doc_id
large_stringlengths 32
64
| text
large_stringlengths 0
560k
| type
large_stringclasses 3
values |
---|---|---|
25db4d6932b54c0310fc6d9441b82ab6 | ২৫ জুলাইত বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল উকলি যাব। তাৰ পূৰ্বে দেশত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ বাবে নিৰ্বাচন আয়োগে তাৰিখো ঘোষণা কৰিছে। ১৮ জুলাইত ভোটগ্ৰহণ, ২১ জুলাইত গণনা। ইয়াৰ পিছত ভাৰতৰ ষষ্ঠদশ ৰাষ্ট্ৰপতি কোন বুলি সুধিলে আপুনি হয়তো লিখিব লাগিব বা ক'ব লাগিব এগৰাকী খানৰ নাম। ইতিমধ্যে ৰাজনৈতিক মহলত, সামাজিক মাধ্যমত ইয়াক লৈ গুণা-গথা আৰম্ভ হৈ গৈছে। মিষ্টাৰ খান। মানে কোনোবা এগৰাকী মুছলমান লোক হ'ব ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি। এই খান জন এতিয়াৰ কেৰালাৰ ৰাজ্যপাল। ড০ আৰিফ মহম্মদ খান।
বৰ্তমান কেৰালাৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা আৰিফ মহম্মদ খানৰ ৰাজনৈতিক কেৰিয়াৰ দীঘলীয়া। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ নেতা হিচাপে ৰাজনীতিত ভৰি থোৱা খানে ১৯৮০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল। অৱশ্যে, ১৯৮৬ চনত শ্বাহ বানু গোচৰক লৈ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে তেওঁৰ মুকলি বিষোদগাৰ তেতিয়াৰ চৰ্চিত বিষয় আছিল।
ইয়াৰ পিছত বিভিন্ন সময়ত আৰিফ মহম্মদ খানে ৰাজনৈতিক আৰু উগ্ৰ ইছলামৰ বিৰুদ্ধে এক আদৰ্শগত যুদ্ধৰ নেতৃত্ব দি আহিছে। সেই কথা ৰাজনীকিৰ ভু-ৰখা সকলে জানে। তেওঁ ২০০৪ চনত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল তাৰ পিছৰখিনি ইতিহাস, আৰু এতিয়া পুনৰ চৰ্চালৈ আহিছে এই মিষ্টাৰ খানৰ নাম। কাৰণ ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ বাবে বিজেপিক এতিয়া লাগে এগৰাকী মুছলমান ব্যক্তি। পাতনিতে কৈছো, তেওঁ এতিয়া কেৰালাৰ ৰাজ্যপাল। ২০১৯ চনৰ পৰাই এই পদত আসীন হৈ আছে তেওঁ।
এই মানুহজন মুছলমানসকলৰ মাজত সংস্কাৰৰ এক শক্তিশালী কণ্ঠ হিচাপে পৰিচিত হৈ আহিছে আৰু শেহতীয়াকৈ দেশৰ সাম্প্ৰদায়িক পৰিৱেশ নিতৌ অৱনমিত হোৱা, অনাগত লোকসভা নিৰ্বাচনত মুছলমানৰ আস্থাজয় এই আটাইবোৰ সাতে-পাচে মিলাই আৰিফ মহম্মদ খানক ৰাষ্ট্ৰপতি হিচাপে বিচাৰিছে বিজেপিয়ে।
ৰাষ্ট্ৰপতি খান?
Search for:
| web |
8a2241c02b7e51af4d94808e59d40af001d5633e | ভাৰতীয় জনতা পাৰ্টিৰ পশ্চিম কাৰ্বিআংলং জিলা সমিতিৰ কাৰ্যনিৰ্বহক সভা খন আজি ৫নং ৰংখাং পৰিষদীয় সমষ্টিৰ দলনীত অনুষ্ঠিত হয় । পশ্চিম কাৰ্বিআংলং জিলাৰ দলনীস্থিত ৰাজহুৱা মুকলি মঞ্চৰ প্ৰাঙ্গনত পুৱা ৯ বজাত জিলা বিজেপিৰ সভাপতি ৰূদীপ ৰংহাঙে পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰে দিনযোৰা অনুষ্ঠিত হোৱা সভাখনিৰ । জিলা সভাপতি ৰূদীপ ৰংহাঙে পৌৰোহিত্ব কৰা উক্ত সভাখনিতমুখ্য অতিথি হিচাপে উপস্থিত থকে সাংসদ হৰেণ ছিং বে' ।
ভাষণত সাংসদ হৰেণছিং বে য়ে কয় যে, "আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়েই জয়ী হব। পাহাৰত পদুম ফুলিবলৈ সময় নালাগে। ভৈয়ামতকৈ পাহাৰতহে কম সময়তে পদুম ফুলে। তিনিওখন পাহাৰীয়া জিলাতে সাংসদ,বিধায়ক,পৰিষদীয় সদস্য সকলো বিজেপি দলৰে আছে । সেয়ে সন্মুখত আহি থকা বিধানসভা নিৰ্বাচনটো বিজেপি দলেই জয়ী হব। অৱশ্যে সেই বুলিয়েই হাত সাবতি বহি থাকিলেও নহব। | web |
b1a7b96382f22cd57ba09681ccffc1ba8ed1d7223eddb87e9963cf00a0d17206 | শান্তিবাদী, সমাজতন্ত্রী আদি সকলৰ পক্ষেই সাম্রাজ্য ৰক্ষাৰ ই পথ হৈ পৰিছে। ট্রটস্কিয়ে কৈছে - "শাসক জাতিৰ প্রচলিত ব্যৱস্থা ৰক্ষা কৰাৰ আকাঙ্ক্ষা 'জাতীয়তা'ত কৈয়ো ওখ ভাবৰ ঢাকনি স্বৰূপে প্ৰকাশ পায়; যেনেকৈ বিজয়ী জাতিরে লাট-পাত কৰি পোৱা ধন-সম্পত্তিখিনি হাত কৰি লৈ সহজেই শান্তিবাদী হৈ পৰে।" এনেকৈ গান্ধীৰ সমূখত মেকডোনাল্ডে নিজকে আন্তর্জাতিকতাবাদী বলি ভাবিছে।
ৰাজনৈতিক স্বাধীনতা লাভ কৰিলে ভাৰতত কি হ'ব, কি কৰিব মই নেজানো। কিন্তু মই এইটো জানো যে, আজি যিসকলে জাতীয় স্বাধীনতাৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে বহল আন্তর্জাতিকতাতো বিশ্বাস কৰে। সমাজতান্ত্রিকৰ ওচৰত জাতীয়তাবাদৰ কোনো অর্থ নাই, কিন্তু সমাজতান্ত্রিক নোহোৱা কংগ্ৰেছপন্থীও বহৃত আছে, যিসকলে আন্তর্জাতিকতা ভাল পায়। আমি জগতৰপৰা বেলেগ হ'বলৈ স্বাধীনতা বিচৰা নাই। বৰং আন্তর্জাতিক ব্যৱস্থা যাতে সচাকৈয়ে ভাল হয়, তাৰ কাৰণে আন আন দেশৰ লগত সমানভাৱে আমিও স্বাধীনতাৰ কিছু অংশ ত্যাগ কৰিবলৈ সাজ, আছোঁ। কিন্তু সকলো সাম্রাজ্যবাদী পদ্ধতিয়েই তাক তেহেলৈ যি নামকে নিদিয়ক, সেই ধৰণৰ ব্যৱস্থাৰ বিৰোধী আৰ, তাৰম্বাৰা কেতিয়াও আন্তর্জাতিক সহযোগিতা বা জগতত শান্তি স্থাপনৰ সম্ভাৱনা নাই।
আজি-কালিৰ ঘটনাৰ গতিৰপৰা পৃথিৱীৰ সকলোতে দেখা গৈছে যে সাম্রাজ - বাদী শক্তিবিলাক রুমে অর্থনৈতিক সাম্রাজ্যবাদৰম্বাৰা আত্ম-নিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিব লাগিছে। আন্তর্জাতিকতাৰ প্ৰসাৰ আৰ, পৰিপষ্টিৰ পৰিৱৰ্ত্তে আমি তার বিপৰীত গতিকেহে দেখা পাইছোঁ। ইয়াৰ কাৰণ বিচাৰি পোৱা বৰ টান নহয়, বর্ত্তমান অর্থনৈতিক অৱস্থাৰ সি দৰ্ব্বলতাৰেই চিনাকি দিয়ে। এই নীতিৰ ফলত সাম্ৰাজ্যৰ মাজত বেহা-বেপাৰৰ সহযোগিতা বেচি হ'লেও ইয়াত জগতৰ বাকী অংশৰপৰা বেলেগ হৈ যোৱাৰ চেষ্টাৰো অভাৱ নাই। ভাৰতত আমি 'অটুওৱা চুক্তি' আৰ, আন আন চুক্তি দেখিছোঁ - তাৰ ফলত বিভিন্ন দেশৰ লগত সম্পৰ্ক আৰু, আদান প্রদান ক্ৰমে ক্ৰমে কমি গৈছে। আমি আগতকৈ বটিছ বাণিজ্য-নীতিৰ হাতলৈ মখলৈ বেচিকৈ চাবলৈ লৈছোঁ। সোনকালে যে ইয়াৰপৰা অনিষ্ট হ'বই ভৱিষ্যতেও ইয়াৰ ফল ভয়াবহ। এইদৰে ঔপনিৱেশিক স্বায়ত্তশাসন স্বতন্ত্রতাৰ পথ, আন্তর্জাতিকতাৰ পথ নহয়।
কিন্তু আমাৰ উদাৰপন্থী বন্ধসকলৰ বৃটিছৰ নীলা চছমাৰ মাজেদি জগতকবিশেষকৈ তেওঁলোকৰ স্বদেশক দেখাৰ এটা আচৰিত অভ্যাস আছে। কংগ্ৰেছে কি কয়, কিয় কয়, তেওঁলোকে তাক বাজিবৰ চেষ্টা নকৰে। তেওঁলোকে বৃটিছৰ পৰণি ভুক্তি বাৰে বাৰে উল্লেখ কৰি কয় - স্বাধীনতা ঔপনিৱেশিক স্বাধীনতাৰ তুলনাত অভি ঠেক। আন্তর্জাতিকতা বদলিলে তেওঁলোকে অতি বেচি লণ্ডনৰ বৃটিছ অফিচটোকে বজায় । আন আন দেশৰ বিষয়ে তেওঁলোক গভীৰভাৱে অজ্ঞ। ইয়াৰ কাৰণ ভাষাৰ বিভিন্নতা, তাৰ উপৰি তেওঁলোকে উদাসীন হৈ থাকিয়েই ভাল পার। তেওঁলোকে নিশ্চয় ভাৰতত পোনপটীয়া সঙ্ঘর্ষ বা আক্রমণশীল ৰাজনীতি ভাল নেপায়। পিচে বিস্ময়ৰ বিষয় হল, এই দলৰ কেইজনমান নেতাই আন দেশত তেনেকুৱা পদ্ধতি অৱলম্বন কৰিলে আপত্তি নকৰে। দূৰৰপৰা তেওঁলোকে তাৰ প্ৰশংসা কৰে আৰ,
| pdf |
67003b817c579069d3aa95ad8863913bd8c48453 | ইটোৰ পিছত সিটো খবৰৰ সৈতে চচিয়েল মিডিয়াত চৰ্চা হ'বলৈ লৈছে নৱ বিবাহিত নেহা কক্কড় আৰু ৰোহনপ্ৰীতৰ যুঁটি। শেহতীয়াকৈ অহা আন এক সুখবৰে আকৌ এবাৰ টোকৰ মাৰিছে যুঁটিটোৰ দুৱাৰ ডলিত। নেহা কক্কড় আৰু ৰোহনপ্ৰীতৰ জীৱনলৈ আহি আছে এগৰাকী নতুন আলহী; হয় আপুনি ঠিকেই শুনিছে। নেহা কক্কড়ৰ হৈছে গৰ্ভৱতী আৰু তেওঁৰ এই খবৰে উৎসাহিতও কৰি তুলিছে তেওঁৰ অনুৰাগীক। নেহাই নিজৰ এই খবৰটো প্ৰকাশ কৰাৰ লগতে ইনষ্টাগ্ৰাম তেওঁৰ এই ফটোখনত বিভিন্ন জনে বিভিন্ন ধৰণে কমেন্টো কৰা দেখা যায়। আনকি, তেওঁৰ ভাতৃ অৰ্থাৎ টনী কক্কড়েও কমেন্ট কৰি জনায় যে তেওঁ মামা হোৱাৰ পথত। ৰ'ব; আপুনিও হয়টো এনেকৈয়ে ভাবিছিল নহয়নে? কিন্তু, এয়া আছিল এক পাব্লিচিটি ষ্টাণ্ড; অহা ২২ তাৰিখে উক্ত বিবাহিত যুঁটিটোৰ কন্ঠৰে মুক্তি লাভ কৰিব এটি নতুন গীত "খেয়াল ৰাখিয়া কৰ"। | web |
8ff5a0ea368b0f92c6af66b553a54f57f0d30fdc | সাত ফুট এক ইঞ্চি ওখ ! আপুনি পৃথিৱীৰ আটাইতকৈ ওখ ক্ৰিকেটাৰজনক জানেনে ?
এই পাকিস্তানী খেলুৱৈজনৰ সঁচাকৈয়ে তামান্না ভাটিয়াৰে বিয়া ঠিক হৈছিল নেকি ?
প্ৰথমবাৰৰ বাবে ৮০০ৰাণ সংগ্ৰহৰ পিছতো ইংলেণ্ডৰ বিৰুদ্ধে পৰাজিত হ'ল পাকিস্তান!
ইংলেণ্ড বা পাকিস্তান. . . ৱেষ্ট ইণ্ডিজৰ বিশ্ব ৰেকৰ্ড কোনে স্পৰ্শ কৰিব ?
পাকিস্তানে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ বাবে কিয় প্ৰাৰ্থনা কৰিব ?
বাবৰৰ দেশলৈ নাযায় ভাৰত ! পাকিস্তানৰ পৰা এছিয়া কাপ স্থানান্তৰ হ'ব নেকি ?
WTC: পাকিস্তানৰ পৰাজয়ে লাভান্বিত কৰিছে নেকি ভাৰতক ? Top-5 ত কি পৰিৱৰ্তন ?
বাবৰৰ সন্মুখত নিষ্প্ৰভ কোহলী, ক্ৰিকেটত ভাৰতক অতিক্ৰম কৰিলে পাকিস্তানে! | web |
3fea7d7a15640fa9e4e3ec48e12b44c7e5aeaa8a | কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আকৌ এবাৰ ভাৰতৰ সবাতোকৈ শক্তিশালী মহিলা হিচাপে স্বীকৃত হ'ল । বিশ্বখ্যাত আলোচনী 'ফ'ৰ্বছ'ৰ শেহতীয়া প্ৰকাশিত বিশ্বৰ সবাতোকৈ শক্তিশালী ১০০ মহিলাৰ তালিকাত ৩৭ সংখ্যক স্থান লাভ কৰিলে সীতাৰমণ ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ফৰচুন ইণ্ডিয়াই প্ৰকাশ কৰা শক্তিশালী মহিলাৰ আন এখন তালিকাত শীৰ্ষ স্থান লাভ কৰিছিল ভাৰতৰ বিত্তমন্ত্ৰীগৰাকীয়ে । ফ'ৰ্বছৰ এশজনীয়া বিশ্বৰ সবাতোকৈ শক্তিশালী মহিলাৰ তালিকাত আন দুগৰাকী ভাৰতীয় মহিলাও স্থান লাভ কৰিছে ।
সীতাৰমণৰ লগতে ৰৌচনী নাডৰে ৫২ সংখ্যক আৰু ফাল্গুনী নায়াৰে ৮৮ সংখ্যক স্থান লাভ কৰিছে । বিশ্বৰ শক্তিশালী মহিলাৰ এই তালিকাত শীৰ্ষ স্থান লাভ কৰিছে এমেজনৰ স্বত্বাধিকাৰী জেফ বেজ'ছৰ প্ৰাক্তন পত্নী মেকেঞ্জী ষ্টকে । আনহাতে, দ্বিতীয় স্থানত আছে ভাৰতীয় মূলৰ মাৰ্কিন উপ-ৰাষ্ট্ৰপতি কমলা হৰিছ । | web |
7d1fb205708296e35dd0de0e7a44319e8caf38b4 | ৰঙিয়াঃ টীয়কৰ চাহ বাগানত চিকিৎসক ডাঃ দেৱেন দত্তক কৰ্তব্যত থকা অৱস্থাতে এদল দুৰ্বৃত্তই প্ৰহাৰ কৰি হত্যা কৰাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যতে চিকিৎসকসকলে আজি কৰ্মবিৰতি পালন কৰে। সৰ্বভাৰতীয় চিকিৎসা সেৱা সন্থাৰ আহ্বান মৰ্মে ৰাজ্যিক চিকিৎসা সেৱা সন্থাৰ নিৰ্দেশ মৰ্মে ৰূপায়িত হোৱা কৰ্ম বিৰতি কাৰ্যসূচী আজি ৰঙিয়াতো পালন কৰা হয়। ৰঙিয়া সামূহিক চিকিৎসালয়, ৰঙিয়া মডেল হাস্পতাল আৰু ৰঙিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসকসকলে জৰুৰী সেৱাৰ অব্যাহত ৰাখে যদিও আন চিকিৎসাসমূহ বাতিল কৰি কৰ্মবিৰতি পালন কৰে। | web |
cb1fee0d25d5d7d6fb49e040c48e97ae684e47731c18c05d48c74ebf4f625f1b | -ত্রয়োদশফেব্ৰুৱাৰী ১০ তাৰিখৰ পৰা দিনবোৰ যেন বৰ খৰকৈ যাবলৈ ধৰিলে। ১০, ১১, ১২-এনেকৈ কেলেণ্ডাৰ্বখনত থকা তাৰিখবোৰ ইখিলাৰ পৰা সিখিলা যেন পট্-পট্কৈ চকৰি ঘূৰাৰ দৰে ঘূৰি আহি ২৬ ফেব্ৰুৱাৰী তাৰিখৰ দিন। অলপ পৰ থমকি বল। ওৱাল-ক্লকটোৰ দহ বজাৰ টং টং শব্দ যেন আজি জোৰকৈয়ে বাজি উঠিল। দূৰৈৰ পৰা 'ব্ৰহ্মপুত্ৰ বেঙ্ক লিঃ'ৰ চাইনবৰ্ডখন দেখিবলৈ পোৱা গ'ল। অচি ৰুমটো কিছু ডাঙৰ, তাতেই আজি পৰিচালক সকলৰ মিটিং। বেঙ্কৰ আনফালে কাউণ্টাৰৰ ভিতৰত বহি কেৰাণীসকল ব্যস্ত, একাউন্টেট, এজেণ্টৰ আজি কৰ্ম্মব্যস্ততাৰ হেতু মূৰ দাঙি চাবলৈকে। সময় নাই। তেওঁলোকৰ মনৰ ভাব চকুৱে মুখে বিৰিঙি উঠে - "আজি নো কি গতি লয়" । ভিতৰৰ পৰা বাহিৰত যে কিবা এটা গণ্ডগোল হৈছে তাৰ শব্দ স্পষ্টকৈ শুনা যায়। বাহিৰত লোকে লোকাৰণ্য, বহুত ৰকমৰ মটৰ গাড়ী, জিপ গাড়ী, ৰিক্সা, বাইচাইকেলেৰে ট্রাঙ্ক ৰ'ডটো উপচি পৰিল ! বিৰ দি বাট পাবলৈ নাই - দক্ষি নাই। আগ বাঢ়ি যাবলৈ হলে ঠেলা-হেঁচা কৰিব লাগে। কাউণ্টাৰৰ সমুখলৈকে কোন আগতে যাব, তাৱে আগ্রীণ চেষ্টা কৰি, মাজে মাজে, জুম বদ্ধা মানুহৰ ভিতৰত পৰিয়াসাত ৰঙৰ নতুন কাৰেং
অৰিও লাগি গৈছে। এই সকল বেঙ্কৰ ডিপজিটৰ : আন আন কাষে, ৰং চাবলৈ আৰু বেঙ্কৰ গতিনো কি হয় বুলি চাবলৈ অহা দৰ্শকৰে পৰিপূৰ্ণ। পুলিচে কাকো শাসন কৰিব পৰা নাই। সকলোৱে নানা কথা পতাত স্পষ্টভাবে কোনে কি কৈছে বুজা নাযায়, কেৱল মাত্ৰ শব্দৰ ৰোল উঠে হৰেক ৰকমৰ । ওচৰত থকা দুই-এজনে কথা পতাৰ পৰা বুজা যায় যে তেওঁলোকে তেওঁলোকৰ টকাখিনি এই বেঙ্কৰ পৰা নি অন্য বেঙ্কত বা পোষ্ট-অফিচত জমা থব। কোনোৱে বৰ অনিশ্চিত ভাবে কিনো হব বুলি ভাবি হা-হুতাশ কৰে আৰু কয় "তেজক পানী কৰি অৰ্জা টকা ইহঁতৰ বুকতে লীন গল।" ওচৰতে লাখুটিত ভৰ দি থকা আদহীয়া ৰুঢ়ী এজনীয়ে কয়, "এৰা বোপাই ! ইহঁতৰ একো নাই, টকা বুলিলে সকলো কৰিব পাৰে। কাপোৰ বেচি যি দুই এপইচা পাওঁ, ইয়াতে জমা থৈছিলোঁ; মোৰ সকলো গল" বুলি নিজৰ কপাল চুলে। হা-হুতাশ, হুমুনিয়াহ, আশানিৰাশাৰ একো একোটি ছবি যেন সকলোৱে লৈ ফুৰিছে। কিছুমান দুৰন্ত আৰু বজাৰৰ বেপাৰীয়ে হুলস্থুল আৰম্ভ কৰি "বেঙ্ক ভাং ভাং" বুলি ইটা, শিলগুটি লৈ দলিয়াবলৈ আৰম্ভ কৰিলে। পুলিচ আগবাঢ়ি গল। কাউণ্টাৰৰ ওচৰত মানুহ ওপৰা-ওপৰি হৈ হেঁচা-ঠেলা লগালে। কোন ফালে কি হৈছে তাৰ কথা কোনেও একো নাজানে - কেৱল এটা হুলস্থুল। কিছুমানে মানুহৰ তলে তলে সৰকি মিটিং কমটোৰ পৰজাখন
সবলে ঢকিয়াবলৈ ধৰিলে আৰু চিঞৰি চিঞৰি কলে "আমাক টকা লাগে । আমাক টকা লাগে।"
বেঙ্কৰ এজেণ্ট সাহিয়াল এজন ডেকা কৰ্ম্মী। তেওঁ বেঙ্কৰ পৰা ওলাই আহি বিশৃঙ্খল জনতাক সম্বোধি কলে "ৰাইজ, আপোনালোকে গণ্ডগোল নকৰিব। যাৰ যিমান টকা আছে সেই অনুপাতে চেক কাউণ্টাৰত দিয়ক, আমি টকা ১।।০ বজাৰ আগতে আদায় কৰি দিম। আপোনালোকে এনেতে পিচফালৰ পৰা কিছুমানে টিটকাৰি
দি চিঞৰি উঠিল - "টকা খাই এওঁলোকে আকৌ টকা। দিব। এইদৰে হোজ। অসমীয়। ৰাইজক এওঁলোকে চলি চলি তলি উদং কৰিলে।"
বাহিৰত এনেদৰে গণ্ডগোল চলিয়েই থাকিল । ষি সকলৰ একাউণ্ট আছিল তেওঁলোকে সৰল ভাবে টকা 'পাম বুলি আশা কৰি চেক লেখিবলৈ লাগি গল। বাটৰ ওপৰত, মটৰ গাড়ীৰ বৰ্ডিত, ইজন সিজন মানুহৰ পিঠিত চেক বহী ৰাখি, সঠিককৈ চহাঁটে। আৰু তাৰিখটো লিখিবলৈ ধৰিলে । কাউণ্টাৰৰ কেৰাণীয়ে চেক সংগ্ৰহ কৰি একাউণ্টেটক দিবলৈ ধৰিলে। ১০-৩০ মিনিটত চেকৰ অঙ্কৰ সংখ্যা উঠিল ৫০ হাজাৰ, সেইদৰে চাৰে বাৰ বজালৈ ১৪ লাখ টকালৈকে উঠিল। মিনিটে মিনিটে টকাৰ সংখ্যাও বাঢ়ি গল। সিফালে অফিচৰ কোঠাটোতে মিটিং বহিছে বেঙ্কৰ ৭ জন ডিক্টেৰৰ সৈতে। সকলোৰে ভাৰ গহীন চঞ্চ
আৰু উত্তেজনাৰ ভাব পৰিষ্কাৰ ভাবে ফুটি ওলাইছে। মেনেজিং ডিৰেক্টৰ বৰুৱাই কি কৰিব কি নকৰিব এনে ভাবে ঘড়িটো বাৰে বাৰে চাই কয় "মোৰ টকা আহি পাবই লাগিছিল, ইমান পলম কিয়?" বেঙ্কৰ ফ'নটো ধৰি, নম্বৰটো মিলাই, বৰুৱাই কেবাবাৰে। "হ্যালো, প্রবীণ ঘৰত আছেনে নাই?" - "নাই" বুলি উত্তৰ অহাত তেওঁ বিৰক্তিৰে ফ'নটো থৈ মূৰৰ চুলিবোৰত হাত বুলাৰলৈ লাগিল । এজন ডিৰেক্টৰে কলে - "এই গণ্ডগোল হল কিয়?" আন এজন ডিৰেক্টৰে কলে - 'গুজব ; গুজৰ বেয়া ভাবে প্ৰচাৰ হলে সকলো সন্দিহান হয়, তাৰ ফল বিষময়। এই টকা নিয়া যদি বন্ধ কৰিব নোৱাৰি তেন্তে বেঙ্ক তিষ্ঠি থকাই টান হব । ইয়াৰ বাতৰি আন আন ঠাইত ওলালে, সেইদৰে তাতো একে ফলেই ফলিব।" উপায় !!! সকলোৱে ইজনে সিজনৰ মুখলৈ চাই ভাবে "উপায়" ! তেওঁলোকৰ মুখ অন্ধকাৰ হয়। আজি জাতিটোৰ এটি জীৱন-মৰণৰ সমস্যা। এই সমস্যাৰ সমাধান কেনেকৈ হব? চিন্তা আৰু বিশেষ চিন্তা! কেনেকৈ উদ্ধাৰ পাব ? দ্বাৰ পাব ? কোনে উদ্ধাৰ কৰিব ?
বাহিৰত এনেতে হঠাৎ সুন্দৰ ৰটৰ এখনৰ পৰা ৰবীন প্রবীণ নামিল। প্রথমে বেঙ্কৰ আগত ইমান মানুহ দেখি তেওঁলোক আচৰিত হল। মানুহৰ মাজে মাজে ধীৰে ধীৰে তেওঁলোক ৰেঙ্কৰ ফালে আগ বাঢ়িল। তেওঁলোকক
দেখি প্ৰায়বোৰে চিঞৰি উঠিল "অ' এইবাৰ বেঙ্কৰ ফালেই হলেই। এওঁলোকে চেক দিলে, বেঙ্কৰ দহ হাতলৈকে মাটি খানিলেও পূৰ্ণ নহব।" কিছুপৰ শাম কাটি থকা জনতাই কদেঁ। বাহত জুই লগাৰ দৰে ভেঁাঁভোৱাই উঠিল। ৰবীনে মানুহবোৰক ইঙ্গিত দিলে কিছু পৰ শান্ত হবলৈ। ৰবীন, প্রবীণ মিটিং হোৱা ৰুমটোত সোমাল। ১'বাজি ১৫ মিনিট যোৱাত টকাৰ সংখ্যা উঠিল ১ লাখ ৭৫ হাজাৰ। ৰবীন প্রায় ১৫ মিনিটমান যোৱাৰ পাছত হাতত এখন চেক লৈ বাহিৰৰ ফালে ওলাই থকা কাউণ্টাৰত উগ্ৰ ৰুদ্ৰ জনতাৰ সম্মুখীন হৈ নিৰ্ভীক ভাৱে থিয় দিলে। সকলোৰে চকু তেওঁৰ ওপৰত পৰিল। তেওঁনো কি কয় বুলি ভাবি সকলো নিস্তব্ধ হল। ৰবীনে অটল বিশ্বাসেৰে সৰল ভাবে কলে - "বাইজ, এই বেয় ফেইল নকৰে। কিয়নো চাওক এইখন চেক, বেঙ্গল ইউনিয়ন বেঙ্কৰ ওপৰত মই দিছে। ২ লাখ টকাৰ। তাৰ সমুদায় টকা মই নিজে আজি তাৰ পৰা উলিয়াই ইয়াত জমা কৰিবলৈ মনস্থ কৰিছোঁ। মই যদি ইমান টকা বিশেষকৈ আজিৰ দিনত, যিদিনা আপোনালোকে টকা উঠাই নিবলৈ আহিছে, সেইদিনত জমা থবলৈ আহিছোঁ, মোৰ এই বেঙ্কৰ ওপৰত কিমান আস্থা আছে, কিমান বিশ্বাস আছে, আপোনালোকে নিজেই বুজিছে। ই আমাৰ অসমৰ গৌৰৱৰ বস্তু। কিয়নো ই আমাৰ একমাত্ৰ জাতীয় সম্পত্তি। এই জাতীয় সম্পত্তিটো আপোনালোকে
গাত ৰঙৰ নতুন কাৰেং
ৰক্ষা নকৰিব নে কি ? ইয়াৰ পতন হলে মোৰ পত্তন, আপোনালোকৰ পতন, গোটেই জাতিটোৰ আৰ্থিক পতন। টকা নিয়াতকৈও আজি আপোনালোকে ইয়াত যেয়ে বিমান পাৰে জমা ৰাখক। টানৰ দিনত টকা খৰচ কৰাটো বুদ্ধিমানৰ কাম নহয়। ইয়াক গঢ়ি তোলক, অসমৰ আৰ্থিক অৱস্থাৰ উন্নতি কৰক। কাৰবাৰ আৰু টকাৰ প্ৰচলন কৰাক।"
বহুতৰ মনলৈ আশা আহিল ; ভাবিলে "হয়তো, ঠিক কথা।" - "আৰু সিফালে চাওক আজি বিদেশী বেষবোৰ অসমৰ টকা, আপোনালোকৰ তেজ গুহি কিমান লৈ গ'ল। তাৰ হিচাব জানো আপোনালোকে কৰিছে ? যোৱা বছৰত অসমৰ পৰ। সেই বেঙ্কবোৰে ২২।।০ কোটি টকা লৈ গল আপুনি মই কৰিলে। কি?"
তেওঁৰ কথাত বহুতৰ বিশ্বাস হ'ল। "হয়তো" কোনোৱে চিঞৰি কবলৈ ধৰিলে "সঁচা, সঁচা, আপুনি কৈছে যেতিয়া আমি টকা ইয়াতেই ৰাখিম" তেওঁলোকে এইদৰে কোৱাত জনতাৰ আনফালেও তাৰ প্ৰতিক্ৰিয়া আৰম্ভ হল। তেওঁ লোকেও ভাবিলে, "সঁচাইতে।"।
লাহে লাহে মানুহ বিলাকৰ উত্তেজনা কমি আহিল। দুই-এজনে মটৰ, জিপগাড়ী চলাই গলগৈয়ে। তেওঁলোকক যোৱা দেখি আৰু কিছু কিছু যাবলৈ ধৰিলে। লাহে লাহে ভীৰ কমি আহিল। শেহত প্রায় দুই-এজনৰ বাহিৰে
অন্য সকলোবিলাক দিহা-দিহি যাবলৈ ধৰিলে। যাওঁতে তেওঁলোকৰ কথাৰ পৰা জনা গল্প যে গুজব শুনিয়েই তেওঁলোক আহিছিল।
ভিতৰত ডিৰেক্টৰ সকলৰ মুখলৈ অলপ জীপ আহিল। সকলোৱে ৰবীনক অশেষ ধন্যবাদ জনালে । ৰবীনক বৰুৱাই অকলে মাতি নি কলে - "ৰবীন। তুমি মোৰ মান সম্মান বংশৰ গৌৰৱ ৰক্ষা কৰিলা।" অস্থিৰ ভাৱনা চিন্তাত আজি অ'তদিন কটাই তেওঁ বহুত ক্ষীণাই গৈছিল। আব্জি যেন অলপ প্রফুল্লিত হল। তেও ৰবীনৰ উদাৰ হৃদয়ৰ পৰিচয় পাই আনন্দতে কলে - "বীন তুমি মহৎ।"
বহু দিনৰ আগৰে পৰা থকা ৰায় বাহাদুৰ বৰুৱাৰ তেক্তত্ চাপ যেন লাহে লাহে বেছি হবলৈ ধৰিলে। অকলশৰীয় জীৱন । তেওঁৰ পত্নী ঢুকুৱাৰ পিচৰ পৰাই, বীণাই তেওঁৰ জীৱনৰ কবিতা আছিল। তায়ে তেওঁৰ মৰহি যোৱা জীৱনটো বহুখিনি জীয়াই ৰাখিছিল। অকণমান ছোৱালীজনী, তাইৰ চঞ্চলতা, কথা বতৰা, জ্ঞানৰ, শিক্ষাৰ তর্ক-বিতর্ক, সমালোচনা - তাই যেনেকৈ তেওঁৰ লগত কৰিছিল, সেইবোৰ আজি ভাবি ভাবি ওৰকে নাপায়। তাইৰ যেন জ্ঞানৰ গভীৰতা তেওঁতকৈও হাজাৰ গুণে বেছি। বছৰ তাই আজি বিদেশত। বীণাক দুৰৈৰ পৰা আজি তেওঁ চাবলৈ পালে। তাইৰ গুণ-গৰিমাৰ কথা তাইৰ অনুপস্থিতিত আৰু যেন বেছিকৈ অনুভৱ কৰিব পাৰিলে। বীণাৰ মাকলৈ তেওঁৰ মনত পৰিলে । নিশ্চল মূৰ্ত্তিৰ দৰে অকলশৰে তেওঁ দিনটো সেইদৰেই কটাই দিয়ে। তেওঁৰ তেনে পৰিবৰ্ত্তন দেখি বহুতেই ভাবে - কিয় বৰুৱা তেনে ভাবে থাকে ? প্রবীণ মাজে মাজে আহি কিছু সময় কটায় । তেওঁক সম্পূর্ণ জিৰণি লবলৈ কৈ যায়হি। তেওঁ এটি আপোন লগৰীয়াক বিচাৰিবলৈ ধৰিলে। বাৰে বাৰে বীণাৰ মাকৰ কথা মনত পৰিল। "দ্বীণাৰ মাক যদি আজি থাকিলহেঁতেন বীণাৰ
কথা শুনি তেওঁ চাগৈ কিমান সুখী হলহেঁতেন। - আৰু ভাবে, বীণাক গুচি আহিবলৈকে লেখিব নেকি ? আৰু ৬ মাহ কেনেকৈ যায় ? এই ৬ মাহ গলেই তাইৰ পঢ়া শেষ হয় ।
পৃথিবী ঘূৰিবলৈ ধৰে - দিনবোৰ, পষেক, মাহবোৰ, ঋতুবোৰ ঘূৰি ঘূৰি আহি ছমাহ পায়হি। বৰুৱাৰ দিনবোৰো যায়। দিনে দিনে কাতৰ হয়, 'ব্লাডপ্ৰেচাৰ' বাঢ়ি আহে অনিশ্চিত মুহূৰ্ত্ত এটাৰ কাৰণে তেওঁ যেন ৰৈ থাকে ।
ভাৰতবৰ্ষৰ সকলে। কাগজ-পত্ৰতে বীণাৰ ছবি ওলাল---- সকলোতে তাইৰ অদ্ভুত প্রতিভাৰ গুণ গৰিমাৰে ভৰা প্রবন্ধ আৰু তাইৰ জীৱনীৰ কিছু পিঠি প্রকাশ হবলৈ ধৰিলে। অসমৰ সকলোতে এই বাতৰি বিদ্যুৎসঞ্চাৰে প্ৰচাৰ হল। সকলোৱে অসমীয়া ছোৱালী এজনীৰ এনে কৃতিত্বৰ কথা পঢ়ি-শুনি ভক্তি আৰু গৌৰৱ অনুভব কৰি কলে'অসমীয়াই উপযুক্ত ক্ষেত্রে পালে ভাৰতবৰ্ষৰ আন প্ৰদেশতকৈ কেতিয়াও পিচ পৰি নাথাকে।' আত্মবিশ্বাসৰ ভাব দকৈ বহি গ'ল। আমি সৰু ভাবৰ কাৰণেই যে আমাৰ এনে গতি, আজি তাক বহুতেই বুজি পালে।
আজি সোমবাৰ - ৭ লিটো দেওবাৰে বীণা আহি পাৰহি। ক্ৰয়ডনৰ পৰা ভাৰতলৈ ৰীণাই ফ্লাই কৰিব । বম্বেত ছদিন থাকি তাই যোৰহাটৰ ৰৰৈয়। এৰোড্ৰম দেওবাৰে ১০-২৫ মিনিট যোৱাত পাবহি বুলি, ৰায় বাহাদুৰ বৰুৱালৈ বাতৰি আহিল। বৰুৱাই বাতৰি পায় আকৌ জী উঠিল। সেই কেই দিন
বৰুৱাই ব্লাডপ্ৰেচাৰৰ চাপটো যেন কিছু কম পাইছে। উঠি বহি ফুৰিবলৈ ধৰিলে - বন্ধু-বান্ধৱ আত্মীয় সকলোকে কৈ কৰিবলৈ ধৰিলে বীণ। দেওবাৰে পাৰহি বুলি। বীণাৰ শোৱা কোঠা, কিতাপৰ আলমাৰি, ডেৰাজ, চকী, টেবুল, মাচীয়। নিজে আগত থাকি চাকৰৰ হতুৱাই পৰিষ্কাৰ কৰালে। মলিয়ন বিৰাট ঘৰটে। আকৌ যেন উজ্জল হৈ উঠিল। ৰান্ধনিটোক মাতি আনি বাৰে বাৰে কলে, যে বীণাই খাই যি ভাল পায়, সেইদৰে বস্তু যেন যোগাৰ কৰি ৰাখে। অসমীয়। আদৰীয়া আঞ্জা যাতে ৰান্ধিবলৈ সি নাপাহৰে । 'াফুগুটিৰ বৰ ভজা আৰু খাৰলি যাতে তাই অহাৰ দিনাই খাবলৈ পায়। সকলোৰে হিয়াত আনন্দৰ ঢৌ বাগৰি গল । মিচিকিয়। হাঁহি বিৰিঙি উঠিল । কিয়নো সকলোৱে বীণাক । ভাল পায়, তাই সকলোকে আপোনজন কৰিব পৰা অমায়িক ভাবৰ কাৰণে।
বীণাৰ অহাৰ কথাটো নগৰৰ চাৰিওফালে বিয়পি পৰিল। - সেইদিন। দেওবাৰ - ৰাতিপুৱা ৯ বজাৰ পৰাই এৰোভ্ৰমত মানুহ গোট খাবলৈ ধৰিলে - সকলো ধৰণৰ মটৰ গাড়ী শাৰী শাৰী হৈ ৰলহি। অসমীয়া মানুহে আজিৰ দিনত গুণীৰ গুণ বুজা হল। চহৰৰ ফলেজীয়া লৰা, ছাত্র ছাত্রী, কেবাজনে! এম, এল, এ, কংগ্ৰেছী নেতা, মাৰোৱাৰী, হিন্দুস্থানী, নানা অনুষ্ঠানৰ প্রতিনিধি আহি গোট খালেহি। তাকে দেখি আশে-পাশে খরা গাওঁ-ভূঁইৰ গাৱঁলীয়া খেতিয়কে!
হাল-কোৰ এৰি, শই শই গোট খালেহি। ১০ বজাৰ ভিতৰত এৰোড্রমখনি এখনি মেলাত পৰিণত হোৱা যেন লাগিল। বীণাৰ সকলে সম্পৰ্কীয় মিতিৰ-কুটুমো আহিছে। নবীন, প্রবীণ আৰু মীৰা বৰুৱাৰ লগতে আহিছে। বৰুৱাই কপালত হাতখন থৈ বহুত দূৰলৈকে চাই ভাবে 'যেন ঈশ্বৰে তাইক ভালে কুশলে আনে - এৰোপ্লেনত অহাৰ কথা, মনটো যেন কেতিয়াবা শিয়ঁৰি উঠে, কৰবাত কিবা এটা যদি হয় !' বেয়া ভাববোৰ আকৌ জোকাৰি পেলায়। তেওঁৰ ভাব 'এই পালেহি - এই পালেহি' - দুবছৰ নিৰলে তেওঁ কটালে, ইমান উৎকণ্ঠিত কেতিয়াও হোৱা নাই, আজি যেনে ১৫ মিনিটেই ১৫ ঘণ্টা। হঠাৎ নীলা আকাশখনত বহু দূৰৰ পৰা এটি গুৰু গুৰু শব্দ আহিবলৈ ধৰিলে। লাহে লাহে সি ডাঙৰ হৈ আহিল। এটি সৰু চৰাইৰ দৰে প্লেনখন দেখা গল । ওচৰ চাপি অহাত সি ডাঙৰ হৈ আহিবলৈ ধৰিলে। এৰোড্ৰমৰ ওপৰত চক্রাকাৰে ঘূৰি ঘূৰি এবাৰ আহি প্ৰকাও ডেকোট। প্লেনখন নামি পৰিল । ৰবীনে দ্রুতগতিৰে মেলা হুডৰ জীপ এখন চলাই সমাগমৰ কিছু আঁতৰতে ৰলহি। সিফালে প্লেনৰ প্ৰেচ বুটামটো মেলি দিয়াত দৰজাখন মেলখাই গল। দুই এগৰাকী আৰোহী প্রথমে নামিল। তৃতীয় গৰাকী বীণা - , হেওবেগটো লৈ প্লেনখনৰ দুৱাৰ খনত থিয় দি হঠাৎ অদূৰত জীপৰ ষ্টিয়েৰিংডাল ধৰি বহি থকা ৰবীনৰ ওপৰত চকু পৰি কিছুপৰ চাই
থাকিল। বিজুলীৰ দৰে এটি ভাব তাইৰ মনত খেলাই গল। ৰবীনেও তাইৰ ফালে মুহূৰ্ত্তৰ কাৰণে হলেও তন্ময় হৈ ৰ' লাগি চাই থাকিল । এক মিনিট দুয়ে। নিজৰ সত্ত্বা হেৰুৱাই পেলাইছিল। ইমান মানুহ যে তেওঁলোকৰ সন্মুখত আছে তাৰ কথাও পাহৰি গৈছিল। মানুহবোৰে এবাৰ ৰবীনৰ ফালে, এবাৰ বীণাৰ ফালে চাবলৈ ধৰিলে। ৰবীনে দেখিলে বীণা যেন আগতকৈও হাজাৰ গুণে স্বাস্থ্যৱতী, ৰূপৱৰ্তী, শকুন্তলাৰ দৰে ভেলেঙী, সৰল, নিৰ্ম্মল আৰু পৰিত্ৰ হৈ আহিছে। তাইৰ থিয় হোৱা ভঙ্গীটো যেন কল্পলোকৰ মেনকাৰ দৰেই লয়লাসেৰে পৰিপূৰ্ণ, অবর্ণনীয় ভাবে গুৱনীলনী। তাইৰ সুলকি পৰিব খোজা খোপাটি বাওঁ হাতেৰে ঠিক কৰি ললে।
বীণাই প্রথমে ইমান মানুহৰ সমাগম হব বুলি ভৰাই নাছিল। হঠাৎ চমক ভঙাত তাই খোজ তললৈ দি নামি আহিবলৈ ধৰোঁতেই বহুত কেমেৰাৰ পৰা ক্লিক-ক্লাক শব্দ হল। নামি আহি সকলোকে নমস্কাৰ জনালে। তাইৰ ডিঙিত মালা পৰিবলৈ ধৰিলে। গোটেইজনী মালাৰে পৰিপূৰ্ণ হল। মহিলা সভাৰ সভানেত্ৰীৰ লগত কথা পাতি পাতি তাই আগবাঢ়ি আহিল। সকলোৱে ভক্তিৰে তাইক বাট এৰি দিলে। বৰুৱা আৰু ৰব নোৱাৰিলে - বৰ খৰ-খেদাকৈ বীণাৰ ফালে আহিল ।
- পঞ্চদশ
বীণা ঘূৰি অহাৰ দিনৰ পৰাই অকণিকে জিৰণি নোপোৱাই হল। দেউতাকক পৰিচৰ্য্যা কৰাৰ পৰা ঘৰৰ ৰন্ধাবঢ়ালৈকে নিজে চকু দি সকলো কাম নিজৰ তত্ত্বাৱধানত কৰিবলৈ লাগিল। চাৰিওফালৰ পৰা তাইক অভ্যর্থন আৰু অভিনন্দন জনাবলৈ গাৱেঁ-ভূঞে, নগৰে-চহৰে, সমবেত জনতাই আগ্রহ প্রকাশ কৰাত তাতো যোগ দি, ৰাইজক সন্তোষ লগোৱাও তাইৰ এটি দৈনন্দিন কাম হল । তাই নিজে সভা-সমিতিবোৰত বৰ বিশ্বাস নকৰে, কিয়নো তার পৰা সময় নষ্ট কৰাৰ বাহিৰে একো ফল নহয় বুলি তাই জ্ঞানে । তথাপি কোনোবাই অহঙ্কাৰী বুলি কয় বুলি তাই দেখুৱাই হলেও সেই বিলাকত যোগ দিয়ে আৰু দেশবিদেশৰ দুষাৰ কথা কয়।
তাইৰ ঘৰৰ ওচৰে-পাজৰে থকা দুখীয়া নিচলা, খাবলৈ নোপোৱা, কিছুমান লৰা-ছোৱালী লৈ, তাই ঘৰৰ ওচৰয়ে এটি 'নাশাৰী হোম' পাতিলে। ঘৰুৱা কামৰ বাহিৰেও ইহঁত চোৱা-মেলা, স্বাস্থ্য গঢ়িবলৈ সেই অনুপাতে সিহঁতক আহার দিয়া, সিহঁতক শিক্ষা দিয়া, পৰিষ্কাৰ পৰিচ্ছন্ন ভাবে থাকিবলৈ দিয়। তাইৰ এটি ডাঙৰ কাম হল। তাতেই যে তাইৰ অশেষ আনন্দ। সেই আনন্দতে তাই যেন বুৰ দ্বৈ থাকিব। গাৱঁলীয়া তিৰোতাবিলাকক মাতি আনি কেনেৰৈ দৰা তুলিব লাগে, আহাৰ দিব লাগে, শিক্ষা দিব লাগে
সকলোকে সুন্দৰ আৰু সহজ ভাবে বুজাই, কাম কৰিবলৈ উপদেশ দিলে। সেইদৰে আকৌ নিজেও সিহঁতৰ লগতে থাকি পৰিশ্ৰম কৰিবলৈ লাগিল। নিজেও কিছু টকা দি তাই এটি নার্শাৰী ফাও গঢ়িলে আৰু সংগঠনটি চলাবলৈ বুলি এডোখৰ চাফ-চিকুণ আহল-বহুল ঠাই চাই তাতে কিছু কিছু স্বাস্থ্যৰ ফালৰ পৰা ভাল সৰু ঘৰ সজাই ললে।
মনপুতি আৰু নিজৰ অভিৰুচি মতে কাম কৰিব নোৱাৰিম বুলি ভাবি তাই অসম আৰু ভাৰত চৰকাৰে ধঁচা ১৭০০ টকীয়া কামে। গ্ৰহণ নকৰিলে। দেউতাকৰ অসুখটোৰ কাৰণেই তাইৰ বিশেষ চিন্ত1, - কেতিয়াবা সি আকৌ বেছি হৈ তাইক আৰু দুৰ্ঘোৰ চিন্তাত পেলার। অন্য সময়ত তাই সৰল আৰু প্রফুল্লিত হৈয়ে দিন নিয়াই। ইতিমধ্যে তাই অসমীয়া তিৰোভালৈ বিশেষ কৰ্ত্তব্যবোৰ উনুকিয়াই হৃদয়গ্রাহী এখনি কিতাপে। ৰচনা কৰিলে ।
বহুতে বেয়া বুলিলে যদিও - ফুলতে বিধৱা হোৱা কেবাজনী বামুণৰ ছোৱালী - সমাজে ঘৃণাৰ চকুৰে চোৱা অথচ সংস্থাপন কৰিব নোৱাৰা - তেনেকুৱাও ২০।২৫ জনী ছোৱালী লৈ এটি 'হেগুলুম' ফেক্টৰীও সৰুকৈ তাই আৰম্ভ কৰিলে। তাৰ লগে লগে সিহঁতে সিয়া-মেলা কৰা বস্তুবোৰ, এজন ব্যৱসায়ীক বিক্ৰী কৰি কেনেকৈ স্বাৱলম্বী হব সিহঁতক তাকো শিক্ষা দিয়ালে। বীণাৰ অনুষ্ঠানটি সৰু-সুৰা হলেও বেছ পৰিষ্কাৰ - পৰিত্ৰ সংগঠনৰ যেন এটি নিখুঁত ছবি।
সঙ্গীতৰ সহায় লৈ সৰু লৰা-ছোৱালীবোৰক শিক্ষা দিয়। প্ৰণালী চলাবলৈ প্ৰথমে তেৱেঁই যত্ন কৰি যথেষ্ট কৃতকাৰ্য্য হল। ১, ২, ৩, ৪ ব্যায়াম নিদি সিহঁতক সৰল সহজ ভাবেৰে কৰিব পৰা কিছুমান নৃত্য ৰচনা কৰি শৰীৰৰ সৌষ্ঠৱ বঢ়াবলৈ তাই শিকাবলৈ ধৰিলে। লৰাছোৱালীবোৰেও তাইৰ শিক্ষাত মুগ্ধ হৈ অতি সোনকালেই সিহঁতৰ বহুত কথাত ব্যুৎপত্তি জন্মিল। লৰা-ছোৱালীবোৰৰ সংখ্যাও লাহে লাহে বহুত বেছি হবলৈ ধৰিলে।
মহিলা সভাৰ সভানেত্ৰীয়ে তেওঁলোকৰ কাৰ্য্যক্ৰম আৰু কাম নো কেনেকৈ কৰিব লাগে বুলি তাইৰ উপদেশ লবলৈ, কেবাবাৰে। আহি আলোচনা কৰিছিলহি। বীণাই বাৰে বাৰে কেৱল তেওঁলোকক ইয়াকে কলে যে সভা পতাতকৈ কামৰ প্ৰয়োজন আজি হাজাৰ গুণে বেছি।
সভা পাতি বক্তৃতা দিয়া লোক আৰু নেতা-নেত্রী অসমত বর্তমানে বহুত অর্থাৎ সংখ্যাতীত। তাই জোৰ দি কয় ষে, এতিয়। আমাক লাগে অন্তভঃ ২০ জন নীৰৱ, সুষ্ঠ, ধৈর্য্য ধৰিব পৰা অক্লান্ত কৰ্ম্মী। সভা পাতি অকাৰ্য্যকৰী কিছুমান প্রস্তাবৰ মুঠেই প্রয়োজন নাই। তাই পাশ্চাত্য দেশৰ মহিল। কৰ্ম্মীবিলাকৰ কথা উদাহৰণ দি বুজালে আৰু কলে নেপোলিয়ন আৰু হিটলাৰে কি কৈছিল - 'মোক এটা স্বাস্থ্যৱতী শিক্ষিতা মাতৃ-জাতি দিয়া, মই সবল সুদৃঢ় এটা জাতি গঢ়ি দিম।"
-ষোড়শঅশেষ পৰিশ্ৰম, টোপনি খতি, ত্যাগ আৰু স্বাস্থ্য কিছু হানি কৰি, দেড় বছৰৰ পাছত নলীনে অসম জাতীয় ৰঙ্গম আৰু আৰ্ট গেলেৰী গঢ়ি তুলিলে। দর্শক প্রায় দুহাজাৰমাণ বহিব পাৰে, ৰঙ্গমঞ্চটি ধুনীয়া প্রাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ। মস্কোৰ থিয়েটাৰৰ দৰে, অথচ অসমীয়া গঢ়ৰ, সকলো প্ৰকাৰ দৃশ্যপট দেখিলেই কব পাৰি, সকলো নতুন ধৰণৰ ; কিন্তু অলপ দকৈ চালে ধৰ্ধি পাৰি, যে জ্বল জ্বল পট্-পট্ হাড়ে-হিমজুৱে প্ৰতিটে। দৃশ্যতে অসমীয়াৰ আমঠু সোমাই আছে। নলীনৰ কল্পনাবোৰ যেন সজীৱ হৈ প্ৰত্যেকটোৱে এটা ন ন ৰূপ লৈ, ইটাৰ চপৰাই চপৰাই সোমাই গৈছে । প্ৰাচীন কিছু শিলৰ মূৰ্ত্তি, স্তম্ভ, নক্সা, পুৰণি ছবি আৰু গঢ়নেৰে তেওঁ নকৈ গঢ়াই, তাৰ সাঁচেৰেই সকলো গঢ়ি তুলিলে। দেখিলে অনুমান হয় যেন পাশ্চাত্য ধৰণেৰে সজোৱা এটি বিৰাট ভৱন; কিন্তু কিছুপৰ ৰ' লাগি চালে ধৰিব পাৰি প্ৰাগজ্যোতিষৰ নানা ধৰণৰ শিল্পৰ মূৰ্ত্তি লৈ বিচিত্র ভাৱে সজোৱা এটি অপূর্ব্ব
হঠাৎ চকু পৰিলে দৃষ্টি হৰি নিয়ে, আৰু অলপ চালে মনটো লৈ যায়, আৰু অলপ দকৈ চালে ভাবিবৰ কাৰণে সম যোগায় । এটা প্রবাদ আছে যে শিল্পীবোৰ অলস, নিফৰ্ম্মা ;
কিন্তু কলা-নিপুণতাৰ বাহিৰেও যে কাৰ্য্য-কুশলতা শিল্পীৰ থাকিব পাৰে, নলীন তাৰে এটি উদাহৰণ। ভাল শিল্পী বুলি বন্ধু-বান্ধৱৰ মাজত নলীনৰ এটি সুখ্যাতি আছিল ; কিন্তু প্রায় অসমীয়। জাতিটোৰে অলীক এটা কল্পনা, বাস্তৱ ৰূপ দিব পৰা শক্তি যে তেওঁৰ আছিল সেই কথা কোনেও নাজানিছিল। কাৰবাৰী আৰু ঈর্ষান্বিত সকলেও নলীনৰ কামত প্ৰশংসামুখৰ হৈ উঠিল। কাৰবাৰী সকলে ভাবি নলীনক মিনতিৰে আহি কলেহি তেওঁ যেন তেওঁৰ অসমীয়া ফিল্মখন গঢ়ি তুলিবলৈ সহায় কৰে - কথাৰে, কামেৰে । ঈর্ষান্বিত সকলে কলে 'নলীনে নোৱাৰিলে পাৰিব কোনে?' অসমীয়া জাতিটোৰ প্ৰতি নিজৰ ভিতৰতেই যাৰ বিশ্বাস কম আছিল - সিও ভাবিলে 'আমিওতো পাৰোঁ, অসমীয়া পিচপৰা হব কিয় ??
ৰঙ্গমঞ্চ, দৰ্শক বহা ঘৰ, আৰ্ট গেলেৰী - দুয়োটা ঘৰ একে শাৰীতে লানি নিছিগাকৈ সজা। ধুনীয়া ফুলনি বহুত ৰকমৰ ফুল, আলিৰ পৰা সোমাই যোৱা লোৰ গেটখন পাৰ হৈ সৰু সৰু সেন্দুৰী আলি, কাষে কাষে পাপি, মেৰিগল্ড, চুইটপি, ডালিয়া, ব্লেকৰোজ, চম্পা, শেৱালী, টগৰ, হাচনাহানা। বাহিৰত বহিবলৈ সজাই থোৱা মাজে মাজে দুই এখন বেঞ্চ। তাত সোমালে টকা-পইচাৰ ৰাজ্যৰ পৰা যেন অইন এখন ৰাজ্যলৈহে সোমাইছোঁ, এনে লাগে। দর্শক-মঞ্চৰ বাহিৰত প্ৰকাণ্ড বাৰাণ্ডা। শাৰী শাৰী শিল্পৰ খুটা - তাৰ পৰা চাৰিখন প্রবেশ পথ। প্রত্যেক দুৱাৰৰ মুখে মুখে,
সাত ৰঙৰ নতুন কাৰেং দুয়োফালে দুটিকৈ সজাই থোৱা ডাঙৰ অসমীয়া গঢ়ৰ শিলৰ প্ৰতিমূৰ্ত্তি । কলা ডাৱৰৰ দৰে সিহঁতৰ ৰং। খিড়িকী দুৱাৰৰ কাঠৰ চৌকাঠবোৰ ৰঙিন, হেঙুল আৰু হাইতাল বোলোৱা যেন লাগে। ৰঙ্গমঞ্চৰ ওপৰত চাৰিওফালে ৪টা গম্বুজ, ওপৰলৈ থাপৰি বন্ধা, উঠি যাব পৰা, ঘৰ ঘৰ। ৰাতি তাৰ পৰা ওলোৱ। বিজুলী চাকিৰ পোহৰবোৰ, ৰঙা-নীলা আইনাবোৰেদি, পৰিষ্কাৰ ভাবে ওলাই তাৰ গাম্ভীৰ্য্য দুগুণে বঢ়ায়। গম্বুজকিটাৰ চাৰিওফালে অসমীয়া, হিন্দী আৰু ইংৰাজীৰে পিতলৰ আখৰেৰে বৰ বৰকৈ লিখা 'অসম জাতীয় ৰঙ্গমঞ্চ বহুত দূৰৈৰ পৰা জিলিকা। প্রত্যেক অসমীয়াই তাৰ কথা মুৱঁৰিলে বা দেখিলে গৰ্ব্ব অনুভব কৰে। দর্শক বহা ঠাই হাজাৰ হাজাৰ চকী, বেঞ্চৰে পৰিপূৰ্ণ - পৰিপাটিকৈ সজোৱা। বহাৰ ঠাইলৈ সোমাই যোৱা পথবোৰ আহল- বহল, ওলোৱা সোমোৱ। কৰিবলৈ সহজ। দর্শকসকলে সকলে! কোণৰ পৰাই ৰঙ্গমঞ্চৰ যেই সেই দৃশ্য আৰু অভিনয় সুন্দৰকৈ দেখা পায়। বেৰবোৰ আকাশী ৰং কৰা - তাত অসমৰ জাতীয় ডাঙৰ গায়ক, অভিনেতা, নাট্যকাৰ, কবি-সাহিত্যিক সকলৰ আৰু বিখ্যাত বুৰঞ্জীমূলক ঘটনা কিছুমান - যেনে শৰাইঘাটৰ ৰণ, পিয়লীৰ বিচাৰ, মণিৰামৰ ফাঁচি, অসমৰ বিখ্যাত প্রাকৃতিক দৃশ্য আদিৰ মনত চাষ বহুৱা দৃশ্যপট। শাৰী শাৰীকৈ লগোৱা বিজুলী বিচনী আৰু হৰেক ৰকমৰ বিজুলী চাকিৰ বাব। আঁৰ কাপোৰৰ একাবে ঐঐশঙ্কৰদেৱৰ এটি ডাঙৰ
মাৰ্ব্বোপৰ প্ৰতিমূৰ্ত্তি, তেওঁৰ লগে লগে ধেনুভিৰীয়। ভাবে সজাই থোৱা পিতলৰ, মাৰ্ব্বোলৰ অসম গঢ়োঁতা সকলৰ বহুত মৃন্ময় মূৰ্ত্তি ।
আঁৰ কাপোৰ্থনিত জৰীৰ পাৰিৰে বনকৰা এটি বিৰাট অষ্ট ৰশ্মিৰ চিকমিকাই থকা সূৰ্য্য। সংস্কৃতেৰে কিবা লিখা আছে - অসমীয়াত 'প্ৰাগজ্যোতিষপুৰেই জ্ঞানৰ ভাস্কৰ প্ৰথম পোহৰ' আদি, যেন তাৰ পৰাই জ্ঞানৰ ৰশ্মিবোৰ চাৰিওফালে বিয়পি গৈছে চীনলৈ - ভাৰতলৈ - অষ্ট দেশলৈ । ৰঙ্গমঞ্চৰ ভিতৰফালে ভুমুকি মাৰি চালে ভাব হয় যেন এখন ৰহস্য ৰাজ্য নে স্বপ্ন ৰাজ্য - । শাৰী শাৰী চিকমিকাই থকা ক্রমান্বয়ে সৰুৰ পৰা ডাঙৰ হৈ যোৱ। শৰাই, বহুত ধৰণৰ সহস্ৰ প্ৰদীপ, বত্তি, ধূপ-ধুনাৰে আমোদিত, ভাব বিভোৰ কৰা, অনাবিল ভাবে অহ! এটি সুগন্ধ - চক্রাকাৰে পাতি থোৱা বহুত ধৰণৰ বনকৰা, সৰু বৰ জাপি । অলপ সিফালে এটি নিৰ্ম্মল জোন--পৰিষ্কাৰ নীলা আকাশ, থুপি থুপি তৰা, তাৰ তলত এটি ধুনীয়া সেউজীয়া পৰ্ব্বত - এটি নিজৰা; তাৰ কাষে কাষে বনৰীয়া গছ-লতা, পাত-ফুল, সিফালে যেন এটি অসমীয়া নক্সাৰে কৰা খেৰৰ ঘৰ, তাৰ ওপৰত দুই এটা কোমোৰা আৰু সিফালে এটি চাংঘৰ - তাত মহ, পহুৰ শিং, বাঘৰ ছাল, নগা যাঠি আদি সজাই থোৱা। প্রয়োজন অনুসাৰে দৃশ্যবোৰ মুহূৰ্ত্তৰ ভিতৰতে সময়ৰ কাৰণে ৰৈ ৰৈ, আমনি নলগাকৈ, পৰিবৰ্তন কৰিব পৰা। অভিনয়ৰ নিৰ্দ্দিষ্ট
ঠাই এৰি, দুফালে দুশাৰী ঠাই এৰি এৰি কৰা উইংস্। সিফালে আহল-বহুল ঠাই। একেলগে দৰকাৰ অনুসাৰে হাজাৰ বাৰশ শিল্পী একেলগে ওলাই অভিনয় কৰিব পৰা। শিল্পী সকলৰ কাৰণে বহিবলৈ এটি ডাঙৰ জিৰণি কোঠা ; সকলো সুখৰ সৰঞ্জামেৰে পৰিপূৰ্ণ। আকৌ প্রত্যেক শিল্পীর ব্যৱহাৰ কৰিব পৰাকৈ এটি এটি বেলেগ কোঠা, ৰূপ সজ্জাৰ আহিলা-পাতিৰে ভৰপূৰ। ড্রেচিং টেবুল, টাৱেল, চাবোন, চৌবাচ্চাত পানী আদিৰে সকলো যোগাৰ-যন্ত্ৰ সম্পূৰ্ণ।
আৰ্ট গেলেৰী - শাৰী শাৰী সুসজ্জিত চকৰে মনালৈকে বিভিন্ন ভাবে সজোৱা; মহাপুৰুষ সকলৰ পৰা আৰম্ভ কৰি, বর্তমান অসমীয়া নেতালৈকে ছবিৰ বিৰাট সমাবেশ ।থাকে থাকে ন-পুৰণি সঁাঁচি-পাত আদিৰ প্ৰাচীন পুথি, হাজাৰ হাজাৰ বছৰৰ প্রাচীন, নিয়মিত ভাবে ৰখা শিলৰ মূৰ্ত্তি, বহুত নগা মাকো, আবৰ জীন আদিৰ, অসমীয়া বোৱনীৰ কাৰুকাৰ্য্য-খচিত ফুলাম বনকৰা, পাট-মেজাঙ্কৰীৰ পৰা আৰম্ভ কৰি, গামোছালৈকে গোটেই আৰ্ট গেলেৰীটে। ভৰা । হাতী দাঁত, শঙ্খ, কাঁহ-পিতলৰ সুন্দৰ সুন্দৰ ভাবে কৰা মাল-পত্র, অসমীয়া ঠাচেৰে গঢ়া ন-পুৰণি সোনৰ অলঙ্কাৰৰ নক্সা। চাই চাই দুই-এদিনতে অস্ত কৰিব নোৱাৰি। সিফালে আন এটি কোঠা, অসমীয়াৰ সকলো ধৰণর বাহকারে পৰিপূৰ্ণ। ডৰা, শঙ্খ, কাহ, ভোৰতাল, কোচু ফুলুলু আৰু হাজাৰ হৰেক ৰকমৰ । অন্য এটি সৰু কোঠাত ভৌগোলিক
মানচিত্র, গ্লোব আদি। বিশেষকৈ মন কৰিব লগীয়া পুৰণি কামৰূপ অসমৰ এখনি বিৰাট মানচিত্ৰ - কোচবিহাৰৰ পৰা কুণ্ডিললৈকে সীমাৰেখ। অঁকা। প্ৰাগজ্যোতিষপুৰৰ ৰাজধানী, জ্ঞানৰ গভীৰ আলোচনা কৰা, প্রাকৃতিক মনোহৰ ঠাই। তাৰ লগে লগে বৰ্ত্তমান গুৱাহাটীৰ ৰিজনিমূলক আন এখনি চিত্র, ভগা-ছিগা লেতেৰা ঘৰবোৰ, একা-বেঁকা ওখোৰামোধোৰা সৰু-বৰ ভঙা শিলৰ ৰাট-পদূলিবোৰ, অস্বাস্থ্যকৰ নৰ্দ্দমাবোৰ আদি অঁকা। আৰু অলপ সিফালে, এখন বেৰত টুকুৰা টুকুৰকৈ কটা, অসমৰ বৰ্ত্তমান মানচিত্র, পূৰ্ব্বাচল গঠন কৰিবলৈ যেন দুজনমান ভাৰতীয়ই কাছাৰ চিলেট লৈ টন। আজোৰা কৰিছে, বৃহৎ বঙ্গ কৰিবলৈ গোৱালপাৰা কাটিবলৈ এখন কাচি উলিয়াই যেন অন্য এজনে তপ তৈয়াৰ হৈছে, কৈছে 'আমাদেৰ বৃহৎ বংলা'। কামৰূপৰ এজনে বুকুত চপৰীয়াই কৈছে - - - - মই কামৰূপীয়া', শিৱসাগৰৰ মানচিত্ৰত এজনে ভ্রুকুটি কৰি কৈছে, 'মই ৰংপুৰীয়া' আদি। তাৰ তলতে এগৰাকী ফটা-চিত। তাপলীমৰা, পাট কাপোৰ পিন্ধা তিৰোতা, চুপি আউলী বাউলী, শৰীৰৰ সৌষ্ঠৱ সৌন্দৰ্য্যৰে ভৰপুৰ, চকুত মুকুতাৰ মালাৰ দৰে টোপ-টোপকৈ ওলাই অহা দুধাৰি চকুলো, নিৰাঞ্জয়া, নিঃসহায়। তেওঁৰ তলত অসমীয়া আধৰে লিখা আছে 'অসম মাতৃ'। তেওঁৰ হীৰ-মাণিক-মুকুতাৰে গঢ়া মুকুটটি এজন ইউৰোপীয়ই কাঢ়ি লৈ আহিছে, এজন মাৰোৱাৰীয়ে কিছুবাৰ এটি
টোপোল। বাওঁহাতে ধৰি তেওঁৰ হাতৰ কাণৰ অলঙ্কাৰবোঁধ এডাল এডালকৈ সোলোকাইছে, এজন পঞ্জাবীৱে যেন তেওঁৰ হীৰাৰ আঙঠিটে। সোলোকাই লৈ আহিল। বিহাৰী, উৰিয়া, হিন্দুস্থানী, বিশেষকৈ মৈমনচিঙিয়। এজাকে তেওঁক যেন চাৰিওফালৰ পৰা আক্ৰমণ কৰিব খুজিছে। তেওঁ যেন ঊৰ্গ, তীক্ষ্ণ, শক্তিমান চকুৰ জ্যোতিৰে সিহঁতক আঁতৰাই ৰাখিছে। এইবিলাকৰ কিছু দুৰ্ত, তাপলিমৰা, আঠুলৈকে পৰা, এখন মলিয়ন ধুতি পিন্ধি এজনে বহি, বাঁহৰ ধোঁৱাখোৱা এটা লৈ, বৰ মচগুল হৈ কিবা এটা টানি, গোটেইখন ধোঁৱাময় কৰি, স্তিমিত নেত্রে 'আয়েক'ক চাইছে, নিঃসহায় ভাবে। দৈনন্দিন অহা দর্শকসকল এই কোঠাটোতে ভীৰ খায়হি। ইয়াতেই তেওঁলোকৰ সময় বহুখিনি যায়। এই দৃশ্য-পটৰ আলোচন। কৰোঁতে বহুতেই আকৌ কয় "স্বাধীন ভাৰতত এনে চিত্ৰৰ প্ৰয়োজন নাই, কিয়নো গোটেই ভাৰততে আজি সকলোৰে সমান অধিকাৰ, ইয়াৰ পৰা প্রাদেশিকতাৰ প্ৰচাৰহে হয়"। এই
কথাখিনি অৱশ্যে ডাঙৰ নেতা আৰু যাৰ অৱস্থ। তেওঁলোকেই কয়। সৰ্ব্বসাধাৰণ অসমীয়াই ইয়াৰ অর্থ সহজ সৰল ভাবে লৈ ভাবে-"ইয়তো, আমাৰ দেশৰ অৱস্থা আজি এনেকুৱাই"।
নলীনে আৰু তিনি মাহ তেওঁৰ লগত কাম কৰা আঢ়ৈশ কর্মী, প্রায় ডেড়মান শিল্পী অহর্নিশে খাতি, অসম জাতীয়
মঞ্চ উদ্বোধন কৰিবলৈ আয়োজন কৰিলে - । গোটেই অসমৰ সকলো জাতিৰে যেন শিল্পবিলাক প্ৰদৰ্শন কৰিবলৈ সকলোৱে সমান সুবিধা পায়, তাৰ ব্যৱস্থা কৰিলে। বিখ্যাত নাট্য মন্দিৰ যেনে গোৱালপাৰা, ধুবুৰী, তেজপুৰ, গুৱাহাটী, নগাওঁ, যোৰহাট, ডিব্ৰুগড় আদিৰ বিখ্যাত অভিনেতাঅভিনেত্রী আদিলৈ, তেওঁলোকৰ সহায় সহানুভূতি বিচাৰি উদ্বোধন উৎসৱৰ কেইদিন যাতে সকলে। ৰকমে সহায় কৰে, তাক উনুকিয়াই নিমন্ত্রণী পঠালে। পৰ্ব্বত, ভৈয়ামৰ নৃত্য-গীতত কলানিপুণ পাৰদর্শী সকলক আগতে মতাই অনালে । উদ্বোধন কৰিবলৈ পণ্ডিতজি, ৰাজাগোপালাচাৰী আদিলৈ সবিনয়ে লিখিলে - উদ্দেশ্য বর্ণাই ভালকৈ বুজাই। তেওঁলোকৰ দুই এজনৰ উত্তৰ আহিল। তেওঁলোকেও লিখিলে - নলীনে এইটে। এটা ডাঙৰ কাম কৰিছে । আজিৰ জাতিৰ জীৱন-মৰণ সমস্যাৰ সমাধান কৰিবলৈ হলে, জাতীয় ৰঙ্গমঞ্চ একোটাৰ প্ৰয়োজনৰ কথা। সময় আৰু সুবিধা হলে, বিচিত্র অসম, নৃত্য-গীত মুখৰিত অসমৰ নিখুঁত চিত্ৰ চাবলৈ, তেওঁলোকে কেতিয়াও অৱহেলা নকৰে। নানা চিত্ৰ আৰু লিখনীৰে অসমৰ বাহিৰেও বহুত কাগজতো এই উৎসৱৰ কথা প্রচাৰ কৰা হল - । অসমৰ প্ৰায় ঠাইতে এৰোপ্লেনেৰে প্ৰচাৰ পত্ৰ, ছবি সহ হাজাৰ হাজাৰ বিলোৱা হল। পৰ্ব্বতীয়া ৰাইজ আৰু গাৱঁলীয়া ৰাইজ সমূহৰ কাৰণে বিশেষ বেলেগ বন্দবস্ত কৰা হল - গোটেই
অসমৰে যেন এটি বিশেষ জাতীয় উৎসৱহে। নানা ঠাইৰ পৰা দর্শক আৰু নিমন্ত্রিত আলহী সকল আহিব বুলি নিতৌ চিঠি আহিবলৈ ধৰিলে। ৰবীন, বীণা, প্রবীণ, নন্দলাল, সকলোৱে তেওঁক কোনটো কেনে কৰিলে সুবিধা হব, ভাল হব, সেইদৰে দিনে ৰাতিয়ে তেওঁৰ লগত খাটি মেলি দিবলৈ ধৰিলে। মীৰাৰে। এই আয়োজনত যেন খাটি খাটি হেপাহ নপলায়, যেন খাটিয়েই থাকিব, এনে ভাবে অদম্য উৎসাহেৰে কাম কৰি গল। সাত দিন এই জাতীয় সংস্কৃতিৰ সমাৰোহেৰে উৎসৱ পাতিবলৈ এখনি সুচিন্তিত পৰিকল্পনাৰ আঁচনি তৈয়াৰ কৰি ৰবীনে নলীনক কলে - "চাবা, যাতে কৰ্ত্তব্যৰ পৰা ভৰি পিছলি নপৰে, সদৌ ভাৰতে আজি নিৰ্ণিমেষে অসমলৈ চাই আছে। ভাৰতেও আজি এটা জাতীয় ৰঙ্গমঞ্চ গঢ়ি তুলি লব পৰা নাই, বা কোনেও তাৰ কথা কল্পনাও কৰা নাই । অসমৰ ওপৰত সেই কাৰণেই সকলোৰে চকু। আমাৰ এই প্রথম কাম সুকলমে সমাধা হলে, ভাৰতৰ নানা ঠাইত, বিশেষকৈ দিল্লীত, সদৌ ভাৰতীয় কৃষ্টি সভ্যতাৰ এটি বিৰাট ৰঙ্গমঞ্চ গঢ়িবলৈ আমি অসমৰ পৰা এখন আঁচনি দিম। মক্কৌৰ আৰ্ট থিয়েটাৰ আজি এখন বিখ্যাত আৰু ঈৰ্বাৰ বহু। ভাৰত চৰকাৰে যদি আমাক সহায় কৰে, তেন্তে দিল্লীৰ ভাৰতীয় জাতীয় ৰঙ্গমঞ্চও পৃথিবী বিখ্যাত আৰু আৰ্টৰ এটি বিৰাট চিত্ৰ-ঘৰ হব। বিভিন্ন প্ৰদেশৰ নৃত্য-গীত, অভিনয়, নাটক,
নাট্য, কালচাৰ, পেইন্টিং আদিৰ - " নলীনে হাঁহি কয়"আস্তে ধীৰে।" ৰবীনে কয় - "তীৰৰ দৰে ক্ষিপ্র গতিৰে।"
ৰবীনে সেই কথা এৰি, নন্দলালক মাতি আনি, ভাৰতৰ বিশিষ্ট শিল্পী আৰু বিখ্যাত বহুত নেতাৰ কাৰণে সুবিধা কৰি সজ। শাৰী শাৰী কোঠাবোৰ দেখুৱাই দেখুৱাই কলে, "তেওঁলোকৰ খোৱাৰ ভাৰ আপোনাৰ হাততেই।"
নন্দলালে কলে হাঁহি হাঁহি, "ডাঙৰ ডাঙৰ চাপাটী বনালেই হল।"
বিজুলী শক্তিৰ যোগান কম হব বুলি ইলেকটি চিটিৰ মেনেজাৰে ৰিপৰ্ট দিয়াত, নন্দলালে তাৰো অন্য ৰকমে সুবিধা কৰি দিলে।
বীণাইও নলীনক - ইংৰাজসকলে কাৰ্য্য-ক্রমণিকা কেনেকৈ কাকে। আমনি নিদিয়াকৈ সুসম্পাদিত কৰে, তাৰ কথা কৈ, কলে যে ডিচিপ্লিনেই কৃতকাৰ্য্যতাৰ প্রথম সোপান। সকলো শিল্পীয়ে আখৰে আখৰে ইয়াক পালন কৰিলেই, 'হাফ দি চক্চেচ' হল বুলি ধৰিব। নৃত্য, গীত, অভিনয়বোৰত ৰিপিটিছন বাদ দি, চমুৱাই দিলে সোৱাদ-লগা আৰু উপভোগ্য হব বুলি, উপদেশ দি কাৰ্য-ক্রমণিকাৰ ভাৰ, নলীনৰ লগত আলোচনা কৰি নিজেই ললে। নলীনে মাথো কাৰ্য্যক্রমণিকাধন এনেকৈ ভগাই দিলে (১) কামৰূপৰ প্রাচীন শিল্প, ভাস্কৰ্য, নৃত্যসমূহ (2) অসমৰ মধ্যযুগৰ গ্ৰীশঙ্কৰদেৱৰ শিল্প, নাট, নাটক, নৃত্য-গীত, বাস্ত, ভাওনা,
বিভিন্ন সত্ৰৰ বিৰাট সম্ভাৰ সমূহ। (৩) পৰ্ব্বতীয়া জাতিবোৰৰ সাজ-পাৰ কাপোৰ বোৱা প্ৰথা, গীত-ৰাদ্য, নাচবোৰ ( ৪ ) অসমৰ বৰ্ত্তমান প্রচলিত লোক-নৃত্য-গীত সমূহ। (৫) অভিনয় সমূহ যেনে - কুমৰ হৰণ, পিয়লি ফুকন, মণিরাম দেৱান, শকুনিৰ প্ৰতিশোধ, সমাজিক নাট পৰিণতি আদি (৬) বুৰঞ্জীবিদ, কবি, নাট্যকাৰ, লিখক সকলৰ সংযোগত এখনি আলোচনা সভা। (৭) আধুনিক যুগৰ মিশ্ৰ নৃত্যগীত। (৮) অসমত ফিল্ম শিল্প চিরস্থায়ী কৰি গঢ়ি, সদৌ ভাৰততে তাৰ প্ৰচাৰ কাৰ্য্য আৰু মার্কেট উলিয়াবলৈ ফিল্ম অভিনেতা-অভি```, পৰিচালক সংগঠক সকলৰ আলোচনা আৰু কাৰ্য্যকৰী পন্থা অৱলম্বন আদিৰ বিষয়ে পৰ্যালোচনা। (১) অসমীয়া ফিল্ম প্রদর্শন। (১০) কৌতুক, কেৰিকেচাৰ, ধেমেলীয়া নাটক অভিনয়। (১১) ব্যায়াম, স্বাস্থ্যৰ প্ৰদৰ্শন ; সৰু সৰু লৰা-ছোৱালীৰ নৃত্য-গীত ; জুভেনাইল থিয়েটাৰ - শেহৰ দিনা সদৌ ভাৰতবৰ্ষৰ পৰ। নিমন্ত্রিত, বিখ্যাত অতিথি আৰু সৰু-বৰ সকলো শিল্পীকে লৈ এখন ভাৰতীয় শিল্প সঙ্ঘ প্রতিষ্ঠা কৰাৰ সম্ভবপৰ এখনি আঁচনি তৈয়াৰ কৰা। আৰু সৰ্ব্বশেহৰ দিন। সকলে। ভাৰতীয়ৰে এটি প্রীতি খোৱা-লোৱাৰ উৎসৱ ইত্যাদি আৰু বহুতো।
দিনবোৰ যায়, কৰ্ম্মব্যস্ততাৰ মাজতে যায় - কেনেকৈ যায়, কোনেও নাজানে। চাওঁতে চাওঁতে, ১৬ মাৰ্চৰ
সাভ ৰঙৰ নতুন কাৰেং
সকলোৱে ভাবি চিন্তি ধাৰ্য্য কৰা দিনটো পালেহি। ৰাতিপুৱাৰ পৰা সন্ধিয়া ৬ বজালৈ আৰু কেতখিনি সময়, নিচেই চমু । আগদিনা অসমৰ সকলো শিল্পীয়ে, ব্রত উদ্যাপন কৰি ৰাতিপুৱা নটভৈৰৱ - সত্যম্ শিবম্ সুন্দৰমৰ পূজালৈ আগভাগ বঢ়ালে । ইতিমধ্যে দোকান, মেলা, অতিথি, ভাৰতীয় শিল্পী, অসমৰ বিখ্যাত অভিনেতা, অভিনেত্রী, নৃত্যপটীয়সী আদিৰ ঢৌ গোট খাই খাই, এখনি যেন জনসমুদ্রহে হ'ল। উদ্বোধনৰ দিনটোৰ মুহূৰ্ত্তবোৰ গণি গণি, পাঁজি-পুধি আৰু বিশেষ পণ্ডিতৰ হতুৱাই চোৱাই-চিতাই, নলীনে ঠিক কৰিছিল। সেইদিন, যিদিনা নগৰীখন ফাকুৱাৰ ফাকুৰে ৰাঙলী, ৰঙালী অলকাপুৰীত পৰিণত হৈছিল - দোল উৎসৱৰ দিনা, যিটোৰ উপলক্ষে ডেকাগিৰিৰ দ্বাৰা অসমীয়া প্রথম নাটক। "চিহ্ন যাত্ৰা" ৰচিত, আৰু ভায়েক বনগঞাগিৰি গায়ন, নিজে বায়ন হৈ সৰ্ব্বজয় আৰু পৰমানন্দক নচুৱ। পাতি, আন আন্ সকলোকে ভাও ভগাই, সেই ভাওনা প্রথম পতা হৈছিল সেই দিনাই "অসম জাতীয় ৰঙ্গমঞ্চৰ উদ্বোধনৰ দিন।"
