doc_id
large_stringlengths 32
64
| text
large_stringlengths 0
560k
| type
large_stringclasses 3
values |
---|---|---|
91b7bd0534d1a530fdd9deb6350bded7 | এসপ্তাহ পুৰ্বে হোজাইৰ ডবকাত মৃত ব্যাক্তিৰ নামত বীমাৰ ধন আত্মসাৎ কৰিব বিচৰা ঘটনাত তিনিজন লোকক গ্ৰেপ্তাৰ কৰাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ নগাঁৱত জীৱিত ব্যক্তিক মৃত সজাই বীমাৰ ধন আত্মসাৎ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ আন এক তথ্য পোহৰলৈ আহিছে।
এনেদৰে জীৱিত ব্যক্তিক মৃত সজাই বীমাৰ ধন আত্মসাৎ কৰাৰ লগত একাংশ গাওঁবুঢ়া, শ্মশান, কবৰস্থানৰ লগত জড়িত ব্যক্তিৰ লগতে একাংশ দুস্কৃতিকাৰী জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত খবৰ অনুসৰি, নগাঁৱতো এনে এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।
এই সংক্ৰান্তত নগাঁও আৰক্ষীয়ে মঙলবাৰে নিশা তিনিজন লোকক পল্টন বজাৰ আৰক্ষী থানাৰ পৰা নিজৰ জিম্মাত লৈছে। এই লোক কেইজনক পল্টন বজাৰ আৰক্ষীয়ে গুৱাহাটীৰ এনে এক গোচৰৰ সংক্ৰান্তত ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰিছিল। নগাঁৱৰ আৰক্ষীয়ে ২১০২/১৮ নম্বৰ গোচৰত বুধবাৰে পল্টন বজাৰ আৰক্ষীৰ পৰা তেওঁলোকক নিজৰ জিম্মাত লৈ গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই তিনিজন লোক হ'ল - লখিমপুৰ ঘিলামৰাৰ ডাঃ কমল চন্দ্ৰ গগৈ, হোজাই জিলাৰ ডবকাৰ বগীৰাম গাঁৱৰ মৌলানা হিলাল আহমেদ আৰু ডবকাৰ ১০ নং ৱাৰ্ডৰ আকলিমা বেগম। উল্লেখ্য, ইয়াৰে ডাঃ গগৈ ডবকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক। ডবকাৰ চামচুল হক চৌধুৰীৰ পত্নী আকলিমা বেগম ডাঃ গগৈ আৰু মৌলানা হিলাল আহমেদ মিলি চামচুল হকক মৃত সজাই আই চি আই চি আই বীমা কোম্পানীৰ পৰা বুজন পৰিমাণৰ ধন সৰকোৱাৰ ফন্দি কৰিছিল।
এই সম্পৰ্কে বীমা কোম্পানীটোৰ নগাঁও শাখাই সদৰ থানাত গোচৰ দাখিল কৰাত আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰি এইদৰে বীমাৰ ধন আত্মসাৎ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। নগাঁও আৰক্ষীয়ে বুধবাৰে তিনিওকে আদালতত হাজিৰ কৰাই অধিক তথ্য সংগ্ৰহৰ বাবে তেওঁলোকক তিনি দিনৰ নিজৰ জিম্মাত লয়।
কাক ভোট দিলে নৰেন্দ্ৰ মোডীৰ পত্নী যশোদাবেনে?
Oxford English Dictionary: ২০২২ চনৰ 'বছৰটোৰ শব্দ' ঘোষণা কৰিছে অক্সফৰ্ড অভিধানে; শব্দটো কি?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
| web |
4411dcff04b3f556f4a13cf1acc549aa28924f26 | গুৱাহাটীৰ জি এন আৰ চিত চিকিৎসাধীন হৈ থকা মাজুলীৰ নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ, বিখ্যাত মুখাশিল্পী শ্ৰীযুত কোষকান্ত দেৱগোস্বামীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটা বুলি পৰিয়ালৰ সূত্ৰৰ পৰা গম পোৱা গৈছে। বৰ্তমান চিকিৎসালয়খনৰ আই চি য়ুত থকা সত্ৰাধিকাৰজনৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিছে সত্ৰখনৰ লগত জড়িত লোকসকলৰ লগতে সমগ্ৰ মাজুলীবাসী।
উল্লেখযোগ্য যে যোৱা ৪ অক্তোবৰত প্ৰেছাৰ ষ্ট্ৰোকত ভোগাৰ পিছত প্ৰায় ৮৮ বছৰীয়া সত্ৰাধিকাৰজনক যোৰহাটত চিকিৎসা কৰোৱা হৈছিল যদিও ৫ অক্তোবৰত গুৱাহাটীলৈ অনা হয়।
মুখাশিল্পী হিচাপে সুখ্যাতি থকা আৰু মুখাশিল্প কৰ্মৰ বাবেই ২০০৩ চনত সংগীত-নাটক অকাডেমিৰ বঁটা লাভ কৰা সত্ৰাধিকাৰজনে সত্ৰাধিকাৰৰ দায়িত্বতেই নিজকে সীমাবদ্ধ নাৰাখি বহুতো বিৰল সৃষ্টিকৰ্ম উপহাৰ দিছিল ৰাজ্যবাসীক। মুখাশিল্পক সত্ৰাধিকাৰজনে অনন্য স্তৰলৈ তুলি নিবলৈ সক্ষম হৈছিল।
সংগীত-নাটক অকাডেমিৰ বঁটাৰ উপৰি সত্ৰাধিকাৰজনে ২০১৩ চনত প্ৰণৱ বৰুৱা শিল্পী বঁটাও লাভ কৰিছিল। | web |
c27656d2cdba2b421213e4158878ad3567723519 | পাকিস্তানত থাকিবলৈ একো নাই তেওঁলোকৰ । সেয়ে দেশত ভেটি-মাটি এৰি অহাৰ বাহিৰে তেওঁলোকৰ অন্য কোনো বিকল্প নাই । বিগত কিছু দিন পূৰ্বে পাকিস্তানৰ প্রায় এশজন হিন্দু কাঁটা তাঁৰ পাৰ হৈ ভাৰতত আহিছে । কিন্তু তেওঁলোকে ভাৰতত স্থায়ীভাৱে থাকিব পাৰিব নে ?
প্ৰাপ্ত তথ্য অনুসৰি, ইয়াৰ পূৰ্বে ৰাজস্থানত আহিছিল প্রায় আঠশজন পাকিস্তানি হিন্দু । পাকিস্তানত নিৰ্যাতনৰ বলি হৈছিল বুলি অভিযোগ কৰিছিল তেওঁলোকে । সেয়ে ভাৰতত আহি স্থায়ীভাৱে থাকিব বিচাৰিছিল ।
কিন্তু অৱশেষত ভাৰতীয় নাগৰিকত্ব নোপোৱাত বিগত বছৰত তেওঁলোকে বাধ্য হৈ পাকিস্তানলৈ উভতি যাবলগীয়া হয় । ফলত নতুনকৈ যিসকল পাকিস্তানি হিন্দুৱে ভাৰতত আহি স্থায়ীভাৱে থকাৰ সপোন দেখিছে, তেওঁলোকৰ ভৱিষ্যৎ কি হ'ব, তাক লৈ প্রশ্ন উঠিছে ।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ১২ অক্টোবৰত নতুনকৈ পাকিস্তানি হিন্দুৰ এটা দল ভাৰতত আহে । পাছত আৰু এটা দল আহে যোৱা ১৪ অক্টোবৰত । অভিযোগ, তেওঁলোক নিৰ্যাতনৰ বলি হৈছে । সেয়ে তেওঁলোকে পাকিস্তানত থাকিব নিবিচাৰে । ভাৰততেই স্থায়ীভাৱে বসবাস কৰিব বিচাৰে তেওঁলোকে । সেয়ে পাকিস্তানৰ সিন্ধু প্রদেশৰ পৰা প্রায় এশজন হিন্দু ভাৰতত এহিছে । চলিত সপ্তাহত তেওঁলোক ৰাজস্থানৰ জোধপুৰত উপস্থিত হৈছে ।
সম্প্রতি পাকিস্তানত বান পৰিস্থিতিৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিত পাকিস্তান চৰকাৰে সাহায্য প্ৰদান কৰিছে । কিন্তু সাহায্য আবণ্টনত তেওঁলোকক বৈষম্য কৰা হৈছে বুলি অভিযোগ কৰিছে সিন্ধু প্রদেশৰ হিন্দুসকলে ।
সীমান্ত পাৰ হৈ ভাৰতত অহা এশজন ভিল সম্প্রদায়ৰ । পাকিস্তানৰ সিন্ধু প্রদেশৰ তান্দো আল্লাহৱাৰ জিলাত বাস কৰে তেওঁলোক ।
আটাৰি-ৱাঘা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছে ভিল সম্প্রদায়ৰ প্রায় এশজন বাসিন্দাই । সীমান্ত পাৰ হৈ ভাৰতত অহাৰ কথা সংবাদ সংস্থাক জনাইছে চতুৰাৰম ভিল নামে এজন ব্যক্তিয়ে । পত্নী আৰু আঠ সন্তানক লৈ তেৱোঁ ভাৰতত আহিছে ।
চতুৰাৰামে জনাইছে, তেওঁলোকে প্রথমে হৰিদ্বাৰত গৈছিল । তাৰ পৰা তেওঁলোকে জোধপুৰত যায় । তেওঁলোকৰ ভিতৰত অনেকেই স্থায়ীভাৱে থাকিব বিচাৰিছে যোধপুৰত । অৱশ্যে চতুৰাৰম ৰাজস্থানৰ জয়ছলমীৰত গৈছে ।
জনাইছে, সেই দেশত উভতি যোৱাৰ ইচ্ছা নাই তেওঁলোকৰ । তেওঁলোক ভাৰততেই থাকিব বিচাৰে বুলি ইচ্ছাপ্রকাশ কৰিছে বিষ্ণুৱে । কিন্তু তেওঁলোকৰ ইচ্ছাপূৰণ হ'ব নে ? সাম্প্রতিক ঘটনাপ্রবাহে কিন্তু তেনে ইংগিত দিয়া নাই ।
প্ৰাপ্ত তথ্য অনুসৰি, সম্প্রতি ৰাজস্থানত অহা প্রায় আঠশজন পাকিস্তানি হিন্দুৱে কিন্তু উভতি যাবলগীয়া হৈছে । ফলত এই এশজনৰ কি হ'ব, তাক লৈ প্রশ্ন উত্থাপন হৈছে । | web |
47e8aef6336cbc0e1470d6bae1dc72ad691a4ab6fd90f483856e278a3ffd4ab3 | গুলুয্, স. শ. (অং গুলগুলা, তাপ বোধ কৰ্ ) নতুন বতাহৰ অভাৱত হোৱ। তাপ বোধ বা গম্বুগপনি, a burning sensa tion caused by want of fresh air. গুলুম বাক্, গুলুম মাৰ্ বা গুলুম মাৰি ধৰ্, গপগপনি লগা, ( ওলাব নোৱাৰি গোট খোৱা ধোঁৱাত খাটে ) ; যেনে, বান্ধনিঘৰত ধোঁৱাই গুলুম বান্ধিছে বা মাৰিছে বা গুলুম মাৰি ধৰিছে, to produce a burning sensation like that caused by pent up smoke.
গুলৈ, স. শ. পচা বস্তু থকা, জেকা ঠাইৰ পৰা ওলোৱা আৰু আন্ধাৰত জিলিক। এবিধ বাষ্প ; এই দেশৰ মানুহে ভাবে যে পুতি থোৱা ধনৰ গৰাকী ভূতৰ গাৰ পৰা সেই পোহৰ ওলায়, এতেকে তাক ধন-গুলৈ বোলে, ignis fatuus, will-o-the-wisp, Jack o'lantern.
গুলৈয়া-নাও, স. শ. বৰ ডাঙ্গৰ হোলোংte, a large dug-out. গুল্গুলনি, স. শ. ( অং. গুল্গুলা, তাপ বোধ কৰ্) তাপ-বোধ, গা-পোৰণি, গগপণি, a burning sensation.
গুলগুলা, অ. ধা. তাপ বোধ কৰ্, গপ্গপা ; যেনে, গাই গুগুলাইছে, to have a burning sensation.
গুল্গুলীয়া, বি. (সং গর্, দ্ৰৱ হ) বৰকৈ পকা, পকি ভিতৰে দ্ৰৱ হোৱা ; যেনে, অমৃতাটে। পকি গুল্ল্গুলীয়া হৈছে, overripe.
গুৱা, স. শ. ( সং... গুৱাক, তামোল ) তামোলগছৰ ফল, খাবৰ নিমিত্তে পাণ-চূণ-আদিৰে যুগুত কৰা তামোল, all areca-nut or betel-nut, betel-nut prepared for use. গুরা-কটা, স. শ. (অং. গুৱা, তামোল + কটা, কাটোতা) কোনো সত্ৰৰ মহন্তৰ নিমিত্তে তামোল-যুগুত-কৰোতা, মহন্তৰ তামূলী, one who prepares betel-nuts for the use of a gossain.
গুৱা-মৰি, স. শ. (অ. গুৱা, তামোল + স.. মধুৰিকা ; বং, মৌৰী, এবিধ গুটি) তামোগূঢ়ার্থক ।
লৰ লগত খোৱা এবিধ, অলপ সোৱাদ, সুগন্ধি গুটি ; তাৰ গছ, a kind of plant, the anise, anise seed. গুৱাল্, স. শ. (সং গোপাল, গৰখীয়। ) গাখীৰৰ ব্যৱসায়-কৰোঁতা,গাখীৰ-বেচোতা; মহ-ৰখীয়া, a milkman, a buff-keeper. (স্ত্রী) গুৱালনী, গুৱালিনী বা গুৱালী । সং, গোপাল, শব্দৰ পৰা গুৱাল শব্দ ওলাইছে; কিন্তু অসমীয়াত মহ-ৰখীয়া আৰু গাখীৰ-বেচেঁাঁতাক মাথোন গুরাল বোলা যায়, গৰু-ৰখীয়া গুরাল নহয়। গুৱাহ্-গালি. স. শ. কাৰে। নাম নধৰাকৈ অপকাৰীক পৰা গালি, (মহ-গুৱালবিলাকে খং উঠিলে মহক গালি পবাৰ ছলেৰে তাৰ গৰাকীক গালি পাৰে, তাৰে পৰা এই শব্দ ওলাইছে) ; abusive language used against a person, who has given offence, without mentioning his
গুহা, স. শ. (সং. গুহ্, লুকা, ঢাক খাই থাকে এত্তেকে) পৰ্ব্বতৰ গহ্বৰ্, a cave, a
গুহ্য, বি. (সং. গুহা, গোপনীয় - গুহ্, ঢাকি থ গোপনীয়, গুপ্ত, লুকাই থোৱা, concealable, concealed, private.
গুহা-দ্বাৰ্, স. শ. (সং, গুহ্যদ্বাৰ, মলৰ দ্বাৰগুহ্য, গুপ্ত + দ্বাৰ, বাট) শৰীৰৰ মলৰ বাট, বহিষ্কাৰ, the alims.
গূ, স. শ. (সং. গূপ, বং. গূ, বিষ্ঠা) বিষ্ঠা, বহিদ্বাৰে দি শৰীৰৰ পৰা ওলোৱা মল, ordure, dung.
গূঢ়, (স'- গূঢ়, গুপ্ত ---গুহ্, লুকা) গুপ্ত, লুকাই থোৱা, concealed, hidden.
গূঢ়ার্থ, স. শ. (সং. গূঢ়ার্থ, গুপ্ত অর্থ--গূঢ়, গুপ্ত + অর্থ, শব্দে যাক বুজায় ) গুপ্ত অর্থ, সকলোৱে বুজিব নোৱৰ। অর্থ, secret meaning.
গূঢ়ার্থক, বি. (সং. গূঢ়ার্থক, গুপ্ত অর্থ যুক্ত - গূঢ়, গুপ্ত+ অর্থ, শব্দে যাক বুজায় ) সকলোৱে বুজিব নোৱৰা, গুপ্ত অর্থযুক্ত; যেনে, গূঢ়ার্থক শব্দ, of a secret meaning.
গৃঞ্জ, স. শ. (সং, গৃঞ্জ, শগুন - গৃধ, লোভ কৰ্, সি বৰ লুভীয়া, এতেকে) শগুন, এবিধ শ-খোৱা চৰাই, a vulture. গৃহ্, স. শ. (সং. গৃহ, ঘৰ - গৃহ্, গ্ৰহণ কৰ্ ) ঘৰ, মানুহ থকা ওপৰে আৰু চাৰিও ফালে আবৃত ঠাই, a house, a dwelling. গৃহকাৰ্য, স. শ. (সং. গৃহকাৰ্য্য, ঘৰোৱাহী কাম - গৃহ, ঘব+কাৰ্য্য, কাম) গৃহস্থালিকাম, ঘৰৰ কাম, household duties. গৃহপতি, স. শ. (সং গৃহপতি, ঘৰৰ গৰাকীগৃহ, ঘৰ+ পতি, গৰাকী) গৃহস্থ, গৃহস্বামী, ঘৰৰ গৰাকী, the master of a house and family.
গৃহবাস্, স. শ. (সঃ- গৃহৱাস, ঘৰত নিবাসগৃহ, ঘৰ+ ৱাস, নিবাস - ৱস্, থাক্ ) ঘৰবাস, domesticity, household life. গৃহত্ত-জন্, স. শ. (সং. গৃহস্থ, স্বামী+ জন, লোক ) স্বামী বা অধিকাৰ জন।, মহাপুৰুষীয়। ধৰ্ম্ম-প্রবর্তক শঙ্কৰ, গুৰুজন), (মহাপুৰুষীয়া মাত), Sankar, the founder of the Mahapurusia sect. গৃহস্ত-বস্তু, স. শ. (সং. গৃহস্থ, স্বামী + বস্তু, দ্রব্য) স্বামী যেন বস্তু, অর্থাৎ ঘাই বস্তু, পৰম পদার্থ, শঙ্কৰ, ওপৰৰ শব্দটো চোৱা ; Sankar.
গৃহস্থ, স. শ. (সং. গৃহস্থ, গৃহস্বামী - গৃহ, ঘৰ + স্থা, থাক্ ) ঘৰৰ গৰাকী, গৃহাশ্রমী লোক, the master of a house and family, a householder. (স্ত্রী) গৃহস্থানী। গৃহস্থালি, গু. শ. ঘৰ আৰু পৰিয়াল লৈ থকা
অৱস্থা, গৃহাশ্ৰম ; যেনে, গৃহস্থালিত সুখ, দুখ, হুয়ো আছে, the family state in a dwelling, family life. গৃহস্থী, স. শ. গৃহাশ্রম, গৃহস্থালি, গৃহাশ্রলোক; যেনে, গৃহস্থীৰ চিন্তা অধিক, the state of living in a house and family, a householder. বি. ঘৰ আৰু পৰিয়াল লৈ থকা ; যেনে, গৃহস্থী মানুহ, living in a house and family.
গৃহস্বামী, স. শ. (সং গৃহস্বামিন্, গৃহপতি
গেঁঠেল। লাগ বা গেঁঠেলা মাৰ্
গৃহ, ঘৰ + স্বামিন্, অধিকাৰ ) ঘৰৰ গৰাকী, the master of a house and family. গৃহাশ্রম্. স. শ. (সঃ গৃহাশ্রম, গৃহস্থালি গৃহ, ঘৰ+ আশ্ৰম, থকা ঠাই) গৃহবাস, গৃহস্থালি, the family state in a dwelling, family life.
গৃহাশ্রমী, স. শ. (সঃ গৃহাশ্রমিন্, গৃহাশ্ৰমত থকা লোক - গৃহ, ঘৰ + আশ্ৰমিন্, আশ্ৰমত থকা) গৃহস্থালিত থকা মানুহ ঘৰ আৰু পৰিয়াল লৈ থকা লোক, a householder, not an ascetic. বি. ঘৰ আৰু পৰিয়াল লৈ থকা ; যেনে, গৃহাশমী মানুহে সংসাৰৰ সুখ-দুখ ভুঞ্জে, living ina house and family.
গৃহিণী, স. শ. (সং গৃহিণী, ঘৰৰ ঘৈণী--- গৃহিন্, গৃহস্থ ) গৃহস্থৰ ভাৰ্য্যা, ঘৰৰ গৰাকীনী ; ঘৈণী, the mistress of a house and family, a wife.
গৃহী, স. শ. (সঃ- গৃহিন্, গৃহস্থ - গৃহ, ঘৰ + ইন, যুক্ত) গৃহাশ্রমী, সন্ন্যাসী নোহোরা পুৰুষ, a householder. বি. ঘৰ আৰু পৰিয়াল লৈ থকা, living in a house and family.
গৃহীত, ক্বদ. বি. (স' গৃহীত, লোৱা - গ্ৰহ্, ল) গ্ৰহণ কৰা, লোৱা, taken. (খ্রী) গৃহীতা।
গৃহীতা, স. শ. (সং. গৃহীতূ, লওঁত। - গ্ৰহ্, ল) গ্ৰহণ কৰোঁতা, লওঁতা, a receiver. গেঁজা, স. শ. (অং. "গোঁজা" চোৱা) হেঁচা, ঠেলা ; কোনো কথালৈ মন দিয়াবৰ নিমিত্তে অলপকৈ মৰা ঠেলা, a push, a
lunge, a nudge, a jog.
গেঁজা মাৰ্, কোনো কথালৈ মন দিয়াবৰ নিমিত্তে কিলাকুটি বা আঙ্গুলিৰে ঠেলা দি, to jog or uudge.
গেঁঠেলা, বি. (অ. গাঁঠি, টান বস্তু ) পকিবলৈ ধৰি নপকি টান হৈ থকা, ( খহুবা গছৰ গুটিত খাটে ) ; যেনে, কলাবোৰ বা খছটো গেঁঠেল। হৈছে, hardened instead of being ripe and soft. গেঁঠেলা নাগ বা গেঁঠেল। মাৰ্, নপকি টান
| pdf |
92c046782465979d832d0c5de3a5fe4a28a2e214 | এইবাৰ সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্তৰ কেভট বস্তিৰ পৰা ধনশিৰি মহকুমাৰ মাজেৰে নগাঁওলৈ এই বাৰ্মিজ চুপাৰি সৰবৰাহ কৰিবলৈ লওঁতেই সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত আৰক্ষীৰ দলে ৰে'লগেটৰ সমীপত AS11DC9525 নম্বৰৰ গাড়ীখন জব্দ কৰে।
গাড়ীখন পৰীক্ষা কৰাত ১২ বেগ ধানৰ তলত ২০ বেগ চুপাৰি বস্তা কঢিয়াই আনিছিল। কোনো নথি পত্ৰ নথকা চুপাৰিখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে সৰুপথাৰ আৰক্ষীয়ে চাহিদ আলী নামৰ এজনক আটক কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে অসম-নাগালেণ্ড সীমান্তত মজুত হৈ থকা অবৈধ বাৰ্মিজ চুপাৰিসমূহ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ কৰিব নোৱাৰি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা ধনশিৰি মহকুমাৰ মাজেৰে অবৈধ বাৰ্মিজ চুপাৰিসমূহ কোনো দুষ্টচক্ৰই পাৰ কৰাবৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে, ফলত আজি তেনে এখন অবৈধ বাৰ্মিজ চুপাৰি গাড়ী সৰুপথাৰ আৰক্ষীৰ হাতত ধৰা পৰে। ইয়াৰ পূৰ্বেও সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত প্ৰায় ৬০০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰাৰ লগতে ১০জন অবৈধ বাৰ্মিজ চুপাৰি ব্যৱসায়ত জড়িতক গ্ৰেপ্তাৰ কৰি জে'ল-হাজোতলৈ প্ৰেৰণ কৰে।
তাৎপর্যপূর্ণ কথা এই যে এক গোপন সূত্ৰই প্ৰকাশ কৰা অনুসৰি নাগালেণ্ডৰ পৰা সৰু সৰু ট্ৰাকেৰে বিভিন্ন কৌশলেৰে বাৰ্মিজ চুপাৰিসমূহ সৰবৰাহ কৰি মজুত কৰে নগাঁৱৰ ধিঙত। আৰু ধিঙৰ পৰা অসমৰ চুপাৰিৰ লগত বাৰ্মিজ চুপাৰি মিশ্ৰণ কৰি প্ৰেৰণ কৰে বহিঃৰাজ্যলৈ। নগাওঁ ধিঙৰ এক শক্তিশালী চক্ৰই নতুন কৌশলেৰে বাৰ্মিজ চুপাৰি বহিঃৰাজ্যলৈ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীয়ে উচিত তদন্ত কৰিলে বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ আঁৰৰ ৰৌ-বৰালি জালত পৰা সম্ভাৱনা আছে।
- First Published : | web |
c5308661ea3ed87214762e05e56bb06d825ac836 | কেন্দ্ৰীয় চৰকাৰে ৬. ৫ কোটি লোকক এক বিশাল উপহাৰ প্ৰদান কৰিছে। দৰাচলতে, কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাই (EPFO) ভৱিষ্যত নিধি গ্ৰাহকৰ (PF Subscribers) একাউণ্টলৈ সুতৰ ধন (PF Interest) স্থানান্তৰ কৰিছে। আপুনি এতিয়ালৈকে টকা পাইছে নে নাই চাবলৈ আপোনাৰ পিএফ একাউণ্ট পৰীক্ষা কৰক। আপুনি ঘৰত বহি থাকোঁতে আপোনাৰ পিএফ একাউণ্টৰ বেলেন্স (Know how to check PF Balance) পৰীক্ষা কৰিব পাৰে।
মোডী চৰকাৰে (Modi Government) ইতিমধ্যে ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে পিএফৰ ওপৰত ৮. ৫ শতাংশ সূত (PF Interest Rate) স্থানান্তৰ কৰাৰ প্ৰস্তাৱক সেউজ সংকেত দিছে। শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়েও এই সিদ্ধান্তত সন্মত হৈছে। ইপিএফঅ'য়ে এতিয়া গ্ৰাহকৰ একাউণ্টত ৮. ৫ শতাংশ সুত জমা কৰি আছে। এই ক্ষেত্ৰত, যদি আপুনিও নিযুক্তি প্ৰাপ্ত কৰে আৰু আপোনাৰ ভৱিষ্যত নিধি কৰ্তন কৰা হয়, আপুনি আপোনাৰ পিএফ বেলেন্স সহজ উপায়েৰে পৰীক্ষা কৰিব পাৰে।
যদি আপোনাৰ ইউনিভাৰ্চেল একাউন্ট নম্বৰ (UAN) EPFOৰ সৈতে পঞ্জীয়ন কৰা আছে, তেন্তে আপোনাৰ শেহতীয়া অৱদান আৰু PF বেলেন্সৰ বিষয়ে এটা SMSৰ জৰিয়তে পোৱা যাব। ইয়াৰ বাবে আপুনি 7738299899 লৈ EPFOHO UAN লিখি পঠিয়াব লাগিব। যদি আপোনাক হিন্দীত তথ্যৰ প্ৰয়োজন হয়, আপুনি EPFOHO UAN HIN লিখি প্ৰেৰণ কৰিব পাৰে। এই সেৱা ইংৰাজী, পাঞ্জাৱী, মাৰাঠী, হিন্দী, কানাড়া, তেলেগু, তামিল, মালায়ালম আৰু বঙালী ভাষাত উপলব্ধ। EPFOয়ে নিজৰ ওচৰত থকা সদস্যসকলৰ তথ্য আপোনালৈ প্ৰেৰণ কৰে।
২. ইপিএফঅ' (EPFO)ৰ ৱেবছাইট : EPFOৰ ৱেবচাইট epfindia. gov. inত গৈ ই-পাছবুকত ক্লিক কৰক। ই-পাছবুকত ক্লিক কৰিলে passbook. epfindia. gov. in এটা নতুন পেজ দেখিব । ইয়াত আপুনি ব্যৱহাৰকাৰী নাম (UAN নম্বৰ), পাছৱৰ্ড আৰু কেপচা পূৰণ কৰিব লাগিব। সকলো বিৱৰণ পূৰণ কৰাৰ পিছত, আপুনি এটা নতুন পৃষ্ঠালৈ আহিব আৰু ইয়াত সদস্য আইডি বাছনি কৰিব। ইয়াত আপুনি ই-পাছবুকত আপোনাৰ EPF বেলেন্স দেখা পাব।
৩. ইপিএফঅ'(EPFO) এপৰ জৰিয়তেঃ আপোনাৰ উমাং এপ খোলক (Unified Mobile Application for New age Governance) আৰু EPFOত ক্লিক কৰক। আপুনি কৰ্মচাৰী কেন্দ্ৰিক সেৱা (employee centric services)ৰ আন এটা পৃষ্ঠাত ক্লিক কৰিব লাগিব। ইয়াত View Passbook ত ক্লিক কৰক আৰু আপোনাৰ UAN নম্বৰ আৰু পাছৱৰ্ড (OTP) নম্বৰ প্ৰবিষ্ট কৰক। আপোনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰত OTP আপোনাৰ ওচৰলৈ আহিব। আপুনি তাৰ পিছত আপোনাৰ PF বেলেন্স পৰীক্ষা কৰিব পাৰে।
৪. মিছড কলৰ জৰিয়তেঃ যদি আপুনি ইউএএন (UAN) পৰ্টেলত পঞ্জীয়ন হৈ আছে তেন্তে আপুনি 011 22901406 নম্বৰত আপোনাৰ পঞ্জীভুক্ত ম'বাইল নম্বৰৰ পৰা এটা মিছকল দিব পাৰে । ইয়াৰ পিছত EPFOৰ পৰা এটা বাৰ্তা আহিব, য'ত আপুনি আপোনাৰ PF একাউণ্টৰ বিৱৰণ লাভ কৰিব । ইয়াতো, অৱশ্যে, বেংক একাউণ্ট, পেন আৰু আধাৰ, ইউএএন (UAN)ৰ সৈতে লিংক হোৱাটো গুৰুত্বপূৰ্ণ।
- First Published : | web |
0220471e1035d39f492473dc3f0faf925008a72b | ভাৰতবর্ষৰ প্ৰাক্তন ৰাষ্ট্রপতি, ভাৰতৰত্ন প্ৰণৱ মুখার্জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে । এক শোক বাৰ্তাত গগৈয়ে কয় যে, প্ৰণৱ মুখার্জীৰ মৃত্যুত মই অত্যন্ত মৰ্মাহত হৈছো । মুখাৰ্জীৰ মৃত্যুত দেশবাসীয়ে হেৰুৱালে এজন প্ৰকৃত দেশপ্ৰেমিক, দেশ নিৰ্মাতা, সমাজ সংস্কাৰক আৰু বিশিষ্ট ৰাজনীতিবিদক । মই ব্যক্তিগত ভাবে হেৰুৱালো এজন অভিন্ন হৃদয়ৰ বন্ধুক। ৰাজনৈতিক জীৱনৰ দীৰ্ঘসময় আমি দুয়ো ৰাজনীতিৰ পথাৰখনত সহকৰ্মী আছিলো।
দেশৰ জৰুৰীকালীন অৱস্থাৰ পাছত ক্ষমতা হেৰুৱাবলগীয়া হোৱা প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক পুনৰ ক্ষমতালৈ ঘূৰাই অনাৰ ক্ষেত্রত প্ৰণৱ মুখাৰ্জীয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল । কংগ্রেছ দলৰ লগতে দেশৰ বাবেও তেখেতৰ মৃত্যু এক বৃহৎ ক্ষতি আৰু অপূৰণীয়। দেশৰ প্ৰতি তেখেতে আগবঢ়োৱা অনবদ্য অৱদানৰ কথা দেশবাসীয়ে সদায়েই শ্ৰদ্ধাৰে সুঁৱৰিব। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু শোক সন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। | web |
85481bdaca743ebe5cf09cc9fcce25ee4b5b66e9 | নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে দিল্লীত সম্পূৰ্ণ উলংগ প্ৰতিবাদৰ পিছত মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত মুণ্ডনেৰে প্ৰতিবাদ। ৰাজ্যজুৰি প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে শুকুৰবাৰে মাজুলীৰ জিলা সদৰ গড়মূৰত স্থানীয় যুৱকে সমূহীয়া মুণ্ডনেৰে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ নিচেই কাষতে সকলোৱে চুলি খুৰাই প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় যুৱকৰ প্ৰতিবাদত প্ৰাক্তন আলফা সদস্যই সহযোগিতা আগবঢ়ায়।
ক্ৰমে মৃদুল শইকীয়া, পিংকু ভূঞা, অনন্ত ভূঞা, নিতুল ভূঞা, তোনিৰাম পায়েং, কৃষ্ণ মাধৱ শইকীয়া, প্ৰবিত্র বৰদলৈ, নিৰঞ্জন দাস আৰু যতীন ফুকনকে ধৰি ৯জনকৈ লোকে এই প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়ক বাতিলৰ দাবী জনায়। ইফালে মাজুলীৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰতিবাদৰ জুই। মহাবিদ্যালয়সমুহত ছাত্ৰ একতা সভাই অনিৰ্দিষ্টকাললৈ শ্ৰেণী বৰ্জন কৰাৰ লগতে মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সত্ৰাধিকাৰেও আন্দোলন ঘোষণা কৰিছে। | web |
700cfb83eb88df871c1a11860967ae5487826e59 | হোজাইঃ হোজাই জিলা পৰিবহন বিষয়াই আজি জিলাখনৰ সদৰ শংকৰদেৱ নগৰস্থিত পৰিবহন কাৰ্যালয়ত এক সংবাদ মেল আয়োজন কৰি জিলাখনৰ বাণিজ্যিক বাহনৰ লগতে ব্যক্তিগত বাহন সমূহৰ অনাদায় হৈ থকা কৰসমূহ আদায় দিবলৈ আহ্বান জনায়।
অনাগত ১০দিনৰ ভিতৰত কৰসমূহ দিবলৈ আহ্বান জনাই জিলাখনৰ পৰিবহণ বিষয়া তামচিন আফটাবে জিলাখনত প্ৰযোজ্য কৰা "স্পীড লিমিট" মানি চলিবলৈ অনুৰোধ কৰে। ইতিমধ্যে ইয়াৰ বাবে জিলাখনত পৰিবহণ বিভাগ আৰু গড়কাপ্তানী বিভাগে সজাগতা সৃষ্টিৰ লক্ষ্যৰে পথ সমূহত সৰ্তকতা ৰক্ষাৰ্থে চাইন বৰ্ডৰ ব্যৱস্থা কৰিছে।
ইপিনে, জিলাখনত অতিৰিক্ত বোজাই কঢ়িওৱা গাড়ীৰ বিৰুদ্ধে অভিযান চলি আছে আৰু অব্যাহত থাকিব বুলি মন্তব্য কৰি বিষয়াগৰাকীয়ে কাষৰীয়া নগাঁও-কাৰ্বি আংলং জিলাত পঞ্জীকৃত বাহনসমূহক সংশ্লিষ্ট জিলাৰ পৰিবহণ কাৰ্যালয়ত কৰসমূহ আদায় দিয়াৰ আহ্বান জনায়। অন্যথা জিলাখনত থকা এনে বাহনসমূহৰ ক্ষেত্ৰত যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্তব্য কৰে পৰিবহণ বিষয়াগৰাকীয়ে। | web |
de1bac6770bd7fc09d4c97c4f8e415979fd05c4c | বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বুধ বাৰে হাউলীৰ বেনিবাৰীত নবনিৰ্মিত বড়োলেণ্ড অতিথিশালা উদ্ধোধন কৰে। নতুনকৈ নিৰ্মান কৰা তিনিমহলীয়া অতিথিশালাটো ১. ৫ কৌটি টকা ব্যয়েৰে নিৰ্মান কৰা হৈছে। নৱ নিৰ্মিত অতিথিশালাটো উদ্ধোধন কৰি দিয়া ভাষণত হাগ্ৰামা মহিলাৰীয়ে কয় যে তেওঁৰ পৰিষদে বিটিচিৰ সৰ্বাংগিন উন্নতিৰ কাৰণে সদায় কাম কৰি আহিছে।
মহিলাৰীয়ে আকৌ কয় বিটিচি পৰিষদৰ অতিথিশালা নতুন দিল্লী, কলিকতা, গুৱাহাটী, কোকৰাঝাৰ, চিলিগুৰিত ইতিমধ্যে আছে আৰু চেন্নাইত অতি সোনকালে আন এটা অতিথিশালা উদ্ধোধন কৰা হব। মহিলাৰীয়ে তেওঁৰ পৰিষদে কাৰ্বি আংলঙৰ ডিফু, নাগালেণ্ডৰ ডিমাপুৰ, শ্বিলং, নলবাৰী আৰু নগাঁওতো বড়োলেণ্ড অতিথিশালা নিৰ্মান কৰিব বুলি কয় আৰু ইয়াৰ বাবে ইতিমধ্যে যাবতীয় ভূমি লোৱা হৈছে বুলিও মন্তব্য কৰে। বাংগালোৰতো বড়োলেণ্ড অতিথিশালাৰ নিৰ্মানৰ কাম দ্ৰুত গতিত চলি আছে বুলি বিটিচি প্ৰধান গৰাকীয়ে উল্লেখ কৰে।
হাউলীৰ বড়োলেণ্ড অতিথিশালাৰ প্ৰসংগ উল্লেখ কৰি মহিলাৰীয়ে এই অতিথিশালাটোৱে স্থানীয় জনসাধাৰণক উপকৃত কৰিব আৰু মানাস ৰাষ্ট্ৰীয় উদ্যান চাবলৈ অহা পৰ্যটককো উপকৃত কৰিব বুলি মতামত আগবঢ়াই। অনুষ্ঠানটোত বিটিচি পৰিষদৰ আন আন বিষয়ববীয়া অংশুমি খংগুৰ বড়ো, ৰাজীৱ ব্ৰহ্ম, মৃত্যুঞ্জয় নাৰ্জাৰী, দেৱেন ব্ৰহ্ম উপস্থিত থাকে। বিধায়ক থানেশ্বৰ বসুমটাৰী আৰু মনেশ্বৰ ব্ৰহ্মও উদ্ধোধনী অনুস্থানত উপস্থিত থাকে। | web |
789c2f62d0d60cecc379432ae824fd3c13c41837 | আৰু ১৮গৰাকী ক'ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বৃহস্পতিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৪১৪লৈ বৃদ্ধি পাইছে।
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।
অসমত বুধবাৰলৈকে ৩৯৬গৰাকী ক'ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।
বিপৰীতে ১,০৩,৫০৪গৰাকী ব্যক্তিয়ে বুধবাৰলৈকে অসমত ক'ভিডৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে।
অসমত বুধবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৯,১৬৩ (। )
My condolences to all bereaved families and friends.
মুঠ ১,৩৩,০৬৬গৰাকী ব্যক্তি অসমত বুধবাৰলৈকে ক'ভিড পজিটিভ চিনাক্ত হৈছে।
ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে। | web |
bd4649460e9b54131069f8fa26d7fe7548c8d71e | ২০২০ ত হ'ব বিটিচি পৰিষদীয় নিৰ্বাচন । বিটিচি গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে হাগ্ৰামা মহিলাৰীৰ দল বিপিএফ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখিন হ'ব । ২০১৫ বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ প্ৰত্যাহ্বান আছিল ইউপিপিএল । ২০১৪ লোকসভা নিৰ্বাচনত ৰেকৰ্ড ভোটৰ ব্যৱধানত জয়ী হোৱা স্বত্তেও নব কুমাৰ শৰণীয়াই বিপিএফক শলঠেকত পেলাব পৰা নাছিল কাৰণ লোকসভা নিৰ্বাচনত হীৰা শৰনীয়াৰ লগত ঐক্যবদ্ধ সংগ্ৰাম কৰা দল - সংগঠনবোৰৰ মাজত বিভাজন আহিছিল । সেইবাৰ বিপিএফৰ জয়ত মুখ্য ভুমিকা লৈছিল অজনজাতি ভোট বেংকটোৱে ।
বিপিএফ আৰু ইউপিপিএলৰ মাজত কথাবৰ্তা আৰম্ভ হৈছে । যদি মিত্ৰতা হয় তেন্তে প্ৰথম বাৰৰ বাবে বিপিএফ ত সংগঠিত বিসম্বাদ আৰম্ভ হ'ব বুলি চৰ্চিত হৈছে । কিন্তু বড়ো ৰাজনৈতিক দল দুটাৰ মিত্ৰতাই নব কুমাৰ শৰণীয়াক হে সহায় কৰিব পাৰে , কাৰণ এই মিত্ৰতাই ভোটৰ মেৰুকৰণ বৃদ্ধি কৰিব । ২০১৯ ৰ ফলাফলে হীৰা শৰণীয়াকো শংকিত নকৰা নহয় । জয়ী হৈছে যদিও ভোটৰ ব্যৱধান এক চতুৰ্থাংশলৈ কমি আহিল । কংগ্ৰেছৰ ভোট শ্বেয়াৰ ভালেখিনি বৃদ্ধি পালে । ধৰ্মীয় সংখ্যালঘুৰ ভোট সকলো দলেই লাভ কৰিছে । বাকী থাকিল ৰাজবংশী ভোট , বঙালী ভোট , অসমীয়া ভাষী ভোট __ এই ভোটখিনি কোনো দলৰে ভোট বেংক নহয় ।
গোটেই ফলাফল নিৰ্ভৰ কৰিব কংগ্ৰেছ আৰু বিজেপি দলৰ ওপৰত । বিপিএফ , বিজেপি আৰু অগপই মিত্ৰজোঁটত থাকিব আনহাতে গণ সুৰক্ষা পাৰ্টীয়ে যদি কংগ্ৰেছৰ লগত বুজাপৰা কৰে তেন্তে অহাবাৰৰ বিটিচি নিৰ্বাচনৰ ফলাফল বেছ আকৰ্ষণীয় হৈ উঠিব । বিটিচি গঠনৰ ৰিমোট কন্ট্ৰ'ল হীৰা শৰণীয়াৰ লগত থাকিব নে উৰ্খা গৌৰাৰ লগত থাকিব এই সকলো কথা সময়ত পৰিষ্কাৰ হ'ব । | web |
3df140bff105620e56ce207059d7d18d1b490753 | নিজ পুত্ৰৰ ঘোচাত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ। মানুহ বিহুৰ দিনাই চাপৰৰ ৰঙামাটিৰ ছাছলাপাৰা দ্বিতীয় খণ্ড গাৱত এই ভয়ংকৰ ঘটনা। পাৰিবাৰিক কন্দলৰ পৰিণতিত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা। নিহত পিতৃ গৰাকীৰ নাম কুদৰোদ উল্লাহ সেখ বুলি জানিব পৰা গৈছে। হত্যাকাৰী পুত্ৰ গৰাকীৰ নাম হানিবুল সেখ বুলি জানিব পৰা গৈছে।
ঘটনাক কেন্দ্ৰ কৰি চাপৰৰ ৰঙামাটিৰ ছাছলাপাৰা দ্বিতীয় খণ্ডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু হত্যাকাৰী হানিবুল সেখৰ লগতে হানিফ সেখ আৰু এগৰাকী মহিলাক কৰায়ত্ত কৰি চাপৰ থানালৈ লৈ যায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published : | web |
7fcced2e46ffc4b601871a6df76b9f789f07d949 | নিউজ ডেস্ক। নগাঁৱত হঠাৎ খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। খঙৰ ভমকত জিলা উপায়ুক্তক ওচৰলৈ মাতি ধমকো দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ এই খং দেখি তবধ মানিলে সকলোৱে।
দৰাচলতে শনিবাৰে কেইবাটাও কাৰ্যসূচী হাতত লৈ নগাঁৱত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডঃ শৰ্মা। নগাঁও চহৰৰ কেবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ মৃত্যুঞ্জয় মন্দিৰ দৰ্শনৰ বাবে যায়।
ইফালে মুখ্যমন্ত্ৰীৰ আগমনক লৈ তৎপৰ হৈ পৰিছিল জিলা প্ৰশাসন। ৰাজপথেৰে যাওঁতে যাতে মুখ্যমন্ত্ৰীগৰাকী কোনো যান-জঁটৰ সন্মুখীন হব লগা নহয় তাৰ বাবে বিশেষ দৃষ্টি ৰাখিছিল জিলা প্ৰশাসনে।
কিন্তু আৰক্ষী-প্ৰশাসনৰ এই তৎপৰতা হিতে বিপৰীত হে হল। মুখ্যমন্ত্ৰীৰ পৰৱৰ্তী কাৰ্যসূচী আছিল বঢ়মপুৰ সমষ্টিৰ গোমোঠা গাঁৱৰ এটা নৱ নিৰ্মিত পথ উদ্বোধন।
এই কাৰ্যসূচীৰ বাবে মুখ্যমন্ত্ৰীৰ কনভয় আগবঢ়াৰ সময়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যক্ষ কৰে যে তেওঁৰ কনভয় যোৱাৰ বাবে আন আন যাত্ৰী আৰু বাহন সমূহ প্ৰায় ২০ মিনিট সময় আৱদ্ধ কৰি ৰাখিছে জিলা প্ৰশাসনে।
এই দৃশ্য দেখিয়েই খঙত জ্বলি উঠে মুখ্যমন্ত্ৰীগৰাকী। জিলা উপায়ুক্ত নিচাৰ্গ হিৱাৰেক ওচৰলৈ মাতি আনি মুখ্যমন্ত্ৰীয়ে হিন্দীতে কয়, "আৰে ডিচি চাহাব, য়ে ক্যা নাটক হ্যে? কিউ গাড়ী ৰুকাকৰ ৰখা হোৱা হ্যে? কই ৰাজা-মহাৰাজা আয়ে হ্যে ক্যা? ধেইট!! এইছা মত কৰো আগে।" ( ডিচি চাহাব, এইয়া কি নাটক চলি আছে? গাড়ী কিয় ৰখোৱা হৈছে? আগলৈ এই নকৰিব।)
দৰাচলতে মুখ্যমন্ত্ৰীয়ে সেই স্থানত আৰক্ষী অধীক্ষকগৰাকীক বিচাৰিছিল যদিও সেই সময়ত জিলা উপায়ুক্ত গৰাকী উপস্থিত হোৱাত তেৱেঁই মুখ্যমন্ত্ৰীৰ পৰা ধমক খাবলগীয়া হয়।
উল্লেখ্য যে, ভিআইপি, ভিভিআইপিৰ কনভয় পাৰ কৰাৰ নামত সাধাৰণ জনতাক ৰাজপথত ঘণ্টাৰ পিছত ঘণ্টাধৰি ৰখাই থোৱাটো বৰ্তমানৰ সময়ত তেনেই সহজ ঘটনা হৈ পৰিছে।
তেনে পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত তেওঁৰ কনভয়ৰ বাবে সাধাৰণ যাত্ৰীক হাৰাশাস্তি কৰা জিলা প্ৰশাসনক ধমক দিয়াৰ এই ঘটনাই সময় পৰিবৰ্তনৰ এক ইতিবাচক ইংগিত প্ৰদান কৰা বুলি কব খোজে অনেকে।
| web |
c598490f7774a442b374a03469225f8d9c6fe9ad | 1 Morarame otyro arykatoh toehse ahtao, tuisa tõ toytory se ahtao osetapase topetõkara maro, soutatu tõ tarose Joape a Amõ tõ nonory poremãkapose. Yrome tuisa Tawi tehme nexiase Jerusarẽ po. Mame pata Rapa tomyehmase Joape tomo a, tõsetapase toto, mame moro pata tonahkase eya xine. 2 Mokaro amonita tõ neponãmarykõ Moroke kynexine. Zupuhpyry po parimã nexiase uuru risemy, 34 kirume omoxĩ exikety. Moro parimã poko topu typyne exikety nae roropa nexiase. Moro topu tapoise Tawi a tykyryry parimã pokona tyritohme. Mõkomo itamurume tarose roropa eya xine moro pata poe. 3 Mame moro pata põkõ tyrise eya erohketõme, seroroti ke te, kurimene risẽ koe ke, wywy ke, enara. Morara tyrise eya emero Amõ tõ patary põkomo a. Mame toytose ropa ynororo soutatu tõ maro emero Jerusarẽ pona ropa.
4 Moromeĩpo tõsetapase ropa Izyraeu tõ pirixteu tõ maro Kezea po. Morara ahtao ahno konõto, esety Xipai, totapase Xipekai, Husa pono a. Mame pirixteu tõ typoremãkapose eya xine.
5 Mame tõsetapase ropa toto pirixteu tõ maro. Morara ahtao Rami, Koria akoronỹpyry, Kate pono totapase Eranã, Jaia mũkuru a. Mokyro konõto waratany zumohxo kynexine, omoxĩ roropa.
6 Imepỹ etonatoh kynexine Kate po. Moroto kynexine pakatokõ ahno konõto pary. Emary 6me omahxikyry nae kynexine. Ipupuru 6me ipuhxikyry tõ nae kynexine, atapona 24me kynexine. 7 Mame Izyraeu tykerekeremase ahtao eya, totapase ynororo Jonata, Ximeia mũkuru a, Tawi rui mũkuru a.
8 Mokaro oseruaõkõ totapase Tawi a, ipoetory soutatu tõ maro. Pakatokõ ahno konõto pakõme toh kynexine, Kate põkomo.
| web |
1bad1bd4fb97d8c61dacd2767fc539d35cf4ce740b5853210e698e046132bf44 | শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ
মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম্মব আনখনি নূর গ্রন্থ শ্রীমদ্ভাগৱত। ব্যাসদেৱে জ্ঞানপন্থ তন্ন তন্ন কবি ব্রহ্মমীমাংস। কবি ননত শান্তি নাপালে । শেহত মহৰ্যি নাবদৰ উপদেশ মতে সগুণ ঈশ্বৰৰ মহিমা নীলা বর্ণনা কৰি ভাগৱত গ্রন্থ লিখি শান্তি লাভ কৰিলে। শুকান জ্ঞানতকৈ বসাল ভক্তিৰ শ্ৰেষ্ঠতাৰ । প্ৰমাণ ইয়াতকৈ আৰ কি হব পাবে ? সাত দিনব অন্তত সাপৰ কামোৰৰ পৰা নিশ্চয মৰিব বুলি জানি পরীক্ষিত বাই আন শাস্ত্ৰ কাতি কৈ জীৱনৰ শেষ সমযত এই ভক্তি প্রবর্ত্তক অনল্য শাস্ত্র ভাগৱত শুকদেৱৰ মুখৰপৰা শুনিছিল। ভাগৱতোক্ত শ্ৰৱণ কীৰ্ত্তন ধর্ম্মৰ এক অঙ্গ অর্থাৎ শ্ৰৱণৰ দ্বাৰাইহে ধৰ্ম্ম সাধন কৰি মোক্ষপদ লাভ কৰাই বাজ। পৰীক্ষিতৰ উদ্দেশ্য আছিল । শুকদের নিজে মহা জ্ঞানী আৰু নিৰ্গুণ ব্ৰহ্মৰ সাধক আছিল, কিন্তু তেৱেঁ। ভাগৱত পঢ়ি ভক্তিৰসত মিিছল ।
"শুক নিগদতি পৰীক্ষিত,
তথাপি উত্তমশ্লোকব মহিম। গুণে।
কৰিলেক বশ্য মোৰ চিত্ত
তোমাত কহিৰে। সেহি শাস্ত্ৰ
পৰম আনন্দে পঢ়িলোঁ মই আপোনে ।
মহাপুৰুষৰ সেৱক তুমি
ই শাস্ত্ৰত শ্রদ্ধা মাত্ৰকত
যদি আমি নিৰ্গুণত স্থিত,
ভাগৱত গ্রন্থ বিপৰীত,
"শ্ৰৱণ কীৰ্ত্তনে
তুমি আক শুনিবাৰ পাত্ৰ, সম্প্রতি ।
অতি শীঘ্ৰে তাৰ হোৱে জান। সতীমতি ।।
সিসি মহাজনে
মুকুন্দৰ পাদ পঙ্কজত
-নাম ঘোষা ।
উত্তমশ্লোকৰ অৰ্থ ঈশ্বৰ ভাগৱত গ্ৰন্থৰ উদ্দেশ্য এই উত্তমশ্লোকৰ মহিমা প্ৰকাশ কৰা। সগুণ ঈশ্বৰৰ মহিমা গুণ কীৰ্ত্তন কৰি ঈশ্বৰ ভজন। কৰাই ভাগৱতী ধৰ্ম্ম । এই মহাধৰ্ম্মৰ মন্ত্ৰ মহাপুৰুষ শঙ্কৰদেৱ তেওঁৰ ৰচিত ভাগৱতৰ প্রত্যেক অধ্যায়ৰ শেষতে লিখি ভক্তিধৰ্ম্ম প্ৰবৰ্ত্তাইছিল । বিপ্ৰপত্নী প্রসাদ লীলা অধ্যায়ৰ শেহত তেওঁ লিখিছে :ভজে মহা ভক্তি ভাৱে ।
যিটো অনুক্ষণে
সুখে অপ্রয়াসে
হাততে মুকুতি পাৰে ।
| pdf |
a0d7cadf090969619adec7f93c7c7544 | অসম খবৰ@ৰাইজৰ সংবাদ, গোলাঘাটঃ ১৪ জুলাইঃ ৰাজ্যজুৰি বিভিন্ন সময়ত বিভিন্ন ঠাইত জৰাজীৰ্ণ ৰাজপথৰ বাবে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠি থকাৰ সময়তে আজি গোলাঘাটত সদৌ তাই আহোম ছাত্ৰ সন্থা ( আটাছু )ৰ গোলাঘাট জিলা সমিতিয়ে ঐতিহাসিক ধোদৰ আলিত বৰশী বোৱা প্ৰতিযোগিতাৰে এক ব্যতিক্ৰমী প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে । আহাৰ প্ৰচণ্ড ৰ'দৰ উত্তাপকো কেৰেপ নকৰি জিলাখন জিলা সমিতিৰ লগতে নগৰ আঞ্চলিক সমিতিয়ে ঐতিহাসিক ধোদৰ আলিটো নিৰ্মান কৰিবলৈ একেমুখে দাবী জনায় । পূৰ্বৰে পৰা আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰখা আটাছুৰ গোলাঘাট জিলা সমিতিয়ে আজি গোলাঘাটৰ ঐতিহাসিক ধোদৰ আলিত সমবেত হৈ ৬০০বছৰীয়া আহোম ৰাজত্বত নিৰ্মাণ হোৱা আলিটোৰ হৈ থিয় দিবলৈ অংগীকাৰবদ্ধ হয় । বৰশী বোৱা প্ৰতিবাদী কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ড° হিমন্ত বিশ্ব শৰ্মাই (প্ৰতিকৃতি) । প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা আটাছুৰ গোলাঘাট জিলা সমিতিৰ সভাপতি মানচাও কৃষ্ণ বৰুৱাই কয় - অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক কেতিয়াবাই এই পথটো ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণৰ কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল, কিন্তু এইবোৰ আজিও কাৰ্যকৰী নহ'ল । ইফালে ধনশিৰি নদীৰ গৰাখহনীয়াই পথটোৰ বৃহৎ এছোৱাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । ধোদৰ আলিৰ ধোদবোৰৰ দৰেই খাৰখোৱা, কানীয়া অসমীয়াৰ এইবোৰৰ প্ৰতি কাণসাৰ নাই । নিজৰ ঐতিহ্য, সম্পদ আৰু জাতীয় চেতনাৰ প্ৰতি শ্ৰদ্ধা, আনুগত্য আৰু কৰ্তব্য পাহৰি বৰ্তমানৰ কেন্দ্ৰীয় আৰু অসম চৰকাৰে নিজৰ নিজৰ ব্যক্তিগত স্বাৰ্থকহে প্ৰাধান্য দিবলৈ লৈছে । নিৰ্বাচনৰ সময়ত চলাহী কথাৰে অসমবাসীৰ সমৰ্থন আদায় কৰিছিল যদিও সেয়া কেতিয়াও হ'বলৈ নিদিওঁ । তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু গঢ়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো চোকা ভাষাৰে সমালোচনা কৰি অসম তথা অসমীয়াৰ পৰিপন্থী সিদ্ধান্ত গ্ৰহণ কৰিলে অসমৰ ইতিহাসে কোনো দিন ক্ষমা নকৰিব বুলি সকীয়াই দিয়ে । লগতে এই পথটো পুনৰ নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাই পথলৈ উন্নীতকৰণৰ কৰিবলৈ অসম তথা কেন্দ্ৰীয় চৰকাৰ খনক দাবী জনায় । লক্ষণীয় যে অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে জৰাজীৰ্ণ পথ সমূহক লৈ জ্বলি উঠা জুইকুৰা শাম কটাৰ পৰিৱৰ্তে দপদপাই জ্বলিবলৈহে ধৰিছে আৰু প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সচেতন নাগৰিক সকলে স্বতঃস্ফূৰ্ত ভাবে ওলাই অহা পৰিলক্ষিত হৈছে ।
| web |
3360f07efcf0533a7f0c0a21bcbdcba8c4902dd0 | আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ গৈ সম্প্রীতিৰ বার্তা দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। বিশ্ববিদ্যালয়ৰ শতবর্ষৰ অনুষ্ঠানত প্রধানমন্ত্রীয়ে কয়, ধর্ম-বর্ণ নির্বিশেষে সকলোৱে সংবিধানৰ সকলো অধিকাৰ ভোগ কৰে। উন্নয়নৰ প্রশ্নত চৰকাৰেও জাতি-ধর্মৰ ভেদাভেদ কৰা নাই বুলি মন্তব্য কৰে মোদীয়ে।
বিজেপিৰ বিৰুদ্ধে ধর্মীয় মেৰুকৰণৰ নিৰন্তৰ অভিযোগ আৰু উগ্র জাতীয়তাবাদৰ ৰাজনীতিৰ অভিযোগ সন্দৰ্ভত প্রধানমন্ত্রীয়ে আশ্বস্ত কৰে, "সমাজত নানা ধৰণৰ মতাদর্শগত বিভেদ থাকিব পাৰে। কিন্তু যেতিয়া উন্নয়নৰ প্রসঙ্গ আহে, যেতিয়া জাতীয়তাবাদৰ প্রশ্ন উঠে, সেই সকলো ভেদাভেদ মচা যায়। আলিগড়ত এই কথা কৈছো, কাৰণ এই বিশ্ববিদ্যালয়ে বহু স্বাধীনতা সংগ্রামী দিছে। তেওঁলোকৰ আদর্শগত মতপার্থক্য আছিল। কিন্তু সেইবোৰ দূৰত আঁতৰাই ৰাখি কেৱল স্বাধীনতাৰ বাবে তেওঁলোকে যুঁজিছিল। " দেশৰ উন্নয়নৰ প্রশ্নত ৰাজনীতি কৰা উচিত নহয় বুলিও মন্তব্য কৰে প্রধানমন্ত্রীয়ে। | web |
607de046b88fc532723219b33da3df3ea6308cc900e03a72a2cc4903f2eb16c5 | অসমৰ মধ্যযুগৰ চৰিতপুথি
শংকৰদেৱৰ ধৰ্ম ৰস্তুকে এৰিব খুজিছে। মাধৱদেৱে ইয়াৰ পাচত ধুপুৰ সত্ৰত ভক্তসকলক সাৱধান কৰি দিছিল, দিনে পোহৰে ঘৰ সোম্ৰাৰ, লগে সঙ্গে ধৰি গাতে শৌচে যাব। দ্রব্যখান লোৱা খোৱাৎ কৰজেৰ নকৰিবা : জ্বি বোলে তাকে দি লৰা :' (পৃষ্ঠা ৪৬৪ ) আৰু নাম নেৰিব। কোনো দিনে।
বীৰ ৰাজীৱে বৈষ্ণব ভক্তৰ লগত ৰিৰোধ কৰিবলৈ এৰা নাছিল। বেহাৰৰ ৰজাক থল দিয়েই আছিল । চল বুদ্ধি কৰি বুঢ়িৰ পো গোবিন্দ আতৈ কেৱলিয়া কৃষ্ণাইকে ধৰাই নিছিল। ৰাজ সভাত নানা প্রশ্নত ব্যতিব্যস্ত কৰি তুলিছিল। কিন্তু ৰাজসভাত যি অলৌকিক কাগু হল, ৰজা সিংহাসনৰ পৰা উচপৰাই পৰিছিল, বীৰু কাজীও কফাল খাই কৰবাত পৰিছিলগৈ। তেহে দুই ভক্তৰ সন্ধান কৈ পঠাইছিল। মাধৱদেৱক জনালত কৈছিল, 'মোৰ মহাপুৰুষ গুৰু আপুনাৰ ধৰ্ম্ম বস্তু আপুনি কিব নৰাখিব ' (পৃষ্ঠা ৪৬৬ )
ৰীৰু কাজীৰ ভক্তক পৰীক্ষা কৰাৰ শেষ হোৱা নাছিল। নগৃহ কৰি ভক্তক খাবলৈ মাতিছিল। মাধৱদেৱে সকলোকে সাৱধানে থাকিবলৈ কৈছিল। নিজৰ নিজৰ চাউল লোণ লৈ যাৰলৈ কৈছিল। দেখুৱাই বীৰুৰ লৱ, খাব নিজৰ খিনি। আক 'সবাৰে লোভ মোহ কাম ক্রোধ মই আচল পাতিচে। ' (পৃষ্ঠ। ৪৬৯ ) বুলি পঠাইছিল। ৰজা ঘৰৰ পৰা দিয়া মাছ, কাচ, চাউল আদি ভকতে গাভ খান্দি পুতি নিজৰখিনি ৰাছি থাই ওই থাকিল। পাচত ৰজাৰ, বীৰৰ যত লিগিৰী আছিল পিন্ধি উৰি, 'টাৰ হাৰ তৈশ টেঙ্গা বাটিলৈ' ( পৃষ্ঠা ৪৬৬ ) ভকতে প্রতি ভৰি হাত মোগৰিবলৈ লাগিল ধৰ্ম্মৰ বাদ পেলাবলৈ । কিন্তু তাতো ভক্তসকশ উদ্ভীৰ্ণ থৈছিল। ৰজা আচৰিত হৈ দক্ষিণাকৈ ভক্তসকলক পঠাই দিছিল।
বেহাৰৰ ৰজাই মাধৱদেৱক নি ব্ৰাহ্মণৰ লগত লগ হৈ নানা প্রশ্ন কৰি উত্তৰত যি পাইছিগ, ব্ৰাহ্মণে মানিবলৈ বাধ্য হৈছিল, সকলো হয় বুলিছিল। বিৰোধ কৰা বামুণ, বীৰ কাজী, সকলো তল পৰিছিল। শেষত মাধৱদেৱে ৰেহাৰৰ ৰজাক কৈছিল যে ঐশংকৰদেৱেই তেৰাৰ গুরু, 'গুৰুজন বৈকুণ্ঠে গণত মহাগুৰুক ভাৰ 'দ গলঃ' (পৃষ্ঠা ৪৬৭) তাকে ভক্তসকলৰ মাজত চর্চ্চা কৰি এতিয়া বৃদ্ধকাল পালেছি আৰু পৰম গুরুৱে যি ৰঙ দি গল তাকে চিত্তি ভাবি গাই বাই থাকোতেই দেহা পৰিব থাক। ৰজাই মাধৱদেৱৰ কথাত সন্তোষ পাই কৈছিল,
চৰিত পুৰিসমূহত চিত্ৰত কৰ।
'মোৰ দেশত জিখানি সত্ৰ মহন্ত আছে সবাৰে ওপৰত অধিকাৰ পাণ্ডিচো আপোনাকঃ জক গৈ এভিয়া।' (পৃষ্ঠা ৪৬৮)
চৰিখনিত মাজ মানৰ পৰা, বিশেষকৈ শেষৰ ফালে নামৰ মাহাত্ম্য ভকতৰ কর্তব্য বৈষ্ণব আদর্শ এই কথাই বেছি অংশ জুৰি আছে।
দামোদৰদেৱ ফাটি যোৱাৰ পাচত নাম প্রসঙ্গটো পার্থক্য হৈছিল সেই কথাৰে। উল্লেখ আছে। মাধৱদেৱে নাম শুনি ঐৰাম আভাক ক'ত নাম গাইছে বোলড, "ৰামৰ সত্ৰত দামোদৰি মতে গাইছে :" (পৃষ্ঠা ৪৭৬) তেতিয়া মাধৱদেৱে ওপৰত কৈছিল, জানিচা শ্ৰীৰাম (সেই চক্র সেই চাউল ৰান্ধনি নাই আউল ৰাউল " ( পৃষ্ঠা ৪৭৬ ) ইয়াতে দুয়োৰে পাৰ্থক্য ওলাই পৰিছে।
(১১) কবি ৰামৰায় দাসকবি ৰামৰায়েও 'গুরুণীলা'ত দামোদৰদেৱৰ জীৱন কথাৰ লগত ধর্মীয় পৰিবেশ আৰু ধৰ্ম্ম সম্পৰ্কীয় কথাৰো বিৰৰণ দি গৈছে।
বেহাৰৰ ৰজা পৰীক্ষিতক কামেশ্বৰ গিৰী নামৰ এখন সন্ন্যাসীয়ে লগাইছিল গৈ যে কামাখ্যাৰ দুৰ্গা গোসানীক সেৱা নকৰা এজন লোক তেওঁৰ ৰাজ্যত গাছে যাক ব্ৰহ্ম। আদি দেৱতাসকগেও সেৱা কৰি সিদ্ধি লাভ কৰে, তেনে দুৰ্গাক সেৱা নকৰাৰ কাৰণে, 'ভযু ৰাজ্য নষ্ট ভৈল জনালে। তোমাত,' (পৃষ্ঠা ৪৭ ) বলা খঙত জলি গৈই । কোনে তেওঁৰ ৰাজ্যত দুৰ্গা পূজা নকৰে বুলি সোধাত সন্ন্যাসীয়ে দামোদৰদেৱৰ নাম কৈ কৈছিল যে তেওঁৰ বিশিষ্ট ব্ৰাহ্মণ ফুসতেই জন্ম। কাষৰূপত বৰপেট। গাৱত সত্ৰ কৰিছে। শৰৎ কালত পূজা নকৰে । কেবল ভাগৱত ধর্ম মানে খান প্ৰৱৰ্শন কৰিছে।
ৰজাই দামোদৰদেৱৰ ওচৰলৈ মানুহ পঠাইছিল,
'যদি দেবী পূজে থাকোক সেই খান।
তুহি ভৰে মোৰ খানে শত্ৰ কৰি আন।' (পৃষ্ঠা ৪৮ )
ৰক্ষাৰ দূত আহি বৰপেটা সত্ৰ পোৱাৰ লগে লগে বৈষ্ণবৰ যি তেষ্ট, সেই ভেঙে ধর্ষি পেগাইছিল। ৰাজত দণ্ডৱত পৰি প্রণাম হে কৰি হল। দামোদৰদেতে হৰিৰ নিৰ্ম্মাষ্য, পুষ্প, চন্দন দি অহাৰ কাৰণ হখিছিল। ৰাজদূতে কৈছিল ঘৃত অহাৰ কাৰণ। দামোজৰদেৱৰ যুখ চিহ্নিত মদিন
| pdf |
d4eae08e40e32856a1ad577b9df308c757ffaccf | ima, watashitachiha hajimeru koto ga dekimasu.
हम अब शुरू कर सकते हैं।
saisho ni hanayome to hanamuko ga odori, sonogo gesuto ga odorimasu.
पहले दुल्हा-दुल्हन नाचते हैं, फिर मेहमान नाचते हैं।
soko ni itte, futatabi tazunete mite.
वहाँ जाओ, फिर से पूछो।
rei to shite kono-iro wa dōdesu ka?
आपको यह रंग, उदाहरण स्वरूप, कैसा लगता है?
| web |
9036db1d0214630ad734c5d804c354e7a71112e4 | যোৱা ৯ জুনত ড্ৰাগছৰ কবলত পৰি মৃত্যু মুখত পৰা সঞ্জীৱ গোস্বামী নামৰ মেধাৱী ছাত্ৰজনৰ মৃত্যুক সহজভাৱে লোৱা নাই মাতৃ ৰুণু গোস্বামীয়ে। মৃত সঞ্জীৱৰ মাত্ৰ ২ বছৰ বয়সতে স্বামীক হেৰুৱাই কেৱল সন্তানক বুকুত বান্ধি জীৱন যুঁজত অৱতীৰ্ণ হোৱা মাতৃৰ দাবী যে তেওঁৰ সন্তানক ড্ৰাগছ ব্যৱসায়ী জ'জ ওৰফে মৃণাল গগৈয়ে হত্যা কৰিছে। কিছু বছৰ পূৰ্বে ডাগ্ৰছৰ কবলত পৰা একমাত্ৰ পুত্ৰক চিকিৎসাৰ যোগেদি সম্পূৰ্ণ সুস্থ কৰি যোৱা শনিবাৰে ঘৰলৈ আনিছিল যদিও দেওবাৰে ড্ৰাগছৰ বাবে বিক্ৰী কৰা মোবাইলটো ঘূৰাই আনিবলৈ জ'জৰ ওচৰলৈ যোৱা সঞ্জীৱক আৰু ঘূৰাই নাপালে দুৰ্ভগীয়া মাতৃয়ে।
জ'জৰ ককায়েকে অচেতন অৱস্থাত এখন ই - ৰিক্সাত লৈ অনা সঞ্জীৱক প্ৰত্যক্ষ কৰা মাতৃয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। এতিয়া বুকু সুদা হৈ পৰা দুৰ্ভগীয়া মাতৃয়ে গোলাঘাট আৰক্ষী থানাত পুত্ৰক হত্যা কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰাৰ লগতে আৰু এশজন সঞ্জীৱক ড্ৰাগছৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক কাতৰ অনুৰোধ জনায়। ইতিমধ্যে এজাহাৰৰ ভিত্তিত দুজন লোকক আটক কৰিছে যদিও মূল অভিযুক্ত জ'জ ওৰফে মৃণাল গগৈক ধৰিব পৰা নাই।
ইফালে,পৰহি গোলাঘাটত ড্ৰাগছ মাফিয়া জ'জক গ্ৰেপ্তাৰৰ দাবী তুলি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আজিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ তিনিজনকৈ ছাত্ৰকৰ্মীয়ে অনশন আৰম্ভ কৰি একপ্ৰকাৰ আৰক্ষী-প্ৰশাসনক হেঁচা প্ৰয়োগ কৰিছে। অৱশ্যে মূল অভিযুক্ত জ'জক আটক কৰিব পাৰিলেহে সকলো কথা ফাদিল হ'ব। যদিও আৰক্ষী- প্ৰশাসনৰ নিৰ্বিকাৰ ভূমিকাই সমগ্ৰ ঘটনাটো ৰহস্যঘন কৰি তুলিছে। | web |
795322a542096614dd2b526a6ce6587301ee0a28 | কলিয়াবৰ আৰক্ষীয়ে আমনিৰ এখন ধাবাৰ পৰা দুজন দুৰ্ধৰ্ষ ট্ৰাক হাইজেকাৰক আটক কৰিবলৈ সক্ষম হৈছে।
আটকাধীন ডকাইত দুজন ক্ৰমে জিয়াবুৰ ৰহমান (শিয়ালখাতি) আৰু আহমদ আলী (খলিহামাৰি)।
যোৱা ১০ অক্টোবৰত কলিয়াবৰৰ মিছাৰ পৰা এখন ১২চকীয়া এ এছ ০৬ এ চি ৩৯৪১ নম্বৰৰ ট্ৰাকখন হাইজেক কৰিছিল।
কিন্তু আৰক্ষীৰ তৎপৰতাত যোৱা ১০ তাৰিখেই ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ঘটনাস্থলীৰ পৰা ডকাইতৰ দলটোৱে পলায়ন কৰে।
অৱশ্যে ১১অক্টোবৰ দেওবাৰে নিশা গোপন সূত্ৰৰ পম খেদি কলিয়াবৰৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় নাথে কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খৰ্গেশ্বৰ বৰদলৈ আৰু চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃঞ্চকান্ত দলেৰ সহযোগত অভিযান চলায়।
আৰু আমনিৰ সঞ্জয় ধাবাৰ পৰা ট্ৰাক হাইজেক কৰা ডকাইতৰ দলটোৰ পৰা দুজনক ১২ তাৰিখে পুৱতি নিশা ২ বজাত আটক কৰিবলৈ সক্ষম হয়।
অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত কলিয়াবৰ আৰক্ষীয়ে বৰ্তমান আৰু অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে। | web |
3a7f01c5379b7ddac08ee045064b4f3a908572267eb5ca6ab17398f6631ba139 | আজিও তাৱৈৰ সেই সাগৰ বিষ ঝাৰা মন্ত্ৰৰ লেনীয়া ৰাগিনীযুক্ত ধ্বনি, সেই থেঙেনি মোৰ মনৰ কাণত বাজি আছে। সেই একে মন্ত্ৰ পুথিৰেই ঝাৰি পিতাই হলে মাহীমাক ভাল কৰিব পৰা নাছিল। সেই একে পুথি, একে মন্ত্ৰ, একে ৰোগী, একে বিহু-ঢেঁকীয়া, মাত্র বেজ আৰু ঘেঙেনি একে নাছিল। তথাপি পিতাই হাৰ মানিবলগীয়া হ'ল যে হ'লহে। ইয়াকে কয় হবলা, বোলে
একে ধনু একে শৰ একে ধনঞ্জয়। তথাপিও গোৱালৰ ছাল নিবিদ্ধয় ।।
মন্ত্ৰৰ গুণৰ এনে ধৰণৰ তাৰতম্যৰ কথা বহুতৰ মুখে শুনিছোঁ। ই 'কাকো দেখি ৰান্ধে-বাঢ়ে; কাকো দেখি দুৱাৰ বান্ধে।' কাৰো হাতে ফাফে, কাৰো হাতে নাফাফে।
গঞা জীৱনত ধানৰ 'গুছি লোৱা' আৰু 'আগ অনা' দুয়োটা বৰ আমোদজনক অনুষ্ঠান। আমাৰ ঘৰত মই হৈ পৰিছিলোঁ, ক'বলৈ গ'লে, সেই দুয়োখন নাটকৰ ঘাই ভাৱৰীয়া। গুছি লোৱা হয় বাৰিষা। গোছৰপৰাই গুছি। ৰুবৰ কাৰণে মুঠি মুঠিকৈ লোৱা কঠীয়াৰ কোছাকে গোছ বোলে। শালি ধানৰ প্ৰথমে পথাৰত ধান ৰোৱা উৎসৱেই গুছি লোৱা উৎসৱ। কোনো কোনো ঠাইত গুছি লোৱা উৎসৱকেই মুঠি মেলা উৎসবো বোলে। আমাৰ ফালে পিছে কঠীয়া সিঁচিবলৈ আৰম্ভ কৰাটোকেহে মুঠি মেলা অনুষ্ঠান বোলে। গুছি ল'বৰ দিনা শালি ধানৰ কঠীয়া পোন প্ৰথমে সমৰ বাই মৈয়াই থোৱা পথাৰৰ কোমল পেয়াকত (বোকাত) ৰোৱা হয়। পথাৰত সেই উপলক্ষে এটা সৰসুৰা উৎসৱ অনুষ্ঠিত হয়। তাকে কৰিবলৈ কৃষক-গিৰীহঁতে ঘৰৰপৰা আগলতি কলপাত, মিঠাতেল, মিঠাতেলৰ চাকি, শলিতা, জুই, ধূপ, ধূনা, সিন্দুৰ আৰু ক'লা কচু এছোপ (এজোপা) পথাৰলৈ নিয়াৰ ব্যৱস্থা কৰে। পথাৰৰ কোনো এটা ডোবলৰ সৰু আলি এটাৰ চোকত ক'লা কচুজোপা ৰুই দি তাৰ দাঁতিতে পথাৰত আগলতি কলপাতখন পাৰি থোৱা হয়। ডোবলটোৰ উত্তৰ-পূব চুকত এই কাম কৰা নিয়ম। তেতিয়া আগলতি কলপাতৰ ওপৰত চাকি-বন্তি জ্বলাই দি তাৰ চাৰিওপিনে পাঁচ গোছ কঠীয়া বাঁও হাতেৰে ৰুই দিয়া হয়। ৰোৱা কঠীয়াৰ মূৰ পাঁচটা চুলি একোছাত ধৰাৰ দৰে একে লগ কৰি ধৰি লৈ তাৰ মূৰত মিঠাতেল আৰু সিন্দূৰ ঘঁহি উৰুলি হৰিধ্বনি দি গুছি লোৱা অনুষ্ঠান সম্পন্ন কৰা হয়। ঘৰৰ মালিকে বা
মোৰ জীৱন-নৈৰ ঢৌবোৰ (১): মধু-চেলেনি
মালিকৰ বৰপুত্ৰই বা ঘৰৰ যি কোনো এটা ল'ৰাই আই মহালক্ষ্মীক এইদৰে পথাৰলৈ আহ্বান জনায়। পথাৰৰপৰা গুছি লোৱা কাম শেষ কৰি আহি ভঁৰাল-ঘৰৰ সম্মুখতো মিঠাতেলৰ চাকি এখৰ জ্বলাই ৰখা হয়। দুপৰীয়া বা ৰাতি ভাগী-বংশৰ আৰু গণজ্ঞাতিৰ দুই-চাৰিজন লোকক নিমন্ত্ৰণ কৰি আনি মধ্যাহ্ন বা নৈশ ভোজন কৰোৱা এটি আনন্দজনক কর্তব্য। এই গুছি লোৱা অনুষ্ঠানৰ প্ৰতি বছৰে মই হব লাগিছিল খাই গুৰিয়াল। কাঁচিৰোৱা সজা লাগি উঠি গেৰ ওলাবৰ সময়ত কাতি-বিহুত ধানৰ গুষিত শলা-নৈবেদ্য দিয়া উৎসবো কম আনন্দদায়ক নহয়।
'আগ অনা' উৎসৱো অইন এটা তেনেকুৱা অনুষ্ঠান। ই শস্য সংগ্ৰহৰ উৎসব। শালি ধান প্রথমে কাটিবলৈ আৰম্ভ কৰোঁতে এই উৎসৱ কৰা হয়। দোগ এটাত আগলতি কলপাত পাৰি তাৰ ওপৰত চাৰি ছোপ পকা ধানৰ শীহবোৰ কাটি কলপাতেৰে মেৰিযাই আলফুলকৈ মূৰত তুলি লৈ আনি ভঁৰাল ঘৰৰ ছালৰ তলত যতনেৰে ওলোমাই ৰখা হয়। সিদিনাও খুউৱা বুউৱাৰ একে নিয়ম। আগ আনোতে আনোতাজনে পাছলৈ চাব নাপায়, বাটত কথা পাতিবও নাপায় - চালে বা কথা পাতিলে লখিমী হেনো নাহে। সেইবোৰৰ স্মৃতিয়ে আজিও মাজে মাজে মনত আনন্দ দিয়ে।
নামনি অসমত কঠীয়া তোলা আৰু ধান কটা দুয়োটা মতা মানুহৰ এদনীয়া কাম। ভূঁই ৰোৱা কাম কিন্তু তিৰোতাৰ একচেটিয়া কাম। ৰাতিপুৱাৰপৰা দুপৰীয়ালৈ হাল বোৱা, মাটি মৈওৱা, আলি দিয়া আদি কাম কৰি থাকি আবেলি কঠীয়া তুলি আনি পথাৰত ৰুবৰ কাৰণে যতনাই থোৱা মতা মানুহৰ কাম। আগবেলা আৰু ভাঠিবেলা দুয়ো বেলা মাইকী মানুহে পথাৰত ভূঁই ৰোৱে। গছী ধান চপোৱা কেঁাঁচোৱাত মতা-মাইকী উভয়ে সমানে লাগি যায় : তিৰোতাই মূৰত কৰি ধানৰ ডাঙৰি আনে, মুনিহে আনে ধানৰ ভাৰ কান্ধত।
মাহীমাক বিয়া কৰাই অনাৰ আগতে আমাৰ ঘৰখনৰ মাইকী মানুহৰ আটাইখিনি কাম মাই অকলে চন্ডালিছিল। নিতৌ ৰাতিপুৱা ছটপোহৰতে উঠি চোতাল সৰা, পুখুৰীৰ পাৰলৈ গৈ শৌচাচাৰ কৰি গা-পা ধুই কাযত আৰু মূৰত পানী দুলহ লৈ অহা মাইৰ আছিল ৰাতিপুৱাৰ প্ৰাথমিক কর্তব্য। তাৰ পাছত তেওঁ ভাঙেৰীৰ দুৱাৰমুখ আৰু পাঘৰৰ কাঁথি মচি উঠি গাই দুবলৈ যায়। তেতিয়া বাইদেউহঁতে পাকঘৰৰ ভিতৰৰ মজিয়া মচে। আমি ইতিমধ্যে উঠি হাত-মুখ ধোওঁ। পিতায়ো দোক্মোকালিতে উঠি শৌচাচাৰ কৰি আহি সৰৱাৰ ঠাৰিৰে দাঁত ঘঁহি মুখ ধোবে। ৰাতিপুৱা চাহ খোৱা অভ্যাস আমাৰ নাছিল। আমি ৰাতিপুৱা জলপানহে খাইছিলোঁ। বাইদেউহঁতে প্রায়ে সদায় পোৰা হাঁহ-কণী, আলুগুটি, বেঙেনা আদি আৰু ৰাতি মায়ে যতনেৰে সজাই থোৱা ভজা মাছ, খৰিকাত দিয়া মাছ, তৰকাৰী আদিৰে নকৰাকৰকৰা) ভাত খাইছিল। ময়ো কেতিয়াবা কেতিয়াবা ডিমা, পোৰামাছ, বেেঙনা,
আলুগুটি আদিৰ জুতি বিচাৰি তেওঁলোকৰ মাজত ওলইছিলোঁ গৈ। এই বিষয়ে আগতে উনুকিওৱা হৈছে।
মই সাধাৰণতে ভজা বন্নি (কোমল) চাউল, গৰম ফুটীয়া গাখীৰৰ লগত মালভোগ, চেনিচম্পা, ভখা বা চচা আঠীয়া কলেৰে সানি লৈ খাইহে জুতি পাইছিলোঁ। তাৰ তেতিয়া মলমলীয়া গোন্ধ এটা ওলাইছিল। সেই কথা মনত পৰিলে আজিও জিভাৰ পানী পৰে। বুঢ়ী মায়ে মোক আঠীয়া কল চাচি দিছিল - গোটে গোটে খাবলৈ নিদিছিল। তেওঁ কৈছিল - আঠীয়া কলৰ ডিলাটো খালে শৌচ কচা হয় ঃ চাচি ওপৰখন খালে ঢিলা হয়।
পুৱা গাই ধীৰাই আনি গাখীৰ দিয়াত কেতিয়াবা অলপ পলম হ'লেই মোৰ ঠেহ লাগিছিল : খং কৰি উঠিছিলোঁ। খং কৰাই নহ্য কিছু উদ্ভণ্ডালিও নকৰাকৈ নাছিলোঁ। মনত আছে - এদিন গাখীৰ দিয়াত অলপ পলম হোৱাত মাটিত সিঁচৰতি হৈ থকা ধান খেৰ একোছাকে খঙত চোকা দাৰে ঘপিয়াই কাটিছিলোঁ। ঘাপ মৰাৰ পাছতহে দেখোঁ ধান খেৰেই নহয় মোৰ হাতৰ চোকা ভঁৰা দাখনে খেৰৰ তলত থকা পিতলৰ গিলাচ এটাতো বাৰুকৈয়ে কটা দাগ বহ্বালে। প্রায় আধা আঙুলমান ঠাইত এটা কটা চিন বহিল। হোপ গ'ল, ভাগ্যে নুফুটিল। পিতাই মাৰিব বুলি মোৰ ভয়ত তৎ নাই। হাতৰ দাখন পেলাই এৰি দিলোঁ দৌৰ। বুঢ়ীমায়ে বুজাই-বঢ়াই আনিহে পিছত মোক গাখীৰ খুৱাইছিল। সদায় কঁৰীযাত ফেন উঠি থকা গাখীৰ আনি পানী মিহলি নকৰাকৈ ধাৰা জুইত গৰম কৰি পোনতে মোক এগিলাচ দিযাটো এটা নিয়মে হৈ পৰিছিল। কঁৰীয়া আখলা পানী বা গাইৰ বাহা-জুৰণিও তাত লগ লাগিব নোৱাৰিছিল। লাগিলে বিপদ : গিলাচো চুৱনি-তলী পাবগৈ : গাখীৰো। তেনেকৈ আমাক জা-জলপান, গাখীৰ-পানী দি উঠি হে মাই পথাৰলৈ গৈছিল, হাতত হালুৱৈৰ কাৰণে জলপান, ধপাত, চাহ, তামোল আদি লৈ।
পথাৰত কেই আষামান কঠীয়া ৰুই কেঁৰা দুপৰ হ'লৈ মাই লৰালৰিকৈ ঘৰলৈ উভতিছিল। ঘৰ পোৱাৰ আগতে বাহিৰে বাহিৰে তেওঁ পুৰণি পুখুৰীত এবুকুমান পানীলৈ নামি গৈ জোবোৰা এটা মাৰি গাটো তিযাই তিতা কাপোৰেৰেই ঘৰ পাইছিলহি। ঘৰ পাই কাপোৰ সলাই শুকান খৰি বিচাৰি লৈ আখাৰ তললৈ জুই নিয়ে। বুঢ়ীমায়ে ডকৰা মতফল (অমৃতা), ৰঙা লাউ, ৰঙা লাউৰ আগ, পচলা, কঁঠাল-গুটি আদি গোটাই-পিটাই আনি তৰি তৰকাৰিৰ যোগান ধৰিছিল। কেতিয়াবা বাইদেউহঁতে জাকৈৰে ধৰা বা বুঢ়ীমায়ে পুখুৰীত বাহা দি অনা মাছ-পুথিও তাৰ লগ লাগিছিল।
বৰষুণৰ বতৰত শুকান খৰিৰ আটক হয়। তেতিয়া ভাখেৰীৰ গড়ৰ তলত সুমুৱাই থোৱা গুৰি-পচা শুকান বাঁহৰ খুঁটা, বেৰাৰ (বেৰৰ) এৰুৱাই পেলোৱা পুৰণি চেঁাচ আদিকে কুঠাৰেৰে লৰালৰিকৈ কাটি বা ফালি লৈ মাই আখলত দপ্দপীয়াকৈ জুইকুৰা ধৰি লৈছিল। ক'বলৈ পাহৰিছোঁ - কেতিয়াবা কেতিয়াবা পুখুৰী পাৰৰ
মোৰ জীৱন-নৈৰ ঢৌবোৰ (১) : মধু-চেলেনি
ঔটেঙাজোপাৰপৰা সৰা বা কোনোবাই পাৰা কোমল ঔ পালে তাৰে কেইটামান পথাৰৰপৰা উভতি আহোঁতে মাযে হাততে বা কাপোৰেৰে বান্ধি আনিছিল; কাৰণ ভাতত দিয়া কোমল ঔ-খোল পিতাৰ বৰ প্ৰিয় খাদ্য আছিল । সেইদৰে ভাতত দিয়া ডকৰা ম'তফলো।
এদিনৰ কথা। মাই কুঠাৰখনেৰে বাঁহৰ চেঁাঁচ এটা দুছেও কৰি ভৰিৰে গচকি ধৰি টান মাৰোঁতে তেওঁৰ ভৰিখন চোঁচে বৰ বেয়াকৈ কাটিছিল। শগুণবন মোহাৰি মোহাৰি তাতে জাপি দি ক'লা কচুৰ চোঁচেৰে বুঢ়ীমায়ে বান্ধি দি তেজ ৰাখিছিল। কটাৰীয়ে আমাৰ কেতিয়াবা আঙুলি কাটিলে বেৰাৰ মাটি আৰু ছালৰ কুটা মোহাৰি লৈ তাতে লগাই দি এটা মন্ত্ৰ মাতি ক'লা কচুৰ চোঁচেৰে বান্ধি দিছিল। মন্ত্ৰটোও বুঢ়ীমাযে মোক শিকাই দিছিল। চুটি মন্ত্র দেখি ইয়াতে সেইটো লিপিবদ্ধ কৰিলোঁ।-'ৰৌ ৰঙা ৰৌ, ছালৰ কুটা বেৰাৰ মাটি, ধৰণী বান্ধিলোঁ আঁটি আঁটি : নাযাবি ৰঙা নাযাবি বৈ, মোৰ কথাত থাকিবি ৰৈ : মোৰ বচন লৰাহ চৰাহ, ব্ৰহ্মাৰ চক্ৰত পৰি মৰাহ : সিদ্ধ গুৰুৰ পাও, ৰক্ষা কৰা কামৰূপৰ কামাখ্যা মাও।।'
সিদিনা পিছে সেই কটা ভৰি লৈযে মায়ে ভাত ৰান্ধি দিছিল। আমাক তেওঁ কৈছিল - পিতাৰে ভাত-পানী খাই শুই নুঠালৈকে মোক বাঁহৰ চোঁচে কটাৰ কথা কোনেও তেওঁক নক'বি। ভোকে-পিয়াহে আহি তেওঁ তেনেখন বিপদৰ কথা শুনিব লাগিলে বেজাৰতে আৰু ভাতকে নাখাব। - - আমিও তাকে কৰিছিলোঁ। পিতাই খাইবৈ উঠি জিৰণিৰ ছলেৰে এটা ঘোঁৰা বাগৰ দি উঠাতহে আমি তেওঁক ঘটনাটোৰ কথা কৈছিলোঁ। তাতো গা ধন্বন্তৰি বীণা গাঁওবুঢ়াৰ কাষ চাপিব লগীয়া হৈছিল।
কেতিয়াবা কেতিয়াবা ৰান্ধনীৰ ভাত হোৱাত অলপ পলম হ'ব যেন দেখিলে পিতাই প্রথমে পইতা ভাত খাই দুপৰীয়া মাটিতে পাটী পাৰি অলপ দীঘল দি টোপনি এটা মাৰি উঠিহে তপত ভাত খাইছিল। মাইৰ পথাৰ এৰি অহাত অলপ পলম হলে কেতিয়াবা আখাৰ তললৈ জুই যোৱাৰ লগে লগেই পিতাও ভাত খাবলৈ আহি পাইছিল। আহি পায়েই তেওঁ সদায় সোধে-ভাত হ'ল নে? ― সেই প্রশ্নটোৰ মহি সদায এটা উত্তৰকে দিয়া আমি শুনিছিলোঁ - - হ'ব লগা হৈছে দে। ইফালে ভাতৰ উতল অহাই নাই। আচৰিত কথা কিন্তু পিতাই পিতলৰ হাত-কলহটো এহাতেৰে কাণত ধৰি লৈ গৈ ন-পুখুৰীত গা ধুই হাততে পানী একলহ লৈ উভতি অহাৰ লগে লগে মাইৰ ভাতে ভভকাবলৈ ধৰে। পিতাই চুৰিযা সলাই উঠে মানে ইফালে মাইৰ ভাতো নমাবৰ হয়। তেতিয়া সিটো আখাত উতলি থকা তৰি তৰকাৰি হয় মানে মায়ে পিতাক অলপীয়াকৈ পইতা ভাত বুঢ়ীমায়ে তুঁহৰ জুইত পুৰি থোৱা হাঁহ-কণী, কঁঠালগুটি, খৰুৱা বেঙেনা আদিৰে সৈতে আগবঢ়াই দিয়ে। তাৰ লগত কেতিয়াবা বিন্ধা (খৰিকাত দিয়া) মাছ থাকে। পেৰা জাতি-তেল আৰু কলাখাৰৰ লগত সিও এটা জুতি হৈ পৰে। পিতাই তাৰ গতি লগায় মানে মাইৰ তপত ভাতৰ কাহী ভাত খোৱা ভেটিৰ ওপৰত হাজিৰ হয়হি।
মেকুৰী এজনী পিতাৰ বৰ লগ। পিতাই ভাত খাবলৈ বুলি গা ধুই আহি কাপোৰ সলোৱা তাই ক'ৰপৰা চাই থাকে নাজানো, সাউৎকৰে আহি পিতাৰ ভৰিত পৰি লুটিয়ালুটিখন কৰিবলৈ ধৰে আৰু মিহি মিহিকৈ মিউ মিউ কৰে - যেন কৰুণ স্বৰত 'পাৱে পৰিহৰি' বন্দনাহে আবৃত্তি কৰিছে। তাইৰ তেতিয়া মাতৰ সুৰেই অন্য ধৰণৰ : মিহি মিহি। ডাঙৰকৈ মেও-মেও নকৰে । আমি তেতিয়া হাঁহি হাঁহি কওঁ - মিহি মিহিকে ন-কইনাৰ মাত মাতি বিড়ালী আহিল চেলেনি মাৰি ভাত-মাছৰ ভাগ বিচাৰি। - পিতাই সদায় আঞ্জা-মাছেৰে ভালকৈ সানি লৈ প্ৰথম গৰাহ ভাত নিজৰ মুখত দি উঠিয়ে আন গৰাহ বিড়ালীক দিয়ে। বিড়ালীৰ লগত খোৱাত লগ লাগিবলৈ আৰু দুই-এটা মেকুৰী দুই-এখোজকৈ আহি তাইৰ ওচৰতে বহে। আমি ফলা-খৰিৰে মাৰিব খুজিলে সিহঁত ভাগি পলায় ; ঘৰৰ বিড়ালীজনী কিন্তু আঁতৰি নাযায়। তাই জানে - তাইক আমি নামাৰোঁ। তাইৰ সাহস দেখি আমি হাঁহো আৰু কওঁ - ইহ্ চা, এইহে আচল মালিকনী ওলাল আহি। হেট্কেটেই নকৰে। আমি ইতিকিং কৰি তাইৰ নাম দিছিলোঁ - 'মধু-চেলেনি'। ১৫/১/৮৫
শাল নে শিঙী?
