোক আৰু কেইজনমান ছাত্ৰক লৈ গৈ কফি আৰু অন্যান্য খোৱা বস্তু দিছিল আৰু আমাৰ লগত দীঘলীয়া সময় ধৰি কথা পাতিছিল। এবাৰ তেওঁ মোক ঘপহকৈ দুখন কিতাপ উপহাৰ দিলে। তাৰে এখন আছিল "মহৎ বিজ্ঞানীসকলৰ জীৱনী"। কিতাপখনে পশ্চিমীয়া জগতত চৰ্চা হোৱা বিজ্ঞানৰ বৌদ্ধিক আৰু আচৰিত দিশটোৰ প্ৰতি মোৰ চকু মেল খুৱালে। মই হঠাতে উত্তেজনা অনুভৱ কৰিলো। আনখন কিতাপ আছিল লিৱিছ কেৰলৰ - "Alice in Wonderland"ৰ কানাড়া অনুবাদ। মই কিতাপখন পঢ়ি অত্যন্ত ভাল পালো। কেনেকৈ বাৰু মিঃ বি.এল. এই ইমান শুদ্ধকৈ জানিছিল যে মই কেনেকুৱা কিতাপ পঢ়ি ভাল পাম! কিতাপ দুখনে মোক অসাধাৰণভাৱে অনুপ্ৰেৰণা যোগাইছিল।
১৯৪৯ চনত মই বিশ্ববিদ্যালয়লৈ গৈ পদার্থবিজ্ঞান পঢ়াৰ কথা ভাবিলো যদিও, সেই সময়ত দক্ষিণ ভাৰতত হৈ থকা ৰাজনৈতিক আৰু সামাজিক বিপ্লৱে মোক সেই সুযোগৰ পৰা বঞ্চিত কৰিলে। মই তেতিয়া বাংগালোৰত থকা চৰকাৰী ইঞ্জিনিয়াৰিং কলেজত মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়িবলৈ গ'লো। এদিন হঠাতে মই খোলা বাৰত ইণ্ডিয়ান ইন্ষ্টিটিউট অব্ ছায়েন্সলৈ গ'লো। সেই সময়ত IIScত এষ্ট্রনটিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰম্ভ হৈছে। সেই বিভাগৰ সন্মুখৰ চাৰিকোণীয়া চোতালখনত দ্বিতীয় মহাসমৰত ব্যৱহাৰ কৰা - Spitfire নামৰ উৰাজাহাজখন "ইণ্ডিয়ান এয়াৰফোৰ্ছ ডে" উপলক্ষে সজাই থৈছে। উৰাজাহাজ মই সেয়া প্ৰথমবাৰৰ বাবে দেখিছো আৰু তাৰ কলাসুলভ, কৌশলপূর্ণ দৃশ্যই মোক শিহৰিত কৰি তুলিলে। অন্য এখন জগতৰ দুৱাৰ মুকলি হ'ল। সেই সময়ত আকর্ষণীয় কথাটো হ'ল বিমানখনৰ বাহিৰৰ মসৃণতা আৰু গাম্ভীর্যতা। Spitfire ৰ পাখি কেইখন আছিল উপবৃত্তীয় আকাৰৰ। কিন্তু ভিতৰত সেই জটিল যন্ত্রপাতি, কেবোল, নলী, পৰিবাহী চুঙা, ভালভ্ আদিৰ গভীৰ অৰণ্য এখন। মই গণিতৰ দৃষ্টিকোণেৰে তাৰ বক্ৰ আকৃতি আৰু পৃষ্ঠ চাই যিমান বিস্মিত হ'লো তাতোকৈ বহু বেছি বিস্মিত হ'লো ইয়াৰ ভিতৰৰ জটিল প্রযুক্তি উপলব্ধি কৰি। এই দুয়োটা বিভাগতে ইমান চমৎকাৰ কাম কৰা অসাধাৰণ মানুহবোৰৰ কথাই মোক তাতোকৈ আচৰিত কৰিলে।
মই যেতিয়া স্নাতক ডিগ্রী লাভ কৰিলো তেতিয়া বিমান-বিজ্ঞান (Aeronautics ) পঢ়িবলৈ ঠিক কৰিলো। সেইসময়ত এই বিষয়টোৰ বেছি প্ৰচলন নাছিল। মোৰ দেউতাৰ
পৰামৰ্শ মতে মই সেই অনুষ্ঠানত থকা আমাৰ পৰিয়ালৰ বন্ধু এজনৰ লগত আলোচনা কৰিলো। প্রথমে কেইবাঘণ্টাত লাগিছিল সেই সিদ্ধান্ত তেওঁ খাৰাংখাছকৈ কৈ দিলে, "তুমি পগলা হৈছা নেকি? প্রকৃত কথা ক'বলৈ হ'লে তুমি ৰেল বিভাগৰ সেৱা নতুবা Burmah Shell কম্পেনীত (আজিকালি বাংগালোৰৰ কম্পিউটাৰ ছফ্ফ্টৱেৰৰ মোটা দৰ্মহাৰ কামৰ নিচিনা) যোগ দিয়া! তেখেতৰ উপদেশ শুনি মই বৰ হতাশ মনেৰে দেউতাক কথাবোৰ ক'লো। দেউতাই কিন্তু মোক সুধিলে, "তেন্তে তুমি কি কৰিব খোজা?" মই ক'লো যে মই বিমান-বিজ্ঞানেই পঢ়িব খোজোঁ। তেওঁ মাত্র ক'লে, 'তেতিয়াহ'লে তাকে পঢ়া, যিটো সিদ্ধান্ত ল'বলৈ প্ৰথমে কেইবাঘণ্টাও লাগিছিল সেই সিদ্ধান্ত দুই মিনিটতে শেষ হ'ল। মই ইণ্ডিয়ান ইন্ষ্টিটিউট অব্ ছায়েন্সত ভর্তি হলো আৰু যোৱা পঞ্চাছ বছৰ ধৰি কিবা নহয় কিবা এটা পদত মই এই অনুষ্ঠানত আছোঁ।
সেই অনুষ্ঠানত অধ্যাপক সতীশ ধাৱানৰ দ্বাৰা মোৰ চকুৰ আগত অন্য এখন জগতৰ দুৱাৰ মুকলি হ'ল। তেওঁ কেলফোর্ণিয়া ইন্ষ্টিটিউট অব্ টেক্ন'লিজৰ অৰ্থাৎ কেল্টেকৰ পৰা পি. এইচ. ডি. ডিগ্ৰী আহৰণ কৰি আহি এটা নতুন আৰু উত্তেজনাপূর্ণ দিশৰ সন্ধান দিছিল। তেওঁৰ ব্যৱহাৰপাতি আছিল খুব খোলা-মেলা, কিন্তু কামৰ সময়ত আছিল গম্ভীৰ, ঐকান্তিক। (সেই সময়ৰ অধ্যাপকসকলৰ বেছিভাগৰ বিপৰীতে)। আৱেগপ্ৰৱণলোকৰ দৰে তেওঁৰ গৱেষণাগাৰটো বিজ্ঞান আৰু প্ৰযুক্তিৰ এক সন্ধিহীন মিশ্ৰণ আছিল। তেওঁ সজা শব্দোত্তৰ সুৰংগ (Supersonic tunnel) বোৰ চলাবলৈ ডাঙৰ ডাঙৰ কম্ম্প্ৰেছৰ আছিল। কিন্তু (সেই ইলেক্ট্রনিক্স যুগৰ প্ৰথম অৱস্থাত) সুৰংগবোৰত জোখ-মাখৰ বাবে লেন্স আৰু গেল্ভেনমিটাৰৰ ব্যৱহাৰ হৈছিল। তেওঁ ভাৰতবৰ্ষৰ এজন ডাঙৰ বৈজ্ঞানিক নেতা হৈছিল আৰু মহাকাশ গৱেষণা সংস্থা প্রতিষ্ঠা কৰিছিল। প্রযুক্তি বিকাশৰ ক্ষেত্ৰত দেশৰ এক উজ্জ্বলতম সংস্থা হিচাপে ই গঢ়ি উঠিছিল। তেওঁ বৃহৎ বিজ্ঞান সংস্থা গঢ়ি তুলিছিল যদিও সৰু সৰু বৈজ্ঞানিক কাজকর্মসমূহো তেওঁৰ অতি প্রিয় আছিল। মই তেওঁৰ পৰা এই কথা শিকিছিলো যে লাগতিয়াল যন্ত্রপাতিৰ অভাৱেও বৈজ্ঞানিক কাম-কাজত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। তেওঁৰ গৱেষণাগাৰটো বহু সৰু সৰু ধুনীয়া নিজে সজা যন্ত্রপাতিৰে ভৰা আছিল আৰু আমিও তেওঁৰ গৱেষণাগাৰটোৰ কিছুমান সৰু যন্ত্ৰ সাজি সৌষ্ঠৱ বঢ়াইছিলো। তেওঁ গৱেষণাগাৰটোক "Gizmos" আখ্যা দিছিল। দোলনলেখ (Oscilloscope) যন্ত্ৰৰ লেখাৱলী সংগ্ৰহ কৰিবলৈ আমি এক ডলাৰ মূল্যৰ এটা বাকচত ফুটা কৰা এটা কেমেৰা সাজিছিলো। এনেদৰে গোটোৱা তথ্যৰে আনকি "Journal of Fluid Machanics"-ত এটা প্ৰবন্ধ প্ৰকাশ কৰিছিলো।
দুবছৰ যোৱাৰ পাছত ধাৱানে মোক ক'লে তুমি যদি কিবা এটা ভাল শিকিব খুজিছা তেন্তে কেল্টেকলৈ যোৱা। এতিয়া আচৰিত যেন লাগিলেও মই আন বহুতৰ দৰে বিদেশলৈ যোৱাৰ প্ৰতি অকণো আগ্ৰহী নাছিলো। মই বৰ "ফেশ্যনেবোল্" কামবোৰ
কৰিবলৈ অস্বস্তি অনুভৱ কৰিছিলো আৰু বাংগালোৰত থকা মোৰ মেধাৱী বন্ধুসকলেও ভাৰতবৰ্ষতে থাকি বিজ্ঞান গৱেষণা কৰা লোকৰ প্রতি বিশেষভাৱে শ্রদ্ধাশীল আছিল। যদিওবা বহুত অসুবিধা হেতু উচ্চ মানদণ্ডৰ বিজ্ঞান কৰিব পৰা নগৈছিল তথাপিও মই এদিন গৈ কেটেকত হাজিৰ হ'লো আৰু উপলব্ধি কৰিলো যে ধাৱানে কোৱা কথাবোৰ আখৰে আখৰে সত্য। ধাৱানৰ উপদেষ্টা হান্ছ লিপমেনৰ লগতে মইও কাম আৰম্ভ কৰিলো। তেওঁলোকৰ গৱেষণাগাৰৰ কাণ্ড-কাৰখানা বুজি উঠিবলৈ মোৰ এবছৰ মান লাগিছিল। কিয়নো ১৯৫০ দশকত বাংগালোৰ আৰু পাছাডেনাৰ পাৰ্থক্য সুমেৰু কুমেৰুৰ দৰে, সি ভৌগোলিক, বৈজ্ঞানিক, সাংস্কৃতিক, অর্থনৈতিক সকলো ক্ষেত্রতে। কিন্তু তাত থকা পাঁচোটা বছৰ মোৰ জীৱনৰ ফলপ্ৰসু সময়। লিপ্মেন আৰু কেল্টেকৰ বন্ধুত্বপূর্ণ সম্পর্কই মোক নতুন পৃথিৱীৰ দুৱাৰ মুকলি কৰি দিলে। সেই পৃথিৱীখন হ'ল সমসাময়িক জ্ঞানৰ ওপৰত ভিত্তি কৰি হোৱা নতুন বিষয়ৰ বিজ্ঞানৰ আন্তর্জাতিক গৱেষণা। তেওঁলোকে আচহুৱা এছিয়া দেশৰ ছাত্ৰ, নিৰামীষভোজী আৰু সকলোধৰণৰ অদ্ভুত চৰিত্ৰৰ লোকক নিজৰ লগত খাপ খুৱাই লৈছিল। শেষত গৈ এছিয়াবাসী ছাত্ৰসকলে পাছাৰ্ডেনাক নিজৰ প্ৰথম নহ'লেও দ্বিতীয় গৃহ বুলি অনুভৱ কৰিছিল।
সি যিকি নহওক ১৯৬২ চনৰ শেষত মই বাংগালোৰলৈ উভতি আহি ইয়াতে থাকিবলৈ ল'লো যদিও মাজে সময়ে পৃথিৱীৰ ইঠাই সিঠাইলৈ গৈছিলো। প্রায় চল্লিশবছৰ ধৰি মই গঢ়া আৰু কাম কৰাতে আৱদ্ধ আছে। অৱশ্যে মই এই কথা স্বীকাৰ কৰো যে মাজে সময়ে হতাশাত ভুগিলেও বিজ্ঞান কৰ্মৰ বাহিৰে সুবিধা পাইয়ো মই অন্য পেশা গ্ৰহণ নকৰিলো। মই তৰল গতিবিজ্ঞানৰ কাম কৰিবলৈ ল'লো। যিমান পাৰো বাংগালোৰত পোৱা যন্ত্রপাতিৰেই উত্তেজনাপূর্ণ কাম কৰাত মনোনিৱেশ কৰিলো। মাজে সময়ে কামবোৰ শ্লথ গতিৰে আগবাঢ়িছিল। কিন্তু বহু মূল্যৱান কাম সমাধা কৰিব পৰা গৈছিল। জাকত-জিলিকা, বুদ্ধিসম্পন্ন, কর্মপটু এদল ছাত্ৰৰ সৃষ্টি হৈছিল। তেওঁলোকে বহু উল্লেখযোগ্য কাম কৰিব পাৰিছিল। বাস্তৱিকতে সেই কামবোৰ বেছ উত্তেজনাপূর্ণ আছিল । এই কামবিলাকৰ বেছিভাগেই আছিল "প্রবাহ সংক্রমণ" (flow transition) সম্পর্কে। এইটো এটা সাধাৰণ নিৰীক্ষণৰ কথা। যদি তুমি পানীৰ কল এটা খুলি দিয়া - প্ৰথমতে সি শৃঙ্খলাবদ্ধভাৱে বৈ আহিব, নলীটো বেছিকৈ খুলি দিে সি অশান্ত বা বিশৃঙ্খল অর্থাৎ আলোড়িত হৈ আহিব। কিবা এটা কাৰণে এই প্ৰবাহৰ ৰূপান্তৰে মোক বৰকৈ আকৰ্ষণ কৰিছিল। এই পৰিৱৰ্তনবোৰ হুৰমূৰকৈ আহে নে হঠাৎ কিবা কাৰণত আহে, এখন প্লেটৰ কাষেদি পাৰ হৈ যোৱা তৰল পদাৰ্থটোৱে কিছুমান বিশৃংখল মুঠাৰ সৃষ্টি কৰে, এইবোৰ লাহে লাহে গঠন হয় নে মুহূর্ততে হয় - এই প্রশ্নবোৰে মোৰ মনত খুন্দিয়াবলৈ ধৰিলে। এই বিশৃংখল অৱস্থাটো আকৌ শৃঙ্খল অৱস্থালৈ আনিব পাৰি নেকি? এই ঘুৰি যোৱা অৱস্থাটো সেই সময়ৰ অবান্তৰ প্ৰশ্ন আছিল। ১৯৬০-৭০ চনৰ ভিতৰত বাংগালোৰলৈ তৰল গতিবিজ্ঞানত গৱেষণা কৰি
থকা প্ৰখ্যাত বিজ্ঞানীৰ আমাৰ গৱেষণাগাৰলৈ আগমন ঘটিছিল। মই মোৰ ছাত্ৰসকলৰ লগত লগ লাগি কৰা অতি সূক্ষ্ম গৱেষণাৰ দ্বাৰাও যি ফলাফল পাইছিলো সেই ফলাফল দেখা সত্ত্বেও তেওঁলোকক পতিয়ন নিয়াব নোৱাৰিলো। মই প্ৰঘাতী তংৰগ (shock wave) ও উলিয়াব পাৰিলো। এই প্রঘাতী তৰংগও এক প্ৰকাৰৰ তৰংগ। এই ৰূপান্তৰ শব্দোত্তৰ (supersonic)ৰ পৰা অৱশাব্দিক (subsonic) তৰংগলৈ । এই ঘটনাটোও সমানে উত্তেজনাপূর্ণ। মই বহুবছৰ ধৰি এই কামত নিমগ্ন হ'লো।
১৯৭০ আৰু ৮০ৰ দশকত মই এই কথাত পতিয়ন গ'লো যে এজন ভাৰতীয় বিজ্ঞানীৰ বাবে তৰংগ গতিবিজ্ঞানৰ আটাইতকৈ আমোদজনক সমস্যাটো হ'ল মৌচুমী বায়ুৰ সমস্যা। সেয়েহে বহুবছৰৰ প্ৰচেষ্টাৰ পাছত ১৯৮২ চনত আমি এটা বায়ুমণ্ডলীয় কেন্দ্র (Atmospheric Centre) স্থাপন কৰাত সমৰ্থ হ'লো। (এতিয়া তাৰ লগতে মহাসাগৰীয় কেন্দ্ৰ অর্থাৎ Oceanic Centre ও হ'ল।) তেতিয়াৰে পৰা এই কেন্দ্ৰত বিজ্ঞানীৰ এটা সক্ৰিয় দলে মৌচুমী বায়ু আৰু ঋতুৰ বিভিন্ন দিশত বৰ সুন্দৰ কাম কৰি আছে। মোৰ নিজৰে মেঘৰ ওপৰত বিশেষকৈ সেই চকলা পাতি উৰি ফুৰা মেঘবোৰৰ গতি সম্পর্কে জানিবলৈ প্ৰবল আগ্রহ জন্মিছিল। (বাংগালোৰৰ দৰে বিষুৱীয় অঞ্চলত এনে পুঞ্জীভূতৰ মেঘৰ খেলা প্ৰায়ে দেখা যায়।) মেঘবোৰ ৰকেটৰ পিচ্ছৰ (Plume) দৰে দেখা নাযায়। ওখ ওখ স্তম্ভৰ ওপৰত সিহঁতে যেন ফুলকবিৰ ফুলৰ দৰে বাঢ়ি বাঢ়ি গৈ থাকে। বহু প্ৰচেষ্টাৰ পাছত পানীৰ ডাঙৰ পাত্ৰতো এনেধৰণৰ পিচ্ছৰ সৃষ্টি কৰি আমি গৱেষণা কৰিলো। এইটো কথা আচৰিত যেন লাগিলেও আমি পানীৰ মেঘপুঞ্জৰ মাজেদি বৈদ্যুতিক সোঁত পাৰ হ'বলৈ দিলো। (তাৰ বাবে পানীত কিছু এচিদ ঢালি তাক পৰিবাহী কৰি ল'লো) গতিকে প্রকৃত মেঘৰ পৰা আমি লীন তাপ (Latent heat) মুক্ত কৰিলো। মই ভাবোঁ যে এই পৰিবাহীতাৰ কাৰণেই মেঘৰ পিচ্ছ ৰকেট আদিৰ পিচ্ছৰে দৰে নহয়। মেঘে যেনেকৈ মেঘপুঞ্জ গঠন কৰে সেইদৰে আমাৰ পৰীক্ষাতো মেঘ গঠিত হোৱা দেখা গ'ল। (প্রথমে কথাটো সঁচাকৈয়ে আচৰিত লাগিছিল আৰু ভাবিছিলো যে ই এটা ধীৰ ৰূপান্তৰ) যেতিয়া মই সৰু ল'ৰাৰ দৰে অনবৰতে এই মেঘবোৰ চাবলৈ লৈছিলো, মোক এজন জ্যেষ্ঠ বিজ্ঞানী-অধ্যাপকে ধেমালিসুলভ সুৰত কৈছিল, "হেৰা, নভোদ্রষ্টা। মাজে সময়ে মাটিলৈও চোৱাচোন।" কিন্তু মই আকাশ চায়েই আৰু সেই মেঘ গঠন কৰিয়েই সময় কটালো।
অতীতলৈ ঘুৰি চাই ভাবোঁ মোৰ শিক্ষকসকলৰ বাবেই মই ইমান সৌভাগ্যৱান হ'লো। তেওঁলোকে ৰহস্যৰ নতুন নতুন দুৱাৰবোৰ মোৰ চকুৰ আগত খুলি দিছিল। ময়ো সেই আচহুৱা কামবোৰকে নিচাসক্ত মানুহৰ দৰে কৰি গৈছিলো। অৱশ্যে তাৰ মাজত মই প্ৰচুৰ আনন্দ পাইছিলো।
বিজ্ঞান চৰ্চাৰ উত্তেজনা
জয়ন্ত ভি. নাৰ্লিকাৰ ইণ্টাৰ য়ুনিভাৰ্ছিটি চেণ্টাৰ ফৰ এষ্ট্র'নমি এণ্ড এষ্টুফিজিক্স, পুনে, ভাৰত
যেতিয়া শিক্ষাৰ ক্ষেত্ৰত ব্যৱসায়িক দৃষ্টিভংগীয়ে গা কৰিছিল তেতিয়া এই কথাৰ প্ৰতিও নিশ্চিত আছিলো যে জ্ঞানস্পৃহা নিবাৰণৰ বাবে চৰ্চা কৰা বিশুদ্ধ বিজ্ঞান চৰ্চাই বিজ্ঞান আৰু প্ৰযুক্তিৰ ভেটি সুদৃঢ় কৰি বৰ্তমান সভ্যতাক গঢ় দিছে। তাতোকৈও ডাঙৰ কথা এয়ে যে আমি এই কথাত গুৰুত্ব প্ৰদান কৰিব লাগে - যি কথা হ'ল আজিৰ বিশুদ্ধ বিজ্ঞানৰ জ্ঞান - প্ৰকৃতিৰ ৰহস্য বুজিবলৈ পুৰণি কালৰ পৰা চলি অহা লেথেৰি নিছিগা বৌদ্ধিক প্ৰচেষ্টাৰ সম্প্ৰসাৰণ। অতীতৰ সাধকসকলে নানা দুখ কষ্ট, প্রহসনৰ মাজেৰে এক স্বর্গীয় আনন্দ আৰু উল্লাস লাভ কৰিছিল। বিজ্ঞানীসকলেও সত্যানুসন্ধানৰ পথত আগবাঢ়োঁতে নানাধৰণৰ সংগ্ৰাম, যন্ত্ৰণা আৰু উল্লাস, আনন্দৰ মাজেৰে আহিছিল। এটা সমস্যা সমাধানৰ ৰহস্যময় পথবোৰ আৱিষ্কাৰ কৰোঁতে বহু যন্ত্ৰণা, কষ্টৰ সম্মুখীন হয়। সেই যন্ত্রণা আমি মন আৰু হৃদয়ত অনুভৱ কৰো। লক্ষ্যস্থানত উপনীত হ'ব পাৰিলেই মানুহে আনন্দৰ অভিজ্ঞতা আৰ্জন কৰে। আমি আইজাক নিউটনৰ জীৱনৰ এটা ঘটনাৰে আমাৰ এই প্ৰবন্ধৰ পাতনি মেলো। এই নিউটনেই আছিল আজিৰ পদাৰ্থ বিজ্ঞান জগতৰ পথ-প্ৰদৰ্শক।
নিউটনৰ জন্মৰ পৰা এতিয়া ৩৫০ বছৰৰো অধিক কাল পাৰ হ'ল। তলৰ বিৱৰণৰ পৰা গম পোৱা যাব তেওঁৰ সমকালীন লোকে নিউটনক কি দৃষ্টিৰে চাইছিল। ইয়াত ১৬৯৬ চনৰ কথা কোৱা হৈছে, নিউটনে যেতিয়া বিজ্ঞানৰ পেশা এৰি মুদ্ৰাশাল চলাবলৈ ল'লে। কিন্তু যিয়েই নহওক প্রকৃত বিজ্ঞানীজন কেতিয়াও হেৰাই নাযায়। কিয়নো সেইসময়তে ইউৰোপৰ প্ৰখ্যাত গণিতজ্ঞ জহান বার্ণলীয়ে প্ৰত্যাহ্বান হিচাপে লোৱা এটা গণিতৰ সমস্যা নিউটনৰ দৃষ্টিগোচৰলৈ অনা হ'ল। প্ৰায় ছমাহ ধৰি এই প্রত্যাহ্বানমূলক সমস্যাটো নিশ্চিতভাৱে কোনেও সমাধান কৰিব পৰা নাছিল।
সমস্যাটো খুব চুটিকৈ এনেদৰে ক'ব পাৰি। এখন উলম্ব ভূমিত দুটা বিন্দু A আৰু
B ধৰা হ'ল। A, B তকৈ উচ্চতাত আছে। যিকোনো আকৃতিৰ এডাল মিহি তাঁৰৰ সহায়ত বিন্দু দুটা যোগ কৰা হ'ল। ধৰা, তাঁৰডালেদি এটা মণি Aৰ পৰা B লৈ ঘৰ্ষণবিহীনভাৱে সৰি পৰিব। বাৰ্ণলীৰ প্ৰশ্নটো হ'ল আটাইতকৈ কম সময় লৈ মণিটো তললৈ পৰিলে তাৰডালৰ আকৃতি কি হ'ব। যদি তুমি ভাবা যে A আৰু Bক সংযোগ কৰা পথটো সৰল ৰেখা হোৱাটোৱেই শুদ্ধ উত্তৰ তেন্তে তুমি আকৌ এবাৰ চিন্তা কৰিব লাগিব। আচলতে উত্তৰটো ইমান সহজ নহয়। (কোনো ৰহস্য কৰিবলৈ যোৱা নাই!) আগতে উল্লেখ কৰাৰ দৰে ইউৰোপৰ অতি মেধাসম্পন্ন গণিতজ্ঞ সকলেও এই প্রশ্নটোৰ যথোচিৎ উত্তৰ দিব নোৱাৰিলে।
এই কথা কোৱা হয় যে এদিন গধূলি কামৰ পৰা আহি এই প্ৰশ্নটো দেখা পালে। প্ৰশ্নটোৱে তেওঁক অতিশয় অনুসন্ধিৎসু কৰিলে আৰু উত্তৰটো কি হ'ব সেই চেষ্টা কৰিবলৈ ললে। তেওঁক কেইঘণ্টামান লাগিল আৰু পুৱতী নিশা সমস্যাটোৰ উত্তৰ কৰি উলিয়ালে। তাঁৰডালে যি বক্ৰ আকৃতি ল'ব তাক brachistochrone বোলে। ইয়াৰ উত্তৰ দিবলৈ নিউটনে নিজেই আৱিষ্কাৰ কৰা গণিতৰ এটা শাখা কলনৰ বিৱৰণ প্রণালী (Variational Methods in Calculus) ৰ সহায় ল'ব লগা হৈছিল। সমস্যাটো সমাধান কৰি নিউটনে প্ৰবন্ধটো ৰয়েল ছচাইটিলৈ পঠাই দিলে। ছ'চাইটিৰ সভাপতিক সেইটো প্ৰকাশ কৰি বাৰ্ণলীলৈ পঠাবলৈ ক'লে। লগতে তেওঁ এইটোও ক'লে যাতে লেখকৰ নাম গোপনে ৰাখে। বাৰ্ণলীয়ে দেখা মাত্রেই বুজি পালে যে নিউটনৰ বাহিৰে আন কোনেও এইটো সমাধা কৰিব নোৱাৰে। তেওঁ হেনো এইবুলি মন্তব্য দিলে, "ভৰিৰ খোজতেই সিংহক গম পোৱা যায়।"
এজন বিজ্ঞানীয়ে এটা সমস্যা সমাধান কৰিব পাৰিলে কিমান আশংকা আৰু উল্লাসত ভোগে, ই হ'ল তাৰেই এটা উদাহৰণ। যদিও তেওঁ নিয়মিতভাৱে অনুসন্ধান কৰা বিজ্ঞান জগতৰ পৰা আঁতৰি আহিছিল, তথাপিও এটা প্ৰত্যাহ্বান আহি পৰিলে ভিতৰত সুপ্ত হৈ থকা বিজ্ঞানীজন জাগ্ৰত হৈ উঠে। এইক্ষেত্ৰত নিউটনে সমস্যাটো সমাধান নোহোৱালৈকে নোখোৱা, নোশোৱাকৈ আছিল। আন এজন মহান বিজ্ঞানী জীৱনৰ অন্য এটা ঘটনাও এই প্ৰসংগতে উল্লেখ কৰিব খোজোঁ।
সৰু কালত লর্ড কেল্ভিনক তেওঁৰ পৰিয়ালে দিয়া নাম 'থমছন' বুলি জনা গৈছিল। এই কাহিনীটো থমছন আৰু তেওঁলোকৰ লগত একেলগে পঢ়া পাৰ্কিন্ছনক লৈ বৰ্ণিত হৈছে। তেওঁলোক দুয়ো অতি মেধাৱী ছাত্ৰ আছিল। কেম্ব্রীজ বিশ্ববিদ্যালয়ৰ স্নাতক শ্ৰেণীৰ পৰীক্ষাত গণিতৰ প্ৰথম স্থানৰ বাবে দুয়োৰে মাজত ভীষণ প্রতিযোগিতা চলিছিল। শেষত দেখা গ'ল পাৰ্কিন্ছনে প্রথম স্থান পালে আৰু বাকী সকলোতকৈ আগবাঢ়ি থমছন দ্বিতীয় স্থানত থাকিল।
তেওঁলোকৰ পৰীক্ষাত বিশেষভাৱে কঠিন এটা প্রশ্ন আছিল যিটো কেৱল তেওঁলোক
দুজনেহে উত্তৰ দিব পাৰিছিল। পৰীক্ষকে দেখিলে যে দুয়োটা প্ৰশ্নৰ উত্তৰ হুবহু একে। পৰীক্ষকে ভাবিলে যে নিশ্চয় ক'ৰবাত দুৰ্নীতি হৈছে। এজনে ইজনৰ পৰা নকল কৰিবও পাৰে। পৰীক্ষকে কথাটো নিশ্চিত কৰিবলৈ প্রথমে পাৰ্কিন্হনক মাতি পঠালে আৰু সুধিলে, "তুমি মোক কোৱাচোন ইমান কঠিন প্রশ্ন এটাৰ কেনেকৈ উত্তৰ দিলা?"