কিছু সময়ৰ আগতে, নিজ নিজ আসন লবলৈ বিৰাট জনতা আহি গোট খালেহি। অসমীয়। নাট-মন্দিৰৰ কাৰুকাৰ্য্য দেখি সকলোৱে একে বাক্যই প্রশংসা আৰু তাৰ গঢ় দিওঁতাক অন্তৰেৰে শলাগ লৈ কলে - "অসমতো প্রতিভাবান শিল্পীয়ে জন্ম গ্রহণ কৰে, যি ভাৰতবৰ্ষৰ শিল্পকে নকৈ আজি গঢ় দিব পাৰে" - -ভাৰতীয় শিল্পীসকলে তেওঁৰ প্ৰতি
| pdf |
d72e9f4f16874fff7f43c61a7331620e123dc1da4ceeb07e1bcac2f159e99dc8 | চলি আহিছে। এই যুগত চীনৰ জীৱনৰ গতি আৰু অনুস্থানবিলাক এটা স্থায়ী পৰ্য্যায়লৈ আহে আৰু নির্দিষ্ট ৰূপ লয়। চীনা সভ্যতাই এই যুগত যি গঢ় ললে সিয়েই সামান্য পৰিবৰ্ত্তিত বা সংশোধিত হৈ আজিলৈকে চলি আহিছে আৰু চীনৰ জাতীয় জীৱনত তাৰ প্ৰভাৱ অপ্ৰত্যাহত ভাবে চলি আছে ।
চীনৰ সভ্যতা প্রধানতঃ কৃষি সভ্যতা। চীনৰ কাঞ্চু, স্বঞ্চি, স্বাঞ্চি আৰু হোনান আদি পলহুৱ। ভূভাগত এই সভ্যতা গঢ়ি উঠিছিল। চীনৰ পৰিয়াল পিতৃ-প্রধান। পৰিয়ালটোৰ ভিতৰত বাপেকৰ কৰ্তৃত্ব সকলোৱে মানি চলিছিল। এই অঞ্চলবোৰত কৃষি কৰিবলৈ পানীৰ যোগান ব্যৱস্থা নিজে কৰিব লগা হৈছিল আৰু তাৰ বাবেই খেতিৰ কামত গোটেই পৰিয়ালটোৰ সক্রিয় সহযোগৰ আৱশ্যক হৈছিল। এতেকে পৰিয়ালটোৱেই একোটা গোট হিচাবে সমাজ ব্যৱস্থাত স্বীকৃতি পাইছিল আৰু বাপেকেই পৰিয়ালটোৰ মূৰব্বী আছিল। পানীযোগান ব্যৱস্থাৰ কাৰণে কেইবাটাও পৰিয়ালে মুঠ বান্ধিছিল আৰু সেই পৰিয়ালবৰ্গৰ ভিতৰত সম্মানী একোজনক মূৰব্বী পাতি তেওঁৰ দিহামতে কাম কৰিছিল। এইদৰে ক্ৰমাৎ পৰিয়ালৰ সংখ্যা বৃদ্ধিহোৱাত আৰু খেতিৰ মাটিৰ আয়তন বাঢ়ি যোৱাত একো একোখন সৰু সুৰা ৰাজ্যত পৰিণত হৈছিল আৰু পৰিয়ালৰ আৰ্হিৰে এই ৰাজ্যবোৰতো পিতৃপ্রধান ৰীতি প্ৰবৰ্তিত হৈছিল। ৰাজ্যখনেই এটা বিৰাট পৰিয়ালত ৰূপান্তৰিত হৈছিল।
চীনৰ সভ্যতা কৃষিপ্রধান হোৱা কাৰণেই চীন কেতিয়াও প্রসিদ্ধ যুজাৰু জাতি নাছিল। দাতি কাষৰীয় ঠাইবিলাক অস্ত্ৰৰ পৰিবৰ্ত্তে সংস্কৃতিৰেহে চীনে জয় কৰিছিল। চীনৰ বীৰপুৰুষ সকলৰ সামৰিক প্রতিপত্তিতকৈ সাংস্কৃতিক অৱদানহে বেচি আছিল। চীনত অৱশ্যে যুদ্ধবিগ্রহ হৈছিল আৰু চীনৰ প্ৰজাসকলেও সেই যুদ্ধবোৰত অংশ লৈছিল কিন্তু চীনৰ সাংস্কৃতিক আদৰ্শ সমৰ-নৈপুণ্য নহয় আৰু সেই কাৰণেই সমাজত সৈনিক সকলৰ সমাদৰ নাছিল। যুদ্ধবিগ্রহ নোহোৱাকৈ শান্তিৰে থকাটোৱেই চীনৰ জাতীয় জীৱনৰ আদর্শ আছিল আৰু শান্তি প্রণোদক মনোবৃত্তি, যৌক্তিকতা, সাধুতা আদিত অধিক গুৰুত্ব আৰোপ কৰিছিল । শান্তিপ্ৰিয় আৰু সহিষ্ণু সমাজ চীনত গঢ়ি উঠিছিল।
পিতৃপ্রধান পৰিয়ালৰ ভেঁটিত লাহে লাহে সৰু সৰু ৰাজ্য কিছুমান গঠিত হল। এই অকণি অকণি ৰাজ্যবোৰত সেই বংশৰ ক্ষমতাপন্ন মূখীজনে শাসন ভাৰ গ্ৰহণ কৰিছিল আৰু সেই বংশৰ বিদ্বান আৰু জ্ঞানীলোক সকলে প্রশাসন কাৰ্য্যত দিহা পৰামৰ্শ দিছিল। ৰাজ্যৰ মূৰীজন এক প্ৰকাৰ নিৰ্বাচন পদ্ধতিত পাতি লৈছিল আৰু তেওঁৱেই ৰজা, পিতৃ আৰু সমাজৰ ধৰ্ম্মকৰ্ম্ম আদিৰ পুৰোহিতো আছিল। ৰজাৰ উত্তৰাধিকাৰী পুৰুষানুক্ৰষে নাগাতি যোগ্য ব্যক্তিক নিৰ্বাচন কৰি লৈছিল। ৰজাৰ পুতেকৰ যোগ্যতা থাকিলে সৰ্ব্বসম্মতিক্রমে তেওঁকেই ৰাজপাটত তুলিছিল
কিন্তু ই জন্মগত স্বত্ব নহৈ ৰাইজৰ ইচ্ছাৰ ওপৰতহে নিৰ্ভৰ কৰিছিল।
ৰাজ্যৰ সংখ্যা বাঢ়িলত চৌ বংশৰ সম্রাট সকলে এই ৰাজ্যবোৰক কেন্দ্ৰীয় চৰকাৰত প্ৰতিনিধিত্ব কৰিবলৈ একোজন কৃতিত্ব-সম্পন্ন, বিদ্বান আৰু চৰিত্ৰবান পুৰুষক মনোনীত কৰিবলৈ নিৰ্দ্দেশ দিছিল আৰু এই মনোনীত সদস্য সকলক লৈ সম্ৰাটৰ কেন্দ্ৰীয় চৰকাৰ গঠিত হৈছিল। লাহে লাহে ৰাজ্যৰ জনসংখ্যা অনুপাতে এই সদস্য সকলৰ সংখ্যা বৃদ্ধি হৈছিল। অবশেষত ছুই বংশৰ ৰজাসকলৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলক প্রতিযোগিতামূলক পৰীক্ষাৰ মাজেদি নিৰ্ব্বাচন কৰি লোৱা হৈছিল।
চৌবংশৰ সম্রাট সকলৰ যুগটে। চীনৰ ইতিহাসৰ সামন্ত যুগ বুলি কোৱা হয়। চৌবংশৰ সম্রাটেই জমিদাৰী পদ্ধতিত চীনৰ সম্ভ্রান্ত পৰিয়াল সকলক পাঁচ ভাগত ভগায় আৰু প্ৰত্যেক শ্রেণীকে একে। একোটা বিশেষ মর্যাদা দিয়ে। সাধাৰণ প্ৰজাসকলক সামাজিক প্রতিষ্ঠ। অনুযায়ী চাৰি ভাগত বিভক্ত কৰিছিল, যেনে বিদ্বান পণ্ডিত কৃষক, শিল্পী আৰু বণিক সকল। অকল বিদ্বান সকলেহে ৰাজবিষয়। পাব পাৰিছিল আৰু জমিদাৰ সকলক লৈ তেওঁলোকেই সমাজত বিশেষ প্রতিপত্তি পাইছিল। সাধাৰণ প্ৰজা সকলে এই জমিদাৰ সকলৰ খেমখাটনি কৰিব লাগিছিল আৰু তেওঁলোকৰ তলত খেতি-বাতি কৰি জীবিকা নিৰ্ব্বাহ কৰিব লাগিছিল। সেইকালত খেতিয়ক
সকলৰ জীৱন নিৰ্বাহ সহজ নাছিল। কনফুচিয়াছৰ কবিতাপুথিত সঙ্কলিত কবিতাবোৰত সেইযুগৰ খেতিয়কৰ দুৰবস্থা বর্ণাই লিখা কবিতাবোবেই তাৰ সাক্ষী। বৰষুণ হৈ খেতিৰ উপযোগী বতৰ হলেও প্রথমে খেতিয়কে জমিদাৰৰ মাটিতে চহাব লাগিব। জমিদাৰৰ মাটিৰ খেতি লগোৱা শেষ হলেহে নিজৰ মাটিত চহ্ন আৰম্ভ কৰিব পাৰে। তেতিয়ামানে হয়তো খেতিৰ বতৰেই নাথাকে। সমাজত জমিদাৰসকলৰ বৰ প্রতিপত্তি আছিল আৰু ৰজাঘৰতে। সি স্বীকৃতি পাইছিল।
সীমান্তত থকা জমিদাৰ সকলৰ ক্ষমতা ক্ৰমে বাঢ়ি গৈছিল আৰু সময়ে সময়ে তেওঁলোকৰ মাজত যুদ্ধবিগ্রহে। হৈছিল আৰু প্রত্যেকে সামৰিক শক্তিৰ বৃদ্ধিত মনোনিবেশ কৰিছিল। সময়ত কোনো কোনো ক্ষমতাপন্ন জমিদাৰে নিজকে স্বাধীন ৰজা বুলি ঘোষণা কৰিছিল আৰু কেন্দ্ৰীয় সম্রাটৰ বিৰুদ্ধেও বিদ্রোহ কৰিছিল। খৃঃ পূঃ ৭৫০ চনৰ পৰা খৃঃপূঃ ২৫° চনলৈকে কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা শিথিল আছিল আৰু চীনত অসংখ্য স্বাধীন ৰাজ্য গঢ়ি উঠিছিল। এওঁলোকে নামতহে সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল আৰু প্ৰকৃততে সৰ্ব্বভৌম ৰজাৰ দৰেই চলিছিল। কিন্তু চীনৰ কৃষিৰ বিশেষত্বৰ কাৰণেই জমিদাৰী প্ৰথাই ভালদৰে খোপনি পুতিব নোৱাৰিছিল। পানীযোগানৰ কেন্দ্ৰীয় ব্যবস্থাৰ প্ৰয়োজন সদায় অব্যাহত আছিল আৰু কৃষকে সদায় উমৈহতীয়া পানীযোগানৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হোৱাত আঞ্চলিক অনুগত্য গাঢ় হব
নোৱাৰিছিল। কৃষি সমস্যাই চীনত প্রধান সমস্যা আছিল আৰু তাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধিক প্রয়োজন আছিল। ফলত কৃষক জনসাধাৰণৰ ওপৰত জমিদাৰ সকলৰ স্থায়ী প্রভুত্ব আৰু আধিপত্য নৰজিছিল।
চীনৰ এই সামন্ত ৰাজ্যসকলৰ ভিতৰত প্ৰথমতে খৃঃ পূঃ ৩৫০ চনত "চীন" ৰাজ্যত (State of Chin) জমিদাৰী প্রথা বা ফিউদেল প্রথা উঠাই দিয়া হয় আৰু জমি বিতৰণৰ এটা নতুন পদ্ধতি গ্রহণ কৰা হয়। এই নীতিমতে সকলো মাটিৰ অধিকাৰী আছিল সম্রাট আৰু প্ৰত্যেকজন মানুহকে কুৰিবছৰ বয়স হোৱাৰ লগে লগে একোখণ্ড জমিৰ পত্তন দিয়া হৈছিল। কিন্তু মানুহজনৰ মাটিত স্বত্ব নাছিল আৰু দান বিক্ৰী হস্তান্তৰ একো কৰিব নোৱাৰিছিল । সি সেই মাটিত খেতি কৰিব আৰু তাৰ উৎপাদনেৰে জীবিকা নির্ব্বাহ কৰিব পাৰিছিল। আকৌ মানুহজনৱ ষাঠি বছৰ বয়স হোৱাৰ পাচত সেই জমিত তাৰ কোনোৰূপ স্বত্ত্বই নাথাকে আৰু পুনৰ সেই জমি ৰজাৰ হাতলৈ আহে। প্রথমতে এই নীতি কাৰ্য্যকৰী হৈছিল আৰু সাময়িক ভাবে হলেও খেতিয়কে নিজৰ এডৰা জমি পোৱাত যথেষ্ট আগ্রহে তাত খেতিবাতি কৰিছিল। কিন্তু পিচলৈ জনসংখ্যাৰ অত্যধিক বৃদ্ধিৰ কাৰণে এই নীতি বিফল হল আৰু উৎপাদন কমি যাবলৈ ধৰিলে। দেশৰ অ'ত ত'ত মাটিত কৃষকৰ সুকীয়া স্বত্ব গজি উঠিল আৰু অবশেষত খেতিৰ মাটিত কৃষকৰ স্বত্বই চীন ৰাজ্যত চৰকাৰৰ পৰাও স্বীকৃতি পালে।
খেতিয়কে খেতিৰ মাটিত স্বত্ব-স্বামীত্ব পোৱাৰ লগে লগে খেতিয়ক সকলৰ মাজত অপূৰ্ব্ব জাগৰণে দেখা দিলে আৰু দেশৰ আৰ্থিক অৱস্থা ক্রমান্বয়ে উন্নত হৈ আহিব ধৰিলে। খেতিয়ক সকলে দুগুণ উৎসাহে কাম কৰিব ধৰিলে আৰু দেশৰ উৎপাদন যথেষ্ট বাঢ়িল। সাম্ৰাজ্যৰ অইন অইন ৰাজ্যৰ তুলনাত সেইখন ৰাজ্যৰ শ্ৰীবৃদ্ধি চকুত লগা হৈ পৰিল আৰু যিবিলাক ৰাজ্যত ভূমি বিতৰ্ণ নীতিত এনে সংস্কাৰ প্ৰবৰ্ত্তন কৰা নাছিল তাৰ কৃষকসকলৰ মাজত বৰ অসন্তুষ্টিয়ে দেখা দিলে। তাৰোপৰি ফিউদেল বা জমিদাৰী প্ৰথা প্রচলনৰ কাৰণে পানী যোগান ব্যৱস্থা অৱহেলিত হোৱাত মাটিৰ উৎপাদিকা শক্তি কমি যাবলৈ ধৰিলে আৰু দেশত দুর্ভিক্ষই দেখা দিলে। প্ৰজাৰ মাজত বিদ্ৰোহ আৰম্ভ হল আৰু চীন ৰাজ্যৰ ৰজা চীন চেঙে (Chin Cheng) এই বিদ্রোহী প্ৰজাসকলৰ অধিনায়কত্ব কৰিবলৈ সুযোগ পালে। কাৰণ তেওঁ ৰাজ্যত খেতিয়ক সকলক মাটিৰ অধিকাৰ দিছিল আৰু প্ৰয়োজনীয় পানীযোগান ব্যৱস্থ। উন্নত কৰি ৰাখিব পাৰিছিল । খৃঃ পূঃ ২২১ চনত চীন চেঙে তথাকথিত স্বাধীন ৰাজ্যবিলাকক প্ৰজাৰ সহযোগত দমন কৰি নিজৰ বশ্যতালৈ আনে আৰু চীন শ্বিহ হুৱেংটি নাম লয় । এই নাম আগেয়ে পৌৰাণিক দেবৰাজ এজনৰহে আছিল। এই নাম লৈ চীন শ্বিহ হুৱেংটিয়ে নিজক প্রথম সম্রাট বুলি ঘোষণা কৰে আৰু গোটেই চীন সাম্রাজ্য একত্রীকৰণ কৰি প্ৰবল প্রতাপে শাসন কৰে। তেওঁৰ দিনতে প্রথম৩২
বাৰৰ কাৰণে সমগ্ৰ চীনতে এর শাসন প্ৰবৰ্ত্তন কৰা হয়। চীন শ্বিহ হুৱেংটিৰ খৃঃ পূঃ ২০৯ চনত মৃত্যু হয় আৰু যদিও তেওঁৰ মৃত্যুৰ পিছত পুনৰ জমিদাৰী প্ৰথা অত তত চলিছিল তথাপি তেওঁৰ শাসনত প্ৰবৰ্ত্তন হোৱা ভূমি-সংস্কাৰ নীতি প্রায় বর্তমান যুগলৈকে চলি আহিছে। ঐতিহাসিক সকলে শ্বিহ হুৱেংটিক চীনৰ নেপোলিয়ন আখ্যা দিছে। এইজন! সম্রাটেই বিশ্ব বিখ্যাত চীনৰ প্ৰাচীৰ নিৰ্ম্মাণ কৰাইছিল। হুৱেংটিৰ বিশেষত্ব বা বীৰত্ব সমৰবিজয়ী হিচাবে নাইবা চীনৰ প্ৰাচীৰ নিৰ্ম্মাণ কৰোতা হিচাবে নহয়, তেওঁৰ বীৰত্ব আছিল সমগ্ৰ চীন সাম্ৰাজ্যৰ বৈপ্লবিক ভূমি নীতিৰ প্ৰবৰ্ত্তক হিচাবেহে। কিন্তু ৰাজত্বৰ শেষৰ কাল ছোৱাত তেওঁ বৰ গৰ্ব্বিত হৈ উঠে আৰু বৰ অসহিষ্ণু হয়। এইজন ৰজাই চীনৰ বিখ্যাত দার্শনিক আৰু সংস্কাৰক কনফুচিয়াছৰ সকলো পুধি জুইত পুৰি ভস্ম কৰাইছিল, কাৰণ কোনো কোনোৱে কনফুচিয়াক তেওঁতকৈও ডাঙৰ পুৰুষ বুলি সম্মান কৰিছিল আৰু তেওঁৰ পুথিৰ বচন উদ্ধৃত কৰি তেওঁৰ জ্ঞান গৰিম। প্ৰচাৰ কৰিছিল।
ভূমিত ব্যক্তিগত অধিকাৰ স্বীকৃত হোৱাৰ কাৰণে পিচতগৈ আঢ্যবস্তু সকলৰ হাতত ভূমি থুপ খাই পৰিল আৰু প্ৰকাণ্ড প্ৰকাণ্ড খাট পামৰ সৃষ্টি হ'ল। প্রায় এহেজাৰ বছৰ ধৰি চীনত পুনৰ পুৰণি মাটি নীতি প্রচলন কৰিবলৈ সময়ে সময়ে প্রচেষ্টা চলি আছিল। এই প্রচেষ্টাবিলাকৰ ভিতৰত একাদশ শতাব্দীত সমাজবাদী দার্শনিক আৰু ৰাজনীতিবিদ ওৱাং খান যিহে
( Wang An Shih ) চলোৱা প্রচেষ্টা বিশেষ উল্লেখযোগ। ওরাং আন শ্বিহে একপ্ৰকাৰ কৃষিঋণ আৰু উৎপন্ন বস্তুৰেই আদান প্রদানৰ ব্যৱস্থা প্ৰবৰ্ত্তন কৰিছিল। মাটিৰ ওপৰত আৰু সম্পত্তিৰ ওপৰত কৰ বহুৱাইছিল আৰু মাটিৰ পত্তম ব্যৱস্থা দৃঢ় কৰিছিল। মাটি জৰীপ কৰি উৎপাদিকা শক্তি অনুযায়ী মাটিৰ শ্রেণীবিভাগ কৰিছিল। যাতে খেতিয়ক সকলে নিজৰ দুৰবস্থাৰ বাবে ধনী সকলৰ হাতত সর্ববস্ব সমৰ্পণ কৰিব লগা অবস্থাত নপৰে তাৰ ব্যৱস্থা কৰাই তেওঁৰ উদ্দেশ্য আছিল। কৃষকসকলে যাতে কৰৰ বোজা বহন কৰিব লগা নহয় তাৰ ৰাবে তেওঁ সম্পত্তিৰ ওপৰত কৰ বহুৱাবলৈ পৰামৰ্শ দিছিল। কিন্তু তেওঁৰ শাসন নীতি, বিশেষকৈ ভূমি সংস্কাৰ আৰু কৰ বহুৱা নীতি কাৰ্য্যকৰী কৰিব নোৱাৰিলে। ধনীশ্রেণীৰ পৰা তেওঁ প্ৰৱল বাধা পালে আৰু শাসনযন্ত্র দৃঢ় নোহোৱাত তেওঁ বৈপ্লবিক নীতি পৰিত্যাগ কৰিব লগাত পৰিছিল।
পৃথিবীৰ আন আন জাতিৰ ইতিহাসতকৈ চীনৰ ইতিহাসৰ বিশেষত্ব হৈছে সমাজ-ব্যৱস্থাৰ স্থায়িত্ব আৰু চীনসাম্রাজ্যৰ স্থিতিশীলতা। নামত হলেও চীন সাম্রাজ্য চলি আহিছে আৰু বিভিন্ন ৰাজ্যবিলাকৰ সংহতিত চীনৰ গণৰাজ্য লোপ পোৱা নাই। সংৰক্ষণশীলতাই চীনৰ সভ্যতাৰ বৈশিষ্ট্য।
যুগৰ পৰিস্থিতিয়ে মহৎ লোকৰ সৃষ্টি কৰে - এই বচন ফাঁকি কনফুচিয়াছৰ ক্ষেত্ৰত ভালকৈ খাটে । কনফুচিয়াছ আছিল যুগমানব। খৃঃ পূঃ ষষ্ঠ শতিকাত চীনৰ আভ্যন্তৰীণ অৱস্থাই কনফুচিয়াছৰ দৰে এজন তীক্ষ্ণধী, জনগণৰ পথপ্ৰদৰ্শক মহান ব্যক্তিৰ আবির্ভাবৰ ক্ষেত্র প্রস্তুত কৰি ৰাখিছিল। প্রায় এহাজাৰ বছৰ ৰাজত্ব কৰাৰ পিচত খৃঃ পূঃ ১১২৫ চনত স্বাং (Shang ) বংশৰ ক্ষমতাৰ ওৰ পৰে। তাৰ পৰাই চীনত নানা প্ৰকাৰৰ ৰাজনৈতিক বিপর্যয় দেখা দিয়ে। প্রায় পাঁচশ বছৰ কাল ধৰি চীনত অসংখ্য সৰু সৰু ৰাজ্য গঢ়ি উঠে আৰু এই ৰাজ্য বোৰৰ মাজত যুদ্ধ-বিগ্রহ হৈ চীনৰ ৰাজনৈতিক অৱস্থাত অস্থিৰতাই দেখা দিয়ে। এই কালছোৱাত চৌবংশৰ সম্রাটসকলে চীনত ৰাজত্ব কৰিছিল। চৌবংশৰ সম্রাটসকলৰ ৰাজত্বৰ শেষৰ ছোৱাত কেন্দ্রীয় শাসন একেবাৰেই শিথিল হৈ পৰে আৰু কেন্দ্রীয় চৰকাৰৰ দুৰ্ব্বলতাৰ সুযোগ লৈ ক্ষমতাপন্ন সামন্তসকলে স্বাধীনতা ঘোষণা কৰি সাৰ্ব্বভৌম ৰজা হিচাবে চীনক অসংখ্য ৰাজ্যত বিভক্ত কৰি দেশত আউল লগাইছিল। এনে অশান্ত পৰিস্থিতিত বহুকাল ধাৰ চলি অহা ৰীতি-নীতি সমাজ-ব্যবস্থা সকলো ছিন্নভিন্ন হৈ যায়। মানুহৰ মনত এটা গভীৰ হতাশাই স্থান পাইছিল। সেই সময়ত জনসাধাৰণে কিমান দুখ-দুৰ্গতি ভোগ কৰিব লগা হৈছিল তাক খৃঃ পূঃ ৭ম
আৰু ৮ম শতিকাত ৰচিত হোৱা আৰু মুখে মুখে চলি অহা লোকগীতি বোৰৰ পৰাই অনুমান কৰিব পাৰি।
এনে বৈপ্লবিক পৰিস্থিতিয়ে মানুহৰ মনত স্বাধীন চিন্তাৰ সমল যোগাইছিল আৰু এই কালছোৱাই প্রাচীন চীনৰ ইতিহাসত এটা নতুন যুগৰ সূচনা কৰিছিল। প্রশাসন, নৈতিক জীৱন, ধৰ্ম্ম, সমাজ-ব্যৱস্থা আদি সকলো ক্ষেত্ৰতে সংস্কাৰৰ একান্ত প্রয়োজন হৈছিল আৰু যোগ্যলোকৰ নিৰ্দেশ যুগে আহ্বান কৰিছিল। যেতিয়। ৰাজনৈতিক খেলিমেলিত চীনৰ জনসাধাৰণৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছিল, যুগ যুগ ধৰি চলি অহা সামাজিক, নৈতিক, সাংস্কৃতিক ঐতিহ্য অৱহেলিত আৰু অনাদৃত হৈ পৰিছিল, সেই সন্ধিক্ষণত জনগণৰ আশাৰ প্রদীপ লৈ গৌৰবময় ঐতিহ্য ৰক্ষা কৰিবলৈ কনফুচিয়াছৰ আবির্ভাব হৈছিল।
চীনদেশৰ লু প্ৰদেশৰ ছাও জিলাত হোৱাংহো নদীৰ দাতিকাষৰীয়া এখন ঠাইত প্রায় আঢ়ৈ হাজাৰমান বছৰৰ আগেয়ে প্রসিদ্ধ শ্বু বংশত শ্বু হুলিয়ঙহেইহ, নামেৰে এজন বৰ ক্ষমতাপন্ন লোক আছিল। তেওঁ বৰ বলী, সাহসী আৰু দেখাতো বৰ ডাঙৰ-দীঘল পুৰুষ আছিল। তেওঁৰ শৌৰ্য্য-বীৰ্য্য সম্পর্কে গোটেই দেশতে নানাপ্ৰকাৰৰ জনশ্রুতি প্রচলিত হৈছিল। তেওঁ চীনৰ ৰাজবংশৰ লোক আছিল আৰু পীত সাগৰৰ দাতিত থকা পীতনদীৰ উপকুলৰ ছাওছিলাৰ সেনাধিনায়ক আছিল। সেইসময়ত চীনসাম্ৰাজ্যৰ আভ্যন্তরীণ প্রশাসন
একেবাৰেই শিথিল হৈ পৰে আৰু এই কেন্দ্ৰীয় প্ৰশাসনৰ শিথিলতাৰ সুযোগতে দেশত অসংখ্য সৰু সৰু ৰাজ্য গঢ়ি উঠে। এই সৰু সৰু ৰাজ্যবোৰত একোজন ৰজাই ৰাজত্ব কৰিছিল। এই ৰাজ্যবোৰৰ মাজত বৰ মিলাপ্ৰীতি নাছিল আৰু সততে যুজ-বাগৰ লাগিয়েই আছিল। সেইকাৰণে সেইসময়ত বলী আৰু সাহসী মানুহৰ বৰ সমাদৰ আছিল।
হলিয়াঙহেইহ, বৰ ক্ষমতাপন্ন হৈ উঠিছিল আৰু সৈন্য পৰিচালনাত তেওঁ বৰ পটু আছিল। তেওঁৰ সুদক্ষ সৈন্য পৰিচালনাৰ বাবেই তেওঁৰ ৰাজ্য অপৰাজেয় আছিল। যুদ্ধৰ বিভীষিকাৰ পৰা নিষ্কৃতি পোৱা বাবে ৰাজ্যৰ প্ৰজাসকল বৰ সুখত আছিল আৰু সকলোৱে শতমুখে খুহুলিয়াঙক প্রশংসা আৰু সন্মান কৰিছিল। ৰজা, প্ৰজা সকলোৰে পৰা সন্মান সমাদৰ পাই তেওঁ অধিক কৰ্ত্তব্যপৰায়ণ হৈছিল আৰু সুখশান্তি ৰক্ষা কৰি ৰাজ্যখন অধিক সমৃদ্ধিশালী কৰাটোৱেই তেওঁ জীৱনৰ ব্ৰত হিচাবে লৈছিল।
অশেষ ক্ষমতা আৰু সন্মানৰ গৰাকী হলেও এটা কথাৰ কাৰণে তেওঁ বৰ সুখী নাছিল। তেওঁৰ লৰা সন্তান নাছিল। এটি এটিকৈ শ্বু'হুলিয়াঙৰ,ম-জনী ছোৱালী জন্মিল কিন্তু পুত্রমুখ নেদেখিলে। সেইসময়ত চীনদেশত ছোৱালীৰ বৰ আদৰ নাছিল। ছোৱালীৰ বয়স হলেই বিয়াবাৰ দি উলিয়াই দিব লাগে। ছোৱালী বোৱাৰী হৈ গিৰিয়েকৰ ঘৰ ধৰিব কিন্তু বুঢ়াকালত মাক বাপেকক চাবলৈ সিহঁতৰ অবসৰো নাই,
সুযোগো নাই। এতেকে পুত্রসন্তানৰ অবিহনে ভাটিবয়সত মানুহ নিৰাশ্ৰয় হৈ পৰে। এই ঐহিক অসহায় অৱস্থাৰ উপৰিও পাৰলৌকিক প্রয়োজনৰ বাবেও পুত্ৰসন্তানৰ লুকীয়া স্থান আছে। চীনদেশত সেই সময়ত প্রচলিত ৰীতি অনুসৰি পুতেকেছে পিতৃপুৰুষসকলৰ শ্ৰাদ্ধ, প্রেতকৰ্ম্ম আদি কৰিব পাৰে । ছোৱালীয়ে গিৰিয়েকৰ পিতৃপুৰুষৰহে শ্রাদ্ধাদি কৰিব পাৰে, নিজৰ পিতৃপুৰুষৰ লগত কোনো সম্বন্ধ নাথাকে। অবিবাহিত। হৈ থকা ছোৱালীৰ কথা তেতিয়াৰ সমাজে ভাবিব নোৱাৰিছিল আৰু ছোৱালীৰ কোনো ব্যক্তি-স্বাধীনতাও নাছিল । এতেকে নজনী ছোৱালীৰ পিতা হৈও এটিও পুত্রসন্তান নথকাত বংশ লোপ হোৱাৰ আশঙ্কাই শুহুলিয়াঙৰ অন্তৰত বৰ দুখ দিছিল। নিজৰ বংশ ৰক্ষাৰ বাবে আৰু উপৰি পুৰুষসকলৰ ক্ৰিয়াকাও যাতে লোপ নাপায় তাৰ বাবে তেওঁ সদায় পুত্ৰকামনা কৰিছিল আৰু পুত্ৰৰ উদ্দেশ্যে গিৰিয়েক ঘৈণীয়েক দুয়ে। ব্রত, উপাসনা, পূজা পাতল আদি কৰিছিল। হুলিয়াঙে কেইবাবাৰে। বিয়া কৰায় আৰু অৱশেষত তেওঁৰ ৭০ বছৰ বয়সত তেওঁৰ ন
ঘৈণীয়েক চীঙছাইৰ এটি পুত্র জন্মে। এই লৰাটিৰ নাম চিউ ৰাখিলে। এই চিউয়েই পিছত কনফুচিয়াছ নামে প্রখ্যাত হয় । কনফুচিয়াছে খৃঃ পূঃ ৫৫১ চনত জন্মগ্ৰহণ কৰে ।
কনফুচিয়াছৰ জন্ম সম্বন্ধে এটা আখ্যান চীনদেশত প্রচলিত আছে। চীঙছাই অন্তসত্ত্বা হোৱাৰে পৰা যাতে তেওঁৰ পুত্ৰ
সন্তান জন্মে সেই উদ্দেশ্যে তেওঁ নানা পূজা-পাতল কৰিছিল। এদিন চীছাইয়ে এটা সপোন দেখিলে আৰু সেই সপোনত তেওঁক যেন এগৰাকী দিব্য পুৰুষে কৈ গ'ল যে এইবাৰ তেওঁৰ এটি সৰ্ব্বহুলক্ষণসম্পন্ন পুত্র জন্মিব আৰু সেই পুত্ৰক নূনী গছৰ ধোৰোঙত জন্ম দিব লাগিব। এই সপোনৰ কথা যেতিয়া
চীঙছাই গিৰিয়েকক কলে তেতিয়া শ্বহলিয়াঙে এই দৈববাণীৰ মৰ্ম্ম বুজি পালে আৰু প্ৰসবৰ সময়ত তেওঁ ঘৈণীয়েক চীঙছাইক মুনী গুহা নামৰ গুহা এটাত থৈ আহিল গৈ । যথাসময়ত চীছাইৰ সেই গুহাটোত এটি দীপলিপ পুত্র সন্তানৰ জন্ম হ'ল আৰু সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে বিদ্যাধৰী অপ্সৰী সকলে আহি গুহাৰ সমুখত সেই নবজাতকক সম্বৰ্দ্ধনা জনালে। গুহাটোৰ ভিতৰে বাহিৰে বিদ্যাৰী সকলে সুগন্ধি দ্ৰব্য ছটিয়াই মলমলীয়। গোন্ধেৰে ওপচাই পেলালে আৰু নানা সুললিত সঙ্গীত গাবলৈ ধৰিলে। তেনে সময়তে এটা আকাশবাণীয়ে প্রসূতী চীঙছাইক সম্বোধন কৰি ঘোষণা কৰিলে যে এই লৰাৰ পুণ্যজন্মত স্বৰ্গৰ দেৱতাসকল তুষ্ট হৈ এই সঙ্গীতেৰে নবজাতকক অভ্যর্থনা জনাইছে। এই লৰাই দেশত ধৰ্ম্ম প্ৰতিষ্ঠা কৰিব আৰু মানবক নতুন পথৰ সম্ভেদ দিব। সাজাত শিশুটিক ধুৱাবলৈ পানীৰ যোগান ধৰি সেই গুহাৰ মাজৰ পৰাই এট। নিজৰা ওলাই আহিল আৰু লগে লগে যেন কোনোবাই কৈ উঠিল - এই লৰাই মকদেশত পৰিণত হোৱা হাওদেশৰ কণ্টকবিহীন ৰজা হব।
এই আখ্যানৰ মূল্য যিয়েই নহওক লাগে, কনফুচিয়াছে যে চীনৰ জনসাধাৰণৰ মানত দেৱতাসদৃশ আছিল তাক সকলোৱে স্বীকাৰ কৰে।
কনফুচিয়াছৰ সৰুকালিত নাম আছিল চিউ। চিউৰ তিনি বছৰ পূৰ হবলৈ নৌপাওঁতেই পিতাক শ্বু হুলিয়াওহেইহুৰ
মৃত্যু হয়।
শ্বু হুলিয়াঙহেইহ, ছাওদেশৰ শাসনকৰ্ত্ত। আছিল যদিও তেওঁৰ নিজৰ আৰ্থিক অৱস্থা মুঠেই টনকিয়াল নাছিল। দেশৰ সেৱাই তেওঁৰ ব্ৰত আছিল আৰু দেশৰ উন্নতিৰ কাৰণেই একান্ত আত্মনিয়োগ কৰাৰ বাবে ব্যক্তিগত জীৱনৰ ধনসম্পদৰ কথা একো নাভাবিছিল। এতেকে শ্বুহুলিয়াঙৰ মৃত্যুৰ পিচত তেওঁৰ ঘৈণীয়েক চীছাই বৰ আৰ্থিক দুৰবস্থাত পৰে। তথাপি নানা কষ্টৰ মাজেদিও একমাত্ৰ লৰা চিউক ভাল শিক্ষা দিবলৈ ব্যৱস্থা কৰে। চিউ বৰ বুধিয়ক লৰা আছিল আৰু শিক্ষক সকলে অতি কম বয়সতে তেওঁৰ তীক্ষ্ণ বুদ্ধিবৃত্তিৰ পৰিচয় পাই বৰ প্ৰশংসা কৰিছিল। শিক্ষকসকলৰ মুখে নিজৰ পুতেকৰ প্রশংসা শুনি মাকৰ অন্তৰ আনন্দত নাচি উঠিছিল আৰু পুতেকৰ শিক্ষাৰ বাবে তেওঁ সকলো ত্যাগ স্বীকাৰ কৰিবলৈ মনস্থ কৰিছিল। অর্থকষ্ট বা অইন হুযোগৰ অভাৱত যাতে চিউৰ পঢ়াশুনাত কোনো ব্যাঘাত নজন্মে, তাৰ বাবে মাৰু
চীঙছাই বৰ সতৰ্ক আছিল। মা উদগণি, শিক্ষকৰ মৰম আৰু সমাদৰ পাই চিউয়ে পঢ়াশুনাত অধিক মনযোগ দিছিল আৰু নিচেই কম বয়সতে বয়সৰ অনুপাতত জটিল পাঠ যিলাককে। লুন্দৰকৈ বুজি আয়ত্ব কৰিব পাৰিছিল। কুমলীয়া ছাত্ৰ চিউৰ বিদ্যাবুদ্ধিত শিক্ষকসকল মোহিত হৈছিল। বয়স বাঢ়ি অহাৰ লগে লগে কুংবংশৰ মেধাবী ছাত্র চিউকুঙৰ যশ্যা গোটেই দেশত বিয়পি পৰিল আৰু তেওঁৰ লগত আলাপআলোচনা কৰিবলৈ আৰু তেওঁৰ বক্তব্য শুনিবলৈ নানাঠাইৰ পৰা মানুহ আহিবলৈ ধৰিলে। ছাত্র অবস্থাতে চিউকুঙে শিক্ষকতাও কৰিব লগা হৈছিল আৰু তেওঁতকৈ বয়সীয়াল আৰু সংসাৰৰ অভিজ্ঞতা থকা লোকসকলৰ লগত নানান সমস্যাৰ আলোচনা কৰোঁতে নিজৰ ওপৰত অটল বিশ্বাস জন্মিছিল। তেওঁৰ লগত আলোচনা কৰিব অহা লোকসকলৰ আন্তৰিক শ্রদ্ধা আৰু সন্মানে চিউকুঙক প্ৰেৰণা যোগাইছিল আৰু সমস্যাবহুল, অৰিয়াঅৰি-বিধ্বস্ত চীনক নতুন পথেৰে আগুৱাই নিবলৈ চিন্তাম্বিত কৰি তুলিছিল।
চীনদেশত সেই সময়ত লৰা-ছোৱালীবিলাকৰ বিয়া-বাৰু কম বয়সতেই হৈছিল। ১৯ বছৰ বয়সত চিউকুঙে বিয়া কৰাই ছাত্ৰজীৱনৰ পৰা গার্হস্থ্য জীৱনত সোমায়। চিউকুঙৰ পিতাক ঢুকুৱাৰ সময়ত তেওঁৰ বয়স মাত্র তিনি বছৰহে হৈছিল। বুঞ্জন হোৱাৰ লগে লগে আৰ্থিক অনাটনৰ হেঁচাত পৰি সংসাৰ চলাবলৈ চিউৱে পূৰিশ্ৰম কৰিব লগীয়া হৈছিল। নানা কাম কাজ
কৰিও তেওঁৰ পঢ়াশুনাৰ প্ৰতি যথেষ্ট ঘাউতি ৰাখিব পাৰিছিল। ১৫ বছৰ বয়সত চিউৱে সন্ন্যাসী হবলৈ স্থিৰ কৰে বুলিও এটা প্রবাদ আছে।
বিয়া-বাৰু কৰাই সংসাৰী হলেও সংসাৰৰ লেঠাই চিউকুপ্তক বৰ বান্ধ খুৱাব নোৱাৰিছিল। ছাত্ৰ অৱস্থাৰ দৰেই তেওঁ সদায় পঢ়াগুনা কৰি কটাইছিল। তেওঁৰ মনত এটা চিন্তাই বৰ দকৈ শিপাইছিল - সজশিক্ষা আৰু সজশাসন এই দুটাৰ সমন্বয় কেনেকৈ স্থায়ী কৰিব পাৰি। তেওঁৰ অন্তৰতো এনে এটা ভাবে উকি মাৰিছিল যে তেওঁ অকল শিক্ষিত হলেই মহক, তেওঁ সাধুশাসক হব লাগিব আৰু তেৱেঁই সুশিক্ষা থাক লুশাসনৰ সমন্বয় ঘটাই জগতবাসীৰ আগত এটা মূৰ্ত্ত আদর্শ ভাঙি ধৰিব। এই সুযোগ তেওঁ সোনকালেই পালে।
বিয়াৰ কিছুদিন পিছতে চিউকুঙে এটা চৰকাৰী পদ পায়। তেওঁ সেই প্ৰদেশৰ ৰজাৰ তলত ভৰাল ৰখীয়। বাব পায় । সেই সময়ৰ ভৰালীবাব আজিকালিৰ কোষাধ্যক্ষৰ দৰেই আছিল। নিচেই কম বয়স হলেও তেওঁ চৰকাৰী পদত সোমাই দক্ষতাৰে কাম কৰে আৰু সুচাৰু ৰূপে কাম কৰিব পৰাকৈ সংস্কাৰ কৰি লয়। তেওঁ প্ৰবৰ্ত্তন কৰা সংস্কাৰসমূহ ইমান সৰল আৰু প্রয়োজনীয় আছিল যে সিবিলাকৰ কাৰ্য্যকাৰিতাত তুষ্ট হৈ ছাও দেশৰ মন্ত্ৰীয়ে তেওঁক কৃষিদপ্তৰৰ মুখ্যবিষয়। পদলৈ উত্তীর্ণ কৰিলে। ৰাজকৰ্ম্মচাৰী হিচাবে চিউ আছিল কৰ্ত্তব্যপৰায়ণ, বিশ্বাসী আৰু অক্লান্ত কৰ্ম্মা। সমস্যাবহুল আৰু অতি দায়িত্বকনফুচিয়াহ
শীল পদত নিযুক্ত হৈ চিউৱে অতি সুখ্যাতিৰে আৰু দক্ষতাৰে কাম চলালে আৰু আগৰ চলিথকা আসোঁৱাহবোৰ দূৰ কৰি ৰজা প্রজা সকলোকে তুষ্ট কৰি সকলোৰে সমাদৰ পালে । চিউকুঙৰ অন্তৰৰ বাসনা আছিল সুশিক্ষা আৰু সুশাসন' দুয়োকে। সমন্বয় কৰি জনগণৰ হিতসাধনত প্রয়োগ কৰা। এতেকে উচ্চ চৰকাৰী পদত অধিস্থিত হৈও তেওঁ শিক্ষালাভ আৰু শিক্ষা আহৰণৰ প্ৰতি যথেষ্ট সচেতন আছিল। চৰকাৰী বিষয়ৰ দায়িত্ব আৰু কৰ্ত্তব্য লুচাৰুৰূপে সম্পন্ন কৰিও আজৰি সময়ত তেওঁ কবিতা আৰু সঙ্গীত চর্চ্চা কৰিবলৈ লাগিল। কবিতা আৰু সঙ্গীতত তেওঁৰ মন ইমান আকৃষ্ট হৈছিল যে তেওঁ চৰকাৰী পদ ইস্তফা দি একান্তমনে ইয়াৰ সাধনা কৰিবলৈ পাঙিছিল। কিন্তু তেনে সময়তে তেওঁৰ এটি পুত্র জন্মে। মাক, পুতেক আৰু বৈণীয়েকৰ ভৰণ-পোষণৰ অন্য ব্যৱস্থা নথকাত তেওঁ চাকৰি কৰি থাকিব লগাতে পৰিল । কিন্তু তেওঁৰ মন ক্ৰমে অধ্যয়নৰ পিনেহে বেচি ঢাল খালে। নতুন নতুন বিষয় অধ্যয়ন কৰিবলৈ তেওঁৰ মনত প্রবল ধাউতি জন্মিল। পদৰ দায়িত্ব আৰু মৰ্য্যাদ। লুচাৰুৰূপে আৰু সম্পূৰ্ণৰূপে পালন কৰিও আজৰি সময়ত ইতিহাস, কবিতা, সঙ্গীত আদি বিষয়বোৰ প্ৰণালীবদ্ধ ভাবে অধ্যয়ন কৰিবলৈ লাগিল। দিনে দিনে তেওঁৰ জ্ঞান বাঢ়িল আৰু গোটেই দেশতে তেওঁৰ বিচা, বুদ্ধি, যশ, খ্যাতি প্ৰচাৰ হবলৈ ধৰিলে। তেওঁৰ ঘৰখন বিদ্যামুন্দিৰ বা গভীৰ বিষয়ৰ আলোচনাকেন্দ্র হৈ পৰিল।
প্রায় নিতৌ সন্ধিয়া নানা ঠাইৰ পৰা লৰা, ডেকা, বুঢ়া সকলোৱে নানা কথা আলোচনা কৰিবলৈ চিউকুঙৰ ঘৰলৈ আহিব ধৰিলে। ধৰ্ম্ম, অধর্ম্ম, কৰ্ত্তব্য, অকৰ্ত্তব্য, উচিত, গর্হিত আদি নানা বিষয়ৰ গভীৰ আলোচনা তেওঁৰ ঘৰত হবলৈ ধৰিলে আৰু চিউৱে এই সমস্যাবিলাকৰ যৌক্তিক সমাধান দি সকলোকে তুষ্ট কৰিব পাৰিছিল। এইদৰে ৰাজকৰ্ম্মচাৰী চিকুঙ আজৰি সময়ত শিক্ষক হৈ পৰিল। জানিবলৈ একান্ত আগ্রহ থকা লোকসকলক শিক্ষা দি কুঙে বৰ আনন্দ পাইছিল। তেওঁৰ ওচৰলৈ অহা মানুহবিলাকেও এই উচ্চপদস্থ ৰাজবিষয়াজনৰ পাণ্ডিত্য, সৰলতা, কৰ্ত্তব্যপৰায়ণতা, সাধুতা আৰু সহৃদয়তাত মুগ্ধ হৈ পৰিছিল। অতি জটিল আৰু তাত্ত্বিক সমস্যাবিলাকৰো সৰল আৰু প্ৰাঞ্জল ব্যাখ্যাত লোকসকল তন্ময় হৈ পৰিছিল। পাণ্ডিত্যৰ গভীৰতাত মুগ্ধ হৈ তেওঁৰ ওচৰলৈ অহা লোকসকলে চিউকুঙক কুঙ-ফুৎ-ছে বা ৰজা-দাৰ্শনিক বুলিবলৈ ধৰিলে আৰু লাহে লাহে তেওঁৰ সৰুকালিৰ নাম চিউকুঙ তল পৰি জগতত কুঙ-ফুৎ-ছে নামে জনাজাত হ'ল। ইংৰাজ সকলে কুঙ-ফুৎ-ছে শব্দটো কনফুচিয়াছ ৰূপে ব্যৱহাৰ কৰিলে আৰু লাহে লাহে গোটেই পৃথিবীতে কনফুচিয়াছ নামেই প্রখ্যাত হ'ল।
কনফুচিয়াছৰ বয়স ২৩ বছৰ হওতেই তেওঁৰ মাক চীওছাই ঢুকায়। চীনদেশৰ প্ৰচলিত ৰীতি-অনুসৰি মাক বা বাপেক
ঢুকালে পুতেকে ২৭ মাহ বা ৩বছৰ কাল অশৌচ খাটিব লাগে। মাকৰ মৃত্যুত কনফুচিয়াছে চৰকাৰী চাকৰিৰ পৰা অবসৰ ললে আৰু তিনি বছৰ কাল ৰীতিমতে অশৌচ খাটিব ধৰিলে। অশৌচ খাটি থকা সময়ছোৱাত কনফুচিয়াছে ইতিহাস, কবিতা আৰু দৰ্শনৰ অধ্যয়নত বিশেষ মনোযোগ দিলে আৰু তিনি বছৰৰ ভিতৰতে দেশৰ ইতিহাস আৰু দৰ্শন আয়ত্ব কৰে। মাকৰ অশৌচৰ কাল তিনি বছৰ পাৰ হৈ যোৱাতো কনফুচিয়াছে পুনৰ ৰজাঘৰীয়া চাকৰিত যোগ নিদিলে। পঢ়াশুনাই তেওঁৰ মন বেচি আকৃষ্ট কৰিলে আৰু চাকৰি কৰিবলৈ মুঠেই ভাল নলগা হ'ল। জীবিকা নিৰ্ব্বাহৰ বাবে তেওঁ আনুস্থানিক ভাবে অধ্যাপনা কৰিবলৈ আৰম্ভ কৰিলে। চাকৰি কৰি থকা কালতো কনফুচিয়াছে শিক্ষকতা কৰিছিল, কিন্তু তেতিয়া তেওঁ সম্পুৰ্ণ অবৈতনিক ভাবে মানুহক জ্ঞান দিছিল। পিছত চাকৰি এৰি দি শিক্ষকতাকে জীবিকা নিৰ্বাহৰ বাবে উপাৰ্জনৰ পথ হিচাবে গ্রহণ কৰিলে। মানুহক শিক্ষা দি আৰু নানা সমস্যাৰ আলোচনা কৰি কনফুচিয়াছে অপৰিসীম আনন্দ পাইছিল। এতেকে ৰাজপদ এৰি দি মনৰ অভিৰুচি মতে শিক্ষকতাকে সাৱটি ললে। নিজৰ ঠাইতে তেওঁ এখন বিদ্যালয় স্থাপন কৰিলে আৰু তাত সজ-আচৰণৰ নীতি, নৈতিকতা, আৰু শাসন-নীতি সম্পৰ্কীয় শিক্ষা দিবলৈ ধৰিলে।
তেওঁৰ ছাত্ৰসকলৰ বেছি ভাগেই ডেকা লৰা আছিল। অৱস্থাবান মানুহৰ লৰা ছাত্ৰ হবলৈ আহিলে তেওঁ সিহঁতৰ পৰা
মাছুল লৈছিল। কিন্তু দুখীয়া ছাত্ৰৰ পৰা একো নলৈছিল আৰু দাৰিদ্ৰ্যৰ কাৰণে মাছুল দিব নোৱাৰা বাবে কোনো ছাত্রই কনফুচিয়াছৰ বিদ্যালয়ৰ পৰা বিমুখ হৈ আহিব নালাগিছিল। তেওঁ ছাত্ৰসকলৰ আগ্ৰহ আৰু গ্ৰহিকা শক্তিৰহে পৰীক্ষা কৰিছিল। শিকিবলৈ আগ্রহ নথকা অথচ আভিজাত্য আৰু শিক্ষাভিমান প্রদর্শন কৰিব খোজা আঢ্যবস্তু লোকৰ লৰাক তেওঁৰ বিদ্যালয়ত স্থান নিদিছিল। ছাত্ৰসকলক শিক্ষা দিওঁতে তেওঁ বিষয়টোৰ অবতাৰণা কৰি এটা দিশহে কৈ দিছিল আৰু বাকী তিনিভাগ ছাত্রই নিজৰ সৃজনী আৰু উদ্ভাবিকা শক্তিৰে পূৰাই পাঠ আয়ত্ব কৰিব লাগিছিল। ছাত্রই নিজে একো চিন্তা কৰিব নলগাকৈ গোটেই পাঠটো খৰচি মাৰি তেওঁ পঢ়ুৱাই নিদিছিল। শিক্ষকে কি কলে বা কি ঈঙ্গিত দিলে ছাত্রই গভীৰ ভাবে চিন্তা কৰি তাৰ তাৎপৰ্য্য বুজিব লাগিছিল। কনফুচিয়াছে কৈছিল, "কোনো এটা বিষয় পঢ়াওঁতে মই এটা কোণ উপস্থাপিত কৰোতে যদি ছাত্ৰজনে নিজে তাৰ বাকী তিনি কোণ শিকিব নোৱাৰে তেতিয়া হলে মই সেই পাঠ পুনৰ নিশিকাওঁ।"
শিক্ষক হিচাবে কনফুচিয়াছৰ নাম যশ গোটেই দেশতে বিয়পি পৰিল। লু প্ৰদেশ আৰু তাৰ বাহিৰৰ পৰাও দলে দলে ছাত্র আহি কনফুচিয়াছৰ বিদ্যালয় উপচি পৰিল। দিনে দিনে ছাত্রসংখ্যা বাঢ়িবলৈ ধৰিলে আৰু যেতিয়া তেওঁৰ বয়স মাত্র ৩৪ বছৰ তেতিয়া তেওঁৰ তলত অধ্যয়ন কৰিবলৈ অহা
ছাত্ৰৰ সংখ্যা তিনি হাজাৰতকৈও অধিক হৈছিল বুলি কথিত আছে। শিক্ষক হিচাবেই যে কনফুচিয়াছৰ নাম দেশত ফাটি ফুটি গৈছিল এনে নহয়। চৰকাৰী বিষয়া হিচাবেও তেওঁৰ যশস্যা জনাজাত হৈছিল। সংস্কাৰক হিচাবে তেওঁ যথেষ্ট খ্যাতি অর্জ্জন কৰিছিল আৰু পুৰণিকলীয়া দূষিত ৰীতি-নীতি সাহসিকতাৰে বিলোপ কৰি নতুন কাৰ্য্যকৰী প্ৰথা প্ৰবৰ্ত্তন কৰিছিল। পণ্ডিত হিচাবে কনফুচিয়াছৰ সন্মান অধিক আছিল। ত্রিশ বছৰ বয়সতেই তেওঁ ইতিহাস আৰু দর্শন সম্পুৰ্ণৰূপে আয়ত্ত্ব কৰিছিল আৰু অতীতৰ সকলো শাস্ত্র মন্থন কৰি ৰাজনীতি, শাসননীতি আৰু নৈতিকতা সম্বন্ধে লুচিন্তিত মত অবিচলিত ভাবে পোষণ কৰিছিল আৰু দৃঢ়তাৰে প্ৰচাৰ কৰিছিল। কনফুচিয়াছে নিজকে বার্তাবহ বুলি অভিহিত কৰিছিল আৰু কৈছিল যে তেওঁ নতুন কথা একো নাজানে আৰু শিকোৱা নাই। তেওঁ মাত্র শাস্ত্ৰত থকা, ইতিহাসত থকা কথাবোৰহে মানুহক শিকাইছে। নিজৰ বিষয়ে তেওঁ যিহকে নকওক, দার্শনিক, অধ্যাপক, সংস্কাৰক আৰু সুদক্ষ শাসক হিচাবে কনফুচিয়াছ গোটেই দেশতে জনাজাত হৈছিল।
লু প্ৰদেশৰ প্ৰধানমন্ত্রীজনে মৃত্যুশয্যাত পৰি থাকি এদিন পুতেকক ওচৰলৈ মাতি নি কৈছিল, "এই দেশত কনফুচিয়াছৰ সমান জ্ঞানী আৰু পণ্ডিত দ্বিতীয় নাই। মই ডেকা কালত পঢ়াশুনা বেচি নকৰিলো আৰু তাৰ বাবে গোটেই জীৱনত অসুতাপ কৰিছো। মোৰ ইচ্ছা তই যেন মোৰ দৰে মূৰ্খ
হৈ নাথাক। তই যেনে তেনে কনফুচিয়াছৰ বিদ্যালয়ত তেওঁৰ তলত পঢ়িবি। তই মোৰ এই কথা ৰাখিবি আৰু মোক শান্তিত মৰিব দে।" পুতেকে তেওঁৰ ইচ্ছামতে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিলে। বুঢ়ামন্ত্ৰীৰ মৃত্যুৰ পিচত খৃঃ পূঃ ৫১৭ চনত মন্ত্ৰীৰ পুতেক আৰু ৰাজকুমাৰ কনফুচিয়াহৰ ওচৰলৈ গ'ল আৰু শিক্ষা আৰম্ভ কৰিলে। এই দুজন ছাত্ৰৰ লগত কনফুচিয়াছৰ বিশেষ বন্ধুত্ব গঢ়ি উঠিল। এই বন্ধুত্বই কনফুচিয়াছৰ নাম যশ আৰু বহুত দূৰলৈ বিয়পালে আৰু তেওঁৰ জীৱনত এটা ডাঙৰ পৰিবৰ্ত্তনৰ সূচনা কৰিলে। ৰাজকুমাৰৰ লগত কনফুচিয়াছ ৰাজধানী চাবলৈ গ'ল আৰু তাতে সাম্ৰাজ্যিক পুথি ভৰালত ইতিহাসৰ গবেষণাত লাগি গ'ল। ইতিহাস অধ্যয়নৰ উপৰিও তাত তেওঁ সঙ্গীত চর্চ্চাত মনপুতি লাগিল। সম্রাটৰ ৰাজসভাত থকা সঙ্গীতজ্ঞসকলৰ পৰা তেওঁ বিশেষ সহায় আৰু সহানুভূতি পাইছিল। সঙ্গীতৰ প্ৰতি তেওঁৰ গভীৰ অনুৰাগ আছিল। সঙ্গীতে তেওঁক ভোক পিয়াহে। পাহৰাইছিল। তেওঁ যে অকল সঙ্গীতৰ ৰাগ তাল আদিৰ সাধনাই কৰিছিল এনে নহয়, সঙ্গীতে তেওঁৰ শিক্ষকতা জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে মানুহৰ জীৱনৰ সমতা ৰক্ষা কৰিবলৈ সঙ্গীতৰ নিতান্ত প্রয়োজন আৰু সেইকাৰণেই তেওঁ শাসননীতিৰ শিক্ষাত সঙ্গীতক এটা অপৰিহাৰ্য্য অঙ্গ হিচাবে পৰিগণিত কৰিছিল।
ৰাজধানীত থকা কালছোৱাতেই কনফুচিয়াছ সেই সময়ক
বিখ্যাত লোকসকলৰ সান্নিধ্যত আৰু সংস্পৰ্শত আহে আৰু তেওঁলোকৰ লগত কৰা আলাপ আলোচনাৰ পৰা তেওঁ বিশেষ উপকৃত হয়। সেই সময়তে তেওঁ বিখ্যাত দার্শনিক লাওহেৰ সংস্পৰ্শত আছে। লাওৎছে কনফুচিয়াছতকৈ বয়সত ভালে যিনি ভাঙৰ আছিল। লাওৎছে তাওবাদ আৰু তাওধৰ্ম্মৰ প্ৰবৰ্ত্তক। কনফুচিয়াছৰ মতবাদ তাওবাদৰ বিৰোধী আছিল যদিও লাওৎছেৰ প্ৰাধান্য তেওঁতকৈ বেচি আছিল। চীনদেশত প্রচলিত তিনিটা ধৰ্ম্মৰ ভিতৰত তাও মতাবলম্বী সকলৰ সংখ্যাই অধিক আৰু এতিয়াও কেইবা কোটি মানুহ তাওবাদৰ
কনফুচিয়াছে লাওছেৰ কথা শুনিছিল আৰু সেই সময়ত মানুহৰ মুখে মুখে মহান দার্শনিক লাওৎছেৰ গুণ-গৰিমা কীৰ্ত্তন হৈছিল। লাওছে লো-ইয়াং নামে চহৰত বাস কৰিছিল আৰু তাত থকা সাম্ৰাজ্যিক পুথিভঁৰালৰ অধ্যক্ষ আছিল। লাওৎছেৰ শিক্ষা আৰু মতবাদ কনফুচিয়াছৰ বৰ আচহুৱা আৰু বিসঙ্গতিপূর্ণ যেন লাগিছিল। চীনদেশৰ সঙ্গীত সম্বন্ধে হাতেলিখা পুথিবিলাক অধ্যয়ন কৰিবলৈ কনফুচিয়াছ সেই সাম্ৰাজ্যিক পুথিভঁৰাললৈ যায় আৰু তাতে লাওহেৰ দৰ্শন পায়।
এদিন কনফুচিয়াছে লাওৎছেক দেখা কৰিবৰ মনেৰে তেওঁৰ তালৈ যায় আৰু তেওঁ অহা খবৰটো লাওছেক জনাবলৈ লওৱা এজনক কৈ তেওঁ এখন কণ্ঠ মেলি লৈ সাঁচিপাতৰ
নিচিনাকৈ তৈয়াৰ কৰা বাহৰ পাতল কলীয়া কামিৰ ওপৰত লিখা পুথি এখন মেলি লৈ পঢ়িবলৈ বহিল। কনফুচিয়াছে এইদৰে পঢ়ি থাকোঁতে সেই কোঠালৈ কোনোবা এজন বহু যেন গম পাই মূৰটে। ডাঙি চালে আৰু টপামুৰা, দীঘল ভৰিয়া বুঢ়। এজনক সোমাই অহা দেখিলে। কনফুচিয়াছ তৎক্ষণাৎ বহাৰ পৰ। উঠি বুঢ়াক প্ৰণাম জনালে। বুঢ়াটোৱে কনফুচিয়াংক কি পঢ়িছে শুধিলে। কনফুচিয়াছে ভালকৈ বুজি পালে যে বুঢ়াজন লাওছেৰ বাহিৰে অইন কোনো নহয় আৰু সসম্ভ্রমে উত্তৰ দিলে, "মহাশয়, এইখন পৰিবৰ্ত্তন বিধি। শুনিছে। এইখন বোলে আগৰদিনৰ ঋষি সকলে পঢ়িছিল।" লাওৎছেই শুধিলে, "কিহৰ বাবে এইখন পঢ়িছা?" কনফুচিয়াছে উত্তৰ দিলে, "এইখনে মানুহক মনুষ্যত্ব আৰু ন্যায়পৰায়ণতা শিকায়।"
লাওছে হঠাৎ অধৈৰ্য্য হে উঠিল আৰু কবলৈ ধৰিলে, "মনুষ্যত্ব আৰু ন্যায়পৰায়ণতা! পাৰ চৰাই বগা হবলৈ ওৰে দিনটো গা ধুই থাকে নেকি? নাথাকে। ই স্বাভাক্কিতে বগা। মানুহৰে। সেয়েই। যদি মানুহ অন্তৰত সৎ আৰু ন্যায়বান হয় তুমি সিহঁতক ন্যায়পৰায়ণতা শিকোৱাৰ কোনো প্রয়োজন নাই।" এইদৰে দুয়োজন দার্শনিকৰ মাজত নানা কথাৰ আলোচনা চলিল। বেচি ভাগ কথা লাওৎছেই কৈ গৈছিল আৰু মাজে সময়ে কনফুচিয়াছক দুই এটা প্ৰশ্ন কৰিছিল থাৰু কনফুচিয়াছেও নম্ৰভাবে উত্তৰ দিছিল।
লাওহে এবাৰ সুধিলে, "তুমি পুৰণি কথাবোৰ কিয় ইমান
পঢ়িছা? সেইবোৰত কি পাইছা আৰু সেইবোৰ কি কামত আহিব ?"
কনফুচিয়াছে উত্তৰ দিলে - "মই বিশ্বাস কৰো যে মানুহ জন্মোতে সৎ হৈয়েই জন্মে আৰু শিক্ষা আৰু অধ্যয়নে মানুহৰ সৎ কৰি ৰাখে। কিন্তু আমি নতুন জ্ঞান আহৰণ কৰাৰ আগতে প্রথমে আমি পুৰণি খিনি জনা উচিত। সেই কাৰণেই মই ভাবো আমাৰ পূৰ্ব্বপুৰুষ সকলে দি যোৱা জ্ঞানৰাশি অতি সাবধানে অধ্যয়ন কৰিব লাগে।"
এই কথাখিনি শুনি লাওহেৰ ভীষণ খং উঠিল আৰু কবলৈ ধৰিলে, "তুমি যিবোৰ মানুহৰ কথা কৈছা সেই মানুহবোৰৰ হাড় কবৰত গমি গৈছে। বৰ দন্ত নকৰিবা আৰু জগতক ন্যায়পৰায়ণতা শিকোৱাৰ বৰ বৰ পৰিকল্পনা এৰি পেলোৱা। এই ভাব-বিলাসে কোনো কাম সাধিব নোৱাৰে। মোৰ কব লগা এয়েই আৰু এয়েই সকলো।" ইয়াকে কৈ তেওঁ গুছি গ'ল।
কনফুচিয়াছক পিচত বন্ধুবান্ধব সকলে লাওৎছেৰ লগত সাক্ষাৎ কৰি কেনে পালে সুধিছিল। কনফুচিয়াছে অলপ সময় ভাবি থাকি উত্তৰ দিছিল যে লাওৎছে অসাধাৰণ আৰু তেওঁৰ মতো অসাধাৰণ। কনফুচিয়াছ আৰু লাওহেৰ মাজত কোনো মিল নাছিল। লাওছে আছিল আদর্শবাদী, অতীন্দ্রিয়বাদী আৰু কল্পনা-প্রবণ। কনফুচিয়াছ আছিল বাস্তৱবাদী, সাংসাৰিক আৰু জাগতিক ধৰ্মী। ৰাজধানীত থকা
কালছোৱাত কনফুচিয়াছে নানা বিষয়ে জ্ঞান আহৰণ কৰিবলৈ সুযোগ পাইছিল আৰু জীৱনৰ বাকী কালছোৱাত তাৰ প্ৰভাৱ ভালকৈ পৰিলক্ষিত হৈছিল।
ইতিমধ্যে লু প্রদেশত গৃহ-কন্দল লাগি প্রায় বিপ্লবত পৰিণত হয় আৰু বিপ্লবৰ দুৰ্য্যোগৰ হাত সাৰিবলৈ ৰাজকুমাৰে কনফুচিয়াছক লগত লৈছি নামেৰে আন এখন ৰাজ্যলৈ গুচি যায়। কনফুচিয়াছে ঘৰ এৰি এইদৰে বিদেশত থাকি ভাল পোৱা নাছিল। যুদ্ধ শেষ হৈ দেশত শান্তি স্থাপন হোৱাৰ লগে লগে কনফুচিয়াছ পুনৰ নিজ ঠাইলৈ উভতি আহি শিক্ষকতা আৰু অধ্যয়ন কৰিবলৈ লাগিল।
কনফুচিয়াছৰ এটি পুতেক আৰু দুজনী জীয়েক আছিল। পুতেকৰ নাম লে আছিল। লে কিন্তু সুযোগ্য পিতাকৰ অযোগ্য সন্তান আছিল। পঢ়াশুনাত লেৰ মুঠেই ধাউতি নাছিল আৰু প্ৰায়েই বাপেকক এৰাই আঁতৰে আঁতৰে ফুৰিছিল। এদিন কনফুচিয়াছে অকলে তেওঁৰ পঢ়াশালীত বহি পঢ়ি আছিল। এনে সময়ত লে কিবা বিচাৰি গৈ তাত উপস্থিত হ'ল। বাপেকক দেখি লে অপ্রস্তুত হৈ উভতি আহিব ধৰোতেই কনফুচিয়াছে লুধিলে, "তই কবিতা পঢ়িছনে ?" লেই চুচুক-চামাককৈ নাই পঢ়া বুলি উত্তৰ দিলে। তেতিয়া কনফুচিয়াছে বৰ বেজাৰ মনেৰে গহীন ভাবে কবলৈ ধৰিলে যে কবিতা নপঢ়া মানুহ দেৱালৰ ফালে মুখ কৰি থিয় হৈ থকা মানুহৰ নিচিনা। দেৱালৰ নিচেই ওচৰত থিয় হৈ দেৱালৰ
ফালে মুখ কৰি থকা মানুহে জগতৰ সৌন্দৰ্য্যৰাশিৰ কিবা সত্তেঙ্গ পাব পাৰেনে ? ইয়াকে-কৈ কনফুচিয়াছে পুতেকৰ পিনৰ পৰ। মুখ ঘূৰালে আৰু নিজৰ কামত লাগিল। পুতেকৰ অধ্যয়ন বিমুখতাই কনফুচিয়াছক বৰ নিৰাশ কৰিছিল। পুতেকৰ ওপৰত নিৰাশ হলেও তেওঁক বেঢ়িথকা বহুত ডেকা ছাত্ৰৰ ওপৰত সিহঁতৰ উজ্বল ভবিষ্যতৰ ভৰষা কৰিব পাৰিছিল। বহুত মেধাবী ছাত্ৰই তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰি অনবৰত তেওঁৰ লগে লগে ফুৰিছিল আৰু এই শিষ্টবোৰৰ আনুগত্য, আগ্ৰহ আৰু কৰ্ত্তব্যপৰায়ণতাই তেওঁক বিমল আনন্দ দিছিল।
এইদৰে শিক্ষকতা কৰি কনফুচিয়াছে ৫২ বছৰ বয়সত ভৰি দিলে। এজাক অনুগত, গুণমুগ্ধ আৰু বিদ্যানুৰাগী ছাত্ৰৰ দ্বাৰা পৰিবেষ্টিত হৈ কনফুচিয়াছে ধৰ্ম্ম, ৰাজনীতি, নৈতিকতা আদি বিষয়ে তেওঁৰ লুচিন্তিত মতবাদ প্রচাৰ কৰিবলৈ ধৰিলে। বিদ্যালয়ৰ পৰা ওলাই যোৱা ছাত্ৰসকলে কনফুচিয়াছৰ শিক্ষা আৰু মতবাদ বহন কৰি দেশৰ চাৰিওফালে প্ৰচাৰ কৰিলে। এদিন চুঙটু নগৰৰ এদল মানুহ কনফুচিয়াছৰ ওচৰলৈ আহি অতি বিনীত ভাবে নিবেদন কৰিলে - "আপোনাৰ জ্ঞান, বিদ্যা বুদ্ধি শুনি আমি মোহিত হৈছোঁ। সম্প্রতি আমি এটা অনুৰোধ লৈ আপোনাৰ ওচৰ চাপিছোঁ। আমাক যেন বিমুখ নকৰে। আপুনি আমাৰ নগৰ খনৰ প্ৰধান বিচাৰকৰ কাৰ্য্যভাৰ গ্ৰহণ কৰিব লাগে।" নগৰৰ প্ৰধান বিচাৰকৰ পদ সেইসময়ত অতি মর্যাদাসম্পন্ন আছিল। এই বিচাৰকজনেই দেশৰ
বিচাৰসম্পৰ্কীয় সকলো ক্ষেত্রতে সর্বেবসবা আছিল। শাসকসকলো এই বিচাৰকৰ তলতীয়া আছিল।
কনফুচিয়াছে কিছুসময় ভাবি থাকি অবশেষত এই নাগৰিকসকলৰ প্ৰস্তাৱত সম্মতি প্রদান কৰিলে। শিক্ষক কনফুচিয়াছ চুঙটু নগৰৰ বিচাৰক-শাসনকৰ্ত্তা হ'ল। কনফুচিয়াছে সপোন দিঠকত পৰিণত কৰিবলৈ সুযোগ পালে। সুশিক্ষা আৰু সুশাসন একত্ৰিত কৰি জনমানবৰ সেৱাৰ উচ্চ আদর্শ সমগ্র চীনত ভাঙি ধৰিবলৈ আৰু তাৰ মাজেদি যুজ-বাগৰত বিধ্বস্ত হৈ আদর্শভ্রষ্ট চীনক পুনৰ উদ্ধাৰ কৰিবলৈ তেওঁৰ অন্তৰত এটা অদম্য হাবিলাস আছিল। তেওঁৰ বিদ্যালয়ত শিক্ষালাভ কৰিব যোৱা ছাত্ৰসকলকে। এনে শিক্ষাই দিছিল যাতে শাসনকাৰ্য্যত অংশ গ্রহণ কৰিব লগা হলে তেওঁলোক আদর্শ শাসক বা আদর্শ ৰাজবিষয়া হব পাৰে।
কনফুচিয়াছে বিচাৰকৰ আৰু শাসনৰ ভাৰ লোৱাৰ এবছৰ পাৰ নৌহওঁতেই চুঙটু নগৰ লু প্ৰদেশত প্ৰখ্যাত হৈ উঠিল। চুঙটু নগৰৰ প্ৰজাসকলে কনফুচিয়াছৰ শাসনত অতি সন্তুষ্ট হ'ল আৰু চুঙটু নগৰৰ প্ৰজাসকলক আন ৰাজ্যৰ মানুহে ঈৰ্ষা কৰিব ধৰিলে। মানুহৰ মুখে মুখে চুঙটু নগৰৰ শান্তি আৰু প্ৰগতিৰ কথা প্ৰচাৰ হব ধৰিলে। মানুহে কোৱাকুই কৰিব ধৰিলে যে কনফুচিয়াছ যেতিয়া চুঙটু নগৰৰ মেজিষ্ট্ৰেই হৈছে, চুঙটু নগৰৰ
প্ৰজাতকৈ সুখী আৰু ৰাজভক্ত লোক বিচাৰি পোৱা টান হব। সচাকৈয়ে চুঙটু নগৰৰ মানুহুসকলৰ জীৱনত বিৰাট পৰিৱৰ্ত্তন ঘটিল। তাৰ মানুহে লুশাসন কাক বোলে তাৰ সোৱাদ পালে আৰু আগ্ৰহেৰে ৰাজকাৰ্য্যত আৰু সমূহীয়া উন্নতিমূলক কামত সহযোগ কৰি দেশৰ আৰু নিজৰ উন্নতি সাধনত সৰ্ব্বতোভাবে ব্রতী হ'ল। "শঠ প্রবঞ্চনাই মুখ লুকালে। আনুগত্য আৰু বিশ্বাস মানুহৰ চৰিত্ৰত পৰিণত হ'ল। সতীত্ব আৰু নম্ৰতা তিৰোতাৰ ভুষণ হ'ল । কনফুচিয়াছক সকলোৱে দেৱতা যেন দেখিব ধৰিলে আৰু মুখে মুখে তেওঁৰ ষশগান ধ্বনিত হ'ল।"
লু প্ৰদেশৰ মানুহবিলাক চুঙটু নগৰৰ যশ, গৌৰৱ আৰু সমৃদ্ধিত ঈর্ষান্বিত হৈ পৰিল আৰু নিজৰ নিৰাপত্তা ৰক্ষাৰ মিছা আশঙ্কাত সিহঁতে উৎকণ্ঠা প্ৰকাশ কৰিবলৈ ধৰিলে। লু প্ৰদেশৰ ডিউকে এই সকলোবোৰৰ সম্ভেদ পাই কনফুচিয়াছৰ দৰ্শন প্ৰাৰ্থন। কৰি তেওঁক মতাই আনিবলৈ মানুহ পঠালে। ডিউকৰ কাতৰ প্ৰাৰ্থনা ৰক্ষা কৰি কনফুচিয়াছ লু'লৈ গ'ল। ডিউকে অতি আদৰ সাদৰ কৰি ৰাখি কনফুচিয়াছক সুধিলে, "কনফুচিয়াছ, আপুনি চুঙটু নগৰৰ প্ৰধান বিচাৰকৰ ভাৰ লোৱাৰ পৰা চুঙটু নগৰৰ শাসন প্রণালীত বহুত উন্নত ধৰণৰ সংস্কাৰ প্ৰবৰ্ত্তন কৰিছে বুলি শুনিব পাৰিছো।" "আপুনি শুনা কথা মিছা নহয়, ডিউক" কনফুচিয়াছে উত্তৰ দিলে। ডিউকে আকৌ সুধিলে, "মানুহে কোৱা শুনিছো যে আপুনি প্রধান বিচাৰপতি হোৱাৰ পৰা চুঙটু নগৰৰ মানুহবিলাক বেচ
সুখী আৰু বৰ ৰাঙ্গভক্ত হৈছে। ইমান কম সময়তে আপুনি এনে মহান পৰিবৰ্ত্তন কেনেকৈ ঘটাব পাৰিলে ?"
কনফুচিয়াছে লাহেকৈ উত্তৰ দিলে - "যিবোৰ মানুহ সৎ মই তেওঁলোকক পুৰস্কাৰ দিওঁ আৰু যিবোৰ অসৎ আৰু ধূৰ্ত্ত সিহঁতক শাস্তি দিওঁ। মানুহবিলাকে ভালকৈ হৃদয়ঙ্গম কৰিব পাৰিছে যে ভাল হোৱা ভাল আৰু বেয়া হোৱা বেয়া। এই সত্য উপলব্ধি কৰি মানুহবিলাকে ভাল হবলৈ অহোপুৰুষাৰ্থ কৰিব ধৰিছে। ভাল মানুহ সামাজিক আচৰণতো সব্জ হয় আৰু শাসকসকলৰ প্ৰতিও অনুৰক্ত হয়। গতিকে মানুহ ৰাজভক্ত বা ৰাজকৰ্ম্মচাৰীৰ অনুগত হৈ পৰে।" ডিউক - "মানুহবোৰক আপুনি কেনেকৈ সুখী কৰিব পাৰিলে ?" কনফুচিয়াছ - "মই প্ৰথমতে প্রকৃত জ্ঞানী আৰু সাধু লোকক শিক্ষক হবলৈ বাচি লওঁ আৰু এই জ্ঞানী, পণ্ডিত, বিবেচক আৰু সাধু শিক্ষক সকলকে শিক্ষকতা কৰিবলৈ দিওঁ। শিক্ষকসকলে যাতে শিক্ষা দিওঁতে ছাত্ৰসকলক নিজৰ সন্তান জ্ঞান কৰি শিক্ষা দিব পাৰে তাৰ বাবে ব্যৱস্থা কৰো আৰু শিক্ষক সকলকে। এই বিষয়ে সচেতন কৰি দিওঁ। ইয়াৰ দ্বাৰা মানুহৰ শিক্ষা-বিমুখতা উপজিবলৈ সুবিধা নাপায়। সকলো মানুহৰ বুদ্ধি বৃত্তি সমান নহয় আৰু সেই কাৰণে একে পাঠ সকলো ছাত্রই সমানে বুজি নাপাবও পাৰে ; কিন্তু যদিও সকলোকে সমানে বুজাব নোৱাৰি সকলোকে সমানে অনুসৰণ কৰাত প্রবৃত্ত কৰাব পাৰি। যেতিয়া মানুহে সাধু প্ৰকৃতিৰ
জ্ঞানীলোক সকলক অনুসৰণ কৰি সংসাৰত চলে তেতিয়া মানুহ সুখী হয়। মহাজন সকলৰ পথ অনুসৰণ কৰি সৰ্ব্বসাধাৰণে ঈপ্সিত বস্তু পায় আৰু সেই পথত চলিয়েই সুখ পায়। চুঙটু নগৰৰ মানুহবিলাকে এই সত্য মানি সুখী হবলৈ চেষ্টা কৰিছে।"
ডিউক - "আপুনি সৰু নগৰ এখনত বিচাৰপতি হৈ এনেধৰণৰ শাসন প্রণালী চলাব পাৰিছে। সেই একে পদ্ধতিৰে আপুনি প্রদেশ এখন শাসন সংস্কাৰ কৰিব পাৰিবনে ?"
-"প্রদেশ কিয়? সমগ্র সাম্রাজ্যতে নিশ্চয় পৰা হব।" কনফুচিয়াছে ডিউকৰ প্ৰশ্নৰ সগৌৰৱে আৰু সগৰ্ব্বে উত্তৰ দিলে।
কনফুচিয়াছৰ উত্তৰ শুনি ডিউক বৰ সন্তুষ্ট হ'ল আৰু সমগ্র লু প্ৰদেশৰ দণ্ডবিধান দপ্তৰৰ মন্ত্ৰী হবলৈ কনফুচিয়াছক অনুৰোধ জনালে। কনফুচিয়াছে তেওঁৰ কৰ্ম্মক্ষেত্ৰ আৰু বেচি প্ৰসাৰিত হব ভাবি এই পদ গ্ৰহণ কৰিলে।
কনফুচিয়াছে আইন বিভাগৰ মন্ত্ৰীত্ব পদ গ্ৰহণ কৰিয়েই লু প্ৰদেশৰ আটাইবোৰ কাৰাগাৰ পৰীক্ষা কৰিব ধৰিলে আৰু এই কাৰাগাৰবিলাকত আটক হৈ থকা কয়জীবিলাকৰ শিক্ষা, অৱস্থা, আচাৰ, ৰীতি নীতি, সমাজৰ স্থান আদি সম্পর্কে তথ্যপাতি যোগাৰ কৰিবলৈ অধ্যয়ন কৰিব ধৰিলে।
ভালেমান দিন এইদৰে কাৰাগাৰ বিলাক নিৰীক্ষণ কৰি তথ্য-পাতি সংগ্ৰহ কৰি লৈ সমগ্ৰ প্ৰদেশৰে বিচাৰক, উকীল, কয়দীৰক্ষফু সকলক আমন্ত্রণ কৰি এখন সভা পাতিলে। সেই
সভাত কনফুচিয়াছে সংগ্ৰহ কৰা তথ্য-পাতি বিলাক বিশ্লেষণ কৰি কয়দীবিলাকৰ মানসিক আৰু সামাজিক অবস্থাৰ এটা প্ৰাঞ্জল চিত্ৰ ডাঙি ধৰিলে। তেওঁ বিষয়াবিলাকক সম্বোধন কৰি কবলৈ ধৰিলে "মই আমাৰ দেশৰ কাৰাগাৰবিলাক ভালকৈ পৰীক্ষা কৰি চালো। কয়দীবিলাকক পৰীক্ষা কৰি মই এই সত্যত উপনীত হৈছো যে আমাৰ দেশৰ কাৰাগাৰ বিলাকত আটক হৈ থকা কয়দীবিলাকৰ প্ৰায় আটাইবোৰেই অতি দুখীয়া বা অতি দুখীয়া মানুহৰ সন্তান। সিহঁতৰ প্রায় আটাইবোৰেই অজ্ঞ আৰু অশিক্ষিত নাইবা অজ্ঞ আৰু অশিক্ষিত মানুহৰ সন্তান । মোৰ মনত এইটোৱেই ধাৰণা হৈছে যে আৰ্থিক দুৰবস্থা, অজ্ঞতা আৰু শিক্ষাৰ অভাবেই মানুহৰ কুকাৰ্য্যৰ বাবে দায়ী। অভাবত পৰি নাইবা অজ্ঞতাৰ কাৰণে মুবুজি মানুহে আইন ভঙ্গ কৰে আৰু অবশেষত বিচাৰত দোষী সাব্যস্ত হৈ নিৰ্যাতন ভোগ কৰিব লগা হয়। এতেকে আমি যদি অভাব অনাটন অজ্ঞতা দেশৰ পৰা দূৰ কৰিব পাৰে। তেন্তে নিশ্চয় আমাৰ দেশত মানুহে দোষণীয় কুকাৰ্য্য কৰিবলৈ এৰিব আৰু লগে লগে এই কাৰাগাৰ বিলাকত নিৰ্যাতন ভোগ কৰি থকা মানুহবিলাক উপযুক্ত নাগৰিক হৈ দেশৰ শ্ৰীবৃদ্ধিত বৰঙনি যোগাব পাৰিব।" তেতিয়া এজন বিচাৰকে সুধিলে "কিন্তু দেশৰ দৰিদ্ৰতা আৰু অজ্ঞানতা কেনেকৈ গুচাব পাৰিব ?"