আমাৰ নঙলাৰ মুখতে বুঢ়া (পুৰণি) পুখুৰীটোৰ পাৰত বাটৰ দুয়ো কাষে দুজোপা প্রকাণ্ড গছ আছিল : এজোপা আঁহত, আনজোপা পাকৰি। কোনোবা মান্ধাতাৰ দিনৰ গছ। দুয়োজোপাৰ পাতে পাতে লগ লাগি আকাশ মাৰ্গতে এখন ধুনীয়া তোৰণ সাজিছিল। দুয়োজোপাৰ মাজেৰে সেই তোৰণৰ তলেদি মানুহে অহাযোৱা কৰিছিল। আঁহতজোপাৰ তলত চুবুৰীয়া লোকে চাকি-বস্তি দিছিল। তাত ভাঙাৰা গোঁসাই শিৱ-মহাদেউ থকা বুলি সকলোৱে বিশ্বাস কৰিছিল আৰু গছজোপাৰ গুৰিত মাটিৰ ওখ ভেটি এটা সাব্জি দি মচি-কাচি তাকে বলিয়া গোঁসাইৰ থান বুলি অভিহিত কৰিছিল। সোমবাৰে সোমবাৰে চাকি-বত্তি-নৈবেদ্যাদিৰ কোব চৰিছিল, কাৰণ সোমবাৰ হেনো শিৱ গোঁসাইৰ বাৰ। পিছে এবাৰ বৰদৈচিলাৰ হৰকা বতাহত বলিয়া গোঁসাইৰ থানৰ সেই ভয়ঙ্কৰ আঁহত গছজোপা শিপাৰে সৈতে উভালি পৰিল আৰু সেই অঞ্চলটো তেনেই শোলাৰ মুখৰ দৰে উদি কৰি দিলে। বাগৰি পৰাত গোটেই খেলখনৰ মানুহে আহি সেৱা-সংকাৰ কৰি সেই গছজোপা কাটিছিল। বতাহত তেনেকৈ গছ পৰিলে সাধাৰণতে সকলোৱে থপিয়া থপিকৈ তাৰ ঠানিমোৰ জীৱন-নৈৰ ঢৌবোৰ (১) : শাল নে শিল্পী?
ঠুনাবোৰ খৰিৰ কাৰণে নিয়ে। এই গছজোপাৰ খৰি কিন্তু কোনেও ব্যৱহাৰৰ কাৰণে ঘৰলৈ নিবলৈ সাহ কৰা নাছিল। ইয়াৰ খৰি গোঁসাই-ঘৰত গোঁসাইৰ কাজও জ্বলাইছিল। ই আমাৰ নিচেই সৰু কালৰ কথা। এই গছজোপাৰ তলৰ বলিয়া গোঁসাইৰ থানত চাকি-বন্তি জ্বলাই গৰু-ম'হ হেৰালে বা কাৰোবাৰ ঘৰত ল'ৰাছোৱালীৰ কিবা কাহ-জ্বৰ-লেং-ফুটনি-তেজগ্রহণী আদি অসুখ-বিসুখ হলে নৈবেদ্য দি, কল বঢ়াই শিশুসকলক বিলাই দিয়া সৰুতে আমি দেখিছিলোঁ।
বুঢ়া পুখুৰীৰ ওচৰতে আৰু এটা পুখুৰী আছে, তাক ন-পুখুৰী বোলে। নকৈ খন্দাৰ কাৰণে ন-পুখুৰী। ন-পুখুৰীৰ পানী আমি সকলোৱে খাইছিলোঁ। ন-পুখুৰী সৰু বুঢ়া পুখুৰীত সকলোৱে নামি গা ধোৱে। সেইবুলি মাজলৈ যাব নোৱাৰে। বৰ দ। থানি নাপায। গা নথয়। সৰু কালত আমি তাতেই সাঁতুৰিবলৈ শিকিছিলোঁ। গৰমৰ দিনত তাত নাদুৰি-সাঁতুৰি ডুবিযাই গা-ধোৱা আমাৰ কাৰণে এটা এৰাব নোৱাৰা আকর্ষণ আছিল। ল'ৰাজাকে এটা ঘাটত আৰু ছোৱালীজাকে অইন এটা ঘটিত গা-ধোৱা, সাঁতোৰা আদি কাম কৰিছিল। কেতিয়াবা পিছে আটাইবোৰ খেলিবলৈ লগ লাগি পৰিছিল। এডিঙি পানীত চাক পাতি মাজত উটেঙা এটা ওপঙাই থৈ হাতেৰে সকলোৱে থপৌ-থপৌকৈ থাল খেলি বা পানীত টৌৱা খেলি একেলগে সকলোৱে ডুব মাৰি আগে ওলাই যিকোনো এজনে ঔটেঙাটো ধৰি পুখুৰীৰ মাজলৈ দলি মাৰি দি তাক সাঁতুৰি আগে ধৰি অনা আমাৰ এটা প্রতিযোগিতামূলক খেলা হৈ পৰিছিল। তাকে কৰোঁতে কিমানে যে ঢোকাঢোকে পানী খাইছিল। তেনেকৈয়ে আমি ভেলা সাঁতোৰ, চিলনী সাঁতোৰ, থিয় সাঁতোৰ, মেকুৰী সাঁতোৰ, হাফোল মৰা আদি সাঁতোৰবোৰৰ আখৰা কৰিছিলোঁ। কেতিয়াবা মাজলৈ সঁতুৰি গৈ দুই-এজনে থিয়েথিয়ৈ হাত খাৰা কৰি ধৰি বুৰ মাৰি মাটিলৈ ভৰি নমাই দি থানি পায় নে নাপায় চাইছিলোঁ। হাতৰ আঙুলি পানীৰ ওপৰত নোলালে তাকে আমি থানি নোপোৱা দ বুলি তৰৰ ফালে সাঁতুৰি আহিছিলোঁ। ভেলা সাতোৰ দি মই পুখুৰীৰ ইপাৰ-সিপাৰ হ'ব পাৰিছিলো, কিন্তু থিয় সাঁতোৰহে ভালকৈ নাজানিছিলোঁ।
পুখুৰীটোৰ পাৰত তেঁতেলী, শিলিখা, আম, বেল, ঔটেঙা, কদম, বকুল, নাহৰ, তৰুৱা কদম, আমলখি আদি গছে ভৰি আছিল। আম গছবোৰৰো বেলেগ বেলেগ নাম আছিল। এডালৰ নাম চাহাবে-খাইতী। তাৰ আমবোৰ ডাঙৰ ডাঙৰ, বগা আৰু ৰহৰহীয়া। পকিলে ৰঙা হৈ পৰে। এডালক বুলিছিল - - - মেমে-খাইতী। আমবোৰ সৰু সৰু, কিন্তু পকিলে বৰ মিঠা। এডাল কাঠুবা। কাঠুৱা নে কাঠুবায়ে। আমঠুটোৱে সাৰ। পকিলে জাবৰুৱা, কিন্তু মিঠা। এডালৰ নাম চুৰাই-খাইতী। সেইজোপা ভীষণ টেঙা। পকিলেও তাৰ চোক কম নহয়, কিন্তু ৰসেৰে ভৰা। সি পকিলে ফাটে। তাৰ পকা আম চুহি খাবলৈ বৰ ভাল আৰু চুৰাৰ দৰে মিঠা। ই ল'ৰা-ছোৱালীবোৰৰ বৰ প্রিয় আছিল। অইন এজোপাৰ নাম জলপার্নে-খাইতী। জলপানে-খাইতীৰ আম কেঁচাতে কোনেও নাখায়। পকিলে তাৰ নিচিনা সোৱাদ আৰু তৃপ্তিকৰ আম নাই।
চুহিলে ৰস চৌ-চৌকৈ ববলৈ ধৰে। কিলাকুটিয়েদি মাটিলৈ সোঁত বয়। ইফালে মুখত দিলেই পেট পায়গৈ, ইমান মিঠা! বখলিয়াই ছালচটা অলপ গুচাই লৈ তাক চুহি খাবলৈ বৰ ভাল। এজোপাক বুলিছিল - দহাকৰাৰ আম। পুখুৰীৰ এচুকত এইজোপাৰ স্থান। তাৰ তলত মানুহে মৃতকুৰ দহা-কৰ্ম কৰিবলৈ ঠাই বিচাৰি লৈছিল। সেইকাৰণে তাৰ নাম দহাকৰা আম। পুখুৰীটোৰ উত্তৰ-পছিমে আওহতীয়া এটা চুকত সি ঠাই পাইছিল। সেইজোপা আমগছৰ আমবোৰ ডাঙৰ ডাঙৰ, উধনীয়া আৰু সম্পূৰ্ণকৈ নগকিলেও তাক খাই তৃপ্তি পোৱা যায়, সিমান টেঙা নহয, মতফলীযা। পকিলে সমূলি টেঙা নাথাকে। পেট ভৰাই খাব পাৰি। মৃতকৰ দহা কৰা ঠাই বাবে সৰু ল'ৰাছোৱালীয়ে তালৈ অকলে যাবলৈ ভয় কৰিছিল। চুৱা বুলি ডাঙৰবোৰেও আলেঙেআলেঙে গৈহে আম বুটলিছিল। এজোপা আমলখি আছিল, তাৰ গুৰি-গছডাল বৰ প্ৰকাণ্ড। তাৰ তলসৰা পকা আমলখি খাই উঠি কচু-পাতত ন-পুখুৰীৰ পানী দুঢোকমান খোৱাটো আমাৰ এটা চখ হৈ পৰিছিল। চখ নুবুলি খখ (খক) বুলিবই পাৰি। আমলখুজোপা পছোৱা বতাহত উঘালি পৰিল। সেই আমলখুজোপাৰ পাৰটো বৰষুণতো ঢপঢ়পীয়া আৰু ক'তো অলপো বোকা-পানী নথকা শুকান, চাফা আৰু ফইলং হৈ থাকে। পুখুৰীটোৰ সেই অংশৰ পানী দ। বোকা কম। পাৰটোও থিয়-গৰা। গতিকে আমি দূৰৰপৰা লৰাশাৰী মাৰি আহি সেইখিনিতে পুখুৰীৰ পানীত জাপ মাৰি পৰি সাঁতোৰ মেলা অভ্যাস কৰিছিলোঁ। সি যেন প্রকৃতিযে সাব্জি দিয়া এটা চুইমিং পুলহে। পুনু পুনু পাৰলৈ উঠি গৈ পুনু পুনু পানীত জপিযাই পৰি সাঁতোৰ মেলা আমাৰ কাৰণে বৰ কৌতূহলৰ কাম আছিল। বহুতে পিন্ধা গামোচাখন আমলখুৰ তলতে দলি মাৰি থৈ পানীত জপিযাই পৰি সাঁতোৰত মগ্ন হৈছিল। তেনেকৈ পানী ঘোলা কৰি বহল পুখুৰীটোত সাঁতুৰি ফুৰোঁতে কেতিয়াবা আমাক জোকেও ধৰিছিল। জোক কিন্তু সেই পুখুৰীটোত কম আছিল। এবাৰ আমাৰ লগৰে ৯। ১০ বছৰীয়া ছোৱালী দুর্গেইক জোকে খাই নাই-জোকা কৰিছিল। বহুত তেজ যোৱাৰ পাছত ডাক্তৰে চিকিৎসা কৰিহে তেওঁক ভাল কৰিছিল। তাৰ পাছত কিছু দিনলৈ আমি জোকৰ ভয়তে পুখুৰীত সাঁতোৰা নাছিলোঁ। পিছে ক্রমে ক্রমে সেইটো পাহৰি - পুনৰেব পাপী, পুনৰেব পৰিদ্ৰঃ - - হৈ পৰিছিলোঁ।
পিতাই দুপৰীয়া পইতা বা ৰন্ধা ভাত খাই উঠি পাটী পাৰি বহা-ঘৰৰ মজিয়াতে জিৰণি লৈ এক ঘুমটি মাৰিছিল। মোক বা বাইদেউহঁতৰ কোনোবা এজনক বিচি থাকিবলৈ তেওঁ দায়িত্ব দিছিল। কেতিয়াবা আমি বিনীৰে বিচি থাকি থাকি পিতাক ভালকৈ টোপনি যোৱা যেন গম পালে লাহেকৈ বিচনীখন কাষতে থৈ হাতত-সাৰে ভৰিত-সাৰে আঁতৰি গৈ আমলখুৰ তল পাওঁগৈ আৰু তাৰপৰা পুখুৰীত জাঁপ দি পৰি সাঁতোৰাত লাগোঁ। তাকে কৰোঁতে কেতিয়াবা বিপদতো নপৰাকৈ নাছিলোঁ।
এদিনৰ কথা। পিতাই মাজু বাইদেউ আৰু সৰু বাইদেউ দুয়োকো এটাৰ পাছত আনটোকৈ বিচি থাকিবলৈ বাব দিছিল। মোক কাষতে বহি নেওতা মুখস্থ
মোৰ জীৱন-নৈৰ টোবোৰ (১) : টিপ্টিপেলি চৰেই পৰ্বত লবে তুমি ৬০৫
কৰিবলৈ কৈছিল। আমি নিজ নিজ কাম কৰি থাকি পিতাক টোপনিত পৰা যেন পাই তিনিও লগ হৈ গৈ পুখুৰীত সাঁতুৰিছিলোঁ। এনেতে পিতাই কেনেবাকৈ সাৰ পালে, হয়তো মহ বা মাথিৰ কামোৰত নতুবা গৰমৰ কাৰণে। তেওঁ উঠি পোনেই গৈ পুখুৰীৰ পাৰ পালে আৰু মোক ভালমুখে মাতি মৰম কৰি ফুচুলাই হাত কৰি ল'লে। বাইদেউহঁতক মতাত তেওঁলোক নাহিল : লৰ মাৰি আঁতৰি গ'ল। পিতাই লৰি গৈ এজনীক এখন হাতেদি ধৰি আনি ইজনীকো মোৰ হতুৱাই ধৰাই আনিলে। তেওঁ তেতিয়া দুযোকো দুখন হাতে ধৰি লৈ - আগলৈ আৰু এনে কাম নকৰোঁ বুলি কোৱাই চৰিয়া-চৰি কৰিবলৈ দিলে। আগলৈ আৰু তেনে কাম দিলে এৰি নাযাওঁ বুলি সইত খাবলৈও দি দুয়োকো এৰি দিলে। মই কোনোমতে ফাঁকতে মাৰ নোখোৱাকৈ সাৰিলোঁ।
গৰখীয়া হৰ বৰডেকাই আমাক বৰ মৰম কৰিছিল। তেৱেঁই আমাক পোনতে হাতত ধৰি নি পানীত এৰি দি সাঁতুৰিবলৈ শিকাইছিল। লগৰীয়াৰ লগত একঁকাল এবুকু পানীত নামি ঔটেঙাৰে পানীত ঢৌ তুলি লৈ ঢৌৱা খেলিবলৈ শিকাইছিল। তেওঁ শিকোৱামতে কেতিয়াবা আমি ডুব মাৰি পানীৰ তলত কোনে কিমান পৰ থাকিব পাৰোঁ পৰীক্ষা চাইছিলোঁ। হৰ বৰডেকা আছিল আমাৰ শিক্ষক আৰু পৰীক্ষক। ডুবিয়াই পানীৰ তলে তলে মাছ যোৱাদি কোনে একে ডুবতে কিমান দূৰ যাব পাৰোঁ তাকো চাইছিলোঁ। পানীৰ তলত বৰকৈ বুৰ দি থকাৰ ফলত কেতিয়াবা চকু সকলোৰে শাল মাছৰ চকুৰ দৰে ৰঙা হৈ পৰিছিল। সেইদেখি পানীত নমাৰ আগে আগে তেওঁ আমাক ৰগৰ কৰি সুধিছিল - আজি পিছে শাল নে শিঙী? অর্থাৎ চকু ৰঙা কৰিবি নে ক'লা কৰিয়ে এৰিবি? শাল মাছৰ চকু ৰঙা, শিঙীৰ হ'লে ক'লা - যদিও দুয়োটা মাছ দেখাত প্ৰায় একে। ২৪/২/৮৫
টিপ্টিপেলি চৰেই পৰ্বত লৱে তুলি
আমাৰ গাঁৱৰ উত্তৰ ফালে হাজাৰাপাৰা বুলি এখন ডাঙৰ গাঁও আছে। ভিন ভিন জাতৰ পোন্ধৰ-কুৰি ঘৰ মান মানুহত বাহিৰে গোটেই হাজাৰাপাৰা গাঁওখন কোচ আৰু কাটনি মানুহে ভৰা। তাৰে কিছুমান মানুহৰ বিশেষ বিশেষ কিছুমান কামৰ গুণ সকলোৰে মাজত জনাজাত হৈ পৰিছিল। মই তাৰে দুই-এজন মানুহৰ নাম আৰু কামৰ মোল আজিও পাহৰিব পৰা নাই। বীণা গাঁওবুঢ়া, তনু ডেকা, বেঙেৰা গাঁওবুঢ়া,
গঙ্গা খোৰা, মাঘো ঢুলীয়া আদি তেনেকুৱা কেইটামান স্মৰণীয় নাম। গছৰপৰা পৰি কাৰোবাৰ হাত-ভৰি ভাঙিলে নতুবা কাৰোবাৰ গৰু-ম'হ-ঘোঁৰা আদিক কোনোবাই মাৰি ঠেং খোৰা কৰিলে পোনেই বীণা গাঁওবুঢ়াৰ নাম ল'বই লাগিব। দুছেও হৈ যোৱা হাড়ো তেওঁৰ টিপেনি মন্ত্ৰ আৰু বনৌষধিৰ গুণত জোৰা লাগিবই লাগিব। এই বিষয়ত সেই অঞ্চলত তেওঁৰ ওপৰত ডাঙৰ বৈদ (বৈদ্য) আৰু দোচোৰা এজন নাছিল। জিলাৰ বৰ ডাক্তৰতকৈও তেওঁ শব্দ-ফুটা ডাঙৰ ডাক্তৰ! তামোল খাই থকা ৰঙা মুখৰ মিঠা হাঁহিটিৰে সৈতে মিহি মিহিকৈ মৰম লগা কথা কোৱা সেই বীণা গাঁওবুঢ়াক যি এবাৰ লগ পাইছে তেওঁ পাহৰিব নোৱাৰে। বীণা গাঁওবুঢ়াৰ ছবি মোৰ মানস পটত যেন আজিও জিলিকি আছে। তেওঁ ভাগি লৰক্-ফৰক্ হৈ যোৱা হাঁড় আৰু কটা গৈ দুছেও হ'ব খোজা হাত-ভৰি ঝিপিনা বান্ধি গৰলৰ দাৰু দি ভাল কৰাৰ অনেক ঘটনা মই স্বচক্ষে দেখিছোঁ।
ইফালে আকৌ গঙ্গা খোৰাৰ কথা কওঁ। গঙ্গা খোৰাৰ ওপৰত গছত উঠাত বিশেষকৈ সন্ধিৰ মাজতো সোমাই মৌ-পাৰাত পৈণত লোক আৰু দ্বিতীয় এজন নাছিল। দেখাত আৰু নামতহে খোৰা, কিন্তু গছত উঠাত হনুমানৰ বংশধৰ ।
ঘৰৰপৰা এক গেৰিৰ বাটতে বাঁহ-বাৰী বুলি আমাৰ এখন এৰা বাৰী আছিল। তামোল, পাণ, লেটুক (লেটেকু), পনিয়ল, জাতি বাঁহ, ভলুকা বাঁহ, পমা, ডেৱা, আঁহত, পাকৰি, কহিমলা, আম, কদম আদি হৰেক ৰকমৰ গছ আৰু ফলমূল তাত ভৰি আছিল। বাৰীখনৰ পূবে থকা এটা হোলাৰ পাৰৰ বাটৰ দাঁতিৰ এজোপা প্ৰকাণ্ড পমা গছত বৰ-মৌৱে প্ৰতি বছৰে অন্ততঃ এবাৰকৈ বাহ লৈছিল। কেতিয়াবা বছৰৰ ভিতৰতে দুই-তিনি বাৰো। আঁউসীৰ আগে আগে মৌৰ বাহ মৌ-ৰসেৰে ভৰি পৰে। গছজোপাত পিছে এলাপেচা মানুহ উঠিব নোৱাৰিছিল। তাৰ কাৰণ, গছজোপা বেত আৰু ঢেঁকীয়া-নতাই আলফুলকৈ আৱৰি ৰাখিছিল। সেইবোৰৰ দুর্ভেদ্য আৱেষ্টনী হেলাৰঙে ভেদ কৰি গঙ্গা খোৰাই কিন্তু বাল্টিয়ে বাল্টিয়ে মৌ-ডিলা আৰু মৌ-জোল কাটি অনা দেখিলে কোনোৱে বিস্ময় নহৈ নোৱাৰিছিল। তাতে, তেওঁ সদায় ৰাতিহে মৌ পাৰিছিল, দিনত নাপাৰিছিল। মৌ পাৰিবৰ দিনা আবেলিৰেপৰা আমাৰ ফূৰ্তি চায় কোনে? নাল লগোৱা কোৰাৰে (কোৰোকাৰে) প্রত্যেককে আমাক পি খাবলৈ তেওঁ দুকোৰামানকৈ মৌ-ৰস দিছিল। তাৰেই যেন আমাৰ পেট ভৰি গৈছিল। মৌ-ডিলা দাঁতেৰে চোবাই চোবাই মৌ-জোল উলিয়াই চুহি খোৱা কি যে তৃপ্তিদায়ক। তাতে দাঁতৰো শ্ৰম হয়, চুপি খাওঁতে ওঁঠতো তৃপ্তি লাগে। পিছে মৌৱে কোনো এদিনো গঙ্গা খোৰাক কামোৰাৰ কথা আমি শুনা নাছিলোঁ। গছজোপাক সাবটি থকা ঢেঁকীয়ালতা আৰু ওলমি থকা বেতবোৰ পিতাই ইচ্ছা কৰিয়ে কটোৱা নাছিল ; কাৰণ, কাটিলে ছেগ চাই যেয়ে সেয়ে মৌ পাৰি নিব, এয়ে আছিল আংশকা।
সাধাৰণতে মৌৱে জোকাই নল'লে কাকো নাকামোৰে। পিছে এবাৰ পিতাক বুঢ়া বয়সত অকস্মাৎ এদিন মৌৱে আগুৰি ধৰি কামোৰা দেখি আমাৰ চুৰ্তি-বুদ্ধি
মোৰ জীৱন-নৈৰ ঢৌৰোৰ (১) ঃ টিপ্টিপেলি চৰেই পৰ্বত লবে তুমি ৬০৭ হেৰাইছিল। সেই ঘটনাটোৰ কথা মনত পৰিল যেতিয়া কৈ খোৱাই ভাল। পিতাৰ এটা অভ্যাস আছিল - সদায় গা ধোৱাৰ আগেয়ে দুপৰীয়া হাতত ঘটি এটাত পানী লৈ দূৰলৈ হাবিত শৌচ কৰিবলৈ যাব লাগে। এদিন দুপৰীয়া দেখোঁ যে তাকে কৰিবলৈ গৈ উভতি আহোঁতে তেওঁ বেমোৰোলভাৱে চিয়ঁৰ-বাখৰ কৰি লৰি আহিছে। তেওঁৰ মূৰৰ ওপৰত এজাক মৌ। আমি পোনতে বৰল বুলি ভাবিছিলোঁ। মোৰোৰে তেওঁক খেদিছে আৰু গায়ে-মূৰে কামুৰিছে। তেওঁ বিকটভাবে চিৰি-আই, বোপাই-ঔ, খালেস্ট, মৰিলোঁ-স্ট কৰিছে। আমি কাপোৰ জাপি দি ৰক্ষা কৰিব খুজিছিলোঁ, তাতো একো ফল নধৰিলে। সিহঁতে এৰি নাযায়, মূৰৰ ওপৰতে উনি থাকে আৰু কাপোৰৰ তলেদি সোমাই কামোৰে ।
ভাগ্য ভাল, ঠিক সিদিনারে ঘটনাক্রমে একপৰমান বেলি যোৱাত আমাৰ ঘৰলৈ ডাহী গাঁৱৰপৰা আমাৰ ডাঙৰ বাইদেউ শৈব্যা আহিছিল। তেওঁ ঘটনাটো দেখি উপস্থিত বুদ্ধি খটাই তৎক্ষণাৎ আমাৰ ওচৰৰে বুঢ়ী এজনীৰ ঘৰলৈ গ'ল আৰু চকুৰ পচাৰতে তেওঁৰ ঘৰৰপৰা শুকান মাছ আৰু চুঙাত থোৱা মাছ-খুদা এচিকটা খুজি আনি ধান খেৰৰ লুৰা এটাত জুই লগাই লৈ তাতে শুকান মাছ আৰু মাছ-খুদা পেলাই দিলে আৰু তাৰ ধোঁৱা দিবলৈ মৌবোৰৰ ওচৰলৈ খেদি গ'ল। কি আচৰিত, সেই ধোঁৱাৰ অলপ বাচ পায়ে মৌবোৰ জাকেদি উৰি পলাল, এটাও তাত নাথাকিল। পিতা ৰক্ষা পৰিল। মৌৰ গুংবোৰ ক'লা কচুৰ পাতেৰে কাঢ়ি উলিয়াই তাত বেজৰ শাক-দাৰু দি পিতাক আমি আৰোগ্য কৰিলোঁ। সিদিনাই জানিব পাৰিলোঁ - ওকান মাছ বা মাছ-খুন্দা পুৰি ধোঁৱা দিলে মৌৱে সেই ঠাই এৰি দূৰলৈ পলায়। সিমানেই নহয়, মৌৱে বাহু লোৱা গছত শুকান মাছ বা মাছখুন্দা আঁৰি থ'লেও তাত হেনো কোনো কালে মৌৱে বাহ নলয়। কোনোবাই সেই কূট-কৰ্মফেৰা জানিব পাৰি আমাৰো সেই মৌ বাহ লোৱা পমা গছজোপাত তাকে কৰিছিল। তাৰে ফলত এতিয়া তাত মৌৱে বাহ ল'বলৈ এৰিলে। কেতিয়াবা জিৰাবলৈ বুলি উৰি উৰি আহিলেও অলপ পৰ ভোমেৰি থাকি আঁতৰি যায়।
খুন্দা-মাছ বা মাছ-খুন্দাৰ অন্য নাম চুঙা-সোন্দেৰী (সুন্দৰী)। ভকতীয়া কথাত ইয়াক 'পদোচেনি'ও বোলে। এই বিষয়ে ড° সূৰ্য্যকুমাৰ ভূঞাই 'স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহ' গ্ৰন্থত মোৱামৰীয়া বিদ্ৰোহৰ কথা কওঁতে এটি কাহিনী বর্ণনা কৰিছে ৪ এবাৰ গোপালদের উজনিত থকা অনিৰুদ্ধদেৱৰ সত্ৰ চাবলৈ গ'ল। এদিন অনিকদেরে গোপালদেৱক ভোজনলৈ নিমন্ত্ৰণ কৰিলে আৰু সেই ভোজনত মাটি মাহত ওকান মাছৰ চেনা দি ৰন্ধা এখন আড্ডা খাবলৈ দিলে। গোপালদেরে মাছৰ আজাৰে তিনি গৰাহ ভাত পেটলৈ নিওঁতে চতুর্থ গ্ৰাসত বিক্চিনা লাগি আৰু পেচলৈ নিব নোৱাৰা হ'ল। গোপালদেৱে অনিৰুদ্ধদেৱক কি বস্তু বুলি সোধাত অনিৰুদ্ধদেৱে ক'লে, ই বহু অতি গুপ্তশাস্ত্ৰৰ আচৰণীর মতৰ বস্তু। আমি এই বহুবেই অৰ্দ্ধেক দেশ বণ্যতা কৰি শিষ্য কৰি আছোঁ। বিশেষ, এই বছৰ উৎপন্ন আমাৰ মোৱামৰা বিনতে। তাতে
ৰোহিতাদি মীনসকল উৎপন্ন হয়। তাকে চর্ম দূৰ কৰি ফালি খণ্ড খণ্ড কৰি চাং পাতি অন্য জন্তু-মনুষ্যে স্পৰ্শ নকৰাৰূপে নিৰ্জান থানে দি ধনু ধৰি ৰাখি থাকে। আমাৰ পত্নীসকলে গধূলি চপাই থয়। প্রত্যুষে দিয়ে। ইহাৰ নাম শাস্ত্রমতে 'পদোচেনি' কহে। সখি, ইয়াত কিঞ্চিৎ ভ্রাপ্তি নহ'বা। অগ্নিত শুষ্ক দগ্ধ যেনে ৰৌদ্ৰেও সেইমতে দাহ কৰে। অগ্নি সূৰ্য্য সমান ব্ৰহ্ম। এই কাৰণে কিঞ্চিৎ আশঙ্কা নকৰিবা।"
অনিৰুদ্ধৰ মুখৰপৰা আদ্যস্ত শুনি শুকান মাছ বুলি ধুৰূপ জানি বাহিৰলৈ আহি গোপালদেৱে খোৱা গ্ৰাস সকলোখিনি উদৰৰপৰা বহিৰ্গত কৰিলে আৰু ঈশ্বৰ গুৰুপুৰুষৰ নাম লৈ গুদ্ধপুৰুষ হ'ল। * * খুন্দা শুকান মাছৰ গুডিও পদোচেনির অন্তর্গত।
একে বস্তু।
চুঙাসোন্দেৰী তৈয়াৰ কৰাৰ বিশেষ প্ৰণালী আছে। তাক জনাইহে জানে। আমি জনাত শুকান মাছ খুন্দি গুড়ি কৰোঁতে তাৰ লগত নৰসিংহৰ পাতৰ গুড়ি, আৰু পিঁয়াজৰ পাতৰ গুড়ি আৰু অইন কিবাকিবি মছলা গছৰ পাতৰ গুডি মিহলাই বাঁহৰ চুঙাত ঠাহি ঠাহি ভৰাই বতাহ সোমাব নোৱৰাকৈ সোপা দি থ'লে এবছৰ-দুবছৰ নহয়, কেইবা বছৰলৈও সি ভালে থাকে। জুইৰ ওপৰত অলপ সেকি লৈয়ে তাক খাৰ, তেল সানি খোৱা যায। বুঢ়া লোকৰ ই বৰ উপাদেয় খাদ্য। আমাৰ পিতাই কিন্তু তাৰ নামকে নুশুনিছিল আৰু চুঙাসোন্দেৰী খোৱা সেই বুঢ়ীজনীক তাৰ বাবে 'চুঙাসোন্দেৰী বাই' বুলি উপলুঙা কৰি হাঁহিছিল। বুঢ়ীয়ে হাঁহি মাৰি সদায় উত্তৰ দিছিল, হাঁহ তহঁতে : হাঁহিলে তহঁতৰহে দাঁত ওলাব, মোৰ কি হ'ব? মই মোৰ কাম কৰিমেই।
বাৰিষা চাহ-ধপাত লৈ পথাৰলৈ গৈ হালুৱৈক (হালোৱাক) চাহ-ধপাত খুউৱা মোৰ বৰ হাউচৰ কাম আছিল। খেটেংপাৰাৰ জালাল সেখ আমাৰ চিৰস্থায়ী বন্ধা হালুৱৈ আছিল। মনত পৰা দিনৰেপৰা তেওঁৰ জীৱনৰ শেষ দিনলৈকে আমি তেওঁক আমাৰ ঘৰত হাল বোৱা দেখিছিলোঁ; অৱশ্যে কি বন্দবস্তুত হাল বাইছিল ভালকৈ নাজানিছিলোঁ। কেতিয়াবা জানিব খুজিলে তেওঁৰ উত্তৰ পাইছিলোঁ - - - আদাৰ বেপাৰীয়ে জাহাজৰ খবৰ লৈ কি কৰিবি? তহঁতে নিজৰ নিজৰ কাম কৰ।
খেটেংপাৰা আমাৰ গাঁৱৰ লগতে থকা লগালগি গাঁও। এটা সৰু আলিবাটৰ ইফালে, আমাৰ হিন্দু মানুহ আৰু সিফালে খেটেংপাৰাৰ মুছলমানসকল থাকে। উৎসৱে-পার্বণে বিপদে-আপদে আমি তেওঁলোকক এৰিব নোৱাৰোঁ ; তেওঁলোকেও আমাক নেৰে। আমাৰ ঘৰৰপৰা পোনে পোনে জালালৰ ঘৰ তিনি ফার্লঙো দূৰ নহয়। তেওঁক আমি ঘৰৰ সকলো ল'ৰা-ছোৱালীয়ে জালাল ককাই বুলি সম্বোধন কৰিছিলোঁ।
মোৰ জীৱন-নৈৰ ঢৌবোৰ (১) ঃ টিপ্টিপেলি চৰেই পৰ্বত লৱে তুলি ৬০৯ সঁচাকৈরে আমি মনতে ভাবিছিলোঁ-জালাল ককাই আমাৰ ঘৰৰে এজন; কেবল ধৰ্মতহে বেলেগ আৰু থাকে বেলেগে। আমি তেওঁক কেতিয়াবা কেতিয়াবা জানান কাই বুলি চমুৱাই মাতিছিলোঁ। তেৱোঁ আমাৰ পিতাক কাকা (ককাই) বুলিছিল : পাটগিৰি কাকা। তেওঁ আমাৰ তালৈ আজৰি পৰত আহিলে পোনেই দুখৰীয়া পীৰা এখন বা ভগা চটিয়া (চটাই) ঢাৰি (ঢা) এখন নিজে টানমাৰি আনি পাৰি বছে। বহেও বহে বৰঘৰ বা ৰান্ধনি ঘৰৰপৰা যথেষ্ট দূৰত। গোহালি বা বাট ঘৰটোৰ ওচৰত। তাত অকণো মান-অপমান বোধ নকৰে। যাবৰ সময়ত নিজেই আকৌ পীৰা বা ঢাৰিখন কাষৰীয়াকৈ তুলি থৈ যায। কেতিয়াবা আমিয়ে দৌৰি গৈ পীৰা বা চটিরা-ঢাৰিখন দিওঁ।
পিতাই পথাৰত হাল-কোৰৰ কাম কৰোঁতে কেতিয়াবা গাখীৰ-পানী খাইছিল। জলপান নাখাইছিল। ধপাতো নাখাইছিল। ধপাত যে পিতাই কোনোদিন নাখাইছিল - এনে নহষ, খাইছিল, আৰু খাইছিলও - - - এচিলিমৰ পাছত আৰু এচিলিমকৈ লগাই লৈ সুন্দৰ হোকা এটাত বাৰুকৈয়ে মৌজ লগাই লগাই। হোকাটোৰো আকৌ ৰূপেৰে বন্ধোৱা ওপৰখনত ফুলকটা আছিল আৰু তাৰ তলৰ অংশ আছিল নাৰিকলৰ খোলাৰ। ৰাতিপুৱা হ'লে হোকাৰ পানী সলাই তাৰ নলিডাল লোহাৰ গজিৰে গজিয়াই চাফা কৰি নতুনকৈ পানী ভৰাই ধুই-পখালি থোৱা কাম মাই নিজে কৰিছিল, নতুবা বাইদেউহতঁৰ হতুৱাই নিজৰ তদাৰকত কৰাইছিল। কেতিয়াবা হাটৰপৰা মছলা দিয়া ধপাত কিনি আনি হোকাত খালে তাৰ ধোঁৱাৰ সুগন্ধাই ওচৰৰ ঠাইডোখৰ তেনেই মলমলাই আছিল। ধপাতৰ আমোলমোল গোন্ধেই ল'বা নে গুৰুত্-গুৰুত্ (টোৰোক-টোৰোক) ধ্বনিকেই শুনিবা!
১৯২১ চনৰ মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনৰ সময়ৰ কথা। পিতাহঁতে গুৱাহাটীলৈ মহাত্মা গান্ধীক চাবলৈ মাণ্টাকাটা পাহাৰৰ ওপৰৰ শিলাময় ওখৰা-মোখৰা বাটেদি দলবান্ধি খোজকাঢ়ি গৈছিল। বাটত খাবলৈ চুৰাসনা শুকান পিঠাগুৰি আৰু দোপা আঠীয়া কল মোনাত ভৰাই নিযা দেখিছিলোঁ। গান্ধীৰ মিটিং শুনি আহি ঘৰ পায়ে পোনেই বিলাতী বস্তু বুলি ছাতাটো জুই লগাই পুৰি উঠি ৰাগিয়াল বস্তুৰ সঁচকে মাৰোঁ বুলি মৰমৰ সেই সদায় খোৱা হোকাটো উলিয়াই আনি নিজ হাতে বৰঘৰৰ দুৱাৰমুখৰ শিলটোত আফলিয়াই ভাঙি পেলাইছিল। হোকাৰ নাৰিকলৰ কোৰোকাটো ভাগি চুৰমাৰ হৈ যোৱাত ৰূপৰ ফুলকটা খোলটো এটা বাটিৰ দৰে হৈ আছিল। সেইদিনা পিতাৰ সেইখন লঙ্কাকাণ্ড দেখি ভষতে আমি পেপুৱা লাগি বিভঙ্গে পলাইছিলোঁ। ভাবিছিলোঁ - - পিতাৰ কিবা নহ'ব লগা হ'ল। তেওঁক কিহবাই পালে। তেওঁৰ পগলা ঝাই উঠিছে। পিছতহে জানিব পাৰিছিলোঁ - ই তেওঁৰ মহাত্মা গান্ধী দৰ্শন কৰাৰ আৰু গান্ধীৰ মিটিং শুনাৰ ফল। সেই দিনত অসহযোগ আন্দোলনৰ সভাবোৰক গান্ধীৰ মিটিং বুলিছিল আৰু সেই মিটিং শুনিবলৈ মানুহে দহো বন কাতি কৰি থৈ হিন্দ'ল ভাঙি আহিছিল।
আগতে কৈছোঁ - -পিতাই হালতলীত বেলি পোন হোৱালৈ হাল-কোৰ কৰিবলগীয়া হ'লে কেঁৰা-দুপৰীয়া শুদা গাখীৰ-পানী এবাটি মাত্ৰ খাই পিয়াহ পলুৱাইছিল; জা-জলপান একো নাখাইছিল। দুপৰীয়া গা নোধোৱালৈকে তেওঁ একো গোটা বস্তুকে ভক্ষণ নকৰিছিল। জালাল ককারে হলে চাহ-প্রপাত আদি খাইছিল। খাইছিল যদিও কিন্তু বহুতৰ দৰে তেওঁ লুভীয়া নাছিল। অল্পাহাৰী হৈও তেওঁ কঠোৰ পৰিশ্ৰম কৰিব পাৰিছিল। কেতিয়াবা পিতাক আলিৰ পাহ কাটি, মাটি জাপি খেতিৰ আলি বন্ধা কামত বৰকৈ লাগি থকা দেখিলে তেওঁ কৈছিল - -চাওঁ কাকা মোক দি, তই অলপ জিৰৌচোন (জিৰণি ল-চোন), - এইবুলি কোৰখন টান মাৰি নি নিজে লাগি গৈছিল।
মই নিজে জীৱনত হালৰ মুঠিত ধৰি পোৱা নাই। ধৰিব যে নুখুজিছিলোঁ এনে নহয় ; পিতাই ধৰিবলৈ নিদিছিল। তেওঁ কৈছিল - মই জীয়াই থকাত তই অইন যিহকে কৰিলেও অন্ততঃ হালৰ মুঠিত নধৰিবি। মই ধৰিবলৈ নিদিওঁ। একেডাল ধূপৰ ঠাৰি : নালাগে তই মোক হাল বাই খুৱাব।--কেতিয়াবা বৰকৈ কাউচি কাঢ়ি থাকিলে লোটা-মৈত উঠিব দিছিল : তাকো অলপ সময়ৰ কাৰণে, আৰু লোটা-মৈতহে ; কামাৰা-মৈত নহয়। তাৰ কাৰণটো পিছতহে বুজিছিলোঁ। লোটা-মৈৰপৰা কেনেবাকৈ পিচলি পৰিলেও মৈখনে বৰ বেছি আঘাত নকৰে। বৰ বেছি হ'লে ওপৰেদি চুঁচৰি গুচি যায় ; কামাৰা-মৈত হলে হাত-ভৰি ভাঙি চেলাই-বখলিয়াই নিয়াৰ সম্ভাৱনা থাকে। পেয়াক (বোকা) দিবৰ সময়ত লোটা-মৈত উঠা বৰ আৰামৰ কথা : মিহি ৰাক্তাৰ ওপৰেদি মটৰ গাড়ীত থিয় হৈ যোৱা যেন লাগে। তলত ওখৰা-মোথৰা দলিচপৰা নাথাকি পানী-মিহলি মিহি মাটি থকাৰ কাৰণে তেনে হয়। তথাপি এদিন মৈৰপৰা পৰি ভৰিত অলপ আজাৰ পোৱাত মায়ে পিতাক বাৰুকৈয়ে বকিছিল। পিতা সিদিনা মন্ত্ৰমুগ্ধ সাপৰ দৰে নীৰব হৈ আছিল ; উত্তৰ একো দিয়া নাছিল। তেওঁ নিজেও নিজক দোষী দোষী বুলি ভাবিছিল হ'বলা। লুৰা আৰু জুগুণ্ডিত (জুমুধিত) জুই লৈ তামোল-চাহ-এপাতেৰে সৈতে পথাৰলৈ যাবলৈ অকল ময়ে নহয়, বাইদেউহঁতেও বৰ হেঁপাহ কৰিছিল। তেওঁলোকে হাতত অইন একো নিবলৈ নাপালে জাকৈখনকে লৈ গৈছিল। হালতলীৰ কাষৰ পানীত দুই-এচাব মাৰিব বা দুই এটোচা টানিব। তেনেকৈ পুঠি-খলিহনা মাছ কেতিয়াবা ভালকৈয়ে একো সাজৰ জোখাৰে পাইছিল।
বৰি মাটিত কঠীয়া পাৰাৰ সময়ত কেতিয়াবা বৰ কষ্ট হৈছিল। বেলা ভাঠি দিয়ালৈকে পিতাহঁত পথাৰতে থাকিবলগীয়া হৈছিল। সাধাৰণতে চঢ়া (চৰা, ওখ) বাকাত (বাকৰিয়নিত) কঠীয়া পাৰা হয়। কঠীয়া পাৰাৰ সময়ত বৰষুণ হৈ থাকিলে পেয়াক দিবলৈ আৰু তাতে কঠীয়া সিঁচিবলৈ সহজ হয়। সেয়ে নহ'লে ওচৰৰ খালডোং, ডোভা, পুখুৰী আদিৰপৰা খলা কাটি পানী সিঁচি বাকৰাত জুলিৰ সহায়ত পানী তুলিব লাগে। লেহেতি আৰু সেনি (সিঁচনী) দুয়োবিধ সজুলি ব্যৱহাৰ কৰিবলগীয়া
মোৰ জীৱন-নৈৰ ঢৌবোৰ (১) : যি কৰে পৰত, তাৰ মিলে ঘৰত ৬১১
হয়। লেহেতিৰে খালৰপৰা পানী সিঁচি বাকৰাত তুলি তাৰপৰা ভুলি কাটি আৰু সেনিৰে দূৰলৈ ছটিয়াই দি পানী তুলি লৈ কঠীয়া পাৰিবৰ কাৰণে মাটি তৈয়াৰ কৰা হয়। কেতিয়াবা কেতিয়াবা চখতে আমিও সেনিৰে পানী সিঁচিছিলোঁ। লেহেতি দুজনে পানীৰ গাঁতৰ দুইমূৰে থাকি ৰছীৰ সহায়ত টানে। ই যথেষ্ট কষ্টকৰ কাম। মই সেইটোত সিমান হাত দিয়া নাছিলোঁ। হাত দিবলৈ গ'লেও লগৰীয়া নাপাইছিলোঁ কাৰণ, মোৰ লগত কোনেও লেহেতি টানিবলৈ আগবাঢ়ি নাহিছিল। সম্ভৱ মই তাৰ লায়েক নহওঁ বুলিয়েই। কাৰোবাক মই আগ্ৰহেৰে মাতিলেও তেওঁ হাঁহি মাৰি উত্তৰ দিছিল -
টিপ্টিপেলি চৰেই (চৰাই) পৰ্বত লৰে তুলি। ঢোল হান ডিমা পাৰে চুঙাৰ বাঙুলি।।
বাপা, বৌ-থৌ (থ-থ)। এৰী পেলৌ, কপাহ নৌ।।
এই বচনটোৰ 'এৰী' শব্দৰ ইয়াত দুটা অৰ্থ - 'এৰী' আৰু 'এৰি'। বহুতে 'কপাহ'ৰ ঠাইত 'মৃগা' বোলে। ই এটা প্রবচন। ১৭/১২/৮৪
যি কৰে পৰত, তাৰ মিলে ঘৰত
ইতিপূৰ্বে বৰশী বোৱা পৰ্যটোৰ কথা কিছু কৈ আহিছোঁ। তাতে আজি আৰু অলপ যোগ দি আৰম্ভ কৰিব খুজিলোঁ। পিঠাৰ টোপেৰে পুঠি, চেলেকনি আদি সক সৰু মাছ ধৰাটোত একপ্ৰকাৰৰ আমোদ আৰু বৰল, ভেকুলী-পোৱালি, মকৰা, কেঁচু আদিৰ টোপেৰে শ'ল, কাৱৈ, মাশুৰ, চেং-আদি মাছ ধৰাটোত অন্য একপ্ৰকাৰৰ আমোদ-আনন্দ পোৱা যায়। সৰু বৰশীত পিঠাৰ টোপেৰে পুঠি মাছ কেতিয়াবা ছিপে-প্ৰতি ধৰিব পাৰি। পানীত বৰশীটো পেলাই দিয়া মাত্রে মাছে টানি লৈ যায় আৰু ছিপ মাৰিলেই মাছ তৰত পৰেহি। তেনেকৈ মুকলি খলাত ছিপেপ্রতি পোৱা পুঠি-মাছ কেতিয়াবা খালৈৰ অবিহনে বিৰিণাৰ ফুলথকা থাৰিত বা কোমল সৰু তঙলত (তমালত) হাঙি কৰি গাঁথিও অনা হয়। কেইবা হালভিও মাছ হাতত ওলোমাই লৈ দুই-এঘণ্টাৰ ভিতৰতে বিজয়ী বীৰৰ দৰে ঘৰলৈ উভতিব পৰাটো পৰম আনন্দ আৰু উলাহৰ কথা।
তুঁহৰ গুড়াৰে চুবুৰীৰ তিৰোতাসকলেও তেনেকুৱা পুঠি, খলিহনা আদি মাছৰ কাৰণে ঘাটৰ পানীৰ জিয়ালিৰ (যুৱলিৰ) তৰ পানীত 'বাহা' দিয়ে। চাউলৰ খুদ আৰু
তুঁহৰ গুড়াৰ লগত বোকা-মাটিৰ ডাঙৰ লাড়ু একোটা সাব্জি লৈ একাঠুমান পানীৰ তলত পেলাই থৈ চেকনি এডাল পুতি চিন ৰখা হয়। সেই লাডু খাবলৈ পুঠি-দৰিকনা আদি মাছবোৰ তাত ভৰি পৰেহি। তেতিয়া জুলুকিৰে ছাব মাৰি সেই মাছবোৰ ধৰা হয়। সেযে বাহা দিয়া। কেতিয়াবা আমি - আমাৰ বৰশীবোৱা খলাত বাহা কিয় দিছাহি - - - বুলি দুই-এগৰাকী বুঢ়ী মানুহৰ লগত তর্কাতর্কি, খঙাখডিও কৰিছিলোঁ।
ভেকুলী, বৰলৰ টোপ আদিৰে বৰশীত মাছ ধৰিবলৈ হ'লৈ টোপ্টোপকৈ ঘাটে-ঘাটে টোপ-মনি ফুৰিব লাগে। মাছ পালে মনত ৰং লাগে, নাপালে মনটো তেনেই জঁয় পৰি যায়। পিছে বোকা-চেং বোলা এবিধ মাছে হ'লৈ এই টোপ বৰ ভাল পায। খেদি আহি টপৰ্ কৰি গিলি থয। বোকা-চেং ভ্যানক মাছ। দেখাত সি সাপটোৰ দৰেই, পখৰা-পখৰি আৰু কিছু দীঘল। অলপ ক'লা বৰণৰ। সি টোপটো গিলিযে পানীত মুখেৰে বুৰবুৰণি তুলি স্ফূৰ্তি কৰি লৰি পলাবলৈ চায়। টোপৰ লগত মুখৰ ভিতৰত সোমোৱা বৰশী কোৱাৰিত লাগি ধৰিলেহে ধৰাবলৈ ধৰে। সৰু-সুৰা বৰশীৰে তাক ধৰিব নোৱাৰি। বৰশীৰ জৰী ছিঙি যায়। তাক ধৰিবলৈ হ'লে বৰশীৰ ৰছীও মুগা সুতাৰে তৈযাৰী, টান, মোটা আৰু মিহি হ'ব লাগে। মুগা সূতাৰ তেনে বৰশীৰ ৰছী ভালকৈ পকাই বটি বৰিয়াল গছৰ পাত ঘঁহি মিহি আৰু পানীৰ লগত মিলি যোৱা কৰা হয়। তেনেকৈ বৰশী বাই ফুৰোঁতে এবাৰ এডাল কুচিযাই মোৰ বৰশীৰ টোপ গিলিছিল। তৰলৈ তুলি আনি সাপ যেন দেখি মই বৰশী দলিমাৰি পেলাই থৈ লৰি ঢাপৰি ঘৰ পাইছিলোঁ গৈ। বাইদেউহঁতেহে চাবলৈ ভয়ে ভযে গৈ সাপৰ ঠাইত কুচিযাডাল পাই বৰশীৰে সৈতে ঘৰলৈ আনিছিল। সেইদিনা তাক কুটিবাচি লৈ বাহিৰতে আমি ৰান্ধি-বাটি মহৎ ভোজ পাতিছিলোঁ।
কেতিয়াবা মাগুৰ মাছ আদি দুই-এবিধ মাছে টোপ খাবলৈ এৰি ফিচাৰে পুঙা বা টোপত থপৰিয়াই পাক দি নাচন মাৰি ৰং কৰে। তাকে কৰোঁতে এবাৰ মোৰ বৰশীত এটা মাগুৰ মাছ ফিচাতে খোঁচ খাই পাৰত পৰিছিলহি।
গাঁৱত ধান ৰবৰ সমযত হাল মতা আৰু খেতি চপাবৰ সময়ত সাউৰি মতা-দুটা মজাৰ সমবাযমূলক কাম। এই কামৰ দ্বাৰা মাটি আৰু খেতি বেছি থকা পৰিয়ালক গাঁৱৰ অইন কৃষকসকলে ধান ৰোৱা আৰু খেতি চপোৱা সময়ত লাগিভাগি দি সহায় কৰে। নিজৰ ৰোৱা-বোৱা শেষ হ'লে চম্ভালিবলৈ টান পোৱা অইনসকলক হাত উজান দি সহায কৰা গঞা জীৱনৰ এটা বৈশিষ্ট্য বুলিব পাৰি। আমাক ওচৰৰ সকলো জাতিৰ মানুহে খেতিৰ সময়ত হাল মাতিলে হাল বাই দি আৰু ধান কটাৰ সময়ত সাউৰি মাতিলে ধান কাটি কান্ধেৰে কঢ়িয়াই চপাই-মেলি দি সহায কৰিছিল। তাৰ বাবে কাকো এটা ফুটা কড়িও দিব নালাগিছিল। তেতিয়াৰ দিনত হাজিৰা লৈ কাম কৰা নিয়ম নাছিল।
আমাৰ আটাইতকৈ ভাল খেতিৰ মাটিখিনি আছে কাউৰা ভঁৰা বুলি এডোখৰ দ ভূঁইতলীত। ভাদ মাহৰ মাজ মান পালে - - গাঁৱৰ প্ৰায় সকলোৰে হাল উঠিলে,
মোৰ জীৱন-নৈৰ ঢৌবোৰ (১) : যি কৰে পৰত, তাৰ মিলে ঘৰত ৬১৩
আমাৰ কাউৰা খঁৰাৰ মাটিত হাল মাতে। তাত কমেও ১০। ১৫ খন হাল তেতিয়া একেদিনাই একেলগে এখনৰ পাছত এখনকৈ চলিবলৈ ধৰে। কি ট্ৰেক্টৰে পাতিব? মাটি ঘুলঘুলীয়াকৈ চাহ হৈ যায। দূৰৰপৰা সেই হালবোৰৰ দৃশ্য এটা চাই থাক চাইথাক দৃশ্য হৈ পৰে। কেঁৰা-দুপৰীয়া বা থিয় দুপৰীয়া হালতলীত হালুৱৈসকলক চাহজলপান খুউৱা হয। সেই চাহ-জলপানৰ যোগান ধৰাত সহায় কৰিবলৈ আমি আমাৰ নঙলাৰ আগৰ ন-পুখুৰীটোৰ ওখ পাৰটোত থিয় হৈ হাল কেইখন হৈছে এক-দুইকৈ দূৰৰপৰা গন্তি কৰোঁ আৰু ঘৰত কওঁহি - হাল দহখন হৈছে, হাল এঘাৰখন হৈছেইত্যাদি। সেইমতে চাহ-জলপানৰ যোগাৰ হয়। হাল-বোৱা সেই মানুহবোৰৰ দুইএজনে কেতিয়াবা গৈ আবেলিও কঠীয়া তুলি দি সহায় কৰিছিল।
সেই একে নিচিনাকৈয়ে ধান-কটা আৰু চপোৱাৰ সময়তো মানুহ মতা হয়। তাকে সাউৰি মতা বোলে। সাউৰিত ১৫। ২০। ২৫।৩০ জন পর্যাপ্ত মানুহ গোটখোৱা আমি দেখিছিলোঁ। ২৫। ৩০ জন লোকে পথাৰখনৰ পকা ধানৰ এনূৰে শাৰী পাতি লৈ ধান কাটি লগেভাগে আগুৱাই গৈ থকা দেখিলে এনেহে লাগে যেন মুকলি আকাশত এজাক চৰাইহে শাৰী পাতি উৰি গৈছে। চালে চাই থাকিবৰ মন যায়। তেনেকৈ ওৰে দিন ধান-কটা চলে। তাতো দুপৰ হোৱাৰ আগে আগে আমি গৈ মাইক বা মাহী-নাক ধান-কটা মানুহৰ (দাৱনীৰ) হিচাব দিয়াটো আমাৰ এটা ধৰা-বন্ধা কর্তব্যযে আছিল। তেওঁলোকে আমাৰপৰা হিচাব লৈ সেইমতে জা-জলপানৰ আযোজন কৰিছিল।
সাধাৰণতে চ'লীয। পিঠা (চাউলাযা-পিঠা?) অর্থাৎ ভাপৰ মুখত দি সিজোৱা বন্নি বা কোমল চাউল, দৈ-গাখীৰ আৰু চুৰাৰেই সেই জলপান দিয়া হৈছিল। কল প্ৰাযে নাথাকে। দুপৰ হওঁ-হওঁ হওঁতে পিতাই সেই জলপান ঘৰৰপৰা সিকিয়াত ভাৰবান্ধি নিয়েহি। ধঁপাত, জুই, হোকা-চিলিম, তামোল-পাণ আদি নিয়া ভাৰ আমাৰ ওপৰত। খোৱা পানী ওচৰতে থকা কিনাৰ পুখুৰীৰপৰা বা অইন ক'ৰবাৰপৰা অনা হয়। সেয়ে নহ'লৈ ঘৰৰপৰাই পিতলৰ কলহত দুকলহমান নিয়াৰ ব্যৱস্থা কৰা হয়। এবাৰৰ এদিনৰ কথা। মাই তেতিয়া নাই। সিপুৰীত। মাহীমায়ে সকলো চলায়। পথাৰত কুৰিজন ধানকটা মানুহ হৈছে বুলি মই খবৰটো ঘৰত দিছিলোঁহি। সেইমতে ঘৰৰ জলপানৰ যোগাৰ চলিছিল। মাহীমায়ে পুৰণি পুখুৰীত চাউল ধুই আনি পিঠা পুৰিবলৈ যো-জা কৰিছে। শুকান বাঁহ-খৰিৰে দপ্দপ্কৈ জুই জ্বলাই লৈছে। পিঠা পোৰা ছটাত (মাটিৰ বিশেষ ধৰণৰ বাচনত) যথারীতি পানী আৰু চাউল দিছে। কিন্তু পানীৰ উতল অহা নাই। জুই দিছেহে দিছে, খৰি পুৰিছে হে পুৰিছে, তথাপি পানীৰ উতল নাহে। ইফালে অলপ পৰ পিছতে পিতা জলপান নিবলৈ ওলালহিষেই। সুধিলে - জলপান হৈছে নে? আজি মানুহ কিন্তু কুৰিটা। জলপান অলপ সৰহ লাগিব।
মাহৈয়ে উত্তৰ দিলে - জানো, কি হৈছে নাজানো ; জুই দিছোঁহে দিছোঁ দেখোন - - তেও উতল-চুতল নাহে। হাইৰান হৈছোঁ।
পিতাই তেতিয়া লৰালৰিকৈ গা ধুই ল'লে। তেওঁ কাপোৰ সলাই লৈ ৰদ্ধা পুলিটোৰ আখলৰ ওচৰলৈ গৈ দেখে কথা সঁচা। তেওঁ হতভম্ব হ'ল। দিন-দুপৰীয়া এতিয়া ধান-কটা মানুহবোৰক খুউৱা যায় কি? পিঠা বা কোমল বন্নি চাউল লাগিবই। দৈৰ টেকেলি আনি থোৱা আছে। তেওঁ সুধিলে - চাউল ধোওঁতে কোনে বাৰু দেখিছিল? - - মাহীমায়ে ক'লে - লক্ষ্মী চহৰীয়াই। এইখিনিতে কৈ থোৱা ভাল লক্ষ্মী চহৰীয়া বোলা মানুহজন আমাৰ ভাগীৰে লোক; সম্বন্ধত মোৰ ককাইদেউ। পিতাহঁতৰ বয়সৰ লোক। কূট-নাট কৰাত ওস্তাদ। সকলোৱে তেওঁক ভয় কৰে।
পিতাই ক'লে - - তেন্তে সিয়ে মোক এই কামোৰটো মাৰিলে! সি এইটো কৰিব নালাগিছিল। চাওঁচোন বাৰু। হে ভগৱান, তুমি বাৰু মোক আজি লাজ-লঘু কৰি, মৰাৰ তূল্য অপমান দিবা নেকি? মই নো কাৰ কি অপকাৰ কৰিছোঁ? - এইবুলি ৰাজনী-ঘৰৰ দুৰ্ঘাৰমুখৰ চালৰপৰা তিনিডাল খেৰ টানি আনি সাত আঙুল কৰি জুখি ল'লে। তাৰ পাছত নিজে গৈ পুখুৰীৰপৰা এক লোটা পানী আনি খেৰকেইডাল তাত জুবুৰিয়াই দি মন্ত্ৰ মাতি পানী ঝাৰিলে। তাৰ পাছত পিঠা-পোৰা পাত্ৰ বদলাই নতুন পাত্ৰত অইন পানীৰ লগত এই ঝাৰা-পানীখিনি লগ কৰি তাত নতুন চাউল বছৱাবলৈ ক'লৈ। জুইতো নতুনকৈ খেৰ একোছা ঝাৰি দি জ্বাল দিবলৈ ক'লে। সেইমতে মাহৈয়ে কাম কৰি গ'ল। অলপো পলম নকৰিলে।
আচৰিত কথা, অলপ সময়ৰ ভিতৰতে পানী ভভক্কৈ উতলিবলৈ ধৰিলে। চাউল সিজিল। জলপান হ'ল। পিতাই তাকে লৈ গৈ পথাৰত দাৱনীসকলক খুৱালে। ইটো-সিটো কৰি দি আমি সহায় কৰিলোঁ। মানুহক খুউৱাৰ পাছতহে পিতাই সকলোৰে আগত ঘটনাটো বিবৰি ক'লে। তেতিয়া ভুবন বুলি বলী-জোৰী হটঙা লোক এজনে কৈছিল - আজি পাটগিৰি ককাই দেখি বাৰু পাৰিলে - আমাৰ হ'লে কি হ'ল হয়? গাঁওখনৰ ভিতৰতে এইটো লোক যত কূট-নাটৰ ঘাই। আতিয়াজাখোৱা (আৰু তেওজবেলি) চান্দেই পাৰাত কুঁহিয়াৰ পেৰোঁতে সি কি কৰিছিল মনত নাই নে? থালীৰ কুঁহিয়াৰৰ ৰসৰ তলত জুই দেওঁহে দেওঁ, তথাপি উতল নাহে। সিদিনাও যাতো পাটগিৰি ককাই আছিল কাৰণেছে। এদিন আন্ধাৰ ছেওত (ছেগত) চুপি থাকি তাক ধৰি কুচিয়া দগৰা দিলে কেনে হয়?
পিতাই ক'লে - থাক, থাক। একো কৰিব নালাগে। তেনে মানুহক ভগৱানেই শাক্তি দিয়ে। দেখিবি, তাকো নিদিয়াকে নাথাকে। এদিন সি তাৰ ফল পাবই পাব। আমি দিব নালাগে, ভগৱানে দিব। ভগৱানৰ ৰাজ্যত বিচাৰ আছে, মাত্ৰ বাট চাব লাগে। কথাতে নকয় জানো, বোলে, কটাৰ-পো কুটী, লোকলৈ বুলি হল পুতি নিজে মৰে ফুটি। আৰু, বোলে, যি কৰে পৰত, তাৰ মিলে ঘৰত।
সঁচাকৈয়ে মানুহজনৰ মৃত্যু বৰ যন্ত্রণাদায়ক আছিল। ২০/৩/৮৫/
ধান মৰা বৰডেকা
সাউৰিৰ (সাঙুৰিৰ) ৰাতি আমাৰ ঘৰত মস্ত ভোজ হয়। ভোজত মাছ, মঙহ আৰু হাঁহ-কণী থাকে। কিন্তু চিতল-ৰৌ-বৰালি-ভকুৱাৰ দৰে কিনি অনা ডাঙৰ মাছ বা পঠা-খাহীৰ দৰে জন্তুৰ মঙহ নাথাকে। খাল-পুখুৰী সিঁচি পোৱা বা বিল-দোভাত মাৰি অনা কাৱৈ-মাগুৰশ'ল-গৰৈ আদি মাছেই মাছ আৰু ঘৰৰ বা চুবুৰীয়াৰপৰা অন্যা পাতি-হাঁহ, ৰাজ-হাঁহ, পাৰ আদি মাৰি ৰদ্ধা বিধে বিষে মঙহ হয়। সাধাৰণতে বাৰীৰ কাঠ-আলুৰে সৈতে মঙহৰ আঞ্জা ৰন্ধা হয়। মাটি-মাহৰ দালি গুদা চকত ভাজি, তেজপাত দি ৰন্ধা, সিও এখন আজা। কাঠ-আলু বহুত বিধৰ আছে, যেনে চিক আলু, ঝপৰা আলু, হাতীধুজীয়া আলু, বঠাপেতীরা আলু ইত্যাদি। আমাৰ এগুৰা মাটিৰ বাৰীখনতে এই সকলোবোৰ আলু আছিল। ঔটেঙা আৰু শ'ল মাছেৰে টেঙা ৰন্ধা হয়। মাটি মাহৰ দালিৰ লগত কোমোৰাৰ ডাঙৰ ডাঙৰ ডোখৰবোৰ মিহলাই দিয়া হৈছিল। ভজা কাৱৈ মাছ বা মাগুৰ মাছ এটা বা দুটাকৈ সকলোৱে পাইছিল। হাঁহ-কণী আছিল ঘৰৰে। প্ৰায় মাজ ৰাতি মানতহে সকলোৱে খাই-বৈ উঠি ঘৰলৈ উভতিছিল। ৰান্ধনীৰ ভাত হোৱাৰ সময়লৈকে এইখিনি সময় চালিৰ তলত দুখৰীয়া কাঠ আৰু বাঁহৰ মূঢ়াৰে ধৰা গগপীয়া জুই একুৰাৰ চাৰিওফালে আদহীয়াসকল বহিছিল আৰু তাৰে ওচৰতে পুথি চোৱাৰ খলা বা চক্ৰ আৰম্ভ হৈছিল। বঘাসুৰ বধ, বক্তবাহন বা মহাভাৰতৰ বিৰাট পর্বকে ৰাগ দি পঢ়া শুনিছিলোঁ। এজনে লগাই দিয়ে, ওচৰৰে ৩। ৪ জনে ধৰে। পাঠকে মাজে মাজে ভাঙনি কয়। বুজিব নোৱাৰা কিবা কথা ওলালে অময়া খুৰাদেৱে বা পিতাই ভাঙি-পাতি বুজাবলগীয়া হৈছিল।
গাছি (গছি) ধানৰ যাৰণ (মৰণা) মৰা আমাৰ কাৰণে এটা বৰ হাউচৰ কাম আছিল। ধানৰ মুঠীয়াবোৰ ওপৰমুৱা কৰি অলপ হেলনীয়াকৈ থৈ চক্ৰাকাৰ স্তূপ এটা কৰা হয়। সাধাৰণতে দহ ভাৰ বা বাৰ ভাৰ মান ধানৰ মাৰণ পতা হয়। তিনি-চাৰিটা হালোৱা গৰু সাঙুৰি লৈ মাৰণৰ ওপৰত ঘূৰাই ধান মাৰিব লাগে। কেতিয়াবা ১৫।২০ ভাৰ ধানৰো ডাঙৰ মাৰণ সাব্জি ৪। ৫ টা গৰু বা ম'ই বুৰি লৈও ধান মৰা যায়। মাৰণত গৰু ফুৰোৱা এটা বৰ উলাহজনক কাম।
গুটি ধান গৰুৰ গচকত সৰি তল পৰিলে খেৰবোৰ লুটিয়াই-বগৰাই জোকাৰি দিব লাগে। মূৰত এটা আঁখি থকা এডাল মাৰিৰে খেৰবোৰ লুটিয়াই-বগৰাই দিয়া হয়। বাঁহৰ আগলিৰ এই মাৰিডালকে উখুনি (ওখোন) বোলে। খেৰবোৰ জোকাৰি তাৰ সহায়ত তল ওপৰ কৰি দিয়া কামটোক রান উনিওৱা (ওখোনিয়া) বোলে। তাকে কৰোঁতে গুটি-ধানবোৰ তলপৰি গৈ চোতাল পায় আৰু খেৰবোৰ দাম (দশ) হৈ উকৰি উঠে। তেনে খেৰৰ দামত দূৰৰপৰা দৌৰি গৈ জপিয়াই খেটি দিয়া
(খৰ মৰা) ঘৰৰ বা চুবুৰীয়া ল'ৰা-ছোৱালীবোৰৰ কাৰণে বৰ আমোদজনক কাম। তাকে কৰোঁতে হাত-ভৰি আদিত কোনেও অকণো দুখ নাপায়। সৰু ল'ৰাছোৱালীবোৰৰ কাৰণে সি এটা খেলা হৈ পৰে। ওপৰলৈ ভৰি আৰু তললৈ মূৰ কৰি জপিয়াই লুটি খাই পৰাই 'খোট দিয়া'। খোটো নানা প্ৰকাৰৰ আছে, যেনে - উল্টা খোট, লুটি-মূৰি খোট, বাগৰা খোট, তঙল (তঙাল) মোচৰা খোট, চকৰি থোট, কাতীয়া খোট ইত্যাদি।
গৰুবোৰ মাৰণত চক্রাকাৰে ঘূৰি থাকে। যিটো গৰু দূৰত থাকি ঘূৰে তাৰ কষ্ট বেছি। সি বেছি ঠাই ঘূৰিব লাগে। চোকা, তজবজীয়া গৰুক তেনেকৈ ঘূৰিবলৈ কাষত দিয়া হয়। চক্ৰৰ ভিতৰত কেন্দ্ৰত থকাৰ দৰে থাকি একে ঠাইতে ঘূৰা গৰুটো সাধাৰণতে ওড়া বা মাঠ। তাক মৈয়া বোলে। একে ঠাইতে ঘূৰোতে ঘূৰোঁতে সি কেতিয়াবা পিছ ঠেংখন (বাঁও ঠেংখন) একে ঠাইতে ঘূৰাই থাকি খেৰৰ টোহোৰা ৰছী বা ফোহেতি পকায়। গৰু খেদা মানুহজনে সেই ফোহেতি মাজে মাজে ভাঙি খেৰবোৰ মিলাই দিয়ে। তেনেকৈ ঘূৰোঁতে ঘূৰোঁতে মাৰণ বেছি বহল হৈ গ'লে উত্খনিৰে তাৰ বিয়পি পৰা ঘূৰণীয়া কাষবোৰ চপাই খেৰবোৰ ভিতৰলৈ দলিযাই দিষা হয়। তাকে 'কাষৰ তুলি দিযা' বোলে। মাৰণত গৰুৰ পাছে পাছে ঘূৰা আৰু খেৰৰ ওপৰত খোট দিয়া (খৰ মৰা) মোৰ বৰ চখৰ কাম আছিল। পঢ়া এৰি আহিও তাকে কৰি ৰং পাইছিলোঁ। কেতিযাবা মাজ-নিশালৈ উজাগৰে থাকি টোপনি খতি কৰিও তাকে কৰিছিলোঁ।
উখুনিৰে খেৰবোৰ লুটিয়াই বগৰাই কোবাই দিয়াকে ধান লাৰি দিয়া বোলে। ধান লাৰি দিযা সমযত মাৰণৰ সাঙুৰি থোৱা গৰুকেইটা একাষৰীয়া কৰি ৰখা হয়। দুই-তিনিবাৰ তেনেকৈ গৰু ফুৰাই লাৰি দিয়াৰ পাছত খেৰত গুটি-ধান নাইকিয়া হ'লৈ শেষবাৰৰ কাৰণে খেৰবোৰ ভালকৈ জোকাৰি দিয়া হয়। তাকে 'খেৰ জোকাৰা' বোলে। থেৰ জোকাৰাৰ সময়ত ঘৰৰ ডেকা-ডেক্ৰেী, ল'ৰা-বুঢ়া সকলোৱে ওলাই আহি তাত হাত উজান দিয়ে, আনকি ৰান্ধনীযেও একোবাৰ চক্ৰ এৰি আহি অলপ লাগি-ভাগি দিয়েহি।
মাৰিবলগীয়া ধান বেছি থাকিলে সন্ধ্যাৰপৰা ৰাতি ভাত খোৱাৰ পৰলৈকে এবাৰ আৰু দোকমোকালিতে এবাৰ - - - এই দুবাৰ ধান মৰা হয়। তাকে দুই মাৰণ মৰা বোলে। গুটি-ধানবোৰ ভাখেৰিত (ভঁৰালত) তুলি থোৱাৰ আগতে দিনত সেইবোৰ চোতালত মেলি দি এা ৰ'দ লগাই ল'ব পাৰিলে ভাল। তেতিয়া হ'লৈ সেই ধান বহুত দিনলৈ ভঁৰালত ভালে থাকে। হৰ বৰডেকাই আমাক এই আটাইবোৰ কামত বিস্তৰ সহায় কৰিছিল। মাজৰাতিলৈ ধান মাৰি থাকি আমাৰ তাতে খোৱা-বোৱা কৰি তেওঁ নিজৰ ঘৰত শুইছিল গৈ। আকৌ ফিৰিকা দিনা দোকমোকালিতে আহি ধানৰ মাৰণত গৰু জুৰিছিলহি। তাকে দেখি আমি তেওঁক কেতিয়াবা সুধিছিলোঁ - - - আজি বৰডেকাই ওৰে ৰাতি ধানকে মাৰি আছে নেকি? ৰাতি দেখোন আমি বিচনাত পৰাতো
মোৰ জীৱন-নৈৰ ঢৌবোৰ (১) ঃ এওঁ য'ত, তেওঁ ত'ত
বৰডেকাই মাৰণত গৰু খেদি আছিল, এতিয়াও আছে। - - -তেওঁ হাঁহি মাৰি কৈছিলতহঁতেও তাকে কৰিলে 'বৰডেকা' হ'ৰ পাৰিবি। মই এনেয়ে বৰডেকা হৈছো নেকি? চোতালৰ ধান শেষ নোহোৱালৈকে মই 'ধান-মাৰা বৰডো'। ২০/৪/৮৫
এওঁ য'ত, তেওঁ ত'ত
গৰু, ধান আৰু পাণে বোলে যাকে-তাকে নামানে; অর্থাৎ যাৰে তাৰে ঘৰত এই তিনিটা বস্তু বৃদ্ধি নাপায। গৰু মানেই ধান, গৰু মানেই গাখীৰ। ধানৰ খেতি আৰু গাখীৰ পাবলৈ হ'লৈ গৰু লাগিবই। পাণ আকৌ তামোলৰ সৈতে আলহী শোধ-পোছ কৰাৰ প্ৰথম আহিলা। আগৰ দিনত আলহী আদৰাৰ পহিলা সমলেই আছিল তামোলপাণৰ বটাখন। আজি-কালিহে চাহ হৈছে। সেইবুলি কিন্তু তামোল-পাণে পূর্ণ অব্যাহতি পোৱা নাই। আনহাতে পাণ আকৌ একপ্ৰকাৰে বেচা-কিনা বেহা-বেপাৰৰো সামগ্রী। গঞা হাট-বজাৰত তাৰ কিনা-বেচা বিপুলভাৱে চলে। সেয়েহে কোৱা হয় বোলে, 'গিৰী কৰে ধানে, গিৰী কৰে আনে, গিৰী কৰে পাণে'।
আমাৰ মাইক হেনো গৰুই মানিছিল, আৰু মোকো মানে। মানুহে কোৱা শুনিছোঁ - মাইৰ বিয়াৰ পাছৰপৰাই বোলে আমাৰ ঘৰত গাখীৰ নুগুচিছিল আৰু গোহালি গৰুৰে ভৰি আছিল। মনত পৰা দিনৰেপৰা মই আমাৰ ঘৰত গোহালিভৰা গৰু দেখিছোঁ। তেতিযাৰ আমাৰ গোহালিৰ গৰুৰ নামবোৰো মোৰ ৰিণিকি-ৰিণিকি মনত পৰে। টিকিলা হালুৱা, ফোটা বাজান, ৰঙা হালুৱা, টোপা হালুৱা, পথৰা হালুৱা, গেঠু বলধ, কজলা বলধ, ৰাঙী গাই, পাখেৰী গাই, কলা গাই, বগী গাই, হ'ন্না (হৰিণা) দমৰা, আদেৰী দামেৰি (দামুৰি) ইত্যাদি। গাই-দানুৰিসহ সদায় পোন্ধৰটা গৰু গন্তি কৰা মোৰ মনত পৰে। পথাৰলৈ গৰু মেলি নিয়াৰ পৰত আৰু গধূলি সময়ত পুখুৰীত পানী খুৱাই চপাই অনাৰ পৰত এই গস্তি চলিছিল। বেলি মাৰ যোৱাৰ লগে লগে পুখুৰীত পানী খুৱাই বান্ধিবলৈ ঘৰমুৱা কৰাৰ আগে আগে - পানী খুৱাবলৈ মন্ত্ৰ মাতিছিলোঁ - 'ঘাঁহ খাই লৰফৰ্, পানী খাই পেট ভৰ; বাকাৰাত (বাকৰিত) ঘাঁহ নাই, গুখীয়াৰ (গৰখীয়াৰ) গাত দায় নাই - পানী পিউ, পিউ, পিউ!' লগে লগে এক, দুই, তিনি, চাৰি গত্তি চলি আছিল। কেনেবাকৈ এটা বা দুটা ঘাটি পৰিলে বিচৰা-বিচৰি লাগে। তেতিয়া নামে-গৰুৱে মিলাই মিলাই চোৱা যায়। ওচৰৰ কাৰোবাৰ গৰুৰ লগত সাধাৰণতে বখিনা গাইৰ পিয়ানছাৰা দামুৰি কেতিয়াবা গুচি যায়। পিছত তাক বিচাৰি
অনা হয়। গোহালিত বান্ধি জগা (যাগ) দি মহ-ডাঁহ খেদি গৰুবোৰক ৰাতি শান্তিত জিৰণি ল'বলৈ দিয়া হয়। ঠেংবোৰতো ক'ৰবাত পানী-জোক বা চীনা-জোকে ধৰি আছে নেকি চাই, জোক পালে এৰুৱাই পেলাই ক্ষত ঠাইত চূণ-ধপাত লগাই দিয়া নিয়ম। গৰুবোৰে তেতিয়া আৰাম পাই ঘাঁহ পাগুলিয়াবলৈ ধৰে। সিহঁতৰ আৰাম দেখি ভাল লাগে।
আমাৰ পুৰণি বন্ধু, গৰখীয়া হৰ বৰডেকাৰ কথা একাধিকবাৰ উনুকিয়াই আহিছো। আকৌ কওঁ। তেওঁ মোতকৈ কমেও ৭। ৮ বছৰে ডাঙৰ হ'ব। গতিকে সৰুতে তেওঁৰপৰা অকল ময়ে নহয় আমাৰ লগৰীয়া সমনীয়াই সবেও বহুত কথা শিকিছিলোঁ। হৰ বৰডেকাৰ পিতাকৰ নাম আছিল বেণুৰাম টেকেলা আৰু মাকৰ নাম মাদু। আমি মাকক মাদুবাই বুলি মাতিছিলোঁ। তাৰমানে মাদু জেঠাই (জেঠী)। তেওঁ বৰ মুখ-মিঠা দৰদী মহিলা আছিল। জেঠা টেকেলাক দেখা মোৰ মনত নপৰে। তেওঁ আমি চালুকীয়া থাকোতেই ঢুকাইছিল। ওপজাৰেপৰা কিন্তু বেণুৰাম টেক্লোৰ টেণ্টনালি (টেটোনালি) আৰু ৰহস্যপূর্ণ কাৰ্য্যৰ কাহিনী বৰকৈয়ে শুনি আছিলোঁ। বয়সত পিতাতকৈ ডাঙৰ আছিল যদিও তেওঁ পিতাৰ নলে গলে লগা বন্ধু আছিল আৰু পিতাক হেনো সকলো কামতে তেওঁ সহায় কৰিছিল।
হৰ বৰডেকাই পিতাক 'বুঢ়াবাপেই' আৰু মোক 'মোমা' বুলি সম্বন্ধ ধৰি মাতিছিল। সদায় সকলো কামতে তেৱেঁই আমাৰ আপোনৰো আপোন আছিল। ছয়সাত বছৰ বয়স হ'বৰেপৰা মই তেওঁৰ লগত মাজে-সময়ে গৰু চাৰিবলৈ গৈছিলোঁ। এটা ফকৰা আছে, বোলে, 'আই গৈছিল সবাহলৈ মই গৈছিলোঁ লগত, মাহ-প্ৰসাদৰ জুতি পাই ময়ো হ'লোঁ ভকত।' ঠিক তেনেকুৱাকৈ গৰুশালিলৈ গৈ পোৰা বেত-গাজ, পেৰা বেহাৰৰ (সৰিয়হৰ) তেলৰ চৰুত ভজা কোমল ঢেঁকীয়া, পকা লেটেকু, পনিয়ল আদি খাবলৈ পাই মোৰ লুতুৰি বাঢ়িছিল। মই সঘনে গৰু চাৰিবলৈ যাবলৈ ভাল পাইছিলোঁ। ইস্কুলত পঢ়া ল'ৰা বুলি মোক বাকীবোৰ গৰখীয়াই অলপ সমীহ নকৰাকৈও নাছিল। তাতে মোৰ কেতিয়াবা লাজো লাগিছিল।
কথাতে কয়, বোলে, 'দেখাক দেখি ধৰ্ম, শিখাক (শিকাক) শিখি (শিকি) ফর্ম।' - ধৰ্ম আচৰণ সদায় আনক দেখি, আনৰপৰা শুনিহে কৰা যায়, ধর্মাচৰণৰ সকলোবোৰ কথা আৰু কাৰ্য্য মৰ্ম বুজি কৰা নহয়। কোনো কাম নতুনকৈ কৰিবলৈ হ'লেও আনৰপৰা শিকি-বুজিহে পাৰ্গত হোৱা যায়। গৰু চাৰাত মোৰো সেয়ে হৈছিল।
আমাৰ গাঁও ঘন বসতিপূর্ণ। ওচৰত ক'তো চৰকাৰী সংৰক্ষিত গো-চৰণীরা পথাৰ (ৰিজাৰ্ভ) নাই। অ'ত-ত'ত একোডোখৰ মৰিশালি, পিতনি বা হাবিয়নি আছিল। সেইবোৰতেই বা কাৰোবা চনপৰা বাকৰা (বাকৰি) বা মুকলি পথাৰতে গৰু চৰোৱা হৈছিল। কেতিয়াবা অইন একো নাপালে বা বানপানী আহিলে গছৰ পাত, বিশেষকৈ বাঁহৰ আগ, পাত আদিকে কাটি দি গৰু ৰখা হৈছিল।
মোৰ জীৱন-নৈৰ ঢৌবোৰ (১) : এওঁ য'ত, তেওঁ ড'ত
খৰালি হ'লে যেতিয়া পথাৰ মুকলি হৈ আহে তেতিয়া আমাৰ ৰং চার কোনে? আমি তেতিয়া ৰজা। পাল পাতি গৰুবোৰ ৩। ৪ জনক চাৰিওফালে চোৱাচিন্তা কৰিবলৈ দি আমি বাকীবোৰ গৰখীয়াই নানাপ্ৰকাৰ খেলাত লাগি যাওঁ। টাং গুটি, খোল (খোৰ), লাচ, কড়ি, ঢাল, খলি আদি খেলবোৰ অলপ জাগাতে আৰু চৰকাৰি আলিবাট বা যেই-সেই বাটৰ ওপৰতে চলিছিল। সেইবোৰক গৰখীয়া ল'ৰাৰ আভ্যন্তৰীণ বা অন্তৰ্দ্ধাৰ খেলা (ইন্দুৱৰ গেমচ) বোলা যায়।
খোকি লতাৰ গুটিয়ে হয় লাচৰ গুটি। লাচৰ গুটি ওপৰলৈ মাৰি গত্তি কৰাৰ নমুনা, যেনে, লাচ-পঞ্চা, যুৰীয়া, তিনটীয়া, চাৰিটীয়া, উদ্ধা, ভাটুকটুক, পুখুৰীয়া, আন্নিয়া। তাৰ পাছত - থাপাত্, ধুপুত্, জাখেই (জাকৈ) বাওঁ, খালেই (খালে বাওঁ ; নিচিলা ধৰি পত্তা (পইতা) খাওঁ। তাতে শেষ। শেষ কৰাৰ আগতে ঋণা (কেণা) লাগিলে অন্য এজনে খেলিবলৈ পায়। এনেকৈ খেলত হৰা জনে বাজি খাব লাগে। হাতৰ মুঠিত গুটি লুকুৱা খেলৰ গুটি বিচৰা মন্ত্রটি আছিল - অলৌগুটি, তলৌগুটি, কচুগুটিৰ নাম ; যোন হাতত গুটি আছে, সেই হাতত পায়। ইত্যাদি।
খোলেই খেলাৰ কাৰণে বাটৰ ওপৰৰ সমান মাটিত পাঁচটা পাঁচটাকৈ খোলেই (সৰু গাঁত) দুশাৰী খান্দি লৈ তাত গুটি চলাব লাগে। কচুৰ টুকুৰাই গুটি। তাতে গুটি পূৰ কৰি খেলি যাওঁতে, একৰ কায়, দুইৰ কায়, তিনিৰ কায়, চাৰিৰ কায় চেলেকি গুটি তুলি যাব লাগে।
ঢাল আকৌ বহুপ্ৰকাৰৰ আছে, যেনে - বাঘ ঢাল, কঁকাল চিয়াঁ (ছিঙা) ঢাল, যোগল বেচা ঢাল, তিনি পইতা ঢাল, বাৰ পইতা ঢাল ইত্যাদি।
খোৰ খেলত সৰুৰ গাঁঠি বেছি থাকিলে নম্বৰ বেছি পোৱা যায়। গাঁঠিৰ সংখ্যাই নম্বৰৰ সংখ্যা। গাঁঠি গণ্ডিও পৃথক ধৰণৰ ; এক, দুই, তিনি, চাৰিকৈ নহয়। যেনে - এলেং গাঁঠি, পেলেং গাঁঠি, জাব্লৌলো, সোণৰ গাঁঠি; পথাছিঙা, বামুণীরা, গৰু মাৰা, গোবধীয়া, টাম্, টিম্, চৰাইৰ ডিম্, বেঁকা লক, ৰাজাক দিম ইত্যাদি। সাধাৰণতে বোললৈকে তেনেকৈ লেখা যায়। টাংগুটিৰ লেখ আকৌ বেলেগ, যেনে - এৰ্, ভেৰ্, ৰৌ, ৰাছ, পাঁচ।
কেতিয়াবা কৰচ্ বা তেঁতেলীৰ ওলমি থকা ডালত ঢুলনি (দোলনি) সাজি লৈ তাত কোনো এজনক বহুৱাই লৈ ঠেলা মাৰি দি ঢুলনিৰ স্বৰ্গসুখ দিছিলোঁ। সেই সুখ আমি সকলোৱে পাল পাতি ভোগ কৰিছিলোঁ। তেনেকৈ ঢুলনিত তুলি দি একো একোজনক কেতিয়াবা আকৌ নামিবলৈ নিদি একেৰাহে বহুত সময় ঢুলিয়াই থাকি তিৰিমিৰি সৰিয়হৰ ফুল দেখুৱাই ৰং পাইছিলোঁ। তেনে অৱস্থাত পৰি সি কেনেবাকৈ জোৰ কৰি ভৰি নমাই দি নামিব খুজিলে চোঁচোৰাত তাৰ ভৰি-হাতৰ চাল-বাকলি গৈছিল। আমাৰ সিও এটা তামাচা হৈছিল।
ওচৰত থকা হাবি বা বাৰীৰপৰা ঔটেঙা, তেঁতেলী টেঙা, ৰবাব টেঙা, আমলখি, শিলিখা, লেটেকু, পনিয়ল আদি পাৰি আনি খোৱা আৰু ৰাহি হলে ঘৰলৈও
অনা আমাৰ সাধাৰণ স্ফূৰ্তি আছিল। এইদৰে তেতিয়াৰ প্ৰতিডাল ফলৰ গছ, ফুলৰ গছ আৰু প্ৰতিটো ৰোহৰ (জোপোহাৰ) লগত মোৰ অন্তৰৰ নিগূঢ় সম্বন্ধ স্থাপিত হৈছিল। এতিয়াও সেইবোৰ দেখিলে পূর্বস্মৃতি জাগি উঠে। এতিয়াও বুঢ়া পুখুৰীৰ পাৰৰ তৰুৱা কদম, দহাকৰা আমৰ ওচৰৰ সুগন্ধি নাহৰ ফুল, দেউলৰ (দৌলৰ) ওচৰৰ আমোলমোলীয়া বকুল ফুল আদিৰ গন্ধ যেন ভাবিলেই মনৰ নাকত মলমলাবলৈ ধৰে। বকুল ফুলৰ মালা গাৰুৰ তলত থ'লে শেতেলিত চেলা নুঠে। আমি তাকে কৰিছিলোঁ। শাহানশেলীয়া (শ্মশানশালিৰ) ভূত, দোপৰ পাৰৰ ভূত, ন বাটৰু মূৰৰ বীৰা, অহুৰা বকুল তলৰ ঘোঁৰা বাক - সেই আটাইবোৰৰে নাম আৰু কীৰ্তিকাহিনীৰ কথা আজিও মনত পৰে। সপোনতো এইবোৰ কেতিয়াবা দেখো, এইবোৰৰ কথা পাতো। এই ভূত-প্রেতবোৰৰ ভযকে আশ্ৰয় কৰি মানুহেও কেতিয়াবা ভূত হৈ ভয় খুউৱাৰ অনেক কাহিনী শুনিছিলোঁ। এইবোৰত হেনো হৰ বৰডেকাৰ পিতাক বেণুৰাম টেকেলা আছিল অদ্বিতীয়। তেওঁ নিজে বৰ সাহসী আছিল আৰু ভূত-প্রেতক অঙ্গপো ভয় নকৰিছিল। কিন্তু কোনোৱে যদি কেতিয়াবা ভূত নাই বুলি কয় তেতিয়া তেওঁ কৈছিল - ভূত নাই বুলিব নাপায় ; ভূতে সকলো কথা শুনে আৰু নাই বুলিলে দেখা দি ধৰেহি। ভূত নাই বোলা মানুহক তেওঁ নিজে ভূত হৈ ভয় খুৱাইহে এৰিছিল। কেতিয়াবা এন্ধাৰত বাটেদি সেই মানুহজনক অকলে যোৱা পালে তেওঁ বাটৰ ওপৰৰ গছত বা কাষৰ বাঁহৰ জোপোহাত উঠি থাকি মুখেৰে টকালি (টপালি) পাৰি গছ-বাঁহ জোকাৰি দি ভয় খুৱাইছিল। এই বেণুৰাম টেকেলাৰে বৰপুতেক হৰ বৰডেকা। টেকেলাৰ তিনিটা পুতেক আছিল-হৰ, ভদৰ আৰু কমলা। টেকেলাৰ ঘৰ আমাৰ ঘৰৰ দক্ষিণে। তেওঁৰ ঘৰ আৰু আমাৰ ঘৰৰ মাজতে আগতে কৈ অহা শান্তিৰাম ডেকাৰ ঘৰ। শান্তিৰাম নামতহে আছিল শান্তিৰাম ; কামত অশান্তিয়ে তেওঁক আগুৰি আছিল। আজি ইটো, কালি সিটো, সদায়ে একোটা।
এবাৰ শান্তিৰাম ডেকাই ৰাতি শাহানশেলীয়াক ৰান্ধি-বাঢ়ি (ভোজ) দিব খুজিলে। ক'লা পাৰ, মাগুৰ মাছ, হাঁহৰ ডিমা, ৰঙা লাউ - - - -শাহানশেলীয়া ভূতৰ প্ৰিয় খাদ্য। শান্তিৰামে সেইবোৰ যোগাৰ কৰিলে। শ্মশানৰ ওচৰৰ হাবিৰ মাজত ৰান্ধি-বাঢ়ি দিয়া নিয়ম। শ্মশানশলীয়া অকলে থাকে, অকলশৰীয়া দেও। কিন্তু খোৱাৰ সময়ত সেই দেৱতাজনে ছনু আৰু দুজন লগ আনি তিনিজন হৈ খায। সেইগতিকে বেলেগে বেলেগে তিনিখন পাতত ভাত-আপ্পা বাঢ়ি দিব লাগে। কাযে কাযে কলৰ দোনাত মঙহৰ তৰকাৰি আৰু মাছৰ টেঙা। ভাতৰ কাষত ভজা কাৱৈ-মাগুৰ মাছ গোটে গোটে আৰু ক'লা পাৰৰ ভজা মঙহ। এখৰ মিঠা তেলৰ চাকি জ্বলাই দি পিছলৈ নোচোৱাকৈ উভতি আহি অৱশিষ্ট ভোজ-ভাত ৩। ৪ জন মানুহে কিছু দূৰত, ৰন্ধাবঢ়া ঠাইৰ ওচৰতে খাই ৰন্ধা-বঢ়া একো বস্তু ঘৰলৈ ননাকৈ উভতি অহাটোৱে নিয়ম। অমাবস্যা তিথি বা কৃষ্ণপক্ষৰ শনিবাৰ-মঙ্গলবাৰ ভূতক ৰান্ধি-বাঢ়ি দিয়া কামৰ কাৰণে প্রশস্ত সময়।
মোৰ জীৱন-নৈৰ ঢৌবোৰ (১) : সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিবা ৬২১ শান্তিৰামে তাকে কৰিলে। সেইদিনা আছিল অমাৱস্যা। তাতে মঙ্গলবাৰ শাহানশেনীয়াক ভোজ-ভাত দিয়াৰ উত্তম দিন, প্রশস্ত তিথি। ৰাতি সাঁজ গঢ়ি যোৱাৰ পাছত ৰন্ধা-বঢ়া কাম আৰম্ভ হ'ল। চাৰিওফালে শিয়ালৰ হোৱা হোৱা। ফেব্ৰুৱাৰ ফেউ-ফেউ আটাহ। মাজে মাজে ফেঁচায়ো বিকট সুৰত নিউ নিউ কৰি আছে। ফেব্ৰুৱাই ফেউ-ফেউকৈ আতৰাও কৰিলে বোলে বাঘ ওলায়। বাঘ দেখিলে শিয়ালেই ফেব্ৰুৱা হৈ তেনেকৈ চিঞৰে। ভয়তে তেনে কৰে। বেমোৰোল লাগে। গাঁৱতো ফেব্ৰুৱাৰ তেনে আৰাও শুনিলে মানুহৰ মনত সন্ত্রাস উপস্থিত হয়। তেতিয়া বন-ৰজা বাঘৰ নাম নলৈ মানুহে ঠাৰে-চিয়াঁৰে কয় - এওঁ য'ত, তেওঁ তত। অর্থাৎ ফেৰুৱাই য'ত আটাহ পাৰে ত'তে বাঘ ওলায। ইয়াৰ পাছত কি হ'ল - সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিবা - শিতানৰ কাহিনীটোত কোৱা হৈছে। ১০/৫/৮৫
সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিবা
শান্তিৰাম ডেকাই মঙ্গলবাৰে অমাবস্যাৰ দিনা বাতি মাঝৰ বাৰীত শাহানশেলীযাক ৰান্ধি-বাঢ়ি দিবলৈ স্থিৰ কৰিলে। সেই উপলক্ষে তেওঁ তেওঁৰ লগৰীযা দুজন বন্ধুক খাবলৈ নিমন্ত্ৰণ কৰিলে, কিন্তু নিজৰ ঘৰৰ ওচৰ-চুবুৰীয়া লোকৰ হ'লে কাকো নামাতিলে - - -আনকি তেওঁৰ ঘৰৰ উত্তৰফালে থকা আমাৰ পিতা আৰু দখিনফালে থকা বেণুৰাম টেকেলাকো। আয়োজনটোৰ কথা জানিব পাৰি টেলোই পিতাক ক'লে - পাটগিৰি, তুমি ভয় খাবা, তোমাক নিনিওঁ মই সিপাৰাৰ ঘেনাইকে লগত লৈ গৈ কামটো কৰিম। সিহঁতক ভূতক ভাত দিয়া ভোজটো ভালকৈয়ে খুৱাম! তাকে কৰিব নোৱাৰিলে মই বেণুৰাম টেকেলা টেকেলাই নহয়। মোৰ নাম তেতিয়া ওলোটাই থবা। তুমি মাত্ৰ সিহঁতক মোৰ ফন্দিটো আগে কৈ নিদিবা।
মঙ্গলদৈ চহৰক আগৰ দিনত মানুহে গুদাম বুলিছিল। ব্ৰহ্মপুত্ৰৰ জাহাজঘাট ওচৰতে আছিল আৰু জাহাজৰ মাল-বস্তু মঙ্গলদৈত মজুত ৰখা হৈছিল কাৰণে মঙ্গলদৈক বোলা হৈছিল - - - - -গুদাম। সিদিনা টেকেলা গুদামৰপৰা উভতি আহি বাটতে ঘেনাইৰ ঘৰত সোমাই তেওঁক সঙ্গী কৰি লৈ ফুট-গধূলি মুখান্ধেৰি পৰত দুয়ো ভূত সাজি বাহিৰ ওলাল। দুয়োৰো হাতত দুডাল এমূৰমান ওখ গোৰেহি বাঁহৰ গোটা টোকন। তাত চূণ সানি বগা কৰি লৈছে। কান্ধত দুয়ো লৈছে প্রত্যেকে দুখনকৈ কপাহী তেলাচ (চেলেং)। হাবিৰ কাষ পাই প্রতেকে তাৰে একোখন গাত মেৰিয়াই
লৈ আনখনেৰে মূৰত মথুৰা-পাগ মাৰিলে। তেনেকৈ সাজি-কাচি শাহানশেলীয়াক বৰ্ত ভাত দিব তাৰে ওচৰৰ বাঁহৰ তলত ৰ'লগৈ। লাহে লাহে ঘোৰ অন্ধকাৰ নামিল। শিয়ালে হোৱা দিলে। ৰন্ধা-বঢ়া শেষ হওঁ-হওঁ। ৰন্ধা-বঢ়াৰ মচলা-তেলনিৰ আমোলমোলীয়া গোন্ধ চৌদিশে বিয়পি পৰিল। তেতিয়া দুয়োটা মানুহ-ভূতে লগ লাগি মাজে মাজে ডাঙৰ ডাঙৰকৈ টকালি পাৰিবলৈ ধৰিলে। হাবিৰ মাজত সসৰকৈ শব্দও উঠিল - যেন কোনোবা অহা-যোৱা কৰিব লাগিছে। তাকে শুনি সন্ত্রস্ত হৈ শান্তিৰামহঁতে ঘনে ঘনে কয় - -হে শাহানশেলীরা দেৱতা, তোমাৰ কাৰণেই এইয়া ৰান্ধিছোঁ-বাঢ়িছোঁ; অলপ বাট চোৱা, অলপ ধৈৰ্য্য ধৰা। এতিয়াই দিম! এতিরাই দিম !