"ছাৰ, মই মাজে-সময়ে গৱেষণা পত্রিকাবোৰ পঢ়ি থাকো। এজন লেখকে এই সমস্যাটো বিশেষ এখন প্ৰপত্ৰৰ এটা প্ৰবন্ধত সমাধান কৰি থৈ গৈছে। সেয়েহে মই সমাধানটো আগতেই জানিছিলো," তেওঁ প্ৰবন্ধটো ক'ত ওলাইছে সেই প্রসংগত শিক্ষকক জনালে।
শিক্ষকজনে তেওঁৰ কথা শুনি অতি সন্তুষ্ট হ'ল, কাৰণ প্ৰশ্নটোও তেওঁ সেইখন প্ৰ-পত্ৰৰ পৰাই লৈছিল। তেওঁ ল'ৰাটোক প্ৰশংসা কৰি নিজৰ পাঠ্যক্ৰমৰ বাহিৰেও উচ্চ গৱেষণাৰ নতুন ধৰণৰ কাম-কাজৰ বিষয়ে পঢ়া-শুনা কৰাত অতি সন্তোষ প্রকাশ কৰিলে। পিঠিত হাত ফুৰাই, মৰম কৰি তেওঁক পঠিয়াই থমছনক মাতি পঠালে। থমছনে পৰীক্ষাত অন্যায় অৱলম্বন কৰি উত্তৰ দিয়া বুলি ভাবি অতি গম্ভীৰ আৰু কঠুৱা মাতেৰে সুধিলে, "এই কঠিন প্রশ্নটো তুমি কেনেকৈ উত্তৰ দিলা মই জানিব খোজোঁ। পার্কিনছনে এখন গৱেষণা পত্ৰত এইটোৰ সমাধান কৰা দেখিছিল। তুমিও সেইখন দেখা বুলি নক'বা।"
ভৱিষ্যতৰ লর্ড কেল্ভিনে উত্তৰ দিলে, "নকওঁ ছাৰ, অৱশ্যে প্ৰবন্ধটো ময়ে লিখিছিলো।"
বৈজ্ঞানিক গৱেষণাত মৌলিকতাই হ'ল আচল কথা। বর্তমান যুগত আমি সেই পাৰ্কিনছনৰ কথা নুশুনো, যি পার্কিনছনে প্রথম স্থান অধিকাৰ কৰিছিল। কিন্তু দ্বিতীয় স্থানৰ থমছনৰ কামবোৰ আমাৰ পাঠ্যপুথিৰ এটা অংশ।
আমাৰ নিৰীহ প্ৰচেষ্টাত উদগনি যোগাবলৈ বিজ্ঞানীসকলৰ এনেধৰণৰ উদাহৰণ অসংখ্য আছে। মইও সাধাৰণ কথাৰ মাজেদি বিজ্ঞান জগতত কৰ্মজীৱন বাছি লোৱাৰ মোৰ অভিজ্ঞতাবোৰ ভাগ তোমালোকক দিব খুজিছো। বিদ্যা-বুদ্ধিৰ আৰম্ভণিতে হোৱা অভিজ্ঞতা, যিবোৰ কোমল বয়সীয়া ছাত্ৰ-ছাত্ৰীসকলে ভাল পাব চাগে'।
মই যে গণিত আৰু বিজ্ঞান সৰুতেই ভাল পাইছিলো সেই কথাটো-দেউতাই লক্ষা কৰিছিল। মোৰ আজৰি সময়ত উপভোগ কৰিবলৈ তেওঁ মোক গণিতৰ সাঁথৰ, ৰহস্য আৰু হাস্যকৰ ঘটনাৰে ভৰা কাহিনী আদিৰ যোগান ধৰিছিল। হয় তেওঁ নিজেও মোক তেনেধৰণৰ প্ৰশ্ন সুধিছিল নতুবা সেইধৰণৰ কিতাপ আনি দিছিল। তেওঁ আমি ককাই ভাই হালকে কিবাকিবি পৰীক্ষা কৰি চাবলৈও উপদেশ দিছিল - বিশ্ববিদ্যালয়ৰ চৌহদত থকা আমাৰ ঘৰটোত ৰসায়নৰ পৰীক্ষামূলক কাম কৰিবলৈ বহু ঠাই আছিল। আমি সেয়েহে তেনে পৰীক্ষাৰ দ্বাৰা খেলধেমালি কৰি উপভোগ কৰিছিলো।
সেই সময়ত অন্য বিশ্ববিদ্যালয়ৰ পৰা অহা পণ্ডিত-অধ্যাপকসকলে স্থানীয় অধ্যাপকসকলৰ ঘৰত থকাটো এটা নিয়মত পৰিণত হৈছিল। এনেদৰেই আমাৰ ঘৰত থাকিবলৈ অহা বিখ্যাত গণিতজ্ঞসকল যেনে এন. আৰ. সেন, ৰাম বেহাৰী, এ. চি. বেনার্জী বা বিদ্যানাথ স্বামীক লগ পাইছিলো। সেই সময়ত তেওঁলোকে কি কথা আলোচনা কৰিছিল সেইবোৰ বুজি পোৱা নাছিলো যদিও ঘৰখনত গণিত চৰ্চাৰ পৰিবেশ এটা গঢ়ি উঠিছিল।
যিকি নহওক মই অষ্টমমানত পঢ়ি থাকোঁতেই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লো, যি মোৰ মনত প্ৰতিযোগিতামূলক ভাব জগাই তুলিলে। মোৰ মামা নৰেশ্বৰ হুজুৰবাজাৰ, যাক আমি 'সৰু মামা' বোলো, গণিতত এম.এছ. চি পঢ়িবলৈ আমাৰ ঘৰত আছিলহি। তেওঁ বম্বে বিশ্ববিদ্যালয়ৰ এজন মেধাৱী ছাত্ৰ আছিল আৰু স্নাতক পৰীক্ষাত খুব ভাল ফল দেখুৱাইছিল -
(পাছলৈ তেওঁ গণিতৰ অধ্যাপক আৰু বম্বেৰ ইন্ষ্টিটিউট অব্ ছায়েন্সৰ সঞ্চালক পদত অধিষ্ঠিত হৈছিল।
সৰু মামাই দেখিলে যে মই গণিত খুব ভাল পাওঁ। মোৰ দেউতাই মোৰ আৰু ভাইটিৰ বাবে ছবি আঁকিবলৈ আৰু নানানটা কথা লিখিবলৈ বেৰত দুখন ব্লেকবোর্ড লগাই দিছিল। সেই বোর্ডকে মামাই ব্যৱহাৰ কৰিবলৈ ল'লে। কেতিয় বা তেওঁ এটা গণিতৰ সমস্যা বা সাঁথৰ বোৰ্ডত লিখি ৰাখিছিল। তলত তেওঁ এনেদৰে লিখিছিল "JVN"ৰ বাবে প্ৰশ্নটো দিয়া হৈছে।" যেতিয়া প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰোঁ বুলি কওঁ বা উত্তৰ লিখি নাৰাখো, বা প্ৰশ্নটোৰ উত্তৰ কি হ'ব নোসোধো তেতিয়ালৈকে বোৰ্ডত প্রশ্নটো লিখা থাকে। (অৱশ্যে উত্তৰটো মই প্ৰায়ে দিব পাৰিছিলো।)
সৰু মামাৰ প্ৰশ্নবোৰ মোৰ পাঠ্যপুথিৰ বাহিৰৰ আছিল। সেইবিলাকৰ বিশ্লেষণাত্মক, যুক্তিপূৰ্ণ আৰু কৌশলপূৰ্ণ সমাধানৰ দৰকাৰ হৈছিল, যিবিলাকে গণিতৰ লুকাই থকা দিশবোৰ মোৰ চকুৰ আগত উদঙাই দিছিল। মোৰ সদায়েই এটা দুখ থাকি গ'ল যে সেইবোৰ মই সংকলন কৰি নাৰাখিলো, কিন্তু মোক এই কথাটোৱে বৰ সহায় কৰিলে; কিয়নো মই তেতিয়াৰ পৰাই যিকোনো কঠিন প্ৰশ্নৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ ভয় নকৰা হ'লো।
বোধহয় মই এই কথাও উল্লেখ কৰা ভাল হ'ব যে "Man of Mathematics", "The world of Mathematics" আৰু 'Living Biographics of Great Scientists" আদি কিতাপবোৰেও সৃষ্টিমূলক প্রতিভাসম্পন্নসকলৰ মনলৈ অনা উত্তেজনা, হতাশাই কেনেকৈ ক্ৰিয়া কৰে সেই সম্পর্কেও ধাৰণা কৰাত মোক সহায় কৰিছিল। প্ৰবন্ধটোৰ পাতনিতে মই লিখিছোঁ যে বিজ্ঞান মুখস্থ কৰি ৰখা এটা নীৰস বিষয় নহয়, কিন্তু এক ৰোমাঞ্চকৰ কাৰ্যক্ষেত্র। এইটোও জানিবলগীয়া কথা যে বিখ্যাত
বিজ্ঞানীসকলৰ গৌৰৱ আৰু পক্ষপাতিত্বমূলক সিদ্ধান্তও থাকে আৰু কেতিয়াবা তেওঁলোকেও ভুল কৰে। কিন্তু বিজ্ঞানৰ সদায়েই স্বতঃস্ফূর্ত লক্ষ্য আছে যি আত্মশোধনৰ দ্বাৰাই সত্য পথলৈ অৱশেষত লৈ যায়। এই কাৰণেই মই বিজ্ঞানকে মোৰ কৰ্মজীৱনৰ ক্ষেত্ৰ হিচাপে বাছি লোৱাৰ মূল উদ্দেশ্য। বিশিষ্ট বিজ্ঞানী ফ্লেড হয়েল'ক কেন্দ্রীজত মোৰ পি.এইচ.ডিৰ তত্ত্বাৱধায়ক হিচাপে পাই মই সঁচাকৈয়ে নিজকে সৌভাগ্যৱান বুলি ভাবিছিলো। যদিও মই কেঁচা ছাত্ৰ হিচাপে তেওঁৰ গৱেষণাগাৰত যোগ দিছিলো মোৰ আগৰ গৱেষণাৰ কোনো অভিজ্ঞতা নথকা সত্ত্বেও তেওঁ সদায়েই মোক এনেদৰে কৈছিল যে মোৰ লগত আলোচনা কৰোঁতে মোক তেওঁৰ সমকক্ষ হিচাপে জ্ঞান কৰিছিল। কিবা এটা ধাৰণা কৰি তেওঁ মোক সদায়েই সুধিছিল, "তুমি এইটো কি হ'ব বুলি ভাবা?" কেতিয়াবা মই কিবা এটা পৰামৰ্শ আগবঢ়ালে তেওঁ তাকো গভীৰ মনোযোগেৰে শুনিছিল। ১৯৬১ চনৰ আগভাগত, মই তেওঁৰ ছাত্ৰ হিচাপে যোগ দিয়াৰ ছমাহৰ ভিতৰতে হয়েল ৰাইল বিতৰ্কই (Hoyle - Ryle controversy) আলোড়ন তোলে। সেই সময়ৰ কেন্ত্ৰীজৰ ৰেডিঅ' জ্যোতির্বিজ্ঞানৰ মুৰব্বীয়ে দাবী কৰে যে তেওঁৰ ৰেডিঅ তথ্যই হয়েলৰ দ্বাৰা প্ৰমাণিত অপৰিৱৰ্তী ব্ৰহ্মাণ্ড তত্ত্ব" (Steady State theory) প্রত্যাহ্বান জনাইছে? এই তত্ত্বমতে অতি বৃহৎ পৰিসৰত বিশ্বব্ৰহ্মাণ্ডখন অপৰিৱৰ্তিত আৰু ই অনাদি অনন্ত। ফ্রেড হয়েলে এইবুলি বিশ্বাস কৰিছিল যে ৰাইলৰ তথ্যটোত ক'ৰবাত কিবা আসোঁৱাহ আছে নিশ্চয়। ৰাইল। তথ্যৰ প্ৰত্যাহ্বান জনাই মোক সেই তথ্যটো পুনৰ অনুসন্ধান কৰিবলৈ ক'লে।
মই দিনে ৰাতিয়ে সেই নিৰ্ণয় কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল। কিয়নো অলপ দিনৰ পাছতে বহিব লগা লণ্ডনৰ ৰয়েল এষ্ট্রোনমিকেল ছ'চাইটিৰ আলোচনাত সেই তথ্যৰ প্ৰত্যুত্তৰৰ বিশদ বর্ণনা দিবলগীয়া হ'ব; সেই আলোচনা সভাতে ৰাইলে তেওঁৰ তথ্য উত্থাপন কৰিব। কিন্তু অন্য এখন জৰুৰী সভাত আগতেই কথা দি থোৱাৰ বাবে হয়লে উক্ত আলোচনাত অংশ গ্ৰহণ কৰিব নোৱাৰিলে। গতিকে তেওঁ মোকেই আলোচনাত ভাগ লবলৈ ক'লে। মই ভয়তে পেঁপুৱা লাগিলো। এনে গুৰু গম্ভীৰ ৰাজহুৱা বিতৰ্কত মার্টিন ৰাইলৰ দৰে এজন বিদগ্ধ বিজ্ঞানীৰ স'তে মোৰ দৰে অনভিজ্ঞ ছাত্ৰসকলে কেনেকৈ অৱতীৰ্ণ হ'ম? যিকি নহওক ফ্রেডে মোক উৎসাহ যোগাই পৰামৰ্শ দি ক'লে বিজ্ঞানৰ ক্ষেত্ৰত কোন কিমান পণ্ডিত সেই কথাতকৈও, আত্মবিশ্বাসেৰে নিজৰ কামৰ সত্যতা দৃঢ়ভাৱে প্ৰতিপন্ন কৰিব পাৰে, সেইটোহে ডাঙৰ কথা। কম সময়ৰ ভিতৰতে তেওঁ মোক কেনেকৈ কথাখিনি ব্যাখ্যা কৰিব লাগিব বুজাই দি শুভেচ্ছা জনালো। মই অগ্নিপৰীক্ষাত কৃতকার্য হ'লো।
এই অভিজ্ঞতাই মোৰ আত্মবিশ্বাস বঢ়ালে। মই অনুভৱ কৰিলো যে এজন যুৱছাত্ৰয়ো তেওঁৰ কামখিনি আনৰ আগত প্ৰতিপন্ন কৰাৰ দায়িত্ব দিলে যথেষ্ট উপকৃত
হ'ব পাৰে। এই অভিজ্ঞতাই মোক শিকালে বৈজ্ঞানিক গৱেষণ। কিমান আমোদজনক হ'ব পাৰে। সৰু মামাই দিয়া সমস্যাবোৰৰ আৰু সাঁথৰ সমাধানবোৰ জ্ঞাত কিন্তু গৱেষণাৰ ক্ষেত্ৰত নজনা বস্তুবোৰ বিচাৰি উলিয়াব লাগিব আন্ধাৰৰ মাজত খেপিয়াই ফুৰি। সত্য কি জানিবলৈ হ'লে বাস্তৱ ঘটনা আৰু যুক্তি-সিদ্ধান্তৰ সহায় ল'ব লাগিব। গোটেই বৈজ্ঞানিক জীৱনত এই অনুভৱে মোক উত্তৰ বিচাৰি ঘূৰি ফুৰা, হাবাথুৰি খোৱা মনটোক বিশেষভাৱে প্ৰভাৱ পেলাইছিল। সেই কাম ব্ৰহ্মাণ্ড-তত্ত্বই হওক মহাকর্ষণেই হওক, বিদ্যুৎ গতিবিজ্ঞানেই হওক বা তাত্ত্বিক জ্যোতিপদার্থবিজ্ঞানেই হওক। দুর্বিষহ প্ৰচেষ্টাবোৰ সদায় নহ'লৈও কেতিয়াবা কৃতকাৰ্যতাৰ উল্লসিত মুহূর্তৰে পুৰস্কৃত হৈছিল। সদায় নহয়, বিজ্ঞান হ'ল কেতিয়াও শেষ নোহোৱা এটা খেল, যি খেল হয় প্ৰকৃতিৰ স'তে। এই খেলত হৰা-জিকা থাকেই।
মোখনি মৰাৰ আগতে মই মোৰ বৈজ্ঞানিক জীৱনৰ প্ৰথম অৱস্থাত অহা অন্য এটা সুযোগৰ কথা উনুকিয়াব খোজোঁ। ১৯৫৭ চনত কেম্ব্রীজলৈ গণিতৰ দীক্ষান্ত ক্ৰম কৰিবলৈ যোৱাৰ আগতে মই শ্ৰী আৰ.পি. পাৰান্জপেক দেখা কৰিবলৈ গৈছিলো। তেওঁ ১৮৯৯ চনত উৎকৃষ্ট নিদৰ্শনেৰে কেশ্ৱীজৰ এজন জেষ্ঠ্য ৰেংলাৰ (Wrangler) আছিল। তেওঁ মোক সুধিছিল, "গণিতৰ দীক্ষান্ত লোৱাৰ পাছত তুমি আই. এ. এছ. হ'বলৈ যাবা নেকি? সেই সময়ত এইটো এটা সাধাৰণ প্ৰথা আছিল যে কেমব্রীজৰ ডিগ্ৰী থাকিলে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বাবে পথ সুগম হয়। RPP ৰ ক্ষেত্ৰতো সেয়ে হৈছিল। কেব্ৰীজৰ ডিগ্ৰী পোৱাৰ পাছতে সকলোৱে আশা কৰিছিল যে তেওঁ প্ৰশাসনীয় সেৱাত যোগ দিব কিন্তু তেওঁ হ'ল এজন অধ্যাপক।
পাৰান্জপেকো মই সংজ্ঞাবদ্ধভাৱে উত্তৰ দিলো, "নহয় ছাৰ, মই শিক্ষকতা আৰু গৱেষণাকে কৰিব খোজোঁ। মোৰ বাবে ই বেছি উত্তেজনাপূর্ণ।" সেই সিদ্ধান্তৰ বাবে মই কেতিয়াও অনুশোচনা কৰা নাই।
গণিত আৰু পদার্থবিজ্ঞানৰ সংমিশ্ৰণত
ছাগী. পি. নভিকড্ মেৰীলেণ্ড বিশ্ববিদ্যালয়, ইউ.এছ.এ.
ছাৰ্গী. পি. নভিকভ আমেৰিকাৰ মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ এজন বিশিষ্ট অধ্যাপক। ১৯৯৬ চনৰে পৰা তেওঁ এই বিশ্ববিদ্যালয়ৰ গণিত বিভাগত আৰু ইন্ষ্টিটিউট ফৰ ফিজিকেল ছায়েন্স এণ্ড টেক্ক্ন'লজিত কাম কৰি আছে। তেওঁ ৰাছিয়াৰ কেইবাটাও অনুষ্ঠানৰ লগত সক্রিয়ভাৱে জড়িত। তেওঁ ৰাছিয়ান একাডেমী অব্ ছায়েন্সৰ সদস্য হিচাপে নিৰ্বাচিত। ইটালীৰ একাডেমীয়া দেই লিন্চেইৰ বিদেশী সদস্য, ইউৰোপৰ পণ্টিফিকেল একাডেমী অব্ ছায়েন্সৰ সদস্য হোৱাৰ উপৰিও ব্রুছেলছৰ ইউৰোপীয়ান একাডেমী অৱ ছায়েন্সৰ ফেল', লণ্ডন মেথেমেটিকেল ছ'চাইটিৰ অবৈতনিক সদস্য, ছাৰবিয়ান একাডেমী অব্ আৰ্টছ ছায়েন্সৰো একে সদস্য, এথেন্স বিশ্ববিদ্যালয় আৰু টেল আভিভ্ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সন্মানিত ডক্টৰেট পাইছে। তাৰোপৰি তেওঁক আন্তর্জাতিক মেথেমেটিকেল য়ুনিয়নৰ ফিল্ড মেডেলেৰে পুৰস্কৃত কৰা হৈছিল। ইয়াৰোপৰি ইউ.এছ.এছ. আৰৰ লেনিন পুৰস্কাৰ আৰু লবাছেত্স্কি পুৰস্কাৰ ইউ.এছ.এছ. আৰৰ ছায়েন্স একাডেমীৰ পৰা তেওঁ লাভ কৰিছিল। কলম্'গৰৰ্ভৰ পাছত ১৯৮৫ চনত নভিকড্ মস্কোৰ মেথেমেটিকেল ছ"চাইটিৰ সভাপতি নির্বাচিত হৈছিল আৰু এই পদত ১১ বছৰ ধৰি সেৱা আগবঢ়াইছিল। তেওঁৰ পাছত ১৯৯৬ চনত এই পদ আৰ্ণল্ডে লাভ কৰিছিল। কুৰি শতিকাৰ মস্কোৰ গণিতজ্ঞসকলৰ বাবে এই ছ'চাইটিয়ে প্রধান ভূমিকা লৈছিল। তেওঁ ৩৫ জন পি. এইছ. ডি ছাত্ৰৰ উপদেষ্টা আছিল। তাৰে পাছলৈ বহুতো বিখ্যাত বিজ্ঞানী হ'ল।
বিখ্যাত নভিকড্-কেলদিছ বৈজ্ঞানিক পৰিয়ালত নভিকড্ ডাঙৰ-দীঘল হৈছিল। তেওঁৰ দেউতাক আছিল পিটাৰ নাভিকত্। তেওঁ ছেট তত্ত্ব (Set theory), নিউটনীয়ান মহাকৰ্ষৰ বিপৰীত তত্ত্বৰ উপৰিও গ্রুপ-তত্ত্ব, গাণিতিক লজিকৰ কাম কৰি বিখ্যাত হৈছিল। ছাৰ্গীৰ মাক লুইদমিলা কেল্দিছ্ (১৯০৪-১৯৭৬) আছিল গণিতৰ পূৰ্ণাংগ পৰ্যায়ৰ অধ্যাপিকা। তেওঁ জ্যামিতিক টপ'লজি আৰু ছেট-তত্ত্বৰ পাৰদৰ্শী-বিজ্ঞানী
আছিল। তেওঁ সাংঘাতিক শক্তিশালী আৰু মেধাৱী মহিলা আছিল। কর্মঠ জীৱনত তেওঁ পাঁচোটাকৈ সন্তানক ডাঙৰ-দীঘল কৰি শিক্ষা-দীক্ষা দিছিল। তাৰোপৰি অতিশয় বিদগ্ধ কিন্তু শাৰীৰিকভাৱে অসুস্থ স্বামীৰ সেৱা কৰাৰ উপৰিও কঠোৰ শাৰীৰিক শ্ৰমৰ লগতে সক্রিয়ভাৱে বৈজ্ঞানিক কাম-কাজত মনোনিৱেশ কৰিছিল। তেওঁৰ বৰঙণি নোহোৱাহেঁতেন তেওঁৰ স্বামী, ভায়েক আৰু দুজনকৈ পুত্ৰক গণিত আৰু পদাৰ্থবিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত আগশাৰীৰ বিজ্ঞানী হৈ উঠা কঠিন হ'লহেঁতেন। ১৯২০ দশকৰ শেষৰফালে ভায়েক মাষ্টিশ্লাভ্ কেলদিছৰ গণিতৰ তীক্ষ্ণ প্রতিভা থকা দেখি সেই বিষয়ত পঢ়িবলৈ দেউতাকৰ ইচ্ছাৰ বিৰুদ্ধেও বায়েক লুইদমিলাই সহায় কৰিছিল। আনহাতে দেউতাকে খুব ইচ্ছা কৰিছিল পুতেক এজন ইঞ্জিনিয়াৰ হওক। কিয়নো দেউতাক শ্বেভলদ্ কেলদিছ (১৮৭৮১৯৬৫) নিজে গৃহনিৰ্মাণৰ বিখ্যাত ইঞ্জিনিয়াৰ আছিল; (তেওঁৰ কথা নিকিটা ক্রুশ্বেভৰ কিতাপতো উল্লেখ আছে।) অৱশেষত এম. কেল্দিছ (১৯১১-১৯৭৭) ছোভিয়েট ৰাছিয়াৰ এজন নামজ্বলা গণিতৰ পণ্ডিত হ'লগৈ। মুখ্য তাত্ত্বিক হিচাপে প্রথম "স্পুটনিক" নিৰ্মাণত ১৯৫০ আৰু ৬০ৰ দশকত প্রধান অংশ গ্ৰহণ কৰিছিল। সেইসময়ত ছোভিয়েট ৰাছিয়াৰ খবৰ কাগজত তেওঁৰ বাতৰি সঘনে প্ৰচাৰ হৈছিল। বিশ্বজগতৰ মানৱ সমাজৰ পৰা তেওঁলোকৰ নামবোৰ লুকুৱাই ছদ্মনাম দি বলছেভিকসকলে বাতৰি প্ৰচাৰ কৰিছিল । কিন্তু মস্কোত গণিতজ্ঞ আৰু পদার্থবিদসকলে তেওঁলোক কোন সেই কথা জানিছিল। "স্পুটনিক"ত কাম কৰাৰ পাছত ১৯৬১-১৯৭৫ চনলৈ ৰাছিয়াৰ ছায়েন্সৰ একাডেমীৰ তেওঁৰ মুৰব্বী হৈ আছিল। ছাৰ্গীৰ ডাঙৰ ককায়েক লিয়নিদ্ কেল্দিছ (জন্ম ১৯৩১) এজন বিখ্যাত ছলিড় ষ্টেট পদার্থবিজ্ঞানী। তেওঁলোকৰ পৰিয়ালত সংগীতজ্ঞ, শিল্পী বা অভিনেতা নাছিল। কমিউনিষ্ট হোৱা বাবে তেওঁলোকে গান-বাজনাৰ বা শিল্পবিষয়ক উৎসৱসমূহৰ প্ৰতি আকৰ্ষিত নাছিল। ফলস্বৰূপে তেওঁলোকৰ বাবে বিজ্ঞান চর্চাই হ'ল কৰ্মজীৱনৰ সহজ আৰু স্বাভাৱিক পথ। মাধ্যমিক আৰু উচ্চবিদ্যালয়ত পঢ়ি থাকোঁতেই ছাৰ্গীয়ে উপলব্ধি কৰিছিল যে গণিত তেওঁ অতি সহজে আয়ত্ত কৰিব পাৰে; কৌশলপূৰ্ণভাৱে গাণিতিক সমস্যাবিলাক সমাধান কৰিবও পাৰে। কিন্তু পৰিয়ালত ইমানবোৰ গণিতজ্ঞৰ উপস্থিতিয়ে প্রথমে তেওঁক অস্বস্তিত পেলাইছিল। শেষত ১৯৫৫ চনত মস্কোৰ ষ্টেট য়ুনিভাৰ্ছিটিৰ গণিত বিভাগত ভৰ্তি হৈ গণিতৰ কৰ্মজীৱন বাছি ল'লে। সেই বিভাগৰ মুৰব্বীসকল আছিল বিখ্যাত গণিতজ্ঞ এ. কল্ল্মগৰ (১৯০৩-১৯৮৭) আৰু আই. পেট্টিভ্স্কি (১৯০১-১৯৭৩)। সেই সময়ত এই বিশ্ববিদ্যালয় পৃথিৱীৰ ভিতৰতে ভাল আছিল। আৰু সকলো গণিতৰ সমাহাৰ তাতেই ঘটিছিল। মস্কো স্কুলৰ এটা অতি লাগতিয়াল পৰম্পৰা আৰু কৌশল আছিল কেনেকৈ অতি কোমল বয়সতে ল'ৰাছোৱালীক সৃজনমূলক বিজ্ঞানৰ প্ৰতি আকৰ্ষণ কৰিব পাৰি এই বিষয়ত বিশেষভাবে
বিজ্ঞানী হোৱাৰ-১৪
কৃতকার্য হৈছিল ক্যগৰ। তেওঁৰ কেইজনমান ছাত্র ভি. আর্ণল্ড (১৯৩৭ চনত জন্ম) আৰু ৱাই. ছিনাই (১৯৩৫ চনত জন্ম) য়ে তেওঁৰ লগত কাম কৰি অতি কম বয়সতে বিখ্যাত হৈ পৰিছিল।
১৯৫৫/৫৬ চনত গণিতৰ বিভিন্ন পাঠ্যক্ৰমত যোগ দি ছাৰ্গী নাভিকভে বিশেষভাৱে বীজগণিতীয় সংস্থিতি (Algebric Topology) বাছি ল'লে। সেই সময়ত এই কথা প্ৰচাৰ হৈছিল যে বীজগণিতৰ এই শাখাৰ সকলো দৰকাৰী কাম পশ্চিমীয়া দেশবোৰত কৰি শেষ কৰিলে কিন্তু ৰাছিয়াৰ স্কুলবিলাকে কৰাৰ সুযোগ হেৰুৱালে। তেওঁৰ পৰিয়ালৰ সদস্যসকলেও তেওঁলোকৰ ক্ষেত্ৰ নিৰ্বাচনত এই বিষয়টোৰ পৰা আঁতৰি আছিল। নতুন প্ৰজন্মৰ বুদ্ধিমান টপল'জিউসকলে যেনে অধ্যাপক পি. পনিকড্ (জন্ম ১৯২৭) আৰু এ. ছোৱাৰ্জে (জন্ম ১৯৩৪) স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ হৈ থাকোতেই নতুন টপল জিৰ কথাবোৰ শিকাবলৈ ধৰিলে। ১৯৫৬ চনত এছ. নভিকড্ এই ক্ষেত্ৰলৈ আকৰ্ষিত হৈ তেওঁলোকৰ পাঠ্যক্ৰমত যোগ দিলে আৰু আলোচনা চক্ৰবোৰত ভাগ ল'লে। সি যি কি নহওক, তেওঁ ৰহুদিন ধৰি যথেষ্ট পৰিশ্ৰম কৰি পশ্চিমীয়া টপ'লজিষ্টসকলে বিকাশ সাধন কৰা, সম্পাদিত কাৰ্যসমূহ শিকিবলৈ ল'লে। আৰু টপ'লজিত নিজৰ গৱেষণা আৰম্ভ কৰিলে। ইয়াৰোপৰি ১৯৫০ দশকৰ শেষৰ ফালে ছোভিয়েট য়ুনিয়নৰ পৰ্দাখন স্বচ্ছ হৈ আহিবলৈ ধৰিলে। কেইজনমান নেতৃস্থানীয় পশ্চিমীয়া বিজ্ঞানীসকলে (যেনে জেঃ মিনৰ, এফ্ হিজেঁব্রুখ, এছ. স্মেল, এইছ কাৰ্টান, এম আটিয়া আৰু আই ছিংগাৰ) ছোভিয়েট ৰাছিয়া ভ্ৰমণ কৰিলে। তেওঁলোক সকলোৱে ১৯৬০ দশকৰ প্ৰথম ভাগত ৰাছিয়ান যুৱবিজ্ঞানীসকলক সাংঘাতিকধৰণেৰে সহায় কৰিছিল, বিশেষকৈ নভিকভক।
১৯৬৭ চনত তেওঁক ছোভিয়েট ৰাছিয়াৰ লেনিন পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ'ল। ১৯৭০ চনত সর্বোচ্চ সম্মানিত আন্তর্জাতিক গাণিতিক য়ুনিয়নৰ পুৰস্কাৰ প্ৰদান কৰা হৈছিল। (কিন্তু তেওঁক 'নাইচ'ত হোৱা পুৰস্কাৰ প্ৰদান অনুষ্ঠানত যোগ দিবলৈ অনুমতি দিয়া নহ'ল। তাৰ কাৰণ হ'ল তেওঁ এজন বিসম্বাদীক বিপদৰ সময়ত নিৰাপত্তা দিছিল; পাছত সেই বিসম্বাদীক গ্ৰেপ্তাৰ কৰি মানসিক হাস্পতাললৈ পঠোৱা হৈছিল, তেওঁৰ গভীৰ চিন্তাৰে টপ'লজিকেল তত্ত্ব (১৯৬৫) প্ৰতিষ্ঠা হৈছিল। ইয়াৰ বাবে তেওঁ ৰীমানিয়ান বক্ৰ জ্যামিতিৰ সহায় লৈছিল। বিভিন্ন জ্যামিতিৰ আৰু বিশ্লেষণাত্মক সূত্ৰত এই তত্ত্বৰ ব্যৱহাৰ কৰা হয়। ১৯৬১-৬৪ চনত তেওঁ বহুমাত্রিক সমষ্টিৰ (multidimensional manifolds)ৰ শ্ৰেণীবিভাজনৰ সুন্দৰ প্ৰণালী এটা উদ্ভাৱন কৰিছিল। ইয়াকে ব্ৰাউডাৰনভিকভ তত্ত্ব (Browder - Novikov Theory) বুলি কোৱা হয়। তাৰোপৰি তেওঁ জটিল সংস্থিতিৰ পৰিমাপ জোখাৰ এক বীজগণিতীয় কৌশল আৱিষ্কাৰ কৰিছিল। তেওঁৰ বন্ধুবৰ্গ যেনে - স্মেল্, এনছড্ আৰু আৰ্ণল্ডে বিকাশ কৰা "অতিবৃত্তীয়" গণিতত্ত্ব
(Hypberbolic dynamics) প্ৰণালীৰ সহায়ত নভিকভে ত্রিমাত্ৰীয় স্থানক দ্বিমাত্ৰীয় স্থানলৈ ভাঁজ কৰাৰ গুণগত তত্ত্ব উলিয়াইছিল। গণিতৰ-সমাজত এই তত্ত্ব অতি জনপ্রিয় হৈছিল। বিশ্ববিদ্যালয়ৰ স্নাতক শ্ৰেণীত বীজগণিত পঢ়িবলৈ লোৱা নভিকভে মস্কোৰ ষ্টেলভ গণিত অনুষ্ঠানত সাধাৰণ-অৱকল সমীকৰণ (ODE)ত স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। ১৯৬৪ চনত সেই অনুষ্ঠানৰ বীজগণিত বিভাগত তেওঁক স্থায়ীভাৱে কাম কৰিবলৈ নিমন্ত্ৰণ জনালে। তাত প্রত্যেকেই বীজগণিতীয় সংখ্যা তত্ত্ব বা বীজগণিতীয় জ্যামিতিৰ কাম কৰিছিল; কিন্তু বীজগণিতীয় সংস্থিতিৰ কাম কৰিবলৈ সকলোৰে ইচ্ছা হৈছিল। ফলত, নভিকভে এইক্ষেত্ৰত কাম কৰা বহুজনৰ লগত সহযোগিতামূলক প্ৰতিক্ৰিয়া আৰু আদান প্রদান কৰিব লগা হ'ল। ১৯৬০ চনৰ আগভাগত আৰ্নৰ্ভৰ বক্তৃতা, আলোচনা শুনি তেওঁ গণিতবিজ্ঞান প্ৰণালী আৰু বলবিজ্ঞানৰ প্ৰতি মনোযোগ দিছিল। ১৯৬৩ চনৰ পৰা তেওঁ ফলনক বিশ্লেষণ (Functional Analysis)ৰ আৰু আংশিক অৱকল সমীকৰণ (PDE)ৰ সক্রিয়ভাৱে অংশ গ্ৰহণ কৰিলে। লগতে তেওঁ বিখ্যাত জেলফান্দ আলোচনা চক্ৰত অংশ ল'লে। ১৯৬০ৰ দশকত বীজগণিতীয় সংস্থিতি গণিতজ্ঞসকলৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। গণিতৰ কেইবাটাও শাখাত সংস্থিতিৰ ধাৰণা আৰু ফলবোৰ ব্যৱহাৰ কৰা হৈছিল ।
১৯৬০ৰ দশকৰ শেষৰ ফালে এটা কথা ভাবি তেওঁৰ মন অশান্ত হৈ উঠিল। কথাটো হ'ল বিশুদ্ধ আৰু প্ৰায়োগিক গণিতৰ আধুনিক পণ্ডিতসকলে আধুনিক তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ লগত সম্পৰ্কটো হেৰুৱাই পেলালে কিয়? অথচ এই তাত্ত্বিক পদার্থবিজ্ঞানেই কুৰি শতিকাৰ শ্রেষ্ঠতম তত্ত্ব। নিশ্চয় এই ক্ষেত্ৰত বহু নতুন নতুন গাণিতিক ধাৰণাৰ ব্যৱহাৰ কৰা হৈছিল অথবা সৃষ্টিও হৈছিল। সেই অবিশ্বাস্য অথচ যুক্তিপূর্ণ কোৱাণ্টাম তত্ত্ব অথবা প্ৰকৃতিৰ আপেক্ষিকতাবাদ সূত্ৰৰ ভাষা বিশেষভাৱে গঠন কৰা গাণিতিক সুত্ৰৰে ভাষা। এইবোৰেতো ইঞ্জিনিয়াৰিং কৌশলবোৰ আচৰিত ধৰণে প্ৰদৰ্শন কৰিছে আৰু আমাৰ সমাজখনলৈ বিশাল পৰিৱৰ্তন আনিছে। ১৯৬০ দশকৰ শেষৰফালে বহুতো পদার্থবিদে এইবুলি বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল যে বিশেষ অৱস্থাৰ পৰিপ্ৰেক্ষিতত (উচ্চ শক্তি, প্রচণ্ড চুম্বক ক্ষেত্র, শক্তিশালী মহাকর্ষণ ক্ষেত্র, নিম্ন উষ্ণতা) সংস্থিতিৰ অবিহনে কি ঘটিছে আমি ধৰিব নোৱাৰোঁ। নভিকভে কেইবছৰমান তাত্ত্বিক পদার্থবিজ্ঞান শিকিয়ে কটালে। ১৯৭১ চনত তেওঁ লেন্দো ইন্ষ্টিটিউট অব্ থিয়ৰীটিকেল ফিজিক্সত কটালে আৰু পদাৰ্থবিদসকলক "সংস্থিতি" আৰু "গতিবিজ্ঞান প্ৰণালী"ৰ কথা শিকালে। ১৯৭০ দশকত কেইজনমান খ্যাতনামা পদাৰ্থবিদে নভিকভ আৰু তেওঁৰ দলৰ লগ লাগি কেইটামান অতি দৰকাৰী কাম কৰিলে। তেওঁ নিজেও তেওঁৰ গৱেষণাৰ নতুন ক্ষেত্ৰ বিচাৰিলে আৰু আধুনিক গণিতৰ ব্যৱহাৰ কৰি কিছুমান জটিল সমস্যাৰ সমাধানত
মনোনিৱেশ কৰিলে। নভিকভৰ এটা শ্রেষ্ঠ আৱিষ্কাৰ হ'ল বিখ্যাত ছলিটন প্রণালী (Soliton System যেনে Kdv)। ১৯৬০ দশকৰ শেষৰফালে যদিওবা Solitonৰ নিচিনা সমাধান কিছুমান পাইছিল; কিন্তু পর্যাৱৰ্তী প্ৰণালীত কিদৰে প্ৰয়োগ হয় তাৰ উৱাদিহ নাপাইছিল। নভিকভে Partial Differential Equation (PDE)ৰ সমস্যাবোৰ গতিবিজ্ঞান, বীজগণিতীয় জ্যামিতি আৰু ৰীমেন পৃষ্ঠৰ বিশ্লেষণেৰে সমাধা কৰি এক নতুন পদক্ষেপৰ সৃষ্টি কৰিলে। তেওঁৰ দলৰ লগতে অন্যান্য বহুবিজ্ঞানীয়ে এই ধাৰণাবোৰৰ বিকাশত অংশ গ্রহণ কৰি Nonlinear PDE's Spectral Theory of Periodic Operators আৰু Quantam Mechanics উন্নতি সাধন কৰিলে। বিশ্লেষণাত্মক আৰু সংখ্যাত্মক অনুসন্ধান কৰি ১৯৭৪ চনত নভিকভে "Finite-Gap solution" নামেৰে এক নতুন সমাধান উলিয়ালে। ১৯৮১ চনত নভিকভে কৰা আন এটা আৱিষ্কাৰ হ'ল বিচৰণ কলন (Calculus of Variation) আৰু ক্ষেত্ৰ তত্ত্বৰ নতুন পৰিঘটনা যিটোক Morse-Novikov তত্ত্ব বুলি জনা যায়। সংস্থিতি সম্পৰ্কীয় Wess-Zumino-Novikov witten Lagrangian বুলি অন্য এক সমাধানো গণিত জগতলৈ আগবঢ়ায়। অলপতে তেওঁ দ্বিমাত্ৰীয় স্ৰদিন্জাৰ সমীকৰণ আৰু কচি-ৰীমেন সমীকৰণৰ সহায়ত কোৱাণ্টাম বিচ্ছুৰণ তত্ত্বৰ গ্ৰাফৰ লগত ছিম্প্লেক্টিক্ জ্যামিতিৰ সম্পৰ্ক স্থাপনৰ কাম কৰি আছে। এই অধ্যয়ন অতি শক্তিশালী চুম্বক ক্ষেত্ৰত (১০০ টেছ্লা) থকা ফাৰ্মি-পৃষ্ঠবোৰ ত্ৰিমাত্ৰীয় একক স্ফটিকৰ ধাতুপৃষ্ঠত ঘুৰি ফুৰা জ্যামিতি সম্পর্কে। যেনে সোণৰ ফার্মিপৃষ্ঠৰ অধ্যয়ন। এই তত্ত্বই বৈদ্যুতিক পৰিবাহীৰ কিছুমান দৰকাৰী সংস্থিতিৰ পৰিঘটনাৰ ছবি স্পষ্ট কৰিছিল।
সকলো কেৱল অনুসন্ধিৎসু মনৰ তাড়না
পল. এম. নাৰ্ছ ৰকেফেলাৰ বিশ্ববিদ্যালয়, ইউ.এছ.এ.