কনফুচিয়াছে উত্তৰ দিলে "অজ্ঞানতা গুচাবলৈ আমি শিক্ষা প্ৰচাৰ কৰিব লাগিব। সুশিক্ষাৰ জৰিয়তে দেশৰ অজ্ঞতা
দূৰীভূত হব। যদি আমাৰ দেশৰ সকলো লোককে শিক্ষা দিব পাৰো তেন্তে নিশ্চয় অজ্ঞত। নাথাকিব । আৰু দৰিদ্ৰতা গুচাবলৈ মানুহবিলাকক উপার্জনক্ষম কৰি তুলিব লাগিব। মানুহবিলাকক উপযুক্ত ব্যবসায়, অৰ্থকৰী বিদ্যা, ঘৰুৱা উদ্যোগ আদি শিকাব লাগিব আৰু চাকৰি আদিত নিয়োগ কৰিব লাগিব। এইবিলাকৰ জৰিয়তে মানুছে নিশ্চয় উপাৰ্জন কৰি ভালদৰে খাব পাৰিব। মানুহে ভালদৰে খাই লৈ থাকিব পাৰিলে কেতিয়াও বেয়াকাম কৰিবলৈ নাযায়। মाळू স্বাভাবিকতে সৎ। সংসাৰৰ যাতনাইহে মানুহক কুপথে যাবলৈ বাধ্য কৰে। শিক্ষাৰ দ্বাৰা মানুহে কুপথ গ্ৰহণৰ প্রলোভন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। সুশিক্ষাই মানুহক সৎ কৰি ৰাখিব আৰু উপাৰ্জ্জনকৰী শিক্ষাই মানুহৰ অভাব অনাটন বিমোচন কৰিবলৈ সক্ষম হব।"
তেতিয়া আন এজন বিচাৰকে লুধিলে, "এই লক্ষ্যত উপনীত হবলৈ আমি কি ভাবে কাম আৰম্ভ কৰিব লাগিব ?" কনফুচিয়াছে উত্তৰ দিলে - "আপোনালোক প্ৰজাৰ শাসক, দেশ খনৰ ভবিষ্যৎ আপোনালোকৰ কৰ্ম্মকুশলতাৰ ওপৰত নিৰ্ভৰ কৰিছে। গোটেই দেশখনেই এটা বৃহৎ পৰিয়াল আৰু এই পৰিয়ালটোৰ আপোনালোকেই, শাসকবর্গ ই মুৰব্বী বা কৰ্ত্তা। আপোনালোকৰ আচৰণৰ ওপৰতেই এই বৃহৎ পৰিয়ালটোৰ ঐক্য, সুখ-স্বাচ্ছন্দ্য, সমৃদ্ধি নিৰ্ভৰ কৰিছে । আপোনালোকে সকলোকে সমান চকুৰে চাব লাগিব। এতেকে আপোনালোকৰ
প্রথম কৰ্ত্তব্য হ'ল আপোনালোক নিজে নিজে সজ আৰু চৰিত্ৰবান হব লাগিব। সৰ্বসাধাৰণক লাগে এনে যোগ্য শাসক যি দূৰদৰ্শিতাৰে দেশৰ কল্যাণ কামনা কৰিব পাৰে আৰু এনে যোগ্য শাসকক প্ৰজাই ঘৰৰ বৰমূৰীয়া ব্যক্তিৰ দৰে জ্ঞান কবি অনুসৰণ কৰিব ইচ্ছা কৰে। যদি শাসক শ্রেণী দুর্নীতি-পৰায়ণ হয় তেন্তে প্ৰজা আৰু বেচি দুৰ্নীতি-পৰায়ণ হব। যদি শাসক ন্যায়পৰায়ণ আৰু কৰ্ত্তব্যৰত হয় তেন্তে প্ৰজাই বেয়া হবলৈ ভয় কৰিব আৰু ভাল হবলৈ চেষ্টা কৰিব। মনত ৰাখিব এবাৰ যদি সৰ্ব্বসাধাৰণে দুর্নীতি-পৰায়ণ হৈও শান্তি নাপায় বৰং দুর্নীতিলব্ধ সম্পদেৰে নিজৰ জীৱনত প্ৰতিস্থা লাভ কৰে, তেন্তে সেই দেশৰ উন্নতি অসম্ভব আৰু দুৰ্নীতিৰ পুলিপোখা উভালি মানুহৰ মনত নৈতিকতাৰ অঙ্কুৰ ৰোপণ পৰা বৰ টান কাম । বাঘত উঠিলে মানুহৰ নমা টান। এতিয়া হয়তো আপোনালোকে আকৌ সুধিব - ভাল কেনেকৈ হব পাৰি ? তাৰ বাবে কি কৰিব লাগে ? তাৰ উত্তৰত আপোনালোকক জনাও যে ভাল হবলৈ হলে প্রথম পাঠ হ'ল - আনৰ পৰা আপুনি যি আচৰণ আশা নকৰে তেনে আচৰণ আনকে। কেতিয়াও নকৰিব। যদি আপোনালোকে দেশৰ মঙ্গল কামনা কৰে, যদি দেশবাসীক অনুগত, কৰ্ত্তব্যপৰায়ণ, ন্যায়বান, দেশপ্রেমিক আৰু নিৰ্ভীক কৰিব আশা কৰে, তেন্তে তাৰ জ্বলন্ত পটন্তৰ হব লাগিব আপোনালোকেই, ক্ষমতাত অধিস্থিত শাসকবর্গই। আপোনাসকলক আচৰণে আদৰ্শ নেদেখুৱাই যদি আনৰ পৰা ভালু আচৰণ
আশা কৰে তেন্তে আপোনালোক সফলকাম নহব। যদি আপোনালোকে মই কোৱামতে কৰে তেন্তে ইয়াৰ ফল নিশ্চয় পাব।"
কনফুচিয়াছৰ পৰা এনে নির্দ্দেশ আৰু প্ৰেৰণ। পাই তেওঁৰ বাণীকে সাৰোগত কৰি বিষয়াসকলে নির্দিষ্ট কৰ্ত্তব্য পালনত আত্মনিয়োগ কৰিলে আৰু লগে লগে দেশৰ পৰিবেশ পৰিস্ফুট ভাৱে পৰিবৰ্ত্তন হবলৈ আৰম্ভ কৰিলে। অতি কম সময়ৰ ভিতৰতে লু প্ৰদেশৰ জনসাধাৰণৰ মনত এটা অপূৰ্ব্ব জাগৰণৰ জোৱাৰ উঠিল আৰু দেশৰ সৌষ্ঠৱ সমৃদ্ধি উত্তৰোত্তৰ ভাবে বৃদ্ধি পাবলৈ ধৰিলে।
কনফুচিয়াছে লু প্ৰদেশৰ মন্ত্রীত্বপদ গ্ৰহণ কৰাৰ দুই বছৰ কাল পাৰ নৌহওঁতেই প্রায় সকলোবিলাক কাৰাগাৰ শূন্য হৈ পৰিল। 'বিদ্যালয়বিলাক পূৰ্ণ কৰা, কাৰাগাৰবোৰ খালি হৈ পৰিব' এই প্ৰবচনৰ সাৰ্থকতা কনফুচিয়াছে ৰাজনৈতিক জীৱনত পৰিষ্কাৰ ভাবে প্রতিপন্ন কৰিছিল। কনফুচিয়াছৰ আচনিমতে বিষয়াসকলে কাম কৰিবলৈ লাগি যোৱাত তেওঁৰ পৰিকল্পনাই বাস্তৱ ৰূপ পালে। মানুহৰ কুকৰ্ম্মৰ প্ৰবৃত্তি নিয়ন্ত্রিত হ'ল আৰু লগে লগে বিচাৰালয়ত গোচৰৰ সংখ্যা একেবাৰেই কমি গ'ল। মানুহ পৰস্পৰৰ প্ৰতি সহানুভূতিশীল হ'ল আৰু কাৰো বিৰুদ্ধে কোনোৱে গোচৰ উপস্থাপিত নকৰা হ'ল। এনে পৰিস্থিতিত আদালতবোৰত বিচাৰকসকলৰ কৰিৰ লগীয়া একো নাথাকিল। গোচৰৰ অভাবত উকীলবিলাকৰে।
কাম নোহোৱা হ'ল। গোচৰেই নাই যেতিয়া উকীলসকলে কাৰ পক্ষলৈ ওকালতি কৰিব ? কাৰাগাৰত কয়দী নোহোৱা হলত জেইলৰ বা কয়দী ৰক্ষকবিলাকৰো কৰিব লগীয়া একো মাথাকিল। মানুহে পৰৰ অপকাৰ নকৰা হলত গোচৰ নোহোৱা হ'ল। গোচৰ নোহোৱা হলত বিচাৰ আৰু বিচাৰত দোষীৰ দগুবিধানো নোহোৱা হ'ল। গতিকে দোষী লোক নথকাত কাৰাগাৰ শূন্য হৈ পৰিল। চুৰি, ডকাইতি, শঠ প্রবঞ্চনা আদি দুষ্কর্ম্ম লু প্ৰদেশত নোহোৱা হ'ল। মানুহ প্ৰকৃততে সৎ আৰু উপার্জ্জনক্ষম হ'ল আৰু ভাল বেয়া, উচিত গৰ্হিত বিচাৰ কৰি চলিব পৰা জ্ঞান পালে। কনফুচিয়াছে পৰিকল্পনা কৰা মতে লু আদৰ্শ ৰাজ্যত পৰিণত হ'ল।
গ্রীক দার্শনিক প্লেটোৰ পৰিকল্পিত আদৰ্শ ৰাজ্যৰ লগত কনফুচিয়াছৰ আচনিৰ বহুত মিল আছে। কিন্তু কনফুচিয়াছৰ দৰে প্লেটোৱে ৰাজনৈতিক জীৱনত সক্রিয়ভাবে তেওঁৰ আচনিৰ কাৰ্য্যকাৰিতা পৰীক্ষা কৰি চাবলৈ সুযোগ নাপালে। প্লেটোৰ পৰিকল্পনা আদর্শ বা লক্ষ্য হিচাবেই থাকিল কিন্তু কনফুচিয়াছে নিজে দেশ শাসনৰ বাঘজৰী হাতত লৈ তেওঁৰ পৰিকল্পনাৰ বাস্তৱৰূপ দি আদৰ্শৰাজ্য প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।
প্ৰায় আঢ়ৈহাজাৰ বছৰৰ আগতে চীনদেশত কনফুচিয়াছে প্ৰবৰ্ত্তন কৰ। সংস্কাৰবিলাকৰ ভিতৰত কিছুমান আজিৰ দিনত আচৰিত ভাবে আধুনিক যেন লাগে। তাৰ কিছুমান সঁচাকৈয়ে কুৰি শতিকাত প্রচলিত সামাজিক ভাবধাৰাতকৈ অধিক
প্রগতিমূলক। সমস্বত্ববাদ, সমাজতন্ত্র আদিৰ নিচিন। প্ৰগতিমূলক চিন্তাধাৰাকে। যেন কনফুচিয়াছে আঢ়ৈ হাজাৰ বছৰৰ আগতে সক্রিয়ভাবে কামত লগাইছিল আৰু তাৰ ফল দেশবাসীয়ে ভোগ কৰিছিল। কনফুচিয়াছে সংস্থানহীন দুখীয়াসকলক ৰাষ্ট্ৰৰ পুজিৰ পৰা থুৱাইছিল আৰু বয়স অনুসৰি লৰা, ডেকা বুঢ়াৰ বিজ্ঞান-সম্মত বিভিন্ন আহাৰৰ ব্যবস্থা কৰিছিল। কৰ্ম্ম বিভাজনত সবল আৰু দুবল সকলক শক্তি সামর্থ্য অনুযায়ী বিভিন্ন কামত নিয়োগ কৰিছিল। পণ্যদ্রব্যৰ মূল্য নিৰ্দ্ধাৰণ আৰু নিয়ন্ত্রণ কৰিছিল আৰু ৰাজ্যৰ ৰাজহ ভাঙি বেপাৰ বাণিজ্য উন্নতি কৰিছিল। দেশৰ পৰিবহন ব্যবস্থা উন্নত কৰিছিল। ৰাস্তা দলং আদি নিৰ্ম্মাণ কৰিছিল আৰু পৰ্ব্বতীয়া অঞ্চলৰ বাটপথত লুটপাট কৰি ফুৰা দস্যুদল নিৰ্ম্মূল কৰিছিল। আঢ্যবন্ত বা আভিজাত্য-সম্পন্ন লোক সকলৰ ক্ষমতা খর্বব কৰিছিল আৰু জনসাধাৰণক শোষণ আৰু দমনৰ পৰা মুক্ত কৰিছিল। আইনৰ চকুত সকলো সমান। এনে ধৰণৰ সংস্কাৰ সচাকৈ অতি আধুনিক আৰু ভাবিলে আচৰিত হব লাগে বুদ্ধিমত্ত ঋষি কনফুচিয়াছে কেনেকৈ অতি প্রাচীন কালতে এনে প্রগতিমূলক সংস্কাৰৰ পৰিকল্পনা কৰি তাক সক্রিয়ভাবে ব্যৱহাৰিক ৰাজনীতিত খটুৱাইছিল।
এনে ধৰণৰ সংস্কাৰমূলক নীতি জনসাধাৰণৰ মাজত প্রিয় আৰু আদৰণীয় হৈ উঠিছিল কিন্তু স্বার্থ-জড়িত ব্যক্তি আৰু
অন্যান্য জাতিকাষৰীয়া ৰাজ্যৰ কৰ্ত্তাসকলৰ ওচৰত কনফুচিয়াছ শত্ৰু হিচাবে পৰিগণিত হৈছিল। অভিপ্রেত সংস্কাৰ প্ৰবৰ্ত্তনত বাধা প্রাপ্ত হলে কনফুচিয়াছে ৰাজ্যৰ অতি ক্ষমতাপন্ন ব্যক্তিকো ক্ষম। নকৰিছিল আৰু এই অপমানিত ক্ষমতাচ্যুত ব্যক্তিসকলে কনফুচিয়াছক ঈর্ষ। আৰু ঘৃণা কৰিছিল আৰু কেনেকৈ কনফুচিয়াছৰ পতন আনয়ন কৰিব পাৰে তাৰে চিন্তা কৰিছিল। অবশেষত কনফুচিয়াছৰ পৰাজয় হৈছিল আৰু সিও নাটকীয় ভাবে ছী ৰাজ্যৰ পৰাই পাব লগীয়া হৈছিল। কনফুচিয়াছৰ প্ৰিয় ছাত্ৰ আৰু বন্ধু লু প্ৰদেশৰ ডিউকৰ লগত প্ৰথমবাৰ দেশ এৰি ছী ৰাজ্যতে আশ্রয় লব লগা হৈছিল আৰু শেষত সেই আশ্রয়দাতা ছী ৰাজ্যই তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰি ক্ষমতাচ্যুত কৰিবলৈ উঠি-পৰি লাগিছিল ।
লু প্ৰদেশৰ প্ৰগতিমূলক সংস্কাৰে ৰাজ্যৰ গৌৰৱ, প্ৰতিস্থা, সমৃদ্ধি আশাতীত ভাবে বঢ়াইছিল। তাকে দেখি ছী নগৰৰ ডিউকৰ মনত নানা আশঙ্ক। আৰু উৎকণ্ঠা জাগিল । তেওঁৰ প্রজাবিলাকে যদি সংস্কাৰ দাবী কৰে তেতিয়া কেনেকৈ প্রতিহত কৰিব ? নাইব। ক্ষমতাপন্ন লু ৰাজ্যই যদি তেওঁক তলতীয়া কৰিব ইচ্ছা কৰে তেতিয়া অসন্তুষ্ট প্রজাৰে কেনেকৈ সেই আক্রমণ ৰোধ কবিব ? অকল ছী ৰাজ্যই নহয়, লু ৰাজ্যৰ দাতিকাষৰীয়। সকলো ৰাজ্যই লু ৰাজ্যৰ ক্ৰমাগত শক্তি আৰু ঐশ্বৰ্য্য সমৃদ্ধিৰ বাবে নিজৰ নিৰাপত্তাৰ আশঙ্কাত আতঙ্কিত হৈ উঠিছিল।
ইতিমধ্যে লু প্ৰদেশৰ শাসনকৰ্ত্তাৰ পৰলোক হ'ল আৰু নতুন ডিউকে ৰাজ্যভাৰ গ্ৰহণ কৰিলে। নতুন ডিউক টিং ডেকা মানুহ আছিল । টঙে কনফুচিয়াছৰ জ্ঞান, অভিজ্ঞতা, সাধুতা আৰু দূৰদৰ্শিতাত মুগ্ধ হৈছিল আৰু ৰাজকাৰ্য্যৰ সকলো ক্ষেত্ৰতে তেওঁৰ পৰামৰ্শ লৈছিল আৰু তেওঁৰ উপদেশ মানি চলিছিল। ঈর্ষান্বিত আৰু শঙ্কা-আতুৰ দাঁতিকাষৰীয়া ৰাজ্যৰ শাসকসকলে চিন্তা কৰিব ধৰিলে কেনেকৈ নতুন ডেকা ডিউক টিঙক কনফুচিয়াছৰ প্ৰভাৱৰ পৰা আঁতৰত ৰাখিব পাৰি আৰু যাতে টিঙে কনফুচিয়াছৰ পৰামৰ্শ মতে নচলা হয় তাৰ উপায় চিন্তিবলৈ ধৰিলে। লু প্রদেশক আটায়ে হিংসাৰ চকুৰে চাব ধৰিলে আৰু তাৰ অৱস্থা কেনেকৈ শোচনীয় কৰিব পাৰি সেই চিন্তাত সকলো ব্যতিব্যস্ত হৈ পৰিল। সিহঁতে ভালকৈ বুজিছিল যে আগৰ ডিউকৰ শাসনকালৰ দৰে যেতিয়ালৈকে লু প্ৰদেশৰ শাসনৰ বাঘজৰী কনফু চয়াছৰ হাতত থাকিব তেতিয়ালৈকে লু প্রদেশ দিনে দিনে উন্নত হৈ যাব আৰু অতি সোনকালে সমগ্র চীনসাম্ৰাজ্যৰ ভিতৰতেই অধিক শক্তিশালী আৰু সমৃদ্ধিশালী হৈ পৰিব। এতেকে লু প্ৰদেশৰ ক্ৰমোত্তৰ উন্নতিৰ পথত হেঙাৰ দিবলৈ হলে ডিউকক কনফুচিয়াছৰ প্ৰভাবৰ পৰা আঁতৰত ৰাখিব লাগিব। কনফুচিয়াছক লু দেশৰ পৰা আঁতৰাব পাৰিলে অতি সোনকালে তাক আগৰ অৱস্থালৈ ৰূপান্তৰিত কৰিব পৰা যাব। অবশেষত আটায়ে আলোচনা কৰি এটা উপায় উলিয়ালে। ডেকা ডিউক টিঙৰ মনত এতিয়াও
কনফুচিয়াছৰ মহান আদর্শ ই স্থায়ীভাবে খোপনি পুতিব পৰা নাছিল। চেঙেলীয়া ডিউক টিঙ ইন্দ্রিয়ভোগ-বিলাসী আৰু অলসতা-প্রিয় আছিল। কনফুচিয়াছৰ মহান আদর্শ আৰু শিক্ষাৰ প্ৰভাৱত এই দুৰ্বলতা দূৰ হোৱাৰ আগতে এই হিংসুক আৰু পৰশ্ৰকাতৰ শাসকসকলে ডিউকৰ এই দুৰ্বলতাৰ সুযোগ লবলৈ স্থিৰ কৰিলে।
সিহঁতে ডিউকক ভোগবিলাসত মত্ত কৰি ৰাখিবলৈ আশীজনী ধুনীয়া গাভৰু ছোৱালী আৰু কেইটামান বছা বছা ঘোৰাদৌৰ জুৱাখেলৰ কৌশল-সম্পন্ন ঘোৰা লু প্ৰদেশৰ ডিউকলৈ উপহাৰ স্বৰূপে পঠিয়াই দিয়ে। সিহঁতৰ দৰবে গুণ ধৰিলে। ভিউকে এই হিংসুক শাসকসকলৰ অভিসন্ধি ভেদ কৰিবলৈ চেষ্টা নকৰি সৌহার্দ্য্য উপহাৰৰূপে সিহঁতৰ দান গ্রহণ কৰিলে আৰু উচ্চপদস্থ বিষয়া সকলৰ সৈতে ডিউকে ভোগবিলাসত গা ঢালি দিলে। ধুনীয়া নাচনী গাভৰুৰ ৰূপত মজি থাকি ডিউক আৰু ৰাজকৰ্ম্মচাৰী সকলে কৰ্ত্তব্য অবহেলা কৰিব ধৰিলে। এই উপহাৰ পোৱাৰ পিচৰ পৰাই ডিউকে হয় অন্তেষপুৰত আমোদ-প্রমোদত নাইবা দৌৰ পথাৰত ঘোৰাদৌৰ খেলি মত্ত হৈ পৰিল । কনফুচিয়াছৰ উপদেশ বা সতর্কবাণী লাহে লাহে অবমাননা কৰিব ধৰিলে । ডিউকক তেওঁৰ কৰ্ত্তব্য সোৱঁৰাই দিবলৈ কনফুচিয়াছ কেইবাবাৰে। ৰাজপ্রাসাদলৈ গ'ল কিন্তু ডিউকক তেওঁ লগ ধৰিবই নোৱাৰা হ'ল। ডিউক ৰাজসভালৈ প্ৰায় নহাই হ'ল আৰু পাৰ্য্যমানে কনফুচিয়াক এৰাই
ফুৰিব ধৰিলে। অকল ডিউকেই নহয়, ৰাজসভাৰ দায়িত্বশীল পদত অধিস্থিত কৰ্ম্মচাৰীসকলেও সজীৱ মাংস-পুতলাবোৰৰ লগত খেলি থাকি ৰাজকাৰ্য্য সম্পূর্ণভাবে নেওচা দিলে। বিষবৃক্ষ স্বৰূপ উপহাৰৰ শিপা গোটেই ৰাজধানীতে ভালকৈ শিপালে। আৰু অলপ দিনৰ ভিতৰতে আদৰ্শৰাজ্য লু কলুষত পোত গ'ল । সমৃদ্ধিশালী লু প্ৰদেশ শ্রীহীন হৈ পৰিল। দেশ দুর্নীতিত উটি গ'ল। মানুহে বেয়া কাম কৰিবলৈ বেয়া নোপোৱা হ'ল। অপৰাধৰ সংখ্যা বাঢ়িল। আইন আদালতৰ প্রয়োজন বাঢ়িল আৰু কাৰাগাৰ কয়দীৰে ভৰি পৰিল । কনফুচিয়াছৰ নিৰ্ম্মিত আদৰ্শ ৰাজ্য অতীতৰ স্মৃতিত পৰিণত হ'ল।
কনফুচিয়াছে অন্তৰত বৰ আঘাত পালে। তেওঁৰ হাতে গঢ়া দেশৰ শ্ৰী দুদিনতে লেৰেলি গ'ল। আটাইবোৰ সজ অনুস্থানতে কেৰোণ সোমাল আৰু সকলো চেষ্টা অঞ্চলে গ'ল। তেওঁৰ সজ বাণীত কোনোৱে কাণ নিদিয়া হ'ল। কনফুচিয়াছে লু দেশ ত্যাগ কৰিবলৈ স্থিৰ কৰিলে। তেওঁ আক্ষেপ কৰি কবলৈ ধৰিলে "মই যদি এজন শাসক পালোহেঁতেন যি মোৰ কথা মতে চলে আৰু মোৰ ওপৰত সম্পূর্ণ আস্থা ৰাখে, তেন্তে এতিয়াও মোৰ কল্পিত আদৰ্শৰাজ্যক বাস্তবত স্থায়ী ৰূপ দিব পাৰিলোহেঁতেন। মোৰ আদৰ্শৰাজ্যত মানুহৰ অজ্ঞতা, দৰিদ্ৰতা, অসন্তুষ্টি নাথাকে - মানুহ সৎ আৰু সত্যান্বেষী হয়।" কিন্তু কোনোৱে তেওঁৰ কথাত সঁহাৰি নিদিলে।
ডিউক আৰু ৰাজবিষয়াৰ কৰ্ত্তব্য-বিমুখতাত তেওঁ বৰ বিৰক্ত হ'ল আৰু এই দেশ ত্যাগ কৰিবলৈ লোৱা সিদ্ধান্ত ডিউক জনালে। কনফুচিয়াছে লু প্ৰদেশ ত্যাগ কৰিব বুলি জনাজাত হোৱাত দাতিকাষৰীয়া ৰাজ্যৰ শাসকসকলে বৰ আনন্দ পালে। সিহঁতৰ ষড়যন্ত্র ইমান সহজে ফলিয়াব বুলি সিহঁতে ভবা নাছিল। সিহঁতে লু প্ৰদেশৰ সম্পদ আৰু শক্তি সহ কৰিব নোৱাৰা হৈছিল আৰু এই সম্পদ, শক্তি আৰু শান্তিৰ শিল্পী কনফুচিয়াছক আঁতৰাবলৈহে সিহঁতৰ অপচেষ্টা আছিল।
কনফুচিয়াছে লু প্রদেশ ত্যাগ কৰি স্বেচ্ছাকৃত নিৰ্ব্বাসনযাত্ৰা আৰম্ভ কৰিলে। যদিও লু প্ৰদেশৰ সম্পদ আৰু শক্তিত অসহিষ্ণু দলটোৱে তেওঁ দেশ এৰি যোৱাটোকে বাঞ্ছা কৰিছিল আনপিনে কনফুচিয়াছৰ গুণমুগ্ধ শিষ্যসকল শোকত ম্রিয়মান হৈছিল। তেওঁৰ লগতে তেওঁৰ অনুগত শিষ্যৰ বিৰাট দল এটাই সমদল যাত্রা আৰম্ভ কৰিলে। কনফুচিয়াছে বঢ়াই বুজাই কিছুমানক এৰিলে। তথাপিও এটা ত্ৰিাট দল কনফুচিয়াছৰ লগ এৰি থাকিবলৈ মান্তি নহল। প্ৰজাৰ সুখ আৰু হিত কামনা কৰা কৰ্ত্তব্যপৰায়ণ ৰজা বিচাৰি কনফুচিয়াছে বাট ললে ।
শিষ্য আৰু অনুগত লোকসকলৰ সমদলেৰে কনফুচিয়াছ নিজৰ জন্মভূমি লু প্ৰদেশ ত্যাগ কৰি গুছি আহিল। জন্মভূমি ত্যাগ কৰিবলৈ তেওঁৰ অকণে। ইচ্ছা নাছিল। যাও নামাওকৈ
অতি অনিচ্ছাৰে তেওঁ বাট ললে। বাটত ওলাইও কনফুচিয়াছে বাৰে বাৰে পিছলৈ উভতি চাইছিল কিজানি অনুতপ্ত হৈ ডিউকে তেওঁক ঘূৰাই নিবলৈ মানুহ পঠিয়াইছেই। কিন্তু কোনো দূত নাহিল । ভোগবিলাসত সাতুৰি নাদুৰি মত্ত হৈ থকা ডিউকৰ মনলৈ তেনে চিন্তা প্ৰবেশৰ পৰিবেশ অনুকুল নাছিল।
দ্বিতীয়বাৰৰ বাবে কনফুচিয়াছে স্বেচ্ছাই নিৰ্ব্বাসন ললে। তেওঁ মাত্র তিনি বছৰ লু প্ৰদেশত চাকৰি কৰিছিল আৰু এই তিনি বছৰৰ ভিতৰতে দেশত নতুন ৰূপ দিব পাৰিছিল। লু প্ৰদেশত যেতিয়া তেওঁৰ নিৰ্ম্মিত সুশাসনৰ সৌধ ভাঙি-চিঙি ভগ্নস্তূপত পৰিণত হ'ল আৰু তাৰ পুনৰ্নিৰ্ম্মাণৰ চেষ্টাত কোনোৱে সঁহাৰি নিদিয়া হ'ল তেতিয়া কনফুচিয়াছে তাত এলাগী হৈ লাগি থকাৰ প্ৰয়োজন নেদেখিলে। তেওঁ বিচাৰি ওলাল এনে এজন ৰজা বা শাসক যিজনে তেওঁৰ ৰাজ্য কনফুচিয়াছৰ তত্ত্বাবধানত এৰি দিব আৰু তাক আদৰ্শ ৰাজ্যত পৰিণত কৰিবলৈ প্ৰয়োজনীয় সকলো সংস্কাৰ প্ৰবৰ্ত্তনৰ ক্ষমতা আৰু দায়িত্ব তেওঁক অৰ্পণ কৰিব।
নিজৰ দেশ এৰি সুদীর্ঘ পোন্ধৰ বছৰ কাল কনফুচিয়াছে চীনৰ ই প্ৰান্তৰ পৰা সি প্ৰান্তলৈ ৰাজ্যে ৰাজ্যে তেওঁৰ কামনাৰ বস্তু বিচাৰি ঘূৰি ফুৰিলে। দুখ কষ্ট, যাতনা আৰু হতাশা তেওঁৰ লগৰীয়া হ'ল কিন্তু তেওঁৰ আদৰ্শৰাজ্যৰ সপোন দিঠকত গঢ় দিবলৈ তেওঁ কতো সুযোগ নাপালে।
এইদৰে ঘূৰি ফুৰোতে কনফুচিয়াছে কোনো কোনে। ঠাইত
ৰাজকীয় অভ্যর্থনা আৰু সমাদৰ পাইছিল আৰু কোনো কোনো ঠাইত অবজ্ঞাও পাইছিল। তেওঁ সম্মান বা অভ্যর্থন। বিচাৰি ওলোৱা নাছিল। নিজৰ কাৰণে তেওঁক একো নালাগে। তেওঁ কাৰে। অনুগ্ৰহ নিবিচাৰে আৰু কাৰে। কোনো প্ৰকাৰ বন্ধনত থাকিব ইচ্ছা নকৰে। এখন ৰাজ্যৰ শাসনকৰ্ত্তাই প্রথমে তেওঁৰ প্ৰস্তাৱত মাস্তি নহল অৰ্থাৎ তেওঁৰ ৰাজ্যখনৰ শাসন আৰু সংস্কাৰৰ দায়িত্ব কনফুচিয়াছৰ হাতত অৰ্পণ কৰিবলৈ মান্তি নহল। কিন্তু কনফুচিয়াছৰ দৰে ঋষিতুল্য মহান ব্যক্তি এজনে এনেদৰে যাতনা ভুগি ঘূৰি ফুৰাটো তেওঁ সহ্য কৰিবলৈ টান পালে। কনফুচিয়াছৰ দুখ কষ্ট দেখি তেওঁৰ বৰ বেয়া লাগিল আৰু তেওঁৰ ৰাজ্যৰ এখন নগৰৰ ৰাজহ কনফুচিয়াছ আৰু তেওঁৰ শিষ্যবৰ্গৰ ভৰণ-পোষণৰ বাবে দিবলৈ তেওঁ প্ৰস্তাৱ কৰিলে। কনফুচিয়াছে এই অনুদান প্রত্যাখ্যান কৰি সেই দয়ালু শাসক জনক এইদৰে জনাইছিল "শ্রেয়কামী জনে কামৰ বাবেহে পুৰস্কাৰ লব পাৰে । মই ডিউকক উপদেশ দিছিলোঁ, কিন্তু তেওঁ নামানিলে। আৰু এতিয়া অনুদান দি মোক অনুগ্ৰহ কৰিব বিচাৰিছে। তেওঁৰ বুদ্ধি-বৃত্তি নোহোৱা হৈছে। হুটা চাউলৰ ভাত খাই, পিয়াহত পানী খাই, আৰু মোৰ বাউসীকে গাৰু কৰি লৈও মই আনন্দত আছো। অন্যায় ভাবে পোৱ। ধনদৌলত, মান যশস্যা মোৰ কাৰণে ভাহি ফুৰা মেঘৰ দৰে !"
সুখ দুখ, সম্পদ আপদ কনফুচিয়াছে সমভাবেই গ্রহণ
কৰিব পাৰিছিল। শ্রীমদ্ভগবদ্গীতাৰ ভাষাত তেওঁ আছিল স্থিতপ্রজ্ঞ। দুখতো তেওঁৰ মন উদ্বিগ্ন নহয় আৰু সুখতো বিগতস্পৃহ আছিল। হাজাৰ দুখৰ মাজতো তেওঁ কাতৰ নহৈছিল । এবাৰ কেইবাদিনো উপবাসে থকাত দুখতে আৰু খঙতে এজন শিষ্যই কনফুচিয়াছক সুধিলে, "শ্রেষ্ঠলোকে এনেদৰেই কষ্ট কৰিব লাগে নেকি?" কনফুচিয়াছে অতি শান্তভাবে উত্তৰ দিলে, "শ্রেষ্ঠলোকে এনেদৰে কষ্ট পাব লগা হব পাৰে। তথাপি শ্রেষ্ঠলোক শ্রেষ্ঠ হৈয়েই থাকে। সাধাৰণ মানুহে এনে পৰিস্থিতিত কিন্তু আত্মসংযম হেৰুৱায়।"
আন এদিনাখন এইদৰে ঘূৰি ফুৰোতে কনফুচিয়াছ শিষ্যসকলৰ সৈতে এখন নদীৰ পাৰত ওলাল গৈ । নদীখন পাৰ হবলৈ কোনো সাঁকো বা দলং নেদেখি তেওঁলোকে ইপিনে সিপিনে পাৰ হবলৈ বাট বিচাৰি ঘূৰাঘূৰি কৰি আছিল। তেওঁলোকে নৈখন পাৰ হুবই লাগে অথচ কোনো উপায় পোৱা নাই। ওচৰতে পথাৰত কাম কৰি থকা মানুহ এজন দেখি কনফুচিয়াছে ছুলু নামেৰে এজন শিষ্যক মাতি কলে "সেই কাম কৰি থকা মানুহজনক লুধি আহাছোন নৈখনৰ কোন পিনে সাঁকে। বা পাৰ হোৱা নাও আছে। তেওঁ জানিবও পাৰে ।"
ছুলু ওচৰলৈ গৈ দেখে যে মানুহজন চেঙচু, সন্ন্যাসী হৈছে। সেই সময়ত চীনদেশত অসংখ্য সাধু সন্ন্যাসী খছিল। বহুত মানুহে, স্বেচ্ছাচাৰী ডিউক আৰু মন্ত্ৰীসকলৰ দুর্নীতি আৰু
আপোনপেটা স্বভাৱৰ বাবে বিৰক্ত হৈ দেশ এৰি হাবি জঙ্গলে কোনোমতে পেট প্ৰৱৰ্ত্তাই জীৱন নিয়াইছিল। চেঙচু এনে ধৰণৰ এজন সন্ন্যাসী আছিল।
ছুলু ওচৰ চাপি অহাত চেঙচুৱে সুধিলে - আপুনি কোন ? ছুলুৱে উত্তৰ দিলে - মোৰ নাম ছুলু। - আপুনি কনফুচিয়াছৰ শিষ্য নেকি ?
এৰা। ছুলুৱে লাহেকৈ উত্তৰ দিলে।
-ইখন দেশৰ পৰা সিখন দেশলৈ বাটকুৰি বাই কেৱল ঘূৰিফুৰা গুৰু এজনৰ শিষ্য হোৱাতকৈ আপুনি দেখোন সন্ন্যাসী হোৱাহে ভাল আছিল।
ইয়াকে কৈ সন্ন্যাসীজনে ছুলুৰ ফালে পিঠি দি নিজৰ কামত লাগিল। কোন পিনে নৈখন পাৰ হব পৰা ব্যবস্থা আছে সেই সম্পৰ্কে ছুলুৱে কেইবা বাৰো প্রশ্ন কৰাতো কোনো জবাবকেই নিদিলে। হতাশ হৈ চুলু উভতি আহি কনফুচিয়াছক সকলো নিবেদন কৰিলে।
কনফুচিয়াছে শিষ্যসকলক কলে - "চেঙচুৱে ভুল কৰিছে। বেয়া দেখি পলাই আহিলেই বেয়া গুছি ভাল নহয় । যদি সকলো মানুহ সৎ আৰু সুখী হলহেতেন তেন্তে মানুহক সব্জ হৰলৈ উপদেশ দি ফুৰিবলৈ মোৰ প্ৰয়োজন নাথাকিলহেতেন। কষ্টত পৰিলে বা কষ্টজনক পৰিস্থিতিৰ উদ্ভৱ হলে মানুহে তাৰ পৰা পলাই নহাটোৱেই কৰ্ত্তব্য। ভাল বুলি বিবেচনা কৰিও যদি কাৰ্য্যত সেইমতে কৰা নহয় তেন্তে তেনে
আচৰণেই কাপুৰুষালি। সন্ন্যাসীৰে। দেখিছো বহুত লগৰীয়া আছে।"
কনফুচিয়াছৰ কথাখিনিৰ তাৎপৰ্য্য শিষ্যসকলে উপলব্ধি কৰিব পাৰিলে। সন্ন্যাসীৰ আভৰণ ললেই সন্ন্যাসী নহয়। ইন্দ্রিয় দমন আৰু জনগণৰ সেৱাৰ প্ৰচেষ্টা নাথাকিলে সন্ন্যাস জীৱনৰ জটিলতাৰ পৰা পলায়নপ্রবৃত্তিৰ প্ৰয়াস মাধোন হৈ পৰে। এই কৃত্রিম সন্ন্যাসীজনৰ মনোবৃত্তি আৰু কনফুচিয়াৰ মহত্ত্ব শিষ্যসকলে হৃদয়ঙ্গম কৰিলে।
এদিনাখন কনফুচিয়াছে শিষ্যসকলৰ সৈতে টিয়ান চান পৰ্ববতৰ কাষে কাষে গৈ থাকোতে দেখিলে এগৰাকী তিৰোতা মানুহে এটা কবৰৰ ওচৰত শোকত কাতৰ হৈ দীঘল দি পৰি আছে। তিৰোতাজনীৰ অৱস্থা দেখি কনফুচিয়াছৰ বৰ দুখ লাগিল আৰু মানুহজনীৰ দুখৰ কাৰণ জানিবলৈ তেওঁৰ শিষ্যসকলৰ এজনক পাচিলে। শিষ্যজনে তিৰোতাজনীক সেইদৰে কবৰৰ ওচৰত শোকত বিহবলা হৈ পৰি থকাৰ কাৰণ সুধিলত মানুহজনী উচুপি উচুপি কবলৈ ধৰিলে - "মোৰ শহুৰক এই ঠাইতে বাঘে খাই মাৰিছিল। মোৰ স্বামীকে। ইয়াতে বাঘে মাৰিছে আৰু পুত্ৰইও একেদৰে বাঘৰ হাততে প্রাণ এৰিলে।" তেতিয়া কনফুচিয়াছে সুধিলে - "তোমাৰ স্বামীৰ পিতা, স্বামী আৰু তোমাৰ পুত্ৰই ইয়াতে বাধৰ হাতত প্ৰাণ দিলে। তুমি এই স্থান পৰিত্যাগ কৰি আন নিৰাপদ ঠাইলৈ গুছি নোযোৱা কিয় ?"
ভিৰোতাজনীয়ে উত্তৰ দিলে, - "এই ঠাই এৰি যাবলৈ মন নাযায়। এই ৰাজ্যৰ শাসকসকল অত্যাচাৰী আৰু শোষণকাৰী নহয়। সেয়েহে সকলোকে হেৰুৱাইও এই ঠাই এৰি যাবলৈ মোৰ সত যোৱা নাই।"
তিৰোতাজনীৰ উত্তৰ শুনি কনফুচিয়াছ মুগ্ধ হ'ল আৰু শিষ্যসকলক মনত ৰাখিবলৈ কলে - "বাছাহঁত, মনত ৰাখিবা, অত্যাচাৰী চৰকাৰ বাঘতকৈও বেচি ভয়ানক আৰু বেচি ভয় কৰিবলগীয়া বস্তু।"
কনফুচিয়াছে অনুগত শিষ্যসকলৰ সৈতে অশেষ দুখ নিকাৰ ভুগি ই ৰাজ্যৰ পৰা সি ৰাজ্যলৈ পৰ্য্যটন কৰিলে এজন জ্ঞানী প্ৰজাৰঞ্জক শাসকৰ অন্বেষণত; কিন্তু নাপালে। কিন্তু এই ভ্রমণেই কনফুচিয়াছক অমৰ কৰিলে আৰু জগতে তেওঁৰ সঞ্চিত জ্ঞানৰ সঁফুৰা পালে। এইদৰে ভ্ৰমণ কৰোঁতে তেওঁৰ গুণমুগ্ধ শিষ্যসকলে কনফুচিয়াছে উচ্চাৰণ কৰা প্ৰত্যেকটে। বাণী আপুৰুগীয়া সম্পত্তি হিচাপে সঞ্চয় কৰিছিল আৰু তেওঁৰ প্ৰত্যেকটে। আচৰণকে ভক্তিভৰে অধ্যয়ন কৰি তাৎপৰ্য্য বুজিবলৈ চেষ্টা কৰিছিল। এই শিষ্যসকলৰ কাৰণেই আজি জগতবাসীয়ে মহর্ষি কনফুচিয়াছৰ জীৱনৰ ঘটনাবলী আৰু তেওঁৰ অমৰ বাণীসমূহ পাব পাৰিছে ।
বিদেশত এইদৰে কল্পিত আদৰ্শৰাজ্য বাস্তবত ৰূপ দিবলৈ সুযোগ বিচাৰি ঘূৰি থাকোঁতেই কনফুচিয়াছৰ ঘৈণীয়েক ঢুকায়।
ইতিমধ্যে লু প্ৰদেশৰ যিজন ডিউক অবহেলা আৰু অবজ্ঞাৰ বাবে কনফুচিয়াছে বিৰক্ত হৈ দেশ এৰি যাবলগীয়া হৈছিল সেইজন ডিউকৰো মৃত্যু হয়। সেই ভিউকৰ পুতেক নতুন ডিউক বিদ্যানুৰাগী আৰু দুৰদৰ্শী লোক আছিল ! তেওঁৰ তলত কাম কৰা এজন কৃতবিদ্য সৈন্যাধিনায়কে সমকৌশলৰ শিক্ষা কনফুচিয়াছৰ পৰাই পাইছিল আৰু কনফুচিয়াছক এই সেনাপতি জনে বৰ ভক্তি কৰিছিল। ইমানদিনে এই সেনাপতিজনে তেওঁৰ গুৰুক পুনৰ নিজ দেশলৈ ঘূৰাই আনিবৰ চেষ্টা কৰিব পৰা নাছিল কাৰণ আগৰ জনা ডিউকৰ প্ৰতি কনফুচিয়াছ মুঠেই সদয় নাছিল। নতুন ডিউক ক্ষমতাত অধিষ্ঠিত হ'লত এই সেনাপতিজনে 'কনফুচিয়াছক পুনৰ ফিৰাই আনি আগৰ পদত অধিষ্ঠিত কৰিবলৈ উঠিপৰি লাগিল। তেওঁ সদায় কনফুচিয়াছৰ জ্ঞান, বিদ্যাবুদ্ধি আৰু মহত্ব সম্পর্কে ডিউকক কবলৈ ধৰিলে আৰু এই মহৎ ব্যক্তিজনৰ পৰামৰ্শত দেশখন পুনৰ সমৃদ্ধিশালী কৰিবলৈ খাটনি ধৰিলে।
ডেকা ডিউকেও কনফুচিয়াছৰ গুণ-গৰিমা জানিছিল তেওঁৰ মন্ত্ৰীত্বত লু প্ৰদেশৰ সম্পদ আৰু শক্তি সম্বন্ধেও অবগত আছিল। তেওঁ কনফুচিয়াছক নিজদেশলৈ আহি পুনৰ লু প্ৰদেশৰ শাসন ভাৰ লবলৈ প্ৰাৰ্থনা কৰি মানুহ পঠালে। অৱশেষত ১৫ বছৰ বিদেশত নানা কষ্টৰ মাজেদি ভ্ৰমণ কৰি কটাই কনফুচিয়াছে জন্মভূমি লু প্রদেশলৈ উভতি আহিল আৰু পুনৰ লু প্ৰদেশৰ ভাগ্য-নিয়ন্ত্ৰণৰ দায়িত্ব বলে।
কনফুচিয়াছ স্বদেশলৈ প্ৰত্যাৱৰ্ত্তন কৰা সময়ত তেওঁৰ বয়স সত্তৰ বছৰৰ ওচৰাওচৰি। পোন্ধৰ বছৰীয়া সুদীৰ্ঘ ভ্ৰমণৰ দুখকষ্ট আৰু কঠোৰতাই তেওঁৰ আয়ুস কমাই নি আৰু বেচি বুঢ়া কৰিলে। লু প্রদেশ এৰি যোৱাৰ সময়ত তেওঁৰ যি উদ্যম, উৎসাহ আৰু শক্তি আছিল এতিয়া সি আৰু নাই। কনফুচিয়াছে লু প্ৰদেশৰ প্ৰধান মন্ত্রীত্বৰ দায়িত্ব ললে কিন্তু বাৰ্দ্ধক্যৰ কাৰণে ৰাজনীতিৰ কৰ্ম্মব্যস্ত জীৱনৰ পৰা প্ৰায় অবসৰ লৈ শান্তিৰে জীৱনৰ বাকীছোৱা কাল অধ্যয়ন কৰি কটাবলৈ স্থিৰ কৰিলে। লু প্ৰদেশলৈ অহাৰ পিচত তেওঁৰ জীৱন-বস্তি মাত্র পাঁচবছৰৰ বাবেহে প্রদীপিত আছিল আৰু এই সময় ছোৱা কনফুচিয়াছে সাহিত্য, সঙ্গীত, ইতিহাস চর্চ্চা কৰি আৰু তেওঁৰ পদপ্রান্তত বহি থকা শিষ্যসকলক শিক্ষা দি কটালে। কনফুচিয়াছৰ জীৱনৰ বোধহয় এই পাঁচোটা বছৰেই আটাইতকৈ মূল্যবান সময় আৰু এই পাঁচবছৰৰ ভিতৰত জগতবাসীক তেওঁ যি দান দি গ'ল সি অমুল্য। জীৱনৰ বহুমুখী অভিজ্ঞতা সংগ্রহ কৰি শিষ্যসকলক দিয়া উপদেশ আৰু শিক্ষা শিষ্যসকলে লিপিবদ্ধ কৰিছিল আৰু বহুকাল ধৰি চীনৰ সাংস্কৃতিক জীৱন এই শিক্ষাই নিয়ন্ত্রিত কৰিছিল। এই কালছোৱাতে কনফুচিয়াছে চুন চিউ কিং বা বসন্ত আৰু শৰৎ নামদি লু প্ৰদেশৰ ২৪২ বছৰৰ এখন ইতিহাস লিখে আৰু চীনদেশৰ কবিতাৱলী লিপিবদ্ধ কৰে। চুন চিউ কিং নামৰ ইতিহাস খনেই কনফুচিয়াছৰ মৌলিক ৰচনা। এই ইতিহাস সম্বন্ধে
কনফুচিয়াছে নিজেই কৈছিল যে মানুহে তেওঁক এই ইতিহাস খনৰ কাৰণেই জানিব আৰু এই ইতিহাসখনৰ কাৰণেই মানুহে তেওঁক নিন্দ। কৰিব। এই ইতিহাসখন চীনদেশৰ সুদীর্ঘ কাল এছোৱাৰ দুখ দৈন্য আৰু নিৰ্যাতনৰ কৰুণ কাহিনী। যদি কনফুচিয়াছক আৰু তেওঁৰ ব্যক্তিত্ব অন্য উপায়েৰে জানিব পৰা নগলহেতেন আৰু যদি এই ইতিহাস খনৰ ভিত্তিতে মাত্র তেওঁক বিচাৰ কৰা গলহেতেন তেন্তে সঁচাকৈয়ে কনফুচিয়াছক জগতে নিন্দাহে কৰিলেহেতেন। যদিও এই পুথিখন চীনৰ প্রাচীন সাহিত্যৰ আপুৰুগীয়া বিভূতি - ই ইতিহাস হিচাপে মূল্যহীন। কনফুচিয়াছৰ মহত্ব তেওঁৰ ৰচিত পুথি চুন চিউ কিঙৰে বিচাৰ কৰিব নোৱাৰি। তেওঁৰ মহত্ব বিচাৰ কৰিব লাগে চীনদেশৰ ওপৰত বিস্তাৰ কৰা তেওঁৰ প্ৰভাৱৰ দ্বাৰাহে । যুগ যুগ ধৰি কনফুচিয়াছৰ আবিৰ্ভাবৰ পৰা আজিলৈকে চীনদেশত কনফুচিয়াছৰ প্ৰভাৱ অপ্ৰত্যাহত হৈ আছে।
কনফুচিয়াছে আশা কৰিছিল যে তেওঁৰ পুথিৰ জৰিয়তে তেওঁৰ আদৰ্শ আৰু চিন্তাধাৰ। সমগ্ৰ চীনতে জনাজাত হব আৰু তেওঁৰ অবর্তমানেও শিষ্যসকলে এই পুথিকে আশ্ৰয় কৰি তেওঁৰ শিক্ষ। প্ৰচাৰ কৰিব পাৰিব। শিষ্যসকলৰ ভিতৰত কেইগৰাকী মান অতি তীক্ষ্ণবুদ্ধিৰ লোক আছিল আৰু তেওঁলোকৰ লগত নানা সমস্যাৰ আলোচনা কৰি দিনৰ ভালেখিনি সময় কটাইছিল। কনফুচিয়াছ প্রধানতঃ আছিল এজন শিক্ষক আৰু তেওঁ শিক্ষাৰ মাজেদি প্ৰচাৰ কৰিছিল তেওঁৰ ৰাজনৈতিক মতবাদ
আৰু নৈতিক আদর্শ। ঐতিহ্যক তেওঁ বৰ আদৰ কৰিছিল আৰু প্রাচীন ৰীতি-নীতি, ধৰ্ম্ম, সমাজ-ব্যৱস্থা কোনোটোকে উলাই নকৰিছিল। বৰং তেওঁ সেই আটাইবোৰকে অধ্যয়ন কৰি তাৰ যৌক্তিকতা বিচাৰ কৰিছিল আৰু নতুন ৰূপত সজাই পৰাই প্ৰচাৰ কৰিছিল। গ্ৰীচ দেশৰ ছোফিষ্ট সকল আৰু চক্ৰেটিছৰ দৰে ওচৰলৈ শিক্ষালাভ কৰিবলৈ অহা সকলো লোককে তেওঁ শিক্ষা দিছিল। ছোফিষ্ট সকলৰ দৰে শিক্ষাদানৰ বাবে তেওঁ পাৰিশ্ৰমিকে। গ্ৰহণ কৰিছিল। শিক্ষাদান কাৰ্য্যটোক কনফুচিয়াছে এটা পুণ্যব্রত হিচাবে লৈছিল আৰু ৰাজ্যৰ হিত-চিন্তা কৰিব পৰা কেইজনমান লোকক উপযুক্ত শিক্ষা দি গঢ়ি তোলাটোৱেই তেওঁৰ শিক্ষাদানৰ উদ্দেশ্য আছিল ।
অকল ৰাজনৈতিক সম্যাই নহয়, শিক্ষা, শিক্ষাৰ প্ৰয়োজন, জ্ঞান আদি বিষয় আলোচনা কৰিও কনফুচিয়াছে বৰ আমোদ পাইছিল। জগতত প্রকৃত জ্ঞানেই আছিল তেওঁৰ মতে উৎকৃষ্ট সম্পদ।
এদিন এজন শিষ্যই তেওঁক সুধিছিল - "পঢ়াশুন। কৰা সকলোৰে কাৰণে উপকাৰী নে ? ই সকলোৰে কামত আহেনে?"
কনফুচিয়াছে উত্তৰ দিছিল - 'তিনি বছৰ কাল মাত্ৰ অধ্যয়ন কৰি কোনো উপকাৰ পোৱা নাই এনে লোক তুমি জগতত বিচাৰি নোপোৱা।"
আন এজন শিষ্যই সুধিলে - "মানুহে সকলো সময়তে আৰু যি কোনো বয়সতে শিক্ষালাভ কৰি উপকৃত হব পাৰেনে ?"
কনফুচিয়াছ - এৰা, মানুহে সকলো সময়তে শিক্ষা লাভ কৰিব পাৰে । কিন্তু বয়স কম থাকোতেই শিক্ষালাভ কৰিলে অধিক ফলবতী হয়। শিক্ষা চৰিত্ৰ গঠনৰ উপায় আৰু কম বয়সতে শিক্ষালাভ কৰি মানুহে অধিককাল সৎ চৰিত্ৰবান হৈ জীৱন নিয়াব পাৰে ।
শিষ্য - কোনো মানুহক সকলো ওচৰচুবুৰীয়াই ভালপোৱা
ভালনে ?
কনফুচিয়াছ~~ভাল নহয়।
শিষ্য - তেন্তে কোনো মানুহক সকলো ওচৰচুবুৰিয়াই ঘিণ কৰা ভালনে ?
কনফুচিয়াছ - সিও ভাল নহয়। যদি এজন মানুহক ওচৰচুবুৰিয়াৰ ভাল মানুহ খিনিয়ে ভাল পায় আৰু বেয়া মানুহ খিনিয়ে দ্বিণ কৰে তেহে ভাল ।
শিষ্য - কোনো মানুহে দোষ কৰিলে তাৰ বেয়া কামৰ পৰিশোধ ভাল কামেৰে কৰা ভাল বা উচিত নে ?
কনফুচিয়াছ - কেতিয়াও ভাল নহয় । তুমি যদি বেয়া কামৰ প্ৰতিদান ভাল কামেৰে দিয়া তেন্তে ভাল কামৰ প্ৰতিদান কিহেৰে দিবা ? ভাল কামৰ প্ৰতিদান ভাল কামেৰে দিবা আৰু দোষীজনক দণ্ডবিধান কৰিবা। দোষৰ দণ্ডই সমুচিত প্রতিদান ।
মানুহে সমাজত কিদৰে জীৱন যাপন কৰিব লাগে, কি শিক্ষা আহৰণ কৰিব লাগে, সংসাৰত সৎ হবলৈ কি কৰিব
লাগে - এনে ধৰণৰ প্ৰশ্নৰ সম্যক উত্তৰ কনফুচিয়াছৰ সদায় জিভাৰ আগতে আছিল। এনে ধৰণৰ সমস্যাৰ আলোচনাত তেওঁৰ সমিধান স্পষ্ট আৰু দৃঢ় আছিল আৰু তাৰ বাবে তেওঁৰ বিশেষ চিন্তা কৰিবৰ প্ৰয়োজন নাছিল। কনফুচিয়াছৰ গোটেই জীৱনটোৱেই এই ধৰণৰ প্ৰশ্নসমূহৰ মূৰ্ত্ত আৰু জ্বলন্ত উত্তৰ আছিল। কিন্তু আনুস্থানিক ধৰ্ম্ম, ক্রিয়াকাণ্ড, ঈশ্বৰ, স্বৰ্গ, নৰক, পূৰ্ব্বজন্ম, পৰজন্ম, জন্মান্তৰ ইত্যাদি ধৰণৰ বিষয়বোৰৰ আলোচনাত তেওঁৰ বৰ উৎসাহ নাছিল আৰু এনে বিষয়ৰ প্ৰশ্নৰ তেওঁ পোনপটীয়া উত্তৰ নিদিছিল।
এদিন এজন শিষ্যই কনফুচিয়াছক মৃত্যুৰ পিচত আকৌ জীৱৰ জন্ম হয় নেকি সুধিছিল। তাৰ উত্তৰত কনফুচিয়াছে কৈছিল -"এই জীৱনৰ কথাই আমি জানিব পৰা নাই, মৃত্যুৰ পিচৰ কথা কেনেকৈ জানিবা ?" ইয়াৰ বেছি তেওঁ একো নকৈছিল।
এজন শিষ্যই এদিন কনকুচিয়াছক সুধিছিল - "প্রভু আপুনি কবিতাৰ আলোচনা প্রসঙ্গত সদায় প্ৰেমৰ কথা কয়। প্রেম কি বস্তু?" কনফুচিয়াছে কৈছিল - "সমগ্ৰ মনুষ্যজাতিক ভালপোৱাই প্রেম।" শিষ্যজনে অলপ বহলাই ভালকৈ বুজাই দিবলৈ কোৱাত কনফুচিয়াছে কৈছিল, "কাম্যবস্তু পোৱাতকৈ কাম্যবস্তু পাবৰ কাৰণে কৰ। প্ৰচেষ্টাক বেছি প্ৰেয় বুলি ধৰি লোৱাই প্রেম। কোনো এট। বস্তু পাবলৈ কৰা কামত আনন্দ আছে কিন্তু যি আনন্দ শেষত পাব লগা বস্তুৰ কাৰণে বা লক্ষ্যত
উপনীত হোৱাৰ কাৰণে নহয়, যি আনন্দ কেৱল কাম কৰাৰ কাৰণেই পোৱা যায় সেই আনন্দই প্রেম। এই জীৱনতেই হওক বা ইয়াৰ পিচৰ জন্মতেই ফল পাবা বুলি যদি কাম কৰা তেন্তে সেই কামৰ কাৰণে পোৱা আনন্দ প্ৰেম নহয়। ভাল কাম ভাল বুলি কৰাৰ কাৰণেই যি আনন্দ সেই আনন্দই প্রেম। প্রেমেই প্ৰেমৰ ফল। প্রেমেই প্ৰেমৰ লক্ষ্য, ই আন কিবা পোৱাৰ সহায়ক বা উপায় নহয়। প্রেমে সকলো বস্তুকে সুন্দৰ কৰি তোলে। প্রেমেই শান্তি আনয়ন কৰে। য'ত প্ৰেমৰ অস্তিত্ব সন্দিহান হৈ উঠে তেনেকুৱা পৰিস্থিতিত সৈন্যবাহিনীৰ প্ৰচণ্ড প্রতাপৰ আগতো সেও নহবা। বাছাহঁত, এই কথা সদায় মনত ৰাখিবা।"
অলপ সময় টলকামাৰি ভাবি আকৌ কলে - "যাৰ হিয়াত প্ৰেমৰ সঞ্চাৰ হৈছে সি কেতিয়াও বেয়া কাম কৰিব নোৱাৰে।"
কনফুচিয়াছৰ বয়স ক্রমে ভাটি দি আহিল। বুঢ়াকালতো তেওঁ আৰম্ভ কৰা পুথি কেইখন সমাপ্ত কৰিবলৈ যথেষ্ট খাটিৰ লগা হৈছিল আৰু সেই কামতে সম্পূৰ্ণকৈ আত্মনিয়োগ কৰি ছিল। তাৰ মাজতো চীনদেশৰ দাৰিদ্ৰ আৰু দৈন্যই তেওঁৰ মনত বৰ কষ্ট দিছিল। কনফুচিয়াছৰ সত্তৰ বছৰ পূৰ হোৱাৰ লগে লগেই তেওঁৰ পুতেক লে মৃত্যুমুখত পৰে। বিদেশত ভ্ৰমি থাকোতেই ঘৈণীয়েক ঢুকায়। পুতেকৰ শোক পাহৰিবলৈ নৌ পাওঁতেই তেওঁৰ অতি প্রিয় শিষ্য এজনেও ইহধাম ত্যাগ কৰে।
এনে ওপৰা-উপৰিকৈ হোৱা সাংসাৰিক দুৰ্য্যোগেও তেওঁৰ অন্তৰত আঘাত দিছিল।
লেৰ কেইহ, নামে এটি লৰা আছিল। কেইহ, বহুত বিষয়ত ককাদেউতাক কনফুচিয়াছৰ লগত মিলিছিল। কেইছ, সদায় কনফুচিয়াছৰ লগত থাকিছিল আৰু তেওঁৰ ওচৰত পঢ়া-শুনা কৰিছিল। নাতিয়েকক লগত ৰাখি পঢ়াই গুনাই কনফুচিয়াছে আনন্দ পাইছিল ।
এদিনাখন বুঢ়া কনফুচিয়াছে চুন চিউ কিং বা 'বসন্ত আৰু শৰৎ' বোলা ইতিহাসৰ কিতাপখন লিখাত ব্যস্ত আছিল। কেইহ্, মনে মনে সেই কোঠাটোলৈ সোমাই আহিল আৰু যাতে বুঢ়াৰ কামত ব্যাঘাত নঘটে তালৈ লক্ষ্য ৰাখি সাৰিসুৰ! নোহোৱাকৈ ৰৈ থাকিল। কনফুচিয়াছে মূৰ নদঙাকৈ কিছু সময় কাম কৰি থাকি মাজতে এবাৰ ৰ'ল আৰু এটা দীঘল হুমুনিয়াহ পেলালে।
কেইহ, তেতিয়া অতি সন্তর্পণে কনফুচিয়াছৰ ওচৰলৈ গৈ সুধিলে - "ককাদেউতা, আপুনি কিয় বেজাৰ মনেৰে হুমুনিয়াহ পেলাই থাকে? আপোনাৰ সতি সন্তুতি বিলাক অপদার্থ হোৱা বাবেই নেকি ? নে আপুনি সন্মান আৰু শ্ৰদ্ধা কৰি থকা আপোনাৰ আগেয়ে যিসকল মহান ব্যক্তিয়ে জন্মলাভ কৰি জগতত অমৰ হৈ গৈছে সেইসকলৰ তুলনাত আপোনাক নিজকে নিজে বৰ সৰু সৰু লাগিছে ?"
কথা কেইষাৰ শুনি কনফুচিয়াছ আসনৰ পৰ। উঠিল আৰু
| pdf |
f6f0d7b0f73a1f76bc5f5bd7c61664c22478425e | শিলচৰঃ কৰিমগঞ্জৰ চান্দখিৰাত ভয়াৱহ পথ দুর্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই ৰাজপথতে বাগৰিল এখন যাত্রীবাহি বাছ। অসম ত্রিপুৰা সংযোগী ৮ নং ৰাষ্ট্রীয় ঘাইপথত সংগঠিত হৈছে এই ঘটনা। দুর্ঘটনাত থিতাতে নিহত তিনিজনকৈ লোক। আহত হৈছে বাছখনৰ সকলো যাত্রী। দুর্ঘটনাগ্রস্ত বাহনখনৰ নম্বৰ AS 10 5666।
সঙ্কটজনক অৱস্থাত কেবাজনো যাত্রীক প্রেৰণ কৰা হৈছে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত। নিহত তিনিজনৰ এজনৰ হৈছে কটামণিৰ মাদ্ৰাছা ছাত্ৰ সাকিৰ আহমদ(১৫)। বাকী দুজনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। নিহতৰ মাজত আছে আৰু দুগৰাকী মহিলা। ম'হ এটাক বচাবলৈ গৈ সংগঠিত হৈছিল দুৰ্ঘটনাটো। | web |
650cbd4ffbf7f141303634a246f434a44412d714 | গানৰ ভিডিঅ'ত ভাটৌ চৰাই ব্যৱহাৰ কৰাৰ বাবে অসমীয়া গীত 'জোনবিল'ৰ গায়ক, প্ৰযোজক সীমান্ত শিখৰ আৰু ৰজনী কস্তুৰী প্ৰিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
পাৰাকিত জাতৰ এটি ভাটৌ গীতটোৰ ভিডিঅ'ত ব্যৱহাৰ কৰাৰ বাবে বন্যপ্ৰাণী কৰ্মী তথা কৰ্বি (Conservation and Research of Bio-Diversity and Environment)ৰ সম্পাদক নৱজ্যোতি বৰ্মনে এজাহাৰখন দাখিল কৰিছে।
অভিযোগকাৰীজনে উল্লেখ কৰে যে ভিডিঅ'টোত ব্যৱহৃত পাৰাকিত জাতৰ ভাটৌবিধক বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ অধীনত সুৰক্ষা দিয়া হৈছে।
আইনে সুৰক্ষা দিয়া বনৰীয়া প্ৰজাতি এটাৰ এনে ব্যৱহাৰে প্ৰাণীটোৰ অধিকাৰ সম্পূৰ্ণৰূপে উলংঘা কৰিছে আৰু ই প্ৰাণীবিধৰ লগতে সমগ্ৰ পৰিৱেশতন্ত্ৰটোৰ বাবেই এক ভাবুকি বুলি তেওঁ লগতে উল্লেখ কৰিছে।
পাৰাকিত দীঘল নেজীয়া এজাতি ভাটৌ। | web |
0964897ec92f934c4d3c476f427ab262 | অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টি চমুকৈ "আপ" ৰ বৰপেটাৰ যুটীয়া সমন্বয়ক ফাৰুক খানে জিলাখনৰ কেইবাটাও সমস্যা সমাধানৰ দাবীত বিগত কিছুদিন ধৰি অকলশৰীয়াকৈ চলাই আহিছে প্ৰতিবাদ।
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
| web |
c27c33d9725c9feb360b22ab9fb8a930 | কেন্দ্ৰই মেঘালয়ত এল পি জি চিলিণ্ডাৰ বিতৰণত সুচলতা অনাৰ লক্ষ্যৰে এটা এল পি জি 'ব'টলিং প্লেন্ট ' স্থাপন কৰিব। শনিবাৰে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে কেন্দ্ৰই এই প্ৰকল্পটোৰ বাবে ৭৫ কোটি টকা ব্যয় কৰিব।
এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মেঘালয় চৰকাৰ আৰু ভাৰতীয় তেল নিগমৰ সৈতে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই প্ৰকল্পটো বছৰি ৩০,০০০ মেট্ৰিক টন এল পি জি উৎপাদন ক্ষমতা সম্পন্ন হ'ব।
ইয়াৰ পূৰ্বে চুক্তি স্বাক্ষৰিত কৰাৰ উদ্দেশ্যেৰে প্ৰধানে মুখ্যমন্ত্ৰী মুকুল চাংমাক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰিছিল।
উত্তৰ-পূৰ্বাঞ্চলত, মাত্ৰ ২৭ শতাংশ পৰিয়ালে এল পি জিৰ সুবিধা গ্ৰহণ কৰা মেঘালয়েই হৈছে আটাইতকৈ কম ব্যৱহাৰকাৰী ৰাজ্য। এই ক্ষেত্ৰত এল পি জি ব্যৱহাৰকাৰীৰ ৰাষ্ট্ৰীয় গড় হৈছে ৭৭ শতাংশ।
কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে কয় যে কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য পৰিয়ালসমূহত এল পি জি সংযোগ আগবঢ়োৱাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্ব প্ৰদান কৰিছে।
বৰ্তমান গোটেই মেঘালয় ৰাজ্যখনত মাত্ৰ ৪৯ টা বিতৰক প্ৰতিষ্ঠান আছে আৰু আন ২০টা বিতৰক প্ৰতিষ্ঠান নতুনকৈ যোগ হ'ব। প্ৰস্তাৱিত নতুন প্ৰকল্পটোৱে গোটেই মেঘালয়ৰে চাহিদা পূৰণ কৰিব। বৰ্তমান ৰাজ্যখনে অসমৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈ আছে।
সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী প্ৰধানে কয় যে ভাৰতীয় তেল নিগমৰ এটা পুৰণি স্থান আছে য'ত চৰকাৰে নতুন এল পি জি প্ৰকল্পটেো নৰ্মাম কৰিব পাৰে।
পূৰ্বতে ৰিভই জিলাৰ পাইলুনত ভাৰতীয় তেল নিগমৰ এটা কাৰ্যক্ষমহীন ডিপ' আছে আৰু তাতেই নতুন প্ৰকল্পটো স্থাপনৰ বাবে ভূমি অধিগ্ৰহণৰ পৰিকল্পনা আছে।
সুৰা নিষিদ্ধ ৰাজ্যৰ বিধান সভা চৌহদতে উদ্ধাৰ সুৰাৰ বটল!
Jorhat lynching case: প্ৰকৃততে ক'লা ল'ৰাৰ মৃত্যু হ'ল কিদৰে! গাড়ীৰ চেপাত নে আৰক্ষীৰ গুলীত!
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
| web |
1c7d05bb40d27d84ab9b72c70ee1cae6a506b765 | জোনাই আৰক্ষীয়ে অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। অসম অৰুনাচল সীমান্ত জোনাইত কালি নিশাৰে পৰা জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীয়ে অভিযান চলাই আজি প্ৰায় পূৱা ৮. ৩০ বজাত লক্ষী নেপালী বস্তিত বেচা কিনা কৰিবলৈ বুলি অনা বনৰীয়া হাতীৰ দাঁতসহ আটক কৰে দুজন অৰুণাচলী চোৰাং ব্যৱসায়ীক দুজন চোৰাং ব্যৱসায়ীৰ সৈতে জব্দ হয় এখন চুইফ ডিজাৰ্ট, ৭টা বনৰীয়াহাতী দাঁত, এটা দুইনলীয়া বন্দুক, ৭ টা কাৰ্টিজ, তিনটা মবাইল সহ কিছু আপত্তি জনক নতিপত্ৰ।
চোৰাং চিকাৰী দুজন হল অৰুণাচলৰ প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ চিলে থানাৰ টাডে জামহ আৰু টাগে ৰিনা । জব্দ হোৱা চোৰাং বনৰীয়া হতীদাঁত সমূহ পৰীক্ষাৰ কাৰণে জোনাই বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগৰ পৰীক্ষাৰ অন্তত জোনাই থানা লৈ আহে জব্দ কৃত চোৰাং হাতীদাতসূহ। জব্দ কৃত হাতীদাঁতসমূহ বজাৰ মূল্য পাচ লাখৰো অধিক বুলি জানিব দিয়ে জোনাই আৰক্ষী বিষয়া ভাৰ্গমুনি দাসে। উল্লেখযোগ্য যে দীৰ্ঘ দিন ধৰি অসম অৰুণাচল সীমান্তত হাতীৰ দাঁতৰ চোৰাং ব্যৱসায় চলি থকাৰ বিষয়ে পোৱা গোপন তথ্যৰ ভিত্তিত অভিযান চলাইছিল জোনাই আৰক্ষীৰ দলটোৱে। | web |
2d239a91ee58f3defac60f8440b10e60e4d14b9f | বি এছ এন এলে আইনী পেচাত ঠিকাভিত্তিক যুৱ পেচাদাৰীৰ দুটা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ভাৰত সঞ্চাৰ নিগম লিমিটেড ( বি এছ এন এল) হৈছে চৰকাৰী মালিকীস্বত্বৰ টেলিকমিউনিকেচন সেৱা যোগানধাৰী প্ৰতিষ্ঠান। বি এছ এন এলৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ভাৰত চৰকাৰে ২০০১-ৰ ১ অক্টোবৰত এই প্ৰতিষ্ঠান গঠন কৰে।
ভাৰতীয় য়োগোযোগ বিত্তীয় সেৱাৰ এজন বিষয়াই বি এছ এন এলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰে। অথবা এই পদত ভাৰতীয় টেলিকমিউনিকেচন সেৱাৰ এজন বিষয়াই কাৰ্যনিৰ্বাহ কৰে। সমগ্ৰ দেশত বি এছ এন এলে মোবাইল ফোন আৰু ইণ্টাৰনেট সেৱা আগবঢ়ায়। ইয়াৰ ভাৰতৰ টেলিকমিউনিকেচনৰ বজাৰত ৫০ শতাংশ শ্বেয়াৰ আছে। ই হৈছে চৰকাৰী মালিকানাধীন চতুৰ্থ বৃহত্ টেলিকম প্ৰতিষ্ঠান।
আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰেঃ
আইনী যুৱ পেচাদাৰী ( Young Legal Professionals)।
২ টা।
মাহিলী ৭৫ হেজাৰ টকা।
নতুন দিল্লী।
মাহিলী ৭৫ হেজাৰ টকা।
৯ ফেব্ৰুৱাৰী, ২০২২।
অনলাইন আবেদন গ্ৰহণৰ শেষ তাৰিখত সৰ্বোচ্চ ৩২ বছৰ।
শিক্ষাগত অৰ্হতাঃ
১) তিনি বছৰীয়া বা ৫ বছৰীয়া এল এল বি ডিগ্ৰী।
২) প্ৰাৰ্থীয়ে ভাৰতৰ বাৰ কাউন্সিলে স্বীকৃতি দিয়া প্ৰতিষ্ঠানৰ পৰা শিক্ষাগ্ৰহণ কৰা হব লাগিব।
৩) ন্যূনতম নম্বৰঃ এল এল বি-ত ন্যূনতম ৬০ শতাংশ নম্বৰ লাভ কৰা হব লাগিব। শিক্ষা সমাপ্তিৰ পাছত প্ৰাৰ্থীৰ তিনি বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।
অহা ১০ জানুৱাৰী, ২০২২ৰ পৰা ৯ ফেব্ৰুৱাৰী, ২০২২ৰ লৈ https://bsnl. co. in/opencms/bsnl/BSNL/about_us/hrd/jobs. html-ৰ পৰা আবেদন জনাব পাৰিব।
সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব। | web |
e62b7c3e3d2c4ab63d052a6432f1a6b73be79f99 | বৃহস্পতিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যত নতুনকৈ ১০খন আতকধুনীয়া চিকিৎসালয় স্থাপন কৰা হ'ব। তাৰ বাবে ধাৰ্য কৰা হৈছে ২৫৩০ কোটি টকা। ইয়াৰ উপৰি ৰাজ্যৰ ২৫ খন চিকিৎসালয়ৰ আন্তঃগাঠনি উন্নত কৰা হ'ব। বিশেষকৈ গ্ৰামাঞ্চলৰ ২৫ খন চিকিৎসালয়ৰ মেৰামতিৰ কাম কৰা হ'ব। লগতে নির্মিয়মান অৱস্থাত থকা ৭ খন কর্কট হাস্পতালৰ বাবে আজিৰ কেবিনেটে ১৫০ কোটি টকা মুকলি কৰে।
আনহাতে, চাইন্স এণ্ড টেকনল'জী এণ্ড ক্লাইমেট চেইঞ্জ বিভাগৰ অধীনত অস্থায়ীভাৱে নিযুক্তি প্ৰদান কৰা বিজ্ঞান আৰু গণিতৰ শিক্ষকৰ চাকৰি অন্যান্য সা-সুবিধাৰ সৈতে ৬০ বছৰ বয়সলৈ কৰাৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনায়।
ঠিক তেনেদৰে, সংশোধিত ইণ্ডাষ্ট্রী এণ্ড ইনভেষ্টমেণ্ট পলিচী ২০২৩ত আজিৰ কেবিনেটে অনুমোদন জনায়। এই পলিচীৰ অধীনত অসমত ১০০ কোটি টকা বিনিয়োগ কৰিলে বিনিয়োগকাৰীয়ে অসম চৰকাৰৰ পৰা কাষ্টম মেড পলিচি লাভ কৰিব পাৰিব। ইয়াৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হৈছে।
ইফালে আজিৰ কেবিনেটে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা পদক্ষেপৰ বাবে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে। লগতে আৰক্ষীক এই অভিযান অব্যাহত ৰাখিবৰ বাবে নিৰ্দেশ দিয়ে ।
| web |
8f6c33cc24ed9c722c7f38482c0d5674012248ff | সমগ্ৰ দেশত আজি ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পতাকা উত্তোলন কৰাৰ পিছতে কৰ্তব্য পথত বৃহত্ পেৰেড প্ৰদৰ্শন কৰা হয়। ইজিপ্তৰ ৰাষ্ট্ৰপতি আবলেদ ফাটাহ এল চিচিয়ে গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।
৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেড উপলক্ষে ভাৰতীয় বায়ুসেনাৰ ৪৫খন বিমান, ভাৰতীয় নৌসেনাৰ এখন আৰু ভাৰতীয় সেনাৰ চাৰিখন হেলিকপ্টাৰে আকাশত বিস্ময়কৰ ষ্টাণ্ট প্ৰদৰ্শন কৰে। এই সময়ত বিশ্বই ৰাফেল জেট বিমানৰ শক্তিও দেখিবলৈ পাইছিল।
ডেয়াৰডেভিলসকলে কৰ্তব্য পথত নিজৰ প্ৰদৰ্শনেৰে সকলোকে মুগ্ধ কৰি তুলিছিল। বাইকত ডেয়াৰডেভিলছে আচৰিত ধৰণৰ ষ্টাণ্ট দেখুৱাইছিল। এই সময়ত তেওঁক বাইকত যোগাসনৰ ভংগিমা কৰা দেখা গৈছিল।
গণৰাজ্য দিৱস উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সাংস্কৃতিক মন্ত্ৰালয়ে কৰ্তব্যৰ পথত সাংস্কৃতিক উপস্থাপন কৰে। এই উপস্থাপনত নাৰী শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
গণৰাজ্য দিৱসৰ পেৰেডত ত্ৰিপুৰাৰ প্ৰতীকপটত 'মহিলাৰ সক্ৰিয় অংশগ্ৰহণৰ সৈতে পৰ্যটন আৰু জৈৱিক কৃষি'ৰ ওপৰত আধাৰিত আছিল। মহামুনি বৌদ্ধ মন্দিৰটোও প্ৰতীকপটত দেখুওৱা হৈছিল।
গণৰাজ্য দিৱসৰ দিনা গুজৰাটৰ প্ৰতীকপটত 'স্বচ্ছ-সেউজ শক্তি দক্ষ গুজৰাট' শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত আছিল। এই টেবুলখনত শক্তিৰ নবীকৰণযোগ্য উৎসসমূহ চিত্ৰিত কৰা হৈছে।
প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেডত অংশ লৈছিল অগ্নিবীৰে। লেফটেনেণ্ট কমাণ্ডাৰ দিশা অমৃতৰ নেতৃত্বত ১৪৪ জন যুৱ নাৱিকৰ এটা নৌসেনাৰ দলে কৰ্তব্য পথত যাত্ৰা কৰে। এই সময়ছোৱাত ৩ গৰাকী মহিলা আৰু ৬ গৰাকী পুৰুষ অগ্নিবীৰক সৈন্যবাহিনীত অন্তৰ্ভুক্ত কৰা হয়।
বি এছ এফৰ ৰাজকীয় উটে গণৰাজ্য দিৱসৰ পেৰেডত দৰ্শকক মোহিত কৰে। বিশ্বৰ একমাত্ৰ এই উটৰ সমদল আছে ভাৰতৰ। | web |
14a558f209fc3671ce45d4867deef04167d29c34c1cc33e4303b0eeb601ceba4 | সংস্কাৰ, আৰু নতুন নতুন আৱিষ্কাৰৰ পৰিকল্পনা কৰিলে।
'মেডার্ন লাচুনস্কায়াৰ ঘৰত আপুনি যিদৰে কৰিছিল ? এটা তজ হাঁহিৰে লেজনেডে কলে।
'অ' নহয় । মই ভালদৰে উপলব্ধি কৰিছিলে। যে মেডামৰ ঘৰত মোৰ কথাবোৰ কোনো কামত লগা নাছিল । কিন্তু এইবাৰ এইবাৰ সঁচাকৈয়ে মই এটা মহান সুযোগ পালে। বিজ্ঞান সম্পর্কীয় বহুতো কিতাপ মই যোগাৰ কৰিলে।। সঁচা কথা নকৈ নোৱাৰোঁ যে সেইবোৰৰ আনকি এখনো কিতাপ মই সম্পূর্ণ কৈ পঢ়া নাই আৰু তথাপি কাৰ্য্যক্ষেত্ৰত তাক প্ৰয়োগ কৰা হ'ল। প্রথম অৱস্থাত হই আশা কৰা ধৰণে কামৰোৰ চল। নাছিল । কিন্তু লাহে লাছে কামৰোৰ যেন ঠিকেই সমাধা হৈছিল। নবলব্ধ বন্ধুজনে মোৰ কাৰ্য্যবোৰ চাই আছিল কিন্তু মুখেৰে একো কোৱা নাছিল । তেওঁ মোৰ কামত হস্তক্ষেপ কৰা নাছিল ক্ষতি হৰ পৰা একোৱে কৰা
নাছিল । তেওঁ মোৰ পৰামৰ্শ অনুযায়ীয়ে চলিছিল । কিন্তু অনিচ্ছ,
ভাবে আৰু কোনোধৰণৰ বিশ্বাস নকৰাকৈয়ে তেওঁ সেয়া কৰিছিল; আৰু প্ৰায়ে নিজৰ মতলৈ উভটি যোৱা দেখা গৈছিল । নিজৰ প্ৰতিটো ধাৰণাকে তেওঁ অতিশয় মূল্যৱান বিবেচনা কৰিছিল । যেনেকৈ ভোমোৰা এটাই তৃণপত্ৰৰ হুক্ষ্মাগ্রভাগ ফালি লৈ তাৰ ওপৰত বহি পাখী দুখন মনে মেলি উৰিবলৈ সাজু হওঁতে উবুৰি খাই পৰি যায় আৰু পুনৰ ৰাৰ উৰিবলৈ চেষ্টা কৰে, ঠিক তেনেকৈয়ে এই ধাৰণাবোৰক লৈয়ে তেৱোঁ বাৰে বাৰে বিপাঙত পৰিছিল। এই উপমাবোৰত আচৰিত হব লগীয়া একো নাই । সৌ তাহানিৰ পৰাই এইবোৰে মোৰ মনৰ মাজত হাহাকাৰ কৰি আছে । আৰু সেয়েহে মই দুবছৰ ধৰি যুদ্ধ কৰিলো। কিন্তু মোৰ সকলো চেষ্টা সত্ত্বেও কামৰ অগ্ৰগতি মন্থৰহে হ'ল। ক্রমে ক্রমে মই বিৰক্ত হৈ পৰিলোঁ; বন্ধুজনই মোক ৰেছিহে বিৰক্ত কৰি তুলিলে। মই বেঙ্গোক্তি কৰিবলৈ ধৰিলোঁ । কিন্তু তেওঁ যেন মোক শ্বাসৰুদ্ধ কৰি তুলিলে । মোৰ প্ৰতি তেওঁৰ অবিশ্বাস ভিতৰি ভিতৰি প্রতিহিংসাত পৰিণত হ'ল; আমি উভরে
পৰস্পৰ বিদ্বেষত জৰ্জৰিত হৈ পৰিলোঁ; কোনো ধৰণৰ সুস্থ আলোচনাৰ অৱকাশ নাথাকিল। মোৰ আঁচনিৰ ভুল ব্যাখ্যাৰ জৰিয়তে অথবা সম্পূর্ণ নাকচৰ জৰিয়তে তেওঁ অনৰৰত মোক আওপকীয়াকৈ বুজাবলৈ চেষ্টা কৰিলে যে তেওঁ মোৰ প্ৰভাৱ উসাই কৰিছে। শেষত মোৰ উপলব্ধি হ'ল যে জমিদাৰ মহাশয়ক বৌদ্ধিক খোৰাক যোগোৱাৰ বিনিময়ত জীৱিকা নিৰ্বাহ কৰা মই মাথে। এজন পৰনিৰ্ভৰশীল প্রাণী। সময় আৰু সামর্থ্যৰ অপচয় হোৱাটো বুজিব পাৰি মোৰ বৰ তিক্ততা উপজিল । আকৌ এবাৰ মোৰ আশাৰ ওপৰত কুঠাৰখাত পৰিল । তাৰপৰা গুচি গলে মোৰ কি লোকচান হব তাক মই ভালদৰে বুজিছিলো। কিন্তু তাত থকাটো মোৰ বাবে অসহনীয় হৈ উঠিল। এদিনাখন এটা বৰ দুখজনক আৰু অতি ঘৃণ্য দৃশ্যৰ পাছত, যিটো মই দেখিলে। আৰু যিটোৱে মোৰ ৰন্ধুকে। এক অতি অসুবিধাজনক পৰিস্থিতিত পেলালে, মই তেওঁৰ লগত শেষ কাজিয়াখন কৰিলোঁ।। ৰুচিয়াৰ ময়দাৰ লগত জান্মানীৰ গুৰৰ মিশ্ৰনত গঢ়ি উঠা আত্মাভিমানী সেই ভদ্রলোকজনক দলিয়াই পেলাই গুচি আহিলো।'
কদিনৰ কান্ধত হাতছখন থৈ লেজনেভে বিৰবিৰাই কলে - "দৈনন্দিন জীৱিকাও দলিয়াই পেলালে !
'হয়, আকৌ এবাৰ মই গৃহহীন, অন্নহীন আৰু বস্ত্রহীন হৈ পৰিলে।, ইচ্ছামতে ঘূৰি ফুৰিব পৰা হলো অ' আমি এতিয়া মদপান কৰোহক ।'
'আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ।' লেজনেভে বহাৰ পৰা উঠি কদিনৰ কপালত চুমা খাই কলে । 'পকৰঙ্কিক স্মৰণ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ ! সেইজনাৰো দীন-হীনভাবে জীৱন কটোৱাৰ ধৈৰ্য পাক সাহস আছিল ।
'এইটো হ'ল এক নম্বৰ অভিযান।' ক্ষন্তেক নীৰৱতাৰ পাছত কদিনে কলে। 'আৰু কব লাগিব নেকি ?
'অনুগ্ৰহ কৰি কৈ যাওঁক ।'
'অ' মোৰ কোৱাৰ ইচ্ছা নাই । কৈ কৈ ভাগৰি পৰিছে।, বন্ধু!
যি হ'ল হ'ল বাৰু। অন্যান্য বহুতো ঠাইত ঘূৰি ফুৰাৰ পাছত প্রসঙ্গক্রমে কোৱা উচিত হব - কেনেকৈ মই মহামান্য সম্রাটৰ এজন শুভাকাংখী বিষয়াৰ সচিব হিচাবে নিযুক্তি পালে। আৰু ইয়াৰ ফলাফল কি হ'ল, কিন্তু ই আমাক আকৌ বহুদুৰলৈ লৈ যাব যি कि
নহওঁক, কিবাকিবি বহুতো কৰাৰ পাছত, অৱশেষত মই স্থিৰ কৰিলে। - অনুগ্ৰহ কৰি নেহাঁহিৰ কামৰ মানুহ হবলৈ, এটা ব্যৱহাৰিক জীৱন যাপন কৰিবলৈ । ঘটনাক্রমে মই এজন মানুহৰ লগত পৰিচয় হ'লো। সম্ভৱ আপুনি তেওঁক জানে, কুৰ্বেয়েভ নামৰ মানুহজন । নামটো গুনি ধৰিব পাৰিছে নহয় ?
'নাই, মই তেওঁক নাজানে। । কিন্তু কদিন, আপোনাৰ নিচিনা বুধিয়ক মানুহজনে কিয় সঁচাকৈয়ে বুঞ্জা নাছিল যে এয়া আপোনাৰ কাম নহয়। দ্ব্যর্থক শব্দ প্রয়োগ বাদ দিয়ক ব্যৱসায়ী হোৱাতো যে আপোনাৰ কাম নহয় !'
'এয়। মোৰ কাম নহয়, মই জানো; কিন্তু তেনেহলে মই কি কৰে। ? কিন্তু যদিহে আপুনি কুৰ্বেয়েভক লগ পালেহেঁতেন! অনুগ্রহ কৰি তেওঁক এজন কল্পনা-বিলাসী, দায়িত্বহীন অসাৰ ব্যক্তি বুলি ভাবি নলব ৰন্ধু । লোকে কয় মোৰ বাগ্মীতা আছে, কিন্তু তেওঁৰ লগত তুলনা কৰিলে মই একোৱে নহয় । এয়া এজন মানুহ যিজনৰ বিচক্ষণ জ্ঞান, অগাধ পাণ্ডিত্য আৰু বাণিজ্য আৰু উদ্যোগ সম্পৰ্কীয় সৃষ্টিশীল চিন্তাই সকলোকে চমক লগায় । অতি সাহসী আৰু অসাধাৰণ সংকল্পৰে তেওঁৰ মূৰটো ঠাহ খাই আছে। আমি শক্তি সংযোগ কৰিলে। আৰু জনহিতকৰ কামত নিজকে নিয়োগ কৰাৰ কাৰণে স্থিৰ কৰিলোঁ ।
'কিনে। এইটে। ? জানিব পাৰোনে?
কদিনে তললৈ চকু নমাই কলে, 'শুনিলে আপুনি হাঁহিব।' 'কিয় ? মই নাহাহো দিয়ক ।'
চুচুক-চামাক হাঁহি এটাৰে ৰুদিনে কলে, 'কে আয়। গুবার্নিয়াৰ পৰিবহন ব্যৱস্থা লুচল কৰি তুলিবলৈ আমি স্থিৰ কৰিলোঁ।'
'ইমান ডাঙৰ কাম ! তেনেহলে এই কুৰ্বেয়েভ এজন পুজিপতি নেকি?'
পৰা মূৰটো হলাই বিমৰ্ষভাবে কদিনে উত্তৰ দিলে। মোতকৈও দুখীয়া ।'
লেজনেভে খিলখিলাই হাঁহি দিলে; কিন্তু তৎক্ষনাত নিজকে সংযত কৰি ৰুদিনৰ হাতত খামুচি ধৰিলে আৰু কলে, 'ক্ষমা কৰিব, অভিজ্ঞ ল'ৰা ! মই অলপ নিয়ন্ত্ৰনৰ বাহিৰলৈ গ'লে।। বাৰু, আপোনাৰ আঁচনিখন কি কাগজতে থাকি গ'ল !'