ৰক্ষা-বঢ়া শেষ হ'ল। ভূতক ভাত দি উঠিহে, অৱশিষ্টখিনি মানুহে তাতে খায় - এয়ে নিয়ম। হাবিৰ অলপ মুকলি ঠাই এডোখৰত, আগলতি কলপাত এখনৰ ওপৰত মিঠাতেলৰ চাকি এখৰ মাটিতে জ্বলাই থৈ তাৰ ওচৰতে ভাতৰ পাত দিবলৈ ঠিকঠাক কৰা হৈছে। ভূতলৈ আগকৰি বঢ়া ভাতৰ পাত তিনিখন তিনিজন লোকে চালনি একোখনত তুলি নি সেই ঠাইত থলে। লগতে তিনিটা ডাঙৰ ডাঙৰ দোনাত ভৰ্তিকৈ মঙ্গহৰ আজা। ৰঙালাউ আৰু আলু দি ৰন্ধা ক'লা পাৰৰ মঙ্গহ। ওচৰতে হাত-মুখ ধুবলৈ বাঁহৰ চুঙাত পানী দিয়া হৈছে। ভাতৰ পাতৰ কাযে-কাৰে একো খামোচাকৈ ভজা মঙ্গহ আৰু ডিমা। তাৰে ওচৰত কঁচ দি গোটে-গোটে ভজা ডাঙৰ মাগুৰ মাছ আৰু আলু-বেঙেনাৰ লেবেৰা আদি। এইবোৰ দিবলৈ ধৰোঁতেই ওচৰৰ গছৰ ডাল-পাতবোৰ কিবাই ভয়ঙ্কৰৰূপে জোকাৰিবলৈ ধৰিলে। লগে লগে টকালিৰ জাউৰি উঠিল - যেন কিবাই গাতে উঠিবহি। শান্তিৰামহঁতে ভাতৰ পাত আগবঢ়াই দি ভয়ত লৰালৰিকৈ থিয়ে-থিয়ৈ সেৱা জনাই কঁপি-ডৰি পিছুৱাই আহি ৰন্ধা ঠাই ল'লেহি। দূৰৰপৰা আগলতি কলপাতৰ ওপৰৰ চাকিৰ জুইৰ চকামকা পোহৰত দেখে - দুটা মানুহৰ দৰে জীৱন্ত ভূত আহি ভাতৰ পাতত বহিছে। দুয়োৰো মূৰত একোটা প্ৰকাণ্ড পাগুৰি আৰু গাত বগা কাপোৰৰ পৰিধান। সোপাসোপে লৰালৰিকৈ খাইছে আৰু মাজে মাজে দুয়ো কৈছে - যা, তহঁত যা ; যা-যাযা। খাম্ খাম্।
তথাপি শান্তিৰামহঁতক নোযোৱা যেন দেখি দুয়ো আধাখোৱাকৈয়ে উঠি মূৰৰ পাগুৰি জোকাৰি জোকাৰি হাতত প্ৰকাণ্ড টোকন লৈ দীঘল দীঘল খোজত ঢলংটপং কৰি শান্তিৰামহঁতৰ পিনে আগুৱাই আহিবলৈ ধৰিলে। চাকিৰ জুইৰ কঁপি থকা পোহৰত সেই মূৰ্তি দুটা দেখি কথা বিষম যেন ভাবি শান্তিৰাম আৰু তেওঁৰ লগৰীয়া বন্ধু দুজন, তিনিও মিঠা তেলৰ বটল, পানীৰ কলহ, দা, কটাৰী - যেয়ে যি পায় তাকে হাতত লৈ ঘৰলৈ ভিৰাই লৰ দিলে। সিহঁতে ঠাই এৰাৰ লগে লগে ভূতে আহি ৰন্ধা ঠাই দখল কৰি ল'লেহি।
কঁপি-ডৰি আটায়ে আহি শান্তিৰামৰ ঘৰ পাই টেকেলা মঙলদৈৰপৰা আহিছে নেকি খবৰ লওক। টেকেলাই এই কথাৰ আগধৰি উমান পাই ঘৰত আগতে কৈ
মোৰ জীৱন-নৈৰ ঢৌবোৰ (১) : সন্ধিৰ বাঁহু বুদ্ধিৰে কাটিবা
গৈছিল, আজি কোনোবাই যদি মোৰ কথা সোধে তেনেহ'লে কথা - তেওঁ আজি গুদামৰপৰাই আহি পোৱা নাই। - - কাৰ্য্যত সেয়ে হল।
বন্ধু ঘেনাইৰে সৈতে টেকেলাই ভূতলৈ ৰজা আৰু আগবঢ়োৱা মাছ-মগছবোৰ খাই হাত-মুখ ধুই ঘৰ পালেহি। দুয়ো বাটতে কাপোৰ সলাই লৈ নিজ নিজ সাজপাৰ পিন্ধিলে। ঘৰ পাই ইঙ্গিততে ঘেনাই বন্ধুক বিদায় দি টেকেনাই ঘৰত ডাঙৰ ডাঙৰকৈ মাত লগালে - - - কোন ক'ত আছা? চাকি এখৰ লৈ বাহিৰলৈ ওলাই আহ আজি মোক দেৱে বাটভেটি ধৰিছিল। মন্ত্ৰ গোৱাতহে পলাল। টেকোকে ইমান সহ অইনক এই ভূতে কি নকৰিব? - ডাঙৰকৈ ক'লে - ভূত, ডাঙৰ ভূত। বাগ ৰে? বাপ!
এনেতে শান্তিৰাম গৈ টেকেলাৰ ঘৰত উপস্থিত হৈ সকলো কথা বিশ্ববি ক'লে। টেকেলাই গহীনাই ক'লে - -ডেকা, তই নামতহে ডেকা, তোৰ কামবোৰ হ'লে কেঁচা আৰু বেঁকা। তই জানাহে দেখোন ভূতৰ মন্ত্ৰ মই জানো। মোক ভূতে ভয় কৰে। মোক নমতাকৈ তই ভূতক পূজা দিবলৈ গৈছিলি কিয়? মৰ এতিয়া। সেই ভূতে তোক সহজে নেৰিছে। লম্ভিব। আৰু এদিন তই ভালকৈ মোকো লগত নি তাক ৰান্ধি-বাঢ়ি দিৰি। ভূত সৈমান হ'ব। দেখিবি নহয়। নহ'লে কিন্তু সি তোক কেস্তিয়াবা বাটতে ধৰি উঠ-কিল বহু-কিল দিব। তাতে যদি তাৰ লগত অইন ভূত আৰু এটা যুটিছে তেন্তে কথা আৰু বিষম। ভয় নকৰিবি বাৰু, মই আছোঁ। কিন্তু পলম নকৰিবি। নহলে বিপদ।
তই জ্ঞানয়ে দেখোন - আমি ৰজাৰ কৰ্মচাৰী। তাতে টেকেনা। টেকেনাবেঙেনাক ভূতেও সমীহ কৰি চলে। গুদামৰপৰা ঘোঁৰাত উঠি আহোঁতে মণিৰাম ডাৰোগাই এদিন বোলে মাজৰাতি চৰেই পানী নোখোৱা পুখুৰীৰ পাৰত আলিৰ ওচৰতে ভূতৰ মেল দেখিছিল। ভূতে পিছে তেওঁক বাট এৰি দি আঁতৰি গৈছিল হেনো। মোৰো আজি তেনে হৈছিল। মোকো বাঢ়তে ভূতে আগুৰি ধৰিছিল। কোনোমতে মন্ত্ৰ মাতি সাৰিলোঁ।
শাস্তিৰামে পুনৰ এদিন ভালকৈ যোগাৰ কৰি শাহানশেণীয়াক ৰান্ধি-বাঢ়ি দিছিল। সেইদিনাৰ ভোজত বেগুৰাম টেকেলা, আজিকালিৰ ভাষাত আছিল, মুখ্য অতিথি! ভূতৰ উপদ্ৰৱ নাই। বেণুৰাম টেকেলাই তেওঁৰ প্ৰিয়বন্ধু পাটগিৰিক হেনো কৈছিল - - - বুজিছা পাটগিৰি, সন্ধিৰ বাঁহ সদায় বুদ্ধিৰেহে কাটিব লাগে। এই কাহিনীটো মই পিতাৰপৰা সৰুতে নিজকাণে শুনিছিলোঁ।
পিটনি আৰু হাবি-জঙঘলবোৰ ভৰি থকাৰ বাবে এনে ধৰণৰ ভূতৰ কাহিনী তেতিয়াৰ দিনত মানুহৰ মুখে মুখে হৈ পৰিছিল। প্ৰতিটো ৰোহ, প্ৰতিটো ভেৰেহনিতে এটা নহয় এটা ভূত মানুহে দেখিছিল। মানুহৰ মূখত সেইবোৰ শুনি আমি ভয় খাইছিলোঁ ; গতিকে ক'ৰবাৰপৰা উভতি ঘৰলৈ আহিলে ভূতথকা সেইবোৰ জঘল এন্ধাৰ হোৱাৰ আগে পাৰ হ'বলৈ চাইছিলোঁ, যেনে - কিনা পুখুৰীৰ পাৰৰ বৰ-চোপৰ
তল, অন্তৰা-বকুলৰ তলৰ ভঁৰাটো, ন-বাটৰ মূৰৰ বেতৰ ঝোহবোৰ, মহৰীৰ চৌকা ইত্যাদি। তেতিয়াৰ প্ৰত্যেক জোপা গছৰ লগত আমাৰ পৰিচয় ঘটিছিল আৰু কুটুম্বিতা হৈছিল; প্রত্যেক ডোখৰ হাবিৰ ভূতৰ লগত মনৰ চিনাকি আছিল। বহুত ঠাইক আমি বিশেষ বিশেষ নামত জানিছিলোঁ, যেনে - ভখা জামৰ তল, বশিমেলিৰ তল, দোপৰ পাৰ, চান্দেইৰ ঢোপৰ তল, ধৰ্মাৰ নঙলা, মায়াৰ বাৰী ইত্যাদি। এতিয়া সেই মানুহ, সেই গছ প্রায় নোহোৱা হৈ আহিল। ঠাইবোৰৰ নামৰো উন্নতি হৈছে। আজিও গাছ বিয়া দিয়াৰ তল বুলিলে পুৰণি থলুৱা মানুহে কোনডোখৰ ঠাই জানে। তাত হেনো কোনো এসময়ত বহল পাতৰ বৰ-গছ আৰু লাহী পাতৰ পাকৰি গছক ক্ৰমে দৰা আৰু কন্যা সাজি ঢুলীয়া-কালীয়া মাতি গছৰ বিযাৰ মহোৎসৱ পতা হৈছিল। আজি সেই ঠাইত দুই-এজোপা গছ আছে যদিও আগৰ সেই গাম্ভীৰ্য্যপূর্ণ পৰিবেশ নাই। আজিও কিন্তু মহৰীৰ বাৰী, চান্দেই ঢোপৰ তল, কিনা-পুখুৰী পাৰ, মাঝৰ বাৰী, পেটুৱাৰ নঙলা আদি ঠাইৰ নামে আমাৰ মনত গৰখীয়া জীৱনৰ এশ - এটা স্মৃতি জগাই তোলে। মায়াৰ বাৰীৰ মায়া-বাঘৰ কথা আজিও মনত পৰে।
আগতে ক'ৰবাত কৈ আহিছোঁ - - - ধান কটাৰ পাছত পথাৰবোৰ মুকলি হ'বলৈ ধৰিলে গৰখীয়াৰ মনৰ আনন্দ চায় কোনে? তেতিয়া পাল পাতি গৰু ৰখা নিয়ম। গৰু ৰখাৰ দায়িত্বত থকা গৰখীয়াহঁতে গৰু ৰখে ; ইবোৰে মুকলি ঠাইত থিউ, দোৱলমূৰি, হতিতি, ঢোপ, টাংগুটি আদি মুকলি পথাৰৰ খেলবোৰ (Outdoor games) খেলে। খলি, কড়ি, ঢাল, কচুগুটি, লাচ আদিবোৰ একে ঠাইতে বহি খেলা খেল (Indoor games)। খেতিপথাৰ চলি থাকিলে দ্বিতীয় বিধ খেলাতেই সকলো ব্যক্ত থাকিবলগীয়া হয়। মই এই আটাইবোৰতে কম-বেছি পৰিমাণে ভাগ ল'ব পাৰিছিলোঁ। ঢাল বহুত ৰকমৰ আছে, যেনে কঁকালছিঙা ঢাল, বাঘ ঢাল, মোগল-পাথান ঢাল, মোগল-বেচা ঢাল ইত্যাদি। মই আটাইবোৰ ভালকৈ নাজানিছিলোঁ। এইবোৰৰ উপৰি বেতগাজ পুৰিখোৱা গৰখীয়াৰ, এটা চখ আৰু আমোদৰ কাম।
হতিতি আৰু দোবলমূৰ্তি মোৰ যোৰৰ গৰখীয়া আছিল ভদৰ মেনা বুলি এজন গাঠলু ধৰণৰ মোটা-তাজা ল'ৰা। তেওঁ হৰ বৰডেকাৰ ভায়েক : বেণুৰাম টেকেলাৰ পুতেক। মেনা মানে কথাৰ পাক জনা আৰু মেল-দোৱানত সজাই-পৰাই কথা ক'ব পৰা লোক ; মেলৰ সন্মানী মেলুৱৈ। গৰখীয়া ল'ৰাবোৰৰ ভিতৰতো দুইএকোজনে বেচ কথাৰ গাঁতি জানিছিল আৰু সজাই-পৰাই নোহোৱাটোকে হোৱা কৰি কথা ক'ব পাৰিছিল। তেনে এটা ল'ৰা আছিল ভদৰ মেনা। কঁকালতো তেওঁৰ যথেষ্ট বল আছিল। দোবলমূৰি বা হতিতিত আমাৰ দুয়োৰো কঁকালে কঁকালে যুঁজ লাগিলে কাকো কেৱে নোৱাৰিছিলোঁ। অইনে যুঁজ ভাঙি দিছিল। পিছে এনে ধৰণৰ খেলা-ধূলা আদিত আমাৰ ঘাই নীতি আছিল - সন্ধিৰ বাঁহ বুদ্ধিৰে কটা বা ছেগ চাই কঠীয়া পাৰা। ১৪/৬/৮৫
ভাবিছিলোঁ - এয়ে বিয়াৰ উৎসৰ
সৰুতে মোৰ কাণ বিন্ধাইছিল। কাণ-বিন্ধনি উচ্চ হিন্দুৰ 'কৰ্ণবেধ' সংস্কাৰৰে এটি ক্ষুদ্র তাঙৰণ। গাঁৱত আগৰ দিনত লিঙ্গভেদ নকৰাকৈ সকলো লম্বা-ছোৱালীৰে কাণ বিন্ধাইছিল। সেইদেখি সৰুসুৰা মাঙ্গলিক কাৰ্য্যক গাঁৱত কোৱা হয়, বোলে মেকুৰীৰ কাণ-বিন্ধনি পাতিছোঁ। মোৰো সৰুতে কাণ বিদ্ধাইছিল। কাণত বিন্ধাইদি দুয়োখন কাণৰ লতিত দুডাল সোণৰ গুণা পিন্ধাই দিছিল। মোৰ সেই বিদ্ধা এতিয়াও আছে। কাণ বিন্ধালে বোলে বহুত সিৰা ৰোগৰপৰা হাত সাৰিব পাৰি। সেই লেজুতে ল'ৰা যদিও মোৰো কাণ বিন্ধাইছিল। ডিঙিতো মাজত ডাঙৰ ডাঙৰ সোণৰ মণি জিলিকি থকাকৈ পোৱাল মণি এধাৰ পিন্ধিছিলোঁ। ডাঙৰ হৈ স্কুললৈ যাব পৰা হোৱাতহে তাক খুলি থৈছিলোঁ। মণিডালত সোণৰ গোটা মণি ছয়টা আছিল। একেলগে এটা এটাকৈ দুটা নে তিনিটা ৰঙা পোৱাল মণি আৰু তাৰ অন্তৰে অন্তৰে একোটাকৈ সোণৰ মণি। এই মোহ লগা মণিডাল সম্পর্কে মোৰ আজি এটা ঘটনা মনত পৰিছে। কৈ থওঁ
পিতাৰ মোমায়েকৰ ঘৰ আমাৰ ওচৰৰে বৰুৱাপাৰাত। সেইদেখি পিতাৰ মাকৰ এটা নামেই আছিল - -বৰুৱাৰ জীয়েক। আমাৰ গাঁৱৰে এটা অংশক বৰুৱাপাৰা বোলে। এটা বহল আলিয়ে দুয়োটা চুবাকে সমানে দুফাল কৰিছে। এই বহন আলিটোক সকলোৱে বঙলা আলি বোলে। মাটি খন্দা নুনীয়া বঙালে বন্ধা এয়ে আছিল সেই অঞ্চলৰ প্ৰথম আলি। গতিকে তাৰ নামেই হৈছিল - - বঙলা আলি। আমাৰ চুবাটোত গিৰী হ'ব পোন্ধৰ ঘৰমান। বৰুৱাপাৰাতো সিমানে।
পিতাক বৰুৱাপাৰাৰ মোমায়েকৰ ঘৰে আৰু আমাৰ চুবাৰো পূবমূৰে থকা সন্ধিৰাম মহৰীৰ ঘৰে বিহুৱে-উৎসৱে ভাত-জলপান ভোজনৰ কাৰণে সঘনে নিমন্ত্ৰণ দিছিল। এই নিমন্ত্ৰণবোৰলৈ পিতাই মোক সদায় লগত লৈ গৈছিল : অকলে নগৈছিল। সেই আপাহতে নিমন্ত্রণ খাবলৈ পাই মোৰো জিভাৰ লুতুৰি বাঢ়িছিল। সেইবুলি আমাৰ ঘৰলৈও তেওঁলোকক একেদৰে নিমন্ত্ৰণ কৰা হৈছিল। নিমন্ত্ৰণবোৰ সদায় তেনেকুৱায়ে, পাৰস্পৰিক। সেয়েহে গঁয়া ফকৰাত কোৱা হয়, বোলে, 'কুৰ্মাক কুৰ্মাই খায়, ধাৰ শুজা যায়'।
এদিন গৰমকালি দুপৰীয়া পিতা ভোজনৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ বৰুৱাপাৰাৰ মোমায়েকৰ ঘৰলৈ গৈছিল ; লগত মই। মাছে-মঙহে, মথা দৈয়ে নতুন চুৰাই দকচি খোৱাৰ পাছত পিতাই বহি তামোল-চালি খাই কথা পাতি আছে। ইফালে আমাৰ কাৰণে বহা-ঘৰৰ ভিতৰ কোঠালিৰ মজিয়াত জিৰাবলৈ গাৰুসহ এখন বহন পাটী পৰা আছিল। মই তাতে বেং-গিলা সাপৰ দৰে চেৰাই-নেৰাই দি লাহেকৈ বাগৰ
| pdf |
a4983639f204f8c04d6bc672e3d26b0b60fe3910 | মাৰ্ঘেৰিটাত শালি ধানৰ পথাৰত বন্যহস্তী উপদ্ৰৱ।
মাৰ্ঘেৰিটাৰ ৰিতুপথাৰত শ শ বিঘা পকা শালিধানৰ খেতি নষ্ট বনৰীয়া হাতীজাকৰ। বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে টোপনি সৰিছে গঞা ৰাইজৰ। ইনথেম ৰিতুপথাৰত শ শ বিঘা পকা শালি ধানৰ পথাৰ নষ্ট কৰিলে বন্যহস্তীয়ে। স্থানীয় ৰাইজৰ অভিযোগ যে ডিগবৈ বন সংমণ্ডল তথা মাৰ্ঘেৰিটা পূৱ বনাঞ্চলিক কাৰ্যলয়ত ৰাইজে বন্যহস্তী উপদ্ৰৱৰ বিষয়ে বহু আবেদন নিৱেদন কৰি আহিছে যদিও বন বিভাগে তিলমানো গুৰুতৰ প্ৰদান কৰা নাই। ফলত উপায়হীন গঞা ৰাইজে বছৰটো ভাত মুঠি যোগাৰৰ বাবে জীউটো হাতৰ মুঠিত লৈ নিশা ধাননী পথাৰত পহৰা দিবলৈ বাধ্য হৈ পৰিছে। গঞা ৰাইজৰ তীব্ৰ ক্ষোভ বন বিভাগৰ বিষয়া কৰ্মচাৰী বিৰুদ্ধে। বন্য হাতীক ৰোধিবলৈ বন বিভাগৰ হাতত নাই কোনো সুপৰিকল্পিত আচনি। বন বিভাগৰ এনে কাণ্ডজ্ঞান শূন্য কৰ্মকাণ্ডৰ বাবে বিনিদ্ৰ ৰজনি পাৰ কৰিব লগীয়া হৈছে গাম্য অঞ্চলটো খেতিয়ক ৰাইজ।
মাৰ্ঘেৰিটাত শালি ধানৰ পথাৰত বন্যহস্তী উপদ্ৰৱ। | web |
9eb5d5f22e137bea276b83addf208e8f155410a7 | 1 - Moro sã toehse ahtao aorihtyã ekepyry zonẽtopõpyry ae tuisa tõ zehpyry tousẽme exĩko, Juta tõ tamuximãkõ zehpyry roropa te, oturuketõ zehpyry maro te, urutõ kõ zehpyry maro, imehnõ Jerusarẽ põkõ zehpyry roropa. Ywy Ritonõpo oturũko ase. 2 Jehpyrykõ typahsẽme exĩko sapararahme xixi zopino, nuno roropa, xirikuato zopino roropa. Morohne sehxo toh nexiase, tynekarorykõ tonehse eya xine, imeĩpo ehtoh poko tõturupose toto a eya xine, toahmase toto eya xine. Jehpyry tõ ananỹpyra exĩko mã toto zonẽtohme. Jarao rokẽ exĩko mã kehko nono po, onokyro ety samo. 3 Mame mokaro popyra exiketõ akoĩpyry, sapararahme taropose aexityã ya toorikyrykõ sehxo exĩko mã toto. Ywy Ritonõpo Jamihmehxo Exikety oturuno.
4 Mame typoetory tomo a tõturupose Ritonõpo a ya. Ynara tykase ynororo:
- Ahno toepukase ahtao owõpyra ropa hnae? Tyetohse osema ahtao eramara ropa hnae? 5 Ypoetory tomo, oty katoh tahxime eramãko matou ywinoino? Amekehxo rokẽ ytõko matose ywinoino, oty katohme? Azahkuru oehtohkõ rumekary se pyra matose oehtohkõme ropa ya. 6 Otato exiase õmirykõ etatohme repe, yrome zae omi ke oturupyra mexiatose. Emynyhmara mexiatose popyra oehtohkõ poko. "Oty yriase azahkuru?" kara mexiatose. Oesemarykõ ae rokẽ ytõko matose, emero porehme, kawaru samo tururume aytoryhtao etonatoh taka. 7 Torõ tõ toytotohkõ waro mã toto, urutukue tomo te, akarara tomo te, parapi tõ roropa, imepỹ nono pona toytotohkõ waro mã toto; ruperupewa tõ zuaro mã toto toehtohkõ ropa toehse ahtao. Yrome amarokõ ypoetory tomo, ynyripohpyry oya xine omipona pyra matose.
8 - Otãto ehxiropyra exiketõ sã ynara ãko matou: "Tuaro exiketõme ynanase, Ritonõpo Omiry nae yna exiryke?" Yrome enetoko ke! Mokaro, jomiry meronanõ mã azahkuru jomiry tymerose eya xine. 9 Tuaro exiketõ ehxirõko mã toto; otupĩko mã toto, tamonohse mã toto, Jomiry turumekase eya xine exiryke. Oty moro tuaro ehtoh nae toh nae? 10 Morara exiryke ipyxiãkõ ekarõko ase imehnomo a, inonorykõ ekarõko ase imehnõ esẽ tomo a. Ynara exiryke: mokaro emero tineru apoiry kuhnõko mã toto, imehnõ enekunopyry ke, tamuximãkomo te, tytineruke pyra exiketomo, enara. Urutõ komo, oturuketõ roropa emero ajohpe mã toto. 11 Ypoetory tõ apurotopõpyry ekarõko mã toto emikatoh sã rokene. Ynara ãko mã toto: "Kure rokẽ mana," ãko popyrahxo ahtao. 12 Morarame morohne poko, yzamaro pyra ehtoh poko ehxirõko toh nae? Arypyra! Ehxiropyra mã toto ipunaka; ehxirosaromepyra mã toto. Naeroro epukãko mã toto imehnõ toepukase aexityã samo; toto wãnopyryhtao ya typahsẽme exĩko mã toto nono pona. Ywy, Ritonõpo, oturũko ase.
13 - Ywy Ritonõpo, ypoetory tõ enepyry se exiase oximõme, tupito poko erohkety tonahsẽ apoiry samo. Yrome uwa zoko sã toh nexiase topere pyra, wikeira zoko samo topere pyra; tyaremãse roropa toorihse. Naeroro imehnõ nonory põkõ tonehpose ya sero nono apoitohme eya xine.
14 - Oty katohme tehme rokẽ sytatou? ãko Ritonõpo poetory tomo. - Ehmaropa tururume pata tõ pona, tapuruse exiketõ pona, moroto orihtohme. Kuorihmapotorỹko Ritonõpo Kuesẽkõ mana. Tuna tokarose eya kuokurukõme opi orihmato maro tyyrypyhpyke toehse kuexirykõke, aomiry omipona pyra. 15 Osepeme ehtoh imehnõ maro eraximãko sexiatose, kure kuehtohkõme repe, yrome kure ehtoh oehpyra tokurehse; oserematoh toraximase kyya xine repe, yrome kuerehtohkõ rokẽ toehse. 16 Kuepetõkara toehse mã toto pata Tã pona; kawaru tõ etãko sytatose oseremãko jamihme ahtao. Mokaro omitaryhtao nono tykytyky kamexipõko mã toto. Kuepetõkara tooehse mã toto sero kynonorykõ enahkase kỹkyryrykõ maro emero porehme, kypatarykomo te, pata tõ põkõ maro.
17 - Tomeseke ehtoko! ãko Ritonõpo mana. - Okoi tõ enehpõko ase oya xine orihmatõ komo; mokaro okoi tõ ekuremasaromepyra mã toto, oesekatorỹko mã toto.
18 Emynyhmãko ase ipunaka,
ekurãkasaromepyra ase;
ukurohtao jeano kure pyra mana.
19 Etatoko ke! Wekyry tõ kui kary etãko ase,
kohtãko mã toto sero nono po porehme.
Ynara ãko mã toto:
"Otarame Ritonõpo Kuesẽkõ Xião po pyra toehse nae?
Mame Ritonõpo, Ituisarykõ toto ezuhnõko:
"Oty katoh jyhtomãko matou oneponãmarykõ ke, ritõ panõ eahmaryke oya xine,
20 Mame ahno kohtãko mã toto:
"Jeimamyry nenahno,
tykyrysã apoitoh tonahse,
21 Ukurohtao jeano tapurose mana wekyry tõ tapurose exiryke.
Xitãko ase, tapotũkehse ywy ipunaka.
22 Opi pyra hnae Kireate po?
Opi warõ pyra roropa hnae moroto?
Morara exiryke oty katohme wekyry tõ onukurãkara toh nae?
| web |
f220253745667cba581670b07731a4381f37236c | ডিজিটেল সংবাদ, গুৱাহাটীঃ বৃহস্পতিবাৰে গুৱাহাটীৰ খাৰঘুলিত জল ব'ৰ্ডৰ নৱনিৰ্মিত পানীৰ পাইপ ফাটি সৃষ্টি হোৱা বৃহৎ পানীৰ সোঁতে অঞ্চলটোত মানুহ আৰু সম্পত্তিৰ বৃহৎ ক্ষতি সাধন কৰাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাইজৰ দলে। আজি পুৱাৰ ভাগত ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে সমগ্ৰ অঞ্চলটোৰ ক্ষয়-ক্ষতিৰ বুজ লৈ ভুক্তভোগী পৰিয়াল কেইটাক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোৱে অভিযোগ কৰে যে গুৱাহাটী জল ব'ৰ্ড আৰু এন জে ইঞ্জিনিয়াৰিঙৰ গাফিলতিৰ ফলতে এই বৃহৎ অঘটন সংঘটিত হৈছে।
শেহতীয়াকৈ অঞ্চলটোত উদ্বোধন কৰা জাইকা পানী যোগান প্ৰকল্পৰ অংশ হিচাপে গেমন ইণ্ডিয়াই এই পানীৰ পাইপ স্থাপন কৰিছিল। এই প্ৰকল্পৰ তদাৰক আৰু সঠিক ৰূপায়ণ নিশ্চিত কৰাৰ দায়িত্ব আছিল গুৱাহাটী জল ব'ৰ্ডৰ ওপৰত। ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়া, সহকাৰী সম্পাদক আনিচুৰ ৰহমান, অতিৰিক্ত তথ্য আৰু প্ৰচাৰ সম্পাদক প্ৰণৱ ডেকা আৰু জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক বিকাশ ডেকা লতাশিল থানাত উপস্থিত হৈ গুৱাহাটী জল ব'ৰ্ড আৰু এন জে ইঞ্জিনিয়াৰিঙৰ বিৰুদ্ধে নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ, অদক্ষ কাৰিকৰী কৰ্মীৰ হতুৱাই কাম কৰোৱা আৰু ব্যাপক দুৰ্নীতিৰ অভিযোগত ৮১/২২৩ নম্বৰত এটা গোচৰ ৰুজু কৰে।
উল্লেখ্য যে পানী যোগানৰ পাইপ ফাটি যোৱাৰ ফলত সৃষ্টি হোৱা বৃহৎ পানীৰ ঢৌৰ ফলত সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো ব্যক্তি আহত হয়। এই ঘটনাত চাৰিচকীয়া আৰু দুচকীয়া বাহনকে ধৰি বাহনসমূহৰ লগতে ওচৰৰ কেইবাটাও ঘৰৰ ব্যাপক ক্ষতিসাধন হয়। সেয়ে ৰাইজৰ দলে চৰকাৰক ক্ষতিগ্ৰস্তসকলক শীঘ্ৰে পৰ্যাপ্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায়। | web |
53c091b0feecee62f5cf02c0b6cd68cd60b835a0 | মঙলবাৰৰ পৰা ভাৰতকে ধৰি বিশ্বৰ বহুকেইখন দেশত আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ৰমজান মাহ।
ইছলাম ধৰ্মৰ হিজৰী কেলেণ্ডাৰমতে ৩৫৪ দিনৰ মূৰে মূৰে চন্দ্ৰকলা হয় আৰু সেই উপলক্ষে ৰমজান মাহ উদযাপন কৰা হয়।
সোমবাৰে কাঁচিজোন আকাশত ভাঁহি অহাৰ লগে লগে ৰমজান মাহৰ পূৰ্বাভাষ পোৱা যাব।
চৌদী আৰৱে দেওবাৰে জনাইছে যে ১৩ এপ্ৰিলত ৰমজান মাহৰ প্ৰথম দিনটো উদযাপন কৰা হ'ব।
চৌদী আৰৱত কাঁচিজোন আকাশত ভাঁহি অহাৰ লগে লগে ভাৰত, পাকিস্তান, বাংলাদেশকে ধৰি এছিয়াৰ দেশসমূহত মঙলবাৰৰ পৰা আৰম্ভ হ'ব ৰমজান মাহ।
ইয়াৰ উপৰিও ইজিপ্ট, লেবানন, সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰ, বাহৰেইন, ইন্দোনেছিয়া, মৰক্কো, চিৰিয়া, শ্ৰীলংকা, জৰ্দান ইত্যাদি দেশসমূহতো আৰম্ভ হ'ব ৰমজান মাহ।
আনহাতে, গ্ৰেট ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্সকে ধৰি ইউৰোপীয়ান দেশসমূহৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে চৌদী আৰৱত চন্দ্ৰকলা হোৱাৰ লগে লগে ৰমজান মাহ পালন কৰিব।
উল্লেখযোগ্য যে ইছলাম ধৰ্মমতে ৰমজান মাহত ৰোজা ৰখা তথা উপবাসে থকাটো এটা অন্যতম ধৰ্মীয় নীতি।
ৰমজান মাহৰ কালছোৱাত ইছলাম ধৰ্মাৱলম্বীসকলে পুৱাৰ পৰা আবেলিলৈকে যিকোনো ধৰণৰ খাদ্য খোৱাৰ পৰা আঁতৰি থাকে।
আবেলি সময়ছোৱাত খেজুৰীৰে তেওঁলোকে উপবাসৰ অন্ত পেলায়। | web |
4f6324ffd30946bc88067f4604d3df4234b04ea6dd9424f07418dcf45b8f540f | শিল্পীৰ আলোকযাত্রা
উনৈশ শতিকাৰ শেহ ছোৱাৰ তেজপুৰৰ কাৰেং হেন সেই পকী ঘৰ নৱৰংগৰ সপোনৰ ৰসেৰে ভৰপুৰ, হৰিবিলাসৰ হৰি নামেৰে ৰজন্জন, য'ত গীত-মাত বাজনাৰে নিতৌ ৰজনজনাই উঠে, ক্ষতিকণ নাই, যাৰ পৰাই হবিবিলাস আগৰৱালাৰ অতি যতনত অসমৰ বাপতি সাহোন কীর্তন পুথি, গুণমালা, ভটিমা, অসমৰ অমূল্য সম্পদ 'বৰগীত' কলীযা ছপা আখৰেৰে জকমকাই ওলায,- সেই ঘৰতে মজলিচৰ মজিযাযেদি পৰমানন্দ আগৰৱালাৰ বেহেলাৰ ৰেপনিৰপৰা মৌ সৰা লক্ষ্মীৰাম বৰুৱাৰ বাজনাৰ লগে লগে হিন্দুস্থানী সংগীতৰ সুৰৰ লহৰ বয়, অসমীয়া গীত মাত, ভাষা সাহিত্যৰ আলচ চলে। এনে লাহ-বিলাহৰ মাজতে সুৰৰ দীপাৱলীৰ পোহৰ লৈ লৰা জ্যোতিৰ হিযাপদুমৰ চকাৰ পৰাই শোণিত কুঁৱৰী জিলিকনি সানি ওপজি জিলিকি উঠে। এই ঘৰৰ চেৰাশালিৰ পৰাই অসমীয়াৰ বহুতো গীত, কবিতা, নাট গল্প আদিৰ জন্ম হয়। অসমীয়া সাহিত্যৰ বৰ ওজাদেউ লক্ষ্মীনাথ বেজবৰুৱাৰ বহুতো গীত ইয়াৰ পৰাই ৰেহৰূপ হৈ ঠন ধৰি উঠে। অসমীয়া জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ গী৩টি এই ঘৰতে মোৰ বন্ধু শ্রীকমলা আগববালাৰ হিয়াৰ ৰসেৰে মৌ সৰা হৈ উঠে। সেই ঘৰ-পঢ়াশলীয়া এগৰীয়া শ্রীকমলা আগরবালা প্রমুখে। আন আন লা লণৰীয়াৰে সৈতে গীত নাচেলে, ব' মোলিৰে ওমল' সেই ধৰ। দেখিলে পুৰণি দিনৰ পাহুবোৰ মেল খায, পাহৰণি পদুমৰ ৰহঘৰ সোঁৱৰণী চাকৰ মৌ বৰয়ে। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা, আনন্দ চন্দ্ৰ আগরবালার জিলিকনি সেই বগা পকীৰ হ'ত গান্ধী মতিলাল জব্বাহৰলাল আদিয়ে তেজপুৰলৈ আহি জিবণিলা। সেই গহ্বান ঊৰ গম্বুব ঘন, ভাৰতৰ বুৰঞ্জীৰ কেইখিলা পাত ঠাই পোনাৰ উপযোণ মন অসমাযা কৃষ্টিৰ ভৰাল সেই ভঁপালেরে জ্যোতি কমলাহঁত সেবা এবং (বাটল'। অসমীয়া আাণৰবালা পৰিয়ালৰ সেই ঘৰ অসমীয়াৰ জীবনী শক্তির জামা কণিকা।
ভিন্ন ভিন তিনিও ১৯নং চন জনি এনে ঐতিহ্যপূর্ণ বাবে হেন পকীঘৰখনও আভিগতাৰ প্ৰসাদ নৌ- কোকা বলে পর সোণৰ চামুচ মুখত লৈ এনে পৰিবেশং মাকল শুবলা মাংৰ নিচুকনি গভ আই বিয়া নাম শুনি শুনি মক চেনেহ আৰু যতন : ডাঙৰ-দীঘল হৈ হন। ভাই ভাই ও বনেতা হে এলাৰ দুভ উঠে, স্পোলৰ বাজারে ধনি মূবৰ ওপাবদি ঘৃৰুৱাই মত্সাহ দেখুৱাই সেউজবুল তেওঁৰ ব্যক্তিতে বাকি কালৰে পৰা অতপালি উদ্ভণ্ডালিব মাজেদি নেতৃত্ব বিকাশও হয়। ধৰব পরিবেশ সংগীতময় তেওঁৰ অন্তৰৰ উহৰ পৰাও সংগীত নিগৰি ওলার পিং পরমানন্দ আণবনাননাৰ হিন্দুস্থানা সংগীতৰ সুব্ধ ধাৰা নহয়, মাতৃ কিৰণমনীৰ অসম,যাৰ ততুলা নিচুবনি ণাভ আহ নাম বিয়া নাম বনগীত বিহুনামৰ সুৰৰ জাউৰিযে জাউবিয়ে (বাবা ফधপन
ল'ৰা জ্যোতিৰ মাৰ পৰা সংপালি ধিভিঙালি, উদ্ভণ্ডালিৰ উপৰি জেদ বেছি। 'দেউতা মোক এং' বিনাতী বাঁহা আনি দিয়কচোন। 'শা জ্যোতিৰ দেউতায়েকলৈ কৰুণ কাকৃতি, কৰুণ মিনাঃ বান মন বৰ বিষাকুল বিলাউ বাঁহী ক্লাৰিওনেট লাগেই। সৰু ল'ৰা বিলাতী বাঁহী কেলেইঃ দেডতাকে ডাঙৰ বিলাতী বাঁহী কেনেকৈ বজাৰ ল'ৰাটোৱে বুলি নিদিয়ে। পুতেকৰ ঠেং •াপেকৰ আঁকোৰগোজালি জেদ। বিলাতী বাঁহী নেপাই ল'ৰা জ্যোতি তিনিদিন নাখাই নবই অভিমা•৩ লঘোনে ভোকে ৰোহ্ ঘৰত থাকে। দেউতাকৰ আঁকোৰগোজালি ভাব
অমৰ জ্যোতি
ভাঙি যায। মাকৰ দিহা-পৰামৰ্শ মতে উপায় নাপাই বাপেকে এটা অর্গেন কিনি দিয়ে। পৰমানন্দই আনন্দত উৰুলীকৃত হৈ ল'ৰা-ছোৱালীহঁতক অৰ্গেন বজাবলৈ শিকায। বেহেলাবাদক দেউতাকৰ শিক্ষাত দীক্ষিত আটাইকেইজন ল'ৰাই বেহেলা বজাব জানে, ভালকৈ বজাযো অৰ্গেন অনা দিনৰে পৰা সকলোৱে অৰ্গেন বজাব পাৰে, লগে লগে গানো গায়। এনে সময়তে আলেঙে আলেঙে গুপুতে গোপনে জ্যোতিযে শোণিত কুঁৱৰী নাটকখন ৰচে।
আগতে বাণ থিয়েটাৰত অনূদিত নাটক হে মঞ্চস্থ কৰা হৈছিল। কলিকতাৰ পৰা সেই নাটকৰ অভিনয চোবাৰ লগে লগে সেই নাটক সম্পৰ্কীয় গীতবোৰৰ সুৰো সংগ্ৰহ কৰি অনা হৈছিল। সেই গানবোৰ অনুবাদ কৰি বঙলুবা সুৰ জাপি গোৱা হৈছিল। অসমীয়া নাট্যকাৰসকলৰ নাটকবোৰৰ গান প্রচলিত হিন্দুস্থানী আৰু বঙলুৱা সুৰত হে গোৱা হৈছিল।
১৯২১ চন। অসহযোগ আন্দোলন। অসমৰ এচাম ডেকাৰ হিযাত অসহযোগ আন্দোলন হয - ৰাজনৈতিক ক্ষেত্ৰত নহয, সুৰ জগতত। হিন্দুস্থানী আৰু বঙালী সুৰ বিদেশী বৰ্জনৰ দৰে বৰ্জনৰ ব্যবস্থা চলে। যিবিলাকক গাঁণলীয়া সমাজৰ বস্তু বুলি অৱহেলাৰ সামগ্ৰী হিচাপে অসমীয়া শিক্ষিত ডেকাসকলৰ অন্তৰত ধাৰণা হৈছিল, সেই বিহুনাম, বনগীত, আইনাম বিয়ানাম, টোকাৰী নামবোৰৰ সুৰ থিয়েটাৰী গানত ব্যবহাৰ কৰিব পাৰি নে নোৱাৰি, আৰু সেইবোৰ আধুনিক যন্ত্র পাতিৰে বজাই নতুন যুগৰ উপযোগী সাজ পাৰেৰে উলিয়াই আনিব পাৰি নে নোৱাৰি, এনে স্বরূপে জাতীয় ভাবত উদ্বুদ্ধ হৈ এচাম অসমীয়া ডেকাৰ অন্তৰত লক লগায়।
এদিন নিশা। বাণ থিয়েটাৰত শোণিতকুঁৱৰী নাটকৰ আখৰা। বাণ ৰংগমঞ্চৰ পৰা নিশা জ্যোতিষে ঘবলৈ ওভতে। সেই কাৰেং হেন পরীঘণ অর্গেনৰ মাতত বজন জনাই উঠ লগে লগে জাত লগাই গায় সংগীত-ওজা লক্ষ্মীনাথ বকবান সহযোগী সুসংগীতজ্ঞ ঋষিতুল। পৰমানন্দ আগ্ৰৱালাই উৰম্ভীৰ মাতেৰে কীতৰ সেই ফাঁকি 'কৃষ্ণৰ বিএম দেখি ঋক্ষৰাজ পরম বিস্ময় মনে । অসমীয়া পদ অর্গেনও বজাই গোবা আণতে নুশুনা চেমনীয়া ডেকা জ্যোতিৰ হিয়াই বিজ্বলা সঞ্চাৰিত হৈ চিঞৰি উঠে ইউরেকা, ইউবেকা, পাইছে। পাইছো।' তাৰ পিছত সেই ঋসিদৃশ পুৰুষে অঙ্গেঁলৰ বীড়বোধৰ ওপৰেদি আঙুলি বুঝাই অসমীয়' •ামৰ সুব গায় জ্যোতিব হিমাই কৈ উঠে `চিনি পাওঁ, চিনি পাওঁ। পৰম গুৰুষজনে লগতে
'অ' আইটী বেঙুন বৰা চৰকাৰল ছ অন্য
আকৌ দেউতাবে গয়,
পুলিচৰ লয় না
থানালৈ পল্ট। বাবাধ করা।
তুলসীৰ ওলে
নৃপছ চলে
তাকে দেখি ৰামচন্দ্র
শৰধনু ধৰে ৰাম ৰাম
শৰধনু ধৰে।'...
| pdf |
dc2e12cb92cd1ba8867c0e1251216dfa64c6c983 | খোৱাংঃ বিধ্বস্ত বাট-পথে ব্যাপক সমস্যা সৃষ্টি কৰিছে খোৱাঙত। মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ বৰফুকন আলিত আজি শিল কঢ়িয়াই অনা এখন ডাম্পাৰ পথৰ মাজতে সোমাই পৰাত পথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। মেৰামতিৰ অভাৱত বহুদিনৰ পৰা বিধ্বস্ত হৈ থকা পথটোত সৰু-ডাঙৰ বহু যান-বাহন চলাচল কৰি থাকে।
কিন্তু জনপ্ৰতিনিধিয়েই হওক বা গড়কাপ্তানী বিভাগেই হওক কোনেও এই পথটোৰ মেৰামতিৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে। যাৰ বাবে পথটোত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ পথচাৰীক জীয়াতু ভোগাই আহিছে। আনহাতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে দৈনিক সহস্ৰাধিক লোক অহা যোৱা কৰা এই পথটোৰ দুৰাৱস্থাৰ বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে।
ইফালে আজি পথাৰৰ সৈতে প্ৰায় সমান হৈ থকা পথটোত শিলভৰ্তি ডাম্পাৰখন সোমাই পৰাত প্ৰায় বাৰ বজাৰ পৰা বাতৰি যুগুত কৰা এই সময়লৈকে যানবাহনৰ লগতে যাত্ৰীসকল আবদ্ধ হৈ আছে। প্ৰশ্ন হয়, পৰিৱৰ্তনৰ শ্ল'গান দি শাসনলৈ অহা বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়ক সকলে কেতিয়ালৈ ৰাইজৰ এই সমস্যাসমূহ দূৰ কৰিব পাৰিব? নে বিগত দিনবিলাকৰ দৰে ৰাইজে সমস্যাৰ মাজতেই দিন অতিবাহিত কৰিব লাগিব। | web |
cf1018ca01cedf033af6539a82a293c55df96621cd4b9f131f05f607b025eb9e | সাতোটা দিন চকুৰ পচাৰতে পাৰ হ'ল। এই কেইদিনত মোৰ গৃহস্বামীৰ স্বাস্থ্য আৰু বেছিকৈ পৰি আহিলে। কেইবামাহৰ ভিতৰত যিমান বেয়া হৈছিল, এতিয়া এদিনতে সিমান শোচনীয় হ'বলৈ ধৰিলে।
কেথেৰিণৰ পৰা পৰিস্থিতি লুকুৱাই ৰখাটো সম্ভৱ নাছিল। আমি তাইৰপৰা আঁৰ কৰিব খুজিলেও নিৰ্ম্মম বাস্তৱক তাইৰ চকুত নপৰাকৈ ৰখা টান আছিল। এক ভয়ংকৰ সম্ভাৱনাই ধীৰে ধীৰে যে বাস্তৱত ৰূপ লবলৈ ধৰিছে সেই বিষয়ে তাই লুকাই লুকাই চিন্তা কৰিবলৈ ল'লে।
বৃহস্পতিবাৰ আহি পালত ফুৰিবলৈ ওলাই যোৱাৰ বাবে পিতাকৰ মত লবলৈ তাইৰ সত নগ'ল। ময়ে তাইৰ হৈ অনুমতি ললোঁ। পিতাক বেচিপৰ বহি থাকিব নোৱাৰে। পৰাকশ সমযতে তেও দিনৌ একোবাৰ পুথিভঁৰালটোত সোমায়। সেই পুথিভঁৰালটো আৰু পিতাকৰ কোঠাটো - কেথিৰ বাবে এতিয়া সেয়ে সমস্ত জগতখন যেন হ'ল। তাৰ বাহিৰে তাই কলৈকো নোলায়। তাই হয় তেওঁৰ মূৰশিতানত নহয় কাষত বহি থাকিব। এক মুহূৰ্ত্তও লৰচৰ নকৰে। বাপেকৰ ওচৰত পৰ দি দি থাকি লগতে মনৰ দুঃখৰ বাবেও তাই শেঁতা পৰিল। গতিকে তাইক এপাক ফুৰাই আনিবলৈ অনুমতি বিচাৰিৰ্লত পিতাক তৎক্ষণাত ৰাজি হ'ল। এপাক ওলাই গ'লে তাইৰ গা মন ভাল লাগিব বুলি বোধহয় তেওঁ ভাবিছিল। তেওঁৰ মৃত্যুৰ পিচত তাই একেবাৰে অকলশৰীয়া হ'ব নালাগিব বুলি ভাবিবলৈ পাই তেওঁ কিছু স্বস্তিৰ নিশ্বাসো পেলাইছিল।
ভাগিনীয়েক লিণ্টনৰ তেওৰ লগত অকল চেহেঁৰাৰ মিলেই নহয় মনৰো মিল আছে বুলি তেওঁৰ এটা দৃঢ় ধাৰণা আছিল যেন মোৰ লাগিছিল। তেওঁ মাজে মাজে দিয়া একোটা মন্তব্যৰ পৰা মোৰ এই অনুমান হৈছিল। লিণ্টনৰ চিঠিৰপৰা তাৰ চৰিত্ৰৰ দোষ-ত্রুটী কিবা আছে নে নাই বুজা নগৈছিল। ময়ো তেওঁৰ এই ভুল ধাৰণাটো ভাঙি দিয়া নাছিলোঁ। মোৰ কিজানি ভুলেই হৈছিল হলেও অক্ষমণীয় ভুল নাছিল। শেষ সময়ত তেওঁক মিছামিছি মনোকষ্ট দিয়াৰ পৰা কিবা লাভ হ'ব বুলি মই ভবা নাছিলোঁ। ভাগিনীয়েকৰ চৰিত্ৰৰ কথা জানিলেও তেওঁ সংশোধনেই কৰিব পাৰিব, নে সংশোধন কৰিবলৈাক সময়কে বা পাব?
আমি ওলাই যোৱাটো আবেলিলৈ থলোঁ। আগষ্ট মাহৰ এটা সোণালী আবেলিৰ'দ জিলমিল। পাহাৰৰ পৰা বলা বতাহৰ ছাটিয়ে দেহমন জুৰ পেলাই নিয়ে, গাত যেন নতুনকৈ জীৱনী শক্তিৰ সঞ্চাৰ কৰে।
বাদাসিং হাইচ
কেথেৰিণৰ মুখখন ঠিক প্রাকৃতিক ভূদৃশ্যৰ দৰে লাগিছিল - এই ছাঁ এই পোহৰে যেন ব্যস্তভাবে তাত লুকাভাকু খেলিছে! কিন্তু ছাঁবোৰ যেন সৰহপৰ ৰয়, পোহৰৰ ম্যাদ যেন খন্তেকীয়া। পিতাকক এৰি থৈ অহাৰ বাবে তাই যেন নিজকে ক্ষমা কৰিব পৰা নাই।
লিণ্টন আগৰ ঠাইতে থিয় দি থকা দূৰৈৰ পৰাই আমাৰ চকুত পৰিল। তাৰ ওচৰ পালত কেথেৰিণ ঘোঁৰাৰ পৰা নামিল। তেওঁ মোক ক'লে যে তেও মাত্র খন্তেক সময়হে তাৰ লগত থাকিব গতিকে মই ঘোঁৰাৰ পৰা নানামিলেও হ'ব। মই কিন্তু মাপ্তি নহ'লোঁ। কেথিক এক লহমাৰ বাবেও মোৰ চকুৰ আঁৰ হ'বলৈ দিবলৈ মই প্ৰস্তুত নাছিলোঁ। তেনে এটা দায়িত্ব লবলৈ মই নাৰাজ। সেইবাবে আমি দুযো খোজকাঢ়ি আগবাঢ়িলোঁ। এইবাৰ লিণ্টন বোপাই আমাক বেচি আলহ-উদহ দেখুৱালে। বৰ স্ফূর্ত্তিত থকা যেনো অৱশ্যে নেদেখুৱালে। এটা সমীহৰ ভাবহে তাৰ আচৰণত বিশেষকৈ প্রকাশ পালে।
পলমেই হ'ল সি লাহেকৈ ক'লে। তাকে কওতেই যেন ভাৰ কষ্ট হৈছিল। 'তোমাৰ পিতাৰাৰ বৰ টান নহ্য জানো? মই তুমি নাহিবা বুলিহে ভাবিছিলোঁ।
তাক লগ পাই সৌজন্যসূচক কিবা এষাৰ কথা তাই কবলৈ ওলাইছিল পিচে মুখৰ কথা মুখতে থাকিল তাই একেবাৰে জাঙুৰ খাই উঠি তাক সুধিলে মই আহিলত ভালপোৱা নাই বুলি খোলাখুলিকৈ ক'ব নোৱাৰা কিয়? বৰ আচৰিত কথা লিণ্টন। দ্বিতীয়বাৰৰ বাবে মোক ভূমি ইয়ালৈ ইচ্ছা কৰি মাতি আনিছা বোধহয় মনোকষ্ট দিয়াৰ মতলবেৰেই আনিছা আৰু বিনা কাৰণত আনিছা।
লিণ্টনৰ কঁপনি উঠিল। কঁপি কঁপি সি তাইলৈ চালে। তাৰ দৃষ্টিত অনুন্য আৰু লজ্জা একেলগে প্রকাশ পালে। কিন্তু তাৰ এই অদ্ভুত আচৰণ সহ্য কৰাৰ জোখাৰে ধৈৰ্য্য কেথেৰিণৰ নাছিল।
তেওঁ কৈ গ'ল পিতাৰ বৰ অসুখ। তেওঁৰ কাষৰপৰা মোক আতৰাই আনিছা কিয? মই নহাটোকেই বাঞ্ছা কৰিছিল। যেতিয়া আহিব নালাগে বুলি খবৰ এটা নপঠালাঁ কিয? দিয়া মোক জবাব দিয়া। তোমাৰ লগত ধেমালি কৰিবলৈ বা চুপতি মাৰিবলৈ মই অহা নাই। আৰু তোমাৰ এই চল চাতুৰীবোৰ মই সেওভাও হৈ মানি চলিম বুলিও তুমি নাভাবিবা।
'মোৰ চলচাতুৰী। ভোৰভোৰাই সি সুধিলে 'মোৰ চলচাতুৰী তুমি ক'ত দেখিলা? ভগৱানৰ দোহাই, কেথেৰিণ ইমান খং নাখাবা। মোক যিমান অবজ্ঞাৰ চকুৰে চোৱা চোৱা। মইতো এটা অকৰ্ম্মণ্য ভযাতুৰ প্ৰাণী। কোনোবাই লঘু লাঞ্ছনা কৰিলে প্ৰতিবাদ কৰিব মই নাজানোঁ। কিন্তু মই তোমাৰ খঙৰ উপযুক্ত পাত্ৰ নহয়। মোৰ পিতাক ঘৃণা কৰা। মোক তোমাৰ অবজ্ঞাৰ কাৰণে ৰাখা।'
'বাজে কথা নক বাঁ। কেথেৰিণে খঙেৰে উত্তৰ দিলে, 'মূৰ্খ ল'ৰা ক'ৰবাৰ। সেইয়া চোৱা - তাৰ কঁপনি উঠিলেই। যেন মই তাৰ গাত হাত দিবলৈহে ওলাইছোঁ।
বাদানিং হাই
কাৰো অবজ্ঞা তুমি খুজি ল'ব নালাগে। তোমাক দেখা যিকোনো মানুহেই তোমাক অবজ্ঞা নকৰি নাখাকে। গুচা। জুহালৰ গুৰিৰ পৰা তোমাক আঁতৰাই অনাটো ভুলেই হ'ল। মোৰ ফ্ৰকটো এৰি দিয়া। তুমি কান্দি থকা বাবে আৰু ইমান ভয়খোৱা যেন দেখুওৱা বাবে মই যদি তোমাক কিবা সহানুভূতি দেখুৱাইছিলোঁ তেনে সহানুভূতি ভৰিৰে গচকি পেলাবা। এলেন তেওৰ আচৰণ বিমান অশোভনীয হৈছে তেওক কচোন। উঠাঁ। নিজকে সাপ-বেঙৰ পৰ্য্যায়লৈ ননমাবা। উঠাঁ।
দুগালেদি চকুলো বোৱাই, যন্ত্রণাকাতৰ ভাবোৰ লিণ্টনে তাৰ দুৰ্ব্বল দেহাটোৰে মাটিত বাগৰ দিলে। কিবা এক ভযৰ ভাবে তাক কাতৰ কৰি পেলাইছিল।
সি উচুপি উচুপি ক'বলৈ ধৰিলে 'মোৰ সহ্য নহ্য কেথেৰিণ। মই সহ্য কৰিব নোৱাৰিম। বেথেৰিণ মই এটা বিশ্বাসঘাতকো। কিন্তু কথাটো তোমাৰ ক বলৈ মোৰ সাহ নাই। কিন্তু তুমি গুচি গলে মোক মাৰি পেলাব। মৰমৰ বেথেৰিণ মোৰ জীৱন তোমাৰ হাতত। তুমি মোক ভালপোৱা বুলি কৈছিলা। তুমি মোক ভাল পালেও তোমাৰ একো অনিষ্ট নহয। তুমি নোযোৱা ভেস্তে? দযাবতী কেথেৰিণ তুমি নাযাবা। মোক দয়া কৰা। তুমি ইমান ভাল। তুমি বোধহয় সম্মতি দিবা। তেও মোক তোমাৰ লগতে মৰিবলৈকো দিব।
ভাৰ এনে অসহনীয় কষ্ট দেখি কোথৰিণৰ সহ্য নহ'ল। আগৰ সেই সমবেদনা আৰু মৰমৰ ভাবটো ঘূৰি আহিল। তাক পৰি থকাৰ পৰা তুলি ধৰিবলৈ তেও আগবাঢ়ি গল। তাৰ অৱস্থা দেখি তেওঁ অভ্যস্ত বিচলিত হ'ল আৰু ভয়ো খালে।
'কিহৰ সম্মতি কেথিযে তাক সুধিলে। ইযাত থাকিবলৈ সন্মতি ? তোমাৰ এই আচৰিত কথাবোৰৰ অৰ্থ কি মোক কোৱাচোন। তেতিষা মই সম্মতি দিম বাৰু। তুমি দেখোন ইটোৰ লগত সিটোৰ মিল নথকা কথাবোৰ কৈছা। তোমাৰ কথাই মোক বিভ্রান্ত কৰিছে। অলপ শাক্ত হৈ, তোমাৰ বুকুৰ বেদনা নো কি খোলাখুলিকৈ কোৱাচোন। লিণ্টন তুমি মোৰ মনত আঘাত দিব নোখোজা নিশ্চয় খোজা জানো? পৰাপক্ষত তো কোনো শত্রুকে মোৰ অনিষ্ট কৰিবলৈতো ভূমি এৰি নিদিবা- দিবা জানো? মোৰ মতে ভূমি নিজৰ কথাত সাহস দেখুৱাব নোৱাৰা কিন্তু তোমাৰ পৰম বন্ধুক তুমি কাপুৰুষৰ দৰে বিশ্বাসঘাতকতা নকৰা।
শুকাই খীণাই যোৱা আঙুলিবোৰ মুঠিমাৰি ধৰি সি সেহাই সেহাই ক'লে পিতাই মোক ভাবুকি দিছে। তেওঁলৈ মোৰ বৰ ভয় লাগে। বৰ ভয় লাগে। কথাটো ক বলৈ মোৰ সাহ নাই।
'হয় নেকি! তাচ্ছিল্যসূচক অনুকম্পাৰ ভাব দেখুৱাই কেথেৰিণে ক'লে 'তোমাৰ গোপন ৰহস্য তুমি ৰাখি থাকা। বাপুৰুষালি মোৰ নাই। তুমি আত্মৰক্ষা কৰি থাকা। মোৰ কালৈকো ভয় নাই।
তাইৰ উদাৰ্তাত তাৰ চকুপানী ওলাল। সি হুক হক কৰে কান্দিবলৈ ধৰিলে, আৰু সি ধৰি থকা তাইৰ হাতখনত ঘনে ঘনে চুমা খালে। তথাপিতো ৰহস্যটোৰ ভেদ ভাঙিবলৈ তাৰ সাহ নহ'ল।
ঝদংি হাইচ
গোপনীয় কথাটোনো কি হ'ব পাৰে ময়ো চিন্তা কৰি আছিলোঁ। মোৰ শুভেচ্ছাৰে কেথেৰিণে লিণ্টনৰে বা আন কাৰোবাৰে কিবা এটা উপকাৰ কৰাটো মই বিচৰা নাছিলোঁ। তেনেতে ওচৰত কিহবাৰ খচমচনি শুনি মূৰ তুলি চাই দেখোঁ যে আমাৰ ওচৰত হিগ্ক্লিফৰ আবির্ভাব হৈছে। সি ৱাদাৰিং হাইটচ'ৰ পৰা ওলাই আহিছে। কেথেৰিণ আৰু লিণ্টনলৈ সি কেৰাহিকৈয়ো নাচালে। অথচ সিহঁত নিচেই ওচৰতে আছিল। ইমান ওচৰতে যে তাৰপৰা লিণ্টনৰ উচুপনি কাণত নপৰাকৈ নাথাকে। মোক কিন্তু সি বৰ আন্তৰিকতাৰে মাত লগালে। ইমান হৃদ্যতাৰে আনক সি নামাতে, মোকছে মাতিলে। আৰু মাতষাৰৰ আন্তৰিকতাত মোৰ সন্দেহ নাছিল। সি মোলৈ চাই ক'লৈ
'নেলী দেখোন। মোৰ ঘৰৰ ইমান ওচৰত ভই ওলাবিহি বুলি ভাবিবই পৰা নাছিলোঁ। সিপিনে তহঁতৰ খা-খবৰ কোন? কচোন। মাতটো সৰু কৰি সি এইবাৰ ক'লে ইযে সিযে কোৱাকুই কৰা শুনিছোঁ এডগাৰ লিণ্টন বোলে মৃত্যুশয্যাত? সঁচা নেকি গুঞ্জবটো? নে এনোেযহে অতিৰঞ্জিতকৈ ওলাইছে?
'অতিৰঞ্জিত নহয় সঁচা কথা। তেওঁৰ দিন টুটি আহিছে। আমাৰ সকলোৰে বাবে বৰ বেজাৰৰ কথা হ'ব কিন্তু তেওৰ নিজৰ বাবে আশীৰ্ব্বাদ স্বৰূপ হ'ব। 'তেওঁ বাৰু আৰু কিমান দিন বাচি থাকিব পাৰে বুলি তই ভাব? 'মই কেনেকৈ জানিম। মই কলোঁ।
হিক্ৰিফে কেথেৰিণ আৰু লিণ্টনলৈ চাই আছিল। তেওৰ দৃষ্টি সিহঁতৰ পৰা আঁতৰ হোৱা নাছিল। লিণ্টনৰ যেন লৰচৰ্ কৰাৰে বা মূৰটো দঙাৰে শক্তি নাই। কেথেৰিণেও তাৰ বাবেই লৰচৰ কৰিব পৰা নাই। হিব্লিফে সিহঁতলৈ চাই চাই ক'লে 'সৌ ল'ৰাটোৱে মোৰ সকলো আশা পণ্ড কৰিব যেন পাইছোঁ। মোমাযেকটো তাতকৈ আগতে মৰিলেই ভাল হয়। বোলো হেৰ' কুকুৰ পোৱালি তই এইদৰে বহুত পৰ এই খেলা দেখুৱাই আছ নেকি? পেনপেনাই থাকিব লাগে কেনেকৈ সেই কথা তাক মই অলপ শিকাইছিলোঁ। মিচ লিণ্টনৰ লগত সি হাঁহি মাতি কথা বতৰা পাতে নেকি?
'ইহা মতাৰ কথা কৈছে? মুঠেই নকৰে। অভিপাত সঙ্কোচ বোধহে কৰে। মই উত্তৰ দিলোঁ। লিণ্টনক দেখিলে এনেহে লাগে যে ভালপোৱা ছোৱালীজনী লগত লৈ পথাৰে সমাৰে ঘূৰি ফুৰাতকৈ ডাক্তৰৰ চিকিৎসা লৈ সি বিচনাত পৰি থাকিবহে লাগে।
থাকিব, থাকিব দুই এদিনতে থাকিব, সৰু সৰুকৈ মুখৰ ভিতৰতে কোৱাদি হিক্লিফে ক'লে। কিন্তু প্রথমতে - এই লিণ্টন উঠ। উঠি বহু। হিক্লিফে চিঞৰি চিঞৰি তাক ক'লে, 'মাটিত লেটি লৈ নাথাকিবি। উঠ এতিয়াই।
বাপেকৰ মাত শুনি লিণ্টন সেইপিনেই মুচৰ্চ যোৱাদি গ'ল। সি নিতান্তই অসহায় বোধ কৰিলে। বাপেকে তাৰ ফালে চোৱাটোৱেই কাৰণ হ'ব লাগিব, অন্য কাৰণটো দেখাত তেতিয়া একো নাছিল। উঠি বহিবলৈ সি কেইবা চিপো মাৰিলে, কিন্তু তাৰ গাৰ শক্তিয়ে নুকুলালে। সি আকৌ কেঁকনি এটা মাৰি মাটিত লুটি খাই পৰিল।
| pdf |
54ebb9901c027eb8ca44e9dd9da13b0b6f114f88 | শনিবাৰে সদৌ বৰ্মন মান্দাই ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পদুম বৰ্মনে টংলা প্ৰেছ ক্লাৱত এখনি সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলৰ জড়িয়তে বৰ্মন জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে অসম তথা বিটিআৰ চৰকাৰক আহ্বান জনায়। সংবাদ মেল সম্বোধন কৰি পদুম বৰ্মনে কয় যে বৰ্মন জনগোষ্ঠীৰ নথি পত্ৰৰ সমস্যাকে ধৰি দ্বিভোটাৰ আৰু অন্যান্য সমস্যা সমাধানক লৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক ইতিমধ্যে ষ্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। বৰ্মন জনগোষ্ঠীৰ লোক সকলক জনজাতীয় প্ৰমাণ পত্ৰ প্ৰদান কৰি অহা হৈছিল যদিও বৰ্তমান সময়ত বৰ্মন লোক সকলক এই প্ৰমাণ পত্ৰ প্ৰদান কৰা নহয়। যাৰফলত বৰ্মন জনগোষ্ঠীৰ ছাত্র-ছাত্ৰী সকল শিক্ষা অনুষ্ঠানত নামভৰ্তি আৰু চৰকাৰী জলপানি ব্যৱস্থা লাভৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হব লগা হৈছে বুলি জানিব দিয়ে সদৌ বৰ্মন মান্দাই ছাত্র সন্থাৰ সম্পাদক পদুম বৰ্মনে। দ্বিভোটাৰ সমস্যাৰ প্ৰসংগত বৰ্মনে কয় আগতে বৰ্মন জনগোষ্ঠীৰ লোকসকলে এনেধৰণৰ দ্বিভোটাৰ সমস্যাৰ সন্মুখীন হোৱা নাছিল কিন্তু কি কাৰণত বৰ্তমান সময়ত দ্বিভোটাৰ সমস্যাৰ সন্মুখীন হব লগা হৈছে। সদৌ বৰ্মন মান্দাই ছাত্র সন্থাৰ সম্পাদক পদুম বৰ্মনে অসম চৰকাৰ তথা বিটিআৰ চৰকাৰক বৰ্মন জনগোষ্ঠীৰ বিভিন্ন সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে আহ্বান জনায়। আনফালে সদৌ বৰ্মন মান্দাই ছাত্র সন্থাৰ উপ সভাপতি ধনিৰাম বৰ্মনে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বৰ্মন জনগোষ্ঠীৰ জনজাতীয় প্ৰমাণ পত্ৰৰ সমস্যা সমাধান কৰি ছাত্ৰ-ছাত্ৰী সকলক নামভৰ্তি আৰু জলপানি লাভৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে আহ্বান জনায়। | web |
5dc1e101d48699b9495bca60150a18da47540efadacb27c2fb8297e02b10ed9f | তৰ দুপৰ নিপা কোঁৱৰে আহি কাৰেঙৰ সমুখৰ তামোল ! বাৰীৰ বৰ কঁঠাল গছজোপাৰ তলত এটা ঘোৰ। লৈ যেন ৰৈ থাকে। নিশাৰ এন্ধাৰত তাই গা ঢাকি কোঁৱৰৰ সৈতে মিল হৈ সেই ৰাজ্য এৰিব। এইদৰে চিঠি পাই সোণবৰ কোঁৱৰৰ মৰা দেহাত জীউ আহিল ।
লক্ষীমপুৰৰ ৰজাই মাউৰ। কেঁাঁৱৰলৈ লখিমী কুঁৱৰীক নিদিব বোল। বাতৰি শুনি মৰা যেন হোৱা সোণবৰৰ গাত উশাহ আহে ...ৰজাই ভাবে মাক-বাপেক নোহোৱ। মাউৰ। সোণবৰৰ হাতত লখিমী কুঁৱৰীক সপি দিলে জানোচ। ছোৱালীয়ে দুখ পায়, এই চিন্তাই ৰজাৰ হিয়। খুলি খুলি খায়
সকলে। সংশয় দূৰ হোৱাত নতুন উছাহু ৰুকুত লৈ এটা তেজাল ধোৰাৰ পিঠিত ধন-সোণ, হীৰা-মুকুতামাণিক কেইটোপোল। বান্ধি সোণবৰ কোঁৱৰে ঘোঁৰা চেকুৰিয়াই লখিমপুৰ ৰাজ্যলৈ যায়।
উৰুকাৰ দিন। সি সেই ৰাজ্য পালে ।
বিহুৰ দিন। সন্ধিয়। এঠাইত খাই-বৈ সাজি-কাচি সোণৰৰ কোঁৱৰে যোৰাত উঠি চেকুৰিয়াই কোনেও গম নোপোৱাকৈ কাৰেঙৰ সমুখৰ তামোল বাৰীত সোমাই এজোপ। ডাঙৰ কঠাল গছৰ লগত বান্ধি থৈ তাৰ তলত খাপ লৈ সোণবৰে জিৰায়।
বাৰীৰ পৰ। ৰিণিকি ৰিণিকি কাৰেং দেখা যায় । ...ৰৈ বৈ চাই চাই কেঁাঁৱৰৰ চকু বিষায়, উপিচাই থাকে, অৱশেষত অজানিতে টোপনি আহে।.. গুপুতে গোপনে এদ্ধাৰত গা-চাকি সেইফালেদি চুৰ কৰিবৰ হেপাহেৰে সি আহে । ধোঁৰাটো দেখি সি জাচৰিত হয় । এন্ধাৰত খেপিয়াই চাই দেখে - - "আও হীৰ। মুকুতাৰ টোপোলা !" তাৰি সি ৰং পালে "গাখীৰতে মহৰ খুঁটি।"....ইফালে-সিফালে চাই সি দেখে এজন ডেকাই গছজোপাৰ তলত টোপনিত লালকাল দি পৰি আছে।.... কিনে। ৰহইচ গনি-পিটি একোকে ধৰিব নোৱাৰি সি ভৰৰ মানে ... আঁতৰত ওচৰতে লি লুকাই খাপ লৈ থাকে ।
মাল্বলিশা। নিজন নির্মাত। ফাৰেঙৰ খিৰিকী
গল্প উপন্যাস কাহিনী । ৮০৩
য়েদি লখিনী কুঁৱৰীয়ে মনে মনে লাহী দেহাটে। সৰকাই এটা কন-সোণ-হীৰা-মুকুতাৰ টোপোলা লৈ ওলাই আহি তামোল বাৰীত সোমাই কঁঠাল গছজোপাৰ ফালে যায়। কুঁৱৰীক অহা গম পাই চেৰিজনে আঁৰৰ পৰ। ততালিকে ওলাই ধোঁৰাৰ বান্ধ ধূলি তাৰ ওপৰত উঠে।... কুঁৱৰীয়ে ধোঁৰাৰ কাষ চাপৌঁতেই চোৰে টোপোলাৰে সৈতে কুঁৱৰীক তুলি ধোঁৰা চেকুৰিয়াই গুছি যায়। ঘোঁৰাৰে সৈতে দুয়ে। এন্ধাৰত মিলি নেদেখা হয় ।...সোণৰৰ কোৱঁৰে তাতে গম নোপোৱাকৈ টোপনিত লাল কাল দি পৰি থাকে। বেচেৰ। সোণবৰ কোৱঁৰ ।...
নিশাৰ এন্ধাৰত ঘোঁৰ। বিজুলী ৰেগেৰে লৰি যায় ....... ফুঁৱৰীয়ে গোমচেং মেখেলাৰ কোচৰ পৰা তামোলৰ সঁফুৰ। মেলি তাৰোল উলিয়াই লগৰ জনক দিলেও নোখোৱা দেখি আচবিত্ত হয়। চোৰৰ মনত বৰ ৰং ওপজে ;-বিন। যতনত এসোপা হীৰা-মুকুতা-মাণিকমোহৰ লাভ, তদুপৰি এজনী কুঁৱৰী।
গৈ গৈ বাটতে ৰাতিপুৱায় ।.
পূবে বেলিয়ে পোহৰ বিলাই দেখা দিয়ে। লখিমীয়ে উভটি চালে। তাইৰ বুকু চিৰিংকৈ উঠে । ক'ত তাইৰ ৰুকৰ জীউ কেঁচা-সোণ - সোণৰৰ কোঁৱব .....
এওঁ দেখোন কিবাহে, কোনোবাহে, - কুৎচিৎ কুদ্ধচ !.. তাই দীঘল বুকুতগ। হিয়াছিগা হুমুনিয়াহ এৰি নিফুঁট মাতেৰে কলে, "ইয়াকে মই কপালত পাখি আহিছিলোনে ? কণ। বিধাতাই ইয়াকেহে লিখিলেনে ?".... অলপ দূৰলৈ যাওঁতেই এটা কুঁৱা দেখি তাই ঘপৰাই কলে,-"বৰ পিয়াহ লাগিছে। অপ পানী পোৱাহেঁতেন।"
চোৰে কুঁৱা দেখি এটা লোটা আৰু জৱী এভাল লৈ তাৰে বান্ধি বান্ধি যায়। কুঁৱাৰ পৰা পানী তুলিবলৈ জৰীৰে ৰন্ধা লোটাটো নৰাইছে এখোন,- "এ কষ্টহে হব, মইও ওচৰলৈকে যাওঁ" বুলি কৈ ধোঁৰাৰ পৰা নামি লখিনীয়েও কুঁৱাৰ ফালে খোঁজ নয়। কুঁৱাৰ কাষ পারেই ঠেলা মাৰি চোৰক কুঁৱাত পেলাই দি লৰি উভটি ঘোঁৰাত উঠি অঞ্চলে বিজুলী দেখেৰে চেকুবিয়াই ছুটি মেলে।
ভাচনা সভাৰ
কুঁৱৰীয়ে বহুত নিলগত পাহাৰৰ নামদানীত এখন ঘন হাৰি পাই তাৰ ভিতৰলৈ সোমায় ... সোঁ-মাজ পাওঁতেই চিকাৰ কৰিবলৈ অহা চাৰ্জিন কোঁৱৰে তাইৰ ৰেহ-ৰূপ দেখি তত্ হেৰুৱালে। সিহঁতৰ মাজত হাইকাজির। লাগে। ইজনে কয়, মইহে এইক পাৰ লাগে -সিজনে কয় - নহয়, মইহে এটৰ গিৰি হোৱাৰ উপযোগী । এইদৰে চাৰিওজনৰ মাজত হাই-কোঢ়াল লগাত কৱ ৰীরে সিহঁতৰ কাষ চাপি কলে, "আপোনালোকে দেখোন চাৰিওজন কোঁৱৰ.... ইমান হাই-কাজিয়। কৰি হাৰাথুৰি নাথাব। আপোনালোকৰ যেইকোনো এজনে মোক পাবই। এটা কথাত আপোনালোকে মাস্তি হবই লাগিব। আপোনালোকৰ পৰা এপাট ধনু-কাঁড় মোক দিৱক । মই কাঁড়পাট মাৰি পঠিয়াম । আপোনালোক চাৰিওজন নিজৰ নিজৰ ৰাজ-পোচাক খুলি অস্ত্র আদি থৈ আপোনালোকৰ চাৰিওটা যোৰা ইয়াতে বান্ধি লৰ মাৰি যিজনে সেই কাঁড়পাট কঢ়িয়াই লৈ মোক আগতে
পাৰিব সেইজনেই মোক পাৰ ।"
চাৰিও কোঁৱৰে এনে কথাত মান্তি হৈ ঘোঁৰা চাৰিটাক এজোপা গছৰ গুৰিত বান্ধি অস্ত্র-শস্ত্ৰ তাৰ গুৰিত থৈ টঙালি বান্ধি সাজু হয় আৰু এপটি কাঁড় আৰু এখন ধনু কুঁৱৰীৰ হাতত দিয়ে। ... লখিনীয়ে ধনু তিৰাই এফালে 'টোঁৱাই কাঁড়পাট মাৰি পঠিয়ালে। ...লগে লগে সেইফালে চাৰিও কোঁৱৰে লৰ দিয়ে।...
"স্বৰ্গদেউ। এই ৰাজ্যত হেনো এজন সুন্দৰ কোঁৱৰে আহি এজন সাওাৰ তাত আশ্ৰয় লৈছে। দেশৰ মানুহ তেওঁক চাবলৈ জাকে তাকে নিতৌ যায়। এদিন স্বৰ্গদেৱেও তেওঁক এই কাৰেঙলৈ নিমন্ত্রণ জানালে ভাল আছিল। স্বৰ্গদেওৰো খিয়াতি বাঢ়িলহেঁতেন ।" ৰজা মাস্তি হয়।
কুঁৱৰীয়ে মেলানি মাগি সাউদৰ ঘৰলৈ আহোতে এখন হাট পাই বস্তু-বাহানি চাবলৈ ধৰে । পিছে পিছে মানুহৰ ভিৰ হব ধৰে। শেহত এজনী বুঢ়ীক এটি ধুনীয়া মইনা বেচিবলৈ অহা দেখি, লখিনীয়ে সোধে, - "হেৰ। আইতা। এই মইনাটি বেচিবানে ?"...."এৰা ৰেচিবলৈকে আনিছোঁ, কোঁৱৰ দেউতা ।" - বুলি বুঢ়ীয়ে কলে । "কিমান বেচ ?" - বুলি সোধাত বুঢ়ীয়ে কয় "মইনো কি কম বোপ। দেউতা, মইনাৰ ৰেচ মইনাই - নিজেই কব।" শুনি আচৰিত হৈ কুঁৱৰীয়ে কলে, "বাৰু কিমান বেচ তাইক কবলৈ কোঁৱা।"...বুঢ়ীয়ে কৰলৈ কোৱাত মইনাই কলে, "দই হেজাৰ ৰূপ।".... কুঁৱৰীয়ে কন্ধিত ওলমাই থক। জোলোঙাৰ পৰ। দহ
হেজাৰ ৰূপ গণি দি সেই সজাৰে সৈতে মইনাটিক লৈ ঘৰমুৱা হয় ।
গৈ গৈ কুৱঁৰীয়ে এখন ৰাজ্যপালে। তাত এখন .....সেই মইনাই মানুহৰ দৰে কথা কব পাৰিছিল, 'বাদৰ দোকানত তাই আশ্রিয় ললে। তাইৰ ৰেহ-ৰূপ ভূত-ভৱিষ্যতৰ কথা আগতে জনাব পাৰিছিল ।... নিজৰ যদি মোহিত হৈ সকলোৱে তাইক বখানিবলৈ ধৰে। ঘৰলৈ আমি কুঁৱৰীয়ে মইনাটিক বৰ মৰম কৰিবলৈ শিক্ষক সি দিয়ে মানুহৰ ভিৰ বাচিবলৈ ধৰে।....পৰিও ৰঙ্গে। সদান্ত অফ কী কৰি নখৈ কুঁৱৰীয়ে তাক বন্ধ-ৰাহানি বেছিকৈ বেচা যাবলৈ ধৰে। তাৰ লাড মুফজি-স্বীয়া কাঁচ দিয়ে। সইনাই গোটেই ৰাজ্যৰ হেয়াৰ ঋণ বাড়ে....
কুঁৱৰীয়ে ততালিকে ধোঁৰাৰ পৰা নামি তৰোৱালখন লৈ চাৰিওটা ধোঁৰাৰ ঠেং তাৰে কাটে, ভাল চাই ৰাজ পৌঁছাক বাচি লৈ কোঁৱৰ হেন গাজি নিজৰ ধোঁৱাত উঠি চেকুৰিয়াই ছুটি মেলে।
নিমন্ত্রণ পাই এদিন ৰাজকোঁৱৰ বেশিনী লখিনীরে ৰাজ হাউলিলৈ আহে। ৰজাই তাইক আদৰি-সাদৰি যতন ললে । লখিনীৰ ব্যৱহাৰ দেখি ৰজাই বৰ সন্তোষ পায়। মন্ত্রীয়ে মনে মনে ৰজাক এফালে মাতি নি কাণে কাণে ফুচ-ফুচাই কলে, "স্বৰ্গদেও। কেনেব। যেনহে লাগিছে। এওঁ মুনিহ নহয় যেন হে লাগে।"....
মন্ত্ৰীৰ কথা ৰজাই নপতিয়ালে ।....
| pdf |
838934fd1ce26556d65eb5d04b1df2f8db4ee815 | বোকাখাতত ইতিমধ্যে বহু গাহৰিৰ মৃত্যু হৈছে আৰু যিখিনি লক্ষণ দেখা গৈছে , চিকিৎসসকলে নিশ্চিত কৰিছে যে সেয়া আফ্ৰিকান ছোৱাইন ফিভাৰে হয় । এই সমষ্টিত প্ৰায় ৩০ হাজাৰ মান গাহৰি আছে আৰু এইসকল গাহৰি পালকে যাতে উচিত ক্ষতিপূৰণ পায় তাৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে । ইফালে সজাগতা বৃদ্ধিৰ বাবে বহু ব্যৱস্থা গ্ৰহণ কৰিছো তাৰ বাবে ৰাইজৰ সহযোগিতা একান্তই প্ৰয়োজন । প্ৰথমটো উপায় হৈছে বায়ু সংস্পৰ্শ ৰোধ কৰা, দ্বিতীয়তে যিবোৰ গাহৰি মৃত্যু হৈছে সেইবোৰ গাহৰি যাতে ৬ ফুট তলত হাইড্ৰ'ক্লৰাইড, নিমখ আৰু ব্লিছিং পাউদাৰ দি পোতাৰ ব্যৱস্থা কৰা । কাৰণ বোকাখাতৰ কাষতে আছে কাজিৰঙা অভয়াৰণ্য খন। যদি বন্য গাহৰিলৈ আফ্ৰিকান ছোৱাইন ফিভাৰ সংক্ৰমণ হয় তেন্তে আমাৰ সাংঘাতিক ক্ষতি হ'ব। গাহৰি পালকৰ ক্ষতি যথেষ্ট হৈছে কাৰণ এই বেমাৰৰ প্ৰতিষেধক আজি পর্যন্ত ওলোৱা নাই । গতিকে আইছলেনত ৰখাৰ বাহিৰে অন্য বিকল্প নাই । ইফালে য'ত এই বেমাৰত গাহৰি মৃত্যু হৈছে সেই ঠাইখনৰ ১ কিলোমিটাৰ ভিতৰত কন্টেইনমেইন জ'ন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ১০ কিলোমিটাৰ ভিতৰত চাৰ্বিয়ান ফ্লুন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি কয় মন্ত্রী অতুল বৰাই ।
বিগত সময়ত মৃত্যু হোৱা গাহৰিসমূহ নদীত পেলাই দিয়া ঘটনাক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী বৰাই । আনহাতে ইতিমধ্যে বোকাখাতত ৯৪৫ টা গাহৰিৰ মৃত্যু হৈছে । লগতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত যিসমূহ ত্ৰুটি আছে সেই সমূহ তদন্ত কৰাৰ কাৰণে মন্ত্ৰী অতুল বৰাই পদক্ষেপ লোৱাৰ কথাও উল্লেখ কৰে । আৰু এই সমগ্ৰ বিষয়টো দিল্লীৰ পৰা নিয়ন্ত্ৰণ হয়।গতিকে বিষয়তো তদন্ত কৰাৰ কাৰণে দিল্লীলৈ মানুহ পঠোৱা বুলিও উল্লেখ কৰে । ইপিনে আত্মসহায়ক গোটক প্ৰদান কৰা টেক্টৰসমূহৰ ক্ষেত্ৰত ইউৰো কোম্পানীৰ সন্দৰ্ভত অহা অভিযোগ সন্দৰ্ভত তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই । | web |
4db5a192c953e6354a9be73426a0e6decdd3257d | পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পৰামৰ্শ অনুসৰিয়েই দেশখনৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে সংসদ ভংগ কৰি দিছে। ইয়াৰ পূৰ্বে দেশখনৰ নিম্ন সংসদৰ উপাধ্যক্ষ কাছিম খান সুৰিয়ে অনাস্থা প্ৰস্তাৱ নাকচ কৰে।
ইমৰাণ খানৰ সংসদ ভংগৰ পৰামৰ্শই একপ্ৰকাৰ বিৰোধীসকলক হতচকিত কৰি তুলিছে।
এই সন্দৰ্ভত ইমৰাণ খান চৰকাৰৰ প্ৰসংগত এসময়ৰ সতীৰ্থ ক্ৰিকেটাৰ ৱাছিম আক্ৰমৰ ইংগিতেই সত্য হ'ল নেকি সেয়া চৰ্চাৰ মাজলৈ আহিছে। শনিবাৰে অনাস্থা প্ৰস্তাৱ সম্পৰ্কত আক্ৰমে কৈছিল যে 'খেল এতিয়াও শেষ হোৱা নাই'।
পাকিস্তানৰ সংসদ ভংগৰ পিছত এতিয়া পৰৱৰ্তী ৯০ দিনৰ ভিতৰত দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। তেতিয়ালৈ ইমৰাণ খানেই দেশখনৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব। | web |
f7a105a0f61182ceafe54ebcf089635d37f88837 | তিনিচুকীয়া জিলাৰ লেখাপানী ফালেংগাঁৱৰ এগৰাকী ছাত্ৰীয়ে অসমৰ নিষিদ্ধ বিদ্ৰোহী সংগঠন আলফা স্বাধীনত যোগদান কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে সৰ্বত্তে চাঞ্চল্যৰ সৃষ্টি হৈছে । ছাত্ৰীগৰাকী জাগুন হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী কৰিশ্মা মেচ বুলি জানিব পৰা গৈছে ।
যুৱতীগৰাকী আলফাত যোগ দিয়াৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । বিগত এসপ্তাহৰ পৰা যুৱতীগৰাকী নিৰুদ্দিষ্ট হৈ আছে বুলি জানিব পৰা গৈছে ।
একাংশ লোকে ৰাজ্যখনত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৃষ্টি হোৱা পৰিৱেশৰ বাবে চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই যুৱতীগৰাকীয়ে এনে সিদ্ধান্ত লোৱা বুলিও সন্দেহ কৰিছে ।
যুৱতী গৰাকীয়ে আলফা স্বাধীনত যোগদান কৰাৰ তথ্য অসম আৰক্ষীয়ে লাভ কৰিছে । বিগত কিছু দিনৰ পৰা আলফা স্বাধীনৰ প্ৰতি যুৱক-যুৱতী সকল আকৰ্ষিত হোৱা দেখা গৈছে।
দেৰগাঁৱৰ এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ নেতাই আলফাত যোগ দিয়াৰ পাছত উদালগুৰি জিলাৰ কলাইগাঁৱৰ দুজন যুৱকে যোগদান কৰাৰ তথ্য পোৱা গৈছেল । | web |
d4b800a5e79c832fa07049f7fa0656c2ec85ed2a02160aeb519322551fbe8a46 | ২৯.১১.৯০ : ... আমাৰ ষ্টুডিঅ'লৈ গ'লো।* তৰ্জাৰ বেৰ দিয়াৰ বন্দবস্ত কৰিলো। লিখিলো । আজি ৰাতি লিখা কাম শেষ হ'ল বুলিব লাগে। Note book-অত লিখি থোৱা কথা কিবা বাদ পৰিল নে কি কাইলৈ মিলাম। পাছবেলা এবাৰ কেম্পটো চাবলৈও গ'লো। আগবেলা বেংকলৈ। অকণো জিৰণি নোহোৱাকৈ দিনটো কটালো। আজি কিছুদিন এনেকৈয়ে দিন কটাইছোঁ।
* আমাৰ ষ্টুডিঅ' মানে, - চুবুৰিৰে চন্দ্ৰ সিঙৰ ঘৰ এটা ভাৰালৈ লৈ, তাতে ভালেমান দৃশ্যৰ শ্বুটিং কৰাৰ ব্যৱস্থা কৰিছিলো। অসম চৰকাৰৰ শীৰ্ষস্থানীয় অভিযান্ত্রিক বিষয়া অমূল্য গোস্বামীয়ে সাজি প্রায় শেষ কৰা অইন এটা ঘৰত 'কেম্প' পাতিছিলো।
১.১২.৯০ : ৯-৫০। প্রান্তিকলৈ। তাৰ পৰা আহি দিছপুৰৰ PWD অফিছত টিনপাতৰ ব্যৱস্থা। তাৰ পৰা ASEB অফিছত shooting-অৰ কাৰণে electricityৰ ব্যৱস্থা। দহখন বিছনাৰ বাবে তুলি, আঁঠুৱা, কম্বলৰ ব্যৱস্থা। বাঁহ, ৰছীৰ ব্যৱস্থা। চিত্রনাট্য photostat কৰিবলৈ দিলো। সন্ধিয়া ৬-৩০ বজাত সেইখিনি অনাৰ কথা। গ'লো; - গৈ দেখোঁ দোকান বন্ধ। সুধি-সুধি দোকানৰ মালিকৰ ঘৰ ওলালোগৈ। ... তেওঁলোকে আকৌ দোকানলৈ আহি কাগজখিনি দিলেহি। জিণ্টিয়ে শেষৰখিনি পঢ়িলে । আলোচনা ।
আবেলি খোজ কাঢ়ি-কাঢ়ি বহুত ঘূৰিলো আগফালৰ বাৰাণ্ডা এখন বিচাৰি। প্ৰায় তিনি কিল'মিটাৰ। নাপালো।*
কালি ক্লেপব'ৰ্ডখন আহিল । আজি নিজে চকমাটি কিনিলো। ৰাতি ফিল্মৰ কাম। Sets আৰু Location-অৰ বহী প্ৰস্তুত কৰিলো ।
* পাছত শ্রী সিঙৰ ঘৰৰ বাৰাণ্ডাখনকে ৰে'লিং লগাই সজাই লৈছিলো।
২.১২.৯০ : খা-খবৰ ল'বলৈ মানুহ আহি আছে। যিসকলে অভিনয় কৰিব খোজে, তেওঁলোকৰ সকলোকে যদি ল'ব পাৰিলোহেঁতেন! কেৱল মুখ দেখুৱাবলৈ, থিয় হৈ থাকিবলৈতো এওঁলোকক ল'ব নোৱাৰি! তেওঁলোকৰ আগ্ৰহ আৰু সম্ভাব্য প্রতিভাৰ প্ৰতি যথাযোগ্য সন্মান প্রদর্শন কৰিবই লাগিব। সেই কথাটো বুজাই কৈছোঁ। (যিসকলক ল'ব নোৱাৰিলো, তেওঁলোকক।)
সঁফুৰাৰ কাম। ...