বিশ্বজগতৰ প্ৰতি আৰু এই জগতখন কেনেকৈ চলি থাকে এইবিলাক কথা জনাৰ অদমনীয় কৌতূহলেই বিজ্ঞানৰ প্ৰতি মোৰ আগ্ৰহ জন্মালে। ন কি দহ বছৰ বয়সত স্কুললৈ যাওঁতে এটা কথাই মোৰ মনত ঔৎসুক্য জগোৱাৰ কথা এতিয়াও মনত পৰে। মই তেতিয়া এটা কথা লক্ষ্য কৰিছিলো যে একেজোপা গছে বেলিৰ পোহৰত বঢ়াতকৈ ছাঁ-ত বাঢ়িলে আকৃতিত ডাঙৰ হয়। কথাটোৱে মোক ভবাই তুলিলে; ভিতৰত কি ঘটিছে নজনাকৈয়ে মই ভাবিলো যে বোধহয় এই কাৰণেই যে ছাঁত থকা পাতবোৰে বেছি পোহৰ নাপায় বাবে তাৰ আকৃতি ডাঙৰ হয়। ইয়াৰ পাছৰে পৰা মই উপলব্ধি কৰিলো যে গোটেই বিশ্বখন নানাধৰণৰ প্রশ্নৰে ভৰপূৰ; মই ধৰি ল'লো কোনোবাই হয়তো এইবোৰৰ উত্তৰ জানে। মইহে নাজানো। প্রশ্নবোৰ এনেকুৱা - আকাশত উৰিবলৈ চৰাইবোৰে পাখি কোবাই থাকে কিয়? একেটা প্ৰাণীৰ পৰা পলুও হয়, পখিলাও হয় কেনেকৈ, বেলেগ বেলেগ ৰসায়ন • "গৰ্থৰ ৰং বেলেগ কিয়, এইটো কেনেকৈ জানিব পাৰি যে গোটেই তৰাবোৰ পৃথিৱীৰ পা বেলেগ বেলেগ দূৰত্বত আছে? ইত্যাদি। মই এতিয়াও বিজ্ঞানৰ নানা প্রশ্ন সুধি থাকো, যদিও সেই প্রশ্নবোৰ আৰু তাৰ ভাষাবোৰ এতিয়া বেছি জটিল। মই ভাবি থকা কথাবোৰে যদি প্রশ্নৰ উত্তৰ বিচাৰি ফুৰে, তেন্তে বিজ্ঞানৰ প্ৰতি আগ্ৰহো বাঢ়ি গৈ থাকিব। মোৰ বাবে দুটা কথা সদায়েই দৰকাৰী। প্রথম কথাটো হ'ল বিশ্বজগত সম্পর্কে কৌতূহল আৰু দ্বিতীয়টো হ'ল আমি যিবোৰ ঘটনা দেখিছো বা শুনিছো তাৰ ব্যাখ্যা দিয়াৰ বাবে দৃঢ়তা। সেই কৌতূহল অবিহনে বা উত্তৰ্জনাৰ ইচ্ছা নাথাকিলে বিজ্ঞানৰ বাবে আগ্রহো হেৰাই যায়।
সেই সৰুকালৰ কৌতূহল মোৰ ক'ত শেষ হ'ল? এটাৰ পৰা দুটা হোৱা বিভাজন কিহে নিয়ন্ত্ৰণ কৰে সেই কথা জনাৰ ইচ্ছাতে শেষ হ'ল। গোটেই জীৱ-জগত আনকি আমাকো ধৰি সকলোবোৰেই কোষেৰে নিৰ্মিত। দ্বিঅংগী বিভাগে (binary fission) কোষবোৰ বৃদ্ধি কৰে। এই বিভাজন প্রক্রিয়াই সকলো জৈৱিক বস্তুৰ উৎপাদন আৰু
বৃদ্ধি কৰে। এই প্ৰক্ৰিয়াৰ ক'ৰবাত আসোঁৱাহ হ'লেই ৰোগ হয়, বিশেষকৈ কৰ্কটৰোগ। পাউকটি, মদ, বীয়েৰ আদিত ব্যৱহাৰ কৰা 'ইফ্ট' (Yeast) নামৰ এককোষী জৈৱৰ দৰে সৰল উপাদানত মই এই সমস্যাটো অধ্যয়ন কৰিছিলো। মই মোৰ সহকৰ্মী সকলৰ লগ লাগি দেখিলো যে জিনৰ এটা সৰু উপসংহতিয়ে (Sub-set) কোষ-বিভাজনৰ নিয়ন্ত্ৰণ কৰে।
তেতিয়া জিনে কেনেকৈ ক্রিয়া কৰে তাকে জানিবলৈ আমি কাম হাতত ল'লো। ইষ্ট অতি সৰল বস্তু আৰু ইয়াৰ বৃদ্ধি ইমান সোনকালে হয় যে আমাৰ কামো খৰতকীয়া হ'ল। আমি জিনৰ এটা যি সৰু উপসংহতি পালো সেইটোৱেই ইষ্টৰ কোষবোৰ ভাগ কৰে। এই কামখিনি কৰাৰ পাছত আমি নিজকে প্রশ্ন কৰিলো। "একেটা প্রণালীয়ে সকলো ক্ষেত্ৰতে আনকি আমাৰ শৰীৰতো একে ধৰণে কাম কৰেনে?" তাৰ পাছত আমি এইটোও দেখুৱাব পাৰিলো যে কম বেছি পৰিমাণে প্রায় একে ধৰণেৰে কোষ বিভাজন ঘটি (আনকি আমাৰ শৰীৰতো) এই প্রক্রিয়া চলি থাকে। একেধৰণৰ জিনে আমাৰ শৰীৰতো কোষ বিভাজন নিয়ন্ত্ৰণ কৰে যদিও ইষ্ট হ'ল এক সৰল কোষ; আৰু আমাৰ শৰীৰৰ কোষবোৰ জটিল।
গোটেই জীৱন ধৰি একে কৌতূহলৰ বশৱৰ্তী হৈ মই কাম কৰিছিলো। সেই কৌতূহল কোষ বিভাজন কিহে নিয়ন্ত্ৰণ কৰে? স্কুললৈ যাওঁতে গছৰ পাতৰ আকৃতি কিয় কম বা বেছি হয় সেই কথা জনাৰ কৌতূহলেই জীৱন ধৰি চিৰস্থায়ী হৈ আছিল।
পদার্থবিজ্ঞান : বিশ্ব ব্রহ্মাগুক অন্বেষণ কৰি
দগ্লাছ দি. ওহেফ ষ্টেন্ফোর্ড বিশ্ববিদ্যালয়, ইউ.এছ.এ.
ৱাছিংটনৰ এবাৰদীনত জন্ম গ্ৰহণ কৰি ডাঙৰদীঘল হোৱা পাঁচোটা সন্তানৰ মইয়ো এজন আছিলো। ঠাইখন প্রশান্ত মহাসাগৰৰ উত্তৰ পশ্চিমফালে থকা কাঠনিৰে ভৰা । মই আৰু মোৰ সহোদৰ ভাই-ভনীসকলে পৰিত্যক্ত কাঠনিৰ মাজৰ সৰু সৰু ৰাস্তাবোৰেদি খোজ কাঢ়ি গৈ বিহলঙনী আৰু দেবদাৰু গছৰ হাবিখনত সোমাই পৰো। হাবিখনে এবাৰদীনক সাবটি ৰাখিছিল। এই প্রকাণ্ড হাবিখনত আমিয়েই বোধহয় প্রথমে পৰিত্যক্ত ৰাস্তাত খোজ পেলাইছিলো আৰু আমি নিজকে অন্বেষণকাৰী বুলি ভাবিছিলো। পদার্থবিজ্ঞানলৈ ধন্যবাদ যে এই ৰোমাঞ্চকৰ ভাবে মোক কেতিয়াও লগ এৰা নাছিল।
মই ভাবো যে মোৰ ছবছৰ বয়সতে পদার্থবিজ্ঞানৰ প্ৰতি কৌতূহল জন্মে । কিয়নো সেই সময়তে মই পুতলা বৈদ্যুতিক ৰেলখন খুলি মেলি ভিতৰৰ বৈদ্যুতিক মটৰটোৱে নদৰে কাম কৰে পিটিকি মুছৰি চাইছিলো। তেনেদৰে ভাঙি ছিঙি পেলাব খোজা কামটোৰ বাবে মোক পিতৃ-মাতৃয়ে কেতিয়াও গালি পৰা নাছিল। বৰঞ্চ দেউতাই মটৰটোৱে কেনেকৈ কাম কৰে সেই কথাটো মোক ভালদৰে বুজাই দিছিল। এইবোৰ কাৰণতে মোৰ বিজ্ঞান পঢ়াৰ হেঁপাহ বাঢ়ি গৈছিল। সময় পাৰ হোৱাৰ লগে লগে দেউতাই মোৰ ৰাপ বঢ়া বস্তুবোৰ আনি দিছিল। উদাহৰণ স্বৰূপে ইলেক্ট্রিক পাৱাৰ কম্পেনীৰ পৰা এবাকচ চুম্বক, টেলিফোন কম্পেনীৰ পৰা বেলেগ বেলেগ সাসৰঞ্জামৰ বাকচ ইত্যাদি। মোৰ আঠবছৰ বয়সত দেউতাই সৰুতে ব্যৱহাৰ কৰা কেমেৰা এটা মোক দিছিল। কেমেৰাটোৰ দশাও একেই হ'ল। মোৰ হাতত পৰাৰ লগে লগে তাক খুলি মেলি শেষ কৰিলো। ইয়াৰ পাছত দেউতাই মোক এটা ঘড়ী আৰু মেকানিক এজনৰ দোকানৰ পৰা সোণাৰীয়ে অলঙ্কাৰ গঢ়োতে ব্যৱহাৰ কৰা স্ক্রু-ড্ৰাইভাৰৰ ছেট এটা দিলে। লগতে এই পৰামৰ্শও দিলে যে মই সেইটো খুলি আকৌ আগৰ দৰে
প্ৰতিটো অংশ লগাই যাব পাৰো নেকি - সেই চেষ্টা কৰাৰ। এনেকৈয়ে মোৰ মনত বিজ্ঞানৰ প্ৰতি আগ্ৰহ-কৌতূহল অঙ্কুৰিত হ'বলৈ ধৰিলে।
প্রথম অর্থাৎ নিম্নশ্রেণীবোৰত আমাক বিজ্ঞানৰ কথাবোৰ বিশেষ একো শিকোৱা হোৱা নাছিল। কেৱল এখন 'সাপ্তাহিক আলোচনীত সৰু-সুৰা কথা কিছুমান পঢ়িবলৈ পাইছিলো। তাতে মই "ফনন্ছ" (Phonons)ৰ বিষয়ে পঢ়িবলৈ পাইছিলো। মাধ্যমিক স্কুলৰ কথা বেলেগ আছিল। তাত আমি "স্বাস্থ্য আৰু বিজ্ঞান"ৰ বিষয়ে দুবছৰ ধৰি পঢ়িছিলো। তাৰ পাছৰ সম্পূৰ্ণ এটা বছৰ বিজ্ঞান পঢ়িছিলো। "স্বাস্থ্য আৰু বিজ্ঞান"ৰ শিক্ষক মিষ্টাৰ মিলাৰৰ বিষয়ে শুনিবলৈ পাইছিলো যে তেওঁৰ শ্ৰেণীত কোনোবাই বদমাছী বা বিৰক্ত কৰিলে সেই ছাত্রক এছাৰিৰে পিটিছিল। মই তেওঁক বৰ ভয় কৰিছিলো। গোটেই সপ্তাহ ধৰি তেওঁ যি শিক্ষা দিছিল তাৰ ওপৰত ভেটি কৰি আমি সাপ্তাহিক পৰীক্ষা দিব লগা হৈছিল। প্রথম সপ্তাহৰ পৰীক্ষাত মই ইমান ভীতিগ্ৰস্ত হ'লো যে বহীত কোনোমতে মোৰ নামটোহে লিখিব পাৰিলো। পৰীক্ষা হৈ যোৱাৰ পাছত মিষ্টাৰ মিলাৰে ক'লে যে মই নিশ্চয় ইয়াতকৈ অন্ততঃ বেছি ভাল কৰিব পাৰিলোহেঁতেন আৰু তেওঁৰ পৰা মই কেনেধৰণৰ সহায় বিচাৰো সেই কথাও সুধিলে। তেওঁ যথেষ্ট কৰিলে; আনকি এইখিনি মৰম, দয়া আৰু মোৰ হকে চিন্তা কৰা কথাটোৱে মোক বহুত কিবাকিবি দিলো, পাছৰ দুবছৰত মিষ্টাৰ মিলাৰৰ পাঁচটা পৰীক্ষাত মোতকৈ কোনেও বেছি নম্বৰ লাভ কৰিব নোৱাৰিছিল।
উচ্চ বিদ্যালয়তো ৰসায়ন বিজ্ঞান পঢ়ুওৱা শিক্ষকজনে মই বিজ্ঞানৰ কথাবোৰ চিন্তা কৰা ক্ষেত্ৰত যথেষ্ট প্রভাৱ পেলাইছিল। মিষ্টাৰ হক (Mr. Hock) স্নাতক ডিগ্ৰীধাৰী আছিল। তেওঁৰ বিষয় আছিল ৰসায়ন বিজ্ঞান। তেওঁ এই কথা ব্যাখ্যা কৰিছিল যে যিকোনো মানুহে সঠিক প্রশ্ন সুধি পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰাই তাৰ সঠিক উত্তৰ পাব পাৰে। উচ্চ বিভৱসম্পন্ন বিদ্যুৎ আৰু গান পাউডাৰৰ লগত মই যিধৰণৰ খেলা-ধুলা কৰিছিলো তাতকৈ এইবোৰ কথা বহুত বেলেগ, কিন্তু উত্তেজনাপূর্ণ। আমাৰ শ্ৰেণীৰ কিছুমান ছাত্ৰই অৱশ্যে মিষ্টাৰ হকৰ এই প্ৰচেষ্টাক প্রশংসা কৰিছিল।
কলেজীয়া শিক্ষাৰ বাবে মই কেল্টেকত ভর্তি হলো। মই বৰ সৌভাগ্যৱান যে তাত থাকোতেই অধ্যাপক ৰিচাৰ্ড ফাইন্মেনে আমাক পদার্থবিজ্ঞানৰ পৰিচয়জ্ঞাপক বক্তৃতা প্ৰদান কৰিছিল। কল্পনা কৰাচোন - এজন অতি মেধাৱী পণ্ডিতে নৱাগত আৰু দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰক শিক্ষাদান কৰি কিমান সময় খৰচ কৰিছে। বহু বছৰৰ পাছত মই কেল্টেকত অধ্যাপনাৰ বাবে যেতিয়া সুযোগ পালো, মই তেওঁক শিক্ষামূলক উপহাৰ দিয়া বাবে ধন্যবাদ জ্ঞাপন কৰিলো। কলেজত মই পদার্থবিজ্ঞানকে মূল বিষয় হিচাপে লৈ পঢ়িব খুজিও থমকি ৰৈছিলো। মোৰ বাবে পদার্থবিজ্ঞানৰ সমস্যাবোৰ আছিল
সীমাহীন সমস্যা, যিবোৰ কৰি মই মুঠেও আনন্দ পোৱা নাছিলো। এইবোৰ কৰিব নোৱাৰি মই নানাধৰণৰ ওজৰ-আপত্তি দেখুৱাবলৈ ধৰিলো। আৰু মোৰ প্ৰেদ তললৈ যাবলৈ ধৰিলো আৰু মোৰ গ্ৰেড তললৈ যাবলৈ ধৰিলে। মোৰ এই স্খলিত অৱস্থাত অধ্যাপক গেৰী নিউবাউৰে (Prof. Gerry Neugebaur) তেওঁৰ জ্যোতির্বিজ্ঞানৰ গৱেষক দলৰ লগত কাম কৰিবলৈ মাতিলে। মই দেখিলো যে সমস্যাৰে ভৰা পদার্থবিজ্ঞানৰ অন্যান্য দিশবোৰতকৈ এই দিশটোৰ গৱেষণাৰ বহু পার্থক্য আছে। তুমি বহুতো গণনা কৰিব লাগে, কিন্তু গণনাবোৰ কৰি তোমাৰ ভাল লাগিব।
১৯৬৭ চনৰ বসন্তকালত মই কেল্টেকৰ পৰা স্নাতক ডিগ্ৰী লৈ ওলালো। কেল্টেকত আমাক যিবোৰ পদাৰ্থবিদ্যা শিকোৱা হৈছিল সেইটো মোৰ বাবে তাৎপর্যপূর্ণ কথা নহয়; কিন্তু জ্যোতির্বিদসকলে পৰীক্ষা কৰিব নালাগে। তেওঁলোকে যন্ত্ৰ-পাতি সাজি নিৰীক্ষণহে কৰে। হাইস্কুলৰ ৰসায়ন শ্ৰেণীত মিষ্টাৰ হকে সোধা প্ৰশ্নবোৰ তেওঁলোকেও সুধিব পাৰে। কিন্তু উত্তৰৰ বাবে তেওঁলোকে পৰীক্ষা কৰিব নালাগে, নিৰীক্ষণহে কৰিব লাগে। মই পৰীক্ষা কৰিব খুজিছিলো। মই পঢ়া প্ৰণালীবোৰ মই নিয়ন্ত্ৰণ কৰিব খুজিছিলো আৰু তেনেদৰেই তাৰ ৰহস্য উদঘাটন কৰিব খুজিছিলো। এনেদৰেই জ্যোতির্বিজ্ঞানৰ পৰা মোৰ ৰাপ সংঘনিত পদার্থবিজ্ঞানৰ (condensed matter physics)ৰ ফালে ধাৱিত হ'ল।
১৯৬৭ চনৰ শৰৎ কালত স্নাতকোত্তৰ শ্ৰেণীত পঢ়িবলৈ বুলি মই কৰ্ণেললৈ গ'লো। সেই সময় আছিল মোৰ বাবে অতি বিস্ময়কৰ। কেন্ উইল্ছনে আমাক কোৱাণ্টাম বলবিদ্যা শিকাইছিল। তেওঁ দ্বিতীয় বৰ্গৰ অৱস্থাৰ সংক্রমণ (Second Order Phase Transition)ৰ লগত জড়িত সকলো প্রণালী শিকি আছিল। কণাপদার্থবিদসকলে বিকাশ কৰা ৰি-নৰ্মেলাইজেচৰ ধাৰণাক তেওঁ ছলিড্ ষ্টেট পদার্থবিজ্ঞানত প্ৰয়োগ কৰিব পাৰিছিল। এই কৃতকৰ্মৰ বাবে তেওঁ পাছত নোবেল বঁটা লাভ কৰিছিল। ছলিড ষ্টেটৰ দুখন আলোচনা চক্ৰই মোক বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল। নতুন শীতলীকৰণৰ ফলত হোৱা এখন নতুন বিস্ময়কৰ ক্ষেত্ৰত মই ভৰি দিলো। স্নাতক শ্ৰেণীৰ প্ৰথমবৰ্ষতেই মই তৰলীকৰণ পদ্ধতিৰে শীতল কৰা প্ৰক্ৰিয়াত হাত দিলো। এনেদৰে অভ্যাস কৰোতে শেষলৈ মই ০.০১৫ কেভিন ডিগ্রী উষ্ণতালৈ নামিব পাৰিলো। এবাৰ স্কী কৰোঁতে এটা সাংঘাতিক ধৰণৰ দুৰ্ঘটনাত পতিত হৈ মই আঁঠুত বেয়াকৈ দুখ পালো । বহুদিন ধৰি চিকিৎসালয়ৰ বিছনাত পৰি থাকোতে মই পমেৰানছুক ( Pomeranchuk) ৰেফ্রিজাৰেটৰ এটাৰ নক্সা তৈয়াৰ কৰিলো। আগৰ ফ্রিজটো হিলিয়াম৩ আৰু হিলিয়াম-৪ৰ সংমিশ্ৰণত কৰা হৈছিল। পমেৰান্ছুক আছিল ৰাছিয়াৰ তাত্ত্বিক পদার্থবিদ। তেওঁৰ তত্ত্বই ০.০০২ কেল্ভিনলৈ নমাৰ ব্যাখ্যা কৰিছিল। মই ইয়াৰ নক্সা
কৰোতে স্নাতক শ্ৰেণীৰ দ্বিতীয় বার্ষিকৰ ছাত্ৰ আছিলো। তিনিবছৰতকৈয়ো কম সময়ৰ ভিতৰত মই হিলিয়াম-৩ ৰ তিনিটা অতি তৰল ভৰ আৱিষ্কাৰ কৰিবলৈ উল্লিখিত প্ৰক্ৰিয়া দুটা ব্যৱহাৰ কৰিছিলো। এই ভৰকেইটা যথাৰ্থতে অতিপৰিবাহীৰ অনুৰূপ। কিন্তু এই ক্ষেত্ৰত কুপাৰ যোৰবোৰে যিবিলাক সৰহীয়া অতি পৰিবাহী-ঘনীভূত পদাৰ্থ তৈয়াৰ কৰে সিবিলাকৰ আভ্যন্তৰীণ স্বাতন্ত্র্য মাত্রা আছে। তাৰোপৰি নিজাববীয়াকৈ ঘূর্ণন, কৌণিক ভৰবেগ আদি থকাৰ ফলত প্ৰক্ৰিয়াটো বেছ জটিল হৈ পৰে। এইবিলাকেই হ'ল বোছ ঘনীভৱন স্তৰৰ প্ৰথম উদাহৰণ। এনেকৈয়ে পোন্ধৰ বছৰৰ পাছত আৱিষ্কৃত উচ্চ উষ্ণতাৰ অতিপৰিবাহী সংগঠনৰ সাদৃশ্য বিচাৰি পোৱা যায়। এই আৱিষ্কাৰৰ বাবেই মই ১৯৯৬ চনত অন্য দুজন অধ্যাপকৰ লগত নোবেল বঁটা লাভ কৰো।
মোৰ গোটেই জীৱন জুৰি প্ৰকৃতিৰ শৃঙ্খলিত প্ৰক্ৰিয়াত হোৱা অদ্ভুত গঠন প্রণালী অন্বেষণ আৰু উপলব্ধি কৰোঁতেই সময় পাৰ কৰিছো। এইবিলাকৰ ভিতৰত তৰল হিলিয়াম-৩ৰ তিনিটা অতি তৰল অৱস্থা, দুটা গোটা হিলিয়াম-৩ৰ ঘূর্ণন শৃঙ্খলিত অৱস্থা যি অৱস্থাই চুম্বক প্ৰণালীৰ চানেকী হিচাপে কাম কৰিছিল কিয়নো ইয়াৰ আভ্যন্তৰীণ প্রক্রিয়াই শৃঙ্খলিত অৱস্থালৈ লৈ যায়। ইয়াকে কয় "দুর্বল স্থানবন্ধন" (weak localization) বিশৃঙ্খলতাই নিম্ন উষ্ণতাত পৰিবাহীৰ বৈদ্যুতিক ৰোধ বঢ়াই লৈ গৈ থাকে। মই পৰম শূন্য ডিগ্ৰী উষ্ণতাত কাঁচৰ ধৰ্ম অধ্যয়ন কৰিছিলো। এইবিলাক ধৰ্ম প্ৰকৃতিৰ অতি বিশৃংখলিত অৱস্থা। এই অৱস্থাইও নিম্ন উষ্ণতাত একধৰণৰ শৃংখলিত অৱস্থাৰ সৃষ্টি কৰে। মোৰ কাৰণে পদার্থবিজ্ঞান জ্ঞানৰ এক বিশেষ ভাণ্ডাৰ নহয় বা বস্তু সম্পৰ্কে কৰা এক বিশেষ চিন্তা-ভাবনাও নহয়। ইহ'ল জ্ঞানৰ নিৰৱচ্ছিন্ন অনুসন্ধান যাৰ যোগেদি বিশ্বব্রহ্মাণ্ডৰ ভিতৰত থকা ঘটনাবোৰ আৰু এই ঘটনাবোৰ কেনেকৈ বিকশিত হৈছে তাৰ কিছু জ্ঞান লাভ কৰিব পাৰি। ই হ'ল ব্ৰহ্মাণ্ডৰ অন্বেষণ। যিমানেই মই প্রশ্ন সোধো, সিমানেই উত্তৰবোৰ বিচাৰি নাপাওঁ, কিন্তু নিৰীক্ষণ আৰু পৰীক্ষাৰ যোগেদি কিছু কথাৰ উৱাদিহ পাওঁ; এনেকৈয়ে মই এজন অন্বেষণকাৰী হৈ থাকিব খোজোঁ।
বিজ্ঞানী হোৱাৰ আনন্দ
জেকৰ্ পালিজ আই.এম.পি.এ, ব্রাজিল
সচেতনভাৱে নহ'লেও সৰুতেই মই স্বতঃস্ফূর্তভাৱে বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈছিলো। সেই সময়ত আমি ডাক্তৰ, অভিযন্তা, আইনূবিদ আদিৰ কথাহে শুনিছিলো; বিজ্ঞানীৰ কথা বৰকৈ নাজানিছিলো। বিজ্ঞানীসকলক বৃত্তিধাৰী বুলি ভাবিছিলো। মোৰ পৰিয়ালত তেনেলোকৰ অভাৱ নাছিল। সৰুৰে পৰা মই সংখ্যাৰ লগত খেলি ভাল পাইছিলো আৰু প্ৰাথমিক গণিতৰ যুক্তিসংগত প্ৰশ্নৰ উত্তৰবোৰ বিচাৰি উলিয়াইছিলো। মোৰ মনত পৰে সৰুতেই লগৰ সমনীয়াৰ লগত মই শিক্ষকে শিকোৱা কথাবোৰ, পাঠ্যপুথি, ঘৰত কৰিবলৈ দিয়া কাম আৰু পৰীক্ষা সম্পৰ্কে কথা পাতি ভাল পাইছিলো।
পাছত মাধ্যমিক স্কুলতো মোক আৰু মোৰ দুজনমান সহপাঠীক শিক্ষকসকলে প্রায়ে বোর্ডত বিভিন্ন বিষয়ৰ আলোচনা কৰি লিখিবলৈ দিছিল। সেই সময়ত পৰিবেশটো বৰ উদ্দীপনাময় হৈ পৰিছিল। যুদ্ধ আৰু যুদ্ধোত্তৰ দিনত ইউৰোপৰ পৰা ব্ৰাজিললৈ বহুতো বিদগ্ধ পণ্ডিত-শিক্ষকৰ সমাগম হৈছিল। আনকি আমি থকা মজলীয়া চহৰাঞ্চলতো তেনে বহু শিক্ষকৰ আগমন ঘটিছিল। দেশী-বিদেশী শিক্ষকৰ প্ৰভাৱত বিভিন্ন বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ মন বিকশিত হৈছিল।
ষোল্ল বছৰ বয়সত মই ৰিয় দ্য জেনেৰিঅ' লৈ গ'লো আৰু বিশ্ববিদ্যালয়ত ভর্তি হোৱা পৰীক্ষাৰ বাবে নিজকে সাজু কৰিছিলো। এজন বন্ধু আৰু কেইজনমান শিক্ষকে মোক স্কুল অব্ মেথেমেটিক্স অথবা ফিজিক্সত ভর্তি হ'বলৈ উপদেশ দিলে। ৰিয়ত মোৰ জ্ঞানৰ পৰিধি বাঢ়িবলৈ ধৰিলে; কিন্তু এই ধাৰণাটো মোৰ বাবে আচহুৱা যেন লাগিল। কিয়নো মই ভাবিছিলো যে গণিত, পদার্থবিজ্ঞান বা ৰসায়নবিজ্ঞান কেৱল প্রযুক্তিগত অনুষ্ঠানতহে দৰকাৰ হয়। আনবিলাক অনুষ্ঠানত ইয়াৰ মানদণ্ড ইমান উন্নত নহয়। ইঞ্জিনিয়াৰিং স্কুলত মই শিক্ষকক অতিপাত প্রশ্ন সুধিবলৈ ল'লো আৰু সমান্তৰালভাৱে গণিত আৰু পদার্থবিজ্ঞান শিকাৰ ধাৰণাই মোৰ মনত বাহ ললে।
বিশেষকৈ গণিতৰ প্ৰতি মোৰ মন বেছিকৈ ঢাল খালে। ইঞ্জিনিয়াৰিং ডিগ্ৰী পৰীক্ষাত মই খুব ভাল কৰিলো। অথচ পৰিয়ালৰ অনিচ্ছাসত্ত্বেও মই গণিতবিষয়ত পি.এইচ.ডি. ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলো। মনতে বিজ্ঞানী হোৱাৰ ইচ্ছা এটাও হ'ল। তেনেকৈয়ে আৰম্ভণি...।
মই প্রতিভাবান যুৱক-যুৱতীসকলক উদ্দেশ্যি কওঁ যে মই সঁচায়ে বৰ সুখী। মই সমাজৰ হিতাৰ্থে কিছু বৰঙণি আগবঢ়াব পাৰিছোঁ। আৰ্থিক আৰু সামাজিক দুয়ো দিশতে মই লাভবান হৈছো। মোৰ নিজৰ দেশৰ বাহিৰেও অন্য ঠাইতো স্বীকৃতি লাভ কৰিছোঁ। আগতকৈও এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবেই পৃথিৱীখন দ্রুতগতিত সলনি হৈছে। নতুন শতিকাত সমাজবোৰ জ্ঞানভিত্তিক হৈ উঠিব খুজিছে। বর্তমান অৱস্থাৰ পৰিপ্ৰেক্ষিতত বৈজ্ঞানিক প্রশিক্ষণে উদ্ভাৱনামূলক প্রযুক্তি গ্ৰহণ কৰাত বেছি উজু কৰি দিছে। আৱিষ্কাৰৰ লগত নিহিত হৈ থকা উত্তেজনা আনন্দৰ কথা নক'লোৱেই যেনিবা । এতিয়া যুৱ প্ৰজন্মৰ সন্মুখত কর্মসংস্থান ব্যৱস্থা আহিছে বা গৈছে। আচলতে, উন্নত পৰ্যায়ৰ শিল্প উদ্যোগ সমূহতো আজিকালি প্রতিভাসম্পন্ন গণিতজ্ঞ, পদার্থবিদ, ৰসায়নবিদ, জীৱবিজ্ঞানী, প্রযুক্তিবিদ আদিক নিয়োজিত কৰে। তেহেলৈ তেওঁলোকৰ উৎপাদন যিধৰণৰে নহওক লাগে। সেয়েহে প্ৰতিভাৱান যুৱ বিজ্ঞানীসকলে বিশুদ্ধ বিজ্ঞানৰ চৰ্চা কৰিলেই জীৱনত একো সংস্থান নহ'ব বুলি ভবাৰ কোনো মানে নাই।
মোৰ এই বিৱৰণ আৰু ধাৰণাৰ সন্দৰ্ভত পৃথিৱীৰ এক আগশাৰীৰ অনুষ্ঠান আব্দাছ ছালাম ইণ্টাৰ নেচনেল চেণ্টাৰ ফৰ থিয়োৰিটিকেল ফিজিক্স অর্থাৎ ICTPস্ত কথা কোৱাৰ সুযোগ দিলে। ইয়াৰ প্ৰতিষ্ঠাপক নোবেল বিজেতা আব্দাছ ছালামৰ সপোন পূৰণ কৰি ICTPয়ে গণিত আৰু তাত্ত্বিক পদার্থবিজ্ঞানত চাৰিৰ্দশকতকৈও অধিক কাল উচ্চ পৰ্যায়ৰ গৱেষণা আৰু প্ৰশিক্ষণমূলক কার্যক্রমণিকা অব্যাহত ৰাখিছে। ই অন্যান্য ক্ষেত্রসমূহো যত পদার্থবিজ্ঞান আৰু গণিতে মৌলিক আৰু বিশ্লেষণাত্মক বৰঙণি যোগায় সেই ক্ষেত্ৰ সমূহকো সামৰি লয়। ইয়াৰ মূল উদ্দেশ্যই হ'ল সাধাৰণতে উন্নয়নশীল দেশৰ বিজ্ঞানীসকলক সেৱা কৰা। অকল তেওঁলোকৰ ক্ষেত্ৰতে ইয়াৰ সেৱা সীমিত নহৈ পৃথিৱীব্যাপি এই সেৱা আগবঢ়োৱা হৈছে।
কেইবাদশক জুৰি ICTP য়ে উন্নয়নশীল দেশৰ বিজ্ঞানৰ পৃষ্ঠপোষকতা কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে। জ্ঞান ভিত্তিক যুগত বিজ্ঞানক সৱলীকৰণ কৰাতে ব্যক্ত নহৈ আমি আমাৰ জাতিৰ মাজত ইয়াৰ সুন্দৰ প্ৰতিচ্ছবিকো দাঙি ধৰিব লাগিব; যাতে সমাজৰ উন্নতিৰ বাবে আমি যুৱ প্ৰতিভাক আকৰ্ষিত কৰিব পাৰো তাৰ বাবেও চেষ্টা কৰিব লাগিব।
একেসময়তে যুৱ প্ৰজন্মৰ বাবে ICTP এক প্ৰতীক হৈ পৰিছে। বিজ্ঞানী হোৱাৰ
আনন্দ কিমান ইয়ালৈ আহি তেওঁলোকে ভালদৰে উপলব্ধি কৰিব পাৰে। এই কেন্দ্ৰই উন্নত অনুন্নত সকলো দেশকে সামৰি লৈছে। ইয়াত কোনো ভেদাভেদ নাই। ট্রিয়েষ্টীবাসী আৰু ইটালী চৰকাৰৰ উদাৰতা, সহায় আৰু সহযোগত ইউনেস্কো আৰু ইণ্টাৰনেচনেল এটমিক এনার্জি কমিছনৰ লগতে বহুকেইটা এজেন্সী আৰু অনুষ্ঠানৰ সৌজন্যত ভূমধ্য সাগৰলৈ মুখ কৰি, বৈজ্ঞানিক বাতাবৰণৰ সৃষ্টি কৰি এক সুন্দৰ অৱস্থানত থাকি বিজ্ঞানৰ বাবে সু-উচ্চ স্থান হৈ পৰিছে। মই প্ৰবন্ধটোৰ আৰম্ভণিতে উল্লেখ কৰা মোৰ সৰু পৃথিৱীখনো ই তাৰ বুকুৰ মাজত সুমুৱাই লৈছে। মোৰ সেই বিদেশী শিক্ষক কেইজনৰ কথা আৰু কি কম! এতিয়া আমি সীমাৰেখা নথকা একেখন সমাজতে বিলীন হৈ গ'লো। আমাৰ উদ্যম উৎসাহ একত্ৰিত কৰি মানৱজাতিৰ কল্যাণৰ কাৰণে বিজ্ঞানক সৱলীকৰণ কৰা প্ৰচেষ্টাৰ ভাগ আমি সকলোৱে লৈছোঁ।
পৰীক্ষামূলক বিজ্ঞানৰ কাম কৰি
মার্টিন এম. পার্ল ষ্টেন্ফোর্ড লিনিয়াৰ এক্সিলিৰেটৰ চেণ্টাৰ, ইউ.এছ.এ.