'একেবাৰে নহয়। আমি ইয়াক কাৰ্য্যকৰী কৰিবলৈ ললো। আমি শ্রমিক বন্দৱস্ত কৰিলে। আৰু কাম আৰম্ভ কৰি দিলো। কিন্তু অলপ দিনৰ ভিতৰতে আমি বহুতো বাধাৰ সন্মুখীন হব লগা হ'ল ! এটা হ'ল, মিলৰ মালিক আঁচনিখনৰ প্ৰতি আগ্রহান্বিত নাছিল । ডাঙৰ কথা হ'ল যে যন্ত্রপাতি অবিহনে নৈখনত আমাৰ কোনো কামেই সম্ভৱ নহয় । আমাৰ হাতত থকা যৎসামান্য ধনেৰে সেইবোৰ কিনিৰও নোৱাৰোঁ। এটা পংকিল পর্ণশালাত আমি ছমাহ কটাসে।। অর্থাৎ অতি কষ্টেৰে সুদীর্ঘ ছয়মাহ অতিবাহিত কৰিলে।। কুৰ্বেয়েভে কেৱল কেইটুকুৰামান ৰুটি খায়ে জীৱন কটালে, নোৰে। খাবলৈ বুলি যৎসামান্য বস্তুহে আছিল'। যিয়ে নহওঁক মোৰ হলে অনুশোচনা অহা নাছিল - ঠাইখনৰ মনোৰম প্রাকৃতিক সৌন্দর্য্যই মোক মুগ্ধ কৰিছিল। দুখে কষ্টই আমি চেষ্টাৰ ত্রুটি কৰা নাছিলোঁ। চিঠি পত্ৰ আৰু জাননীৰ জৰিয়তে সদাগৰ সকলক আমাৰ আঁচনিৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ চেষ্টা কৰিছিলোঁ । ইয়াতে মোৰ শেষ কোপেকটোৱো নিঃশেষ হ'ল ।
লেজনেভে মন্তব্য কৰিলে, 'মোৰ বোধেৰে এইটো একো টান কাম নাছিল ।
'অৱশ্যে নাছিল ।' কদিনে খিৰিকীৰে বাহিৰলৈ চাই কলে, 'কিন্তু অচিনিখন, মই শপত খাই কব পাৰো, বেয়া নাছিল ; কাৰ্য্যকৰী কৰিব পৰা হলে ইয়াৰ পৰা যথেষ্ট ভাল ফল পোৱা গ'লহেতেন ।
'পিছে কুৰ্বেয়েভৰ কি হ'ল ? লেজনেভে গুধিলে ।
'তেওঁ এতিয়া চাইবেৰিয়াত সোণৰ অনুসন্ধানত । দেখিৰ তেওঁ আকৌ ভাগ্য ঘুৰাই আনিব ; তেওঁ ব্যৰ্থ নহয় ।'
'সেইটে। হব পাৰে । কিন্তু আপুনি কেতিয়াও আপোনাৰ ভাগ্য ঘুৰাৰ নোৱাৰিৰ ।'
'মই ? অ' ভাল বাদ ! অৱশ্যে আপুনি মোক সদায় কামত নলগ। মামুহ বুঝিয়ে ভাবে।'
'মাপোনাক -এজন অকাজী বুলি । আহক, হে অভিজ্ঞ ল'ৰা ! এটা সময় আছিল যেতিয়া মই আপোনাৰ দুৰ্বল দিশটোহে দেখিছিলো; কিন্তু বিশ্বাস কৰক, এতিয়া মই আপোনাৰ প্ৰকৃত যোগ্যতা বুদ্ধি পাইছোঁ। আপুনি আপোনাৰ ভাগ্য পৰিবৰ্ত্তন কৰিব নোৱাৰে আক সেয়েহে মই আপোনাৰ প্রতি সহানুভূতিশীল, বাৰুকৈয়ে সহানুভূতিশীল ।'
এটা ক্ষীণ হাঁহি মাৰি কদিনে কলে, আপুনি সহানুভূতিশীল !' লেজনেভে পুনৰ কলে, 'সঁচাকৈয়ে আপুনি মোক বুজে, আৰু সেয়েহে মই আপোনাক শ্রদ্ধা কৰে।।'
অলপ সময় উভয়ে নীৰৱ হৈ ৰ'ল ।
'ৰাক্ষ মই এতিয়া তিনি নম্বৰটোলৈ আগবাঢ়িমনে ? 'মোৰ প্ৰতি সেইখিনি সদয় হওঁক ।'
'তেন্তে বৰ ভাল কথা । তৃতীয়টো আৰু মোৰ শেষৰটো অভিযান, অলপতে এইটোৰ পৰিসমাপ্তি ঘটিছে। কিন্তু আপোনাক বিৰক্তি কৰা নহয়তো ??
'কৈ যাওক ।'
কদিনে আৰাম্ভ কৰিলে । 'বুজিছে, এটা অলস মুহূর্ত্তত, সদায় তেনে সময় মোৰ প্ৰচুৰ, মোৰ মনলৈ এটা ভাৰ আহিল । সেইটো এনেধৰণৰ - কবলৈ হলে, মই সামূহিক মংগলৰ ৰাবে সদায় যত্নবান মুশিক্ষিত মানুহ এই কথা মই দৃঢতাৰে কৰ পাৰোঁ, সম্ভৱতঃ
আপুনিও অস্বীকাৰ নকৰিব, কৰিব জানো?'
'নিশ্চয় নকৰে।।
'আন আন বহুতো ক্ষেত্ৰত মই
জীৱন কটোৱাতকৈ কিয় মই গুৰুগিৰি, সৰলাৰ্থত শিক্ষকতাকে জীৱনৰ
পেচা হিচাপে নলওঁ ?' এটা হুমুনিয়াহৰ পাছত ৰুদিনৰ মাতটো শুনা গ'ল। 'অবাবত জীৱন কটোৱাতকৈ আনৰ মাজত মোৰ জ্ঞান বিলাই দিয়াতো জানো উচিত নহব ? সম্ভৱতঃ আনেও তাৰ পৰা উপকৃত হব। মই নিজেই কওঁ যে মোৰ সামৰ্থ্য, বুদ্ধি-বৃত্তি সৰ্ব্বসাধাৰণতকৈ নিশ্চয় ৰেছি আৰু, মুঠৰ ওপৰত, মোৰ মূৰত দ্রুত ভাষা মাছে সেয়েহে মই এই নতুন কামত নিজক নিযুক্ত কৰাটোকে স্থিৰ কৰিলো। নিযুক্তি পোৱাত মই বহুতে। অসুবিধা আৰু কষ্ট ভোগ কৰিব লগীয়া হ'লো। ব্যক্তিগত পাঠদানৰ ইচ্ছা মই নকৰিলে। ; নিম্ন বিদ্যালয়তে। মোৰ একো কৰিব লগীয়া নাই । অৱশেষত ইয়াৰে 'জিমনাচিয়াম'ত শিক্ষকৰ নিযুক্তি পোৱাত মই কৃতকাৰ্য্য হলো।'
'কিহৰ শিক্ষক : লেজনেভে সুধিলে ।
'ৰুচ সাহিত্যৰ । নকৈ নোৱাৰো যে মই কেতিয়াও আন কোনো কাম ইমান উৎসাহ আৰু ইমান আগ্ৰহেৰে কৰিবলৈ লোৱা নাছিলো। তৰুণ সকলৰ মনক গঢ় দিয়াৰ চিন্তাই মোক অনুপ্রানিত কৰিছিল । প্ৰাৰম্ভিক বক্তৃতাটো প্ৰস্তুত কৰি লিখি লওঁতে মোৰ তিনি সপ্তাহ সময় লাগিছিল।'
লেজনেভে মাজতে সুধিলে, 'ইয়াৰ প্ৰতিলিপিটে। আপোনাৰ হাতত আছেনে ??
'নাই ক'ৰবাত হেৰাই গ'ল । বক্তৃতাটে। বৰ ভাল হৈছিল, মই সফল হৈছিলে।। শ্ৰোতাসকলৰ মুখবোৰলৈ চাই দেখিছিলোঁ। যে মৃদু, তৰুণ মুখবোৰ মনোযোগ, সহানুভূতি, আনকি বিশ্বয়ত উদ্ভাসিত । মই বক্তৃতা মঞ্চত উঠি ৰেচ উত্তেজনাৰে বক্তৃতা দিছিলো । ঘণ্টাধিক সময় লাগিব বুলি মই ভাবিছিলো কিন্তু বিশ মিনিটতে মোৰ পঢ়া শেষ হৈছিল। সেই সময়ত পৰিদৰ্শক মহোদয় তাত উপস্থিত আছিল । চকুত ৰূপালী ফ্ৰেমৰ চশমা আৰু মূৰত সৌন্দৰ্যবদ্ধ ক চুটি চুলি ঢাকনিৰে কৃশ বৃদ্ধ পৰিদৰ্শকজনে মোৰ কথাবোৰ বেছি ভালকৈ শুনাৰ কাৰণে গহীন খোজেৰে মাজে সময়ে আগুৱাই আহিছিল । বৰ্তৃতা শেষ কৰি মঞ্চৰ পৰা নামি অহা সময়ত তেওঁ মোক কৈছিল, 'ভালেই হৈছে, কিন্তু বিষয়টোৰ ওপৰত খুব কম গুরুত্ব
দিয়া হৈছে ; বৰং ভাষাৰ বহুব্বাড়ম্বৰ হৈছে আৰু বুজিবলৈও সহজ হোৱা নাই। কিন্তু ছাত্ৰসকলে নিঃসন্দেহে শ্রদ্ধাশীল চাৱনিৰে মোৰ কথাবোৰত মনোযোগ দিছিল। অর্থাৎ যুৱকসকলক মোৰ বক্তৃতাই ইমানেই আচৰিত ধৰণে অভিভূত কৰি তুলিছিল ! মই মোৰ দ্বিতীয় আৰু তৃতীয় বক্তৃতা দুটাও লিখি প্ৰস্তুত কৰিছিলে। : তাৰ পাছত ভাৎকালীন বক্তৃতা আৰম্ভ কৰি দিলে।।'
'এয়ে নেকি সফলতা?
'এক উল্লেখযোগ্য সফলতা। মই অন্তৰ ঢালি সিহতক শিকাইছিলো। সিহঁতৰ মাজৰ তিনি চাৰিজনমান ল'ৰা সঁচাকৈয়ে বৰ বুধিয়ক ; ৰাকীবোৰে কাচিৎহে মোৰ কথাবোৰ বুজি পাইছিল । তথাপি স্বীকাৰ কৰিব লাগিব যে আনকি ভালকৈ বুজা কেইজনেও মাজে মাজে প্রশ্ন কৰি মোক কিছু অসুবিধাত পেলাইছিল। কিন্তু তাৰদ্বাৰা মই হতাশ হোৱা নাছিলে।। সকলোৱে মোক ভাল পাইছিল; পৰীক্ষাত সিহঁতক মই পুৰা নম্বৰ দিছিলোঁ। তাৰপাছত মোৰ বিৰুদ্ধে এটা ষড়যন্ত্র নহয়, মোৰ ভুল হৈছে । এইটো ষড়যন্ত্র নাছিল - মইহে ঠিক স্বাভাৱিক অৱস্থাত নাছিগে।। সেয়েহে আনবোৰ বিৰক্ত হৈ পৰিছিল আৰু মোকো অতীষ্ঠ কৰি তুলিছিল । মই যেনেকৈ 'জিমনাচিয়াম'ৰ ছাত্ৰসকলৰ আগত বক্তৃতা দিছিলে। আনকি বিশ্ব বিদ্যালয়ৰ ছাত্ৰসকলৰ আগতো তেনেকৈ বক্তৃতা দিয়া নহয় । ৰক্তৃতাৰ সাৰমৰ্ম শ্ৰোতাসকলে কমেই আয়ত্ত কৰিব পাৰিছিল কথাটে। মই সম্পুৰ্ণৰূপে বুজা নাছিলোঁ। তহুপৰি মোৰ ওপৰত ন্যস্ত কামখিনিত মই সন্তুষ্ট হব পৰা নাছিলোঁ।। আপুনি জানেই নহয়, সি মোৰ মনৰ দুৰ্বলতা মাথোন । মই মৌলিক সংস্কাৰৰ বাৰে উঠি পৰি লাগিছিলে। ; আৰু মই শপত খাই কব পাৰোঁ যে সি কৃতি-সাধ্য আৰু ব্যৱহাৰ্য্য আছিল । মই প্রধান শিক্ষক মহোদয়ৰ জৰিয়তে সেইটো সমাধা কৰাৰ আশা কৰিছিলে।। তেখেত এজন সৎ আৰু সাধু প্ৰকৃতিৰ লোক, প্ৰথম অৱস্থাত তেখেতৰ ওপৰত মোৰ কিছু প্রভাৰো নপৰ। নহয় । তেখেতৰ ঘৈণীয়েকে মোক সহায়ে। কৰিছিল। সঁচাকৈয়ে
বন্ধু ! মোৰ জীৱনত তেখেতৰ দৰে গুণী মহিলা খুব কমেই ল পাইছে । ৰয়স তেখেতৰ ত্ৰিশ ৰছৰতকৈ অলপ বেছি । সততা । তেখেতে ভাল পাইছিল আৰু এজনী পোন্ধৰ বছৰীয়া ছোৱালীৰ দৰে আগ্ৰহেৰে সকলো লুন্দৰ বস্তুকে আদৰ কৰিছিল ; তাৰোপৰি যিকোনো মানুহৰ আগতে নিজৰ বিশ্বাসৰ কথা কৰলৈ সমূলি ভয় নকৰিছিল । তেখেতৰ মহান আগ্ৰহ আৰু আত্মাৰ পৰিত্ৰতাৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তেখেতৰ পৰামৰ্শ অনুযায়ী হই এখন অচিনি প্রস্তুত কৰিছিলে। কিন্তু তেখেতৰ চকুত মোক হেয় প্রতিপন্ন কৰি সিহঁতে মোৰ সকলো আঁচনিত বাধাৰ সৃষ্টি কৰিলে। চোকা কিন্তু খিটখিটায়। ৰভাৱৰ চুটি-চাপৰ অংকৰ শিক্ষক এজনে মোৰ আটাইতকৈ বেছি অন্যায় কৰিলে। পিগাচভৰ দৰে এইজনেও একোতে বিশ্বাস নকৰে। কিন্তু যোগ্যতাৰ ফালৰ পৰা পিগাচভতকৈ তেওঁ ৰহু ওপৰত । প্রসংগক্রমে, পিগাচভ কেনে আছে, জীয়াই আছেনে ?
'হয় আছে; আপুনি হয়তো ভাবিবই নোৱাৰিব, তেওঁ এগৰাকী নগৰীয়া মহিলাক বিয়া কৰালে আৰু শুনা যায় মহিলাগৰাকীরে হেনো তেওঁক মাধৰো কৰে।"
'তেওঁৰ ৰাবে ঠিকেই হৈছে । ৰাক নাটালিয়া লাচুনস্কায়াৰ স্বাস্থ্য ভালে আছেনে ?
'ম্মুখীনে ??
কদিন ক্ষন্তেক নীৰৱ হৈ পৰিল আৰু তাৰপাছত কৰলৈ ধৰিলে, 'মই ক'ড এৰিলোঁ ! অ' মনত পৰিছে ! সেই অংকৰ শিক্ষকজন । সেইজন মোৰ প্ৰতি বিদ্বেষভাবাপন্ন আছিল ; তেওঁ মোৰ ৰক্তৃতাৰোৰ আতাচৰাজীৰ লগত তুলনা কৰিছিল । মোৰ কিছু খোকোজ। থকা উক্তিৰোৰক লৈ নানা গুজৰ তুলিছিল। এবাৰ ষোড়শ শতিকাৰ মহাকাৰ্যৰ পৰা মই দিয়া উদ্ধৃতি এটাত তেওঁ ভুল ধৰিলে কিন্তু অতি নিকৃষ্ট কথা হ'ল যে মই উদ্দেশ্যপ্রনোদিতভাবে জেনে
উদ্ধৃতি দিয়া বুলি তেওঁ সন্দেহ কৰিলে । আলপিনেৰে খোচ মাৰি চাৰনৰ ফেনত উঠা জলবিম্ব এটা ভাঙি পেলোৱাৰ দৰে, মোৰ শেষ আশাকনো তেওঁ হঠাতে নিঃশেষ কৰি পেলালে । পৰিদৰ্শক মহোদয়ে মোৰ বিৰুদ্ধে প্রধান শিক্ষকক লগাই দিলে । অৱশ্যে পৰিদৰ্শক মহোদয়ৰ লগত আৰম্ভনীৰে পৰা মোৰ সম্ভাৱ নাছিল । প্রধান শিক্ষকৰ ওচৰত মই নতি স্বীকাৰ নকৰিলোঁ, ধৈৰ্য্য হেৰাই গ'ল আৰু এটা দুর্ঘটনা ঘটিল। সমস্ত ঘটনা কক্ত, পক্ষই জানিলে আৰু মোক পদত্যাগ কৰাৰ বাবে জোৰ কৰিলে । কথা মই ইমানতে নেৰিলোঁ; ময়ো সিহঁতক দেখুৱাব । বিচাৰিলোঁ। যে মোক তেনে ব্যৱহাৰ কৰিলে নচলিব
এতিয়া আৰু মই এই চহৰত
কিন্তু ঘটনাৰ পাকচক্ৰত মই নাথাকে।।"
ৰুদিন নীৰৱ হৈ গ'ল । উভয় বন্ধুৱে তলমূৰ হৈ বহি থাকিল । কদিনেই নীৰবতা ভংগ কৰি প্ৰথমে কথা আৰম্ভ কৰিলে । বাৰু বন্ধু !' তেওঁ কলে, 'কণ্টচভৰ কবিতাৰ শাৰী কেইট। মই এতিয়াও গাই দিব পাৰে।: 'হে যৌৱন, তুমি মোৰ জীৱনলৈ আনিলা অশেষ যাতনা, আৰু এতিয়া মোৰ বাবে নাই কতো উন্মুক্ত মুক্তিৰ পথ ।' তথাপি কিয় কোৱা হয় যে মই একোৰে যোগ্য নহয়, এই পৃথিবীত মই কৰিব পৰা একোৱে নাই ? মাজে মাজে মই নিজকে এই প্রশ্ন সোধোঁ আৰু যিমানেই মোৰ নিজা দৃষ্টিত নিজকে সৰু কৰি চাবলৈ চেষ্টা কৰে। সিমানে মই অনুভৱ নকৰি নোৱাৰে। যে আনৰ নোহোৱা বহুতো শক্তি বা ক্ষমতাৰ মই অধিকাৰী । তেনেহলে কিয় এই শক্তি নিষ্ফল হৈ ৰব ? স্মৰণ কৰক, আপুনি আৰু মই যেতিয়। প্ৰবাসত আছিলে। তেতিয়া মোৰ কথাবোৰ অলীক আৰু সম্পুৰ্ণৰূপে কাল্পনিক আছিল । সঁচাথা, সেইসময়ত মই মোৰ লক্ষ্য সম্পর্কে সম্পুর্ণ সচেতন নাছিলো, কেৱল অন্ধকাৰত খেপিয়াই ফুৰিছিলো। কিন্তু এতিয়া, শপত খাই কৈছোঁ মোৰ লক্ষ্য কি তাক সকলোৰে আগত চিঞৰি চিঞৰি কৰ পাৰোঁ। মোৰ লুকুৱাবলগীয়া একোৱে নাই । প্রকৃত অর্থত মই পূৰাদমে এজন সৎ অভিপ্রায় সম্পন্ন ব্যক্তি । মই বিনীতভাবে অৱস্থাৰ
| pdf |
d0e802c7369c0471525dafcd0f1c0ce3087c9191246abd1ba74fa63fd7ade3f5 | কনকলাল বৰুৱাৰ কথা দুবাৰমান
দেখাত গহীন, যুক্তিত অচল, বর্ষবিশ্বাসত অটল, মাতৃভাবাৰ অনুৰাগী, ইষ্ট-মিত্র, বংশ-পৰিয়ালৰ স্নেহত গণিযোৱা, সঁচাসঁচি বুৰঞ্জীবিদ ৰায়বাহাছৰ কনকলাল বৰুৱাই ১৯৪০ চনৰ ৮ জানুৱাৰী তাৰিখেই ইহ সংসাৰৰপৰা বিদায় ল'লে। তেওঁ ঢুকাবৰ বহু বছৰ হ'ল। দেশৰ সকলোৱে মোট সলালে। কনকলাল বৰুৱাৰ দৰে এহাস্তধীয়াকৈ বুৰঞ্জী চর্চ্চা-গৱেষণা কৰা মানুহ হে এতিয়ালৈকে অসমত ওলাব নেজানিলে !
প্রত্নতাত্ত্বিক সৰ্ব্বেশ্বৰ কটকী
বুৰঞ্জীমূলক তত্ত্ব আৰু তথ্য, ভাস্কৰ্য্য-স্থাপত্য-শিলালিপি প্রভৃতি ঐতিহাসিক উপাদানসমূহ উদঘাটিত নহ'লে ইতিহাসৰ পূর্ণাঙ্গ দৌল নিৰ্মাণ কৰা অসম্ভৱ। প্রত্নতাত্ত্বিক অর্থাৎ খুঁচৰি-খুঁচৰি পুৰণি সম্পদ উদ্ধাৰ কৰোঁতা আৰু ঘৰত বহি সেই উদ্ধৃত বা আবিষ্কৃত সম্পদৰাজি ফঁহিয়াই-মিলাই বুকিয়াই চাই তথ্য
সৰ্ব্বেশ্বৰ কটকী
সম্পদৰ পাৰস্পৰিক কাৰণকাৰ্যৰ সমন্বয় নির্ণয় কৰোঁতা উভরে একে- কাকে? এৰি কোনো থাকিব নোৱাৰে। গৱেষক অনুসন্ধানকাৰী দুয়োশ্রেণীৰ বুটিয়া প্ৰচেষ্টাৰ ফলতেই বুৰঞ্জী। নিৰস ঐতিহাসিক তথ্য সংগ্ৰহ কৰোঁতা লোক অভি বিৰল, তাতোকৈও বিবল স্বতঃপ্রণোদিত হৈ অনা-বানচে প্রাচীন সম্পদ বিচাৰি
প্রত্নতাত্ত্বিক সৰ্ব্বেশ্বৰ ফটকী
ফুৰোঁতা। কামৰূপ-অঙ্কুসন্ধান-গষিতি স্থাপিত হয় ১৯১২ চনত। ক্রমান্বয়ে নিঃচিহ্ণ হবলৈ ধৰ। ঐতিহাসিক সম্পদবাজি সংৰক্ষণ কৰাৰ সেইটোৱেই অসমৰ পোনপ্ৰথম যাদুঘৰ। তাফ মেটমৰা কৰিবলৈ জ্বয়ে হয়ে অৰিহণা পেলাওঁত!সকলৰ ভিতৰত প্রত্নতত্ত্ব অহুসন্ধান কৰোঁতা সৰ্ব্বেশ্বৰ ফটকীও এখন। তেওঁৰ অহৈতুকী পুৰাতত্ত্বপ্ৰেমৰ ফলতেই কামৰূপ-অনুসন্ধান-সমিতি আজিও ভালেমান স্থাপত্য-ভাস্কৰ্য্যৰ নিদৰ্শনমূলক প্রাচীন সম্পদেৰে চহকী হৈ আছে।
ইং ১৯৪৬ চনত সৰ্ব্বেশ্বৰ কটকীৰ মৃত্যু হয়। তেতিয়া তেওঁৰ বয়স হৈছিল মুঠেই ৫৪ বছৰ। ১৯১৪ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছৰপৰাই তেওঁৰ সাহিত্য-প্রতিভা প্রকাশ পায় ; "আলোচনী", "ধাহী", "অর্থা", "উবা" আৰু "আৱাহন"ভ নানান্ তৰহৰ কবিতা, প্রবন্ধ আৰু ৰচনা ওালয়। পণ্ডিত হেমচন্দ্র গোস্বামী আৰু বুৰঞ্জীবিদ কনকলাল বৰুৱাৰ সান্নিধ্য কটকীদেকে সাধাৰণ সাহিত্যিক বিষয়ৰ পৰা টানি নি বুৰঞ্জীৰ গড়মৰা কামত প্রবৃত্ত কৰালে। সেয়ে শেহলৈ তেওঁৰ বুৰঞ্জী-মন্দিৰত প্ৰত্নতত্ত্বেৰে পুষ্পাঞ্জলি ঘচাটো ধৰ্গ হৈ পৰিল।
কটকীদেয়ে সহায়-সাৰধি নোহোৱাকৈ অকলৈয়ে ইমান পৰিপাৰ্টিকৈ সংগৃহীত তথ্যৰাজিৰ টোকা লেখিছিল যে তেওঁৰ কষ্টৰ পাৰাপাৰ নাছিল। অনুসন্ধান সমিতিৰ নিমিত্তে বুৰঞ্জী সম্পদ বিচাৰি অসমৰ বহু ঠাই চ'লাখ কৰিছিল। তথ্যবিলাকৰ জাতিগুৰি বিচাৰি, খৰচি মাৰি, ভ্ৰান্তই হওক বা অভ্রান্তই হওক, নিজা বুদ্ধি বিবেচনাৰে জুমি চাই সেইবোৰৰ একোটা ব্যাখ্যা দিছিল। ডাঙৰ-ডাঙৰ সভা-সমিতিত ছায়া চিত্ৰৰ সহায়েৰে পুৰণিকলিয়! শিল্পসম্ভাৰ সম্পৰ্কে বক্তৃতা দি প্রাচীন সম্পদৰ সংৰক্ষণলৈ বুৰঞ্জীপ্রিয় অসমীয়া ৰাইজৰ মৰিতিটো নকৈ বোৱাই আনিছিল। ছায়া চিত্ৰৰ দ্বাৰাই বাইজৰ আগত অসমৰ গৌৰৱমণ্ডিত যুগটো দাঙি ধৰাত সৰ্ব্বেশ্বৰ কটকীদেৱেই প্ৰথম ৰাটকটীয়া ।
তেওঁ কেইবাখনো পাঠ্য পুথি নিজে ৰচনা কৰিছিল আৰু অন্তৰ আৰু নিজৰো প্ৰৱন্ধ সংগ্ৰহ কৰি সেইবিলাক সম্পাদন কৰি উলিয়াইছিল। টকীৰ দ্বাৰাই ৰচিত-সংগৃহীত প্রকাশিত নানান বিষয়ৰ ১২/১৩ খনমান পুৰিৰ ভিতৰত এই কেইখনেই বিশেষ লেখত লব লগীয়া :(1) হেমচন্দ্ৰ বৰুৱাৰ জীৱন-চৰিত :এইখন পুথি প্রকাশ কৰে ১৯২৭ চনত। 'হেষকোৰ' ৰচোতা হেমচন্দ্র ৰক্ষৱাৰ এইখনেই প্রথম জীবনী ।
(২) সভ্যনাথ বৰাঃ - গুৱাহাটীৰপৰা ওলোৱা 'জোনাকীৰ' সম্পাদক, 'সাৰথিৰ' নিচিনা জতুৱা ঠাচৰ গ্ৰন্থ আৰু "বহুল ব্যাকৰণ" লেখক, কবি, হান্তৰলিক, দেশহিতৈষী পুৰুষ সত্যনাথ বৰা ডাঙৰীয়াৰ জীৱনী ।
(৩) অসমীয়। প্রাচীন লিপি : - ব্রাহ্মী, গুপ্ত, দেৱনাগেৰী, অসমীয়। বঙলা আদি ভাৰতীয় লিপিবিলাকৰ ক্রমবিকাশ কেনেকৈ হৈছিল তাৰ ক্ৰমিক ইতিবৃত্ত এটা ইয়াত আছে।
(৪) "ভয় আৰু তথ্য" :-১৯২৫ চনত লেখা। এই পুথিখনত কটকীয়ে তত্ত্ব-তথ্যৰ অঙ্গাঙ্গী সম্বন্ধ আৰু তাক কিয় গৱেষণা কৰিব লাগে তাৰ কথা ফঁহিয়াই দেথুৱায় ।
আৰু অসমৰ পুৰাতত্ত্ব আৰু স্থাপত্যৰ ধ্বংসাৱশেষ সম্পর্কে বহুল আলোচনা কৰি অসমত সেই বিষয়ে চর্চ্চা গৱেষণা কৰিবলৈ কেন্দ্র এটি স্থাপন কৰিব লাগে বুলি প্রায়েই আবেদন-নিবেদন কৰি আছিল আৰু তাতে অসমৰ অৱহেলিত পৌৰাণিক ক্ষেত্ৰবিলাকৰে। বিশদ বিবরণ দিছিল।
খৃষ্টীয় সপ্তম শতাব্দীৰ আগৰেপৰ। অসমীয়া মারহ নৌবিদ্যাত যে পাকৈত আৰু নাও-নাৱৰ। চলোৱাত যে কাজুৱা আছিল ১৮২৯ চনত কটকীদেৱেই তাক "মিলন" কাতৰ যোগে অসমীয়াৰ দৃষ্টি আকর্ষণ কৰে। ভাৰত-বিজয়ী যোগলক পৰাস্ত কৰিব পৰা এটি ঘাই ফন্দী আছিল অসমীয়া মাছুহৰ নাও খেলোৱা কৌশল। সেইটিৰ বিবৰণো ইয়াত সন্নিবিষ্ট কৰা হৈছিল।
"পুতলা নাচৰ" কথা তেনেই তল পৰি আছিল। আজি সদৌ ভাৰতত নাচৰ অঙ্কুশীলন হবলৈ ধৰিছে আৰু তাৰ বাবে চৰকাৰে পৃষ্ঠপোষকতাও আগ বঢ়াইছে। অসমত যে সেই "পুতলা নাচ" মহাকাব্যৰ দিনৰেপৰা প্রচলিত আছে তাক তেওঁ ১৯৩২ চনৰ 'আৱাহনত' পৰিষ্কাৰকৈ দেখুৱাই দিয়ে ।
অসমৰ প্রাচীন নৃত্যভঙ্গীৰ বিষয়েও কটকীদেয়ে বিস্তাৰিত ভাবে আলোচনা কৰিছিল। 'গ্ৰহত্ত যুক্তাৱলী" আৰু অ্যান্ত দুষ্প্রাপ্য সংস্কৃত পুৰিৰ সাহায্যেৰে সেই বিষয়টো হুন্দৰভাৱে কৰি প্ৰৱন্ধ যুণ্ডত কৰে। কবিৰাজ চক্ৰৱৰ্ত্তী-কৃত সংস্কৃতীয়া বিহুবর্ণনা এটিও উলিয়াই তেওঁষেই।
দৰং জিলাৰ শিৰী বাগিছাত পৰি থকা প্রাচীন ধ্বংসাবশেষৰ বিবৰণৰ বাহিৰেও, পুৰণি মূর্তি ভাস্কৰ্য আৰু স্থাপত্যবিতা-সম্পর্কে তেওঁ ভালেমান প্ৰৱন্ধ লেখিছিল। তাৰ ভিতৰত এই কেইটাৰ নাম কলেই যথেষ্ট হব বুলি ভাবো -
প্রত্নতাত্ত্বিক সৰ্ব্বেম্বৰ কটকী
অসমৰ পুৰণি শিল্পকলা, অসমৰ মূর্তি আৰু ভাস্কৰ্য্য, নালন্দাৰ ধ্বংসাৱশেষ, গুৱালপাৰাৰ গ্ৰহৰ্য্য পাহাৰৰ পুৰাতত্ত্ব আৰু প্রাচীন অসমৰ ধনৰঞ্জৰ ক-খ।
শিৱসাগৰৰ বাণমুখত সদৌ অসম চুতীয়া-সম্মিলনৰ যিখন বছেৰেকীয়া অধিবেশন ৰহিছিল তাত কটকীদেৱে যি ভাৱে চুতীয়া ডেকাক অনুপ্রাণিত কৰিছিল সি সন্মিলন থাকেমানে স্বৰণীয় হৈ থাকিব।
১৯২৮, ১৯৩০ আৰু ১৯৪৫ চনত, ক্রমান্বয়ে লাহোৰ, পাটনা, মহীতৰত বহু। প্রাচ্য সম্মিলনত (Oriental conference) অসমৰ পুৰাতত্ত্ব গৱেষক স্বৰূপে ঐতিহাসিক পণ্ডিতমণ্ডলীৰপৰা তেওঁ স্বীকৃতি লাভ কৰে। মহীশুৰ অধিবেশনত সভাপতি মিঃ কে এন দীক্ষিতে কটকীৰ বিষয়ে এই মন্তব্য প্রকাশ কৰিছিল। -
"কুৰি বছৰ হল, অসমত কামৰূপ অনুসন্ধান সমিতি প্রতিষ্ঠিত হল। কুৰি বছৰে সমিতিয়ে অশেষ বাধাবিধিনি নেওচিও তাৰতৰ এচুকীয়া প্রদেশ অসমত পুৰাতত্ত্ব গৱেষণাৰ বিজয় পতাকা উৰাই আছে। এই বছৰ অসমৰপৰা সন্মিলনীলৈ অহা বীৰ পুৰুষ দুজনৰ ভিতৰৰে মিঃ সর্বেশ্বৰ কটকীয়ে কালি গধূলি অসমৰ পুৰাতত্ত্ব বিষয়ে বক্তৃতা দি গভীৰ জ্ঞানৰ পুষ্পৰ পৰিচয় দিছে।" তহুপৰি মিঃ (ডক্টৰ) ৰমেশ মজুমদাৰ, মিঃ কৃষ্ণস্বামী আয়েঙ্গাৰ, মিঃ কে পি জয়গোপাল, ডাঃ লক্ষ্মণস্বৰূপ প্ৰমুখ্যে ভাৰতীয় যশস্বী প্রত্নতাৰিকসকলে কটকীদেৱৰ প্রাদেশিক তত্ত্বাদি আধিষ্কাৰ কৰাত দেখুউৱা উৎসাহ আৰু সম্যক জ্ঞানৰ বিশেষ প্রশংসা কৰে ।
১৯৩৯ চনৰ ডিচেম্বৰ মাহত লক্ষ্ণৌত সদৌ ভাৰতীয় প্রাচ্য-সন্মিলন ৰছে । মাদ্রাজ বিশ্ববিদ্যালয়ৰ ভাইচ চেফেলৰ মিঃ শেবাজী, কাশীৰ ডক্টৰ ৰাধাকৃষ্ণন, পণ্ডিত জৱাহৰলাল নেহয় আৰু ৰায় ডঃ এচ এন চাহেও উপস্থিত আছিল। সিসকলেও কটকীদেৱৰ উদ্যোগ নৰৈ শলাগিছিল। লক্ষ্ণৌ মিউজিয়মত বখতোপ এটা আছিল। তাৰ ওপৰত লিখা লিপিখিনি পঢ়ি হুতে তোপটো গাজীপুৰ নৰাৰৰ বুলি ঠাৱৰাই খৈছিল। পিছে, কটকীদেয়ে সেই প্রয ভাঙি দিলে। তেওঁ পদে-প্রমাণে দেখুৱাই দিলে সেইটো গাজীপুরণ নহয়, অসমৰ হে।
হাইৱাৰাৰ সন্মিলনত তেওঁ "লৱকূশৰ যু'ৰ সাঁচিপতিয়া পুধিত থকা চিত্রবিলাক দেখুৱাই প্রাচীন অসমত চিত্রকলাৰ কিমান উন্নতি সাধন কৰা হৈছিল ভাব প্রত্যক্ষ চানেকি দেওয়ার। কাণ-পক্ষিগনতো সেই পুথি ভাৰতীয়
নীবীসকলক দেখুৱাই অসমীয়া মানুহৰ পুৰণি চিত্ৰকলাৰ প্ৰতি আগ্ৰহ-অঙ্কুশীলন থকা কথাটো প্রতিপন্ন কৰে।
১৮৩৩ চনত, অসম সাহিত্যসভাৰ যিখন অপূর্ব্ব অধিবেশন বহিছিল, তাৰ বুৰঞ্জী শাখাৰ সভাপতি হৈ কটকীদেৱে অসম বুৰঞ্জীৰ অন্ধকাৰ যুগৰ উজ্জ্বল পোহৰ এছাটি পেলাই দিয়ে।
১৯২৮ চনত, কোচবেহাৰলৈ গৈ তাৰ ৰাজতড়ালত থকা অসমীয়া পুথিসমূহৰ তালিকা এখন যুগুত কৰে।
কটকীয়ে অহোপুৰুষাৰ্থ কৰি ভিনভিন ঠাইলৈ নিজে গৈ বহুত প্রাচীন পুথি আৰু বহুত আপুৰুগীয়া সম্পদ গোটাই আনি কামৰূপ অনুসন্ধান সমিতিত জমা পয়ছি। সেইবিলাকৰ ভিতৰত কাৰুকাৰ্য্যপূর্ণ এইবোৰ বস্তুৰে এতিয়াও দৰ্শকৰ মনত কৌতূহল সৃষ্টি কৰে :(১) হেঙ্গুল-হাইতাল লগোৱা দৰঙ্গী ৰজাৰ কাঠৰ বৰ পেৰা। অষ্টধাতু নিখিত "বেল" কাহী ।
(৩) কয়টি শিল।
(৪) নৃত্যকলাৰ সঁজুলি : - ভেৰী, চেৰেণ্ডা, চমটা, চোলা । (৫) যুদ্ধৰ আহিলা-পাতি :
গঠীরাজুমূৰ, ৰামচাঙ্গী হিলৈ, ঢাল, নাকৈ-দা, দুমুখীয়া দা ইত্যাদি । (6) গোমচেং কাপোৰ ।
অসমীয়া গৌৰৱৰ বিলুপ্ত প্রাচীন শিল্পবিতা উদ্ধাৰ কৰা কামত লাগি থাকোতেই ১৯৪৬ চনৰ ১০ যে তাৰিখে (২৭ বহাগ, ১৮৬৮ শক ) মহাকালে সৰ্ব্বেশ্বৰ কটকীদেৱক আমাৰ মাজৰপৰা লৈ গুচি গল । তেনেকুৱা এখন উদ্যোগী প্রত্নতাত্ত্বিকৰ নিমিত্তে এতিয়াও আমি হামৰাও কাঢ়িয়েই আছোইক।
বুৰঞ্জীবিশাৰদ ডঃ সূৰ্য্যকুমাৰ ভূঞা
গ্রীক-সাহিত্যিক হিৰডট্চে নানান ঠাই ভ্ৰমণ কৰি যি অভিজ্ঞতা লাভ কৰিছিল, নীতিমূলক যিবিলাক ডাকৰ বচন পাইছিল, বুঢ়ালোকৰ মুখে যিবোৰ পৌৰাণিক কাহিনী আৰু দেশে-বিদেশে যিবোৰ সাধুকথা শুনিছিল, মহৎ লোকৰ লগত দেখা সাক্ষাৎ কৰি যিবোৰ পাৰমাধিক তত্ত্বৰ সন্ধান পাইছিল, সেই এটাইবিলাক কথাকে যুকিয়াই, শুনিলে চৌপনি অহাকৈ যাৰে-তাৰে আগত কৈ ফুৰিছিল আৰু সুৱলা ভাষাৰে লেখি সাক্ষীৰ মাজত প্ৰচাৰো কৰিছিল। কওঁতে, কি লেখোতে, তেওঁ দেখা-গুনা ঘটনা বা কথাবোৰ পোহৰ ছবিৰ দৰে হুবহু এনেকুয়াকৈ লাপ্পা লগাই বৰ্ণাই গৈছিল যে গুনোতা-পঢ়োতাৰ মনত এনে হে লাগিছিল যেন তেওঁবিলাক সেই ঘটনাৰ ভিতৰতে উঠিছে ফুৰিছে। 'অতীত মাৰ গল' বুলি যি এইবোৰ কথা শুনিবলৈ এঙ্গাই ফুৰিছিল, সিও ন'কৈ নোৱাৰিছিল যে হিৰডট চৰ পৰ্যবেক্ষণ শক্তি অদ্ভুত, স্বতিশক্তিও চকচকীয়া আৰু লেখা-কোৱা প্রণালীও অভূতপূর্ব্ব। ভালেমান প্রতিবন্ধকৰ অপনা পাৰ হৈও তেওঁ যে অতীতৰ জীয়াই ৰাখিলে, সেইবাবেই হিডচে (Herodotus) "বুৰঞ্জীৰ পিতৃ" নাম পালে।
ডক্টৰ বৰ্য্যকুমাৰ ভূঞাই হিডচৰ দৰে দেশ ভ্ৰমণ কৰি বুৰঞ্জীমূলক অভিজ্ঞতা चन कৰা নাছিল मॅा, अভार টमानমূহ।ে बতিমr z७ बूमि আলভাनিক सগ যির। নাছিল চा, ীि া যৌখিক, নाইा, সভा बूলি প্রতীতি নোহোৱা কথাৰ ওপৰত নির্ভৰ কৰি কোনো এটা ঠায় সিদ্ধান্ত দিরা
নাছিল, সিও সঁচা; কিন্তু "মন নেপালে পুত্রকো নেদিব, বৈৰী মিত্র হলেছে দেখাব, আক বিশ্বাসে ৰাখিব" বুলি তিনি কটপা দি থোৱা বুৰঞ্জীপ্ৰাণ অসমীয়া জাতিৰ পুঞ্জীভূত বুৰঞ্জী-শাস্ত্ৰৰ ৰহ্য যে ভেদ ভাঙি দিলে, সি যে কেতিয়াও মিছা হ'ব নোৱাৰে, সেই ৰহ্য পিটিকি-পিটিকি, ফঁহিয়াই-ফঁহিয়াই তাৰ বচনবাণীৰে যে অসমীয়। সাহিত্যৰ মৌচাক বান্ধিলে, সিও কদাপি মিছা হ'ব নোৱাৰে, আৰু এই কথাও মিছা হ'ব নোৱাৰে যে তেওঁৱেই অক্লান্ত পৰিশ্ৰম আৰু স্বাৰ্থশুন্য সহৃদয়তাৰে বৰ্ত্তমান আত্মবিস্মৃত অসমীয়া জাতিৰ জঠৰ গাত বুৰঞ্জী-সঁচাৰ যাদুকৰী কাঠী ফুৰাই দিলে। এইবাবেই হিৰৰ্ডচৰ দৰে "বুৰঞ্জীৰ পিতৃ" নহলেও, তেওঁৰে পথৰ পথিক ডক্টৰ পূৰ্যকুমাৰ ভূঞা অসমীয়া বুৰঞ্জীৰ বিশাৰদ ।
"লুণীয়া সঁফুৰা" অসমৰ স্বতন্তৰীয়া যুগটোৰ অধিকল বুৰঞ্জী আৰু সেই বুৰঞ্জী-সাহিত্যৰ হুৱাগ চৰোৱা সঁফুৰাটি মেলি দিলে প্রাচ্য-প্রতীচ্য অনা-অসমীয়া জগতৰ আগলৈ, বুৰঞ্জীবিশাৰদ ডক্টৰ সূৰ্যকুমাৰ ভূঞাই ।
(১) "তেওঁৰ বুৰঞ্জী প্রতিভা যে দীকছৌ প্ৰসাৰী হলেই নে, অসমীয়াৰ বুৰঞ্জী স্পৃহাও জগতে জানিলে ।
'সময় নাই' - এই ওজৰ সূৰ্য্য ভূঞাৰ মুখত জীৱনতেই ওলোৱা নাছিল। যেতিয়াৰ যি কাম তেতিয়াই সেই কাম "সময়ৰ আগ চুলিত ধৰি শেষ কৰি পেগাইছিল। ৰাতিপুৱা ৫ বজাৰপৰা নিশা ১২ বজালৈকে দেখিব, ( অন্ততঃ দিনে ৮ ঘণ্টা ) আটোমটোকাৰিকৈ কিতাপ-কাগজ, দোয়াত-কলম, বিন্ধনা, পিনপেলি আদি লিখাবন্ধাৰ সঁজুলি গোটাই খোৱা মেজতে হয়, কিবা এটা হাতেৰে লিখি আছে, নহয় নিজেই টাইপটোতে খট্ খট্কৈ কিবা এখন পাণ্ডুলিপি টাইপ কৰিছে। তেওঁৰ সকলো কাম ইমান পৰিপাটি আৰু ৰেহা লগোৱা যে পৰিপাটিতাৰ সাক্ষীগোপাল কোন বুলি যদি সোধা যায়, তেন্তে একে আবাৰেই আঙুলিয়াই দিব লাগিব স্বৰ্য্যকুমাৰ ভূঞালৈ হে। ভূঞাৰ জীৱন-জোৰা কৰ্মব্যস্ততাৰ আগত সৰ্ধনশীয়া সময়ে হাৰ মানিছিল বুলি ক'লে কেতিয়াও ৰাহুল্যকৈ কোৱা নহয়। সঁচাকৈয়ে ভূঞা আছিল কৰ্মৰোগী।
বুৰঞ্জীৰ প্রত্যেক শাৰী ৰাণীয়েই যেন দেশ সেৱাৰ নিমিত্তে একো একোডালি আধিরা হয় - আৰু প্ৰত্যেকটো ঘটনাই যেন দেশবাসীক ফেউপিলে কৃতবর্মা কৰে এনেটে। উদ্দেঞ্চ লৈয়ে তেওঁ ঘটনাসমূহৎ ফেরোট। লুটি ভিন্ন-ভিন্ন ঠাইত ভিন্ন-ভিৰূপে দাঙি ধৰিছিল। তাকে কৰিবলৈ, কেতিয়াবা-কেতিয়াবা বু
বুৰঞ্জীবিশাদ ডঃ সূৰ্য্যকুমাৰ ভূঞা
তাৎপর্য্য একোটা বাছি উলিৱাত তেওঁ ইমান চিন্তাত পৰিছিল যে ওলাই আহিব খোজা হাঁহিটোও আদখিনিতে ভোঁটা দি থৰ লগীয়া হৈছিল। মুঠতে বুৰঞ্জীৰ দৃষ্টান্তৰদ্বাৰাই লোকক অনুপ্রাণিত কৰোৱা আদৰ্শ আছিল সূৰ্য্যকুমাৰ ভূঞাৰ। নহলে নো দেশবাসীৰ দুৰ্গতি দেখি তেওঁ এনেয়ে বুৰঞ্জীৰ ভাষাৰেই আক্ষেপ কৰিছিল নে - "অসামৰ্থ ৰজায়ে কি কৈ ৰাজ্য ৰক্ষা কৰিব - "
অপৰ্য্যাপ্ত বুৰঞ্জী পুথিয়ে অসমীয়া সাহিত্য চহকীকৈ থৈছে - এনে দৃঢ় মন্তব্যকে হুচাইছিল ১৮৫৫ চনত, আনন্দৰাম ঢেঁকীয়াল ফুকনে আৰু সেই মন্তব্যেৰেই অসমীয়া ভাষাৰ প্ৰতি চৰ্কাৰৰ শুভদৃষ্টি আকর্ষণ কৰিছিল। সেইদিন ধৰি লায়াল-গেইট-গৰ্ডন-হেমগোসাঁইৰ দিনলৈকে বৃটিছ চৰকাৰে অসম বুৰঞ্জীৰ অক্ষয় ভাণ্ডাৰ উজাৰিবলৈ বাকী নথলে - তথাপি খালি কৰিব নোৱাৰিলে। দেশে বিদেশে অপ্লারিত বুৰঞ্জী সম্পদ থাকি গ'ল। ভূঞাকে আদি কৰি কামৰূপ অনুসন্ধান সমিতিৰ কেবাজনো সভ্যৰ দিহাবুদ্ধি মতে কৰা কনিংচাষ চাহাৰৰ যদ্ধত আগৰ অসম্পূর্ণ কাম সম্পূর্ণ কৰিবলৈ ১৯২৮ চনত চৰকাৰীভাৱে বুৰঞ্জী পুৰাতত্ত্ব বিভাগটি স্থাপিত হল। কিন্তু বিভাগ এটা পাতি দিলেই যে বিভাগীয় কাম সম্পূৰ্ণৰূপে হুসম্পাদিত হব - এনে আশা কেতিয়াবা দুৰাশাতো পৰিণত হয় ।
কিন্তু নো, বিভাগটোৰ অফিচ এটা বহুৱাবলৈ ঘৰ লাগিব, সংগৃহীত বুৰঞ্জীৰ সম্পদবিলাক সযতনে অঁত লগাই থব লাগিব অংৰু সেইবিলাকক সম্মতি দিয়াৰ উপায় উদ্ভান কৰিব লাগিব, বুৰঞ্জীৱতীসকলৰ নিমিত্তে সকলো সুচল-সুযোগ থাকিব লাগিব আৰু লাগিব বুৰঞ্জীপ্ৰতিভা সম্পন্ন, দায়িত্ব, বহুল দৃষ্ট তত্ত্বাবধায়ক এজন। এইবিলাকৰ তেতিয়া একোৰে একোটো নাছিল। ভাগ্যগুণে, বহি-ৰজা পৰিচালক যিয়েই নেখাক সূৰ্য্যকুমাৰ ভূঞাৰ গাতেই উঠি-বলা অৰ্থাৎ প্রকৃত পৰিচালকৰ অবৈতনিক ডাইৰেক্টৰৰ ৰাৰ অৰ্পণ কৰা হ'
বুৰঞ্জীপ্ৰাণ ভূঞাৰ শৃঙ্খলাবদ্ধ কাৰ্য্য-প্রণালী আৰু আগ্রহ দেখি দামবীৰ ৰায়বাহাদুৰ ৰাধাকান্ত সন্দিকৈ ডাঙ্গৰীয়াই তেখেতৰ সহধৰিী নাৰায়ণ সন্দিকৈ ইন্টিটিউটটি নির্মাণ কৰাই দিয়ালে। নকলেও হব যে, পূৰ্য্যকুমাৰ ভূঞা নোহোৱা হলে, বিভাগটিৰ আটাইতকৈ আগভীরা কাম যুহী-ভবনটিয়েই প্রতিষ্ঠিত হবলৈ নেপালেহেতেন। যেই নাৰায়ণ সন্দিকৈৰ নামত যুবতী মদিনটি নিখিত হ'ল, সেই বুৱী আৰু পুৰার্ডম্বৰ সকলো কাষ নিৱাৰি আৰু
যুগমীয়াকৈ সুসম্পন্ন কৰিব পৰা হ'ল আৰু আজিলৈকে কৰিও থকা হৈছে। আদ্যোপান্ত সকলো কথা যুকিয়াই চাই ডাটি ন'কৈ নোৱাৰি যে অসম-গৱৰ্ণমেণ্টৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগটে। ডক্টৰ সূৰ্য্যকুমাৰ ভূঞাৰ পৰিষদ্ধৰেই ফল আৰু সিয়েই ভূঞাৰ কীৰ্ত্তিস্তম্ভও।
ডঃ ভূঞাৰ মহৎ কীৰ্ত্তিস্তম্ভ "আনন্দৰাম বৰুৱাৰ" জীৱনচৰিতখনি। লম্বোদৰ বৰাই সেই গৰাকী প্রতিভাশালী মহা পণ্ডিতৰ জীৱনী-লেখিবলৈ লওঁতেই, তেওঁৰ জীৱনী লোকে লেখিব লগা হ'ল। বৰাৰ সঙ্কল্পটি সম্পূৰ্ণ কৰিলে, ভৰ যৌৱনতে, ডঃ ভূঞাই জীৱন-মৰণ পণ কৰি। ইয়েই ঐতিহাসিকৰ ধৰ্ম্ম।
লক্ষ্মীসিংহ স্বৰ্গদেৱ ৰাজপাটৰ অধিকাৰী হৈ থাকোতেই ৰজাৰ সেনাপতি বৰৈ দুৱলীয়া পানী ফুকনেৰেলৈতে বাঘ মৰাণৰ যেতিয়া সমুখাসমুখি হয় আৰু যেতিয়া বাঘই পানী ফুকনক মৰাণেপতা ৰজা বৰজন! গোহাঞিৰ পুতেকক ৰজা বৰিবলৈ কয়, তেতিয়া পানীফুকনে সদর্পে উত্তৰ দিছিল - স্বৰ্গদেৱ, পাটতে আছে । তোৰ কথা মতেই বৰিম নে ? মই দিহিঙ্গীয়া ঘৰৰ লৰা, এই মূৰেৰেই স্বৰ্গদেৱক সেৱা কৰিছোঁ। আনক ৰজা কিয় লম?"
বুৰঞ্জী শিকনিৰে নাড়ীভুসিক্ত ডঃ সূৰ্য্যকুমাৰ ভূঞাই পানীফুকনৰ মুখ-নিহত এই "যেই ৰজা, সেই প্রজা" ব্রহ্মবাক্যকে শিৰত লৈ আছিল আস্মকাল। সেই হে, পৰাধীন আৰু স্বাধীন - দুয়োটা যুগতে ৰায়বাহাছৰ আৰু পদ্মশ্রী খিতাপেৰে বিভূষিত হৈ প্ৰকৃত ৰাজভক্তসকলৰ শাৰী গুৱাব পাৰিছিল। প্রাচীন পন্থীয়েও তেওঁৰ কণ্ঠত 'বিদ্যাবিনোদ' উপাধিৰ মালা এডালি পিন্ধাই দিছিল।
বৈৰী-অবৈৰী, প্রাচীন-অৰ্ব্বাচিন সকলোৰেপৰ। আদৰ-সাদৰ শ্রদ্ধা-সম্ভাষণ লাভ কৰিছিল মৃদুভাষী সূৰ্য্যকুমাৰ ভূঞাই।
পুষ্কৃতি পুত্র, গৃহলক্ষ্মী পত্নী, বিদুষী করা বিমানে, উচ্চতৰ বিষয় ভোগত পৰিভোগী আৰু কাংঙ্ক্ষিত বাসনাৰে পৰিপ্ত জীৱন আছিল ডঃ স্বৰ্য্যকুমাৰৰ ।
এনে সার্থক জীৱনৰ অধিকাৰী যিজন পুরুষ, সেইজনেই সৌ সিদিনা ১৯৬৪ চনৰ ৫ জুলাই তাৰিখে চিৰকালৰ নিমিত্তে আমাৰ মাজৰপৰা অৱস্থান হ'ল। ওপলোতে নিজে কাদিছিল আৰু গুচি গৈ আমাফ কহুয়ালে। তেওঁৰ আত্মাৰ তৃণ্ড্যার্গে কি দিম কি থম। তথাপি কেতে টুৱাৰ ৰাহপাতেই ভেটা বুলি এই প্রদ্ধাঞ্জলিটিকে সন্তর্পণে আগ বঢ়ালো।
গ্ৰন্থৰক্ষক যাদবচন্দ্ৰ বৰুৱা
খৃষ্টীয় উনৈছ শতিকাৰ শেষ-ছোৱাত গোলাঘাট-অঞ্চলত এনেকুৱা এজন অধ্যরসায়ী, বিদ্যোৎসাহী, পুস্তকালুৰাগী, প্রভাৱশালী ৰাজবিষয়। আছিল, যাৰ নাম আজি দুই-চাৰিজন সমসাময়িক লোকৰ স্মৃতিত হে কেৱল ঢিমিক-ঢামাককৈ জ্বলি থকা দেখিবলৈ পোৱা যায়। বাহৰ এফাল, মাহুহৰ একাল বুলি যে আমাৰ কোৰা কথা এবাৰ আছে, সেই কথা এইজন পুৰুষৰ গাতেই খাটে। উষাকহিমঃ-মকক্চাং সাম্ৰাজ্যৰ অন্তৰ্গত কৰোতে বৃটিছ সাম্রাজ্যবাদৰ বুৰঞ্জীত ভালেমান ইংৰাজ সামৰিক বিষয়াই প্রাণবিসর্জন দিয়াৰ উল্লেখ পোৱা যায় আৰু দুৰ্ঘোৰ সঙ্কটকালত সেইসকল সাম্রাজ্যলিপ্স ৱে বিৰূপে আত্ম জলাঞ্জলি দিছিল। তাৰো চিন পোৱা যায়। কিন্তু, সেইসকল ৰাজপুরুষৰ যশস্তা-দৌল নিৰ্মাণ কৰাত এজন তলতীয়! অসমীয়া কৰ্মচাৰীৰ ক্বতিত্ব ক'ত যে লুকোৱা হল বা লুকাই থাকিল, ক'ব নোৱাৰি। কৰ্মচাৰীজনৰ বুদ্ধি আৰু কাৰ্য্যতৎপৰতা নোহোৱা হ'লে, যি নগ। পৰ্ব্বতৰ ওপৰত আজি আমি ভাৰতীয় ধ্বজা উৰাবলৈ সমৰ্থ হৈছোইক, সেই পৰ্ব্বত এতিয়াও দূৰান্তৱৰ্ত্তী বা ভাৰতৰ সীমাৰ বাহিৰ হৈয়ে থালিহেতেন। যি সফল কৰ্ত্তব্যপৰায়ণ পুৰুষৰ দায়িত্বশীলতাই আমাৰ ৰাজ্যিক ভেঁটি কটকটীয়া কৰি থৈ গ'ল, সেইসকলৰ জীৱন-বৃত্তান্ত এতিয়া খুঁচৰি উলিয়াবৰ দিন হৈছে। বৃটিছ-পাম্ৰাজ্যৰ সীমাবৰ্দ্ধনত ৰাজতত্ত্ব প্ৰজাৰূপেই হওক বা নিজৰ নিজৰ কাৰ্য্যকুশলতাৰ পৰিচয় দিবলৈকে হওক, ভালেমান ভাৰতীয় কৰ্মচাৰীয়ে মনপ্রাণ ঢালি অৰিহণা পেলাইছিল। সেই অৰিহণা পেলোৱাৰ সুযোগতে সেই সফলে জ্ঞানৰ অন্বেষা উপলব্ধি কবি বৰ সমানখেণে আধুনিক পৌৰাণিক গ্রন্থ সমূহ বৰ পৰিপাৰ্টিকৈ সংৰক্ষণ কৰিছিল। এইরূপে ইংৰাজৰ আৰ্হিৰে অনুপ্রাণিত হৈ, নিজে গ্রন্থালয় স্থাপন কৰি, মৃত্যুর আগ মুহূৰ্ত্তলৈকে গ্রন্থখাজিৰ ত্যায়বান লৈ আছিল ওপৰত উইকিয়াই অহা এহস্পৃহ পুরুষ জনে। তেওঁৰে नाम एक वां
বয়া ভালবীৱাৰেগৈতে প্রথম দেখাদেখি হয় ১৯২২ চনৰ ডিচেম্বৰ মাহত। তেতিরা তেখেতৰ ধৱল ৭২ বছৰ । সাপ্ত বিষ, লাবুটিত ভৰ নিদিয়াকৈ উঠিৰ নোৱাৰে, প্রাৱেই বিচনাতে পঢ়ি থাকে। এনে লৰচৰ কৰিব নোৱৰা
অৱস্থাতো দেখি - বৰুৱাই কিতাপৰ ফটা-ছিটা পাতবোৰ এঠা লগাই জোৰা দি আছে ; বুৰঞ্জী পুথি বুৰঞ্জীৰ থাকত, অসমীয়া কিতাপ অসমীয়া-থাকত, বঙলা
ৰায় বাহাদুৰ যাদ বৰুৱা
বদলাৰ ভাগত, ইংৰাজী ইংৰাজী গ্রুপত, হাভেলিখা এলা-বৰ্পিট আৰু বাৰ মিহলি ৰজাঘৰীয়া কাত-পত্ৰ থাকে-থাকে, ভাগে-ভাগে আচোষটোকাৰিকৈ সজাই খৈছে। কোনোবাই যদি কেতিয়াবা তেখেতক কিভাপ এটা পঢ়িবলৈ খোজে,
গ্ৰন্থৰক্ষক যাদব।
তেখেতে কয়, "পঢ়। যদি, ইয়াতে পঢ়া, ঘৰলৈ নিব নোৱাৰাঁ। আমাৰ মানুহে এবাৰ কিতাপটি সৰকালেই কিতাপ আৰু ওলোটাই নিদিয়েছি, এনে কি, চুনাই আৰু তেওঁক দেখিবলৈকে পোৱা নহয়। সমৰথ থাকিলেও সেই জাতৰ মানুহে কিতাপ নিকিনে। লোকে যতন কৰি সাঁচি থোৱা কিতাপটি লৈ ছপাতমান মাথোন লুটিয়াই চায়, এনেতে, কিতাপেই হেৰায়। সেই কাৰণে, কিতাপ এৰি দিব নোৱাৰোঁ।"
ইংলেণ্ডৰ বলিয়ান লাইব্ৰেৰী বা পাটনাৰ খোদাবছ লাইব্ৰেৰীৰেসৈতে হে যাদৱ বৰুৱাৰ 'লাইব্ৰেৰী'টে। তুলনা কৰিব পাৰি। কলিকতাৰ মহাৰাজ মণী চন্দ্রই যেনেকৈ নিজৰ পেৰাৰ ধন ভাঙি বিৰাট গ্ৰন্থালয় এটি স্থাপন কৰিছিল, অসমৰ যাদৱচদ্ৰ বৰুৱাইও অন্তৰ সহায় উদগণি নোপোৱাকৈরে আপোনাআপুনি তেখেতৰ ঘৰুৱা গন্ধীয়! ভঁড়ালটো পাতি লৈছিল। পুথি ওঁড়ালৰ কিতাপত কি আছে, আন কি, কোন পিঠিত কি বিষয়টো আছে, তাকো তেখেতে সোধ। মাত্ৰকে টপৰাই কৈ দিব পাৰিছিল। "লাইব্ৰেৰী"টোত "অৰুণোদই"ৰ দিনৰেপৰা প্ৰকাশ হোৱা সকলো অসমীয়া কাকত-পুৰি খুন্দৰকৈ ৰন্ধাই খোৱা দেখিছিলোঁ। : ১৯২৪ চনত, ৭৪ বছৰ বয়সত তেখেতৰ মৃত্যু হল। তাৰ পিছত, বৰজোঞায়েক যোগেন্দ্রনাথ বৰুৱাই তেখেতৰ পুথিপাজিবোৰ উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা লাইব্ৰেৰীক দান দিলে।
যাদৱ বৰুৱা নিচেই দৰিদ্ৰ অৱস্থাৰপৰা ডাঙৰ ছোৱা মাহুহ। তেখেতৰ পূৰ্ব্বতে ঘৰ আছিল নগাৱঁৰ হাতীচোঙত। ইংৰাজী পঢ়িলে জাতযোৱাৰ ভয়তে দেউতাকে তেখেতক ইংৰাজী পঢ়িবলৈ নিদিছিল। কিন্তু পঢ়িবলৈ বৰ মন থকাত, ঘৰৰপৰা পলাই আহি নামতীয়াল কাকতী বংশৰ প্রিয়লাল বৰুৱা ভিনীহিয়েকৰ ঘৰত থাকি তেখেতে ইংৰাজী পঢ়েছি। শিৱসাগৰ হাইস্কুলত বৰুৱাই এণ্টে ঞ্চ শ্ৰেণীলৈকে পঢ়ে। তেতিয়া তেখেতৰ সহপাঠী আছিল উপনির প্রথম গ্রেজুয়েট "ৰি-এ জগন্নাথ", শিক্ষাবিদ গোবিন্দ বেজবকরা, কর্ণেল শিল্পৰাষ বৰা, হৰিপ্ৰসাদ ছৱৰ। (দেৱান), ৰমাকান্ত গোঁহাই (নাজিব ) আৰু "ডেপুঢ়ী নিস্পেকটৰ" ৰখৰ বৰুৱা ।
সেই সময়তে, বৃটিছ গৱৰ্ণমেন্টে নগা পৰ্ব্বতটে। বৃটিছ সাম্ৰাজ্যৰ ভিতৰত 'চাৰিল' কৰিবৰ নিমিতে বটুলাৰ নামে এখন কাৰ্যদক্ষ ইংৰাজ বিবর! পঠিয়ায়। তেওঁ আহি গোলাঘাটৰ জামুগুৰি আৰু বৰপাখৰত দুট। কিন্তু কৰায়হি। এই
বাটেদি তেতিয়া নগ। অছাযোৱা কৰিছিল। সেই কাৰণে বাটটোক নগাৰাট বোলা হৈছিল। বটুলাৰ আহিয়েই জামুগুৰি-বৰপথাৰেদি গোলাঘাটৰপৰা আলিবাট এটা বন্ধালে। ছাহাবৰ লগত তেতিয়া হিন্দুস্থানী চিপাহী গোটা দুই-এফ হে আছিল। জনাবুজ। অসমীয়া কৰ্মচাৰী এজনৰ আৱখক হোৱাত বটলাৰ ছাহাবে প্রিয়লাল বৰুৱাৰ পৰামৰ্শমতে যাদৱ বৰুৱাকে মীহে ৪০ টকা দৰ্গহাত আলি-মহৰী-কামত লয়। বৰুৱাই ডাকঘৰ আৰু অহাযোৱা-পথ নির্মাণ কৰোৱায় । তেতিয়াই বৰুৱাই জামুগুৰিৰ লক্ষ্মীপতি খাটনীয়াৰৰ জীয়েকক বিয়া কৰায়।
বৰুৱা, ভূঞা-বংশৰ আদিপুরুষ সমুদ্র ভূঞাৰপৰা অধস্তন ষষ্ঠদশ সন্তুতি; দেউতাকৰ নাম খগেগৰ। ইং ১৮৫১ চনৰ ১ এপ্ৰিলত তেওঁৰ জন্ম। ওখই ৫ ফুট ৭ ইঞ্চি। ১৮৬৮ চনৰ ৭ নৱেম্বৰত, মাহে ৫০, টকা দৰ্খহাত পুলিচ-অফিচৰ কেৰেণী কামত মকৰলু হয়। তাৰপৰা ক্ৰমাৎ কহিমা, মফকচাং আদিত কাম কৰি-কৰি ১৮৯৮ চনত চব ডেপুটী কলেক্টৰ হয় । ১৯০৩ চনত কামৰপৰা অৱসৰ লয়। লুখ্যাতিৰে কাম কৰা বাবে ছৰ্কাৰে বৰুৱাক ৰায়বাহাদুৰ উপাধি দিয়ে ও উপাধিৰ লগতে পুৰুষানুক্রমে ভোগদখল কৰি থাকিব পৰাকৈ এহেজাৰ একৰ মাটিৰ গ্র্যান্ট এটিও দান কৰে । ১৯০১ চনত একেটি মাথোন পুতেক জগৎচন্দ্ৰ ২০ বছৰ বয়সতে মৃত্যুমুখত পৰিব লগা হোৱাত, বৰুৱাৰ জীৱনটো তেনেই না হয়।
ফেনেফুয়। সঙ্কটাৱস্থাত পৰিও, ৰায়বাহাদুৰে নিজৰ কৰ্ত্তব্য সম্পাদন কৰিছিল, তাক তেখেতৰ ডায়েৰীৰপৰাই তুলি দিয়া হল, -
"১৮৭৭ চনত মেজমা নগাৰ বিরুদ্ধে যি ৰণ চলোৱা হয়, তাত নগা পৰ্ব্বতৰ ডেপুচী কমিশুনাৰ কাৰ্ণেগী ছাহাবৰ গাত গুলী লাগি তৎক্ষণাৎ মৃত্যু হয়। তেতিয়! আমাৰ চিপাহীয়ে লবোনে তোকে থাকিব লগীয়া হোৱাত মই নগাৰেগৈতেই মিলিখুলি ৰছদ যোগাইছিলোঁ। ছাহাব মৰা শুনিয়েই মই ধানৰ বস্তাবোৰ মাটিত পুতি ধৈ, পাছত মনে-মনে ভাৰপৰ। উলিয়াই খাবলৈ দিছিলোঁ। কর্ণেল মেকগ্রেগৰ আৰু কেপ্টেইন উইলিয়ামছনৰ ফৌজ নোপোৱাহিলৈকে সেই হুইলগাই পুৰিখৈবোৱা গাৱঁৰ তলত পুতিৰোৱা ধানকে খুলি উলিওৱা চাউল নির্দিরা হলে যেজমা নগাই ইংৰাজক ভাতে শেষ কৰিলেহেতেন। নগাঁ ইংৰাজৰ মাজত ময়ে মধ্যস্থ হৈ কাম কৰাত ইংৰাজৰ গৌৰৱ ৰক্ষা হল।
| pdf |
6464d4c7dcca5ecc7b6ce2fb5d140e368ec91010 | যোৱা এবছৰত মাটি মাহৰ দাইলৰ মূল্য হ্ৰাস পাইছে। চৰকাৰে কৈছে যে যোৱা এবছৰত মাটি মাহৰ দাইলৰ (Urad Dal) গড় পাইকাৰী মূল্য (Average Wholesale price) ৫ শতাংশ হ্ৰাস পাইছে। এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে চৰকাৰে ঘৰুৱা উপলব্ধতা বৃদ্ধি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য স্থিৰ কৰিবলৈ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে।
উপভোক্তা পৰিক্ৰমা বিভাগৰ তথ্য অনুসৰি, ২৫ ফেব্ৰুৱাৰী, ২০২২ তাৰিখে জনোৱা অনুসৰি মাটি মাহৰ দাইলৰ গড় পাইকাৰী মূল্য হৈছে প্ৰতি কুইন্টলত ৯,৪১০. ৫৮ টকা। ২৫ ফেব্ৰুৱাৰী, ২০২১ তাৰিখে প্ৰতি কুইন্টলত আছিল ৯৯০৪. ৩৯ টকা। ই প্ৰায় ৫ শতাংশ হ্ৰাস দেখুৱাইছে।
মে' ২০২১-ত, কেন্দ্ৰীয় চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য নিৰীক্ষণ কৰিবলৈ আৰু অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত মিলৰ মালিক, আমদানিকৰ্তা আৰু ব্যৱসায়ীসকলৰ দ্বাৰা ৰখা মাহজাতীয় শস্যৰ ষ্টক প্ৰকাশ কৰা নিশ্চিত কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত সংস্থাসমূহক এক পৰামৰ্শ জাৰি কৰিছিল। মুগৰ বাহিৰে সকলো মাহজাতীয় শস্যৰ ষ্টকৰ সীমা ২ জুলাই, ২০২১ তাৰিখে জাননী দিয়া হৈছে।
- First Published : | web |
87074cbb095504be0bec46d14e40b798f161738c | ডিজিটেল সংবাদ বটদ্ৰৱাঃ সোনাই নদীৰ উত্তৰ পাৰৰ শতাধিক বয়োজ্যেষ্ঠ, শিল্পী, সাহিত্যিক, শিক্ষক, সাংবাদিক, সমাজকৰ্মীৰ অন্তৰংগ আলাপ অনুষ্ঠানেৰে সোমবাৰে সোনাই নদীৰ উত্তৰ আঞ্চলিক কেন্দ্ৰীয় ৰঙালী বিহুৰ কাৰ্যসূচী আৰম্ভ হয়। নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া ক'ৰছুং ছহিদ স্মৃতি খেলপথাৰত সোমবাৰৰ পৰা দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰঙালী বিহুৰ কাৰ্যসূচী।
পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ পাছত অঞ্চলটোৰ কুৰিখন গাঁৱৰ শতাধিক বিশিষ্ট, জেষ্ঠ ব্যক্তিৰ অংশ গ্ৰহণেৰে উখল মাখল পৰিৱেশ সৃষ্টি হয়। শিল্পী, শিক্ষক বুধেন বৰাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অশিতীপৰ শিল্পী মানিক কলিতা, বপধন মহন্ত, ধীৰচিং পাটৰ, উমাকান্ত হাজৰিকাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে অতীত ৰোমন্থন কৰি গোৱা বিহু গীতত মনোৰম পৰিবেশৰ সূচনা হয়।
ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰোহিনী বৰাই শুভাৰম্ভ কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সভাপতি কমল কলিতা, সম্পাদক প্ৰমোদ কুমাৰ দাস, ভাৰ্গেন্দ্ৰ মহন্ত, গোবিন চন্দ্ৰ দাস, প্ৰবীণ কলিতা, সাংবাদিক দিব্যজ্যোতি বৰুৱাকে আদি কৰি অঞ্চলটোৰ বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে। পাছত চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিয়লি পৰম্পৰাগত খেল ধেমালী, জেং বিহু, বাৰেৰহণীয়া বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হয়।
মঙ্গলবাৰে মাৰাথন দৌৰ, পাঞ্জা খেল, পিঠা পনা আৰু থলুৱা সাজ পাৰ প্ৰতিযোগিতাৰ পাছত বিয়লি ৪ বজাত অনুষ্ঠিত হ'ব আকৰ্ষণীয় কুইজ প্ৰতিযোগিতা। নিশা অনুষ্ঠিত হ'বলগিয়া সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰিব জনপ্ৰিয় কন্ঠশিল্পী দিপলীনা ডেকাই।
| web |
47ae98e6b97af68b89776c164553e27dba894d50 | স্কুলৰ ইউনিফৰ্ম পিন্ধি(School Uniform) হাতত কলম আৰু এডমিট কাৰ্ড লৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে(National Highway)এজাক স্কুলীয়া ছোৱালী দৌৰিছে। বিহাৰৰ এই ঘটনাৰ ভিডিঅ' ভাইৰেল(Video viral)হৈ পৰিছে ছচিয়েল মিডিয়াত(Social Media)। কিন্তু দৌৰৰ কাৰণ কি? কাৰণ শুনি সকলোৰে চকু ডাঙৰ হৈ গʼল।
বিহাৰত আৰম্ভ হৈছে মেট্ৰিক পৰীক্ষা। জানিব পৰা মতে, শুকুৰবাৰে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা দিবলৈ ওলাইছিল। কিন্তু পথৰ প্ৰচণ্ড যান-জঁটত আবদ্ধ হৈ পৰে। বহু দেৰি ট্ৰেফিকত আবদ্ধ হৈ থকাৰ পিছত যেতিয়া জাম খোলাৰ কোনো উপায় নেদেখিলে তেতিয়া সকলোৱে গাড়ী, অটো, বাছৰ পৰা নামি পৰীক্ষা কেন্দ্ৰৰ ফালে দৌৰিবলৈ আৰম্ভ কৰে।
যান-বাহনৰ মাজেৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দৌৰে উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। বহুতে এই ঘটনাৰ ভিডিঅ' কৰে। পিছত ছচিয়েল মিডিয়াত বিয়পি পৰে। শুকুৰবাৰে ২ কিলোমিটাৰতকৈ অধিক দৌৰি পৰীক্ষা কেন্দ্ৰত উপস্থিত হয় ছাত্ৰ-ছাত্ৰীসকল। সকলোৱে খৰখেদাকৈ পৰীক্ষা দিয়ে।
বিহাৰত এইবাৰ মেট্ৰিক পৰীক্ষাত লʼৰাতকৈ ছোৱালীৰ সংখ্যা বেছি। একেদৰে শুকুৰবাৰে কাইমুৰ জিলাতো ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষা কেন্দ্ৰলৈ গৈ আছিল। কিন্তু মাজবাটতে সকলোৱে ৰাষ্ট্ৰীয় ঘাইপথৰ বিশাল যান-জঁটত আবদ্ধ হৈ পৰে। বহু সময় অপেক্ষাৰ অন্তত যেতিয়া পথ খোলাৰ কোনো লক্ষণ দেখা নাপালে, তেতিয়া ছোৱালীবোৰে গাড়ী, অটো, বাছৰ পৰা নামি স্কুলৰ ফালে দৌৰিবলৈ বাধ্য হয়, হাতত কলম আৰু এডমিট কাৰ্ড লৈ। দৃশ্যটো দেখি সকলোৱে আচৰিত হৈ পৰে।
কাইমুৰ জিলাৰ শিক্ষা বিষয়া চুমন শৰ্মাই কয় যে এই ঘটনাৰ খবৰ পাই তেওঁলোক স্তম্ভিত হৈ পৰে। একাংশ অভিভাৱকে অনুভৱ কৰে যে তেওঁলোকে বিভিন্ন প্ৰশাসনিক সভাত ৰাষ্ট্ৰীয় ঘাইপথত যান-জঁটৰ বিষয়টোক লৈ আলোচনা কৰিছে যদিও একো হোৱা নাই, ছোৱালীকেইজনীৰ দৌৰে সেইটো প্ৰমাণ কৰি দিলে বুলি একাংশ অভিভাৱকৰ ধাৰণা। | web |
5d8e7063924fae2bb4f7698b2cbbdcb5fe4c36f0 | গুৱাহাটী, ৩ জুলাই, NKTV: ক'ভিডৰ তৃতীয় ঢৌৱে ভাৰতবাসীক চুব নোৱাৰে। মঙলবাৰে এই তাৎপর্যপূৰ্ণ মন্তব্য কৰিলে AIIMS দিল্লীৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই। ক'ভিডৰ তৃতীয় ঢৌ সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰি উল্লেখ কৰে যে, ভাৰতবাসীয়ে সাৱধানতা অৱলম্বন কৰাৰ লগতে দেশবাসীয়ে সময়মতে ভেকচিন গ্ৰহণ কৰিলে ভাৰতবাসীয়ে ক'ভিডৰ তৃতীয় ঢৌৰ পৰা পৰিত্ৰাণ পাব।
ক'ভিড-১৯ত আক্ৰান্ত দেশৰ সক্ৰিয় ৰোগী সকলক ড০ গুলেৰিয়াই পৰামৰ্শও দিয়ে।
"ঘটনাবোৰ হ্ৰাস পাইছে কিন্তু কিছুমান ঠাইত এতিয়াও সংক্ৰমণৰ হাৰ উচ্চ, আমি সেই ঠাইবোৰত সমস্যাটো সক্ৰিয় ভাৱে সমাধান কৰিব লাগিব, ডাঃ গুলেৰিয়াই কয়। | web |
e1d4babf97b2380a7ad752a63ad0b27966b3ce153df50e12a12efb987211b095 | অসমীয়। বাল্মীকি-ৰামায়ণ
৫। ৰামচন্দ্ৰই একান্তভাবে কথাত মন দি বহি থকা অবস্থাতে, এজনী ৰাক্ষসী আপোন মনে ঘূৰি ফুৰি আহি সেই ঠাইত উপস্থিত হলহি।
৬। তাইৰ নাম শূৰ্পনথা, ৰাক্ষস দশাননৰ ভনীয়েক ওচৰলৈ অহাত দেবতাসদৃশ ৰামৰ ৰূপ তাইৰ চকুত পৰিল ।
৭। তাই দেখিলে ৰামৰ মুখ সমুজ্জল, বাহু আজাহলম্বিত আৰু চকুযুৰি পদ্মপলাশসম সুবিস্তৃত, তেওঁৰ গমন গজেন্দ্ৰ গমনতুল্য আৰু মূৰত জটামণ্ডল । ৮-১ । তেওঁ সুকুমাৰ, মহাসত্ত্বসম্পন্ন আৰু সকলে। ৰাজগুণে বিভূষিত, বিভূষিত, এনেহেন ইন্দীব্যাম কন্দর্পসদৃশ প্রভান্বিত ইন্দ্ৰোপম ৰামক দেখি ৰাক্ষসীৰ মনত কামভাবৰ উদষ হল । ৰাম সুমুখ, ৰাক্ষসী দুন্মুখী, ৰামৰ মাজভাগ সুবৃত্তাকাৰ, ৰাক্ষসী লম্বোদৰী, ৰামৰ চকু আষতাক ৰ, ৰাক্ষসীৰ চকু বিক্বতাকাৰ, ৰামৰ কেশপাশ সুন্দৰ, ৰাক্ষসীৰ তামবৰণীষা, ৰাম স্বৰূপ, ৰাক্ষসী বুৰূপা, ৰামৰ স্বৰ মধুৰ, ৰাক্ষসীৰ কঙ্কণ, ৰাম তৰুণ, ৰাক্ষসী অতিবৃদ্ধা, ৰাম সুমিষ্টভ, বী, ৰাক্ষসী কটুভাষিনী, ৰাম সচ্চৰিত্ৰবান, ৰাক্ষসী অতিশয় দুশ্চৰিত্ৰা, ৰাম প্ৰিযদৰ্শন, ৰাক্ষসী বুৎসিতদর্শনা।
১২-১৩। এনে অবস্থাত কামভাবতে অভিভূত। হৈ ৰাক্ষসীযে ৰামক কলে, "হে পুৰুষপ্ৰবৰ তুমি জটাধাৰী তাপসবেশে ভাৰ্য্যাসমন্বিতে ধÐ কঁাড হাতত লৈ ৰাক্ষসসকলৰ বাসস্থান এই ঠাইলৈ কিষ আহিছা? তোমাৰ আগমনৰ কাৰণ যথাযথভাবে মোক কোৱা।"
১৪ । ৰাক্ষসী শূর্পনখাই এইদৰে সোধাত পৰস্তুপ ৰামে সৰলভাবেৰে সকলো কথা কৰলৈ আৰম্ভ কৰিলে।
১৫। "দেৱতাসদৃশ বিক্রমশালী দশৰথ নামে এজন ৰজা আছিল। মই তেওঁৰ জ্যেষ্ঠ পুত্ৰ, জনসমাক্ত ৰাম নামে পৰিচিত।
১৬। এইজন মোৰ ভাই, তেওঁৰ নাম লক্ষ্মণ, তেওঁ মোৰ কনিষ্ঠ আৰু সদায় মোৰ অনুগত, এয়া মোৰ ভাৰ্য্যা, বিদেহৰাজকন্য! সীতা।
নৰেন্দ্ৰ পিতৃদেব আৰু মাতাৰ আদেশ অশুসৰি ধৰ্ম্মাকাঙ্ক্ষী হৈ ধৰ্ম্মৰ অর্থে বনত বাস কৰিবলৈ ইয়ালৈ আহিছোঁ।
১৮। এতিয়া তোমাৰ বিষয়ে জানিবলৈ মোৰ ইচ্ছা হৈছে, তুমি কাৰ জীয়াৰী, কোন আৰু কাৰ (ভাৰ্য্যা অথবা কোন বংশৰ), তুমি দেখোতে যেনে সুন্দৰী* তাৰপৰা অনুমান হয় তুমি ৰাক্ষসী।
১৯ । তোমাৰ ইয়ালৈ অহাৰ কাৰণ কি প্রক্বত কথাটো মোক কোৱা।" ৰামৰ কথা শুনি কামপীড়িত। ৰাক্ষসীয়ে কলে।
২০। "ৰাম মই প্ৰকৃত কথা তোমাক কওঁ গুনা, মই কামৰূপিণী ৰাক্ষসী, মোৰ নাম শূর্পনখা।
২১। মই অতি ভীষণ ৰূপ ধাৰণ কৰি এই বনত অকলে ঘুৰি ফুৰোঁ। ৰাৰণৰ কথা হয়তো তুমি শুনিব পোৱ', তেৱেই মোৰ জ্যেষ্ঠ ভ্ৰাতা ।
* ৰাক্ষসীবিলাকে ইচ্ছামতে ৰূপ লব পাৰে । ১-১১ শ্লোকভ শূর্পনখাৰ যি ৰূপৰ কথা কৈছে সেইটো ৰাक्रসী अकुछ रूপ ।
| pdf |
7b93347b51b2d38c7014005d232079df5fad7e6c | ষ্টাফ ৰিপ'ৰ্টাৰঃ
নগাওঁ : নগাঁৱত এগৰাকী মহিলা জোৱান নিৰ্মালী নাথৰ সৈতে সংঘটিত হোৱা কৰুণ ঘটনাই নগাঁৱৰ ৰাইজক শোকস্তব্ধ কৰি তুলিলে। নগাওঁ যান-বাহন আৰক্ষীৰ মহিলা জোৱান নিৰ্মালীক কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ নিবলৈ অহা সময়ত তেওঁৰ স্বামী ৰাজীৱ বৰাক ধিং গেটৰ উৰণীয়া সেতুৰ ওপৰত তীব্ৰ বেগী মাটি কঢ়িওৱা ট্ৰাকে মহতিয়াই নিয়ে আৰু তেওঁ থিতাতে নিহত হয়।
আনহাতে, তেওঁৰ সৈতে স্কুটীত আছিল পৰিয়ালৰে এটি কণমানি শিশু। জানিব পৰা মতে, দূৰ্ঘটনা সংঘটিত হোৱা সময়ত নিৰ্মালী বৰা হয়বৰগাওঁত কৰ্তব্যৰত হৈ আছিল আৰু এই খবৰ পাই তেওঁ কৰ্তব্যস্থলীতে সংজ্ঞাহীন হৈ পৰে। নিৰ্মালীৰ কাতৰ চিঞৰে ইতিমধ্যে সমগ্ৰ অঞ্চলটোত শোকৰ চাঁ পেলাইছে।
আনহাতে দুৰ্ঘটনাত এগৰাকী কণমানি শিশুও আহত হয়। ঘটনাস্থলীত প্ৰত্যক্ষদৰ্শীৰ মতে, বহু সময় ধৰি ৰাজীৱ বৰাৰ নিঠৰ দেহৰ ওচৰত শিশুটিয়ে কান্দি আছিল যদিও কোনেও সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আৰক্ষীয়ে আটক কৰে যদিও বৰ্তমানলৈকে ট্ৰাকৰ ট্ৰাকচালক জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ অপাৰগ।
উল্লেখ্য যে, ২০২০ বৰ্ষৰ ৯ ডিচেম্বৰত নগাঁও যান-বাহন আৰক্ষীৰ মহিলা জোৱান নিৰ্মালী নাথৰ সৈতে ধিং গেটৰ নবীন নগৰৰ ৰাজীৱ বৰাৰ বিবাহ সম্পন্ন হৈছিল। এপিডিচিএলত কৰ্মৰত ৰাজীৱ বৰাৰ মৃত্যুত সমগ্ৰ নগাঁৱয়ে শোকস্তব্ধ হৈছে। প্ৰতিদিনেই ৰাজ্যত উদণ্ড ট্ৰাক চালকৰ অতপালিৰ বাবে এইদৰে বহু পৰিয়ালৰ জীৱনলৈ নামি আহিছে কাল অমানিশা। | web |
aaa1ddf047f7d3701edbf0cb0b45549b4f695732 | বিজয়া দশমীত চিআৰপিএফৰ অস্ত্ৰপূজা। দেশৰ সুৰক্ষাত নিয়োজিত চিআৰপিএফৰ জোৱানসকলে আজি উলহ-মালহৰে উদযাপন কৰিলে বিজয়া দশমী।
নগাঁৱৰ কাটিমাৰীস্থিত চিআৰপিএফৰ ৩৪নং বেটেলিয়নৰ জোৱানসকলে নৱৰাত্ৰিৰ ব্ৰত পালন কৰাৰ লগতে বিজয়া দশমীত অনুষ্ঠিত কৰে অস্ত্ৰপূজা। বিজয়া দশমীৰ প্ৰতিমা বিসৰ্জনলৈ যোৱা চিআৰপিএফৰ জোৱানসকলে নাচি-বাগি উলাহ কৰাও দেখা গ'ল নগাঁৱত। | web |
b0d8d9e200b1236f499cca2511038ca50f9f463b8821b13a2906bd23da0da8c3 | সমেন্যে শ্ৰীৰামে পাইলা সাগবৰ তীৰ । বামচন্দ্রে বোলন্ত গ্ৰীৱ মহাবীৰ ॥ ১৫ ইঠাৱতে সেন। ৰৌক থান থিত কবি। উপায় চিন্তিয়ো কেনে সাগবক তৰি ॥১৬ হুগ্ৰীৱৰ বাক্যে গৈয়। সেনাপতি নীল ভাগ ভাগ কৰিয়। সেনাক থান দিল ॥১৭ অনেক দূৰক ছানি বসিল বানব। কপিক দেখিয যেন অপব সাগৰ ॥ ১৮ লক্ষ্মণক সম্বুধি মাতঙ্গ শ্রীহৰি। হুমৰিয়। সীতাক অনেক মদ্যু কৰি ॥১৯ কান্দিয়। বোলন্ত বাপ কি কাৰ্য্য জীবাক । ধৰিবে নপাৰোঁ হৃদি হুমৰি সীতাক ॥২০ হা হ। বাপ লক্ষ্মণ কি মতে ধৰে। জীব । বৰ কষ্টে আছ। সীতা জনকৰ জীৱ ॥২১ মদনে দগধ দেহ। আমাক হুমৰি । বব দুঃখে প্রাণ ধৰি আছে প্ৰাণেশ্বৰী।।২২ হেনয় কতেক দুঃখ থাকিবেক সহি। তরুণৰ কাল অকাৰণে গৈল বহি ॥২৩ আজিপাইবো কালি পাইবে। মনত কৰন্তে। রাত্রি দিনে দগধ সাঁতাক হুমৰস্তে ॥২৪ সাঁতাক হুমৰি ৰামে শোক কৰিলন্ত। লক্ষ্মণে সম্বুধি পাছে শান্ত কৰিলন্ত ২৫ শ্ৰীৰাম লক্ষ্মণ বীৰ হুগ্ৰীৱ সহিতে। সাগব তবিতে বুদ্ধি কাৰল। তহিতে ॥২৬ মাধৱে বোলন্ত ঐত আছে। এহিমানে। শুন। যেন ভৈল তৈত ৰাৱণৰ থানে ॥২৭ লঙ্কা পুৰি হুনুমন্তে মধুফল খাইল। জাশী সহস্ৰ নিশাচৰ মাৰিয়। পেলাইল ॥২৮ ইসব কাৰ্য্যক দেখি জানিলন্ত মনে। সবে কথা মাৱত কহিল বিভীষণে ॥২৯ বাৱণৰ মাতৃ তাই বুলিয়। নৈকষী। সম্বুধি বোলয় বিভীষণক ৰাক্ষসী ॥৩০ দুখ চকু ফুটিল ৰাৱণ ভায়েৰৰ । হৰি আনিলেক সীত। জীৱ জনকৰ ॥১ মুখে তাক বিধাতায়ে থাকিবে নেদিল। শ্ৰীৰামৰ ভাৰ্য্য। সীত। হরি। আনিল 2 উপজি নগৈলে বেট! নেছনি লৈয়া। শান্তী কন্য। হৰিলে বাড়িলে যেন খৈয়! ॥০৩
সৰ্ব্ব গাৱ মবি কৰজনে বাতি জ্বলে। সৰ্ব্বনাশ কৰি ফুৰে ক্যাৰ বিকলে ॥৩৪ অধর্ম্মত ৰতি ভৈল সিটে। ছুৰাচাৰ । পতিব্রত। কন্য। হৰিলেক পৰপৰ ॥৩৫ ব্রাহ্মণ কুলব বেট। ভৈল অধোগামী। পেটত পৰিল ছাৰ পুৰি মৰ্বে। আমি ॥৩৬ ৰাম্য সমান বীব নাহি ধনুৰ্ধৰ । পৃথিবীক উলটাইতে পাৰ। একেশ্বৰ ॥৩৭ সাগৰক শুষিতে পায় শৰে হানি। ৰণ ভঙ্গে ৰাক্ষস পাই দিশ ছানি ॥৩৮ ৰাজাৰ যেহেন ধৰ্ম্ম প্রজায়ে আচৰি। তোমাৰেসে ধৰ্ম্মত ৰাক্ষস আছ। ধৰি ॥৩৯ ধৰ্ম্ম পথ যুগুতিত তুমি ভৈল। সাৰ । ৰাৱণ বুঝাৱে বংশ কৰিয়ো উদ্ধাৰ ॥৪ তুমিসি আছাহ। বাপ কুল নিস্তাশ।
বাৱণে ৰামত যেন পশয় শৰণ ॥৪১ সীত। সমপিবাক বুলিব! ৰাজনয়। মোৰ বচনক বেট! কাণে লুগুনয় ॥৪ অগ্ন্যাপি আছয় শিশুকাল হুমৰণ। যৈসানি কোলাত মোৰ আছয় বারণ ॥৪৩ দুই মুখে তন পান কৰৈ অভিলাষ। আৰ আঠ গোটা মুখে মোক চারা হাসে ৪৪ নৈকেৰ্মীৰ বাণী বিভীষণে শুনিলন্ত । মাৱক প্রশানি শীঘ্র বেগে চলিলন্ত ৪৫
ল্প-ণে বারণ হিত উপদেশ দিে
ৰাৱণ বসিয়। আছে পাত্র সমন্বিতে। বিষ্ণুত ভকত গৈয়া মিলিল তহিতে ॥১ গহীন গম্ভীৰ ধীৰ বীৰ বিভীষণ। বানত ভকত আতিশয় শুদ্ধষন ॥২ ৰাজনয় সমুচিত ধৰ্ম্মক জানন্ত। ৰাণক সম্বুধিয়া বাক্য বুলিলন্ত ॥৩ লঙ্ক। পুৰি হনুমন্ত গৈল যেন মতে। আপুনিয়ো দেখিলাহা পাত্র সমন্বিতে 18 কাহাৰ শত্ৰুতি আছে এক ভেৱ কৰি । শতেক সহস্র পথ সাগৰৰ ভৰি ১৫ নিসংশয় মনে আসি পশিল নগৰ। সর্ববদেশ চাহিল ফুৰিল ঘৰে ঘৰ ॥৬
| pdf |
31625dba3ee5c48d36bb501a030f5114ae3853a9 | কালি ঘোষণা হ'লে উত্তৰ-পূবৰ তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল। ঘোষিত ফলাফল অনুসৰি ত্ৰিপুৰাত বিজেপিয়ে নিৰকুংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে নাগালেণ্ডত মিত্রজোঁটৰ চৰকাৰ গঠনৰ পথ মুকলি হয়।
আনহাতে মেঘালয়ত নিৰ্বাচনৰ পূৰ্বে এন পি পিৰ সৈতে মিত্ৰতা ভংগ কৰিলেও কালি ফলাফলৰ পিছত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে সাজু হৈছে বিজেপি। তিনি ৰাজ্যৰ ফলাফলত লৈ বিজেপিৰ আত্মসন্তুষ্টিৰ মাজতে অসম জাতীয় পৰিষদে সমালোচনা কৰিছে ৰাষ্ট্ৰীয় দলটোক।
অসম জাতীয় পৰিষদৰ মতে, উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ আঞ্চলিক দলৰ বিজয়ৰ কৃতিত্ব লৈছে বিজেপিয়ে। বিজেপিয়ে নিজ দলৰ জয়ৰ ভুৱা অপপ্ৰচাৰ চলাইছে বুলি দাবী কৰিছে জাতীয় পৰিষদে।
এজেপিৰ অভিযোগ- ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড ৰাজ্যত নতুন চৰকাৰ সফলতাৰে গঠন কৰা বুলি বিজেপিয়ে কৰা দাবী সম্পূৰ্ণ সঠিক নহয়।
জাতীয় পৰিষদে কয় যে নাগালেণ্ডত বিজেপিয়ে ২০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও মাত্ৰ ১২ খন আসনতহে জয়লাভ কৰিছিল। আনহাতে ৰাজ্যখনৰ আঞ্চলিক ৰাজনৈতিক দল এন ডি পি পি- এ ২৫ খন আসন লাভ কৰিছে।
প্ৰকৃততে এন ডি পি পি- এ ২৫খন আসনত জয়েৰে মিত্ৰজোঁটক সংখ্যাগৰিষ্ঠতাৰ সংখ্যা দিবলৈ সক্ষম হৈছে বুলি দাবী কৰে এজেপিয়ে। গতিকে এন ডি পি পিৰহে ৰাজ্যত প্ৰকৃত প্ৰভাৱ আছে আৰু বিজেপিৰ কোনো প্ৰভাৱ নাই বুলি এজেপিয়ে লগতে দাবী কৰে।
আনহাতে মেঘালয়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে কনৰাড চাংমা নেতৃত্বাধীন চৰকাৰখনৰ ওপৰত দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি অকলে যুঁজ দিয়াৰ সিদ্ধান্ত লয় আৰু মাত্ৰ ২ খন আসন জয় কৰিবলৈ সক্ষম হ'ল বুলি আঙুলিয়াই দিয়ে এজেপিয়ে। | web |
949c508e97c7f39d0f3ae531ec146201a40fada9 | মায়ানগৰীৰ অন্যতম চৰ্চিত যুটি বিচ্ছেদৰ পথত নেকি ? অভিনেত্ৰী নেহা কক্কৰৰ (Neha Kakkar) জন্মদিনৰ ছবিৰ বাবে জল্পনা-কল্পনাৰে ভৰি পৰিল নেট জগতখন। ৬ জুনৰ দিনৰ ১২ বজাৰ পৰা অভিনেত্ৰীগৰাকীৰ ঘৰত আৰম্ভ হৈছিল উদযাপন। নেহাৰ বয়স ৩৫ বছৰ। মাজনিশাৰ পাৰ্টিত ক্ৰিকেটাৰ যজবেন্দ্ৰ চহল আৰু তেওঁৰ পত্নী ধনশ্ৰী চহলকো দেখা গৈছিল। সকলোৱে উল্লাস কৰিছিল।
যদিও আত্মীয়ৰ ভিৰৰ মাজত সকলোৱে এখন মুখ বিচাৰি আছিল, তথাপিও কোনো এখন ছবিতে তেওঁক দেখা পোৱা নগʼল। কʼলৈ গʼল নেহাৰ স্বামী ৰোহণপ্ৰীত সিং(Rohanpreet Singh)? তেওঁৰ অনুপস্থিতিয়ে অনুৰাগীসকলক চিন্তা কৰিবলৈ বাধ্য কৰাইছে। এই মনোভাৱ স্পষ্ট নেকি? নেহা-ৰোহণ আৰু একেলগে নাথাকিব নেকি?