ৰাতি জিণ্টিৰ লগত ফিল্মৰ কাম ।
৩.১২.৯০ঃ...সঁফুৰাৰ কাম। ফিল্মৰ কাম। কেম্পৰ ব্যৱস্থা। চিত্রনাট্য বন্ধাই আনিলো। Correction. প্ৰায় চাৰি বজাত অৰুণ গুহঠাকুৰতা, কমল নায়ক, দেবী হালদাৰ, সুধাময় ঘোষ আৰু দুজন সহকাৰী আহিল। * ছয়মান বজাত অৰুণ নাথ আৰু তেওঁৰ পৰিবাৰ কৃষ্ণা আহিল। সকলোৱে বহি চিত্রনাট্যৰ আলোচনা কৰিলো। থূলমূলকৈ কাহিনীটো
আৰু শ্বট কিছুমানৰ কথা ক'লো।...
সঞ্জীৱে ক'লে-তেওঁলোকে 'দেউতা'ৰ* প্রথম খণ্ডটো চালে। বৰ ভাল হৈছে বোলে। * সাৰথি চলচ্চিত্ৰখনৰ কমল নায়ক কেমেৰামেন, সুধাময় ঘোষ সহকাৰী কেমেৰামেন, দেবী হালদাৰ মে'ক-আপ মেন, আৰু অৰুণ গুহঠাকুৰতা আৰু সঞ্জীৱ হাজৰিকা সহকাৰী পৰিচালক আছিল।
* অভিনেতা বিজু ফুকনে মই লিখা 'দেউতা' নামৰ অনাতাঁৰ নাটকলানি দূৰদৰ্শনৰ 'ছিৰিয়েল' হিচাপে নিৰ্মাণ কৰিবলৈ লৈছিল।
৪.১২.৯০ : ...প্রান্তিকৰ কাম। ফিল্মৰ কামত ওলাই গ'লো। সোণাপুৰ পালোগৈ। Location ঠিক কৰিলো। বাৰ বজাৰ পাছত ঘৰ। Settings, costumes আদিৰ কামত ধৰিলো । ষ্টুডিঅ'ৰ পৰা কেমেৰা, নাগ্ৰা আদি আনিলোগৈ। ২০ দিনৰ কাৰণে সম্পূৰ্ণ পইচা আদায় দি আনিলো। ক'লো, - কোনেও যেন মোৰ কথা কৈ পইচা বাকী ৰাখিব নোৱাৰে। যেয়ে যি কৰে কৰিব, কিন্তু "ভবেন শইকীয়াই পইচা দিয়া নাই যেতিয়া আমিনো কিয় কিওঁ?" - এই কথা যেন কোনেও ক'বলৈ নাপায়। বাকী ৰাখিলে মই বোম্বাইত ৰাখিম। জ্যোতি-চিত্ৰবনত নাৰাখোঁ।
ৰাতি Settings-অৰ কাম। ...
৫.১২.৯০ : ৪-৩০। ফিল্মৰ কাম। মোৰ ফালৰ পৰা ঠিক-ঠাক কৰিবলগীয়া সকলো বস্তু চিজিল লগালো। জিণ্টি আৰু মই ছয়মান বজাত ওলাই গ'লো। Settings-অৰ কাৰণে জিণ্টিৰ কষ্ট হৈছে। বহুত বস্তু যোগাৰ কৰিব লগা হৈছে।
অভিনেতা-অভিনেত্রী, - আজিৰ কাৰণে যাক-যাক লাগে, - সকলো ৭-৩০ বজাৰ আগতে আহিল । প্রথম দিন কাৰণে প্ৰথম শ্বটতো লওঁতে পলম হ'ল। (মই ভবাতকৈ)। ১০ বাজি ১৪ মিনিটত প্ৰথম শ্বট ল'লো। অৰুণ নাথ, বিদ্যা ৰাও দুয়ো নাৰ্ভাছ হৈছে বুলি ক'লে। মই বুজিলোও। প্রথম দিন। হ'বই। ৰাতি ৮ বজাত pack up.
৬.১২.৯০ : ৪-৪০। প্রান্তিকৰ কাম। ৭ মান বজাত ওলাই গ'লো। প্রথম শ্বট প্রায় দহ বজাত আৰম্ভ হ'ল । Lunch Break তিনি বজাতহে হ'ল। অৰণ নাথৰ দীঘলীয়া সংলাপ থকা শ্বট এটা মনঃপূত হোৱা নাছিল ।
অম্বিকাপদ চৌধুৰী শ্বুটিং হোৱা ঠাইলৈকে আহিল। তেখেতে সঁফুৰাৰ প্রুফ দি গ'ল। আজি মৃদুলা বৰুৱাৰ অভিনয় এটা শ্বটেৰে আৰম্ভ কৰা হ'ল।... কাম শেষ কৰোঁতে ৰাতি ৯ বাজি ১৫ মিনিট গ'ল।
৭.১২.৯০ : ৪-৫০।...সঁফুৰাৰ কাম।...(অভিনয় কৰিবলৈ) বন কৰা ছোৱালী এজনী লাগে। আগতে চাই থৈছিলো, কিন্তু ৰিহাৰ্ছেল কৰোৱা নাছিলো। আজি একাষৰীয়াকৈ মই
আৰু জিণ্টিয়ে এঘণ্টামান যুঁজিলো। বৰ হতাশ হ'লো। তাই মাত্র এটা বাক্য ক'ব লাগে। তাকে নোৱাৰে। এবাৰ (অইন এজনী ছোৱালী বিচাৰি) চুবুৰিটো ঘূৰি আহিলো। নাই, উপযুক্ত কোনো নাই। আকৌ তাইকে (নমিতা ডেকা) ধৰিলো। Set-অত ৰিহাৰ্ছেল, মনিটৰ। হতাশজনক। যি হ'ব হ'ব বুলি, আকৌ ভালকৈ শিকাই-বুজাই এটা take কৰিবলৈ ল'লো। প্রথম takeটোৱেই O.K. - ভাল হৈছে। বৰ সকাহ পালো।
বিদ্যা ৰাৱে শুকুৰবাৰে উপবাস কৰে। তেওঁক ৭-০৫ বজাত যাবলৈ ক'লো। আমি ৮ বজাত আজিলৈ কাম সামৰিলো।
৯.১২.৯০ : ...অৰুণ নাথক লৈ ন বজাতে শ্বট লোৱা কাম আৰম্ভ। আজি কাম ভালেই হৈছে, কিন্তু বৰNG হৈছে। সদৌ অসম ছাত্ৰসন্থাই আয়োজন কৰা 'নিষ্প্রদীপ'ৰ কাৰণে সন্ধিয়া ৬ বজাৰ পৰা ৮ বজালৈ কামৰ গতি লেহেম হ'ল। বাহিৰৰ লাইট নজ্বলোৱাকৈ কাম কৰিলো। ৰাতি অৰুণ নাথ আৰু মৃদুলা বৰুৱাৰ এটা শ্বটৰ নটা take ল'ব লগীয়া হ'ল। ১০-১৫ - আজিলৈ কাম বন্ধ কৰিলো। শোওঁতে এঘাৰ বাজিল ।
১০.১২.৯০ : ৪-২৫। প্রান্তিকৰ কাম। ৭-০৫ কেম্পলৈ। ৭-১৫ - - শ্বুটিঙৰ ঠাইলৈ। নুৰুদ্দিন অহাৰ পাছত তেওঁক পাগঘৰৰ বস্তু-বাহানিৰ কথা বুজাই দিলো আৰু ছেটিংছটো সেইমতে সাজিবলৈ ক'লো। কমল বাবু আৰু অৰুণ বাবুৰ লগত অইন দুটা ছেটিংছৰ কথা আলোচনা কৰিলো। তাৰ পাছত আমি শ্বট ল'বলৈ লাইট-টাইট ঠিক কৰি ৰৈ আছোঁ, অভিনেতাৰ মে'ক-আপেই হোৱা নাই। খং উঠিল। খংটো প্ৰকাশ নকৰি নোৱাৰিলো।...
১১.১২.৯০ : ৪-৪০। প্রান্তিকৰ কাম। ৭-১৫ কেম্পলৈ। ৮ মান বজাত ধাৰাপুৰৰ ইটা-ভাটালৈ। তাত এটা শ্বট। তাৰ পৰা আহি ঘৰৰ ওচৰতে ছিমেণ্টৰ দোকান আৰু ৰাস্তাত দুটা শ্বট। তাৰ পাছত ৰিহাবাৰীৰ ভিতৰ অঞ্চলত এটা শ্বট। ১-৩০ বাজি গ'ল। তাৰ পাছত অলপ আন্ধাৰ হোৱালৈকে settings, make-up আদিত সময় পাৰ কৰিলো। ৯-৪০ - আজিৰ কাম শেষ।
শ্বুটিঙৰ ঠাইতে প্রান্তিকৰ কাম ।
১২.১২.৯০ : ৪-১৫। প্রান্তিকৰ কাম। শেষপৃষ্ঠা। আজি এটা নতুন set সজাব লগীয়া হ'ল । প্ৰগ্ৰেম সলনি কৰিলো। অঞ্জনৰ সলনি অতুলৰ কোঠা সজালো। প্রথম শ্বট লওঁতে প্রায় এঘাৰ বাজিল। পাছতো প্ৰায় ডেৰ ঘণ্টা সময় নষ্ট হ'ল। (অভিনেতা-অভিনেত্ৰীয়ে ঘৰত কাপোৰ এৰি থৈ অহাৰ সেই typical কাৰবাৰটো!) শেষৰ কামখিনিৰ speed ভাল হ'ল। প্ৰায় চাৰে দহ বজাত শেষ। কামৰ মাজে মাজে প্রান্তিকৰ অহা সংখ্যা আৰু পত্রালাপৰ কাম কৰি সন্ধিয়া ছয় বজাত এটা পেকেট প্রান্তিকলৈ পঠালো। (আগবেলাও এটা পঠাইছিলো।)
| pdf |
3fe9f2618a2d810963bba58b6beebf00e1a1b592 | উৎসৱৰ বতৰত ফ্লিপকাৰ্টৰ মেগা ধামাকা। ৮০ শতাংশ ৰেহাই।
ফ্লিপকাৰ্টৰ বিগ বিলিয়ন দ্যে (Big Billion Days)ৰ চুপাৰ চেল Flipkart Big Billion Days Sale) অহা ৩ অক্টোবৰৰ পৰা।
স্মাৰ্টফোন, টেবলেট, স্মাৰ্টৱাটচ, লেপটপ আদি অতি ব্যয়বহুল সামগ্ৰীত আকৰ্ষণীয় ৰেহাই।
একেবাৰতে জানি লওক, অপ্পো, মোটোৰোলা, ৰিয়েল মি, পকো, ভিভো, চেমছাং আদি প্ৰডাক্টত আকৰ্ষণীয় ৰেহাই।
কেৱল ইমানেই নহয়, কাপোৰতো প্ৰায় ৫০ৰ পৰা ৮০ শতাংশ ৰেহাই দিয়া হৈছে। | web |
11623055b3f6c68dea201ef7e9de0105c039eac9 | শিৱসাগৰ নগৰত কালি অৰ্থাৎ দেওবাৰে নিশা সংঘটিত এক চুৰিকাণ্ডত নগৰখনৰ মাজমজিয়াৰ দুখনকৈ মোবাইল দোকানৰ পৰা চোৰে লক্ষাধিক টকাৰ বিভিন্ন ব্ৰেণ্ডৰ দামী মোবাইলৰ লগতে নগদ ধন লুটি নিয়ে।
নগৰখনৰ মুক্তিনাথ চাৰি আলিত থকা শিৱম ইনফৰটেক নামৰ মোবাইলৰ দোকানখনত চোৰে চাটাৰ ভাঙি কেইবা লাখ টকাৰ বিভিন্ন ব্ৰেণ্ডৰ বহুকেইটা মোবাইল হেণ্ডচেটৰ লগতে কেছ বস্কত থকা টকাও লৈ যায় বুলি দোকানখনৰ স্বত্বধিকাৰী গৰাকীয়ে জানিবলৈ দিয়ে।
ঠিক একে ধৰণেই নগৰখনৰ হস্পিতেল ৰ'ডত থকা এষ্টৰ ট্ৰেড এণ্ড এজেঞ্চিৰ পৰাও চোৰে লক্ষাধিক টকাৰ বহুকেইটা মোবাইল হেণ্ডচেট চুৰি কৰি নিয়ে।
উল্লেখযোগ্য যে, স্মাৰ্ট চোৰে এষ্টাৰ ট্ৰেড এণ্ড এজেঞ্চিৰ পৰা চি চি টি ভিৰ সৈতে সংলগ্ন কম্পিউটাৰ হাৰ্ড ডিস্কখনো লৈ যায়। যাৰ ফলত ৰেকৰ্ড নহ'ল দোকানখনত সংঘতিত হোৱা চুৰি কাৰ্য্যৰ ঘটনা। আনহাতে শিৱম ইনফাৰটেকত চি চি চি ভি কেমেৰা সংযোগ নাছিল।
একে ৰাতিতে নগৰৰ মাজমজিয়াৰ দুখনকৈ দুকানত সংঘটিত চুৰি কার্য্যই শিৱসাগৰ আৰক্ষীৰ নিৰাপত্তাৰ দিশৰ ফোপোলা স্বৰূপ উদঙাই দিয়ে বুলি একাংশই মন্তব্য কৰিছে। | web |
58b6f36e56dacce4cdc39539fd0e09c01dc28a3e | সামাজিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি লখিমপুৰ আৰক্ষীয়ে দেওবাৰে জিলাখনৰ বানাক্ৰান্ত অঞ্চলৰ বিদ্যালয়সমূহত এক পৰিচ্ছন্নতা তথা পুনৰুদ্ধাৰ অভিযান চলায়।
লখিমপুৰ আৰক্ষীৰ বিষয়াসকলৰ সৈতে অভিযানত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ), ইণ্ডো তিব্বেতান বৰ্ডাৰ পুলিচ (আইটিবিপি) সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ জোৱানসকলেও যোগদান কৰে।
গ্ৰীষ্ম বন্ধৰ পাছত অহা ১ আগষ্টৰ পৰা বিদ্যালয়সমূহ পুনৰ খোলাৰ আগেয়ে বানত ক্ষতিগ্ৰস্ত হোৱা বিদ্যালয় পুনৰুদ্ধাৰৰ লক্ষ্যৰে জিলাখনৰ চাৰিখন বেলেগ বেলেগ বিদ্যালয়ত এই পৰিচ্ছন্নতা তথা মেৰামতিৰ অভিযান চলোৱা হয়।
লখিমপুৰ আৰক্ষীৰ লগতে চিআইএছএফ, আইটিবিপি আৰু বিএছএফৰ বিষয়া-জোৱানসকলে উত্তৰ লখিমপুৰৰ পহুমাৰা হাইস্কুল, বিহপুৰীয়াৰ ধূনাগুৰি খনিকৰ এল পি স্কুল আৰু ধূনাগুৰি মিছিং এল পি স্কুল আৰু ঢকুৱাখনাৰ ন-কপহুৱাৰ পশ্চিম মাছখোৱা এম ই স্কুলত পৰিচ্ছন্নতা অভিযান চলায়।
লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শান্তনু দত্ত, মুখ্য কাৰ্যালয়ৰ উপ আৰক্ষী অধীক্ষক ৰুণা নেওগ আৰু ঢকুৱাখনাৰ মহকুমা আৰক্ষী বিষয়া মোহন লাল মীনাই লখিমপুৰ আৰক্ষীৰ বিষয়াসকল আৰু নিকটৱৰ্তী আৰক্ষী থানাৰ গাওঁৰক্ষী বাহিনীৰ বিষয়াসকলৰ সৈতে অভিযানটোৰ নেতৃত্ব দিয়ে।
বিদ্যালয়ৰ চৌহদৰ পৰা বানপানীত উটি অহা বনৰীয়া গছ-লতা আৰু বোকা পৰিস্কাৰ কৰাৰ উপৰি অভিযানত শ্ৰেণীকোঠাসমূহো পৰিস্কাৰ কৰা হয় আৰু বিদ্যালয়লৈ বানৰ পানী সোমোৱাত বাধা দিবলৈ বিদ্যালয়ৰ সীমাত বালিৰ বেগেৰে সুৰক্ষা দেৱালো নিৰ্মাণ কৰে। | web |
da623c9c360e3e3b0134612d7383f6345feca903 | মঙলবাৰে নিশা কলিয়াবৰত এখন অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ কৰা হয়। কলিয়াবৰ আৱকাৰী বিভাগে জব্দ কৰা এন এল ০৩ এ-৬১১১ নম্বৰৰ ট্ৰাকখনৰ পৰা বুজন পৰিমানৰ সুৰাৰ কাৰ্টন উদ্ধাৰ কৰা হয়।
প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত নগাঁও জিলাৰ আৱকাৰী অধীক্ষক মানবী দাসৰ নেতৃত্বত কলিয়াবৰৰ আৱকৰীৰ দলে চতিয়ালৰ পেট্ৰল পাম্পৰ সন্মুখৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সুৰাভৰ্তি ট্ৰাকখনক জব্দ কৰে। ট্ৰাকখনৰ লগতে দলটোৱে ইয়াৰ চালক ৰঞ্জন দেবনাথ আৰু হেণ্ডিমেন হৰমন সিঙকো আটক কৰে।
আৱকাৰী দলে সুৰাভৰ্তি বাহনখনক জব্দ কৰাৰ পিছতে কলিয়াবৰ আৰক্ষীৰ লগতে মহকুমাধিপতি বিতোপন নেওগ ঘটনাস্থলীত উপস্থিত হয়।
সুৰাখিনি ৩৭নং ৰষ্ট্ৰীয় ঘাইপথৰে অৰুণাচলৰ ৰ'ইঙলৈ সৰবৰাহৰ চেষ্টা চলাই নগাঁও আৱকাৰী বিভাগৰ জালত জালত পৰা ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ হাতত সুৰা সৰবৰাহৰ বৈধ নথি-পত্ৰ নাছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
জব্দ কৰা ট্ৰাকখনৰ পৰা জব্দ কৰা ৯৯২ কাৰ্টন সুৰাৰ বজাৰ মূল্য ২০ লাখ টকা হ'ব বুলি আবকাৰী দলটোৱে আমাক জানিবলৈ দিয়ে। | web |
056184f84a8d93790aabf52688137d900f56e9a1 | চুকাফাৰ এটা নাঙল আছিল,
নাঙলটো ভাল পাইছিল।
শালিখেতি শিকাইছিল,
প্ৰজাই বিচুৰ্তি খাইছিল।
চুকাফাই বৰ অসম গঢ়িছিল,
নাঙল বেছি ভাল পাইছিল ।
চুকাফাৰ বিবেক!
গঢ়িব নোৱাৰি দেশ!
(বিঃদ্ৰঃ বুৰঞ্জীমতে পূৰ্বে অসমত কেৱল আহুখেতিৰহে প্ৰচলন আছিল, চুকাফাইহে শালিখেতি প্ৰৱৰ্তন কৰিছিল। ) | web |
85c39b48331213d7f68780dc2bd8edcfa297b4f8 | Tugiye kwiyemeza guha abaguzi bacu bubahwa dukoresheje ibisubizo byitondewe kubisubizoIbikoresho byo kumanuka Ibikoresho byo gutembera, Tuzatanga ibicuruzwa byujuje ubuziranenge nibisubizo byiza kubiciro byapiganwa.Tangira kungukirwa na serivisi zacu zuzuye utwandikira uyu munsi.
Tugiye kwiyemeza guha abaguzi bacu bubahwa dukoresheje ibisubizo byitondewe kubisubizoIbikoresho byo kumanuka, Ibikoresho byo gutembera, Nicyitegererezo gikomeye kandi gitezimbere neza kwisi yose.Ntuzigere ubura ibikorwa byingenzi mugihe cyihuse, ni ngombwa kuri wewe ubuziranenge bwiza.Kuyoborwa nihame rya Prudence, Gukora neza, Ubumwe no guhanga udushya.isosiyete.ake imbaraga zidasanzwe zo kwagura ubucuruzi mpuzamahanga, kuzamura ishyirahamwe.rofit no kuzamura igipimo cyo kohereza hanze.Twizeye ko tugiye kugira ibyiringiro byiza no gukwirakwizwa ku isi yose mu myaka iri imbere.
Imashini zikurura zateguwe neza kandi zakozwe kugirango zihuze porogaramu zitandukanye.Gukomeza kunoza iterambere ryikoranabuhanga ryateje imbere drives gukora neza mubihe bitandukanye bikabije.Twagurishije ubwinshi bwubwoko bwa crawler kuva Ubushinwa buhura nibikorwa remezo byubaka.Ubwiza bwabo nubwizerwe byagaragaye cyane nisoko risaba.
Ibikoresho bya mashini:
Ikinyabiziga gikurura kigizwe na moteri imwe ya hydraulic, icyiciro kimwe cyangwa bibiri bya garebox yumubumbe hamwe na valve blok ifite imikorere ya feri.Igikoresho cyizengurutswe kigira uruhare rwibisohoka kugirango uhuze nuruziga rwumunyururu wa caterpillar.Guhindura byihariye kubitekerezo byawe birahari umwanya uwariwo wose.
IKY45A UrukurikiraneCrawler Drives 'Ibipimo nyamukuru:
Ma.Ibisohoka Torque (Nm)
Umuvuduko (rpm)
Umuvuduko mwinshi (MPa)
Gusimburwa kwose (ml / r)
Ibiro (Kg)
Gusaba ibinyabiziga bisabwa (ton)
Gusimburwa (ml / r)
| web |
02d0b2cd28f4598bf0e61cc848279343554810e8 | ৰাজ্যত ক'ভিড পৰিস্থিতিয়ে লৈছে ভয়াৱহ ৰূপ। ডিব্ৰুগড় মেডিকেল কলেজত ইজনৰ পিছত সিজন ৰোগীৰ মৃত্যুৰ খবৰে এতিয়া অসহায় কৰিছে আত্মীয়ক। কালি সন্ধিয়া ৫ বজাৰ পৰা বিয়লিলৈ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৯ জন; ইয়াৰে ৬ জন ব্যক্তি ডিব্ৰুগড় জিলাৰে।
আনহাতে, ডিব্ৰুগড় টেপৰ গাঁৱৰ ৩১ বছৰীয়া অনিমা বৰুৱা ক'ভিডত মৃত্যু হৈছে; তেওঁ নিজ বাসগৃহতে অক্সিজেন লৈ আছিল যদিও নিশা সংকটজনক অৱস্থাত এএমচিলৈ লৈ অহা হয় কিন্তু চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। সমান্তৰালকৈ, ডিব্ৰুগড়ৰ লগতে গ্ৰাম্যঞ্চল আৰু চাহ বাগিচা অঞ্চললৈও ক'ভিড সংক্ৰমণ হোৱাত আংতকত ভুগিছে সমগ্ৰ জিলাবাসী। ডিব্ৰুগড় জিলাত আজি ক'ভিডত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ৪৫৬ জন। আজি ৩২৩১ গৰাকীক কৰা ৰেপিড টেষ্টত ৩২৩ গৰাকীৰ দেহত ক'ভিড পজিটিভৰ লক্ষণ পোৱা গৈছে আৰু ৭২০ গৰাকীক আৰ টি পি চি আৰ টেষ্ট কৰাত ১৩৩ গৰাকীৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে বুলি ইতিমধ্যে চৰকাৰী সূত্ৰত প্ৰকাশ পোৱা গৈছে।
আনহাতে, অসম চিকিৎসা মহাবিদ্যালয়ত যোৱা ২৪ ঘণ্টাত ৯ জনৰ মৃত্যু হৈছে। বৰ্তমানলৈ ডিব্ৰুগড়ত মুঠ ৪১১১ জনলৈ ক'ভিড ৰোগী বৃদ্ধি পাইছে। ডিব্ৰুগড়ত দ্বিতীয়টো ক'ভিডত আজি অনিমা বৰুৱা সোণোৱাল টেপৰ গাঁও, বিমল বৰুৱা ডুমডুমাৰ, টমিনা বেগম ডিব্ৰুগড়, আলি বৰা ডিব্ৰুগড়, শিৱ বাল্মীকি নাজিৰা, লিলিৰাণী বৰুৱা লক্ষীমপুৰ, জি আৰ যাদৱ টেঙাখাত, বিৰবল সিং, হিমাচল প্ৰদেশৰ বুলি জানিব পৰা গৈছে।
লগতে, অসম চিকিৎসা মহাবিদ্যালয়ৰ বৰ্হিঃবিভাগ অহা দুসপ্তাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে বুলি অসম মেডিকেল কলেজৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই এক নিৰ্দেশনা জাৰি কৰিছে। জিলা প্ৰশাসনৰ সতে আলোচনা কৰি, ক'ভিড-১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এনে গুৰুত্বপূৰ্ণ সিধান্ত গ্ৰহণ কৰা হয় বুলি মেডিকেলৰ অধীক্ষকে সদৰি কৰিছে। অৱশ্যে চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰী বিভাগৰ লগতে অনান্য বিভাগসমূহ নিয়মীয়াকৈ চলাই নিবলৈসকলো চিকিৎসকক নিৰ্দেশ দিয়া হয় বুলি প্ৰকাশ। | web |
b0ba82d7e0dc810be2dab55367d892bbebd8ff3b | বাহিনী নৈৰ ওপৰত থকা দলঙত পৰিল গুৱাহাটী পৌৰ নিগমৰ হাতুৰী। জনতা ভৱনৰ সন্মুখৰ মনেল টাৱাৰে (Monal Tower)-এ নিয়মবহিৰ্ভূতভাৱে নিৰ্মাণ কৰিছিল এই দলং। এই দলং এতিয়া পৌৰ নিগমে নিৰ্ধাৰণ কৰা সীমাৰেখাৰ ভিতৰত নিৰ্মাণ কৰিব লাগিব।
উল্লেখ্য, মহানগৰীত বানপানীৰ দৰে জ্বলন্ত সমস্যা ৰোধ কৰিবলৈ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই পদক্ষেপ লৈছে। সেই অনুসৰি গুৱাহাটী পৌৰ নিগমৰ পঞ্চম সংমণ্ডলৰ অন্তৰ্গত বহুকেইটা অঞ্চলত ভঙা যাব বাহিনী নৈৰ ওপৰত থকা দলং।
উল্লেখ্য, কামৰূপৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উপায়ুক্ত আৰু অধ্যক্ষ পল্লৱ গোপাল ঝাৰ প্ৰতিবেদনত বৰষুণৰ বতৰত পানীৰ সুষম প্ৰবহনৰ বাবে নৈত থকা দলং ভঙাৰ তাৎক্ষণিক প্ৰয়োজনীয়তা ব্যক্ত কৰে। তেওঁ দিছপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক জিএমচি (GMC)ৰ দ্বাৰা এই কাম সম্পাদন কৰাৰ সময়ত সকলো প্ৰয়োজনীয় প্ৰশাসনীয় সমৰ্থন দিবলৈ নিৰ্দেশ দিয়ে।
- First Published : | web |
8d54c8726e8c83a7c98ff7423ce1fc5e95cffc31 | লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (Lucknow Super Giants)ৰ অধিনায়ক কে এল ৰাহুলে (KL Rahul) শনিবাৰে মুম্বাই ইণ্ডিয়ানছ (Mumbai Indians)ৰ বিৰুদ্ধে IPL 2022ৰ এখন খেলত দৰ্শনীয় শতকেৰে অভিলেথ ৰচনা কৰে। ২৯ বছৰীয়া কে এল ৰাহুলৰ এইখন আছিল শততম IPL খেল। শততম খেলতেই চেঞ্চুৰী কোবাই লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ (LSG)ক এক শক্তিশালী স্থিতিলৈ নিয়ে দলটোৰ অধিনায়ক ৰাহুলে।
ৰাহুলৰ ৬০টা বলত ১০৩ ৰাণৰ অপৰাজিত ইনিংছৰ সহায়ত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ২০ অভাৰত ১৯৯ ৰাণ কৰিবলৈ সক্ষম হয়। ৩৩টা বলত ৫০ ৰাণ কৰাৰ পিছত অধিক আক্ৰমণাত্মক হৈ পৰিছিল ৰাহুল।
উল্লেখ্য যে এই শতকৰ জৰিয়তে কে এল ৰাহুলে অধিনায়ক হিচাপে IPLত একাধিক শতক অৰ্জন কৰা দ্বিতীয়গৰাকী খেলুৱৈৰ অভিলেখ ৰচিলে। ইয়াৰ পূৰ্বে RCBৰ অধিনায়ক হিচাপে বিৰাট কোহলী (Virat Kohli)য়ে একাধিক শতক অৰ্জন কৰিছে। কোহলীয়ে ৫টা শতক কৰি অভিলেখ ৰচি থৈছে। ইয়াৰে ৪টাই কেৱল ২০১৬ চনত কৰা।
ইয়াৰ উপৰি এটা দলৰ বিৰুদ্ধে দুটা শতক অৰ্জন কৰা চতুৰ্থজন খেলুৱৈৰ অভিলেখ ৰচিলে কে এল ৰাহুলে।
- First Published : | web |
9f60d4c18df1fc59765433b738a29c9d5fe1865e | সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ফেইচবুকত মানহানিকাৰক পোষ্ট দিয়াৰ অভিযোগত মাৰ্ঘেৰিটাৰ এজন বিজেপি নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে আজি এটা গোচৰ ৰুজু কৰিছে।
নেতাজনৰ নাম ৰূপম দেওধাই বৰুৱা আৰু তেওঁ মাৰ্ঘেৰিটাৰ বিধায়ক, প্ৰাক্তন আলফা নেতা ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ।
ৰূপমে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে দিয়া পোষ্টটো দেখাৰ পিছত মাৰ্ঘেৰিটা কংগ্ৰেছ নেতা মনোৰঞ্জন বৰগোহাঁয়ে তেওঁৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দিয়ে।
মাৰ্ঘেৰিটা আৰক্ষীয়ে দেওধাইৰ বিৰুদ্ধে তথ্য প্ৰযুক্তি আইনৰ ৬৭ ধাৰা আৰু ভাৰতীয় দণ্ডবিধিৰ ২৯৪ (এ), ৫০০/৫০৬ ধাৰাত গোচৰ (306/19) ৰুজু কৰিছে।
অৱশ্যে এতিয়াও তেওঁক আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰা নাই।
ৰূপম দেওধাই বৰুৱা এজন প্ৰাক্তন সাংবাদিক আৰু বৰ্তমান তেওঁ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ সংবাদ কোষৰ উপদেষ্টা।
মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনাটোৰ তদন্ত চলি আছে বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।
তিনিচুকীয়া জিলা কংগ্ৰেছে বিজেপিৰ নেতাজনক অনতি পলমে গ্ৰেপ্তাৰৰ দাবী জনাইছে।
যোৱা কেইমাহ মান ধৰি তিনি চুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বিজেপি নেতাসকলে, বিশেষকৈ বিধায়ক ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠসকলে প্ৰদ্যুৎ বৰদলৈৰ সৈতে ভিতৰি সংঘাতত লিপ্ত হোৱা দেখা গৈছে।
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অবৈধ কয়লা খনন আৰু কয়লা ছিণ্ডিকেটত বিধায়কজন আৰু তেওঁৰ ঘনিষ্ঠ জড়িত থকা বুলি অভিযোগ আনিছিল সাংসদ বৰদলৈয়ে। বৰদলৈ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক। | web |
5ab6b548c68ffb626c54b2a885ceeeae | বুধবাৰে পুৱা আৰু দুটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে শোকাৱহ বাছ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৯ গৰাকীলৈ বৃদ্ধি পোৱা বুলি ঘোষণা কৰিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ সূত্ৰই।
মংলবাৰৰ সন্ধিয়ালৈকে এই শোকাৱহ বাছ দুৰ্ঘটনাটোত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ৪৭ গৰাকী বুলি প্ৰকাশ কৰা হৈছিল।
কেন্দ্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী আৰু মধ্যপ্ৰদেশ ৰাজ্যিক প্ৰশমন বাহিনীৰ ৬০০ গৰাকী জোৱানে যৌথভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
উল্লেখ্য যে যোৱা মংগলবাৰে পুৱা ৭.৩০ বজাত মধ্য প্ৰদেশৰ ৰাজধানী ভূপালৰ পৰা ৫৬০ কিলোমিটাৰ দূৰত্বৰ চিদ্ধি জিলাৰ পাটনাত এটা নলাৰ ওপৰত থকা দলঙৰ পৰা যাত্ৰীৰে পৰিপূৰ্ণ এখন বাছ দ নলাৰ বুকুত বাগৰি পৰাৰ ফলতে উক্ত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল।
ইতিমধ্যে দুৰ্ঘটনাটোত নিহত পৰিয়ালবৰ্গক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে আৰু ২ লাখ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে।
| web |
705eb8205a388eae097cc53a26aa0fc975c6e8f6 | পুনৰ বিতৰ্কত পঞ্জাৱ বিশ্ববিদ্যালয়। এইবাৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয়খনত বিক্ষোভ আৰম্ভ হ'ল । পঞ্জাৱৰ পাগৱাৰাৰ লাভলী প্ৰফেশ্ব'নেল বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই মঙলবাৰে আবেলি আত্মহত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ছাত্ৰজনে হঠাতে কিয় আত্মহত্যা কৰিলে তাৰ সঠিক তদন্তৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে নিশা লৈকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আজি ৰাতিপুৱা, ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয় চৌহদ উত্তাল কৰি তোলে।
জানিব পৰা মতে, মৃত ব্যক্তিজন অগ্নি এছ দিলীপ (২৪) বুলি চিনাক্ত কৰা হৈছে। তেওঁ কেৰালাৰ বাসিন্দা। লাভলী প্ৰফেশ্ব'নেল বিশ্ববিদ্যালয়ত B. Design ত অধ্যয়ন কৰি আছিল। মঙলবাৰে আবেলি তেওঁৰ মৃতদেহ হোষ্টেলৰ কোঠাত ওলমি থকা অৱস্থাত পোৱা গৈছিল। ছাত্ৰ-ছাত্ৰীসকলে আত্মহত্যাৰ বিষয়ে গম পোৱাৰ লগে লগে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পূৰ্বেও কিছুদিন পূৰ্বে বিশ্ববিদ্যালয়খনত আৰু এগৰাকী ছাত্ৰই আত্মহত্যা কৰিছিল। ১০ দিনত দুজন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰাৰ ঘটনাই বিশ্ববিদ্যালয়খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুজন শিক্ষাৰ্থীয়ে কিয় একেৰাহে আত্মহত্যা কৰিছিল তাৰ পুংখানুপুংখ তদন্ত কৰাটো দাবী কৰিছে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে। অৱশ্যে, আৰক্ষীয়ে জনোৱা অনুসৰি, ব্যক্তিগত সমস্যাৰ বাবে ছাত্ৰজন মানসিকভাৱে ভাগি পৰিছিল। কাপুৰথালা আৰক্ষীয়ে টুইট যোগে লিখে, "লাভলী প্ৰফেশ্বনেল বিশ্ববিদ্যালয়ৰ B. Design বিভাগৰ এজন প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীয়ে মঙলবাৰে আবেলি আত্মহত্যা কৰিছে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি ছাত্ৰজনে কোনো ব্যক্তিগত সমস্যাৰ বাবে আত্মহত্যা কৰিছিল। মৃতদেহৰ কাষত এখন চুইচাইড নোটো উদ্ধাৰ কৰা হৈছে। চুইচাইড নোটখনত তেওঁৰ ব্যক্তিগত সমস্যাৰ কথা উল্লেখ কৰা আছিল। | web |
3dfa2d725509f89bcb238d3432976dcdc16ee228 | আৱেদনকাৰী সকলে বায় -ডাতা / চিভি ৰ জৰিয়তে পশুধন উন্নয়ন বিভাগত কায্যবাহী বিষয়া ৰ পদত ঠিকা ভিত্তিক নিযুক্তি পদত আৱেদন কৰিব পাৰিব । (ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ অধিনত ) তলত গুৰুত্বপূৰ্ণ তথ্য সমুহ উল্লেখ কৰা হ'ল ।
Qualification : BVSc &AH registerd with any state / Central City Council. MVSc ( animal Reproduction /animal Breeding )OR MBA/PGD Rural Development Management /PGD Rural Development from recognized/reputed institutions .
অভিজ্ঞতা - আৰতিফিচিয়েল ইনচেমিনেচন ত কমেও ১৫ বছৰৰ অভিজ্ঞতা থকাটো প্ৰয়োজন ।
আগ্ৰহী যোগ্য আবেদনকাৰীয়ে ইমেইল ceoalda@gmail. com ঠিকনাত সৰ্বিশেষ তথ্য সম্পকে জানিব পাৰিব ।
আবেদনৰ অন্তিম তাৰিখ - ১ফেব্ৰুৱাৰী ২০২০ (আবেলি ৫ বজালৈ) | web |
e244aa0f012b553fd50f850cea5d9b1383c7a960 | লকডাউনৰ ক্ষেত্ৰত অহা ২০ এপ্ৰিললৈকে অধিক কঠোৰ হ'ব অসম আৰক্ষী।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিততে আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।
"কাৰো মনত কোনো সন্দেহ থাকিব নালাগে। লকডাউন অহা ৩ মে'লৈকে আৰু ২০ এপ্ৰিললৈকে কঠোৰ ৰূপায়ণ, তাৰ পিছত পৰিস্থিতিৰ ওপৰত এক পৰ্য্যালোচনা কৰা হ'ব" অসম আৰক্ষীৰ টুইট।
Let there be no doubts in anyone's mind.
এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) জি পি সিঙেও অসম আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাইছে।
অহা ২০ এপ্ৰিললৈকে দেশৰ প্ৰতিখন ৰাজ্যৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হ'ব আৰু লকডাউনৰ সময়ছোৱাত কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব বুলিও প্ৰধান মন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল।
কিন্তু মঙলবাৰে পুৱা ১০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ দেশবাসীক সম্বুধন কৰি সমগ্ৰ দেশতে লকডাউনৰ সময়সীমা ৩ মে'লৈ বৃদ্ধি কৰে।
বিশ্বজুৰি মহামাৰীৰ ৰূপ লোৱা ক'ভিড-১৯ত আক্ৰান্ত হৈ অসমত এতিয়ালৈকে এজন লোকৰ মৃত্যু হৈছে।
এতিয়ালৈকে ৰাজ্যখনত মুঠ ৩০গৰাকী ব্যক্তি ক'ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছে।
আটাইকেইগৰাকী ব্যক্তি বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। তাৰোপৰি ৰাজ্যখনৰ বহুসংখ্যক লোকক বিভিন্ন স্থানত কুৱাৰেণ্টাইন কৰি ৰখা হৈছে। | web |
6054a2e6d107645b837267673591c1f2b388ab88 | ◾পূৰ্বৰ ৬ বজাৰ পৰিৱৰ্তে দুপৰীয়া ২ বজাৰ পৰা সান্ধ্য আইন।
◾যুগ্ম-অযুগ্ম নিয়মত চলিব পাৰিব ব্যক্তিগত বাহন।
◾গুৱাহাটী মহানগৰীৰ বাবে ইতিমধ্যে যুগ্ম-অযুগ্মৰ নিৰ্দেশনা জাৰি। | web |
d1c5ece924045f183fa705d33ac1d687c9e900c5 | বিজেপিত যোগদান কৰিলেই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যক হিৰণ্য পাঠৰিয়ে বিজেপিৰ পৰা উলিয়াই দিব ৫০ৰ পৰা ৬০ হাজাৰ টকা। অভিযোগমতে সংগঠনটোৰ পৰা পদত্যাগ কৰি বিজেপিত যোগ দিয়া পাথৰিয়ে ৰঙিয়াৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি অংশুমান শৰ্মা আৰু তেওঁৰ সতীৰ্থক দিছিল এই বিগ অফাৰ।
ইয়াৰোপৰি গৰু বিহুৰ দিনটোতে ৰঙিয়া হাইৱে চকৰ ওচৰত এক নিৰ্জন স্থানত তেওঁৰ দুই-তিনিজন সদস্যৰ সৈতে পাঠৰিক সাক্ষাৎ কৰিছিল বুলি তেওঁ নৰ্থ ইষ্ট নাওক জনায়।
পাথৰিক লগ পোৱাৰ সময়ত উক্ত স্থানত উপস্থিত কোনো এজনে মোবাইলত "ভিডিঅ' ৰেকৰ্ডিং" কৰি ৰাখিছিল তেওঁলোকৰ মাজত হোৱা কথোপকথনসমূহ।
'এতিয়া মানে কি, জইনিং কৰাৰ পাছতেই তহঁতক মই পইচা এটা উলিয়াই দিম। চৰকাৰখন যিহেতু থাকিবই তহঁতে বিভিন্ন ধৰণৰ কাম-কাজ পাই থাকিবি। বাইহাটা চাৰিআলিৰ শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ বিজেপিত যোগদান- নিউজ আহি যাব। তহঁত দুটাই মেইন মানুহ, মাৰক লৈ যাব পাৰিবি, খুৰাকো লৈ যাব পাৰিবি লগত। তহঁতক মই ৫০ৰ পৰা ৬০ হাজাৰ টকা উলিয়াই দিম। ৬০ হাজাৰ ক'লে ৫০ হাজাৰ দিব। ' ছাত্ৰ মুক্তিৰ নেতাজনে আমালৈ প্ৰেৰণ কৰা ভিডিঅ'টোত হিৰণ্যৰ বক্তব্য।
তাৰ পাছতেই উক্ত স্থানত উপস্থিত হয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অন্য কিছুসংখ্যক সদস্য। উপস্থিত হৈয়ে পাঠৰিক জেৰা কৰে সদস্য কেইজনে। অখিল গগৈয়ে তিনিকোটি টকা কংগ্ৰেছৰ পৰা লোৱা বুলি পাঠৰিয়ে অনা অভিযোগৰ প্ৰমাণ বিচাৰে ছাত্ৰ মুক্তিৰ নেতাকেইজনে।
ইপিনে, ছাত্ৰ মুক্তিৰ নেতাজনে অনা এই গুৰুতৰ অভিযোগ মঙলবাৰে এক সংবাদমেলযোগে 'মিছা' বুলি দাবী কৰিছিল পাঠৰিয়ে।
তেওঁক ছাত্ৰ মুক্তিৰ সদস্যকেইজনে মাৰপিট কৰা বুলিও পাঠৰিয়ে অভিযোগ কৰিছিল।
নৰ্থ ইষ্ট নাও-এ ভিডিঅ'টোৰ সত্যতাৰ প্ৰত্যাভূতি দিয়া নাই। | web |
ad6e94eee552945434bb166806c67b6121cbe0a1 | মাতৃ হোৱাৰ পিছত প্ৰথমখন ফটো শ্বেয়াৰ কৰি বলীউডৰ অভিনেত্ৰী আলিয়া ভট্টে তেওঁৰ কন্যাৰ ফটো শ্বেয়াৰ কৰিবলৈ কোন অনুৰাগীয়ে দাবী জনাইছে সেই সন্দৰ্ভত মন্তব্য কৰে। শেহতীয়াকৈ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ পিতৃ-মাতৃ হৈ পৰিছে। আলিয়াই এজনী সৰু দেৱদূত অৰ্থাৎ কন্যা সন্তান জন্ম দিছে। আলিয়া মাতৃ হোৱাৰ পিছৰে পৰা এতিয়া ছোৱালীজনীক চাবলৈ অনুৰাগীৰ আগ্ৰহ দিনক দিনে বাঢ়িছে। কাপুৰ পৰিয়ালৰ ঘৰলৈ অহা এই কণমানি দেৱদূতজনৰ আভাস পাবলৈ মানুহ আগ্ৰহী। ইফালে, কন্যা সন্তান জন্ম দিয়াৰ পিছত আলিয়া ভট্টে প্ৰথম ফটো শ্বেয়াৰ কৰিছে।
আলিয়াৰ এই ফটোখন প্ৰকাশ পোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অভিনেত্ৰীগৰাকীৰ এই ফটোখন তেওঁৰ অনুৰাগীসকলে অতিশয় ভাল পায়। কেৱল এয়াই নহয়, অনুৰাগীয়ে আলিয়াৰ ওপৰত মন্তব্য কৰি কন্যাৰ ফটো শ্বেয়াৰ কৰিবলৈ দাবী জনাইছে। | web |
dab2047df1d860133e2ca50285df7e153f48d136 | লংকাঃ হোজাই জিলাৰ লংকাত ৰে'লৰ খুন্দাত নিহত এজন যুৱক। বৰ্তমানো উদ্ধাৰ হোৱা নাই মৃত যুৱকজনৰ পৰিচয়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, পুৱাই লংকা আৰু হাৱাইপুৰ ৰে'ল ষ্টেচনৰ মাজত দুই টুকুৰা অৱস্থাত এজন যুৱকৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি লংকা ৰে'ল ষ্টেচন তথা ৰেল আৰক্ষীক খবৰ দিয়ে যদিও বৰ্তমানলৈকে ২ ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো ঘটনাস্থলীত উপস্থিত হোৱা নাই লংকা ৰেল আৰক্ষীৰ লোক।
আনহাতে আকৌ ৰে'লৰ কেৰিং বিভাগত কৰ্মৰত কৰ্মচাৰীয়েও লংকা ৰেল ষ্টেচনৰ আৰক্ষীক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত নহ'ল লংকা ৰে'ল কৰ্তৃপক্ষ। উল্লেখ্য যে, মৃতদেহটোৰ ওপৰেদিয়েই পাৰ হৈ গৈ আছে এখনৰ পিছত আনখন ৰেল গাড়ী। নিশা কোনো ৰে'লৰ খুন্দাত যুৱকজনৰ মৃত্যু হয় বুলি সন্দেহ। | web |
37eb1d7d1aac006ad5dd47ac3028627ccb00b48d | চৰকাৰক সমালোচনা (Criticism of the government) কৰাটো জাতিবিৰোধী নহয় । এটি গোচৰত উচ্চতম ন্যায়ালয়ৰ এইধৰণৰ পৰ্যবেক্ষণ। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মালায়ালম ভাষাৰ (Malayalam language) এটা টিভি চেনেলক (TV Channel) ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিৰোধী (Anti-national security) বুলি অভিযোগ কৰি সম্প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ (Broadcast Off Order) দিয়ে। এই নিৰ্দেশ কেৰালা উচ্চ ন্যায়ালয়েও (Kerala High Court) মানি লৈছিল। বুধবাৰে উচ্চতম ন্যায়ালয়ে (Suprem Court) এই নিৰ্দেশ খাৰিজ (Dismissal of order) কৰি কয় যে চেনেলটোৱে পুনৰ সম্প্ৰচাৰ আৰম্ভ কৰাত কোনো সমস্যা নাই।
এই গোচৰত ৰায়দান দিওঁতে উচ্চতম ন্যায়ালয়ে কয়, "কেৱল চৰকাৰৰ নীতিক সমালোচনা কৰিয়েই এজনক প্ৰতিষ্ঠান বিৰোধী বা চৰকাৰ বিৰোধী বুলি ক'ব নোৱাৰি। " সবল গণতন্ত্ৰৰ বাবে স্বতন্ত্ৰ সংবাদ মাধ্যমৰ প্ৰয়োজন বুলিও উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে।
বুধবাৰে এই গোচৰৰ শুনানিৰ সময়ত দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰে কয়, ৰাইজৰ অধিকাৰ অস্বীকাৰ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰাটো সঠিক নহয়। কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই প্ৰেক্ষাপটত শিষ্টাচাৰৰ বিৰুদ্ধে গৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো উত্থাপন কৰিছে।
কেৰালা উচ্চ ন্যায়ালয়ে টিভি চেনেলটোৰ সম্প্ৰচাৰ বন্ধ কৰাৰ নিৰ্দেশ মানি লোৱাৰ পিছতহে চেনেল কৰ্তৃপক্ষই দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। চেনেলটোৰ সম্পাদক প্ৰমোদ ৰমন আৰু কেৰালাৰ সাংবাদিক সন্থাইও পৃথক পৃথক গোচৰ ৰুজু কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তাৰ উদ্ধৃতি দি চেনেলটোৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ অনুমতি নিদিলে। সোমবাৰে উচ্চতম ন্যায়ালয়ে লগতে আৰু প্ৰশ্ন উত্থাপন কৰে যে কেৰালা উচ্চ ন্যায়ালয়ে কেৱল গৃহ মন্ত্ৰালয়ে আদালতত দাখিল কৰা ক'ভাৰ লেটাৰত সন্নিবিষ্ট তথ্যৰ ভিত্তিত কেনেকৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। | web |
acbf22061b3df80ca6391d381faf1375094ee4c5 | ত্ৰিপুৰা আৰক্ষী বিভাগে ১০০০ কনিষ্টবল (পুৰুষ আৰু মহিলা) খালী পদৰ নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলক আমন্ত্ৰণ জনাইছে। এতিয়া প্ৰয়োগ কৰক!
ত্ৰিপুৰা আৰক্ষীয়ে ১০০০ কনিষ্টবল (পুৰুষ আৰু মহিলা) খালী পদৰ নিযুক্তিৰ বাবে শেহতীয়া চাকৰিৰ জাননী প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে অন্তিম তাৰিখৰ আগতে আবেদন কৰিব পাৰে। ত্ৰিপুৰা আৰক্ষীৰ চাকৰিৰ খালী পদ ২০২২ ৰ বিষয়ে অধিক বিৱৰণ পৰীক্ষা কৰক।
ত্ৰিপুৰা আৰক্ষীয়ে শেহতীয়াকৈ ১০০০ কনিষ্টবল (পুৰুষ আৰু মহিলা) খালী পদৰ নিযুক্তিৰ বাবে চাকৰিৰ জাননী বিচাৰিছে। আকাংক্ষিত প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰেঃ
কনিষ্টবল (পুৰুষ আৰু মহিলা)
ত্ৰিপুৰা আৰক্ষী নিযুক্তি অধিসূচনা অনুসৰি, প্ৰাৰ্থীৰ নিম্নতম বয়স ১৮ বছৰ আৰু সৰ্বাধিক ২৪ বছৰ হ'ব লাগিব, ০১-জানুৱাৰী ২০২২ তাৰিখলৈ।
বয়সৰ ৰেহাইঃ
ত্ৰিপুৰা আৰক্ষীৰ চৰকাৰী অধিসূচনা অনুসৰি প্ৰাৰ্থীয়ে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা অষ্টম, দশম সম্পূৰ্ণ কৰিব লাগিব।
ত্ৰিপুৰা আৰক্ষী হৈছে ত্ৰিপুৰা ৰাজ্যৰ আইন প্ৰৱৰ্তনকাৰী সংস্থা যি উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত আৰক্ষীৰ কাৰ্যকলাপৰ আয়োজন কৰে আৰু দায়বদ্ধ। ইয়াক ১৯৬৫ চনত গঠন কৰা হৈছিল। বৰ্তমান ভি. এছ. যাদৱ, আই. পি. এছ. ত্ৰিপুৰাৰ ডি. জি. পি. | web |
128793bae7d2bf36f54891284bba8417a9b459ad | দুদিনৰ বাবে মহানগৰীৰ কেতবোৰ অঞ্চলত বন্ধ থাকিব খোৱাপানীৰ যোগান। গুৱাহাটী পৌৰ নিগমে বন্ধ ৰাখিব খোৱাপানীৰ যোগান। ১২ আৰু ১৩ জুনত গুৱাহাটীবাসীয়ে নাপাব পৌৰ নিগমৰ খোৱাপানী। পানী টেংকীৰ স্থানান্তৰ কৰাৰ বাবে ব্যাপত হ'ব পানী যোগান।
স্থানান্তৰ কৰা হ'ব গুৱাহাটী পৌৰ নিগমৰ পাণবজাৰৰ পানী টেংকী। সেয়েহে পাণবজাৰ পানী টেংকীৰ সংলগ্ন অঞ্চলত বন্ধ থাকিব পানী যোগান। কামাখ্যা আৰু চাটপুখুৰী টেংকীৰ পানী যোগান অব্যাহত থাকিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published : | web |
8e02fc6e6f68eb05d4046083c075083c57dc2e40 | 1 Pharisee vene neideyadi Iesu bi usi dina vene tau gade moi babatiso reyo, idu John bi tau de. 2 (Rama iniye Iesu bi ina kaya babatiso de regamo, idu ini usi dina vene maka yaku reyadi.) 3 Kamini Iesu Judea feresi dudusa Galilee ri deyo; 4 idau bi Samaria gagani tobo toboma boyo.
5 Ye ina bi Samaria di taoni yokoi okiyo, ini roka bi Sychar; mina atafuri Jacob yaku ini mida Joseph kono kefuka maro.✡ Gen 33.19; Josh 24.32 6 Jacob di guri koru bi mironari, ma Iesu yava ika oto dina rofu kosika no iniye reyo, ye mina guri koru atafuri ameinu reyo meda tobo niyo kana.
7 Kamini Samaria rema yokoi koru ugika baeyo ma Iesu yaku ina rofu niyo, "Koru be na ma." 8 (Adina ini usi dina vene bi iruku voi regika taoni rofu neyadi.)
28 Ye rema ini koru urena feresi taoniri dairi nesi amiye rofu nioteimaro, 29 "Baefa amiye yokoi kaere na beika tau vanu reyaka mina na nioteimaro veyagane. Rama mina bi Keriso ba?" 30 Amiye taoni fere yakusi Iesu urana baeyadi.
39 Samaria vene tau mina taoniri Iesu rofu mokena vari gira aeyadi, adina mina rema yaku ago niokuyo, "Na beika tau vanu reyaka mina na nioteimaro." 40 Ye Samaria vene yaku ina rofu desi usa niyadi ina venesa ameyainedi, ma meda remanu ameyo.
Mina amiye yaku ini ago nisi mokena vari gira aesi diyo. 51 Ye idama bogamori, ini moimai rei tavoi rededi vene baku resi ina nioteimaradi ini mida bi vegu niyo.
52 Ye ina yaku nikaiteyo beika meda nemoko ramari ini mida buni niyo, ma ina vene yaku niyadi, "Ini roaita vaki vaki rena bi agiya meda nemoko yokoi uriyenauri fereyo." 53 Ye baba yaku diba niyo bi Iesu yaku mina meda nemoko ramari ina rofu niyo, "Yi mida bi vegu nigo." Ye ini yava vene tau noibanu ma iniyesa mokena vari gira aeyadi.
54 Mina bi rebe uru remanu niyo mini Judea feresi Galilee ri baeyori.
*4:42: Bura bedakai ka Keriso nufa.
| web |
3bd82899dbbee665cd55775a5499c44c7e35a7f3 | দেওবাৰে গুৱাহাটীৰ লখৰা অঞ্চলৰ এটা আৱাসিক সম্পত্তিত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ডৰ ফলত লাখ লাখ টকাৰ ক্ষতিসাধন হয়। খবৰ অনুসৰি অৰ্চনা তেৰাংপিৰ ভাড়াঘৰত অগ্নিকাণ্ড সংঘটিত হয়। জুইৰ শিখাই ঘৰৰ সকলো বস্তু আগুৰি ধৰিলে আৰু জ্বলাই ছাই কৰি পেলালে।
এই কাণ্ডৰ পিছতে স্থানীয় লোকেও চিলিণ্ডাৰ বিস্ফোৰণৰ খবৰ দিয়ে, যাৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। ইফালে ঘৰত কোনো নথকাৰ সময়ত এই ঘটনা সংঘটিত হোৱা বুলি চৰ্চালৈ আহিছে। কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ নিবিদা ততাতৈয়াকৈ সেই স্থানলৈ প্ৰেৰণ কৰা হয় আৰু বহু সংগ্ৰামৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
স্থানত উপস্থিত থকা বিষয়াসকলে জনোৱা মতে, তেওঁলোকে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ বাবেই অগ্নিকাণ্ডৰ আঁৰৰ কাৰণ বুলি সন্দেহ কৰিছে। বিষয়াসকলে আৰু কয় যে সম্পত্তিৰ ক্ষতি লাখ লাখ হ'ব বুলি অনুমান কৰা হৈছে।
মন কৰিবলগীয়া যে কালি গুৱাহাটীৰ কাহিলীপাৰা অঞ্চলৰ এটা ঘৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। | web |
32f6981da5b7b3282346ab17efc399b3e83824a9 | ৭ মে'ৰ দিনটো এক ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ'ল অসমত। ৭ মে'ত অসমীয়া জাতিৰ ৰক্ষাৰ বাবে মাৰবান্ধি সকলো ওলাই অহাৰ কথা এক ব্যতিক্ৰমী অধ্যায় হিচাপে আজিৰ পৰা শ শ বছৰৰ পিছতো সমাজ বিজ্ঞানত ৰৈ যাব। সঁচাকৈয়ে ৭ মে'ৰ দিনটো এক বিৰল হিচাপে দেখিবলৈ পোৱা গ'ল। নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি গ্ৰহণ কৰিবলৈ অহা যুটীয়া সংসদীয় সমিতি ( JPC )ৰ ওচৰত সাক্ষ্য দিবলৈ হিল-দ'ল ভাঙি ওলাই আহিল বিভিন্ন সংগঠন আৰু অগণন ৰাইজ। খিলঞ্জীয়াৰ উদাত্ত কণ্ঠৰে নিনাদিত হ'ল গুৱাহাটী মহানগৰীৰ আকাশ-বতাহ।
অসমৰ দল-সংগঠনৰ হেঁচাত অৱশেষত গুৱাহাটীত শুনানি গ্ৰহণ কৰিবলৈ আহিবলৈ বাধ্য হৈছিল যুটীয়া সংসদীয় সমিত। শুনানি গ্ৰহণ আৰম্ভ হোৱাৰ আগৰ পৰাই খানাপাৰাত যি অভূতপূৰ্ব পৰিস্থিতিৰ উদ্ভৱ হ'ল সিয়ে প্ৰমাণ কৰিলে হিন্দু বাংলাদেশীক সংস্থাপন দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কিদৰে ক্ষোভ পুঞ্জীভূত হৈ আছে অসমৰ মানুহৰ মাজত। সাক্ষ্য দিয়া সংগঠনৰ সংখ্যাই প্ৰমাণ কৰে মোদী চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কেনেদৰে জনমত অসমত শক্তিশালী হৈ আছে। এই শুনানি প্ৰক্ৰিয়াই অসমৰ ৰাজনীতি আৰু সমাজ জীৱনত নতুন নতুন দিশৰো সূচনা কৰিব। নিজৰ অস্তিত্বৰ সুৰক্ষাক লৈ ৰাজ্যখনৰ সকলো খিলঞ্জীয়া জনগোষ্ঠী যে অতি উদ্বিগ্ন তাক উপলব্ধি কোনে কৰা নাই? শুনানি প্ৰক্ৰিয়া চলি থকা সময়ৰ পৰাই ৰাজ্যত যেন এক নতুন বতাহ বলিবলৈ আৰম্ভ কৰিছে। যিকোনো প্ৰকাৰে হিন্দু বাংলাদেশী সংস্থাপনৰ পদক্ষেপক বাধা দিবলৈ কুন্ঠাবোধ নকৰে অসমৰ জাতীয় দল-সংগঠনে। এতিয়া প্ৰশ্ন হৈছে- এই শুনানি প্ৰক্ৰিয়াৰ পিছত সম্ভাৱ্য কি কি দিশৰ সূচনা হ'ব পাৰে?
হিন্দু বাংলাদেশীক লৈ কি ৰাজনীতি চলি আছে? সেই কথা আমি স্পষ্ট হ'ব লাগিব। বিজেপি চৰকাৰে প্ৰকৃততে কৰিব বিচাৰিছে কি? বিভাজনৰ ৰাজনীতিৰে ক্ষমতাত বৰ্তি থকাৰ সপোন দেখা গেৰুৱা বাহিনীয়ে প্ৰকৃততে আমাৰ ৰাজ্যখনক এক পৰীক্ষাগাৰ হিচাপে গ্ৰহণ কৰিছে। গেৰুৱা বাহিনীৰ সেই ষড়যন্ত্ৰ ওফৰাব লাগিব অসমৰ ৰাইজে। তাৰবাবে প্ৰস্তুত সকলো। ৮ মে'ৰ পৰাই দেখিবলৈ পোৱা গৈছে কিছু নতুন দৃশ্যপট। বিজেপি মিত্ৰজোটৰ অংশীদাৰ অগপ শুনানিৰ পিছতেই তৎপৰ হৈছে। ৰাজ্যজুৰি হিন্দু বাংলাদেশীৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযান চলাব অগপই। অগপৰ গণস্বাক্ষৰ অভিযান যথেষ্ট তাৎপৰ্যপূৰ্ণ। কাৰণ অসম আন্দোলনৰ গৰ্ভৰ পৰা জন্ম হোৱা অগপক সংগী কৰি লৈ বিজেপিয়ে চৰকাৰ চলাই আছে। অগপই সমষ্টিয়ে সমষ্টিয়ে গণস্বাক্ষৰ অভিযান চলালে নিশ্চিত কৈ অস্বস্তিত পৰিব বিজেপি। বিজেপিৰ জনসমৰ্থনৰ ক্ষেত্ৰত ই নেতিবাচক প্ৰভাৱ পেলাব। অগপ নেতৃত্বই হিন্দু বাংলাদেশীৰ ক্ষেত্ৰত ইমানদিনে গ্ৰহণ কৰি অহা দোদুল্যমান স্থিতি এতিয়া হয়তো সলাব লাগিব। জনসাধাৰণৰ ৰুদ্ৰমূৰ্তি দেখি ভয় খাইছে আঞ্চলিক দলটোৰ নেতৃত্বই। এই পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবেই শুনানিৰ পিছত লগে লগে দলটোৱে গণস্বাক্ষৰৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। বিপিএফেও এই ক্ষেত্ৰত নিশ্চিতকৈ কঠোৰ স্থিতি গ্ৰহণ কৰিব। ৰাজ্যজুৰি খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰশ্ন অধিক শক্তিশালী ৰূপত ওলাই আহিছে।
এই পৰিস্থিতি কেনেদৰে সন্মুখীন হ'ব বিজেপি? বিজেপিৰ হিচাপ-নিকাচ হৈছে- হিন্দু বাংলাদেশীক সংস্থাপনৰ প্ৰতিশ্ৰুতি দি বাঙালী হিন্দুৰ মাজত ভোট বেংক গঢ়ি তোলা। নিৰ্বাচনী ৰাজনীতিত ই কিমান গুৰুত্বপূৰ্ণ সেই কথা কংগ্ৰেছৰ দুমুখীয়া স্থিতিয়েই প্ৰমাণ কৰিছে। বৰাকত কংগ্ৰেছ নেতাই হিন্দু বাংলাদেশীৰ সংস্থাপনক মুকলিকৈয়ে সমৰ্থন জনাইছে। ইয়াৰ বাবে জনমতো গঠন কৰিছে।
কিন্তু বিজেপিৰ হিন্দু বাংলাদেশী প্ৰীতিয়ে খিলঞ্জীয়াৰ মাজত জনসমৰ্থন হেৰুৱাব। গেৰুৱা দলটোৱে হিন্দু বাংলাদেশী আৰু বংগীয়মূলৰ মুছলমানৰ মাজত বিভাজন আনি যি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচাৰিছে তাক কেতিয়াও গ্ৰহণ নকৰে অসমীয়াই। কাৰণ অসমীয়া জাতি ভাষাভিত্তিক জাতি। অভিবাসী মুছলমান কেতিয়াও অসমীয়া ভাষাৰ বাবে বিপদ নহয়। বৰঞ্চ অভিবাসী মুছলমানৰ বাবেই আজি অসমত অসমীয়া ভাষী লোকৰ সংখ্যা বাঢ়িছে। ইয়াৰ বিপৰীতে হিন্দু বঙালীয়ে অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়াৰ লগত আত্মীকৰণ প্ৰক্ৰিয়াত কেতিয়াও জড়িত নহয়। দুই এক ব্যতিক্ৰম ক'ৰবাত থাকিব পাৰে। সেই কথা খিলঞ্জীয়া অসমীয়াই ভালদৰেই বুজি পায়।
২০১৬ৰ নিৰ্বাচনত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে যিদৰে বিজেপিক সমৰ্থন দিছিল তাৰ মূল কথাটোৱে আছিল- খিলঞ্জীয়াৰ সুৰক্ষা। এতিয়া অসমত হিন্দু বাংলাদেশী জাপি দিবলৈ বিচৰা পৰিস্থিতি অকল্পনীয় আছিল হিল-দ'ল ভাঙি বিজেপিক ভোট দিবলৈ ওলাই অহা খিলঞ্জীয়া অসমীয়াৰ বাবে।
প্ৰশ্ন হয়- বিজেপি নেতৃত্বই ৰাজ্যখনৰ সামাজিক, ৰাজনৈতিক সমীকৰণ বুজি নাপায় নেকি? বুজি নোপোৱাৰ কথাই নাই। ভালদৰেই জানে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিশ্চিতকৈ বাৰুকৈ উপলব্ধি কৰিছে পৰিস্থিতি। কিন্তু ভোটবেংকৰ ৰাজনীতিয়ে প্ৰাধান্য পাইছে।
পৰিস্থিতি দেখি যুটীয়া সংসদীয় সমিতিয়ে ক'বলৈ বাধ্য হ'ল- ব্ৰহ্মপুত্ৰ উপত্যকাত পুনৰ শুনানি গ্ৰহণ কৰিব বুলি। আমি বিচাৰো অকল গুৱাহাটীতেই নহয়, ৰাজ্যৰ ভিন্ন ঠাইত শুনানি অনুষ্ঠিত হ'ব লাগে। কাৰণ অসমীয়াৰ ভৱিষ্যত্ নিৰ্ধাৰণ কৰাৰ অধিকাৰ অসমীয়াৰহে আছে। দিল্লী, নাগপুৰে নিৰ্ধাৰণ কৰিব নোৱাৰে আমাৰ ভৱিষ্যৎ।
৮ আৰু ৯ মে'ত শিলচৰত অনুষ্ঠিত হোৱা শুনানিত নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰিব প্ৰায় সকলো সংগঠনে। ইয়াৰ পিছত ৰাজ্যখনত বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত বিভাজনৰ বাতাবৰণ সৃষ্টি হোৱাৰ আশংকা আছে। দুষ্ট চক্ৰই সুযোগ গ্ৰহণ কৰিব পাৰে অশান্তি সৃষ্টিৰ। তাৰবাবে সজাগ থাকিব লাগিব সকলো।
মুঠৰ ওপৰত সময় বিপন্ন। বিপন্ন সময়ত আমি নিৰ্ধাৰণ কৰিব লাগিব নিজৰ ভৱিষ্যৎ। নিশ্চিতকৈ কিছুদিনৰ ভিতৰত ৰাজ্যখনত হিন্দু বাংলাদেশীৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে।
প্ৰতিবাদ যিমানেই শক্তিশালী হ'ব সিমানেই অনিশ্চিত হৈ পৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতকৰণ। কাৰণ বিধেয়কখন বৰ্তমান পৰিস্থিতিত মোদী চৰকাৰে কোনো কাৰণতে গৃহীত কৰিব নোৱাৰে। লোকসভাত সংখ্যাগৰিষ্ঠতাৰ জোৰত গৃহীত কৰিলেও ৰাজ্যসভাত গৃহীত নহয়। তেতিয়াহ'লে এই কুচকাৱাজ কিয়? আগতে কোৱাৰ দৰে কেৱল ভোটবেংকৰ বাবেই এই কুটিল ৰাজনীতি? আৰু সেই বাবেই হাস্যকৰ কথা হ'ল যে- অগপই বিধেয়কখন গৃহীত হ'লেহে বিজেপিৰ সংগ ত্যাগ কৰিব। ইয়াতকৈ আৰু ডাঙৰ সাঁথৰ কি হ'ব পাৰে? ৰাজনীতিৰ সম্যক জ্ঞান থকা যিকোনো লোকেই জানে ৰাজ্যসভাত এন ডি এৰ সংখ্যাগৰিষ্ঠতা নাই। লোকসভা আৰু ৰাজ্যসভাত অগপৰ সাংসদো নাই। সেই বাবেই এনেদৰে ক'ব পাৰিছে অসম গণ পৰিষদে।
শেষত অসমৰ প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাসৰ মন্তব্যৰে কওঁ- বৰ্তমান বিজেপি নেতৃত্বই বাজপেয়ী-আদৱানীয়ে অসমৰ বাংলাদেশী সমস্যাৰ ক্ষেত্ৰত গ্ৰহণ কৰা স্থিতিকে অপমান কৰিছে। সেই কথা আৰ এছ এছ-বিজেপিয়ে উপলব্ধি কৰিব পাৰিবনে? তেওঁলোকৰ দুই পিতামহৰ স্থিতিক অপমান কৰি অসমত জাপি দিবলৈ ওলাইছে হিন্দু বাংলাদেশী। | web |
84f946cc06817cd94855210ebddedc54d88fce71 | ভাৰতীয় জনতা পাৰ্টীৰ ছিপাঝাৰ মণ্ডল সমিতিৰ উদ্যোগত ছিপাঝাৰ একাডেমী খেলপথাৰত পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ সফলতাৰ বাবে দেওবাৰে বিজয় উৎসৱৰ আয়োজন কৰে ।
অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সম্পাদক দিলীপ শইকীয়া, স্হানীয় বিজেপি বিধায়ক বিনন্দ কুমাৰ শইকীয়া, জিলা সভানেত্ৰী নীলিমা দেৱী আৰু বিজেপিৰ স্হানীয় নেতা-কৰ্মীসকল ।
অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ পঞ্চায়তৰ ভাৰতীয় জনতা দলৰ বিজয়ী প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰা হয় । প্ৰায় সহস্ৰাধিক সমৰ্থক উপস্থিত থকা অনুষ্ঠানটি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে যৱনিকা পৰে । | web |
35d36394b68e1e06cefb9a971eda06ebed981eea | আচৰিত! স্তনপানৰ সময়ত মহিলাৰ কাষলতি তলৰ পৰা ওলাল গাখীৰ!
মাতৃদুগ্ধৰ পৰিমাণ কমিলে ইয়াক কেনেদৰে বৃদ্ধি কৰিব ?
শিশুক স্তনপান কৰোৱাৰ আগেয়ে বা পিছত এনে কাম কৰিছেনে?
মৰিয়নিৰ জ্যোতি কুশল দাসে দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন।
দুগ্ধপোষ্য শিশুৰ বাবে পৰীক্ষাগাৰত তৈয়াৰ কৰা হ'ব 'মাকৰ গাখীৰ'!
Covid-19ৰ পৰা কণমানিক কেনেকৈ বচাই ৰাখিব?
২ হাজাৰ টকা বিনিয়োগ কৰি আপুনি ডেৰ লাখ টকা পাব! ডাকঘৰৰ কি আঁচনিত এই সুবিধা? | web |
a7e293dc9a771ce22b29b2fb841cc2a45e1c9176 | ডায়েবেটিচ হৈছে এক দীৰ্ঘম্যাদী ৰোগ য'ত শৰীৰে অতি কম পৰিমাণৰ ইনচুলিন প্ৰস্তুত কৰে বা ইনচুলিনে সঠিকভাৱে কাম নকৰে। গতিকে ৰক্ত শৰ্কৰাৰ মাত্ৰা যথেষ্ট বৃদ্ধি হয়।
আন্তৰ্জাতিক ডায়েবেটিচ ফেডাৰেচনৰ অনুযায়ী,বিশ্বজুৰি কমেও ১১লাখ অপ্ৰাপ্তবয়স্ক বা ২০ বছৰৰ কম বয়সৰ টাইপ ১ ডায়েবেটিচত আক্ৰান্ত । প্ৰতি বছৰে,নতুনকৈ আক্ৰান্ত হৈছে আৰু এক লাখ ৩০হেজাৰ লোক । সেয়েহে, এই পৰিস্হিতিক লৈ যথেষ্ট চিন্তিত বিশ্ব স্বাস্থ্য সংস্থা ।
বহুলোকে ভাবে যে কম বয়সতে ডায়েবেটিচ হোৱাৰ সম্ভাৱনা নাই। কথাটো একেবাৰে সত্য নহয়। শিশুৰ ক্ষেত্ৰত কেবাটাও লক্ষণ দেখিলে অভিভাৱকসকলে সাৱধান হোৱা প্ৰয়োজন। সেইবোৰ কি জানি লওক।
শিশুৱে বহুতো কাৰণত ভাগৰি পৰিব পাৰে। বা তেওঁলোকৰ শৰীৰ কেতিয়াবা দুৰ্বল হ'ব পাৰে। কিন্তু যদি সকলো সময়তে শিশু ভাগৰি পৰিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। কিয়নো ভাগৰ হৈছে ডায়েবেটিচৰ এটা লক্ষণ।
যদি দেখে যে শিশুটোৰ ওজন হঠাতে সলনি হৈছে, বিশেষকৈ ওজন হ্ৰাস হৈছে, তেনেহ'লে আপুনি সাৱধান হ'ব লাগিব।
শিশুটোৰ হঠাতে ভোক লাগে নেকি? সঘনাই পানী খায় নেকি? বা টোপনিৰ নিয়ম সলনি হৈছে নেকি? এই সকলোবোৰ ডায়েবেটিচৰ লক্ষণ হ'ব পাৰে।
অত্যাধিক পানী খালে, সঘনাই প্ৰস্ৰাৱ কৰা প্ৰয়োজন হয়। ফলস্বৰূপে, আপুনি এনে অনিয়ম দেখিলে সাৱধান হ'ব লাগিব।
চিকিৎসকসকলে অনুমান কৰে যে যদি ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হয়, চকুৰ মণি ডাঙৰ হ'ব পাৰে আৰু দৃষ্টি অস্পষ্ট হ'ব পাৰে। শিশুসকলৰ হঠাতে এনে সমস্যা হ'লে পৰীক্ষা কৰাটো প্ৰয়োজনীয়।
যদি ডায়েবেটিচ হয়, শিশুৰ বমি হোৱাৰ প্ৰৱণতা থাকে, হজম, গেছৰ সমস্যা হয়। গতিকে যদি আপুনি এনে লক্ষণ বোৰ দেখে, আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে। | web |
b7dbdd66928466764a4022a7a781560d80312497 | আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট (Budget) অধিবেশন। সংসদৰ যুটীয়া অধিবেশনত ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হৈছে বাজেট অধিবেশন। আনহাতে, ১ ফেব্ৰুৱাৰীত সংসদত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Nirmala Sitharaman) । ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ মঙলবাৰে সংসদত দাখিল কৰা হʼব বিত্তীয় জৰীপৰ প্ৰতিবেদন।
সংবাদ সংস্থা ৰয়টাৰৰ মতে, প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০২৩-২৪ বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি (Gross Domestic Product) বৃদ্ধিৰ হাৰ ৬ শতাংশৰ পৰা ৬. ৮ শতাংশ হʼব পাৰে। বিষয়টোৰ সৈতে পৰিচিত এজন নাম প্ৰকাশ নকৰা ব্যক্তিৰ উদ্ধৃতি দি সংবাদ সংস্থাটোৱে কয় যে ২০২৩-২৪ বিত্তীয় বৰ্ষত বৃদ্ধিৰ হাৰ (ভিত্তি স্তৰ) ৬. ৫ শতাংশ হʼব পাৰে। যিটো যোৱা তিনি বছৰৰ ভিতৰত আটাইতকৈ কম।
প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০২৩-২৪ বিত্তীয় বৰ্ষত নামমাত্ৰ বৃদ্ধি ১১ শতাংশ হʼব বুলি পূৰ্বানুমান কৰা হৈছে। বিত্তীয় জৰীপৰ প্ৰতিবেদনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বিগত এটা বছৰত অৰ্থনীতিৰ অৱস্থা কেনেকুৱা হৈছে তাৰ গাণিতিক পৰিসংখ্যাগত ছবি দাঙি ধৰে। কোভিড মহামাৰীৰ পিছত ভাৰতৰ অৰ্থনীতি কিছু ঠিক হৈছে। কিন্তু ৰাছিয়া-ইউক্ৰেইন যুদ্ধই মুদ্ৰাস্ফীতিৰ বৃহৎ চাপ বৃদ্ধি কৰিছে।
সেইটোৱে মহামাৰীৰ সময়ত গ্ৰহণ কৰা শিথিল মুদ্ৰানীতিৰ পথৰ পৰা আঁতৰি যোৱাৰ ইংগিত দিয়ে। কিন্তু সমীক্ষাত যদি মন্থৰ বৃদ্ধিৰ বাতৰি পোৱা যায়, তেন্তেও ৬. ৫ শতাংশ বৃদ্ধিয়ে ভাৰতক বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ দৌৰত স্থান দিব। যদিও ই পৰামৰ্শ দিয়া ৭ শতাংশতকৈ কম। যোৱা বছৰ এই বৃদ্ধিৰ হাৰ আছিল ৮. ৭ শতাংশ। মঙলবাৰে ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন।
যৌথ সদনত ৰাষ্ট্ৰপতিৰ অনুমতি সাপেক্ষে বিত্তমন্ত্ৰীয়ে সংসদত বিত্তীয় জৰীপৰ প্ৰতিবেদন পঢ়িব। এই বছৰ দেশৰ অৰ্থনীতি কেনেদৰে গতি কৰিলে সেয়া বুজিব পৰা যাব। ইয়াৰ পিছত ১ ফেব্ৰুৱাৰীত পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰা হʼব। জৰীপৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে মুখ্য অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে (V Anantha Nageswaran)। প্ৰতিবেদন অনুসৰি, বিত্তীয় সমীক্ষাৰ পৰা ভাৰতৰ নিয়োগৰ ছবিখনত সামান্য উন্নতিৰ কথা কʼব পাৰে।
অৱশ্যে সামগ্ৰিক নিয়োগৰ বাবে ব্যক্তিগত বিনিয়োগৰ প্ৰয়োজনীয়তাও উল্লেখ কৰিব পাৰে প্ৰতিবেদনত। অহা বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনীতিৰ গতি মন্থৰ হʼব বুলি আশা কৰিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে। আই এম এফৰ তথ্য অনুসৰি ভাৰতৰ অৰ্থনীতি ৬. ১ শতাংশ বৃদ্ধি পাব পাৰে। যিটো ৩১ মাৰ্চত সমাপ্ত হোৱা চলিত বিত্তীয় বৰ্ষৰ বাবে ৬. ৮ শতাংশ আছিল। | web |
29f36a88bf3d1eef4a54ae6f927d22a3c5c3fa621dd51d550bc448e68124969b | বৌদ্ধতন্ত্ৰৰ কাবিক্ৰী দিশ আৰু চৰ্যাগীতৰ শৰ
ৰ মহামুদেৰি বা মহামুদ্ৰা শব্দৰ অৰ্থ সুকুমাৰ সেন মহোদযে "স্ত্রী ' লিখিছে যদিও বর্তমান চর্যাগীত যোগাচাৰ তন্ত্ৰৰ সমৰ্থক হেতু ইযাত মহামুদ্রা শব্দই দেৱদর্শন বা দেৱউপলব্ধি সূচায়।
যোগাচাৰ তন্ত্ৰত ব্যৱহৃত প্ৰাণাযাম : যোগাচাৰ তন্ত্ৰ শূন্যতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। এই তন্ত্ৰৰ সাধকে সম্পূর্ণ বিশ্লেষণ আৰু ধ্যানৰ দ্বাৰা এই তত উপনীত হ'ব লাগে, আর যিহেতু সাধকে মানসিক বা আধ্যাত্মিক ভাবে ভগবান বা ভঙিৰ ওপৰত ভেক্ত। দিব নোৱাৰে, স্বাভাৱিকতে সাধকৰ মনত হতাশা আৰু বিক্ততাই চিত্র চাঞ্চল্যৰ সৃষ্টি কৰে। দেখাত পাবকে মাটি বোচনৰ লগত একত্ব অনুভব কৰিলেও সৰ্ব্ব ধৰ্ম্ম শূন্যতাৰ হেতু এই জ্ঞান থাকে যে 'দেৱ'ও সাধকৰ মনঃ সৃষ্ট। যোগাচাৰ সম্পূর্ণ 'উপায ভিটিক পিতৃতন্ত্ৰ বুলি ঘোষণা কৰিলেও মাতৃতন্ত্ৰৰ অঙ্গ প্ৰাণাযাম আক জপ ইয়াৰ এব মুখ্য ভূমিকা
যোগাচাৰ তন্ত্ৰত ব্যৱহৃত প্ৰাণাযাম সমূহ হ'ল মুখ্যতঃ সাধারণ পূৰক -কুম্ভক-ৰেচক-শূন্য প্রাণাযাম, চণ্ডালী প্ৰাণাযাম আৰু ডোম্বী প্রাণায়াম। যোগিনী বা সহজ প্রাণাযাম যোণাচাৰত ব্যৱহাৰ নহয়। চর্যাগীত সমূহত ব্যৱহৃত যোইণি (চর্যা নং৪), 'যোইণী' (চর্যা ন, ২৭), শব্দই যোগিনী প্রাণাবাম বুজোৱা নাই। ইযাত যোগাচাবক স্ত্রী লিঙ্গ ৰূপত যোগিনী তন্ত্র বা 'যোংণী' কৰা হৈছে।
অনুত্তৰ তন্ত্ৰ ° অনুত্তৰ শব্দৰ অর্থ ইয়ান সমকা বা শ্রেষ্ঠ কোনো নাই, অথবা ইযাক অনুসৰণ, প্রতিষ্ঠাপিত বা প্রতিদ্বন্দ্বিতা কৰিব পৰা কোনো নাই। দুযোটা অর্থতে অনুৰে তন্ত্ৰই নিজকে সর্বশ্রেষ্ঠ বৌদ্ধ তন্ত্র পথ বুলি মুকলিভাৱে ঘোষণা কৰিছে। বৌদ্ধ তন্ত্ৰ শাস্ত্ৰ সমূহত অনুৰে তন্ত্ৰ আৰ কেবা নামত পোৱা যায- অনুভৰযোগ তন্ত্র, মহা যোগতন্ত্ৰ, আৰু অভিযোগ তন্ত্র। অতএব দেখা যায অনুত্তৰ তন্ত্র যোগাচাৰ তন্ত্ৰৰ লগত ওতঃপ্ৰোত, ভাৱে জড়িত। মহাঅতি তন্ত্ৰ আৰু অনুভব তন্ত্ৰৰ মাজৰ পাৰ্থক্য ইমান সূক্ষ্ম যে তার সাধারণ পাঠকক বুজোৱা কঠিন।
অনুভৰ তন্ত্ৰৰ শিপা প্রাকবৌদ্ধ তদ্ভুত প্রোথিত। গৌতম বুদ্ধৰ মৃতৰ দুশ বছৰৰ ভিতৰতে 'কঠোৰ ব্ৰহ্মচৰ্য্য পালন কৰিব লগা বৌদ্ধ শ্রাণ সকশন এটি ক্ষুদ্র অংশই মহাস ঘিকাৰ আৰত 'উদ্ভৰপথী' সকলে বর্মীয় কাৰ্য্যৰ নামত যৌনাচাৰত লিপ্ত হৈছিল। এই কাৰ্য্য মানবীয় দ্যাৰ (কৰুণা) নামত কৰা হৈছিল যদিও এনে বাৰ্য্যৰ দাৰ্শনিক ভিত্তি আৰ্য্য নাগাৰ্জ্জুনৰ মাধ্যমিক দৰ্শনৰ আপেক্ষিক শূন্যতাবাদৰ ওপৰত প্রতিষ্ঠিত হয় আৰু এযেই অধিকাংশ পণ্ডিতৰ 'অবোধগম্য জ্রযান পন্থা'।
চৰ্যাগীত আৰু বৌদ্ধ-তন্ত্র
আমাৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাও এই দিশত বৰ সুখকৰ নহয়। মৌখিকভাৱে বুজাব গলেও কঠিন, লিখিত ভাৱে অসম্ভৱ। বৌদ্ধতন্ত্ৰৰ বজ্রযান, হিন্দু লৌকিক তন্ত্ৰ আৰু কৌলিক তন্ত্ৰ (কুল কুণ্ডলিনী জাগ্ৰত কৰণ), শক্তিতন্ত্রত সাধকে সাধনা সঙ্গিনীৰ লগত ধৰ্ম্মীয় যৌনাচাৰত লিপ্ত হয়। আন তন্ত্ৰবোৰ কঠোৰভাৱে ব্ৰহ্মচৰ্য্য ব্রতাবলম্বী। শক্তিতন্ত্ৰ আৰু বজ্রযান সমর্থিত তন্ত্ৰৰ মাজৰ প্রধান পার্থক্য হ'ল - লক্ষ্য । যিহেতু হৰপ্ৰসাদ শাস্ত্রী আৱিষ্কৃত চর্যাগীত সংগ্ৰহৰ অধিকাংশ গীতেই হয যোগাচাৰ তন্ত্ৰৰ সমৰ্থনত লিখা নহলে অনুত্তৰ তন্ত্ৰৰ সমৰ্থনত লিখা আৰু আটাইতকৈ "ৰহস্যপূৰ্ণ বা গূঢ় অর্থযুক্তগীত" যেনে নং ২৮,৩৩, ৫০ আদি যোগাচাৰী তান্ত্রিকে অনুত্তৰ তন্ত্ৰৰ দৰ্শন আৰু কাৰ্য্যক পৰিহাস কৰি ৰচিছে, অনুত্তৰ তন্ত্ৰৰ দৰ্শন আৰু সাধনা নাজানিলে, বুজি নাপালে এই চর্যাগীতবোৰৰ অৰ্থ বুজাটো অসম্ভৱ। বিশ্ববিদ্যালযৰ উপাধিযে তাত বিশেষ সহায আগ নবঢ়ায়। " বলদ বিআএল গবিআ বাঝে (চৰ্যা ৩৩) যাৰ আক্ষৰিক অৰ্থ "বলদে প্ৰসৱ কৰিলে গাই জনী বন্ধ্যা" বাস্তবতে সূচাইছে পিতৃতন্ত্র (বলদ) সফল, মাতৃতন্ত্র (গাই) নিষ্ফল । চৰ্যাৰ এইটো পদ বুজাটো সম্ভৱ, যেতিযা কেৱল অনুত্তৰ তন্ত্র, যোগ তন্ত্ৰৰ "পিতৃ-মাতৃৰ" সংজ্ঞা বুজি পাব। সেইদৰে চৰ্যা ন, ২০ ৰ ফেটলিউ গো মাএ অস্তউডি চাহি। জা এথু চাহাম সো এথু নাহি।।" পদৰ আক্ষৰিক অর্থ - " মা ৰ গৰ্ভলৈ বিচাৰি চাইছো, মই যি বিচাৰিছো এযা সেযা নহয।" বাস্তব অর্থ, মই মাতৃতন্ত্ৰৰ গভীৰতালৈ সোমাই চাইছো কিন্তু মই বিচৰা জ্ঞান/উপলব্ধি তাত নাই।
মাতৃতন্ত্র - পিতৃতন্ত্র : মাতৃতন্ত্র - পিতৃতন্ত্ৰৰ সংজ্ঞা আৰু সংঘাতৰ বিবৰণ বৌদ্ধ তন্ত্র শাস্ত্ৰত অজস্র। উৎসাহী পাঠকক F D Lessing আৰু A Wayman Introduction to the Buddhist Tantric Systems গ্ৰন্থৰ পৃঃ ২৫১-২৫৯ পঢ়িবলৈ অনুৰোধ কৰা হ'ল। এই বিভাজন এফালে যেনেকৈ জটিল আনহাতে তেনে সৰল, ইযাতো বুজাতকৈ উপলব্ধিৰ অধিক প্রযোজন । বৌদ্ধতন্ত্র ভিত্তিত্তৰত দুটা দিশত কাম কৰে - পিতৃ (উপায) আৰু মাতৃ (প্রজ্ঞা)। ক্ৰিযা আৰু চৰ্য্যা তন্ত্ৰই প্ৰজ্ঞা (মাতৃ) আৰু যোগাচাৰ তন্ত্ৰই উপাযৰ (পিতৃ) ওপৰত অধিক গুৰুত্ব দিয়ে। অনুত্তৰ তন্ত্ৰ অদ্বৈত, ইযাত পিতৃ আৰু মাতৃতন্ত্ৰ দুযোটাৰ ওপৰত সমান গুৰুত্ব দিয়া হয়। সেযেহে চর্যা নং ৫ চাটিল্লপাদে নিজকে অনুত্তৰসামী (অনুত্তৰ তন্ত্ৰত সিদ্ধ) বুলি ঘোষণা কৰি কৈছে " সাক্ষমত চডিলে দাহিণ বাম মা হোহী।" যাৰ অৰ্থ সাঁকোত (সাধনা পথত) উঠিলে দাহিণ (পিতৃ তন্ত্র) বাম (মাতৃতন্ত্র) নহবা। শান্তিপাদে (চর্যা নং ১৫)গাইছে, "বাম দাহিন দো বাটা ছাডী।"
বৌদ্ধতন্ত্ৰৰ কাৰিকৰী দিশ আৰু চৰ্যাগীতৰ অৰ্থ
সাধনা প্ৰক্ৰিয়াৰ অংশ স্বৰূপে অনুত্তৰ, মহা আৰু অতি তন্ত্ৰই যৌনাচাৰৰ অনুমতি দিযে। হিন্দু তন্ত্ৰৰ শক্তি সাধনাযো" যৌনাচাৰ অনুমতি দিযে কিন্তু যৌনাচাৰ থাকিলেই সি মাতৃ তন্ত্ৰ নহয়, আৰু ব্ৰহ্মচৰ্য্য পালন কৰিলেই সেই তন্ত্র পিতৃ তন্ত্র নহয। ক্ৰিযা তন্ত্ৰ আৰু চৰ্য্যা তন্ত্ৰত যৌনাচাৰ নাই, কিন্তু, ঘাইকৈ মাতৃ তন্ত্ৰ। যোগাচাৰ তন্ত্ৰ সম্পূৰ্ণ ব্ৰহ্মচৰ্য্য পালন কৰা পিতৃতন্ত্ৰ। অনুত্তৰ যৌনাচাৰ ৰাখিও পিতৃ আৰু মাতৃ তন্ত্ৰৰ সংমিশ্রণ।
সম্ভৰোদযা, বজ্ৰপাঞ্জৰ আৰু বুদ্ধকপাল আদি অনুত্তৰ তন্ত্ৰৰ শাস্ত্ৰই অনুত্তৰ তন্ত্ৰক মহা যোগতন্ত্র (পিতৃ) আৰু যোগিনীতন্ত্ৰত (মাতৃ) বিভাগ কৰিছে। কালচক্র তন্ত্ৰই উপায (পিতৃ) আৰু প্ৰজ্ঞা (মাতৃ) বিভাজন আনিছে। বজ্রদাযলংকাৰ গ্ৰন্থই ডাক (পিতৃ) আৰু ডাকিনী (মাতৃ) তন্ত্র নাম দিছে। পুৰুষ আৰু স্ত্রী তন্ত্র চিনাক্তকৰণৰ বহু উপায দি টীকাকাৰ তিব্বতী পণ্ডিতে কৈছে যে এইবোৰে সাধকক কেৱল বিভ্রান্ত কৰিব। কাৰণ এনে সংজ্ঞা মতে গুহ্যসমাজতন্ত্র আৰু হেবজ্রতন্ত্র পিতৃতন্ত্ৰ আৰু সাম্ভাৰাতন্ত্ৰ অদ্বৈত তন্ত্ৰ বুলি পৰিগণিত হ'ব, যি হাস্যকৰ। কোনো কোনো বৌদ্ধ তন্ত্র শাস্ত্রমতে পুৰুষ ইষ্টদেৱৰ পূজক সকল পিতৃতন্ত্র সমর্থক আৰু দেৱীপূজক সকল মাতৃতন্ত্র সাধক। মণ্ডলত মূৰ্ত্তিৰ অৱযবৰ ওপৰত ভিত্তি কৰিও পিতৃতন্ত্র মাতৃতন্ত্র পৃথক কৰা হয়। এজন পাঠকে যিমানে অধিক শাস্ত্ৰৰ পাত লুটিযাব সিমানেই বিভ্রান্ত হ'ব। নিষ্পন্ন কৰ্ম্ম মাতৃ তন্ত্র - বিন্দু আৰু সূক্ষ্ম যোগ পিতৃ তন্ত্ৰ। অনুত্তৰ তন্ত্র অনুসৰি স্কন্ধ, ধাতু আৰু আয়তন (senses) পিতৃ তন্ত্র, আকৌ নাডী নিযন্ত্রণ মাতৃ তন্ত্র। কালচক্র তন্ত্ৰ আৰু য'ত যোগিনী (নাডী) সক্রিয আৰু জ্ঞানসত্ব নিষ্ক্রিয় সেযা মাতৃ তন্ত্র। পিতৃ আৰু মাতৃ য'ত সক্ৰিয হৈ সমন্বয বিচাৰি পাব সেযাই অনুত্তৰ তন্ত্র। উপায ( means) আৰু প্ৰজ্ঞাৰ (insight) সমন্বয় ঘটিলে তত্ত্ব (reality or fundamental truth) অনুভূত হয়। তেতিয়াই মনত মহাসুখ আৰু পৰম জ্ঞান প্রজ্ঞাপৰমিতা, সহজ (co-emerged) ভাবত উদয হ'ব আৰু সেযেই সিদ্ধি অনুত্তৰ তন্ত্ৰৰ
আমি আমাৰ অত্যন্ত সীমিত জ্ঞানবুদ্ধিৰে ইয়াৰ ব্যাখ্যা কৰিব চেষ্টা কৰিম, অসফল বা ভ্রান্তিযুক্ত হলেও লজ্জাকৰ বিশেষ নহ্য কাৰণ আমাৰ আগতেও বহুতে অসফল হৈছে।
অনুত্তৰ তন্ত্র দর্শন নিঃসন্দেহে পৃথিৱীৰ অন্যতম সূক্ষ্ম আৰু যুক্তিপূর্ণ ধৰ্ম্মীয দৰ্শন। ইয়াৰ দৰে ব্যৱহাৰিক জ্ঞান সম্পন্ন আৰু অকাট্য দৰ্শন (অনুত্তৰ) পৃথিৱীত দ্বিতীয় নাই। ইহুদী ধৰ্ম্মৰ পৰা উদ্ভৱ হোৱা ধৰ্ম্মৰ কথাই নাই, ঔপনিষদীয় দর্শন এই দৰ্শনৰ আগত লৰা ধেমালি যেন লাগে। অনুত্তৰ তন্ত্ৰৰ পিতৃতন্ত্ৰৰ সৰ্বোচ্চ স্তৰৰ বৰ্ণনা কৰিছে গুহ্যসমাজ তন্ত্রই যি উৎপত্তি কৰ্ম্ম, নিষ্পন্ন
| pdf |
4bd8f32faff96b3a5d46e792fe89cbc38ae96559 | গুৱাহাটীৰ মালিগাঁৱৰ কামাখ্যা ৰে'ল ষ্টেইশ্যনৰ পৰা আজি ৰাতিপুৱা ৰে'ল সুৰক্ষা বাহিনী এক বৃহৎ পৰিমাণৰ গাঁজা জব্দ কৰিবলৈ সক্ষম হৈছে। ৰে'ল সুৰক্ষা বাহিনীয়ে আগৰতলাৰ পৰা গুৱাহাটী হৈ আগ্ৰালৈ লৈ যোৱাৰ পথত চোৰাংবেপাৰী কেইজনৰ পৰা ১০ বেগ অনা এই গাঁজাখিনি জব্দ কৰে। সুৰক্ষা বাহিনীটোৱে এই সন্দৰ্ভত দুগৰাকী মহিলাকে ধৰি মুঠ পাঁচগৰাকী লোকক আটক কৰিছে। আটক কৰা ব্যক্তি কেইগৰাকীক যুগ ত্ৰিপুৰা, বিক্ৰম ত্ৰিপুৰা, অমিত দেৱ বাৰ্মা, সংগীতা দেৱ বাৰ্মা আৰু সীমা দেৱ বাৰ্মা বুলি চিনাক্ত কৰা হৈছে। | web |
dcf47aed008417141864d9f8e72ee6fc1f416710 | ভাৰত - বাংলাদেশ সীমান্তৰ টিস্তাৰপাৰ ঘিউমাৰী চৰত ১৯ বেটলিয়নৰ সীমান্ত সুৰক্ষা বাহিনীৰ নাগৰিক কাৰ্যক্ৰম অনুষ্ঠিত হয় । ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ টিস্তাৰপাৰ ঘিউমাৰী চৰ বালাডোবাত ১৯ নং বেটলিয়ন সীমান্ত সুৰক্ষা বাহিনীৰ এখন নাগৰিক কাৰ্যক্ৰম অনুষ্ঠিত হয় । অনুষ্ঠানৰ আৰম্ভনিতে সীমান্ত সুৰক্ষা বাহিনীৰ চি ও ৱে অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে ।
উক্ত অনুষ্ঠানত উপস্থিত থাকে কমান্ডেন্ট ১৯ বেটলিয়নৰ সীমান্ত সুৰক্ষা কমান্ডাডিং বিষয়াসহ শীৰ্ষ বিষয়াসকল।এই অনুষ্ঠানত লক্ষ্যাধিক টকাৰ বস্তু সামগ্ৰী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে । স্কুলীয়া ছাত্ৰ -ছাত্ৰী সকলৰ বাবে বহী কলম পেন্ছিলসহ বিভিন্ন সামগ্ৰীৰ লগতে , ফুটবল, ভলিবল সহ বিভিন্ন লাগতিয়াল বস্তুবিতৰণ কৰি আহিছে ।
এইবেলিভোগডৰবালাডোবা,টিস্তাৰপাৰ ঘিউমাৰী অন্চলৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকললৈ আগবাঢ়োৱা উপহাৰ লৈ গাওঁ বাসীয়ে ধন্যবাদ জনায়।এনে ধৰনৰ নাগৰিক কাৰ্যক্ৰম প্ৰতিবছৰে সীমান্ত সুৰক্ষা বাহিনীৰ ফালৰ পৰা কৰা হয় আৰু এইবেলি ইয়াৰো ব্যতিক্ৰম নহয় CIVIC ACTION ,তাক লৈ BSF য়ে এইদৰে কয়।। | web |
3caaf8dfb9bc454310be092a401b5f23d1b8a92b | লংকাঃ হোজাই জোৰা পুখুৰী ইটাগাঁৱত আজি পুৱা চোৰাং গৰু সৰবৰাহৰ সন্দেহত স্থানীয়লোকে AS-02-AC-5803 নম্বৰৰ এখন বলেৰ' পিকআপ ভেনসহ ৮ টাকৈ গৰু জব্দ কৰে। লংকাৰ নঁখুটি ৰৌচগিংৰ পৰা লংকাৰ লস্কৰ পথাৰ দিশে সৰবৰাহ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি লোকসকলে গাড়ীসহ গৰুকেইটা জব্দ কৰি আৰক্ষীক খবৰ দিয়ে।
কোনোধৰণৰ বৈধ নথি অবিহনেই গৰাকীবিহীনভাৱে চোৰাংকৈ সৰবৰাহ কৰি আনিচিল গৰুসমূহ। পৰৰ্ৱতী সময়ত লংকাৰ শংকৰদেৱ নগৰ আৰক্ষী উপস্থিত হৈ গাড়ীসহ জব্দ কৰে গৰুকেইটা। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। | web |
8a6be16ac583111ad3944552d893f5d9 | Home » photogallery » world »New 7 Wonders Foundation: পৃথিৱীৰ সপ্তম আশ্চৰ্যকৰ নিৰ্মাণ, নতুন আপডেটত ভাৰতৰ তাজমহল চামিল আছেনে?