এজন বিজ্ঞানীৰ জনপ্ৰিয় ভাবমূৰ্তি আৰু তেওঁ কেনেকৈ কাম কৰে সেইবোৰৰ প্ৰকৃত ৰূপ প্ৰকাশ নাপায়। সেয়েহে যুৱ প্ৰজন্মৰ বহুতকে বিজ্ঞানক পেশা হিচাপে ল'বলৈ আকৰ্ষণ নকৰে। পদার্থবিজ্ঞানত প্ৰায় পঞ্চাশ বছৰ ধৰি পৰীক্ষামূলক কাম কৰি মোৰ যি অভিজ্ঞতা হৈছে তাকে তোমালোকক ক'বলৈ ওলাইছো। মোৰ অভিজ্ঞতাক মই ১৩ টা সূত্ৰত ভাগ কৰিছো, যিবিলাকে পৰীক্ষামূলক বিজ্ঞানৰ কাম কৰাৰ আনন্দ আৰু উদ্দীপনা যোগায়। মই মোৰ নিজৰ জীৱনৰ অভিজ্ঞতাহে ক'ম।
প্রশ্ন ১ : বিজ্ঞান-ক্ষেত্ৰ নিৰ্ণয় কৰোঁতে তোমাৰ ব্যক্তিত্ব আৰু চাৰিত্ৰিক বৈশিষ্ট্য আৰু সেই ক্ষেত্ৰৰ প্ৰতি তোমাৰ আগ্ৰহৰ মূল্যাংকন কৰিবা।
বিশ্বজগত সম্পর্কে মোৰ এক যান্ত্রিক দৃষ্টিভংগী আছিল। গণিতত মই ভাল আছিলো কিন্তু পণ্ডিত নাছিলো। মই পৰীক্ষক হিচাপে ভাল হ'ম বুলি বিবেচনা কৰিছিলো। মই পৰীক্ষাৰ ফলাফলবোৰৰ এটা ধাৰণা কৰিব পাৰিছিলো কিন্তু মই তত্ত্ববিদ নাছিলো। যান্ত্রিক কাম-কাজ কৰি মই ভাল পাইছিলো আৰু কৰিবও পাৰিছিলো। তোমালোকে এই কথাটো মনত ৰাখিবা যে বিজ্ঞানী এজনে কেনেকৈ কাম কৰে সেই ধাৰণা মনত সুমুৱাই কাম নকৰিবা। তোমাৰ গাণিতিক পাণ্ডিত্য বা যান্ত্রিক কলা-কৌশলী হ'বই যে লাগিব সিও নহয়। তুমি প্রকৃতি সম্পর্কে নতুন কথা উদঘাটন কৰিব লাগিব আৰু আনে আগতে উত্তৰ নজনা বা ফলাফল নোপোৱা পৰীক্ষা এটা তুমি কৰিব লাগিব। প্ৰথম উত্তৰটো জনাজন যদি তুমি হোৱা তেতিয়াই তোমাৰ আনন্দ হ'ব।
প্রশ্ন ২ : পৰীক্ষা সংক্ৰান্তত তোমাৰ নিজস্ব ধাৰণা প্ৰয়োগ কৰাটোৱেই সর্বোত্তম। তুমি সদায় তোমাৰ ধাৰণা প্ৰয়োগ কৰিবলৈ সুবিধা নাপাব পাৰা। কাৰণ এনেকুৱাও হ'ব পাৰে যে এক নিৰ্দিষ্ট লক্ষ্য লৈ কাম কৰা এটা ডাঙৰ দলৰ তুমি এজনহে। কিন্তু তোমাৰ ধাৰণা ব্যৱহাৰ কৰিব পৰাটো তোমাৰ বাবে আটাইতকৈ ভাল লগা কথা।
প্রশ্ন ৩ : তুমি খৰধৰকৈ ভবা বা কাম কৰাটো আৱশ্যক নকৰে, দৰাচলতে তেনে মানুহৰ পৰা আঁতৰি চলাটোহে ভাল।
তুমি নতুন ধাৰণা এটা আয়ত্ত কৰিলে ই হয়তো ফলদায়ক নহ'বও পাৰে বা
কেতিয়াবা ভুলো হ'ব পাৰে। কিন্তু কোনোবাই ঘপহকৈ তোমাৰ ধাৰণাটোৰ সম্পৰ্কে দ্রুত মন্তব্য এটা কৰিলে সেই কথাত গুৰুত্ব নিদিবা। এনে ঘটনাও ঘটে যে ভুল ধাৰণা এটাৰ ওপৰত কাম কৰি থাকোতেই কেতিয়াবা সঠিক ধাৰণাৰ অভ্যুদয় হয়। তাৰ বাবে তোমাক সময় আৰু সহৃদয় মনোভাৱৰ লগতে সহায়কাৰী সতীৰ্থৰ প্ৰয়োজন হয়।
প্রশ্ন ৪ : তুমি যে সকলো কথা জানিব লাগিব সেইটো নহয়; প্রয়োজন সাপেক্ষেহে তুমি কিবা এটা বিষয় শিকিবা বা কৌশল আয়ত্ত কৰিবা।
আজিৰ দিনত বিজ্ঞান দ্রুত গতিত আগবাঢ়িছে। কিবা এটা নতুন বিষয়ত প্ৰৱেশ কৰাৰ আগতে তুমি প্রথমে বিষয়টো ভালদৰে অধ্যয়ন কৰি সেই কথা চিন্তা কৰি তাৰ পাছতহে কামত হাত দিবা। তাৰ বাবে কিতাপ পত্ৰ পঢ়ি, সহকৰ্মীসকলৰ লগত আলোচনা কৰি, পাঠ্যক্ৰম বা প্রশিক্ষণ লৈ অভিজ্ঞ হোৱাৰ পাছত সেই কামৰ ধাৰণাই গঢ় ল'ব। প্রশ্ন ৫ : প্ৰতিটো ভাল ধাৰণাৰ বিপৰীতে অন্ততঃ দহটা বা বিশটা বেয়া ধাৰণাও আশা কৰিবা।
তুমি দেখিবা যে তোমাৰ বেছিভাগ ধাৰণাই কাম কৰা নাই কিন্তু কেতিয়াবা একোটা ধাৰণাই সাংঘাতিক ধৰণে সুফলদায়ক কাম কৰে।
প্রশ্ন ৬ : বিজ্ঞান বা প্রযুক্তিত ব্যৱহাৰ হোৱা একোটা কৌশলৰ ভৱিষ্যত সম্পর্কে নিশ্চয়তা কৰাটো অতি কঠিন।
পদার্থবিদ হোৱাৰ আগতে মই এজন কেমিকেল ইঞ্জিনিয়াৰ আছিলো। ১৯৪০ দশকৰ শেষৰ ফালে মই জেনেৰেল ইলেকট্রিক কম্পেনী এটাত কাম কৰিছিলো । মই R&D প্রকল্প এটাত কাম কৰোতে খুব সৰু ইলেক্ট্ৰনৰ বায়ুশূন্য নলী নিৰ্মাণৰ কামত ব্যস্ত আছিলো। ইয়াৰ উদ্দেশ্য আছিল যাতে সৰু আৰু কম শক্তিৰ ৰেডিঅ' সজা। সেইসময়তে বেল গৱেষণাগাৰত (Bell Laboratories) ট্ৰেন্জিছটৰ আৱিষ্কাৰ হ'ল।
প্রশ্ন ৭ : তুমি কৰা গণিত বা প্রযুক্তি কৌশলৰ প্ৰতি আগ্ৰহী হ'লে তোমাৰ বেয়া দিনবোৰ আৰু সিমান বেয়া হৈ নাথাকিব।
পৰীক্ষামূলক গৱেষণা কৰোঁতে যদি তুমি একো ভাল ফল নোপোৱা আৰু তুমি ধৰিব পাৰিছা যে তোমাৰ নক্সা, যন্ত্ৰ আদি সলনি কৰিব লাগিব তেনেক্ষেত্ৰত তোমাৰ দিনবোৰ বেয়াকৈ যাব। পৰীক্ষাৰ কিছু কথা কেনেবাকৈ কামত আহিলেই বেয়া দিনবোৰ লাহে লাহে আঁতৰি যাব।
প্রশ্ন ৮ : তোমাৰ কামৰ উপযুক্ত ব্যৱহাৰ হোৱা যেন লাগিলেই তুমি সেই কাম আৰু উন্নত কৰিবলৈ বা সালসলনি কৰিবলৈ অনুপ্ৰেৰণা পাবা।
এইটো খুব সঁচা।
প্রশ্ন ৯ : কেতিয়াবা কোনো প্রযুক্তি বা গণিত এটা ডাঙৰ পৰীক্ষা বা প্ৰকল্পত ব্যৱহাৰ কৰা হয়। সাধাৰণতে তুমি সেই কাম হাতত নলৈ তোমাৰ সহকৰ্মীসকলৰ হাতত এৰি দিবলৈ বেছি ভাল পাবা; কিন্তু এই কথাও আচৰিত নহয় যে কেতিয়াবা তুমিও নিজে গৈ সেই কামত সোমাই পৰিছা।
| pdf |
8cbb5cab5303e09b2ebdb6ab4ae16cfa4fbea979 | ভাৰত ভ্ৰমণলৈ অহা ইটালীৰ আৰু ১৫জন পৰ্যটক মাৰাত্মক ক'ৰ'নাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে। সম্প্ৰতি দিল্লীত এই পৰ্যটককেইজনক চিকিৎসা প্ৰদান কৰি থকা হৈছে। উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাজস্থানৰ জয়পুৰত ইটালীৰে এজন পৰ্যটকৰ দেহত ক'ৰ'নাভাইৰাছৰ উপস্থিতি ধৰা পৰে। সম্প্ৰতি তেওঁ জয়পুৰৰ এছ এম এছ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তাৰ পাছতে তেওঁৰ পত্নীৰ দেহতো ক'ৰ'নাভাইৰাছৰ উপস্থিতিৰ লক্ষণে দেখা দিয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁকো চিকিৎসাধীন কৰা হৈছে। দম্পতীহালক সুকীয়াকৈ চিকিৎসালয়ৰ আছুতীয়া কক্ষত চিকিৎসা প্ৰদান কৰি থকা হৈছে। ইয়াকে লৈ আতংক বিৰাজ কৰি থকাৰ সময়তে দিল্লীত থকা ইটালীৰ আন ১৫জন পৰ্যটক ক'ৰ'নাভাইৰাছৰ দ্বাৰা আক্ৰোন্ত হোৱা বুলি সন্দেহ কৰা হৈছে। এইসকল পৰ্যটক একেটা পৰ্যটক দলৰে সদস্য-সদস্যা। ইতিমধ্যে আটাইকেইজনক আছুতীয়াকৈ ৰাখি চিকিৎসা প্ৰদান তথা তেওঁলোকৰ নমুনাৰ অধিক পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।
ইয়াৰ পূৰ্বে মঙলবাৰে আগ্ৰাতো ছজন লোক ক'ৰ'নাভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি সন্দেহ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হয়। উল্লেখ্য যে ভাৰতত বৰ্তমানলৈকে ছজন লোক ক'ৰ'নাভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। দেশৰ প্ৰথমজন ক'ৰ'নাভাইৰাছ আক্ৰান্ত কেৰালাৰ আছিল। কিছুদিন চিকিৎসাধীন হৈ থকাৰ পাছত যোৱা ২০ ফেব্ৰুৱাৰীত তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। সম্প্ৰতি তেওঁ সুস্থ। আনহাতে, শেহতীয়া তথ্য অনুসৰি ক'ৰ'নাভাইৰাছৰ দ্বাৰা সৃষ্ট ৰোগত সমগ্ৰ বিশ্বত এই পৰ্যন্ত কমেও তিনি হেজাৰ লোক মৃত্যুমুখত পৰিছে। এই দুৰ্ভগীয়াসকলৰ অধিকাংশই চীনৰ আছিল। ইয়াকে লৈ প্ৰায় সমগ্ৰ বিশ্বজুৰি আতংক বিৰাজ কৰি আছে। আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ক'ৰ'নাভাইৰাছৰ প্ৰাদুৰ্ভাবৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াভাবে বিদেশী পৰ্যটকৰ ক্ষেত্ৰত ভ্ৰমণ পৰামৰ্শাৱলী (ট্ৰেভেল এডভাইজৰী)ৰ সংশোধন ঘটাইছে।
এই সংশোধিত ভ্ৰমণ পৰামৰ্শাৱলী অনুসৰি ইৰাণ, জাপান, ইটালী আৰু দক্ষিণ কোৰিয়াৰ পৰ্যচকৰ ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত কেতবোৰ বাধ্যবাধকতা আৰোপ কৰা হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে এই সংশোধিত ভ্ৰমণ পৰামৰ্শাৱলীৰ জড়িয়তে স্পষ্ট কৰি দিছে যে অহা ১০ ফেৰ্বুৱাৰীলৈকে উক্ত দেশসমূহৰ পৰা অহা পৰ্যটকসকলক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ভৰ্তি কৰি যাৱতীয় পৰীক্ষা-নিৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব। ইতিমধ্যে অসম তথা উত্তৰ-পূবতো ক'ৰ'নাভাইৰাছৰ আতংক বিয়পি পৰিছে। কিছুদিন পূৰ্বে মণিপুৰত ছজন লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হয় যদিও নমুনা পৰীক্ষাৰ পাছত তেওঁলোকৰ চাৰিজনৰ দেহত ছোৱাইন ফ্লুৰ ভাইৰাছহে ধৰা পৰে। | web |
f74433b44daf513d009864a53faf79d2194f4af4 | মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ অব্যাহত আছে হাইলাকান্দি জিলাত । যোৱা ২৬ জুলাইত কাছাৰ জিলাৰ অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তৰ লায়লাপুৰত সংঘটিত আক্ৰমণৰ প্ৰতিবাদত যোৱা ২৭ জুলাইৰ পৰা চলি আছে এই অৱৰোধ। লায়লাপুৰত মিজোৰাম আৰক্ষী আৰু একাংশ দুৰ্বৃত্তই চলোৱা গুলীত অসম আৰক্ষীৰ ৬ গৰাকী জোৱান শ্বহীদ হৈছিল । লগতে আহত হৈছিল আন ৪২ জন আৰক্ষী জোৱান । যাৰ ভিতৰত আছে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকো।
তাৰ পিছৰ পৰা সমগ্ৰ বৰাক উপত্যকাত মিজোৰামৰ বিৰুদ্ধে আৰম্ভ হৈছিল প্ৰতিবাদ আৰু বৰাকৰ তিনি জিলাত মিজোৰামৰ বিৰুদ্ধে আৰম্ভ হৈছে অৰ্থনৈতিক প্ৰতিবাদ । বৰাকৰ স্থানীয় ৰাইজে বন্ধ কৰি দিছিলে মিজোৰামৰ লগতে সংযোগী থকা সকলো ৰাষ্ট্ৰীয় ঘাইপথ আৰু একমাত্ৰ ৰে'লপথটোও।
যোৱা ২৭ জুলাইৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ এতিয়াও অব্যাহত আছে । সোমবাৰে হাইলাকান্দি জিলাৰ মিজোৰাম সীমান্তৱৰ্তী ৰামনাথপুৰ ৰে'ল ষ্টেচনৰ কাষত অসম মিজোৰাম সংযোগী ৬ নম্বৰ (পুৰণী ১৫৪ ) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। লগতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ পুত্তলিকাও দাহ কৰে স্থানীয় ৰাইজে। মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথেঙ্গা, মিজোৰাম চৰকাৰ, মিজোৰামৰ ছাত্ৰ সংস্থা MZP আৰু YMA মুৰ্দাবাদ শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। তেওঁলোকৰ দাবী অতি সোনকালে প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়ে দুই ৰাজ্যৰ সীমান্ত সমস্যাৰ সমাধান কৰক।
- First Published : | web |
14e2bf4e0c9ddbab2ccf4e5d973c6bcc60d18653 | মানুহে তেওঁলোকৰ প্ৰথম প্ৰেম কিয় পাহৰিব নোৱাৰে?
বৃদ্ধ পেঞ্চন নহয়, প্ৰেমিকৰ সন্ধানত এগৰাকী ৮৫ বছৰীয়া আইতা !
শিৰত সেন্দুৰ লোৱা দেখি ৰেখাক ঘৰলৈ ডিনাৰৰ বাবে মাতি পঠিয়াইছিল জয়া বচ্চনে!
২ হাজাৰ টকা বিনিয়োগ কৰি আপুনি ডেৰ লাখ টকা পাব! ডাকঘৰৰ কি আঁচনিত এই সুবিধা? | web |
34ed26ff5d209df4825df782c7aa28abd854f0bd44e4e9f948305ab2863cb682 | কাঁদেৰে লাহে লাহে ঘৰৰ বাহিৰ হ'ল। ঘৰৰ পিছফালেদি ফিলিঙৰ পাবলৈ পোনালে! এটা সময়ত যেতিয়া সি মাষ্টীয় ঘাইপথ পালে তেতিয়া হঠাৎ তাৰ চকু পৰিল তাৰ উন্মুক্ত বুকুখন আম্বিয়াৰ তেজেৰে লুভুৰি পুতুৰি হৈ পৰিছে।
এই যে গাওঁ এৰিলে কাদেৰে তাৰ আৰু দীমালপাৰলৈ যোৱা নহ'ল। কাদেৰে নিজকে প্ৰবোধ দিলে - জীৱনৰ সকলো বস্তুৱেই যেতিয়া হেৰাই গ'ল তেতিয়া আৰু জীৱনৰ প্ৰতি মোহ ৰাখি লাভ কি ?
তেতিয়াৰ পৰাই কাদের এইখন গাঁৱত আছে। মানুহে মৰম কৰি তাক এটুকুৰা মাটি দিছে । তাতে সি জুপুৰি এটা বান্ধি জীৱনৰ শেষ কালছোবা কটাবলৈ স্থিৰ কৰিছে। তাৰ মনত এটাই মাত্র দুখ ৰৈ গ'ল। সি বাচি থাকিল কিয় ? বা বাচি থকাৰ চেষ্টা কৰিছিল কিয় ? সাহসেৰে প্রতিবাদ কৰোতে যদি মৰিবলগীরা হয় তাৰ সমানতো আনন্দ নাই। সি কিয় এনে নীচ কাম কৰিলে ? এইটো চিন্তা আহিলেই কাদেৰ অস্থিৰ হৈ পৰে আৰু ভাৰ প্রায়শ্চিত্ত ৰিচাৰি 'ব্যাকুল হৈ পৰে। সদার কাহিলি কাহিলি পোহৰ হোৱাৰ সময়তে কাদেৰে বুকুত এটা তীব্র বিষ অনুভব কৰে আৰু সেই যন্ত্ৰণাৰ পৰা মুক্তি পাবৰ কাৰণে ৰাহিৰলৈ ওলাই আছে । সি আত্মগ্লানিত মুখেৰে ভোৰ তোষায় - পুরুষ হৈ পুৰুষৰ কাম কৰিব নোৱাৰিলোঁ আম্বিয়া।
মোকা ।
ৰাতি তেষ্ঠিরা দহ বাজিছে। কল্পই থৈণীয়েক ৰূপালীক চৰ চপাই ললে । ৰূপালী করব বুকুৰ মাত সোমাই পৰিল ।
| pdf |
4043a681a6d791d8dbc673550e96a9fc10d9d5b5dd9d11af54f53fb72972daa9 | : চৰিত্ৰৰ যোগেদি ভক্তিৰ মাহাত্ম্য, গাজদ্ৰোপাখ্যানৰ মাজেদি শৰণ-মাহাত্ম্য, ৰাস-ক্রীড়াৰ মাজেপি অঙ্কন কৰিছে প্রেম-ভক্তি-মাহাত্ম্যৰ চিত্ৰ ইত্যাদি। এইদৰে 'ভাগৱত-প্ৰাণ'ৰ ভিন ভিন আধ্যান বা ঘটনাবোৰে প্ৰকাশ কৰা ভগৱগুণ-মাহাত্ম্যৰ ভিন ভিন দিশ 'কীৰ্ত্তন'ৰ অন্তৰ্গত প্ৰতিটো আখ্যানৰ মাজত চিহ্ণিত হৈছে, অৱশ্যে কষি-অভীপ্সাৰ তুলিকাৰ যোগেদি। নামাপৰাধ, উষো-বৰ্ণন আৰু সহস্ৰ-নাম-বৃত্তান্ত - এই তিনিটা বিষয়ত বাহিৰে ওপৰত উল্লেখ কৰা সকলোবোৰ বিষণ্ণ ( ওপৰঞ্চি চাৰিটাক বাদ দি) 'ভাগৱত' শাস্ত্ৰৰ পৰাই আহৰণ কৰা। গতিকে কব পৰা যায় - 'কীৰ্ত্তন' পখি ভক্তিৰসাত্মক ভাগৱতৰ একাকাৰ সাৰসংগ্রহ; উদ্দেশ্য - যাতে ইয়াৰ কীৰ্ত্ত'নে জনসাধাৰণৰ মানস-পটত সর্বনিয়স্তা পৰমেশ্বৰৰ লীলা-মাহাত্ম্যৰ ছবি স্পষ্ট কৰি তুলিব পাৰে আৰু ক্রমশঃ তেওঁলোকক ভগবদ্মুখী কৰিব পাৰে।
প্রকৃত পক্ষে 'কীৰ্ত্তন' নাম প্ৰসঙ্গৰ উপযোগীকৈ ৰচিত গ্রন্থ । সুৰ লগাই উচ্চস্বৰে ইয়াক আবৃত্তি কৰা হয়। তাত্ত্বিক গ্ৰন্থৰাজিৰ অন্যতমৰূপে ইয়াক ধৰি লোৱা হৈছে যদিও ইয়াৰ বেছিভাগ আখ্যানৰ মাজতেই মূল তাত্ত্বিক জটিলতা নাই। সৰ্ব্ব সাধাৰাৰণ লোকে আখ্যানৰ অন্তর্নিহিত তত্ত্ব যাতে সহজতে উপলব্ধি কৰিব পাৰে, তাৰ বাবে মহাপুৰুষে মূলপ্রকাশিত গূঢ়ার্থৰ সূক্ষ্মতা সূক্ষ্মতা আৰু জটিলতা পৰিহাৰ কৰি সেইবোৰ যথাসম্ভৱ সৰলীকৃত কৰিছে। উদাহৰণ স্বৰাপে : অজামিলোপাখ্যানৰ অন্তৰ্গত পাপৰ প্রায়শ্চিত্ত-কথন ( ভা, ১১।৭-২০), অজামিলৰ কৃতকৰ্মৰ প্রতি অনুশোচনা (ভা. ৬াহা২০-৩১), গঙ্গাৰ পাৰত অজামিলৰ সাধন ( ভা, ৬া২।৩২-৪১ ) আদি ভাগৱতৰ বহুত কথা বাদ দি নাৰায়ণ-নামোচ্চাৰণৰ আশু-ফলপ্রাপ্তি সহজ কৰি দেখুৱাইছে। সেইদৰে 'প্রহলাদ-চৰিত্ৰ'ই বাইশটা কীৰ্ত্তন আঙৰিছে যদিও মূলৰ দুটা স্কন্ধত (ভা ৩।১৫-১১ অধ্যায় আৰু ৭।৩-১০ অধ্যায়) বিস্তৃত হৈ থকা আখ্যানৰ ই বহুবর্জিত, কিছু পৰিবৰ্তিত আৰু আপেক্ষিকভাৱে সংক্ষিপ্ত চিত্ৰণ । তথাপি ইয়াৰ মাজত সুস্পষ্ট বিশেষত্ব এই - প্রহলাদৰ হৰি ভক্তিয়ে সর্বসাধাৰণৰ অন্তৰ স্পৰ্শ কৰিব পাৰে। 'ভাগৱত'ৰ তিনিটা অধ্যায়ত (৮২-৪ ) বর্ণিত গাজদ্ৰোপাখ্যানৰো কিছু কথা বঞ্জিত হৈ শঙ্কৰদেৱৰ 'কীৰ্ণন'ত ই সংক্ষিপ্তৰাপ গৈছে । এই সংক্ষিপ্ততাৰ মাজতো গ্ৰাহৰ মুখ ফালি গজেন্দ্রক শ্রীহৰিয়ে উদ্ধাৰ কৰাৰ লগে ভাগে গজেন্দ্রই ভগৱানৰ ৰাগ, কান্তি লাভ কৰি তেওঁৰ পাৰিষদ হোৱা
অসমৰ বৈষ্ণব সাহিত্য আৰু সংস্কৃতি
আৰু গ্রাহয়ো দিব্যৰূপ লাভ কৰি গ্ৰস্থানলৈ গতি কৰাৰ কথা স্পষ্ট হৈ উঠিছে। এইদৰে দেখা যায় 'কীৰ্ত্তন'ৰ প্ৰত্যেকটো আখ্যানেই মূৰ জটিরতা বন্ধিত সংক্ষিপ্ত কাব্যিক ৰূপায়ণ। ইয়াৰ মাজেদিও মূলৰ তাত্ত্বিক-ধ্বনি হৃদয়-মন্দিৰত ধ্বনিত নোহোৱাকৈ নাথাকে। ভক্ত-কবিৰ বিষ্ণু ভক্তি-সিত্ত অন্তৰৰ অনুৰ্পন ইয়াৰ সকলো ঠাইতে ধ্বনিত হৈ 'কীৰ্ত্তন'ৰ আকর্ষণীয়তা আৰু কাব্যিক মাধুৰ্য্য চৰাইছে। দৰাচলতে ইয়াৰ সামগ্ৰিক ৰূপ অনুপম. বেজবৰুৱাৰ ভাষাত - 'ভাষাৰ লালিত্য, ছন্দ ঝঙ্কাৰ, সুৰৰ লাৱণা, ভাষাৰ মাধুৰ্য্য, ভদ্ভিৰ দৃঢ়তা, চিন্তাৰ উচ্চতা আদিৰ সমষ্টিৰে শঙ্কৰদেৱৰ কীৰ্ত্তন ৰচিত।"৪.