নেহাই ছচিয়েল মিডিয়াত জন্মদিনৰ ছবি শ্বেয়াৰ কৰিছে। মাজনিশা কেক কাটি কেক খুৱাই দিয়াৰ ছবিও আছে। সুন্দৰকৈ সজাই তোলা কোঠাবোৰত উপহাৰ। হৃদয়স্পৰ্শী পোষ্ট, নেহাৰ সৈতে উপস্থিত সকলোকে ধন্যবাদ। কিন্তু ৰোহণৰ প্ৰতিক্ৰিয়া এখনো ছবিতে দেখা নগʼল। পত্নীক কোনো শুভেচ্ছা পোষ্ট কৰা নাছিল। তাৰ পৰাই সকলোৱে দুয়ে দুয়ে চাৰি কৰিব বিচাৰে।
নেহা আৰু ৰোহণৰ লগ হৈছিল চণ্ডীগড়ত। প্ৰথম দৃষ্টিত প্ৰেম। নেহাতকৈ ৮ বছৰ সৰু ৰোহণ পেছাত এগৰাকী গায়ক। ২০২০ চনৰ অক্টোবৰ মাহত দুয়োৰে বিবাহ হয়। বিয়াৰ পিছত নেহাও ৰোহণৰ সৈতে গীতৰ ভিডিঅ' বনাই কটুক্তিৰ বলি হৈছিল। গীতটিৰ নাম 'খায়াল ৰখা কৰ'। সেই গীতটোৰ প্ৰচাৰৰ সময়ত নেহাৰ গৰ্ভধাৰণৰ আভাস পোৱা গৈছিল।
বিয়াৰ দুমাহৰ ভিতৰত কেনেকৈ সন্তান গৰ্ভধাৰণ কৰিলে নেহাক প্ৰশ্ন কৰি কাঠগৰাত উঠোৱা হয়।
নেহাই কয় যে বৰ্তমান সন্তান জন্ম দিয়াৰ কোনো পৰিকল্পনা নাই। দুয়োজনে ইজনে সিজনৰ সংগ উপভোগ কৰিব বিচাৰিছিল। কিন্তু নীৰৱে ভাঙোনৰ আৰম্ভ হৈছে নেকি সেই সন্দৰ্ভতো প্ৰবল চৰ্চা চলি আছে।
Like this: | web |
c003a2153c56f4e11a95dff3c66c4e721835299d | ডিব্ৰুগড় বিশ্ববিদ্যালয়, জে বি কলেজৰ পিছত এইবাৰ মহানগৰীৰ এখন শিক্ষা প্ৰতিষ্ঠানত ৰেগিঙৰ ঘটনা পোহৰলৈ আহিছে। ৰেগিঙৰ নামত নৱাগত ছাত্ৰক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগত দুজনক আটক কৰা হৈছে।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি, গুৱাহাটী মহানগৰীৰ চানমাৰিস্থিতি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত সংঘটিত হৈছে এই ঘটনা। ৰেগিঙৰ নামত নৱাগত ছাত্ৰক উলংগ কৰি নিৰ্যাতন চলোৱা অভিযোগ একাংশ জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে। ইমানেই নহয়, নৱাগত ছাত্ৰৰ ডিঙিৰ পৰা সোণৰ চেইনো কাঢ়ি নিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
ৰেগিঙৰ নামত বিশাল কাশ্যপ শালৈ নামৰ এজন ছাত্ৰক একাংশ জ্যেষ্ঠ ছাত্ৰই অশ্লীল গালি-গালাজ কৰাৰ লগতে মাৰপিটো কৰিছিল। ৫০০ টকা দিব নোৱাৰা বাবে ছাত্ৰজনক অকথ্য নিৰ্যাতন চলায় একাংশ জ্যেষ্ঠ ছাত্ৰই। আনকি নৱাগত ছাত্ৰজনৰ স্কুটীখনৰো ক্ষতিসাধন কৰাৰ অভিযোগ উঠিছে।
ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰজনে চানমাৰি থানাত এজাহাৰ দাখিল কৰাৰ পিছত সোধা-পোছাৰ বাবে দুজন ছাত্ৰক আটক কৰে আৰক্ষীয়ে। ৰাজধানী চহৰতে এনেধৰণৰ ৰেগিঙৰ ঘটনাই এতিয়া সকলোকে স্তম্ভিত কৰি তুলিছে। এই ঘটনাৰ বিৰুদ্ধে শিক্ষা প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।
- First Published : | web |
7894dd1e3ecfbfffd79cdfa5f4bd1f7cd0e10539 | গুৱাহাটী : ভূপেন হাজৰিকাৰ জীৱনৰ বহু দিশ উদঙাই কল্পনা লাজমীয়ে লিখা 'ভূপেন হাজৰিকা এজ আই নিউ হিম' শীৰ্ষক গ্ৰন্থখনত আছে বহু বিতৰ্কিত কথা। সুধাকণ্ঠৰ জীৱনৰ ভিতৰৰ পৃষ্ঠা খুলি দিছে তেওঁৰেই ঘনিষ্ঠ লাজমীয়ে। ২২৭ পৃষ্ঠাৰ এই গ্ৰন্থখনত ভূপেন হাজৰিকাৰ ব্যক্তিগত জীৱনৰ বহু কাহিনী সন্নিবিষ্ট কৰা হৈছে। ড০ হাজৰিকাক কল্পনা লাজমীয়ে লগ পোৱাৰে পৰা আৰম্ভ কৰি শেষৰ সময়খিনি লৈকে তেওঁলোকৰ মাজৰ প্ৰতিটো ঘটনা ধৰি ৰাখিছে।
প্ৰিয়ম হাজৰিকাৰ সৈতে ভূপেন হাজৰিকাৰ বিচ্ছেদ হোৱাৰ পাছত পুনৰ ভূপেন হাজৰিকাৰ সৈতে সম্পৰ্ক গঢ়িব খুজিছিল প্ৰিয়মে। ঘূৰি আহিব খুজিছিল সুধাকণ্ঠৰ কাষলৈ। এই কথা কল্পনা লাজমীয়ে গ্ৰন্থখনত উল্লেখ কৰিছে। অৱশ্যে ভূপেন হাজৰিকাই সন্মতি দিয়া নাছিল এনে প্ৰস্তাৱত। কল্পনা লাজমীয়ে ভূপেন হাজৰিকাৰ সৈতে থকা ঘনিষ্ঠতাৰ কথা মুকলিকৈ লেখিছে এই গ্ৰন্থখনত। তাজ হোটেলত এবাৰ ভূপেন হাজৰিকাক লগ কৰিবলৈ গৈ তেওঁৰ সৈতে কটাইছিল এটা ৰাতি। তেতিয়া লাজমীৰ বয়স আছিল তেনেই কম। সেই নিশাটো কটোৱা ১৫দিন মানৰ পাছত লাজমীয়ে গ্ৰন্থখনত উল্লেখ কৰা মতে সন্তান সম্ভৱা হৈছিল তেওঁ।
এইবোৰ অতি ব্যক্তিগত কাহিনীৰ লগতে সুধাকণ্ঠৰ জীৱনলৈ অহা বহু নাৰীৰ সন্ধান দিছে লাজমীয়ে। যিবোৰ ইমান দিনে মানুহৰ মুখে মুখে চৰ্চিত হৈছিল। তাৰ ভিতৰত গ্ৰন্থখনত উল্লেখ আছে এগৰাকী বিশেষ নাৰীৰ নাম। স্পষ্টকৈ বন্দনা বৰুৱা নামৰ মহিলাগৰাকীৰ কথা লিখিছে লাজমীয়ে। অৱশ্যে এই গ্ৰন্থখনত লতা মংগেছকাৰৰ সৈতে ভূপেন হাজৰিকাৰ সম্পৰ্ক থকাৰ কথা প্ৰিয়ম হাজৰিকাই উল্লেখ কৰিছিল।
এই সন্দৰ্ভত নিমাতে ৰৈছে কল্পনা। ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ প্ৰায়ে কাজিয়া হৈছিল। ভূপেন হাজৰিকাক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথা উল্লেখ কৰিছে কল্পনাই। অৱশ্যে অসমৰ সৈতে থকা তেওঁৰ সম্পৰ্ক ভূপেন হাজৰিকাই এৰি দিব বিচৰা নাছিল। হেমেন বৰুৱাৰ জৰিয়তে কল্পনা লাজমীক ভূপেন হাজৰিকাই প্ৰথম লগ পাইছলি। সেই দিনবোৰৰ কথা এটা অধ্যায়ত বিশদভাৱে লিখিছে কল্পনাই। মৃত্যুৰ মুহূৰ্তলৈকে ভূপেন হাজৰিকাক ঘনিষ্ঠভাৱে পোৱা কল্পনা লাজমীয়ে ভূপেন হাজৰিকাৰ উদাসীনতাক লৈ সদায়ে অসন্তুষ্ট আছিল।
হাজৰিকাৰ পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পত্তি কেন্দ্ৰিক বাক-বিতণ্ডাকো উদঙাই দিছে গ্ৰন্থখনত। ভূপেন হাজৰিকাই কল্পনা লাজমীক কৈছিল- ভূপেন আৰু হেমেন টুইন ব্ৰাডাৰ্ছ। এজন কেপিটেলিষ্ট আৰু আন জন ছ'চিয়েলিষ্ট। প্ৰথমে কল্পনা লাজমীক মা বুলি সম্বোধন কৰিছিল ভূপেন হাজৰিকাই। দুয়োৰে মাজত এই সময়চোৱাৰ লগতে ভূপেন হাজৰিকাৰ বহু নতুন দিশ গ্ৰন্থখনত উনুকিয়াই দিছে যদিও, বৌদ্ধিকভাৱে ভূপেন হাজৰিকাৰ চিন্তা-ধাৰা বিচাৰ কৰাত যেন সফল হ'ব পৰা নাই কল্পনা লাজমী।
মুম্বাইত প্ৰতিষ্ঠিত অসমৰ এজন নামজলা পৰিচালকৰ সৈতেও ভূপেন হাজৰিকাৰ হৈছিল সংঘাত। সেই পৰিচালকজনক ভূপেন হাজৰিকাই যথেষ্ট গালি পাৰিছিল এদিন। 'মোক গান শিকাব আহিছে নেকি' বুলি প্ৰশ্ন কৰিছিল সেই পৰিচালকজনক। জীৱনৰ অতি ব্যক্তি কেন্দ্ৰিক এই অভিজ্ঞতাবোৰ গ্ৰন্থখনৰ পাতে পাতে উল্লেখ কৰিছে কল্পনা লাজমীয়ে। ভূপেন হাজৰিকাক মুম্বাইত প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁৰ অৱদান কিমান আছিল সেই কথা যুক্তি সহকাৰে প্ৰতীয়মান কৰিবলৈ কল্পনা লাজমীয়ে গ্ৰন্থখনত চেষ্টা কৰিছে।
ভূপেন হাজৰিকাই আক্ষেপ কৰিছিল, কল্পনা লাজমীয়ে ভূপেন হাজৰিকাৰ জীৱন ধ্বংস কৰিলে। ইয়াৰ বিপৰীতে কল্পনা লাজমীৰ দাবী- বিশ্ব দৰবাৰত ভূপেন হাজৰিকাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান আছে। ভূপেন হাজৰিকা আছিল গণশিল্পী। মানুহৰ মাজত থাকি ভাল পাইছিল তেওঁ। কিন্তু কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক এক ব্যৱসায়িক দৃষ্টিৰে আগুৱাই নিব বিচাৰিছিল।
হেমেন বৰুৱাই কল্পনা লাজমীক প্ৰেম নিবেদন কৰিছিল। উপহাৰ দিছিল হীৰা। এই কথা মুকলিকৈ লিখিছে গ্ৰন্থখনত। হেমেন বৰুৱা সন্দৰ্ভত এটা অধ্যায় লিখিছে কল্পনা লাজমীয়ে। মাজুলীলৈ যাওঁতে মানুহে ভূপেন হাজৰিকাক ভগৱান বুলি সেৱা কৰিছিল। এই কথা সন্তুষ্ট হোৱা নাছিল কল্পনা। ভূপেন হাজৰিকাক কৈছিল- 'তই মানুহ, মানুহ হৈয়ে থাক। তই দেৱতা হ'ব নালাগে। ' ইয়াক লৈ দুয়োৰে মাজত কাজিয়া হৈছিল।
ভূপেন হাজৰিকাক ভণ্ড আখ্যা দিছিল কল্পনাই। ভূপেন হাজৰিকাই কল্পনাক কৈছিল- 'মানুহে যদি এনেকৈ ভাবে, তেন্তে মই কি কৰিম। ' অসমৰ সংবাদমাধ্যমৰ সন্দৰ্ভতো আছে কিছু কথা। কল্পনা লাজমীৰ আজিও ক্ষোভ আছে অসমৰ সংবাদমাধ্যমৰ ওপৰত। দমন চিনেমাৰ মুক্তিৰ পূৰ্বে দিয়া এক সংবাদমেলত সেই সংঘাত হৈছিল। অসমৰ সংবাদমাধ্যমে তেওঁক কেতিয়া স্বীকৃতি নিদিয়াৰ কথা উল্লেখ কৰিছিল।
ইফালে, ষ্টাৰ চিমেণ্টৰ শেহতীয়া বিজ্ঞাপনৰ শ্বুটিঙৰ বাবে ভূপেন হাজৰিকাক সাঙীত উঠাই নিয়াক লৈ সংবাদমাধ্যমে তেওঁ কোন বুলি প্ৰশ্ন কৰিছিল। কল্পনা লাজমীয়ে নিজকে তেতিয়া ভূপেন হাজৰিকাৰ পত্নী বুলি পৰিচয় দিয়াৰ কথা উল্লেখ কৰিছে। গ্ৰন্থখনৰ কেবা ঠাইত কল্পনা লাজমীয়ে নিজকে ভূপেন হাজৰিকাৰ পত্নী বুলি দাবী কৰিছে। অৱশ্যে কেতিয়াও ভূপেন হাজৰিকাই পত্নীৰ মৰ্যাদা দিয়া নাছিল কল্পনাক। তাৰ বাবে ভূপেন হাজৰিকাক কাপুৰুষ বুলিছিল কল্পনা লাজমীয়ে।
ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক মূল্যায়ন কৰিবলৈ চেষ্টা কৰিছে কল্পনাই। এই দিশত কিছু পৰ্যায়লৈ সফলতা দাবী কৰিব পাৰে কল্পনাই। কিন্তু গ্ৰন্থখনত যিধৰণে তেওঁলোকৰ ব্যক্তিগত কথাবোৰ উদঙাই ভূপেন হাজৰিকাক মানুহৰ মাজত নি ধৰিছে, সেই কথাবোৰে ভূপেন হাজৰিকাৰ ভাবমূৰ্তি সাধাৰণ লোকৰ মাজত বিনষ্ট কৰাৰো সম্ভাৱনাই অধিক। | web |
3a5bc289a1ea7b69407d4605cd66a0e1d1f1afe3 | বহুকেইটা ৰাষ্ট্ৰীয় সংগঠনৰ মূৰব্বীৰ পদ অলংকৃত কৰা ড° দিব্যজ্যোতি শইকীয়া হ'ল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা এই বঁটা প্ৰাপ্ত একমাত্ৰ ব্যক্তি।
ড° শইকীয়াই সুদীৰ্ঘদিনৰে পৰা শান্তি, মানৱতা, মানৱ অধিকাৰ আৰু সামাজিক কাৰ্যৰে ৰাষ্ট্ৰ তথা মানৱ সমাজলৈ আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে ইতিমধ্যে প্ৰায় সত্তৰ তাতকৈও অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আৰু দহৰো অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব সংবিধান সংসদ সংস্থাৰ পৰা শ্রেষ্ঠ সমাজ সেৱাৰ বঁটা, মৌলানা আজাদ ৰাষ্ট্ৰীয় বঁটা, বাবু জগজীৱনৰাম ৰাষ্ট্ৰীয় বঁটা, ডঃ ভূপেন হাজৰিকা শান্তি বঁটা, চাকচেছ ইণ্ডিয়া এছিভাৰছ আইকন এৱাৰ্ড, ইন্টাৰনেশ্যনেল গান্ধী পিছ এৱাৰ্ড আদি উল্লেখযোগ্য। | web |
17961593ab395e0f7566ea65c6718a70f70225f2 | ষ্টাফ ৰিপ'ৰ্টাৰঃ
দেশজুৰি অব্যাহত আছে ক'ৰোণাতংক। হাজাৰ হাজাৰ লোক এদিনতে ক'ৰোণাত আক্ৰান্ত হৈছে। কিন্তু এনেতে তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিভিন্ন গ্ৰামাঞ্চলত একাংশ অসাধু লোকে দেশী-বিদেশী সুৰাৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগ উঠিছে।
এই অভিযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়ে আজি বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ দাসৰ নেতৃত্বত থকা আৰক্ষীৰ এটা দলে ইকৰাণিৰ নাওপেটাত এটা বৃহৎ চুলাইৰ ভাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, বিগত দুটা বছৰত এনে চুলাই কাণ্ডত বৰহোলাৰ শতাধিক লোকৰ মৃত্যু হৈছিল কিন্তু এই কথালৈ কোনো ধৰণৰ গুৰুত্ব নিদি পুনৰ বাৰ গ্ৰামাঞ্চলৰ লোকে চুলাইৰ অবৈধ ভাটি গঢ়ি তোলে। বৰহোলা আৰক্ষী থানাত শেষতীয়াকৈ যোগাদান কৰা অ' চি ৰাজীৱ দাসৰ নেতৃত্বত নেওপেটাত এনেদৰে অবৈধ সুৰাৰ বিৰুদ্ধে চলা অভিযানত বৰহোলাৰ সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰি সুৰা বিৰোধী এই অভিযান অধিক তীব্ৰতৰ কৰি তুলিবলৈ আহ্বান জনাইছে।
ইফালে বেকাজান আৰক্ষী চকীৰ অন্তৰ্গত ভেল'গুৰি মিছিং গাঁও, ছয়ত্ৰিছ ঘৰীয়া গাঁৱকে ধৰি আৰক্ষী চকীৰ আশে-পাশে থকা কেইবাটাও স্থানত দীৰ্ঘদিনে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ ৰাজহুৱা অভিযোগ উঠিছে।
লকডাউনৰ সময়তো ভেল'গুৰি মিছিং গাঁৱত বাহিৰৰ পৰা আহি নিচাত ডুব যোৱা একাংশ অধঃপতিত যুৱকে তীব্ৰ বেগত বাইক চলাই একপ্ৰকাৰ সন্ত্ৰাস চলোৱাৰো স্থানীয় ৰাইজে অভিযোগ কৰিছে। এইক্ষেত্ৰত বেকাজান আৰক্ষীয়ে আজিকোপতি কোনো ব্যৱস্থা নোলোৱাত অঞ্চলটোৰ সচেতন ৰাইজ সন্দিহান হৈ পৰিছে। | web |
4d181d495497c6759e47488a404aba2b65299007 | Satya Pal Malik said MSP not being implemented দিল্লীত কৃষক সংগঠনৰ সমাৱেশক লৈ নৰেন্দ্ৰ মোডী চৰকাৰ নতুনকৈ চাপত থকাৰ সময়তে উদ্যোগপতি গৌতম আদানিক সাঙুৰি প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি লৈছে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে। তেওঁ অভিযোগ কৰে যে মোডী চৰকাৰে আদানিক বিবেচনা কৰি শস্যৰ বাবে নিম্নতম উমৈহতীয়া মূল্য বা এমএছপিৰ আইনী নিশ্চয়তা দিয়াৰ কথা চিন্তা কৰা নাই।
ৰাজ্যপালগৰাকীয়ে ক্ষোভ প্ৰকাৰ কৰি কয় যে এপিনে আদানি আটাইতকৈ ধনী ব্যক্তি হৈ পৰিছে আৰু কৃষকসকলে এমএছপিৰ বাবে যুঁজ দিব লগীয়া হৈছে।
বিভিন্ন কৃষক সংগঠনে সোমবাৰে দিল্লীৰ যন্তৰ মন্তৰত সকলো ধৰণৰ শস্যৰ বাবে এমএছপিৰ গেৰাণ্টি আৰু ঋণ ৰেহাইৰ দাবীত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। ইয়াৰ পূৰ্বে মোডী চৰকাৰে দিল্লীৰ সীমান্তত প্ৰায় এবছৰ ধৰি চলা প্ৰতিবাদৰ পিছত তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিছিল।
কিন্তু আঠ মাহৰ পিছত কৃষক সংগঠনবোৰে পুনৰ চৰকাৰৰ ওচৰত তেওঁলোকৰ এমএছপিৰ পুৰণি দাবীলৈ ঘূৰি আহিছে। অৱশ্যে যন্তৰ মন্তৰত হাজাৰ হাজাৰ কৃষক সমবেত হোৱাৰ পিছতো ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ) নেতা জগজিৎ সিং ধালিৱালে দাবী কৰে যে দিল্লীৰ সীমান্তত আৰক্ষীয়ে বহু কৃষকক বাধা দিছে। তেওঁলোকৰ গাড়ীবোৰ কৰ্ণাল বাইপাছত ৰখাই দিয়া হৈছে। | web |
cc3c35b8850927dd40190dfd9d90c9407b08939acf5ad395b1505c2df8a73b1f | মহাপুৰুষ শ্রীমৎস্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱৰ মহাপ্রয়াণত
তেৰাই। কঠোৰ সাধনাৰ দ্বাৰ। গঢ়া তেৰাৰ জীৱনৰ আদৰ্শই সেই মনোভাব পুৰণত পূর্ণ সহায়ক হোৱাত কৃতকাৰ্য্যও হ'ব পাৰিছিল যথেষ্ট। স্বামীজীৰ লেখীয়। একাধাৰে ধৰ্ম্ম-সংস্কৃতিৰ, প্ৰচাৰক, সমাজ সংস্কাৰক, ৰাজনৈতিক, দূৰদৰ্শী, জ্ঞানৰ সাগৰ, সাহিত্যিক, লেখক, বক্তা, সিদ্ধসাধক, অগাধ পাণ্ডিত্য পৰায়ণ, সৰ্ব্বত্যাগী, সৰ্ব্বগুণৰ অধিকাৰী, তদুপৰি অলৌকিক অসাধাৰণ আধ্যাত্মিক বলত বলীয়ান, দার্শনিক বাকসিদ্ধ পুৰুষ আজিৰ জগতত বিৰল।
তেৰাৰ ত্যাগৰ মহিমা অশেষ। অবিভক্ত নগাঁও জিলাৰ জনজাতীয লোকৰ মাজতেই তেৰাই প্ৰথমতে শুদ্ধি কাৰ্য্য আৰম্ভ কৰে। মৰিগাঁও, মাণিকপুৰ প্ৰভৃতিত স্থাপিত গোৱিন্দ ভৱন গীতা সত্ৰৰ বহু লাখ টকাৰ সম্পত্তি ৰাইজক অৰ্পণ কৰি গৈছে ভেৰাই। তপৰি হোজাইত থকা কৌটি টকাৰ সম্পত্তি একশৰণ নামধৰ্ম্ম প্ৰচাৰৰ উদ্দেশ্যে বিশ্ব হিন্দু পৰিষদক তেৰাই দান কৰি গৈছে। তাত এতিয়া বিৰাট নামঘৰ স্থাপিত হৈছে। ইপিনে নিজে হ'ল পূর্ণ ব্রহ্মচাৰী, নিজৰ বুলিবৰ একো ঘৰ-সংসাৰ নাই। নিজে পাহাৰ, ভৈয়াম, অতি ভিতৰুৱা গাঁও, নগৰ-চহৰত দেশে-বিদেশে পদব্রজে ঘূৰি ঘূৰি য'তে ৰাতি ত'তে কাটি লৈ থাকি গীতা-ভাগৱতৰ অমৃত্ময় ভাষণৰ দ্বাৰা সকলো হৃদয় জয় কৰি ঈশ্বৰমুখী কৰা আৰু মানৱতা অৰ্জনৰ দ্বাৰা জাতি গঠনত অৰিহণা যোগোৱাই আছিল তেৰাৰ জীৱনৰ ব্রত। কামনা লেশ মাত্রও নাছিল। একমাত্র কামনা আছিল নিজক মানৱ সেৱাত বিলীন কৰি দিয়া। ইমান অভাৱনীয় আৰু অতুলনীয় ত্যাগ স্বীকাৰ আজিৰ জগতত কাৰ আছে বাৰু? তেৰাই মানৱ জাতিৰ সংস্কাৰৰ কাৰণেই সৰ্ব্বত্যাগী হৈ দুৰ্লভ মনুষ্য জন্ম লৈ জীৱন সার্থক কৰি অৱতাৰী মহাপুৰুষ ৰূপে জগতত অমৰ কীৰ্ত্তি ৰাখি গ'ল । তেৰা আছিল নিৰ্গুণ তথা সৰ, ৰজ, তমগুণৰ অতীত এই কথাৰ সত্যতা তেৰাৰ জীৱনাদৰ্শতে বিদ্যমান। সেয়েহে ভক্তৰ মানত তেৰা সাক্ষাৎ ঈশ্বৰ ।
একশৰণ নামধৰ্ম্ম আৰু কৃষ্ণানন্দ ব্রহ্মচাৰী
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা জগৎ উদ্ধাৰৰ কাৰণে প্ৰৱৰ্তিত একশৰণ নামধৰ্ম্মক প্রকৃত আদৰ্শেৰে ৰূপায়িত কৰি তুলিছে তেৰাই । হিংসা, কামনা-বাসনাৰে ধূমায়িত বিশ্বত তেৰাৰ উজ্জ্বল দৃষ্টান্তই সৌৰভিত কৰি, এক মানৱ ধৰ্ম্ম একশৰণ নামধৰ্ম্মৰ প্ৰভাৱ সমগ্ৰ বিশ্বব্যাপি প্ৰসাৰ লাভ কৰিলেহে পৰমাৰাধ্য গুরুদেৱৰ আত্মাই পৰম শান্তি লভিব আৰু বিশ্বতে। শান্তিৰ নিজৰ। বব। তেৰাৰ চৈতন্যময় আত্মাৰ লগত জড়িত মানৱ মাত্ৰৰেই এয়া মহৎ কাৰ্য্য সাধনত ব্ৰতী হৈ আগবঢ়াহে মানৱোচিত কৰ্ত্তব্য হ'ব ।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শই তেৰাৰ আদৰ্শ আছিল । শ্রীমদ্ভাগৱৎ গীতাৰ সাধন। জীৱন প্ৰৱাহত সম্পুর্ণ আচৰণ কৰি তেৰা জীৱন্ত গীতাত পৰিণত হৈছিল। মহাপুৰুষৰ ধৰ্ম্মৰ কেন্দ্ৰ স্থান বৰপেটা সত্ৰত উদ্যাপিত হোৱা পঞ্চশত বার্ষিকীৰ কাৰ্য্যকৰী সভাৰ সভাপতি আৰু দ্বিতীয় দিন। বহা ৰাজহুৱা সভাৰ সভাপতি আছিল তেৰা। সেই সময়তে তেৰাৰ অসামান্য ধর্মীয় প্রতিভাৰ গম পাই বৰপেটা সত্ৰৰ মূল সভাৰ ভকতসকলে তেৰাক আথে-বেথে মাতি আনি সত্ৰৰ চাংঘৰত বহি মালা-নিৰ্ম্মালি দি লিখিতভাৱে অসমৰ বাহিৰত নানা দেশত একশৰণ নামধৰ্ম্ম প্ৰচাৰাৰ্থে অনুমতি দিছিল মানৱ জাতিৰ কল্যাণার্থে। তেতিয়াৰপৰাহে একশৰণ নামধৰ্ম্ম বিশ্বমুখী হ'ল। তেতিয়াহে অসমবাসী ৰাইজে স্বৰূপ বুদ্ধি পাই সকলোৱে স্বামীজীৰ প্ৰতি আকৰ্ষিত হৈ পৰিল। এতিয়াও অসমতকৈ অসমৰ বাহিৰত বঙালী, বিহাৰী, মাৰোৱাৰী, পঞ্জাবী, উত্তৰ প্ৰদেশ, ৰাজপুত আদিত তেৰাৰ শিষ্য অধিক। সকলো মিলি অনুমান আঠ লাখৰে। অধিক হ'ব। তেৰাৰ বহুমুখী প্রতিভাই আছিল এই সফলতাৰ মূল কথা। সৰ্ববগুণী নহ'লে কাৰো নানা জাতি, নানা গোষ্ঠীৰ মানুহক আকৰ্ষণ কৰিবৰ সাধ্য নাই । স্বামীজীয়ে তাৰ জ্বলন্ত পটন্তৰ।
সেইজন মহাপুৰুষ শ্রীমৎস্বামী কৃষ্ণানন্দ ব্রহ্মচাৰী যোৱ। ৯ চ'ত
মহাপুৰুষ শ্রীমৎস্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱৰ মহাপ্রয়াণত (> ইং ২৪।৩।৯১ তাৰিখে মহাপ্রয়াণ কৰিলে, ৯৫ বছৰ বয়সত। তেৰাৰ শ্রাদ্ধৰ দিন ৩।৪৯১ ইং তাৰিখে। উদীত সূর্য অস্তমিত হ'ল। ভাৰতৰ এটি উজ্জ্বল নক্ষত্র খহি পৰিল। সকলো বিসম্বাদী ভাব আজি তেৰাৰ আদৰ্শৰ প্ৰসাৰণ হ'লেহে হিংসা আঁতৰি সকলো জাতি ধৰ্ম্মৰ মিলনৰ দ্বাৰা বিচ্ছিন্নতাবাদী অসমত শান্তিৰ জুৰু বতাহ বলিব ।
'একশৰণ নামধৰ্ম' আৰু শ্রীমৎস্বামী কৃষ্ণানন্দ ব্রহ্মচাৰী
ড° অমল ভৌমিক
ভাৰতীয় ধর্ম বুলিলে হিন্দু ধর্মকেই বুজায়। 'হিন্দু' নামৰ উৎপত্তি বিষয়ে বিভিন্ন মত আছে। বহুতেই ভাবে 'সিন্ধু'ৰপৰা 'হিন্দ,' 'হিন্দু' আৰু হিন্দুস্তানে প্রভৃতি শব্দবোৰৰ উৎপত্তি হৈছিল ! এই দৃষ্টিভঙ্গিৰপৰ। সিদ্ধান্ত কৰা যায়, হিন্দুস্তানৰ অধিবাসীসকলে যি ধর্মমতত বিশ্বাস কৰে তাকেই 'হিন্দু ধর্ম' বোলে। অন্যান্য ধৰ্মৰ উৎপত্তিৰ দৰে হিন্দু ধর্ম কোনো বিশেষ এজন ধৰ্ম প্ৰচাৰকৰ দ্বাৰা বিশেষ সময়ত প্ৰৱৰ্ত্তিত হোৱা নাই । বিভিন্ন বিপৰীতমুখী মতবাদৰ দ্বাৰ। এই ধৰ্মৰ পৰিপুষ্টি সাধিত হৈছে যুগ যুগান্ত ধৰি । ইয়াত ঈশ্বৰ বিশ্বাসী আছে, নিৰীশ্বৰ বাদীও আছে, আত্মবাদী আছে, অনাত্মবাদী ( চাৰ্ব্বাক প্রভৃতি বস্তুবাদী) সকলো আছে। প্রকৃতাৰ্থত হিন্দু ধর্ম কোনো বিশেষ ধর্ম নহয়, ই এটা এনেকুৱা দৰ্শন বা জীৱনযাত্ৰ। প্ৰণালী যিটে। প্ৰাক্বৈদিক যুগৰপৰা জাবিড় আৰু আর্যভাৰধাৰাৰে পুষ্ট হৈ সমন্বয়ৰ প্ৰক্ৰিয়াৰ মাজেদি লাহে লাহে অভিব্যক্ত হৈছিল। এই দর্শনে হ'ল হিন্দুধৰ্মৰ মূল ভিত্তি। হিন্দু ধৰ্মৰ ভিত্তি স্বৰূপ মূল দৰ্শনৰ বিষয়ে সকলোৱেই একমত । মতভেদ মাথোঁ আলোচ্য এই দৰ্শনৰ বিভিন্ন ব্যাখ্যালৈ । ফলস্বৰূপে বিভিন্ন প্ৰতিভাৱান দার্শনিকসকলৰ ব্যাখ্যানুযায়ী বিভিন্ন ধর্ম মতৰ সৃষ্টি হৈছে। বিভিন্ন সম্প্ৰদায়ৰ আবিৰ্ভাৱ ঘটিছে । এই ধৰ্ম সম্প্ৰদায়ৰ অন্যতম হ'ল - বৈষ্ণৱ ধৰ্ম সম্প্রদায়। মূল দৰ্শনৰ প্রতি আনুগত্য থকাত মতান্তৰ কেতিয়া ও মনাস্তৰত পৰ্যৱসিত হোৱা নাই ।
| pdf |
22844a7bd761a38c9c6c513adeca3df1f80b847a | ডিমৰীয়াত অব্যাহত থকা বন ধ্বংসযজ্ঞ সন্দৰ্ভত সৰৱ হ'ল এইবাৰ দিশপুৰৰ বিধায়ক অতুল বৰা। খঙত অগ্নিশৰ্মা হৈ বিধায়ক গৰাকীয়ে সোণাপুৰৰ বনাঞ্চলিক বিষয়াক অন কেমেৰা দাবী উত্থাপন কৰিলে অপসাৰণৰ।
দিছপুৰ সমষ্টিৰ অন্তৰ্গত সোণাপুৰ ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলত অব্যাহত থকা বন ধ্বংস যজ্ঞৰ বাবে প্ৰত্যক্ষভাৱে সোণাপুৰৰ বনাঞ্চলিক বিষয়াগৰাকীক দোষাৰোপ কৰি কয় যে ,সোণাপুৰৰ ৰেঞ্জাৰ ফিৰফিলা বসুমতাৰীৰ নেতৃত্বতে এতিয়া আৰম্ভ হৈছে পাহাৰৰ অবৈধ ৰঙামাটি খননৰ ওপৰিও বনৰীয়া পক্ষীৰ নিধন কাৰ্য্য। অঞ্চলটোত চলি থকা পক্ষী নিধন সন্দৰ্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে, ক্ষেত্ৰীৰ ঐতিহাসিক জালিশৰা বিলৰ পাৰত ডাঃ কলিতা নামৰ এজন লোকে প্ৰায় চাৰিশ বিঘা কৃষি ভূমিত ওখ পকীদেৱাল নিৰ্মান কৰি তাৰ ভিতৰত পুখুৰী খান্দি সেই পুখুৰীৰ পাৰত আৰম্ভ কৰিছে বনৰীয়া পক্ষী নিধনৰ দুষ্কাৰ্য্য । এই পক্ষীনিধনৰ বিষয়ে সোণাপুৰৰ বনাঞ্চলিক বিষয়াগৰাকীক স্থানীয় লোকে অৱগত কৰাৰ পিছত আজি উক্ত ঘটনাৰ তদন্ত কৰিবলৈ গৈ মাত্ৰ সৌজন্যতামূলক পৰিদৰ্শনেৰে ৰেঞ্জাৰ গৰাকী নিজৰ দায়িত্ব সামৰি চৌহদৰ ভিতৰতো আনকি সোমোৱাৰ সাহস নকৰি কেৱল প্ৰৱেশ পথৰ পৰাই উভতি আহে। যি কাৰ্য্যই এই অবৈধ পক্ষী নিধন কাৰ্য্যৰ লগত ৰেঞ্জাৰ গৰাকী জড়িত থকাৰ উমান পোৱা গৈছে। কেৱল এয়াই নহয় এই গৰাকী ডাঃ কলিতাই চৌহদতোৰ ভিতৰত বিগত এবছৰ ধৰি অবৈধভাৱে বালি খনন কৰি লাখ -লাখ টকা উপাৰ্জন কৰা বুলিও মন্তব্য কৰে বিধায়ক বৰাই। পেছাত এগৰাকী পশু চিকিৎসক হিচাপে পৰিচিত ডাঃ শৈলেন কলিতাই কাৰ্বি আংলঙত চৰকাৰী চাকৰি কৰি প্ৰায় চাৰিশ কোটি টকা লুণ্ঠন কৰি এই বিশাল সম্পতিৰ পাহাৰ গড়া বুলিও বিস্ফোৰক মন্তব্য কৰে বিধায়ক অতুল বৰাই। এনে এজন দূৰ্নিতিত লিপ্ত ব্যক্তিৰ লগত সোণাপুৰৰ বনাঞ্চলিক বিষয়া গৰাকীয়ে মিতিৰালি কৰি ঘটিছে লাখ লাখ টকা। এই ক্ষেত্ৰত ৰাজ্যৰ বন মন্ত্ৰী গৰাকীক শীঘ্ৰেই এক উচিত পদক্ষেপ গ্ৰহণ কৰি বনাঞ্চলিক বিষয়াগৰাকীক অপসাৰনৰ দাবী উত্থাপন কৰিছে। অন্যথা আহিবলগীয়া দিনত এইগৰাকী বনাঞ্চলিক বিষয়াই এফালৰ পৰা বনজ সম্পদ শেষ কৰি যাব বুলি তেওঁ কয়।
- First Published : | web |
dc227157b396958cb95392d6e0633e18ae539867 | মুম্বাইত চলি আছে নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠান। ইতিমধ্যে এই অনুষ্ঠানত উপস্থিত হৈছে মুকেশ আম্বানী আৰু নীতা আম্বানীৰ পৰিয়ালৰ সদস্য। কিছুসময় পূৰ্বে কন্য়া ঈশা আৰু ককাক অজয় পিৰামলও আহিছিল। মুকেশ আম্বানীয়ে তেওঁলোকক আদৰণি জনায়। এই কাৰ্যসূচীত চলচ্চিত্ৰ আৰু ৰাজনৈতিক তাৰকাসকলেও অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানত টম হলণ্ড, অভিনেত্ৰী জেণ্ডয়া আৰু স্পাইডাৰ মেন চিনেমাত অভিনয় কৰা অনুষ্কা ডাণ্ডেকাৰেও হুলস্থুল কৰিছিল।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰা অতিথিৰ তালিকাখন অতি দীঘলীয়া। এনএমএচিচিৰ মুকলি সভাত বহু তাৰকায়ে অংশগ্ৰহণ কৰে। জনপ্ৰিয় ফটোগ্ৰাফাৰ ভাইৰাল ভায়ানীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু ভিডিঅ' শ্বেয়াৰ কৰিছে। ইয়াত সেইবোৰ চাওঁ আহক।
মুকেশ আম্বানীয়ে ঈশা আম্বানী আৰু অজয় পিৰামলক আদৰণি জনাইছে।
পত্নী শ্লোকা আম্বানীৰ সৈতে উপস্থিত হয় আকাশ আম্বানী।
অনন্ত আম্বানীয়ে তেওঁৰ ভাবি পত্নী ৰাধিকা মাৰ্চেণ্টৰ সৈতে এই অনুষ্ঠানলৈ আহিছে।
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু তেওঁৰ পৰিয়ালৰ লোকেও এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে অনুষ্ঠানত উপস্থিত হয়।
ইয়াৰ পূৰ্বে এই সাংস্কৃতিক কেন্দ্ৰত নীতা আম্বানীয়ে পৰম্পৰাগত ৰামনৱমী পূজা কৰিছিল। ভাৰতীয় কলাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ মূল উদ্দেশ্য বুলিও কয় নীতা আম্বানীয়ে।
- First Published : | web |
046c792f95c3cc39d6eaae631f47a74d | ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী সুৰক্ষা কৰ্মীৰ গোচৰৰ ভিত্তিত বুধবাৰে গ্ৰেপ্তাৰ হোৱা ডিব্ৰুগড় বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰ চুডামা পাণ্ডেৰ কালি সন্ধিয়া জামিন মঞ্জুৰ হয়।
উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়খনৰ স্ত্ৰীৰোগ বিভাগৰ সুৰক্ষাৰ দায়িত্বত থকা সুৰক্ষা কৰ্মীজনক ইচ্ছাকৃতভাৱে বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰজনে শাৰিৰীক অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। আৰু এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰজন কালি সন্ধিয়া বৰবাৰি আৰক্ষী চকীৰ পৰা জামিন লাভ কৰে।
চিকিৎসালয়খনৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে মঙলবাৰে বিয়লি চুডামা পাণ্ডে নামৰ বিজেপিৰ নেতাজনে চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা কোনো আত্মীয়ৰ খবৰ ল'বলৈ যাওতে সুৰক্ষা কৰ্মীজনে তেওঁক বাধা প্ৰদান কৰে। এই কাৰ্যত ক্ষুন্ন হৈয়ে বিজেপি নেতাজনে সুৰক্ষা কৰ্মীজনৰ লগত তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয়। অভিযোগ অনুসৰি নেতাজনে সুৰক্ষা কৰ্মীজনক শাৰিৰীকভাবেও আক্ৰমণ কৰে যাৰ ফলত সুৰক্ষাৰ দায়িত্বত থকা কৰ্মীগৰাকী বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।
সুৰক্ষা কাৰ্যত নিয়োজিত হৈ থকা সুৰক্ষা কৰ্মীজনে এই ঘটনাৰ বিৰুদ্ধে বৰবাৰি আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে। আৰু এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে বুধবাৰে বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰে যদিও সন্ধিয়ালৈ জামিন লাভ কৰি মুক্তি লাভ কৰে।
ঘটনা সন্দৰ্ভত সুৰক্ষা কৰ্মীজনে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয়- 'চুডামা পাণ্ডে নামৰ ব্যক্তিজনে আত্মীয়ক লগ কৰিবলৈ যোৱা সময়ত চিকিৎসকে ৰোগী চাই আছিল। কোঠাৰ ভিতৰত চিকিৎসক থকা বাবে মই তেওঁক যাবলৈ বাধা প্ৰদান কৰিছিলো। বাধা প্ৰদান কৰাত তেওঁ মোৰ লগত অযথা বাক বিতণ্ডা কৰিবলৈ লয় আৰু অৱশেষত তেওঁ মোক শাৰিৰীকভাৱে আক্ৰমণ কৰে আৰু মই বেয়াকৈ আঘাত পাওঁ'।
কিন্তু এই ঘটনাক সম্পূৰ্ণৰূপে নসাৎ কৰি চুডামা পাণ্ডে সংবাদ মাধ্যমৰ আগত কিছু বেলেগকৈ মন্তব্য প্ৰদান কৰা দেখা যায়। তেওঁ কয় যে মোৰ এগৰাকী আত্মীয় চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা বাবে মই খবৰ ল'বলৈ গৈছিলো। চিকিৎসালয়খনৰ সুৰক্ষা কৰ্মীসকলে ৰোগীসকলৰ লগতে চিকিৎসাধীন হৈ থকা লোকসকলৰ খবৰ ল'বলৈ যোৱা আত্মীয়সকলক দুৰ্ব্যৱহাৰ কৰে বুলিহে গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখা যায়।
ইফালে এই ঘটনাক তীব্ৰ গৰিহণা দিছে সদৌ অসম চুতিয়া ছাত্ৰ সন্থাই। ৰাজ্যৰ মহিলাসকল কিমান সুৰক্ষা বুলি সংগঠনটোৱে প্ৰশ্ন তোলে বিজেপি নেতৃত্বাধীন চৰকাৰখনক।
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
| web |
70518daa6ee9da10c6a1c70f89d7176c | কংগ্ৰেছে ৬০ বছৰ শাসন চলোৱাৰ পাছত বিজেপিক ৬০ মাহৰ সময় দিবলৈ দেশবাসীক আহ্বান জনাইছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীয়ে মোদীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৬০ মাহৰ সময় দিছিল। কিন্তু কেন্দ্ৰত ৬০ মাহ সম্পূৰ্ণ হ'বলৈ নাপাওঁতেই শক্তিশালী ভেটি থকা ৰাজ্যসমূহতেই বিজেপিৰ খহনীয়া আৰম্ভ হ'ল।
আজি ঘোষিত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে সেই ছবিখনেই দাঙি ধৰিলে। তথাপিতো নিৰাশ হোৱা নাই বিজেপিৰ অসম প্ৰদেশ সমিতি। উত্তৰ-পূব কংগ্ৰেছ-শূন্য হৈছে, এতিয়া সেয়াই অসম বিজেপিৰ সন্তুষ্টিৰ উৎস।
উল্লেখযোগ্য যে আজি পাঁচখন ৰাজ্যত ঘোষিত নিৰ্বাচনৰ ফলাফল প্ৰত্যাশাৰ বিপৰীত ধৰণৰ হোৱাৰ পিছতে অসম বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্য্যালয়ৰ পৰিৱেশ স্বাভাৱিকতে নিমাওমাও হৈ পৰে। কাৰ্য্যালয়ত পোৱা গ'ল কেৱল সাধাৰণ সম্পাদক দিলীপ শইকীয়াইক।
নিজৰ ভৰিৰ তলৰ মাটি কঁপি থকা সত্ত্বেও কংগ্ৰেছক আক্ৰমণ কৰিবলৈ নেৰিলে অসম বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে। মিজোৰামত পৰাজিত হোৱাৰ পাছত অসমত কংগ্ৰেছে আনন্দ উল্লাস কৰাৰ কোনো নৈতিক অধিকাৰ নাই বুলিও মন্তব্য কৰে।
ইপিনে শেহতীয়া কেইবছৰ মানত দেশত বলা 'মোদী ঢৌ'ৰ কোনো প্ৰভাৱ নপৰিল মিজোৰামত। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰেও ৰাজ্যখনত একো কাম নিদিলে।
সমান্তৰালভাৱে আন চাৰিখন ৰাজ্যৰ ফলাফলে বিজেপিৰ প্ৰতি এক অশনি সংকেত দিলেও মাত্ৰ কেইমাহমানৰ পাছতেই দেশত অনুষ্ঠিত হ'ব লগীয়া লোকসভা নিৰ্বাচনত এই ফলাফল কাৰক নহ'ব বুলি আশাবাদী ৰাজ্যিক বিজেপি। আজিও ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকজনে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা প্ৰায় চাৰে চাৰিটা বছৰত দেশত প্ৰগতিৰ নতুন দিগন্ত সূচনা কৰাৰেই দাবী কৰিলে।
"ৰাজস্থান আৰু মধ্য প্ৰদেশৰ পৰা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত গৰিষ্ঠ সংখ্যক সাংসদ নিৰ্বাচিত হৈছিল। কিন্তু এইবাৰ ফলাফলত বিজেপিৰ ভাল নহ'লেও ভোটৰ হাৰ হয়তো নকমে আৰু আমি ভোটবেংক ধৰি ৰাখিবলৈ সক্ষম হৈছো।" শইকীয়াই কয়।
তেওঁৰ মতে এই ৰাজ্যকেইখনৰ চৰকাৰৰ কাম-কাজতহে একাংশ ৰাইজে হয়তো সন্তুষ্ট হ'ব পৰা নাছিল সেয়ে বিজেপি পৰাজিত হ'ব লগীয়া হ'ল বুলি ক'লে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে।
"১৫ বছৰ ধৰি মধ্য প্ৰদেশত বিজেপিৰ শিৱৰাজ সিং চৌহান নেতৃত্বাধীন চৰকাৰ চলাৰ পাছতো তেওঁৰ জনপ্ৰিয়তা কমা নাই। কিন্তু অসমত তৰুণ গগৈৰ নেতৃত্বত চলা চৰকাৰৰ ১৫ বছৰ হোৱাৰ পাছত শোচনীয় পৰাজয় হৈছিল বুলিও মন্তব্য কৰে। গতিকে কংগ্ৰেছে এতিয়া কিৰীলি পৰাৰ প্ৰাসংগিকতা নাই", শইকীয়াই কয়।
কংগ্ৰেছে এতিয়া আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা নীতিত মছগুল হৈ আছে বুলিও দিলীপ শইকীয়াই কটাক্ষ কৰে।
| web |
79b9f12c05f133b4885edcf39de8bfec64be2978 | ডিজিটেল ডেস্কঃ মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ দেহাৱসান। দীৰ্ঘদিন ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভূগি থকা অৰুণ জেটলীক কেইদিনমান পূৰ্বে সংকটজনক অৱস্থাত এইমছত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত শনিবাৰে মৃত্যুক আঁকোৱালি লয় বিজেপিৰ নেতাগৰাকীয়ে। মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ। | web |
8e896d1c3243a88d63d930c1aa0fce6d00853ca9c167ef19e38664c00674818a | ভান-জবি ২৫
ৰণ্য। নানা দেশত, নানা ৰকমৰ, নানা জাতিৰ মানুহে নানাবিধ উপায়েৰে নিজৰ জীৱিকা নিৰ্ব্বাহ কৰিব লাগিছে । একে ঠাইৰেপৰা সকলোকে একে ঠাইতে খোগা গাতি থকা দেখি, মোৰ হারা-বাদী কি ভোজ-বাজী যেনহে লাগিল । কিন্তু মনত আনন্দৰ ভাৰ এফেৰিও ৰু নেলাগিল । চাই থাকোঁমানে চাই থাকিবৰছে মন মার, কোনোমতে হেগাহ নগলায় । পিছত আকৌ চুঙাটোৰ মঞ্চ দিনে চকু দি চা দিয়াত চাও যে, হায়! হায় ! গোটেইখন দেশ বাবে-চিংজি হৈ গ'ল । বিদেশ লোকাৰণ্য দেখিছিলোঁ, এতিয়া আকৌ সেই দেশকে পশুপূর্ণ দেখিলোঁ। ঠাইবোৰ, ঘৰবোৰ, দেশবোৰ, মণিৰবোৰ একো লৰচৰ হোৱা নাই। কেৱ মানুহবোৰহে গতত পৰিণত হ'ল । মাজে দুই-চাৰিজন মাথোন মানুহ। বাকী আটাইবোৰ গত । প্রজা, দুখীয়া চহকী, ল'ৰা-বুঢ়া সকলো বিধ আৰু সকলো ৰকমৰ ব্যবসায়ী, চাকৰীয়া, বিষয়া মানুহবোৰ ফানিয়ে কাপোৰে, সাজে-গাৰে, ঘৰে-বাৰীয়ে ঠিক-ঠাক হৈ আছে । কিন্তু আকৃতি আৰু সিহঁতৰ আচাৰ-ব্যৱহাৰ, মতি-গতিত হলে সম্পূৰ্ণৰৰূপে পৰিবৰ্ত্তন ঘটিছে। আৰু এটা কথা মই বেছকৈ লক্ষ্য কৰি বিস্ময় নহৈ নোৱাৰিলোঁ। মইধে এই খলপা খলপী ৰকম ৰকম প্রকৃতিযুক্ত মানুহ থকা ৰাজ্যবোৰ দেখি আহিলোঁ, তাত সেই কামুক, খঙাল, লুভীয়া, মূর্ছিত, অহঙ্কাৰী আৰু হিংসুক মানুহবোৰো দেখা পালোঁ । সিহঁতে আপোনাৰ ইচ্ছামতে তাভ লীলা-খেলা কৰি ফুৰিছে । মানুহৰ দৰে সাজ-পাৰ কৰি শিয়াল, বান্দৰ, মেকুৰী, গরু, ঘোঁৰা, হাতী, ম'হ, গাহৰি, ছাগলী, গিনি, এন্দুৰ আদি জন্তুবোৰে সকলোৰে লগত মিহলি হৈ বাস কৰিছে । হ'তে ইজাতি-সিজাতিয়ে অর্থাৎ এদুৰ্বে-মেকুৰীয়ে, শিয়ালে-কুকুৰে একেলগে কোনো কাম নতু ব্যৱসা-বাণিজ্য কৰিছে, নিজৰ প্রভৃতি বিভগ হেতুকে অমিল হৈ, দুৰ্ঘোৰ দম্প-হাই, মৰা-মৰি হৈ অশান্তিৰে দিন মগৈ থাকিব পৰা নাই । মানুহৰ লগত কুকুৰে বা জন্য জন্তুৱে জানো সমনে বাস কৰিব পাৰে ? যি পৃথিৱীৰ জীৱৰ আন্তৰিক এনে গত
মাজত জানো একতা হ'ব পাৰে? যেতিয়া অইন অন্তবোৰৰ ভা
হৈ বিনাশ হ'ব, কেৱা গ্ৰকৃত মানুহৰ ভাব পাই গোটেইখন সংসাৰ মানুহমর হ'ব, তেতিয়াহে পৰস্পৰৰ ভিতৰত যি হ'ব বাৰু এপদ্মা গফাই বলী হৈ জাতীয় উন্নতি হব। মই তে
বুজিব পাৰি ঘনত fare আম গাঁ। ভারিতোঁ, ইয়াগা ক নেয়াও। পৃথিৱীৰ ৰজা পাঠিলেও এই দেখ বেৰোঁ। এইদৰে গতিতেই বধী দরে রাগ মানি ফুটে
মোৰ হাতৰণৰা নিৰ ঠাইত নিয়োগ ।
২৬০ মঞ্জিপাৰ বৰুৱা ৰচনাৱন্নী
দুয়ো সখীয়ে মোৰ হাত দুখনত ধৰি ওপৰলৈ বতাহৰ আগত তুলি নিগ্ধাদি, কৰবালৈ লৈ গ'ল । মই ভয়ত পৰোঁ বুলি চকু দুটা মুদিলোঁ। মনত অনুভৱ হ'ল, যেন কৰবাত উৰুৱাই লৈ ফুৰিছেগৈ । জলধমান পৰ উলকা মাৰি আছোঁ। আছোঁ। এঠাইলৈ নি দুয়ো ধর্-ঘলকৈ হাঁহিবলৈ ধৰিলে । মই চকু মেলি চাও যে, এখন চকীত মোক বহুৱাই থৈছে। তেওঁ বিলাকো দুফালে দুখন চক্রীত বহি আছে। আগতে ঘূৰণীয়া যেজ এখনত ফুলবানী কেটামান আছে । এই ঠাইডোখৰ এটা পকী ঘৰৰ মাজৰ বৈঠকখানা বুলি অনুমান হ'ল । সেইটো ঘৰ কাৰ, "তাক একো সঠিক কৰিব নোৱাৰিলোঁ । মোৰ মনত সেই সময়ত কেনে ভাৰ হৈছিল, তাক সকলোৱে জানিবৰ সাধ্য নাই । কাৰণ, হঠাৎ স্বৰ্গৰপৰা মৰ্ত্তত পৰিলে অন্তৰত যি শোক লাগে, তাক ভোগোঁতাৰ বাহিৰে অইনে মনত অনুমান কৰা নিচেই ভিলা কথা নহয় । ভালেমান পৰ মই মন মাৰি আমন-জিমনকৈ থকা দেখি বগী সখীজনাই মোক সমুদায় কথা সংক্ষিপ্তকৈ বুজাই দিবলৈ ক'লী সখীক বৰকৈ ঘটাত, ক'লী সখীয়ে কবলৈ ধৰিলে, "মোক তুমি চিনি পাব পোৱা কিয়নো মই তোমাৰ বাল্য সখী আৰু চিৰ-সঙ্গিনী গৰিচিতা বন্ধু । মোৰ সুন্দৰী সখীৰো তুমি চিনি নোপোৱা নহয় । তেৱোঁ সদায় আমাৰ লগতে ফুৰে । অবশ্য আগেয়ে তোমাৰে সৈতে তেওঁৰ বেছি ঘনিষ্ঠতা মাহিল। কিন্তু তুমি ঘনাই মোৰ লগ লবৰপৰা তেওঁ মোৰ বাৰেই তোমাৰ লগ লব ৈবাধ্য হ'ল । সখীয়ে-ময়ে দুয়ো আজি তোমাক লগত লৈ ফুৰিবলৈ যাম বুলি ঘৰতে আলচ কৰি আহি, মই তোমকি ওই থকা দেখি চকু মুদাই ধৰিলোঁ । তাৰ পিছত সখীয়ে ভৰিপথনিৰপৰা হেচা মাৰি ধৰিলে। ভূমি ভালে গৰলৈ ধপিয়াই-জপিয়াই ভাবি-চিত্তি একো সঠিক কৰিব পৰা নাহিলা। আমি ওপৰলৈ উৰুৱাই গৈল। লৈ গৈ শূন্যতে ঘিলা ঘুৰোৱাদি ঘুৰাই এৰি দি গাতে আঁৰ লৈ তুমি নেদেখা হৈ লুকাই থাকিলোঁ। তুমি ৰগা হাতীৰ ওপৰত উঠি বৰূপ দেৱে পৃথিৱীৰ জ্যাণৰ অর্থে পানী প্ৰদান কৰা দেখিলা । এবাৰ যন্ত্ৰৰ ধ্বনিত কাণ ভাল মাৰি ধৰিভ্ৰত তুমি মূর্ছা গৈ ক্ষুদ্র ব্রহ্মাগত আহি পৰিজাহি। তাত বিদ্যা-কানন পাই, ভয় থোৱা বুলি থাকৌ হঠাৎ परको দেখা দি তোমাক লগত লৈ ৰাঙলী বিদ্যা দেৱীৰ আদেশ মতে বিদ্যাকাননত গৰিভ্ৰমণ কৰি সৰস্বতী কুণ্ড দেখুৱালোঁ । ভাত নানা বিষৰ সুमिस गोड ७ বाদा ७নি মন बिভान হৈছিল । াৰ গिड ইে ােजोंপিছত নীৰে আদেশ অনুসাৰে আকৌ কাম, ড্রোধ, লোভ, মোহ, মদ আৰু মাৎস্য- এই পূৰী হখন দেখুৱাই দিয়াত তোমাৰ মনত নহত ভার হৈছিল। শেহত জ্ঞান-ৰাজ্য শান্তির আগর দেখুৱালোঁ। ভাত -
জ্ঞান-মঞ্জৰি ২৬১
ল'ৰাবোৰ, চেনেহ-ছোৱালীবিলাক, শ্রদ্ধা-গাভৰুসকল আৰু ভক্তি-মাতৃসকলক দেখি, তেওঁ বিলাক সকলোৰে যত্ন আৰু অভ্যর্থনাত মোহিত কৰালোঁ। সেই প্ৰদেশৰ জ্যোতির্ময় মহাপুৰুষৰূপ জ্ঞান-ভূপতিক মহাত্মাসকলে পূজা কৰি থকা দেখুৱাই তাতে আমি সেৱা কৰিলোঁ । তেওঁৰ হাতৰপৰা সাহসৰূপী লাখুটি তোমাৰ হাতত দিয়াত তুমি অসীম সাহিয়াল হৈ উৰি যাব খোজাত মই থাপ মাৰি ধৰিলোঁ । য়াল আকৌ ন্যায়দর্শনী যন্ত্ৰেৰে ডাঙৰ মুখৰ পিনে বাহ্যিক জগত, আৰু সূক্ষ্ম মুখৰ পিনে আভ্যন্তৰিক জগত দেখুৱাই তোমাক আচৰিত কৰি, অৱশেষত আমি দুয়ো তোমাক বিষ্ণুরী বেগেৰে এই ঠাইলৈ লৈ আহিলোঁ। তুমি এতিয়া থাকাঁ, আমি যাও ।
এই বুলি দুয়ো সখী চাঁতকৈ মোৰ ওচৰৰপৰা কৰবালৈ গুচি গ'ল । মই মনত তেওঁ বিলাক দুজনাৰ অনন্ত ক্ষমতা দেখি ধ লাগিলোঁ, আৰু মনে মনে নথৈ শলাগিবলৈ ধৰিলোঁ । এনে সময়ত "চঙি খাব নে ভাত খাব ?" - এই কথা শুনিয়েই চকু মেলি চাওঁ যে, হায় ! হাঁয় । মই বিচনাত আগৰ দৰেই পৰি আছোঁ। চাকৰটো কাৰতে থিয় হৈ ৰৈ আছে। আমাৰ অসীম অনন্ত ক্ষমতাশালী পৰাফ্লমী মস্তিষ্কৰ সৃষ্টি কৰোঁতা পৰম পিতা পৰমেশ্বৰৰ অদ্ভুত সৃষ্টি দেখি মনত বিস্ময় আৰু হায়েত অনুপম আনন্দ লভি ভক্তিভাৱে সহস্ৰবাৰ ধন্যবাদ দিবলৈ ধৰিলোঁ ।
| pdf |
049d24be0dee6ec2653431e8c5c0352ad8ec5ced | নগাঁও কাগজ কল ঠিকাদাৰ সন্থাই সোমবাৰে এক সংবাদমেল যোগে তেওঁলোকে পাবলগীয়া ধন সোনকালে আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।
ইতিমধ্যে কাগজ কল দুটাৰ বিষয়টো ৰাষ্ট্রীয় কোম্পেনী ল' ট্ৰিব্যুনালত বিচৰাধীন হৈ আছে আৰু ক'ৰ্টে কাগজ কল দুটাৰ নিলাম ঘোষণা কৰিছে।
"এই ঘোষণাত আমি নগাঁও কাগজ কল কন্ট্রেক্টৰ'ছ এছ'চিয়েছনৰ সমূহ সদস্যই আশ্চর্য প্ৰকাশ কৰিছো আৰু আমাৰ ভবিষ্যত অন্ধকাৰ হৈ পৰিছে। " ঠিকাদাৰ সন্থাৰ সভাপতি শৰ্মাই কয়।
অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চৰকাৰ গঠনৰ সময়ৰ পৰা কাগজ কলৰ বিষয়টো গুৰুত্ব সহকাৰে উদ্যোগ লৈ সকলো কর্মচাৰীকে সন্তুষ্ট কৰি ইতিমধ্যে ৫৭০ কোটি টকাৰ এটি পেকেজ ঘোষণা কৰিছে বুলি উল্লেখ কৰে শৰ্মাই।
ঠিকাদাৰ সন্থাৰ সভাপতি শৰ্মাই কয় যে এই কাগজ কলৰ উৎপাদন আৰু বিভিন্ন কর্মৰ লগত এসময়ত জড়িত হৈ থকা তথা কাগজ কলৰ পৰা ধন পাবলগীয়া বিভিন্নজন ব্যক্তি, ঠিকাদাৰে অসমৰ বিভিন্ন জিলাৰ, বিভিন্ন জনগোষ্ঠীৰ বাঁহ খেতিয়কসকল, যোগানকাৰী সকল, আমি সকলোৱে আর্থিকভাবে জুৰুলা হৈ পৰিছো আৰু বেংকৰ ঋণত আমি দেউলীয়া হৈ পৰিছো।
"আমি নগাঁও কাগজ কল ঠিকাদাৰ সন্থাই সম্মানীয় সদস্যৰ হৈ অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক কৰযোৰে অনুৰোধ জনাওঁ যে বিষয়া-শ্রমিকসকলৰ দৰে আমাকো তথা আমাৰ লগত জড়িত শ্রমিকৰ দুৰাৱস্থাৰ কথা চিন্তা কৰি আলোচনাৰ মাধ্যমেৰে এক উচিত সিদ্ধান্ত লৈ আমাৰ মিলৰ পৰা পাবলগীয়া ধন আদায় দিয়াৰ ব্যৱস্থা কৰে যেন,"-সভাপতি শৰ্মাই কয়।
তেওঁ লগতে আশা প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপৰ বাবে আমি আশাবাদী আৰু আন্তৰিকভাবে তেওঁ নিশ্চয় আমাৰ ভবিষ্যতৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ উদ্যোগ জগতৰ এক প্ৰত্যাহ্বানমূলক সমস্যা সমাধান কৰিব। | web |
af10547f1f98a5d3ebbaa3751151dc7e2dcf2d31 | ইচ্ছা-মৃত্যু এতিয়া সম্ভৱ। বিচাৰিলেই লাভ কৰিব পাৰিব যন্ত্ৰণা বিহিন মৃত্যু।
ছুইজাৰলেণ্ড চৰকাৰে চুইছাইড মেচিন (Suicide Machine) নামৰ এটা মেছিন ব্যৱহাৰত আইনী বৈধতা প্ৰদান কৰিছে।
এই মেচিনৰ দ্ধাৰা ১ মিনিটতে কোনো লোকে কোনো যন্ত্ৰণা অবহিনে প্ৰাণ ত্যাগ কৰিব পাৰিব। এই কথা দাবি কৰিছে চুইছাইড মেচিন তৈয়াৰ কৰা একজিট ইণ্টাৰনেচনেল নামৰ কোম্পানীৰ সঞ্চালক ড০ ফিলিপ নিটস্কেই।
এই মেছিনটোৰ জৰিয়তে ইচ্ছা মৃত্যু লোৱাৰ বাবে বৈধতা প্ৰদান কৰা হৈছে ছুইজাৰলেণ্ডত। কোৱা হৈছে যে এই মেচিনটো সেইসকল লোকৰ বাবে নিৰ্মাণ কৰা হৈছে যিসকলে বেমাৰৰ বাবে চলা-ফুৰা কৰিব নোৱাৰে আৰু ইচ্ছা মৃত্যু বিছাৰে।
উল্লেখ্য যে, এই মেচিনটোৰ বাবে ড০ নিটস্কেই সমালোচনাৰো সন্মুখীন হ'বলগীয়া হৈছে। একাংশই বিশ্বাস কৰে, এই মেচিনটোৱে মানুহক আত্মহত্যাৰ বাবে উচটনি দিব। | web |
4f19c70d26a1b84da88d1f4854f02286fe30fbbc | বাঁহৰ চুঙাত পোৰা বড়া চাউলৰ জলপান (বন্দনা ডি. মজুমদাৰ)
( মোৰ ল'ৰাটোৰ ভাষাত "বানানা টেন্ট") জুই পুৱাবলৈ অতি সুন্দৰ ব্যৱস্থা সাজু কৰি থৈছিল। গধূলি তাৰ তলতে বহি হেপাহ পলুৱাই উম্ আৰু ভোগ সকলোখিনি উপভোগ কৰিছিলো। শাহু মায়েও মাঘবিহুৰ সকলোবিধ পিঠা-পনা,জলপান অতি আটোমটোকাৰীকৈ ৰান্ধি খুৱাইছিল। ভোগালী বিহুৰ এবিধ আকৰ্ষনীয় জলপান হৈছে বাঁহৰ চুঙাত পোৰা বড়া চাউলৰ জলপান। এইবিধ জলপানৰ সোৱাদ হয়তো সকলো অসমীয়াৰে চিনাকী। বহুবছৰৰ পাছত খাই মই ইমান ভাল পালো যে এই বিষয়ে একলম নিলিখি নোৱাৰিলো। তলত এই জলপানৰ প্ৰণালীটো থূলমূলকৈ আগবঢ়ালো।
প্ৰণালীঃ বড়া চাউলখিনি ভালদৰে ধুই লৈ ৪/৫ ঘন্টা পানীত তিয়াই থৈ দিব লাগে। পাছত পানীৰ পৰা ভালদৰে টুকি লৈ সমান জোখত কাটি থোৱা বাঁহৰ চুঙাৰ ভিতৰত ভৰাব লাগে। তাত নিৰ্দিষ্ট পৰিমাণৰ পানী দি চুঙাটোৰ মুখখন কলপাত বা তৰা পাতেৰে ভালদৰে সোপা দি বান্ধিব লাগে। তাৰপাছত ধান খেৰৰ বা নাৰিকল পাতৰ জুইত দি ইলুটি সিলুটিকৈ লৰাই ভালদৰে পুৰিব লাগে। চুঙাৰ বাহিৰটো ক'লা পৰি যোৱা যেন দেখিলেই বুজিব লাগিব যে ভিতৰৰ বস্তুখিনি খোৱাৰ উপযোগী হৈ পৰিছে। এই চাউল গাখীৰ, দৈ বা ক্ৰিমৰ লগত গুড়ৰ সৈতে জলপান হিচাবে পৰিবেশন কৰিব পাৰে অথবা হাঁহৰ মাংসৰ সৈতেও এই চাউল বৰ সোৱাদ লগা হয়। | web |
999e9c223964d3424286815d049591d4dc11c063 | উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনে দেশখনৰ দুজন শীর্ষ বিষয়াক হঠাতে কর্মচ্যুত কৰিলে। এই দুই বিষয়াই উত্তৰ কোৰিয়াৰ বিপর্যস্ত অর্থনীতিৰ পুনৰ সবলীকৰণৰ কোনাে উপায় উদ্ভাৱন কৰিব নােৱৰাত কীমে তেওঁলােকক চাকৰিৰ পৰা বৰ্খাস্ত কৰে।
কীমে তেওঁৰ কেবিনেটৰ পাৰদর্শিত ক্ষোভ প্রকাশ কৰি এমাহ পূর্বে নিযুক্তি প্রদান কৰা এজন জ্যেষ্ঠ বিত্তীয় বিষয়াক চাকৰিৰ পৰা অপসাৰণ কৰিছিল। কীমে অভিযােগ কৰি কৈছিল যে সংকটৰ মাজেৰে অগ্ৰসৰ হােৱা দেশখনৰ অর্থনৈতিক ব্যৱস্থাক পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্ৰত এই দুই বিষয়াই কোনাে নতুন উপায় উদ্ভাৱন কৰিবলৈ সক্ষম নহ'ল।
উল্লেখ্য যে কৰনাৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত উত্তৰ কোৰিয়াৰ অর্থনৈতিক অৱস্থা যথেষ্ট শােচনীয় হৈছে। কীমে দেশখনত কৰনাৰ কোনাে প্রভাৱ পৰা নাই বুলি দাবী কৰি আহিছে যদিও দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমে দাবী কৰা মতে, ক'ভিড সংক্ৰমণৰ পাছৰে পৰা উত্তৰ কোৰিয়াৰ অর্থনীতিৰ চৰম দুর্দশাৰ আৰম্ভ হৈছিল।
দেশৰ অৰ্থনীতিৰ পুনৰুত্থানৰ বাবে বিত্তীয় বিশেষজ্ঞৰ দিহা-পৰামৰ্শ বিচাৰি কীমে দুজন শীর্ষ বিষয়ক বিশেষ দায়িত্ব অর্পণ কৰিছিল। কিন্তু এই দুই বিষয়াই কোনাে নতুন উপায় উদ্ভাৱন কৰিবলৈ সক্ষম নােহােৱাত কীমে দুই বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে। | web |
b77a775d437bf0d3bf31b0c09b8a9f1f619fc031 | ভাৰতৰ ডিজিটেল লেনদেনৰ জগতখনলৈ ডাঙৰ খবৰ কঢ়িয়াই জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপৰ WhatsApp Pay-ই ভাৰতত অনুমতি লাভ কৰিছে।
এটা বাতৰি মতে ৬ ফেব্ৰুৱাৰিত ফেইচবুক কোম্পানিৰ এই এপটোৱে ভাৰতৰ National Payments Corporation of India (NPCI)-ৰ পৰা গুৰুত্বপূৰ্ণ অনুমোদন লাভ কৰিছে।
"National Payments Corporation of India-ই হোৱাটছ এপক পৰ্য্যায়ক্ৰমে ডিজিটেল পেইমেণ্ট সেৱা চলাবলৈ অনুমতি প্ৰদান কৰিছে", ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এজন নাম প্ৰকাশত অনিচ্ছুক ব্যক্তিৰ উদ্ধৃতি ডেইলি হাণ্টত।
বাতৰিটোৰ মতে, ৰিজাৰ্ভ বেংকৰ পৰা অনুমতি অহাৰ পিছতে NPCI-ৰ অনুমোদনটো লাভ কৰে বৃহৎ মেছেজিং কোম্পানিটোৱে।
জানিব পৰামতে, হোৱাটছ এপে এইটো নিশ্চিতি দিছে যে ই ডেটা ল'কেলাইজেশ্যনৰ মানবোৰ মানি চলিব, যিটোৰ বাবে পেইমেণ্ট সেৱা আৰম্ভ কৰা দুবছৰ পলম কৰিব লগীয়া হ'ল।
WhatsApp Pay-এ প্ৰথম পৰ্য্যায়ত ১০ নিযুত ভাৰতীয় য়ুজাৰক সামৰি ল'ব।
পৰীক্ষামূলকভাৱে ই ২০১৮ চনৰ ফেব্ৰুৱাৰিত আই চি আই চি আই বেংকৰ সহযোগত ইয়াৰ সেৱাৰ সূচনা কৰিছিল। কিন্তু নিয়ামক দিশৰ বাবে সেয়া অব্যাহত ৰাখিবলৈ সক্ষম নহৈছিল।
বৰ্তমান হোৱাটছ এপৰ য়ুজাৰৰ সংখ্যালৈ চাই ই পলমকৈ আৰম্ভ কৰিলেও আনবোৰ য়ু পি আই ভিত্তিক ডিজিটেল পেইমেণ্ট সেৱা প্ৰদানকাৰীৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিয়াটো নিশ্চিত।
ভাৰতত ইতিপূৰ্বে থকা Google Pay, Paytm, PhonePe and Amazon Pay আদিয়ে বৃহৎ সংখ্যক য়ুজাৰক সফলভাৱে সামৰি লৈছে। | web |
bf424730eac3ce92f6d2e68a28765f0e50ee0246976bd12b57e94c1a64fc5009 | উত্তৰাকাণ্ড / ২৮
এৰি ধেমুভিৰীয়া আৰু শাৰী শাৰীকৈ পতা আছে হুসজ্জিত আসন । ভাগে ভাগে বহি আছে বিদর্ভ, উৎকল, অঙ্গ, প্রাগজ্যোতিষ, কেৰল, পাৰসিক, কনৌজ আৰু কাশ্মীৰ আদি প্ৰখ্যাত ৰাজ্যৰ ৰজা-মহাৰজা আৰু সম্রাটসকল। সোঁফালে একোণত দৰ্শকৰ ঠাইত বিশ্বামিত্ৰৰ দুইকাষে নিম্নাসনত বহি আছে ৰাম আৰু লক্ষ্মণ । সেই ফালেই মুখা-মুখিকৈ আঁৰ কাপোৰৰ আঁৰত আয়তীসকলৰ স্থান । আঁৰৰপৰা তিৰোতাসকলে সকলো দেখি আছে যদিও তেওঁলোকক কিন্তু কোনেও দেখা নাই। তেওঁলোকৰ মাজত কন্যাৰ বেশত সীতা। লগত অনুৰাধা, উর্মিলা, বিপাশা, সৰযু আৰু নমদাহঁত । চঞ্চলচপলা উর্মিলাই থৌকিবাথৌকৈ ঘূৰি ফুৰিছে । মাজে মাজে ইটো *সিটো কথা কৈ ৰগৰ কৰিছে। একোটা হাঁহি উঠা কথাৰে আঁৰকাপোৰৰ বাহিৰত দেখি থকা সমজুৱাসকলৰ ৰূপ, আওভাও, স্বভাৱৰ ওপৰত অদ্ভুত উর্বৰ বিদ্রূপাত্মক মন্তবাত গির্জনী মাৰি সকলোৱে হাঁহি উঠিছে। উর্মিল। এনে কথাত বৰ পাকৈত ! মানুহুৰ মাত-কথা, খোজ-কাটল আৰু ভাও-ভঙ্গিমাৰ যথাযথ অনুকৰণ তাই কৰিব পাৰে।
ফালে ৰাম-লক্ষ্মণক সীতাৰ কাষৰপৰা দেখি থকাৰ কাৰণে ঘনে পতি সীতাক তাই জোকাইছে - "কাৰ ভাগ্যত কি আছে কি ঠিক ! মনে মনে কিবা প্ৰকাৰে ধলুখন আধা ভঙাকৈ থ'ব পৰা হ'লে!"