New 7 Wonders Foundation: পৃথিৱীৰ সপ্তম আশ্চৰ্যকৰ নিৰ্মাণ, নতুন আপডেটত ভাৰতৰ তাজমহল চামিল আছেনে?
পৃথিৱীখনত কিছু অনন্য নিৰ্মাণ আছে। এনে ঐতিহাসিক অনন্য নিৰ্মাণসজ্জাক লৈ প্ৰস্তুত কৰা তালিকাত অন্তৰ্ভুক্ত নিৰ্মাণশৈলীক বিশ্বৰ সপ্তম আশ্চৰ্য বুলি কোৱা হয়।
পৃথিৱীৰ সাতটা আশ্চৰ্যৰ ভিতৰত এটা হৈছে তাজমহল (Tajmahal)। ভাৰতৰ আগ্ৰাত নিৰ্মিত এই ভৱনটোত বহুতো বিশেষত্ব আছে, যাৰ বাবে বছৰ বছৰ ধৰি তালিকাত আছে এই নিৰ্মাণ। ১৯৮৩ চনত ইউনেস্কোৰ দ্বাৰা ইয়াক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল।
কলোছিয়াম (Colosseum) ইটালীৰ ৰোমত আছে। ই চিমেণ্ট আৰু বালিৰে নিৰ্মিত। ইয়াক পৃথিৱীৰ সৰ্ববৃহৎ এম্ফিথিয়েটাৰ বুলি কোৱা হয়। ইয়াত একেলগে ৮০,০০০ লোকে বহাৰ ক্ষমতা আছে।
মাচু পিচু (Machu Picchu)) পেৰুত অৱস্থিত। ১৯১১ চনত আমেৰিকান ইতিহাসবিদ হীৰাম বিংহামে শতিকা ধৰি জনসাধাৰণৰ চকুৰ পৰা আঁতৰি থকাৰ পিছত ইয়াক আৱিষ্কাৰ কৰিছিল। ১৯৮৩ চনত ইউনেস্কোৰ দ্বাৰা ইয়াক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল।
ব্ৰাজিলৰ খ্ৰীষ্ট দ্য ৰিডিমাৰ (Christ The Redeemer)কো সাতটা আশ্চৰ্যত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ওজন ৬৩৫ মেট্ৰিক টন। ইয়াৰ নিৰ্মাণ ১৯২২ চনত আৰম্ভ কৰা হৈছিল আৰু ১৯৩১ নিৰ্মাণ সমাপ্ত কৰা হৈছিল।
চিচেন ইটজা (Chichen Itza) মেক্সিকোত অৱস্থিত। ইয়াক মেক্সিকোৰ পৰ্যটকসকলে আটাইতকৈ বেছি ভ্ৰমণ কৰা পুৰাতাত্ত্বিক স্থান বুলি কোৱা হয়। ১৯৮৮ চনত ইউনেস্কোৰ দ্বাৰা ইয়াক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল।
পেট্ৰা (Petra) দক্ষিণ জৰ্ডানত অৱস্থিত। ১৮১২ চনলৈকে কোনেও ইয়াৰ বিষয়ে নাজানিছিল। তাৰ পিছত ই দৃষ্টিগোচৰ হৈছিল। ইউনেস্কোৱে ইয়াক ১৯৮৫ চনত বিশ্ব ঐতিহ্যক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিছিল।
চীনৰ মহান দেৱাল (Great Wall Of China) সাতটা আশ্চৰ্যৰ ভিতৰত আছে। ইয়াক চীনৰ নিৰাপত্তাৰ বাবে নিৰ্মাণ কৰা হৈছিল। ই মুঠ ২১,১৯৬ কিলোমিটাৰ দীঘল। ইয়াক ১৯৮৭ চনত বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.
| web |
9cc7ab22b8bcb15805ace94eda97e94cd2df9ef6 | ২০১৭ চনৰ ছেপ্টেম্বৰত ১১ মাহৰ বাবে 'ফিক্সড' দৰমহাত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত 'ষ্টেট পুল' আঁচনিৰ জৰিয়তে নিযুক্তি দিয়া ১১,৩১৯ গৰাকী শিক্ষকৰ চাকৰিৰ ম্যাদ চৰকাৰে পুনৰ ১১ মাহ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ পিছত এই শিক্ষকসকলে স্বস্তিৰ নিশ্বাস পেলাইছে।
কিন্তু একে সময়তে সৰ্বশিক্ষাৰ জৰিয়তে দুটা পৰ্যায়ত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়া মুঠ ৬,৩৬৯ গৰাকী শিক্ষকৰ চাকৰিৰ ম্যাদ ১১ মাহ উকলি যোৱাৰ পিছতো কোনো চৰকাৰী নিৰ্দেশনা নহাত উক্ত শিক্ষকসকলে অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে।
উল্লেখযোগ্য যে ২০১৭ চনৰ ৩ ছেপ্টেম্বৰত নিম্ন প্ৰাথমিক বিদ্যালয়ত ৫১৭১, উচ্চ প্ৰাথমিকৰ সমাজ বিজ্ঞানত ৭০৯, গণিত আৰু বিজ্ঞান বিষয়ত ১৫৮ গৰাকীকে ধৰি মুঠ ৬০৩৮ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক সৰ্বশিক্ষা আঁচনিৰ জৰিয়তে ১১ মাহৰ বাবে নিযুক্তি দিয়া হৈছিল।
একেদৰে সেই বৰ্ষৰে ৯ ছেপ্টেম্বৰত পুনৰ চৰকাৰে নিম্ন প্ৰাথমিকৰ বাবে ২৭০, উচ্চ প্ৰাথমিকৰ সমাজ বিজ্ঞানত ৫১, গণিত আৰু বিজ্ঞানৰ বাবে ১০ গৰাকীকে ধৰি মুঠ ৩৩১ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ১১ মাহৰ বাবে নিযুক্তি দিছিল।
উক্ত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ চাকৰিৰ ম্যাদ ইতিমধ্যে সমাপ্ত হৈছে। কিন্তু তেওঁলোকৰ চাকৰিৰ ম্যাদ বৃদ্ধিৰ বাবে চৰকাৰে কোনো নিৰ্দেশনা নিদিয়াত শংকাত ভূগিছে এই শিক্ষক-শিক্ষয়িত্ৰীসকল। | web |
f0ad0e5f04c02c187fe939743283508c94b38bb5 | টকিঅ' পেৰালিম্পিক সমিতিয়ে বিকলাঙ্গতা শ্ৰেণীবিভাজন মূল্যায়নত অযোগ্য বুলি ঘোষণা কৰাৰ পিছত সোমবাৰে ভাৰতীয় ডিচকাচ থ্ৰ'য়াৰ বিনোদ কুমাৰে তেওঁৰ ব্ৰঞ্জৰ পদক হেৰুৱায়। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত সেনাৰ লোকজন আঘাতপ্ৰাপ্ত হৈছিল। ৪১ বছৰীয়া বিনোদ কুমাৰে দেওবাৰে পোলেণ্ডৰ পিওট্ৰ কোচেৱিজ (২০. ০২ মিটাৰ) আৰু ক্ৰোৱেছিয়াৰ ভেলিমিৰ চেণ্ডোৰ (১৯. ৯৮ মিটাৰ)ৰ পিছত তৃতীয় স্থান লাভ কৰিবলৈ ১৯. ৯১ মিটাৰ থ্ৰো কৰিবলৈ সক্ষম হয়।
অৱশ্যে, এই ফলাফলকলৈ সুখী হোৱা নাছিল কিছুসংখ্যক প্ৰতিযোগী। ইয়াৰ পিছত ন্যায় বিচাৰি পেৰালিম্পিক সমিতিৰ কাষ চাপে প্ৰতিযোগী সকল। আয়োজকসকলে এক বিবৃতিত কয় - বিনোদ কুমাৰক বিকলাঙ্গ হিচাপে শ্ৰেণীবিভাজন কৰিব পৰা নাযায়।
সেয়েহে খেলুৱৈজন পুৰুষৰ F-52 ডিস্কাছ থ্ৰ' প্ৰতিযোগিতাৰ বাবে অযোগ্য আৰু সেই প্ৰতিযোগিতাত তেওঁৰ ফলাফল বাতিল কৰা হৈছে। F-52 হৈছে ক্ষতিগ্ৰস্ত পেশী শক্তি, চলাচলৰ সীমিত পৰিসৰ, হাত-ভৰিৰ অভাৱ বা ভৰিৰ দৈৰ্ঘ্যৰ পাৰ্থক্য থকা খেলুৱৈসকলৰ বাবেহে, য'ত খেলুৱৈসকলে মেৰুদণ্ডৰ আঘাত, অঙ্গচ্ছেদ, আৰু কাৰ্যকৰী বিকাৰৰ সৈতে বহি থকা স্থিতিত প্ৰতিদ্বন্দিতা কৰে।
পেৰা-এথলীটসকলক তেওঁলোকৰ অক্ষমতাৰ প্ৰকাৰ আৰু পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণীবদ্ধ কৰা হয়। শ্ৰেণীবিভাজন প্ৰণালীয়ে খেলুৱৈসকলক একে ধৰণৰ সামৰ্থ্য থকা খেলুৱৈসকলক প্ৰতিযোগিতা কৰিবলৈ অনুমতি দিয়ে। বিনোদৰ শ্ৰেণীবিভাজন ২২ আগষ্টত কৰা হৈছিল। | web |
ca0fb5eaf9b4c2446d624d5b1b3d0bdd4446b71b | জনসংখ্যা বৃদ্ধিৰ ফলশ্ৰুতিত বৰ্তমান চহৰাঞ্চলত মাটিৰ দাম ব্যাপক হাৰত বৃদ্ধি পাইছে। সাম্প্ৰতিক সময়ত চহৰত মাটি কিনি নিজৰ ঘৰ এখন গঢ়াটো বহুতো পৰিয়ালৰ বাবে অসম্ভৱ যেন হৈ পৰিছে। ভাৰতৰ প্ৰতিখন চহৰতে এতিয়া মাটিৰ বাবে মানুহে হাহাকাৰ কৰিছে।
পিছে আপুনি জানি আচৰিত হ'ব, এখন চহৰত কেৱল জনসংখ্যা বৃদ্ধিৰ বাবেই সাধাৰণ লোকক বিনামূলীয়াকৈ মাটি দিয়াৰ কথা ঘোষণা কৰিবলৈ বাধ্য হৈছে। এই আজৱ ঘটনা সংঘটিত হৈছে অষ্ট্ৰেলিয়াৰ কুইণ্সলেণ্ড প্ৰদেশত। কুইণ্সলেণ্ডৰ কুইলিপি চহৰত বৰ্তমান চৰকাৰে ঘৰ সাঁজিব বিচৰা সকলো লোককে বিনামূলীয়াকৈ মাটি দিয়াৰ কথা ঘোষণা কৰিছে। কুইলপি চহৰৰ বৰ্তমান জনসংখ্যা মাত্ৰ ৮০০। সেয়ে চহৰখনৰ বিভিন্ন বিভাগত খালী হৈ থকা পদসমূহত চাকৰি কৰা মানুহ বিচাৰি চৰকাৰে হাহাকাৰ কৰিব লগা হৈছে। চিটি কাউণ্সিলে ইতিমধ্যে ঘোষণা কৰিছে চহৰখনৰ বিভিন্ন বিভাগত চাকৰি কৰিবলৈ অহা লোকক প্ৰদান কৰা হ'ব বিনামূলীয়া মাটি। অৰ্থাৎ আপুনি, মই আজি ভাৰতত চাকৰি আৰু এটা নিগাজী ঘৰৰ বাবে দিনে-নিশাই আশা পালি থকাৰ সময়ত অষ্ট্ৰেলিয়া চৰকাৰে চাকৰি আৰু নিগাজী ঘৰ প্ৰদান কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছে।
ইতিমধ্যে বিনামূলীয়া মাটি আৰু চাকৰিৰ বাবে নিউজিলেণ্ড, ভাৰত আৰু চীনৰ বহু প্ৰাৰ্থীয়ে অষ্ট্ৰেলিয়া চৰকাৰৰ সৈতে যোগাযোগ কৰিছে। পিছে বিনামূলীয়া চাকৰি আৰু মাটি লাভৰ ক্ষেত্ৰত চৰকাৰে প্ৰযোজ্য কৰিছে এটা চৰ্ত। সেই চৰ্তটো পূৰণ কৰিলেহে অষ্ট্ৰেলিয়া চৰকাৰৰ এই বাম্পাৰ অফাৰ আপুনি গ্ৰহণ কৰিব পাৰিব। সেই চৰ্তটো হৈছে কুইলিপি চহৰত মাটি আৰু চাকৰি পাবলৈ অষ্ট্ৰেলিয়াৰ নাগৰিক হোৱাটো বাধ্যতামূলক।
- First Published : | web |
388bcb2e62b85b19c39b7b01006e0270ac5a1b3c | নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬' গৃহীত হ'লে অগপই চৰকাৰৰ সৈতে মিত্ৰতা ভংগ কৰিব। অসম গণ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত দেওবাৰে দলৰ জিলা কৰ্যালয়ত অনুষ্ঠিত এখন সাংগঠনিক সভাত অংশগ্ৰহণৰ বাবে যোৱা অগপৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
অসম তথা অসমীয়াৰ স্বাৰ্থত প্ৰয়োজনত হিন্দু বাংলাদেশী সংস্থাপনৰ বিষয়টোত অগপই কেবিনেটত বিৰোধিতা কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
অসম চুক্তিৰ আধাৰত গঠিত হোৱা অগপ দলে অসম চুক্তিক অৱমাননা কৰা যিকোনো সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিব বুলিও মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।
আনহাতে, দেওবাৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সদৌ নলবাৰী জিলা জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ উদ্যোগত নলবাৰীৰ হৰি মন্দিৰত অনুষ্ঠিত পৰিষদৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতো অংশ লয়।
জাতীয় শ্বহীদ পৰিয়ালৰ সদস্য সকলৰ উপস্থিতিত পৰিষদৰ সভাপতি ৰাজেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা হয়। উক্ত সভাতে ডেকাই কয় যে কোনো কাৰণতে বিধেয়কখন মানি লোৱা নহয় আৰু বিধেয়কখন আইনত পৰিণত হ'লে অসমৰ ৮৫৫ টা শ্বহীদ পৰিয়ালে চৰকাৰে দিয়া পাঁচ লাখ টকা আৰু জাতীয় শ্বহীদৰ সন্মান ঘুৰাই দিব বুলি তেওঁ ব্যক্ত কৰে। | web |
18b648cf7ae4e3c2f1386401df9c84d6d31314b1 | সফলতা আৰু বিফলতা এখন চৰকাৰৰ দুটা অভিন্ন অংগ। জনসাধাৰণক বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদানেৰে শাসনৰ বাঘজৰি হাতত লোৱা এখন চৰকাৰে নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ লগতে সৰ্বস্তৰৰ ৰাইজৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যখনৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে কাম কৰিব পাৰিলেই সেই চৰকাৰখনক সফল বুলি ক'ব পাৰি।
প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে শাসনলৈ অহা এখন চৰকাৰে পৰৱৰ্তী সময়ত জনসাধাৰণৰ দুখ, দুৰ্গতি পাহৰি চৈৰাচাৰি হৈ উঠিলেই জনসাধাৰণৰ সকলো আশা, আকাংক্ষা নিৰ্বাপিত হয়। ৰাজ্যৰ ভৱিষ্যতো অন্ধকাৰৰ দিশে গতি কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ২০২২ বৰ্ষটোত গ্ৰহণ কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কিছুমান কাম, কাজৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ চৰকাৰখনে কাললৈ খ্যাতি ৰাখি থৈ যাবলৈ সক্ষম হ'ল। ঠিক একেদৰে কিছুমান কামকাজৰ জৰিয়তে কাললৈ ৰাখি থৈ গ'ল দুৰ্নাম।
২০২২ বৰ্ষটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কিমান সফল অথবা কিমান বিফল সেই বিষয়ে ইয়াত আলোচনা কৰিবলৈ বিচৰা নাই। এই চৰকাৰখনৰ কেতবোৰ চৰ্চিত বিষয়, চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ আৰু তাৰ পাৰ্শ্বক্ৰিয়াৰ সন্দৰ্ভতহে কিছু বিষয় তুলি ধৰাৰ চেষ্টা। কিয়নো এতিয়া পোৱা, নোপোৱাৰ হিচাপ কৰাৰ সময়। পিছলৈ এবাৰ উভতি চোৱাৰ সময়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ কথা অসমৰ সীমা অতিক্ৰম কৰি বিশ্বলৈ লৈ যোৱাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা নিশ্চিত ভাৱে ২০২২ বৰ্ষৰ এক গুৰুত্বপূৰ্ণ বিষয়। মোগলক পৰাস্ত কৰি অসমীয়াৰ বীৰত্বৰ খ্যাতি যুগ যুগান্তৰলৈ ৰাখি যোৱা লাচিতৰ বীৰত্বৰ কাহিনী এতিয়াও দেশৰ মূল ভূখণ্ডৰ লোকসকলে নাজানে।
প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে দিল্লীত লাচিত দিৱস কাৰ্যসূচী অনুষ্ঠিত কৰি লাচিতৰ বীৰত্বক প্ৰচাৰ আৰু প্ৰসাৰত যি গুৰুত্ব প্ৰদান দিলে সেয়া অসমৰ সমাজ জীৱনৰ বাবেই অতি গুৰুত্বপূৰ্ণ। ডেৰশবছৰীয়া জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি দিল্লীত অসমৰ সমাজ, সংস্কৃতি, পৰম্পৰা, ঐতিহ্যসকলো তুলি ধৰাৰ যি প্ৰয়াস, সেই প্ৰয়াসেও বহিঃৰাজ্যৰ লোকসকলক অসমৰ বিষয়ে জনাত, বুজাত কিছু সহায় কৰিলে।
প্ৰথমবাৰৰ বাবে সকলো শিক্ষক, ছাত্ৰ-ছাত্ৰী তথা চৰকাৰী কৰ্মচাৰীয়ে লাচিতৰ বিষয়ে ৰচনা লিখিও লাচিতক নতুনকৈ বুজাৰ, জনাৰ এক সুযোগ প্ৰদান কৰিলে। অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বহু কেইজন কেন্দ্ৰীয় মন্ত্ৰীয়েও অংশগ্ৰহণ কৰিলে।
বৰ অসম বিভাজন হৈ ৭ ভনীলৈ পৰিণত হয়। এই সাতোভনীৰ মাজত প্ৰায়ে সীমাক কেন্দ্ৰ কৰি সৃষ্টি হৈ আহিছে সংঘাত। চুবুৰীয়া, নাগালেণ্ড, মেঘালয়, মিজুৰাম, অৰুণাচল প্ৰদেশ আদিৰ সৈতে অসমৰ সীমা সমস্যা দীৰ্ঘদিনীয়া।
চুবুৰীয়া ৰাজ্য কেইখনে অসমৰ ভূমি দখল কৰাৰ লগত অত্যাধিক আগ্ৰাসনৰ জৰিয়তে অসমৰ সীমান্তৰ শান্তি বিঘ্নিত কৰি আহিছে। এনে সীমা সমস্যাক কেন্দ্ৰ কৰি মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচলৰ সৈতে ইতিমধ্য ৰক্তক্ষয়ী সংঘাতৰ সৃষ্টি হৈছে।
এই সীমা সমস্যা দূৰ কৰাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ মধ্যস্থতাত আলোচনাৰ মাধ্যমেৰে ব্যৱস্থা গ্ৰহণৰ এক প্ৰচেষ্টা আৰম্ভ হৈছে। ইতমধ্যে অসম আৰু মেঘালয়ৰ সীমা সমস্যাৰ এটা অংশৰ বিবাদ দূৰ কৰাৰ কথাও প্ৰকাশ পাইছে।
ইতিমধ্যে অসম আৰু মেঘালয়ৰ মাজত ১২ টা বিবাদিত স্থানৰ ভিতৰত ৬ টা স্থানৰ বিবাদ নিষ্পত্তি কৰা হৈছে। বাকী আছে আন ৬ টা বিবাদিত অঞ্চল। অৱশ্যে অসম আৰু মেঘালয় চৰকাৰৰ যোগাত্মক এনে প্ৰচেষ্টাৰ মাজতো অসম, মেঘালয় সীমান্তত শেষ হোৱা নাই সংঘাত।
মেঘালয়ৰ একাংশ দুৰ্বিত্তই এতিয়াও অসমৰ বকো, লাম্পি, হাহিম আদিকে ধৰি বিভিন্ন অঞ্চলত সৃষ্টি কৰি আহিছে সন্ত্ৰাস। সমান্তৰালকৈ লাচিত দিৱসৰ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰৰ সকলো মন্ত্ৰী, বিধায়ক, প্ৰশাসনৰ শীৰ্ষ বিষয়া দিল্লীত ব্যস্ত থকাৰ মাজতে মুক্ৰত মেঘালয়ৰ দুৰ্বৃত্তই অসম সৃষ্টি কৰা তাণ্ডৱৰ ফলত মুঠ ৬ জনকৈ লোকে প্ৰাণ হেৰুৱালে।
অসমৰ ১ জন বনৰক্ষীৰ লগতে মেঘালয়ৰ ৫ জন লোকে এই ঘটনাত প্ৰাণ হেৰুৱালে। ইয়াৰ পাৰ্শ্বক্ৰিয়া হিচাপে শ্বিলঙত অসমৰ বাহন জ্বলাই দিয়াৰ দৰে ঘটনাও সংঘটিত হল। কূটনৈটিক ভাৱে এই সংঘাতত অসম চৰকাৰ পৰাস্ত হোৱা বিষয়টোৱে আজিও বিতৰ্কৰ সৃষ্টি কৰি আহিছে।
২০২২ ত সংঘটিত হোৱা এই ঘটনাই সীমা সমস্যাৰ ভয়াৱহ ৰূপটো পুনৰবাৰ উদঙাই দিছে। অনুৰূপ ধৰণে, অৰুণাচল, নাগালেণ্ডেও অসমৰ ভূমিত ধাৰাবাহিক আগ্ৰাসন চলাই আহিছে। ফলত সীমন্তৰ ৰাইজৰ সুৰক্ষাৰ প্ৰতিও ভাবুকি সৃষ্টি হৈছে।
হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল ৰাজ্যৰ আৰক্ষী পৰিদৰ্শক, উপ-পৰিদৰ্শক সকলৰ সৈতে বৈঠক। এই বৈঠকতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই একাউণ্টাৰ আৰক্ষীৰ এটা ষ্টাইল হব লাগে বুলিও মন্তব্য কৰিছিল। আৰু তাৰ পিছতে ৰাজ্যত আৰম্ভ হৈছিল ধাৰাবাহিক এনকাউণ্টৰ।
২০২১ ত শাসনলৈ অহাৰ পিছৰ পৰাই ধাৰাবাহিক ভাৱে চলি অহা এনকাউণ্টাৰৰ প্ৰকোপ ২০২২ তো হ্ৰাস নাপালে। বিৰোধী ৰাজনৈতিক দলসমূহে এই এনকাউণ্টাৰৰ বিৰুদ্ধে মাত মতাৰ সমান্তৰালকৈ সামাজিক মাধ্যমতো এনকাউণ্টাৰৰ সপক্ষে আৰু বিপক্ষে চলিল বিভিন্ন যুক্তি।
তাৰ মাজতেই ঘটিল অঘটন। নগাঁৱত ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ। ২০২২ ৰ জানুৱাৰীৰ ২২ তাৰিখে সন্ধিয়াৰ ভাগত সংঘটিত হোৱা এই এনকাউণ্টাৰৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হ'ল প্ৰতিবাদ। সকলোৱে একেমুখে দাবী কৰিলে এই এনকাউণ্টাৰ ভুৱা।
এনে প্ৰতিবাদৰ মাজতে এই এনকাউণ্টাৰৰ বিৰুদ্ধে ৰাজ্যচৰকাৰে গঠন কৰিলে পৱন কুমাৰ বৰঠাকুৰৰ এজনীয়া কমিটীৰ তদন্ত আয়োগ। এই আয়োগৰ তদন্তৰ অন্তত পোহৰলৈ আহিল, ভুৱা আছিল কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ।
অনুৰূপ ঘটনা সংঘটিত হল শিৱসাগৰৰ সুৰজ গগৈৰ লগত। আলফাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহাৰ অভিযোগত আৰক্ষীয়ে প্ৰথমে আটক কৰি পৰৱৰ্তী সময়ত আৰক্ষীৰ বেহু ভেদ কৰি পলাবলৈ চেষ্টা কৰাৰ বাবে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হৈছিল সুৰজ গগৈ।
দীৰ্ঘদিন হস্পিতালত জীৱন, মৃত্যুৰে যুঁজ দি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে সুৰজ গগৈয়ে। পৰৱৰ্তী সময়ত সেই সুৰজ গগৈৰ পত্নীকেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰ্থিক ক্ষতিপূৰণ আদায় দিয়াৰ লগতে এটা চাকৰিও প্ৰদানৰ আশ্বাস প্ৰদান কৰে।
এই দুই এনকাউণ্টাৰৰ লগতে ৰাজ্যত আন বহু কেইটা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হল। পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে, ন্যায়ালয়ৰ মহামান্য ন্যায়াধীক্ষে আৰক্ষীৰ বাহনত চি চি কেমেৰা লগাবলৈ পৰামৰ্শ দিবলৈ বাধ্য হৈ পৰিল।
সমান্তৰালকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হল ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন। এই আৱেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যচৰকাৰৰ পৰা এনকাউণ্টাৰৰ বিষয়ত বিচাৰে শপতনামা। আৰু এই শপতনামাত উল্লেখ কৰা অনুসৰি ৰাজ্যত ২০২১ চনৰ মে মাহৰ পৰা ২০২২ চনৰ আগষ্টলৈ অসমত ১৭১টা এনকাউণ্টাৰ সংঘটিত হৈছে।
ইয়াৰ ভিতৰত ৫৬ জন অভিযুক্ত নিহত হোৱাৰ লগতে আহত হৈছে ১৪৫ গৰাকী অভিযুক্ত। আনহাতে ডিচেম্বৰ মাহলৈ এনকাউণ্টাৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৫৮ জনলৈ।
এই পৰ্যন্ত এনে এনেকাউণ্টাৰৰ বিৰুদ্ধে ১৭ টাকৈ গোচৰ ৰুজু হৈছে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত। উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰে দাখিল কৰা এই তথ্যৰ বিপৰীতে অসম বিধানসভাৰ শীতকালীন অধিৱেশনত এক প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰাকাৰৰ গৃহ বিভাগৰ পৰা কোৱা হৈছে বিগত সময়ত ৰাজ্যত এটাও এনকাউণ্টাৰ সংঘটিত হোৱা নাই।
একেদৰে ধিঙৰ ছফিকুল ইছলামৰ মৃত্যুক কেন্দ্ৰ কৰি বটদ্ৰৱা আৰক্ষী থানাত যি লংকাকাণ্ড সংঘটিত হল সেই লংকাকাণ্ডই গৃহ বিভাগৰ ব্যৰ্থতাৰ আন এক দিশ উন্মোচন কৰিলে। আৰক্ষীৰ এটা ভুলৰ বাবে পৰৱৰ্তী সময়ত সংঘটিক হোৱা থানা জ্বলোৱা কাণ্ডৰ সৈতে ড্ৰাগছ মাফিয়াও জড়িত হৈ পৰাৰ সুযোগ গ্ৰহণ কৰিলে।
থানা জ্বলোৱাৰ আঁৰত কা ড্ৰাগছ মাফিয়া তথা আন অপৰাধীয়ে অপৰাধ সংঘটিত কৰাৰ প্ৰমাণ ধ্বংসৰ বাবে থানা জ্বলাই দিয়া কাৰ্য গৃহ বিভাগ ব্যৰ্থ হোৱাৰ আন এক উদাহৰণ।
যোৱা এটা বছৰত ৰাজ্যত যিদৰে অপৰাধ নিয়ন্ত্ৰণৰ নামত এনকাউণ্টাৰৰ সংখ্যা বৃদ্ধি পালে ঠিক তেনেদৰে বৃদ্ধি পালে হত্যা, হিংসা, চোৰ, ডকাইত, প্ৰৱঞ্চনা আদিৰ দৰে ঘটনা। চৌদিশে আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটী মহানগৰীতে সংঘটিত হ'ল তেনে বহু হত্যাকাণ্ড।
দিনৰ পোহৰতে গুলীয়াই হত্যা কৰা হল কেইবাজনক। পিষ্টল দেখুৱাই লুটি নিয়া হল ধন, অলংকাৰ আদি। একেদৰে গুৱাহাটীৰ বাহিৰত ৰাজ্যৰ আন আন প্ৰান্ততো সংঘটিত হল ৰাজ্য কপাই যোৱা হত্যাকাণ্ড।
তেনে এক হত্যাকাণ্ড ধূলা আৰক্ষী থানাৰ অন্তৰ্গত আৰতী তুৰীৰ হত্যাকাণ্ড। দৰং আৰক্ষীৰ ভিতৰৰ জঘণ্য স্বৰূপ উদঙাই দিয়া এই হত্যাকাণ্ডই টকাৰ ওচৰত কিদৰে মানৱতা ভূলণ্ঠিত হয় সেই কথাক পুনৰবাৰ প্ৰমাণ কৰিলে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত পৰৱৰ্তী সময়ত আৰতী তুৰীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক গাপ দিবলৈ চেষ্টা কৰা দৰঙৰ আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, কাৰ্যবাহী দণ্ডাধীশ, চিকিতসক সকলোৰে বিৰুদ্ধে গ্ৰহণ কৰা হয় শাস্তি মূলক ব্যৱস্থা।
বছৰৰ প্ৰায় শেষত অসম জাতীয় পৰিষদে সংবাদ মেলৰ জৰিয়তে ৰাজ্যত সংঘটিত কয়লাৰ অবৈধ খনন আৰু সৰবৰাহৰ ছিণ্ডিকেটৰ সবিশেষ তথ্য ৰাজহুৱা কৰাৰ ঘটনায়ো ৰাজ্যৰ প্ৰশাসনৰ দুৰ্বল স্বৰূপটোৰ উন্মোচিত কৰিলে।
দিহিং পাটকাইৰ লগতে ৰাজ্যৰ কেইবাটাও স্থানত নিষেধাাজ্ঞা থকাৰ পিছতো ধাৰাবাহিক ভাৱে দিনে নিশাই কয়লাৰ অবৈধ খনন আৰু সৰবৰাহৰ জৰিয়তে দৈনিক কোটি কোটি টকাৰ ৰাজহ ফাঁকিৰ ঘটনাৰ সবিশেষ তথ্য প্ৰমাণসহ পোহৰলৈ অহাৰ পিছতো অৱশ্যে এই পৰ্যন্ত প্ৰশাসনে, গৃহ বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।
২০২২ বৰ্ষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বহু কেইখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ল। গান্ধী মণ্ডপৰ পৰা আৰম্ভ কৰি যোৰহাট, তেজপুৰ, শিলচৰ, বঙাইগাওঁকে ধৰি কেইবাখনো জিলাত কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকতে গ্ৰহণ কৰিলে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
অৱশ্যে কেবিনেটৰ সিদ্ধান্ত আৰু তাৰ কাৰ্যকৰীকৰণৰ ওপৰত আছে আকাশ পাতাল প্ৰাৰ্থক্য। আনহাতে জিলাই জিলাই কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবেও বিভিন্ন সময়ত সমালোচিত হৈ আহিছে অসম চৰকাৰ।
কেবিনেট বৈঠকৰ নামত লাখ লাখ টকা অপচয় কৰা বুলিও অভিযোগ উঠিছে। তাৰ মাজতে যোগাত্মক কথা এয়াই যে কেবিনেট বৈঠক নিৰ্দিষ্ট এখন জিলাত অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিততে সেই জিলাৰ কিছু উন্নয়ন সম্ভৱ হৈ পৰিছে।
এক তথ্য অনুসৰি এই পৰ্যন্ত প্ৰায় ৯০০ ৰো অধিক কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিলে যদিও এই সিদ্ধান্তৰ কাৰ্যকৰী কৰা হৈছে মাত্ৰ ৩০০ হে। ইয়াৰ পৰাই বুজিব পাৰি ৰাজ্য চৰকাৰে মহা ধুমধামেৰে অনুষ্ঠিত কৰা কেবিনেট বৈঠকে প্ৰকৃততে কি সুফল দিছে।
২৯ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে বিকাশৰ এটা পষেক কাৰ্যসূচী হাতত লয়। সেই অনুসৰি ৫ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১১ খন জিলাত এই কাৰ্যসূচী হাতত লোৱা হয়। বিকাশৰ এটা পষেকৰ কাৰ্যসূচী অনুসৰি মুঠ ১৫ হাজাৰ কোটি টকাৰ প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে শিলান্যাস সম্পূৰ্ণ কৰা হৈছে।
বিকাশৰ এটা পষেকৰ জৰিয়তে প্ৰথম পৰ্যায়ৰ নিৰ্ধাৰিত ১১ খন জিলাত সংহত জিলা উপায়ুক্ত কাৰ্যালয় নিৰ্মাণৰ সিদ্ধান্ত ঐতিহাসিক হিচাপে বিবেবিচ হৈছে। চৰকৰৰ প্ৰতিটো বিভাগৰ জিলা কাৰ্যালয় উপায়ুক্ত কাৰ্যালয়ৰ সৈতে সংযুক্ত কৰাৰ ফলত সৰ্বসাধাৰণৰ বাবে ই হৈ পৰিব আশীৰ্বাদ স্বৰূপ।
কিয়নো এটা বিভাগৰ কাৰ্যালয়ৰ পৰা আন এটা বিভাগৰ কাৰ্যালয় বিচাৰি বিচাৰি দৌৰি ফুৰিবলগীয়া হোৱা সাধাৰণ জনতাই চৰকাৰী কাম বুলিলেই হুমুনিয়াহ কাঢ়িবলৈ ধৰিছে। সংহত উপায়ুক্ত কাৰ্যালয়ত সকলো বিভাগৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ ফলত এই অসুবিধা দূৰ হোৱাৰ লগতে এটা বিভাগৰ আন এটা বিভাগৰ সৈতে সমন্বয় স্থাপনতো সুবিধা হ'ব।
উল্লেখ্য যে, বিকাশৰ বাবে এটা পষেকৰ কাৰ্যসূচীয়ে যিসমূহ প্ৰকল্প সামৰি লৈছেত তাৰ ভিতৰত আছে আৰু মেডিকেল কলেজ, অসম মালাৰ অধীনত ডাঙৰ পথ, ফ্লাই অ'ভাৰ নিৰ্মাণ, ষ্টেডিয়াম আদি। মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ ভাষ্য অনুসৰি এই প্ৰকল্পসমূহ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে সম্পূৰ্ণ হৈ উঠিব।
ইতিমধ্যে অসম চৰাকৰে অৰুণোদয় ২.০ আৰম্ভ কৰিছে। ১৫ হাজাৰ কোটি টকাৰ প্ৰকল্পৰে বিকাশৰ বাবে এটা পষেক কাৰ্যসূচী ৰূপায়ণ কৰিছে। অথচ সেই একেখন চৰকাৰেই বহন কৰি আছে ১ লাখ ৩০ হাজাৰ কোটিৰ ঋণৰ বুজা।
আনহাতে যোৱা এটা বছৰত লোৱা ঋণৰ পৰিমাণ হ'ল ১৮ হজাৰ কোটি টকা। তাৰ পিছতো ৰাজ্য চৰকাৰে প্ৰায় প্ৰতিখন কেবিনেট বৈঠকতে হিতাধিকাৰী সৃষ্টিৰ ওপৰতেই গুৰুত্ব দি আছে।
যোৱা নৱেম্বৰ মাহত অসম চৰকাৰে মাত্ৰ ১৫ দিনত ল'লে ১৬০০ কোটি টকাৰ ঋণ। এইদৰেই অসম চৰকাৰে এতিয়া ঋণৰ ওপৰত ঋণ গ্ৰহণ কৰি আৰ্থিক নাটনি দূৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
এটাৰ পিছত আন এটাকৈ নতুন নতুন কৰ সৃষ্টিৰ লগতে কৰৰ পৰিমাণ বৃদ্ধি কৰাৰ উপৰিও ৰাজহ সংগ্ৰহৰ বাবেই ৰাজ্য চৰকাৰে সুৰাৰ অবাধ প্ৰচলনত অধিক গুৰুত্ব প্ৰদান কৰিছে। সুৰাৰ জৰিয়তেই বছৰত ৩ হাজাৰ কোটিৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য লৈছে।
এনে এক পৰিস্থিতিৰ পিছতো ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিত নতুনকৈ ১০,৫৭,৫১৬ গৰাকী নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিছে। এতিয়া মুঠ 'অৰুণোদয়' হিতাধিকাৰী হ'বগৈ ২৭,৭৭,০০০ গৰাকী।অহা বছৰত আৰু ৯ লাখ হিতাধিকাৰী সৃষ্টি কৰি মুঠ হিতাধিকাৰীৰ সংখ্যা ৩৫ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য চৰকাৰৰ।
অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া কাকত প্ৰত্যাহাৰ, অসমীয়া মাধ্যমৰ বিদ্যালয় একত্ৰিকৰণৰ নামত বন্ধ কৰা, ইংৰাজী মাধ্যমলৈ বৰপীৰা পাৰি দিয়া, চৰকাৰী পৃষ্ঠপোষকতাত ইংৰাজী মাধ্যম আদিৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰে। প্ৰথমে অসম লোকসেৱা আয়োগত পূৰ্বে বাধ্যমতামূলক ভাৱে থকা অসমীয়া কাকতখন প্ৰত্যাহাৰ কৰি অসমীয়া ভাষাৰ সম্যক জ্ঞান নথকাক অসম লোকসেৱা আয়োগৰ চাকৰি প্ৰাপ্তিৰ বাট মুকলি কৰিদিলে অসম চৰকাৰে।
ইয়াৰ পিছত বিদ্যালয় একত্ৰিকৰণৰ নামত বহু ঐতিহ্যমণ্ডিত বিদ্যালয় বন্ধ কৰিলে ৰাজ্যৰ শিক্ষা বিভাগে। অনুৰূপ ধৰেণে প্ৰাথমিক বিদ্যালয়ৰ ৮ হাজাৰ শিক্ষকৰ পদ বিলুপ্তিকৰণ কৰিলে। নিশ্চিত ভাৱে ই অসমীয়া মাধ্যমৰ শিক্ষাৰ বাবে দুৰ্ভাগ্যজনক।
আনহাতে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগ কৰিবলৈ আগবঢ়া অসমৰ শিক্ষা বিভাগে শিক্ষানীতিৰ আধাৰতে মাতৃভাষাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে প্ৰথামিক পৰ্যায়ৰ পৰাই গণিত আৰু বিজ্ঞানৰ শিক্ষা ইংৰাজীত বাধ্যতামূলক কৰা কাৰ্যও অসমীয়া ভাষাৰ বাবে ক্ষতিকাৰক । একেদৰে চৰকাৰৰ পৃষ্ঠপোষকতাত সমষ্টিয়ে সমষ্টিয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনো অসমীয়া ভাষাৰ বাবে হৈ পৰিব বিপদজনক।
অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত যোগাত্মক খবৰ এয়াই যে ৰাজ্য চৰকাৰে ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি এই পৰ্যন্ত সফল নহ'ল যদিও যিখিনি নিযুক্তি প্ৰদান কৰিলে তাৰ মাজত শিক্ষা বিভাগতেই সৰ্বাধিক নিযুক্তি সম্পন্ন হৈ গ'ল।
বছৰৰ শেষ পৰ্যায়ত উপনীত হোৱাৰ সময়তে চিৰিয়াখানাৰ সন্মুখত আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ল বৰ্ষীয়ান বুদ্ধিজীৱি হীৰেন গোহাঁই। চিৰিয়াখানা সুৰক্ষা সমিতিৰ উদ্যোগত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভোদ উদ্যানৰ পৰা গুজৰাটৰ জাম নগৰত আম্বানিয়ে নিৰ্মাণ কৰি থকা চিৰিয়াখানালৈ বিভিন্ন জন্তু সৰবৰাহ কৰি অহাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে।
বছৰটোৰ মাজভাগৰ পৰা বৰ্তমানলৈকে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আম্বানিৰ চিৰিয়াখানালৈ গঁড়, পেন্থাৰ, হৰিণা, বান্দৰ আদি প্ৰেৰণ কৰা হৈছে। যি কথাই অসমৰ প্ৰকৃতি প্ৰেমীক ক্ষুন্ন কৰি তুলিছে।
২০২২ ত অহা প্ৰলয়নকাৰী বানেও ২০২২ ক মনত ৰাখিবলৈ বাধ্য কৰিব। প্ৰকৃতিয়ে নিজস্ব ৰূপত সজাই পৰাই তোলা হাফলঙক মানুহে বিজ্ঞানৰ জৰিয়তে নতুনকৈ সজোৱাৰ চেষ্টা কৰাৰ বাবেই হয়তো প্ৰকৃতিৰ ৰোষত পৰিল হাফলং।
যাৰ বাবে বান, ভূমিস্খলন, ডাৱৰ বিস্ফোৰণে হাফলঙক ধ্বংসস্তূপলৈ পৰিণত কৰিলে। একেদৰে বৰাক উপত্যকাতো চলালে ধ্বংসলীলা। উজনিৰ পৰা নামনিলৈ প্ৰায় প্ৰতিখন জিলাতেই হোৱা বানত ক্ষতিগ্ৰস্ত হ'ল লাখ লাখ লোক।
অৱশ্যে ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্তসকলক তৎকালীন ভাৱে ক্ষতিপূৰণ দিয়াৰ যি ব্যৱস্থা কৰিলে সেয়া নিশ্চয় চৰকাৰখনৰ এক যোগাত্মক পদক্ষেপ।
বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়াৰ ঘটনাৰ পিছতে অসমত উত্তৰ প্ৰদেশৰ আৰ্হিত অভিযুক্তৰ ঘৰ ভাঙি পেলোৱাৰ এক পৰম্পৰাৰ সূচনা হ'ল। যি পৰম্পৰাক কেন্দ্ৰ কৰি বিতৰ্ক চলি আছে।
আনকি উচ্চ ন্যায়ালয়েও অভিযুক্তৰ ঘৰ ভাঙি পেলোৱাৰ বিষয়টোক সহজ ভাৱে লোৱা নাই। বটদ্ৰৱাৰ পিছতে তিনিচুকীয়াত আৰু ইয়াৰ পৰৱৰ্তী সময়ত বিভিন্ন স্থানত মাদ্ৰাছাৰ ওপৰত বুলড'জাৰ চলোৱা কাৰ্যক সহজভাৱে লোৱা নাই ৰাজ্যৰ সৰ্বস্তৰৰ জনতাই। অসমত নতুনকৈ গা কৰি উঠা এই পৰম্পৰাৰ বাবেই ২০২২ ক মনত ৰাখিব ৰাজ্যবাসীয়ে।
এইদৰেই অসম চৰকাৰে ২০২২ বৰ্ষটো পাৰ কৰিলে।আৰম্ভণিৰ পৰা শেষলৈ বিতৰ্ক। তাৰ মাজতে কিছু যোগাত্মক চিন্তাৰে ধনাত্মক কাৰ্যকলাপ। বিতৰ্ক আৰু চৰ্চিত বিষয়বোৰৰ মাজত অধিকাংশই আইন, শৃংখলা জনিত আৰু ভাষা, শিক্ষাৰ লগত জড়িত। গতিকে বিগত সময়ৰ ভুলৰ পৰাই শিক্ষা লৈ আগন্তুক সময়ৰ বাবে কাৰ্যপন্থা ল'ব লাগিব অসম চৰকাৰে। নতুন বছৰত সেয়াই হওক।
| web |
c4c2c4822c640e00fb4767350967a15449f108dc | এশিঙীয়া গঁড়ৰ বাবে বিশ্বখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকক আকৰ্ষিত কৰিবলৈ নতুন উদ্যোগ গ্ৰহণ কৰিছে চৰকাৰে । সেই অনুসৰি কাজিৰঙা ভ্ৰমণ কৰা দেশী-বিদেশী পৰ্যটকসকলে যাতে বিশাল লুইতৰ জলৰাশিৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে তাৰ বাবে অচিৰেই ৰাষ্ট্ৰীয় উদ্যানখনত আৰম্ভ কৰা হ'ব নদী ছাফাৰী।
'দ্য আছাম ত্ৰিবিউন' নামৰ কাকতখনত প্ৰকাশিত এক প্ৰতিবেদন মতে ইতিমধ্যে এই সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে পৰিবহণ বিভাগলৈ এক পত্ৰ প্ৰেৰণ কৰি বন বিভাগৰ সৈতে ব্ৰক্ষ্মপুত্ৰত এক যুটীয়া জৰীপ চলাবলৈ আহ্বান জনাইছে।
উল্লেখযোগ্য যে ভাৰতৰ আম্ভ্যন্তৰীণ জল পৰিবহণ কৰ্তৃপক্ষই অসম চৰকাৰক বিষয়টো প্ৰাথমিকতাৰ সৈতে সম্পন্ন কৰিবলৈ আহ্বান জনোৱাৰ পাছতে ৰাজ্য চৰকাৰখনে এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে গুৱাহাটীত শেহতীয়াভাৱে সম্পন্ন এক ৰোড শ্ব'ত কেইবাটাও সংস্থাই বিষয়টো উত্থাপন কৰি কাজিৰঙাত নৌকা বিহাৰৰ বাবে কোনো ঘাট নথকাটো উল্লেখ কৰিছিল।
সেয়েহে ভাৰতৰ আম্ভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধ্যক্ষ গৰাকীয়ে অসম চৰকাৰক বিষয়টো প্ৰাথমিকতাৰে সম্পন্ন কৰিবলৈ আহ্বান জনাই বন আৰু পৰ্যটন বিভাগৰ যাৱতীয়া অনুমোদন ল'বলৈ আহ্বান জনাইছিল।
এই সন্দৰ্ভত আম্ভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক বিবি দেৱ চৌধুৰীয়ে কয় যে চৰকাৰে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ইতিমধ্যে প্ৰস্তাৱ লাভ কৰিছে। আনহাতে আম্ভ্যন্তৰীণ জল পৰিবহণ বিভাগেও দুখন নৌকা নিৰ্মাণ কৰি আছে।
যদিহে উক্ত পৰিকল্পনা বাস্তৱায়িত হয় তেন্তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনৰ বিকাশৰ বাবে ই হ'ব আন এক মাইলৰ খুঁটি। লগতে ইয়ে স্থানীয় নিৱনুৱা সকলক সংস্থাপনৰ বাট মুকলি কৰি দিব বুলি প্ৰকাশ কৰে সঞ্চালক গৰাকীয়ে। | web |
ccf49e907d9bcf98d72ae61323824e34344f4ccbabb08f0dacd4f6a7af10f50e | সাপ্তাহিক নীলাচল, ৩০৬ সংখ্যা : ৪ ডিচেম্বৰ, ১৯৭৪ চন
বিদেশী ষড়যন্ত্ৰ আৰু উত্তৰ-পূব ভাৰত
"আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহত্তৰ স্বাৰ্থত পৃথিৱীৰ যিকোনো দেশতে গোপন কার্যকলাপ চলাবলৈ আমেৰিকাৰ অধিকাৰ আছে।"
উইলিয়াম ক'লবি : চি আই এ সঞ্চালক
অলপতে এখন সাংবাদিক মেলত অসম চৰকাৰৰ এজন মুখ-পাত্ৰই এনে এটা ইংগিত দিছিল যে যিবোৰ বিদেশী নব্য ঔপনিবেশিক আৰু সাম্রাজ্যবাদী শক্তিয়ে ভাৰত মহাসাগৰৰ ডিয়েগ' গাৰ্চিয়াত নৌ ঘাটি স্থাপন কৰি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে, সেই একেবোৰ শক্তিয়েই উত্তৰ-পূব ভাৰততো অশান্তিৰ দাবানল জ্বলাই ৰাখি ভাৰতক দুৰ্বল কৰি ৰাখিবলৈ চেষ্টা কৰিছে। উক্ত চৰকাৰী মুখপাত্রজনে বিদেশী শক্তিবোৰৰ নাম নক'লেও কাৰ প্ৰতি তেওঁ আঙুলি টোৱাইছে সেই কথা নিশ্চয় অ পষ্ট হৈ থকা নাই। যোৱা কিছুদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কু-খ্যাত 'চি.আই.এ.' বা কেন্দ্রীয় চোৰাংচোৱা সংস্থাৰ বিশ্বজোৰা কাৰ্য্য-কলাপৰ যিবোৰ গোপন তথ্য-পাতি প্ৰকাশ পাইছে, সেইবোৰ জনাৰ পিছত কোনো মানুহেই আমাৰ দেশতো বিদেশী ষড়যন্ত্ৰৰ সাম্ভাব্য বিপদৰ প্ৰতি উদাসীন হৈ থাকিব নোৱাৰে। চিলিত গণতান্ত্রিক পদ্ধতিৰে নিৰ্বাচিত এলেণ্ডে-চৰকাৰৰ পতনৰ 'চি-আই-এ'ৰ ভূমিকা আমেৰিকাৰ চৰকাৰে প্ৰথমে স্বীকাৰ কৰিব নুখুজিলেও পিছত অখণ্ডনীয় আৰু প্ৰামাণ্য তথ্য-পাতিৰ মুখামুখি হৈ নতুন ৰাষ্ট্ৰপতি ফ'ৰ্ডে সেই অভিযোগ স্বীকাৰ কৰি লবলৈ বাধ্য হ'ল। কিন্তু চিলিৰ ঘটনা কেৱল এটা ব্যতিক্রম বুলি ধৰি লৈ কোনো যুক্তি নাই। আমেৰিকান বৈদেশিক সচিব শ্ৰীকিছিজাৰ কিছুদিনৰ আগতে ভাৰতলৈ আহোঁতে এই দেশত চি-আই-এৰ কোনো কাৰ্য্য-কলাপ চলি থকা নাই বুলি কৈ গৈছে। কিন্তু অতীতত আমেৰিকা চৰকাৰৰ মুখপাত্ৰসকলৰ এনেবোৰ উক্তি বা আশ্বাস যিমানবাৰ মিছা বুলি প্ৰমাণিত হৈছে, তালৈ চাই কিছিন্তাৰৰ এই শেহতীয়া আশ্বাসৰো বিশেষ একো মূল্য নাই। সম্প্রতি আমেৰিকান অর্থনৈতিক সাম্রাজ্যবাদ বিভিন্ন ফালৰ পৰা নানা জটিল সংকটৰ সন্মুখীন হৈছে। দিনে দিনে এই সংকট যিমানেই তীব্ৰতৰ হৈ উঠিব, বিভিন্ন দেশত আমেৰিকাৰ পশ্চাদ-খাতী কাৰ্য্যকলাপো সিমানেই বৃদ্ধি পাব। এজন আমেৰিকান পণ্ডিতৰ মতেই (অধ্যাপক মার্ক চলোমন) 'বিশ্ব পুঁজিবাদ আৰু বিশ্ব-সমাজবাদৰ সমূখ সংঘৰ্ষই হ'ল সম-সামরিক কালৰ কেন্দ্রীয় ৰাজনৈতিক বাস্তবতা; সাময়িকভাৱে পাৰস্পৰিক বৈৰিতা স্থগিত ৰখাৰ চেষ্টাই এই বাস্তৱতাৰ ৰূপ নিৰ্ণয় কৰিছে। স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰা লোকসকলৰ ক্ৰবৰ্তমান শক্তি আৰু ঐক্যই ইয়াৰ মাজতে এচিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুশ্চিন্তা আৰু উবিন্নতা বঢ়াই তুলিছে।'
মুঠতে এই বিষয়ে কোনো সন্দেহ নাই যে ভাৰতকে ধৰি এচিয়াৰ বহু দেশৰ বিৰুদ্ধে সম্প্রতি আমেৰিকা যুক্তৰাষ্ট্ৰ বিভিন্ন ধৰণৰ বড়াত লিপ্ত হৈ পৰিছে। বিশ্ব-জোৰা সমালোচনা আৰু বিৰোধিতাকো আক্ষেপ নকৰি ভাৰত মহাসাগৰত নৌ-ঘাটি স্থাপনৰ চেষ্টা সেই বহুজুৰী বড়বাৰ এটা সামান্য দিশ যাত্র। সি নহওক, এতিয়া আমাৰ প্ৰম হ'ল অসম চৰকাৰৰ মুখপাত্রজনে ডিরেগ' গার্ডিয়াত খোপনি পুতি যহিব
খোজা একেটা ভয়াৱহ ষড়যন্ত্ৰ অসম তথা উত্তৰ-পূৰ্ব ভাৰততো সক্ৰিয় হৈ পৰিছে বুলি যি অভিযোগ কৰিছে, তাৰ কিবা বাস্তৱ ভিত্তি আছেনে? আন কথাত ক'বলৈ গ'লে - অসম তথা উত্তৰ-পূব ভাৰততো বিদেশী ষড়যন্ত্র বিয়পি পৰিছে বুলি বিশ্বাস কৰিবলৈ কিবা কাৰণ ঘটিছেনে? কোনবোৰ স্থানীয় লোক বা ৰাজনৈতিক দলে এই বিদেশী ষড়যন্ত্রকাৰীসকলৰ দালাল ৰূপে কাম কৰিছে? এই অঞ্চলত যিবোৰ বিভেদকামী শক্তিয়ে স্থানীয় জন-গোষ্ঠীৰ বাস্তৱ অসন্তুষ্টি আৱেগিক উত্তেজনাক অবলম্বন হিচাপে লৈ দীঘলীয়া আৰু ব্যয় - সাধ্য আন্দোলন চলাই আছে, তেওঁলোকৰ কাৰণে আর্থিক সাহায্য আৰু কৌশলগত দিহাপৰামৰ্শ ক'ৰ পৰা আহিছে?
স্বাভাৱিকতেই নথি-পত্ৰ সহকাৰে এইবোৰ প্ৰশ্নৰ স্পষ্ট উত্তৰ দিয়া সম্ভৱ নহয়। বিশ্ব-জোৰা ব্যাপক ষড়যন্ত্ৰত লিপ্ত থকা এটা বিৰাট শক্তিক ইমান সহজে হাতে হাতে ধৰা পেলাব নোৱাৰি। কিন্তু এইখিনিতে অসমৰ বড়ো জন-গোষ্ঠীৰ একাংশ লোকৰ ৰোমান-লিপিৰ দাবীৰ আন্দোলনৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা কেইটামান উক্তি বিশেষভাৱে প্রণিধানযোগ্য। তেওঁ দাবী কৰিছে যে যিবোৰ শক্তিয়ে অসমত বিশৃংখলা আৰু অৰাজকতা সৃষ্টি কৰিবলৈ ছল চাই ফুৰিছে, সেই একেবোৰ শক্তিয়েই একাংশ বড়ো লোকৰ লিপিআন্দোলনতো ইন্ধন যোগাইছে; দ্বিতীয়তে, এই লিপি-আন্দোলনৰ কাৰণে বাহিৰৰ পৰা প্ৰচুৰ পৰিমাণৰ ধনৰ সোঁত ব'ব ধৰিছে। ইয়াৰ প্ৰমাণো চৰকাৰৰ হাতত আছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে। মুখ্যমন্ত্ৰীৰ এই উক্তি নিঃসন্দেহে অতিশয় তাৎপৰ্য্যপূৰ্ণ আৰু বৃহৎ পটভূমিত দেশৰ কথা চিন্তা কৰা কোনো মানুহেই এইবোৰ ঘটনাৰ প্ৰতি উদাসীন হৈ থাকিব নোৱাৰে।
এই প্ৰসংগতে 'চি-আইএ'ৰ ডিৰেক্টৰ উইলিয়াম ক'বিয়ে অলপতে কৰা কেইটামান উক্তিও বিশেষভাৱে স্মৰণযোগ্য। তেওঁ দাবী কৰিছে যে - "আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহত্তৰ স্বাৰ্থত পৃথিবীৰ যি কোনো অঞ্চলতে গোপন কাৰ্য্যকলাপ চলাবলৈ আমেৰিকাৰ অধিকাৰ আছে।" 'চি-আই-এই এইবোৰ গোপন কাৰ্য্যকলাপ কেনেকৈ চলায়? ক'বিৰ ভাষাতেই - "There are a few situations where a little discreet help to a few friends of the USA or a little help to a few people espousing a certain policy or programme in a foreign country, can enable us to influence a local situation in a way that may avert a greater crisis in the future.' সম্প্রতি উত্তৰ-পূব ভাৰতত যিবোৰ ঘটনা ঘটি আছে, তাতো আমেৰিকাই তেওঁলোকৰ কোনো কোনো বন্ধু বা বিশেষ কোনো লোক-গোষ্ঠীৰ প্ৰতি little discreet help আগবঢ়াইছে নেকি? তেওঁলোকে এই অঞ্চলৰ ঘটনাৱলীৰ প্ৰতি প্রয়োজনাতিৰিক্ত কিবা আগ্রহ বা মনোযোগ দেখুৱাইছে নেকি? যদি দেখুৱাইছে, তেন্তে সেই আগ্রহ বা মনোযোগৰ প্ৰকৃত ৰহস্য কি?
এইবোৰ প্ৰশ্নৰ উত্তৰ পাবলৈ নিশ্চয় অতি সতৰ্ক আৰু প্ৰণালী-বদ্ধ অনুসন্ধান চলাব লাগিব। কিন্তু ইতিমধ্যেই গভীৰ ইংগিতবহ একাধিক তথ্য আমাৰ জ্ঞান-গোচৰ হৈছে। বাতৰি পোৱা গৈছে যে অৰুণাচল আঞ্চলিক পৰিষদে সেই অঞ্চলত খৃষ্টান ধৰ্ম প্ৰচাৰ নিষিদ্ধ কৰি যি প্ৰস্তাৱ লৈছে, ভাৰতত্ব আমেৰিকান দূতাবাসে ভাৰত চৰকাৰৰ ওচৰত তাৰ বিৰুদ্ধে প্রতিবাদ কৰিছে। দ্বিতীয়তে, মাত্র কেইদিনমানৰ কাৰণে আমেৰিকান দূতাবাসৰ এজন বিষয়াই পূৰ্বাঞ্চলৰ এজন জনজাতীয় সংসদী সদস্যক লগ ধৰি তেওঁক এই বুলি উত্তেজিত কৰিবলৈ চেষ্টা কৰে যে অসম চৰকাৰে এই ৰাজ্যৰ জনজাতীয় লোকসকলৰ ওপৰত ব্যাপক
| pdf |
82d62ae526c10a15b3085d7b42dcbfb6df1dd893268e3858ff2a813e3578366d | জয়। যদি বোধ আশা ফলবতী হোৱাৰ আশা নাই ভেঙে নিছাৰিছিকৈ
এলোপা বলফিতে কি হব? তুমি মোৰ অনুৰোধ ৰক্ষা কৰিবানে চাহাবুদ্দিন ?
ঘোৰী। তাৰ আগেরে জানিব খোজো মই তোমাৰ পৰিচয় । জয়। বোৰ পচিয়! মই কনৌজ
ঘোৰী ! তোমাৰ পৰিচয় জানিব পাৰি মই বৰ সন্তোষ পালো। যদি অসতর নহয় তেন্তে মই তোমাৰ অনুৰোধ করা কৰিম। তোমাৰ তোমাन अবোধ কি কোৱা মহাবাজ ?
জয়। যোগ অনুৰোধ বঙ্গ। কৰা তোমাৰ পক্ষে একে। টান নহয়। ই তোমাৰ লগত মিত্ৰতা স্থাপন কৰিব খোজো। তোমাৰ সঙ্গ উদ্দেগত সহায় কৰিব খোলো। এয়ে মোৰ অনুৰোধ ।
গিরাছ। ইযে একেবাৰে অসম্ভব জাহাপনা! সাপৰ লগত ৰেঙৰ যিয়তা - বোন্দা যেকুৰীৰ লগত ভয়! মাছৰ মিত্ৰতা, - গজৰ লগত সিজত। . . .।
ঘোৰী। চুপ কৰ গিয়াছ ! মহাৰাজ অচাদ ! মই যে বিশ্বাস কৰিব নোৱাৰোঁ?
জয়। মোক বিশ্বাস কৰিব নোৱাৰা ? ৰাজপুত্তক বিশ্বাস কৰিব নোৱাৰা ? গোৰী। নোৱাৰোঁ।
। ভাৰ কাৰণ চাহাবুদ্দিন? ছো। এবাণ ।
যৌথ প্রাণ-যু থা। বাজপুতৰ মুখৰ কথাই
ঘোৰী। বাক, ভূমি বোব সহায় হৈ কি কৰিব?
জয়। কি কৰিম? বিভীষণে ৰামচন্দ্ৰৰ সহায় হৈ কনক-গাৰ বি কৰিছিল, মরে। তোমাৰ সহায় হৈ সোণৰ হিন্দুস্থানৰ তাকে কৰিম।
ঘোৰী ! যদি মোৰ পৰাজয় হয় ?
জয়। মোৰ সহায় পালে তোমাৰ কেতিয়াও পৰাজয় নহয়। কোৱা, কোৱা ঘোৰী ! মোক তোমাৰ সহায়তা কৰিব দিম বুলি কোৱা । মই তোমাক জিকাই দিম। তোমাক গুপ্তপথ দেখুৱাই দিম। সোণৰ ভাৰতৰ ঐশ্বৰ্য্য-ভাণ্ডাৰ যুকলি কৰি দিম । ৰাজপুৰ ভিঙৰত গৃহ-কন্দল সৃষ্টি কৰি দিম। ভাই ভাই ঠাই ঠাই কৰিম। ইজনক সিজনৰ চকুৰ কুটা, দাতৰ শাল কৰিম । তেতিরাতে। তোমাৰ জয় নিশ্চিত ?
দ্বোৰী। মই বুদ্ধত জয়ী হলে তাৰপৰ। তোমাৰ লাভ কি মহাৰাজ ? • জন্ম। বহুত লাভ হব। গান নহলেও ৰাজপুতৰ প্রতিজ্ঞা পূৰণ হব। অন্তৰৰ পৰা প্ৰতিশোধৰ বহ্নি ঘুমাব। হৃদয়ে শান্তি পাব। দেশদ্রোহিতাৰ চৰ সীমাত ভৰি দি বিকট হাঁহি মাৰিব পাৰিব। যথেষ্ট, আৰু একো নেলাগে ! কোৱা, - ধোৰী ! মই বৰ আশা কৰি তোমাৰ ওচৰলৈ আহিছে। তুমি মোক বিষণ্ন মনোৰ্থ হৈ উলটি যাবলৈ নিদিবা। ছাত্ৰ কুঠাৰ ভৰিত নেমাৰিবা। যদি জন্ম বিচাৰি আহিছা তেন্তে জয়চাদৰ মনৰ আশা পূৰোৱা । ৰেী। কোনো কথা নাই মহাৰাজ! তোষাৰ অভিলাষ পূর্ণ হওক। ভেস্তে মোৰ আশা পূর্ণ হল। ঘোৰী! তোমাৰ জয় নিশ্চিত। তোমাৰ এই যুদ্ধ আয়োজন ব্যর্থ নহব। হিন্দুস্থানত ইচলামৰ বিজয় পতাকা উৰিব - জগত নাটত জয়চাদে বিভীষণৰ ভাও দিব। সারান হিন্দুস্থান !
ঘোৰী । এই যে হিন্দুৱাতিটো বি মই এডিয়াও একে। বুজা নাই ।
| pdf |
b740da5d64b70a205e7dddb42394865cc9e494ed | বিশ্বত এনে এটি ঘড়ী আছে, যিটো বাকী ঘড়ীবোৰতকৈ বহুখিনি পৃথক। উক্ত ঘড়ীটোত কেতিয়াও ১২টা নাবাজে। কাৰণ ঘড়ীটোত আছে ১১টা সংখ্যা। অৰ্থাৎ ১২ সংখ্যাটো ঘড়ীটোত নাই। ছুইজাৰলেণ্ডৰ উত্তৰ-পশ্চিমৰ চহৰ ছোলোথার্নত আছে এই অদ্ভুত ঘড়ীটো।
ছোলোথার্নত ফুৰিবলৈ অহা পর্যটকসকল কিছু সময়ৰ বাবে থমকি ৰয় চহৰৰ কেন্দ্রস্থল টাউন স্কোৱেৰৰ সন্মুখৰ ঘড়ীটালৈ চাই। ঘড়ীটোত আছে ১১টা সংখ্যা। অর্থাৎ কেতিয়াও ১২টা নাবাজে ঘড়ীটোত।
পিছে কেৱল ঘড়ীয়ে নহয়, এই চহৰখনৰ লগত ১১ সংখ্যাটোৰ সম্পর্ক অলপ বেলেগ। চহৰখনৰ কম-বেছি প্ৰায় সকলোৰে সৈতেই জড়িত হৈ আছে ১১ সংখ্যাটি। যেনে চহৰখনত আছে ১১টা মিউজিয়াম, ১১টা গীর্জা, ১১টা ঝৰ্ণাসহ আৰু কিবাকিবি। | web |
99d1bf173b1c8f8b47c21e62dd06a7ee | অত্যাধিক শৰীৰচৰ্চাই প্ৰাণ ল'লে নেকি সিদ্ধাৰ্থ শুক্লাৰ ? - The Cross Current\nবুধবাৰে নিশা শোৱাপাটীলৈ যোৱাৰ আগত মাকৰ সৈতে ঘৰৰ চৌহদত পায়চাৰি কৰিছিল । বৃহস্পতিবাৰে তেওৰ নিথৰ দেহ উদ্ধাৰ হ'ল বিচনাত ।মাত্ৰ ৪০ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাই ।কিন্তু ৪০ বছৰ বয়সত হৃদৰোগ ? বিশ্বাসেই কৰিব পৰা নাই কোনেও ।সেইবাবেই সংবাদ মাধ্যমত , অভিনেতাজনৰ বন্ধুমহলৰ মাজত বাৰে বাৰে আলোচনা হৈছে মৃত্যুৰ সাম্ভাব্য কাৰণৰ বিষয়ে ।\nনিজৰ ফিটনেচৰ প্ৰতি সদায়ে সজাগ আৰু সচেতন আছিল অভিনেতা সিদ্ধাৰ্থ শুক্লা । প্ৰতিদিনে অত্যাধিক শৰীৰচৰ্চা কৰিছিল তেও ।এতিয়া বহুতৰে মনত প্ৰশ্ন উঠিছে - অতিৰিক্ত শৰীৰচৰ্চাই কাল হ'ল নেকি সিদ্ধাৰ্থ শুক্লাৰ ?\nসিদ্ধাৰ্থৰ এগৰাকী বান্ধৱীয়ে সংবাদ মাধ্যমৰ আগত কয় যে শৰীৰৰ পৰা ঘাম বাহিৰ কৰাটো সিদ্ধাৰ্থৰ নিচাৰ দৰে আছিল ।এই বিষয়ে বন্ধুসকলেও তেওৰ পৰা পৰামৰ্শ লৈছিল ।নিয়মীয়াকৈ জিমলৈ গৈছিল আৰু ঘাম বাহিৰ কৰিবলৈ অশেষ কষ্ট কৰিছিল ।\nসিদ্ধাৰ্থৰ জিম পাৰ্টনাৰে কয় যে তেওৰ হাতত যিমান কাম আহিছিল , লকডাউণ নথকা হ'লে আৰু বেছি জনপ্ৰিয় হৈ উঠিলহেঁতেন ।\nসেইবাবেই এতিয়া প্ৰশ্ন উঠিছে - অত্যাধিক শৰীৰচৰ্চা নে লকদাউনৰ মানসিক অৱসাদে প্ৰাণ ল'লে জনপ্ৰিয় অভিনেতাগৰাকীৰ ?