শঙ্কৰদেৱৰ অনুবাদ সাহিত্যৰাজিৰ ভিতৰত দশমৰ পদ ভাঙনি বিখ্যাত আৰু মনোৰম। 'ভাগৱত'ৰ দশম-অন্ধক সাধাৰণতে 'দশম' বোলা হয়। নব্বৈটা অধ্যায় সামৰি লোৱা কাৰণে ই অকল অকৃতিতেই গৰিষ্ঠ নহয়, ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলা ৰূপায়িত কৰি ভাগৱতৰ কেন্দ্ৰশ্বৰূপ হোৱা কাৰণে প্ৰকৃতিৰ ফালৰ পৰাও গুৰুত্বপূৰ্ণ। অৱশ্যে শঙ্কৰদেৱে এই স্কন্ধৰ গোটেইবোৰ অধ্যায়ৰেই অনুবাদ কৰা নাই, কৰিছে প্ৰথমৰ পৰা সপ্তচত্বাৰিংশ অধ্যায়লৈ। এই অধ্যায় কেইটাক একেলগে 'আদি-দশম' বোলা হয়। উল্লেখ কৰিব লগীয়া কথা - অসমীয়া জনসাধাৰণৰ মাজত 'দশম' বুলিলে সাধাৰণতে বুজা যায় শঙ্কৰদেৱকৃত উক্ত অধ্যায়কেইটাৰ পদ-ভাঙনিহে।
কৃষ্ণৰ জন্ম সম্বন্ধে পৰীক্ষিতৰ প্ৰশ্ন, দৈৱকীৰ ছয় পুত্র বধ, দৈৱকীৰ গৰ্ভত বিষ্ণুৰ আবিৰ্ভাৱ দেখি কংসৰ চিন্তা আৰু দেৱগণৰ দ্বাৰা বিষ্ণস্তুতি, কৃষ্ণৰ জন্ম, বসুদেৱৰ দ্বাৰা নিজপুত্ৰক নন্দগৃহত স্থাপন আৰু তাৰ পৰা যশোদাৰ কন্যাগ্রহণ, কংসৰদ্বাৰা যোগমায়া বধৰ বৃথাচেষ্টা, যোগমায়াৰ দ্বাৰা কংস-শত্ৰুৰ জন্ম কথন, নন্দোৎসৱ, বসুদেৱনন্দৰ সাক্ষাৎ, পুতনা-বধ, কৃষ্ণৰ অভিষেক আৰু ৰক্ষাবিধান, শকটভঞ্জন আৰু তৃণাৱৰ্ত্ত-সংহাৰ, কৃষ্ণৰ বাল্য-লীলা, কৃষ্ণৰ বন্ধন, যমলার্জুন ভঙ্গ, বৎস-বঘাসুৰৰ বধ, ব্ৰহ্মাৰ মোহনাশ, ব্ৰহ্মাৰ কৃষ্ণস্তুতি, ধেনুকাসুৰ বধ, কালিয় দমন, বনাগ্নি পান, প্রলম্বাসুৰ বধ, পশু আৰু গোপগণৰ আমাৰ 'সাহিত্য আৰু সংস্কৃতি' গ্ৰন্থৰ অন্তৰ্গত 'কীৰ্ত্তন দশম' নামৰ বন্ধ বা
লক্ষ্মীনাথ বেজবৰুৱা ৰচিত 'শঙ্কৰদেৱ'
দ্বাবাগ্নিৰ পৰা ৰক্ষা, বর্ষা আৰু শৰৎ ঋতুৰ বৰ্ণন, গোপিকাগণৰ কথোপকথন, বস্ত্ৰহৰণ, বিপ্ৰপত্নীপ্রসাদ, ইন্দ্ৰযজ্ঞ-নিবাৰণ, গোৱৰ্দ্ধন-ধাৰণ নন্দ আৰু গোপগণৰ আলোচনা, ইন্দ্ৰ আৰু সুৰভিৰ দ্বাৰা কৃষ্ণৰ অভিষেক, বৰুণালয়ৰ পৰা নন্দ-উদ্ধাৰ, ৰাস-লীলা, সুদৰ্শন উদ্ধাৰ আৰু শঙ্খচূড় বধ, গোপীগণৰ সন্তাপ, অষ্টিাসুৰ বধ, কেশী-ব্যোমাসুৰ বধ, অঙ্কুৰৰ গোকুল্লাগমন, অক্ৰুৰৰ মথুৰা যাত্রা, অক্ৰুৰৰ কৃষ্ণ স্তুতি, ৰাম-কৃষ্ণৰ মথুৰা প্ৰবেশ, মল্লঙ্গ-প্ৰবেশ, মল্লক্রীড়া উদ্যোগ, কংশ-বধ, উগ্রসেনৰ ৰাজ্যান্তষেক, উদ্ধৱৰ ব্ৰজগমন আৰু উদ্ধৱৰ মথুৰালৈ প্ৰত্যাৱঞ্জন - ৪৭ টা অধ্যর অন্তর্গত এইবোৰ কথা আৰু ঘটনাৰ অসমীয়া কাব্যিক-ৰূপ দিছে শঙ্কৰদেৱে।
শঙ্কৰদেৱৰ অনুবাদৰীতিৰ অন্যতম কথা এই যে, ভক্তিমূলক আৰু কৃষ্ণৰ ৰূপ-গুণপ্ৰকাশক কথাবোৰ বেছি ভাগ ঠাইতে জ্ঞানকি গতান গতিক ৰীতিতো বহুলভাৱে বর্ণিত হোৱা দেখা যায়। তেওঁৰ দশমৰ অনুবাদৰ ধৰণ কিন্তু বিশেষ ইয়াৰ অনুবাদত বিষয়বস্তুৰ কোনো কোনো অংশৰ প্ৰতি কবিৰ অনুৰাগ বা বিৰাগ বিশেষভাবে সুস্পষ্ট নহয়। সেয়েহে, ইয়াৰ অনুবাদত ভক্তিমূলক, বর্ণনামূলক, তত্ত্বমুলক আদি সকলো কথাই ৰূপায়িত হৈছে - অৱশ্যে কম-বেছি বিস্তৃতিৰ মাজেদি। স্থানভেদে কিছু বঢ়া-টুট। থাকিলেও শঙ্কৰদেৱৰ এই খণ্ড ৰচনাক মোটামুটিভাৱে মূলৰ একপ্রকাৰ নিৰ্ভৰযোগ্য অনুবাদেই বুলিব পাৰি ।
স্থলভাৱত নিৰ্ভৰযোগ্য অনুবাদ বুলিব পৰা গলেও সূক্ষ্ম-দৃষ্টিত কিন্তু এই বিষয়ত আলোচনা কৰিবলগীয়া কথা আছে। নিৰ্ভৰযোগ্য অনুবাদ মানে এই কথা নহয় যে, ইয়াৰ সকলোবোৰ পদেই অবিকল অনুবাদ। 'দশম'ৰ অনুবাদৰ বৈশিষ্ট্য বা ৰীতি সম্বন্ধে আলোচনা কৰিলে দেখিবলৈ পোৱা যায় এইকেইটা কথা : প্ৰথমতে, ইয়াৰ অনুবাদৰ কোনো কোনো অংশ মূলানুগ, দ্বিতীয়তে, কোনো কোনো অংশ মুন্নার্থপ্রকাশক, অথচ সংক্ষিপ্ত, তৃতীয়তে, কোনো কোনো অংশমুল্লাৰ্থ-সূস্পষ্ট কাৰক নহয়। চতুৰ্থতে, কোনো কোনো অংশ আকৌ মূলাৰ্থৰ বিস্তৃতি কাৰক । ইয়াৰ উপৰিও আন কথা এই যে, পঞ্চমতে, ইয়াত মহাপুৰুষ শ্ৰীধৰস্বামীৰ টীকাৰ টীকাৰ ওপৰত বিশেষ
নিৰ্ভৰশীল । ষষ্ঠতে, কঠিন দার্শনিক বা তাত্ত্বিক কথাৰ পৰিহাৰ;
অসমৰ বৈষ্ণৰ সাহিত্য আৰু সংস্কৃতি
সপ্তমতে, মাজে মাজে কৃষ্ণভক্তি-মাহাত্ম্যসূচক ভণিতাৰ সংযোগ আৰু অষ্টমতে, ইয়াৰ সামগ্ৰিক ৰূৰূপ অনুপম কাব্যিক নিদর্শন ।
'দশম'ৰ বহু কথা আঞ্চ আখ্যান তত্ত্বার্থবাঞ্জক । বিষ্ণভক্তি প্রচাৰমুখিতাৰ ফালে স্বাভাৱিকতে কবিৰ মানসিকতা ঢ'ল খাই থকাৰ কাৰণে দার্শনিক বা তাত্ত্বিক কথা প্রকাশত প্রয়োজনবিশেষে গুৰুত্ব নিদিশেও এই খণ্ডৰ তত্ত্বপূর্ণ কথা না আখ্যানবোৰৰ স্বাভাৱিক ৰূপায়ণেই আনকি 'দশম'ক তত্ত্বপূর্ণ গ্ৰন্থৰ শাৰীত তুলিহে । আনকি, বর্ণনাত্মক খণ্ডৰ ( শৰত কালৰ ) মাজতো এই ধৰণৰ তাত্ত্বিক-ভাৱে উৰু দি উঠিছে । যেনে
ব্যোম্পোঅব্দং ভূতশাৱলাং ভূৱঃ দঙ্কমপাংমলম। শৱৰ্জ্জহাৰাশ্ৰমিণাং কৃঃষ্ণ ভক্তিৰ্থং।শুস্তম্ । ( ১০/২০ 98 ) ইয়াৰ তাৎপৰ্য্য মুকা কৰি দিছে এইদৰেঃ শৰত ঋতুয়ে চতুরিদ মালিনা মুখ ক।ে - (১) আকাশ মেঘ, (২) প্রাণীবিলাকৰ একত্রা, (৩) পৃথিৱীৰ কৰ্ণন সাঞ্চ (8) লৰ কলুষতা । শ্রীকৃষ্ণৰ প্রতি তাও কশিলেও (১) ব্ৰহ্মৰ্য্যাম্ৰমৰ সমাৱৰ্ত্তন দোষ দূৰ্ব হয়, অর্থাৎ নৈষ্ঠিক ব্রহ্মচর্য্য প্রতিষ্ঠিত হয়, (২) গৃহস্থই অধিক সময় নিজ নত থাকি ভাল পায়, স্ত্রীপুত্ৰাদিৰ লগত একেলগে বাস কৰিবলৈ ইচ্ছা নাথাকে, (৩) বানপ্রস্থাশ্রমীৰ মলিন বসনাদি ধাৰণৰ সুখ নাথাকে আৰু (8) সন্ন্যাসীৰ বহুতীর্থ-গমনাগমন জনিত ক্লেশ লূৰ হয়, অর্থাৎ এক তীৰ্থতেই ভগৱানৰ নাম-জপত কচি জন্মে । অনুবাদত এই তাত্ত্বিক কথাই ৰূপ নৈছে এইদৰে :
ব্যোনাদীনাং চতুৰ্ণং চতুৰো মন্নান শৰৎ অহৰৎ । আশ্রমিণাং চতুর্নং কৃষ্ণে জাতা ভক্তিযথা অশুভমসুখং হৰতি। তথাহি ব্রহ্মচাৰিণো গুৰ্ব্ব-থাদকাহৰণাদিকষ্টং যথা ভক্তি হ′ৰতি তরা পূর্ণস্য তেনানুগ য।গাৎ গুৰুত্তিৰপি কৃতার্থস্য তস্যানিয়োগাৎ। এৱং ব্যোস্না অসং শত্ৰুজ্জহান যথা চ গৃহিঃণাদপত্যাদিসাঙ্কৰ্যং ভক্তি নৱতি বিবিক্ত বাসৰুচ্যুৎপত্তেঃ । তথাভূতানাং শবলাং নাওঙ্কৰ্যাং শৰত্ বর্ষাস্ বৃষ্টিভিয়া সঙ্কুলা নিৱসন্তি ।
চ বনস্থস্য মল্লধাৰণ ক্লেগং ভক্তিৰ্হৰতি এবং ভুৱঃ পঙ্কং শৰৎ । যথা চ যতীনাং কামাদি বাসনা মনং শ্রীকৃষ্ণভত্তিহ ৰতি এৱমপাং মলং শৰদিতি।' (শ্ৰীধৰী ভাঁকা )
| pdf |
b0aeaa5dfba3707e6eccffb7d05bcb7f271b2c50 | এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত চিটী বাছ চলাচলত প্ৰযোজ্য হ'ব কেতবোৰ গুৰুত্বপূৰ্ণ নির্দেশনা। সেই অনুযায়ী মহানগৰীত চলাচল কৰা চিটী বাছসমূহৰ চলাচলৰ পথ এতিয়াৰে পৰা সলনি হ'ব। জিলা পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰিব মহানগৰীত চলাচল কৰা চিটী বাছসমূহৰ নতুন নিয়মসমূহ। ইয়াৰ উপৰি এতিয়াৰে পৰা মহানগৰীত চলাচল কৰা চিটী বাছসমূহত নাথাকিব হেণ্ডিমেন। প্ৰতিটো বাছ আস্থানত এখন চিটী বাছ যাত্ৰী উঠোৱাৰ বাবে দুই মিনিটতকৈ অধিক সময় ৰ'ব নোৱাৰিব।
দুই মিনিটতকৈ অধিক সময় ৰ'লে ভৰিব লাগিব জৰিমনা। ইয়াৰ উপৰি যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বাছখনৰ সন্মুখৰ গ্লাছত থাকিব লাগিব চালকৰ ফটো। ফটোখন যাত্ৰীসকলে ৫০ মিটাৰ আঁতৰৰ পৰা চিনি পোৱা হ'ব লাগিব। লগতে চিটী বাছ চলাচল কৰাৰ ক্ষেত্ৰত আৰু কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা থাকিব। উল্লেখ্য যে অহা সপ্তাহৰ পৰা মহানগৰীত চলাচল কৰা প্ৰতিখন চিটী বাছতে কাৰ্যকৰী হ'ব এই নতুন নিয়ম। নিয়ম নমনা চিটী বাছসমূহক নাকী লগাব পৰিবহণ বিভাগে। | web |
c8280e16345faa7d764f6baf6ef5d3f706d32a13 | শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামনি অসমৰ কেন্দ্ৰবিন্দু স্বৰূপ মাতৃ জিলা বঙাইগাঁও জিলা শাখাৰ এক বৃহৎ সাধাৰণ সভা জিলা নামঘৰ প্ৰাঙ্গন কাশিডবাত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে শৰণ সদস্য ফুলচৰণ পাঠক বাপে আগধৰা এফাঁকি গুৰু বন্দনাৰে সভা অনুষ্ঠিত হয়। পিছত জিলা সভাপতি অতুল চৰণ দাস বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক অজিত চৌধুৰী বাপে। সভাত আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় অৰ্থাৎ মূলৰ গুৰু জয়ন্তী আৰু নাট সমাৰোহ খন বঙাইগাঁও জিলা শাখাৰ উদ্যোগত অহা ১৫আৰু ১৬অক্টোবৰত অনুষ্ঠিত হবলগীয়া ইতিপূৰ্বে আধৰুৱা হৈ থকা আদৰণি সমিতি খন আজি এক পুৰ্ণাংগ পৰ্যায়ত আদৰণি সমিতি খন গঠন কৰা হয়। ইয়াৰোপৰি বিত্তীয় ,অভ্যৰ্থনা, আই-মাতৃ আৰু সেৱা বাহিনীৰ বিভিন্ন কাম কাজ আদি সন্দৰ্ভত বিশদ আলোচনা কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।
সভাত মূলৰ সদস্য ভৱেশ্বৰ ৰায় বাপ,আদৰণি সমিতিৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ সিংহ বাপ ,জিলা শাখাৰ উপ সভাপতিদ্বয় মধুসুদন কলিতা আৰু অনিল ৰায় বাপ ,জিলা সংস্কৃতি শাখাৰ সম্পাদক কামিনি মোহন ৰায় বাপ,৺অনিল পাঠক প্ৰাথমিক শাখাৰ সম্পাদক শান্ত সূত্ৰধৰ বাপ,সেৱা বাহিনীৰ কেন্দ্ৰীয় সদস্য বুদ্ধেশ্বৰ পাটগিৰি বাপ,সেৱা বাহিনীৰ জিলা নায়ক কুঞ্জ ৰায় বাপ,সেৱা বাহিনীৰ কেন্দ্ৰীয় মুখ্য নায়ক তপন ৰায় বাপ ,জিলা প্ৰচাৰ শাখাৰ সম্পাদক প্ৰফুল্ল কুমাৰ দাস বাপ,জিলা আই মাতৃ আৰু শিশু কল্যান সমিতিৰ উপদেষ্টা স্বৰ্ণলতা বণিক্য আই ,জিলা আই মাতৃ সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকা ক্ৰমে কামিনি বৰ্মন আৰু মলয়া দাস আই ,জিলা সাহিত্য শাখাৰ সম্পাদক ভূপেন ৰায় বাপ,শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী শাখাৰ প্ৰবক্তা ডঃ জগত কলিতা বাপ,জলেশ্বৰ ৰায় বাপ,কৰুণ কান্ত দাস বাপ আৰু ধৰ্মেশ্বৰী দাস চৌধুৰী আই আদিয়ে সাৰুৱা ভাষণ দি মতামত আগবঢ়ায় । সভাৰ শেষত সভাপতি অতুল চৰণ দাস বাপে ভাষণ আৰু গুৰু বন্দনাৰে সভা সামৰণি পেলায় বুলি বাতৰিটোত প্ৰকাশ। | web |
3effc10e3541c52480db40743685ff3f15520a40 | এগৰাকী কিশোৰী সন্ধানহীন হোৱাৰ খবৰে মাৰ্ঘেৰিটাত সৃষ্টি কৰিছে চাঞ্চল্যৰ।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ২নং আলুবাৰীৰ পৰা কিশোৰীগৰাকী সন্ধানহীন হৈছে। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ২নং আলুবাৰীৰ পৰা যোৱা বুধবাৰৰ পৰা ঘৰৰ বাৰীত কাম কৰি থকা অৱস্থাতে সন্ধানহীন হয় পোন্ধৰ বছৰীয়া কিশোৰীগৰাকী।
ইতিমধ্যে পৰিয়ালৰ তৰফৰ পৰা মাৰ্ঘেৰিটা আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
আজি মাৰ্ঘেৰিটা মহকুমা সন্মিলিত নাৰী মঞ্চৰ তৰফৰ সংবাদমাধ্যমৰ জৰিয়তে কিশোৰী গৰাকীৰ উদ্ধাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে। কিশোৰীগৰাকীৰ দুখীয়া পৰিয়ালৰ লোকে সম্ভাৱ্য সকলো স্থানতে খবৰ কৰিছে যদিও কোনো শুংসূত্ৰ লাভ নকৰাৰ কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে।
এই সন্দৰ্ভত কোনো ধৰণৰ শুংসূত্ৰ যদি কোনো লোকে লাভ কৰে তেনেক্ষেত্ৰত মোবাইল নং ৮৮২২৩৩২২৪৫ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়াল তথা সন্মিলিত নাৰী মঞ্চৰ বিষয়ববীয়া সকলে।
অন্যহাতে মাৰ্ঘেৰিটা আৰক্ষীয়ে কিশোৰী গৰাকীৰ কোনো ধৰণৰ সম্ভেদ দিব নোৱাৰাত আৰক্ষীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সন্মিলিত নাৰী মঞ্চ।
আৰক্ষীয়ে কিশোৰী গৰাকীৰ খবৰ উলিওৱাত তৎপৰতা প্ৰদৰ্শন কৰাৰ দাবী জনাইছে নাৰী মঞ্চৰ প্ৰতিনিধিয়ে। | web |
0babb19cb9ac6e10bc807814f6a8ea88075abd20dd570f4c92db00f833fad220 | ১৯৭৮ চনৰ অক্টোৱৰ মাহৰ এটা আবেলি। মেছটোৰ নাম "ভঙাঘৰ"। পতুলে নিজৰ বিছনাখনতে বহি চিন্তা কৰিলে। চিন্তাৰ যেন পাৰ নাই। চিন্তা মহাসাগৰৰ ঢৌবোৰ যেন এটাৰ পাছত এটাকৈ আহিবই লাগিছে। বিছনাখনৰ কাষতে লগাই থোৱা টেবলখনৰ ওপৰত কাগজৰ এটা দ'ম।
পতুলে উচ্-পিচ্ কৰি উঠিল। দিগেনহ'ত তেতিয়াও আহি নাপালেহি। ধূমকেতু মেছৰ পৰা দিগেন আৰু, প্রভাত দুয়োটা আহি পালেহে পতুল ওলাই যোৱাৰ কথা আছিল। সি এবাৰ থিষ হ'ল আৰ দুৱাৰমখৰ ফালে আগৱাই গ'ল । নাই, সিহতৰ দেখা-দেখিযেই নাই ।
সিহহঁতৰ কথামতেই পতুলে আজি অপেক্ষা কৰি আছে। নগাওঁ কলেজৰ নতুন ইউনিয়ন চেটোৰী পাতিব লাগে। এই পদটোৰ কাৰণে এজন উপযুক্ত গ্রার্থী লাগে। দিগেন, প্রভাতহ'তে বোলে এটা ল'ৰা বিছাৰি পাইছে। নতুনকৈ কলেজলৈ অহা ল'বাটোৰ নাম গিবীন্দ্ৰ কুমাৰ বৰুৱা ।
সন্ধ্যা নামি আহিছে। ভিতৰত আন্ধাৰ হৈছে। পতুলে দিযাচলাইটো মাৰি লেমটো জ্বলাই দিলে। নিমিষতে মেছৰ সৰ, কোঠালিটোত আন্ধাৰ আব; পোহৰৰ মিলন ঘটিল। কলং নদীৰ পাৰৰ বতাহ এজাকে হঠাতে মেছৰ আব্দু বেৰ কেইখনত হে'চা এটা মাৰি গ'ল আৰু, দুৱাৰখন কপাই তুলিলে। সেমেকা বতাহজাকব মাজত দিগেনহতৰ মাত শনা গ'ল । সিহ'ত আহিল । দৱাৰখন খুলি প্রভাত আহি পাণ্ডুলৰ বিছনাখনতে বহি ওপৰলৈ চালে। - দেৰি কবিলা। গম্ভীৰ মাতেৰে পতুলে কথাকেইটা কৈ মিচিকিষা হাঁহি এটাৰে প্ৰভাতলৈ চালে ।
- এৰা, অলপ দেৰি হ'ল ! পিছে তোমাৰ মেছৰ ওপৰত দেখোন খেৰেই নাই । ৰাতি পানী নপৰে জানো ?
- নপৰিবনে ? সেইকাৰণে বিছনাৰ কাপোৰবোৰ সামৰি থৈছোঁ। পাতূলৰ কথা শুনি দিগেনে ক'লে - সেইকাৰণে মই কৈছোঁ নহয়, আমাৰ তালৈকে ব'লা !
- নাষাও দিবা, তোমালোকৰ মেছটোৰ নাম শুনিলেই ৰাইজে ভয় খায়। - ধমকেতু! - দিগেনে নামটো উচ্চাৰণ কৰি হাঃ হাঃ কৈ হাঁহিলে আৰু অকণমান সমযৰ পাছত ক'লে - বাৰ, নালাগে দিয়া যাব, তাতে তোমাৰ বন্ধ ইন্দ্ৰনীল অকলশৰীয়া হ'ব ।
পতুলে হাঁহি মাৰি ক'লে - ব'লা ব'লা, দেৰি হ'ল। সিহ'ত আহি ছাগৈ ৰৈ আছেহি !
সিহ'ত তিনিযোটা বাহিবলৈ ওলাই আহিল আৰু, কলংপাৰব সব্ আলিটোৱেদি খোজ ল'লে।
গ্ৰেণ্ড হোটেল । পিছপিনৰ এটা কোঠালি। সিহত সোমাই যোৱা দেখি ল'ৰা এটাই টেবুলখন মচি দিলেহি। পতুল বহিল আৰ, কাগজবোৰ টেবুলৰ ওপৰতে থ'লে । প্রভাত আৰু, দিগেনে ইন্দ্ৰনীল আহিছে নেকি চাবলৈ দলি পকা ৰাস্তাৰ কাষতে ইফাল-সিফাল কৰিলে। সমযবোৰ পাৰ হ'ল । পতুলৰ আমনি লাগিল। কাগজব টোপোলাটোৰপৰা কাগজ এটুকুৰা উলিয়ালে আৰঃ কলমটোৰে লিখিলে - "সোণৰ অসম গঢ়িব লাগিব।"
দিগেনহতঁত সোমাই আহিল। দিগেনে কাগজখন চাই হাঁহি মাৰি ক'লে - সোণৰ অসম কেনেকৈ গঢ়িবা, আগতে এইবুলি কৈ কাগজখনত লিখিলে - "বিদেশী বহিষ্কাৰ কৰিব লাগিব।"
প্রভাতে কাগজখন টান মাবি নি ক'লে - এইবোৰ কৰিব লাগিলে আমি আন্দোলন আৰম্ভ কৰিব লাগিব।
সেইসমযতে ইন্দ্রনীলে গিৰীণৰ সৈতে আহি সিহ'তব ওচৰত থিয় হ'ল আৰু, কাগজখন দেখি খণ্ডেৱ হাঁহিলে - অ' তোমালোকে হোটেলত বহি বহি আন্দোলন কৰিছা? বাৰু, এতিযা মোৰ কাম শেষ । এইটো ল'ৰা মই আনি দিলোঁ। এরেই হ'ল গিৰীন্দ্ৰকুমাৰ বৰুৱা। পতুলে গিৰীন্দ্ৰলৈ স্থিব দৃষ্টি ৰাখি চালে। তাৰ পিছতে গৰু-গম্ভীৰ জ্বৰেৰে ক'লে - তোমাক আমি নগাও' কলেজৰ ইউনিষন চেক্লেটাৰী পাতিব খুজিছোঁ। তুমি নিশ্চয় আপত্তি নকৰিবা।
গিৰীণে তললৈ মূৰ কৰি কিছু সময় তলকা মাৰি থাকি ক'লে - মহঙ্গা, মই যদি চেটোৰী হৈ পঢ়া-শুনা ঠিকমতে কৰিব নোৱাৰোঁ মাহ'তে বেয়া পাব। ইন্দ্ৰই গিৰীণৰ কথা নি গৰগৰাই উঠিল - হেব গিৰীণ তেনে কথা নকৰি
| pdf |
a5ed7e8f49f0ccca63885bb9114b0fb6e9b6fdbbfe02dbd5c3e3a1076b190700 | জনীয়া থানত গুৰুজনৰ নানা লীলা
চক্রপাণি বোলে পাছে শুনা ভক্তগণ ঠাকুৰ আঁতা হেন ইটো পুৰুষ মহান। মনথৈ এৰি আহি জইনা ৰইলা চতুৰ্দ্দিকে সব লোকে সাহায্য কৰিলা। ৰজাৰ শাস্তিত যাৰ হাত খুনী ভৈল সেই আতা জনীয়াত সত্ৰক পাতিল। পৰ্মানন্দ, শিৱানন্দ আদি পুত্ৰচয় জগতানন্দ নামে পুত্র ওপোজয়। খবৰ লোৱা হেতু চলে গুৰু জইনা থান দেখিল কেচুৱা কৰে পাচিত শয়ন। বাৰুৱতী মাতৃ ঘৰে কৰ্মত মগন শিশুৰ ক্ৰন্দন লাগি কৰা নাই মন। এই সময়ত গুৰু তথা উপনীত তৰ্জনী আঙুলিৰ আগ দিলেক মুখত। আঙুলি চুহিয়া শিশু ক্ৰন্দন চাৰিলা বাৰুৱৰ্তী পিছে বাহিৰে আহিলা। দেখিল গুৰুই বহি আঙুলি খুৱাই ৰাখিছে শিশুক তাতে কান্দোন থমাই। বাৰুৱতী বোলে বাপ অশৌচ যোৱা নাই পোন্ধৰ দিন মাত্ৰ আজি শিশুৰ হোৱই।
গুৰু বোলে শিশু কান্দি পালে কষ্ট বৰ চুৱা বুলি নেচাও যদি অধৰ্ম হব মোৰ। মাক চুৱা, পিতৃ চুৱা আৰু চুৱা ঘৰ শিশুৰ গাত নাই চুৱা নিয়মৰ আতৰ । সদ্য জাত শিশু তথা প্রসূতী নাৰীক আপ ডাল কৰা তীর্থ স্নানত অধিক। পূণ্য লাভ হয় সখি ধর্ম শাস্ত্রই কয় ইটো কৰ্ম পৰম ধৰ্ম জানিবা নিশ্চয়। গা ধুই পেলাম আমি ফুৰা গাৱ যেবে শিশুক দেখিয়া মোৰ স্নেহ লাগে এবে। তাৰ পৰে ঠাকুৰ আতা পুছিলা গুৰুত অশৌচ আমাৰ ঘৰে পাক কৰে ক'ত? গুৰু বোলে সখি আৰু মোৰ ভিন্ন নাই উভয়ৰে অশৌচ ধৰা ইয়াতে অন্ন খাই। শ্ৰীৰাম ৰান্ধিব অন্ন কৰিব যোগাৰ
তব গৃহ মম গৃহ সব একাকাৰ। শ্ৰীৰাম আতা যোগাৰ কৰি অম্লক ৰান্ধিলা গুৰু সমে পৰিয়ালে অন্নক ভূঞ্জিলা। তাৰ পিছ দিনা এক বুঢ়ীয়ে আহিলা এক দোন চাউল আনি গুৰুৰ বাবে দিলা।
ঠাকুৰ আতা বাৰুৱৰ্তী আইক বোলয় অভকতে চাউল দিলে গুৰুই নলয়। যদি কেৱে দিয়ে সিধা অভকত জানি গুৰুত সুধিহে দিবা লৈবা কথা মানি। এক দিন কহিৰাম ঠাকুৰীয়াৰ মাৱ বুলিলা মাতৃক বোলে পৰ্মানন্দ মাৱ। এক কঠা চাউল দিও গুৰুজন লাগি সামান্য দানেৰে আমি হও পূণ্যভাগী। বান্ধৱতী মাতৃ বোলে শুনা বুঢ়ী আই অভকত হলে চাউল গুৰুৱে নলই। যদি চাউল দিব খোজা তান শিষ্যা হোৱা তেবে দ্রব্য গ্রহিবেক আগে জানি থোৱা। মাতৃ বোলে জান শৰণ লইব আমি বাণিজ্যৰ পৰা আহি পাইলে মোৰ স্বামী। ছয়, সাত দিনে আহি ইটো কথা কয় এক দিন বাৰুৱৰ্তী কথা মানি লয়। এক সন্ধ্যা সিধা দিলা গুৰুৰ কাৰণ তিনি বাৰ বাচিলেক কুলাত তখন।
কলা চাউল খুদ আৰু আন দ্ৰব্যচয় অন্নৰ সহিতে আছে খাৱন নাযায়। শ্ৰীৰাম আতা অন্ন ৰান্ধি দিলা মোক এবে সব অন্নখিনি দূৰে পেলাইওক। আতা শুনি বান্ধৱৰ্তী মাতৃক পুছিল কাৰ চাউল গুৰুজনাক ৰান্ধিবাক দিল। মাতৃ বোলে কহিৰাম ঠাকুৰীয়াৰ মাৱ হাতে চুই ধৰে মোক সাত দিনে পাৱ। এতেকতে চাউল দিব আমিয়ে বুলিলো জানি শুনি আমি আজি পাপক সিজাইলো। তবে গুনা স্বামী হেৰা পৰ্মানন্দ পিতা তিনি বাৰ বাচি দিছে ঠাকুৰীয়াৰ মাতা। আতা বোলে অভকত সেয়ে গ্রাহ্য নয় ভকতৰ দান হলে দোষ যে নৰয়। কথা শুনি ঠাকুৰীয়া মাতা লাজ পাই গুৰুৰ চৰণে আহি শৰণ লভই। তাৰ পাছে দিলে সিধা কিছু দোষ নাই গুৰুৰ কৃপা নলভিলে দান নিসিজই।
শ্রীমাধৱ লীলামৃত শুনি সৰ্ব্বজন হৰি হৰি বোলা সবে স্থিৰ কৰি মন।
| pdf |
16a1c660dd705e936e9301f0f4aba654 | কেৰিয়াৰৰ শ্ৰেষ্ঠ ফৰ্মত থকা ভাৰতৰ অপেনিং বেটছমেন কে এল ৰাহুলে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ ছিৰিজত ভাৰতৰ হৈ দ্বিপাক্ষিক টি-২০ ছিৰিজত সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈ হিচাপে পৰিগণিত হৈ নতুন অভিলেখ স্থাপন কৰে।
নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ ছিৰিজটোত কে এল ৰাহুলে মুঠ ২২৪ ৰান সংগ্ৰহ কৰে।
মাউণ্ট মাউংগানুইত অনুষ্ঠিত অন্তিমখন টি-২০ খেলত ৰাহুলে ৪৫ ৰান সংগ্ৰহ কৰে আৰু ভাৰতৰ হৈ এটা দ্বিপাক্ষিক ছিৰিজত সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈ হিচাপে পৰিগণিত হয়।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে এই অভিলেখ আছিল ভাৰতীয় দলৰ অধিনায়ক তথা তাৰকা বেটছমেন বিৰাট কোহলীৰ নামত।
বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২০১৬ চনত তিনিখন টি-২০ খেলত ১৯৯ ৰান সংগ্ৰহ কৰি এই অভিলেখ স্থাপন কৰিছিল।
ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত পাঁচখনীয়া টি-২০ ছিৰিজটো ভাৰতে ৫-০ ব্যৱধানত জয়লাভ কৰে।
এই ছিৰিজটোত কে এল ৰাহুলে উইকেটৰক্ষকৰ দায়িত্ব পালন কৰাৰ উপৰিও অন্তিমখন খেলত ভাৰপ্ৰাপ্ত অধিনায়ক ৰোহিত শৰ্মা আঘাতপ্ৰাপ্ত হোৱা বাবে অধিনায়ক হিচাপেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব 'বোমা','বন্দুক'!