এবাৰ ভিতৰ ফালৰপৰা উধাতু খাই আছি আনন্দত উৎফুল্ল হৈ ক'লে - "শুনিছনে নাই ? ধনু ভঙ্গৰ পণ উঠাই লোৱা হ'ল। এতিয়া কন্যাই নিজৰ ইচ্ছামতে বৰণ কৰিব পাৰিব - "
"সঁচা ??" সকলোৰে লগতে সীতাইও পৰম ঔৎলুক্যতা আৰু উল্লাসেৰে উচ্চাৰণ কৰি পেলালে। লগে লগে "মিছা" বুলি কৈ উৰ্মিলাই হো হোকৈ হাঁহি দিলে আৰু হাঁহি সামৰি ক'লে,-"আয়ৈ দেহি ! এনে কৰিব পৰা হ'লে! মহাদেৱীলৈ মনে মনে কিমান কঠোৰ ব্রত পালন কৰিম বুলি চাগৈ মানস কৰিছে ।"
সীতাই লাজ আৰু বিৰক্তিৰে ধমক দি কৈ উঠিল - -"তহঁতে এনে কৰি থাকিলে মই ইয়াত কিন্তু নেথাকিম।"
"নেথাকি আৰু কলৈ যাবা ? যিকোনো এজনলৈতো যাবই লাগিব।- এ ৰাম, চোৱাচোন চোৱা - সেই পেটুৱাজনে কেনেখন কৰিছে। কেনেবাকৈ তেওঁ যদি বহুখন ভাঙিব পাৰে?"
উত্তৰাকাণ্ড, ২৯
শকত আৰু মঙহাল মানুহজনৰ গাত সোণৰ কিৰীটিৰে সৈতে ৰাজসিক পোছাক এটা যেন লদা, মুখখনত চকুৰ ডাঠ ভ্রূ । কেনেকৈ বহিলে ভাল লাগিৰ তেওঁ ধৰিব পৰা নাই। এবাৰ এটা ভৰি আনটোৰ ওপৰত তুলি লৈছে। আন এবাৰ ছুইটা ভৰি মেলি দিছে। হঠাৎ হামিয়াই দিয়াত মুখখন তালুলৈকে দেখা গ'ল। অদ্ভুত ভোটোকা নাকটো কেঁাঁচ খাই গ'ল । চকুহাল ভুবৰ মঙহৰ আঁৰত লুকাই নেদেখা হৈ পৰিল ।
হঠাৎ সমুখত থোৱা প্ৰকাণ্ড থালখনৰপৰা ডাঙৰ লাড় এটা হাতত লৈ জোৰেৰে দলিয়াই দিয়াৰ ভাওজুৰি উৰ্মিলাই কৈ উঠিল - "মুখলৈ মাৰি দিওঁ নেকি?" এটাইমখাই গির্জনি মাৰি হাঁহি উঠিল। আনকি সীতাইও। উর্মিলাই ভয় খোৱাৰ দৰে কৈ উঠিল - "অ' মা! সেইদালে কেনেবাকৈ ভাঙিব পাৰিলে কি হ'ব বাৰু অনু ?'
"চিকৌ - নিবলৈ নিদিওঁ। জোৰ কৰি আমি ৰখাই খ'ম।" "দেউতাইনো এনে পণ কৰিব লগা হ'ল কিয় ? বীৰ হ'লেই হ'ল ? বীৰৰ ভিতৰত বীৰ বছাৰ লগতে দেখাই গুনাইও ভাল হ'ব লাগিব তেহে। দেউতাক কৈ এইবিলাক ধেমালি বন্ধ কৰা উচিত । দেউতা-মাই নেলাগে, আমি নিজে ল'ৰা চাম - "
"আমি" শব্দটে। শুনি মালবিকাই কাষত থকাজনীক কিলাকুটিৰে ঠেলা মাৰি দি ক'লে - "অকল সীতাৰ বাবেই নহয়, সকলোৰে বাবে । উর্মিলা, কীৰ্তি আৰু অনুৰাধাৰো !!"
"উৰ্মিৰ বাবেতো ঠিক হৈয়ে আছে--" এজনীয়ে লক্ষ্মণলৈ আঙুলিয়াই দেখুৱাই কৈ উঠিল।
"মন খাইছে যদি যাগৈ ভইয়ে।" ঊর্মিলাৰ সকলো চঞ্চলত। জুইত পানী পৰাৰ দৰে যেন মুহূর্ততে সেমেকি গ'ল।
হঠাৎ সভামণ্ডপত গির্জনি মৰা হাঁহি শুনি সকলোরে সেই ফালে চালে। ধনুভঙ্গৰ খেল আৰম্ভ হৈ গৈছে। ঘোষকে একোজনৰ নাম আৰু পৰিচয় ঘোষণা কৰিছে। একোজন শেনটোৰ দৰে আগবাঢ়ি গৈ ফেঁচাটোৰ দৰে উভতি আহিছে। পৰিচয় দিছে বৰ গৌৰৱেৰে কিন্তু উভতি গৈছে বৰ লাজ আৰু ধিকাৰেৰে। Rে R
উত্তৰাকাণ্ড /৩০
কৰে ওখ কিন্তু খাগৰি এডাল যেন লিট। মানুহ এটা জলমলীয়া কাপোৰ পিন্ধা, মুখত প্রকাণ্ড একোছা গোঁফেৰে - ধনুখন দাঙিবৰ চেষ্টা কৰিছে । কিন্তু পৰা নাই। বাৰেপতি হাউলি, চকু-মুখ বন্ধ কৰি জোৰেৰে উশাহ সলাইছে। আহোঁতে তেওঁ বীৰদৰ্পে আহিছিল। আঁঠুৰ মূৰলৈকে দাঙিব নোৱাৰি তলমূৰ কৰি উভতি আহিল। চাৰিওফালে হাঁহিৰ ৰোল ।
উর্মিলাই গুজুপ কৰে ক'লে - "বেছিকৈ হাউলি জোৰ নিদিলে ভালেই হ'ল, যিহে চিঞ। কঁকাল মটৰ কৰে ভাগিলহেঁতেন ।"
কিছুমান সময় কোনো অহা নাই । দর্শকসকলে ঔৎসুক্যতাৰে লক্ষ্য কৰিছে কোনোবা আহে নেকি? ইজনে সিজনক কিবা কৈছে। কোনোবাই এনে বুলি কোৱা যেন লাগিছে - "আমি চাৰলৈহে আহিছোঁ, সয়ম্বৰত যোগ দিবলৈ নহয়।"
বিখ্যাত ৰাজ্য একোখনৰ বীৰ বুলি পৰিচিত ৰজা একোজনেও নোৱাৰাৰ কাৰণে সকলুৰা পালি ৰজাবিলাক ভয় খাই উঠি অহা নাই ।
বক্তৃত সময় কোনো অহা নাই। সঘনাই ঘোষকৰ কণ্ঠস্বৰ শুনা গৈছে । সনিৰ্বন্ধে বীৰসকলক প্রতিযোগিতাত যোগদান কৰিবলৈ অনুৰোধ কৰিছে। কিন্তু কোনো অহা নাই। বিশ্বামিত্রই ৰামক কিবা কোরা যেন দেখা গ'ল। লক্ষ্মণে শুনি মূৰ ছপিয়াই সমর্থন কৰিলে। ৰাম বহাৰ পৰা থিয় হ'ল আৰু বিশ্বামিত্ৰক প্ৰথমে সেৱা কৰিলে। বিশ্বামিত্র থিয় হৈ গলগলীয়া মাতটোৰে সকলোৱে শুনাকৈ ক'লে,"মোৰ প্রিয় শিষ্য, অযোধ্যাৰ ৰাজকুমাৰ ৰামচন্দ্ৰ এই সভাত উপস্থিত আছে। তেওঁ এতিয়াও ছাত্র । সয়ম্বৰৰ বাবে নিমন্ত্রিত হৈ অহা নাই। কিন্তু মই আদেশ দিছোঁ তেওঁ প্রতিযোগিতাত নামিব। স্ত্ৰীলাভৰ বাবেই নহয়, ভাৰতবৰ্ষত হৰধনু ভাঙিব পৰা বীৰ কোনো নাই এই অপবাদ খণ্ডন কৰি নিজক বীৰ বুলি পৰিচয় দিবলৈও।"
দর্শকে হাত চাপৰিৰে সমৰ্থন জনালে। ডবা, শঙ্খ, ডা, শঙ্খ, কঁাঁহ-কৰতাল বাজি উঠিল ।
কোনোৱা এজনীয়ে সীতাক চিকুটি দিলে। উর্মিলাই কৃত্রিম ভক্তিৰে কৈ উঠিল - "আই মহাদেৱী ৰক্ষা কৰা - " মনে মনে সীতাই সঁচাকৈয়ে মহাদেৱীক স্মৰণ কৰিলে ।
| pdf |
2cbc5fc3e7731c93992114c1e79374f975b4f203 | মহানগৰীৰ এগৰাকী মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আজি মুখ্য দণ্ডাধীশৰ আদালতত চূড়ান্ত শুনানি অনুষ্ঠিত হ'ব।
২০১৭ চনৰ ৪ ডিচেম্বৰত শ্বেতা আগৰৱালা নামৰ ছাত্ৰীগৰাকীক বন্ধু গোবিন্দ সিংঘালে তেওঁৰ ভৰলুমুখৰ বাসগৃহত হত্যা কৰিছিল। মুখ্য অভিযুক্ত গোবিন্দৰ ঘৰৰ বাথৰুমৰ ভিতৰত শ্বেতাৰ মৃতদেহ উদ্ধাৰ হৈছিল।
শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ অভিযোগনামাত আৰক্ষীয়ে মূল অভিযুক্ত গোবিন্দৰ লগতে তেওঁক হত্যাকাণ্ডত সহায় কৰা মাক আৰু বায়েকৰ নামো সন্নিৱিষ্ট কৰিছিল।
মহানগৰীৰ ভৰলুমুখ থানাৰ আৰক্ষীয়ে মহানগৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই অভিযোগনামা দাখিল কৰিছিল। অভিযোগ নামাত গোবিন্দ (২১), তেওঁৰ মাক কমলা দেৱী ( ৪৮) আৰু বায়েক ভৱানী সিংঘাল ( ২৩)ৰ নাম সন্নিৱিষ্ট হোৱাৰ কথা আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছিল।
উল্লেখযোগ্য যে পৰীক্ষাৰ পৰা বাহিৰে বাহিৰে বন্ধু গোবিন্দৰ ঘৰলৈ যোৱা শ্বেতা আগৰৱালাক পিছত মৃত অৱস্থাত গোবিন্দৰ ঘৰত উদ্ধাৰ কৰা হৈছিল। মেধাৱী ছাত্ৰী গৰাকীয়ে ২০১৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত গুৱাহাটী কৰ্মাচ কলেজৰ পৰা পৰীক্ষা দি অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছিল।
আৰক্ষীৰ জেৰাৰ সময়ত গোবিন্দই শ্বেতাক হত্যা কৰা বুলি স্বীকাৰ কৰিছিল। আৰক্ষীয়ে লগতে এইটো নিশ্চিত হৈছিল যে ঘটনাটোত গোবিন্দৰ মাক আৰু বায়েকো জড়িত হৈ পৰিছিল। | web |
ad9d3b84efff36fb30b8f437ebcef1e2bd383b7d | সমগ্ৰ পৃথিৱী আজি কোভিড-১৯ ভাইৰাছৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন। প্ৰশ্নৰ উদ্ৰেক হৈছে - মানুহৰ অস্তিত্ব কি বিলুপ্ত হৈ পৰিব নেকি? সমস্ত পৃথিৱীত লক্ষ লক্ষ জীৱ, জন্তু, পোক- পতঙ্গ, বেক্টেৰিয়া, ভাইৰাছ বাস কৰে। আমি নিজেই নিজকে 'শ্ৰেষ্ঠ' জীৱ বুলি দাবী কৰি পৃথিৱীৰ কৰ্তৃত্ব নিজৰ হাতলৈ নি পৃথিৱীৰ বক্ষত, আকাশত, সাগৰ-মহাসাগৰত, মহাকাশত অত্যাচাৰ কৰিছিলো, অহংকাৰ কৰিছিলো। কিন্তু অদৃশ্য ক্ষুদ্ৰ এক ভাইৰাছে আজি 'জীৱশ্ৰেষ্ঠ'ক ভয়ংকৰ আক্ৰমণ কৰিছে আৰু বিপন্ন হৈ পৰিছে মানৱ- সভ্যতা। যিহেতু এতিয়াও প্ৰতিষেধক বাহিৰ হোৱা নাই, গতিকে সাৱধানতা অৱলম্বন কৰাৰ বাহিৰে কোনো উপায় নাই।
যোৱা বুধবাৰে, অৰ্থাৎ ০৮/০৪/২০২০ তাৰিখে হোৱাইট হাউচৰ এক বিবৃতিৰ এঠাইত কোৱা হৈছিল যে এই কঠিন সময় লাহে লাহে পাৰ হৈ যাব আৰু আমিও লাহে লাহে আগৰ অৱস্থা ঘূৰাই পাম। এনে এক বিবৃতিৰ পটভূমিত 'আল-জাজিৰা' সংবাদ মাধ্যম ক আমেৰিকাৰ 'নেশ্যনেল ইন্সটিটিউট অব্ এলাৰ্জি এন্ড ইন্ফেক্চাচ্ ডিজিজ্'ৰ অধিকৰ্তা ডাঃ ফাউচিয়ে কৈছে যে মানুহৰ জীৱন আৰু হয়তো কোনোদিনেই আগৰ দৰে স্বাভাৱিক অৱস্থাত নচলিব। কাৰণ কৰ'না শেষ নহ'ব, আৰু দেখাত 'শেষ' হ'লেও পুনৰ প্ৰাণঘাতী ভাইৰাছ কোভিড-১৯ উভতি আহিব। তেওঁ কৈছে যে বৰ্তমানৰ দুঃসহ অৱস্থাৰ পৰা হয়তো কোনোপ্ৰকাৰে সাময়িক সকাহ পোৱা যাব পাৰে, কিন্তু পুনৰ শীঘ্ৰেই মৃত্যুদূত কৰ'না উভতি আহিব।
তেওঁ ব্যক্ত কৰিছে যে কৰ'নাৰ প্ৰতাপ কিছু হ্ৰাস পালে হয়তো আমাৰ জীৱনৰ ছন্দ লাহে ধীৰে দেখাত 'স্বাভাৱিক' হৈ আহিব, কিন্তু সেয়া সাময়িক। মানুহে যদি ভাবি লয় যে চিৰদিনৰ বাবে কৰ'না নাইকিয়া হৈ গৈছে - সেয়া হ'ব বিৰাট ভুল। পুনঃ পুনঃ সেই ভাইৰাছ উভতি আহিব। এনে ক্ষেত্ৰত 'শ্বো- ষ্টপাৰ'ৰ ভূমিকা পালন কৰিব পাৰে একমাত্ৰ প্ৰতিষেধকে। যেতিয়ালৈকে সেই প্ৰতিষেধক আৱিষ্কাৰ নহয়, তেতিয়ালৈকে কৰ'নাৰ পৰা মানৱজাতিৰ পৰিত্ৰাণ নাই। পৃথিৱীৰ প্ৰতিটো প্ৰাণীয়ে যিদিনা কৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰা মুক্ত হ'ব, তেতিয়াহে পৃথিৱীয়ে আগৰ অৱস্থা ঘূৰাই পাব।
হতাশাৰ সুৰেৰে এন্টনি ফাউচি-এ কৈছে -' আক্ষেপেৰে জনাও যে কৰ'নাই আক্ৰমণ কৰাৰ আগতে পৃথিৱীখন যেনে আছিল, পৃথিৱীৰ যিমান সহজ তথা স্বাভাৱিক ছন্দ আছিল, তেনে স্বাভাবিকতা আৰু কেতিয়াও উভতি নাহিব। সংক্ৰামক ৰোগৰ অন্যতম বিশেষজ্ঞ হিচাপে ডাঃ ফাউচিক আমেৰিকাৰ শীৰ্ষস্থানীয় তালিকাত ৰখা হয় আৰু কৰ'নাৰ টিকা বা ভেকচিনৰ গৱেষণাত যিসকল বিজ্ঞানীয়ে গৱেষণা কৰি আছে, ফাউচি তাৰেও এগৰাকী অন্যতম বিশেষজ্ঞ। ডাঃ ফাউচিৰ মতে আমেৰিকাৰ লগতে একেসময়তে চীন, জাৰ্মানী, ইংলেণ্ডতো কৰ'নাৰ একাধিক থেৰাপি আৰু ভেকচিনৰ গৱেষণা চলি আছে তথা চীন বহুত আগবাঢ়ি আছে। ভেকচিনৰ আগতেই থেৰাপিউটিক ড্ৰাগ বজাৰলৈ আহিব বুলি মই আশাবাদী। ডাঃ ফাউচিৰ মতে এই মাহতেই চীনে সকলোৰে মঙ্গল হোৱা ঘোষণাটো কৰিব পাৰে! | web |
ff6610a4635a2b4a2e771e8c74250781 | দেশত কেন্দ্ৰীয় তদন্ত সংস্থাসমূহে চলাই থকা নিৰন্তৰ অভিযানৰ সময়তে বিহাৰত আজি আয়কৰ বিভাগে অভিযান চলাই পাঁচখন চহৰত ১০০ কোটিতকৈ অধিক টকাৰ হিচাপ বিহীন লেনদেনৰ হিচাপৰ লগতে ১২ কোটি টকাৰ সোণ আৰু হীৰাৰ ষ্টক জব্দ কৰিছে।
কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে ৰাজ্যখনত সোণ আৰু হীৰাৰ গহনা আৰু ৰিয়েল এষ্টেটৰ ব্যৱসায়ত নিয়োজিত কেইটামান গোটৰ ওপৰত অভিযান চলাইছিল।
বিত্ত মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি পাটনা, ভাগলপুৰ, ডেহৰী-অন-ছ'ন, লক্ষ্ণৌ আৰু দিল্লীৰ মুঠ ৩০ টাতকৈও অধিক চৌহদত এই তালাচী চলোৱা হয়।
তালাচী অভিযানৰ সময়ত জব্দ কৰা হৈছে ৫ কোটিতকৈ অধিক মূল্যৰ হিচাপ বিহীন নগদ ধন আৰু গহনা। বিবৃতিটোত লগতে এতিয়ালৈকে এই অনুসন্ধানত ১০০ কোটি টকাতকৈও অধিক হিচাপ বিহীন লেনদেন ধৰা পৰিছে বুলি উল্লেখ কৰা হৈছে।
লগতে এই অভিযানত বৃহৎ সংখ্যক নথি-পত্ৰ আৰু আয় ফাঁকি প্ৰদৰ্শন কৰা ডিজিটেল প্ৰমাণ জব্দ কৰা হৈছে বুলি জানিবলৈ দিয়া হৈছে।
ইফালে সোণ আৰু হীৰাৰ গহনা ব্যৱসায়ত জড়িত এটা গোটে হিচাপ বিহীন আয়েৰে গহনা ক্ৰয়, দোকান আৰু স্থাৱৰ সম্পত্তিৰ ক্ৰয়ত বিনিয়োগ কৰাৰ ভুৱা হিচাপ প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপিত হৈছে।
বিবৃতিটোত লগতে কোৱা হৈছে যে ৰিয়েল এষ্টেট ব্যৱসায়ত জড়িত আন এটা গোটৰ ক্ষেত্ৰত মাটি ক্ৰয়, অট্টালিকা নিৰ্মাণ আৰু এপাৰ্টমেণ্ট বিক্ৰীৰ ক্ষেত্ৰত হিচাপহীন নগদ লেনদেনৰ প্ৰমাণ পোৱা গৈছে আৰু জব্দ কৰা হৈছে।
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'ব কোন?
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।
| web |
e909abab7ae401872263b7755127399d16bb6c15 | উল্লেখ্য যে, ৰঘুবংশ সিঙৰ জুনত ক'ভিড-১৯ ত আক্ৰান্ত হৈছিল আৰু তাৰ পিছত পাটনাৰ এইমছত ভৰ্ত্তি কৰোৱা হৈছিল। পুনৰ তেঁওক ক'ভিডৰ জটিলতাৰ সমস্যাৰ চিকিৎসাৰ বাবে দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল। বিগত দুদিনত তেখেতৰ স্বাস্থ্যৰ বহু পৰিমাণে অৱনতি ঘটে আৰু ভেন্টিলেটৰত ৰখাৰ ব্যৱস্থা কৰে ।
আনহাতে সূত্ৰত প্ৰকাশ যে, শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভূগি আজি পুৱা প্ৰায় ১১ বজাত সিঙে শেষ নিশ্বাস ত্যাগ কৰে । প্ৰায় চাৰি দশকৰ ৰাজনীতিবিদ ৰঘুবংশ প্ৰসাদ সিঙক দেশৰ গ্ৰামীণ ও কৃষিক্ষেত্ৰৰ বিশেষজ্ঞ হিচাপে গণ্য কৰা হৈছিল । | web |
c7d2a85cbe16ce8676f75119c700e15de4a60ab1 | নিউজ ডেক্সঃ
২০২১ৰ নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে বৃদ্ধি পাইছে আছুৰ নতুন ৰাজনৈতিক দল গঠনৰ ৰণকৌশল। আছু-জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হোৱা ১৬ জনীয়া পৰামৰ্শদাতাৰ কমিটি আজি দ্বিতীয়খন বৈঠকত মিলিত হৈছে। গুৱাহাটী পানবজাৰ হোটেল প্ৰাগ কন্ত্রিনেলত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠকখন।
কমিটিৰ প্ৰায় সংখ্যক সদস্যৰ উপস্থিত থকা বৈঠকত উপস্থিত আছে কমিটিৰ সমন্বয়ক আছুৰ সাধাৰণ সম্পাদক লোৰিনজ্যোতি গগৈ।
উল্লেখ বৈঠকত নতুন ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভতো হৈছে গুৰুত্ব আলোচনা। বিজেপিৰ চৰকাৰক প্ৰতিহত কৰা বাবে ৰাজনৈতিক শক্তি কিদৰে উত্থান হ'ব লাগিব বিস্তৃত আলোচনা হৈছে বৈঠকত।
ইয়াৰ উপৰিও পৰামৰ্শদাতা কমিটিয়ে শৈক্ষিক, ৰাজনৈতিক, অৰ্থনৈতিক বিষয়ৰ ওপৰতো বৈঠকত আলোচনা কৰা বুলি আছু সম্পাদক লোৰিনজ্যোতি গগৈয়ে কয়। কমিটিৰ পৰামৰ্শৰ ভিত্তিত আগন্তক দিনত জাতীয় জীৱনৰ কৰ্মসূচীত আগবাঢ়িব বুলিও তেওঁ লগতে কয়।
গুৰুত্বপূৰ্ণ কথা এই যে কমিটিৰ পৰামৰ্শৰ ভিত্তিতে আছুৱে গঠন কৰিব নতুন ৰাজনৈতিক শক্তি। | web |
c3e5df28a411e7320cf59e9c821bc780f1ae7661 | ৰাজহুৱা খণ্ডৰ উদ্যোগৰ প্ৰতি মোডী চৰকাৰৰ নাই সদিচ্ছা। এই গুৰুত্বপূৰ্ণ মন্তব্য অল ইউনিয়ন এণ্ড এছ'চিয়েচন অব্ বিএছএনএল সন্থাৰ। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক বিশেষ সংবাদমেল সম্বোধন কৰি স্বৰূপ চক্ৰৱৰ্তীয়ে কয় যে সমগ্ৰ দেশত এতিয়া ৪জি মোবাইল নেটৱৰ্ক ব্যৱস্থা আৰম্ভ হ'ল। কিন্তু ভাৰত চৰকাৰৰ অধীনৰ টেলিকম সেৱা প্ৰদানকাৰী বিএছএনএলত আজি পৰ্যন্ত সংযোজন নহ'ল ৪জি সেৱা। তাৰফলত চৰকাৰৰ অধীনৰ টেলিকম সেৱা প্ৰতিষ্ঠানটোৰ প্ৰতি অনীহা আৰম্ভ হৈছে গ্ৰাহকসকলৰ মাজত। ইয়াৰ উপৰি এই সংবাদমেলতে বিএছএনএলৰ কৰ্মচাৰী সন্থাৰ বিজয় ডেকাই কয় যে বিএছএনএলৰ কৰ্মচাৰীসকলে পাবলগা দীৰ্ঘদিনীয়া দাবী তৃতীয় দৰমহা গাঁথনি আজি পৰ্যন্ত পোৱা নাই কৰ্মচাৰীসকলে।
ইয়াৰ উপৰি কৰ্মচাৰীসকলৰ পেঞ্চন ৰিভাইবেছ ব্যৱস্থা আজিও সমাধান নহ'ল। তাৰ প্ৰতিবাদত অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ সমগ্ৰ ভাৰতবৰ্ষত বিএছএনএলৰ কৰ্মচাৰীসকলে পালন কৰিব কৰ্মবিৰতি কাৰ্যসূচী। সমগ্ৰ ভাৰতবৰ্ষত পালন কৰিবলগা এই কৰ্মবিৰতিৰ ফলত সমগ্ৰ দেশতে বন্ধ থাকিব বিএছএনএলৰ সমূহ মাণ্ডলিক কার্যালয়। অৱশ্যে গ্ৰাহকৰ সুবিধাৰ বাবে এই কৰ্মবিৰতিৰ সময়ছোৱাত বিএছএনএলৰ সেৱাসমূহ অব্যাহত থাকিব বুলিও জানিবলৈ দিয়ে সন্থাটোৱে। | web |
003b78b3856b836c9b1f7b92408905a171296ad4 | উত্তৰপ্ৰদেশৰ লখিমপুৰ খেৰিত কৃষক হত্যাৰ প্রতিবাদত ধৰ্ণাত বহি আটক নভজোৎ সিং সিধু । সোমবাৰে পুৱাৰ পৰা পঞ্জাৱৰ কিছুসংখ্যক কংগ্রেছ নেতা আৰু বিধায়কৰ স'তে চণ্ডীগড়ৰ ৰাজভৱনৰ বাহিৰত অৱস্থান-ধৰ্মঘট কৰিছিল সিধুৱে । কেন্দ্রশাসিত অঞ্চল চণ্ডীগড়ৰ আৰক্ষীয়ে তেওঁলোকক আটক কৰে ।
দেওবাৰে লখিমপুৰত নিহত কৃষকসকলৰ স'তে দেখা কৰিবলৈ যোৱাৰ পথত কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীক আটক কৰে আৰক্ষীয়ে । পঞ্জাৱৰ মুখ্যমন্ত্রী চৰণজিৎ সিং চন্নীয়ে সোমবাৰে হেলিকপ্টাৰত লখিমপুৰত যাবৰ বাবে উত্তৰপ্রদেশ চৰকাৰৰ পৰা অনুমতি বিচাৰিছিল যদিও নাপায় ।
সিধুসহ পঞ্জাৱৰ কংগ্রেছ বিধায়কসকলৰ দাবী, শীঘ্ৰে বিৰোধীসকলক লখিমপুৰ পৰিদর্শনৰ অনুমতি দিব লাগে যোগী চৰকাৰে । লগতে, কেন্দ্রীয় কৃষি আইন প্রত্যাহাৰ আৰু লখিমপুৰ হিংসাত অভিযুক্ত কেন্দ্রীয় গৃহ প্রতিমন্ত্রী অজয় মিশ্রৰ পুত্ৰ আকাশৰ বিৰুদ্ধে আইনী পদক্ষেপৰ দাবী উত্থাপন কৰে তেওঁলোকে । | web |
71b60c71b606233adc82ad22e051766a57c2e0a9 | নিউজ ডেস্কঃ
শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ। দিছপুৰ আৰক্ষী থানাই বিধায়ক আবাসৰ পৰা গ্ৰেপ্তাৰ কৰে বাঘবৰৰ কংগ্ৰেছী বিধায়ক গৰাকীক।
উল্লেখ্য যে অসম আন্দোলনৰ শ্বহীদক ঘাটক আখ্যা দিছিল শ্বেৰমানে।
পাছতে সমগ্ৰ ৰাজ্যজুৰি গ্ৰেপ্তাৰৰ দাবী উঠিছিল। বিভিন্ন থানাত জাতীয় দল-সংগঠনে দাখিল কৰিছিল এজাহাৰ।
আনহাতে কংগ্ৰেছ দলেও বিধায়ক আলিক তিনিদিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। লগতে বিজেপি এজেণ্ট আখ্যা দিছিল কংগ্ৰেছৰ নেতৃত্বই। | web |
ecde32196ba8f2a256a36c56d97bb6174e0a1273ced1f8a9e33dff2dc6c19d1d | প্রাচীন অসমীয়া সাহিত্যৰ প্ৰাঞ্জল ধাৰা
জন্মে জন্মে ৰামে গতি
ৰামত কৰোক মতি
ৰাম পাৱে থাকোক ভকতি ।
( শঙ্কৰদেৱ, উত্তৰাকাণ্ড) জনকবি শঙ্কৰদেৱ মাধৱদেৱ, অনন্ত কালী প্রভৃতিয়ে ভালদৰে উপলব্ধি কৰিছিল যে নিশ্চয় একেশ্বৰবাদী ভাগৱতী ধৰ্ম্ম জনসমাজত প্ৰকট কৰি তোলাৰ কাৰণে ৰাম-কাহিনীও সহায়ক হব। তাৰোপৰি এৰামচন্দ্ৰৰ কাহিনী জন সমাজত বহুদিন পূৰ্বৰেপৰা প্ৰচলিত হৈ আহি থকা কথা কবিসকলে উপলব্ধি কৰিছিল ।
ইতিমধ্যে মাধৱ কন্দলীৰ ৰামায়ণেও বহুল জনপ্রিয়তা লাভ কৰি ৰাম কাহিনীক আদৰণীয় কৰি তুলিছিল। গতিকে ৰাম মাহাত্ম্য আস্বাদনীয়, আকর্ষণীয় আৰু সৰৱৰহী হোৱাটো স্বাভাবিক কথা বুলি তেওঁলোকে ভাবি ৰাম বিষয়ক আৱশ্যকীয় পদ-পুথি ৰচনা কৰাৰ শ্ৰম কৰিবলৈ লয়। এফালে বৈষ্ণৱ সাহিত্যিকৰ উদ্দেশ সাধন আৰু আনফালে অসমীয়া ৰামায়ণী সাহিত্যৰ পূৰ্ণাঙ্গ ৰূপদান - এই দুয়োটা উদ্দেশ্যই বৈষ্ণৱ কবিৰ হাতত সাৰ্থকতা লাভ কৰিলে।
"ৰাম-কথা" ৰচকসকলৰ ভিতৰত বৈষ্ণৱ যুগৰ তথা অসমীয়া সাহিত্যৰ সৰ্ব শ্রেষ্ঠ বহুমুখী প্রতিভাশালী অপ্রতিদ্বন্দ্বী কবি শ্রীমন্ত শঙ্কৰদেৱ আৰু চিৰকৌমার্য ব্রতী মাধবদেৱৰ নাম উল্লেখযোগ্য। 'জ্ঞানশূ্য-শিশুমতি কেশৱ কিন্তুৰ শঙ্কৰে নিজৰ দোষ মৰিষণ কৰিবৰ বাবে বুদ্ধলোকক কৰষোৰে প্ৰাৰ্থনা জনাই 'দীর্ঘ হয় নানা ছন্দে বিৰচিলা পদবদ্ধে শেষ কথা উত্তৰাকাণ্ড'ৰ বুলি কৈ ৰামায়ণ কাহিন ৰচনাৰ কামত হাত দিয়ে। মহাপুৰুষ শঙ্কৰদেৱে ৰাম চৰিত বিষয়ক উত্তৰাকাও আৰু 'ৰামবিজয়' নাটক আৰু দুই চাৰিটা স্বত, ভটিমা, ৰচনা কৰি থৈ গৈছে মাধৱ কন্দলীৰ পাঁচকাও ৰামায়ণহে অসমীয়াত দেখিবলৈ পাই বৈষ্ণৰ কবি শঙ্কৰজ্যের কদলী ৰামায়ণত নথকা 'আধিকাও' আৰু 'উত্তৰাকাও' সংযোগেৰে ৰামায়ণ কাবা সম্পূৰ্ণ কৰি তুলিবলৈ নিজে উত্তৰাকাও' ৰচনা কৰিবলৈ লয় আৰু তেওঁৰ একাৰ শিশু চিৰকৌমার্যব্রতী মাধৱদেৱক 'আধিকাও' ৰচনা কৰিবলৈ পালা দিয়ে। ভাৰতৰ আছি মহাকবি বাল্মীকিৰ পাচকাও ৰামায়ণ পৰৱৰ্তীকালৰ কবিয়ে সাতকাও যুক্ত কৰি তোলাৰ দৰে অসমীয়া আদি মহাকবি কথলীৰ পাচকাও ৰামায়ণৰ পৰবৰ্তী কবি মাধৱদের আৰু শৰদেৱে 'আখি' আৰু 'অ'ত দুট ফাও সংযোগ কৰি সপ্তকাওগৈ উন্নীত কৰে। মহাপুরুষ শঙ্কৰদেৱে উত্তৰ
| pdf |
a7955b1d891417654494af10bfd0d453f14b0938 | নিউজ ডেস্কঃ
চিত্ৰকলা, হস্তনিৰ্মিত সামগ্ৰী চাল-চুলিৰ যতন, খাদ্য-সামগ্ৰী, বিহুৰ পিঠা-পনা আৰু দীৰ্ঘস্থায়ী কাপোৰলৈকে, উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীয়ে নিজে প্ৰস্তুত কৰা সামগ্ৰী সম্ভাৰেৰে গুৱাহাটীত শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হৈছে এখন বিশেষ আকৰ্ষণীয় প্ৰদৰ্শনী তথা বিক্ৰীৰ কাৰ্যসূচী। গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত তিনিদিনীয়াকৈ ১০এপ্ৰিললৈ অনুষ্ঠিত হ'ব এই প্ৰদৰ্শনী তথা বিক্ৰীৰ কাৰ্যসূচী। প্ৰদৰ্শনীত ২০গৰাকী উদিয়মান প্ৰতিভাসম্পন্ন শিল্পীয়ে একক বৈশিষ্টপূৰ্ণ সৃষ্টিৰাজী প্ৰদৰ্শন কৰিছে। শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা প্ৰদৰ্শনথলী উদ্বোধন কৰে জনপ্ৰিয় নেচাৰেল অনুৰাধা ফেব্ৰিক ব্ৰেণ্ডখ্যাত অনুৰাধা কুলীয়ে। কাৰ্যসূচীৰ প্ৰথম দিনা ৰাইজৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি পোৱাৰ কথা জানিব দিয়ে আয়োজকসকলে। | web |
ba041c4556d57432aa4f2851a96ad5cd7c499be5 | ১৯২৭ চনৰ ৯ জানুৱাৰী তাৰিখে উত্তৰাখণ্ডৰ মৰোডাত জন্মলাভ কৰা পৰিৱেশ কৰ্মী সুন্দৰলাল বহুগুণাই ২১ মে' ২০২১ তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি শোক প্ৰকাশ কৰিছোঁ। চিপকো আন্দোলন আৰু তেহৰী বান্ধ বিৰোধী আন্দোলনৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আন্দোলনক এক নতুন গতি দিয়া পৰিৱেশ কৰ্মীজনৰ মৃত্যু সমগ্ৰ বিশ্বৰ বাবে অপূৰণীয় ক্ষতি।
বিমলা বহুগুণাৰ সৈতে সুন্দৰলাল বহুগুণাই এটা চৰ্তত বিবাহপাশত আৱদ্ধ হৈছিল। সেই চৰ্ত আছিল যে তেওঁ গাঁৱতে বাস কৰিব আৰু তাত এখন আশ্ৰম খুলিব। মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত সুন্দৰলাল বহুগুণাই খোজ কাঢ়ি, পদযাত্ৰা কৰি ভাল পাইছিল।
১৯৮৬ চনত জম্নলাল বাজাজ বঁটা, ১৯৮৭ চনত ৰাইট লাইভলিহোড বঁটা, ১৯৮৯ চনত আই আই টি ৰুৰকিৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী আৰু ২০০৯ চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত হৈছিল পৰিৱেশকৰ্মীগৰাকী। ১৯৮১ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল যদিও তেওঁ সেই সন্মান প্ৰত্যাখান কৰিছিল।
প্ৰকৃতি প্ৰেমৰ কথা ক'লেই আমাৰ মনলৈ প্ৰথমে আহে চিপকো আন্দোলনৰ কথা। চিপকো শব্দৰ অৰ্থ হ'ল সাৱটি ধৰা। সত্তৰ দশকত আৰম্ভ হোৱা এই আন্দোলন কেৱল এক আন্দোলন নহয়, ই ভাৰতবৰ্ষৰ প্ৰতিজন মানুহক শিকাই যোৱা প্ৰকৃতি প্ৰেমৰ আদিপাঠ। সেই সময়ৰ অবিভক্ত উত্তৰ প্ৰদেশৰ তথা বৰ্তমানৰ উত্তৰাঞ্চলৰ এখন ৰেণী গাঁৱৰ গাঁওবাসীয়ে ওচৰৰ অৰণ্যৰপৰা খৰি, ফলমূল আদি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিছিল। এবাৰ এজন ঠিকাদাৰে সেই অৰণ্যৰপৰা গছ কাটিবলৈ আহোঁতে গাঁৱৰ মহিলামণ্ডলে গৌৰা দেৱীৰ নেতৃত্বত গছবোৰ সাৱটি ধৰি থাকিল আৰু গছবোৰ কটাত বাধা দিলে। ফলত ঠিকাদাৰ উভতি যাবলৈ বাধ্য হ'ল। চিপকো আন্দোলনৰ দৰেই অন্য এক আন্দোলন হৈছিল ১৮শতিকাত, ৰাজস্থানৰ প্ৰসন্ন খামকাৰ গাঁৱত। ৰজাই এটা দুৰ্গ সাজিবলৈ কাঠৰ প্ৰয়োজন হোৱাত বিষ্ণৈ সম্প্ৰদায় বাস কৰা গাঁওখনৰ কাষৰ অৰণ্যৰপৰা গছ কাটিবলৈ নিৰ্দেশ দিছিল। কিন্তু গাঁৱৰ মানুহে অমৃতা দেৱীৰ নেতৃত্বত গছবোৰ বচাবলৈ গছবোৰ সাৱটি ধৰি আছিল। ফলত গছ কাটিবলৈ অহা সৈন্য-সামান্ত সেই ঠাইৰপৰা উভতি যাবলগীয়া হৈছিল। এই কাৰ্যত ৰজাৰ খং উঠিল আৰু তেওঁ যেনেকৈ নহ'লেও গছ কাটি কাঠ আনিবলৈ নিৰ্দেশ দিয়ে। উপায়হীন সৈন্য বাহিনীয়ে গাঁওবাসীক আক্ৰমণ কৰে আৰু প্ৰায় ৩৬৩ গৰাকী বিষ্ণৈ সম্প্ৰদায়ৰ আবাসীয়ে খেজৰী গছ ৰক্ষা কৰি প্ৰাণ দিবলগীয়া হৈছিল।
১৯৭৩ চনত সুন্দৰলাল বহুগুণাৰ নেতৃত্বত চিপকো আন্দোলনে নতুন ৰূপ লাভ কৰে। হিমালয়ত অবাধ বনধ্বংসৰ প্ৰতিবাদত সুন্দৰলাল বহুগুণাই পদযাত্ৰা আৰম্ভ কৰে। এই যাত্ৰাই সমগ্ৰ দেশতে পৰিৱেশ সুৰক্ষাৰ এক নৱজাগৰণ আনে। সেই যাত্ৰাত লোক কবি ঘনশ্যাম মইলানিৰ বিখ্যাত 'বননিক ৰক্ষা কৰা, নতুনকৈ গছ ৰোৱা, নতুন বননি সৃষ্টি কৰা' গীতটো গোৱা হৈছিল।
ইয়াৰ উপৰি তেখেতে তেহৰী বান্ধৰ বিপক্ষে এক প্ৰবল গণ আন্দোলন গঢ়ি তুলিছিল। তেওঁ স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ৰ সত্যাগ্ৰহীসকলৰ এজন অন্যতম নেতা আছিল। | web |
d0d8dc8398c7a09734426082b30142dfee7cdef9 | শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই মিছন 'ছৌলফুল শিৱসাগৰ' অভিযানৰ অধীনত যোৱা ৭ জানুৱাৰিত আৰম্ভ কৰা 'খেল' শিৱসাগৰ খেল' শীৰ্ষক অভিলাসী ক্ৰীড়া পদক্ষেপৰ দেওবাৰে স্থানীয় পিয়লি ফুকন ষ্টেডিয়ামত সফল সামৰণি পৰে।
'খেল' শিৱসাগৰ খেল'-ৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ তথা গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে নিজ বক্তব্যত জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নতিৰ বাবে জিলা উপায়ুক্তই গ্ৰহণ কৰা প্ৰচেষ্টা সমূহৰ ভূয়সী প্ৰশংসা কৰে।
'খেল' শিৱসাগৰ খেল'য়ে জিলাখনত ক্ৰীড়াৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সুচনা কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনৰ প্ৰচেষ্টা সমূহত অভিভাৱক, শিক্ষাগুৰু আৰু ৰাইজক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
ক্রীড়াৰ জনপ্ৰিয়তা বৃদ্ধি আৰু খেলুৱৈ সকলক উৎসাহিত কৰাৰ এই মহৎ প্ৰচেষ্টাৰ ধাৰাবাহিকতা ৰক্ষাৰ নিতান্তই প্ৰয়োজনীয়তা আছে বুলি তেওঁ দৃঢ় মত পোষণ কৰে।
খেলৰ দ্বাৰা শাৰীৰিক-মানসিক শ্ৰীবৃদ্ধি ঘটে বুলি মন্তব্য কৰি তেওঁ সৰুৰে পৰা শিশুসকলক খেলৰ প্ৰতি ধাউতি বঢ়াবলৈ আহ্বান জনায়।
মন্ত্ৰী গৰাকীয়ে জিলাখনৰ ক্রীড়া খণ্ডৰ উন্নতিৰ হকে প্ৰয়োজনীয় চৰকাৰী সহযোগিতা আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰে।
থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে ভাষণ প্ৰসংগত জিলা প্ৰশাসন আৰু উপায়ুক্তৰ প্ৰচেষ্টাৰ শলাগ লৈ কয় যে এনে প্রচেষ্টাই নিশ্চিতভাৱে খেলুৱৈসকলক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব।
তেওঁ কয় যে খেলৰ জড়িয়তে স্বাস্থ্য ৰক্ষাৰ লগতে নিজকে প্ৰতিষ্ঠা কৰা আৰু জিলা, ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা সম্ভৱ হৈ উঠে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি ৰমেন দত্তই কয় যে, এছ'চিয়েশ্যনৰ ফালৰ পৰা ৰাজ্য খনত অতি কমেও ১০ খন খেলপথাৰ স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে। এই সন্দৰ্ভত অন্ততঃ ৩০ বিঘাকৈ মাটিৰ প্ৰয়োজন, যাৰ বাবে জিলাৰ ক্রীড়া বিভাগ সমুহক আগবাঢ়ি আহিবলৈ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।
ক্রীড়াৰ ক্ষেত্ৰত জিলাখনক স্বকীয় পৰিচয়েৰে মহীয়ান কৰি তোলাৰ প্ৰয়াস স্বৰূপে গ্ৰহণ কৰা 'খেল' শিৱসাগৰ খেল' অভিযানৰ সফল সামৰণিত সন্তুষ্টি প্ৰকাশ কৰি নিজ বক্তব্যত উপায়ুক্ত গৰাকীয়ে কয় যে, জিলাখনৰ খেলুৱৈ সকলৰ প্ৰতিভা আৰু সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য কৰিলে ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত যে তেওঁলোকে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব সেয়া সহজেই অনুমেয়।
জিলাখনে অদূৰ ভৱিষ্যতে একোগৰাকী অলিম্পিয়ানৰ লাভ কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলৰ ২৪ টা শিতানত অনুষ্ঠিত এই খেল' শিৱসাগৰ খেল'ৰ প্ৰতিযোগিতাৰ খেল সমূহত অংশগ্ৰহণকাৰীৰ বিপুল সঁহাৰি প্ৰত্যক্ষ কৰি তেওঁ অতিকে গৌৰৱান্বিত বুলি উল্লেখ কৰে।
ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ চয়নকর্তাৰ দল অহা ১৫ ফেব্ৰুৱাৰীত জিলাখনত আহি জিলাখনৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ পৰা বাচনি কৰি প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে চূড়ান্ত কৰিব।
তেওঁ লগতে অৱগত কৰে যে, জিলাখনৰ দুগৰাকী খেলুৱৈক অসম চৰকাৰৰ ফালৰ পৰা থাইলেণ্ডত এক্সপ'জাৰ ভিজিট (exposure visit)-ৰ বাবে প্ৰেৰণ কৰা হ'ব।
দেওবাৰে সামৰণি অনুষ্ঠানত ১৭ বছৰ বয়সৰ অনুৰ্দ্ধৰ ল'ৰা আৰু ছোৱালীৰ ফুটবল আৰু ১০০ মিটাৰ দৌৰৰ চূড়ান্ত প্ৰতিযোগিতাও অনুষ্ঠিত হয়।
অনুষ্ঠানটিত বিভিন্ন ক্রীড়া শিতানত বিজয়ী প্ৰতিযোগী সকলক বঁটা প্ৰদান কৰা হয়। | web |
c33d0861b1124c770a0a20215d9d3341b16c3156 | দৰ্শকসকলে দীৰ্ঘদিন ধৰি কালাৰ্ছ টিভিত 'বিগ বছ ১৬'ৰ বাবে অপেক্ষা কৰি আছে। অনুষ্ঠানটোৰ গণনা আৰম্ভ হৈছে। আজি, ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানটোৰ বিষয়ে ছ'চিয়েল মিডিয়াত এক প্ৰচণ্ড উন্মাদনা আছে। অনুষ্ঠানটোৰ নিৰ্মাতাসকলে অনুষ্ঠানটোৰ সৈতে সম্পৰ্কিত আপডেটেড ভিডিঅ' শ্বেয়াৰ কৰি অনুৰাগীসকলক নিৰন্তৰ উৎসাহিত কৰি আহিছে। ইফালে, অনুষ্ঠানটোৰ বিষয়ে অধিক আমোদজনক আৰু আকৰ্ষণীয় বাতৰি ওলাইছে। এইটো কোৱা হৈছে যে কমেডি অভিনেত্ৰী কৃষ্ণা অভিষেকক চলমান খানৰ এই ৰিয়েলিটি শ্ব'ত এক বিশেষ শৈলীত দেখা যাব। কৃষ্ণা অভিষেকে আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিছে।
আপোনাক কওঁ যে শেহতীয়াকৈ কৃষ্ণা অভিষেক দ্য কপিল শৰ্মা শ্ব' এৰি যোৱাৰ পিছত বাতৰিত আছিল। এতিয়া দেখা গৈছে যে তেওঁ কপিলৰ পক্ষ এৰি চলমান খানৰ সৈতে শক্তিশালী কিবা কৰিবলৈ গৈ আছে।
'বলীউড হাঙ্গামা'ৰ এক প্ৰতিবেদন অনুসৰি, কৃষ্ণা অভিষেকে আনুষ্ঠানিকভাৱে বিগ বছ ১৬ ত স্বাক্ষৰ কৰিছে। অৱশ্যে, তেওঁক অনুষ্ঠানটোত প্ৰতিযোগী হিচাপে দেখা নাযাব। তেওঁ অনুষ্ঠানটোৰ বিশেষ খণ্ডটো আয়োজন কৰিব। কৃষ্ণাই আয়োজন কৰিবলৈ যোৱা খণ্ডটোক বিগ বাজ বুলি কোৱা হয়। প্ৰতিবেদন অনুসৰি, তেওঁ এই শাখাৰ প্ৰতিযোগীসকলৰ সৈতে খেল খেলাৰ লগতে তেওঁলোকৰ বিষয়ে তেওঁৰ মতামত দিব।
- First Published : | web |
1daaaf1eb776b710a793a4fe4dfe10e126b73ab5 | চেলিব্ৰিটি দম্পতী ৰাহুল বৈদ্য আৰু দিশা পাৰমাৰে আজিৰ দিনটোত মুম্বাইৰ এখন হোটেলত বিবাহ পাশত আৱদ্ধ হৈছে। কেইঘণ্টামানৰ পূৰ্বে ৰাহুলে ইনষ্টাগ্ৰাম ষ্ট'ৰীজত 'Matthe Te Chamkan' শীৰ্ষক ৱেডিং গীতৰ পোষ্টাৰ শ্বেয়াৰ কৰিছিল।
পোষ্টাৰত দেখা গৈছে যে, দিচাই গহনা থকা লেহেঙ্গা পিন্ধিছে, আনহাতে ৰাহুলক কুৰ্তা পিন্ধা দেখা গৈছে। গাতটোত কণ্ঠদান কৰিছে ৰাহুল আৰু ঐশ্বৰ্য ভাণ্ডাৰীয়ে।
ইনষ্টাগ্ৰামত বিবাহৰ ভিডিঅ'ৰো কিছু আভাস দিয়া হৈছে। ৰাহুলক তেওঁৰ বন্ধুবৰ্গৰ সৈতে নৃত্য কৰা দেখা যায়। আজিৰ বিশেষ দিনটোৰ বাবে ৰাহুলে সোণালী ৰঙৰ কুৰ্তা পায়জামা পিন্ধিছে। ৰাহুলক সমৰ্থন কৰিবলৈ বিগ বছৰ ঘৰত প্ৰৱেশ কৰা গায়ক তোশী চাবৰীক আনসকলৰ মাজত দৰাৰ সৈতে নৃত্য কৰা দেখা গৈছে। আনহাতে, দিছাই ৰঙা শাৰী আৰু আকৰ্ষণীয় গহনা পিন্ধি প্ৰৱেশ কৰে।
- First Published : | web |
4b1a70feca6742cb88832dd36688fbabd4c6b950 | ৰেকৰ্ড ভংগ কৰি এক কিলোগ্ৰাম মনোহাৰী গ'ল্ড টি ৫০,০০০ টকাত বিক্ৰী । ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই গঢ়িলে অভিলেখ। মঙলবাৰে নিলাম বজাৰত বাগিচাখনৰ প্ৰতি কিলোগ্ৰাম চাহৰ দৰ উঠিল ৫০ হাজাৰ টকালৈ। মঙলবাৰে পুৱা গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত সৌৰভ টী ট্ৰেডাৰ্ছে ৫০ হাজাৰ টকাত কিনিলে ১ কিলোগ্ৰাম চাহ।
গুৱাহাটীৰ সৌৰভ টি ট্ৰেডাৰচ প্ৰাইভেট লিমিটেডে গ'ল্ড টি ২ কিলোগ্ৰাম ক্ৰয় কৰে। বিশ্বৰ ভিতৰতে নিলাম কেন্দ্ৰ বিক্ৰী হোৱাৰ ভিতৰত ৫০,০০০ সৰ্বাধিক ।
৪০ হাজাৰ টকাত নিলাম হৈছিল অৰুণাচলৰ ডনী পল বাগিচাৰ ১ কিলোগ্ৰাম চাহপাত। ইয়াৰ পূৰ্বে বিগত বৰ্ষত বাগানখনৰ চাহৰ দৰ উঠিছিল সৰ্বোচ্চ ৩৯,০০১ টপূৰ্বেকা পৰ্যন্ত।
গুৱাহাটী চাহ নিলাম ক্ৰেতা সন্থাৰ সভাপতি দিনেশ বিহানিয়ে প্ৰকাশ কৰে যে, " গুৱাহাটী চাহ নিলাম বজাৰৰ বাবে ই এটা গৌৰবৰ বিষয়। এই কেন্দ্ৰটোৱে চাহ ব্যৱসায়ী সকলক তেওঁলোকৰ উন্নত মানদণ্ডৰ চাহ উচ্চ দামত বিক্ৰী কৰাৰ এটা সুযোগ প্ৰদান কৰা হৈছে । দেশজুৰি উন্নত মানদণ্ডৰ চাহৰ চাহিদা বৃদ্ধি পাইছে । এনে অগ্ৰগতিয়ে চাহ ব্যৱসায়ী সকলক নিশ্চিত ভাৱে উৎসাহিত কৰিব । উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰা , কেন্দ্ৰত নিলাম কৰাৰ সুবিধা প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে ।
গুৱাহাটী চাহ নিলাম বজাৰৰ আন এজন বিষয়ায়ে প্ৰকাশ কৰে যে, " বিশ্বৰ ভিতৰতে মনোহাৰী গ'ল্ড চাহ , নিলাম বজাৰত সৰ্বোচ্চ দামত বিক্ৰী হৈ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে ।
এই সন্দৰ্ভত মনোহাৰী চাহ বাগিছাৰ মালিক ৰঞ্জন লোহিয়ায়ে প্ৰকাশ কৰে যে, গ'ল্ড টি উৎপাদনৰ বাবে বতৰ এইবাৰ প্ৰতিকুল আছিল আৰু এই বছৰ মাত্ৰ ৫ কিলোগ্ৰামহে উৎপাদনৰ কৰিব পৰা হৈছে । " লগতে তেওঁ প্ৰকাশ কৰে যে, " বতৰৰ বাবে উৎপাদন ভাল হোৱা নাছিল বুলি প্ৰকাশ কৰে ।
অসমৰ চাহ উদ্যোগৰ বাবে নিশ্চিত ভাৱে সু-খবৰ । অসমৰ চাহ ব্যৱসায়ী সকলক ইয়ে যথেষ্ট উৎসাহিত কৰিব। পূৰ্বে ৪০ হাজাৰ টকাত নিলাম হৈছিল অৰুণাচলৰ ডনী পল বাগিচাৰ ১ কিলোগ্ৰাম চাহপাত। ইয়াৰ পূৰ্বে বিগত বৰ্ষত বাগানখনৰ চাহৰ দৰ উঠিছিল সৰ্বোচ্চ ৩৯,০০১ টকা পৰ্যন্ত। এক কিলোগ্ৰাম মনোহাৰী গ'ল্ড টি ৫০,০০০ টকাত বিক্ৰী । ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই গঢ়িলে অভিলেখ।
পূৰ্বে চাহ নিলামত অসমৰ ডিব্ৰুগড় জিলাৰ ৰাজন লোহিয়া মালিকাধীন মনোহাৰী চাহ বাগিচাৰ মনোহাৰী গোল্ড চাহে কেজিত ৩৯,০০১ টকা সংগ্ৰহেৰে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। ২ কিলো মনোহাৰী চাহ ক্ৰয় কৰে সৌৰভ চাহ ট্ৰেডাৰচে। | web |
7a6fb19f45f9092d81feacc8bb9dc07d9597f875 | তামুলপুৰৰ গৌজল ফৌথাৰত উদুলি-মুদুলি পৰিৱেশত চলি আছে বড়ো সাহিত্য সভাৰ অধিবেশন। আজি ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ মুকলিসভাত উপস্থিত থাকে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ, পত্নী সবিতা কোৱিন্দ, ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ উত্তৰ-পূবৰ তিনিগৰাকী মুখ্যমন্ত্ৰী।
দেশৰ প্ৰথমগৰাকী নাগৰিক উপস্থিত থকা সভাখনত তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে অসমৰ হিমন্ত বিশ্ব শৰ্মা, মেঘালয়ৰ কনৰাড ছাংমা, ছিকিমৰ প্ৰেমছিং টামাং উপস্থিত থাকে।
অন্তিম দিনৰ মুকলিসভাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয়, 'মই আয়োজকক ধন্যবাদ জনাইছো। এই বড়ো সাহিত্য সভাৰ প্ৰতি ৰাইজৰ যথেষ্ট আদৰ আছে। বড়ো সাহিত্য সভালৈ বিদেশ ৰাষ্ট্ৰ বাংলাদেশ, ভূটান, নেপাল আৰু অন্য ৰাজ্যৰ অতিথি অহাটো যথেষ্ট গুৰুত্বপূৰ্ণ। বড়ো সমাজৰ লগত মোৰ পুৰণি সম্পৰ্ক আছে।
আনহাতে, বড়ো সাহিত্য সভাৰ মঞ্চৰ পৰা মুখ্যমন্ত্ৰীয়ে কয়, "১৯৫২ চনৰ ১৬ নৱেম্বৰত গঠন হোৱা বড়ো সাহিত্য সভাই বড়ো ভাষা আৰু সাহিত্যৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে নিৰন্তৰভাৱে কাম কৰি আহিছে।
এই উপলক্ষে বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি জয়চন্দ্ৰ হাগজেৰ, প্ৰথম সাধাৰণ সম্পাদক সোণাৰাম থাওচেন আৰু অন্যান্য মহান নেতাসকলক বড়ো ভাষা আৰু সাহিত্যৰ সমৃদ্ধিত অপৰিসীম অৱদান আগবঢ়োৱা বাবে গভীৰভাৱে স্মৰণ কৰিছোঁ।
উল্লেখ্য, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ মুকলিসভাত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, ৰাষ্ট্ৰপতিৰ সহধৰ্মিণী সবিতা কোৱিন্দ, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী ইউজি ব্ৰহ্মৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। | web |
a3a05005a9081166ce1de11d802cffe9ede4638e | শিশু হৈছে ধৰণীৰ সম্পদ। এই সম্পদসমূহক স্কুলীয়া সময়ছোৱাত সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীৰে সম্পৰ্কিত কৰি এগৰাকী শিশু অথবা ছাত্ৰক গঢ়ি তোলাৰ দায়িত্ব শিক্ষক সমাজৰ। সেই উদেশ্যে আজি গহপুৰ ছোৱালী হাইস্কুলত দিনৰ ১১ বজাৰ পৰা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, পূব ছয়দুৱাৰ খণ্ডৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিৱেশৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিজ্ঞান ভিত্তিত আকস্মিক বক্তৃতা, পোষ্টাৰ ড্ৰয়িং আৰু মডেল মেকিং প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
প্ৰতিযোগিতাখনিৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এখন উদ্বোধনী সভা অনুষ্ঠিত কৰে। সভাৰ উদ্বোধন কৰে কবিৰাজ শৰ্মাই। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে পবিত্ৰ শইকীয়াই। উক্ত সভাত সভাপতিত্ব কৰে জগদীশ শৰ্মাই। সমন্বয়ক ললিত ভূঞা আৰু তত্ত্বাৱধায়ক সঞ্জয় বিশ্বৰ্কমা। ২০খন বিদ্যালয়ৰ দ্বিশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে উক্ত বিজ্ঞান প্ৰতিযোগিতাত। কিছুসংখ্যকে প্ৰতিযোগিতাৰ বাবে প্ৰদৰ্শন কৰিলে বিজ্ঞান মডেল মেকিং প্ৰকল্প, কিছুসংখ্যকে ছবি অঁকা, আকস্মিক বক্তৃতাত অংশগ্ৰহণ কৰি প্ৰতিযোগিতাখনি সফল কৰি তোলে।
উক্ত প্ৰতিযোগিতাত বিচাৰকৰূপে উপস্থিত থাকে ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাজু ওজা, বিপুল দাস, দিপন দিহিঙ্গীয়া, বিশ্বজিৎ বৰদলৈ, বলিন হাজৰিকাই। প্ৰতিযোগিতাৰ অন্তত বিভিন্ন বিভাগত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মডেল মেকিং প্ৰতিযোগিতাৰ ১ম, ২য়, ৩য় স্থান লাভ কৰে ক্ৰমে অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ ঈশ্বৰানন্দ শইকীয়া, জ্ঞানভাৰতী পাব্লিক স্কুলৰ মুনলিনা হাজৰিকা, ছেণ্ট যোচেফ স্কুলৰ ভাৰ্গৱ শইকীয়াই। পোষ্টাৰ ড্ৰয়িংত ১ম, ২য় আৰু ৩য় স্থান লাভ কৰে ক্ৰমে গহপুৰ টাউন হাইস্কুলৰ দেৱজিৎ পাল, অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়ৰ ভূমি বৰা, যুটীয়াভাৱে গহপুৰ কলেজিয়েটৰ লাচিত বৰা আৰু জ্ঞানভাৰতীৰ জ্যোতি বসুমতাৰীয়ে। আকস্মিক বক্তৃতাত ১ম, ২য়, ৩য় ক্ৰমে ছেণ্ট যোচেফৰ অভিলেখ বৰা, টাউন স্কুলৰ ইলোৰা ভূঞা, নেহেৰু হাইস্কুলৰ ডলী মুদৈ। ফলাফলৰ শেষত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। | web |
9b8d4008f70fc61ec8ef36bb36607b5279281e0e | আজি সংঘটিত হ'ল এক ভয়ংকৰ দুৰ্ঘটনা।
মাটিৰ পৰা বহু ওপৰেৰে চলি গৈ থকা এখন কেবল কাৰ হঠাতে তাঁৰৰ পৰা বিচ্ছিন্ন হৈ সৰি পৰিল বহু তললৈ।
এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটিছে ৯ গৰাকীকৈ পৰ্যটকৰ। ঘটনাটোত আহত হৈছে দুটি কণমানি শিশু। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ইটালীত।
দেওবাৰে ইটালীৰ ট্ৰেছা নামৰ চহৰ খনৰ পাৰ্বত্য অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা। ট্ৰেছাত থকা লেক মাগিৱৰেৰ পৰা আল্পছ পৰ্বতৰ এটা চূড়াৰ মাজত চলাচল কৰা কেবল কাৰ এখনেই হঠাতে তাঁৰৰ পৰা চিগি তললৈ সৰি পৰে।
ইটালীৰ আল্পাইন উদ্ধাৰকাৰী দলৰ মুখপাত্ৰ চাইমন ববিঅ'ই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে কেৱল কাৰ খনত মুঠ ১১ গৰাকী যাত্ৰী আছিল।
কেবল কাৰ খন তললৈ সৰি পৰাত ৯ জন লোকৰ মৃত্যু ঘটে। ঘটনাটোত আহত শিশু দুটিক উদ্ধাৰ কৰি হেলিকপ্তাৰেৰে চিকিৎসাৰ বাবে কাষৰে টুৰিন চহৰলৈ প্ৰেৰণ কৰা হৈছে। শিশু দুটিৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে।
কি কাৰণত কেবল কাৰ খন তাঁৰৰ পৰা চিগি পৰিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। দুৰ্ঘটনাটোত নিহত পৰ্যটকসকল কোন দেশৰ নাগৰিক সেয়াও জনাটো সম্ভৱ হোৱা নাই। কেবল কাৰ খন বহু উচ্চতাৰ পৰা সৰি পৰি তলত থকা গছৰ মাজৰে আহি পৰে।
উল্লেখ্য ক'ৰ'নাতংকৰ বাবে বহু দিন ধৰি বন্ধ হৈ থকা কেবল কাৰ কিছুদিন পূৰ্বে খোলা হৈছিল। আল্পছ পৰ্বতৰ ট্ৰেছাৰ কেবল কাৰ পৰ্যটকসকলৰ মাজত অতি জনপ্ৰিয়।
১৯৭০ চনৰ আগষ্ট মাহত আৰম্ভ কৰা হৈছিল ট্ৰেছা কেবল কাৰ সেৱা। এই স্থানত দুৰ্ঘটনা খুব কমেইহে সংঘটিত হৈছে। | web |
c7e09dd9f06ba05dc0b7de49aa1ec8f64f8d9671 | নতুন দিল্লী : অসমকে ধৰি দেশৰ ৫ খন ৰাজ্য ক্ৰমে কেৰালা, পশ্চিমবংগ, তামিলনাডু আৰু পডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত সুনিল অৰোৰাই জানিবলৈ দিয়া মতে, অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত অহা ২৭ মাৰ্চ, দ্বিতীয় পৰ্যায়ত ১ এপ্ৰিল আৰু তৃতীয় পৰ্যায় ৬ এপ্ৰিলত অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত নিৰ্বাচনৰ বাবে ২ মাৰ্চত অধিসূচনা জাৰি কৰিব। এই পৰ্যায়ত প্ৰাৰ্থীয়ে ৯ মাৰ্চলৈকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ১০ মাৰ্চত মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ শেষ তাৰিখ ১২ মাৰ্চ। আনহাতে, ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৫ মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত প্ৰাৰ্থীসকলে ১২ মাৰ্চলৈকে মনোনয়নপত্ৰ দাখিল কৰিব পাৰিব। ১৫ মাৰ্চত মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ শেষ তাৰিখ ১৭ মাৰ্চ। ইপিনে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১২ মাৰ্চত অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে ১৯ মাৰ্চলৈকে মনোনয়নপত্ৰ দাখিল কৰিব পাৰিব। ২০ মাৰ্চত মনোনয়নপত্ৰ সমূহ পৰীক্ষা কৰা হ'ব। মনোনয়নসমূহ প্ৰত্যাহাৰৰ শেষ তাৰিখ ২২ মাৰ্চ। প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে মনোনয়নপত্ৰ জমা দিব পাৰিব। অহা ২ মে'ত ভোটগণনাৰ দিন ধাৰ্য কৰা হৈছে।
উল্লেখযোগ্য যে, কোৱিড-19ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহত ২ লাখ ৭০ হাজাৰটা ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। ৫ খন ৰাজ্যৰ ৮২৪ টা সমষ্টিত ১৮ কোটি ভোটদাতাই ভোটদান সাব্যস্ত কৰিব। নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি কোৱিড আক্ৰান্ত আৰু লক্ষণযুক্তসকলৰ বাবে পৃথক ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। তদুপৰি ভোটদানৰ সময়সীমা ১ ঘণ্টা বৃদ্ধি কৰা হ'ব। ইফালে নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ সময়ত মাত্ৰ ৫ জন লোক যাব পাৰিব। | web |
d917576af1bba68f006b152a90365cba595bb915 | আজি মৰিগাঁও জিলাৰ লাহৰীঘাট খন্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কমিনিউটি হলত দিনৰ ১২ বজাত মৰিগাঁও AHSUS Foundation ৰ উদ্যোগত প্ৰশিক্ষণ প্ৰাপ্ত সংখ্যালঘু সম্প্রদায়ৰ মহিলা সবলীকৰণৰ মান পত্র প্ৰদান কৰাৰ বাবে এখনি আনুষ্ঠানিক সভা অনুষ্ঠিত হয়। মুকলি সভাটি সঞ্চালনা কৰে AHSUS foundation ৰ প্রধান সঞ্চালক তথা জিলাৰ জেষ্ঠতম সাংবাদিক উপেন চন্দ্র ডেকাই। গোটেই অনুষ্ঠানটিৰ আঁত ধৰে AHSUS foundation ৰ প্ৰধান সচিব আহাদ উল্লাহ হাজৰিকাই। মূখ্য অতিথি হিচাপে অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক আব্দুল কুদ্দুছ ডাঙৰীয়া উপস্থিত আছিল। অনুষ্ঠানটিত ৭ টা আত্ম সহায়ক গোটৰ ১৭৫ জনী প্ৰশিক্ষণ প্ৰাপ্ত মহিলাক মানপত্র প্ৰদান কৰা হয়। উল্লেখ্য যে বিগত ১২ অক্টোবৰত কাঠনি গাঁও পঞ্চায়তৰ কমিনিউটি হলত ৭ টা আত্ম সহায়ক গোটৰ মহিলা সকলক AHSUS foundation ৰ উদ্যোগত নঈ- ৰশ্মি আঁচনিৰ জৰিয়তে সংখ্যালঘু সম্প্রদায়ৰ মহিলা সকলক মহিলা সবলীকৰণৰ ওপৰত ৬ দিনীয়া প্ৰশিক্ষণ শিবিৰ পাতি প্ৰশিক্ষণ দিয়াইছিল। আজি তাৰেই লগত সংগতি ৰাখি প্ৰশিক্ষণত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা মহিলা সকলকআনুষ্ঠানিক ভাবে প্ৰ পত্র প্ৰদান কৰা হয়। অৱশ্যে মুকলি সভাত মহিলা সবলীকৰণৰ ওপৰত বিশেষ আলোচনাৰ কাৰ্যসূচীও ৰখা হয়।
- থানাৰ সমুখত উত্তাল জনতা, সোণাপুৰত ১৬ বছৰীয়া কিশোৰী বলি হ'ল ধৰ্ষণ আৰু হত্যাৰ! | web |
32d4ddd026e6726e0c6b304c0071dc0d0d0c6739 | ১৮৯৫ চনৰ ১৫ ছেপ্টেম্বৰত বৰপেটাৰ শিলা গাঁৱত জন্মগ্ৰহণ কৰা শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা অসমৰ জাতীয় জীৱনৰ এটা পাহৰিব নোৱৰা নাম। এগৰাকী সৈনিক ব্ৰজনাথে স্বাধীনতা আন্দোলনত স্বদেশৰ বাবে লোৱা ভূমিকাৰ কথা ইতিহাসৰ এটি স্বৰ্ণিল অধ্যায়।
বৰনগৰৰ বুকুত বিপ্লৱৰ নিচান উৰুৱাই ব্ৰিটিছৰ নিদ্ৰাহৰণ কৰা 'বজ্ৰ ওস্তাদ'ৰ জীৱনটোও আছিল সংগ্ৰামৰেই নামান্তৰ। নানা ঘাত-প্ৰতিঘাতৰ মাজতো থমকি নোৰোৱা এটা অপৰাজেয় সত্ত্বা আছিল ব্ৰজ শৰ্মা।
একাধাৰে সুদক্ষ অভিনেতা, নাট্যকাৰ আৰু অসমৰ ভ্ৰাম্যমাণ নাটকৰ জনক তথা সহ অভিনয়ৰ বাটকটীয়া ব্ৰজনাথ শৰ্মাই তদানীন্তন ৰক্ষণশীল সমাজখনৰ প্ৰত্যাহ্বান নেওচি অসমীয়া শিল্প-সংস্কৃতিৰ বাবে অহোপুৰুষাৰ্থ কৰাই নহয়, '৪২ৰ ভাৰত ত্যাগ আন্দোলনত সৰভোগৰ বেঁকী নৈৰ পাৰত থকা ব্ৰিটিছৰ সামৰিক ঘাটি নিশাৰ ভিতৰতে জ্বলাই দি ইংৰাজৰ প্ৰভুত্বকো প্ৰত্যাহ্বান জনাইছিল।
বৰনগৰৰ এদল দুৰন্ত সহযোদ্ধাক লগত লৈ ব্ৰজ শৰ্মাই অসীম সাহসেৰে, সুপৰিকল্পিতভাৱে বিমান ঘাটি জ্বলাই দি বৰনগৰত স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক বীৰগাঁথাৰ সংযোজন ঘটাইছিল।
ৰাজ্য চৰকাৰে ইতিমধ্যে শিল্পীগৰাকীৰ নামত সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা বঁটা প্ৰৱৰ্তন কৰিছে। বৰনগৰত তেওঁৰ এটা প্ৰতিমূৰ্তি স্থাপনো কৰিলে। বহু অপেক্ষাৰ অন্তত সৈনিক শিল্পীগৰাকীয়ে চৰকাৰী স্বীকৃতিবোৰ যেন পাবলৈ আৰম্ভ কৰিছে।
অভিনয়াচাৰ্য হিচাপে স্বীকৃতি পোৱা ব্ৰজনাথ শৰ্মাই সেই সময়ৰ অসমত যি নাট্য আন্দোলনৰ সূচনা কৰিছিল, তাৰ বাবে তেওঁ যি ত্যাগ কৰিছিল, সেই সকলোবোৰ ইতিহাসৰ এটি অবিস্মৰণীয় অধ্যায়।
স্বাধীনতা আন্দোলনৰ ১৪১ গৰাকী বীৰ মুক্তিযোদ্ধাৰ বীৰভূমি বৰনগৰতে নাট্য আন্দোলনৰ সূচনা কৰি তথা সহ-অভিনয়ৰ পাতনি মেলি ব্ৰজনাথ শৰ্মাই যুগান্তকাৰী ইতিহাসৰ সৃষ্টি কৰি গৈছে।
১৯৬০ চনৰ ১২ ছেপ্টেম্বৰত অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাই ইহলীলা সম্বৰণ কৰে। চৰম চৰকাৰী অৱহেলাৰ সন্মুখীন হৈ কৰুণ মৃত্যুক সাৱটি লোৱা শৰ্মাদেৱৰ আপোচহীন সংগ্ৰামী সত্ত্বাই শেষ মুহূৰ্তলৈকে কোনো প্ৰলোভনৰ ওচৰত হাৰ মনা নাছিল।
শিল্পী সৈনিক ব্ৰজনাথ শৰ্মাৰ বৰনগৰৰ দক্ষিণ গণকগাড়ী গাঁৱত থকা বাসগৃহটো এতিয়াও পৰিত্যক্ত হৈ পৰি ৰৈছে। জীৱনকালত তেওঁ চ'ৰাঘৰ হিচাপে ব্যৱহাৰ কৰা এই ঘৰটোৰ সৈতে '৪২ৰ সংগ্ৰামৰ বহু স্মৃতি বিজড়িত হৈ আছে। বৰনগৰৰ বেঁকী নৈৰ পাৰত ঔপনিবেশিক ব্ৰিটিছে স্থাপন কৰা সামৰিক ঘাটি জ্বলাই দিয়াৰ পৰিকল্পনা ৰচনা কৰা হৈছিল এই ঘৰটোতে। ইতিহাসৰ সাক্ষী এই বাসগৃহটো চৰকাৰে সংৰক্ষণ কৰাটো বিচাৰিছে বৰনগৰৰ সুধী সমাজে।
আজি সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ মৃত্যু তিথি। এই দিনটোত বিপ্লৱী শিল্পীগৰাকীলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি যাচিছোঁ। | web |
4ca3ac9d852b50de3f5bd53adb325fcfdc63a59b | ভীতি প্ৰদৰ্শন বা বল প্ৰয়োগেৰে ধনদাবী কৰা সকলো দল, সংগঠন, ব্যক্তিৰ বিৰুদ্ধে কঠোৰ হ'বলৈ ডিমাপুৰৰ আৰক্ষী আয়ুক্ত তথা জিলা আৰক্ষী অধীক্ষকসকলৰ প্ৰতি স্পষ্ট নিৰ্দেশনা থকা সত্ত্বেও ডিমাপুৰত ধনদাবীৰ ঘটনা হ্ৰাস পোৱা নাই।
যোৱা ২৪ ঘণ্টাৰ ভিতৰত ধনদাবীৰ ঘটনাত দুটাকৈ গুলী চালনাৰ ঘটনা সংঘটিত হয় নাগালেণ্ডৰ গুৰুত্বপূৰ্ণ চহৰখনত।
জানিব পৰামতে, আজি ইয়াৰে নেপালী বস্তিৰ এগৰাকী ৪৫ বছৰীয়া মহিলাক এজন অচিনাক্ত দুৰ্বৃত্তই গুলী কৰি পলাই যায়। মহিলাগৰাকী ৰেখা দাস বুলি জানিব পৰা গৈছে। অঞ্চলটোত তেওঁৰ এখন ৰেষ্টোৰাঁ আছে।
ঘটনাৰ বিৱৰণি মতে, এখন অট'ৰিক্সাত অহা এজন অচিনাক্ত যুৱকে ৰেখা দাসৰ ৰেষ্টোৰাঁখনৰ দাঁতিৰে এখন দোকানৰ পৰা ধন দাবী কৰোত যুৱকজনৰ সৈতে ৰেখা দাসৰ তৰ্কাতৰ্কি হয়। ইয়াৰ পিছতে যুৱকজনে মহিলাগৰাকীক গুলীয়াই তাৰ পৰা পলাই যায়। পেটৰ বাওঁফালে গুলী লগা ৰেখা দাসক ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়া হয়। বৰ্তমান তেওঁ বিপদমুক্ত বুলি চিকিৎসালয়ৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।
আন এটা ঘটনাত ২২ মাৰ্চৰ আবেলি সময়ত নাগাৰ্জন অঞ্চলত এখন গেলামালৰ দোকানৰ গৰাকীক কোনো অচিনাক্ত দুৰ্বৃত্তই পিছফালৰ পৰা গুলীয়ায়। গাত গুলী লগা, বাঙালী সম্প্ৰদায়ৰ ব্যক্তিজন নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী এছ চি জমিৰৰ পুতেক আমঙৰ ঘৰত ভাৰাত থাকে বুলি সূত্ৰটোৱে জনায়। তেওঁক পিছত এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা কৰোৱা হয় আৰু বৰ্তমান সংকটমুক্ত বুলি জনা গৈছে।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দুয়োটা ঘটনাত এই পৰ্য্যন্ত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই।
উল্লেখযোগ্য যে ডিমাপুৰত ব্যৱসায়ীক ধনদাবী, অপহৰণ আদি এটা নিয়মীয়া ঘটনাত পৰিণত হোৱা দেখা গৈছে। | web |
208b9eda09207f7dd76eb655046c93923186e15aab1bd1ff6f59e9ffa6cdfe6c | পুৰাণ সাহিত্য
পৃথিবীৰ লাগি আসিল। নাৰায়ণ । নৰকাসুৰক বধিবাক মন ॥ শুনিলা নৰক আসিল। হৰি। উৰিয়। ধাইল। গজ কন্ধে চবি ॥ গোৰুডক লাগি প্ৰহাৰিলা শূল।
চক্ৰে কাটি হৰি কৰিল! নির্মূল
সুদর্শন চক্রে দেখি লাগ পাইলা।
নৰকৰ শিৰ কাটিয়া ফেলাইলা
পুৰাণৰ কাহিনী আৰু চৰিত্ৰক কেন্দ্ৰ কৰিও ভালেমান প্ৰৱচন আৰু খণ্ড-বাক্য ৰচিত হৈছে। যেনে : - 'হৰ-গৌৰী বসতি তওঁক'; 'এই কওঁ মহাদেৱৰ কথা, তুমি শুনা ভঙা লাওৰ কথা'; 'ভাই ভাজি খাবব খোলা নাই" ( বৰ কথাই সাৰ ) ; 'মহাদেৱৰ ধনৰ ভৰালী কুবেৰ' ; 'শিশুপাল খেদ দিয়া' ; 'ঈশ্বৰৰ হলে লীল। মানুহৰ হলে ধৰি বান্ধি কিল।' : 'ইন্দ্ৰণ সভাত ফেঁচাৰ বুকলি' ; 'ইন্দ্ৰৰ অমৰাৱতী' : 'দৈত্য-কুলত প্ৰহ্লাদ', 'পুতনা বাসী'; 'হৰি-হৰ আত্মা'; ইত্যাদি।
আধুনিক রূপঃ আধুনিক অসমীয়া সাহিত্যতে। পুৰাণৰ কাহিনী লৈ নাট, কাব্য আদি ৰচিত হৈছে। নাটকৰ ভিতৰত, গাঁতাই বৰুৱাৰ 'বাণৰজা', চন্দ্ৰধৰ বৰুৱাৰ 'তিলোত্তম। সম্ভৱ, জ্যোতিপ্ৰসাদ্ধ 'শোণিত কুঁৱৰী', অতুল হাজৰিকাৰ 'নৰকাহুৰ', 'ৰুক্মিণী হৰণ', 'নন্দ-দুলাল' আদি প্রধান। গোঁহাই বৰুৱাই ভাগৱতৰ কাহিনী লৈ গছাত বচ। শ্রী কৃষ্ণ অসমীয়া সাহিত্যৰ এখনি উল্লেখ যোগ্য গ্রন্থ । চন্দ্ৰধৰ বৰুৱাই বৃত্তাহব-বদৰ কাহিনা লৈ বিদুৎ বিকাশ নামে এখনি সৰু কাব্য ৰচনা কৰে।
এইদৰে দেখা যায় যে ৰামায়ণ আৰু মহাভাৰতৰ দৰে পুৰাণসমূহৰ আদৰে। অসমীয়া সাহিত্যত আদি যুগৰেপৰ। বৰ্তমানলৈকে অব্যাহত হৈ ৰৈ আছে ।
খৃষ্টীয় ষোড়শ শতিকাত যেনেকৈ কোচ ৰজাসকলৰ অনুপ্ৰেৰণাত অসমীয় সাহিত্য-গছপুলিটি বাঢ়ি বাঢ়ি গৈ মহাবৃক্ষত পৰিণত হৈছিল, তেনেকৈ অষ্টাদশ শতিকাতে। আহোম ৰজাঘৰীয়। পৃষ্ঠপোষকতাত সেই মহাবৃক্ষ ডালে-পাতে, ফলে-ফুলে জাতিষ্কাৰ হৈ উঠিছিল। আহোম ৰজাসকলে আগতে অসমীয়া ভাষা-সাহিত্য চর্চাত মনোনিবেশ নকৰিলেও হিন্দু-ধৰ্ম ৰাজধৰ্ম আৰু অসমীয়া ভাষ' ৰাজভাষা হিচাপে গ্ৰহণ কৰাৰ পিছৰেপৰা, বিশেষকৈ স্বৰ্গদেৱ জয়ধ্বজ সিংহৰ দিনৰেপৰা ( ১৬৪৮-৬৩ খৃঃ ) অসমীয়া সাহিত্যৰ প্ৰতি আহোম ৰজাসকলৰ দৃষ্টি আকৰ্ষিত হৈছিল। স্বয়ং জয়ধ্বজ সিংহ স্বৰ্গদেৱে অসমীয়া ভাষাত দুটিমান গীতে। ৰচনা কৰিছিল। অৱশ্যে এইটে। ঠিক যে, স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ দিনৰপৰাহে ( ১৬৯৬- ১৭১৪ ) অর্থাৎ খৃষ্টীয় অষ্টাদশ শতিকাৰ প্ৰাৰম্ভৰপৰাহে অসমীয়া সাহিত্যই ৰজাঘৰীয়া সমাদৰ আৰু পৃষ্ঠপোষকতা লাভ কৰিবলৈ ধৰে। এই পৃষ্ঠপোষকতা আহোম ৰাজত্বৰ শেষলৈকে অর্থাৎ ঊনবিংশ শতিকাৰ তৃতীয় দশক মানলৈ চলি থাকে। এই কাল্ ছোৱাত অসমীয়া সাহিত্যই পূৰ্বৰ দৰেই কোচবেহাৰ আৰু দৰঙী ৰজাৰপৰ। সমাদৰ পাই থাকিলেও আহোম ৰজাসকলৰ অনুপ্ৰেৰণাতহে বিশেষ সমৃদ্ধি লাভ কৰে। সেইহে এই যুগৰ সাহিত্যক কোনো কোনো সমালোচকে আহোম যুগৰ সাহিত্য বুলি নামকৰণ কৰিছে। দ্বিতীয়তে, বৈষ্ণৱ যুগৰ পিছত ৰচিত হোৱা বাবে এই যুগৰ সাহিত্যক উত্তৰ বৈষ্ণৱ যুগৰ সাহিত্যও বোলা হয়। তৃতীয়তে, এই যুগব সাহিত্যত বৈষ্ণৱ যুগৰ সাহিত্যৰ আটাইবোৰ লক্ষণেই বিদ্যমান। বৈষ্ণৱ যুগৰ দৰে এই যুগতো পদ, কাব্য, নাট, গীত আদি ৰচিত হয়। তদুপৰি এই যুগত চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য, শাক্ত-সাহিত্য, ব্যৱহাৰিক জ্ঞানৰ সাহিত্য, ইছলামী সাহিত্য আদিৰো বিকাশ হয়। এই যুগতেই গদ্যসাহিত্যই পূৰ্ণৰূপ পায় । মুঠতে পুৰণি অসমীয়া সাহিত্যই সকলো পিনেদি বিস্তৃতি লাভ কৰ। বাবে এই যুগটোক কোনো কোনো সমালোচকে অসমীয়া সাহিত্যৰ বিস্তাৰ যুগ বুলিও অভিহিত কৰিছে।
এই যুগৰ সাহিত্য-সৃষ্টিৰ কেন্দ্ৰ থলী হ'ল - সত্ৰ আৰু ৰাজঘৰ। বৈষ্ণৱ যুগৰ দৰে এই যুগতো সত্ৰসমূহত অব্যবহিতভাৱে গীত, পদপুথি, নাট আদি ৰচিত
হৈ থাকে। তদুপৰি এই যুগত সত্ৰসমূহৰ বিশিষ্ট দান হল মহাপুৰুষ আৰু সন্ত-মহন্তসকলৰ জীৱন-চৰিত আৰু সত্ৰ-বংশাৱলী। এইটে। ঠিক ধ সত্ৰবোৰত ১৭শ শতিকাতে চৰিত-সাহিত্যৰ উদ্ভৱ হয়, যদিও সি পূর্ণ বিকাশ লাভ ১৮শ শতিকাতহে ।। চৰিত পুথিৰ দৰে এই যুগব সত্র-বংশারলীয়েও মহাপুৰুষ আৰু সম্ভ-মহন্তসকলৰ জীৱন-কথা, বিভিন্ন সহৰ ইতিবৃত্ত আৰু গুৰু পৰম্পৰাৰ উপৰিও অসমৰ ধাৰ্মিক, সামাজিক, ৰাজনৈতিক আদি অৱস্থাৰ চিত্ৰও দাঙি ধৰিছে। সেই ফালৰপৰা বিভিন্ন বংশাৱলীয়ে চৰিত পুথিবোৰৰ দৰে ইতিহাসৰে কাম কৰিছে। বংশাৱলীৰ ভিতৰত মায়ামৰীয়া সত্ৰৰ বংশারণী দিহিং সত্ৰৰ বংশাৱলী, তৰোৱা গোঁসাই বংশারণী, গোবিন্দ বংশারণী আদি প্রধান। সত্ৰসমূহত গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰুত্ আহোম বঙ্গসকলৰ পোনপটীয়া অনুপ্ৰেৰণ। নাথাকিলে ডঃ বৰুৱাদেৱৰ ভাষাত এইটে। কব পাৰি যে "অসমৰ ধৰ্ম আৰু অসমীয়া সাহিত্য-সংস্কৃতিৰ মূল ভেটি সত্ৰসমূহ আহোম ৰজাসকলৰ বদান্যতাতে চিৰায়ু হৈ আছে।"
সত্ৰৰ দৰে ৰজাঘৰতে! বিভিন্ন ৰজা আৰু বাজবিষয়াৰ পৃষ্ঠপোষকতাত কবিসাহিত্যিকসকলে এই যুগত বিভিন্ন প্ৰকাৰৰ গ্ৰন্থ ৰচনা কৰে। আহোম ৰজাৰ পৃষ্ঠপোষকতাতেই অসমীয়া সাহিত্যৰ প্ৰধান ই'তিটি বয় যদিও কোচ আৰু দৰং ৰজাসকলৰ পৃষ্ঠপোষকতাৰ কথাও নুই কৰিব নোৱাৰি। এই যুগতে কোচ ৰজা হৰেন্দ্ৰনাৰায়ণৰ ৰাজসভাত ৰামায়ণী আৰু মহাভাৰতীয় সাহিত্যৰ এটি বুজন অংশ ৰচিত হয়। দৰঙী ৰজা সমুদ্ৰনাৰায়ণৰ অনুপ্রেবণীত স্বর্য্যপড়ি দৈবই দৰং-ৰাজবংশাৱলী আৰু থানাৰায়ণৰ আদেশত ৰতিকান্ত ছিজে বাজবংশাৱলী ৰচনা কৰে। এই গ্রন্থ দুখনিত কোচ ৰজাসকলৰ বংশাৱলী আৰু কোচ ৰাজ্যৰ উপবিও ওচৰ চুবুৰীয়া বিজনী, দবং আদি বাজাৰে। ইতিহাস পোৱ। যায়।
আহোম ৰজাঘৰীয়া সাহিত্য
আহোম স্বৰ্গদেৱ জয়ধ্বজসিংহ বৈষ্ণৱ ধৰ্ম আৰু সাহিত্যৰ প্রতি আস্থাবান হোৱাত তেওঁৰ দিনৰেপৰা যেনেকৈ অসমীয়। বৈষ্ণৱ সাহিত্য আহোম ৰজা আৰু ৰাজবিষয়াৰ অনুপ্ৰেৰণাত অনুপ্ৰেৰণাত ৰচিত হয়, তেনেকৈ শিৱসিংহ স্বৰ্গদেৱ বঙালী পৰ্বতীয়া গোঁসাইত শৰণ লৈ শিৱ-শক্তিৰ ভক্ত আৰু তেওঁৰ পৰৱৰ্তী প্ৰায়বোৰ
• চৰিত-সাহিত্য সম্বন্ধে অন্য প্রবন্ধত বিতংভাৱে আলোচনা কৰা হৈছে ।
ৰজা শৈৱ-শাক্ত ধৰ্মৰ দ্বাৰা প্ৰভাৱান্বিত হোৱাত এই যুগত আগেয়ে গা-কৰিব নোৱাৰ। শাক্ত আৰু তান্ত্রিক সাহিত্যৰ উৎকর্ষ সাধিত হয়। সেয়েহে এই যুগৰ সাহিত্যক 'বহুমুখী আৰু উদাৰ' বুলি কব পাৰি । এই যুগতে শক্তি আৰু তন্ত্ৰ সম্বন্ধীয় ভালেমান গ্ৰন্থ আৰু গীত ৰচিত হয়। আনকি স্বয়ং স্বৰ্গদেৱ ৰুদ্ৰসিংহ আৰু শিৱসিংহয়ে। গীত ৰচনা কৰে ।
থুলমূলভাৱে আহোম স্বৰ্গদেৱ আৰু ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতা বা অনুপ্ৰেৰণাত ৰচিত সাহিত্যক এই কেইট। শ্ৰেণীত ভগাব পাৰি : (১) শাক্ত আৰু তান্ত্রিক সাহিত্য, ( ২ ) শৃংগাৰ ৰসাত্মক সাহিত্য, (৩) বুৰঞ্জী সাহিত্য, ( ৪ ) ব্যৱহাৰিক জ্ঞানৰ সাহিত্য, ( ৫ ) মহাভাৰত সাহিত্য, (৬) নাটক আৰু (৭) গীত ।
শাক্ত আৰু তান্ত্রিক সাহিত্য : আহোম ৰজাসকল শাক্ত ভাৱাপন্ন হোৱাত তেওঁলোকে বিশেষভাৱে শাক্ত সাহিত্য সৃষ্টিৰ কাৰণে কবিসকলকো অনুপ্ৰেৰণা যোগাইছিল। এই শ্রেণীৰ সাহিত্যত শক্তি বা দেৱী পাৰ্বতীৰ কাহিনী, মাহাত্ম্য, অলৌকিক কাৰ্য্যকলাপ আদিৰ বৰ্ণন। পোৱা যায় । অনন্ত আচার্য্যই সংস্কৃত 'সৌন্দৰ্য্য লহৰী'ৰ অনুবাদ অনন্ত-লহৰীত আদ্যাশক্তি দুৰ্গাৰ ৰূপ-লাৱণ্য, কৈলাসত শিৱৰ লগত বাস আৰু মাহাত্ম্যৰ কথা বর্ণনা কৰিছে। গ্রন্থখনিত শিৱংসিংহ ৰজাৰ কুঁৱৰী ফুলেশ্বৰীৰ প্ৰশস্তি আছে। ৰাজেশ্বৰ সিংহৰ ( ১৭৫১১৭৬০ ) দিনত ৰুচিনাথ কন্দলীৰ মাৰ্কণ্ডেয় চণ্ডীত দক্ষ-যজ্ঞ, দুর্গা, ভদ্রকালি আদিৰ জন্ম-কথা বর্ণিত হৈছে। ৰংনাথ চক্ৰৱৰ্তী আৰু মধুসূদন মিশ্রয়ে মূল মার্কণ্ডেয় পুৰাণ অনুবাদ কৰে । এই যুগতে ৰচিত অজ্ঞাত কবিৰ এই যুগতে ৰচিত অজ্ঞাত কবিৰ কালিকা পুৰাণ এখনি ক্ষুদ্র অথচ বৰ জনপ্রিয় পুথি। এই পুথিখনত হিমালয়ৰ কন্য। পাৰ্বতীৰ লগত দুখীয়। শিৱৰ বিবাহব বর্ণনা বৰ ধেমেলীয়াভাৱে দিয়া হৈছে। কাব্যখনত অসমীয়া সমাজৰ বিয়াৰ এটি হুবহু চিত্রও দেখা যায় ।
শাক্ত গ্রন্থৰ লগতে এই যুগত ৰচিত কেবাখনে। তন্ত্র-পুথিৰ নাম উল্লেখ কৰিব পাৰি । তাৰ ভিতৰত যোগিনীতন্ত্র আৰু অজ্ঞাত লিখকৰ বশীকৰণ, স্তম্ভন আদিৰ বিষয়ে কথা অনূদিত গ্রন্থ কামৰত্ন-তন্ত্র, গুপ্তমণি, গুপ্তসাৰ আদি প্রধান। শেষৰ গ্ৰন্থ দুখনিত মাধৱদেৱৰ ভণিতা আছে যদিও কোনো প্ৰকাৰে মাধৱদেৱৰ ৰচনা নহয় বুলি গ্ৰন্থৰ অন্তৰংগ বিষয়ৰপৰা প্ৰমাণ কৰিব পাৰি ।
শৃংগাৰ ৰসাত্মক সাহিত্য : আহোম বজাসকলৰ আনন্দ বিনোদনৰ কাৰণে কবি-সাহিত্যিকসকলে ধৰ্মতকৈ প্রেম-বিষয়ক ৰচনাতেহে বেছি মনোনিৱেশ কৰিছিল। ফলত এই যুগতে কেবাখনেঃ আদি ৰসাত্মক গ্ৰন্থৰ অনুবাদ আৰু শৃংগাৰ ৰসাত্মক কাব্যৰ সৃষ্টি হয়। বৈষ্ণৱ যুগত ভাগৱত পুৰাণে প্রাণত্য লাভ কৰাৰ দৰে এই যুগত আদি-ৰস প্রধান ব্ৰহ্মৱৈত পুৰাণে কবিসকলৰ মন আকৰ্ষণ কৰিছিল। কিয়নো ব্ৰহ্মবৈৱত পুৰাণত বাধা-কৃষ্ণৰ প্ৰেম-লীলাৰ কাহিনী বিশেষভাৱে বর্ণিত হৈছে। এই পুৰাণখনৰ কৃষ্ণর জন্ম-খণ্ড কবিৰাজ চক্ৰবৰ্তীয়ে অম্বুবাদ কৰে। তদুপৰি বলৰাম দ্বিজ্ঞ, দুর্গেশ্বৰ ছিজ, বতিকান্ত দ্বিজ আদিয়েও বিভিন্ন সময়ত এই পুৰাণখনৰ বিভিন্ন খণ্ড অনুবাদ কৰে। সেইদৰে পদ্মপুৰাণৰ অনূদিত অংশৰ মাধৱ-সুলোচনাৰ কাহিনীও আদি-ৰসাত্মক সাহিত্যৰ ভিতৰতে পৰে।
আহোম যুগৰ শ্ৰেষ্ঠ কবি কবিৰাজ চক্ৰৱৰ্তীয়ে ( এওঁৰ প্রকৃত নাম ৰামনাৰায়ণ চক্রবর্তী, 'কবিৰাজ' উপাধিহে মাথোন। জয়দেৱ-ক্লং ৰাধাক্বসত্ৰ প্রেম-কাহিনী বিষয়ক কাব্য 'গীতগোবিন্দ' তাম্বুবাদ কৰে। পদ, চুপড়ী আদি গতাম্ৰগতিক ছন্দত লিখাত মূল 'কোমল-কান্ত পদাৱলী'ৰ সৌন্দয্য ৰাহত হৈছে। চক্ৰৱৰ্তীয়ে ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ অন্তৰ্গত দানৱৰাজ শংখচূড় আৰু গৰ্তী তুলসীৰ প্ৰেম-কাহিনী লৈ 'শংখচূড় বধ' কাব্য আৰু মহাভাৰতৰ কাহিনী লৈ 'শকুন্তলা' কাব্য ৰচে। 'শকুন্তলা' কাব্যত কবিয়ে 'কামঙ্গা-আথ্যান' নামে আন এটি আদি ৰসাত্মক কাহিনী সন্নিৱিষ্ট কৰিছে।
বুৰঞ্জী সাহিত্য : অসমীয়। সাহিত্যলৈ আহোম ৰজাসকল, শ্রেষ্ঠ দান হৈছে বুৰ্থীসমূহ । আদিম যুগৰেপৰ। আহোমসকলৰ মাজত বুৰঞ্চী লেখা প্রথা চলি আহিছিল আৰু অসমত ৰাজত্ব কৰাৰ সময়তে। তেওঁলোকে সেই প্রথা অব্যাহত ৰাখিছিল । প্ৰথমে তেওঁলোকে আহোম ভাষাতে বুৰঞ্জী প্রনয়ণ কৰে যদিও অসমীয়া ভাষাক ৰাজভাষা হিচাপে লোৱাৰ পিছৰেপৰা অসমীয়াতে বুৰঞ্জী লিখিবলৈ ধৰে। বুৰঞ্জী চৰ্চা আৰু প্ৰণয়ণ কাৰ্য্যত চকু দিবলৈ আহোম ৰজাসকলে চিৰিং ফুকন নামৰ বিষয়! নিযুক্ত কৰিছিল। আহোম ডা-ডাঙৰীয়াৰ ব্যক্তিগত প্রচেষ্টাতো বুৰঞ্জী প্ৰণীত হৈছিল।
এতিয়ালৈকে উদ্ধাৰ হোৱা বুৰঞ্জীবোৰৰ ভিতৰত সম্ভৱ পুৰণি অসম বুৰঞ্জী ধনেই প্রাচীনতম । এইখন সপ্তদশ শতিকাৰ শেষভাগৰ ৰচনা। অৱতে অষ্টাদশ
শতিকাতহে অধিক বুৰঞ্জী ৰচিত হয়। বুৰঞ্জীবোৰক প্ৰধানকৈ দুই শ্ৰেণীত ভগাব পাৰি। (১) আহোম ৰাজ্যৰ বুৰঞ্জী : এনে বুৰঞ্জীত আহোম ৰজা আৰু ৰাজ্যৰ ভিতৰুৱা কাহিনীবোৰ বৰ্ণিত হৈছে। যেনেঃ- 'অসম বুৰঞ্জী', 'দেওধাই বুৰঞ্জী', 'তুংখুঙীয়া বুৰঞ্জী' ইতাদি। ( ২ ) আহোম ৰজাৰ সংস্পৰ্শলৈ অহা অন্য দেশৰ বুৰঞ্জী : এনে বুৰঞ্জীৰ ভিতৰত 'ত্ৰিপুৰা বুৰঞ্জী', 'কছাৰী বুৰঞ্জী', 'পাদছাহ বুৰঞ্জী' আদি পবে । বুৰঞ্জীবোৰৰপৰ। মধ্য যুগৰ অসমৰ ৰজা আৰু ৰাজবিষয়াৰ জীৱনৰ উপৰিও ৰাজনৈতিক, সামজিক, ধার্মিক আদি অৱস্থাৰ বিষয়েও নানা কথা জানিব পাৰি ।
বুৰঞ্জীৰ দুখনমান পদ্যত আৰু সৰহ ভাগ গ্যত ৰচিত। অসমীয়া গ্য সাহিত্যৰ উৎকৃষ্ট নিদর্শন ৰূপে গছাত লিখা বুৰঞ্জীবোৰৰে। আন এটি মূল্য আছে ।*
ব্যৱহাৰিক জ্ঞানৰ সাহিত্য : আহোম স্বৰ্গদেৱসকলে ব্যৱহাৰিক জীৱনৰ উপযোগী কিছুমান গ্রন্থ পণ্ডিত-লেখকৰ হতুৱাই অনুবাদ কৰাই বা লিখাই লৈছিল।
আহোম ৰজাসকলৰ হাতী ঘোঁৰাৰ প্ৰয়োজন হৈছিল যেতিয়া হাতী ঘোঁৰাৰ লক্ষণ আৰু সিবোৰৰ বেমাৰ-আজাৰৰ দৰৱ সম্পর্কে আয়ুর্বেদ শাস্ত্ৰজ্ঞ পণ্ডিতৰ দ্বাৰা গ্ৰন্থ নিখোৱাই লৈছিল । এনে গ্রন্থ এখন হ'ল শিৱসিংহ স্বৰ্গদেউ আৰু তেওঁৰ মহিষী অম্বিকা দেৱীৰ আদেশ মতে শুকুমাৰ বৰকাথে ১৬৫৬ শকত হস্তী-বিদ্যার্ণর প্রনয়ণ কৰে । এই গ্ৰন্থখনিত হাতীৰ লক্ষণ, বিভিন্ন ৰোগ-ব্যাধি
আৰু দৰবৰ উপৰিও অসংখ্য হাতীৰ চিত্ৰ আছে। এই চিত্ৰবোৰ দিলবৰ
অসমৰ আয়ুৰ্বেদ-শাস্ত্ৰ আৰু চিত্র-বিদ্যাৰ ইতিহাসৰ ফালৰপৰাও হস্তী·বিদ্যাণৱৰ বিশেষ মূল্য আছে। সেইদৰে ঘোঁৰানিদান গ্ৰন্থত ঘোঁৰাৰ বিভিন্ন লক্ষণ, ৰোগ আৰু দৰৱ সম্পর্কে নানা উপাদেয় কথা আছে ।
আহোম ৰজা বা ডাঙৰীয়াসকলে জ্যোতিষত বিশ্বাস কৰিছিল। যুদ্ধলৈ যাব লগীয়া হলে নাইবা কিবা এটি বিশেষ কাম কৰিব লাগিলে, আগতে তেওঁলোকে জ্যোতিষী পণ্ডিতৰ দ্বাৰা শুভ দিন-বাৰ-ক্ষণ আদি চাই লৈছিল। ৰাজকীয় পৃষ্ঠপোষকতাত কবিৰাজ চক্রবর্তীয়ে ভাস্বতী আৰু চুড়ামণিয়ে জ্যোতিষ-চুড়ামণি * 'বুৰঞ্জী সাহিত্য' প্রবন্ধ দ্রষ্টব্য।
নামৰ জ্যোতিষ সম্বন্ধীয় গ্রন্থ ৰচনা কৰিছিল। আহোম ৰজাসকলৰ অঙ্কুপ্ৰেৰণীত অংকশাস্ত্র সম্বন্ধীয় গ্রন্থ অংকৰ আৰ্য্যা, লুচান্দ ওজাৰ দ্বাৰা সংস্কৃতৰপৰা অনূদিত নৃত্য-মুদ্ৰা বিষয়ক পুথি শ্রীহস্তমুক্তাৱলী, আৰু সংস্কৃত পঞ্চতন্ত্রহিতোপদেশৰ নীতিমূলক গল্পও অনূদিত হৈছিল। এনে পুথিৰ ভিতৰত ৰুদ্ৰৰাম দ্বিজৰ নীতিৰত্ন, দ্বিজ গোস্বামীৰ কাব্যশাস্ত্র, বাগীশৰ নীতি-লভাংকুৰ আদি প্রধান ।
আহোম যুগতে ভ্রমণ বিষয়ক পুথিও ৰচিত হয়। এনে সচিত্র গ্রন্থ তীর্থকৌমুদীত ভাৰতবৰ্ষৰ বিভিন্ন তীৰ্থৰ বিৱৰণ আঁৰু মহিমাৰ কথা আছে। সেইদৰে হৰগৌৰী-সম্বাদ নামৰ আন এখনি গদ্য পুথিত প্রাচীন কামৰূপৰ ৰজাসকলৰ কথা আৰু ভাৰতৰ পীঠসমূহৰ বৰ্ণনা আছে ।
মহাভাৰত সাহিত্যঃ আহোম ৰজাসকলৰ আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত সামাঙ্গ হলেও পুৰাণৰ দৰে মহাভাৰত সাহিত্যৰো বিকাশ সাধিত হয়। মহাৰাজ ৰুদ্ৰসিংহৰ দিনত লক্ষ্মানাথ দ্বিজে 'শান্তিপর্ব', শিৱসিং অনুপ্ৰেৰণাত ভোলানাথ দ্বিজে 'শল্যপর্ব', ৰমানন্দ দ্বিজে 'উদ্যোগপৰ্ব', আৰু কলীয়া ভোমোৰা বৰফুকনৰ অনুপ্ৰেৰণাত পৃথুৰাম দ্বিজে 'মুষল পৰ্ব' আদি অনুবাদ কৰে। কবিৰাজ চক্রবর্তীরে মহাভাৰতৰ কাহিনী লৈ 'একুগুলা কাব্য' ৰচনা কৰাৰ কথা আগেয়ে উল্লেখ কৰা হৈছে ।
নাট্য সাহিত্যঃ আহোম ৰজাসকলে শাক্ত, শৈৱ আৰু বৈষ্ণৱ ধৰ্মৰ লগত জড়িত দেৱ-দেৱীৰ মন্দিৰ, নামঘৰ আদি সজাই দিছিল আৰু এইবোৰত গীত, নৃত্য, অভিনয় আদিৰ চৰ্চা হৈছিল। ৰাজেশ্বৰ সিংহ আৰু গৌৰীনাথ সিংহৰ দিনত ক্ৰমে ৰাৱণ-বধ, পদ্মাৱতী-হৰণ আৰু কমলেশ্বৰ সিংহৰ দিনত ৰুক্মিণীহৰণ আৰু অক্ৰুৰাগমন ভাওনা অভিনীত হৈছিল বুলি তুংখুঙীয়া বুৰঞ্জীত উল্লেখ আছে । লক্ষ্মীনাথ দ্বিজে কুমাৰ-হৰণ নাট স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহৰ দিনত ৰচনা কৰে। আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অংকীয়া নাটৰ ৰচনা ৰীতিৰ অনুকৰণত ধৰ্মোদয়, কুমাৰ-হৰণ আদিকৈ কেইবাখনো সংস্কৃত নাটক ৰচিত হোৱাটোও এটি উল্লেখযোগ্য কথা।
গতি সাহিত্য : বৈষ্ণৱ যুগৰ দৰে আহোম যুগতো গীত-পদ ৰচিত হয়। কিন্তু গীতবোৰৰ মৌলিকতা কম, পূর্ববর্তী বৈষ্ণৱ কবিসকলৰ গঁত, বৰগীত আদিৰ অনুকৰণতে ৰচিত। বহু গীতত শংকৰ-মাধৱদেৱৰ ভণিতা পোৱা যায়।
এই যুগৰ গীতিকাৰসকলৰ ভিতৰত প্ৰেমভূষণ, কৈৱল্যানন্দ, জয়দেৱ, শুকদেৱ আদি প্ৰধান । সৰহ ভাগ দেহ-বিচাৰৰ গীত, বৈৰাগী-গীত, টোকাৰী গীভ ৰাতিখোৱ। সম্প্ৰদায়ৰ গীত এই যুগতে ৰচিত হয়। জয়মতী কুঁৱৰীৰ গীত, ৰাধা-ৰুক্মিণীৰ গীত, গৌৰীনাথ সিংহৰ গীত আদিকৈ ভালেমান বুৰঞ্জীমূলক মালিতাও এই যুগৰে ৰচনা। আহোম ৰজাসকলে বিহুক ৰাজকীয় উৎসৱ হিচাপে পালন কৰাত ইয়াৰ সমাদৰে। জন-সাধাৰণৰ মাজত বাঢ়িবলৈ ধৰে। ফলত জন-কবিসকলে বিহুগীত ৰচিবলৈ অনুপ্ৰেৰণা পায়। এই যুগতে গীত-মালিকা নামৰ এখন গীতৰ পুথিও ৰচিত হয়।
ইছলামী সাহিত্য
আহোম ৰজাসকলৰ লগত মুছলমান বাদচাহসকলৰ ৰাজনৈতিক সম্বন্ধ স্থাপন হোৱাৰ পিছৰপৰা ভালেমান মুছলমান অসমলৈ আহি স্থানীয় অসমীয়াৰ দৰে নিগাজীকৈ বসবাস কৰিবলৈ লয়। তেওঁলোকৰ ভিতৰত আজান ফকীৰ আদি কৰি কেইবাগৰাকী ভক্ত কবিয়ে অসমীয়া ভাষাত জিকিব আৰু জাৰি নামৰ কিছুমান গীত ৰচনা কৰে। জিকিৰ শব্দৰ মূল অৰ্থ হৈছে কীর্তন। এনে গীতত মুছলমান ধৰ্মৰ ৰীতি-নীতি আৰু তত্ত্বসমূহ বর্ণিত হৈছে। সংসাৰৰ অনিত্যতা সম্পর্কেও ভালেমান গীতত কোৱা হৈছে। এনে গীতৰ সংখ্যা প্রায় আঠ কুৰি। প্ৰতিটো গীতৰে ঘোষ। আৰু পদ থকাত কীৰ্তনৰ দৰে সুৰ ধৰি গাব পাৰি। গীতবোৰত অসমীয়। লোক-গীতি আৰু বৈষ্ণৱ সাহিত্যৰ অনুকৰণ লক্ষণীয় । লোকগীতৰ আৰ্হিত ৰচিত জিকিৰৰ নমুনা -
ঘোষ। - ঔ আল্লাহে । পদ - দুনীয়াই এদিনৰ
চুনীয়াই ফুলনি বাৰী
কতক চলে বলে
দুনীয়াই ছুদিনৰ
সৰুৰে পৰাই
ধৰিব ধেৱালী মাৰি ।...