| web |
b55e815361ce78c71dc2e35a4442420cc54007cd66626d1688a13dede438ac46 | বজাইছিল মহাকাব্য আব্দ, নাটক ৰচয়িতাসকলকহে। চিত্র শিল্পীরে বস্তুক অনঢুকৰণ কৰে, কবিয়ে মানহৰ ভাব অনুভূতি অনুকৰণ কৰে। দয়োজনেই প্রকৃত বস্তুৰ appearance-ৰ নকল কৰে। গতিকে তেওঁ লোকৰ কাম মূল সত্যৰ পৰা তাপ আঁতৰত ।
প্লেটোৰ এই যুক্তিপূর্ণ আলোচনাক সাধাৰণভাৱে কেতিয়াও আওকাণ কৰিব নোৱাৰি। আৰু তেওঁ কবিতাৰ প্রকৃতিক (nature ) এইদৰে আক্ৰমণ কৰি কবিতাৰ কাৰ্য্যকাৰিতাক ( functions ) আক্রমণ কৰিবৰ কাৰণে ভেটি সবল কৰি লৈছে।
Poetics গ্ৰহত এবিষ্টটলৰ সমস্যা হ'ল প্লেটোৱে কবিতাৰ প্রকৃতি সম্পর্কে কৰা এই আক্রমণক কেনেকৈ প্ৰতিহত কৰা হয়। এষ্টিটলে ক'ব লগা হল যে কবিতাই বিশ্ব প্ৰকৃতিৰ অনকৰণ নকৰে। এই কথা প্রমাণ কৰিবৰ কাৰণে তেও বস্তুনিষ্ঠ জগতলৈ নামি আহিছে। অর্থাৎ কোনো ভাববাদৰবাৰা পৰিচালিত নহৈ তেও" তথ্য সৰ্ব্বস্ব নীতি গ্ৰহণ কৰিছে। এইষাৰ কথা সহজেই ক'ব পাৰি যে কলা প্ৰকৃতিৰ দাপোণ। কিন্তু প্রকৃতিক যেতিয়া আমি সাধাৰণ চকুৰেই চাব পাৰো দাপোণৰ কি প্রয়োজন। যদি স'চাকৈয়ে কবিতা প্ৰকৃতিৰ মাথোন দাপোণ হয়, প্রকৃতিয়ে দিয়াতকৈ ই আমাক একো বেছি দিব নোৱাৰে। কিন্তু প্রকৃততে কবিতা আমি এই কাৰণেই উপভোগ কৰো যে ই আমাক এনে কিছুমান সম্পদ দিয়ে বিখিনি প্রকৃতিয়ে আমাক নিদিয়ে। নাটক চাই আমি ক'ব পাৰো যে নাটকৰ চৰিত্ৰাৱলী "like life", অর্থাৎ জীৱন্ত। কিন্তু বাস্তৱ জীৱনত আমি জানে স'চাকৈয়ে তেনে মাননূহ লগ পাও', যিসকলে নাটকৰ চৰিত্ৰসমূহৰ দৰে নিজৰ জীৱনত সংঘটিত হোৱা প্ৰতিটো ঘটনাকে ইমান সন্দৰকৈ প্ৰকাশ কৰে। তেতিয়া হলে, নাটকৰ এই চৰিত্ৰসমূহে প্ৰকৃতিক অনুকৰণ কৰা নাই । বৰং এইযা নাটকৰ সম্পদহে ( বৰং এইয়া নাটকীয় সৌন্দর্য্যহে )। তেনেহ'লে কবিতাই কাক অনুকৰণ কৰে।
এষ্টিটলে কৈছে কবিতা অননুকৰণৰ এবিধ পদ্ধতি। তেওঁ কবিতাক চিত্র শিল্পৰ লগত সাঙ্গৰি নলৈ সঙ্গীত বা নৃত্যৰ লগত জড়িত কৰি লৈছে। কাৰণ কবিতাৰ ক্ষেত্ৰত কিবা অনকৰণ থাকিলেও সেই অনঢুকৰণ (imitation ) অন্ততঃ অবিকল নকল নহয় ( mimicry ) । গতিকে চোৱা যাওক সঙ্গীতৰ ক্ষেত্ৰত কিবা ধৰণৰ mimicry আছে নেকি । নৃত্যৰ ক্ষেত্রতো আমি জানো যে ই প্রকৃতি জগতৰ একেবাৰে অবিকল নকল নহয়। এষ্টিটলে সেই কাৰণে তিনিটা প্রশ্ন দাঙি ধৰিছে। (১) অনকৰণ ক'ত থাকে, (২) কি অনুকৰণ কৰা হয়, (৩) কেনেকৈ অনঢুকৰণ কৰে। অর্থাৎ মাধ্যম, বিষয়বস্তু আৰু পদ্ধতিৰ ফালৰ পৰা তেও অনুকৰণক ভাগ কৰিছে ।
কবিতা আলোচনা কৰিবলৈ ৰাওতে অনাকৰণৰ বেতিয়া মাধ্যমৰ কথা আছে ইনিশ্চর ভাষা। ভাষাৰ ক্ষেত্ৰতো তেও উল্লেখযোগ্য মন্তব্য আগবঢ়াইছে।
এৰিষ্টটলৰ দৃষ্টিত কলা আৰু, কবিতা
কাৰণ কবিতা বলিলে সাধাৰণতে আমি ছন্দোবদ্ধ ৰচনা বুজো। কিন্তু ছদ প্রয়োগেই কবিতা সৃষ্টি নকৰে। বিশেষ কিবা শিক্ষা দিবৰ কাৰণেও আমি ছন্দোবদ্ধ ৰচনা আগবঢ়াব পাৰো। কিন্তু এনে ৰচনা কবিতা হ'ব নোৱাৰে। এনে ক্ষেত্ৰত কবিতাই একো অননুকৰণ নকৰে। গতিকে ছন্দোবদ্ধ নে ছন্দহীন সেইয়া মূল কথা নহয়। আচল কথা এই ৰচনাই কিংবাক অনুকৰণ কৰিছেনে নাই। এইদৰে এবিষ্টটলে পোন প্রথমে দেখুৱাইছে যে গদ্যৰচনাৰ মাজটো কবিতা থাকিব পাৰে, কেৱল ছন্দোবদ্ধ হ'লেই কবিতা নহয়।
দ্বিতীয় প্রশ্ন object, অর্থাৎ বিষয়কতা। এৰিটলৰ মতে কাব্যিক অনকৰণৰ বিষয়বস্ত, হ'ল "men in actions" ( কাৰ্য্যৰত মান,হ)। কিন্তু মানুহ আৰ, মাননূহৰ কাৰ্য্য বোলোতে বিভিন্ন কার্যত লিপ্ত থকা বজোৱা নাই, বজাইছে মানৱ প্ৰকৃতিৰ সাধাৰণতে ঘটা ঘটনা আৰু মানুহৰ স্বভাৱৰ লগত এৰাব নোৱাৰাকৈ জড়িত সমস্যা' অর্থাৎ এটা আখ্যান। এই আখ্যানৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল মানৱীয়তা। কাব্যিক অনকৰণৰ বিষয়বস্তু, অর্থাৎ আখ্যান ভাগক আমি ইয়াত নিহিত থকা মানৱীয় আবেদনৰ দৃষ্টিকোণৰ পৰা বিভিন্ন ভাগত ভগাব পাৰো। মানতূহৰ স্বভাৱ আমি ভাগ কৰো-বভাৱৰ সততা আৰু কলষতাৰ ওপৰত ভিত্তি কৰি। গতিকে কবিতাই মানহেক বাঙৱৰ মানহতকৈ উৎকৃষ্ট অথবা অপকৃষ্টৰূপে অথবা বাস্তৱৰ মানুহৰ দৰেই প্ৰকাশ কৰিব পাৰে। মন কৰিবলগীয়া কথা এই তৃতীয় শ্রেণীৰ কথা এষ্টিটলে উল্লেখহে কৰিছে। তেওঁ" আলোচনাত প্ৰৱেশ কৰিছে অন্য দুই শ্রেণীক লৈহে। তেনেহ'লে, কবিতাই মান হক অন,কৰণ কৰে উৎকৃষ্ট অথবা অপকৃষ্টপেত অথবা বাঙৱত আমি মান হক যেনেকৈ পাওঁ তেনেকৈয়ে। এই বিভাগৰ ওপৰত ভিত্তি কৰিয়েই এষ্টিলে টেজিক আৰু কমিক কাব্যৰ প্ৰয়োজনীয় আবেগক এক কৰিছে। এক অর্থ - ত ট্রেজেডিৰ চৰিত্ৰসমূহ বাস্তৱৰ মানহতৈক ভাল আৰ, কমেডিৰ চৰিত্ৰসমূহ বাঙৱৰ মানহতকৈ বেয়া। কাৰণ বাস্তৱ জীৱনত মানহে নিজৰ অন্তর্নিহিত গণৰাজিক ট্রেজেডি চৰিত্ৰই প্ৰকাশ কৰাদি ইমান সন্দৰভাৱে প্ৰকাশ কৰিব নোৱাৰে যে সি সকলোৰে আদৰণীয় হৈ উঠিব বা ইমান লঘধৰণেও প্ৰকাশ কৰিব নোৱাৰে যে কমিক নাটকত হোৱাৰ দৰে সকলোৰে হাঁহিয়াৰ পাত্ৰ হ'ব। কিন্তু প্রুন হয় ট্ৰেজেডিত প্রকাশ পোৱা সকলো চৰিত্ৰয়ে জানো বাঙৱৰ মানহতকৈ ভাল ? আমি মেকবেথক কেতিয়াও নৈতিকতাত শ্রেষ্ঠ মানৱ বুলি ক'ব নোৱাৰো। যথাৰ্থতে ট্রেজেডিত চৰিত্ৰ সমূহৰ মাজেদি মানহৰ ভাল গণবিলাকেই যে প্রস্ফূটিত হ'ব এনে নহয়। মানহৰ যেই কোনো ভাবেই ট্ৰেজেডিৰ মাজেদি চমৎকাৰভাৱে ফটি উঠে। সেই কাৰণেই টেজেডিত বাস্তৱ জীৱনৰ মানহতকৈ মানহেক বেছি সম্পূৰ্ণ কৰি প্ৰকাশ কৰা হয়। কমিক নাটকৰ ক্ষেত্ৰতো একে কথা।
এতিরা এই কথা স্পষ্টভাৱে ওলাই পৰিছে যে এৰিষ্টটলৰ মতে কাব্যিক অনুকরণ মানে mimicry নহর। কাৰণ অবিকল নকল হবলৈ হলে ৰাৰ
মানবৃহক কবিয়ে বাঙৱৰ দৰেই ফুটাই তুলিলেহেতেন। কিন্তু আমি দেখিছো যে ক। 'য়ে কবিতাত বাস্তৱৰ মান হক অবিকল নকল নকৰি বেছি ভাল কৰি বা বেয়াকৈ ফুটাই তোলে কেনেকৈ ? প্রকৃতিক কপি ( copy ) কৰি নহয়, অর্থাৎ প্রকৃতিক যথাযথভাৱে ৰূপায়িত কৰি নহয় বৰং কল্পনাত্মক অনুকৰণৰম্বাৰা। তেতিয়া হ'লে কবিয়ে নিজৰ কল্পনাক অনকৰণ কৰি সাহিত্য সষ্টি কৰে।
আমি জানো যে এষ্টিটলে সাহিত্যত মানহ যেনে আছে সেইদৰেই মানহক ৰূপায়ণ কৰাৰ কথাটো সম্পৰ্ণৰূপে আঁতৰাই থৈছে। কাৰণ মানহ যেনে আছে সেইদৰেই মান,হক ৰূপায়ণ কৰাত কবিৰ কাব্যকলাৰ কোনো বৈশিষ্ট্য ফুটি নঠে । কবিতাত আমি মান,হক যথাযথভাৱে ৰূপায়িত কৰা নিবিচাৰো। আমি বিশ্ব প্ৰকৃতিৰ অন্য প্রতিলি প এটা নি বচাৰো। যেহেতু, গোটেই বিশ্ব প্রকৃতি খনেই আমাৰ চকুৰ আগত সদায় আছে। আমি মাথো বিচাৰো বিশ্ব প্ৰকৃতিৰ কল্পনাত্মক পুনর্নির্মাণ। এই নৱনির্মিত বিশ্ব প্রকৃ। তত কবিয়ে কল্পনাৰম্বাৰা মানুহৰ জীৱনৰ আৰু; বিশ্ব প্রকৃতিৰ সম্ভাবনাপূর্ণে সকলো গৌৰৱ, মাধৰ্য্য আৰু, সৌন্দর্য্য ফুটাই তুলিব লাগিব।
প্লেটোয়ে ইমিটেচন ( imitation। মানে বহুজিছিল প্রকৃতি আৰু, কবিতাৰ সংযোগসূত্র imtiation ক এইটো অৰ্থত ললে কবিতাৰ নিজস্ব সৌন্দর্য্য মহিমা অকথিত হৈ ৰয। এষ্টিষ্টলে তেওৰ সক্ষণ্ণ বিশ্লেষণ পদ্ধতিৰম্বাৰা দেখাৱাইছে যে কবিয়ে কবিতাত বিশ্ব প্রকৃতিখনক যথাযথ অন কৰণ কৰি প্ৰতিৰ,পায়িত কৰি নোতোলে । বৰ, বিশ্ব প্রকৃতিয়ে কবি মানসত যি প্ৰেৰণাৰ উল্লেক কৰে সেই প্ৰেৰণাৰণাৰা সষ্টি হোৱা কল্পনাৰ জগতখনক অনৰুকৰণ কৰি কবিতাত প্ৰকাশ কৰে। অৰ্থাৎ কাব্য কলাৰ মাজেদি কবিয়ে কল্পনা শক্তিৰদ্বাৰা উদ্বেলিত প্ৰেৰণাৰ জগতখনক ভাষাৰ মাজেদি ধৰি ৰাখে। কাব্যকলাৰ কথা কও তে এাবষ্টটলে এই কথা ধৰি লৈছে যে কাব্যকলাৰম্বাৰা মান্দহে কল্পনা কৰিবৰ কাৰণে প্ৰেৰণা পায়। তাৰমানে মাননুহৰ হৃদয়ত কাব্যিক অনুভূতিও আছে আৰু, আবেগো আছে। মাথোন তেওঁ* আলোচনা কৰিব বিচাৰিছে এই কাব্যিক অনুভূতি আৰ, আবেগৰ সম্পর্ক। এই কাব্যিক অনুভূতি মান,হৰ হৃদয়ত কিয় আছে আৰু মানহে কল্পনা কৰি কিয় ভাল পায় ? আবেগ অনুভূতি মান হৰ হৃদয়ত কিয আছে - এইখিনি কথা নন্দনতত্ত্বৰ নহয় মনস্তত্ত্বৰহে । জীৱনটো যেনে আছে বা সাধাৰণতে আমি যেনেকৈ পাও সেইদৰেই ইয়াক কল্পনা কৰা একো কঠিন নহয়, কিন্তু চমকপ্রদ কথা হ'ল জীৱনটো কেনে হ'ব পাৰে সেই কথা কল্পনা কৰাটোহে। আৰু এনে কল্পনাই কাব্যিক অনভূতিক সঞ্জিয় কৰি তোলে। কেতিয়াবা কেতিয়াবা কল্পনাই জীৱনৰ যথাযথ ঘটনাৰ ওপৰত গুৰুত্ব দি অন্য কিছুমান অদৰকাৰী কথা বাদ দিব পাৰে। এনেধৰণৰ কল্পনাৰবাৰা সৃষ্ট কলাক আমি কেতিয়াও প্ৰকৃতিৰ অবিকল নকল বুলি ক'ব নোৱাৰো।
এতিয়া আমি দেখা পালো যে আজিকালি আমি টেকনিক বলিলে যি জ
'এন্টিটলৰ দৃষ্টিত কলা আৰ, কবিতা
এষ্টিটলে imitation মানে তাকেই বুজিছিল। কবিতাক imitation दुनि কৈ একিটটলে কবিতাৰ মূল উৎস বিচাৰি যোৱা নাছিল অথবা কবিতা আৰু বাঙৱ জগতৰ বস্তুৰ মাজত সম্বন্ধ বিচাৰ কৰা নাছিল । এষ্টিটলে imitation ক সম্পৰ্ণৰূপে কবি মানসৰ গোপন অন্তর্নিহিত কাৰ্য্য জ্বলি ভাবিছিল কাব্যিক অনভূতি আৰু, কাব্যিক ভাষাক ই মাথোন সংযোগ কৰে। কবিয়ে কল্পনাত্মক অননুপ্ৰেৰণাক এই কৌশলৰ "বাৰাই অর্থাৎ অনুকৰণ কৰি ভাষাৰ মাজেদি প্ৰকাশ কৰে ।
এতিয়া চাবলৈ বাকী আছে পদ্ধতি অনুসাৰে সাহিত্যিক ভাগ কৰা কথাখিনি। এক্টিটলৰ ব্যাখ্যামতে সকলো কবিতাক বর্ণনাত্মক আৰু নাটকীয় - এই দই ভাগত ভাগ কৰিব পাৰি আৰ, একেজন কবিকে তেওঁ ৰচনা অনুযায়ী দয়ো ভাগত থব পাৰি ।
এইদৰে imitation শব্দৰ নতুন ব্যাখ্যা দি এৰিষ্টটলে Tragic drama আলোচনা কৰিবৰ কাৰণে পথ উলিয়াই লৈছে। Tragic drama ৰ কথা কওঁতে নাটক আৰু মহাকাব্যৰ মাজত থকা পার্থক্যৰ কথা উল্লেখ কৰিব পাৰি। মহাকাব্য সাধাৰণতে দীঘলীষা আৰু, নাটক চুটি। এণ্টিটলে গ্রীক নাটকৰ উদাহৰণ সন্মুখত ৰাখি কৈছিল যে নাটকৰ কাৰ্য্য ২৪ ঘ টাৰ ভিতৰতে সংঘটিত হোৱা হ'ব লাগে। কিন্তু মহাকাব্যৰ ক্ষেত্ৰত সময়ৰ কোনো সীমা নাই। তথাপিও এৰিষ্টটলে উল্লেখ কৰি গৈছে যে স্থানৰ কোনো কথাই নাই সময়ৰ এই সীমাবদ্ধতাও বৰ ডাঙৰ কথা নহয়। এৰিষ্টটলে জোৰ দিছিল নাটক বা মহাকাব্যৰ ঘটনাৰ ঐক্যৰ ওপৰতহে। সমালোচনা সাহিত্যৰ বুৰঞ্জীত নাটকৰ 'Three Unities' ৰ ওপৰত এষ্টিটলে জোৰ দিছিল বলি কোৱা হয় । কিন্তু সেই দৰে ক'লে তেওঁক ভুল বজা হয়। তেও জোৰ দিছিল মাথোন ঘটনাৰ ঐক্যৰ ওপৰতহে । ঐক্য সাহিত্যৰ সকলো বিভাগতে প্রয়োজনীয়।
কাব্যকলা আৰ, কাব্যিক কল্পনাৰ ওপৰত ইমানখিনি কোৱাৰ পাছত Aristotole তেওৰ ট্ৰেজেডিৰ সত্ৰ দাঙি ধৰিছে । সেই সূত্র ব্যাখ্যা কৰি তত্ত্ব তন্নকৈ তেও ট্ৰেজেডিৰ গঠন (nature) আৰু কাষ'কাৰিতাৰ কথা আলচ কৰিছে। কিন্তু এই সত্ৰৰবাৰা tragedy কেন হোৱা উচিত সেই কথা তেওঁ ক'ব খোজা নাই। ক'ব খুজিছে তেও* পৰ্যবেক্ষণ কৰি পোৱা মতে tragedy সমূহ কি আৰু কেনেকুৱা
Aristotole ৰ মতে tragedy ৰ সত্ৰ এনে দৰে দিব লাগিব Tragedy 18 the imitation of an action that is serious, complete in itself and possessing a certain magnitude in language that gives delight appropriate to each portion of the work, in the form of drama, not of narrative, through pity and fear accomplishing its katharsis of such emotions"
এই সসূত্রমতে Aristotole য়ে tragedy -ক দুটো দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চাইছে, ইয়াৰ গঠন প্রকৃতি আৰু কাৰ্য্যাৱলী। গঠন প্ৰকৃতিৰ ব্যাখ্যা কৰোতে তেওঁ কৈছে যে যিটো বিষয়ক অননুকৰণ কৰি tragedy ৰচনা কৰা হয়, সেইয়ে বিষয় বস্তু, যিহৰ মাজেদি ইয়াক অননুকৰণ কৰা হয় সেইয়ে মাধ্যম, আৰু, যি পদ্ধতিৰে অনুকৰণ কৰা হয় সেইয়ে পদ্ধতি। সূত্ৰটো প্রথম ভাগত অর্থাৎ প্রথম দন্টো বাক্যাংশত nature এই বিষয়ে কোৱা হৈছে, আৰ, দ্বিতীয়টো ভাগত ইষাৰ কাৰ্যাৱলী আলোচনা কৰা হৈছে ।
প্রথমে আমি ট্ৰেজেডিৰ গঠন প্রণালী সম্পর্কে আলোচনা কৰো। ট্ৰেজেডি মানহৰ কাৰ্যবিশেষৰ অননুকৰণ। কাৰ্য্য বিশেষ মানে মানহৰ জীৱনত সংঘটিত হোৱা বা হ'ব পৰা ঘটনা বা ঘটনাসমূহ সংঘটিত হয় মানহৰ স্বাভাৱিক প্রবৃত্তি আৰ, বাসনাৰ তাড়নাত । তেতিযাহলে Tragedy-ত মানহৰ সেইবিলাক কার্যক ৰূপায়িত কৰা হয় যিবিলাকৰ মাজত নিহিত থাকে মানুহৰ জীৱন প্ৰবাহ আৰু, কামনা বাসনা, তাৰ পিছত ট্ৰেজেডিয়ে অননুকৰণ কৰা মানহৰ এই ঘটনা সমষ্টি স্বয়ং সম্পৰ্ণ আৰু সামগ্ৰিক হ'ব লাগিব। অর্থাৎ ইষাৰ আৰম্ভ, মধ্য আৰু, অন্ত থাকিব লাগিব। এই দৰে আদি মধ্য অন্তবিশিষ্ট মানহৰ জীৱনত এই বিশেষ ঘটনাপঞ্জক একাত্মবোধৰ ঐক্যই সামৰি ৰাখিব পাৰিব লাগিব। এতিযা চাব লাগিব- এইদৰে ৰচিত হোৱা ট্ৰেজেডি মানহৰ বাস্তব জীৱনক আৰু বিশ্ব প্রকৃতিক কেনেদৰে imitate কৰা হয়। জীৱন আৰু, জগতত এইদৰে কোনো বস্তুৰে এক বিশেষ আদি, অত মধ্য নাই। প্ৰকৃতিৰ বুকুত সকলো ঘটনা এক অন্তহীন প্রবাহ মাথোন। তেতিয়াহলে ট্রেজেডিত প্রকৃতি যথাযথ অননুকৰণ কৰা নহয় । কাৰণ তাকে কৰা হ'লে tragedy সমূহক এইদবে এক শৃঙ্খলাবদ্ধ ঐক্যৰ মাজত আবদ্ধ কৰি ৰখা নাপালোহে তেন । কবি মানসক জীৱনৰ কোনো বিশেষ সম্ভাৱনাই দকৈ প্রভাবিত কৰে। জীৱনৰ এই ৰাশি ৰাশি সম্ভাবনাৰ পৰা কবিয়ে সম্ভাৱনা বিশেষক ধৰি ৰাখি, কল্পনাৰ আঁৰ কাপোৰৰ আঁৰত সজাই পৰাই নতুন কৰি তোলে। জীৱনৰ এক বিশেষ অর্থই কবিৰ সক্ষম পর্যাবেক্ষণত ধৰা পৰে আৰ, কল্পনাৰ মানস পটত উদ্ভাষিত হৈ জীৱনৰ এক নতুন ৰূ,পছবি ফুটাই তোলে। সেই ৰূপছবিষেই ৰূপ লয জীৱনৰ ঘটনাচক্ৰৰ মাজেদি কলাৰ বিচিত্ৰ বৰ্ণালীত আৰু মানহৰ জীৱনৰ এনে সম্ভাৱনাপূর্ণ ঘটনাৰম্বাৰা নব নির্মিত এই কাহিনীক কবিয়ে ধবি ৰাখে ঐক্যৰ সোণালী সতাৰে।
গঠন প্ৰকৃতিৰ ক্ষেত্ৰত ট্ৰে'জডিৰ আটাইতকৈ মন কৰিব লগীয়া কথা হ'ল ষে ই স্বয়ংসম্পূর্ণ (complete in itself ) অর্থাৎ যি ঘটনাক কবিয়ে tragedy-ত স্থান দিয়ে তাৰ মাজত unity আছে, ঐকা আছে। এনে ঐক্যবদ্ধ ঘটনাসমূহক ফুটাই তোলা হয় Plot ৰ যোগেদি। আকৌ এই Plot ৰ মাজত থাকে চৰিত্ৰ সৃষ্টি, কবিৰ দার্শনিক দৃষ্টিভঙ্গী আৰু ভাষা। কোনো কোনো সমালোচকে
এষ্টিটগৰ দৃষ্টিত কলা আৰু, কবিতা
টেজেডিৰ চৰিত্ৰ সৃষ্টিৰ ওপৰত বেচি গৰুত্ব দি Plot ক দ্বিতীয় স্থান দিব খোজে। কিন্তু এষ্টিটলৰ ব্যাখ্যা মতে tragedy-3 plot -1 ভূমিকা চৰিত্র সৃষ্টিৰো ওপৰত ।
ট্রেজেডিৰ কাৰ্য্যাৱলী আলোচনা কৰোতে এষ্টিটলে প্লেটোৰ মতবাদৰ বিৰোধিতা কৰিব লগা হৈছে। প্ৰথমতে আমি চাও প্লেটোয়ে কেনেকৈ ট্রেজেডিক দোষক্ত বুলি কৈছে । প্লেটোৰ মতে ট্রেজেডিৰ নাষকে তেওঁৰ নিজৰ দুখৰাশি উৰিয়াই দি আনৰ মনত আবেগৰ সৃষ্টি কৰে। নায়কজনে তেওঁৰ নিজৰ দখক আমাৰ মনত যিমানে সমাই দিব পাৰে সিমানে আমি তেওঁ°ক প্রশংসা কৰিম। কিন্তু বাস্তৱ জীৱনত কি হয় ? এজন ব্যক্তিয়ে নিজৰ দখ আৰু দুর্ভাগ্যৰ কাৰণে সমাজৰ মাজত হিয়াধ্বনি কান্দিলে তেওঁক আমি মঠেই ভাল নাপাওঁ। দখক সংযত কৰাটোহে আমি বিচাৰো। গতিকে বাস্তৱ জীৱনত এজন মানহৰ যেনে ব্যৱহাৰক আমি সমর্থন নকৰো, ৰঙ্গমঞ্চত ট্ৰেজেডিৰ নায়কে তাকে কৰাটোহে আমি কেনেকৈ সমর্থন কৰিলো? দুখত তেওঁক আৰু দুখী হবলৈ উদগালে, আবেগৰ ওপৰত মনৰ শিথিলতাক উৎসাহ দিলো। তাকে কৰি মানুহৰ মনত দৰ্ব্বলতাৰ প্ৰতি আগবঢ়াই দিষা জানো নহল ? মানহৰ আচাৰ ব্যবহাৰৰ ওপৰত যুক্তিতকৈ আবেগৰ প্ৰাধান্য জানো মানি লোৱা নহল। প্লেটোয়ে আৰু, কৈছে যে ট্ৰেজেডিযে (কৰুণা ) pity আৰু, fear ( ভয়) এই দুটো আবেগক উৎসাহ দিষে। ভয আৰ, কৰণাক এইদৰে যুক্তিৰ শাসনৰ পৰা মুকলি কৰি দিলে সমাজত নিযমান,বৰ্তিতাৰ পৰিবৰ্ত্তে কল্যাণৰ পৰিবৰ্তে অকল্যাণহে পোৱা হ'ব। সেয়ে প্লেটোযে ট্রেজাডক আদৰ্শ ৰাষ্ট্ৰৰ পৰা উলিয়াই পঠিওৱাৰ পক্ষপাতী ।
এষ্টিটলে শ্বীকাৰ কৰিছে - হষ, ট্ৰেজেডীয়ে এনেকুৱা আবেগৰ সৃষ্টি কৰে। ই ভষাবহ আৰু অকল্যাণকাৰক। কিন্তু লগতে এষ্টিটলে এই কথাও কৈছে ট্ৰেজেডীয়ে কেৱল এনেকুৱা আবেগৰ স'ষ্টি কৰিয়েই নেৰে, লগে লগে সেই আৱেগ সমূহৰ পৰিষ্কাৰকৰণ ( katharsis ) কাৰ্য্যও কৰে। এইদৰে এষ্টিটলে প্লেটোক উত্তৰ দিছে। এই ক্ষেত্ৰত katharsis শব্দটোৰ প্ৰয়োগ আক্ষৰিক ভাবে শদ্ধ হোৱা নাই। ইয়াৰে এটা অৰ্থ পবিত্ৰীকৰণ হব পাৰে, যি ধৰ্ম্ম সম্বন্ধীয় প্রায়চিত্তৰ কথা বজায় । অন্য এটা অৰ্থত purgation হব, যিটোৰে চিকিৎসা শাস্ত্ৰৰ এক বিশেষ চিকিৎসাৰ কথা সূচায় । এতিয়া ভয় আৰ, কৰুণাৰ বিশদ্ধিকৰণ বলিলে আমি কি বাজিম ? নিশ্চয় একো নবজো। গতিকে ব, জিব লাগিব যে katharsis শব্দৰ "বাৰাই এৰিষ্টটলে Purification বজাব খোজা নাছিল। কাৰণ যেতিয়াই তেওঁ ট্রেজডিৰ katharsis-ৰ কথা কৈছে, তেতিয়াই ট্রেজেডিয়ে যে মানৱ মনত ভয় আৰু কৰুণাৰ উদ্রেক কৰে সেই কথাও কৈছে। কিন্তু গ্রীক চিকিৎসা শাশ্বত katharsis উল্লেখ থকা মতে প্রাণীদেহৰ পৰা বিশেষ অপ্রয়োজনীয়
পদার্থ বাহিৰ কৰিব লগা হ'লে একে ধৰণৰ নির্দিষ্ট পৰিমাণৰ পদার্থ প্ৰাণীদেহত প্ৰয়োগ কৰা হয়, কাৰণ অতিমাত্রা বেয়া। এষ্টিটলে ব্যৱহাৰ কৰা kathtars18 শব্দটোৰ অৰ্থ সেই কাৰণে আমি purgation অর্থাৎ পৰিষ্কাৰকৰণ অৰ্থত ব্যৱহাৰ কৰিব পাৰো। tragedy ৰ গঠন প্ৰকৃতিৰ কথা আলোচনা কৰোতে তেওঁ ইয়াৰ ঘটনাৰ ঐক্যৰ ওপৰত বিশেষ গুৰুত্ব দিছিল। ঐক্যৰ খাতিৰত কবিয়ে বাস্তব জীৱনৰ ঘটনাৰাজিক কল্পনাৰ তুলিকাৰে ট্ৰেজেডিত নতুনকৈ ৰূপ দিয়ে দিয়ে । জীৱনৰ পৰা দুৰ্ভাগ্যক বাদ দিব পৰা নাযায়। কবি মানসত ধৰা দিয়া মানৱ জীৱনৰ এই দুর্ভাগ্যই tragedy ৰ মাজেদি প্রকাশ লাভ কৰি আমাৰ জীৱনক দ,ভাগ্যবোধৰ পৰা মুক্তি দিয়ে ।
এষ্টিটলে Kathars18-ৰ পূঙ্খানপেঙ্খে ব্যাখ্যা Poetics গ্ৰন্হত দিয়া নাই। তথাপিও ট্ৰেজেডিৰ কাৰ্য্যাৱলীৰ সম্পৰ্কত Katharsis অর্থাৎ ভয় আৰ কৰণাৰ উদ্রেক কৰি বিশৃদ্ধ কৰাৰ কথাটো আমি বেছি ভালকৈ বুজিব পাৰো এষ্টিটলে টেজেডিৰ গঠন প্ৰকৃতিৰ এটা বিশেষত্বৰ ওপৰত খবে গুৰুত্ব দিছে। সেইয়া হৈছে ট্রেজেডিৰ ঘটনাস্রোতৰ ঐক্য। বৰঞ্জীত মাথো আমি ঘটনাৰ প্ৰৱাহহে পাও। সেই ঘটনা প্ৰৱাহৰ আদি অন্ত বৰঞ্জীত নাই। দর্শনত আমি মানহৰ জ্ঞানৰ প্ৰতি থকা আকাঙ্ক্ষাৰ বিচাৰি পাও। কিন্তু ট্ৰেজেডিত মানৱ জীৱনত সম্ভৱ হ'ব পৰা যি কোনো ঘটনাৰ এটা পৰিপূৰ্ণ ৰূপাষণ থাকে। আমাৰ বাস্তৱ জীৱনলৈ দুখ আহে। সেই দখে হৃদয় শোকাকীৰ্ণ কৰি তোলে। বাস্তৱ জীৱনত এই ভাগ্যৰ মূহূৰ্ত্তত আমি অস্থিৰ হৈ উঠো । কিতু যেতিয়া সেই একে ঘটনাকে আমি ট্রেজেডিত দেখো তেতিযা আনন্দিত হও° কেনেকৈ ? বাস্তৱ জীৱনৰ দখবোধ ট্রেজেডিত নথকা নহয। কিন্তু সেই দৰ্থবোধৰ উপৰিও ট্রেজেডিত আমি আৰু বহু, সম্পদ বিচাৰি পাও'। সেই সম্পদৰম্বাৰা এই দখবোধ আনন্দলৈ পৰিবৰ্ত্তিত হয়। কোনোবা এটা দখৰ মূহূৰ্ত্তৰ্ক সম্ভৱপৰ এক ঘটনাৰ গাঠনিৰ মাজেদি ট্রেজেডিত কবিয়ে ধৰি ৰাখে। ট্ৰেজেডিৰ মাজত আমি জীৱনক দেখা পাও ইয়াৰ সমগ্ৰ সামগ্ৰিকতাৰে। টেজেডিৰ এই সামগ্ৰিক ৰূপছবিয়ে জীৱনক জাগৰিত কৰি তোলে। এইদৰে ট্ৰেজেডিয়ে আমাৰ হৃদয়ৰ আবেগ সমূহক পৰিষ্কাৰ কৰি তোলে। এইয়ে এষ্টিলৰ বিখ্যাত Katharsis-~-অর্থাৎ আবেগক জগাই তুলি পৰিষ্কাৰকৰণ সূত্ৰৰ ব্যাখ্যা। সন্দেহ নাই এই সত্ৰৰ জ্বাৰাই এৰিষ্টটলে বজোৱাখিনিকে অবিকল বজোৱা হোৱা নাই। কিন্তু এষ্টিটলৰ কথা আৰু, তত্ত্বৰ লগত সামঞ্জস্য ৰাখি Katharsis ৰ ব্যাখ্যা এনেদৰেই দিলে ভুল নহয় বলি বিশ্বাস কৰিব পাৰি ।
চেক্সপীয়েৰৰ 'হেমুলেট'
ষষ্ঠদশ আৰু, সপ্তদশ শতিকাৰ সংযোগকালৰ প্ৰায় একুৰি চাৰি বছৰ কাল লণ্ডন মহানগৰীত মহান নাট্যকাৰ চেক্সপীয়েৰে এনে এক অভিনব উদ্দীপ্ত সদৃষ্টি প্ৰতিভাৰে ইংৰাজী সাহিত্য সমৃদ্ধ কৰি গ'ল, যাৰ তুলনা বিশ্বৰ ক'তো পাৰলৈ নাই। মানহৰ মহাজীৱনৰ মহাগীতি আৰু, বিশ্ব প্রকৃতিৰ অভেদ্য ৰহস্য উদ্ভাষিত কৰি এই গৰাকী অমৰ নাট্যকাৰ আৰু, মহান কবিয়ে চি গ'ল ৰোমিও এণ্ড জুলিয়েট, হেমলেট, অথেলো, মেকবেথ কিং লিয়েৰ আদি বিশ্ববিখ্যাত ট্রেজেডিসমূহ, এজ ইউ লাইক ইট, দি উইণ্টাৰচ টেল, টুৱেলভ নাইট, মিড চামাৰ নাইটচ ড্রিম, দি টেমপেষ্ট আদি অতুলনীয় কমেডিসমূহ, জালিয়াচ চিজাৰ, ৰিচাৰ্ড' থাৰ্ড', হেনৰি ফথ, হেনৰি ফিফঠ আদি ঐতিহাসিক নাটকসমূহ আৰু ডেৰশতকৈও অধিক মনোমোহা চনেট আৰু, কেইবাটাও বর্ণনা মধুৰ দীঘলীয়া কবিতা।
ইংৰাজী সাহিত্যৰ এলিজাবেথান যংগ ( ১৫৫০ ১৬২০ ) ৰ এই বিশ্ববিখ্যাত নাট্যকাৰ গৰাকীৰ জীৱনী হিচাপে বহহৃত বেছি কথা জনা নাযায়। অন-মান, বিশ্বাস আৰ, পৰম্পৰাক কেন্দ্ৰ কৰি চেক্সপীযেৰৰ জীৱনীয়ে কেতিয়াবা উপাখ্যানৰ ৰূপ লৈছে । অৱশ্যে দুই এটা ঐতিহাসিক প্রমাণেও যে এই মহান সাহিত্যিক গৰাকীৰ জীৱনী ৰচনা কৰাত মাজে মাজে পোহৰ পেলোৱা নাই এনে নহয়, তথাপিও চেক্সপীয়েৰৰ জীৱনৰ বহদখিনি কথা অননুমানসিদ্ধ।
১৫৬৪ খ্রীষ্টাব্দৰ ২৩ এপ্রিলত ষ্টাৰ্টফোর্ডত চেক্সপীয়েৰৰ জন্ম হয়। তেওঁৰ দেউতাক জন চেক্সপীয়েৰ ১৫৫৬ চনত এটা মোকদ্দমাত জড়িত হোৱা বুলি জনা যাষ । এই মোকদমাৰ বিৱৰণ পৰা তেও ক মোজা তৈয়াৰ কৰা মানহে বদলি জনা যায়। চেক্সপীয়েৰৰ মাকব নাম আছিল মেৰী আর্ডেন। পিতৃ মাতৃৰ তেওঁ আছিল তৃতীয় সন্তান। চেক্সপীযেৰৰ তেৰ বছৰ হোৱালৈকে দেউতাকৰ অৱস্থা ভালেই আছিল। কিন্তু ১৫৭৮ খ্ৰীঃৰ পৰা ব্যৱসায়ত অবনতি ঘটাৰ কাৰণে চেক্সপীয়েৰক স্কুলৰ পৰা এৰুৱাই দিয়া হয় আৰু, পিতৃৰ ব্যৱসায়তে তেও ক নিযোগ কৰা হয়।
বিশ্বাস কৰা যায় ওঠৰ বছৰ বয়সত এনি হেথওৱেৰ লগত চেক্সপীয়েৰৰ বিয়া হয়। বিয়াৰ সময়ত তেও ৰ "boy husband" তকৈ এনি হেথওৰেৰ আঠ বছৰ ডাঙৰ আছিল। বিয়াৰ প্ৰায় ছমাহৰ পিছতে তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হয়।
ক্রমান্বয়ে বাঢ়ি অহা তেওঁৰ সংসাৰখন চলাবৰ কাৰণে চেন্নপায়েৰে কি ব্যৱসায়
বিশ্ব সাহিতাৰ আভাস
হাতত লৈছিল সেইকথা খাটাংভাৱে জানিব নোৱাৰি। কোনো কোনোৱে অনূমান কৰে যে চেক্সপীয়েৰে সেই সময়তে ষ্টাৰ্টফোর্ড'ৰ এখন স্কুলত শিক্ষকতা কৰে। অন্য এটা প্রচলিত বিশ্বাসমতে চাৰ থমাচ লাচিৰ পাক'ত পহধৰা অপৰাধত তেওঁ ষ্টাৰ্ট'ফোর্ড এৰিব লগা হয়। যদি এই ঘটনা সচা হয়, তেতিযাহলে 'The Merry Wives of Windsor' নাটকত থকা Justice Shallow-ৰ চৰিত্ৰক Sir Thomas Lucy ৰ ব্যঙ্গৰূপ বুলি ধৰিব পাৰি ।
বিবাহপাশত আবদ্ধ হোৱাৰ চাৰি বছৰৰ পিছত হঠাৎ এদিন চেক্সপীয়েৰ তেওঁৰ ল'ৰা তিৰোতাৰ পৰা বিদায় লৈ ভাগ্য অন্বেষণৰ কাৰণে লণ্ডন নগৰীলৈ গছি যায়। যাওঁতে অক্সফোর্ড'ত সোমাই যায। তেতিয়াৰ পৰা ১৬০৯ খ্রীষ্টাব্দলৈকে লণ্ডন মহানগৰীত থাকি চেক্সপীষেৰে সাহিত্য সৃষ্টিত আত্মনিয়োগ কৰে আৰু, জগতবাসীক এক যুগমীয়া সম্পদৰ গৰাকী কৰি তোলে। কিন্তু লণ্ডন নগৰীলৈ গৈয়েই তেওঁ" নাটক ৰচনা কৰা নাছিল। প্রায় ছয়বছৰৰ কাল তেও ক'ত কি কৰিছিল সেইবিষয়ে নিশ্চিতভাৱে একো জনা নাযাষ। এক প্রবাদমতে সেই কালছোৱাত তেও* লণ্ডনৰ ৰঙ্গমঞ্চৰ দশকৰ ঘোঁৰাৰখীয়া আছিল। এই সময়ছোৱাত যে চেক্সপীয়েৰ কঠোৰ সাধনাত ব্ৰতী আছিল, সেই কথা সহজেই অনন্মান কৰিব পাৰি । মহৎ সৃষ্টিৰ কাৰণে গোপনীয়তা সদায প্রয়োজনীয় । ষেই হওক, তেও ব দক্ষতাই অতি সোনকালেই স্বীকৃতি পালে আৰু, লণ্ডনৰ এটা বিখ্যাত থিয়েটাৰ কোম্পানীত তেও দলভুক্ত হয়। লণ্ডন মহানগৰীৰ 'ল'ব' থিয়েটাৰেই যদিও চেক্সপীযেৰ শ্ৰেষ্ঠ কৃতকাৰ্য্যতাৰ স্থান, তথাপি ই নির্মিত হোৱাৰ আগতে তেও অন্যান্য থিয়েটাৰ লগত জড়িত নোহোৱাকৈ নাছিল। সেইসমযৰ অভিনেতাসকল যদিও ইউৰোপৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল চেক্সপীয়েব কিন্তু কাহানিও ইংলণ্ডৰ বাহিৰলৈ যোৱা নাছিল ।
১৬০১ শ্ৰীঃত চেক্সপীয়েৰ নিজৰ ভৰিত সদঢ়ভাৱে থিয দিব পৰা হ'ল। এতিয়া আৰ, তেওক ৰজাঘৰীয়া পণ্ঠপোষকতাৰ প্ৰয়োজন নাইকিয়া হ'ল। নাট্যকাৰ হিচাপে তেওঁ এতিয়া স্, প্রতিষ্ঠিত যশস্যাৰ অধিকাৰী। ইখনৰ পিছত সিখনকৈ তেওৰ নাটকসমূহ ওলায়েই থাকিল। তেওৰ নাটকৰ প্ৰতি মানুহৰ শ্রদ্ধা দিনে দিনে বাঢ়ি যাবলৈ ধৰিলে। ল ডন নগৰৰ ৰাজকীয় উৎসব অনুষ্ঠান চেক্সপীয়েৰ নহলে নোহোৱা হ'ল। লডন মহানগৰীৰ এই উৎসৱ অনুষ্ঠান আৰু নিজৰ যশ গৌৰবৰ মাজতো তেও ষ্টাৰ্টফোর্ডৰ কথা নাপাহৰিলে। এটা সন্দৰ ঘৰ কিনি লৈ জীৱনৰ শেষ বছৰকেইটা তেওঁ ষ্টাৰ্টফোর্ড'তে কটালে।
মাথোন ৫২ বছৰ বয়সতে এই মহান মনীষাসম্পন্ন নাট্যকাৰ গৰাকীৰ মৃত্যু হ'ল । ষ্টাৰ্টফোৰ্ডৰ ঘৰত বেন জনচন আৰু, মাইকেল ড্রাইটন আদি সঙ্গীসকলৰ লগত আনন্দ আহলাদৰ মাজত দিন কটাওতেই ১৬১৬ খ্ৰীঃৰ এপ্ৰিল মাহত তেও ইহলীলা সম্বৰণ কৰে। চেক্সপীয়েৰক ওৱেষ্টমিনিষ্টাৰ এবেত কবৰ নিদিয়াৰ
চেক্সপাঁৱেৰৰ হেমলেট
কাৰণে উইলিয়াম বাচয়ে চেক্সপীয়েৰক নিজৰ "Carved Marble"-ত অঞ্চলে শই থাকিবলৈ কৈছে।
চেক্সপীয়েৰে প্ৰায় একুৰি চাৰিবছৰ কাল সাহিত্য ৰচনাত আত্মনিয়োগ কৰে। এই দীর্ঘ সময়ছোৱাৰ ভিতৰত তেও একুৰি সোতৰখন নাটক, কেইবাটাও দীঘলীয়া কবিতা আৰু, ডেৰশতকৈও অধিক চনেট লিখি যায় ।
চেক্সপীয়েৰৰ নাটকসমূমূহ ৰচনাৰ ক্লম অনুযায়ী অনুধাবন কৰিলেহে তেওঁৰ হাতত নাট্যকলাই কেনে ৰূপ লাভ কৰিছিল সেই কথা বুজিব পাৰি আৰু, এই নাট্যৰূপৰ গঠন আৰ, বিকাশৰ ধাৰা অনুধাবন কৰিব পাৰি ।
তিনিবিধ প্ৰমাণৰ ওপৰত ভিত্তি কৰি চেক্সপীয়েবৰ নাটকসমূহৰ ৰচনাৰ কুম নিৰ্দ্ধাৰণ কৰিবলৈ চেষ্টা কৰা হৈছে। এই বিলাকৰ প্রথম বিধ হ'ল সম্পর্ক বহি প্ৰমাণ, দ্বিতীয় বিধ হ'ল আংশিকভাৱে নাটকৰ ভিতৰৰ প্ৰমাণ আৰু আংশিকভাবে বহিপ্রমাণ আৰু, তৃতীযবিধ হ'ল সম্পৰ্ণৰূপে নাটকৰ ভিতৰৰ প্রমাণ। সম্পূর্ণ বহি প্ৰমাণখিনি ৰাজসভাৰ মঞ্চত নাটক অভিনয় কৰাৰ তাৰিখ সমূহৰ পৰা আৰ, ষ্টেচনাৰ্চ - কম্পেনীৰ পঞ্জীয়নত নাটক পঞ্জীয়ন কৰাৰ তাৰিখৰ পৰা পোৱা যায়। দ্বিতীয় বিধ প্রমাণ পোৱা যায় নাটকৰ ভিতৰত সমসাময়িক ব্ৰঞ্জীৰ ঘটনাৰ উল্লেখ থকাৰ পৰা। উদাহৰণ স্বৰূপে পঞ্চম হেনৰি নাটকত আমি ১৫৯৯ ৰ এচেকচৰ আয়ৰলেণ্ড অভিযানৰ উল্লেখ পাও । চেক্সপীয়েৰৰ নাটকীয় ষ্টাইল, ভাষাৰ মানদণ্ড, গদ্যৰ ব্যৱহাৰ, অমিত্রাক্ষৰ ছদৰ ব্যৱহাৰ - ইত্যাদি সকলোবোৰ লগলগাই চেক্সপীযেৰৰ কোনখন নাটক আগৰ আৰু কোনখন পিছৰ সেইকথা নির্ণয় কৰাৰ ক্ষেত্ৰত চেষ্টা কৰা হৈছে । তৃতীয়বিধ প্ৰমাণৰ ক্ষেত্ৰত এই বিলাককে অন্তৰ্ভুক্ত কৰা হয় ।
চেক্সপীয়েৰৰ নাটকৰ এখন তালিকা প্রস্তুত কৰি সেইবিলাক ৰচনাৰ যদি তাৰ্থি দি দিয়া যায়, তেতিয়াহলে কাৰোবাৰ ভুল ধাৰণা হব পাৰে যে সেই বিলাকৰ ৰচনাৰ তাৰিখ জনা গৈছে। প্ৰকৃততে কিন্তু কোনো এখন নাটকৰে ৰচনাৰ তাৰিখ নিশ্চিতভাৱে জনা নাযায়। ষেই হওক, পণ্ডিত আৰু, গৱেষক সকলৰ অশেষ পৰিশ্ৰমৰ পিছত চেক্সপীয়েৰৰ নাটকৰ ৰচনাৰ সাধাৰণ ব্রুম এটা নিৰূপণ কৰা হৈছে ।
চেক্সপীয়েৰেৰ নাট্যজীৱনক চাৰিটা ভাগত ভাগ কৰা হয়। ১৫৮৮-ৰ পৰা ১৫৯৪ লৈকে ছয় বছৰৰ সময় ছোৱাক আগবয়সৰ কাল বুলি কোৱা হয়। এইসময়ত ৰচনা কৰা নাটকসমূহ হ'ল টিটাচ এন্দ্ৰনিকাচ, হেনৰি চিব্ব-প্রথম ভাগ, লাচ লেবাৰ লষ্ট, কমেডি অব এৰৰচ, টু জেণ্টলমেন অব ডেৰোনা, এ মিড চামাৰ নাইট'চ দিম, হেনৰি চিন্ত - ২য় ভাগ, হেনৰি চি - ৩য় ভাগ, ৰিচাৰ্ড' থার্ড, ৰোমিও এন্ড জুলিয়েট আৰ, ৰিচাৰ্ড' চেকেণ্ড। এইছোৱা সময়ক অননুকৰণ আৰু
কিব সাহিত্যৰ আভাস
পরীক্ষা নিরীক্ষার সময় বদলি কব পাৰি ।। এইছোৱা সময়তে চেক্সপীয়েৰে যেন তেওঁ'য নাট্যবলাক আয়ত্ত কৰিবৰ কাৰণে আপ্রাণ চেষ্টা চলাইছে। এইছোৱা সময়ৰ ৰচনাসম,হৰ লেখাৰ 'টাইল অলপ খহটা আৰু কৃত্ৰিম, চৰিত্ৰাণৰ ক্ষমতা এভিয়াও তেনেই প্রাথমিক অৱস্থাতে আছে। এই সময়ৰ নাটক সমূহত প্রকাশ পোৱা বদন্ধিনিষ্ঠতা উজ্জজ্জ্বল আৰু, জমকীয়া, কিন্তু সক্ষা আৰু পৰিশীলিত নহয়। এইছোৱা সময়ত চেক্সপীয়েৰে মানবহৃদয়ৰ কোমল অনুভূতি বিলাকৰ লগত পৰিচিত হৈছে যদিও জীৱনৰ ভয়াবহতা আৰু বৃহস্যৰ বিষয়ে সেইদৰে জ্ঞানঅৰ্জন কৰিৰ পৰা নাই । এই প্রথমছোৱাক সমালোচক ডাউডেন ( Dowden ) এ 'Leasuring his trade in the workshop ৰ কাল বলি অভিহিত কৰিছে ।
১৫৯৪ ৰ পৰা ১৬০০ লৈকে ব্যাপি থকা ছবছৰ জোৰা দ্বিতীয় ছোৱা কাল চেক্সপীয়েৰৰ সাহিত্যিক জীৱনৰ কাৰণে যথেষ্ট গৰুত্বপূৰ্ণ। এইছোৱা সমধত চেক্সপীয়েৰ মানুহৰ জীৱনৰ বেচি ওচৰ চাপি আহিবলৈ সক্ষম হৈছিল আৰু জীৱনৰ বাস্তবতাক যেন তেও বেছি ভালধৰণে উপলব্ধি কৰিব পাৰিছিল। ডাউডেনৰ ভাষাত এইছোৱা সময় "in the world" অর্থাৎ এইছোৱা সময়ত তেও মানবজীবনৰ বাস্তবতাৰ মাজত আছিল। এই দ্বিতীয় ছোৱা কালত তেও ৰচনা কৰা নাটকসমূহ হ'ল - কিং জন, মার্চেন্ট অব ভেনিচ, হেনৰি ফথ - - -প্রথম খণ্ড, হেনৰি ফথ - - ২য খণ্ড, হেনৰি ফিফথ, টেমিং অব দি গ্র, মৌৰ ওৱাইভচ অব উইদচৰ, মাচ এড' এবাউট নাথিং, এজ ইউ লাইক ইট আৰু টুৱেলভ থ নাইট । বাস্তৱ জীৱনত কৃতকাৰ্য্যতা লাভ কৰা আৰু সংখ লাভ কৰাৰ সমস্যাই এইসময়ৰ চেক্সপীয়েৰৰ নাটকসমূহত ঘাইকৈ স্থাত পাইছে ।
ইতিমধ্যে এই দ্বিতীয় ছোবা কালৰ লগে লগে চেক্সপীযেৰে নাট্যকাৰ হিচাপে পৰিপক্কতা লাভ কৰিবলৈ সক্ষম হয় । এতিয়া অধিক আত্মবিশ্বাস আৰ, অধিক প্রত্যয়েৰে তেও নাট্যসৃষ্টিত মনোযোগ দিব পৰা হ'ল । তেও ৰ ৰোমাণ্টিক কমেডিসমূহত আমি উন্নত হাস্যবস, উদীপ্ত বদম্বিনিষ্ঠতা আৰু উচ্চ পর্যাষৰ চৰিত্ৰাঙ্কণ লক্ষ্য কৰো। তেওঁৰ ৰচনাৰ ষ্টাইল বেচি সপ্রতিষ্ঠিত হ'ল । চেক্সপীয়েৰৰ হাতত অমিত্রাক্ষৰ ছন্দই এক নতুন ধীৰ আৰু সাবলীল গতি লাভ কৰিলে । তেওৰ চিন্তা আৰ, প্ৰকাশৰ মাজত এক সষমা আহি পৰিল। তেওঁৰ তিনিখন শ্রেষ্ঠ ৰোমাণ্টিক কমেডি মাচ এড' এবাউট নথি,, এজ ইউ লাইক ইট আৰু টুৰেলভঠ লাইট এইছোৱা সময়ত ৰচনা কৰে। বিযেচি, ৰোজালিন্দ আৰু ভায়লাৰ দৰে মনোৰম নাৰী চৰিত্ৰই চেক্সপীয়েৰৰ নাৰী চৰিত্ৰ চিত্ৰণত তেও লাভ কৰা সফলতাৰ কথা সন্দৰভাৱে ফুটাই তোলে।
১৬০০-ৰ পৰা ১৬০৮ লৈকে পিছৰ আঠবছৰৰ সময় ছোৱাক চেক্সপীয়েৰৰ সাহিত্যিক জীৱনৰ টেজিক কাল বা তৃতীয় ছোৱা কাল বলি কোৱা হয়। এই সময় ছোৱাতেই তেওঁ তেওঁৰ বিখ্যাত টেজেডি চাৰিখন ৰচনা কৰে, লগতে কেইখনমান 'ডার্ক' কমেডি' বা বিষণ্ণভাবৰ কমেডি ৰচনা কৰে। এতিয়া আৰু
চেপীয়েৰৰ হেমলেট
চেক্সপীয়েৰ জীৱনৰ উজ্জল দিশটোক লৈ সন্তুষ্ট নহয়। তেও বিষয়ৰ গভীৰৰো গভীৰলৈ সোমাই গৈ অসৎ আৰু গভীৰ দুখৰ ৰহস্য ভেদ কৰাত আত্মনিয়োগ কৰিলে।
অল ইজ ওৱেল দেট এণ্ডচ ওৱেল, মিজাৰ ফৰ মিজাৰ, টুইলাচ এণ্ড ব্লেচিদা, জলিয়াচ চিজাৰ, হেমলেট, অথেলো, কিং লিয়েৰ, মেকবেথ, এখান এন্ড ক্লিওপেট্টা, কৰিওলেনাচ আৰু, টাইমন অব এথেন্স এই সময়ৰ ৰচনা। ডাউডেনে এই সময়ছোৱাক গভীৰৰো গভীৰৰ (out of depth ) বুলি অভিহিত কৰিছে। এই আটাইকেইখন নাটকতে জীৱনৰ বিষাদময় আৰু কৰণভাবৰ হৃদয়গ্রাহী চিত্র ফুটি উঠিছে । আন কি এই সময়ত ৰচনা কৰা কমেডি অল ইজ ওৱেল দেট এঙ্ক ওৱেল, মিজাৰ ফৰ মিজাৰ আৰু, টাইলাচ এণ্ড ক্ৰেচিদাতো কৰুণ ভাৱৰহে প্ৰাধান্য দেখা যায়। সেই কাৰণেই এই কেইখনক 'ডার্ক - কমেডি' বা বিষাদভাবৰ কমেডি বুলি কোৱা হয়।
চেক্সপীয়েৰে চাৰিখন বিখ্যাত ট্রেজেডি হেমলেট, অথেলো, কিং লিয়েৰ আৰু মেকবেথত কাৰণ্যৰ যি মহৎ চিত্র অঙ্কন কাৰছে তাত অসৎ শক্তিৰ ভয়াবহৰূপ আৰ, মানৱ জীৱনৰ দাৰণে কষ্টভোগৰ চিত্ৰ প্ৰকট কৰি তোলা হৈছে। কষ্টভোগ আৰু, অসৎশক্তিৰ প্ৰাধান্যৰ বাহিৰেও এই কেইখনত লোভ আৰ, ঈর্ষা স্বাৰ্থপৰতা আৰু, বিশ্বাসঘাটকতা, শঠতা আৰু, অকৃতজ্ঞতা, ব্যভিচাৰ আৰু, প্রতিশোধপৰায়ণতাৰ গভীৰ চিত্ৰ অতিশয় তীব্ৰ আৰ, প্ৰকট কৰি ফুটাই তোলা হৈছে । এইয়া এনে এখন কাৰণ্যৰ জগত য'ত পবিত্ৰতা, সৰলতা আৰু আন্তৰিকতা গভীৰ পৰীক্ষাৰ সম্মুখীন হৈছে আৰ, জীৱনৰ ওপৰত গভীৰ দুখ আৰু, দুষ্টশক্তিয়েহে যেন প্রাধান্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। গোটেই পৰি - মণ্ডল বিষাদ, হুতাশা, দখ আৰ, কাৰণ্যৰে ভৰপূৰ। নৈতিক অধপতন আৰ, আধ্যাত্মিক বিনাশৰ এক হাঁহাঁকাৰ চিত্ৰ এই ট্ৰেজেডিসমূহত তীব্ৰ হৈ উঠিছে ।
এইছোৱা সমযতে চেক্সপীয়েৰে তেওঁৰ ৰচনাৰ ষ্টাইল আৰু চৰিত্ৰাঙ্কণৰ ক্ষেত্ৰত চৰম উৎকর্ষ লাভ কৰিবলৈ সক্ষম হয়। মনসস্তত্ত্বৰ সূক্ষ্মাতিসক্ষেত্র বিশ্লেষণেৰে তেওঁৰ চৰিত্ৰ চিত্ৰণ অভাবনীয়ভাৱে চিত্তাকর্ষক হৈ পৰে আৰু মানৱ জীৱনৰ গভীৰ ৰহস্য টেজিডিসমূহৰ চৰিত্ৰৰ মাজেদি প্রকাশোল হৈ পৰে। ডাউডেনৰ ভাষাত "এই মহান ট্রেজেডিকেইখনত মূল সমস্যা হৈছে আধ্যাত্মিক সমস্যা। কৃতকার্যতা আৰু, ব্যৰ্থতাৰ সমস্যা এতিয়াও আছে। কিন্তু এই মহান ট্রেজেডিকেইখনত কৃতকাৰ্যতা মানে পার্থিব জীৱনৰ কৃতকাৰ্যতা নহয়, বৰং আধ্যাত্মিক পৰিপূৰ্ণতাহে। আৰ, ব্যৰ্থতা মানে বিপদ বা পাপৰ যোগেদি, বা হৃদয়াবেগ আৰু নৈতিক দৰ্শ্বতলাৰ কাৰণে হোৱা আধ্যাত্মিক স্থলনহে।"
১৬০৮-ৰ পৰা ১৬১২ লৈকে চাৰিবছৰৰ সময়ছোৱাই চেক্সপীয়েৰৰ সাহিত্যিক জীৱনৰ শেষৰ ছোৱা কলি। নিশাৰ গভীৰ অন্ধকাৰ যেন লাহে লাহে নাইকিরা হৈ আহিছে। প্ৰবল ধমূহো বতাহৰ অন্তত এতিয়া গভীৰ প্ৰশান্তিৰ সময়।
ডাউডেনৰ ভাষাত নাট্যকাৰ এতিয়া শীর্ষতম অৱস্থাত (on the heights প্ৰশান্তিৰ শীৰ্যৰ্তম অৱস্থাত অৱতীৰ্ণ হৈ নাট্যকাৰে এতিয়া তলৰ বাস্তব জগত খনত থকা মান হৰ সংগ্ৰাম সংঘর্ষ আৰু, সঙ্কটৰ, আনন্দ আৰু, বেদনাক অধিক দৃঢ় আৰু সঠিকভাৱে পৰ্য্যবেক্ষণ কৰিবলৈ সক্ষম হৈছে। পেৰিক্লিচ, চিম্বেলাইন, দি টেম্পেষ্ট আৰু, দি উইণ্টাৰ্চ টেল - এইকেইখন এইসময়ৰ ৰচনা। এইকেইখন নাটকত চিত্রিত জগতখনো অসৎ শক্তিৰ প্ৰভাৱ, কষ্ট আৰুৰ যন্ত্ৰণাৰে ভৰপূৰ । কিন্তু এইবাৰ পাপকাৰ্য্যত প্রবৃত্ত হোৱা মনে পিছত তেওৰ দুষ্কৃতিৰ কথা উপলব্ধি কৰিব পাৰিছে আৰু, সেইকাৰণে অনূদতপ্ত হৈছে। অনুশোচনাৰ চকুলোৱে তেওঁ"ৰ আত্মাৰ মলিমাকতি ধই নিকা কৰি পেলাইছে আৰু, এইদৰেই চৰিত্ৰই নিজক সংশোধন কৰি লব পাৰিছে। যাক অন্যায় কৰা হৈাছল তেও দুষ্কৃতিকাৰীক ক্ষমা কৰিব পাৰিছে আৰু সেইদৰে এক সমিলমিলৰ পৰিবেশত নাটকৰ সমাপ্তি ঘটে। ঘণা, প্রতিহিংসা আৰু, হতাশাৰ ঠাইত প্রেম, ক্ষমা আৰু, আশাই ঠন ধৰি উঠিছে। এই সময়ছোৱাত আমি ৰজা লিয়েৰৰ ঠাইত পাইছো প্রচপাৰক, ক্লিওপেট্টা আৰু, লেডী মেকবেথৰ ঠাইত হাৰমিয়ন আৰু, ইমাগণক পাইছো।
নাট্যকাৰ হিচাপে চেক্সপীয়েৰৰ সাহিত্যিক জীৱন সংক্ষভাৱে বিশ্লেষণ কৰিলে দেখা যায যে তেও ব আগ ব্যসব কমেডিসমূহ যৌৱনৰ অপৈণত ভাবেচ্ছাসেৰে ভৰপূৰ দ্বিতীয় পর্য - সয়ত তেও কিছ, পৰিক্বতা লাভ কৰে, তেতিষাই ঐতিহাসিক নাটসমূহ ৰচনা কৰে আৰ, উজ্জজ্জ্বল কমেডি সমূহ ৰচনা কৰে। বয়স আগবঢ়াৰ লগে লগে জীৱন সম্পর্কে - তেও ব দষ্টিভঙ্গী বেচি বিষাদপূৰ্ণ হৈ উঠে । তেওঁৰ বিখ্যাত ট্ৰেজেডি কেইখনত হতাশা আৰু বেদনা বোধৰ এই চিত্ৰ প্ৰকট হৈ উঠিছে । তেও ৰ এই বিশাল ট্ৰেজেডিসম,হ ৰচনা কৰাৰ সমযত যদি ঢেও কমেডি ৰচনা কৰিছে - মিজাৰ ফৰ মিজাৰ বা টুইলাচ এণ্ড ক্লেচিড়া। কাৰণ, কমেডি হলেও আগৰ কেইখনৰ দৰে এই দখন নহয, ইযাত জীৱনৰ বেদনা বোধৰ ৰূপহে প্রবল। আকৌ যেতিয়া তেও আনন্দ উদীপক কমেডিসমূহ ৰচনা কৰিছিল, তেতিযা যদি ট্ৰেজে।ড ৰচনা কৰিবলগীয়া হৈছিল, ৰচনা কৰিছিল ৰোমিও আৰু, জলিযেটৰ দবে ট্রেজে।ড। সেই কাৰণেই ডাউণ্ডন আৰু, অন্যান্য দই এক সমালোচকে বিশ্বাস করে যে চেক্সপীয়েৰৰ নাটকসমূহৰ মাজেদি তেওৰ মানসিক অৱস্থা আৰু আধ্যাত্মিক ভাবচিতাৰ বিকাশৰ ধাৰাও সন্দৰৰূপে অনুধাবন কৰিব পাৰি ।
তেও ব নাট্যজীবনৰ শেষৰ ফালে চেক্সপীয়েৰে মানসিকভাৱে গভীৰ প্ৰশান্তি আৰু পৰম পবিত্ৰতাৰ এক স্থিৰ অৱস্থা লাভ কৰে। এই সময়ত ৰচনা কৰা নাটসমূহত আনন্দ আৰ, আশাৰ চিদ্ৰ ফুটি উঠিছে । এইসময়ৰ ৰচনাৰ যোগেদি তেও প্ৰেম আৰ, শান্তিৰ বাণীকে মানবসমাজলৈ আগবঢ়াই থৈ গৈছে। আধ্যাত্মিক দায়িত্ববোধৰ দ্বাৰা পৰিচালিত হৈয়ে যেন চেক্সপীয়েৰে তেওঁৰ শেষ বয়সৰ নাটকেইখনত মানৱসমাজক প্ৰেম, কৰুণা, ক্ষমা আৰু দয়াৰ এই মহাবাণী শনাই থৈ গৈছে ।
হেমলেট নাটকৰ ৰচনাৰ সময় :
নাটকৰ আভ্যৰীণ প্ৰমাণ আৰু বাহ্যিক প্রমাণসমূহ পৰীক্ষা কৰি চোৱাৰ পিছত গৱেষকসকলে একেমততে উপস্থিত হব পাৰিছে। আৰ, তেওঁলোকৰ সিদ্ধান্ত হ'ল হেমলেট নাটকখন চেক্সপীয়েৰে ১৬০১ খ্ৰীঃত ৰচনা কৰিছিল ।
নাটক খনৰ উৎস
চেক্সপীযেৰে তেওঁৰ নাটকসমূহৰ আখ্যান বা কাহিনী কাহানিও নিজে উদ্ভাৱন কৰি লোৱা নাছিল। নাটকসমূহৰ কাহিনীসমূহ তেওঁ পৌৰাণিক আখ্যান, জনশ্ৰুতি বৰঞ্জী আৰু, পূৰ্ব্বৰ নাট্যকাৰ সকলে ৰচনা কৰা নাটকৰ পৰা গ্ৰহণ কৰিছিল। হেমলেটৰ আখ্যানটো বাদশ শতাব্দীৰ পৰা বিভিন্ন ৰূপত বিভিন্নজনে লিপিবদ্ধ কৰি ৰাখিছিল। চেক্সপীয়েৰে তেওঁৰ নাটকৰ কাৰণে প্ৰায় এই সকলোৰে পৰা সহায় লৈছে। তাৰ পিছত তেওঁ যি কাহিনী সৃষ্টি কৰিলে সেইটো কিন্তু সম্পৰ্ণ - নতুন আৰু, এককভাবে নিজৰ হৈ পৰিল ।
বাদশ শতিকাৰ শেষৰ ফালে ডেনমাৰ্কৰ বৰঞ্জী লেখক চেঙ্গো গ্রামাটিকাচে লেটিন Historia Danica নামেৰে ডেনসকলৰ বুৰঞ্জী প্ৰণয়ন কৰে । এই বৰঞ্জীৰ তৃতীয় আৰু চতুর্থ খণ্ডত Amleth ৰ উপাখ্যান লিপিবদ্ধ কৰে। চেক্মোৰ বৰঞ্জীত থকা এই উপাখ্যানৰ পৰাই চেক্সপীয়েৰে হেমলেট নাটকৰ কাহিনী আহৰণ কৰে। চেক্সপীযেৰৰ হাতত ৰূপলাভ কৰা নাটকখনৰ আটাইবোৰ নাটকীয় বৈশিষ্ট্যপূর্ণ ঘটনাই চেক্সোৰ বৰঞ্জীত আছে। দেউতাকক দদায়েকে হত্যা কৰে, মাকে হত্যাকাৰীক বিযা কৰায়, পুতেকে প্রতিশোধ লবৰ কাৰণে বলিয়ালিব ভাও জোৰে, মাক আৰু, পাতেকৰ কথাবতৰা হয় আৰ, তাৰ পিছত পেেক ইংলণ্ডলৈ গচি যায়। নায়কৰ মৃত্যুৰ লগে ঘটনাৰ সামৰণি পৰে। চেক্সোৰ বৰঞ্জীত আমি চেক্সপীয়েৰৰ হেমলেট নাটকৰ কাহিনীৰ ৰূপৰেখাকে যে পাওঁ এনে নহয়, নাটকত থকা আটাইখিনি প্রধান চৰিত্ৰ গাৰ্ট্ৰড, ক্লডিয়াচ, অফোলযা, হৰচিও, পলনিয়াচ, ৰজেনক্লেণ্টজ, গিণ্ডাৰণ্টন - এই বৰঞ্জীতো আছে। চেক্সোৰ এই কাহিনীটো উত্তৰ ইউৰোপত পোন্ধৰ শতিকাত খুব জনপ্রিয় আছিল । খুব সম্ভব চেক্সপীয়েৰে চেক্সোৰ এই বৰঞ্জীখন পঢ়িছিল।
১৫৭০ খত ফৰাচী ভাষাত বেলফৰেষ্টৰ Histories Tragiques প্রকাশ পায় । এই গ্ৰন্থৰ পঞ্চম খণ্ডত তেওঁ চেক্সোৰ বৰঞ্জীখন অন্তর্ভুক্ত কৰে । চেক্সপীয়েৰে খবে সম্ভৱ বেলফৰেষ্টৰ গ্ৰন্থখনৰ পৰাও তেওঁৰ নাটকখনৰ কাৰণে কিছু বিশেষ সমল লাভ কৰে। বেলফৰেষ্টে smleth 4 "over great melancholy") ৰ উল্লেখ কৰে। সেই কথাৰ আঁত ধৰিয়েই চেক্সপীয়েৰে তেওঁৰ হেমলেটৰ চৰিত্ৰটো ৰূপায়িত কৰিবলৈ অন প্ৰেৰণা পায় ।
মাচ কিড (Thomas Kyd) -য়ে ৰচনা কৰা The Spanish Tragedy-T লগতো চেক্সপীয়েৰৰ হেমলেট নাটকৰ কিছু মিল আছে। এই নাটকত ছাপ্পাবিশ্ব সাহিত্যৰ আভাস
মূর্ত্তিরে পিতৃক নির্দেশ দিছে পত্ৰৰ হত্যাকাৰীৰ ওপৰত প্ৰতিশোধ লবৰ কাৰণে। এইখন নাটৰ বিষয়বস্তু হেমলেট নাটক ঠিক ওিলোটা। চেক্সপীয়েৰৰ হেমলেটৰ পৰে এই নাটকতো পিতৃয়ে বলিয়ালিৰ ভাও ধৰিছে আৰু, ক্রোধ, প্রতিশোধ পৰায়ণতা আৰু হতাশাত জৰ্জৰিত হৈছে। কিডেও এখন 'হেমলেট' ৰচনা কৰিছিল, কিন্তু সেইখন ধ্বংস পালে এইদৰেও গবেষকসকলে কব খোজে। চেক্সপীয়েৰে হয়তো কিডৰ লোপ পোৱা 'হেমলেট' আৰ; দি স্পেনিচ ট্ৰেজেডি'ৰ জ্বাৰা প্ৰভাবাম্বিত হৈছিল, কিন্তু এই কথা ঠিক যে কিডৰ 'দি স্পেনিচ ট্ৰেজেডিত থকা হলতা চেক্সপীয়েৰৰ হেমলেট নাটকত নাই ।
দই এক সমালোচকে চেক্সপীয়েৰৰ হেমলেট নাটকখনত ইটালীৰ ধৰঞ্জীৰ ঘটনা এটাৰো সাদৃশ্য আছে বালি কব খোজে। নাটকখনৰ তৃতীয় অঙ্কৰ দ্বিতীয় দৃশ্যত The Murder of Gonzago-ৰ বিষয়ে কবলৈ গৈ হেমলেটে কৈছে, "এনেকুৱা কাহিনী এটা আছে, আৰু, খুব ভাল ইটালী ভাষাত ৰচনা কৰা হৈছে এই কথাষাৰৰে আঁত ধৰি দই এক সমালোচকে হেমলেট নাটকৰ কাহিনীত ইটালীৰ ঐতিহাসিক ঘটনাৰ প্ৰভাৱ আছে বলি কব খুজিছে ।
চেক্সপীয়েৰে তেওঁৰ 'হেমলেট' নাটকৰ কাৰণে য'ৰে পৰাই উপাদান গ্রহণ নকৰক, এটা কথা ঠিক যে তেও ৰ হাতত নাটকখনে সম্পূর্ণ নতুন ৰূপ লাভ কৰে আব্, সম্পৰ্ণৰূপে তেওঁৰ নিজৰ সৃষ্টি হৈ পৰে। মূলৰ কাহিনীটো আছিল বিশ্বাসঘাটকতা ৰক্তপাত, হত্যা আৰ, প্রতিশোধৰ কথাবে পৰিপূৰ্ণ । কিন্তু চেক্সপীযেৰে সেই সমলসমূহে অধিক পৰিশদ্ধ কৰি তোলে, নতুন পৰিস্থিতি আব্দ নতুন চৰিত্ৰ সৃষ্টি কৰে । তেও এনে এখন নাটক সৃষ্টি কৰে যিখন চৰিত্ৰসমূহৰ মনস্তাত্ত্বিক গভীৰতা আৰু, নাটকীয় তীব্রতাৰ কাৰণে অতিশয হৃদযগ্ৰাহী আৰু, চিত্তাকর্ষক। তদপৰি হেমলেটৰ চৰিত্ৰটোৰ মাজত চেক্সপীযেৰে এনে এক ব্যক্তিত্ব পৰিস্ফুট কৰি তুলিব খুজিছে যি কেৱল তেওঁৰ নিজৰ যুগৰ কাৰণেই নহয সকলোযাগৰ মানহৰ কাৰণে অত্যন্ত আকর্ষণীয় হৈ পৰিছে। সচাঁকৈষে সমগ্র বিশ্বসাহিত্যত হেমলেটৰ দৰে অন্য এটি চৰিত্ৰ আৰ, নাই ।
নাটক'নৰ কাহিনী
ডেনমার্ক'ৰ ডেকা ৰাজকোঁৱৰ উইটেনবার্গ বিশ্ববিদ্যালয়ৰ ছাত্র। তেও ক ঘৰলৈ মাতি পঠিওৱা হৈছে তেওঁৰ দেউতাক ডেনমার্কৰ ৰজাৰ অন্ত্যেষ্টিক্লিয়াত যোগ দিবৰ কাৰণে। ঘৰলৈ আহি তেওঁ" গম পালে যে আবেলি বাগিছাত শই থাকোতে সর্পদংশনৰ ফলম্বৰূপে দেউতাকৰ মৃত্যু ঘটিল। ৰজাৰ মৃত্যুৰ দ্মাহ পূৰ নহওঁতেই ৰাজকোঁৱৰৰ মাতৃ গাৰণ্ডে মৃত ৰজাৰ ভাতৃ আৰু, হেমলেটৰ দদাইদেৱেক ক্লডিয়াচক বিয়া কৰালে, যিজনে ইতিমধ্যে ৰাজসিংহাসন আৰোহণ কৰিছে।' মত ৰজাৰ পত্ৰ হিচাপে তেওঁৰ প্ৰাপ্য ৰাজসিংহাসনৰ পৰা তেওঁ ক বিচ্যুত কৰাত হেমলেট সেইদৰে ক্ষণ্ণ হোৱা নাই। কিন্তু ইমান খৰধৰকৈ মাকে
দ্বিতীয় বিবাহত আবদ্ধ হোৱাত তেও মর্মাহত হ'ল। হেমলেটে দুখ পালে এই কথা ভাবি যে মাকে দেউতাকৰ স্মৃতিক ইমান সোনকালে হৃদয়ৰ পৰা মচি পেলাব পাৰিলে আৰ; দদায়েকক ভাল পাবলৈ ললে, যিজন দদায়েকৰ গাত দেউতাকৰ গাত থকা ভাল গণ বোৰৰ একোৱেই নাছিল। এই কথাটোৱে তেওঁ ৰ মনত নানা ভাব চিন্তাৰ সৃষ্টি কৰিলে আৰু তেও ৰ মনলৈ এনে সন্দেহো আহিল যে তেওঁৰ দেউতাক সৰ্পদংশনত মৃত্যু হোৱা নাই, বৰ, ৰাজসিংহাসন লাভৰ উদ্দেশ্যে দদায়েকেহে দেউতাকক হত্যা কৰিলে। এই সকলোবিলাক চিন্তাই তেও ৰ মনক বিষণ্ণ আৰু, ব্যাধিগ্ৰম্ভ কৰি তুলিলে।
এনেকুৱা মানসিক অৱস্থাত থাকোতেই এদিন হেমলেটক তেওঁৰ নলে গলে লগা বন্ধ, হৰচিত্ত আৰ, ৰাজপ্রাসাদৰ দুজন পহৰাদাৰী বার্ণাড - আৰ, মাৰ্চে লাচে খবৰ দিলে যে ৰাজপ্রাসাদৰ প্রাঙ্গণত একেৰাহে তিনিৰাতি তেওঁলোকে হেমলেটৰ মৃত পিতৃৰ সৈতে অবিকল একে এক ছায়ামূৰ্ত্তি - দেখা পাইছে। এই কথাই হেমলেটৰ মনত কৌতূহল জগাই তুলিলে আৰু সেই ৰাতিলৈয়ে তেও ৰাজপ্রাসাদৰ প্রাঙ্গণত তেওঁলোকৰ লগত পহৰাত যোগ দিলে। তেওঁক আচৰিত কৰি তুলি ঠিক মাজ নিশা দেউতাকৰ ছায়ামৰ্ত্তিয়ে তেও লোকৰ আগত দেখা দি হেমলেটক তেও ক অনুসৰণ কৰিবলৈ ইঙ্গিত দিলে। হেমলেটে কিছদৰ ছায়ামূৰ্ত্তিৰ পিছে পিছে গ'ল। হেমলেটক ছায়ামূৰ্ত্তিয়ে তেওৰ ( অর্থাৎ হেমলেটৰ পিতৃৰ) হত্যাৰ কথা বিবৰি ক'লে । তেও ক'লে যে তেও সদায় জিৰণি লোৱাৰ দৰেই সেই দিনাও আবেলি ফুলনিবাগিছাত অকণমান শাইছিল আৰ, তেতিযাই দদায়েকে তেওঁ ৰ কাণত বিষ ঢালি দিয়ে। লগে লগেই তেও ৰ মৃত্যু ঘটে আৰু তাৰ পিছত প্ৰচাৰ কৰি দিযা হ'ল যে তেও ক সৰ্পই দংশন কৰি মৃত্যু ঘটালে। কিন্তু যিটো সাপে তেওক দংশন কৰিছিল সেই সাপে "এতিয়া ৰাজমুকুট পৰিধান কৰি আছে।" ছায়ামমূৰ্ত্তিয়ে পিতৃহত্যাৰ প্ৰতিশোধ লবৰ কাৰণে হেমলেটক প্রণোদিত কৰিলে কিন্তু মাকৰ বিপক্ষে একো নকৰিবৰ কাৰণেও সকিয়াই দিলে। হেমলেটে দেউতাকক এনে অন্যায়ভাৱে হত্যা কৰাৰ প্ৰতিশোধ লবৰ কাৰণে আন্তৰিকভাৱে প্রতিজ্ঞা কৰিলে ।
তেও ৰ প্ৰকৃত উদ্দেশ্যৰ কথা আনৰ চকুত ধৰা নপৰিবৰ কাৰণে হেমলেটে বলিয়ালিৰ ভাও জৰিলে। তেওৰ চাল চলন, কথা-বতৰা আৰু, বেশভূষাত এনে কিছুমান পদ্ধতি অবলম্বন কৰিলে যাতে সকলোৱে তেওক বলিয়া বুলি গণ্য কৰে। ৰাজ্যৰ মন্ত্ৰী আৰ, ৰজাৰ মধ্যে পৰামৰ্শদাতা পলনিয়াচৰ কন্যা অফে লিয়াৰ লগত হেমলেটৰ প্ৰণয় আছিল। তেওঁº অতিৰঞ্জিত ভাষাত এখন প্রেম পত্র লিখিলে। চিঠিখন অফেলিয়াই দেউতাকক দেখুৱাই দিলে আৰ, দেউতাকে ৰজা আৰ, ৰাণীক চিঠিৰ কথাখিনিৰ উল্লেখ কৰি হেমলেটৰ বলিয়ালিৰ প্ৰকৃত কাৰণ যে অফেলিয়াৰ প্ৰতি থকা প্ৰেমৰ অপৰিপূৰ্ণতাই সেই কথা আঙুলিয়াই দিলে।
কিন্তু এই ব্যাখ্যাই ঢুকি পোৱাতকৈও হেমলেটৰ হৃদয়ৰ দখে আৰু বহুত
বেছি গভীৰ। ছায়ামূৰ্ত্তিৰ কথাই তেওঁৰ মনত সততে বন্দিয়াই থাকিবলৈ ধৰিলে। ছায়ামূৰ্ত্তিৰ নিৰ্দেশমতে যে তেওঁº কাম কৰিব পৰা নাই সেই কথাই তেওঁৰ মনক জন্মৰি দি ধৰিলে। লগতে তেওঁৰ মনলৈ এই সন্দেহো আহিল যিটো ছায়ামমূৰ্ত্তি'য়ে তেও ক এনে নির্দেশ দিলে সেইয়া মৃত দেউতাকৰ প্ৰকৃত ছায়ামূৰ্ত্তিৰ ৰূপ লৈ আহিছিল। এনে ধৰণৰ বিভিন্ন পৰম্পৰ বিৰোধীভাৱে তেওঁৰ মনোজগত উত্তাল কৰি তুলিলে, তেও ৰ স্বভাৱলৈ গভীৰ বেদনাবোধৰ এক ক'লা ভাৱৰ নামি আহিল। অফেলিয়াই তেওঁৰ প্ৰতি প্ৰদৰ্শন কৰা আস্থাহীনতাৰ মনোভাব আৰু হঠাতে তেওঁৰ প্ৰতি উদাসীন হৈ পৰা কথাই হেমলেটৰ মন বেজাৰেৰে ভাৰাক্লান্ত কৰি তুলিলে। জীৱন সম্পৰ্কত তেও ৰ মোহভঙ্গ ঘটিল ।
ঠিক এই সময়′হ ৰাজসভালৈ নাট্যদল এটি আহিল। এই দলটিৰ অভিনেতাসকল কৰণ নাটকৰ অভিনেতা হিচাপে কৃতিত্বসম্পন্ন লোক আছিল, হেমলেটে ঠিক কৰিলে যে তেও লোকে তেওৰ দেউতাকৰ হত্যাৰ দৃশ্যটো অভিনষৰ যোগেদি দেখৱোব লাগে আৰ, সেই অভিনয়ৰ উপভোগৰ কাৰণে তেওঁ ৰজা কুডিয়াচক নিমন্ত্রণ কৰিব। সেই অভিনয় উপভোগ কৰোতে ক্লাডযাচৰ মখত ফুটি উঠা প্ৰতিক্ৰিয়াৰ পৰাই ক্লডিয়াচেই দেউতাকৰ প্ৰকৃত হত্যাকাৰী হযনে নহয় সেই বিষযে তেও নিশ্চিত হব পাৰিব। অভিনষ কৰিবলৈ লোৱা নাটখনতো গঞ্জাগো নামৰ ডিউকজনক ওচৰ সম্পৰ্কীয় এজনে হত্যা কৰে আৰু পিছত সেইজনেই গঞ্জাগোৰ পত্নীক বিয়া কৰায়।
ৰজা ক্লডিযাচ বাণী আৰু, সভাসদম ডলীৰ সৈতে থিযেটাব চাবলৈ আহিল । অভিনয় আগবাঢ়িল। ৰজা ক্লাডয়াচে তেও ৰ দ্বাৰা সংঘটিত এক পাপ কাষ কে মঞ্চত এইদৰে অভিনীত হোৱাত বিব্ৰত হৈ পৰিল আৰু শাৰীৰিক অসস্থতাৰ অজুহাতত প্রেক্ষাগৃহ ত্যাগ কৰিলে। হেমলেট এতিয়া দদাইদেযেকৰ পাপকাৰ্য্য সম্পর্কে নিশ্চিত হ'ল। অভিনয় শেষ হল। দর্শক ঘৰাৰ্ঘৰি গল । ঠিক এই সময়তে ৰাণীয়ে নিজৰ কোঠাত লগ কৰিবৰ কাৰণে পত্র হেমলেটক মাতি পঠিয়ালে।
ৰাণীয়ে বজাৰ নিন্দে শমতেই হেমলেটক মাতি পঠাইছিল । মাক আৰু, পাতেকৰ মাজত হোবা কথা বতৰাব বিষষে ভূ লৈ সেইখিনি ৰজাক জনাবৰ কাৰণে ৰাণীৰ কোঠাৰ পদাৰ আৰত পলনিয়াচ লকাই থাকিল । হেমলেটৰ অশ্বাভাৱিক চাল চলনৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ কাৰণে বজাই ৰাণীৰ অজ্ঞাতেই এই ব্যৱস্থা কৰিছিল ।
মাক পুতেকৰ এই দেখা-সাক্ষাতত প্ৰথমতেই কিছ, কথাৰ কটাকটি হৈছিল। পুতেকৰ কঠোৰ ব্যৱহাৰত ৰাণী কোঠাৰ পৰা ওলাই গছি যাব খাজছিল। কিন্তু হেমলেটে হাতৰ ঠাৰিত ধৰি মাকক বহুৱাই দিলে আৰু ক'লে যে তেওঁৰ কথা মাকে শনিবই লাগিব। ৰাণীয়ে ভয় খালে আৰু, চিঞৰি দিলে। পদাৰ আঁৰত লুকাই থকা পলনিয়াচে ৰাণী বিপদৰ সম্মুখীন হৈছে বুলি ভাবি সহায়ৰ
কাৰণে চিঞৰি দিলে । হেমলেটে তৎক্ষণাৎ তৰোৱাল উলিয়াই ললে আৰু, পদাৰ যি ঠাইৰ পৰা শব্দ আহিছিল তাতে ধাপ মাৰি দিলে। পিছ মূহূর্ততে মত দেহাটো টানি উলিয়াই আনি তেও" দেখে যে তেও হত্যা কৰাজন পলনিয়াচ।
এই সময়তে তেও দেউতাকৰ হত্যাৰ লগত জড়িত থকা বুলি মাকক কথাৰে কঠোৰভাৱে আক্ৰমণ কৰিলে। মাকক কথা কৈ থাকোতেই দেউতাকৰ ছায়ামূৰ্ত্তি আবির্ভাব হৈ হেমলেটৰ প্ৰতিজ্ঞা যে এতিয়াও অপূৰ্ণ হৈ আছে সেই কথা সোঁৱৰাই দিলে। ৰাণীব প্রতি হেমলেটক সহানুভূতিশীল আব, মৰমিয়াল হবৰ কাৰণেও ছায়ামমূৰ্ত্তিৰ্যে হেমলেটক ক'লে ।
ৰাণীযে ভাবিলে হেমলেটে শূন্যলৈ চাই চাই কথা পাতিছে। তেও এইয়া হেমলেটৰ বলিয়ালিৰ নিদর্শন বুলিয়েই ভাবি ললে। কিন্তু হেমলেটে মাকক স্পষ্ট কৰি জনালে যে মানসিক ভাবে তেও সম্পর্ণ সংস্থ আব্, মাকে ইমান সোনকালে দ্বিতীয় বিবাহত আবদ্ধ হৈ আগৰ স্বামীক এইদৰে অসম্মান কৰি যি দোষ কৰিছে সেইয়া পাহৰি গলে নহব। ৰাণীষে নিজৰ দোষ স্বীকাৰ কৰিলে, সেই দোষৰ বাবে তেওঁ অন্দপ্ত হ'ল আৰ, হেমলেটৰ কৃত্রিম বলিযালিৰ গোপনীয়তাৰ কথা কাৰো আগত প্ৰকাশ নকৰাৰ প্ৰতিশ্রুতি দিলে ।
পলনিয়াচব মৃত্যুবে হেমলেটক ডেনমার্ক'ৰ পৰা আঁতৰাই পঠাবলৈ ৰজাক এটা সংযোগ দিলে। হত্যাৰ অভিযোগৰ কাৰণেই বলি দেখবোই ৰজাই হেমলেটক ইংলণ্ডলৈ পঠালে । লগতে হেমলেটৰ দুজন বন্ধুও পঠালে। এই তথাকথিত বন্ধ, দুজনে ডেনমার্ক'ব ৰজাৰ পৰা ইংলণ্ডৰ ৰজালৈ এখন চিঠি লৈ গৈছে, সেই চিঠিত ইংলণ্ডত ভৰি দিয়াৰ লগে লগে হেমলেটক হত্যা কৰিবৰ কাৰণে ইংলণ্ডৰ ৰজাক নিৰ্দ্দেশ দিয়া হৈছে । ঘটনাক্রমে চিঠিখন হেমলেটে পালে । তেও নিজৰ নামটো উঠাই তাৰ ঠাইত লগত যোৱা দুজনৰ নাম লিখি চিঠিখন পনৰ আগৰ দৰেই থৈ দিলে। এই ঘটনাৰ ঠিক পিছতে জলদস্যুৰ জাহাজে হেমলেটৰ জাহাজ আক্ৰমণ কৰিলে। ডকাইতৰ লগত সংঘর্ষ চলিল আৰু, হেমলেট শত্ৰুৰ জাহাঙ্গত জপিয়াই পৰিল। ইতিমধ্যে হেমলেটৰ নিজৰ জাহাজ নিজ লক্ষ্য অভিমূখে গচি গ'ল । পিছ মাহর্ততে ডকাইতে হেমলেটক ডেনমার্ক'ৰ ৰাজকোঁৱৰ বুলি জানি আটাইতকৈ ওচৰৰ ডেনমার্ক'ৰ বন্দৰ এটাত নমাই দিলে। লগে লগে হেমলেটে তেওঁ যে ডেনমার্কলৈ ঘূৰি আহিল সেই কথা ৰজাক চিঠিৰে জনালে আৰু, পিছদিনা ৰাজসভাত উপস্থিত হোৱাৰ প্ৰতিশ্রুতি দিলে।
ইতিমধ্যে হৰচিওই হেমলেটক লগ কৰিছে। হেমলেটে শ্মশানক্ষেত্ৰৰ ওচৰ পাই জীৱন আৰু মৃত্যু সম্পর্কে - মনোভাৱ প্ৰকাশ কৰিছে। কিছু সময়ৰ পিছতে অফেলিয়াৰ মৃতদেহ লৈ শৱযাত্ৰা কৰি অহাসকল সেইখিনি পাইছেহি। এই সকলৰ মাজত ৰজা, ৰাণী, লৰিটিচ আৰ, অন্যান্য সভাসদসকল আছে। ৰাণীয়ে অফেলিয়াৰ শৱদেহৰ ওপৰত ফুল ছটিয়াইছে। অফেলিয়াৰ সমাধিৰ ওপৰত বাতে ভায়লেট ফুল ফুলি উঠে, লৰিটিচেও তাঁকে কামনা কৰিছে। তাৰ পিছত
বিশ্ব সাহিত্যৰ জাভাস
পৰিটিচ সমাধিত জপিয়াই পৰিছে আৰ, শোকত উদভ্ৰান্ত হৈ তেওঁকো অফেলিয়াৰ লগতে সমাধিস্থ কৰিবলৈ কৈছে। ইমান সময়ে জোপোহাৰ আঁৰত লকাই থকা হেমলেটে নিজক আৰ, সম্বৰণ কৰি ৰাখিব নোৱাৰিলে।
তেও মঢুকলিলৈ ওলাই আহিল আৰ, অফেলিয়াৰ সমাধিত জপিয়াই পৰিল । লৰিটিচে হেমলেটক ডিঙিত ধৰি আক্ৰমণ কৰিলে আৰ, দয়োজনৰ মাজত ডবৰাডবৰি লাগিল। অৱশ্যে উপস্থিত সকলে তেও লোক দুয়োকো তেনে কাৰ্য্যৰ পৰা বিৰত কৰিলে আৰ, হেমলেটে অতি সোনকালেই সেই ঠাই ত্যাগ কৰিলে ।
হেমলেটক হত্যা কৰিবৰ কাৰণে ক্লডিয়াচে এতিয়া এটা বৰ ঘৃণনীয় ব্যৱস্থাৰ অবলম্বন কৰিলে। তেওঁ' লৰিচিক নিজৰ ফলীয়া কৰি ললে আৰু দয়ো লগ লাগি এই ঘৃণনীয় ষড়যন্ত্রত আগবাঢ়িল। হেমলেট আৰু, লৰিটিচৰ মাজত মিলামিচা স্থাপনৰ কাৰণে এখন বন্ধুত্বপূর্ণ তৰোৱাল য,ধৰ ব্যৱস্থা কৰিলে। কিন্তু এই বন্ধুত্বপূর্ণ' তৰোৱাল যদ্ধৰ আঁৰত গোপনে এই ব্যৱস্থা কৰা হল যে লৰিটিচে এনে বন্ধুত্বপূর্ণ তৰোৱাল যুদ্ধত লব নলগীয়া চোকা ধাৰৰ তৰোৱাল এখন লব । তদ পৰি, সেইতৰোৱালৰ ধাৰত বিহু সানি লোৱাৰ ব্যৱস্থা কৰিলে যাতে, তৰোৱালৰ সামান্য আচেৰিতে হেমলেটৰ মৃত্যু ঘাটব পাৰে। সিমানতো ক্ষান্ত নহৈ কুডিয়াচে এগিলাচ বিহমিহল্লোৱা পানী ঠিক কৰি থ'লে, যাতে সেই গিলাচকে খাবলৈ দি হেমলেটৰ মত্যু ঘটাব পাৰি, যদি বিহ লগা তৰোবাল কেনেবাকৈ ব্যর্থ হয়।
তৰোৱাল যদ্ধে আৰম্ভ হ'ল। প্ৰথগ অৱস্থাত লাৰটিচে আঘাত কৰিবলৈ ইচ্ছা কৰা নাই । কিন্তু এবাৰ তেও হেমলেটকে আঘাত কৰিলে । তাৰ পিছতে দয়োৰো মাজত হতা-হতি আৰম্ভ হল আৰ ফলত হাতৰ তৰোৱাল সৰি পৰিল । প্নৰ বোৱাল হাতলৈ তুলি লওতে তৰোৱাল দখন সলনি হ'ল । এইবাৰ হেৰলেটেও লাৰাটচক আঘাত কৰিলে । এতিয়া একে বিহলগা তৰোৱালেৰেই হেমলেটৰ দৰে লৰিটিচো আঘাত প্রাপ্ত হ'ল। ইতিমধ্যে ৰাণীযে কব নোৱাৰাকৈয়ে হেমলেটৰ কাৰণে সাজ, কৰি থোৱা বিহমিহলোৱা পানী গিলাচ খাই পৰি গ'ল। ৰাণীযে জানিব পাৰিলে যে তেও বিহমিহলোৱা পানী খালে আৰু তেওৰ মৃত্যু আসন্ন, হেমলেটক সম্বোধন কৰি তেও কবলৈ ধৰিলে যে বিহু মিহলোৱা পানী গিলাচেই তেও ক মৃত্যুৰ পথলৈ ঠেলি দিলে।