অস্কাৰলৈ ৰাজামৌলীৰ 'আৰআৰআৰ'! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
| web |
b915d56755e1459dac51c74723d4b2b8e5c0796d | বহুলোকে ভাবে যে অত্যাধিক চেনী খোৱাৰ দ্বাৰা শৰীৰত ডায়েবেটিচ ধৰা পৰে। কিন্তু সেয়া ঠিক নহয়। অৱশ্যে, এবাৰ ৰোগটো এজনৰ শৰীৰত গঢ় লৈ উঠিলে, চেনী বা মিঠা খাদ্য ততাতৈয়াকৈ কৰিব লাগে।
যদি আপুনি ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰিব পাৰে তেন্তে এইটো ভাল। এনে বহুতো লোক আছে যিয়ে ডায়েবেটিচত ভুগি থকাৰ বাবে ৰন্ধনত চেনী খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। কিন্তু চেনীৰ পৰিৱৰ্তে, গুড়ে পাকঘৰত স্থান লৈছে। ডায়েবেটিচ ৰোগীৰ আহাৰত গুড় ব্যৱহাৰ কৰাটো ভাল নেকি?
গুড় হৈছে এক প্ৰকাৰৰ প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা মিঠা। ইয়াক সাধাৰণতে খেজুৰৰ ৰস বা কুঁহিয়াৰৰ ৰসেৰে তৈয়াৰ কৰা হয়। গুড়ত পৰ্যাপ্ত পৰিমাণৰ পুষ্টি থাকে, যেনে পটাছিয়াম, লো আৰু কেলচিয়াম। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ডায়েবেটিচ ৰোগীসকলৰ বাবে গুড় খোৱাটো স্বাস্থ্যকৰ।
যদিও গুড়ত লো থাকে, ই উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে। তথাপিও, ডায়েবেটিচ ৰোগীসকলে ইয়াক পৰিহাৰ কৰা উচিত। 100 গ্ৰাম গুড়ত 383 কেলৰি, 65 ৰ পৰা 85 শতাংশ চুক্ৰ'জ, আৰু 10 ৰ পৰা 15 শতাংশ ফ্ৰুক্টোজ আৰু গ্লুকোজ থাকে, যি ডায়েবেটিচ থকা ৰোগীৰ বাবে ক্ষতিকাৰক।
বিশেষজ্ঞসকলৰ মতে, গুড় খোৱাৰ ফলত ডায়েবেটিক ৰোগীৰ শৰীৰত গ্লুকোজৰ স্তৰ বৃদ্ধি হ'ব পাৰে। বহুলোকে ভাবে যে চেনীৰ সলনি গুড় খোৱাটোৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে, এইটো সঠিক নহয়। বৰঞ্চ, গুড়ৰ চুক্ৰোজে চেনীৰ স্তৰ বৃদ্ধি কৰে। এই কাৰণে, ই ডায়েবেটিচ ৰোগীৰ বাবে চেনীৰ দৰেক্ষতিকাৰক।
ডায়েবেটিচ ৰোগীসকলে তেওঁলোকৰ আহাৰত খাদ্য খাব লাগে, যাৰ গ্লাইচেমিক সূচক (জিআই) কম। গুড়ৰ জিআই স্তৰ বহুত বেছি। গুড় খোৱাৰ ফলত লগে লগে ৰক্ত শৰ্কৰাৰ স্তৰ যথেষ্ট বৃদ্ধি হয়। যদি ডায়েবেটিচ ৰোগী এজনৰ দৈনিক আহাৰত গুড় থাকে, বৃক্কৰ সমস্যা, হৃদযন্ত্ৰৰ সমস্যা, আনকি শৰীৰৰ আন অঙ্গবোৰো বিফল হ'ব পাৰে।
অৱশ্যে, পুষ্টিবিদসকলৰ মতে, যিসকলৰ শৰীৰত ডায়েবেটিচ নাই, তেওঁলোকে তেওঁলোকৰ দৈনন্দিন আহাৰত চেনীৰ সলনি গুড় ৰাখিব পাৰে। গুড় চেনীতকৈ যথেষ্ট স্বাস্থ্যকৰ। অৱশ্যে, ইয়াক ব্যৱহাৰ কৰাৰ আগতে, গুড়টো বিশুদ্ধ নে নহয় পৰীক্ষা কৰা প্ৰয়োজন। | web |
b51b678c1e65b08ccc69ce545c1a8f4272156294 | নিউজ ডেক্সঃ
ইণ্টাৰনেট জগতত ব্যক্তিগত সুৰক্ষা আৰু গোপনীয়তাৰ প্ৰসংগত এটি গোচৰত শীর্ষ আদালতৰ পৰা কঠোৰ ধমক খালে ফেচবুক আৰু তাৰ মেছেজিং এপ ৱাটছএপে। দুই কোম্পানীৰ উপৰি এই বিষয়ত কেন্দ্রকো জাননী দিলে আদালতে। তাত ছুপ্রিম কোৰ্টে জনাইছে, নেটিজেনসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আদালতেও হস্তক্ষেপ কৰিব।
উল্লেখ্য, যোৱা জানুৱাৰী মাহত 'প্রাইভেচী' নীতিত বহু সলনি আনিবলৈ বিচাৰিছিল ৱাটছএপে। জনোৱা হৈছিল, কোম্পানীটোৰ উক্ত নীতি নামানিলে এপ ব্যৱহাৰ কৰিব নোৱাৰিব ব্যৱহাৰকাৰীসকলে। তাৰ পিছতেই বিভিন্ন মহলৰ পৰা অভিযোগ উঠে, ব্যৱহাৰকাৰীৰ তথ্য ফাদিল কৰিব বিচাৰিছে ৱাটছএপে।
কোম্পানীটোৰ নতুন নীতিক লৈ অস্পষ্টতা সৃষ্টি হোৱাত ৱাটছএপ এৰি মেছেজিং এপ টেলিগ্রাম, ছিগনেল ব্যৱহাৰ কৰা আৰম্ভ কৰে নেটিজেনসকলে। গোচৰ ৰুজু হয় শীর্ষ আদালতত। সেই গোচৰতেই শীর্ষ আদালতে কয়, 'আপোনালোকৰ কোম্পানীৰ কোটি কোটি টকাৰ ধন-সম্পত্তি থাকিব পাৰে।
কিন্তু গোপনীয়তাক মানুহে আৰু বেছি গুৰুত্ব দিয়ে। তাক নিশ্চিত কৰাই আমাৰ দায়িত্ব আৰু কর্তব্য। ' প্রধান ন্যায়াধীশ এছএ বোবডেই কয়, 'ব্যক্তিগত তথ্য-সুৰক্ষাক লৈ মানুহ এনেই উদ্বিগ্ন। মেছেজ পঠোৱাৰ ক্ষেত্রত তেওঁলোকৰ মাজত ভয় সৃষ্টি হৈছে, সেই তথ্য গুচি যাব ফেচবুকলৈ। ' অৱশ্যে এই অভিযোগ নস্যাৎ কৰিছে দুয়ো কোম্পানীয়ে। | web |
954731e243a8a8ebf97a94a7530f899d259b6402 | ছত্তীশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ। মাওবাদীৰ আক্ৰমণত ১০জন DRG জোৱান আৰু এজন চালক শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ জোৱান কঢ়িয়াই অনা এখন বাহনত IED বিস্ফোৰণ। ছত্তীশগড়ৰ দান্তেৱাড়াত সংঘটিত হৈছে এই ঘটনা। নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ অব্যাহত আছে।
দান্তেৱাড়াৰ অৰনপুৰত ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড (DRG) ফ'ৰ্চ লৈ গৈ থকা বাহনৰ ওপৰত IED আক্ৰমণ কৰে মাওবাদীয়ে। শ্বহীদ জোৱানসকলৰ ভিতৰত ১০জন ডিআৰজি জোৱান আৰু এজন চালক আছে। এই আক্ৰমণক লৈ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় যে নক্সালবাদীক ৰেহাই দিয়া নহ'ব। এই ঘটনা অত্যন্ত দুখজনক। মাওবাদীৰ বিৰুদ্ধে আমাৰ যুঁজ অন্তিম পৰ্যায়ত আছে। আমি প্ৰণালীবদ্ধভাৱে নক্সালবাদ শেষ কৰিম।
জানিব পৰা মতে, এই আক্ৰমণৰ পিছত আৰক্ষীয়ে মাওবাদীৰ দলটোক ঘেৰাও কৰিছে। দুয়োপক্ষৰ মাজত অব্যাহত আছে সংঘৰ্ষ। ঘটনাস্থলীলৈ অধিক নিৰাপত্তাৰক্ষী মাতি পঠিওৱা হৈছে।
এই ঘটনাৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙে ভূপেশ বাঘেলক সমালোচনা কৰি কয় যে তেওঁ প্ৰতিটো আক্ৰমণৰ পিছত এই কথা কয়, কিন্তু কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। যেতিয়ালৈ ৰাজ্যৰ সৈতে সমন্বয়েৰে নক্সালবাদীৰ বিৰুদ্ধে অভিযান নচলায়, তেতিয়ালৈ এই সমস্যা শেষ নহ'ব।
- First Published : | web |
fb23ffe770f685a1520416ef19d6d36743eefedd | নতুন দিল্লীত অসমৰ ৩৫জন লোক Covid-19 ত আক্রান্ত। ইয়াৰে ২৯ জনেই CRPFৰ জোৱান। CRPFত কৰ্মৰত মণিপুৰৰ চাৰিজনৰ শৰীৰতো পোৱা গৈছে কোৰোণাৰ অৱস্থিতি। দিল্লীৰ ময়ূৰ বিহাৰস্থিত CRPFৰ ৩১নং বেটেলিয়নৰ সৰ্বমুঠ ১৩৭জন আক্রান্ত হৈছে Covid- 19ত। ইয়াৰ ভিতৰত ২৯জন অসমৰ। ইয়াৰ লগে লগে ৰাজধানী চহৰখনত Covid-19ত আক্রান্ত হোৱা অসমৰ লোকৰ সংখ্যা হৈছেগৈ ৩৫জন ।
দিল্লীত কোৰোণাত আক্ৰান্ত অসমৰ CRPF জোৱানৰ তালিকা :
দিল্লীত Covid-19ত আক্রান্ত হোৱা মণিপুৰৰ লোকৰ তালিকা :
২. এল ৰমেন মেইটেই - (৪০) - ইম্ফল পশ্চিম ।
৪. পি এইচ প্ৰমোট মীথ - (৪৮) - ইম্ফল পশ্চিম ।
ইতিমধ্যে যোৱা ২৮ এপ্ৰিলত ইকৰাম হুছেইনৰ মৃত্যু হৈছে। আনহাতে বাকী কেইজন দিল্লীৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত চিকিৎসাধীন হৈ আছে।
| web |
fe53c456ec99413493ef4b675989d1fffc2f090b | মহানগৰীত আজি পুৱাৰে পৰা পুনৰ চলিছে পৰিবহণ বিভাগৰ অভিযান। যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে জয়ানগৰ চাৰিআলিত পৰিবহণ বিভাগে চলালে তালাচী। হেলমেট নিপিন্ধাকৈ সন্তানক বিদ্যালয়ত থবলৈ যোৱা অভিভাৱককো জৰিমনা বিহিলে পৰিবহণ বিভাগে। জিলা পৰিবহণ বিষয়া বাপন কলিতাৰ নেতৃত্বত চলিল এই অভিযান।
উল্লেখযোগ্য যে নতুন যান-বাহন আইন কাৰ্যকৰী হোৱাৰ পিছতে ৰাজ্যজুৰি যান-বাহন আৰক্ষীয়ে চলাইছিল অভিযান। আইন উলংঘা কৰা লোকক বিহা হৈছিল নতুন আইন অনুসৰি জৰিমনা। পূৰ্বৰ তুলনাত ১০ গুণ অধিক জৰিমনা ভৰিবলগীয়া হয় আইন উলংঘাকাৰীয়ে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল' কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published : | web |
2f2a29b6efa7f2835e7a10071b2011e8844189831ef4e8c3812085e10ea10c1b | : [ স্বগত ] কাম্বাৰলেণ্ডৰ যুৱৰাজ! সেয়া মোৰ পথৰ এটা বাধা। জঁপিয়াই পাৰ হ'ব নোৱাৰিলে উজুতি খাই পৰি যাম। হে তাৰকা মণ্ডলী! তোমালোকৰ পোহৰবোৰ লুকুৱাই থোৱা। মোৰ মনৰ গোপন অসৎ অভিসন্ধিৰ কথা কোনেও যেন জানিব নোৱাৰে। মোৰ চকুৰ পতা যেন জাপ খাই যায - হাতৰ কু-কীৰ্তি নাচাবলৈ ; তথাপি সেই কাম কৰিবই লৱাগিব। সেই কাম, যি কাম কৰা দেখিলে মোৰ চকু দুটায়ো ভয় খাব। [ প্রস্থান ]
যোগ্য সেনাপতি বেছো, মেকবেথ সঁচাকৈয়ে অতি সাহসী। তেওঁক প্ৰশংসা কৰা শুনিলে, মই পৰম সন্তোষ পাওঁ। মন ভৰি যায়। ব'লা, আমি তেওঁক অনুসৰণ কৰোঁ। মোৰ সকলো সুবিধা আৰু অভ্যর্থনাৰ ব্যৱস্থা কৰিবলৈ আগতেই গুচি গ'ল তেওঁ। এনে আত্মীয়ৰ তুলনা নাই। [ তুৰ্যধ্বনি। সকলোৰে প্ৰস্থান ]
পঞ্চম দৃশ্য
[ ইনভাৰনেছ। মেকবেথৰ দুৰ্গ। মেকবেথৰ চিঠি পঢ়ি
পঢ়ি লেডী মেকবেথৰ প্ৰৱেশ ]
: "মোৰ সফলতাৰ দিনটোত সিহঁতবোৰে মোক লগ ধৰিছিল আৰু মই নিশ্চিতভাৱে জানিব পাৰিছিলোঁ। মানুহে জনাতকৈ সিহঁতে বেছি কথা জানে। মই আন প্রশ্ন সুধিবলৈ ব্যাকুল হোৱাৰ লগে লগে সিহঁত বতাহত বিলীন হৈ গ'ল। কথাবোৰ শুনি অভিভূত হৈ থকাৰ পৰতে সম্রাটৰ দূতে কউডৰৰ থেইন বুলি মোক অভিনন্দন জনালেহি। ঠিক এই উপাধিৰেই মোক আগতে অভিনন্দন জনাইছিল ডাইনীবোৰে আৰু ভাবী কালৰ কথা সোঁৱৰাই দি পুমৰ অভিনন্দন জনাইছিল "জয় ভৱিষ্যতৰ ৰজা" বুলি। মোৰ গৌৰৱৰ মৰমী অংশীদাৰ, কি সন্মানেৰে বিভূষিতা হ'বা, তাক নজনাকৈ থাকি, মোৰ আনন্দৰ ভাগ লোৱাৰপৰা যাতে বঞ্চিতা নোহোৱা সেই বাবেই তোমালৈ এইকথা লেখা সমীচীন বুলি ভাবিলোঁ। এইকথা মনৰ ভিতৰত গুপুতে ৰাখিবা, এতিয়া বিদায়।"
[ চিঠি পঢ়া শেষ হ'লত ]
দূত লেডী মেকবেথ
গ্লেমিছ আৰু কউডৰৰ অধিপতি হ'লা ; ভৱিষ্যতে যি হ'বা বুলি কৈছে, তাকো নিশ্চয় হ'বা, অন্যথা নহয় ; তথাপি ভয় লাগে তোমাৰ প্ৰকৃতিক ; অন্তৰ তোমাৰ অতিকে কোমল। উদ্দেশ্য সিদ্ধিৰ উজুবাট বিচাৰি নোলোৱা। তুমি ডাঙৰ হ'ব খোজা উচ্চাভিলাষ নথকা নহয়, কিন্তু অভিষ্ট সিদ্ধি কৰিব খোজা কোনো অপৰাধ নকৰাকৈয়ে। ব্যাকুলভাৱে যি বিচৰা তাক পাব খোজা ন্যায়ৰ পথেদি। তুমি নিজে অন্যায় কৰিব নোখোজা, কিন্তু আনে অন্যায় কৰি তুমি বিচৰা বস্তু আনি দিলে লোৱাত তোমাৰ আপত্তি নাই। মহান গ্লেমিছ, তুমি যি বিচাৰিছা, সেই বস্তুৱে চিঞৰি ক'ব ধৰিছে যদি মোক লাগে এইদৰে কৰা। যি কৰিবলৈ নিৰ্দেশ দিছে সেই কাম তুমি নিজে কৰিবলৈ ভয় খালেও তাক সম্পাদন কৰাটো তুমি বিচাৰা। ততালিকে ইয়ালৈ আহাঁ - যাতে মই মোৰ শকতিৰে তোমাক সক্ৰিয় কৰিব পাৰোঁ। তোমাক মোৰ সাহসেৰে উদগনি দি ভাগ্য আৰু অতি মানৱীয় সেই জীৱবোৰে যাচি দিয়া সোণালী মুকুট লাভ কৰাত যি বাধা দেখা দিয়ে, সেই সকলোবোৰকে দিম ওফৰাই।
[ দূতৰ প্ৰৱেশ ]
কি বতৰা আনিছা?
মহাৰাজ আজি নিশা এইখিনি পাবহি।
বলিয়া নহ'লে এইদৰে নক'লাহেঁতেন। তোমাৰ প্ৰভু তেওঁৰ লগত নাইনে? মহাৰাজ অহা হ'লে তেওঁ নিশ্চয় মোক জাননী দিলে হয় প্রস্তুত হ'বলৈ।
: স-সম্মানে কৈছোঁ সঁচা এই বতৰা। আমাৰ প্ৰভু থেইনো আহিব ধৰিছে। আমাৰ এজনে তেওঁক পাছ পেলাই আগবাঢ়ি আহিল। কথমপিহে বতৰাটো দিলেহি, কাৰণ খৰকৈ অহাৰ হেতুকে ভাগৰত ফোপাই ফোপাই সি মৰিবই ধৰিছিল। তাক শুশ্রূষা কৰাগৈ। বৰ প্ৰয়োজনীয় বতৰা আনিছে সি [ দূতৰ প্ৰস্থান ] মোৰ দুৰ্গলৈ ডানকানৰ অমঙ্গলীয়া আগমন ঘোষণা কৰা দূতটোৰ মাত যেন ঢোৰাকাউৰিৰ 'কা' 'কা'ৰ দৰে কঠুৱা কৰ্কশ। হত্যাৰ চিন্তাক জাগ্রত ক
অপদেৱতাসকল! মোৰ মনৰপৰা আঁতৰাই দিয়া নাৰীৰ কোমলতা। মূৰৰপৰা ভৰিলৈকে মোক কৰি তোলা নিষ্ঠুৰতাৰ ভীষণ প্রতীক। মোৰ ধমনীত প্রবাহিত তেজ গোটা কৰি দিয়া। অনুতাপে হৃদয় স্পৰ্শ কৰাৰ পথ যেন ৰুদ্ধ হৈ যায়। বিবেকৰ তাড়নাই যেন নিষ্ঠুৰ কামত ব্ৰতী হোৱাত মোক দুৰ্বল কৰি নিদিয়ে। উদ্দেশ্য সিদ্ধি নোহোৱলৈকে যেন শান্তি নাপাওঁ। হে হত্যাৰ দেৱতা! মানুহৰ অসৎ প্রবৃত্তিক জগাই তুলিবলৈ অদৃশ্য হৈ য'তেই নাথাকা লাগে, মোৰ অন্তৰত থিত লোৱাহি। বুকুৰ গাখীৰক বিষত কৰা পৰিণত। গভীৰ নিশা, নৰকৰ আটাইতকৈ ক'লা ধোঁৱাৰে নিজকে আৱৰি দিয়া, যাতে মোৰ তীক্ষ্ণ খঞ্জৰেও দেখা নাপায় নিজে সৃষ্টি কৰা ক্ষত চিহ্নবোৰ। মোক বাধা দিবলৈ, স্বৰ্গৰ দেৱতাসকলৰ দৃষ্টিয়েও যেন সেই ক'লা আৱৰণ ভেদ কৰিব
[ মেকবেথৰ প্ৰৱেশ। লেডী মেকবেথে উত্ৰাৱল হৈ লৱৰি গৈ তেওঁক আঁকোৱালি ধৰে। ]
গ্লেমিছ গৌৰৱ, কউডৰৰ মহান অধীশ্বৰ! নহয় নহয় ভৱিষ্যতে পাব লগা তাতোকৈ মহত্ত্বৰ সম্মানেৰে তোমাক অভিনন্দন জনাইছোঁ মই।
তোমাৰ পত্ৰই এই মুহূৰ্তৰ অজ্ঞতাৰপৰা মোক নিছে কঢ়িয়াই বহু দূৰলৈ ; মই অনুভৱ কৰিছোঁ, সুখৰ ভৱিষ্যৎ আমাৰ হাতৰ মুঠিত।
: আজি নিশা ৰজা ডানকান ইয়ালৈ আহিব।
: কেতিয়া যাবগৈ?
: কাইলৈ পুৱা।
8 অসম্ভব। কাইলৈ পুৱা সূর্য দেখাৰ সৌভাগ্য তেওঁৰ কেতিয়াও নহ'ব। [ মেকবেথৰ উদ্বেগ জৰ্জৰিত মুখলৈ চাই ] তোমাৰ মুখখন, মৰমৰ থেইন, যেন এখন মেলি থোৱা পুথিহে, য'ত লেখি থোৱা অদ্ভুত কথাবোৰ যি কোনো মানুহে পঢ়িব পাৰে। এনে সময়ত আনক ফাকি দিবলৈ, সময়ৰ সতে ৰজিতা খোৱা ভাবতে মুখত প্ৰকাশ কৰিবা। আনক সম্ভাষণ জনাবলৈ তোমাৰ চকু আৰু আগবঢ়াই দিয়া
হাত দেখিলে, মুখৰ মাতষাৰ শুনিলে, আনে যেন বুজিব পাৰে আলহীক আটোমটোকাৰিকৈ আদৰিবলৈহে উদ্গ্ৰীৱ হৈছা তুমি। দেখাত হ'বা ফুলৰ দৰে নিৰ্মল। যদিও, খুঁটিব লাগিব ছেগ চাই তাৰ আঁৰত লুকাই থকা সাপৰ দৰে। আলহীৰ সোধ-পোছ সযতনে কৰিব লাগিব। আজি নিশাৰ গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব মোৰ ওপৰত এৰি দিয়া। আজি নিশাটোৱেই ভাবিকালৰ বাবে আমাক দিব, মাথোন আমাকেই দিব, সম্ৰাটৰ শাসন শকতি, আৰু সাম্ৰাজ্যৰ প্ৰভুত্ব।
এই বিষয়ে পাছত আলোচনা কৰিম।
তুমি একো কৰিব নালাগে। মাথোঁ সকলো সময়তে সৰল ভাব মুখত প্ৰকাশ কৰিবা। মুখৰ বৰণ সলনিয়ে মনত ওপজা ভাবৰ সম্ভেদ দিয়ে। আন সকলো দায়িত্ব এৰি দিয়া মোৰ ওপৰত। [ প্ৰস্থান ]
ষষ্ঠ দৃশ্য
[মেকবেথৰ দুৰ্গৰ সমুখত। তুর্যধ্বনি। মেকবেথৰ অনুচৰবোৰে হাতত আৰিয়া লৈ আল ধৰিছে। ডানকান, মেলকম, ডোনালবেন, বেক্কো, লেনক্স, মেকডাফ, ৰছ, এন্দ্বাছ আৰু
অনুচৰবৰ্গৰ প্ৰৱেশ]
: এই দুৰ্গৰ অৱস্থিতি সন্তোষজনক। বতাহৰ মধুৰ সুবাসে হিয়া-মন জুৰ কৰি দিয়ে।
: মন্দিৰত বাহ বান্ধি ভাল পোৱা গ্ৰীষ্মৰ উৰণীয়া চৰাইবোৰে ইয়াতো বাহ বান্ধি প্ৰমাণ কৰিছে এই দুৰ্গ স্বৰ্গৰ সুষমা মণ্ডিত। ইয়াৰ কাৰ্ণিছ খুঁটা, নাইবা চুক, সকলো সুবিধাজনক ঠাইতে, চৰাইবোৰে পোৱালি জন্ম আৰু প্ৰতিপালনৰ বাবে দোলনাৰ দৰে ওলমি থকা বাহ বান্ধি লৈছে। ইয়াৰ বতাহত আছে এটা মিঠা মধুৰ গোন্ধ।
[লেডী মেকবেথৰ প্ৰৱেশ]
: চাওক আমাৰ সন্মানিতা অতিথি সেৱিকা আহিছে ! আদৰ আৰু আগ্রহে কেতিয়াবা বিপাঙত পেলালেও এই মৰমৰ
বাবে আমি তেওঁক ধন্যবাদ জনাইছোঁ। [ধেমালিৰ সুৰত
লেডী মেকবেথক] আপোনাক কষ্ট দিয়াৰ বাবে ভগৱানক খাটিব মোৰ যেন কল্যাণ কৰে। এই কষ্টৰ বাবে মোক ধন্যবাদো দিয়া উচিত আপুনি।
লেডী মেকবেথ ঃ প্রভু! আমি আপোনাৰ বাবে যি কৰিছোঁ তাৰ দুগুণ বা
চাৰিগুণ কৰিলেও আমাৰ পৰিয়ালক সম্মান যাচিছে তাৰ সতে তুলনা নহয়। আমাৰ ঘৰখনক আপুনি আগতে আৰু এতিয়া যি সম্মানেৰে বিভূষিত কৰিছে তাৰ বাবে আপোনাৰ দীর্ঘ জীৱন কামনা কৰি সন্ন্যাসীনীৰ দৰে ভগৱানক প্ৰাৰ্থনা কৰাটো কৰ্তব্য বুলি ভাবিবলৈ বাধ্য আমি।
কউডৰৰ থেইন ক'ত ? আমি তেওঁক ক্ষিপ্ৰতাৰে অনুসৰণ কৰিছিলোঁ শুভ বতৰা আগতে দিমহি বুলি। কিন্তু তেওঁ অশ্ব চালনাত অতিকে পাৰ্গত। তাৰ সতে আপোনাৰ প্ৰতি থকা মৰমৰ ধাউতিয়ে তেওঁক দিলে উদগনি, আমাতকৈ আগতে আহি পোৱাত কৰিলে সহায়। মহীয়সী অতিথি সেৱিকা! আজি নিশাৰ বাবে আমি আপোনাৰ আলহী হৈছোঁহি। আমি চিৰদিন আপোনাৰেই দাস। আমাৰ, আমাৰ সন্তানৰ, আমাৰ লগুৱাবোৰৰ, আমাৰ যি আছে আটাইখিনিৰে আপুনিয়েই গৰাকী। আৰু সকলোৰে কৰ্তব্যনিষ্ঠাৰ প্ৰতিভূ আমি। যিদৰে বিচাৰে সেইদৰেই সেৱা আমি সততে কৰিম। আপোনাৰ হাতখন আগুৱাই দিয়ক। অতিথি সেৱকৰ ওচৰলৈ মোক লৈ ব'লক। আমি তেওঁক বৰ ভাল পাওঁ। আৰু চিৰদিন তেওঁ হৈ ৰ'ব মোৰ প্ৰিয় পাত্র; যাচিম সদায়ে তেওঁক নতুন সন্মান। ব'লক। [প্রস্থান]
সপ্তম দৃশ্য
[মেকবেথৰ দুৰ্গ। তুৰ্যধ্বনি। আৰিয়াৰ পোহৰ। মুখ্য লিগিৰাৰ তত্ত্বাৱধানত আনবোৰে খোৱা বস্তুৰ থাল আদি হাতত লৈ অহাযোৱা কৰে। কিছু সময় যোৱাৰ পাছত অকলে মেকবেথৰ প্ৰৱেশ]
: হত্যা কৰাৰ অন্তত সকলো নিষ্পত্তি হোৱা হ'লে সোনকালে হত্যা কৰাকে শ্ৰেয় বুলি ভাবিলোঁহেঁতেন। হত্যাই যদি ফলাফল নিয়ন্ত্রণেৰে উদ্দেশ্য সিদ্ধিত সহায় কৰে, ইয়াতেই
| pdf |
50571fa486ea64e0e00f1a779e0e83b6dd6a2a10 | নাট্যনগৰী বোকাখাত (Bokhat)ৰ 'সাৰথি' (Sarathi) নাট্যগোষ্ঠী সম্প্ৰতি অসমৰ এক পৰিচিত নাম। নাট্যগোষ্ঠীটোৱে প্ৰতি বছৰে অসমৰ বিভিন্ন মঞ্চত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত একাংক নাট প্ৰতিযোগিতা সমূহত বিভিন্ন শিতানত ধাৰাবাহিকভাৱে শ্ৰেষ্ঠত্ব লাভেৰে অভূতপূৰ্ব সফলতা অৰ্জন কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াইছে। এই বছৰো নাট্যগোষ্ঠীটোৱে নাট্য যাত্ৰাৰ আৰম্ভণিতে ধেমাজিত যোৱা ২৮, ২৯নৱেম্বৰত অনুষ্ঠিত পদ্মনাথ গোহাঁই বৰুৱা সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সাৰথি, বোকাখাতৰ নিবেদনত নাট্যকাৰ অমৰ শৰ্মাৰ ৰচনা আৰু পৰিচালনাৰে "ভেকুৱাম" (Vacuum) একাংক নাট (Drama)খনিয়ে লাভ কৰিবলৈ সক্ষম হৈছে চাৰিটাকৈ (Four) বিশেষ পুৰস্কাৰ (Special Award)। প্ৰতিযোগিতাখনিত নাটখনিয়ে লাভ কৰিছে ক্ৰমে দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল, শ্ৰেষ্ঠ পৰিচালক (অমৰ শৰ্মা), শ্ৰেষ্ঠ অভিনেতা (বিদ্যুৎ কুমাৰ নাথ), শ্ৰেষ্ঠ শিশু শিল্পী (দেবাত্ৰী হাজৰিকা)ৰ পুৰস্কাৰ।
স্মৰ্তব্য যে যোৱা ছেপ্টেম্বৰ মাহত নাট্যকাৰ অমৰ শৰ্মাৰ একাংক নাট "দ্যা আল্টিমেট বুমেৰাং"এ উৰিষ্যাত অনুষ্ঠিত ইণ্ডিয়া থিয়েটাৰ অলিম্পিয়াড, ২০২২ ( উড়িষ্যা)ত ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হয়। অসমৰ শিৱসাগৰ জিলাৰ জিলাৰ পৰা অংশ গ্ৰহণ কৰি উক্ত প্ৰতিযোগিতাত ক্ৰমে শ্ৰেষ্ঠ পৰিচালক (ৰণাল্ড হোছেইন) আৰু শ্ৰেষ্ঠ নাট্যকাৰ (অমৰ শৰ্মা)ৰ পুৰস্কাৰ লাভ কৰি অসমৰ লগতে বোকাখাতলৈ ৰাষ্ট্ৰীয় সন্মান কঢ়িয়াই আনে।
বিগত সময়চোৱাত সাৰথি, বোকাখাতৰ নিবেদনত নাট্যকাৰ শৰ্মাৰ 'মায়ংজকা', 'দ্যা আল্টিমেট ব্যুমেৰাং', 'পেণ্ডুলাম', 'দ্যা চুয়িং', 'একুৱাৰিয়াম' আৰু নৱ্য নাটকৰ্মী, বোকাখাতৰ নিবেদনত শৰ্মাৰ 'বনচাই' আদিৰ দৰে বহু চৰ্চিত নাটকে ৰাজ্যৰ বহু স্থানত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত একাংক নাট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি কেইবাটাও শিতানত শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছিল।
'ভেকুৱাম'ৰ অভিনয়ত থকা আনসকল অভিনেতা অভিনেত্ৰী ক্ৰমে ৰিতুপন চৌধুৰী, যুতৃস্না গোহাঁই আৰু অঞ্জনাভ ৰাজখোৱা। সংগীত ৰূপম শইকীয়াৰ। পোহৰ লিটম শইকীয়াৰ, ৰূপসজা আৰু মঞ্চসজাত আছে ধুন শইকীয়া, নিপন বৰা, কংকনজ্যোতি বৰা, মুন হাজৰিকা, অনুপম বৰা । পৰিবহন অৰূপ বৰা(লাটু)ৰ আৰু সামগ্ৰিক ব্যৱস্থাপনা বিশিষ্ট নাট্যকৰ্মী ৰিপুঞ্জয় দত্তৰ। আনহাতে ধেমাজিত অনুষ্ঠিত একে প্ৰতিযোগিতাত বোকাখাতৰ নৱ্য নাট্যকৰ্মীৰ নিবেদনত নাট্যকাৰ ৰাতুল ফুকনৰ একাংক নাট 'জীৱনমুখী বাট'ত (পৰিচালনাঃ বিজু বৰা) অভিনয় কৰি ৰাতুল ফুকনে দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰে। | web |