কৰ তই দুনীয়াই
পামক মনায়ে
গৰু ৰাখিছিলো
মাথাৰে। পকালো চুলি।
বুজিব নোৱাৰে
নামেছে সাৰ কথা বুলি
এই বৰ ঘৰ
কেলেই সাঁচিলা ধন ।
জপাৰ বৰে কাপোৰ
কেলেই সজালা
হাড়তো গজিব বন
জপাতে পচিব
বাঁহৰে আগতে
বৈষ্ণৱ ধৰ্মৰ গুৰু-বাদৰ কথা কিছুমান জিকিৰত পোৱা যায় ।
চিন্তে। হেবা মোৰ মন আল্লাৰ নামত । ভজে! হেৰা মোৰ মন গুৰুৰ পাৱত !! মক্কাৰ দুৱাৰত চাহেৰ তিৰ বেণীৰ ঘাট। বেহাব নোৱাৰে তাত মায়াই ভেটে বাট । উল্লেখিত 'গুৰুৰ পাৱ', 'তিৰ বেণী ( ত্ৰিৱেণী ? )ৰ ঘাট আৰু মান্ন। শব্দৰ প্ৰয়োগ মন কৰিব লগীয়া ।
বেজীৰে আগতে
ডঃ বিৰিঞ্চিকুমাৰ বৰুৱ।-দেৱে ঠিকেই কৈছে, "বৈষ্ণৱ ধৰ্মৰ ভাবধাৰাৰ লগত কিছু সামঞ্জস্য থকা কাৰণেই অসমত ইছলাম ধৰ্শই প্রচাব পভিছে আৰু এই কাৰণেই অসমবাসী হিন্দু আৰু মুছলমান পন্থীঘরে সমিল-মিপভাৱে দেশৰ আৰু জাতিৰ উন্নতিত লাগিব পাৰিছে । চান্দসাই আদি মুছলমান সাধকসকলে মহাপুরুষ শংকৰদেৱৰ ধৰ্মৰ প্রতি আকৃষ্ট হোৱাবে। মূল কারণ এয়ে।" চান্দসায়ে চা ফকৰাধৰ্মী গীত এটি বিভিন্ন গায়কৰ মুখত ৰূপান্তৰিত হলেও হিন্দু ভকতৰ মাজতে। চলি আহিছে। গীতটোৰ এফাকি হ'ল -
বেলি চিকেমিকায়
চিলনী কি খাই জীয়ে ।
যেনে :ৰান্ধন বাঢ়ন
উধানে কি কাপোৰ সীয়ে ।
জাৰিবোৰ হৈছে কৰুণ ৰসসিক্ত গীত। ইয়াক মুগ অৰ্থ হৈছে বিলাপ । 1 শ্ৰেণীৰ গীতত কাৰবালাত ঘট। হাছান গেছেনৰ মৃত্যু-কাহিনীৰ বিৱৰণ আছে ।
জিকিৰ আৰু জাৰিবোৰ সপ্তদশ শতিকাৰ শেষ নাইব। অষ্টাদশ শতিকাৰ আগ ভাগত ৰচিত বুলি পণ্ডিতসকলে অনুমান করে। এই গীতবোৰৰ যোগেদি ইছলাম ধৰ্ম-সম্পৰ্কীয় ভালেমান আৰবী-ফাচী মুগীয় শব্দ অসমীয়া ভাষাত সোমাই পৰাটো মন কৰিব লগীয়া।
জিকিৰ আৰু জাৰিবোৰৰ উপৰি অসমীয়া সাহিত্যত আৰু তিনিখনি ইছলামী প্রভাব থকা কাব্য পোৱ। যায়। সেই কাব্য তিনিখন হ'ল - দ্বিঙ্গ ৰামৰ যুগাৱী১৬৪
চৰিত্ৰ বা চাহাপৰী উপাখ্যান, অজ্ঞাত কবিৰ মধুমালতী আৰু পশুপতি দ্বিজৰ চদ্ৰাৱলী-বিশ্বকেতু। এই কাব্য কেইখনৰ কাহিনীৰ লগত চুফী কাব্য কেইখনমানৰ কাহিনীৰ সাদৃশ্য দেখা যায়। 'মৃগাৱতী-চৰিত্ৰ'ৰ কাহিনীৰ লগত জৌনপুৰৰ কবি কুতুবনে ১৫১২ খৃঃত অৱধী ভাষাত ৰচা 'মৃগাৱতী'ৰ কাহিনীৰ লগত মিল আছে। অৱশ্যে এনে বাহিনী বৌদ্ধ 'বিনয় পিটক'তো পোৱা যায় । আন এগৰাকী চূফী কবি মঞ্জনৰ 'মধুমালতী'ৰ কাহিনী অৱলম্বন কৰি অসমীয়া কবিয়ে 'মধুমালতী' ৰচিছে। এই তিনিখন কাব্য বৈষ্ণৱ কাব্যৰ ঠাঁচত ৰচা যদিও তাত লৌকিক প্রেমে প্রাধান্য লাভ কৰিছে। ৰূপকৰ ছলেৰে মূল কাব্যত দিয়। প্ৰেম-সাধনাৰ ইংগিত ইয়াত দিয়া হোৱা নাই ।
বিবিধ ৰচনা
উল্লেখিত গ্রন্থসমূহৰ উপৰি আহোম যুগত আৰু কিছুমান গ্ৰন্থ ৰচিত হয়। এই যুগত ৰচিত ভক্তি-তত্ত্ব সম্পৰ্কীয় পুথি পূর্ণভাগৱত, বৈষ্ণৱী গীতা, ভক্তি-প্রেমারলী আদিত বিশ্ব-সৃষ্টি আৰু নানা প্রকাৰ ভক্তিৰ কথা বর্ণিত হৈছে। অশোক-চৰি, লক্ষ্মী চৰ্তি, খোবা-খুবীৰ আখ্যান আদি জনপ্রিয় পুথিবোৰো এই যুগৰে ৰচনা। ৰামানন্দ দ্বিজৰ মহামোহ-কাব্যৰ মূল কাহিনী শ্রীকৃষ্ণ মিশ্ৰৰ সংস্কৃত নাটক 'প্ৰবোধ চন্দ্রোদয়'ৰপৰা লোৱা হৈছে। এইখন ৰূপক কাব্য । ইয়াত মানুহৰ সৎ ( বিবেক, ক্ষমা, ধৃতি আদি ) আৰু অসৎ ( অহংকাৰ, কাম, ক্রোধ, লোভ আদি ) প্রবৃত্তিবোৰক বিভিন্ন ব্যক্তি হিচাপে কল্পনা কৰি আৰু সিবোৰৰ মাজত সংঘৰ্ষ দেখুৱাই শেষত সং প্রবৃত্তিৰ বিজয় ঘোষণা কৰিছে !
এই যুগৰ এখনি আমোদজনক লৌকিক কাব্য হ'ল - দৰঙৰ চপৰা গ্ৰামৰ কৱি কৱিৰাজ (মিশ্র)ৰ শিয়াল গোঁসাই। কাব্যখনৰ কাহিনীটোত অস্বাভাৱিততা থাকিলেও জনসাধাৰণৰ বাবে সিয়েই কৌতূহল আৰু আনন্দৰ কাৰণ হৈ পৰিছে । কাহিনীটে। চমুকৈ এই : -
ধর্মদেৱ নামে এজন লোক তীর্থত থকা সময়তে সৰু ঘৈণীয়েক চন্দোতৰাৰ এটি ল'ৰা উপজিল। নিঃসন্তান ডাঙৰ ঘৈণীয়েক কুন্দতৰাই ঈৰ্যা-পৰৱণ হৈ গাঁৱৰ পাঁচজনী বুঢ়ীৰ সহায়ত চন্দোতৰাৰ চকুত আগেয়ে কাপোৰ বন্ধি থৈছিল। ল'ৰাটি ওপজাত চৰু এটাত ভৰাই কেতেকী ফুল এজোপাৰ তলত থৈ আহিল । ইপিনে এজনী ন-পোৱাতী শিয়ালীয়ে ল'ৰাটি পাই গাঁতলৈ নি পোহ-পাল দি ৰাখিলে।
ইতিমধ্যে ধর্মদেৱ তীৰ্থৰপৰা উভতি আহি কুন্দতৰাৰপৰা জানিব পাৰিলে যে চন্দোতৰাৰ একো সন্তান ওপজ। নাই; কিন্তু বাৰীলৈ গৈ এটি ল'ৰা শিয়াল-পোৱালীবোৰৰ লগত গাঁতত সোমোৱ। দেখিলে । তেওঁ কৌতূহলবশতঃ অনুসন্ধান কৰাত প্ৰকৃত কথা জানিব পাৰিলে । পিছ দিন। তেওঁ গাঁকে শান্দি ল'ৰাটিৰে সৈতে শিয়ালী আৰু তাইৰ পোৱালি কেইটাক ঘৰলৈ আনিলে। তেতিয়াৰপৰা এই ল'ৰাটিৰ নাম হ'ল শিয়াল গোঁসাই।
এই যুগত আহোম ৰাজ্যৰ বিভিন্ন স্থান ৰাক্ত-বিষয়। আৰু প্ৰসিদ্ধ ঘটনা কিছুমান লৈ অসংখ্য যোজনা, পটন্তৰ আৰু খণ্ডবাক্যৰ সৃষ্টি হৈছে। এইবোৰ সাহিত্যিক আৰু ঐতিহাসিক উভঘ দিশৰপৰ মূল্যৱান । যোজনা আৰু পটন্তৰৰ উদাহৰণ১।
নগাওঁ, খৰঙী, কলিয়াবৰ, মৰণ্ডী,
সাতৰাজ মাৰিলে। ভাই ;
চিকণ সৰিয়হৰ মান ধুনীয়া নাই।
২। নাই বঙামাটি, নাই গুৱাহাটী
৩। গড়গাওঁ, কথা শুনি তল যাওঁ।
ফট। হ'ক ছিট। হ'ক পাটৰ টঙালি ; কণা ২'ক কুঁজ। হ'ক ইঞাৰ পোৱালি ইত্যাদি । খণ্ডবাক্য যেনে : - (১) মানব দিন। (২) গড়গঞ। মিতিৰ, (৩) বাইলুঙনীৰ মঙল, (৪) জেবেঙালৈ নিয়।, (৫) সত্যই নাৰকী, ইত্যাদি ।
এইদৰে আহোম যুগতেই পুৰণি অসমীয়া সাহিতাই বিভিন্ন দিশলৈ বিস্তৃতি লাভ কৰে । কিন্তু এই যুগৰ সাহিত্যই ভাবৰ গভীৰতা আৰু মৌলিকত্ব হেৰুৱাত পৰবৰ্তী যুগ অর্থাৎ আধুনিক যুগৰ লিখকসকলে ইয়াৰপৰ। অনুকৰণ কৰিব লগীয়া বিষয়-বস্তু একে। বিচাৰি নাপালে। বিশেষকৈ আধুনিক যুগৰ লিখকসকলে নকৈ আমদানি হোৱ। পাশ্চাত্য সাহিত্যৰ অপূর্ব আস্বাদত বুৰ গৈ তেনে সাহিত্য প্রণয়নতে মনোনিৱেশ কৰিলে। ফলত আধুনিক অসমীয়া সাহিত্যত প্রাচীন অসমীয়া সাহিত্যৰ এধানমানে। প্ৰভাৱ নাপৰিল। ইষি নহ'ক, পুৰণি অসমীয়া সাহিত্য সমৃদ্ধিশালী কৰি তোলাত, বিশেষকৈ মধ্যযুগৰ অসমৰ ঐতিহাসিক চিত্ৰ দাঙি ধৰাত যে আহোম যুগৰ সাহিত্যই বিশেষ ভাৱে সহায় কৰিছে এই কথা স্বীকাৰ কৰিবই লাগিব ।
অসমীয়া সাহিত্যৰ আহোম যুগ বা উত্তৰ বৈষ্ণৱ যুগৰ দুটি বিশিষ্ট দান হ'ল - বুৰঞ্জী আৰু চৰিত-পুথিসমূহ। আহোম ৰাজঘৰত বুৰঞ্জী আৰু বৈষ্ণৱ সত্ৰবোৰত ৰচিত হোৱ। চৰিত পুথিসমূহে এফালে যেনেকৈ সেই সময়ৰ অসমীয়াৰ জাতীয় জীৱনৰ চিত্ৰ দাঙি ধৰাত সহায় কৰিছে, আনফালে তেনেকৈ অসমীয়া সাহিত্য বিশেষকৈ গদ্য সাহিত্যলৈও প্রভুত সমল আগ বঢ়াইছে। সেইহে অসম আৰু অসমীয়া সাহিত্যৰ ইতিহাসত বুৰঞ্জী সাহিত্য আৰু চৰিত সাহিত্যব দান চিৰ যুগমীয়া হৈ ৰৈ থাকিব ।
চৰিত-পুথিৰ স্বষ্টি : চবিত-পুথি হৈছে মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আৰু আন আন বৈষ্ণৱ ধৰ্ম-প্ৰচাৰকসকলৰ জীৱনীমূলক গ্রন্থ । এই গ্রন্থসমূহৰ ৰচক হৈছে তেৰাসকলৰ শিষ্য-প্ৰশিষ্য আদি। শংকৰদেৱ, মাধৱদেৱ আদি মহাপুৰুষসকলৰ মৃত্যুৰ পিছত তেওঁলোকৰ কাৰ্য্য আৰু গুণাৱলী কীৰ্তন কৰাটে। সত্ৰীয়া ভকতসকলৰ এটা প্রধান কৰ্তব্য হৈ পৰিছিল। সত্ৰাধিকাৰসকলেও গুৰুসকলৰ গুণাৱলী কীৰ্তন কৰাটে। তেওঁলোকৰ ধৰ্মজীৱনৰ এটা প্ৰধান কাম বুলি ধৰি লৈছিল । শিষ্যসকলক আগত লৈ সত্ৰাধিকাৰে যেনেকৈ ধর্ম-বিষয় আলোচনা কৰিছিল, তেনেকৈ সময়ে সময়ে মহাপুৰুষসকলৰ জীৱন-কাহিনীও বর্ণনা কৰিছিল আৰু শিষ্যসকলেও ধর্ম গ্রন্থৰ দৰে সেই কাহিনীবোৰ ভক্তিভাৱে শ্ৰৱণ কৰিছিল । মহাপুৰুষসকলৰ জীৱন-কাহিনীসমূহ পোনতে লিপিবদ্ধ হোৱা নাছিল ; নাইবা, শিষ্যসকলেও লিপিবদ্ধ কৰাৰ কথা ভব। নাছিল; কিছুকাল যোৱাৰ পিছতহে কিছুমান শিষ্যই গুৰু-পৰম্পৰা বাগৰি অহা কাহিনীবোৰ লিপিবদ্ধ কৰিলে। এই লিপিবদ্ধ কৰা গ্ৰন্থসমূহেই হ'ল চৰিত পুথি। সত্ৰবোৰত গুৰুসকলৰ চৰিত চৰ্চা বা 'চৰিত তোলা' প্ৰথাৰপৰাই অনিৰুদ্ধদেৱে চৰিত ৰচিবলৈ অনুপ্ৰেৰণা পাইছিল -
কথা ৰূপে ভক্তসৱে চৰ্চে ঠাই ঠাই ।
পদে-ছন্দে কৰিবাক মোৰ অভিপ্ৰায় ।
এই চৰিত পুথিবোৰ জনগণৰ মাজত মহাপুৰুষসকলৰ জীৱন-কাহিনী আলোচনা কৰা আৰু অনুপ্ৰেৰণা যোগোৱাৰ কাৰণেও ৰচিত হৈছিল। একোজন গুৰুৰ অধীনত বোখনো সত্ৰ আছিল। ফলত একেজন গুৰুৰে কেবাধন চৰিত পুথি
ৰচিত হৈছিল। নাইবা, একেখন চৰিত পুথিতে সেই গুৰুজনাৰ সংস্পৰ্শলৈ অহা আন আন গুৰু নাইব। ধৰ্ম-প্ৰচাৰকৰ জীৱন চৰিতো সন্নিৱেশ কৰা হৈছিল। দ্বিতীয়তে, মহাপুৰুষসকলৰ জীৱনী সম্পর্কে লোক-পৰম্পৰা চলা প্রবাদ আৰু জনশ্ৰুতিসমূহকে। ঠাই দিয়া হৈছিল। সত্ৰসমূহত মহাপুৰুষসকলৰ জীৱন-কাহিনী প্রণয়ন কৰ। এই ৰীতিটোক 'চৰিত তোলা প্রথ।' বুলি জনা যায় ।
চৰিত তোল। প্ৰথাটো অসমীয়া বৈষ্ণৱ সন্তসকলৰ মৌলিক সৃষ্টি নহয়। ডঃ বিৰিঞ্চিকুমাৰ বৰুৱাৰ মতে 'চৰিতপুথিৰ উদ্ভৱ আৰু গঠন প্রণালীৰ লগত বুদ্ধদেৱৰ চৰিতাৱলীৰ সাদৃশ্য আছে।' বৌদ্ধ সাহিত্যত বুদ্ধদেৱৰ পূৰ্বজন্মৰ মহিমাসূচক কাৰ্য্যকলাপ গৈ অসংখ্য 'জাতক'ৰ গল্প আছে। এই প্ৰসংগত 'মহাবস্তু', 'ললিত বিস্তৰ' আৰু অশ্বঘোষৰ 'বুদ্ধ-চৰিত' উল্লেখনীয় । জৈন ধৰ্মৰ সাহিত্যতো ৬৩ জন মহাপুৰুষৰ জীৱনী আছে । সংস্কৃত সাহিত্যত বাণভট্টৰ ( ৭ম খৃঃ ) 'হর্ষচৰিত' এখনি উল্লেখযোগ্য জীৱনী-গ্রন্থ। এই গ্রন্থসমূহ ৰচনাৰ বহু কাল পিছত অর্থাৎ খৃঃ ১৭শ আৰু ১৮শ শতিকাত অসমীয়। বৈষ্ণৱ লিখকসকলে গুৰু-চৰিত লিখিবলৈ ধৰে। অকল অসমীয়। বুলিয়ে নহয়, বঙলা আদি আন আন আধুনিক ভাৰতীয় সাহিত্যতো বৈষ্ণৱ মহাজনসকলৰ জীৱন-চৰিত ৰচিত হৈছে। বঙালী কবিসকলে অকল চৈতন্যদেৱৰ জীৱনী লৈয়ে 'চৈতন্য চরিতামৃত', 'চৈতন্য ভাগৱত', 'চৈতন্য মংগল', 'চৈতন্য চন্দ্রোদয় কৌমুদী', 'চৈতন্য সংহিতা' আদি কাব্য আৰু চৈতন্য চন্দ্রোদয়' নামব নাটক ৰচনা কৰিছে । ইয়াৰ উপৰি অন্যান্য বৈষ্ণৱ সাধকসকলক লৈও 'প্রেম-বিলাস', 'প্রেমামৃত', 'বীব-ৰত্নাৱলী' আদি জীৱনী গ্রন্থ ৰচিত হৈছে। এই আটাইবোৰ অসমীয়। চৰিত পৃথিব লেখীয়া গ্ৰন্থ ।
এই চৰিত-পুথিসমূহ হ'ল অসমীয়। বৈষ্ণৱ সাহিত্যৰ এটা প্রধান শাখা । এইবোৰৰ কেইখনমান গ্যত আৰু সৰহভাগেই প্যত ৰচিত। সাধাৰণতে প্রথমে ৰচা চৰিত পুথিবোৰ ছন্দত আৰু পৰৱৰ্তীবোৰৰ কিছুমান গদ্যত ৰচিত। ছন্দত ৰচিত পুথিবোৰক বৈষ্ণৱ জীৱনী-কাব্য বুলি আধ্য। দিব পাৰি। যিহেতু আন আন বৈষ্ণৱ কাব্যৰ সকলো লক্ষণ তাত বিদ্যমান। এতিয়ালৈকে পোহৰলৈ অহা এই চৰিত পুথিৰ সংখ্যা ডেৰ কুৰিখনমান হব। ইয়াৰ ভিতৰত অঞ্চল শংকৰদেৱমাধৱদেৱৰ জীৱন-চৰিতেই পাচ-ছখন মান।
অসমীয়া ভাষাত পোন প্ৰথমে মহাপুৰুষ মাধৱদেৱৰ ভাগিনেক ৰামচৰণ ঠাকুৰে 'শংকৰ চৰিত' নামৰ চৰিতপুথি এখন প্রণয়ন কৰে বুলি কোনো কোনো পণ্ডিতে
অভিমত দিয়ে। পুথিখন খৃষ্টীয় ১৬শ শতিকাৰ শেষ নাইবা ১৭শ শতিকাৰ আদি ভাগত ৰচিত বুলি অনুমান কৰা যায়। পুথিখনত বহু অলৌকিক কথা থাকিলেও শংকৰদেৱৰ গোটেই জীৱনৰ বিস্তৃত বিৱৰণো পোৱা যায় । ৰামচৰণৰ পুতেক দৈত্যাৰি ঠাকুৰেও 'শংকৰদেউ-মাধৱদেউ' নামৰ চৰিত পুথি এখন প্ৰণয়ন কৰে । এইখনত অৱশ্যে শংকৰদেৱতকৈ মাধৱদেৱৰ জীৱন-কাহিনীহে বিশেষকৈ বৰ্ণনা কৰিছে। প্রকৃত পক্ষে এইখনকে প্রথম চৰিত পুথি বুলি সৰহভাগ পণ্ডিতে মত দিয়ে । দৈত্যাৰি ঠাকুৰেও পিতৃ ৰামচৰণ ঠাকুৰ ৰচিত চৰিত পুথিৰ উল্লেখ কৰা নাই । সেইহে ৰামচৰণ ঠাকুৰৰ চৰিত পুথি প্ৰক্ষিপ্ত বুলি অনুমান হয়। দৈত্যাৰি ঠাকুৰৰ সমসাময়িক ভূষণদ্বিজেও 'শংকৰ চৰিত' ৰচনা কৰে। শ্ৰীৰাম আতাৰ পুত্ৰ ৰামানন্দ দ্বিজে 'গুরুচৰিত'ত শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনীৰ উপৰি 'ভৱানীপুৰীয়। গোপাল আতাৰ চৰিত্ৰ'ও প্রণয়ন কৰে। এই সময়ৰে লিখক কৃষ্ণভাৰতীয়ে 'সস্ত-নিৰ্ণয়' নামৰ এখন গদ্য-পুথিত বৈষ্ণৱ প্ৰচাৰকসকলৰ জীৱন-কাহিনী চমুকৈ বৰ্ণনা কৰে। কৃষ্ণাচাৰ্য্য নামৰ আন এজন লোকেও 'সম্ভ-চৰিত' নামৰ পদ-পুথি এখনত বৈষ্ণৱ সন্তসকলৰ বিৱৰণ দিছে। দামোদৰ দেৱৰ প্ৰধান শিষ্য ৰামৰায় দ্বিজে দামোদৰদেৱ আৰু ভট্টদেৱৰ জীৱনী লৈ 'গুৰুলীলা' নামৰ চৰিত পুথি এখন ৰচে। খৃঃ ১'শ শতিকাৰ মাজ ভাগত ৰমানন্দই তেওঁৰ গুৰু 'বংশীগোপালদেৱৰ চৰিত' ৰচনা কৰে। এইবোৰৰ উপৰি ভৱানন্দ দ্বিজৰ 'গোবিন্দ চৰিত', ৰামকান্তৰ 'বনমালীদেৱৰ চৰিত্ৰ' আৰু বিদ্যানন্দ ওজাৰ 'ঠাকুৰ চৰিত' এই শতিকাৰ উল্লেখযোগ্য চৰিত পুথি ।
অষ্টাদশ শতিকাতে। চৰিত সাহিত্যই বিশেষভাৱে বিকাশ লাভ কৰে। সপ্তদশ শতিকাৰ দৰে এই যুগতো সৰহভাগ চৰিত পুথি ছন্দত ৰচিত হলেও গ্যত ৰচা চৰিত পুথিকেইখনহে এই যুগৰ উল্লেখযোগ্য দান। সেই পুথি কেইখন অকল কলেবৰতেই বৃহৎ নহয়, সেই যুগৰ গদ্য সাহিত্যৰ উৎকৃষ্ট নিদর্শন স্বৰূপেও তাৰ মূল্য অধিক। গত ৰচিত এনে ছুখন উল্লেখযোগ্য চৰিত পুথি হ'ল - শ্রীউপেন্দ্রচন্দ্ৰ লেখাৰুদেৱৰ সম্পাদিত 'কথা-গুৰুচৰিত' আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱে বাহীত প্ৰকাশ কৰা 'বৰদোৱা গুৰুচৰিত'। ইয়াৰ উপৰি বনমালী দেৱৰ সেৱক গোবিন্দ দাসৰ 'সপ্ত-সম্প্ৰদা' আৰু ভট্টদেৱৰ নামত প্রচলিত 'সৎ সম্প্রদায় কথা' নামৰ গাত ৰচিত চৰিত পুথি দুখনে। এই শতিকাৰে ৰচনা। পদত ৰচিত চৰিত পুথিসমূহৰ ভিতৰত নীলকণ্ঠ দাসৰ 'দামোদৰ চৰিত', কৃষ্ণ মিশ্ৰৰ
'দামোদৰ চৰিত' দ্বিজ দিবাকৰ আৰু বাণেশ্বৰৰ 'হৰিদেৱ চৰিত', জয় নাৰায়ণৰ 'লক্ষ্মীপতি চুৰিত' আৰু 'ৰামগোপাল চৰিত', পূৰ্ণানন্দৰ 'গোপালদেৱ চৰিত', ৰমাকান্তৰ 'বনমালীদেৱ চৰিত,' অম্বৰীশ দ্বিজৰ 'কেশৱদেৱ চৰিত', ভদ্ৰচাৰু দাসৰ 'অনন্তৰায় চৰিত', বিদ্য। ওজাৰ 'ঠাকুৰ চৰিত', ৰামনাথ মন্তৰ 'সম্ভ-মুরগী, বিভুনাথৰ 'এটকা মহস্তৰ ঝুন।' আদি উল্লেখযোগ্য ।
চৰিত-পুথিৰ বিশেষত্ব : এই চৰিত পুথিসমূহৰপৰ। মহাপুৰুষ আৰু সম্ভ-মহস্ত সকলৰ বৈচিত্র্যপূর্ণ জীৱন-কাহিনীৰ উপৰিও দেশৰ সমসাময়িক বিভিন্ন অৱস্থাৰ কথা জানিব পাৰি । সেই হিচাপে চৰিত-পুথিসমুহে এক প্ৰকাৰ বুৰঞ্জীৰ কামেই কৰিছে। বুৰঞ্জী ৰচিত হয় ৰজা-মহাৰজাৰ জীৱন আৰু তেওঁলোকৰ বংশাৱলীক কেন্দ্ৰ কৰি। চৰিত-পুথিসমূহে। ৰচিত হৈছে - বৈষ্ণৱ মহাপুৰুষ আৰু তেওঁলোকৰ শিষ্য-প্ৰশিষ্যৰ জীৱনক কেন্দ্র কঁৰি। ভক্তি ভাবত ৰচিত হলেও চৰিত-পুথিসমূহতো বুৰঞ্জীৰ দৰেই সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, ধার্মিক আদি বিভিন্ন অৱস্থাৰ চিত্র পোৱা যায় । সেইফালৰপৰ। চৰিত-পুথিক অসম বুৰঞ্জীৰ পৰিপূৰক নাইবা ভক্তিৰ ৰহণসন। সত্ৰীয়। বুৰঞ্জী বুলি আখ্যা দিব পাৰি । অসম তথা ভাৰত বুৰঞ্জীৰ সমল চৰিত-পুথিয়েও আংশিক পৰিমাণে যোগাব পাৰে। এই সম্পর্কে ডঃ বাণীকান্ত কাকতি আৰু ডঃ বিৰিঞ্চিকুমাৰ বৰুৱাই যথাযুক্ত অভিমত দিছে -
"Written from a devotional point of view and recording the day to day experiences and incidents of the saients' lives personally witnessed by the authors or handed down by sacred traditions, the Carit Puthis may be considered to be the mosit human and realistic documents of early Assamese literature. They further possess immense historical value for the light they throw upon contemporary social life, manners, vaishnavite movements and institutions."
এইটো মন কৰিব লগীয়া যে, যদিও চৰিত পুথিসমূহত মহাপুৰুষসকলৰ জীৱনৰ কাৰ্য্যাবলী নাইবা দেশৰ বিভিন্ন অৱস্থাৰ কথা বর্ণিত হৈছে, তথাপি সিবোৰ সম্পূর্ণ বাস্তৱতাৰ ভেটিত প্রতিষ্ঠিত বুলি কব নোৱাৰি। চৰিত পুথিৰ ৰচসকলে শংকৰদেৱ মাধৱদেৱ আদি মহাপুৰুষক ঈশ্বৰৰ অৱতাৰ বুলি ধৰি লৈছিল। সেইছে তেওঁলোকৰ কাৰ্য্য-কলাপত ঐশ্বৰিক শক্তি আৰু অলৌকিক মহিম।
নিহিত হৈ থকা বুলি বৰ্ণনা কৰিছে । আনকি শংকৰদেৱৰ জন্ম-বৃত্তান্ততে ভাগৱতত বৰ্ণিত শ্ৰীকৃষ্ণৰ অলৌকিক মহিমাৰ কথা আৰোপ কৰিছে। শংকৰদেৱ ওপজাৰ দ্বিতীয় দিন। শাপে মূৰত ফেট তুলি ধৰা, চতুৰ্দশ দিনা শংকৰদেৱৰ মুখত মাকে 'পুৰ, বাৰী, গো, মহিষ, বৃক্ষ লত।' আদি দেখা কাৰ্য্যই এই কথাৰ প্ৰমাণ দিয়ে । শংকৰদেৱৰ ভায়েক বনগঞাগিৰিক হলধৰ বুলিহে 'শ্রীগুৰু চৰিত'ত কৈছে। ডেকা কালত শংকৰদেৱে চতুভুজ মূৰ্তি ধৰিহে যাড় এটা ঠেলি বগৰাই দিয়া বুলি ৰামচৰণ ঠাকুৰৰ গুৰুচৰ্তিত উল্লেখ আছে -
দিব্য চতুর্ভুজ ৰূপ তেখনে ধৰিল । শংখ চক্র গদ। পদ্ম আছে তাৰ হাতে।
চাৰিও বাহুৱে তাৰ শৃংগ কাণে ধৰি । .......
'শ্রীগুৰু চৰিত'ত কোৱা হৈছে -
কামৰূপ ম্লেচ্ছ দেশে
আসিলস্ত আপুনি ইবাৰ ।
অন্য দেৱ উপাসনা
নাম ধৰ্ম কৰিল। বিস্তাৰ
শংকৰ স্বৰূপে কৃষ্ণ
কৰিলন্ত নিবাৰণ
'শ্রীগুৰু চৰিত'ত শংকৰদেৱ, মাধৱদেৱ আৰু গোপালদেৱক ঈশ্বৰৰ ক্ৰমিক অভিব্যক্তি বোল। হৈছে । 'গুৰুলীলা'ত আকৌ শংকৰদেৱক মহাদেৱৰ অন্য অৱতাৰ বুলিছে ।
চৰিত পুথিত সন্তসকলৰ গোটেই জীৱনৰ কাৰ্য্যাৱলীৰ উপৰি তেওঁলোকৰ পুৱাৰপৰ। গধূলিলৈকে দৈনিক জীৱনৰ কাৰ্য্যৰ তালিকাও পোৱা যায়। সেই হিচাপে ই একপ্ৰকাৰ দিনলিপি ( diary ) ৰে কাম কৰিছে আৰু পৰোক্ষভাৱে শিষ্যসকলক সেইদৰে চলিবলৈ উদগনি দিছে। 'শ্ৰীবনমালীদেৱ-চৰিত'ত -
প্রভাতে উঠি বনমালি সন্ত শিস্ত্রে মুখ হস্ত পথালিলন্ত । দিলন্ত তৈল আনি নিজ দাসে। হাতে লাঠি ধৰি উঠন্ত লাসে ॥"
বুলি আৰম্ভ কৰি তেৰাৰ দৈনন্দিন জীৱনৰ কাৰ্য্য-সূচীৰ এটি সুন্দৰ বৰ্ণন। সেইদৰে ধৰ্মপ্ৰচাৰৰ ক্ষেত্ৰত মহাপুৰুষ আৰু সস্ত- মহন্তসকলৰ মাজত কেনেদৰে মিলন ঘটিছিল তাৰে। মনোৰম বর্ণনা ৰচিত-পুথিত পোৱা যায় । শংকৰদেৱৰ
প্রিয়তম শিষ্য আৰু বান্ধৱ মাধৱদেৱ আগেয়ে ঘোৰ শাক্ত আছিল। আনকি এবাৰ মাকৰ বেমাৰত দুৰ্গাদেৱীৰ নামত পঠা এটা আগ কৰিছিল ; ঘটনাক্রমে শংকৰদেৱৰ লগত ধৰ্ম-মত লৈ প্রথমে তেওঁৰ বাদ বিস্বাদ হয় আৰু শেষত পৰাজিত হৈহে শংকদেৱক গুৰু মানে। এইদৰে ভঃগনীপুৰীয়া গোপাল আতায়ে। মাধৱদেৱত শৰণ লোৱা সম্পর্কে এটি ঘটনা আছে। এবার গোপালআতাই গুৰু দুজনাৰ আদেশ ক্রমে এজোপা আমৰপৰা তিনিটা আম পাৰি এটি শংকৰদেৱক আৰু বাকী ছুট! মাধবদেৱক দি সেৱ। কৰিলে; কিন্তু মাধৱদেৱে গুৰুজনক দুটা আম দিব লাগে বুলি ভাব প্রকাশ কৰাত শংকৰদেৱে কৈছিল - "গোপালে তোমাৰপৰা সম্পুর্ণ ধৰ্মৰ ভাৰ লৈ ধৰ্মাচায্য হব; আৰু বহুত জীৱৰ কুশল সাধি মহাধর্য উজ্জ্বল কৰিব। সেইবাবে গোপালৰ ভক্তি আমাতকৈ তোমাত বেছি । তুমি গোপালক ভক্তি-ৰত্ন দি ধৰ্মৰ ভাৰ দিবা।" তেতিয়াহে মাধৱদেৱে গোপালগাতাক দীক্ষা দিছিল । দামোদবদেৱ আগেয়ে খেতিয়কহে আছিল । কোৰ নাবি খেতি কৰে কারণে নাম আছিল কোৰ দামোদৰ ; পিছতহে বৈষ্ণৱ ধৰ্মত দীক্ষ! লয় । অনন্ত কন্দলী আগেয়ে দুৰ্বোৰ শক্ত আছিল; পিছতহে শংকৰদেৱৰ প্ৰভাৱত উগ্ৰ বৈষ্ণৱ তয় । এইদৰে চৰিত পুথিত চৈতন্যদেৱ, নাৰায়ণ ঠাকুৰ, হৰিদেৱ, কণ্ঠgষণ আদি সম্ভ-মহন্ত আৰু বৈষ্ণৱ ধৰ্মৰ লগত জড়িত আন আন লোকৰো পৰিচয় পোৱা যায়। ইয়াৰ উপৰি বৈষ্ণৱ ধৰ্মৰ বিৰোধী শাক্ত, বামাচারী, তান্ত্রিক, তার্কিক আদিৰ কথাও পোৱা যায়। 'শ্রীশ্রীহৰিদেৱ চৰিতৰপৰ। অন্য যায় যে, এসময়ত শংকৰদেৱ আৰু মাধৱদেৱে হৰিদেৱৰ সন্মান বঢ়াবলৈ ভº সকলৰ সৈতে মানেৰিলৈ গৈ সাত দিন সাত ৰাতি কীৰ্তন কৰিছিল।
সন্ত-মহন্তসকলৰ মিলন, ধর্ম সম্পর্কীয় বাদ-বিসম্বাদ নাইব। ভ্রমণ প্ৰসংগত দুই এটি আমোদজনক আখ্যানে। পোৱ। যায়। এই আখ্যানবোৰে এহাতে যেনেকৈ বৰ্ণনাৰ গতানুগতিকত। ভাঙি সঙ্গীৱত। দান কৰিছে, আনহাতে তেনেকৈ চৰিত পুথিবোৰ বেছি আকর্ষণীয় কৰি তুলিছে। কিছুমান আখ্যানে লোক-বিশ্বাসৰ কথাও দাঙি ধৰিছে। 'কথা-গুৰুচৰিত'ত থক। বাধিকা শাস্তীৰ আখ্যানে সতীত্বৰ মহিম। দেখুৱাইছে। 'কলিংগ দেশৰ ৰাজাৰ মুখত বেথা ৰোগ' হোৱা আখ্যানটোত অসতী এগৰাকীৰ কথা আছে। ইয়াৰ উপৰি খহট। সন্যাসী, স্বৰ্গেশ্বৰ সন্ন্যাসী, ভকতচিলা আদিৰো অতি মনোৰঞ্জক আখ্যান পোৱা যায়।
"গুৰুৰ ছাত্ৰ ভোজন" নামৰ আখ্যানটিত আমোদজনকভাৱে ছাত্ৰৰ গুৰু-ভক্তিৰ নিদৰ্শন দাঙি ধৰিছে । আখ্যানটি এনে ধৰণৰ
হৰিদ্বাৰত সূৰ্য্যসেন নামৰ অধ্যাপক এজনে এশজন ছাত্র পঢ়ুৱালে । পঢ়াৰ অন্তত ছাত্ৰবোৰ দক্ষিণ। দিবলৈ আহিল; কিন্তু অধ্যাপকে আন দক্ষিণা নলৈ কলে, "সবাৰে মাংস খাইছো, মনুষ্যৰ খোৱা নাই। তাতে চিত গৈছে। এটি ছাত্র সবে মিলি যাক হয়।" তেতিয়া ছাত্ৰসকলে চিন্তা কৰি কলে, "বোলে কালৈ ( কাইলৈ ) আলচি দিমহক।" কিন্তু ৰাতিয়ে আঢ়ৈ কুৰি ছাত্ৰ পলাল। পিছদিন। অধ্যাপকে সোধাত বাকী ছাত্ৰ কেইজনে তাৰ পিছদিনা দিব বুলি কলে ; কিন্তু ৰাতি তাৰে আকৌ পঁচিশজন পলাল । শেষত এইদৰে দিন দিদি ছাত্র পলাই পলাই এজনতহে ৰ'ল । সেইজনে আহি কলে, "গুৰু সবটি পলাল জীৱৰ তেতিয়। গুৰুজনে দাৰে কাটিব খোজতেই দেখে, ছাত্ৰজনৰ চকুৰ পানী ওলাইছে। খঙত গুৰুজনে দ। থৈ কলে যে, দুখ কৰি দিয়। দক্ষিণ। তেওঁ গ্ৰহণ নকৰে। তেতিয়া ছাত্ৰজনে কলে, "গুৰু আতহে খেদ আছিল, এশ ল'ৰা পঢ়িলে।, প্ৰাণৰ ভয়ত সবেটি পলাল । থকা হলে কুটি বাচি ৰান্ধি বাঢ়ি দিলে হতে, সুখে বসি ভোজন কৰা গ'ল হতে । আপুনি শ্ৰমকৈ লব লাগিলে, কি মোৰ অভাগ্য, এই বুলিহে খেদকৈ লোহ্ ওলাল।" শিষ্যৰ কথাত গুৰু মুগ্ধ হ'ল আৰু মৰমতে সাবটি ধৰি কলে, "মনুষ্যক যে। মানুহে খায় ? ৰাক্ষহে খায়, মই চিত্তকহে লেখিলোঁ।"
ওপৰৰ উদাহৰণটোৱে গুৰুভক্তিৰ উপৰিও সেই সময়ত যে দেশত শিক্ষানুষ্ঠান আছিল তাৰে। আভাস দিয়ে। সেই সময়ত শিক্ষ। প্ৰচাৰৰ কাৰণে ৰাইজৰ মাজত এটি জাগৰণ আহিছিল নগৰ বা গাৱঁত শিক্ষ। প্রচাৰৰ কাৰণে ৰাইজৰ দানেৰে কিছুমান ছাত্রণালা বা ঢোল খোলা হৈছিল। সেইবোৰত অধ্যাপকে কাব্যব্যাকৰণৰ উপৰিও বেদ-পুৰাণ আদিও পঢ়ুৱাইছিল । শংকৰদেৱে বৰদোৱাত মহেন্দ্ৰ কন্দলীৰ টোলত আৰু মাধৱদেৱে বাণ্ডুকাত ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত পঢ়িছিল । টোলবিলাকত ল'ৰাৰ উপৰি বয়সীয়। মানুহেও অধ্যয়ন কৰিছিল। সেই সময়ত হাজো, শ্রীহাটী, ব্যাসকুচি মালকচা, কোচবেহাৰ আদি শিক্ষাৰ কেন্দ্ৰ আছিল ।
শিক্ষাৰ কাৰণে মানুহৰ যেনে ধাউতি আছিল, সেইদৰে অধ্যাপকসকলেও আগ্ৰহ কৰি শিক্ষ। দান কৰিছিল। ভৱানীপুৰীয়া গোপাল আতাই একাদশ স্কন্ধ ভাগৱত ফলি-পেঞ্চিল নোহোৱাকৈয়ে লক্ষ্মণ ওজাৰ মনত ৰখোৱাইছিল। দাউকী
গাৱঁৰ বঢ়া-বুঢ়ীৰ আখ্যানৰপৰ। জনা যায় যে, বুঢ়ীয়ে ঘৰৰ কাম কৰে; বুঢ়াই নিতৌ সত্ৰলৈ গৈ হৰি-কথা শ্ৰৱণ কৰে। গধূলি ঘৰলৈ আহি বুঢ়াই বুঢ়ীক হৰি কথা কলেহে ভাত দিয়ে, নহলে নিদিয়ে। এদিন বুঢ়াই কব নোৱাৰাত ভাত নাপালে । পিছত আকৌ সত্ৰৰপৰ। শিকি আহি কোৱাতহে ভাত পালে । সাধাৰণ বুঢ়ী এজনীৰো যে ধৰ্ম-কথালৈ মতি আছিল ইয়াৰপৰা বুজিব পাৰি ।
ছাত্ৰসকলৰ গুৰুৰ প্ৰতি যি গভীৰ নিষ্ঠ। আৰু ভক্তি আছিল তাৰ উদাহৰণ এটি আগতে দাঙি ধৰা হৈছে। মাধৱদেৱে শংকবদেৱক কি সত্ৰ, কি তীর্থ ভ্রমণ সকলোতে সেৱা-শুশ্ৰুষ। কৰাৰ উদাহৰণ একাধিক ঠাইত পোৱা যায় । বসকলেও শিষ্যক যথেষ্ট চেনেহ কৰিছিল। শংকৰদেৱে অনস্ত কন্দলীক মৰমতে 'দশম'ৰ মাজ আৰু শেষ ছোৱ। 'উচ্ছিষ্ট-ভোজন' হিচাপে দিছিল অনুবাদ কৰিবলৈ । মাধৱদেৱে তীর্থ-ভ্রমণ কালত আগতে ভকতসকলক খুৱাইতে শেষত নিজে খাইছিল । প্রত্যেকজন সম্তই ক্ষমাশীল আছিল । তীর্থ-ভ্ৰমণত এবাৰ দুৰ্জন লোক এজনে এচটা ইট। মাৰি ৰামৰায়ৰ কপাল ফালি পেলোরাত লগবাধাবোরে ডাক ধৰি আনে ; কিন্তু ৰামৰায়ে ক্ষমা কৰি এবি দিয়ে।
ছাত্রশালা বা ঢোলৰ নিচিনাকে ৰজাব পৃষ্ঠা পাষকতাতে। সংস্কৃত শিক্ষাই প্ৰসাৰ লাভ কৰিছিল। বিক্রমাদিত্য তুল্য মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত কবি, সাহিত্যিক, জ্যোতিষী, গণিতজ্ঞ আদি বিভিন্ন লোকব সমাৱেশ ঘটছিল। সর্ব সাধাৰণ লোকেও যাতে সংস্কৃত জানিব পাৰে তাক কাৰণে ৰজাই যত্ন কৰিছিল। "ৰাজা বোলে দোকানী, চাকৰী, চিপাতী, পিয়দা, দ্রৌপদবা, গণমলি ভৰাৰি, মহলীয়া, সদাগৰ, নট, ভাট সবেও সংস্কৃত শিক্ষক।" সেই সময়ত শিক্ষা লাভৰ কাৰণে অসমৰপৰা কাশী, মিথিলা, নবদ্বীপ আদি ঠাইলৈ মামুহ গৈছিল আৰু সেইদৰে আন ঠাইৰ মানুহে। অসমলৈ আহিছিল। তৰ্কত নিজৰ পাণ্ডিত্য দেখুৱাবলৈ বিভিন্ন দেশৰ পণ্ডিত অসমলৈ আহিছিল আৰু অসমৰ সাধাৰণ মানুহেও সংস্কৃত জনা দেখি তবধ মানিছিল। এবাৰ ধাঠিজন ছাত্ৰ লৈ কবিচন্দ্র পণ্ডিত নামে এজন লোক নৰনাৰায়ণৰ বাসভালৈ আহিল তর্ক কৰিবলৈ ; কিন্তু তাত সাধাৰণ মানুহেও সংস্কৃত মতা শুনি আচৰিত হৈ কৈছিল, "দেশ এইখানেই পণ্ডিত বৈ।" দেশত সংস্কৃতৰ উপৰিও ফাচি, উৰিয়া আদি ভাষাৰো চৰ্চা হৈছিল। সুবিধা নাছিল। যান-বাহনৰ দূৰৈৰ কথা আনকি ভাল ৰাস্তা-ঘাটেই নাছিল। গতিকে ধর্ম-প্ৰচাৰকসকলে বাট বুলি নানা
দুখ-কষ্টৰ মাজেদি ধৰ্ম-প্ৰচাৰৰ কাৰণে অলৈ তলৈ যাব লাগিছিল। শংকৰদেৱে তেৰাৰ শিষ্যবৰ্গৰ সৈতে খোজ কাঢ়িয়ে দুবাৰ ভাৰত ভ্ৰমণ কৰিছিল। ভ্রমণ কালত তেওঁ ভাৰতব কি কি তীর্থস্থান দৰ্শন কৰিছিল, কোন কোন ভাৰতীয় সস্ত বা মহাপুৰুষক লগ পাইছিল, ভাৰতৰ আন ঠাইৰ মানুহৰ আৰ্থিক অৱস্থা বা মানুহৰ ধার্মিক জীৱন-ধাৰা কেনে আছিল তাৰ আভাস চৰিত পুথিৰপৰাই পাব পাৰি । ভ্ৰমণ কালত শংকৰদেৱৰ কবীৰৰ মঠ-দৰ্শন, ৰূপ সনাতন, বিষ্ণুপুৰী সন্যাসী আদিৰ লগত সাক্ষাৎ হোৱাৰ কথা চৰিত-পুথিৰ পৰাহে জানিব পাৰি ।
ধৰ্ম-প্ৰচাৰৰ কাৰণে বৈষ্ণৱ কবিসকলে যিবোৰ গ্ৰন্থ ৰচনা কৰিছিল, সেইবোৰৰে। বিতং বিৱৰণ চৰিত পুথিৰপৰা পাব পাৰি। বৈষ্ণৱ কবিসকলে এইবোৰ ৰচনাৰ স্থান, কাল নাইবা অৱস্থাৰ বিষয়ে বিশেষ বৰ্ণনা দিয়! নাছিল। চৰিত পুথিয়ে কিন্তু আমাক এইবোৰ জনাত বিশেষভাৱে সহায় কৰিছে। যেনে, কি পৰিস্থিতিত মাধৱ কন্দলীৰ ৰামায়ণ সম্পূৰ্ণ কৰিবলৈ মাধৱদেৱে আদিকাণ্ড আৰু শংকৰদেৱে উত্তৰাকাণ্ড ৰচিলে ; শংকৰদেৱৰ বাৰকুবি বৰগীত পুৰি যোৱাৰ পিছত তেওঁৰ আদেশমতে মাধৱদেৱে বৰগীত ৰচনা কৰিলে ; চিলাৰায়ৰ অনুৰোধক্ৰমে শংকৰদেৱে 'ৰাম বিজয়' নাট ৰচিলে ; নাইব। অনন্ত কন্দলীয়ে মধ্য আৰু অন্ত্য দশমৰ পদ ভাঙিলে, তাৰ সকলে। বিৱৰণ চৰিত পুথিয়ে সুন্দৰকৈ দিছে । দ্বিতীয়তে, বৈষ্ণৱ কবিসকলে ৰচা গীতপদবোৰ যে জন-সাধাৰণে আগ্ৰহ কৰি মনত ৰাখিছিল বা আবৃত্তি কৰিব পাৰিছিল তাবো উদাহবণ চৰিত-পুথিত পোৱা যায়। নাৰায়ণ ঠাকুৰে শংকৰদেৱৰ ওচৰত ধৰ্ম ধৰিবলৈ যাওঁতে বাটত খাগৰিকটীয়া ভকতৰ মুখত শংকৰদেৱে ৰচা 'মন মেৰি ৰাম চৰণহি লাগো' বৰগীতটি, শংকৰদেৱে নাৰায়ণ দাসৰ মুখত শুন। পীতাম্বৰ কবিৰ 'বিলাপ কৰিয়। কান্দে দেৱী ৰুকমিণী । কোন অংগে খুন দেখি নাইলা যদুমণি ।।' নামৰ পদ ফাঁকি আৰু লক্ষ্মণ ওজাই একদশ স্কন্ধ ভাগৱত মুখস্থ কৰা কথাই ইয়াৰ প্ৰমাণ।
ধৰ্ম-প্ৰচাৰৰ কাৰণে মহাপুৰুষসকলে দেশৰ বিভিন্ন ঠাইত সত্ৰ-নামঘৰ আদি স্থাপন কৰিছিল । বাট-পথৰ বিশেষ সুবিধা নথকাৰ বাবে নৈ বা জলাশয়ৰ ওচৰতহে সত্ৰ স্থাপন কৰিছিল যাতে নাৱেৰে চলাচল কৰিব পাৰে । সত্ৰ আৰু নামঘৰত হৰিনামৰ চৰ্চ। আৰু অংকীয়া নাটবোৰৰ ভাওনা হৈছিল। সত্ৰবোৰ স্থাপন কৰোঁতে মহাপুৰুষসকলে কিমান কষ্ট ভোগ কৰিব লগা হৈছিল, বৰপেটা,
সুন্দৰীদিয়া, আউনিআটী, গড়মূৰ, কুৰুৱাবাহী আদি অসংখ্য সত্ৰ আৰু নামঘৰ কোনে কোন সময়ত প্রতিষ্ঠা কৰিছিল, তাৰ বিশদ বিৱৰণ চৰিত পুথিয়েহে দিয়ে। চৰিত পুথিৰপৰা 'সুন্দৰীদিয়া', 'পাটবাউসী' আদি ঠাইৰ নামৰ অৰ্থও পোৱা যায় । ইয়াৰ উপৰি প্ৰতিখন সত্ৰৰে সত্ৰাধিকাৰসকলৰ শিষ্য পৰম্পৰা সত্ৰাধিকাৰৰ আসন গ্ৰহণৰ কথাও চবিত পুথিৰপৰা জানিব পাৰি ।
ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত যে প্ৰচাৰকসকলে ৰজা আৰু বিবোধী লোকৰপৰা নানা নিৰ্যাতন ভূগিব লগ। হৈছিল তাৰো বিভিন্ন ঘটন। চবিত পুথিত সন্নিৱিষ্ট হৈছে। সেই সময়ত চুতীয়া, কছাৰী, আহোম, বাৰভূঞা আৰু কোচ এইসকলৰ অধীনত অসম দেশখন বিভিন্ন ৰাজ্যত বিভক্ত আছিল । 'কথ। গুৰুচৰিত'ত পোৱা যায় যে, এই ৰাজ্যবোৰৰ উপৰি অসমৰ একেবাৰে উত্তৰ-পূব কোণত কলিতা দেশ বুলি এখন ৰাজ্য আছিল। ৰাজ্যৰ ৰজাবোৰৰ মাজত ঘটা আদান-প্রদান নাইবা কামেশ্বৰ-গৌড়েশ্বৰ, ভুঞা-কচাৰী, কোচ-আতোম আদিব যুদ্ধৰ বৰ্ণনাও চৰিত পুথিৰপৰা জনা যায় । ৰজাসকলৰ শাসন-পদ্ধতি আৰু দণ্ডৰ কথাও জানিব পাৰি। সেই সময়ত অসমত শাক্ত ধর্ম প্ৰৱল আছিল আৰু ৰজা-প্ৰজ। সৰহভাগ লোক শাক্ত ধৰ্মী হোৱাত স্বভাৱতে বৈষ্ণৱ ধর্ম প্রচাবকসকলে প্ৰচাৰ কাৰ্য্যত নানা বিপদৰ সন্মুখীন হ'ব লগাত পাৰিছিল। আনকি স্বয়ং শংকৰদেৱেই নিজৰ ঠাইত ধৰ্ম প্ৰচাৰ কৰিব নোৱাৰি কামৰূপতহে পোনতে ধৰ্মৰ ভেটি স্থাপন কৰে এবাৰ ৰামৰায়ে। ৰাজৰোষত পৰিছিল : ৰাজৰোষত পবি মনুজোঁৱাই কট। গৈছিল। কামৰূপতো শাক্ত-ব্রাহ্মণসকলে শংকৰদেৱৰ বিদ্বেগ আচৰণ কৰিছিল। অৱশেষত তেওঁ কোচৰাজ নৰনাৰায়ণৰ ৰাজসভাত উপস্থিত হৈছিল। তাতো শাক্ত পণ্ডিতসকলৰ লগত নানা বাদ-বিসম্বাদ হৈছিল, যদিও শেষত তেওঁ তৰ্কত জয় লাভ কৰি নৰনাৰায়ণৰ প্ৰিয়পাত্ৰ হ'ব পাৰিছিল। এই সকলবোৰ বৃত্তান্ত চৰিত পুথিয়েছে দিয়া । সেই সময়ত দেশত বৈষ্ণৱ আৰু শাক্ত ধৰ্মৰ উপৰি তান্ত্রিক মতবাদ আৰু বৌদ্ধ ধৰ্মৰো প্ৰাছৰ্ভাৱ আছিল । মানুহৰ তন্ত্র মন্ত্ৰত গভীৰ বিশ্বাস আছিল আৰু দেশৰ ঠায়ে ঠায়ে টাটকীয়াসকলে বাজী দেখুৱাই ফুৰিছিল ।
চৰিত পুথিৰ ৰচকসকল বৈষ্ণৱ ধৰ্মী হোৱাত পুথিবোৰৰ মাজে মাজে বৈষ্ণর ধৰ্মৰ মূলমত আৰু তত্ত্বও ব্যাখ্যা কৰিছে। প্রবৃত্তি-নিবৃত্তি মাগীয় তর্ক, অস্তৰংগা, নিও ণা, ভাগৱতী, কেৱলা আদি ভক্তিবিভাগ, আকাৰ-নিবাকাৰ ভেদ, অন্য দেৱদেৱীৰ পূজা-নিষেধ, ভক্তৰ সংগ-মাহাত্ম্য, পশু পক্ষীলৈ দয়া আদিৰ বিষয়ে বিস্তৃত বর্ণনা
| pdf |
5353e926c59aefaeda1ed90217c9da8a | সাংস্কৃতিক জগতখনৰ লগত আকৰ্ষিত মই হৈছিলো এইকাৰণে সৰুৰে পৰা আমাৰ ঘৰৰখনত মোৰ মাঁ-দেউতা আমাৰ ল'ৰা-ছোৱালী পাঁচটা , মোৰ দেউতা আৰু মাঁ-দেউতা দুয়োজন সাংস্কৃতি প্ৰেমী আছিল । মোৰ মাঁয়ে ঘৰতে গীত গাইছিল আৰু দেউতাই এক সত্ৰীয়া পৰম্পৰা পৰা অহা । যোৰহাটৰ সাওকূচী সত্ৰ তাত দেউতাৰ জন্মগ্ৰহণ , সেইসূত্ৰে আমাৰ ঘৰখনৰ যদিও আমি গুৱাহাটীত আছিলো তথাপিও আমাৰ ঘৰখনত দেউতাই এটা সাংস্কৃতিক তথা সত্ৰীয়া পৰিৱেশ এটা বাহাল ৰাখিছিল আৰু সৰুৰে পৰা সেইখিনি দেখিছিলো। গধূলি সময়ত দেউতা-মাঁ আগফালে বহি লৈ হাৰমণিয়াম আৰু খোল লৈ বৰগীত গাবলৈ শিকাইছিলে সেই তেনেকুৱা ধৰণৰ পৰিৱেশেই এই জগতখনৰ লগত জড়িত হোৱাত সহায় হল বুলি মই ভাবো আৰু সেইখিনি মোৰ মাঁ-দেউতাৰ আৰ্শীবাদ।
মই সাংস্কৃতিক জগতখনত সফলতা লাভ কৰি আছো বুলি মই এতিয়াও নাভাবো, এতিয়াও মই সাধনা কৰি আছো। চেষ্টা কৰি আছো, শিকি আছো , নিজেও বেলেগক শিকাই আছো যিখিনি পাৰো আৰু যদি জীৱনৰ টাৰ্নিং পইণ্ট বুলি ক'লে মই আকৌ এবাৰ কৈছো মই সফলতা এতিয়াও কিমানখিনি লাভ কৰিব পাৰিছো মই নাজানো কিন্তু ৰাইজৰ মৰম পাইছো, সেইটো যদি সফলতা তেন্তে হয়। মই সৰুৰপৰা সত্ৰীয়া নাচিছিলোঁ , মই বৰগীত গাইছিলো। ৰেডি'অত বৰগীত এতিয়াও বাজে মোৰ। মই সত্ৰীয়া নাছিছিলো, মোৰ গুৰু আছিল স্বৰ্গীয় সংগীত নাটক একাডেমী এৱাৰ্ড ৰোখেশ্বৰ শইকীয়া বৰবায়ণ আৰু পিছত গুৰু জীৱঞ্জীত দত্তৰ ওচৰত শিকিছিলো, সৰুৰপৰা মই নাচিছিলো যিহেতু আমি সত্ৰীয়া পৰিৱেশত ডাঙৰ-দীঘল গতিকে, মোৰ প্ৰথম গুৰু বুলি ক'লে মোৰ দেউতা কাৰণ প্ৰথম কৃষ্ণনাচখন,মই যেতিয়া তিনিবছৰ বয়স তেতিয়াৰপৰা দেউতাই ঘৰতে শিকাইছিল। টাৰ্নিং পইণ্ট বুলি কবলৈ হ'লে মই যেতিয়া ১৯৭৯ ত অসমৰ প্ৰথম বিহুৰাণী পাইছিলোঁ, লতাশিল বিহুতলীত। সেইটো হয়তো টাৰ্নিং পইণ্ট বুলি কব পাৰি কাৰণ সেইসময়ৰ বিহুৰাণী হওঁতে তেতিয়া সাম্ৰাগী জন্ম হোৱা নাছিলে। বিহুৰাণী হোৱা সময়ত এনেকুৱা এটা চৰ্চা হৈছিল চাৰিওফালে মানুহ দৌৰি দৌৰি আহিছিল, এতিয়াও মনত আছে ৰাতিপুৱা চাৰি বাজি যোৱাৰ পাছতো লতাশিল খেলপথাৰৰ মানুহৰ ভিৰ কমা নাছিল আৰু সেই তাৰ পিছৰপৰাই মোৰ এটা সুকীয়া নাম হ'ল, মোৰ আচল নাম আছিল মাধুৰী গোস্বামী আৰু যেতিয়াৰপৰাই মই লতাশিলৰ প্ৰথম বিহুৰাণী খিতাপ জয়ী হ'লো সেই তেতিয়াৰ পৰাই মাধুৰীমা গোস্বামী হ'ল আৰু মোৰ মতে মোৰ টাৰ্নিং পইণ্ট সেইসময়ৰ পৰা বুলি কব পাৰি কিন্তু মই সফল হওঁ নে সেইয়া ভগৱানে জানে।
এগৰাকী শিল্পী হিচাপে বৰ্তমান সময়ত অসমত পেছাদাৰী নৃত্যশিল্পী তথা অভিনেতা সকলৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ মতামত?