তোতযা লৰিটিচে হেমলেটক সকলো কথা সৈ কাঢ়ি দিলে আৰু ক'লে যে সকলো দোষৰ ভাগী ৰজা কুডিয়াচ। হেমলেটে অকণো সময় নষ্ট নকৰি বিহুসনা তৰোৱালখনৰে ৰজাক আঘাত কৰে। তাৰ পিছত বিহৰ পাত্ৰত থকা অৱশিষ্টখিনি ৰজাৰ ডিঙিত ঢালি দিয়ে। হেমলেটে হৰচিত্তক ক'লে যে অলপ পিছতে তেও* মৃত্যুক সাবটি লব, কিন্তু হৰচিও জীয়াই থাকিব লাগিব, যাতে জগতবাসীয়ে হেমলেটৰ জীৱন কাহিনী হৰচিত্তৰ পৰাই জানে। তেওঁ ফৰটিনবাচ'ৰ্ক ডেনমার্কৰ ভবিষ্যত ৰজা বদলি ঘোষণা কৰে। তাৰ পিছতেই হেমলেটে শেষ নিশ্বাস পেলায় আৰু, অনন্তৰ বকুত লীন হৈ যায় ।
চেকপীয়েৰৰ হেমলেট
বিলৰৰ সমস্যা : ছায়ামূৰ্ত্তিয়ে হেমলেটৰ আগত প্ৰকাশ কৰিলে যে হেমলেটৰ দেউতাকৰ মৃত্যু দৰ্ঘটনাজনিত কাৰণত হোৱা নাছিল, বা স্বাভাৱিক ভাৱেও হোৱা নাছিল। সেইয়া আছিল এক উদ্দেশ্য প্রণোদিত হত্যাকাণ্ড। তেতিয়া হেমলেটে দেউতাকক হত্যা কৰা সম্পর্কে - সকলো কথা জানিবলৈ উদগ্রীব হৈ পৰিল, যাতে প্রতিশোধ লোৱা কাৰ্য্যত তেও তীব্র গতিৰে আগবাঢ়িব পাৰে।
Haste me to Know't, that I
May sweep to my revenge
ছায়ামমূর্তিয়ে "জঘনা আৰু, অতি অশ্বাভাৱিক হত্যা"ৰ কথা বিবৰি ক'লে আৰু, হেমলেটক সেই হত্যাকাণ্ডৰ প্ৰতিশোধ লবলৈ প্ৰণোদিত কৰিলে। হেমলেটেও দৃঢ়তাৰে ক'লে যে তেতিয়াৰ পৰা তেও মনৰ পৰা সকলো কথা বাদ দি মাথোন ছায়ামমূৰ্তিৰ নিদেশ হে মনত ৰাখিব। "(And the commandment all alone shall live ) "
এইদৰে দৃঢ়তা প্ৰকাশ কৰাৰ দমাহ পাৰ হৈ যোৱাৰ পিছতো হেমলেটে নিজৰ প্রতিজ্ঞা পূৰণৰ কাৰণে একো কৰা নাই। বিলম্বৰ কাৰণে মাথোন নিজকে গঞ্জনা কৰিছে। ছায়ামতি'ৰ আগত ছায়ামূৰ্তিৰ আগত কৰা প্ৰতিজ্ঞা নাটকৰ সামৰণিৰ আগম,হহৃত লৈকে অপূৰণ হৈযে ৰ'ল। যেতিয়া তেওঁ নিজৰ প্ৰতিজ্ঞা পূৰণ কৰিছে, তেতিয়া সময় খবে দেৰি হৈ গ'ল। গতিকে স্বাভাৱিকতে এটা প্ৰশ্নৰ উদয় হয়, এই বিলম্বৰ কাৰণ কি? এই প্ৰশ্নটো অতিশয় গুৰুত্বপূৰ্ণ প্রশ্ন। ই নাটকখনৰ ভিতৰৰো ভিতৰৰ সমস্যা। এই কথাটোৱেই নাটকখনৰ কেন্দ্ৰীয় সমস্যা। এই বিলম্বৰ কথাটোৰ মাজতেই হেমলেটৰ চৰিত্ৰৰ আনৰ লগত নিমিলা অসাধাৰণ বৈশিষ্ট্যসমূমূহ নিহিত হৈ আছে। হেমলেটৰ চৰিত্ৰৰ এই অসাধাৰণ বৈশিষ্ট্যখিনিৰ কাৰণেই হেমলেট চৰিত্ৰটো বিশ্বসাহিত্যৰ এক অতিশয় আগ্রহোদীপক আৰ, চিত্তাকর্ষক চৰিত্ৰ। হেমলেট নাটকখনৰ অনন্য জনপ্ৰিয়তাৰ কাৰণো হেমলেটৰ চৰিত্ৰৰ এই বৈশিষ্ট্যখিনিয়েই ।
কোনো কোনো সমালোচকৰ মতে অৱশ্যে বিলম্বৰ কথাটোৱেই অর্থহীন। হেমলেটৰ ক্ষেত্ৰত তেনে ধৰণৰ কোনো বিলম্ব হোৱা নাছিল। তেওঁলোকৰ মতে প্ৰথম অঙ্ক আৰু, দ্বিতীয় অঙ্কৰ মাজত থকা পাথ'ক্যৰ বাহিৰে কোনো বিলম্ব হোৱা নাই । সমালোচকসকলৰ দুই এজনে আৰু, কব খোজে যে হেমলেটৰ মূখত স্বগতোক্তিখিনি দি চেক্সপীয়েৰেহে বিলম্ব ঘটাইছে। হৈমলেটৰ ক্ষেত্ৰত সেইদৰে একো বিলম্ব ঘটা নাই।
সৰহভাগ সমালোচকে এই কথাত একমত যে ছায়ামূৰ্তিৰ নিৰ্দ্দেশমতে নিজৰ প্রতিজ্ঞাপূৰ্ণ কৰাৰ ক্ষেত্ৰত হেমলেটে যথেষ্ট বিলম্ব কৰিছে। কিন্তু কৰিব লগীয়া কাম এইদৰে পিছলৈ পেলাই থোৱাৰ কাৰণসমূহ কি আছিল? বেলেগ বেলেগ সমালোচকে এই কাৰণসমূহৰ বেলেগ বেলেগ ব্যাখ্যা দিছে। বহহৃতৰ মতে এই কাৰণ সমূহ আছিল বাহ্যিক কাৰণ, যিবিলাক সম্পূৰ্ণৰূপে হেমলেটৰ নিয়ন্ত্ৰণৰ বাহিৰত। কাৰণ ছায়ামূৰ্ত্তিয়ে কোৱাৰ পিছতেই হেমলেটে ক্লডিয়াচক হত্যা কৰিব নোৱাৰে, কাৰণ ৰজা সদায় দেহৰক্ষীৰবাৰা আৰু অন্যান্য ধৰণেও সংৰক্ষিত হৈ থাকে। তদ,পৰি হেমলেটে ব্যক্তিগত প্রতিহিংসা বিচৰা নাছিল। তেওঁ বিচাৰিছিল ৰাজহুৱা ন্যায়। ৰজাইযে বেয়া কাম কৰিছে সেই কথা প্ৰজাই জানিব লাগিব আৰ, জানিলেই নহব, ৰজাইযে কুকাৰ্য্য কৰিছে তেওঁলোকে তাৰ প্রমাণ পাব লাগিব। ছায়ামূৰ্তিৰ কথা সকলোৰে কাৰণে পতিযন যোৱা বিধৰ নহবও পৰে। সেই কাৰণে তেওঁ অভিনয়ৰ ব্যৱস্থা কৰিলে, য'ৰ পৰা তেওঁ ৰজাৰ দোষৰ কথা নিশ্চিতভাৱে জানিব পাৰিলে, কিন্তু তাৰ পিছতেই ভুল কৰি তেও পালনিয়াচক হত্যা কৰিলে। ফলম্বৰূপে তেওঁ ইংল'ডলৈ যাব লগা হ'ল। সেইকাৰণে তেওঁ" কর্তব্য সম্পাদন কৰিবলৈ সময়কে নাপালে। ডেনমার্ক'লৈ ঘূৰি আহি হয়তো তেও ৰজাক ৰাজহুৱাভাৱে দোষী সাব্যস্ত কৰিলেহে তেন । কিন্তু ঘটনাই তেও ক এনেকৈ আগৰি ধৰিলে যে সেই কাম কৰিবলৈ তেও সৰুঙাকে নাপালে। যেতিয়া তেৱো কর্তব্য সম্পাদন কৰিলে, সেইযা বৰ পলম হৈ গ'ল । কাৰণ, তাৰ পিছতে তেও ও মৃত্যুক সাবটি ল'লে। যিসকল সমালোচকে হেমলেটৰ বিলম্বৰ কাৰণসমূহ বাহ্যিক কাৰণ বলি ভাবে তেও লোকে এনেধৰণৰ যুক্তিকেই আগবঢ়ায়। এই মতৰ সপক্ষে শক্তিশালী যুক্তি প্ৰদৰ্শন কৰাসকলৰ ভিতৰত জার্মান সমালোচক কার্ল ওৱেৰডাৰ ( Karl Werder ) অন্যতম ।
কিন্তু নাটকখন অধ্যয়ন কৰিলে নাটকখনৰ পাঠ্যৰ ভিতৰত আমি এনেধৰণৰ বাহ্যিক কাৰণৰ কোনো প্রমাণ নাপাও। যদি সচাকৈয়ে এনে কোনো বাহ্যিক কাৰণৰ সম্মুখীন হ'লহে তেন তেওৰ স্বগতোক্তি সমূহত আমি সেই সম্পর্কে এবাৰ নহয় এবাৰ উল্লেখ কৰা নিশ্চয় পালোহে তেন । কিন্তু তেওঁৰ স্বগতোক্তিত আমি অন্য ধৰণৰ ভাব ফুটি উঠাহে দেখা পাও'। চতুর্থ অঙ্কৰ চতুর্থ দশ্যত হেমলেট কৈছে,
"মই নাজানো
এই কামটো কৰিব লাগে, এতিয়াও এই কথাষাৰ কবলৈ মই কিয়
জীয়াই আছো,
এই কাম কৰিবলৈ
মোৰ যথোপযুক্ত কাৰণ আছে, মোৰ ইচ্ছা আছে, মোৰ শক্তি আছে, আৰ, আছে মোৰ উপায় ।"
( I do not know
Why yet I live to say 'This thins 18 to do' Sith I have cause and will and strength and means To do it) এইখিনি কথাত হেমলেটৰ যি আত্ম গৌৰৱৰ ভাব ফুটি উঠিছে সেইয়া ভিত্তিহীন নহয়। হেমলেটক সকলোৰে ভাল পাইছিল, প্রজাবৰ্গৰ কাৰণে তেওঁ আছিল আদৰৰ ৰাজকোঁৱৰ। ৰজাক তেওঁ প্ৰত্যাহ্বান জনোৱাহেতঁতেন, প্রজা বর্গই নিশ্চয় তেওঁকেই সমর্থন জনালেহেতেন। দেউতাকৰ মৃত্যুৰ পিছত লৰিটিচ ৰজাৰ ওচৰলৈ আহি ৰজাৰ পৰা পলনিয়াচৰ আকস্মিক মৃত্যুৰ কাৰণ ব্যাখ্যা কৰিবলৈ দাবী জনাইছিল। হেমলেটে তাতকৈও বেছি শক্তি আৰ, ক্ষমতা প্ৰদৰ্শন কৰিব পাৰিলেহেতেন, যদিহে তেনে কৰিবৰ কাৰণে হেমলেটৰ ইচ্ছা থাকিলহে'তেন। হেমলেট প্রজাবৰ্গৰ ওচৰত নিজৰ কামৰ ন্যায্যতা প্রতিপন্ন কৰিবলৈ ইচ্ছা কৰা কথাষাৰ মানি লবলৈ টান লাগে। তেওঁ অভিনয় প্ৰদৰ্শনৰ আয়োজন কৰিছিল প্ৰজাবৰ্গক বা ৰজাঘৰীয়া বিষয়াসকলক ক্লডিয়াচৰ পাপকাৰ্ধাৰ বিষয়ে পতিয়ন নিয়াবলৈ নহষ, বৰং ছায়ামূৰ্তিৰ কথা কিমাদৰ বিশ্বাসযোগ্য সেই কথা নিজে ভালকৈ জানিবক কাৰণেহে ।
এই কথা স্পষ্ট যে কর্তব্য পালনত হেমলেটে বাধা পাইছিল নিজৰ মনৰ ভিতৰৰ পৰাহে, কোনো বাহ্যিক কাৰণে তেওঁক এই ক্ষেত্ৰত বাধা দিয়া নাছিল। হেমলেটৰ মনৰ ভিতৰৰ পৰা সৃষ্টি হোৱা এই বাধা সমূহ কেনেকুৱা আছিল সেই সম্পর্কেও সমালোচক সকলে ভিন ভিন মত পোষণ কৰা দেখা যায ।
উলৰিচি নামৰ সমালোচক গৰাকীয়ে আগবঢ়োৱা 'কনচেস থিয়ৰি' মতে হত্যাৰ দৰে কথা এটা হেমলেটৰ বিবেকৰ পৰিপন্থী আছিল। বিবেকৰ বাধাৰ কাৰণেই তেও দদাযেকক হত্যা কৰাৰ পৰা এইদৰে আঁতৰি থাকিবলৈ বাধ্য হৈছিল। তেওৰ দেউতাকক হত্যা কৰাৰ কাৰণেই তেও ও দদায়েকক হত্যা কৰিব লাগে, এনে কথা তেওঁৰ বিবেকে মানি লব পৰা নাছিল। সমালোচক হাড্ডনেও একে মতকে পোষণ কৰে, তেওৰ মতে হেমলেটে দদায়েকৰ পাপকাৰ্য্য সম্পর্কে সম্পর্ণ পতিয়ন যাব পাৰিছিল, সেই দোষৰ কাৰণে দদায়েকক হত্যা কৰাৰ যক্তিষক্ততাও তেও ভালধৰণে বহুজিব পাৰিছিল। তথাপিও স্বগীয় শক্তিয়ে এক স্থিৰ ক্ষুদ্ৰ বাণী ( 'a still small voice' ) ৰূপততেওঁক যেন সেই কামৰ পৰা আঁতৰ কৰি নিছিল।
কিন্তু এই মতবাদ সমর্থন কৰিব পৰাকৈ নাটকখনত সমল বিচাৰি পোৱা নাষায়। দেউতাকৰ হত্যাৰ যে প্রতিশোধ লব লাগে, এই কথাষাৰ হেমলেটে বহ বাৰ কৈছে । সেই পবিত্র কর্তব্য সম্পাদন কৰাত পলম হোৱাৰ বাবে তেওঁ বহুবাৰ নিজকে ককৰ্থনা কৰিছে । কুডিয়াচে প্ৰাৰ্থনা কৰি থকা অৱস্থাত হেমলেটে তেওঁৰ বিবেকৰ বাধাৰ কাৰণে হত্যা নকৰাকৈ থকা নাছিল। প্ৰাৰ্থনা কৰি থকা অৱস্থাত হত্যা কৰাতকৈ জাগতিক সখ সম্ভোগত লিপ্ত থকা অৱস্থাতহে তেওঁক হত্যা কৰিব লাগে, যাতে কুডিয়াচৰ আত্মা চিৰন্তন অন্ধকাৰত ডুব যায়। এনে
বিশ্ব সাহিত্যৰ আ
বিবেচনাৰদ্বাৰা পৰিচালিত হৈ যিজনে ক্লডিয়াচক প্ৰাৰ্থনাৰত অৱস্থাত হত্যা কৰাৰ পৰা বিৰত হয়, তেওঁৰ ক্ষেত্ৰত বিবেকৰ বাধা মতবাদ মানি লবলৈ টান ।
আৰ, এটা মতবাদ আছে, সেইটোক অনভূতিৰ বা ভাবপ্রবণতা (Sentimen tal ) - মতবাদ বদলিব পাৰি। এই মতবাদৰ প্ৰধান প্রবক্তা জার্মান মনীষী গ্যেটে। তেওঁৰ মতে হেমলেটৰ ব্যক্তিত্বই এজন সাকোমল পবিত্ৰ অন্তৰৰ, নীতিজ্ঞানৰবাৰা পৰিচালিত মানহৰ পৰিচয় দাঙি ধৰে । এজন নায়কৰ গাত থাকিব লগীয়া মানসিক শক্তি তেওঁৰ নাছিল। হেমলেট এক প্রবল বোজাৰ হেচাঁত যেন নিঃচিহ্ন হৈ যাব ধৰিছিল, যিটো বোজা তেও বব নোৱাৰিছিল অথচ কোনোমতেই আঁতৰাইও পেলাব নোৱাৰিছিল। এই মতবাদ অনুযায়ী হেমলেট অতিশয় কোমল অৰৰ লোক আছিল, এনে এক পৰিশীলিত আব, ঠুনকো অন্তৰৰ মান হব কাৰণে হত্যাৰ দৰে কাৰ্য্যত প্ৰবৃত্ত হোৱাতো সম্ভৱ নাছিল। সেই কাৰণেই তেও কৰণীয় বদলি জানিও তেওঁৰ সম্মুখলৈ অহা কঠিন কামটো পিছৱাই নি আছিল ।
এটা কথা ঠিক যে হেমলেট অনুভূতিশীল অন্তৰৰ লোক আছিল । সেইবুলি তেওঁ দৰ্ব্বলচেতা বা কাপুৰুষ নাছিল । সমযৰ আহ্বান আহিলে তেওঁ ক ভয়াবহ আৰু নিষ্ঠৰ হোৱাও দেখা যায়। ছায়াম,ত্তিক অনুসৰণ কৰিবলৈ উদ্যত হও'তে তেও কবন্ধৱে বাধা দিছিল, সেই বাধা তেও* নামানিলে, বৰং এইদৰেহে কৈছিল।
"ভদ্রলোকসকল, মোক এৰি দিয়ক,
ঈশ্বৰৰ দোহাই, মোক যি বাধা দিয়ে তেও কো মই হত্যা কৰিম, একেধৰণে অফেলিষাৰ সমাধিক্ষেত্ৰৰ দৃশ্যতো আমি হেমলেটৰ ভয়াবহ ৰূপ দেখা পাঁও । তেওঁ সমাধিক্ষেত্ৰত জপিয়াই পৰে আৰ, লৰিটিচৰ লগত যুদ্ধত প্রবৃত্ত হয়। আকৌ চিনি নোপোৱাকৈয়ে তেও পলনিযাচক হত্যা কৰিছিল। কিন্তু যেতিয়া তেও° পলনিয়াচ বলি চিনি পালে তেতিযাও তেও ৰ মনত অকণো অননুশোচনা যা দুখ প্ৰকাশ পোৱা দেখা নগ'ল। মাকৰ প্ৰতি নিষ্ঠুৰ বাক্য কবৰ কাৰণেও তেও সাজ। একেবাৰে শেষৰ দৃশ্যত অতিশয তীব্র গতিৰে হেমলেটে তেওঁৰ প্ৰতিশোধ পূৰণ কৰিছে । ৰজাক তৰোবালেৰে আঘাত কৰাৰ পিছতো ৰজাৰ মুখত বিহপাত্ৰৰ বাকী থকাখিনি বাকি দি তেও কৈছিল,
"এইয়া খা, অবৈধ যৌনসঙ্গমত দোষী, হত্যাকাৰী, ৰসাতলে যোৱা ডেন, এইয়া বিষ পান কৰ,
তোৰ মিলনানন্দ কি ইষাতেই শেষ ? যা, মোৰ মাতৃক অন সৰণ কৰ।"
ইমান কঠোৰ আৰ; ভয়াবহ হব পৰা হেমলেটে বহুত আগতেই পিতৃহতাৰ ওপৰত প্ৰতিশোধ লব পাৰিলেহে তেন। কিন্তু হেমলেটৰ চৰিত্ৰত এনে কিছু বিশেষ বিশেষ বৈশিষ্ট্য আছিল, যিহে তেওঁক সেই কামৰ পৰা বিৰত কৰি ৰাখিছিল।
অন্য এক মতবাদ আছে, বিটোক "দৃঢ়তাৰ অভাৱ" বা "ইচ্ছাশক্তিৰ দুৰ্ব্বলতা" ← Weakness of will )-ৰ মতবাদ ঝুলি অভিহিত কৰিব পাৰি। এই মতবাদৰ দুগৰাকী প্ৰবন্ধা হ'ল ফ্লেগেল (Schlegel) আৰ, কলৰিজ ( Coleridge ) 1 এই মত অনুযায়ী হেমলেটৰ বিলম্বৰ কাৰণ আছিল তেওঁৰ মনৰ অস্থিৰতা, এই আস্থিৰতা আছিল তেওঁৰ চিন্তাপ্রবণ মনৰ ফলশ্রুতি। যেতিয়াই তেও ৰ সম্মূখত এক সমস্যা উদষ হৈছিল, তেওঁ এই সমস্যাৰ বিষয়ে অন্তহীনভাৱে ভাবিবলৈ আৰম্ভ কৰে। এই অন্তহীন চিন্তা প্রবণতাই তেওঁৰ মনৰ পৰা কাৰ্য্য সম্পাদন কৰিব পৰা ক্ষমতা হ্রাস কৰে। কাৰ্য্যসম্পাদনৰ ফল কি হব পাৰে সেই বিষয়ে বাৰে বাৰে ভাবিবলৈ লোৱাত মনৰ দঢ়তা নোহোৱা হয়। ফলম্বৰূপে, হেমলেটে হঠাৎ আবেগৰ বশৱৰ্তী হৈ কিবা এটা কৰিব পাৰে, কিন্তু ধীৰ স্থিৰভাৱে ভবাচিন্তা কৰি কোনো কামেই কৰিব নোৱাৰে। অতিমাত্রা বৌদ্ধিক চিন্তাচর্চ্চা, অতিশয় কল্পনাপ্রিয়তাই হেমলেটৰ মনৰ দঢ়তা কোঙা কৰি পেলাইছিল।
হেমলেটৰ বিলম্বৰ কাৰণ হিচাপে এই মতবাদেই বহৃত দৰে গ্ৰহণযোগ্য যেন লাগে । হেমলেট এজন উচ্চ কল্পনাশক্তিসম্পন্ন, চিন্তাশীল আৰ, দার্শনিক মনৰ মানহ আছিল। ফৰটিনবাৰ্চ - বা লৰিটিচতকৈ তেওঁ কোনো এটা পৰিস্থিতি বেছি ভালকৈ অধ্যয়ন কৰিব পাৰিছিল। হেমলেটৰ মনৰ এই দিশটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি ক'লজিৰ নিচিনা কবি সমালোচকে হেমলেটৰ চৰিত্ৰৰ এটা বৰ গবত্বপূর্ণ দিশলৈ আঙলিষাই দিছে। কিন্তু এজন লোক কবি, দার্শনিক বা চিন্তাশীল হলেই কাৰ্য্য সম্পাদনৰ কাৰণে অন-পযোগী হয়নে কি ? দার্শনিক কবি বা চিন্তাশীল মানহে কার্য সম্পাদন কৰিব নোৱাৰেনে কি ? নিশ্চ্য পাবে। ক'লৰিজে হেমলেটৰ বৌদ্ধিক দিশটোৰ প্ৰতি মনোযোগ দিলে, কিন্তু হেমলেটৰ চৰিত্ৰৰ আবেগিক দিশটোৰ প্ৰতি আওকাণ কৰিলে। ডাউডেনে সঠিকভাৱেই কৈছে যে হেমলেটৰ দখৰ কাৰণ তেওঁৰ বৰ্দ্ধিৰ জগতৰ পৰা উদ্ভূত হোৱাৰ দৰেই তেওঁৰ অনভূতি আৰু, হৃদয়জগতৰ পৰাও উদ্ভূত হৈছিল ।
হেমলেটৰ গভীৰ দখৰ কাৰণ যে তেওঁৰ হৃদয় জগতৰ পৰা উদ্ভূত এই কথা ষাৰে আমাক ব্লেড লিৰ বিষাদগ্ৰস্ততা ( Melancholy ) ৰ মতবাদৰ কাষ চপাই আনে। ব্লেড লিয়ে বঢ়িয়াকৈ ব্যাখ্যা কৰিছে যে স্বভাৱগতভাৱেই হেমলেট বিষাদগ্রস্ত নাছিল। অৱস্থাৰ হেচাঁতহে তেওঁৰ স্বভাৱত এই দখভাৱে স্থিতি লাভ কৰে। নাটকখনৰ কথাৰপৰা এই কথা কোনোপধ্যেই জানিব নোৱাৰি যে স্বভাৱতেই তেওঁ বিষাদভাৱৰ লোক আছিল। বৰং আমি এই কথাহে জানো যে তেওঁ এজন সৈনিক আছিল আৰ, খেলাধূলাত তেওঁৰ ৰাপ আছিল। তেওঁ অভিনয় ভাল পাইছিল অস্ত্র, অসি চালনাত তেওঁ পাৰ্গত আছিল। বন্ধুবান্ধৱ আৰু, লগৰীয়াৰ লগত তেওঁ হাঁহি-ধেমালি কৰি কথা বতৰা পাতিছিল। মানুহৰ সান্ধতা আৰু মহৰ প্ৰতি তেওঁৰ গভীৰ গ্ৰন্থা আছিল। মানুহ সম্পৰ্কে থকা তেওঁৰ ধাৰণা এই কথা কেইষাৰৰ পৰা জানিব পাৰি ।
"মানহ সৃষ্টিকৰ্ত্তাৰ কি এক মনোৰম প্ৰকাশ। দন্ডিত কিমান মহৎ! ক্ষমতাভ কিমান সীমাহীন । ৰূপকল্প আৰু গতিত কিমান প্রকাশক্ষম আৰু, প্রশংসনীয়। কৰ্মৰ ক্ষেত্ৰত কেনে দেৱত্বসূলভ! উপলব্ধিৰ বেলিকা কেনেকৈ দেৱতাৰ দৰে, জগতৰ সৌন্দৰ্য্যম্বৰূপে, সকলো প্ৰাণীৰ ভিতৰতে শ্রেষ্ঠতম আৰ, মহৎ।"
ব্ৰেডলিৰ মতে কাৰ্য্য সম্পাদনৰ বেলিকা যে হেমলেট ব্যৰ্থ হৈছিল, ইয়াৰ কাৰণ তেওঁৰ চিন্তাপ্রবণ মন নহয়। বৰং এলচিনৰলৈ আহি তেওঁ ৰ নৈতিক আদর্শবাদে যি আঘাত পাইছিল, সেই আঘাতৰ ফলম্বৰূপেহে তেও'ৰ জীৱনলৈ এই শোকাবহ পৰিণতি নামি আহিছিল। তেওঁ - মত প্ৰকাশ কৰিছে, হেমলেটৰ নৈতিক অন,ভূতিৰ জগতত সন্দেহাতীতভাৱে এক বিপদৰ স্তৰ আছিল। সেইয়া হৈছে, জীৱনে পাব পৰা যি কোনো প্রত্যাঘাতকে তেও অতিশয় তীব্ৰভাৱে অনুভৱ কৰিছিল। তেনে আঘাতে এনেয়েই শোকাবহ পৰিণতিৰ সৃষ্টি কৰিব পাৰে। সেই কাৰণে, মঠতে, হেমলেট নাটকখনক "চিন্তাৰ শোকাবহ পৰিণতি" নামটিৰ ঠাইত "নৈতিক আদর্শবাদৰ শোকাবহ পৰিণতি" নামটোহে বেছি খাপখোৱা হব।
হেমলেটৰ নৈতিক অননুভূতি প্রবণতাই গভীৰ আঘাত পালে তেতিয়া, যেতিয়া মাকে খৰধৰ কৰি হেমলেটৰ দদায়েক ক্লডিয়াচক বিয়া কৰালে। তেও ৰ মাক দেউতাকৰ বৰ অন,গত আছিল। দেউতাকৰ মৃত্যুৰ পিছত নিয়বি (Niobe - ) ৰ দৰে চকুপানীৰে একাকাৰ হৈ তেও দেউতাকৰ মৃতদেহক অনুসৰণ কৰিছিল। হেমলেটে মাকৰ মাজেদিয়েই প্ৰেম আৰু, আনগত্যৰ মনোৰম চিত্ৰ এখন মনৰ মাজত আঁকি লৈছিল। মাকেই আছিল তেওৰ কাৰণে নাৰীত্বৰ আদৰ্শ স্বৰূপ। কিন্তু মাকৰ দ্বিতীয় বিবাহৰ পিছত তেওঁৰ সেই আদৰ্শৰ দেউল খহি চৰমাৰ হৈ গ'ল। মাকে নিজৰ প্ৰেম আৰু, 'আন,গত্যক হেমলেটৰ দেউতাকৰ নিচিনা দেবোপম গণৰ এজন মানহৰ পৰা ইমান সোনকালে কুড়িযাচৰ দৰে এজন চেট্যাৰ (Satyr) অর্থাৎ অশ্বমানৱ অর্ধপশ সদশে লোকৰ ওপৰত ন্যস্ত কৰিলে । পবিত্ৰ আৰ, মহৎ আদর্শবাদৰ হেমলেটৰ মনৰ জগত এতিয়া কুৎসিত বাস্তৱতাৰ ক'লা ডাৱৰে ঢাকি পেলালে। জীৱন সুম্পৰ্কে - তেও ৰ সম্পূৰ্ণ মোহভঙ্গ ঘটিল। বিষাদে অপ্রকৃতিস্থ কৰি তোলা হেমলেটৰ চৰিত্ৰত কিছুমান বিশেষ লক্ষণ ফুটি উঠিল। সেইবিলাক হ'ল - জীৱনক লৈ এক আমনিবোধৰ ভাব, মৃত্যুৰ প্ৰতি আকুতি, আত্মগঞ্জনা আৰ, জীৱন আৰু, জগতৰ প্ৰতি বীতশ্রদ্ধ ভাব।
পিছৰ ঘটনাসমূহে এই বিষাদময় অৱস্থাক আৰু, তীব্র কৰি তুলিলে মৃতৰ্জাক কেনেকৈ হত্যা কৰা হৈছিল সেই ভয়াবহ বতৰা হেমলেটে ছায়ামৰ্ত্তিৰ পৰা পালে। গাডে যে মতৰজাক বিশ্বাসঘাটকতা কৰিলে সেই কথাৰো ইঙ্গিত ছায়ামূৰ্ত্তিয়ে দিলে। এইবোৰ কথাই হেমলেটৰ নৈতিক আদৰ্শৰ জগতখনক আৰু অস্থিৰ কৰি তুলিলে। মানসিক ভারসাম্যহীনতা আৰু অস্থিৰতাৰ এই Niobe - গ্ৰীচৰ প্ৰাচীন উপ্যাখানৰ এগৰাকী নাৰী টেস্টেলাচৰ কন্যা। সম্প মৃত্যুত তেঃº শিলত পৰিণত হৈছিল চকুপানী জলধাৰা হৈ বাগৰিছিল।
অৱস্থাৰ পৰা হেমলেটক ৰক্ষা কৰিব পৰা এটা সম্পদেই আছিল। সেইয়া হৈছে অফেলিয়াৰ প্ৰতি থকা হেমলেটৰ নিভাঁজ আব্দ, প্রকৃত ভালপোৱা। যদি অফেলিয়াই সচাঁকৈয়ে হেমলেটক ভালপাই থাকিলহে'তেন, হেমলেটৰ নৈতিক আদর্শবাদৰ জগতখনত অবলম্বনৰ কিছু অৱকাশ থাকিলহেতেন। অফেলিয়াই ভালপাই থকা হলে হেমলেটে অন্ততঃ বাজিলেহেতেন যে সকলো শেষ হৈ যোৱা নাই । মানুহৰ মাজত সাধতো, পবিত্ৰতা আৰ, জীৱনৰ সৌন্দৰ্য্য আছে ।
কিন্তু হেমলেটৰ প্ৰতি অফেলিয়াৰ আকস্মিক, অভাৱনীয় আৰ, কাৰণবিহীন পৰিবৰ্তনে হেমলেটৰ মনোজগতৰ পৰা আশাৰ শেষ বালিচৰকণো খহাই পেলালে। হেমলেটৰ হৃদয়জগতত পোহৰৰ লেশমানো নাইকিয়া হল । বিষাদৰ অন্ধকাৰ ডাৱৰে ঢাকি পেলালে। এই বিষাদগ্রস্ততাই হেমলেটৰ দীর্ঘসূতিতাৰ কাৰণে দায়ী আৰু হেমলেটৰ জীৱনৰ কৰণ পৰিণতিৰ প্ৰকৃত কাৰণ ।
এই বিষাদগ্রস্ততাই হেমলেটক কাৰ্য্যসম্পাদনৰ প্ৰতি নিস্পৃহ কৰি তুলিলে। ইয়াৰ ফলস্বৰূপে তেওঁ জীৱন সম্পর্কে এক বিৰাগভাৱ পোষণ কৰিবলৈ ল'লে। এই বিৰাগভাৱে কেতিয়াবা ইয়াৰ চৰম অৱস্থা পায়গৈ। তেতিয়া তেওঁ মৃত্যুৰ কথা ভাবে। সাধাৰণ ভাবে এই বিৰাগ ভাব থাকেই আব, ই তেওঁ'ক জীৱন সম্পর্কে উদাসীন কৰি তোলে। কেতিয়াবা এই বিৰাগভাৱে তেওঁক এৰা দিযে, কিন্তু খুব কম সময়ৰ কাৰণেহে। স্বাভাৱিকতেই এনেকুৱা মানসিকতাত কোনো এজন মান,হে আগৰেপৰা ভাবিচিতি ঠিকঠাক কৰি কাৰ্য্য সম্পাদন কৰিব কোতযাও নোৱাৰে ।
ব্লেডলিয়ে আগবঢ়োৱা এই বিষাদগ্রস্ততাৰ মতবাদ হেমলেটৰ চৰিত্ৰৰ বিলম্বৰ কাৰণ ব্যাখ্যা কৰাত সফল হৈছে বুলি কব পাৰি। বিষাদৰ ভাব যেতিয়া মনত প্ৰবল হৈ উঠে, মানহে বেছি ভাবকে হৈ পৰে। এনে ধৰণৰ ভাবনাই মান হৰ মনৰ শক্তি অবাবতে অন্তহীন ভাবনা চিন্তাত ক্ষয় কৰে। এইদৰে ভাবোতে ভাবোতে কাম নকৰাৰ কিছুমান চেল, ওজৰ বা অজুহাত নিজে নিজে কব নোৱাৰাকৈয়ে মান,হে সৃষ্টি কৰি লয়। এনে বিষাদগ্রস্ততাৰম্বাৰা আক্রান্ত এজন মানন্দহে খন্তেকীয়া আবেগৰ বশৱৰ্তী হৈ যিকোনো কাৰ্য্য সম্পাদন কৰিব পাৰে। কিন্তু শান্তভাৱে ভাবিচিন্তি সিদ্ধান্ত লৈ কোনো কার্য সম্পাদন কৰিব নোৱাৰে। হেম লটৰ বেলিকাও সেযে হ'ল ।
ছায়ামূর্তিঃ ইয়াৰ চৰিত্ৰ আৰু কাৰ্য্যাবলী
এলিজাবেথৰ যগৰ মানহে ছায়ামূৰ্ত্তি, প্রেতাত্মা, যখিনী আদি অতিপ্রাকৃত অশৰীৰীত বিশ্বাস স্থাপন কৰিছিল। এই যগৰ নাট্যকাৰ সকলে নাটকত তেনে ধৰণৰ অতিপ্রাকৃত চৰিত্ৰৰ অৱতাৰণা কৰি ভয় আৰু ৱাসৰ পৰিৱেশ সৃষ্টি কৰিছিল আৰু লগতে দৰ্শকৰ কল্পনাক উদ্বেলিত কৰিবলৈ চেষ্টা কৰিছিল । চেক্সপীয়েৰেও তেওঁৰ নাটকত এনেধৰণৰ অতিপ্রাকৃত চৰিত্ৰৰ অৱতাৰণা কৰিছিল । কিন্তু চেক্সপীয়েৰে এনে চৰিত্ৰ সৃষ্টি কৰিছিল স্থূল শিহৰণ বা উত্তেজনা সৃষ্টিৰ কাৰণে নহয়, এক বৌদ্ধিক আবেদন সৃষ্টিৰ কাৰণেহে চেক্সপীয়েৰে এনেধৰণৰ অশৰীৰী চৰিত্ৰৰ অৱতাৰণা কৰিছিল।
হেমলেট নাটকৰ ছায়ামূৰ্ত্তি আছিল ধৰ্ম্মভাবৰ প্ৰলেপ থকা এক গহীন চৰিত্ৰ, যিটো আছিল একেলগে ৰহস্যজনক আৰু বাস্তৱ । এলচিনৰ দৰ্গ'ৰ ৰাজপ্রাসাদৰ সম্মূখত মাজনিশা এই ছায়ামূৰ্ত্তি ওলোৱাৰ যি ধৰণ সেইয়াই অজানা আৰু, অচিনাকি জগত এখনৰ এক ঘনঘোৰ ৰহস্যৰ আবৰণ কঢ়িষাই আনে। কিন্তু এই ছায়ামমূৰ্ত্তি - হেমলেটৰ কল্পনাৰ স্ফুৰণ নহয়। ই একেৰাহে কেইবাৰাতিও ওলাইছে আৰু, কেইবাজনো " ৰখীয়া পহৰীয়াই দেখিছে। গতিকে হেমলেট নাটকৰ ছায়ামূৰ্ত্তি সম্পৰ্ণৰূপে বাস্তৱ আৰু ইয়াৰ এক বস্তুগত অৱস্থিতি আছে। হৰচিত্তই প্ৰথমে প্রেতাত্মা বা ছাযামৰ্ত্তিৰ অবিশ্বাস কৰিছিল। তেওঁ ইয়াক তেওঁৰ বন্ধ বৰ্গৰ মিছা ভাবনা (fantasy ) বহুলি উৰাই দিছিল আৰু কৈছিল, 'যোৱা যোৱা, ই আৰু নোলায়।" কিন্তু সচাঁকৈযে যেতিযা ছাযামমূৰ্ত্তি ওলাল তেতিয়া তেওঁ নিজৰ চকুক অবিশ্বাস ক'ৰব নোৱাৰা হ'ল। "ই ভয আৰু, আশ্চর্যত মোক বিতত কৰি পেলাইছে' তেওঁ ক'লে ।
প্রথম ছায়ামমূৰ্ত্তি দেখাৰ সময়ত হেমলটৰ মনতো একেধৰণৰ ভয আৰু আশ্চর্য্য ভাবৰ সৃষ্টি হৈছিল। তেওঁ ছায়ামমূৰ্ত্তিব অবস্থতি সন্দেহ কৰা নাছিল। কিন্তু সন্দেহ কৰিছিল ইযাৰ বিশ্বাসযোগ্যতাত। ছায়ামমূর্তি ক সম্বোধন কৰি তেওঁ কৈছিল,
'স্বর্গীয় আশীর্ব্বাদ কঢ়িয়াই অনা তুমি সৎ শক্তিৰ
প্রতিভূও হব পাবা
অথবা নৰকৰ অভিশাপ কঢ়িয়াই অনা
অসৎ শক্তিৰ প্ৰতিভূও হব পাৰা,
তোমাৰ উদ্দেশ্য বেয়াই হওক বা ভালেই হওক যি ৰূপেত তুমি ধৰা দিছা, মোৰ মনত কৌতূহলৰ সৃষ্টি কৰিছে
মই তোমাৰ লগত কথা পাতিম।"
| pdf |
420a63cefd55a6998f4fb574be0df024c6844096 | আজিৰ এটা ঘটনাত ডিৰেক্টৰেইট অব ৰেভিনিউ ইণ্টেলিজেন্সৰ (ডি আৰ আই) এটা দলে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দেশৰ আগ শাৰীৰ বিমান পৰিবহণ সংস্থা ইণ্ডিগ' এয়াৰলাইনছৰ এজন উচ্চ স্তৰীয় বিষয়াক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা বিষয়াজনৰ নাম ৰাজীৱ মেধি আৰু তেওঁ বিমান কোম্পানীটোৰ জ্যেষ্ঠ বন্দৰ পৰিচালক (senior airport manager)।
কেইদিন মান পূৰ্বে ডি আৰ আয়ে বিমানবন্দৰটোত সোণৰ চোৰাং কাৰবাৰৰ এটা চক্ৰক উৎখাত কৰা ঘটনাৰ পিছতে এই গ্ৰেপ্তাৰৰ ঘটনাটো ঘটে। উক্ত চক্ৰটোক উৎখাত কৰাৰ পিছতে সোণৰ চোৰাং কাৰবাৰত ডি আৰ আয়ে বিমান বন্দৰটোত কৰ্মৰত কোনো বিষয়া-কৰ্মী জড়িত থকাৰ সন্দেহ কৰিছিল। ডি আৰ আইৰ সূত্ৰমতে অভিযানটোৰ অংশ স্বৰূপে যোৱা ২১ ডিচেম্বৰত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।
ইয়াৰে এজন বিজয় কুমাৰ শৰ্মাক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ২. ৬৫ কিলোগ্ৰাম সোণৰ সৈতে আৰু আনজন চনোৱৰলাল শৰ্মাক দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছিল। চনোৱৰলাল শৰ্মাই ২. ৪৮ কেজি ওজনৰ সোণ লৈ গুৱাহাটীৰ পৰা গৈছিল। দুয়োজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰাৰ পিছত ন্যায়িক জিম্মাত ৰখা হৈছে।
এই চোৰাং কাৰবাৰক উৎখাত কৰিবৰ বাবে কৰা অধিক অনুসন্ধানৰ পথত ইণ্ডিগ' এয়াৰলাইনছৰ ছজন নিৰাপত্তাকৰ্মীৰ ভাষ্য গ্ৰহণ কৰা হৈছিল। এওঁলোকৰ আটায়ে স্বীকাৰ কৰে যে বিমান পৰিবহণ সংস্থাটোৰ জ্যেষ্ঠ বন্দৰ পৰিচালক (senior airport manager) ৰাজীৱ মেধিয়ে তেওঁলোকক সোণ কঢ়িয়াই নিয়া বেগকেইটা নিৰীক্ষণৰ সময়ত পাৰ কৰি দিবলৈ কৈছিল। এইটো কেৱল যোৱা ২১ ডিচেম্বৰতে নহয়, পূৰ্বতেও কেইবাবাৰ কৰিছিল। ডি আৰ আইৰ এক সূত্ৰই এইদৰে কয়।
আনহাতে ঘটনাটোৰ এজন অভিযুক্ত বিজয় কুমাৰ শৰ্মায়ো মেধিৰ ভূমিকাৰ কথা স্বীকাৰ কৰিছিল। অভিযোগমতে টালি-টোপোলা ইণ্ডিগ'ৰ এক্স-ৰেই কৰা মেচিনত সোণৰ টুকুৰাবোৰ ধৰা পৰাৰ পিছতো বেগবোৰ পাৰ হ'বলৈ দিয়া হৈছিল।
তদন্তৰ সময়ত এইটোও পোহৰলৈ আহিছে যে মেধিৰ এই সোণৰ চোৰাং কাৰাবাৰী চক্ৰটোৰ আন কেইবাজনৰ সৈতেও সম্পৰ্ক আছে। | web |
92e619fd9f3592d2e1269df2263b7825364113e9 | ৰাজ্যত ক্ৰমান্বয়ে কোভিড পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ দিশে আগবাঢ়িছে। সেয়েহে ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে কেতবোৰ ব্যৱস্থাপনা হাতত লোৱা পৰিলক্ষিত হৈছে।
ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ নিৰ্দেশ মৰ্মে দেওবাৰৰে পৰা চহৰ অঞ্চল আৰু তাৰ পৰা ৫ কিঃমিঃ নিলগলৈকে পুৱা ১১ বজালৈকেহে দোকান-পোহাৰ খোলা ৰখাৰ অনুমতি প্ৰদান কৰাৰ লগতে দুপৰীয়া ১২ বজাৰ পৰা পুৱা ৫ বজালৈকে কাৰ্ফিউ দিয়া হৈছে।
তাৰপিচতে শুকুৰবাৰৰ পৰা অৰ্থ্যাৎ ২১ মে'ৰ পৰা বন্ধ হ'ব আন্তঃজিলা যাতায়াতআজি গুৱাহাটীত সাংবাদিকৰ আগত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অচিৰেই এই নিৰ্দেশনা প্ৰকাশ পাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
অৰ্থ্যাৎ ২০ মে'লৈকেহে আন্তঃজিলা যাতায়াত সম্ভৱ হ'ব তথা কোনো লোক যদি আন্তঃজিলা ভ্ৰমণ কৰিবলগীয়া আছে তেন্তে বৃহস্পতিবাৰলৈকে ভ্ৰমণ কৰিব পাৰিব। কোভিড সংক্ৰমণ যাতে ৰোধ কৰিব পৰা যায় তাৰ বাবেই এখন জিলাৰ সৈতে আনখন জিলাৰ যোগাযোগ বন্ধ কৰা হৈছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, কালি সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজিৰে পৰাই বন্ধ হ'ব বুলি উল্লেখ কৰিছিল।
উল্লেখযোগ্য যে, কালিৰ দিনটোত ৰাজ্যত মুঠ ৩৬৫০ গৰাকী লোক কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫৬ গৰাকী লোকে কোভিডত মৃত্যুক আকোৱালি লৈছিল। কামৰূপ মেট্ৰ'ত ১১৯৭ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছিল কালিৰ দিনটোত।
সেয়েহে সকলো জনসাধাৰণ সজাগ আৰু সচেতন হৈ মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দুৰত্ব মানি চলক, এয়া সময়ৰ আহ্বান। | web |
bef7d9ff11c69f38bef3f54cdfb23a9c8f326a94 | সোমবাৰে ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (National Crime Records Bureau)ৰ তথ্যত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য। ২০২০ চনৰ তুলনাত ২০২১ চনত দেশত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা ১৫. ৩ শতাংশলৈ বৃদ্ধি পাইছে।
সংস্থাটোৰ শেহতীয়া তথ্য অনুসৰি, ২০২১ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু হৈছে ৪,২৮,২৭৮ টা, ২০২০ চনত এয়া আছিল ৩,৭১,৫০৩ টা।
উদ্বেগজনক কথা যে প্ৰতিবেদন অনুসৰি ২০২১ চনত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ হাৰ সৰ্বাধিক (১৬৮. ৩ শতাংশ) ৰেকৰ্ড কৰা হৈছে অসমত। ৰাজ্যখনত যদিও যোৱা তিনি বছৰত এই অপৰাধৰ সংখ্যা এইবাৰ হ্ৰাস পাইছে তথাপি দেশৰ ভিতৰত শীৰ্ষত আছে। এন চি আৰ বিৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে দেশত প্ৰতি এক লাখ জনসংখ্যাৰ বিপৰীতে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ২০২০ চনত ৫৬. ৫ শতাংশৰ পৰা ২০২১ চনত ৬৪. ৫ শতাংশলৈ বৃদ্ধি পাইছে।
- First Published : | web |
8829cdfb374fdd8f93c4c67c3a9cf9ecb9bf03159b59c11f5423f8089f48ec65 | কিজানি খং কৰিছিলি । তোৰ উদং গাত মোৰ চুলিবোৰ লাগি আছিল বাবে কিজানি তোৰ বেয়া লাগি গৈছিল ।
আগেয়ে তই কচোন, তাৰ কেনেকুৱা লাগিছিল । তোৰ বেয়া লাগিছিল ? তাৰ পাছত মই কম !মান খ. উঠিছিল নে নাই ।
--তেনেহলে তই থিয় হৈ থাক । মই আকৌ আগৰদৰে বৰ্হো ।
গাতে গা লগাহ সিহঁত দুয়ো থিয় দি আছিল । কালোন্দী কিবাকৈ আৰু ওচৰ চাপি আহে । পোহৰ নাছিল বাবে সিহতে কোনেও কাকে। ভালকৈ দেখা নাপায়। গা ধুই দিয়াৰ পিছতো কালোদীৰ চুলিৰ মাজত লাগি থকা মলি, আৰু গা নোধোৱাকৈ থকা তুসীৰ গাৰ মলি এন্ধাৰত মণিব নোৱাৰি । সিহঁতৰ গাৰ বৰণ, কাপোৰৰ বৰণ আৰু গাৰ মলি একে, এন্ধাৰৰ দৰে ক'লা । ওলোমাই থোৱা কৰাচিনব লেমকেইটাও বতাহত ধোঁৱা ওলোবাৰ বাবে ক'লা হৈ পৰিছে । সিহঁতৰ চাৰিওফালে ক'লাৰ আৱৰণ ! সেই ক'লাবিলাকৰ মাজত সিহঁত দুয়ো কিছুপৰ থিয় হৈ থাকে ।
কেবিন্বিলাকত কাঁচৰ গিলাচৰ শব্দ বেছি হয় । তাত থকা মানুহৰ কণ্ঠস্বৰ ৰুক্ষ হয় । কেবিনৰ ভিতৰতে ঘূৰি ফুৰা মানুহৰ বুট জোতাৰ শব্দ স্পষ্ট হৈ পৰে । গালি শপনিবোৰ বাহিৰৰপৰা শুনা যায় । কেবিবয়বিলাকে কিবাকিবি খাৱা বস্তু অনা-নিয়া কৰি থাকে ! কেবিন্বিলাকত যেন কিবা এটা অশান্ত ধৈর্যহীন উদ্দীপনা চট্ফটাই থাকে ।
কুলীবিলাকৰ চকুলৈ টোপনি নাহে। শুবলৈ বা দীঘল দি পৰি থাকিবলৈ কোনো ঠাই নাই । গতিকে টোপনি আহিব কেনেকৈ ? তাৰ উপৰিও খোলা জাহাজতো
দুৰ্গন্ধবোৰ আঁতৰ নহয় । কাৰণ দুর্গন্ধ'বাৰ সিহঁতৰ গাত আৰু কাপোৰত লাগি থাকে । আঁঠুত মূৰ থৈ নাইবা কাষৰ মানুহৰ গাত আউজি টোপনিয়াই থাকিবলৈ সুবিধা নালাগে । অলপ সময়ৰ পিছতে ভৰিবোৰ জ্যৰ হৈ যায, গাৰ বিষ উঠে । বমাৰত পৰি আধা জ্ঞান হেৰুৱাকেইজন আৰু মাকৰ কোলাৰ কেঁচুৱাৰ বাহিৰে কাৰো আৰু ভালকৈ টোপনি নহয় । সেযে বোধহয় আটাইবোৰ মানুহৰ কিবা একপ্রকার এলাহ ওপজে । উঠি দিলে জঠব হৈ যোৱা হাত-ভৰিবোৰ ভাল লাগে, কিন্তু কাৰো উঠিবৰ মন নাযায । মানুহৰ গাৰ ওপৰেদি পাৰ হৈ গৈ হলেও দুই-এখোজ কাঢিলে গাত বল পোৱা যায়, কিন্তু কোনেও উঠি গৈ এখোজ কাঢ়িবলৈকো ইচ্ছা নকৰে । জাহাজৰ ৰেলিঙত ওলোমাই থোৱা বাল্ল্টিবোৰেৰে পানী তুলি আনি হাত-মুখ ধুই দিনে গাটো ভাল লাগে, কিন্তু কোনেও উঠি গৈ হাত-মুখ নোধোৱে । গাৰ মলি আৰু কাপোৰ-কানিৰ দুৰ্গন্ধৰ মাজত সিহঁতে চকু মুদি বহি থাকে । সিহঁতে নাহাহে, মাৰ নাখালে নাকান্দে ।
কালোদীযে কয, - তই কৈছিলি নহয়, তই বহিবি । নবহু কিয় ?
বিজুলীৰ পোহৰ পৰি দূৰৈত পানীবোৰ চিক্মিকাই উঠে । তাঁলৈ চাই থাকি
তুল্সীয়ে কয়, - তোৰ চোলাটো কেনেকৈ ইমান দীঘল হ'ল ?
- - তই আগেয়ে বহুচোন বাৰু । -কালোন্দীয়ে হেঁচা মাৰি তাক বহুৱাই দিয়ে । তুল্সীয়ে আগৰদৰে তাইক সাবটি ধৰি তাৰ মূৰটো তাইৰ গাত লগাই থয় । কালোন্দীযে থিয হৈ থাকি তাৰ মুৰটো জোৰকৈ ধৰি থাকে । তাৰ পিছত কয়, মোৰ গাত বল নাই । তই নিজেই মোক জোৰ কৰি ধৰি থাক, গাৰ বলেৰে ধৰি থাক । অলপপৰ পাছত তাই আকৌ কয, - মোক বহিবলৈ দে । মোৰ ভাগৰ লাগি গৈছে । মাৰ্ শুই থাকিবৰৈ মন গৈছে ।
হাত আৰু ভৰিৰে তুল্সীক আাগুৰি ধৰি তাৰ গাত মূৰ থৈ কালোন্দীয়ে খন্তেক জিৰাই লয় । তুসীয়ে সাধে, - এতিয়া ক, তাৰ খং উঠিছিল নেকি ?
তাক ভালকৈ দেখা নাপায় যদিও কালোন্দীয়ে চকু মেলি তাৰ ফালে চায় । তাৰ পেটটোৰ আৰু বুবুৰ দাগবোৰ এন্ধাৰতো মণিব পাৰি । কিছুমান মলিব দাগ, আন কিছুমান গোৰ খোৱাৰ দাগ । গোৰ খোৱা পেটটো তাৰ বিষাই মাছ নিশ্চয়, তাই ভাবে । তাই নিজে কতো 'মাৰ খোৱা নাই । সৰুতে মাক-বাপেৰে মাৰিছিল, সেয়া বহুদিন আগৰ কথা । এবাৰ নাদৰপৰা পানী তুলি থাকোতে তাইৰ লগৰ ল'ৰা এজনে তাই ঠেলা মাৰি দিছিল 'ৰু নাম্ৰ পকাত খুন্দা খোৱাত তাইৰ নাকৰপৰা ভালেখিনি তেজ ওলাইছিল । সেয়াও দুই-তিনি বছৰ আগৰ কথা । তথাপি তাইৰ গাতো দাগ আছে । কিন্তু .সই দাগবোৰৰ এতিয়া আৰু বিষ নাই । তাই তুসাৰ পেটৰ দাগ লগা ঠাইখিনি পিটিকি দিয়ে, আৰু সি উচপ খাই উঠে । তাই কয়, - মোৰ ভাল লাগিছিল । তোক যেন তেনেকৈয়ে ধৰি থাকিম, তেনেকুৱা লাগিছিল । তোৰ মুখৰ তপতখিনি মোৰ গালৈ বৈ আহিছিল । কিজানি মোৰ গাত মলি লাগি আছিল, সেই বুলি ভাবিহে মোৰ বেয়া লাগিছিল । তোৰ কেনে লাগিছিল ? বেয়া লাগিছিল ? তোৰ খং উঠিছিল ?
- মোৰ ভাল লাগিছিল, - সি কয়, এনেকুৱা ভাল লাগিছিল যে চাৰিওফালৰ মলি আৰু লেতেৰা গন্ধবোৰ নোহোৱা হৈ গৈছিল । তোৰ গাটো কিবা অন্য ধৰণৰ । মুখখন গাত থলে যেন মুখতে লগা গাখিনি ওপৰলৈ উঠি আহে, এনেকুৱা যেন লাগে । তইও খং কৰা নাই, মইণ্ড খং কৰা নাই । তোৰে। ভাল লাগিছিল, মোৰো ভাল লাগিছিল । এতিয়া তই চকু মুদি থাক । বৰষুণ আহিবলৈ বেছি পলম নাই । তেতিয়া আমাৰ গাৰ ওপৰেদি কিমান মানুহ ক লৈ যায় তাৰ ঠিক নাথাকিব । এতিয়াই অলপ জিৰাই ল ।
তাইৰ উদং গাখিনি সি পিাই দি থাকে । হঠাৎ সি খীণকৈ শব্দ কৰি হাঁহে । তাইৰ মূৰটো দাঙি সোধে, - কি ?
- নহয়, এনেই ।
তাই আকৌ সোধে, ---কি ?
সি উত্তৰ দিয়ে, - মই যে তোক কৈছিলো, সেয়ে । তোৰ গাটো অন্য ধৰণৰ । কিবা বেলেগ । কঁপি থকা যেন লাগে । বতাহ বৰষুণ এতিযাও অহা নাই । তথাপি কিয় কঁপে ?
- কঁপা নাইতো, - তাই সংক্ষেপে উত্তৰ দিয়ে ।
- সই কাৰণেইতো কৈছিলোঁ, তোৰ গাটো বেলেগ । গাখিনি কঁপা নাই, তথাপি কঁপি থকা যেন লাগে ।
- তেনেহলে তোৰ হাতখন কঁপি আছে । - তাই কয, - তথাপি তেনেকৈ ধৰি থাক । ইমান বিজুলী মাৰিছে, মোৰ ভয় লাগে ।
বহু নিলগৰপৰা গুমনি শব্দ এটা ভাহি আহে । ক্রমে গুম্ গুম্ হুম্ হুম্ শব্দবিলাকে বিকট চিৎকাৰ কৰি আগুৱাবলৈ ধৰে । প্রচণ্ড ধুমুহা আহে । নৈৰ পানীবোৰে সহস্ৰ ফণাৰ আকৃতি লৈ নাচিবলৈ আৰম্ভ কৰে । ঢৌবোৰ জঁপিয়াই জঁপিয়াই ভাঙি চিটিকি পৰে । জাহাজৰ তলি আৰু কাষৰ লোৰ পাতবিলাকত টীবোৰে আস্ফালন কৰি আঘাত কৰে । যেন মুহূৰ্তৰ ভিতৰতে জাহাজখন ভাঙি চূর্ণ-বিচূৰ্ণ কৰি দিব ।
অবিশ্রামভাৱে বিজুলী চমকে । বিজুলীৰ পোহৰত দূৰৈৰ উত্তাল তৰগবাৰৰ শুভ্রতা চিক্মিকাই উঠে । জাহাজখনত প্ৰচণ্ড হেন্দোলনি উঠে । দূৰম্ভ বতাহৰ বেগত জাহাজখন এবাৰ আগলৈ যায় এবাৰ পিছলৈ আহে । কেতিয়াবা আকৌ একাষে হালি গৈ পানীত লাগে, আকৌ পিছ মুহূর্ততে আনফালটো হালি যায় । কোনে" এক মুহূৰ্তৰ বাবেও সুস্থিৰে বহি থাকিব নোৱাৰে । মানুহবোৰৰ চিঞৰ আৰু কান্দোন যেন গগন ভেদি যায় । জাহাজৰ ৰেলিং আৰু খুঁটাবিলাকত কিছুমান মানুহে খামুচি ধৰে । বাকীবিলাকে পৰস্পৰে পৰস্পৰক খামুচি ধৰি এবাৰ ইফালে এবাৰ সিফালে জাহাজখনত বাগৰি ফুৰে । সিহঁতৰ বিলাইৰ সীমা নাইকিযা হ'ল । টনা-আঁজোৰা কৰি থাকোতে কাৰ গাৰ কাপোৰ কলৈ গ'ল তাৰ ঠিকনা নোহোৱা হ'ল । মাকৰ বুকুৰ কেঁচুৱা উফৰি গৈ মানুহৰ মাজত পৰিল আৰু কিছুমান টোপোলা-টাপলি বাগৰি গৈ নৈত পৰি গ'ল । ধুমুহাৰ সেই তাণ্ডৱ নৃত্যৰ মাজত খালাচীবিলাকে চিঞৰি থাকিল, - খবৰদাৰ, খবৰদাৰ, খবৰদাৰ
এইবাৰ ধুমুহাই প্ৰলযৰ ৰূপ ললে । ভটিযাই যোৱা নৈৰ প্ৰবল ,সাঁতটো যেন ভাঙি মুচৰি কোনোবা দৈত্যই উজানমুখী কৰি দিলে । টীবোৰে প্ৰায় জাহাজৰ চালৰ
সমান ওখ হৈ প্ৰলয়ৰ নাচোন আৰম্ভ কৰি দিলে । হঠাৎ জাহাজখন একেবাৰে এঢলীয়া হৈ গ'ল, যেন জাহাজখন উবুৰি খাই ডুবি যাব । আতংকত আটাইবোৰ মানুহে আৰ্তনাদ কৰিবলৈ ধৰিলে । তেনেতে চাৰি-পাঁচজন মানুহ জাহাজৰপৰা পিছলি পানীত পৰি গ'ল । খালাচীবিলাকে আগৰে পৰা সাজু হৈ আছিল । সিহঁতে লাইফবয় কেইটামান পানীত পেলাই দিলে, যাতে তাতে ধৰি থাকি মানুকেইজন ওপঙি থাকিব পাৰে । ইতিমধ্যে জাহজাখন আকৌ পোন হৈ গ'ল, মাত্র দুজন মানুহক পানীৰপৰা তুলি ওপৰলৈ আনিব পৰা হ'ল । বাকীকেইজনক তুৰন্তে সোঁতে ক'লৈ টানি লৈ গ'ল, কোনেও আৰু ধৰিব নোৱাৰিলে ।
ধুমুহাই শাম কাটিলে, আহিল ধাৰাসাৰ বৰষুণ । মানুহৰ আৰ্তনাদ কমি গ'ল । সিহঁতে ইমান সিৰ্চৰতি হৈ পৰিছিল যে কোন মানুহ নৈৰ বুকুত জাহ গ'ল, কোনেও সঠিক কব নোৱাৰিলে । আটাইবোৰ মানুহে চাৰিফালে বিচাৰি চোৱাৰ পাছতহে গম পোৱা যাব কোন কোন হেৰাই গ'ল । বৰষুণত তিত্তি জুৰুলি হৈ পাৰ্যমানে সিহঁতে বিচাৰিবলৈ ধৰিলে । নৈখনৰ ওখ ওখ ঢৌবোৰ লাহে লাহে চাপৰি আহিল । লাহে লাহে কেবিনৰ ভিতৰত কাঁচৰ গিলাচৰ শব্দ আকৌ আৰম্ভ হ'ল । বৰষুণজাক লাহে লাহে কমি আহিল ।
ৰেলিঙৰ ওচৰলৈ গৈ গাৰ তিতা কাপোৰখিনিৰ পানীবোৰ চেপি উলিয়াই দি, টিম্কীযে মাঘো আৰু বাপেকৰ গাৰ চোলা দুটা সিহঁতৰ গাৰপৰা খুলি নিয়ে । টোপোলাৰ ভিতৰত থকা তাইৰ মাকৰ এখন শাৰী আৰু আন যিখিনি কাপোৰ আছিল, তাকো উলিয়াই লৈ আটাইখিনি কাপোৰ পাৰেমানে চেপি অলপ শুকান কৰিবলৈ চেষ্টা কৰে । সেই আৰ্টাইখিনি কাপোৰ'চপি দি শেষ কৰাৰ পিছত, তাই নিজৰ শাৰীখনৰ চেপি দিযা ভাগটো গাত মেৰাই লৈ আনটো ভাগ খুলি আনি যিমান পাৰে চেপি দিয়ে । তাৰ পাছত সেই ভাগটো গাত মেৰিয়াই লৈ ব্লাউজটো খুলি আনি চেপি কিছু শুকান কৰি আকৌ পিন্ধি লয় । জাহাজৰ আনবোৰ মানুহেও যেযে যেনেকৈ পাৰে গাৰ কাপোৰবোৰ চেপি নাইবা এখন কাপোৰৰে দুমূৰে ধৰি লৰাই লৰাই শুকান কৰি লোৱাৰ চেষ্টা কৰে । নিশা গভীৰ হয় ।
- তাইক দেখিছ জানো ? - টিকীযে সোধে ।
- কাৰ কথা কৈছ ? ---বান্হাই ও সোধে ।
- নহ্য বাবুজী, তাক সোধা নাই । - তাই কয, - - মই মাঘোক হে সুধিছো । তই সদায আঁঠুৰ ওপৰত মূৰ থৈ চকু মুদি আছ, তই'না ক'ত কাক দেখিবি ? ভাগ্য ভাল যে তই ধুমুহাৰ সময়ত চকু মুদি নাছিলি ।
- মযো বুজা নাই, তই কাৰ কথা কৈছ, - -মাঘোই কয় । কিন্তু তোৰ দেখিছোঁ
গাত শক্তি আছে । তই নাথাকিলে ধুমুহাৰ সময়ত বান্হা আৰু মই দুয়ো উটি গৈ নৈৰ বুকুত মৰি থাকিলোহেঁতেন । অৱশ্যে মোৰ কথা কব লাগিলে, তহঁতৰ ঘৰখন নাথাকিলে মই সেই ডিপোতে মৰি থাকিলোহেঁতেন । কেৱল তোৰেই নহয়, তুলসীৰ গাতো বল আছে । চাচোন, সৌৱা নহয, সেইখিনিতে বহি আছে । যেন ক'তো একো এটা হোৱা নাই । তাৰ বাবেহে মোৰ ভয় ।
--- মাৰ শক্তি তই ক'ত দেখিলি ? - টিমকীযে কয, - মই ধুমুহা আৰম্ভ হোৱাৰ আগৰেপৰ। এই খুটাটোৰ চৰত বহি আছিলো যাতে দৰ্কাৰ হলে খুঁটাটোৰ আশ্ৰয লব পা'ৰা । দন্দ্ব, না হ'ব । যেই ধুমুহা আলি মই শাৰীখনেৰে ভালকৈ খুঁটাটোত মেৰিয়াই নিজৰ বান্তিন! সইবাবেহে মহ দু'যাখন হাতেৰে তহঁত দুঃযাকে ধৰি ৰাখিব পাৰিছে'ল, তার ছবিখন সংশতা তার উঠা হলে তইযে আমার দুর্যোবে ধৰি ৰাখিব পাৰিণিহ সেইবিলাক । তাই ঘনি দেখিছ জানো ?
তহনো কাঁব কম। এছ, মই এতিযাত বৰিব পৰা নাই, - মাঘোই কয় । কোনোব' যোৰপৰা ওলাই বাবা ঠাৰ্যে বা ব
টিমকী মাঘোৰ তেনেই "চৰ চাপি বহি তাৰ কাণৰ ওচৰলৈ মুখখন নি কবলৈ ধৰে । তাইৰ বাপেকে শুনাবে কবলৈ তাই। ভাল নালাগে । ধুমুহা অহাৰ আগেযে চাববিপাশ সামাৰ মানুহবিলাকৰ মাজত সোমাই দুই এজনৰ লগত কথা, পাতিছি। এই জানো লক্ষ। কৰ। নাছিলি?
দখিচিলো, কিয় ন দখিম ? সি উত্তৰ দিয়ে । পাতিলে কি হয় ?
তই ভাকৈ এবং নাচাৰ, তাই কম, সইবাবে তহঁতৰ চকুত একে। নপৰে । আমাৰ পুখ সুখৰ কথা সুধিবলৈ চদাববিসাব আমাৰ ওচৰলৈ জানে। কেতিয়াবা আহে ? কুলী ডিপোত থাকোঁতেও সেযে হৈছি।। সামাৰ মাজলৈ আহি আমাক দেখুৱাবলৈ দুই এটা কথা সুধিছিল, আচলতে সিং" কিন্তু আন কিবা বিচাৰি ফুৰিছিল । মহ কথাটা বৃদ্ধি পালো যেতিযা দিদি ঘুবি নাহিল তেতিযাহে । আগেযে বুজি পোৱা হলে মোৰ চৰৰপৰা তাইক কানে : লৈ যাব নোৱাৰিলেহেতেন ।
চৰ্দাৰে আমাৰ লগত কথা
এন্ধানঃ স্পষ্টভাবে দেখা পোৱা টিকীৰ মুখখনী মাঘোহঁ কিছুসময় চাই থাকে । টিম্বীৰ মুখখন চিত্কাৰপৰা লৈ যাবা তাৰ মাইকীজনীৰ মুখৰ 'ৰ নহয় । টিম্কীৰ মুখৰপৰা ওলোবা গাখিনিও বেগে । ডান মাইকীানীর মুখৰ গন্ধ ইমান তীব্র নাছিল । টিমকীন গাটোঃ বলেগ । এতিয়া এ গান ভিত্তি ধব। তাইক ব্লাউজটো ডাইৰ গাৰ জোখাঁকৈ সৰ । এটা মাত্র প্রকাশ। নাউজটো তাইৰ গাত যেন ওলমি থাকে, যেন তাইৰ বুকুত টানবৈ লাগি থাবিল তাই দুখ পাই যাব । ভাইৰ ক'লা বুকুখনৰ ক'লাখিনি যেন কিছু পৰিমা'ণ তল'লৈ পটফালে নামি গৈছে ।
মাঘোই মুখ ঘূৰাই লয় । হঠাৎ যেন তাৰ বুকুলৈ অসহা দুখ সোমাই আহে । তাৰ এতিযা মনত খেলায় যে সেই সমযত বুজি পোৱা হলে তাৰ ওচৰৰপৰা তাৰ মাইকীজনীকো কোনেও লৈ যাব নাবাৰিলেহেঁতেন । সি কয়, - ইয়াৰপৰ। কোন কেতিযা উঠি গ'ল, মই দেখা পাৱা নাই । তইনো ক'ত দেখিলি ?
- সেই .। তাত তোৰে সমা। মতাজন টোপনিয়াই আছে, - টিম্কীয়ে কয, তাৰ হাতত কিবা এটা গুক্তি দিয়া মই দেখিছিলো । তাৰ পিছত তাৰ মাইকীজনী চৰ্দাৰৰ লগত গৈছে । 'দাখাতে মোৰে সমান হব তাই । ধুমুহা বৰষুণ অহাৰ আগতে তাই গৈছিল, এতিয়ালৈ তাই ঘূৰি অহা নাই । সইবাবে তহঁতক সুধিছিলো, তাইক ক'ৰবাত দেখিছ নেকি ? ধুমুহাৰ সময়ত বাগৰি গৈ আন 'কানোবা ঠাইত পৰি থাকিব পাৰে । কিন্তু মই ভাবো, তাই তেনেকৈ ক'তো পৰি থকা নাই ।
--তাই তেনেহলে কলৈ যাব পারে ? -মাঘোই সোধে ।
- - তাইক কলৈ নিছে, মই আন্দাজ কৰিব পাৰো । - টিঙ্কীযে কয, - পিছে, আন্দাজ কৰিয়েই বা কি লাভ ?
বান্হাই নিজকে কোৱাৰ দৰে কৈ যায, আৰু বা কি আছে আমাৰ - কপালত ! তহঁতে কি কথা পাতিছ, মই ধৰিব পাৰিছো । ডিপোেত থাকোতে হাজাৰ বিজাৰ মানুহৰ চকুৰ আগতে এইৰ বায়েকক কাঢ়ি লৈ গ'ল । আমি কি কৰিলে ? মাঘোৰ মাইকীজনীক জোৰ কৰি লৈ গ'ল, আমি কি কৰিলো ? গাঁৱত থাকোতে, বছৰেকত আমাৰ পূজা উছৰত নাচ কৰা ছোৱালী-মাইকীক কোনে বসে লগ'ল তার হিচাপেই নাথাকিল । আমি কি প্রতিকাৰ কৰিছিলো ? একোকে যে কৰা নাই এনে নহয । কৰিছিলো । হাতৰ ওচৰত দা, কোৰ যি পাওঁ তাকে লৈ যদি গছিলে, महे একোব সোধাবও পাৰিছিলোঁ । কিন্তু যাক মাৰিছিলোঁ সি আছিল টকেলা । জমিদাৰ ভূমিহাৰ থাকি গ'ল দূৰৈত । এজন টকেলাৰ গাত একাব পৰাৰ পিছত, এখন গাঁৱৰ পূৰা মানুহজাকৰ পিঠিৰ ছাল নাহোৱা হৈ গৈছিল । জমিদাৰৰ মাটিত খতি-খালা বন্ধ হৈ গৈছিল, আৰু কেঁচুৱা বুঢ়া ভাবতে শুকাই মৰিছিল । এইখন পানীৰ মাজ : ধক। জাহাজ না, ইয়াৰপৰা ওলাব পাব, না ইযাত সোমাব পাৰ । ইযাত এইবোৰ কথা ভাবি লাভ নাই, কৈও লাভ নাহ । চকু মুদি পৰি থাক ।
তলৰ ইঞ্জিন ৰুমৰপৰা দুই-চাৰিজন খালাট। ওপৰলৈ আহে । তাহাতৰ ওচৰেপাঁজৰে দুই এজনীকৈ মাইকী মানুহো ওলাই আহে। হয়তো ধুমুহাৰ কাবত কোন ক'ত সোমাই আছিলগৈ আন মানুহে ধৰিবই নোৱাৰিলে । লাহে লাহে চাৰিজন খালাচী লংগৰ বন্ধা স্বন্তটোৰ ওচৰলৈ গ'ল । ইঞ্জিন চলিবলৈ আৰম্ভ কৰিলে সিহঁতেন গর উঠাই লব । তাৰ পাছত জাহাজখন লাহে লাহে নৈৰ মাজলৈ যেতিয়া আহিবলৈ ধৰিব,
তেতিয়া সিহঁতে দীঘল চৰিবোৰ পানীত পেলাই চিঞৰি চিঞৰি কৈ থাকিব কোনফালে বালি, কোনফালে পানী কিমান দ । ধুমুহা বৰষুণক সিহঁতে ভয় নকৰে । সেইবিলাক সিহঁতৰ চিৰলগৰীয়া । ধুমুহাত আন মানুহে যিমানেই কষ্ট নাপাওক কিয়, সিহঁতে যেন কিবা আনন্দহে পাইছে, যেন ধুমুহাৰ বাবেহে সিহঁতে নানা সুবিধা পালে ।
জাহাজৰ ইঞ্জিন গৰ্হি উঠিল । ইমানপৰে গান গোৱাৰ দৰে গুন্ গুন্ কৰি থকা ইঞ্জিনটোৱে বিকট শব্দ কৰি ধুমধুমাবলৈ ধৰিলে । কয়লাৰ ক'লা ধোঁৱাবোৰে নৈখন আৱৰি আকাশ আচ্ছন্ন কৰি পেলালে । কৃষ্ণপক্ষৰ নিস্তেজ জোনটো মেঘৰ কাষেদি এবাৰ ওলাই পৰিল । সেই নিস্তেজ পোহৰত নৈখনৰ ঢৌবোৰে অপৰূপভাৱে জিলিকিবলৈ ধৰিলে । কিন্তু বহু দূৰে দূৰে পানীৰ ওপৰত ওপঙি থকা গাঁওবিলাকে সেই জোনৰ কোনো উমানকে নাপালে । তেনেকৈয়ে জাহাজৰ মানুহখিনিৰ বাবে জোনটোৰ ম্লানমধুৰ পোহৰখিনি অৰ্থহীন হৈ থাকিল । জাহাজৰ ইঞ্জিনটোৱে অবিৰাম শব্দ কৰিবলৈ ধৰিলে, ধুম্ম্ ধুধুম্ ।
এটা চুকত কেইজনমান কুলীয়ে বিভৎসভাৱে গালি-গালাজ আৰম্ভ কৰি দিলে । বাকীবিলাক মানুহে উঠি যোৱাৰ কোনো চেষ্টা নকৰি নিজৰ নিজৰ ঠাইৰপৰা ঘটনাটোৰ আঁতি-গুৰি লোৱাৰ যত্ন কৰিলে । কিন্তু যিখিনি কথা শুনা গ'ল, - সেই আটাইখিনিয়ে মাত্র গালি-গালাজ । তাৰপৰা ঘটনাটোৰ বিৱৰণ ধৰিবলৈ টান হ'ল । মাইকী মানুহ এজনীৰ তীব্র কর্কশ মাতটো শুনা গ'ল ।
- কত মানুহ মৰি গ'ল, তই নমৰ । কেৱল যেনেকৈ গিল, ঠিক তেনেকৈয়ে বাহিৰ উলিয়াব জান । তই বাহিৰ উলিওৱাখিনিও আকৌ নিগিল কিয় ? উঠ এতিয়া, ভাও জুৰি পৰি থাকিব নালাগে । এইবোৰ চাফ কৰ । নহলে তোৰ চৰ্দাৰ ককাইহঁতকো মাত । আৰু ভাং খা । ভাং খাই তাহাঁতক যি লাগে তাকে দে । তোৰতো লাজ নাই ।
কেবাটা টোপোলা আৰু ফটা বস্তুৰ ওপৰত দীঘল দি পৰি থকা মানুজনৰ গাৰপৰা ওলোৱা দুৰ্গন্ধই সেইখিনি ঠাইৰ গোটেইজাক মানুহকে বিব্ৰত কৰি তুলিছিল । সি নিজে অৱশ্যে কোনো প্ৰকাৰৰ অসুবিধা পোৱা নাছিল । সি মূৰ তুলি নোচোৱাকৈ দুই-এটা শব্দ কৈ আকৌ পৰি আছিল, - ৰ', ৰবি । বহুত আৰামত আছো । ওপৰত ভাল -পাতল, তলতহে গধুৰ - গেলা । গেলাৰ মাজত কোন থাকিব ? থাক - তহঁত
থাক ।
ওচৰৰ আন এজন মানুহে কয়, - সঁচাকৈয়ে ইয়াৰ ঢংবোৰ বাঢ়ি গৈছে । মদ ভাং পালেই তাৰ হ'ল । হেৰ', উঠ। গেলাবোৰ চাফফ কৰি আকৌ পৰি থাক । নহলে টানি নি তোক নৈত উটাই দিম ।
সি তাৰ গাটোত দুটামান চাপৰ সোধায় । চৰ-চাপৰে তাক এতিয়া নাপায় । আন এজনে সাধে; - বাৰু, ই ভাং কিনিবলৈ পইচা ক'ত পায় ? পইচা নাপালে চৰ্দাৰে ইয়াক এনেয়ে খুৱাবনে ভাং ?
আগৰজনে উত্তৰ দিয়ে, - তই কণা নেকি ? তই একো দেখা পোৱা নাছিলি ? সি কিয় চৰ্দাৰক পইচা দিব ? চৰ্দাৰেহে তাক পইচা দিছিল । কিয় দিছিল, তাৰ মাইকীজনীয়ে নাজানে নেকি ? তাইক নোসোধ কিয় ? তাইকে সোধ । তাই কম বুলি ভাবিছ নেকি ? এতিয়াহে খং দেখুৱাইছে ।
মানুহজনীয়ে প্রায় আঁাঁপ মাৰি উঠে, - কি কলি ? মোৰ কথা তই কি কৈছ ? তোৰ মাইকীৰ কথা মই নাজানো নেকি ? তাই ক'ত ক'ত ঘূৰি আহি ইয়াতে বহি আছেহি ময়ো দেখি আছো ।
সেই মুহূৰ্তত বাকীবিলাক কথা তল পৰি গ'ল । দুজনী মাইকীয়ে আঁঠু কাঢ়ি লৈ দুয়ো দুয়োৰে ফালে চাই কাজিয়া আৰম্ভ কৰি দিলে । পাছৰজনী মাইকীয়ে ক'লে, - মোৰ কথা কি জান তই ? তোৰ বোলে এশটা চকু । এশটা চকুৰে ক'ত কি ঘটিল আটাইবোৰ দেখা পাৱ । তোৰ ইমানবোৰ চকু আটাইবোৰ মতা মানুহৰ ওপৰত, কেৱল তোৰ নিজৰ মতাটোকহে দেখা নাপাৱ । ভালেই হৈছে দে, সিও তোক দেখা নাপায় । এতিয়া তোৰ খুচি । সেই সিদিনা ডিপোত তোৰ কোলাৰ কেঁচুৱা মৰি গ'ল, -ক'ত তহঁতৰ দুখ লাগিব, লাগিছে ৰং । সেইকাৰণে এতিয়া ছেৱালীজনীকে চৰ্দাৰক দি, তহঁতে আৰামত মদ-ভাং খাইছ । আৰু তয়ে মোৰ বদ্নাম গাৱ ?
প্ৰথমজনীয়ে হাত-ভৰি নচুৱাই কলে, - এনেয়ে তোৰ দুটা বাচ্চা নষ্ট হৈ গৈছে নে ? এনেয়ে নহয় । তোৰ স্বভাৱ গাঁওখনৰ কোনে নাজানে ? তইতো ন বছৰ বয়সতে পোন্ধৰ বছৰীয়া হৈ গৈছিলি । তোক কোনে নাজানে ? জাহাজখনৰ চুকে- কোণে ঘূৰি ফুৰিছ তই । ধুমুহা বতাহেও তোক বন্ধ কৰিব নোৱাৰে । কচোন তই, ধুমুহা বৰষুণৰ সময়ত, ঘিট্মিট্ অন্ধকাৰত তই ক'ত সোমাই আছিলি ? ছিঃ ! লাজ-কাজ তোৰ নাই, তোৰ লগত কথা কোৱাটো নিজৰহে সাজৰ কথা ! তোৰ মুখত -থাক দে, নকওঁ ।
ইজনে সিজনক ঠেলি গঁটিয়াই আৰু কেইজনমান মানুহ সিহঁতৰ ওচৰ চাপে । কাজিয়াখন যেনেকৈ লাগিছে, অলপ পিছতে চুলিয়া-চুলি আৰম্ভ হব, আটায়ে বুজি পালে । কেনেবাকৈ চৰ্দাৰ আহি পালেতো আৰু কথাই নাই । যাৰে তাৰে গাত কোব পৰিব । সেইবাবে পার্যমানে সিহঁতে নিজৰ ভিতৰত কাজিয়া নকৰে । মাৰ খাওঁতে সিহঁতে দুখো পায়, ভয়ো খায় । সিহঁতে কষ্ট কৰি, দিনৰ দিনটো কাম কৰি, গৰুছাগলীৰ দৰে খাই শুই, ময়লা লেতেৰা ফটা-চিটা কাপোৰ পিন্ধি, মাইকী মানুহৰ হাতে মুখে গাদানী সানি, - যিমানেই নানা উপায় অৱলম্বন নকৰক কিয়, নিজৰ ল'ৰাছোৱালী তিৰোতাক লৈ শান্তিৰে সিহঁত থাকিব নোৱাৰে । দেৱতাৰ অভিশাপ বুলি দুখকষ্ট অপমান সহ্য কৰে । সিহঁতে নাভাবে, ভাবিবলৈ শিক্ষাও নাই, অভ্যাসো নাই ।
জাহাজখনৰ আটাইখিনি মানুহ যেন সন্ত্রস্ত হয়। আটায়ে ডিঙি মেলি মেলি ঘটনাটোৰ উমান লবলৈ চেষ্টা কৰে । মাঘো, বান্হা আৰু টিম্কী কিছু ওচৰ চাপিবলৈ
চেষ্টা কৰে । তাহাতৰ মাজৰপৰা কোনোবা এজনে খঙেৰে কয়, - তহঁতৰ চিঞৰ বন্ধ কৰ । কি হৈছে ভালকৈ ক । সি যে তাত পেট পেলাই দীঘল দি পৰি আছে, তাৰ কি বেমাৰ হৈছে ?
ওচৰতে বহি থকা এজনে কয়, - তাৰ কথা নুসুধিবি । সি ঘৰতো এনেকুৱা আছিল । ইয়াতো সেই একেই । পালে ভাং খাব, মদ খাব, তাড়ি খাব । সি যেনেকৈ মৰে মৰক । পিছে, তাৰ মুখেদি যি সোপা ওলাল, সেই সোপা কোনে পেলাব ? সেইকাৰণে তাৰ মাইকীজনীয়ে সেইবোৰ চাফা কৰক । নহলে আমি তাক নৈত উল্টাই দিওঁ । ইহঁত দুইজনীৰ সেইফালে মন-কাণ নাই, কেৱল কাজিয়া কৰি মৰিছে দুয়ো ।
দ্বিতীয় মাইকীজনীযে তপৰাই মাত লগালে, - তহঁতেই এতিয়া ক, কাজিয়া কোনে কৰিছে, মই নে তাই ? তাই তাইৰ মতাক চম্ভালিব নোৱাৰে । সি চৰ্দাৰৰপৰা পইচা লয । তাহাতৰ লগত ভাং খায় । চৰ্দাৰে যে তাক পইচা দিছে, তাইক নোসোধ কিয় ? মই কৈ দিলে তাইৰ আকৌ জগৰ লাগিব ।
প্ৰথমজনীও এৰি নিদিয়ে । তাই ব্য, - তাই মোৰ ছোৱালীৰ কথা কবলৈ আহে । তাইক তহঁতে সাধচোন, ধুমুহা অহাৰ লগে লগে তাই কলৈ গৈছিল । তাইও ,দাখান চৰ্দাৰৰ লগতে গৈছিল । অলপ আগতে আহি পাইছেহে মাত্র । তাইৰ টোপোলাটো খুলি চাচোন, কি আনিছে তাই চৰ্দাৰ সৰা । নাচাৱ কিয় ? তেতিয়াহে গম পাবি, কোন কলৈ যায । ই ভাঙৰ নিগত পৰি যাছে নহলে তাইব মই এপালি শিকালোহেতেন ।
অলপ আঁ ৰত এবং নাঘোই কয, - বাৰু, তাই বাৰু গৈছিল ক'ৰবালৈ । এতিযা' হাতা, যাতে আছে । তাইৰ বাবে আৰু ভবাৰ দৰ্কাৰ নাই । কিন্তু ৰ ছাৱালীজন ক'ত ? তাই বনেবাকৈ ক'ৰবাত পৰিয়ে আছে, নে পানীতে পৰি গ'ল, নেকলে গ'ন ?
টিকীযে যিজনী ছাৱালীৰ কথা মাঘোঝ কৈছিল, তাইৰ মতাজন লাহে লাহে ওচৰ চাপি আহে । সি কয়, - কৈ দচোন । জান যদি ক । মাৰ মাইকীজনীকো মই অতপৰে দেখা নাই । বতাহত জাহাজখন এবাৰ ওপৰলৈ এবাৰ তললৈ উঠানমা কৰি থাকোতে ক'ৰ মানুহ কলৈ গ'ল, ঠিকনা নাই । মই ভাবি আছিলোঁ, তিতি-বুৰি ওলাবহি । কিন্তু তাইকতো দেখা নাই । কিজানি ইহঁতৰ ছোৱালীৰ লগতে আছে । নকৱ কিয ?
আগৰজনী তিৰোতাই কলে, - - ইমান সুধিছ যেতিযা কওঁ দে । নকওঁ বুলি ভাবিছিলো । তাইৰ জীয়েকৰ কথা তাই যদি জানিব নোখোজে, মোৰনো কি হ'ল ? পাছে, সইযে কোঠাবোৰ আছে, বাবুসকলৰ কাঠাকেইটা,
তাই হঠাৎ কথা কোৱা বন্ধ কৰি মানুহৰ মাজত সোমাই বহি গ'ল । হাই-উৰুমি শুনি চৰ্দাৰ তিনিজন সেইফাললৈ আহি আছিল । সিহঁতক দেখা পোৱা মাত্রকে তিৰোতাজনী বহি মানুহৰ মাজত লুকালে । টিম্কীয়ে মাঘোক কলে, - মই তোক কৈছিলো নহয়, সেই তাৰ মাইকীজনীৰ কথা । চৰ্দাৰকেইটাই বিনা কামত মানুহৰ মাজত ঘূৰি ফুৰিছিল নে ?
-কোন চৰ্দাৰ ? সেই মতাজনে কয়, - হয়তো ! তেতিযা মই মন কৰা নাছিলো । সিহঁতে ফুফুচাই কিবাকিবি কৈ আছিল । এয়া আহিছে নহ্য, ইহঁত । তহঁতে ক, চৰ্দাৰবাবু, মাৰ মাইকীজনীক ক'লৈ লৈ গৈছ ?
মাঘোই যোগ দিযে, - আৰু এই মাইকীজনীৰ জীয়েকক কলৈ লৈ গৈছ তাকো
এজন চৰ্দাৰে মাত লগায, --একেলগে তহঁতে আটাইবোৰে চিঞৰি থাকিবলৈ এইখন কি পাইছ ? এইখন পঞ্চায়ত পাইছ নেকি ? নহলে মুনিহ তিৰোতা আটাইমখা ইয়াত লগলাগি কি চক্রান্ত কৰিছ ? আগেয়ে সেই কথা কৈ দে, তহঁতে কিব। চক্রান্ত পকাইছ নেকি ? এইখন জাহাজ মনত ৰাখিবি । ইযাৰ নিয়ম-কানুন সুকীয়া । তহঁতৰ চিঞৰ-বাখৰত ইয়াত কাৰো শান্তি নোহোৱা হৈছে ।
- মই একো চিঞৰা নাই, - -সেই মতাজনে কয়, - মই সুধিছোঁ মোৰ মাইকীজনী ক'ত?
- তোৰ মাইকী ক'ত, আনজন চৰ্দাৰে কয়, - সেই কথা আমাক সুধিছ কেলেই ? তাই আহিলে তাইকে সুধিবি । নহলে কিজানি দেখিলেই গম পাবি তাই ক'লৈ গৈছিল । কিবা চিন লৈ নাহিব জানো ? আৰু তহঁতৰ মাইকীবোৰক পহৰা দি থকা কাম আমাৰ নহয়, তহঁতৰ । কাৰ মাইকী ক'লৈ গ'ল, কাৰ জীয়েকক কোনে টানি নিলে, আমি কি জানো ।
মানুহৰ মাজৰপৰা টিকীযে কলে, - মই জানো । মই দেখিছো, সৌ সেইজন চৰ্দাৰে ইয়াৰ মাইকীজনীক কিবা কিবি কৈ আঁতৰাই নিছিল ।
-অ' তই ! -সেই চৰ্দাৰজনে কয়, - তইতো দেখিবিয়েই । তোক মই চিনিছোঁ । তই বান্হাৰ জীযেক । বাপেৰ ওচৰতে আছে কাৰণে তোৰ সাহস বাঢ়ি গৈছে হব পায় । তোৰ খংটো কোনখিনিত এতিয়াহে বুজি পাইছোঁ । তোৰ বায়েৰা গুচি গৈছে, তোৰো যদি যাবৰ মন আছিল ডিপোেত থাকোঁতে নকলি কেলৈ ? এতিয়া তোৰ লগৰ ছোৱালী গৈ ক'ৰবাত ফূৰ্তি কৰিছে, অথচ তই যাবলৈ নাপালি, সেইবাবেই তোৰ খং । এইবাৰ তোৰ কথা মনত ৰাখিম বাৰু । আৰুতো আহিব এনেকুৱা সুবিধা ।
টিম্কী আগুৱাই আহি কয়, - সুবিধা পাৰি । তহঁতৰ জীয়েৰাহঁতক লৈ আহিলেহে সুবিধা পাবি । ঘৰত নোৱাৰিলেও জাহাজত তহঁতে নিজে জীয়েৰাহঁতৰ গাৰ কাপোৰ-কানি খুলি দি, ভিতৰত সোমাই দি থৈ আহিব পাৰিবি । বেছি পইচা পাবি । থুই ।
চৰ্দাৰজনে আৰু সহ্য নকৰিলে । সি তীড়বেগে গৈ টিকীৰ হাত এখনত ধৰি টানি টানি কলে, - আহ, তোক দি থৈ আহোঁ আহ । গোলাম হৈ তহঁতৰ মুখত ইমান কথা । গোলামৰ সঁচ গোলাম । আহ, পাঁচ-ছয়জন খালাচী হলে তোৰ বাবে ঠিকেই
হঠাৎ তুল্সী মানুহৰ মাজৰপৰা ওলাই আহি চৰ্দাৰজনৰ হাতখনত থাপ মাৰি ধৰি, হাতখন আঁতৰাই আনি, তাক ঠেলি দি কলে, - তাইক নুচুবি তই । আকৌ তাইৰ হাতত ধৰিলে কথা বেয়া হব । চৰ্দাৰজনে উত্তৰ দিয়াৰ আগতে, সেই মতাজনে কলে, - আমি চাহ বাগানৰ কুলী । তহঁতে আমাক কুলী কৰি আনিছ । ঠিক আছে । কিন্তু মোৰ মাইকী মোৰ, তাইৰ জীয়েকজনী তাইৰ । তহঁতে টকা লৈ মোৰ মাইকীক, তাইৰ জীয়েকক, আৰু কিমান ছোৱালীক কাৰবাক সোধাই দিছ । তহঁতক মাৰি পেলালে, কি হব ?