9068207b4e1c456b3070773d6c9fa3db9725dc94 | অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা প্ৰশাসনৰ পৰা প্ৰেৰণ কৰা এখন বিশেষ পত্ৰৰ পিছতে তৎপৰ হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন । সতৰ্ক কৰি দিয়া হৈছে ওদালগুৰি জিলাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ লগতে জিলাখনৰ জৰুৰীকালীন সেৱাৰ লগতে দুৰ্যোগ প্ৰশমন বিভাগসমূহকো। অৰুণাচল প্ৰদেশৰ নাৰগাম নৈৰ পানীয়ে যিকোনো সময়তে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে সীমান্ত ওদালগুৰি জিলাৰ বিস্তীর্ণ অঞ্চল ।
প্ৰদেশখনৰ পশ্চিম কামেং জিলাৰ অতিৰিক্ত উপায়ুক্তই প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা হৈছে যে অৰুণাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ ফলত য়োলংগ্ৰীপাম অঞ্চলত প্ৰচুৰ পৰিমাণে ভূমিস্খলন সংঘটিত হৈছে । পাহাৰত হোৱা ভূমিস্খলনে য়োলংগ্ৰীপাম অঞ্চলেৰে বৈ অহা নাৰগাম নদীৰ বুকুত জমা হৈ পৰিছে মাটি আৰু শিলৰ বৃহৎ অংশ ।
ফলত নদীৰ স্বাভাৱিক গতি বন্ধ হৈ পৰাৰ উপৰি উক্ত অঞ্চলত আৱদ্ধ হৈ আছে নদীখনৰ এক বৃহৎ পৰিমাণৰ পানী ।
এই পানীয়ে যিকোনো মুহূৰ্তে নদীখনৰ নামনি অংশলৈ গতি কৰাৰ আশংকা প্ৰকাশ কৰিছে অৰুণাচলৰ পশ্চিম কামেং জিলাৰ প্ৰশাসনে । যদিহে এই বৃহৎ পৰিমাণৰ পানী হঠাৎ নামনি অংশলৈ বৈ আহে তেন্তে অসম-অৰুণাচল সীমান্তত অৱস্থিত ভৈৰৱকুণ্ডৰ মাজেৰে বৈ অহা জামপানী নদীখনে ৰূদ্ৰৰূপ ধাৰণ কৰাৰ উপৰি ওদালগুৰিৰ বিভিন্ন প্ৰান্তত সংহাৰী বানৰ সৃষ্টি কৰাৰ আশংকা প্ৰকাশ কৰিছে ওদালগুৰি প্ৰশাসনে ।
ফলত ভৈৰৱকুণ্ড অঞ্চলৰ নৈপৰীয়া ৰাইজক মাছমৰা, নদীৰ বালি খনন কাৰ্য চলোৱাৰ লগতে নদীখনত যিকোনো কাৰ্য কৰাত বাধা আৰোপ কৰিছে ওদালগুৰি প্ৰশাসনে । যিকোনো দুৰ্ঘটনাৰ সৈতে মোকাবিলা কৰিবলৈ ওদালগুৰি জিলা প্ৰশাসন সস্তম হৈ পৰিছে। | web |
7227b7b9d6dad5b267d5f24264ab561c51a939fce53d617d9ef4f59794c40c2e | আনন্দৰাম বৰুৱা
কমললোচনৰ সন্তান বন্ধুৰাম মজিন্দাৰ বৰুৱা, বন্ধুৰানৰ সন্তান ৰঘুনাথ, ৰঘুনাথৰ সন্তান চিভিলিয়ান আনন্দৰামৰ পিতৃদেৱ গণৰাম মজিন্দাৰ বৰুৱা ।
কোচানৰ ৰজা নৰনাৰাষণে স্বৰ্গদেৱ থোৱাৰালৈ কটকী পঠোৱ সম্বন্ধে কেবাখনে। হাতে লিখা অপ্রকাশিত অসমবুৰঞ্জীত আমি বিশেষ উল্লেখ পাইছো। ইয়াৰ মৰ্ম্ম এই, - কোচ কটকী চাৰ্জিনৰ নাম আছিল উদ্ভণ্ড চাউলীয়া, শ্যামৰায় চাউলীয।, কালকেতু চৰ্দ্দাৰ আৰু ধুমা চৰ্দ্দাৰ, আৰু কটকীৰ লগত আমাৰ ৰালৈ এহবোৰ বস্তু আিিছল, - গাৰু এটা, কামঘন ধেন এখন, চে° মাছ এটা, ঘোৰা দুৰ্নী, বৰনগৰীয়। বিচি পাটৰ শাৰী পাচখন, লাল দৈখেৰে তিনিচুকীয়া সুন্দৰকৈ বোৱা জাকৈ এখন, সহজে মাতিব নোৱাৰা অৰ্থাৎ কেচুৰ ৰসেৰে লিখা সন্দেশ-পত্ৰ এখন । এইবোৰ বস্তুৰ প্ৰত্যেকটোৰে এটি নহয় এটি বৈচিত্র্য আছিল, গাৰুটোৰ গিলিপ মানুহৰ ভুৰৰ চালেৰে নিশ্চিত, ধেলখনৰ আগগুৰি ধৰিব নোৱাৰি, ড° মাছটোৰ উৎপত্তিৰ ঠাই কোনেও নির্ণয় কৰিব নোৱাৰিলে, দুজনী ঘোৰাৰ এজনী মাক এজনী জীয়েক। শাৰীৰ বিষে বৰগোষ্ঠাষে কলে, - "আমাৰ দেশত খাচ্ছাই মাইকীবোৰেহে শাৰী পিঙ্কে, কটকী হৈ তিৰুতাৰ সাজ লৈ আনিবলৈ লাজ নালাগিলনে ?" জাকৈখন পাউনি পানীত হে বাব পাৰি, আথাউনি পানীত নোৱাৰি । ১৪৭৮ অঁকৰ আষাৰৰ ১০ তাৰিখে কটকাক সিয়া মেখেলা আৰু শাৰী, আ অম্লান বস্তু বঁটা দি আমাৰ স্বৰ্গদেৱে বিদায় দিলে। সন্দেশ পত্রহ সাহিব পৰা কাৰণে অসমৰ বৰকাকতচোৱা কাইখ জনক মাণিক নাম দি বঁটা প্রসাদ দিয়া হল। বুৰঞ্জীত আছে, - "এই স্থূলতা নিশ্চিত পত্ৰখান বৰকাকতচোৱা দুৰ্গাচৰণে ৰাত্ৰি আৰিয়া গুচাই মাতিলে, দিবস! নেদেখি। পাচে মহাৰাজে বৰকাকতচোৱাক মাণিক নাম দি বোলে, - "ৰাতিয়ে যে জলিল ইয়াৰ নাম মাণিক থাকক।" নাম বি
| pdf |
772b017ab06100d6d5dc4d7d4f5cee42e017017e | উত্তৰ পূৱৰ এখন ৰাজ্য সম্পূৰ্ণ ৬মাহৰ বাবে অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিলে কেন্দ্ৰই।
উত্তৰ পূৱৰ নাগালেণ্ডক ৬ মাহৰ কাৰণে অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ। ৩০ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ অশান্ত অঞ্চল হিচাপে নিৰ্দেশনা জাৰি কৰা হৈছে। ডিচেম্বৰ মাহৰ শেষলৈ প্ৰযোজ্য হৈ থাকিব এই নিৰ্দেশনা।
Armed Forces (Special Power) Act (AFSPA) ১৯৫৮ৰ দফা নং ৩ৰ অধীনত কেন্দ্ৰৰ এই পদক্ষেপ। এই আইনৰ অধীনত সুৰক্ষা বাহিনীয়ে কোনো পূৰ্ব অনুমতি নোহোৱাকৈ যি কোনো সময়তে অভিযান চলাব পাৰিব আৰু সন্দেহযুক্ত ব্যক্তিক আটক কৰিব পাৰিব।
উল্লেখ্য যে, উত্তৰ-পূৱৰ নাগালেণ্ডৰ লগতে জম্মু আৰু কাশ্মীৰতো বৰ্তমানে অশান্ত অঞ্চল ঘোষণা কৰা হৈছে। | web |
5687c85ca620f5d38a7cd81a1697553627001f90 | দ্বিজেন ডেকা,ঘগ্ৰাপাৰঃ ২০২০ ইং বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক এইবৰ্ষৰ পৰা অসম চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰীসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্য এইবৰ্ষৰ পৰা ছাত্ৰীসকলক স্কুটী দিয়াৰ ব্যৱস্থা কৰিছে । ইয়াৰ কাৰ্যসূচীৰূপে দেওবাৰে নলবাৰী নাট্য মন্দিৰত নলবাৰী জিলাত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। উক্ত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ উদ্যোগ,বাণিজ্য,পৰিবহণ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দীপক শৰ্মা, নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মা, নলবাৰী জিলাৰ উপায়ুক্ত পূৰৱী কোঁৱৰ, অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা,টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কিশোৰ কুমাৰ শৰ্মা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা,নলবাৰী জিলা বিজেপিৰ সভাপতি ডা° মৃগাংক তালুকদাৰ । এই প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত নলবাৰী জিলাৰ ৯১২ গৰাকী ছাত্ৰীয়ে স্কুটী লাভ কৰিব। ৪ জানুৱাৰীৰ বঁটা প্ৰদান অনুষ্ঠানত আনুষ্ঠানিকভাৱে নলবাৰী জিলাৰ প্ৰথম পাঁচগৰাকী ছাত্ৰীক স্কুটী প্ৰদান কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । ইয়াৰ পৰৱৰ্তী সময়ত আন ছাত্ৰীসকলক স্কুটী প্ৰদান কৰা হ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে। | web |
bd4e5a5c9c1859c1d5f0074b336b03feab160ff24c005463ff3e8fcda3c01ab5 | অসমৰ পৰম্পৰাগত বনৌষধি
একাংগী :
১০১৪। পিঁয়াজৰ ৰস নাকেৰে ঘ্রাণ লব আৰু নাকত কেইটোপালমান দিব লাগে। গাত এচিড পৰিলে :
১০১৫। যথেষ্ট ঠাণ্ডা পানীৰে ভালদৰে ধুই তাত নাৰিকল তেল আৰু চূণৰ পানী মিহলোৱা মিশ্রণ সানিব লাগে।
গৰমত প্ৰস্ৰাৱ ৰঙা হ'লে :
১০১৬। পকা ভীমকল ১টা কাটি ২৫০ গ্রাম পানীত এৰাতি তিয়াই ৰাখি ৰাতিপুৱা শুপা পেটত খাব লাগে।
১০১৭। ঘামৰ পুৰ্গন্ধ নাইকিয়া কৰিবলৈ মানিমুনি শাকৰ ৰাতিপুৱা ৰস খাব। প্রস্রাব বন্ধ হলে :
১৫১৮। দুপৰীয়া টেঙাৰ পাত এখন ভালদৰে খুন্দি তলপেটত অলপ সময় প্রলেপ দিব।
ঘোঁৱা শলখা (Dyptheria )
১০১৯। পিঁয়াক্ত এটা থেতেলিয়াই ৰস বাহিৰ কৰি শিশুক দিনে দুবাৰকৈ খুৱাব। মদৰ নিচা গুচাবলৈ
১০২০। পকা তেতেলী টেঙা বা কুজী থেকো অলপ (১০গ্রাম) এগিলাচ পামীত মিশ্ৰণ কৰি খুৱালে মদৰ নিচা তৎক্ষণাত নাইকিয়া হয়।
১০২১। চাউল ধোৱা পানীৰ লগত বগা অপৰাজিতাৰ শিপা খুন্দি তাত মিহলি কৰি তাক নাকেৰে ঘ্রাণ লব লাগে।
পয়ালগা :
১০২২। লাইজাবৰী এমুঠি পিহি দুৱাৰ দলিত শনি বা মংগলবাৰে বহি শিশুৰ শৰীৰত ঘঁহি পিছত সেই লাইজাবৰী মুঠি ঘৰৰ চাললে পেলাই দিলে পরাগা ভাল হয়। চুণে ডাকিলে :
১০২৩। সৰিয়হৰ তেল চুপে ডা ঠাইত সানিব লাগে।
অসমৰ স্বাস্থ্য পৰম্পৰা
পাখৰ যোগ :
১০২৪। অনন্ত মূল ৫০ গ্রাম খুন্দি গৰুৰ গাখীৰৰ লগত খাব। অধিক টোপনি হলে :
১০২৫। চজিনাৰ গুটি, নাহৰ ফুল আৰু মেটেকাৰ ফুল এই তিনিওটা সমপৰিমাণ লৈ তাক ভালদৰে মিহি কৰি চকুত লগাব লাগে।
প্লেগৰোগ ঃ
১০২৬। আধা কাপ ঘিঁউত অলপ গাখীৰ দি দিনে ৩/৪ বাৰ খুৱাব লাগে। শক্তি বঢ়াৰ দৰৱ :
১০২৭। একে বৰণীয়া গৰুৰ গাখীৰেৰে ঘনচিৰিকা চৰাই সিজাই বিউৰ লগত ভাজি খানে শক্তি বাড়ে।
মেছ খহুৰ দৰৱ :
১০২৮। কোতাহী বেংগেনাৰ শিপা, ভেকুৰীৰ শিপা, ভজাবতীৰ শিপা, বিহুলংগিনিৰ শিপা, নেমুটেংগাৰ শিপা, অ লতিৰ শিপা, কেহেৰু চাল, সোণ, জালুক দি জোল অলপ তপতাই খাব।
এনকেফেলাইটিছ ৰোগ :
১০২৯। চিৰতা তিতা নাইবা কালমেঘৰ কেঁচা কুমলীয়া পাত ১৫/২০ খন চোবাই বা তাৰ ৰস বাহিৰ কৰি দিনে ৩ বাৰকৈ আহাৰ খোৱাৰ আধাঘণ্টাৰ পিছত খাব।
শিৰ মূল :
১০৩০। ক'লা হালধিৰ গুড়ি মাকেৰে ঘ্রাণ লব।
অংগমৰা ব্যাধিৰ দৰৱ :
১০৩১। হাতীসূৰিয়া বনৰ শিপা তামোলৰ লগত খালে ভাল হয়। গৰুৰ পোক হলে :
১০৩২। সিজু পাড, আনা পাত পাতত দি খুৱাৰ। পোৱালি হ'লে ১+১পাত ডাঙৰ হ'লে ডেৰ + ডে। যা সব বস্তা ফেনেরা এখিলা সোয়া ফলৰ পাতত ভৰাই খুৱাৰ ৩ দিনটন যা নাচাৰ।
| pdf |
ae8993e875063dd47f581fe2a3b27c2b273fccea | দুদিন আগলৈকে এক সপ্তাহ ধৰি একেৰাহে হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলস্বৰূপে নদীসমূহৰ জলপৃষ্ঠ বাঢ়ি অহাৰ ফলত বঙাইগাঁও জিলাত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ ক্ৰমান্বয়ে কিছু উন্নত হ'বলৈ ধৰিছে । বৰ্তমান অৱস্থাত মহাবাহু ব্ৰহ্মপুত্ৰক বাদ দি জিলাখনৰ মাজেৰে বৈ যোৱা আন দুখন মুখ্য নদী আই আৰু আই- মানাহৰ জলপৃষ্ঠ বৰ্তমান বিপদ সীমাৰ তলেৰে বৈছে। অৱশ্যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ এতিয়াও বিপদ সীমাৰ ওপৰে বৈ আছে যদিও ই আগতকৈ কিছু নিম্নগামী হোৱা দেখিবলৈ পোৱা গৈছে । যিটো বানপীড়িত সকলৰ বাবে এটা ভাল খবৰ। যোৱা দুদিন ধৰি ফৰকাল বতৰেৰে প্ৰকৃতি জিলাখনৰ ক্ষেত্ৰত কিছু সদয় হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ, বিশেষকৈ বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চল সমূহৰ বান পৰিস্থিতিৰ কিছু পৰিৱৰ্তন আহিছে। বিজনী অঞ্চলৰ জলমগ্ন গাঁওসমূহ লাহে লাহে জলমুক্ত হবলৈ আৰম্ভ কৰিছে তথা বানপীড়িত সকলৰ জীৱনলৈ ক্ৰমান্বয়ে কিছু স্বভাৱিকতা আহিবলৈ ধৰিছে। কিন্তু যদিও যোৱা দুদিন ধৰি বৰষুণৰ প্ৰকোপ জিলখনত বন্ধ হৈছে, তথাপিতো জিলাখনৰ কিছুমান অঞ্চল বিশেষকৈ সৃজনগ্ৰাম আৰু বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গাওঁসমূহ এতিয়াও বানৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পৰা নাই। ইপিনে দুৰ্ভাগ্যজনকভাৱে বৃহস্পতিবাৰে সৃজনগ্ৰাম ৰাজহ চক্ৰ এলেকাৰ অন্তৰ্গত মালেগড় গাঁৱৰ দয়াল দাস নামৰ এজন ৩৫ বছৰ বয়সীয়া লোকৰ পানীত ডুবি মৃত্যু মুখত পৰা বুলি খবৰ আহিছে ।
লোকজনে বুধবাৰে নিশা ৭ঃ ৪৫ মান বজাত ঘৰৰ পৰা মালেগড়ৰ বজাৰলৈ যোৱাৰ সময়ত বাঢ়নী পানীৰ প্ৰৱল সোঁতত উটি যোৱা মৃত্যু মুখত পৰে । মৃতদেহটো বৃহস্পতিবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয় । অৱশ্যে কোনো পশুধন নষ্ট হোৱাৰ বা বানে উটুৱাই নিয়াৰ এতিয়ালৈকে কোনো খবৰ পোৱা নাই । ইপিনে বানৰ লগতে বানৰ পিছত দেখা দিয়া গঢ়াখহনীয়াৰ সমস্যাইও জিলাখনক জুৰুলা কৰি তুলিছে। বৰ্তমানলৈ বঙাইগাঁও জিলখনত নৈৰ গঢ়াখহনীয়াত চাৰিখন প্ৰাথমিক বিদ্যালয় সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ হোৱাৰ লগতে আন এঘাৰখন হাইস্কুল আংশিক ভাৱে ক্ষতিগ্ৰস্ত হৈছে । বিজনীত ৰাজহ চক্ৰৰ অঞ্চলসমূহত বাঢ়নী পানী লাহে লাহে কমিবলৈ ধৰিছে যদিও সৃজনগ্ৰাম আৰু বইটামাৰী ৰাজহ চক্ৰৰ অধীনৰ অঞ্চলসমূূূহৰ বান পৰিস্থিতি প্ৰায় অপৰিৱৰ্তিত অৱস্থাতেই আছে । এতিয়াও সৃজনগ্ৰামৰ ৮৪ খন আৰু বইটামাৰীৰ ৬৫ খন গাঁও বানৰ কৱলত আছে । বানত প্লাৱিত হৈ থকা এই সকলোবোৰ ঠাইতেই সাহায্য কেন্দ্ৰ আৰু সাহায্য শিবিৰ সমূহৰ জৰিয়তে জিলা প্ৰশাসনৰ তৰফৰ পৰা সাহায্য সূচী অনুসৰি বিভিন্ন অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী যেনে- চাউল, দাইল, নিমখ, মিঠাতেল আদি বিলাই থকাৰ উপৰিও তিৰপাল, হেল'জেন টেবলেট, শিশু আৰু মাতৃ সকলৰ প্ৰতি জনকেই দুপেকেটকৈ আমূল তাজা গাখীৰ আৰু বিস্কুত ইত্যাদি বিতৰণ কৰি থকা হৈছে। | web |
2ec81e8da0f189f2c32cb59a38a8710de6a42228 | দুঃস্বপ্ন (মৃদুল কুমাৰ শৰ্মা)
থাকিব জানো কঁকাল খামুচীয়া হৈ?
পাৰিম জানো বিহুত ভাঙিব কঁকাল?
খাইছো আনৰ ঘৰৰ বিৰিয়ানি?
পিছে,
মুখত আদৰ্শৰ লেলাউতি,
হয়তো তাই ঠিকেই কৈছে, | web |
410695def00ce5789bf072c62ef113781fadccf5 | কাজিৰঙাঃ কাজিৰঙাত বনবিভাগ-আৰক্ষী গিজগিজাই থকাৰ মাজতে ৰাষ্ট্ৰীয় উদ্যানত পুনৰ এটা গঁড় হত্যা কৰে চিকাৰীয়ে। আনহাতে, বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত সংঘটিত গঁড়টো হত্যা কৰি চোৰাং চিকাৰীয়ে পূৰ্বৰ ঘটনাৰ দৰেই খৰ্গটো কাটি নিবৰ সক্ষম হয়। আশ্চৰ্যজনক ভাৱে এমাহৰ পূৰ্বেই উদ্যানৰ অন্তৰ্ভাগত চোৰাং চিকাৰীয়ে গুলীয়াই হত্যা কৰি গঁড় হত্যা কৰি খৰ্গ কাটি নিয়ে অথচ আজি পুৱাহে কাজিৰঙাৰ বনবিভাগে মৃত গঁড়ৰ খৰ্গহীন দেহটো উদ্ধাৰ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ' ৰোহিণী শইকীয়াই জনোৱা অনুসৰি, আজি পুৱা উদ্যানৰ কহঁৰা বনাঞ্চলৰ দুসুঁতি বনশিৱিৰ এলেকাত বনকৰ্মীয়ে নিয়মীয়া তহল দি থাকোতে এটা উঁৱলি যোৱা অৱস্থাৰ গঁড়ৰ খৰ্গহীন মৃতদেহ দেখা পায়। লগে লগে বন কৰ্তৃপক্ষক অৱগত কৰি সমগ্ৰ এলেকাটোত অভিযান চলায়। বনকৰ্মীয়ে ঘটনাস্থলীত ৩০৩ ৰাইফলৰ পাঁচটা খালী কাৰ্টিজ উদ্ধাৰ কৰে। ডি এফ অ' শইকীয়াই লগতে জনোৱা অনুসৰি, চিকাৰী প্ৰৱেশ কৰি এমাহমানৰ পূৰ্বেই গঁড়টো হত্যা কৰি খৰ্গ কাটি লৈ যায়। ইফালে, গঁড় হত্যাৰ খবৰ বিয়পি পৰাৰ লগে লগে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় কাজিৰঙা এলেকাত। সম্প্ৰতি অভিযান অব্যাহত আছে যদিও চোৰাং চিকাৰী কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই বুলি উল্লেখ কৰিছে অভিযানকাৰী দলে। উল্লেখ্য যে প্ৰমিলাৰাণী ব্ৰহ্ম বনমন্ত্ৰীৰ দায়িত্বত থকা অৱস্থাত পূৰ্বৰ চৰকাৰৰ দিনৰ তুলনাত গঁড় হত্যাৰ হাৰ হ্ৰাস পাইছিল আৰু বহু দিন গঁড় হত্যা নোহোৱাৰ বাবে কাজিৰঙাৰ বনবিষয়া সকলে আৰাম কৰিবলৈ লৈছে। যাৰ পৰিণতিতে পুনৰ গঁড় হত্যা হৈছে বুলি বিভিন্ন জনে মত ব্যক্ত কৰিছে। লক্ষণীয় ভাৱে, যোৱা ১৪ ডিচেম্বৰত দিনৰ ভাগত কাজিৰঙাৰ ৰাজপথৰ পৰা আৰক্ষী-বনবিভাগৰ যুটীয়া অভিযানত অস্ত্ৰসহ তিনিজনকৈ চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰাৰ পাছত নিশাই চিকাৰীয়ে একপ্ৰকাৰ চেলেঞ্জ কৰি বন কাৰ্যালয়ৰ কাষতে ১৫ ডিচেম্বৰত গুলীয়াই গঁড় হত্যা কৰি খৰ্গ কাটি উধাও হয়। চলিত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত প্ৰথমটো ঘটনা সংঘটিত হোৱাৰ এয়া দ্বিতীয়টো ঘটনা। ইপিনে, বিগত বৰ্ষত ছটা গঁড় চোৰাং চিকাৰীৰ গুলীত নিহত হৈছে বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে। আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনৰ ব্যাপক তৎপৰতাৰ মাজতে গঁড়ৰ খৰ্গহীন মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বিজেপি শাসনলৈ সন্দেহৰ আঙুলি উঠিছে। | web |
301ae87eb358b206b447549c7af8d41d73749642c5bdf3cc799ea2bad0b0b783 | অপৰাজেয় আশাবাদ
ঊনৈশ শকিতাৰ বিখ্যাত ইংৰাজ লেখক টমাছ কাৰ্লাইলে বহু বছৰ ধৰি অশেষ পৰিশ্ৰম কৰি ফৰাচী বিপ্লৱৰ এখন বৃহৎ বুৰঞ্জী লিখিছিল। সেই সময়ত তেওঁৰ আৰ্থিক অৱস্থা বৰ বেয়া আছিল। কার্লাইলে আশা কৰিছিল যে কিতাপখন প্ৰকাশ কৰিব পাৰিলে তেওঁৰ আৰ্থিক সমস্যাৰ কিছু সমাধান হ'ব। বিখ্যাত ইংৰাজ দাৰ্শনিক জন ষ্টুৱাৰ্ট মিল আছিল কার্লাইলৰ ঘনিষ্ঠ বন্ধু । কিতাপখন লিখি শেষ হোৱাৰ পিছত কার্লাইলে তেওঁৰ বন্ধুক কিতাপখনৰ পাণ্ডুলিপিটো পঢ়ি চাবলৈ দিলে। মিলে কিতাপখন পঢ়ি শেষ কৰি কার্লাইলক ঘূৰাই দিয়াৰ আগতে তেওঁৰ এগৰাকী বান্ধৱী শ্ৰীমতী টেইলৰক সেইখন পঢ়িবলৈ দিলে। কিতাপখন শ্রীমতী টেইলৰৰ ঘৰত থকা অৱস্থাত সেইখন কেনেকৈ গৈ তেওঁৰ লিগিৰীৰ হাতত পৰিল সেই কথা সঠিককৈ জানিবলৈ কোনো উপায় নাই ; কিন্তু ঘটনাটো হ'ল এই যে শ্রীমতী টেইলৰৰ লিগিৰীয়ে কিতাপখনৰ পাণ্ডুলিপিটোক পেলনীয়া কাকত বুলি ভাবি সাৰি-পুচি বাহিৰলৈ নি সেইখনত জুই লগাই দিলে। কার্লাইল বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ ফল নিমিষতে ফুট-ছাইত পৰিণত হ'ল।
এনে এটা ভয়ঙ্কৰ বিপৰ্যয়ৰ খবৰ কাৰ্লাইলক কেনেকৈ দিয়া যায় সেই কথা ভাবি মিল বিবুধি হ'ল। কিন্তু খবৰটোতো দিবই লাগিব! এদিন মিলে কার্লাইলৰ ঘৰলৈ আহি কঁপা কঁপা হাতেৰে দুৱাৰত টোকৰ মাৰিলে। কার্লাইলে যেতিয়া দুৱাৰ খুলি দিলে, মিলে একো কথা ক'ব নোৱাৰি বহুতপৰ বন্ধুৰ মুখলৈ চাই ৰ'ল। অৱশেষত তেওঁ জোৰকৈ উশাহ লৈ ক'লে - 'বন্ধু, মই তোমাৰ সৰ্বনাশ কৰিলো। তুমি ইমান কষ্টেৰে লিখা কিতাপখন মোৰ ঘৰৰ লিগিৰীজনীয়ে পেলনীয়া কাকত বুলি ভাবি জুই লগাই পুৰি পেলাইছে।
মিলৰ কথা শুনি কার্লাইল খন্তেকৰ কাৰণে ঠৰ লাগি ৰ'ল। কিন্তু কেৱল খন্তেকৰ কাৰণেহে। পিছ মুহূৰ্ততে তেওঁ পুনৰ স্বাভাৱিক হৈ মিলক ভিতৰলৈ মাতি নি বহিবলৈ দি ক'লে - 'যিটো হৈ গ'ল তাকতো এতিয়া আৰু নোহোৱা কৰিব নোৱাৰি। গতিকে সেই বিষয়ে দুখ কৰি বা চিন্তা কৰি একো লাভ নাই। বৰং কথাটো আমি এনেকৈ ভাবি চাওঁ আহাচোন : ধৰি লোৱা, মোৰ শিক্ষকে মোক এখন ৰচনা লিখিবলৈ দিছিল। মই লিখা ৰচনাখন পঢ়ি চাই শিক্ষক মহাশয় মুঠেই সন্তুষ্ট নহ'ল। ৰচনাখন যাতে আৰু ভাল কৰিব পাৰো সেই উদ্দেশ্য তেওঁ সেইখন দ্বিতীয়বাৰ লিখিবলৈ মোক নিৰ্দেশ দিলে।.... ফৰাচী বিপ্লৱৰ বুৰঞ্জীও মই দ্বিতীয়বাৰ লিখিব লাগিব - যাতে আগৰবাৰতকৈ এইবাৰ মই বেছি ভালকৈ লিখিব পাৰোঁ।'
কিন্তু কার্লাইলে লিখা ফৰাচী বিপ্লৱৰ বুৰঞ্জী এঘণ্টা বা এদিনত লিখি শেষ কৰিব পৰা এখন সৰু ৰচনা নাছিল; সি আছিল বহু বছৰ ধৰি অশেষ ধৈৰ্যেৰে আৰু কষ্টেৰে লিখা প্ৰায় এহেজাৰ পৃষ্ঠাৰ এখন প্রকাণ্ড কিতাপ। তেনে এখন কিতাপ চকুৰ নিমিষতে ফুট-ছাইত পৰিণত হোৱা দেখিলে যিকোনো মানুহেই হতাশাত ভাগি পৰা বা আধামৰা হোৱাটো একো অস্বাভাৱিক কথা নহয়। কিন্তু টমাছ কার্লাইল 'যি কোনো এজন' সাধাৰণ মানুহ নাছিল; তেওঁ আছিল ইংৰাজী সাহিত্যৰ এজন অমৰ লেখক টমাছ কার্লাইল। তেওঁ মানুহক এই শিক্ষা দিছিল যে 'একমাত্র কামেই হ'ল মানুহে পাব পৰা আটাইতকৈ ডাঙৰ সৌভাগ্য বা আশীৰ্বাদ; যি মানুহে কৰিবলৈ কিবা এটা কাম বিচাৰি পাইছে তেওঁ আন একো আশীৰ্বাদ বিচৰাৰ প্ৰয়োজন নাই।' এই শিক্ষা তেওঁ কেৱল আনক দি ক্ষান্ত হৈ থকা নাছিল; তেওঁ তাক নিজৰ জীৱনত প্ৰয়োগ কৰিছিল।
কামৰ মাজতেই জীৱনৰ চৰম আনন্দ আৰু সাৰ্থকতা বিচাৰি পোৱা কার্লাইলে হতাশাত ভাগি নপৰি ফৰাচী বিপ্লৱৰ বুৰঞ্জী পুনৰ লিখিবলৈ আৰম্ভ কৰিলে আৰু লিখি শেষো কৰিলে। নিপুণ গদ্য-শিল্পী কার্লাইলে ফৰাচী বিপ্লৱৰ অলেখ ঘটনা আৰু চৰিত্ৰক কেৱল ভাষাৰ যাদুৰে এনেভাৱে জীৱন্ত কৰি তুলিছিল যে তেওঁৰ এই কিতাপখনে বুৰঞ্জী ৰচনাৰ ক্ষেত্ৰত এটা নতুন ধাৰাৰ সূচনা কৰা বুলি বহুতে কয়।