সি ঘূৰি তাৰ ওচৰৰ মানুহবিলাকলৈ চায় । ওচৰত থিয় দি থকা মাঘো আগুৱাই আহে । অলপ দূৰৰ কেবিনত কাঁচৰ গিলাচ পৰি ভাঙি যোৱা শব্দ হয় । বোধহয় তুৰন্তে ওলোৱা সোমোৱা কৰোঁতে গিলাচ পৰি ভাঙি যায় । মাঘোই বাকীবিলাকক মাতে, - - আহ । আমি কুলীবিলাকে বিচাৰি চাওঁ আহ । ইহঁতক ইয়াতে আমি বান্ধি থওঁ, আৰু ছোৱালী কেইজনীক বিচাৰি আনো । যদি সিহঁতে কয়, এই চৰ্দাৰকিজনে সিহঁতক ফুচুলাই নিছিল, তেনে সিহঁতক কি কৰিব লাগে আমি জানিম । আহ, আগবাঢ়ি আহ ।
মানুহখিনি উত্তেজিত হৈ উঠিল । খাব নাপাই শুকাই ধীণাই লেৰেলি যোৱা মানুহখিনিৰো ক'ৰবাত এধানিমান তেজৰ কণিকা লুকাই আছিল । কিন্তু সিহঁতে বেছি আগুৱাব নোৱাৰিলে ।
সিহঁকত ভেটা দি, অলপ নিলগত সিহৰ সমুখত থিয় হ'ল বগা চাহাৰজন আৰু জাহাজৰ কেপ্তেইন । চাহাৰজনৰ হাতত এপাত চাবুক আৰু কেপ্তেইনৰ হাতত এটা পিস্তল । সিহঁতৰ পাছত দুটা বন্দুক লৈ থিয় হ'ল দুজন খালাচী । কেপ্তেইনে কলে, - তহঁত থিতাতেই ৰ। এখোজো আগ নাৰাঢ়িবি । আমাৰ লগত আৰু কুৰিটা বন্দুক আছে । কিন্তু তহঁতক ভয় দেখুৱাবলৈ আমি অহা নাই । তহঁতে মুখেৰে এটা কথাও
নালাগে । কাৰণ তহঁতৰ কথাখিনি আমি গম পাইছোঁ । এতিয়া তহঁতে আমাৰ কথা শুন । কোনোবাই যদি শুনিব নোখোজ ওলাই আহ, তাক শিকলিৰে বান্ধি থম ।
| pdf |
e7e2be00244ea390655acdd07dc3e1951a0972fa80799185bc5dffb33bff72f3 | মানুহৰ প্রধান কর্তব্য নকৰা হৈ থাকিল বুজিৰ গিদ। ডিগ্ৰীটোৰ মূল্য নাই বুলি নকওঁ, কিন্তু সি ডিঞ্জীয়ে নিজৰ ভাত মুঠ। মুকলি কৰি খাবৰ উপায় দিব নোৱাৰে, তাৰ মূল্য তিমান বেচিও বুলিব নোৱাৰো । আমাৰ বৰ্তিমান শিক্ষাৰ উপকাৰ নাই বুলিও নঞ্চওঁ, কিন্তু প্রায় ২০ বছৰ ধৰি শৰীৰৰ তেজক পানী কৰি আৰু অন্ত দেৱতাৰ মাহাস্থ্য ধৰ্ম কৰি যি শিক্ষা পাওঁ, সেই শিক্ষাই বেডিয়া আশ সাধাৰণ ঘেৰামী বা মিস্তীৰিত কৰি বেছি অর্জনক্ষৰ কৰি তুলিব নোৱাৰে, তেতিয়া সেই শিক্ষাৰ যে কোনো ঠাই কেৰোণ বৰ বেয়াকৈ লাগিছে, এই ভাৱে আপোনা আপুনি আমাৰ মনত দুখুদিয়াকৈ নাথাকে। এই কেৰোণ হৈছে ইয়াতে যে আমাৰ শিক্ষা উদেণ্ড বিহীন । শ
অনুদেশ কেৱল পৰীক্ষা পাছ, আৰু পৰীক্ষা পাছৰ উদে চাকৰী ; কিন্তু চাকৰী যে আৰু নাই । যি দুটা এটা ওলায় তাৰ মূল্য কিমান ? কোনো কোনো লৰাই কলেজত মাছে যিমান খৰছ কৰে, কলেজৰ পৰা ওলাই আহি তিমান টকা দৰমহাৰ চাকৰী নাপায় ।
প্রশ্ন উঠিব পাৰে, এনে অৱস্থাত কলেজত পঢ়া উচিতনে অঙ্কুচিত অথবা কলেজৰ বিদ্যাৰ একো দৰকাৰ নাই নেকি ? নিশ্চয়, কলেজৰ বিদ্যাৰ দৰকাৰ আছে, আৰু কলেজত পঢ়াও উচিত। কিন্তু ভাতকৈয়ে। বেছি দৰকাৰ হৈছে অৰ্থক; আৰু টকা অৰ্জনৰ ক্ষমতাৰ এখান কথা, প্রত্যেকে নিজে নিজে
অৰ্জন কৰিব লাগিব সেই দিনাৰ পৰা, যিদিনাৰ পৰা আমি আমাৰ শিক্ষা সাং কৰোঁ। টকা আর্জিবৰ অনেক উপায়. আছে - খেতি কৰিব পাৰি, বেপাৰ কৰিব পাৰি, ঠিকাদাৰ হব পাৰি, মিস্তিৰী হব পাৰি, সদাগৰ হব পাৰি, কিন্তু সকলোতে ধৈর্য, সাহ আৰু পিত অৰ্থাৎ ডাঙৰ মন লাগে। আসামত খেতি কৰি সদাগৰ হৈচে কোন অসমীয়া নহয় । আমাৰ দেশৰ ধান-চাউলৰ, মাত-সৰিয়হৰ, মুগা-এৰিৰ বেপাৰ কাৰ হাতত ? অসমীয়াৰ হাতত নহয় । ঠিকা কোনে কৰে ? অসমীয়াই নকৰে । হাতীৰ মহল লয় ঘাইকৈ চাহাবে । আমি হওঁ চাহ বাগিছাৰ কেৰাণী, কেঞাৰ ঠিকাদাৰৰ মহৰী, হাতীমহলৰ চৰ্দাৰ, এইবোৰ । এই ব্যৱসায় বিলাক যেতিয়ালৈকে আমাৰ হাতলৈ নাহে, যেতিয়ালৈ আমাৰ দেশৰ প্রত্যেক ব্যক্তি চহকী হৈ দেশক আগবঢ়াই নিব নোৱাৰে তেতিয়ালৈকে দেশ দুখীয়। হৈ থাকিব আৰু দুখীয়া দেশে বুৰঞ্জীৰ কোনো যুগতে উন্নতি কৰিব পাৰা নাই ।
মই বেছিকৈ বুজিছো যে আৰ্জিৰ এই মিলনত ডাঙৰ ডাঙৰ শব্দেৰে ভৰা আৰু প্রায় অর্থহীন বিশেষণেৰে কথিত নৈতিক জীবন, দেশপ্রেম আদিৰ কথা নকৈ, নিতান্ত চহা সমাজৰ আলোচ্য টকাৰ কথা কোৱাত আনকেই মোৰ প্ৰতি অপ্রসন্ন হব পাৰে । কিন্তু সংসাৰৰ অভিজ্ঞতাই ইয়াকে কৈছে, যে আৰ্জিৰ নোৱাৰা মানুহৰ বিদ্যা-বুদ্ধি শক্তিৰ পৰা কাচিৎ হে' ফিব। উপকাৰ ছোৱা দেখা যায়; আঁৰু নিৰ্ধন দেশে
কোনো বিষয়ত উন্নতি কৰিব নোৱাৰে। এইবাবে আমাৰ নিজৰ উন্নতিৰ বাবে, আৰু দেশৰ হঁকে, আমাৰ প্ৰথম আৱশ্যক হৈছে অৰ্থ । সেইদেখি আজি ময়ো মোৰ ক্ষুদ্ৰ শক্তিৰে দেশৰ ডেকা সকলক এইটো কব খুজিছোঁ যে আমাৰ সকলোৰে অভাৱ আছে সচা কিন্তু প্রধান অভাৱ অৰ্থৰ ; বিদ্যা অর্জন কৰা উচিত, সকলোৰে যশো হওঁক কিন্তু অৰ্থলৈ পাহৰা উচিত নহয়, অর্থবান হলেই দেশত সেই অৰ্থৰে বিদ্যা, যশ, গৌৰৱ আনিব পৰা যাৰ ।
কিন্তু এইটো ভাবিলে ভূল হব যে অর্থহলেই মানুহৰ সকলো হ'ল । আজি কানি "Businesis Business" বুলি কৈ মানুহে অনেক সময়ত অনেকক ঠগে আৰু নিতান্ত শলাগৰ পাত্ৰৰ ওচৰতো অকৃতজ্ঞ হবলৈ নাজ নাপায় । এইদৰে মনুষ্যত্বৰ সকলো মহত্ব খর্ব কৰি অৰ্থ আৰ্জ। পিশাচৰ কাম । অৰ্থ আর্জিব লাগে নিজ হাতে নিজৰ বুদ্ধিৰে, নিজৰ শক্তিৰে আৰু সজ উপায়েৰে । আঁ চল কৰি ফাঁকি দি বা বিপদত পেলাই আঁনে আজ। অর্থ ভোগ কৰা আৰু চোৰৰ অৰ্থ উপার্জন একে কথা। মৌৰ দ্বিতীয় কথা - আমাৰ দেশৰ ডেকাসকলক স্বাস্থ্যবান হবলৈ কোৱা। স্বাস্থ্যবান নহলে জীৱনৰ যি আনন্দ তাক উপভোগ কৰিব নোৱাৰে। আৰু জীৱনৰ আনন্দ নোহোৱাৰ কাৰণে আমি অকাল বৃদ্ধ হওঁ। দহ বছৰীয়ৰা হৈ আশী বছৰীয়াৰ আচৰণ লওঁ । চাহাৰ' লোকলৈ মন কৰক, কিমান ক্ষুড়ি তেওঁলো
কৰ, কিমান কামৰ ক্ষমতা। বুঢ়া চাহাব এটায়ে। ফুটবলত দৌৰে, ক্রিকেট খেলে, লৰাৰ লগত নৰা হৈ ধেমালি কৰে, আৰু আমি ? আমি কলেজৰ পৰা ওলাই দীঘল দীঘল চালাম দি চাকৰী এটা পালেই, বা দীঘল দীঘল চোলা পিছি ওকালতী ব্যৱসায়ত সোমাব পাৰিলেই ফেচাৰ নিচিনা
গম্ভীৰ হৈ বহি থাকো, বা ধীৰ সুস্থ গজেন্দ্র গণ ধৰি চৰাখৰৰ পৰা পদূলিৰ মূৰলৈ ওলাই আহো আৰু তাৰ পৰা ফিৰি গৈ ভিতৰত শুই থাকোঁ । ইয়াৰো কাৰণ আমাৰ শিক্ষা। স্কুলৰ পৰা বা কলেজৰ পৰা ছুটি পাই আমাৰ ছাত্ৰই খেলৰ ঠাইলৈ দৌৰি গৈ লৰা ধপৰ। মাৰামাৰি নকৰে; হয় চুত বহি ধপাত চুৰট খায়, নছয় তাচ পাশা খেলে নহয় Gossiping অর্থাৎ আড়। মাৰে । আৰু যাক আমি নিতান্ত "গো বেচাৰী" ভাল লৰা বোলো সি একো উপায় নাপাত্ৰ চকু কণা আৰু মূৰ ঘোলা কৰি কৰি কিতাপ পড়ে। বৰ বেছি, তুই চাৰি জনে ফুৰিবলৈ ওলায়, অথবা নিজৰ বা পৰৰ কবিতা আওবার । শিক্ষা ও আমাৰ তেনে। যিটো লৰাই অলপ দৌশ-দৌৰি কৰে, গত আহিলে খেদি যায়, কুকুৰৰ নেজও ধৰি টানে, মেকুৰীটোক তুলি নি আফাল মাৰে, সি আমাৰ মনত বৰ ইউ, ৰাৱন কি বালুৰৰ কলিযুগৰ অৱতাৰ; আৰু যিতে। থৈ আছে। হাত-ভৰি লৰচৰ নকৰাকৈ জড়ৰ দৰে ঠিয় হৈ क আৰু এগঞ্জ ।
পৰিতাপৰ কথা যে এইটে। কোনোৱে নাভাৰে, যে ৰাৰ্থ গাত জীৱনি শক্তি আছে সি দৌৰিখই, সি ফুকুৰকো মাৰিব গফকো খেদিব, কান্দিবও হাওমাও কৰি আকাশ ফাটাই। যাৰ জীৱনী শক্তি নাই সিহে নাহে লাহে কাঠ ডোখৰৰ দৰে হৈ যাব পাৰে। অথচ, এই দেশতেই শিশুৰ আদৰ্শ আছিল মহা মহা দগাৰাজ গ্রীকৃষ্ণ, আৰু তাৰকা
সীক মাৰা আৰু জোনলৈ গাউৰী ধৰা শ্ৰীৰামঞ্জ। active habits, সদায় কাম কৰিবলৈ
চালনা কৰিবলৈ অভ্যাস, আমি আয়ত্ব কৰিব লাগে। আমি যে কোনো ক্ষেত্রতে আজি পর্যন্ত বিশেষ কৃতিত্ব দেখুয়াৰ পাৰা নাই, ভাৰ প্ৰধান কাৰণ আমাৰ এলাহ; মাৰ active habitsৰ অভাৱ । বন্ধৰ দিনা আমি শে1, picnic খাবলৈ দলে দলে ব্ৰহ্মপুত্ৰৰ বালিলৈ নাযাওঁ; আৰু কামৰ দিনা ৮ বজাৰ পৰা ৰাতি দছ বজালৈ কেলপে কেলবেল কৰি অফিছ কৰোঁ । চাহাব লোকে আমাতকৈ বেছি কাম কৰে, অথচ সিহঁতে খেলেও, ক্লাবো কৰে, হাঁকেও, দৌকেও। বৃটিছ সাম্রাজ্যর মহামন্ত্ৰীতকৈ বা যোৱা মহাযুজৰ সেনাপতি "মার্ছাল ফহুৰ দৰে কেইজনে কাম কৰে তেওঁলোকে গলফে। খেলে, ডিনাৰো খায়, বক্তৃতাও দিয়ে আৰু কেতিয়াবা শুনা যায় বেমাৰ আদি পৰিলে বিভাগে লয়। আমি কোনাৱে মাষ্টাৰী কৰি সময় নাপাওঁ, কোনোৱে কেৰাণী কৰি ১৪ ঘণ্টা আৰু কোনোৱে হাকিমী কবি হুই
নাখাই ফাইল ৱাটো । কিয় ? আমাৰ বুদ্ধি নোহোৱা নহয় : বুদ্ধি আছে- কিন্তু খটাব নোৱাৰোঁ। খৰকৈ অথচ ধীৰেৰে একাদিক্রমে কাম কৰিব নাজানো; কোনো কথাৰ মীমাংস। একে. কথাতে কৰিব নাজানোঁ, সাধাৰণ চিঠি এখন লিখোঁতে দহবাৰ ভাবিব লগা হওঁ এইবিলাক দোষত । খেলৰ ঠাইত ক্ষিপ্রগৰিত। গুণবিলাক বাঢ়ে ; আৰু বহি থাকিলে অকলেই বা লগতে যিবিলাক অসৎ চিন্তা আহি মনত উদয় হয়, সেই বিলাকৰ ঠাই নোহোৱা হয় । জীৱনৰ যি আনন্দ, এই active habitৰ পৰা তাক উপভোগ কৰিব পাৰি ; আৰু ইয়াৰ পৰা কামৰ ক্ষমত!, তুৰন্তে মীমাংসা ( quick decision.) কৰিৰ শক্তি অনেক গুণে বেছি হয় ।
বন্ধত কি কৰি কটাওঁ ? আমি নিজৰ মনতে চিন্তা কৰিলে, দেখিম হয় তাছ খেলি নহয় শুই কটাওঁ । কিন্তু মোৰ বিশ্বাস আমি তাছ খেলি বা ওই সময় নকটায় ফুট বল খেলি, ক্রিকেট খেলি অভাৱ হলে তাও খেলি, দৌৰি, সাতুৰি, নাও বৈ; ঘোৰাট উঠি, বাইচিকল দৌৰাই, মালযুজিহে সময় কটোৱা উচিত । সময় বুজি কেতিয়াব। তাছো খেলিম, নভেলে। পঢ়িম আৰু শুমো । কিন্তু নিজৰ সময় কটাবলৈ অথচ সমাজৰে। উপকাৰ হয় এনে ধৰণৰ বহুতো কাম আছে । একেৰাহে বহি ২৪ ঘণ্টা তাছ খেলা শিক্ষিত লোক কেজনমানৰ কথা মই জানে। আৰু ইয়াকে। জানো, যে দুইজন পৰম বন্ধুৱে তাছৰ খেলত বহি মাৰামাৰি কৰিছিল । এনে
অভ্যাসক ভাং-কানিৰ ৰাগিৰ দৰে নকৈ আন কি কব পাৰি? কলেজত অনেকে ডাবা খেলে, সভ্য সমাজতে। ডাবা খেলটোৰ এটা গৌৰৱৰ আসন আছে। কিন্তু সভ্য সমাজে তাক ভাল বুলিলে যে ভাল হল এনে ভাবিব নালাগি । এই খেলৰ ৰাগিটে। বৰ বেয়। । মোৰ এজন উকীল বন্ধুৱে ভাব। খেলাত ইমান মত্ত যে নিজৰ ওকালতিও পাহৰি যায় । নিজৰ আৰু সমাজৰ অহিত কৰে।
মোৰ তৃতীয় আৰু শেষ কথা উচ্চাকাঙ্খা মনত লৈ বিদ্যা আৰ্জন কৰা উচিত। বিদ্যা মানে বি, এ, এম, এ ডিগ্রী নহয় । বি, এ পাছ কৰিলেই বিদ্যা নহয় আৰু বি, এ ফেল কৰ। মানুহেও বিদ্যা আৰ্জিৰ পাৰে । পুথিগত বিদ্যা; পাছ কৰা বিদ্য। আমাৰ অনেক পৰিমানে হৈছে । Original বিদ্যা লাগে এতিয়া আমাক । কোন অসমীয়াই প্রশ্নতত্ত্ব, দর্শন, বিজ্ঞান, গণিত, সাহিত্য, বুৰঞ্জী আদিত আচলতে ফূৰ্ত্তী হৈ উঠিব পাৰিছে । কিয় নোৱাৰে ? আকৌ কওঁ, অসমীয়াৰ বুদ্ধিৰ অভাব ইয়াৰ কাৰণ নহয়। ইয়াৰ একমাত্ৰ কাৰণ আমাৰ applicationৰ, ধৈৰ্য্য ধৰি এটা কাম কৰিব পাৰা শক্তিৰ অভাৱ । এটা উদাহৰণ - ডাক্টৰ জ্ঞানচন্দ্র ঘোষৰ নাম আজি সকলোৰে পৰিচিত। তেওঁৰ লগত প্রেচিডেন্সি কলেজত বি, এ, ক্লাচত পঢ়। এজন মোৰ অসমীয়। বন্ধু আছে । তেখেত বর্তমানে যোৰহাটত থাকে । তেখেতে কৈছিল, যে ডক্টৰ ঘোষ কলেজত পঢ়া দিনত বৰ বুদ্ধিমান
বা বিচক্ষন নাচিল। এতিয়া বাৰ বছৰ পিচত প্রভেদ ভাৰিব নোৱাৰি। অধ্যাপক ঘোষ নিজৰ বিভা বুদ্ধিঃৰ গোটেই জগতত্ প্রখ্যাত হৈ থাকিল আৰু তেওঁৰ লগৰীয়া বিলাকৰ নাম থাকিল কলেজৰ ৰেজীষ্টৰীৰ ৰূকচ । এনে উদাহৰণ আমাৰ • ভৰপৰ প্ৰত্যেকৰে জানা আছে। আমি আটায়ে বি, এ, পাছ কৰি শিক্ষাৰ সমাপন কৰে। কিন্তু কৃত্তী দেশৰ কৃত্তী সন্তানে ডিগ্রী লৈ আচল শিক্ষাৰ বাট মুকলি কৰি নতুনকৈ শিক্ষাৰ আৰম্ভণ কৰে । কলেজৰ পৰা ওলাই আহি আমি খবৰ আৰু দুই এক নভেলত বাদে আন serious কিতাপৰ লগত সংঘর ত্যাগ কৰো; আৰু কলেজতো পাৰ্য্যমানে পৰীক্ষাত নালাগ। খান কিতাপ নপঢ়িবলৈও চেষ্টা কৰোঁ। কেৱল নোট আৰু গাইড বহি পঢ়ি প্রশ্নোত্তৰৰ প্রশ্ন মুখস্থ কৰি পৰিক্ষা পাছ কৰা সম্ভৱ ; কিন্তু তেনে পঢ়াই বিদ্যা দিব নোৱাৰে। এইদৰে সৰস্বতীক আৰধনা কৰাৰ অৰ্থ প্ৰায় সৰস্বতী দেবীৰ Post mortem examination ৰ ঘৰে । দেশৰ ভবিষ্যত পৰিচালকসকলে পৰিক্ষাত পাছ কেঁললৈ সিমান ধভব্য নকৰি বিদ্যাত, যশত কৰ্ম্মত সকলো পিনে কৃতী হবলৈ চেষ্টা কৰা উচিত ।
প্রশ্ন স্বভাৱিকতে আমাৰ মনত উদয় হয় যে বিভ্ৰামৰ দিন কেইবাটাও খেলা ধুলা কৰিয়েই কটোৱা উচিত জানো মই যদি মোৰ মনৰ ভাৰ ওপৰত পৰিষ্কাৰ কৈ কব পাৰিছে। ডোনহলে এইটো বোধ হয় স্পষ্টঃ হৈ উঠিছে
যে এই খেলা ধুলাকো মই সাংসাৰিক জীৱনৰ কাৰণে প্রস্তুত হোৱা বুলি ভাবোঁ । ইয়াৰ বাহিৰে আগ্ৰহ জন্মিলে সহস্র সহস্ৰ কাম আগত উপস্থিত হবহি । ৰোগ, আৰু অভাৱত আতুৰ দেশ-মাতৃকাৰ প্ৰতি চকু মেলি চাব লাগিব - আমাৰ দেশ ভবিষ্যত গঢ় দিওঁতাসকলে। হাজাৰ জনে ইনফ্লুয়েঞ্জা, মেলেৰীয়া, কলেৰাত প্ৰাণ এৰিছে, দহু হাজাৰ ক্ষুধাৰ যন্ত্ৰনাত অস্থিৰ আৰু প্ৰত্যেক হাজাৰ অভাৱৰ উৎপীড়নত মৰ্ম্মাহত। সেই বিলাকক আমি নাচালে কোনে চাব । অর্থ দি নহয় - কাম কৰি দি, গাৱঁৰ স্বাস্থ্যোন্নতিৰ উপায় দি, সমবেত চেষ্টাৰ ফলত যি হব পাৰে তাৰ উপদেশ আদর্শ দি, কানি ভাঙৰ উপকাৰীতা বুজাই দি, ৰোগীক পতি কৰি আৰু পতি কৰিবলৈ দেখুৱাই দি, এই দৰৰ সহস্ৰ উপায়ে বিশ্ৰামৰ সময় কৰ্ম্মত পূৰ্ণ কৰি নিজেও তৃপ্তি পায় আনৰে। উপকাৰ সধা হয় । অন্তৰৰ প্ৰেৰণ। যদি জাগি উঠে, উপায়ৰ অভাৱ নহব ।
দেশৰ ভবিষ্যত বংশধৰ সকল, ইমানতেই মই মোৰ বক্তব্যৰ সামৰণি মাৰিব ইচ্ছা কৰে। কথাৰ অভাৱ নাই ; কিন্তু আমাৰ সকলোৰে বৰ্ত্তমান কৰ্ত্তব্য হৈছে কাম কৰা, কথা কোৱা নহয়। ছাত্র জীৱনৰ এই Critical কালখিনি ভালদৰে চলাবলৈ কি কি কৰিব লাগে তাৰ পূৰ্ণ তালিকা দিয়াৰ প্রয়োজনো নাই। আৰু তাক কবলৈ মই চেষ্টাও কৰা নাই । মুঠে যি কথা শিকিবলৈ আপোনালোকে আগবাঢ়িব ভাষণ
| pdf |
b103091a9cc5df36edb722f583472027c79eb585 | ডিজিটেল সংবাদ, জামুগুৰিহাটঃ সদৌ নাগশংকৰ মুকলি বিহুমেলা উপলক্ষে বৃহস্পতিবাৰে উলিওৱা বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুহিত কৰিলে নাগশংকৰবাসী ৰাইজক। সন্মুখত বিশাল গজৰাজক লৈ উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অঞ্চলটোৰ হাজাৰ হাজাৰ ৰাইজে ।
নাগশংকৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দিনৰ ১১বজাত উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰাই সমগ্ৰ নাগশংকৰ অঞ্চল পৰিভ্ৰমণ কৰে । বিহু নৃত্য, আদিবাসী নৃত্য, মিচিং নৃত্য আৰু নেপালী নৃত্যও আছিল এই শোভাযাত্ৰাৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু ।
বিভিন্ন জাতি জনগোষ্ঠী লোকৰ বসতিস্থল নাগশংকৰত বহাগৰ বতৰত সদৌ নাগশংকৰ মুকলি বিহুৰ উদোগত অনুষ্ঠিত হয় এই সাংস্কৃতিক শোভাযাত্ৰা । এই শোভাযাত্ৰাই সমন্বয়ৰ বাৰ্তা আৰু অধিক শক্তিশালী কৰি তুলিছে ।
উল্লেখ্য যে এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই । বিহুৰ বতৰত এনে শোভাযাত্ৰাই সকলোকে একতাৰ এনাজৰীয়ে বানেধোন সুদৃঢ় কৰাত সহায় কৰিব বুলিও উপস্থিত ৰাইজে আশা প্ৰকাশ কৰিছে । | web |
05271b5673924713203af8a642f1aa064cf7dece | লংকাঃ গুৰুনানকৰ ৫৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে শনিবাৰে ধুবৰী জিলাৰ পৰা শিখ সমাজে উলিওৱা ধৰ্মীয় সমদলকাৰীৰ দলটো শুমবাৰে লংকাত উপস্থিত হয়। পোৱা ৮ মান বজাত সমদলকাৰীৰ দলটো গুৰুনানকৰ মহান বানী লৈ তথা ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে হোজাই জিলাৰ লংকাত পৰিভ্ৰমণ কৰি স্থানীয় গুৰুদ্বাৰত উপস্থিত হয়। পিছত পৰম্পৰা নিয়ম অনুসৰি শিখ সমাজৰ লোক সকলে গুৰুদ্বাৰত উপস্থিত হৈ প্ৰাৰ্থনাত অংশ গ্ৰহণ কৰে।
লংকা খালছা সেৱা সংঘৰ নেতৃত্বত এই ধৰ্মীয় সমদলকাৰীৰ দলটো গুৰুনানকৰ মহান বানী লৈ মানৱ সমাজৰ শান্তি কামনাৰে অসমৰ আটাইকেইখন জিলা ভ্ৰমণ কৰি অহা ২৩ আগষ্টত নগাঁৱৰ গুৰুদ্বাৰ সাহীৱত উপস্থিত হ'ব। তেঁও কয় অহা ২৩ আগষ্টৰ পৰা নগাঁৱৰ গুৰুদ্বাৰ সাহীৱত তিনিদিনীয়া কাৰ্য্যসূচীৰে গুৰুনানকৰ ৫৫০ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হ'ব। গুৰুনানকৰ বানীক সাৰোগত কৰি অনৈক্যৰ মাজতো মানৱ সমাজক একতাৰ ডোলেৰে বান্ধি ৰখাৰ বাবে গুৰুজনাৰ উক্ত জন্মজয়ন্তী অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে। | web |
4fb36ab86aacae3eae82bdd85fd0bdad953893a3 | 1 Nuwau binimala nuku palahikan ga, bwagana no baaba nuku hago ni ola tosigasiga wali baaba. He no ginol nuku palahikan ga! 2 Nau nuwau hot komiu ge ya logasisi nabi kaiwemiu, i ola te Yehoba nunuwana hot komiu. He i ola ya papakawakawalolu-agimiu Keliso maisena ya elana, inoke nuwau na ahemiu nuku nok iya elana, ni ola gamaina waiwaisana hot ya een pwatanik tau i aalolonan elana. 3 He mwata wana siba eliyana Ive i kakawe. Inoke i ola al ya hinahinan-agimiu te bahi Seitani nuwamiu ni gogove ge nige al alona wami pagan sasapona Keliso nuku nunuwana-an bubun. 4 Ya hinahinan-agimiu, kaiwena ya kite te sauga gamagalau gegetogal hi nowa, he wali ginol ku palahikan ya. Heliya Yeisu gegetogana hi papaatena-an eliyamiu, nige i oola toto ama ha papaatena-an. Ge yayaluwa getoga ku ahem wali papaatena elana, nige i oola Yayaluwa Bwabwalena toto valila ku aheya eliyama. Ge wasa waiwaisana gegetogana ku ahe, nige i oola Wasa Waiwaisana toto ku aheya eliyama. 5 He ya atena apostolowau bolo alaliya bwabwatana ei nige nihi wawaisi lakeyau. 6 Tabam nau nige toba sibasiba i oola, yaa no aatena i bwata. He sauga gegewena ge wama ginol gegewena elal wama aatena o iyaka ha pankitemiu bubun ge ku kite haba.
7 Sauga valila Yehoba Wasana Waiwaisana ya papaatena-an eliyamiu, nige ya aawa molamola, yaa ya teli lowagau inoke komiu na teli heyagimiu. He ga i ola, ku nuwatu i nak o? 8 O labe ya ahem ekelesiya enuna al elal, inoke i ola te wali mani ya kakaome ge ya tuwalali kaiwemiu. 9 Valila sauga toto nau iyoho eliyamiu, ebo bugul etega ya kalaan, nige pulowan etega ya teteli komiu etega elana. He talilau bolo hi neem Masidoniya, heliya bugul bolo nuwau hi paolaolaek ge hi pwatanim. Inoke nige sauga etega o pulowan etega ya teteli eliyamiu, ge sauga toto i nenem matalaa nige na giginol ola. 10 Keliso iya tobaaba tunahot, inoke nau al ya ba tunahot te labi Akaiya gegewena elana nige gamagal etega ni kakausau no ba haha o eliyana. 11 Hauna kaiwena ya ginol ola o? Age kaiwena nige ya nunuwana-agimiu? Nigeya! Yehoba i atena te ya nunuwana-agimiu.
12 Nige sauga etega mulolu ya aahe eliyamiu. Inoke nuwatu o na mimi awaawaginol ya, kaiwena nuwau gamagalau bolo ei wali ba hanahanaha na kaus, hi ba tage heliya ge ama ha olaolaek. 13 He gamagalau ololal o heliya apostolowau kakakawel, wali tuwalali elana hi lokalokakawi, ge ali awa hi giginol i oola heliya Keliso wana apostolowau. 14 Nige abanuwa ahi i oola to, kaiwena Seitani totona ana awa i giginol i oola iya mwananal ana anelose. 15 Inoke bahi nuwala ta aahe te ebo awana toabinau ali awa nihi ginol ni ola heliya pagan sasapona ana totuwalali. Ana abapwamowasi elana wali tuwalali molana nihi ahe ni ola wali ginol.
16 Iyaka ya ba haba te nasi no baaba nuku hago ni ola tosigasiga wali baaba. He bahi nuku aahe ni oola te tage nau tosigasiga. Yaa ebo iyaka ku nuwatu ola, he o nuwatu nuku ahe ni ola tosigasiga, inoke nau al kekeisi na ba hanahanaha ga. 17 Yaa ba hanahanaha bolo ya babaunan ya nige i oola Babala wana nuwatu, he i ola tosigasiga wali baaba. 18 Yaa gamagalau hi gewi tei totoliya hi ba heyagil i ola panayawi gamagaliliyau wali ba haha, inoke nau ge na ba hanaha al. 19 Komiu tonuwasapu hot, yaka tosigasiga wali ginol ku papalahikan ge ku yayaliyaya-an! 20 He bwagana ebo gamagalau enuna nihi logugui pwatpwat-agimiu, wali waisi kaiwena nihi patuwalali-agimiu, nihi kakawemiu, totoliya nihi teli heyagil matamiwa ge nihi taganepalimiu, he wali ginol o ku papalahikan inoke nihi mimi awaawaginol ya. 21 Komiu ku awa pwepweyata-agima. He alou no puluwawi ya pata soli te wama pweyata kaiwena nige ami hehegan ha aapapanak-an i oola to!
Yaa ebo gamagal etega atena i matuwa ge ni ba haha, he nau al ge bosowaiu ateu ni matuwa ge na ba haha. (He no baaba o i ola tosigasiga wali baaba.) 22 Age heliya Hibilu gamagaliliyau? He nau al ge. Age heliya Isileli gamagaliliyau? He nau al ge. Age heliya Abalahama tubutubunau? He nau al ge. 23 Age heliya Keliso wana totuwalali? (He no baaba ya amnana nasi ni ola kokona wali baaba.) He nau ya tuwalali lakel. Nau no logasisi heliya wali gasisi i bwata lake; nau sauga hi gewi hi padibula-agau yaa heliya nigeya; hi nibinibihagau nabiyan yaa heliya nigeya; ge sauga i gewi nabi kelaubwa yaomal na pwapwawa. 24 Panimala panuna Yudiya hihiu elololina hi ahe hi nibinibihagau pateti naen. 25 Paeton Loma suki hi ahe hi nibinibihagau, pamaisena gamagalau hi loipatagau, paeton waga bolo ya heya hi luna ge hi samwalekaleka, ge sauga etegana lan ge bulin ya anpwapwati hogaa. 26 Sauga i gewi no nawanawa labi yayapona elana, kelaubwa nak na pwapwawa wewel bwabwatal elal, tokaoma elal, no panuwa gamagaliliyau elal ge gamagalau getogal elal. Kelaubwa nak na pwapwawa panuwa bwabwatana gamwanaa, ulaa gamwanaa, ge hoga pwatanaa. Ge kelaubwa nak na pwapwawa talin kakakawel elal. 27 Tuwalali gasigasisel ona ya ginolil ge sauga i gewi nige ya kekenu; sauga enuna ya galebu ge ya walem, ge sauga i gewi nige ya aanan; sauga enuna ya watut ge nige kaliko i gagan tage na galoi. 28 Pulowan i gewi iyoho nige na babaunan. Yaa bugul maisena ya, lan maisena ge maisena pulowan etegana i gagan elau, heiya te ya nunuwanuwatu nabi ekelesiya gegewel ali matamatahikan kaiwena. 29 Ebo gamagal etega wana abulilek i pweyata, yaka ya pwepweyata. Ebo toekelesiya etega i sogu gegi elana, yaka amnan nanakina hot ya pwapwawa.
30 Kaiwena ku ba ge na ba heyagau, inoke no ba haha kaiwena yaka bugul bolo no pweyata i pamasal te ya liliwanan. 31 He Yehoba i atena te nau nige ya kakakawi. Iya Babala Yeisu wana Yabowaine ge Tamana, ge iya alana ta tobatobal-an sauga gegewena. 32 Panuwa Damasiko elana, Kin Alitas wana gavana tolohaveyan i telel panuwa ana gana ana nog gegewena hi matahikan, inoke ebo nihi kiteyau, nihi libau ge nihi yowanau. 33 Yaa no heliyamwau hi usanau egowa elana, yaka hi pakuki lowagau panuwa ana gana gogohawanina etega elana. Inoke gavana wana logugui ya louwi ge nige i yoyowanau.
| web |
ab4248bd1807653eacf74d3c1a14c441aad6bdf5 | শিল্পী চাৰু গোহাঁইৰ স্মৃতিত.... . (জ্যোতির্ময় শর্মা)
শিল্পী চাৰু গোহাঁইৰ স্মৃতিত.... .
১৯৯৩ চনৰ কথা। মই মংগলদৈ মহাবিদ্যালয়ৰ ছাত্ৰ। "মহাবিদ্যালয় সপ্তাহ" উপলক্ষে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াত আমন্ত্ৰিত শিল্পী হিচাপে চাৰু গোহাঁইদেৱে গীত পৰিবেশন কৰিব। সাংস্কৄতিক সম্পাদক প্ৰণব আৰু মই নিজে আহি তেখেতক নিমন্ত্ৰণ জনাই গৈছিলোঁ। মাত্ৰ ছহেজাৰ টকা মাননী!
সেই বিশেষ দিনটো আহি পালে! সন্ধ্যা চাৰু গোহাঁইদেৱ আমাৰ মহাবিদ্যালয় আহি পালেহি। এটা সময়ত তেখেতৰ অনুষ্ঠান আৰম্ভ হ'ল। ছাত্ৰ-ছাত্ৰী, অভিভাৱক, ছাৰসকল আটায়ে মন্ত্ৰমুগ্ধ হৈ গান শুনিছে! চাৰু গোহাঁয়ে এটাৰ পিচত এটাকৈ গাই গৈছে....... "ৰাতি বাঁহী বাই কোনে মোক...", "মোৰ সমাধিত...", "জিলমিল জোন জ্বলে.... " !
"তোৰ হাতত কিমান আছে ? " ভয়ে ভয়ে সুধিলোঁ।
"চাৰিহাজাৰ। " (এইখিনি এতিয়ালৈকে সি কেইবাৰ গন্তি কৰিছে ঠিক নাই! কিজানি আৰু অলপ ওলায়েই! )
"দুহাজাৰ চৰ্ট! ! ! ! " মোৰ গাটো ঠাণ্ডা ঠাণ্ডা লাগি গ'ল সম্ভাব্য গালিখিনিৰ কথা ভাবি!
বাজেট, হিচাপ. . এইবোৰ প্ৰণবক সুধি লাভ নাই! গতিকে বাদ দিলোঁ! মোৰ এনেকুৱা লাগিল চাৰু গোহাঁয়ে যেন অনাদি-অনন্ত কালৰ বাবে গায়েই থাকক! কোনোদিনে শেষ নহওক এই সাংস্কৃতিক সন্ধিয়া! কোনোদিনে আমি যাতে তেখেতৰ সন্মুখত থিয় হ'বলগীয়া নহওক হাতত চাৰিহাজাৰ টকা লৈ! !
প্ৰণবে লাহেকৈ ক'লে " ছাৰ, আপোনাৰ লগত অলপ কথা আছিল। " ( ইমান দিনে প্ৰণবে তেখেতক দাদা বুলিয়েই সম্বোধন কৰিছিল! ময়ো! )
"কোৱা"।
"নহয় মানে, .... . অকলে.... ! " প্ৰণবে থেৰো-গেৰোকৈ ক'লে!
চাৰু গোহাঁইদেৱৰ ইংগিতত সহশিল্পীসকল কোঠাৰ পৰা ওলাই গ'ল। আমাৰ ইংগিতত আমাৰ লগৰবোৰো ওলাই গ'ল। কোঠাত আমি তিনিজন! কিছু নীৰৱ মুহূৰ্ত পাৰ হ'ল! মজিয়াৰ পিনে চাই আমি দুয়ো থিয় হৈ আছো!
"কিমান চৰ্ট ? " চাৰু গোহাঁইৰ কৌতুকসনা দৃষ্টি আমাৰ ওপৰত!
"দুহাজাৰ! ! ! " দুয়োৰে ভিতৰত কোনোবা এজনে উত্তৰ দিলোঁ! (কোনে দিছিলোঁ মনত নাই! )
খপজপাই প্ৰণবে চাৰিহাজাৰ টকা উলিয়াই দিলে! ! !
মৰা ঘটনা থাকেই! কেৱল পইচাৰ বাবে গান গালে মই আগতে লৈ ললোঁহেঁতেন! বুজিলা ? " আমি দুয়ো তেখেতক সাবট মাৰি ধৰিলোঁ!
(সহজে চকুপানী নোলায় বুলি থকা মোৰ সুনাম/দুৰ্নাম চকুপানীৰ প্লাৱনত উটি ভাহি গ'ল। ) | web |
2c2b139d60be5f0affa3efd5cfa1a267368d3572 | কোৰোণা ভাইৰাছত বিভীষিকাৰ মাজতে বাজিল ফুটবল বিশ্বকাপৰ দামামা! ২০২২ চনৰ কাটাৰত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপৰ সূচী ঘোষণা কৰিলে ফিফাই। ২০২২ চনৰ ২১ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ফুটবল বিশ্বকাপ। ১৮ ডিচেম্বৰত হ'ব বিশ্বকাপৰ ফাইনেল।
মধ্যপ্ৰাচ্যত ইয়াৰ পূৰ্বে কেতিয়াও ফুটবল বিশ্বকাপৰ আয়োজন কৰা হোৱা নাছিল। লগতে ২০২২ চনত প্ৰথমবাৰলৈ শীতকালত অনুষ্ঠিত হ'ব বিশ্বকাপ। প্ৰতিদিনে অনুষ্ঠিত হ'ব চাৰিখনকৈ মেচ। ২০২২ চনৰ মাৰ্চ বা এপ্ৰিলত চূড়ান্ত সূচী প্ৰকাশ কৰিব ফিফাই।
আল বেয়াত ষ্টেডিয়ামত ২১ নৱেম্বৰত উদ্বোধনী মেচেৰে আৰম্ভ হ'ব বিশ্বকাপৰ। সূচী অনুসৰি, গ্ৰুপ মেচ চলিব ১২ দিন। প্ৰতিদিনে হ'ব চাৰিখনকৈ মেচ। স্থানীয় সময় অনুসৰি দুপৰীয়া ১ বজাত, ৪ বজাত, সন্ধিয়া ৭ বজাত আৰু নিশা ১০ বজাত অনুষ্ঠিত হ'ব খেলসমূহ। গ্ৰুপৰ শেষ ৰাউণ্ডৰ মেচসমূহ আৰু নকআউট পৰ্যায়ৰ মেচসমূহ হ'ব সন্ধিয়া ৬ বজাত আৰু নিশা ১০ বজাত।
দোহাৰ পাৰ্শ্বৱৰ্তী ৮খন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মেচসমূহ। ফিফাৰ ফালৰ পৰা জনোৱা হৈছে, বিভিন্ন খেলপথাৰলৈ যাবলৈ বিমানৰ প্ৰয়োজন নহ'ব। আটাইকেইখন ষ্টেডিয়ামে ওচৰা-ওচৰি।
- First Published : | web |
2c131ad574c68b264933ec3a800d739f0005e203 | শ্বিলংঃ ১৫ জানুৱাৰী দেওবাৰে এনপিপিয়ে ৰাজ্যখনৰ ৰাজহ আহৰণৰ আটাইতকৈ উল্লেখযোগ্য উৎস বন্ধ হৈ পৰা কয়লা খনন নিষেধাজ্ঞা বাতিল কৰাৰ বাবে আৰু কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে কংগ্ৰেছ দলক সমালোচনা কৰে। এন পি পিৰ নেতা ডব্লিউ আৰ খাৰলুখীয়ে লগতে কয় যে ২০১৯ চনৰ জুলাই মাহত উচ্চতম ন্যায়ালয়ে এই নিষেধাজ্ঞা আঁতৰোৱাৰ পিছত দলটোৱে এই খনিজৰ বিজ্ঞানসন্মত খনন আৰম্ভ কৰাৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে। আমাৰ ৰাজ্যত ২০১৪ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কয়লা খনন নিষিদ্ধ কৰিছিল, যিয়ে মেঘালয়ক বৈজ্ঞানিক খনন গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিছিল। তেতিয়াৰ পৰাই ফেডাৰেল বা ৰাজ্যিক প্ৰশাসনে ৰাজ্যখনত কোনো ধৰণৰ বৈজ্ঞানিক খনন আৰম্ভ কৰা নাই "এন পি পিৰ ৰাজ্যিক সভাপতি ডব্লিউ আৰ খাৰলুখীয়ে মন্তব্য কৰে। "
খাৰলুখীৰ মতে কয়লাৰ দ্বাৰা হাজাৰ হাজাৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ হয়। তেওঁ নিষেধাজ্ঞাৰ প্ৰভাৱক "জৈন্তিয়া হিলছ স্বায়ত্তশাসিত জিলা পৰিষদ আৰু গাৰো হিলছ স্বায়ত্তশাসিত জিলা পৰিষদৰ ৰাজহৰ প্ৰধান উৎসৰ পৰা বঞ্চিত কৰা" বুলি অভিহিত কৰে। প্ৰায় এবছৰ ধৰি দুয়োটা পৰিষদেই নিজৰ কৰ্মচাৰীক দৰমহা দিব পৰা নাছিল। " | web |
b3dc540577a84eb56f27cf1d03793795 | পাছত অদৰ নামেৰে দ্বাদশ মাহৰ তেৰ দিনৰ দিনা, ৰজাৰ বিধান আৰু আজ্ঞা সিদ্ধ হ'বলৈ আছিল। সেই দিনা যিহুদী লোক সকলৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত জয় কৰিবলৈ আশা কৰি আছিল, কিন্তু ইয়াৰ বিপৰীতে যিহুদী লোকসকলক ঘৃণা কৰা লোক সকলৰ ওপৰত ইহুদীসকলে জয় লাভ কৰিলে।
যি সকলে তেওঁলোকৰ অমঙ্গলৰ চেষ্টা কৰিব, তেওঁলোকক যাতে যিহুদী লোকসকলে প্রতিৰোধ কৰিব পাৰে; সেই বাবে যিহুদী লোকসকল ৰজা অহচবেৰোচৰ প্রতিখন প্ৰদেশত নিজৰ নিজৰ নগৰত গোট খাইছিল। তেওঁলোকৰ প্রতি লোকসকলৰ ভয় জন্মিছিল, যাৰ বাবে লোকসকলে তেওঁলোকৰ বিৰুদ্ধে থিয় হ'ব নোৱাৰিলে।
প্ৰদেশ বোৰৰ সকলো কৰ্মচাৰী, প্রদেশৰ দেশাধ্যক্ষ, দেশাধ্যক্ষ সকল, আৰু ৰাজ-কৰ্মচাৰী সকলে যিহুদী লোকসকলক সহায় কৰিছিল; কাৰণ মৰ্দখয়ৰ প্রতি তেওঁলোকৰ ভয় জন্মিছিল।
মৰ্দখয় ৰাজ-গৃহৰ মাজত মহান হৈ পৰিছিল। তেওঁৰ যশস্যা সকলো প্ৰদেশলৈ প্রসাৰিত হৈছিল আৰু এইদৰে মৰ্দখয় ক্ৰমে অতিশয় মহান হৈ গৈছিল।
যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুবোৰক তৰোৱালেৰে আঘাত কৰি, তেওঁলোকক বধ আৰু ধ্বংস কৰিলে। তেওঁলোকে তেওঁলোকক ঘৃণা কৰা সকললৈ যি দৰে কৰিবলৈ ইচ্ছা আছিল, সেই দৰে কৰিলে।
যিহুদী সকলৰ শত্ৰু হম্মদাথাৰ পুত্র হামনৰ এই দহ জন পুত্রক তেওঁলোকে বধ কৰিলে; কিন্তু তেওঁলোকে তাৰ একো বস্তু লুট নকৰিলে।
সেয়ে ৰজাই সেই দৰে কৰিবলৈ আজ্ঞা দিলে। সেই আজ্ঞা চুচনত জাৰি কৰা হ'ল; তাতে হামনৰ দহ জন পুত্রৰ মৃত-দেহবোৰক ফাঁচি কাঠত ফাঁচি দি ওলমাই থোৱা হ'ল।
চুচনত থকা যিহুদী লোকসকলে অদৰ মাহৰ চৌদ্ধ দিনৰ দিনা গোট খালে, আৰু একত্রিত হৈ আহিল। চুচনত তেওঁলোকে তিনিশ লোকতকৈয়ো অধিক লোক বধ কৰিলে, কিন্তু তাৰ পৰা একো বস্তু লুট নকৰিলে।
ৰজাৰ প্ৰদেশ বোৰত থকা অৱশিষ্ট যিহুদী লোকসকল গোট খাই একেলগ হৈ তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে থিয় হ'ল। তেওঁলোকে শত্ৰুবোৰৰ পৰা সকাহ পালে; আৰু তেওঁলোকে তেওঁলোকক ঘৃণা কৰা লোক সকলৰ পয়সত্তৰ হাজাৰ লোকক বধ কৰিলে। কিন্তু তেওঁলোকে বধ কৰা লোক সকলৰ পৰা একো বস্তু লুট নকৰিলে।
অদৰ মাহৰ তেৰ দিনৰ দিনা এই সকলো কাৰ্য কৰিলে, আৰু চৌদ্ধ দিনৰ দিনা তেওঁলোকে জিৰণী ল'লে। সেই দিনটো তেওঁলোকে ভোজ খোৱা আৰু আনন্দ কৰা দিন হিচাপে পালন কৰিলে।
কিন্তু চুচনত থকা যিহুদী লোকসকলে সেই মাহৰ তেৰ আৰু চৌদ্ধ দিনৰ দিনা গোট খাই সমবেত হ'ল। পোন্ধৰ দিনৰ দিনাহে তেওঁলোকে জিৰণী ল'লে, আৰু সেই দিন ভোজ খোৱা আৰু আনন্দ কৰা দিন হিচাপে পালন কৰিলে।
এই কাৰণে গাঁৱত থকা যিহুদী লোকসকল যি সকলে গড় নোহোৱা নগৰত বাস কৰিছিল, তেওঁলোক অদৰ মাহৰ চতুৰ্দশ দিনটো আনন্দ, ভোজ, মঙ্গল আৰু ইজনে আন জনলৈ খাদ্যৰ উপহাৰ পঠোৱা দিন স্বৰূপে পালন কৰিলে।
মৰ্দখয়ে এই সকলো বৃত্তান্ত লিখিলে আৰু ৰজা অহচবেৰোচৰ সকলো প্ৰদেশত থকা ওচৰৰ হওক বা দূৰৰ আটাই যিহুদী লোকলৈ পত্ৰ পঠালে।
এই দিনতে যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুৰ পৰা সকাহ পাইছিল। তেওঁলোকৰ শোক আৰু বিলাপ, সেই সময়ত আনন্দ আৰু উৎসৱলৈ পৰিণত হৈছিল। সেয়ে তেওঁলোকে এই দুটা দিন ভোজ খোৱা, আনন্দ কৰা, আৰু ইজনে আন জনক খাদ্যৰ উপহাৰ পঠোৱা, আৰু দুখীয়াক দান দিয়াৰ দিন হিচাপে পালন কৰিছিল।
মৰ্দখয়ে যিহুদী লোকসকললৈ যি কৰিবলৈ লিখিছিল; আৰু যি দৰে তেওঁলোকে আৰম্ভ কৰিছিল, সেই দৰেই উৎসৱ উদযাপন কৰি থাকিল।
সেই সময়ত সকলো যিহুদী লোকৰ শত্ৰু অগাগীয়া হম্মদাথাৰ পুত্র হামনে তেওঁলোকক বিনষ্ট কৰিবলৈ তেওঁলোকৰ অহিতে কু-কল্পনা কৰিছিল। যিহুদী সকলক সৰ্ব্বনাশ আৰু বিনষ্ট কৰিবলৈ পুৰ খেলাইছিল (চিঠি খেলাইছিল)।
কিন্তু সেই কথা যেতিয়া ৰজাৰ ওচৰলৈ আহিল, তেতিয়া ৰজাই পত্রৰ দ্বাৰা আজ্ঞা দিলে যে, হামনে যিহুদী লোকসকলৰ বিৰুদ্ধে কৰা কু-কল্পনা তেওঁৰ ওপৰতে ফলিয়াবৰ বাবে তেওঁক আৰু তেওঁৰ দহ জন পুত্রক ফাঁচি কাঠত ফাঁচি দি আঁৰি থোৱা হওক।
এই কাৰণে তেওঁলোকে পুৰ নাম অনুসাৰে সেই দুটা দিনক পুৰীম বুলি কয়। এই পত্ৰত লিখা সকলো কথা, আৰু সেই বিষয়ে তেওঁলোকে যি দেখিছিল আৰু তেওঁলোকলৈ যি ঘটিছিল, সেই সকলোৰ কাৰণে,
যিহুদী লোকসকলে নিজৰ, আৰু তেওঁলোকৰ বংশধৰ সকলৰ, আৰু যি সকল লোক তেওঁলোকৰ লগত যোগদান কৰিছিল, সেই সকলো লোকে, সেই দুটা দিনক এটা নতুন প্রথা আৰু কৰ্ত্তব্য বুলি গ্রহণ কৰিছিল। সেই বিষয়ে লিখা মতে আৰু নিৰূপণ কৰা সময় অনুসাৰে তেওঁলোকে প্রতি বছৰে সেই দুটা দিন নিৰ্দিষ্ট প্রণালীৰে পালন কৰিছিল।
তেওঁলোকে এই প্রথা যাতে কেতিয়াও পাহৰি নাযায়, আৰু পুৰীম নামেৰে সেই দুটা দিন যেন লুপ্ত নহয়; সেয়ে পুৰুষানুক্ৰমে প্ৰত্যেক প্রজন্ম, প্ৰত্যেক পৰিয়াল, প্রত্যেক প্ৰদেশ, আৰু প্ৰত্যেক নগৰত সেই দুটা দিন নিৰীক্ষণ কৰি পালন কৰিবলৈ যিহুদী লোকসকলে স্থিৰ কৰিলে।
তাৰ পাছত অবীহয়িলৰ জীয়েক ৰাণী ইষ্টেৰ আৰু যিহুদী মৰ্দখয়ে সম্পূৰ্ণ ক্ষমতাৰ সৈতে পুৰীমৰ বিষয় নিশ্চিত কৰিবলৈ দ্বিতীয় পত্ৰ লিখিলে।
ৰজা অহচবেৰোচৰ ৰাজ্যৰ এশ সাতাইশ খন প্রদেশত থকা যিহুদী লোকসকলক নিৰাপত্তা আৰু সত্যতাৰ কামনা কৰি পত্ৰ পঠোৱা হ'ল।
লঘোন আৰু ক্রন্দনৰ বিষয়ে ইহুদী মৰ্দখয় আৰু ৰাণী ইষ্টেৰে যিহুদী লোকসকলক আদেশ দিয়াৰ দৰে, নিৰূপিত সময়ত পুৰীমৰ সেই দুটা দিন নিশ্চিত কৰিবলৈয়ো এই পত্র লিখি পঠালে।
| web |
6b7d8e5e97094f24ffe174ad889995142f2c8c72 | শালবাৰীঃ বাক্সাৰ শালবাৰীত মন্ত্ৰী পিয়ুষ হাজৰিকা। শালবাৰীৰ গোৱৰ্ধনাষ্ঠিত ১১৫ বছৰীয়া শংকৰ মাধৱ সত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী হাজৰিকাৰ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক লগত লৈ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ। ক্ষন্তেক সময়ৰ বাবে খহনীয়া অঞ্চলত হৈ সেৱা লয় মন্ত্ৰী গৰাকীয়ে।
সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত ভগৱানকে শেষ ভৰষা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীৰ। এইফালে, দীৰ্ঘসময় ধৰি অপেক্ষাত থকা স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। উল্লেখ্য যে, শংকৰ মাধৱ সত্ৰখন বেকীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। প্ৰায় পাছ মিটাৰ দূৰত্বত অৱস্থান কৰিছে বেকী নৈয়ে। ইয়াৰোপৰি বছৰ বছৰ ধৰি বেকী নৈৰ বুকুত জাহ গৈছে গোৱৰ্ধনা অঞ্চলৰ শ শ পৰিয়াল, হাজাৰ হাজাৰ বিঘা কৃষিভূমি। | web |
8ca5fa98c62255b440d70d700336c300a07e173e | উৎপল কুমাৰ কলিতাঃ এক লিটাৰৰ পানীৰ বটল এটা আপুনি কিমান দামত কিনে? নিশ্চয় ২০ টকা। পিচে সম্প্ৰতি ক'ৰণা আক্ৰান্ত বিশ্বত দেশে দেশে লকডাউনৰ প্ৰভাৱত ব্যাপক হাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাত ১ লিটাৰ পানীতকৈ কম ১ লিটাৰ পেট্ৰল-ডিজেলৰ মূল্য। পিছে আমাৰ অসম মুলুকৰ কথা সুকীয়া। বিশ্বত যিটো বস্তুৰ দাম পানীতকৈ কম অসমত সেইটো বস্তুৰ দামে বাঢ়িল। যেতিয়া অসমত বিভিন্ন ধৰ্মীয় অনুষ্ঠান চৰকাৰী ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি পতা হৈছিল তেতিয়া চৰকাৰে কৈছিল ৰাজ্যৰ অৰ্থনীতি সুস্থিৰ।
কিন্ত সেই সুস্থিৰ অৰ্থনীতি এতিয়া হেনো অস্থিৰ। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই ধন। সেয়ে ক'ৰণা কালৰ বৃহৎ মাধমাৰ সাধাৰণ জনতাৰ ওপৰত। বুধবাৰৰ পৰা অসমত প্ৰ্তি লিটাৰ পেট্ৰলৰ ৫ টকা ৯১ পইচা অৰ্থাৎ প্ৰায় ছয় টকা আৰু ডিজেল লিটাৰত ৫ টকা ৫৯ পইচা অতিৰিক্ত কৰ আৰোপ কৰিলে অসম চৰকাৰে। বুধবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰলৰ দাম হ'ল ৭৭ টকা ৯৫ পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হল ৭০ টকা ৯৮ পইচা।
তাৎপৰ্যপূৰ্ণ কথাটো হ'ল এক লিটাৰ তেলৰ বাবদ ৪৫ টকা কৰ জনসাধাৰণৰ পৰা আদায় কৰা ভাৰত একমাত্ৰ দেশ। এতিয়া এক লিটাৰ পেট্ৰলৰ বাবে আপুনি কেন্দ্ৰ চৰকাৰক ২২ টকা ৯৮ পইচা আৰু ৰাজ্য চৰকাৰক ২২ টকা ২৩ পইচা অৰ্থাৎ মুঠ ৪৫ টকা ২১ পইচা কৰ দিব লাগিব। একেদৰে ডিজেলৰ লিটাৰত কেন্দ্ৰীয় চৰকাৰক ১৮ টকা ৮৩ পইচা আৰু ৰাজ্য চৰকাৰক ১৭ টকা ৮০ পইচা মুঠ ৩৬ টকা ৬৩ পইচা কৰ দিব লাগিব। এয়াই আমাৰ জনদৰদী, কল্যাণকামী চৰকাৰৰ পৰিবৰ্তনৰ স্বৰূপ। সম্পদৰ কালত নামানি ব্ৰহ্মপুত্ৰৰ পৰা পুষ্কৰ মেলালৈ ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰিবলৈ কুন্ঠাবোধ নকৰা চৰকাৰখনে প্ৰতিটো বিপদত ৰামটাঙোন মাৰে জনতাৰ ওপৰত।
এতিয়া অসমত এই ভয়ংকৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ সকলো ক্ষেত্ৰতে পৰিব সেয়া নিশ্চিত। ভয়ংকৰ ৰূপ লব এতিয়া মূল্যবৃদ্ধিয়ে। পৰিবহন ব্যয় বাঢ়িব। মুঠতে চৰকাৰে হাত উদং হ'ব ধৰা সাধাৰণ মানুহৰ মুৰত এক প্ৰচণ্ড ৰামটাঙোন মাৰিলে দুঃসময়ত। জনসাধাৰণ আজি সকলোতে পিষ্ট। কিন্তু বিকল্প চিন্তাহীন সম্পদৰ সময়ত অবাবত ৰাজকোষৰ ধন উৰুৱা চৰকাৰৰ কোনো চেতনা নাই। ভাবিবৰ সময় নাই সাধাৰণ মানুহৰ কথা। কেবল চমকত চলিছে যেন সকলো। | web |
5c15f11f18303a7f428cc75f8377bcefde62037a | বিগত কেইবাদিনৰ পৰা শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ বিভিন্ন অঞ্চলত বাঘৰ মুক্ত বিচৰণে স্থানীয় অঞ্চলবাসী ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে।
ঠিক সেইদৰে ডিমৌৰ আঠাবাৰী অঞ্চলটো দীৰ্ঘদিন ধৰি বাঘে সৃষ্টি কৰি আহিছিল সন্ত্ৰাস। কিন্তু আজি আঠাবাৰী চাহ বাগিছা অঞ্চলত পুৱাই প্ৰকাণ্ড নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হয়।
আঠাবাৰী চাহ বাগিচাত বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ হোৱা বনৰজাক চাবলৈ আজি ৰাতিপুৱাৰ পৰাই শিশুৰ পৰা বৃদ্ধলৈ ভিৰ কৰেহি অগনণ লোকে।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত বাঘটোৱে সন্ত্ৰাস সৃষ্টি কৰি অহাৰ লগতে ভক্ষণ কৰি আহিছিল বিভিন্ন পশুধন। বনৰজাৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈয়ে ৰাইজে বন বিভাগক অভিযোগ দিয়ে।
এই অভিযোগৰ ভিত্তিতে বন বিভাগে পতা পিঞ্জৰাত নাহৰফুটুকীটো আজি আবদ্ধ হোৱাত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় গাঁওবাসীয়ে ।
ইফালে, ডিমৌৰ সমীপৰ ধেমেচী কোচগাঁৱৰ ৰাইজ এতিয়াও চৰম নিৰাপত্তাহীনতাত ভূগি আছে । কিয়নো গাঁওখনত অব্যাহত আছে বাঘৰ সন্ত্ৰাস। উক্ত অঞ্চলটোত বিচৰণ কৰি ফুৰা বাঘে এটা এটাকৈ খাই শেষ কৰিছে পশুধন।
আজি পুৱতি নিশাও কলালোৰৰ এটা দৰিদ্ৰ পৰিয়ালৰ গোহালিৰ পৰা লৈ যায় এটা গৰু।
কিন্তু এই পৰ্যন্ত বন বিভাগে অঞ্চলটোত বাঘটো আবদ্ধ কৰাৰ বাবে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে। | web |
fbe4f599567638b0aae407dceb16145504101d0642408c4160125abb3c9e8ce7 | ৰান্ধি-বাঢ়ি তোমাক খুৱাম, মই খাম। ল'ৰা-ছোৱালীহঁতক পঢ়ুৱাম। সময় পালে তোমাৰ ৰিচাৰ্ছৰ কামত সহায় আগবঢ়াম।"
তাৰমানে পাৰমিতাৰ মনত সব্জীৱ হৈ উঠিছে সুন্দৰ এটা জীৱনৰ পৰিকল্পনা। অৱশ্যে এইদৰে আগবাঢ়িব পাৰিলে বিচৰা ধৰণেৰেই সিহঁতে জীৱনটোক ৰূপায়িত কৰিব পাৰিব। কিন্তু পাৰমিতাই এতিয়াও সুখী হ'ব পৰা নাই। তাইৰ অন্তৰত এতিয়াও বিচ্ছেদৰ যন্ত্রণা।
"মা-দেউতাৰাৰ লগত মিল নহ'ল। এইটো বেদনা পাহৰিবৰ বাবেই নিজৰ সৰ্বস্ব দি তুমি মোক গঢ়ি তুলি তাৰ মাজত জীৱনৰ পৰিপূৰ্ণতা কামনা কৰিছা, নহয়নে?" প্ৰবীৰে ক'লে।
পাৰমিতা নিমাত। অসহায় যদিও দুচকুত জীৱনতৃষ্ণ অনুৰাগ।
"মোৰপৰা তুমি যিটো কামনা কৰিছা, তাৰ বাবে মই আপ্রাণ চেষ্টা কৰিম। মোৰ বিশ্বাস, তোমাৰ উৎসাহ-প্ৰেৰণাৰে বহুতখিনি সাফল্যও অর্জন কৰিব পাৰিম।
"কিন্তু? ইয়াত তুমি কি কিন্তু দেখিলা?"
"দেশৰ বৰ্তমান অৱস্থা ভাল নহয়। তোমাক এদিন কৈছিলো, হত্যা-অপহৰণ, প্ৰশাসনীয় দুর্নীতি-ব্যভিচাৰ, জাতি-গোষ্ঠীদ্বন্দৰ এইটো পৰিবেশত আমি নিজৰ বাবে ঘৰ এখন সাজিব খুজিছো।" প্রবীৰে কৈ গ'ল, "ৰাজীৱ-দিগন্তহঁতে সিহঁতৰ ঘৰটো অধিক সুৰক্ষিত কৰবিৰ বাবে সংগ্ৰাম কৰিছে। অসমৰ কেইবাটাও জাতিয়ে নিজৰ নিজৰ অস্তিত্ব সুৰক্ষাৰ বাবে সুকীয়াকৈ ঘৰ লাগে বুলি আন্দোলনমুখী হৈছে। ইফালে ঠাই কিন্তু এখনেই। এইখন অসমত সমন্বয়ৰ এনাজৰীৰে সকলোৱে থাকিব পৰা ঘৰ এখন সাজিব নোৱাৰিলে জীয়াই থকাটো আমাৰ বাবে শান্তিৰ নহৰ। আৰু শান্তিৰ পৰিবেশ এটা সৃষ্টি নহুলৈ সৃষ্টিশীল কোনো কামেই নহয়" "আজিৰ এইটো পৰিস্থিতিত আমাৰ কৰণীয় কি ?"
চিন্তিত মাতেৰে প্ৰবীৰে ক'লে, "আমি কোনো সংগঠনৰ লগত জড়িত নহয়। আমাৰ ক্ষমতা-শক্তি সীমিত। ইফালে দেশৰ বিভিন্ন প্রাতত মানুহ সংগ্ৰামী হৈ উঠিছে - । মই কেতিয়াবা ভাবো, আমিও সেই সংগ্ৰামৰ লগত চামিল হব লাগে।"
"ৰাজীৰ-নিতুহঁতৰ লগত যে আগ্ৰহেৰে কথা পাতা ভাৰমানে সিহঁতক তুমি সমৰ্থন কৰা নেকি?"
"সিহঁতৰ লক্ষ্য আৰু পথটো মই মানি ল'ব নোৱাৰো। কিন্তু ৰাজীৱ-নিতূহঁতৰ সংগ্ৰামী-সত্তা আৰু হৃদয়-মনত সঙ্গীবীত দেশপ্রেমে, মোক অনুপ্রাণিত কৰে। সিহঁতে বিপ্লৱৰ কথা কয় - মই সিহঁতৰ এনেকুৱা বিপ্লব সমৰ্থন কৰিব নোৱাৰো।
মই ভাবো, দেশ এখনৰ অকল ৰাজনৈতিক ক্ষমতা লাভৰ জৰিয়তে প্ৰকৃতাৰ্থত বিপ্লৱ হ'ব নোৱাৰে। তাতে অসমৰ, অসমবাসীৰ মৌলিক সমস্যাবোৰ সমাধান নহয়। আজি অসমখনৰ যি এটা আৰ্থ-সামাজিক পৰিস্থিতি - ইয়াত জাতিবিন্যাসটো এতিয়াও ঠন ধৰি উঠাগৈ নাই। এইটো প্ৰক্ৰিয়াত অসশ্বাসীক এখোজ আগবঢ়া দেখিলেই অসমক শোষণ কৰা বৃহৎ পুঁজিপতিসকলে সুপৰিকল্পিতভাৱে একো একোটা গোষ্ঠী সংঘাত লগাই দিয়ে। ফলস্বৰূপে এই প্ৰক্ৰিয়াটো বিলম্বিত হয়। আচলতে, জাতি গঠনৰ এই প্ৰক্ৰিয়াটো মোটামুটিভাৱে সম্পূর্ণ হ'বলৈ দিবই লাগিব। লগতে শ্রেণী বিদ্বেষহীন শিক্ষাৰ প্ৰসাৰেৰে সামাজিকভাৱে জাতিটো দৃঢ়ভিত্তিত সংঘবদ্ধ কৰিব লাগিব। তাৰপাছত চাৰিত্ৰিক, নৈতিক আৰু বৌদ্ধিক অনুশাসনেৰে সকলো জাতি-গোষ্ঠীৰ আস্থাভাজন হৈ সুনির্দিষ্ট অর্থনৈতিক পৰিকল্পনা কৰি তাৰ সাৰ্থক ৰূপায়ণটোতে মই বিপ্লৱৰ যথাৰ্থ প্ৰতিচ্ছবি দেখিবলৈ পাওঁ।"
"এইবোৰ তুমি ৰাজীৱহঁতক কোৱা নাই নেকি?"
"কিছু কথা কৈছিলো। কিন্তু সিহঁত নিজৰ মত-বিশ্বাসত অলৰ। সিহঁতে বুদ্ধি পোৱা নাই যে গণভিত্তি মজবুত কৰাৰ আগতেই যেনেধৰণেৰে সংগ্ৰাম কৰিছে তাতে শাসকগোষ্ঠীয়ে সিহঁতক হত্যাকাৰী, সন্ত্রাসবাদী বুলি কব পাৰিছে। তাৰ বাবেই সিহঁতৰ ওপৰত পুলিচ-মিলিটেৰীরে নির্মম নির্যাতন চলাইছে।
পাৰমিতাৰ দৃষ্টি প্রবীৰৰ সজীৱ মুখখনৰ ওপৰত ছিল। তাই মুগ্ধ, বিস্মিত। প্রবীৰৰ বাবে তাই গর্বিত। পাৰমিতাই সুধিলে, "ৰীৰ, এইবোৰ ভূমি কেতিয়া ভাবা? তোমাৰ মনত কেনেকৈ ইমানবোৰ কথা খেলে?" "এইবোৰৰ উৎস তুমি।"
"অ', মিতা। তুমিয়ে।"
"মইতো কেতিয়াও তোমাক এইবোৰ ভাবিবলৈ কোৱা নাই।"
'সেইটো হয়। কিন্তু তোমাৰ কষ্ট-বেদনাই মোক ভবাই তোলে। মাকৰ ঘৰখন এৰি ইমান অনিশ্চয়তাতো তুমি মোক জীৱনসংগিনী কৰি ল'লা, সৰু একোঠালীয়া এইটো ঘৰত অতবোৰ অসুবিধাতো মোৰ বুকুৰ আপোন কৰি ৰাখি, মা-দেউতাৰাৰ বাবে অস্থিৰ হোৱা সত্বেও এটা দিনৰ বাবেও তুমি মোক এৰি থকা নাই ... এইবোৰে মোক ভাবিবলৈ বাধ্য কৰায়। মোৰ বাবে তুমি যিখিনি কষ্ট কৰি আছা, ত্যাগ স্বীকাৰ কৰিছা ... তাৰ দহ শতাংশ মই তোমাৰ বাবে।"
"নাই - ।" পাৰমিতাই প্রবীৰক কবলৈ নিদিলে। দুই হাতেৰে আকোৱালি প্রবীৰক বুকুৰ মাজলৈ টানি লৈ আবেগা ৰূঢ় হৈ ক'লে, "তেনেকৈ নক'বা।
| pdf |
4808fb251c0508da6e8aaabab969c8e27dcb61b0 | গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত দুই বাইক আৰোহী। শনিবাৰে নিশা উলুবাৰী উৰণীয়া হেতু তলত সংঘটিত হয় দুৰ্ঘটনাটো।
গুৱাহাটী ক্লাব পৰা বি. বৰুৱা পথে উলুবাৰী অভিমুখে আহি আছিল বাইক আৰোহী দুজন। বাইকখন তীব্ৰ গতিত আহি উৰণীয়া হেতু তলৰ ডিভাইডাৰত খুন্দিওৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাতো।
দুৰ্ঘটনাগ্ৰস্ত বাইখনৰ নম্বৰ এছ-১৯এন-৫২৯৮।
আনহাতে, দুৰ্ঘটনাগ্ৰস্ত দুই আৰোহি চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে । | web |
140261105dee55675a4a84a3bd5e41ce9089035d | বিভিন্ন ধৰণৰ অপৰাধৰ বাবে বিভিন্ন শাস্তি বিহা হয়। ঘৰতে ভালদৰে অধ্যয়ন কৰি নহাৰ বাবে বা বিদ্যালয়ত দেৰীকৈ উপস্থিত হোৱা বাবে ছাত্ৰ-ছাত্ৰীক শিক্ষকে শাস্তি বিহিব পাৰে। কিন্তু আইপেডত ৯৩ শতাংশ চাৰ্জ থকাৰ বাবেই মাৰ্কিন যুক্তৰাজ্যৰ এগৰাকী ছাত্ৰীক বিদ্যালয়ত বন্দী কৰি ৰখাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ছাত্ৰীগৰাকীৰ মাতৃয়ে এই বিষয়ে টুইট কৰি কৈছে যে বিদ্যালয় খনে ছাত্ৰ-ছাত্ৰীৰ আইপেডত ৯৭ শতাংশ চাৰ্জ থাকিব লাগিব বুলি যুক্তি দি তেওঁৰ কন্যাক শাস্তি বিহিছে। চেলিনা নামৰ মাতৃগৰাকীয়ে লিখিছে, "মোৰ ছোৱালীজনীক আটক কৰি ৰখা হৈছিল। কিয়নো তাই স্কুললৈ অহাৰ সময়ত তাইৰ আইপেডত ৯৩ শতাংশ চাৰ্জ আছিল। ।
"ইপিনে বিদ্যালয়ৰ সহকাৰী অধ্যক্ষই জনাইছে যে শিশুসকলে তেওঁলোকৰ কমেও ৯৭ শতাংশ আইপেড চাৰ্জ কৰি বিদ্যালয়ত উপস্থিত থাকিব লাগিব। এই নিয়ম ভংগ কৰা যিকোনো লোকক শাস্তি দিয়া হ'ব। কিন্তু এনে অদ্ভুত নিয়মৰ আঁৰত কি কাৰণ আছে সেয়া বিদ্যালয় কৰ্তৃপক্ষই বাখ্যা কৰা নাই।
ছাত্ৰীগৰাকীক লঘু কথাতে গুৰু শাস্তি বিহাৰ কথাই টুইটাৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহুতে বিদ্যালয় কৰ্তৃপক্ষক সমালোচনা কৰাও দেখা গৈছে। | web |
71d80c83c3e2700f0c80c93044d4a99ceb2f18813accd7b34c2f17223ad48882 | আদিত্যাঁদৈৱ ৰুদ্ৰাশ্চ দ্বিতাঃ ন্তংভান্তৰেষ্বাথ ।। ধাৰণীষু খিতা ভূতাঃ শালাম্বন্সৰসপ্তথা । সর্বৱেশ্বসু ষক্ষিণ্যো মহীপৃষ্ঠে মহোদখিঃ ।। দ্বাৰশালানিযুক্তন্তু কৃতান্তঃ কাল এৱ চ । স্থাপিতৌ দ্বাৰপাৰ্শ্বে তু নাগমুখৌ মহাৱলৌ ।। দেহল্যাং যমদগুন্তু শূনং চোপৰি সংঘিতম ।।
(সেই কথা শুনি ) ইন্নাদি দেৱতাসকলৰ সৈতে ব্রহ্মা বেগাবেগিকৈ ৰঙ্গমঞ্চ চাবলৈ গল। মঞ্চ দেখা পাই ব্ৰহ্মাই দেৱতাসকলক্ কলে "বিভিন্ন অংশগ্রহণকাৰী আপোনালোকৰ দ্বাৰা ৰঙ্গমঞ্চ ৰক্ষা কৰা কৰ্ত্তব্য। মণ্ডপ ৰক্ষাৰ ভাৰ চন্দ্ৰৰ ওপৰত, দিক্সমূহ ৰক্ষাৰ ভাৰ লোকপালৰ ওপৰত, চতুষ্কোণ ৰক্ষাৰ তাৰ মৰুতসকলৰ ওপৰত, নেপথ্য গৃহ ৰক্ষাৰ তাৰ মিত্ৰৰ ওপৰত, ভিতৰৰ শূণ্যস্থান ৰক্ষাৰ ভাৰ বৰুণৰ ওপৰত, ৰঙ্গমঞ্চ ৰক্ষাৰ ভাৰ অগ্নিৰ ওপৰত, বাদ্য ৰক্ষাৰ ভাৰ সকলো দেৱতাৰ ওপৰত, স্তম্ভ সমূহৰ ৰক্ষাৰ ভাৰ চাৰিবৰ্ণৰ ওপৰত, স্তম্ভৰ অন্তৰালৱৰ্তী স্থান ৰক্ষাৰ ভাৰ আদিত্য আৰু ৰুদ্ৰসকলৰ ওপৰত, পংক্তি আৰু আসন ৰক্ষাৰ ভাৰ ভূতগণৰ ওপৰত, প্রকোষ্ঠ ৰক্ষাৰ ভাৰ অপ্সৰাৰ ওপৰত, চোতালবিলাক ৰক্ষাৰ তাৰ যক্ষ্মপত্নীসকলৰ ওপৰত, ভূমি ৰক্ষাৰ ভাৰ সমুদ্ৰ দেৱতাৰ ওপৰত, দুৱাৰ ৰক্ষাৰ ভাৰ যমৰ ওপৰত, ৰূপাট ৰক্ষাৰ ভাৰ দুই নাগৰাজ বাসুকি আৰু অনন্তৰ ওপৰত, চৌকাঠ ৰক্ষাৰ ভাৰ সমদণ্ডৰ ওপৰত আৰু দুৱাৰৰ অগ্রভাগ ৰক্ষাৰ ভাৰ ত্ৰিশূলৰ ওপৰত দিয়া হ'ল ।
৮৮(খ)- ১৩ (ক) ধাৰপালৌ স্থিতৌ চাভৌ নিয়মিতমৃত্যুৰেৱ চ ।। পার্শ্বে তু ৰঙ্গপীঠস্য মহেন্দ্ৰঃ স্থিতৱান স্বয়ম্ । স্থাপিতা মত্তৱাৰণ্যাঃ ৱিদ্যুদ্ দৈত্যনিষুদনী ।। স্তংভেষু মত্তৱাৰণ্যাং স্থাপিতা পৰিপালনে । ভূতা যক্ষাঃ পিশাচাম্ব গুহ্যকাশ্চ মহানাঃ । অৰ্জৰে চৈৱ নিক্ষিপ্তং বন্ধং দৈত্যনিৰ্বহনম্ ।। তৎপৰ্ৱষু ৱিনিক্ষিপ্তাঃ সুৰেদ্ৰা হ্যামিতৌজসঃ । শিৰঃ পৰ্বাস্থিতো ব্ৰহ্মা দ্বিতীয়ে শংকৰন্তথা। তৃতীয়ে চ স্থিতো বিষ্ণুচতুর্থে স্থন্দ এৱ চ ।। পঞ্চমে চ মহানাগাঃ শেষৱাসুতিক্ষকাঃ ।
নিয়তি আৰু যম উভয়ে দুই যাৰত আৰু ইদ্ৰ স্বয়ং ৰঙ্গমঞ্চৰ কাষত থাকিল । ৰঙ্গমঞ্চৰ পাৰ্শ্বস্থিত কক্ষত দৈত্য দলনক্ষম বিদ্যুতক স্থাপন কৰা হ'ল আৰু স্তম্ভ ৰক্ষাৰ ভাৰ দিয়া হ'ল বলৱান ভূত পিশাচ যঙ্গ আৰু গুহ্যক সকলক, অৰ্জৰত (ধ্বজ) স্থাপন কৰা হ'ল দৈত্য বিনাশী বজ্ৰক আৰু ইয়াৰ পৰ্বসমূহ (গ্ৰান্থিসমূহত।ত
স্থাপন কৰা হ'ল শ্ৰেষ্ঠ আৰু বলবান দেৱতাসকলক । শিৰঃপৰ্বত অর্থাৎ উৰ্দ্ধত ৰহ্মা নিজে, দ্বিতীয় পর্বত শিৱ, তৃতীয় পর্বত বিষ্ণু, চতুৰ্থত কাৰ্ত্তিকেয় আৰু পঞ্চমত স্থাপিত হ'ল শেষ বাসুকি আৰু তক্ষক এই মহানাগসকল ।
এবং বিঘ্নবিনাশায় স্থাপিতা জৰ্জৰে সুৰাঃ ।। ৰঙ্গপীঠস্য মধ্যে তু স্বয়ং ব্রহ্মা প্রতিষ্ঠিতঃ । ইত্যৰ্থং ৰঙ্গমধ্যে তু ক্রিয়াতে পুষ্পমোক্ষণম ।।
এইদৰে বিঘ্নবিনাশৰ বাবে জৰ্জৰত দেৱতাসকল আৰু ৰঙ্গমঞ্চৰ মধ্যস্থানত ব্ৰহ্মা নিজে থকাৰ বাবে মঞ্চৰ পুষ্পবৃষ্টি কৰাৰ প্ৰথা চলি আছে ।
পাতলৱাসিনো যে চ যক্ষ্গুহ্যক পন্নগাঃ । অধস্তাম্ৰঙ্গপীঠস্য ৰক্ষণে তে নিয়োজিতাঃ ।।
যক্ষ, গুহ্যক আৰু পন্নগ প্রভৃতি পাতালবাসীসকলক ৰঙ্গমঞ্চৰ তলভাগ ৰক্ষাৰ বাবে নিযুক্ত কৰা হ'ল ।
নায়কং ৰক্ষতীন্দ্ৰস্তু নায়িকাং তু সৰস্বতী । ৱিদূষকমথোংকাৰঃ শেষাস্তু প্ৰকৃতীহৰঃ ।।
নায়কক (অভিনেতা) ইন্দ্ৰই নায়িকাক সৰস্বতীয়ে,বিদূষক ওঁকাৰে আৰু বাকী বিভিন্ন ভূমিকাৰ অভিনেতাক শিৱই ৰক্ষা কৰাৰ দায়িত্ব ললে ।
যন্যেতানি নিযুক্তানি দৈৱতানীহ ৰক্ষণে । এতান্যেৱাধিদৈৱানি ভৱিষ্যস্তীত্যুৱাচ সঃ ।।
যিসকল দেৱতাক ইয়াত ৰক্ষা কাৰ্য্যৰ বাবে নিযুক্ত কৰা হ'ল, সেই সকলেই এই মঞ্চৰ 'অধিদেৱতা' হ'ব বুলি তেওঁ কলে ।
৯৮-৯৯। এতষ্মিন্তৰে দেৱৈঃ সৱৈক্তঃ পিতামহঃ । সামা তাৱদিমে ৱিঘ্না স্থাপ্যত্তাঃ ৱচসা ত্বয়া । পূৰ্ব্বং সাম প্রযোক্তব্যং দ্বিতীয়ং দানমেৱ চ । তয়োৰুপৰি ভেদস্তু ততে দণ্ডঃ প্ৰযুজ্যতে ।।
ইয়াৰ পিছত সকলো দেৱতাই ব্ৰহ্মাক কলে, "আপুনি "সাম" বাক্যৰ দ্বাৰা বিঘ্নশান্তিৰ ব্যৱস্থা কৰক । কাৰণ, প্রথমে সাম প্রযোজ্য, দ্বিতীয়ত দান প্রযোজ্য । ইয়াৰ পিছত (প্রয়োজন হলে) ভেদ আৰু শেষত দত্ত প্রযোজ্য ।
দেৱানাং ৱচনং শ্ৰুত্বা ব্রহ্মা চনমৱৱীৎ । কন্মান্তৱত্তো নাট্যস্য ৱিনাশায় সমুখিতাঃ ।।
দেৱতাৰ কথা শুনি ব্রহ্মাই কলে, "আপোনাসকলে কিয় এনেদৰে নাট্যৰ বিনাশ ঘটাবলৈ উদ্যত হৈছে ?
ব্ৰহ্মনো বচনং শ্ৰুতা ৱিৰূপাক্ষোৱৱীষচঃ । দৈত্যৱিষুণৈঃ সাৰ্থং সামপূৰ্বেমিদং ততঃ ।। যোহয়ং ভগৱতা সৃষ্টো নাট্যৱেদঃ সুৰেছায়া । প্রত্যাদেশোহয়স্মাকং সুৰাৰ্থং ভৱতা কৃতঃ ।। তন্নৈতদেৱং কৰ্ত্তব্যং ত্বয়া লোক পিতামহ । যথাদেৱান্তথা দৈত্যাজ্ঞতঃ সৰ্বে ৱিনিৰ্গতাঃ ।।
ব্ৰহ্মাৰ কথা শুনি, দৈত্য আৰু বিঘ্নসমূহৰ সঙ্গী বিৰূপাক্ষই এই সাম বাক্যটি ক'লে, 'হৈ ব্ৰহ্মণ, আপুনি যদি দেৱতাৰ কথা শুনি কেবল মাত্ৰ দেৱতাৰ বাবেহে নাট্যশাস্ত্র প্রণয়ন কৰিছে তেন্তে আমাক লাজ দিয়া হৈছে । হে ত্ৰিজগতৰ পতি, দেৱগণ যেনেকৈ আপোনাৰ দ্বাৰা সৃষ্ট, দৈত্যগণো আপোনাৰ সৃষ্টি গতিকে, তেনে পক্ষপাতী কাম আপুনি নকৰে যেন ।
১০৪। ৱিৰূপাক্ষৱচঃ শ্ৰুত্বা ব্রহ্মা ৱচনমব্রবীৎ ।
অলং ৱো মন্যুনা দৈত্যা ৱিষাদং ত্যজতান যাঃ ।।
বিৰূপাক্ষৰ কথা শুনি ব্রহ্মাই কলে, "হে যিম্পাপ দৈত্যসকল তোমালোকৰ ক্ৰোধৰ প্রয়োজন নাই, তোমালোকে বিষাদ ভাৱ পৰিত্যাগ কৰা ।
১০৫-১০৭। ভৱতাং দৈৱতানাং চ শুভাশুভৱিকম্পকঃ । কৰ্মভাৱান্বায়াপেক্ষো নাট্যৱেদো ময়াকৃতঃ ।। নৈকান্ততোহত্ৰ ভৱতাং দেৱানাং চাত্ৰ ভাৱনম্ ।। ত্রৈলোক্যস্যাস্য সৰ্ব্বস্য নাট্যং ভাৱানুকীৰ্তনম্ ।। ক্বচিদ্ধাৰ্মঃ ক্বচিৎক্রীড়া কচিদৰ্থঃ কচিছমঃ । ক্বচিদ্ধাস্যং কচিদ্ যুদ্ধং ক্বচিৎকামঃ কচিযবঃ ।।
তোমালোকৰ আৰু দেৱতাসকলৰ শুভাশুভযুক্ত, কৰ্ম্ম, ভাৱ আৰু বংশানুসৰি মই এই নাট্যশাস্ত্ৰ ৰচনা কৰিছে । ইয়াত কেৱল দেৱতা বা দৈত্যৰ ৰূপ আৰোপ কৰা হোৱা নাই । এই নাট্যশাস্ত্র ত্রৈলোক্যৰ সকলোজনৰে ভাৱৰ 'অভিনয়হে । এই অভিনয়ত কেতিয়াবা মর্থ, কেতিয়াবা খেল-ধেমালি, কেতিয়াবা অৰ্থ, কেতিয়াৰা শান্তি, কেতিয়াবা হাঁহি, কেতিয়াবা যুদ্ধ, কেতিয়াবা কাম, (ভোগ) আৰু কেতিয়াবা হত্যাৰ অভিনয়ো দেখা যাব ।
১০৮-১০৯। ধর্মোহধর্মপ্রবৃত্তানাং কামঃ কামোপসেৱিনাম । নিগ্রহো দুৰ্ৱিনীতানাং বিতীতানাং দমক্রিয়া ।। ক্লীবানাং ধাষ্টকৰণমুৎসাহঃ দূৰমানিনাম্ । অবুধানাং ৱিবোধশ্চ ৱৈদুষ্যং ৱিদুষামপি ।।
এই নাট্যশাস্ত্ৰত অধর্ম্মত প্ৰবৃত্ত হোৱাজনক ধৰ্ম, কামাসক্তজ্জনক কাম, উদ্ধৃতজনক শাসন, দুর্বিনীতজনক সংযম, নিস্তেজজনক সাহস, বীৰ আৰু মানীজনক উৎসাহ মূৰ্খজনক জ্ঞান আৰু পণ্ডিতজনক প্ৰা (দিয়া হৈছে ।)
ঈশ্বৰাণাং ৱিলাসশ্চ দৈৰ্য্যৎ দুখার্দিতত্স্য চ । অৰ্থোপজীৱিনোমাৰ্থো ধৃতিৰুম্বিগ্নচেতসাম্ ।।
ইয়াত ঈশ্বৰ সম্পদযুক্তজনক বিলাস (ভোগ) দুখার্ত্তক দৈর্ঘ্য, মনৰ স্থিৰতা অর্থোপঞ্জীৱিজনক অর্থ আৰু উদ্বিগ্নমনক ধৈর্য্য সম্বন্ধে উপদেশ দিয়া আছে ।
১১১-১১২। নানাভাৱোপসংপন্নং নানাবস্থান্তৰাহ্মকম্ । লোকবৃত্তানুকৰণং নাট্যমেতস্ময়া কৃতম ।। উত্তমাধমমধ্যানাং নৰাণাং কৰ্মসংশ্ৰয়ম্ । হিতোপদেশজননং ধৃতিক্রীড়াসুখাদিকৃৎ ।।
বিবিধভাৱযুক্ত, নানা অৱস্থাৰ আৰু মানুহৰ কৰ্ম্মৰ অনুকৰণাত্মক, উত্তম মধ্যম আৰু অধমলোকৰ কৰ্ম্মাশ্রিত, মঙ্গলজনক, উপদেশযুক্ত ধৈৰ্য্য, ত্ৰীড়া আৰু সুখকৰ নাট্যশাস্ত্ৰ এখনৰহে সৃষ্টি কৰা হৈছে ।
১১৩। এতদ্ৰসেষু ভাৱেষু সৰ্বকর্মক্রিয়াসু চ । সর্বোপদেশজননং নাট্যমেতভাৱ্যতি ।।
এই সকলো ভাৰ, সকলো ৰস, সকলো কামতে সকলোৰে বাবেই এই নাট্যশাস্ত্রখন উপদেশজনক হ'ব ।
১১৪-১১৫। দুঃখার্তানাং শ্রমাতানাং শোকার্তানাং তপম্বিলাম্ । ৱিশ্যামজননং লোকে নাট্যমেতপ্তৱিষ্যতি । ধর্য্যং যশস্যময়ূষ্যং হিতং বুদ্ধিৱিৱৰ্ধনম । লোকোপদেশজননং নাট্যমেভৱষ্যতি ।।
এই নাটশাস্ত্ৰ সংসাৰৰ দুখ শোকাভিভূতসকলৰ শ্ৰমকাতৰ সকলৰ আৰু দৰিদ্ৰসকলৰ জিৰিণৰ থল হব আৰু ধৰ্ম্মসম্মত যশোবৰ্দ্ধক, আয়ুবৰ্দ্ধক, সুবুদ্ধিবৰ্দ্ধক, আৰু মানৱৰ আদৰ্শস্বৰূপ হব ।
১১৬। ন তজ্ঞানং ন তাচ্ছিল্পং ন সা বিদ্যা ন সা কলা । ন স যোগো ন তৎকর্ম নাট্যোহস্মিন, যন্ন দৃশ্যতে ।।
এনে কোনো জ্ঞান, শিল্প, বিদ্যা, কলা, যোগ বা কৰ্ম্ম নোনাৰ যিটো নাট্যশাস্ত্ৰত
পোৱা নাযাব ।
১১৭-১১৮। সর্বশান্ত্রানি শিল্পানি কর্মানি ৱিৱিধানি চ । অম্মিন্নাট্যে সমেতানি তন্মাদেতন্ময়া কৃতম্ ।। তন্নাজমন্যুঃ কৰ্ত্তৱ্যো ভৱত্তিৰমৰাণ প্ৰতি । সপ্তর্ষীপানুকৰণং নাট্যেহ্যস্মিন, প্রতিষ্ঠিতম্ ।।
সকলো শাস্ত্র বিবিধ শিল্প আৰু বিবিধ কৰ্ম্ম মিলন কৰি এই নাট্যশাস্ত্ৰ মই প্রণয়ন কৰিছো । গতিকে দেৱতাৰ প্ৰতি আপোনালোকে ক্রোধ নকৰিব, সপ্তদ্বীপা পৃথিবীৰ অনুকৰণ এই নাট্যশাস্ত্ৰই ৰহন কৰিছে ।
ৱেদৱিদ্যেতিহাসানামাখ্যানপৰিকল্পনম্ । ঐতিস্মৃতিসদাচাৰপৰিশেষার্থকল্পনম্ ।। ৱিনোদজননং লোকেনাট্যেমেতদ্ ভবিষ্যতি ।
বেদবিদ্যা, ইতিহাস, আখ্যান, দ্রুতি, স্মৃতি, সদাচাৰ আৰু অৱশিষ্ট বিষয়ৰ সহায়ত প্ৰণয়ন কৰা এই নাট্যশাস্ত্ৰ সংসাৰৰ সকলোৰে বাবে আনন্দদায়ক হব ।
১২০(খ)-১২২(ক)। দেৱতানামাসুৰাণাং ৰাজ্ঞামথ কুটুম্বিনাম্ ।
কৃতানুকৰণং লোকে নাট্যমিত্যভিধীয়তে ।। যোহয়ং স্বভাৱো লোকস্য সুখদুঃখসমন্বিতঃ । যোহঙ্গাদ্যভিনয়োপেতঃ নাট্যমিত্যভিধীয়তে ।।
দেৱতা, অসুৰ, ৰজা আৰু গৃহস্থসকলৰ কৰ্মৰ অনুকৰণকে নাট্য বুলি অভিহিত কৰা হৈছে । মানুহৰ সুখ-দুখযুক্ত যি অৱস্থা (স্বভাৱ) তাকে আঙ্গিক আদি অভিনয়ৰ সৈতে যুক্ত কৰিলে নাট্য বোলা হয় ।
১২২(খ)-১২৪। এতস্মিন্নস্তৰে দেৱান্ সৰ্বানাহ পিতামহঃ ।। কুণ্ঠধ্বমত্র ৱিধিবদ যজনং নাট্যমণ্ডপে । বলিপ্রদানৈহোমৈশ্চ মদ্রৌষধিসমন্বিতৈঃ ।। জগ্যৈতক্ষ্যৈৎ গানৈশ্চ বলিঃ সমুপকল্যতাম্ । মর্ত্যলোকগতাঃ সৰ্বে শূভাং পূজামৱালস ।।
ইয়াৰ পিছত ব্ৰহ্মাই সকলো দেৱতাকে কলে-"আপোনালোকে এতিয়া এই নাট মণ্ডপত যথাবিধি যজ্ঞ আৰম্ভ কৰক । বলিদান, হোম, মন্ত্রী ঔষধি জগ, ভোজ্য আৰু পানীয় প্ৰব্যৰে উপাচাৰ প্ৰস্তুত কৰক । মর্ত্যলোকতো আপোনালোক সকলোৱে শ্ৰুতপূজা লাভ কৰিব ।
১২৫-১২৬। অপূজয়িত্বা ৰঙ্গ তু নৈৰ প্ৰেক্ষাৎ প্ৰৱৰ্ডয়েৎ । অজৱিতা ৰम डू য সেফাং ঝরিষতি ।।
তস্য তন্নিষ্কলং জ্ঞানং তির্যগেযোনিং চ যাস্যতি । যজ্ঞে সংমিতং হোতৎ ৰঙ্গদৈৱতপূজনম্।।
মঞ্চপূজা নকৰাকৈ নাট্যানুষ্ঠান আৰম্ভ কৰা উচিত নহয় । যি জনে মঞ্চৰ পূজা নকৰাকৈ নাট্যানুষ্ঠান কৰে তেওঁৰ জ্ঞান নিষ্ফল হয় আৰু নীচশ্রেণীৰ প্ৰাণী হৈ জন্মগ্রহণ কৰে । মঞ্চৰ দেৱপূজা যতুল্য ।
১২৭-১২৮। নৰ্ত্তকোহৰ্থপতিৰ্বাপি যঃ পূজাং ন কৰিষ্যতি । ন কাৰয়িষ্যত্যন্যৈৰ্বা প্ৰান্সত্যপচয়ং তু সঃ ।। যথাবিধি যথাদৃষ্টং যন্তু পূজাংকৰিষ্যতি । স লঙ্গ্যতে শুভানর্থান্ স্বৰ্গলোকং চ যাস্যতি ।।
নৰ্ত্তকেই হও। বা পৃষ্ঠপোষক অর্থপতিয়েই হওক, যিজনে এই পূজা নকৰে বা নকৰায় তেওঁ শেষত ক্ষতিগ্রস্ত হয় । বিধি অনুসৰি আৰু সামাজিক নিয়ামানুযায়ী যি এই পূজা কৰি নাট্যানুষ্ঠান কৰে সেইজনৰ মঙ্গলসমূহ লাভ হয় আৰু সেইজনে স্বৰ্গ লাভ কৰে ।
এৰমুক্ত্রা তু ভগৱান্ দ্ৰুহিনঃ সহ দৈৱতৈঃ । ৰঙ্গপূজাং কুৰুন্বেতি মামেৱং সমযোজয়ৎ ।
এই বুলি কৈ দেৱতাসকলোৰে সৈতে বিৰাজমান ভগবান ব্ৰহ্মাই 'তুমি ৰঙ্গমঞ্চ পূজা কৰা" বুলি এইদৰে মোক নিযুক্ত কৰিলে ।
দ্বিতীয় অধ্যায়
ভৰতস্য ৱচঃ শ্ৰুত্ত্বা প্ৰত্যুচুমুনয়ন্ততঃ । ভগৱন্ শ্ৰোতুমিচ্ছামো যজনং ৰঙ্গসংগ্ৰয়ম ।। অথৱা যাঃ ক্রিয়াস্তত্ৰ লক্ষণং যচ্চ পূজনম্ ।। ভৱিষ্যক্মিনৰৈঃ কাৰ্য্যং কথং তন্নাট্যৱেশ্মনি ॥
ভৰতৰ কথা শুনি মুনিসকলে কলে, হে ভগবান আমি আপোনাৰ পৰা ৰঙ্গমঞ্চৰ পূে সম্বন্ধে সবিশেষ জানিব খুজিছো । এই ক্ষেত্ৰত কৰিবলগীয়া সকলো কৰ্মৰ কথা আৰু লক্ষণ বিবৰি কওক আৰু নাটঘৰত ভবিষ্যতে মনুষ্যসকলে কি দৰে ৰঙ্গমঞ্চৰ পূজা কৰিব তাকো কওক ।
ইহাদির্নাট্যাযোগস্য কীর্তিতো নাট্যমগুপঃ । তন্মাতসৈৱ তাৱৎ ত্বং লক্ষণং বক্তুমর্হসি ।।
নাট্যানুষ্ঠানৰ আদি হ'ল ৰঙ্গমঞ্চ, গতিকে প্রথমে মঞ্চৰ লক্ষণ সম্বন্ধে আপোনাৰ পৰা জনা উচিত ।
তেষাং তু ৱচনং ভ্ৰুত্বা মুনীনাং ভৰতোহৱবীৎ । লক্ষণং পূজনং চৈৰ শ্ৰুয়তাং নাট্যাৱশ্মনঃ ।।
মুনিসকলৰ কথা শুনি ভৰতে কলে নাটঘৰৰ পূজা আৰু লক্ষণ সম্বন্ধে কও শুনক । দিৱ্যানাং মানসী সৃষ্টিগৃহেৰূপৱনেষু চ ।
নৰানাং যত্নতঃ কাৰ্য্যা লক্ষণাভিহিতাঃ ক্রিয়াঃ ।।
দেৱতাসকলৰ মানসী সৃষ্টি (মনৰ বিকাশ) ঘৰ আৰু উপবনত হয়। মানুহৰ যত্নত শাস্ত্রোক্ত লক্ষণযুক্ত কর্ম সম্পাদিত হয় ।
ক্রয়তাং তদ্যথা যন্ত্র কর্তবো নাট্যমণ্ডপঃ ।
তস্য ৱাণ্ডু চপূজা চ যথা ৰোজ্যা প্ৰযত্নতঃ ।।
গতিকে, নাটঘৰ কেনেদৰে ক'ত কৰা উচিত আৰু তাৰবাবে বাস্তু (ঘৰবাৰী), भूया কেনেকৈ কৰিব লাগে সেই বিষয়ে কওঁ শূনক ।
৭-৮(ক)। ইহপ্রেক্ষাগৃহাণাং তু ধীমতা ৱিশ্বকৰ্মনা । জিৱিধঃ সন্নিৱেশন্ড শাস্ত্ৰতঃ পৰিকল্পিতঃ ।। বিকৃষ্টচতুৰস্ৰশ্চ ভ্ৰস্ৰশ্চৈৱ হি মণ্ডপঃ ।
এই বিষয়ে বুদ্ধিমান বিশ্বকৰ্ম্মাই শাস্ত্রবিধিমতে, ৩ বিধ ৰঙ্গমঞ্চৰ পৰিকল্পনা কৰিছে । যেনে বিকৃষ্ট (বৃহৎ আকাৰৰ) চতুৰষ (চতুষ্কোণ) আৰু ভ্ৰস্ৰ (তিনিকোণীয়া) ।
৮(খ)-১০। তেষাং ব্রীণি প্রমাণানি জ্যেষ্ঠং মধ্যং তথাহৱৰম্ । প্রমাণমেষাং নির্দিষ্টং হন্তদণ্ডসমাম্ৰয়ম্ ।।
শতং চাষ্টৌ চতুঃষাষ্ঠিৰ্দ্ধাত্রিংশচ্চেতি নিশ্চিতঃ ।। অষ্টাধিকংশতং জ্যেষ্ঠং চতুঃষষ্ঠিন্তু মধ্যমম্ । কর্ণীয়ন্তু তথা বেশ্বহস্তা দ্বাত্রিংশদিষ্যতে ।।
মঞ্চসমূহ জোখ অনুসাৰে তিনিবিধ, জ্যেষ্ঠ, মধ্যম আৰু অবৰ । হাতৰ আৰু দণ্ডৰ জোখেৰে ইহঁতৰ জোখ এনেদৰে স্থিৰ কৰি দিয়া আছে। সেই জোখকেইটা ব্রুমে ১০৮, ৬৪ আৰু ৩২ হাত । অর্থাৎ ১০৮ জ্যেষ্ঠ, ৬৪ মধ্যম আৰু ৩২ হ'ল কনিষ্ঠ মঞ্চৰ জোখ ।
দেবানাং ভৱনং জ্যেষ্ঠং নৃপানাং মধ্যমং ভবেৎ । শেষানাং প্রকৃতীনাং তু ৰুৰ্ণীয়ঃ সংৱিধীয়তে ।।
জ্যেষ্ঠ হ'ল দেৱতাৰ ৰঙ্গমঞ্চ, মধ্যম ৰজাৰ মঞ্চ আৰু বাকী সাধাৰণ মানুহৰ বাবে কনিষ্ঠ ৰঙ্গমঞ্চৰ বিধান কৰা হৈছে ।
১২-১৬। প্রমাণং যজ্ঞ নির্দিষ্টং লক্ষণং বিশ্বকৰ্মনা । প্রেক্ষাগৃহাণাং সর্বেষাং তচ্চৈৱ হি নিবোধত ।। অনূজশ্চ বালশ্চ শিক্ষা য়ূকা যৱস্তথা। অঙ্কুলং চৈৱ হন্তশ্চ দণ্ডশ্চৈৱ প্ৰকীৰ্তিতঃ ।। অণৱোহষ্টৌ ৰজঃ গ্ৰোক্তং তান্যচৌৱালউচ্যতে । ৱালান্তুচৌ ভৱেগিক্ষা মূকা লিক্ষাষ্টকং ভবেৎ ।। যুকান্তুষ্টৌ যৱো জেয়ঃ যৱান্তুষ্টৌ তথাঙ্গুলম । অঙ্গুলানি তথা হস্তুশ্চতুৱিংশতিৰুচ্যতে ।। চতুৰ্হন্তো ভৱেদ্দণ্ডো নির্দিষ্টন্তু প্ৰমাণতঃ । অনেনৈৱ প্ৰমাণেন রক্ষ্যামেষাং ৱিনিৰ্ণয়ম্ ।।
সকলো শ্ৰেণীৰ ৰঙ্গমঞ্চৰ বাবে নিৰ্দ্ধাৰিত পৰিমাণ আৰু লক্ষণ বিশ্বকৰ্মাই যেনেদৰে বর্ণাইছে, সেই বিষয়ে শুনা । এই পৰিমাপৰ (একক) অনু, ৰজ, কাল, লিক্ষা, মূকা, যৱ, অর্জুন, হন্ত, আৰু দণ্ড নামে কথিত হয়।
| pdf |
a20fb81861082c729ff22e9e5251833b726dc22c483d4252d0946b1f8e61c569 | লুইতৰ মোহ
সিহঁতে কয় মই হেনো বলিয়া। মোৰ ৰোজে বি বিকৃতি ঘটিছে। মোৰ কিন্তু ধাৰণা অন্যৰূপ । সিহঁতে মোৰ কথাবিলাকক প্রহ্লাগ বোলে। সিহঁতে ক'লৈই হ'ল নে ব্লা বু ? যি কথাটোৰ প্ৰত্যক্ষ প্রমাণ পাইছোঁ, দেহেমনে সঁচা বুদ্ধি সেইটো কিছুমান ধাৰণা শক্তিহীন মানুহৰ কথাতে মই অবিবাদ কৰিব পাৰেীনে? কিন্তু মোৰ কথা কোনে শুনে? ফোনে খুঁজে?
সি বি হওক বাক । মই আজি মোৰ জীৱনৰ কাহিনীবিলাক ক'ম । সেই ঘটনাটোৰ কথাও ক'ম। যি ঘটনাটোত মোৰ সোঁত বেলেগ পিনে বোৱাই দিলে। মনত মোৰ সংরপূর্ণ ি অঙ্কুৰ গিতি কৰিলে।
মোৰ জীৱন কাহিনী শুনিবৰ ঔৎসুক্য বা খাতা যে আনৰ নহ'বও পাৰে, সেইটো মই জানো। কিন্তু তথাপি ই कাগিব । কাৰণ মোৰ মনৰ বিচাৰ বুদ্ধি, ধাৰণা, চিন্তা, এইবিলাক সংসাৰৰ আণত মোকোম্বাই নিদিয়াকৈ, মোৰ অস্থিৰ, সংশয়পূর্ণ মনটো নিঃসংশষ নহয়। হিৰতাও লাভ কৰিব পৰা নাই। মোৰ একান্ত মিনতি, কোনোৱে যেন ইয়াক সম্পূৰ্ণৰূপে নুখনাকৈ, নুবুজাকৈ, বতিয়াৰ বলিয়ালি বুলি উষাই নিদিয়ে। প্রথমে শুনি লৈ তাৰ পাছত হয়ে যি ভাবে ভাবি থাকিব। মোৰ ভাত কোনো প্রাভালাভ নাই
দেউতা আহিল উচ্চপদস্হ ৰাজবীয়া কৰ্মচাৰী। তেখেতৰ বেছিভাগ কামেই আহিল বৃহিষ্ণুষা1 নিজৰ কৰ্মস্হান খুব কম সমतহ বি ৈগাইছিল। দেউতাৰ ne भरमांना লগত ঠ ঠ েবि ফুৰিছ।ে। अতে आई कार लस দেউতাৰ লগতে মই ভাঙৰ হৈছে। সেটডাইড অতিরিক্ত মোন খান কাৰো গত এৰি থৈ নিশ্চিন্ত হব নোৱাি
ভোমণৰো । ফুঝাব জেগে মোৰ
| pdf |
Subsets and Splits