মানুহে জীৱনত উন্নতি কৰিবলৈ হ'লৈ বা যিকোনো ডাঙৰ কাম কৰিবলৈ হ'লে নিশ্চয় কিছু বুদ্ধি বা প্ৰতিভাৰ প্ৰয়োজন হয়। সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু কেৱল বুদ্ধি বা প্রতিভাই যথেষ্ট নহয়। বুদ্ধি বা প্ৰতিভাৰ লগত আশা আৰু ধৈৰ্য লগ লাগিলেহে জীৱনত উন্নতি কৰা বা যিকোনো ডাঙৰ কাম কৰা সম্ভৱ হয়। এক প্ৰকাৰে চাবলৈ গ'লে আশা আৰু ধৈর্য একেটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি। যি মানুহৰ ধৈৰ্য-গুণ আছে একমাত্র তেওঁহে সহজে আশা নেহেৰুৱায়। আনহাতে আশাবাদী মানুহ স্বাভাৱিকতেই ধৈৰ্যশীল হয়, কাৰণ তেওঁ জানে যে ধৈর্য নেহেৰুৱাই কাম কৰি থাকিলেহে তেওঁ আশা কৰা মতে কৃতকাৰ্যতাৰ মুখ দেখিবলৈ পাব।
তেওঁ জানে যে ধৈৰ্য নেহেৰুৱাই কাম কৰি থাকিলেহে তেওঁাশা কৰা মতে কৃতকার্যতাৰ মুখ দেখিবলৈ
জীৱনৰ যিকোনো কর্মক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে ধৈৰ্যৰ প্ৰয়োজন কিমান বেছি সেই কথা ব্যাখ্যা কৰি ছেমুৱেল স্মাইলছে তেওঁৰ এখন ৰচনাত লিখিছিল - 'আমি যদি নিজে আমাৰ জীৱনটো মূল্যহীন কৰি নোতোলো তেন্তে কোনো মানুহৰে জীৱন মুল্যহীন হ'ব নোৱাৰে। নিজৰ উৎকৰ্ষ সাধনৰ ক্ষমতা আমাৰ নিজৰ হাততেই আছে। অবিৰাম চেষ্টাৰ দ্বাৰা আমি নিজকে প্রতি মুহূর্ততে আগতকৈ ভাল কৰিব পাৰো আৰু আনকো ভাল কৰিব পাৰো। কিন্তু তাকে কৰিবলৈ হ'লৈ যিটো বস্তুৰ আটাইতকৈ দৰকাৰ সেইটো হ'ল ধৈর্য। যিখিনি নৈতিক আৰু বৌদ্ধিক প্রতিভা লৈ আমি জন্মগ্রহণ কৰিছো সেইখিনি কামত খটাই নিজৰ উৎকর্ষ সাধন কৰিবলৈ অসীম ধৈৰ্যৰ প্ৰয়োজন। জুলিয়া ওব্রেজউদে কৈছিল - 'মানুহৰ আটাইবোৰ মানসিক গুণৰ ভিতৰত আটাইতকৈ বিৰল মূল্যবান গুণটো হ'ল ধৈর্য।' বহুত মানুহে মানসিক গুণাৱলী লৈ জন্মগ্রহণ কৰে। কিন্তু সেইবোৰ কামত খটাই জীৱনৰ উৎকর্ষ সাধন কৰিবলৈ ধৈৰ্যশীল পৰিশ্ৰমৰ প্ৰয়োজন। বেকন, নিউটন, ওৱাট, স্কট, বাইৰণ, থেকাৰে - এওঁলোক সকলোৱেই নিজৰ জীৱনত একোজন সাধাৰণ মেকানিকৰ নিচিনাকৈ কঠোৰ পৰিশ্ৰম কৰিছিল। সঁচা কথা ক'বলৈ গ'লে অশেষ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ অবিহনে কোনো মানুহৰ পক্ষে সাহিত্য, বিজ্ঞান বা ৰাজনীতিৰ ক্ষেত্ৰত উচ্চ স্থানলৈ আৰোহণ কৰা সম্ভৱ নহয়। সেয়েহে বুফন নামৰ এজন চিন্তাশীল লেখকে কৈছিল যে মহৎ মানুহৰ প্ৰতিভা বুলিলে আমি সাধাৰণতে যিটো বুজো সি আচলতে সৰ্বসাধাৰণ মানুহতকৈ অধিক ধৈৰ্যৰ বাহিৰে আন একো নহয়।
ছেমুৱেল স্মাইলছে ১৮৫৭ চনত এই কথাখিনি লিখিবৰ সময়ত টমাছ আলভা এডিছনৰ বয়স হৈছিল মাত্র ১০ বছৰ। যি মূলা বাঢ়িব তাৰ দুপতীয়াতে চিন ওলোৱাৰ দৰে সেই কোমল বয়সতে এডিছনে তেওঁৰ স্বকীয় প্ৰতিভাৰ পৰিচয় দিবলৈ আৰম্ভ কৰিছিল। কিন্তু ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ আৱিষ্কাৰক তথা উদ্ভাৱক হিচাপে বিশ্ববিখ্যাত হ'বলৈ তেতিয়াও তেওঁৰ কে'বাবছৰ বাকী আছিল। ছেমুৱেল স্মাইলছে যদি তেওঁৰ ওপৰৰ কথাখিনি ১৮৫৭ চনত নিলিখি ১৮৮০ চন বা তাৰ পিছত লিখিলেহেঁতেন, তেন্তে তেওঁ বেকন, নিউটন, স্কট, বাইৰণ আৰু থেকাৰে আদি কঠোৰ পৰিশ্ৰমী লোকসকলৰ তালিকাত টমাছ আলভা এডিছনকো ঠাই দিবলৈ নিশ্চয় বাধ্য হ'লহেঁতেন। আচলতে টমাছ আলভা এডিছনৰ নিচিনা কঠোৰ পৰিশ্ৰমী আৰু ধৈর্যশীল মানুহ পৃথিৱীত খুব কমইহে উপজিছে বুলি ক'ব পাৰি। পৰিশ্ৰমৰ ওপৰত তেওঁ ইমান বিশ্বাস কৰিছিল যে তেওঁ
এবাৰ ঘোষণা কৰিছিল - 'Genius is one percent inspiration and ninety nine percent perspiratione' অর্থাৎ প্রতিভা মাত্র এক শতাংশহে প্ৰেৰণা; বাকী নিৰান্নবৈ শতাংশই হ'ল ঘর্মাক্ত পৰিশ্ৰম। এডিছনৰ মুখৰ পৰা ওলোৱা এই শব্দকেইটা আধুনিক কালৰ এটা বিখ্যাত আপ্তবাক্যত পৰিণত হৈছে। যিবোৰ জ্ঞান-গৰ্ভ স্মৰণীয় উক্তি মানুহৰ মুখৰ কথাত আৰু লেখাত আটাইতকৈ বেছিকৈ উদ্ধৃত হয় সেইবোৰৰ ভিতৰত এটা হ'ল এডিছনে দিয়া প্ৰতিভাৰ এই বিখ্যাত সংজ্ঞাটো। ধৈর্য, পৰিশ্ৰম আৰু অধ্যৱসায়ৰ গুণ বখানি আন বহুতে লিখা শ শ বাক্যতকৈ এডিছনৰ এই এটা মাত্ৰ বাক্যই মানুহৰ মন বেছি দকৈ স্পর্শ কৰিছে।
টমাছ আলভা এডিছনৰ জীৱন কাহিনী ক'বলৈ লিখা এই সৰু পৃথিখন আৰম্ভ কৰা হ'ল টমাছ কালাইলৰ জীৱনৰ এটা ঘটনাৰ বৰ্ণনাৰে। কিয় সেইটো কৰা হ'ল সেই কথা তলৰ কথাখিনি পঢ়িলেই বুজা যাব।
সমগ্র জগতে এতিয়া এই কথা মানি লৈছে যে টমাছ আলভা এডিছন আছিল সর্বকালৰ সৰ্বশ্ৰেষ্ঠ আৱিষ্কাৰক তথা উদ্ভাৱক। তেওঁ উদ্ভাৱন কৰা বিচিত্ৰ বৈদ্যুতিক আৰু যান্ত্ৰিক সঁজুলিবোৰে পৃথিৱীখনৰ চেহেৰা আৰু মানুহৰ জীৱনধাৰা চিনিব নোৱৰাকৈ সলনি কৰি পেলালে। সেইবোৰৰ যহতে তেওঁ নিজেও বিপুল ধন-সম্পত্তিৰ গৰাকী হৈছিল। ১৯৩১ চনত তেওঁৰ মৃত্যুৰ পিছত নিউইয়র্ক টাইমছ নামৰ বাতৰি কাকতখনে হিচাপ কৰি দেখুৱাইছিল যে তেওঁৰ বিভিন্ন আৱিষ্কাৰৰ ওপৰত ভিত্তি কৰি যিবোৰ উদ্যোগ আৰু ব্যৱসায় গঢ় লৈ উঠিছিল সেইবোৰৰ মূল্য আছিল দুহেজাৰ পাঁচশ ঊনসত্তৰ কোটি ডলাৰ! আন কথাত ক'বলৈ গ'লে নগদ দনৰ মাপকাঠিৰে টমাছ আলভা এডিছনৰ মগজটোৱেই আছিল ইতিহাসৰ আটাইতকৈ দামী মগজ।
এডিছনৰ এটা বিৰাট গৱেষণাগাৰ আছিল। কোৱা হয় যে এইটোৱেই আছিল সমগ্ৰ পৃথিৱীতে এনে ধৰণৰ প্ৰথম গৱেষণাগাৰ - য'ত এজন মানুহৰ নেতৃত্বত বহুতো কাৰিকৰ আৰু গৱেষণা-কৰ্মীয়ে কাম কৰি নতুন নতুন সঁজুলি উদ্ভাৱন কৰিছিল। এদিন দুৰ্ঘটনা-ক্ৰমে গৱেষণাগাৰটোত জুই লাগি চকুৰে চাই থাকোতেই সি ভস্মস্তূপত পৰিণত হ'ল। বহু বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি তেওঁ যিবোৰ মূল্যবান বৈজ্ঞানিক সঁজুলি তৈয়াৰ কৰিছিল সেই সকলোবোৰ তেওঁৰ চকুৰ আগতে লেলিহান অগ্নিশিখাই গ্ৰাস কৰি পেলালে। তেতিয়া এডিছনৰ বয়স হৈছিল ৬৭ বছৰ। সেই বয়সত বেছিভাগ মানুহেই নিজৰ কান্ধৰ পৰা কামৰ বোজা এটা এটাকৈ নমাবলৈ আৰম্ভ কৰে। নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ সেই বয়সত বেছিভাগ মানুহৰে শক্তি আৰু উদ্যম বাকী নাথাকে। এনে স্থলত গোটেই জীৱনৰ সাধনাৰে তিলতিলকৈ গঢ়ি তোলা অমূল্য গৱেষণাগাৰটো নিজৰ চকুৰ আগতে ছাইত পৰিণত হোৱা দেখিলে বেছিভাগ মানুহেই দুখ আৰু হতাশাত ভাগি পাৰিলেহেঁতেন; জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ শক্তি আৰু সময় নাই বুলি ভাবি তেওঁৰ জীয়াতে মৰাৰ নিচিনা অৱস্থা হ'লহেঁতেন। কিন্তু টমাছ আলভা এডিছন আছিল সম্পূর্ণ বেলেগ ধাতুৰে গঢ়া মানুহ। জুইয়ে তেওঁৰ গৱেষণাগাৰটো পুৰি এফালৰ পৰা ছাই কৰি অনা দেখি অস্থিৰ আৰু আতংকিত হোৱাৰ পৰিৱৰ্তে এডিছনে মুগ্ধ দৃষ্টিৰে নাচি নাচি জপিয়াই ফুৰা অগ্নিশিখাবোৰ চাবলৈ ধৰিলে। চাৰ্লছ নামৰ তেওঁৰ ডেকা পুতেকজনে অগ্নিকাণ্ডৰ হুলস্থূলৰ মাজত ইমান পৰে তেওঁকেই বিচাৰি ফুৰিছিল। পুতেকক দেখা মাত্ৰে এডিছনে ক'লে - 'বোপাই, তুমি তৎক্ষণাত মাৰাক ইয়ালৈ মাতি আনা। এই ভীষণ সুন্দৰ দৃশ্যটো তেওঁ চাবই লাগিব। চোৱাচোন চোৱা, লেলিহান অগ্নিশিখাই কি অবর্ণনীয় দৃশ্য সৃষ্টি কৰিছে!'
এই দুৰ্ঘটনাৰ খবৰ পাই পিছদিনা এডিছনৰ বন্ধুসকল তেওঁক সহানুভূতি জনাবলৈ আহিল। যাক সহানুভূতি
· জনাবলৈ তেওঁলোক আহিল সেই এডিছন কিন্তু নিজে নির্বিকাৰ। বৰং এডিছনে তেওঁলোকক ক'লে - 'জুইয়ে মোৰ গৱেষণাগাৰটো পুৰি ছাই কৰি মোৰ সৰ্বনাশ কৰিল বুলি নাভাবিবা। মই নিজে কিন্তু এই দুর্ঘটনাটো
মোৰ ভালৰ কাৰণেহে হৈছে বুলি ভাবিছো। মই অতীতত কৰি অহা আটাইবোৰ ভুল জুইয়ে পুৰি ছাই কৰি পেলালে, আৰু মোৰ গৱেষণা নতুনকৈ আৰম্ভ কৰিবলৈ মোক এটা সুযোগ দিলে। তাৰ কাৰণে মই ঈশ্বৰক ধন্যবাদ দিছো।'
ঐতিহাসিক টমাছ কার্লাইলে বহু বছৰ ধৰি অশেষ কষ্ট কৰি লিখা ফৰাচী বিপ্লৱৰ বুৰঞ্জীখন যেতিয়া জুইয়ে পুৰি মুহূৰ্ততে ছাই কৰি পেলালে, তেওঁৰ মনত হোৱা প্ৰথম প্ৰতিক্ৰিয়াটো আছিল এই যে সর্বনাশৰ পৰিৱৰ্তে ই এটা ডাঙৰ সুযোগহে মাত্ৰ, কাৰণ তেওঁ এইবাৰ বুৰঞ্জীখন প্ৰথমবাৰতকৈ বেছি ভালকৈ লিখিব পাৰিব। জুইয়ে বুৰঞ্জীখন পুৰি নেপেলোৱা হ'লে তেওঁ সেই সুযোগ নাপালেহেঁতেন।
টমাছ আলভা এডিছনে গোটেই জীৱন ধৰি তিল তিলকৈ গঢ়ি তোলা অমূল্য গৱেষণাগাৰটো যেতিয়া জুইয়ে তেওঁৰ চকুৰ আগতে পুৰি ছাই কৰি পেলালে, সেই ভয়ঙ্কৰ দৃশ্য দেখি হতাশা আৰু যন্ত্ৰণাত ভাগি পৰাৰ পৰিৱৰ্তে এডিছনে তাক জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ এটা সুযোগ বুলিহে গ্ৰহণ কৰিলে। তেওঁৰ মতে জুইয়ে তেওঁৰ গৱেষণাগাৰটো পুৰি ছাই কৰা নাই; সি পুৰি ছাই কৰিলে তেওঁৰ অতীতৰ ভুলবোৰহে। অতীতৰ ভুলৰ পৰা শিক্ষা লৈ এতিয়া তেওঁ গোটেইবোৰ কাম নতুনকৈ আৰম্ভ কৰিব পাৰিব।
এইটোৱেই হ'ল সেই শিক্ষা - যিটো শিক্ষাৰ প্ৰয়োজন মানুহৰ জীৱনৰ আটাইতকৈ বেছি। মানুহৰ জীৱনত বাধা-বিঘিনি আৰু সমস্যাৰ অন্ত নাই। একমাত্ৰ আশা, ধৈৰ্য আৰু আত্ম-বিশ্বাসৰ বলেৰেহে মানুহে সেইবোৰ অতিক্ৰম কৰি নিজৰ লক্ষ্য অভিমুখে আগবাঢ়ি যাব পাৰে। বিপদক সম্পদলৈ আৰু অসুবিধাক সুবিধালৈ কেনেকৈ ৰূপান্তৰিত কৰিব পাৰি সেই শিক্ষা পাবৰ কাৰণে আমি মহৎ লোকৰ জীৱন-চৰিত অধ্যয়ন কৰা উচিত। টমাছ আলভা এডিছন হ'ল তেনে এজন মহৎ লোক।
তিনি মাহতে স্কুলৰ পৰা খেদা খোৱা ল'ৰাজন
ইয়াৰ আগৰটো অধ্যায়ত আমি টমাছ আলভা এডিছনৰ চিনাকি এই বুলি দিলো যে তেওঁ আছিল ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ উদ্ভাৱক; তেওঁৰ সমান উদ্ভাৱনী-প্রতিভা পৃথিৱীত আজিলৈকে আন কোনো মানুহে দেখুৱাব পৰা নাই। কিন্তু এনে এজন মানুহকো তেওঁৰ শিক্ষয়িত্ৰীয়ে অতি নির্বোধ বুলি ভাবিছিল আৰু তেওঁ স্কুলত ভৰ্তি হোৱাৰ তিনিমাহৰ ভিতৰতে তেওঁক স্কুল এৰিবলৈ বাধ্য কৰিছিল।
এডিছন আচলতে নির্বোধ নাছিল। অতি কম বয়সৰ পৰাই এডিছনৰ চিন্তা শক্তি আৰু কল্পনাশক্তি ইমান প্ৰখৰ আছিল যে সকলো সময়তে তেওঁ নিজৰ চিন্তাত নিমগ্ন হৈ আছিল। অর্থাৎ সকলো সময়তে তেওঁ কিবা নহয় কিবা এটা বিষয়ে চিন্তা কৰি থাকিছিল। চকুৰে দেখা আৰু কাণেৰে শুনা প্ৰত্যেকটো কথাই, প্ৰত্যেকটো বস্তুৱে, প্ৰত্যেকটো ঘটনাই তেওঁৰ মনত নানা প্রশ্ন জগাই তুলিছিল। তেওঁ সেইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি নিজৰ মনটোক চলাথ কৰিছিল। কেৱল নিজকে প্রশ্ন কৰি ক্ষান্ত নাথাকি তেওঁ নানা বিষয়ে মাক-দেউতাককো জাউৰিয়ে জাউৰিয়ে প্রশ্ন কৰিছিল।
উদাহৰণ স্বৰূপে এদিন এডিছনে হঠাৎ দেউতাকক প্রশ্ন কৰিলে - 'দেউতা, ৰাতিৰ আকাশত কোনে বাৰু ইমানবোৰ চাকি জ্বলায়?'
দেউতাকে যেতিয়া উত্তৰত ক'লে যে সেইবোৰ চাকি নহয়, আকাশৰ তৰাহে, আৰু সেইবোৰ নিজে নিজেই জ্বলে, তেতিয়া এডিছনে টপৰাই আকৌ প্ৰশ্ন কৰিলে - 'আকাশৰ চাকিবোৰ নিজে নিজে কেনেকৈ জ্বলিব পাৰে? আমাৰ ঘৰৰ চাকিবোৰ দেখোন মাই জ্বলাই দিলেহে জ্বলে।'
দেউতাকে এটা উদাহৰণ দি বুজাবলৈ চেষ্টা কৰি ক'লে - 'তুমি ৰাতিৰ আকাশৰ তৰাবোৰক চাকি বুলি ভাবি লৈছা। সেইকাৰণেহে তোমাৰ মনত প্ৰশ্ন হৈছে - সেই চাকিবোৰ কোনে জ্বলায়? কিন্তু পুৱাৰ পৰা সন্ধিয়ালৈকে আকাশত বেলিটোওতো জ্বলি থাকে! জ্বলি জ্বলি সি পোহৰ আৰু তাপ বিলায়। বেলিটো যেনেকৈ নিজে নিজে জ্বলে, ৰাতিৰ আকাশৰ তৰাবোৰো নিশ্চয় তেনেকৈয়ে নিজে নিজে জ্বলে।
কিন্তু এডিছন ইমান সহজে সন্তুষ্ট হোৱা ভকত নহয়। তেওঁৰ প্ৰশ্নও ইমান সোনকালে শেষ নহয়। বৰং প্ৰতিটো প্ৰশ্নৰ উত্তৰে তেওঁৰ মনত জগাই তোলে নতুন এটা প্রশ্ন। দেউতাকৰ কথা শুনি এডিছনে আকৌ প্রশ্ন কৰিলে - 'সিহঁত নিজে নিজে জ্বলি থাকে, সেই কথা বাৰু বুজিলো। কিন্তু সিহঁত কেতিয়াও নুমাই নোযোৱাকৈ সদায় কেনেকৈ জ্বলি থাকিব পাৰে? সিহঁত কেতিয়াও নুমাই নাযাবই নেকি?'
দেউতাকে অলপ চিন্তা কৰি উত্তৰ দিলে - 'তৰাবোৰৰ ইন্ধনৰ পৰিমাণ নিশ্চয় মিান বেছি যে সিহঁত আৰু বহুতদিন জ্বলি থাকিব পাৰিব। অৱশ্যে এনে এটা দিন আহিব পাৰে - যেতিয়া ইন্ধনবোৰ পুৰি শেষ হ'ব। তেতিয়া তৰাবোৰো নিশ্চয় আপোনা-আপুনি নুমাই যাব।'
বাপেক-পুতেকৰ মাজত হোৱা এইবোৰ কথা-বাৰ্তাৰ কেইদিনমানৰ পিছৰ ঘটনা। এডিছনহঁতৰ ঘৰৰ আগচোতালৰ এটা চুকত কিছুমান শুকান খেৰ দ'ম কৰি থোৱা আছিল। হঠাৎ এদিন দেখা গ'ল যে কোনোবাই খেৰৰ দ'মটোত জুই লগাই দিয়াৰ ফলত একুৰা প্ৰকাণ্ড জুই দপ্দপাই জ্বলিব ধৰিছে আৰু জুই ঘৰটোলৈকে বিয়পি পৰাৰ আশংকাই দেখা দিছে। দৃশ্যটো দেখাৰ পিছত স্বাভাৱিকতেই গোটেই ঘৰখনত হুলস্থুল লাগিবলৈ আৰম্ভ কৰিলে। ভয়তে মানুহবোৰ ইফালে-সিফালে দৌৰিবলৈ ধৰিলে। কিন্তু ইয়াৰ মাজতে সকলোৱে আচৰিত
কিশোৰ সাৰথি-৩৭
হৈ লক্ষ্য কৰিলে যে জুইৰ নিচেই কাষতে শান্ত হৈ থিয় হৈ আছে অকণমানি এডিছন। গোটেই ঘৰখনত হোৱা হুলস্থুলৰ প্ৰতি নিৰ্বিকাৰ হৈ তেওঁ তন্ময় দৃষ্টিৰে জুইকুৰালৈ চাই আছে। এডিছনৰ মাকে দৌৰি আহি পুতেকক টান মাৰি নিৰাপদ দূৰত্বলৈ লৈ গ'ল। ইতিমধ্যে জুই নুমাইছিল, খেৰবোৰ পুৰি ছাইত পৰিণত হৈছিল। খেৰত কোনে জুই লগাইছিল সেই কথা জানিবলৈ এতিয়া আৰু কাৰো বাকী নৰ'ল। - কাৰণ এডিছনে আনন্দত হাতচাপৰি বজাই চিঞৰি চিঞৰি দেউতাকক ক'বলৈ ধৰিলে - 'দেউতা, দেউতা, তুমি কোৱা কথা সঁচা বুলি প্রমাণিত হ'ল। খেৰবোৰ পুৰি শেষ হোৱাৰ লগে লগে জুইকুৰাও নুমাই গ'ল। আকাশৰ তৰাবোৰো এদিন নিশ্চয় নুমাই যাব।'
বেছিভাগ ল'ৰাই হয়তো দেউতাকে কোৱা কথাকে শেষ সত্য বুলি বিশ্বাস কৰি সন্তুষ্ট হৈ থাকিলহেঁতেন। সেই বিষয়ে তেওঁৰ মনত নতুন কোনো প্ৰশ্নৰ উদয় নহ'লহেঁতেন। কিন্তু এডিছন আছিল বেলেগ ধাতুৰে গঢ়া ল'ৰা - যি কাৰণে তেওঁ এদিন হ'ব পাৰিছিল মানুহৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ উদ্ভাৱক। দেউতাকৰ কথা যে সত্য সেই কথা তেওঁ কেনেকৈ জানিব - যদিহে হাতে-কামে পৰীক্ষা কৰি তেওঁ তাৰ প্ৰমাণ পাবলৈ চেষ্টা নকৰে?
এনে এটা ল'ৰাক বাৰু কোনোবাই নির্বোধ বুলি ভাবিব পাৰেনে? অথচ এডিছনৰ শিক্ষয়িত্ৰীয়ে তেওঁ বিষয়ে তেনেকৈয়ে ভাবিছিল। কেৱল ভাবিয়ে ক্ষান্ত হৈ নাথাকি তেওঁ এখন চিঠি লিখি এডিছনৰ মাকক সেই কথা জনাইয়ো দিছিল। আচলতে কি হৈছিল - এডিছন সকলো সময়তে নিজৰ ভাবত ইমান বেছি মছগুল হৈ আছিল যে স্কুলত তেওঁ শিক্ষয়িত্ৰীৰ কথালৈ বেছি মনোযোগ দিব পৰা নাছিল। ফলত শিক্ষয়িত্ৰীয়ে কিবা প্রশ্ন কৰিলে তেওঁ টপৰাই তাৰ উত্তৰ দিব পৰা নাছিল। শিক্ষয়িত্ৰীয়ে পাঠ বুজাই থাকোতে তেওঁ ব্যস্ত হৈ আছিল নানা বিষয়ে তেওঁৰ নিজৰ মনত উদয় হোৱা নানা প্রশ্নৰ উত্তৰ বিচাৰি, অথবা নানা সম্পৰীক্ষাৰ কথা চিন্তা কৰি। গতিকে এই কথা একো আচৰিত নহয় এডিছনৰ শিক্ষয়িত্ৰীয়ে তেওঁক নির্বোধ আৰু অমনোযোগী বুলি ভাবিবলৈ বাধ্য হৈছিল।
সি যি কি নহওক, শিক্ষয়িত্ৰীগৰাকীৰ চিঠিখন পোৱাৰ পিছত এডিছনৰ মাকে পুতেকক স্কুললৈ নপঠাবলৈ ঠিক কৰি এডিছনৰ শিক্ষাৰ দায়িত্ব নিজৰ কান্ধত তুলি ল'লে। অর্থাৎ এডিছনৰ পঢ়াশলীয়া ছাত্ৰ-জীৱন স্থায়ী হ'ল মাত্র তিনিমাহ।
এডিছনে নিজৰ মাকৰ পৰা এনে সৰ্বঙ্গ-সুন্দৰ শিক্ষা পালে - যি ধৰণৰ শিক্ষা পোৱাৰ সৌভাগ্য খুব কম ল'ৰা ছোৱালীৰহে হয়। কিন্তু সেই প্রসঙ্গ লৈ যোৱাৰ আগতে এইখিনিতে এডিছনৰ পিতৃ-মাতৃ আৰু তেওঁৰ ঘৰুৱা জীৱনৰ এটা চমু পৰিচয় দি লোৱাটো ভাল হ'ব। সন্তানৰ মঙ্গল চিন্তা কৰা পিতৃ-মাতৃয়ে সন্তানৰ শিক্ষক আৰু বন্ধু হ'বলৈকো চেষ্টা কৰিব লাগে। পিতৃ-মাতৃ যদি ল'ৰাকালত সন্তানৰ শিক্ষক আৰু বন্ধু হ'ব পাৰে তেন্তে তেওঁলোকতকৈ ভাল শিক্ষক আৰু বন্ধু আন কোনোৱেই হ'ব নোৱাৰে। এডিছনৰ জীৱনে সেই কথাই প্রমাণ
খ্রিষ্ট'ফাৰ কলম্বাছে (১৪৫১-১৫০৬) ১৪৯২ খ্ৰীষ্টাব্দত উত্তৰ আমেৰিকা আৱিষ্কাৰ কৰাৰ পিছত ইউৰোপৰ নানা দেশৰ পৰা তালৈ মানুহৰ সোঁত ববলৈ ধৰিলে। টমাছ আলভা এডিছনৰ পূৰ্বপুৰুষসকল আছিল হলেণ্ডৰ মানুহ। ভাগ্যৰ সন্ধানত ওঠৰ শতিকাৰ আগভাগতে তেওঁলোক আমেৰিকালৈ গৈ তাত বসতি স্থাপন কৰে। কেইবছৰমান তাত থকাৰ পিছত তেওঁলোকে কানাডালৈ গৈ তাত ব্যৱসায়-বাণিজ্য কৰে। এডিছনৰ দেউতাক ছেমুৱেল এডিছনে হোটেলৰ ব্যৱসায় কৰিছিল। তেওঁ এজন বুদ্ধিমান আৰু পৰিশ্ৰমী মানুহ আছিল। হোটেলৰ ব্যৱসায় কৰি তেওঁ প্ৰচুৰ ধন-সম্পত্তিৰ গৰাকী হৈছিল। কানাডাত থকা অৱস্থাতে তেওঁ নাঞ্চি এলিয়ট নামৰ এগৰাকী ওঠৰ বছৰীয়া শিক্ষয়িত্ৰীত বিয়া কৰায়। কিন্তু ছেমুৱেল এডিছনে কানাডাত বেছিদিন সুখেৰে থাকিবলৈ নাপালে। অৱশ্যে তাৰ কাৰণে আন মানুহতকৈ তেওঁৰ নিজৰ কৃতকৰ্মহে বেছি জগৰীয়া আছিল । ৰাজনীতিৰ প্ৰতি তেওঁৰ বিশেষ আগ্রহ আছিল। সেই সময়ত কানাডাৰ শাসন-ব্যৱস্থাত অসন্তুষ্ট হৈ কিছুমান মানুহে এটা
| pdf |
ceb16f8f584fce2821ef3a37816463aa12fda55d | Covid Update অসমত অ'মিক্ৰণ সংক্ৰমণৰ কোনো ঘটনা এতিয়ালৈকে পোহৰলৈ অহা নাই বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে। ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে আছে আৰু দৈনিক সংক্ৰমণো নিয়ন্ত্ৰণাধীন বুলিয়েই ক'ব পাৰি।
বিগত ২৪ ঘন্টাত ৰাজ্যখনত কোভিডত ৪ গৰাকী লোকৰ মৃত্যু ঘটিছে।
শনিবাৰৰ দিনটোত ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত হৈছে ১১৯গৰাকী লোক।
এই সময়ছোৱাত ২৭,৫৮১ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।
কামৰূপ মেট্ৰ'ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৬১ গৰাকী লোক।
Overall Positivity Percentage (119 cases out of 27,581 test done = 0. 43%)
কোভিড পজিটিভিটিৰ হাৰ হৈছে ০. ৪৩ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮. ৬২শতাংশ।
দেশত কৰ'নাৰ নতুন ভেৰিয়েন্ট অ'মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাৰ পাছত স্বাভাৱিকতে মানুহৰ মনত নতুনকৈ আশংকাৰ সৃষ্টি হৈছে।
বিশেষজ্ঞসকলে কোভিড প্ৰতিৰোধৰ বাবে সকলোকে মাস্ক পৰিধানকে ধৰি কোভিড বিধিসমূহ মানি চলাৰ পৰামৰ্শ দিছে। | web |
084158e49768387e857f590cc96e7218c1a7300c | ভিডিঅ'টোত কইনাগৰাকীয়ে এখন ধুনীয়া গুলপীয়া আৰু সোণৰ লেহেঙ্গা পিন্ধি গাড়ী চলাই থকা দেখা গৈছে। কফি কেৱল পানীয় নহয়- ই এক অনুভৱ। বহুতো কফি প্ৰেমীয়ে অনুভৱ কৰে যে নম্ৰ ব্ৰু হৈছে ইন্ধন ভৰাবলৈ সঠিক উপায়, বিশেষকৈ যেতিয়া আপোনাৰ আগত দীঘলীয়া দিন থাকে। আৰু ভাৰতীয় বিবাহ আটাইতকৈ দীঘলীয়া আৰু ৰাতিপুৱাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানৰ শৃংখলা। কইনাই সাধাৰণতে দৰাতকৈ বেছি সময় অপেক্ষা কৰিব লগা হয় আৰু অনুষ্ঠানটো ওচৰ চাপি অহাৰ লগে লগে উদ্বেগ বাঢ়ি যায়। গতিকে আপোনাৰ প্ৰিয় কফিতকৈ আপোনাৰ স্নায়ুবোৰ কটাটো কি ভাল।
বাৰাটৰ বাবে অপেক্ষা এটা দীঘলীয়া। গতিকে এই কইনাই বিয়াৰ বাবে সাজু হোৱাৰ পিছত ষ্টাৰবাকচ দৌৰৰ বাবে যোৱাৰ সিদ্ধান্ত লয়। এগৰাকী ভাৰতীয় কইনাৰ এটা ভিডিঅ' ছচিয়েল মিডিয়া প্লেটফৰ্মত ঘূৰি আছে য'ত তাইক তাইৰ স্নায়ু শান্ত ৰাখিবলৈ তাইৰ প্ৰিয় পানীয়ত চুমুক দিয়া দেখা গৈছে। ভিডিঅ'টোত কইনাগৰাকীয়ে এখন ধুনীয়া গুলপীয়া আৰু সোণৰ লেহেঙ্গা পিন্ধি গাড়ী চলাই থকা দেখা গৈছে। "যেতিয়া কেৱল ষ্টাৰবাকছেহে আপোনাৰ বিবাহৰ উদ্বেগ শান্ত কৰিব পাৰে," ভিডিঅ'টোত লিখা পাঠটোত কোৱা হৈছে। ভিডিঅ'টো এটা ইনষ্টাগ্ৰাম পৃষ্ঠাত পোষ্ট কৰা হৈছিল, 'ৱেডলুক মেগাজিন'। ভিডিঅ'টো অনলাইনত পোষ্ট কৰাৰ লগে লগে, ই উন্মাদ হৈ পৰিছিল আৰু 3. 9 নিযুতৰো অধিক দৰ্শন আৰু 209 হাজাৰ লাইক লাভ কৰিছিল। | web |
Subsets and Splits