আমাৰ অসমত আচলতে বিভিন্ন ধৰণৰ জনগোষ্টী আছে, সাংস্কৃতিক ভঁৰাল যথেষ্ট চহকী আৰু খুব জ্ঞানী অসমৰ মানুহখিনি যিসকল সাংস্কৃতিক জগতখনৰ সৈতে জড়িত। অসমত আচলতে শিল্পী শব্দতো বহুত ডাঙৰ শব্দ , শিল্পী হবলৈ হলে বহুখিনি এৰা-ধৰা কৰিব লাগিব, বহল হৃদয়ৰ হব লাগিব । বর্তমান অসমৰ অভিনেতা সকলৰ কথা মই কওঁ যে অভিনয় কৰিয়ে এগৰাকী শিল্পী চলি থাকিব আমাৰ অসমত অকণমান অসুবিধা, যিসকল বাহিৰত ওলাইছে অথবা সকলোৱেই চিনি পাই সেইসকলৰ কথা অলপ সুকীয়া। সেয়েহে মই নাভাবো যে পেঁচা হিচাপে লৈ অসমত কিমানদূৰ সফল হ'ব পাৰিব সেয়েহে বহুতেই বিভিন্ন ধৰণৰ ব্যৱসায়ত নামি পৰিছে কাৰণ এইটোৱেই। কিন্তু অসমৰ শিল্পীসকলে নিজৰ সংস্কৃতি ভাল পাই বাবে ইমান অসুবিধাৰ মাজতো এৰি নাই সেইটো অসমৰ কাৰণে সঁচাকৈ আমি গৌৰৱ কৰিব পাৰো।
আজিকালি বহুতো বিহুনৃত্যৰ লগত জড়িত প্ৰতিযোগিতা টেলিভিছনত সম্প্ৰচাৰিত হৈ আছে , এইসমূহে অসমীয়া সমাজত কেনে ধৰণৰ প্ৰভাৱ পেলোৱা বুলি ভাৱে?
টেলিভিছনৰ প্ৰতিযোগিতা সমূহত যথেষ্ট জনপ্ৰিয় হৈ উঠিছে আৰু এই প্ৰতিযোগিতা সমূহে অসমীয়া সমাজত ভাল প্ৰভাৱ পেলাবলৈ হলে যি প্ৰতিযোগিতা হয় নিকাকৈ হয় যাতে আৰু এটা বিকৃত ধৰণৰ বিহুনাচ প্ৰচাৰিত নহয়। এইখিনি যদি আমি মানি চলিব পাৰো তেন্তে ই সমাজত ভাল প্ৰভাৱ পেলাব কিন্তু সেইটোকেই যদি নহয় বেলেগ ৰূপ লয় তেন্তে নিশ্চয় সমাজত ই বেয়া প্ৰভাৱ পেলাব। সেইবাবে আমি সকলোৱে লক্ষ ৰখা উচিত লগতে চেনেলবোৰেই এটা বিকৃত বিহুনৃত্য প্ৰচাৰ নহয় তেওঁলোকেই এই কথা মন দিয়া উচিত মোৰমতে।
আচলতে এনে প্ৰশ্ন শুনিলে হাঁহি উঠে, আমি কৰ পৰা কলৈ গৈ আছো। যাৰ নিজৰ ওপৰত কোনো বিশ্বাস নাই আচলতে তেওঁ কোনো শিল্পী হোৱা যোগ্য নাই আৰু এই সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে সস্তীয়া উপায় লোৱাটো আমি শিল্পী বুলি কেতিয়াও কব নোৱাৰো আৰু এইসকলৰ সাংস্কৃতিক জগতখনত বেছি দীঘলীয়া যাত্ৰা নহয়, লগতে তেওঁলোকে এদিন ভুগিব লাগিব কাৰণ আমাৰ সংস্কৃতিক বিকৃত কৰাৰ সাহস তেওঁলোকে কেনেকৈ পালে আৰু তেওঁলোকক মই শিল্পী বুলি কেতিয়াও নকওঁ। প্ৰকৃতাৰ্থত আমি যদি বিষ্ণুৰাভাক, জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেনদাক কওঁ।
বৰ্তমান অসমীয়া ছবি কিছুমানে দক্ষিণৰ ছবি বা বলিউডক নকল কৰা দেখা যায়, তাৰ বাবে অসমীয়া ছবি সমূহে নিজস্বতা হেৰুৱাই পেলোৱা পৰিলক্ষিত হয়, এই ক্ষেত্ৰত আপুনি কি কব বাইদেউ?
ছবি কৰিবলৈ যাওঁতে দক্ষিণৰ ছবি অথবা বলিউদক নকল কৰা দেখা যায়। আচলতে বলিউদৰ কিছুমান ছবি হলিউদৰ ছবিৰ লগত মিল দেখা যায় সেইয়া বাৰু হৈ থকা দেখা যায়। কিন্তু মই এটা কথা কওঁ অসমীয়া ছবিত ক্ষেত্ৰত অসমৰ যিসকলে অসমীয়া ছবি চাই, তাতে অসমীয়া ছবি চোৱা মানুহ তেনেই সীমিত আৰু যিসকলে অসমীয়া ছবি চাই অসমৰ নিজৰ মাটিৰ গুণ থকা , অসমৰ সামাজিক জীৱনৰ লগৰ মিল থকা ছবিহে লোৱা দেখা যায় বিভিন্ন সময়ত। লগতে পৰিৱৰ্তন লাগে, আৰু ছবিৰ ক্ষেত্ৰতো লাগিব , music ৰ ক্ষেত্ৰত আমাৰ ছবি বহু আগবাঢ়ি আছে ,technically ও আগ বাঢ়ি আছে আৰু আগবাঢ়িব, কিন্তু আমি এটা বস্তুতে আগবাঢ়িব পৰা সেইয়া হৈছে ছবিৰ কাহিনী। কাহিনীৰ ক্ষেত্ৰত কিন্তু বৰ্তমান দর্শকক আকর্ষণ কৰিব পৰা নাই বুলি মই ভাবো। বৰ্তমান বহু নতুন প্ৰতিভাৱান পৰিচালক ওলাইছে, কাহিনীকাৰ ওলাইছে তেওঁলোকে যদি অসমৰ মাটিৰ গুণ থকা ছবি অৰ্থাৎ অসমৰ সামাজিক জীৱনৰ লগত মিল থকা ছবি পৰিচালনা কৰিলে নিশ্চয় দৰ্শকে আঁকোৱালি লব।
পাঁচ বছৰৰ পাছত কি হব মই মই নিজেই নাজানো, কিন্তু এটাই বিচাৰো পাঁচ বছৰৰ পিছত যেতিয়া মই পিছলৈ ঘূৰি চাম তেতিয়া মই এনেকুৱা এটা অনুভৱ কৰোঁ যাতে বিগত ৩০/৩৫ বছৰ বিহুৰ লগত জড়িত হৈ আছো, অভিনয়ৰ লগত জড়িত হৈ আছো , অভিনয় বিহুৰ পাছত আহিছে মোৰ জীৱনত আৰু এইজে বিহু নাচৰ অথবা বিহু নামৰ যি বিকৃত ৰূপ লাহে লাহে হৈ আহিছে সেইটোৰ কাৰণে আজি ইমান বছৰে লাগি আছো, সাধণা কৰি আছো , চেষ্টা চলাই আছো বিভিন্ন ঠাইত বিহুৰ আখৰা কৰি বিহুৰ কৰ্মশলা দি , চেষ্টা কৰি আছো যে নতুন প্ৰজন্মক শুদ্ধ ৰূপত মই নাচ শিকাই যাব পাৰো যাতে যেতিয়ালৈকে পৰা হৈ থাকো। লাহে লাহে এটা সময়ত আমিও নোৱাৰিম। আৰু ৫ বছৰৰ পাছত মই যি চেষ্টা চলাই আছো তাৰ অলপো যদি ফলৱৰ্তী হব পাৰো মই তাকেই বিচাৰিম যাতে আমাৰ সংস্কৃতিৰ যি বিকৃত ৰূপ হৈছে সেইখিনি যাতে আৰু নহওঁক । পৰিৱৰ্তন মানুহক লাগে কিন্তু আপুনি পৰিৱৰ্তন কৰিব যাওঁতে শিপাডালেই উঘাল খাই যায় সেইয়া কিন্তু পৰিৱৰ্তন নহয় , সেইয়া ধ্বংসৰ মুখলৈ ঠেলি দিয়াহে হয় গতিকে এতিয়া কব নোৱাৰিম পাঁচ বছৰৰ পাছত যদি থাকো তেতিয়া আপোনালোকে মোক আকৌ সুধিব মই তেতিয়া আৰু ভালকৈ কম।
মোৰ সফলতাৰ আঁৰত থকা ব্যক্তি হিচাপে মই মা-দেউতা বুলি কব বিচাৰো। কাৰণ তেওঁলোকে আগুৱাই দিয়া বাবে আজি অসমৰ ৰাইজৰ কাৰণে এইখিনি কৰিব পাৰিছো বুলি মই ভাবো।
বৰ্তমান মোৰ প্ৰজেক্ট বুলি কবলৈ গলে যিহেতু মই বিহুৰ লগত জড়িত , এতিয়া বিহুৰ সময় আৰু অসমৰ বিভিন্ন ঠাইত মই বিহুৰ কৰ্মশলা কৰি আছো আৰু ৰাগিনী নামৰ মোৰ NGO ৰ জৰিয়তে বিভিন্ন ঠাইত বিহু নাচ শিকাই আছো আৰু বিভিন্ন ধৰণৰ সামাজিক কামো কৰি আছো আৰু এইসময়ত বিশেষকৈ বিহুৰ কৰ্মশলাত ব্যস্ত আছো । এতিয়ালৈকে ডিব্রুগড়ৰ এখন ভিতৰুৱা গাওঁ ঘুগুলনী বৰবাম গাওঁ তাৰ পিছত গুৱাহাটীত কৰিলো তাৰ পিছত লখিমপুৰত কৰিলো মাজতে গোগামুখ আৰু শেষত ধেমাজিত কৰি আছো।
অসমত বৰ্তমান চলি থকা অনলাইন আলোচনীসমূহৰ ভিতৰত সুবাস অতিকৈ জনপ্ৰিয় । সুবাসৰ প্ৰতিটো শিতান মোৰ খুবেই প্ৰিয়। অনাগত দিনত সুবাস আলোচনীখনে আমাৰ মাজত আৰু সুবাস বিলাই যাওঁক তাৰেই কামনা কৰিলো।
| web |
762973b2c60ed6380f9da76c6a5e6a4625b5fa49 | দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল কোভিড পজিটিভ। টুইটযোগে এই কথা অৱগত কৰাইছে কেজৰিৱালে। তেওঁ নিজৰ সংস্পৰ্শলৈ অহা লোকসকলক কোভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাইছে।
মুখ্যমন্ত্ৰীগৰাকী OMICRONৰ দ্বাৰা সংক্ৰমিত হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
২০২১ চনৰ ডিচেম্বৰ মাহত কেজৰিৱালে পঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাৰ দৰে ঠাইত নিৰ্বাচনমুখী প্ৰচাৰৰ বাবে পৰিদৰ্শন কৰা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, দিল্লীত যোৱা সপ্তাহৰ পৰা কোভিড সংক্ৰমণ বৃদ্ধি হৈছে। দিল্লীয়ে ৩ জানুৱাৰী, ২০২২ তাৰিখে ৪,০৯৯টা নতুন কোভিড-১৯ৰগোচৰ পঞ্জীয়ন কৰিছে আৰু তাৰ লগে লগে দিল্লীত কোভিড পজিটিভিতিৰ হাৰ ৬. ৪৬শতাংশলৈ বৃদ্ধি পাইছিল। | web |
3f6d572f513681fcf36dbc80830924b91575e87b | ৰোনাল্ডোৰ চেঞ্চুৰি! বিশ্বৰ দ্বিতীয় ফুটবলাৰ হিচাবে জাতীয় দলৰ হৈ ১০০ গ'লৰ অভিলেখ গঢ়িলে 'চিআৰ ছেভেন'-এ। দেশৰ জাৰ্চিত ৰোনাল্ডোই ১০১ গ'লৰ তুলনাত পেলেৰ গ'ল সংখ্যা ৭৭, মেছীৰ ৭০, আৰু মাৰাডোনাৰ বহুতেই কম।
মঙ্গলবাৰে উয়েফা নেচনছ কাপত ছিইডেনৰ বিৰুদ্ধে সম্পূৰ্ণ ছন্দত খেলপথাৰত নামে ৰোনাল্ডো। দুটা গ'ল কৰে তেওঁ। ৰোনাল্ডোৰ প্ৰতাপত পর্তুগালে মেচখনত জয়ী হয় ২-০ গ'লত। এতিয়া ৰোনাল্ডোৰ সন্মুখত কেৱল ইৰানৰ তাৰকা ষ্ট্ৰাইকাৰ আলি দায়ি। তেওঁৰ গ'ল সংখ্যা ১০৯। ছিইডেনৰ বিৰুদ্ধে দুটা গ'ল কৰাত ৰোনাল্ডোৰ গ'ল সংখ্যা বৰ্তমান ১০১।
উল্লেখ্য যে ২০০৪ চনত ইউৰো কাপত গ্রীছৰ বিৰুদ্ধে দেশৰ হৈ প্রথম গ'ল কৰিছিল ৰোনাল্ডোই। শততম গ'লটি আহিল অভিষেকৰ ১৬ বছৰ পিছত।
মঙ্গলবাৰে বিৰতিৰ ঠিক আগৰ মুহূর্তত ফ্রি-কিকৰ পৰা ছুইডেনৰ গ'ল পোষ্টৰ জাল কঁপায় ৰোনাল্ডোই। ১০১ নম্বৰ গ'লটি আহে খেলৰ ৭২ মিনিটত। পেনাল্টি বক্সৰ বাহিৰৰ পৰা সোঁ ভৰিৰ শ্বটেৰে নিজৰ দ্বিতীয় গ'লটি কৰে ৰোনাল্ডোই। | web |
f9d91f21e40b2d7f1f92e249990ea925695b8502ac9cfec4b0b0de96bed507fa | খঙাল মানুহজনে মোক কোনোমতে কথা কবলৈ সুযোগ নিদিলে। তেওঁ ৰং আৰ, চুটটোৱে কাহ আৰ, কফত আমাৰ কাণত তলা লগালে। সোপাসোপে বঞ্চ ওলাল। অৱশেহত, আত্মপক্ষ সমর্থনৰ বাবে মই এটা কথা ক'বলৈ কোনামেতে যোগ পালোঁ, "মহাশর, আপোনাৰ ওচৰত মোৰ এটা পইচাও ধাৰ নাই, আৰ, এটা পইচাও মই দিবও নোখোজোঁ। মই বিমানদৰে জানো, আপনি ইরাত অবৈতনিক কনছালহে, আব, যদি এই বিষয়ে কোনো গুর থাকে, চিঞৰ-বাখৰ কৰিলে তাৰ সমিধান মিলিব বুলি এই নাভাবে। আ মোক এনেকৈ গালি পাৰিলে মই সহ্যও নকৰোঁ ।
পিছলৈ মই জানিছিলোঁ যে অভদ্র ডাচ মানুহজনৰ কথাবোৰ আছিল। এওঁ এনে এটা জৱাচুৰিব কৱলত পৰিছিল যে চিলিৰ চৰ্কাৰ বা মোৰ ওপৰত কোনো দোষ পৰিবই নোৱাৰিছিল। এই জৱাচুৰিৰ মলত আছিল সেই মানছিলা বোলা মানুহজন। দগাবাজ মানহিলাই বাটাভিয়ালৈ আহি কামৰ ভাৰ কেতিয়াও লোৱা নাছিল। তেওঁ ইমানদিন পেৰিছত বাস কৰিছিল আৰ; এই ডাচজনৰ লগত এটা এনে চুক্তি কৰিছিল যে ডাচজনে কনছালৰ সকলো কাম কৰিব, আৰু মানহিলালৈ প্রতিমাহে কাগজপত্ৰ আৰ, টকা পঠাব। মানছিলাই মাহেকীয়া কদবৰ্তত এওঁলৈ টকা দিব। কিন্তু তেওঁ এবাৰো টকা নপঠিয়ালে, সেইটো এই থলুৱা ডাচ মানুহজনৰ খঙৰ কাৰণ আৰু, সেই খং তেওঁ মোৰ ওপৰতে জাৰিলে ।
পিছদিনা, মোৰ অৱস্থা আৰু দুখ লগা হ'ল। সান্নিপাত জন্য, ইনফ্লুয়েঞ্জা, নিঃসঙ্গতা আৰ, ৰক্তপাত। জৰত গা পৰি গৈছিল আৰু, ঘামত ভিত্তি আছিলোঁ। সকালত টেমকোেত থাকোতে ঠাণ্ডাত পৰাৰ দৰে মোৰ নাকৰ পৰা ভেজ বাবলৈ ধৰিলে।
মই সর্বশক্তি গোটাই লৈ চকাৰী অফিছলৈ গ'লোঁ। এই অফিচটো অপৰূপ সন্দৰ বোটানিকেল গার্ডেনত অৱস্থিত। আমোলাসকলে কাগজপত্ৰৰ পৰা বৰ কষ্টকৈছে মোৰ পিনে মৰে তুলি চালে। কলম উলিয়াই-ধামত কলমটোও তিতি আছিল কেইটোপালমান ঘামতে লিখা মোৰ নামটো তেওঁলোকে বলে।
মোৰ মনটো ভিতৰলৈ সোমোৱাৰ আগতকৈ আৰ, বেরাহে হল, ওলাই যা মই দুইপাৰে গছৰে ঘেৰা বাটত খোজকাৰি আহিলোঁ। দেহত এভাল প্রকার গছৰ তলত ৰাঁহ পৰিলোঁ। গহ তলত প্রকৃতি পায় আৰু, শীত আহিদ,
জীৱন শক্তি আব্ৰু, সৌন্দৰত ভৰপবে। মোৰ চকুৰ আগত দৈত্যপ্রমাণ গছবোৰে নিমজ, ৰূপোলী, আৰু, পোন হৈ শ শ মিটাৰ ওখলৈ উঠি আছিল। সিহতৰ নাম লিখি থোৱা এনাঃমলৰ নামফলকবোৰ মই পঢ়ি চালোঁ। মোৰ অচিনাকি এই গছবোৰ ইউকেলিপটাচ গছৰ বেলেগ বেলেগ জাতৰ। দূৰৰ ওপৰৰ পৰা এটা মৃদ, সংগন্ধ আহি মোৰ নাকত সোমালহি। সেই বৃক্ষর মোক পতৌ কৰি সংগন্ধিৰ এটা বা' দি মোৰ শক্তি ঘৰোই দিলে। অথবাবোধহয় বোটানিকেল গার্ডেনৰ সেউজীয়া গাম্ভীর্ষ ই, অসংখ্য প্ৰকাৰৰ পাতে অকোৱা পকোৱা আঙৰ লতাই, সাগৰৰ মাজত তৰাৰ দৰে জিলিকি থকা, গছৰ পাতৰ মাজত জিলিকি থকা অৰ্কিডবোৰে, গভীৰ অৰণ্যত এই ঠাই ডুখৰিব সমদ্ৰৰ দৰে গভীৰতাই, চৰাইৰ কুবলি আব্দ, বান্দৰৰ চিঞৰ বাখৰে - সকলোবোৱে মোক ভৱিষ্যতৰ আস্থা ঘৰোই দিলে, আকৌ জীয়াই থাকিবলৈ হাবিয়াস হ'ল - সেইটো ইমান পৰে নমাৰ ধৰা চাকি এটাৰ দৰে ধিমিকধামাক কৰি আছিল।
হোটেললৈ ঘূৰি আহিবৰ সময়ত মোৰ মনটো আকৌ ভাল হ'ল আৰু বাৰাদাত মই লেখাৰ কাগজ আৰু নেউলটোক লগত লৈ বহিলোঁ । চিলিৰ চৰ্কাৰলৈ এখন টেলিগ্রাম পঠিয়াবলৈ মনস্থ কৰিলোঁ। চিয়াঁহীৰ দৰ্কাৰ হোৱাত হোটেলৰ এটা লিগিৰাক মই মাতি ইংৰাজীতে তেওঁক এবটল চিরাঁহী আনিবলৈ ক'লোঁ, তেওঁ দোৱাতটো আনিব বুলি আশা কৰি চলোঁ । কিন্তু মোৰ কথা তেওঁ এখানিমানো বুজি পোৱাৰ চিন নেদেখুৱালে - তেওঁ তেতিয়া অইন এজন লিগিৰাক মাতি আনিলে, বগা সাজ আব্দ, খালী ভৰিৰে এনেকৈ প্রায় ৭/৮ টামান লৰা আহি গোট খালেহি। মই আওভাওৰে বাজাবলৈ কলমটো লৈ এটা কাল্পনিক দোৱাতত ডুবাই দেখৱাই চিরাঁহী লাগে বুলি কৈছিলো। সিহতেও নিজৰ পকেটৰ পৰা কলম উলিয়াই মোৰ অঙ্গভঙ্গীবোৰ নকল কৰি চিঞৰি "চিয়াঁহী" "চিরাহী" বলি কৈ হাঁহি হাঁহি মাটিত পৰি যাওঁ পৰি যাওঁ হৈছিল। এইটো নতুন কিবা এটা বিদেশী আদব কায়দা হলি সিহতে ভাবিছিল। মই নিৰূপায় হৈ ৰাস্তা পাৰ হৈ মোৰ বাংলোলৈ দৌৰ মাৰিলো-বগা সাজপিথা লিগিৰাবোৰ লানিলাগি মোৰ পিছে পিছে দৌৰি গ'ল।
তাত থকা একমাত্র টেলখনৰ পৰা ভাগ্যক্রমে মই এটা দোৱাত দেখি, সিহতৰ মূখৰ আগত জোকাৰি চিঞৰিলো ইটো - এই বস্তুটো।
সি'হতে সকলোৱে গির্জনি মাৰি হাঁহিলে আৰ, একেলগে চিঞৰিলে, টিস্টা, টিস্টা।"
মই তেনেকৈয়ে জানিলোঁ যে স্পেনীছ ভাষাৰ দৰে মালয় ভাষাতো চিয়াঁহীক টিণ্টা বদলি কর
যথাসময়ত মই কনছালৰ কামৰ অধিকাৰ ঘৰাই পালোঁ। আৰু এই বিতর্কিত উত্তৰাধিকাৰসমূত্ৰে এটা উইয়ে ধৰা ববৰ্ষৰ স্টেপ, ছাপ মাৰিবলৈ চিয়াঁহীৰ এটা পেড আৰুৰ, লাভ লোকচানৰ এতিয়ান লেখা কেইটামান ফাইল পালোঁ। পৈৰিছৰ পৰা কাম চলোৱা ধৰ্ত কনষ্টালঙ্গনে লাভৰ ভাগনি চব নিজৰ জেপত সমৱাইছিল। আৰ, তেওঁ ঠগোৱা ডাচ প্রতিনিধিজনে সামান্য কাগজৰ টোপোলাটো আনি জন্তুৱে হ'হাৰ দৰে কঠুৱা হাঁহিৰে মোৰ হাতত দিলে। তেওঁ চুৰটটো চোবাবলৈ এৰা নাছিল।
মাজে সময়ে কনছলাৰৰ ভঙা ছাপটো মাৰি মই মালৰ চালান হ কৰিছিলো। তেনেকৈয়ে মই দৰমহা হিছাপে ডলাৰ পালোঁ, আৰু এই ডলাৰবোৰক গিল্ডাৰলৈ সলাই মোৰ জীৱন ধাৰণৰ সমল যোগাবলৈ পাৰিলোঁ। মোৰ থকা ঘৰ, খোৱা বোৱা, ভ্ৰাম্পিৰ দমছা, আৰ; কিৰিয়াৰ সৈতে তাৰ ভৰণ পোষণ ইয়াতে চলিছিল। কিৰিয়া ঐতিয়া চকুত লগাকৈ সঁহপহকৈ বাঢ়িছিল। দিনে সি তিনি চাৰিটাকৈ কণী খাইছিল। মই নিজৰ বাবেও এটা ধগা ডিনাৰ জেকেট আৰু, কামিজ পেণ্ট চিলাই-দামটো মাহে মাহে দিম বুলি বন্দবস্ত কৰি ললো। মই প্ৰায়েই এটা বহুল খালৰ পাৰত একা, ভাৰত উপচি পৰা কফিখানাৰ বাহিৰত মকলি আকাশৰ তলত বিয়াৰ বা জিনৰ গিলাছ এটা লৈ বহিছিলোঁ। তাৰ মানে-মোৰ বৈচিত্র্যহীন বাপন আকৌ আৰম্ভ হ'ল।
হোটেল-ৰৈষ্টোৰাত খোৱাৰ টেবলেত আয়োজন আছিল ৰাজকীয়। দহ-পোন্ধৰটা লিগিৰা মৰাই প্রায় শোভাযাৱা কৰি হাতৰ থাগবোৰ ওখলৈ দাড়ি ঘাঁৰ খোৱা ধৰলৈ সোমাই আহিল। তখন খাল খোপ কটা, প্রতি খোপতে বইস্যময় অপর্বে সোৱাদৰ খোৱা কৰ্টু ভৰা আহিল, ধাঁলত ভাতৰ পাহাৰ জাতি এইবোধ আইটি খাব লাগিছি। এই সদার খোৱাৰোৱা ভি কৰো, আ, ইমানদিন প্রায় আষাপেটীয়াকৈ খাই আহিলো। পোছৰৰ পৰ সিঁপিয়া মৰধি বা 'পৰা মই কিবা নহয়, কিবা এটা বাড়ি নেলৈ মোৰ নিজৰ বশी बाई,
িপাক-পচ,ি ই ঐতিও নজ, পত থা , आद অভিজবে আপগোঁরা সোৱাদৰ মঙ্গহে মোৰ ধোঁৱাৰ পালনত্যবৰণীয়া নিছান এখনৰ দৰে শোভা পালে। চীনব মানহে কর যে খোৱা বছৰ তিনিটা গণ থাकিব লাগে - সোৱাদ, গোध আ, ९ । মোৰ টেৰ খোৱ টলখন আৰ, এটা ৰেছি ণ আছিল-थाहूব।
थার এই সমরখনতে মোৰ নেউলটো হেৱালো। মোৰ পিছে পিছে পরে বেগাই, গম ধৰিব নোৱাৰা খোজত বোৱাৰ বিপদজ্জনক অভ্যাস আছিল কৱিাৰ, মোৰ পিছে পিছে ৰোৱা মানে মछैৰ, पाॅাক, বিज़ा, আৱ, খোজ কাफ़ি বোৱা ডাচ, চौना আদ মাল মাহ েভৰা ৰাাত ফুৰা। এটা নিर्माখङ, গোটেই জগতত মাত্র দুজন মানুহক চিনি পোৱা নেউল এটাৰ বাবে এনে জীৱन व क्रোলাइनমর ?
সেই অনিবার্য ঘটনাটো ঘটিছে বলি মই ভ্ৰাম্পিৰ মূৰখন দেখিয়েই উমান পালো, কাৰণ মই আহি বাৰান্দাত বহাৰ লগে লগেই ভাই আহি মোৰ আয়ুব ওগত জপরাই নবহিল, অথবা তাইৰ কে।মল লেজভালৰে মোৰ মত दुলाই নিम।ে वाभিক মই একো নধিলো।
का थम जानी দ ই লिখिলা -"হেৰাইছে এটা নেউল-কিৰিग़ा नि फल नायि দি। ইাৰ কেনে উত্তৰ নাহিল। ওচ রাই ও কোনেও তাইক দেখা নাছিল। বোধহয় ভাই মৰিল। কিবিয়া চিৰদিনব बाहर হवाज।
ই পাদन व িইমান লাজ পালে েসि মোৰ চ ऑ निकএটो ছ েযেন ৰে কপোय कান, क़ মোজা বতনাই দिfছ। কেডিরাৰা ভুলতে যেন মই িफिन, युলৈ পাইছিলো-বন াতি কোনো াপা হৰ, পৰ ই মোক नाबला बजार पिफ्रिकी विश का बाजे विवि াভ নাই। ইि চনি েখন : । ভাই हिश्यामक गाय अनिल য गন ই आ ে ।
| pdf |
c77cc5f6cf7185c081040149b78a0652c5939ff6 | ৰাজ্যখনৰ গোলাঘাট জিলাৰ দৈয়াং চাহ বাগিচাত ১৭ দিনত ১৭ জনকৈ শ্ৰমিক কোনো অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য মতে গোলাঘাট জিলাৰ দৈয়াং চাহ বাগিচাৰ ছুমাছিয়া আৰু টুঙী লাইনৰ শ্ৰমিক সকলক এই ঘটনাই আতংকিত কৰি তোলাৰ লগতে শ্ৰমিক সকলৰ মাজত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
বাগিচাখনৰ শ্ৰমিক সকল তীব্ৰ জ্বৰ, বমি, ব্লাড প্ৰেছাৰ, ডায়েৰীয়া আদি ৰোগত মৃত্যু হোৱা বুলি একাংশই জানিব দিয়ে।
কিন্তু আশ্চৰ্যজনকভাৱে বাগিচাখনৰ চিকিৎসক গৰাকীয়ে শ্ৰমিক সকলৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰাত ব্যৰ্থ হয়।
অঞ্চলটোৰ আন একাংশই প্ৰকাশ কৰা মতে বাগিচাখনৰ আশে পাশে থকা অবৈধ চুলাই মদৰ ঘাটিৰ চুলাই ভক্ষণ কৰাৰ বাবেই শ্ৰমিক সকল মৃত্যু মুখত পৰে।
গোলাঘাট জিলা উপায়ুক্তই এই সম্পৰ্কত আৱকাৰী বিভাগক বাগিচা অঞ্চলটোত থকা চুলাই ঘাটি বিলাকত অভিযান চলাই বন্ধ কৰাৰ বাবে নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে। | web |
8a9dfd42f1cb9000a048a5c88cb0848b3c61449b | ডিজিটেল সংবাদ,কমলাবাৰীঃ বিগত বৰ্ষ সমূহৰ দৰে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্টি সংঘৰ উদ্যোগত ৩৪৯ বছৰীয়া পৰম্পৰাৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসোৎসৱ ২০২২ উদযাপনৰ বাবে আয়োজক সমিতিয়ে ব্যাপক আয়োজন কৰিছে । উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামীৰ সভাপতিত্বত শংকৰদেৱ কৃষ্টি সংঘৰ প্ৰক্ষাগৃহত দেওবাৰে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে ।
সভাত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুক মুখ্য উপদেষ্টা হিচাপে লৈ ৬০ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰে । সভাপতি হিচাপে বাচাৰাম বৰুৱা সম্পাদক হিচাপে তীৰ্থ ভূঞা বৰগায়নক ৰাইজে পুনৰ নিৰ্বাচিত কৰে ।
অহা ৭,৮ আৰু ৯ নবেম্বৰ ২০২২ত ৩ দিনীয়াকৈ "কমলাকান্ত আতা" ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসোৎসৱ-২০২২। শংকৰদেৱৰ অমৰ সৃষ্টি 'কেলিগোপাল' নাটৰ আধাৰত বজ্ৰাৱলী সংলাপ অলংকৃত কৰি নতুন কাৰিকৰী কৌশল ব্যৱহাৰ কৰি উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰশাসনৰ সকলো নীতি -নিৰ্দেশনা মানি লোৱাৰ লগতে সমিতিয়ে নিজাববীয়াকৈ স্বেচ্ছাসেৱক নিয়োগ কৰি সৰ্তকতা অৱলম্বন কৰিব বুলি সভাত উল্লেখ কৰে। উক্ত সভাত স্বাস্থ্যৰ দিশটো অধিক গুৰুত্ব প্ৰদান কৰাৰ সিদ্ধান্ত লয় যাৰ বাবে অনুষ্ঠানৰ কেইদিনত ২ খন জৰুৰীকালীন এম্বুলেন্স সেৱাৰ ব্যৱস্থাৰ লগতে স্বৰ্গৰথ,চিকিৎসক, স্বাস্থ্যকৰ্মী উপস্থিত থাকিব ।
উল্লেখ্য যে, ৰাসোৎসৱলৈ অহা দৰ্শনাৰ্থীৰ বাবে অন্ন-প্ৰসাদৰ ব্যৱস্থা থাকিব। ৫০ সহস্ৰাধিক দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়া অন্ন -প্ৰসাদৰ বিপৰীতে ৮ শতাধিক লোকৰ বাবে নিৱাসৰ ব্যৱস্থা থাকিব। প্ৰায় ৩ হাজাৰ দৰ্শকে প্ৰৱেশপত্ৰ বিহীনভাৱে ৰাসোৎসৱ শ্ৰৱন আৰু দৰ্শন কৰিব পাৰিব বুলি উদ্যোগক্তা সকলে জানিবলৈ দিয়ে।
উদযাপন সমিতিয়ে সমূহ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ সহায় -সহযোগ তথা গঠনমূলক দিহা -পৰামৰ্শ একান্তই কামনা কৰাৰ লগতে সাদৰে নিমন্ত্ৰণ জনায়।
| web |
e2c8808892a2efaacbeb5e3364cf571c4f072324 | 1 Kaliyate yabo koina Yeisu itotolo kalita Genasaleta busu galagalana mena, kabo tomo meuloili sietubatubali-yagili kaiwena nuwanuwali silau Yeisu salina mena na tem Yaubada ana walo sibenalan. 2 Na Yeisu togomana ali waga labui igitaili magu mena silogabaegili yo silau ali yagida sideudeulili. 3 Kabo ilau imwalisae waga yabo koina bwaite Saimoni Pita ana waga yo iwalo koina iwose-yawatagilan nige kana mwayaga imamamalawe magu mena. Kabo imiyasio waga mena yo iyakayakatai tomo kolili. 4 Saugana ana edeedede imwawasi, mwa iwalo Saimoni koina iba, "Waga kuwose-yawatagilan ilau didiu mena ami yagida wagabae-lobiyegili na iye kwayakonali." 5 Saimoni Yeisu kainana iyamaisa iba, "Taubala, boniyai malamalawena kakaiwe-boita nige iye yabo kayayakona, na am walo kaiwena yagida kani yagabae-lobi-yegili." 6 Saugana siginauli bwaite besiele mwa iye sibaibaiwa sikona masa kikiunamo yagida sitaigali. 7 Kabo silokaloi kalikavao kolili siya simiyamiya wagane labuinane koina na silaoma sisaguili. Saugana kalikavao siyawatagili kolili mwa waga labui sitauli-yakalapowonli yo kikiunamo sisalili. 8-10 Saimoni mekanakavao kateli sipitali iye bwaite siyakonali kali baibaiwa kaiwena. Besiele Saimoni kanakavao labui, Yemesa yo Yoni, Sebedi natunao, kateli sipitali. Saimoni nuwana imayale bwaite kaba nuwapwanopwanone kaiwena kabo tutulina italu-sakonayani Yeisu manna mena yo iba, "Guyau kulogabaegau kaiwena yau tonaenaena." Yeisu iwalo Saimoni koina iba, "Tabu matausi. Sauga bwaite yo sauga silalaoma komiu kani kwayamala tomo kali togomana." 11 Kabo silau sikosae ali waga siniuli-seyagili yo ginauli meuloina silogabaegili yo Yeisu simuliya.
12 Saugana Yeisu iyaele yanuwa yabo koina tomo yabo imiyamiya bwaine koina, iya kasiebwa lepelo yona meuloina isibayanayanae. Saugana tomone Yeisu igitai, kabo ilau tutulina italu-sakonayan yo ipwalou koina yo ikawanoi samasamalulu koina iba, "Guyau, tem nuwanuwam kuwoisiyau." 13 Yeisu nimana iyagayan tomone ikabitonan, mwa iba, "O, nuwanuwagu. Yom inamwanamwa." Kabo sauganane koina kana lepelo imwawasi. 14 Mwa Yeisu iwalo kaiwe koina iba, "Tabu tomo yabo ana wasa kuwowolena, na kulau topwaoli koina yo yom kuyakenayan. Kulau kupwaoli Yaubada koina am woisi kaiwena besiele Mosese ana loina, kabo tomo sikatai walo yawasosi yom inamwanamwako." 15 Bwagana iwalo yakato tabu tomo yabo ana wasa iwowolena na iyamo Yeisu ana paisowa wasana idebalala, kabo tomo sibaibaiwasosi silaolaoma koina na ana walo sibenabenalan yo iwoisili ali kasiebwa kolili. 16 Na sauga ibaibaiwa boda ilogabaegili yo ilau dedei paepaeli bwagabwaga mena ikawakawanoi.
Neli guliyam kana kalakisiye kaiwena. Yeisu ana yakayakatai yo Yudiya mumugali nige sitotoyatoyawa.
| web |
3068df862b53cb4cd5e95e28125a9e4a6096fab5 | অসম চাহ মজদুৰ সংঘই তলাবন্ধৰ সময়ত চাহ শ্ৰমিকসকলক অত্যাৱশ্যকীয় সামগ্ৰী যোগান নধৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । চাহ মজদুৰ সংঘই শ্ৰমিকসকলক বিভিন্ন চাহ বাগিচাৰ কৰ্তৃপক্ষই মজুৰি,ৰেছন প্ৰদান কৰা নাই বুলি এক বিবৃত্তি যোগে প্ৰকাশ কৰে। বিবৃত্তিত চাহ মজদুৰ সংঘই প্ৰকাশ কৰে যে বিগত সময়ত তলাবন্ধৰ কাৰণে চাহ বাগিচাসমূহ বন্ধ হৈ থকাৰ কাৰণে সম্প্ৰতি চাহ শ্ৰমিকসকলে সম্পূৰ্ণভাৱে হাহাকাৰ কৰিব লগা হৈছে। মাত্ৰ ৫০০ টকাৰে এই দুৰ্দিনৰ সময়ত এটা পৰিয়ালে জীৱন নিৰ্বাহ কৰাতো কিমান কষ্টকৰ সেয়া সম্প্ৰতি বাগিচাৰ কৰ্তৃপক্ষই অনুধাৱন কৰা নাই।
গতিকে ২১ দিনীয়া তলাবন্ধত কৰ্মহীন হৈ পৰা চাহ শ্ৰমিকসকলৰ মজুৰি কোম্পানীসমূহক চৰকাৰে নিৰ্দেশনা দিয়াৰ পাছতো চাহ শ্ৰমিকক মজুৰি প্ৰদান নকৰা কোম্পানী তথা বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে অসম চাহ মজদুৰ সংঘই । উল্লেখযোগ্য যে অসম চাহ মজদুৰ সংঘই দাবী জনাই যে তলাবন্ধৰ সকলো শ্ৰমিক কৰ্মচাৰীক দৰমহা অথবা মজুৰি পোৱাটো চৰকাৰে নিশ্চিত কৰক,কেজুৱেল শ্ৰমিককো দৰমহা ৰেচন দিয়াৰ ব্যৱস্থা কৰক।লগতে তলাবন্ধৰ সময়ত বিভিন্ন অঞ্চলত ব্যৱসায়ীসকলে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীসমূহৰ মূল্য আাকাশ লংঘী কৰাৰ কাৰণে এই ব্যৱসায়ীসকলৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'বলৈ চৰকাৰক আহ্বান জনাই অসম চাহ মজদুৰ সংঘই। | web |
6a0dda690b218bbb603f6017498d577a77019d5d | 'সদৌ অসম প্ৰাথমিক টে'ট উত্তীৰ্ণ শিক্ষক সমাজ'ৰ আহ্বানমৰ্মে মাৰ্ঘেৰিটা ব্লক প্ৰাথমিক টে'ট উত্তীৰ্ণ শিক্ষক সমাজেও মাৰ্ঘেৰিটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অসমৰ প্ৰতিটো প্ৰাথমিক শিক্ষাখণ্ডত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।
'ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণ কৰক, শিক্ষকসকলক লৈ ৰাজনীতি নকৰিব, শিক্ষকসকলক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰিছে কোনে, আমাৰ দাবী ন্যায্য দাবী' আদি শ্ল'গানেৰে প্ৰতিবাদকাৰী সকলে পৰিৱেশ উত্তাল কৰি তোলে।
'আমাক অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত নিবলৈ কেন্দ্ৰই বাৰে বাৰে কৈ আছে যদিও আজিলৈ নিয়া নাই আৰু সৰ্বশিক্ষাৰ অধীনতে আমাক কৰ্মৰত কৰি ৰাখিছে। যিটো পেব্ ( নতুন দৰমহা বিধি) অনুযায়ী নোৱাৰে। আমাক নিয়মীয়াকৰণ হে লাগে। ইয়াৰ বাবে চৰকাৰে নিৰ্বাচনৰ প্ৰতিশ্ৰুতি মতে ব্যৱস্থা লওক। ' সাধাৰণ সম্পাদক নিৰঞ্জন শইকীয়াই কয়।
প্ৰতিবাদী কাৰ্যসূচীত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সংস্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম কৰ্মচাৰী পৰিষদ, মাৰ্ঘেৰিটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থা আদি সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকি শিক্ষকসকলৰ নিয়মীয়াকৰনৰ দাবী উত্থাপন কৰে।
পিছত অৱস্থান ধৰ্মঘটস্থলীৰ পৰাই সভাপতি অনুপম বৰুৱা আৰু সম্পাদক নিৰঞ্জন শইকীয়া স্বাক্ষৰিত একোখনকৈ স্মাৰকপত্ৰ মাৰ্ঘেৰিটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ যোগেদি মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈ প্ৰেৰণ কৰে।
লগতে তেওঁলোকৰ দাবীসমূহ অতি শীঘ্ৰে পূৰণৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে। | web |
a3413a4830c4e8fd5d03a408567d3bcc9b7d5a8d76a2b1cd5f97f88bc7c8af2a | সোমে বহু জল। কৃষিৰ নিষ্ফল ।। (পৃঃ ৭৪) ঘাঘ : মঙ্গল পড়ে তো ভূ চলৈ বুধ পড়ে অকাল।
জো তিথি হোয় সনীচৰী নিহচৈ পড়ে অকাল ॥৯৪ গৃহিনি হুই বোলে কটুৰ। (পৃঃ ৩৪) নাৰি কৰ্কস। কট্টৰ ঘোৰ। ১৫
ডাকে বে'লে বাপ হুনা উপাই ।
ঘাঘ :
ঘাঘ :বানিজ্যৰ ফল কৃষিতে পাই।। (পৃঃ ৪৯)
উত্তম খেতি মধ্যম বান। ৯৬
একে লগে উদৰত তুলি নিদিবা ভরা। আছোক ভাল পাবা দেহাৰ আশা এবা।। (পৃঃ ৮৪, পা, টী ) ঘাঘ : ৰহৈ নিৰোগী জে। কম খায় ।। ১৭
ওপৰোল্লিখিত তুলনাৰ পৰা স্পষ্টকৈ বুজিব পাৰি যে, ডাক আৰু ধাৰৰ প্রবচনৰোৰৰ মাজত বিষয় বস্তুৰ ফালৰ পৰা সাদৃশ্য আছে। ডাকৰ বচনবোৰৰ নিচিনাকৈ ঘাঘৰ প্ৰবচনবোৰো কৃষি, জ্যোতিষ, নীতি, গৃহিণী, বর্ষা জাদি বিভিন্ন শ্রেণীত বিভাজন কৰিব পাৰি। গতিকে ডাকৰ বচনবোৰ যি উৎসৰ পৰা উদ্ভূত সেই একই উৎসৰ পৰা ঘঘৰ বচনবোৰো উদ্ভৱ হোৱা স্বাভাৱিক। গতিকে ডাক আৰু ঘাঘ আপাততঃ এক পৰম্পৰাৰেই মাত্র দুটি সুকীয়া নাম - ষাৰ মাজত আন্তৰিক সংগতি (internal consistency) অব্যাহত ভাবে ৰক্ষিত।
ভড্ডৰী-পৰম্পৰা :
ভদ্ভৰ আৰু ভৰী-পৰম্পৰা বিহাৰ, মধ্যপ্রদেশ, উত্তর প্রদেশ, পঞ্জাব আৰু ৰাজস্থানত প্রচলিত। প্রচলিত জনশ্রুতি অনুসৰি কাশীত এগৰাকী জ্যোতিষীয়ে ( বৰাহমিহিৰ ?) বাস কৰিছিল। তেওঁ গণনা কৰি পালে যে, এনে এক শুভমুহূর্ত সমাগত হোৱাৰ যোগ পৰিলক্ষিত যৈ, যদি সেই শুভ মুহূর্ত কোনো তিৰোতাই গর্ভাধান কৰে তেন্তে তেওঁ, জ্যোতিষী গৰাকীতকৈও সনাৎ বৰাহ ১৪ ত্রিপাঠী, পৃঃ ৮৪
১৫ ত্রিপাঠী,
১৬ ত্রিপাঠী,
১৭ ত্রিপাঠী,
ডাক প্ৰৰচন
মিহিৰতকৈও বিদ্বান আৰু যশস্বী পুত্র সন্তান এটি জন্ম দিব। জ্যোতিষীয়ে বিধান আৰু যশস্বী পুত্ৰ লাভৰ আশাত স্বগৃহাভিমুখে যাত্রা কৰিলে। তেওঁৰ ঘৰ কাশীৰ পৰা অনেক দূৰত অৱস্থিত। তেওঁ বুজিব পাৰিলে যে, সেই শুভ• সমাগত হোৱাৰ পূর্বে গৈ তেওঁ নিজৰ গৃহত উপস্থিত ৈ প,ব। ইতিমধ্যে ৰাতিৰ আন্ধাৰ নামি আহিছিল। উপায়ন্তৰ হৈ জ্যোতিধীয়ে ৰাতিটোৰ বাবে এঘৰ হীৰ ঘৰত আশ্রয় চলে। শহীৰ পত্নী আৰু তেওঁৰ যুবতী কন্যাই জ্যোতিষীৰ বাবে খাঞ্চল সাগ্রী ওস্তুত কৰিছিল। জ্যোতিষী হৈ উঠিছিল অত্যন্ত বিষণ্ণ হী জ্যোতিষীক তেওঁৰ
বিষন্নতার কারণ সোধাত বহুত সময় ইতস্ততঃ কৰি শেষত প্রকৃত কথাটো ব্যক্ত কৰিবলৈ বাধ্য হ'ল। অতীব পত্নীয়েও সেই পূর্ব মুহূর্ত অথলে যাবলৈ নিদি নিজেই সেই বিছান আৰু যশস্বী পুত্ৰৰ মাতৃ হ'বলৈ আকাঙ্ক্ষা কৰি তেওঁৰ মনোযথ পূর্ণ কৰিবলৈ জ্যোতিষীক প্রার্থনা জনালে। শেষত জ্যোতিষীয়ে অতীৰ বধূৰ মনোবাঞ্ছা পূৰ কৰিলে । জ্যোতিষীৰ ঔৰত অতীৰ বধুৰ গৰ্ভত এটি পুত্র সন্তানৰ জন্ম হ'ল অ'ৰু তেওঁৰ নামেই গুড়ঙৰী। বয়স বঢ়াৰ লগে লগে ভঙৰী প্ৰসিদ্ধ জ্যোতিষী ৰূপে আত্মত্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। ১৮
বি. এন. মেহতা, আই. চি. এছ মহোদয়ে ভড ডৰীৰ জগত সম্পৃক্ত এই জনশ্ৰুতিটোৰ বিষয়ে এনেদৰে লিখিছে : ভ ডৰ-পৰম্পৰাৰ লগত জ্যোতি বাচাৰ্য বৰাহমিটিৰ সম্পৰ্কীয় ভর্তি হনোরম বাহিনী বিজৰিত। এসময়ত তেওঁ তীর্থ ভ্রমণ কহিবলৈ গৈছিল। ভেনে এ গণনা হাত ওঁ কৰি পাইছিল যে, অমুক দিনা গর্ভাস্থিত হোৱা সন্তানটি ভবিষ্যতে গণিত আৰু ফলিত শোভিষত প্রতিবন্ধী পণ্ডিত হৈ উঠিব। এজন যশঙ্কী পুত্র সন্তানৰ পিতৃ ঃ গৈ আৰুাঙ্ক্ষা কৰি বৰাহমিহিৰে যাত্ৰা কহিলে হুগৃহাভিমুখে অর্থাৎ উজ্জয়িন। কিন্তু উজ্জধিনীলৈ ইমন দূৰ যে, সেই শুভদিনৰ ভিতৰতে তেওঁ গৃহৎ উপস্থিত হোৱা অসৱ। গতিকে ৰাস্তাৰ ওচৰৰে এখন গাঁৱৰ মেষ পালকৰ কণ্ঠ। এজনীক, তেওঁ বিয়া করালে। বরাহমিহিৰ ঔজত সেই কন্যাৰ গৰ্ভত ৬টি পুত্র সন্তানৰ ভগ্ন হ'ল। তেৱেঁই গুড়ঙৰ ৰা গুড়ঙৰী। ব্রাহ্মণ গুৰুৰ • বিয়তে শিক্ষা লাভ নকৰাকৈয়ে সেই :জ সঙ্কা টি কলত
26 ত্রিপাঠী, পৃঃ ২৫
প্রসিদ্ধ জ্যোতিষী হৈ উঠিল। অধুনাও নক্ষত্র সম্বন্ধীয় প্রবচন ৰাজিৰ ৰক্ষা ৰূপে ভড়ঙৰ বা ভড়ঙৰী লোক সমাজত চিৰ পৰিচিত। ১৯
অসম, ২, মিথিলা, বিহাৰ আদি অঞ্চলত ও চলিত ডাক-পৰম্পৰাৰ সৈতে সম্পৃক্ত জনশ্রুতি বিশেষকৈ ২২′৫′ মহিৰ সম্পৰ্কীয় কাহিনীৰ লগত হুড়ঙৰীৰ লগত জৰিত জনশ্ৰুতিৰ সাদৃশ্য অতিকে স্পষ্ট। ভৰী আৰু ডাৰু উভয়ে বাহমিহিবৰ বীৰ্য্য স্তৃত। উভয়ৰে জন্ম অনগ্ৰসৰ সমাজত। জনশ্রুতি মতে ব্রাহ্মণ-পণ্ডিতৰ পৰা গুৰীয়ে শিক্ষ-বিদ্যা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। সম আৰু মিহিলা জনশ্রুতি অনুসৰিও ডাৰে, ব্ৰহ্মণ পণ্ডিতৰ তলত পঢ়া শুনা কৰা নাঢ়িল। ৫.ডীৰ দৰে ভাষো জ্যোডিষী। ইয়াৰ পৰা দেখা যায় যে, ডে'ক অাৰু ভীৰ মাজত নিশ্চিত ভাবে সম্বন্ধ চাৰু সম্পর্ক বর্তমান। এই ফাকহপরা ডেক গুড় ডৰী একেটা পম্পৰাৰেই আঞ্চলিক নাম ৰূপে অভিহিত কৰিলে বোধকৰে। অপ্রাসঙ্গিক নহ'ব।
ঘাঘৰ বচন লগত অসমত প্রচলিত ডাক-প্রবচনৰ সাদৃশ্য থক'ব নিচিনাকৈ ভঙৰী-ওবচনৰ লগতে ডাকৰ বচনৰো 'গল দেখা যায়। যেনেঃ
ডা. এঃ
মাঘৰ সেসত যদি বৰিষে পানি।
ভেবে অল্প বৃস্তি আগলৈ জানি ।। (পৃঃ 84 ) হুড়ঙীঃ মাঘ অঘেণী প্তমী মেহ হিজ্জ মকস্ত।
ম'স চাৰি বৰসৈ সহী মত সোচৈ তু কঙ্ক।। ১০০ আকাশক ভাসে পানিৰ গচ'।
পৃথিবি বুড়িৰ জানিবা সঞ্চা। (পৃঃ৪৫ ) ভঙৰী : বাদৰ উপৰ ৰাদৰ ধাৱৈ।
কহ ভড়ডৰ ঢল পাতৃৰ আবৈ ।। ০১
আৱণ মাগত ৰোহিণী ঋক্ষত যদি নববিগে দেব। হাল তুল বেচি কৰ সব লোক দেবি মহাদেৱ সেৱ ।। (প্রঃ 88 )
১৯ ত্রিপাঠী, পুঃ ২৬
১০০ ত্রিপাঠী, পৃঃ
১০১ ত্রিপাঠী, পৃঃ ১৫
| pdf |
4b638ba72d16fa630bc018ae5eef0c9230f06c4ee9d3aba21876ecb173db4972 | ৰোগ বা আন কোনো বেয়া অৱস্থাত लागा रे মান - সৎকাব স্নেস্থ-শ্রদ্ধা, পৰিচৰ্য।। দূৱত থৈ নিজৰ সুস্থ সন্তোৰৰ ঠাই বিচারি পোৱান্ত পরিচে। পূৰ্ব্ব কালত নভী-গান্ধী মাতৃ সঞ্চলৰ স্বামীক প্রতি কেনে ভাব, স্বামী ভাৰ্যাগৰ প্ৰতি কেনে সৃষ্ণনীয়, স্বামীক ভাতিও ভাষা। 'ন পুত্র শ্রাদ্ধ দায়িনী" রূপ। কিমান আদৰৰ বস্তু তাক আদর্শ স্বৰূপে সকলোৱে বুদ্ধিবব কারণে এই "নলদময়ন্তী" পুথি স্বনি লিখি সকলো ভদ্রমহোদয় আর আই সকলৰ আগত দা'ঈ ধৰিলোঁ। এই পুখি মনি ভালকৈ পাঠ কবি নল-দময়ন্তীৰ বিবৰণ যিনি বিশেষ রূপে বুঞ্জি ভাবধিনি অন্তৰত সুমুৱাই লব পাৰিলে স্বামীৰ ভাত ড'ক্ত জন্মিব আরু ভাষার প্রতিও অভেদ স্নেহ বাঢ়িব বুলি বিশ্বাস হয়।
বিদ্যা-বুদ্ধি হীৰ দোষত এই পুথিত ভাষাৰ লালিত্য মধুময গভীর ভাব প্রকাশ পাই তাৰ দ্বাৰা পাঠক পাঠিকা
সকল সম্ভোষ হব তেনে আশা মোষ মনে আকার
চন্দ্ৰ ধৰ।। কেৱল এখন নতুন পুথি অসমীয়া ভাষাত যে ওলাইছে, ইরাকে লক্ষ কবি দোসব ভাগ যিনি বাদ দি গুণর ভাগ ফেরাকে গ্রহণ কবি একোখনি ডাঙি, ছবি চাই যেন, এয়ে প্রার্থনা। ইতি।
শ্রী তীৰ্থনাথ গোস্বামী।
| pdf |
1c84a8b2c6ce167c6717276492bc88e140c58520 | শ্ৰীলংকাত অৰ্থনৈতিক সংকট অব্যাহত থকাৰ সময়তে দ্বীপৰাষ্ট্ৰখনে ঔষধৰ মূল্য পুনৰ বৃদ্ধি কৰিছে। ছয় সপ্তাহৰ ভিতৰত এইটো ঔষধৰ এনেধৰণৰ দ্বিতীয় মূল্যবৃদ্ধি।
বাতৰি অনুসৰি, দেশখনে ঔষধসমূহৰ মূল্য ৪০ শতাংশ বৃদ্ধি কৰিছে য'ত আনকি আটাইতকৈ নিয়মীয়া ব্যৱহাৰৰ ঔষধো অন্তৰ্ভুক্ত আছে।
যোগান আৰু মূল্যই উদ্বেগ সৃষ্টি কৰাৰ মাজতে নাগৰিকসকলক এতিয়া হয় হ্ৰস্বকালীন চিকিৎসা নিদান ল'বলৈ বা বিদেশৰ পৰা ঔষধ মগাই আনিবলৈ বাধ্য কৰা হৈছে।
ঔষধৰ মূল্য বৃদ্ধি কৰাৰ সময়ত চৰকাৰে দাবী কৰিছে যে ইয়াৰ কোনো বিকল্প নাই। শ্ৰীলংকাৰ কৰ্তৃপক্ষই এইটোও দাবী কৰিছে যে চৰকাৰে স্বেচ্ছাই ঔষধৰ মূল্য বৃদ্ধি কৰা নাই।
তদুপৰি, চৰকাৰে দাবী কৰে যে যিহেতু সংকটৰ বাবে টকাৰ মূল্য হ্ৰাস পাইছে, সেয়েহে মূল্য বৃদ্ধি নকৰাৰ বাবে বেছিভাগ ঔষধৰ যোগান কমি গৈছে।
আনকি মূল্য বৃদ্ধি আৰু যোগানৰ নাটনিৰ বাবে এতিয়া মানুহে চিকিৎসকে নিদানপত্ৰ দিয়া নিৰ্ধাৰিত ঔষধ কমকৈ ক্ৰয় কৰিবলৈ বাধ্য হ'ব বুলিও একাংশ চিন্তিত হৈ পৰিছে। | web |
fb6d433cb1e5da85cb8c5d84fed8aa8f8d19a3f7 | ৰাছিয়া-ইউক্ৰেইন যুদ্ধ অনতিপলমে সমাপ্ত কৰা হওক। বাৰ্লিনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ স্ক'লজে যৌথভাৱে এই আহ্বান জনায়। কিন্তু জাৰ্মানীৰ দৰে ৰাছিয়াৰ ওপৰত দোষ জাপি দিয়াৰ চেষ্টা নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ স্থিতি অক্ষুণ্ণ ৰাখি স্পষ্ট কৰিলে যে ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধত কোনো জয়ী নহয়। ভাৰত শান্তিৰ পক্ষত আছে।
মোদীয়ে লগতে কয় যে ভাৰতে ইউক্ৰেইনক বিভিন্ন ধৰণে সাহায্য কৰিছে।
ইপিনে, প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ স্থিতি ধৰি ৰাখি যুদ্ধৰ বাবে কোনো পক্ষৰ ওপৰতে দোষ জাপি দিব নিবিচাৰিলে। তাৰ বিপৰীতে মোদীৰ কাষত থাকিয়েই জাৰ্মানীৰ চেঞ্চেলৰ স্ক'লজে পোনপটীয়াকৈ ৰাছিয়াক দোষাৰোপ কৰে।
স্ক'লজে অভিযোগ কৰি কয়,"মস্কোই আন্তৰ্জাতিক আইনৰ মৌলিক ধাৰা ভংগ কৰিছে। ইউক্ৰেইনৰ সাধাৰণ নাগৰিকৰ ওপৰত যিদৰে আক্ৰমণ চলোৱা হৈছে তাৰপৰা বুজা যায় যে দেশখনে কেনেদেৰে ৰাষ্ট্ৰসংঘৰ চনদ উ লংঘন কৰিছে।
স্ক'লজে লগে কয়," সেয়ে মই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক পুনৰ আহ্বান জনাওঁ যে এই যুদ্ধ সমাপ্ত কৰক, নিৰ্বিচাৰ হত্যালীলা চলোৱা বন্ধ কৰক আৰু ইউক্ৰেইনৰ পৰা নিজৰ সেনাবাহিনী অঁতৰাই নিয়ক। | web |
c73222db5ef24b427a037d924df9f3a6f0a6dd5d2cc0865875877a4a06ee28ec | দেব দামোদৰ গুৰু
১৪৫৪ আৰু ১৪৫৮ শকত যুদ্ধ হয়। আমার বিবেচনায় ১৪২৮ শকৰ যুদ্ধই চৰিতৰ লিখিত ঘটনা।" সেই ঘটনা হৈছে এই - আগেয়ে যুঁজাৰুসকলে যুঁজ কৰিবলৈ যোৱাত যুদ্ধৰ ঠাইত খাবলৈ ভাত টোপোলা বান্ধি নিছিল । হৰিদেৱে ভাগৱৰ্তী বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰাত যুঁজাৰুবিলাকে টোপোলাত নিয়া· ৰন্ধ! ভাত খাবলৈ অঙ্গীকাৰ কৰে আৰু হৰিদেৱেই ইয়াৰ মূল বুলি ৰজাই তেওঁক নিৰ্যাতন কৰিব খোজে আৰু সেইবাবে তেওঁ তাৰ পৰ। ভটীয়াই আহিবলৈ বাধ্য হয় । শঙ্কৰদেৱ আৰু দেৱ দামোদৰ গুৰুতকৈ হৰিদেৱ অলপ পাচত আহে। গতিকে ইয়ে। আমি ঠিক কৰা দেৱ দামোদৰ গুৰু ভটীয়াই অহ। শক ১৪২৭ শককে আঙুলিয়াই দিয়ে ।
১৪৬৮।৬৯ শকৰ পিছল। গাৱঁৰ ৰণৰ সময়ত মনুগিৰিক (হৰিক) আহোমে কটাটো সম্ভৱ নহয়, কাৰণ ইয়াৰ ভিতৰত হৰিপ্ৰিয়াৰ কোনো সতি-সন্ততি জন্মা নাছিল ।
ওপৰত আলোচনা কৰা কথাৰ পৰা এইটো সিদ্ধান্ত কৰিব পাৰি যে দেৱ দামোদৰ গুৰুৱে ১৪২৭ শকত নলচাৰ পৰা কামৰূপলৈ আহিছিল আৰু হাজোৰ হয়গ্ৰীৱ মাধৱৰ মণিকূট পাহাৰত পাণ্ডিত্য প্রকাশ আৰু তীর্থ পৰ্য্যটনৰ বাবে অহা নিমাই (চৈতন্যদেৱ ) পণ্ডিতৰ লগত আলাপ আলোচনা হৈছিল ।
পঞ্চম অধ্যায়।
পাটবাউসীত থিতাপি ।
চুহুং ৰজাৰ দিনৰ ভুঞাধৰা হুলস্থূলত শঙ্কৰ দেৱে দেৱ দামোদৰ গুৰুকে। লগ ধৰি ১৪২৭ আহি প্রথমে কামৰূপ জিলাৰ বৰপেটা অঞ্চলৰ বৰ্ত্তমান সৰু ক্ষেত্ৰী মৌজাৰ (আগৰ বাউসা পৰগণাৰ) সর্থেবাৰীৰ ওচৰৰ কাপলা বিলৰ পাৰত কিছুদিন বাস কৰিছিল । পাচত সেই ঠাই অস্বাস্থ্যকৰ দেখি তাৰ পৰা আহি বৰপেটাৰ চূণ পোৰাত বা চিন পৰাত (বৰ্ত্তমানৰ পালাংদিত) ৰয়। মাধৱদেৱ তেতিয়া ৰৰপেটাৰ এমাইলমান পূবে থকা বাৰাদি গাওঁত আছিল। ইয়াতেই মাধৱদেৱৰ মাতৃ বিয়োগ হয়। মাকৰ শ্ৰাদ্ধাদি ক্রিয়া সমপনান্তে মাধৱদেৱ এবাৰ তীৰ্থ লৈ ৰায় আৰু তাৰ পৰা তেওঁলোকৰ পূৰ্ব্বপুৰুষসকলৰ দেশ বাণ্ডুকালৈ গৈ ককায়েক দামোদৰৰ লগত কিছুদিন থাকি উভতি
দেব দামোদৰ
আহে। ইয়াৰ পাচত কিছুদিন শঙ্কৰদেৱ তাঁতীকুছি (বৰ্ত্তমান মেটুৱাকুছি) আৰু তাৰ পাচত কুমাৰ কুছিত আৰু মাধৱদেৱে কলবৰীয়া কুছি (বৰ্তমানৰ চক্রগঞ্জ বা বুদৰুৰ টুপ) আৰু সুন্দৰীদিয়াত আছিল । কুমাৰ কুৰ্ছিত নুমলীয়া কন্য। ৰুক্মিণীৰ মৃত্যু হোৱাত ঠাই সুবিধাজনক নেদেখি শঙ্কৰদেৱে গৈ ধনুখান্দ। বিলৰ পশ্চিম পাৰৰ বৰল চুঙত ( শঙ্কৰদেৱৰ থান বা নিজ পাটবাউসীত) আৰু মাধৱদেৱ গণককুছিত থাকে । এই গণককুছি সত্ৰতে মাধৱদেৱে নিজ হাতে লিখা নাম ঘোষা পুথি এখনি অদ্যাপিও থকা বুলি জনা যায় ; আৰু তেওঁ নিজ হাতে ৰোৱা ৰঙিয়াল ফুল এজুপিও প্রায় এলোচা মাটি আগুৰি মহাপুৰুষৰ কীর্তিস্ত্বত্ত হিচাবে অ্যাপি জীৱিত
আছে ।
শঙ্কৰদেৱে ৰাজ্য বিভ্ৰাটত উজনীৰ পৰা ভটীয়াই অহাত দেৱ দামোদৰ গুৰুও মাকৰ শ্ৰাদ্ধাদি শেষ কৰি তাৰ ছমাহমান পাচতে ভটীয়াই আহি প্রথমে তেওঁ লোকৰ আদি বাসস্থান ৰত্নেশ্বৰত থকা সময়তে হাজোৰ মাধৱ মন্দিৰত চৈতন্যদেৱক (নিমাই পণ্ডিতক) লগ পোৱাৰ কথা আগতে কৈ অহা হৈছে। হাজোত বাস কৰি মাধৱ মন্দিৰত ভাগৱত পাঠ কৰি থকা সময়তে তেওঁ নাৰদৰ পৰা তত্ত্বজ্ঞান লাভ কৰে। ৰত্নেশ্বৰ
| pdf |
64b4e58c5e5bb54d3a0e6d859fc7217ce42356119e167387b03ebfc8607c2130 | সৎ সঙ্গৰ শিক্ষা
সহায় কৰা। খাজা চাহেবে আৰিফৰ ৰূপত আমাক এটা আদর্শ দিছে যিজনে মৃত্যুক বন্ধুৱৎ ভাবিছিল, আৰামক শত্ৰু জ্ঞান কৰিছিল আৰু প্ৰত্যহ ভগৱানৰ আৰাধনা কৰিছিল। এজন আৰিফৰ ভয় আছে; তেওঁ সন্মান কৰে আৰু তেওঁৰ লাজ-চৰমো আছে।
আমি নিজক আৰিফৰ দৰে চলাব নোৱাৰো কিয় ? মই ভাবি আচৰিত হওঁ । কোনো কাৰ্য কৰাৰ আগে আগে নিজকে এই প্রশ্নটো সোধা : 'মই যি কথা ক'বলৈ বা যি কাম কৰিবলৈ ওলাইছো সি মোৰ বাবে শান্তি আনিবনে?' ডায়াৰে কৈছে - 'যদি উত্তৰটো ইতিবাচক হয় তেনেহ'লে সৰ্বান্তঃকৰণে আগবাঢ়া, তেতিয়া তুমি নিজৰেই সর্বোচ্চ চেতনাৰ প্ৰবুদ্ধি লাভ কৰিবা। উত্তৰটো নেতিবাচক হ'লৈ তোমাৰ অহংভাবৰ প্ৰতি সতর্ক হ'বা - কাৰণ এই অহংভাবে অহৰহ তোমাৰ ভিতৰত কাম কৰি থাকে! এই অহংভাৱেই যত অনৰ্থৰ মূল - কাৰণ ই তোমাক সকলোৰে পৰা আনকি ঈশ্বৰৰ পৰাও, বিচ্ছিন্ন কৰে।
খাজা চাহেবৰ পুণ্য ধামত মই এটাই কণ্ঠ শুনিলো - যি কণ্ঠই তোমাক নিজক লৈয়েই শান্তিত থাকিবলৈ কয়।
দেখাত এখন ছবিৰ দৰে লগা আৰাৱলী পৰ্বতত আজমীৰ অৱস্থিত। দৰগাহ শৰীফৰ বাদেও ইয়াত পুণ্যতোয়া পুষ্কৰ হ্রদ আছে। এই দুই পুণ্য ধাম যেনিবা ভাৰতবৰ্ষৰ দুই প্রধান ধৰ্মৰ মাজত বৰ্তি থকা দীর্ঘদিনীয়া সৌহার্দ্য। আজমীৰ এখন শান্তিপূর্ণ সমাজৰ শ্ৰেষ্ঠ নিদর্শন। এই সৌহার্দ্যৰ দ্বাৰা প্ৰভাৱিত হৈ মই তাত নামাজ পঢ়িলো। তাৰ পাৰিপাৰ্শ্বিক দৃশ্যই মোক ঠিক তেনেকুৱা অৱস্থানৰ আন দুখন ধৰ্মস্থানৰ কথা মনত পেলাই দিছিল। এখন হ'ল নাগ'ৰ দৰগাহ, আনখন বেলানকন্নীৰ গীর্জা।
২০০১ বৰ্ষৰ ২ অক্টোবৰৰ দিনাখন কোলাৰ কোল্পমৰ নিকটৱৰ্তী অমৃতানন্দময়ীৰ অমৃতা ইনষ্টিটিউট অব্ কম্পিউটাৰ টেকন'লজী চাবলৈ গৈছিলো। মোৰ লগত গৈছিল ইণ্ডিয়ান ইনষ্টিটিউট অব্ ছাইন্সৰ অধ্যাপক এন বালকৃষ্ণণ আৰু ভি এছ এছ চি-ৰ সঞ্চালক জি মাধৱন নায়াৰ। তাত মই প্ৰায় এহেজাৰ্জন ডেকা বিদ্যার্থী, শিক্ষক, ব্ৰহ্মচাৰী আৰু স্বামীক সম্বোধন কৰি বক্তৃতা দিছিলো। মই বাছি লোৱা বিষয়টো আছিল 'Multi Dimensions of Knowledge Products' (জ্ঞান-উৎপাদনৰ বিভিন্ন মাত্রা বা দিশ)। বিদ্যার্থীবিলাকৰ মাজত নতুন ধাৰণা গ্ৰহণ কৰাৰ প্ৰবল ইচ্ছা পৰিলক্ষিত হ'ল। তেওঁলোকে কৰা প্রশ্নবিলাকত তেওঁলোকে যে অঞ্চল প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ বিষয়টোতেই আগ্রহ দেখুৱাইছিল এনে নহয়, সৎ জীৱন যাপনৰ আদৰ্শ গ্ৰহণ কৰাৰ ইচ্ছাও প্ৰদৰ্শন কৰিছিল। ছাত্ৰ-ছাত্ৰীবিলাকৰ লগত কথা-বতৰা শেষ হোৱাৰ পিছত মই 'আম্মা'ক লগ ধৰিলো। মোৰ জীৱনৰ এইটো এটা ডাঙৰ অভিজ্ঞতা।
তেজস্বী মন
তেওঁ মানুহক দি থকা বতৰাটো আছিল - মানুহে নিজক কেনেকৈ ভগৱানৰ ওচৰলৈ নিব পাৰে? মই এটা কথা ভাবি বিস্মিত হৈছিলো কি অসাধাৰণ
প্রচেষ্টাৰে তেনে এক বিশাল অনুষ্ঠান নির্মাণ কৰিব পাৰে য'ত হাস্পতাল গঢ়ি উঠিছে, উচ্চ প্রতিভাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বাবে মেনেজমেণ্ট স্কুল আছে আৰু সমাজৰ আৰ্থিকভাৱে দুৰ্বল মানুহৰ বাবে গৃহ নিৰ্মাণৰ আঁচনিও আছে। মোৰ অনুসন্ধিৎসাৰ ফলতে আম্মা আৰু আন আন সন্ন্যাসীৰ লগত এখন আলোচনা অনুষ্ঠিত হ'ল। যদিও সেই অনুষ্ঠানটোত জ্ঞানৰ মূল বিষয়বিলাকৰ শিক্ষা দিয়া হয় আৰু অভিযন্তা, মেডিকেল ডাক্তৰ, মেনেজমেণ্টৰ স্নাতক আৰু বিজ্ঞানৰ গৱেষণা কৰা স্কলাৰ আদিৰ সৃষ্টি কৰি আহিছে, তথাপি তেওঁলোক আজিও ব্যক্তিকেন্দ্রিক বিশেষজ্ঞতাৰ ক্ষেত্ৰত সীমাবদ্ধ অৱস্থাতে আছে। হঠাতে আম্মাই ক'লে, 'কিবা এটা হেৰুৱাইছে। কেনেকৈ সংযোগ সাধন কৰা যায়?'
তেওঁৰ কথাত প্রতিভাবিলাকক এক সমূহীয়া উদ্দেশ্যৰ বাবে একজোঁট কৰাৰ ইংগিতকে দিছিল তেওঁ।
ৰাজকোটৰ খ্ৰাইট্ কলেজত অনুষ্ঠিত হ'বলগীয়া এখন সমাৰোহত ভাগ লোৱাৰ বাবে মই প্ৰস্তুত হৈ আছিলোঁ। এনেতে ৰামকৃষ্ণ মিছনৰ স্বামী নিখিলেশ্বৰানন্দৰ পৰা এটা তলব আহিল। স্বামীজীয়ে তেওঁৰ আশ্ৰমখন চাই অহাৰ বাবে মোক অনুৰোধ কৰিছিল। তেওঁৰ অনুৰোধ স্বীকাৰ কৰিবই লাগিব। খ্ৰাইট্ কলেজৰ সমাৰোহৰ পিছতে মই কোবাকুবিকৈ আশ্ৰমলৈ গ'লো। তেতিয়া সন্ধিয়া ভজন গোৱাৰ সময়। ভজন গায়কসকলৰ শাক্ত-সমাহিত আৰু নিৰুদ্বেগচিত্তে গোৱা বন্দনা শুনি অভিভূত হৈ ক'ব নোৱৰাকৈয়ে মই তেওঁলোকৰ লগত বহি পৰিলো। প্রায় পোন্ধৰ মিনিটমান সময় মই ধ্যানত নিমজ্জিত হৈ থাকিলো। মহাত্মা গান্ধীৰ জন্মস্থান পোৰবন্দৰৰ স্বামী বিবেকানন্দ হলত ধ্যান কৰোতে মোৰ গাত যি কম্পন হৈছিল সেই একে কম্পনকে মই ইয়াতো অনুভৱ কৰিলো।
২০০১ চনৰ ৬ অক্টোবৰ। সিদিনা কাশীৰ শংকৰাচাৰ্যবিলাকে ওচৰৰ শ শ গাঁৱৰ পৰা অহা খেতিয়কবিলাকৰ এখন গুৰুত্বপূৰ্ণ সমাবেশৰ আয়োজন কৰিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল জ্ঞান আধাৰিত গ্রামীণ বিকাশৰ ধাৰণাৰ মাধ্যমেৰে সংহত উন্নয়নৰ কাম-কাজ আৰম্ভ কৰা। মোকো সেই সমাবেশত ভাগ ল'বলৈ আমন্ত্ৰণ কৰিছিল। ভিন ভিন ৰাজনৈতিক দলৰ অনুগত পঞ্চায়তৰ মুৰব্বীসকলে একেই উদ্দেশ্যে কাশীত গোট খালেহি। তাত আটায়ে 'গ্রামাঞ্চলত নগৰীয়া সা-সুবিধা প্ৰৱৰ্তন (প্রভাইড আৰবান ফেচিলিটিজ ইন কৰেল এৰিয়াজ, 'পুৰা') এনে এটা আঁচনিৰ যোগেদি উন্নয়নৰ ওপৰত আলোচনাবিলোচনা হোৱাৰ কথা। তাত ধর্মীয় নেতাবিলাকেও উন্নয়নমূলক কার্যসূচী
| pdf |
d298ea91de4551164eaa1daee2dadf607b743836 | নিউজ ডেক্সঃ
শনিবাৰে হিমাচল প্রদেশৰ মানালিত অটল টানেলৰ উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। কিন্তু উদ্বোধনৰ বিগত তিনি দিনত তিনিটা দুর্ঘটনাৰ সাক্ষী হ'বলগা হৈছে অটল টানেল। যাকৰ বাবে স্বাভাৱিকতে উদ্বেগ প্রকাশ কৰিছে বর্ডাৰ ৰোড অৰ্গেনাইজেচনে।
বিআৰও আৰু জিলা প্রশাসনৰ অভিযোগ, শ শ পর্যটকে নতুনকৈ নিৰ্মাণ হোৱা এই টানেলত গাড়ী দৌৰ প্রতিযোগিতা আৰম্ভ কৰিছে। এই ক্ষেত্ৰত অবিলম্বে অধিক কঠোৰ পদক্ষেপ লোৱা হ'ব বুলিও ইঙ্গিত দিছে।
চিচি টিভি ফুটেজত দেখা গৈছে যে টানেলৰ ভিতৰত গাড়ী চলাই থাকোতেই ছেল্ফি তোলা হৈছে। কেতিয়াবা আকৌ টানেলৰ ভিতৰত বেআইনীভাবে গাড়ী ৰাখিও ছেল্ফি তোলা হৈছে।
বর্ডাৰ ৰেড অৰ্গেনাইজেচনৰ অভিযোগ, টানেল চাবলৈ অহা পর্যটকসকলে গাড়ী দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰি দিছে, যিটো অবৈধ। তীব্র গতি আৰু অমনোযোগিতাৰে তেওঁলোকে গাড়ী চলাইছে।
টানেলৰ ভিতৰত যি তিনিটা দুর্ঘটনা ঘটে সেয়া চিচি টিভিৰ মাধ্যমত ৰেকর্ড কৰা হৈছে। তাত স্পষ্ট হৈছে ট্ৰেফিক আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি টানেলৰ ভিতৰেৰে গাড়ী চলাইছে পর্যটকসকলে।
পৰিস্থিতি নিয়ন্ত্রণত আনিবলৈ টানেলত আৰক্ষী নিয়োগৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কুলু জিলা প্রশানৰ পৰাও ইতিবাচক পদক্ষেপ গ্ৰহণৰ কথা জনোৱা হৈছে। | web |
4bbcb2b2d121f93e044acb3cb1b7a9e67941e6109f6a2fda43dc20c261226822 | স্বামী বিবেকানন্দ
ৰক্তৃতা কোম্পানীৰ জৰিয়তে প্ৰায় হুমাহৰ ভিতৰতে আমেৰিকাৰ পূব আৰু মাত্ৰ পশ্চিমৰ যাবতীয় ডাঙৰ ডাঙৰ চহৰ বিলাত ৰক্তৃতা দিৰলৈ যথেষ্ট কোৰেৰে তেওঁ ঘূৰি ফুৰিব লগাত পৰিছিল। ব্রহ্মচাৰী বিবেকানন্দৰ বাহিৰে আনৰ পক্ষে এনে পৰিশ্ৰম কৰিবলৈ সামর্থ্য নহহেঁতেন। মুঠতে স্বামীজীয়ে চিকাগো, আইওয়া চিটি, ডিছমনিয়েছ, সেণ্টলুই, ইণ্ডিয়ান। পোলিচ, মিনিয়া পোলিচ, ডেট্রয়েট, হার্টফোর্ড, বাফেলো, ষোষ্টন, কেম্ৰিজ, বাণ্টিযোৰ, ওয়াশিংটন, ব্রুকলিন, আৰু নিউইয়র্ক প্রভৃতি চহৰত ইতিমধ্যে ৰক্তৃতা দি ফুৰিছিল। অৱশ্যে অতি দুঃখৰ কথা এই চ বিলাকত দিয়া বক্তৃতা বিলাকৰ বিষয়ৰম্ভ আৰু ভ্ৰমণৰ সঠিক তালিকা পাবৰ কোনো উপায় নাই। তেখেছে কেতিয়াও কোনো ৰক্তৃতা লিখি দিয়া নাছিল। আৰু তেতিয়াৰ দিনত ৰক্ষতা টুকি ৰাখিবৰ কাৰণে Short hand ৰো তেনে ৰিধান উন্নত হোৱা নাছিল ।
কিছুদিন এই কোম্পানীৰ জৰিয়তে বক্তৃতা দিয়াৰ পিচত স্বামীজীয়ে দেখিলে যে আগৰ দৰে কোম্পানীয়ে তেখেতৰু এভিয়া ঠিকমতে পারিশ্রমিক নিদিয়ে, কিছু কৃপণতা কৰে। অথচ তেখেত্তৰ ৰক্ত,তাৰ পৰা কোম্পানীৰ ক্ৰমে অধিক মাত্ৰাত লাভ হৈছে। এই কথাত তেখেতে মনে মনে বিষম পাই আছিল। তদুপৰি ভাবিলে যেই উদ্দেশ্যৰ কাৰণে হলেও সন্ন্যাসীৰ পক্ষে সঞ্চয় নিষিদ্ধ। মহান ত্যাগী পুৰুষ পৰমহংসদেৱৰ শিক্ষাগৈছে। এতিয় তেখেতৰ মনত পৰিল! ইত্যাদিবোৰ কথাত শেষত নিউইম্বৰ্কন এটা ৰক্ত তাত কোম্পানীয়ে প্রায় সাৰে সাত হাজাৰ টকা উপাৰ্জন কবি দ্বামীজীৰ ভাগত দিলে যাখোন , শ টকা। ইয়াব ভেখেঙে বেয়া পালে আৰু এতিয়াৰ পৰা সেই কোম্পানী
| pdf |
23640f6992b02bcc9101df4d9a296979aba214f8 | উপায়ুক্ত কাৰ্য্যালয় পাপুম পাৰেত লেৱ টেকনিচিয়ানৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে।
উপায়ুক্ত কাৰ্য্যালয় পাপুম পাৰে, অৰুণাচল প্ৰদেশ :
পাপুম পাৰে হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ এখন জিলা। এই জিলাৰ উত্তৰত অৱস্থিত ক্ৰা দাড়ি জিলা, পূবত নিম্ন সোৱণশিৰি জিলা, পশ্চিমত পূব কামেং জিলা আৰু দক্ষিণত আসাম ৰাজ্য।
এই জিলাৰ নাম লোৱা হৈছে দুখন প্ৰধান নদী পাপুম আৰু পাৰেৰ পৰা। এই জিলাৰ বৰ্গক্ষেত্ৰ হৈছে ৩৪৬২ বৰ্গ কিঃমিঃ। ইয়াৰ লোক সকলৰ প্ৰধান জীৱিকা হৈছে কৃষি আৰু উদ্যানবিদ্যা। ইয়াৰোপৰি বহু লোকে ক্ষুদ্ৰ বাণিজ্যৰ ওপৰত ভিত্তি কৰি নিজৰ জীৱন যাপন কৰে।
উপায়ুক্ত কাৰ্য্যালয় পাপুম পাৰেত পদ খালী :
উপায়ুক্ত কাৰ্য্যালয় পাপুম পাৰেত শেহতীয়া ভাৱে লেৱ টেকনিচিয়ানৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে।
পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :
শিক্ষাগত অৰ্হতা :
আৱেদন প্ৰক্ৰিয়া :
ইচ্ছুক প্ৰাৰ্থী সকলে ০৫ জানুৱাৰী ২০২২ তাৰিখে, পুৱা ১০বজাৰ পৰা DTO তথা DACO কাৰ্য্যালয়, গেট নং ০১, TRIHMS, নহৰলাগুনত অনুষ্ঠিত হ'বলগীয়া ৱাক ইন সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।
প্ৰাৰ্থী সকলে নিজৰ লগত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ মানপত্ৰ, MMLT/ BMLT/ DMLT প্ৰমাণপত্ৰ, অনুসূচিত জনজাতি প্ৰমাণপত্ৰ (APST প্ৰাৰ্থী সকলৰ বাবে), PRC প্ৰমাণপত্ৰৰ প্ৰকৃত আৰু প্ৰতিলিপি, আৰু দুখন শেহতীয়া পাছপৰ্ট ফটো জমা কৰিব লাগিব। | web |
b6475274e265b7747a140e1a74fdeafb | দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও, ১৩ ফেব্ৰুৱাৰীঃ দেৰগাঁওস্থিত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সভাগৃহত ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ পদক বিতৰণী অনুষ্ঠান।অনুষ্ঠানটিত অসম আৰক্ষীৰ বিভিন্ন জিলা তথা বিভাগত কৰ্মৰত বাৰজন উপ- আৰক্ষী অধীক্ষক আৰু আৰক্ষী উপ- পৰিদর্শকক তেওঁলোকৰ বুনিয়াদী প্ৰশিক্ষণৰ সময়ছোৱাত ক্ৰিমিন'ল'জি আৰু ফৰেন্সিক চায়েন্স বিষয়ত প্ৰদৰ্শন কৰা শ্ৰেষ্ঠত্বৰ বাবে পদক প্ৰদান কৰা হয়।এই বঁটা সমুহ প্ৰদান কৰে অসম আৰক্ষীৰ উপ মহা পৰিদৰ্শক (প্ৰশিক্ষণ) মইনুল ইছলাম মণ্ডলে। উল্লেখযোগ্য যে, প্ৰত্যেক বর্ষতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ৰ অধীনত নতুন দিল্লীস্থিত 'লোকনায়ক জয়প্ৰকাশ নাৰায়ণ নেশ্যনেল ইনষ্টিটিউট অৱ ক্ৰিমিন'ল'জি এণ্ড ফৰেনসিক চায়েন্স' চমুকৈ NICFS ৰ তৰফৰপৰা আগবঢ়োৱা হয় এই বটাঁ।আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালৰ অধ্যক্ষ দেৱাশীষ শৰ্মা উপস্থিত থকা এই অনুষ্ঠানটিত তিতাবৰৰ তৃতীয় অসম আৰক্ষী বাহিনীৰ সহ অধিনায়ক লুনা সোণোৱাল, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সহকাৰী অধ্যক্ষ ৰাজশ্ৰী ধনদিয়া, বিশ্বনাথৰ উপ- আৰক্ষী অধীক্ষক (সদৰ) মুজাফ্ফৰ হুছেইন, বোকাজনৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ লগতে আন ছয়জন আৰক্ষী উপ- পৰিদৰ্শকে এই শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ সন্মান লাভ কৰে। অনুষ্ঠানটিত অসম আৰক্ষীৰ উপ মহা পৰিদৰ্শক মইনুল ইছলাম মণ্ডলে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাম্প্ৰতিক কালত তদন্তকাৰী আৰক্ষী বিষয়াই বৈজ্ঞানিক মানসিকতাৰে শুদ্ধ আৰু নিৰ্ভৰযোগ্য সাক্ষ্য সংগ্ৰহ আৰু যথোপযুক্ত উপস্থাপনৰ জৰিয়তে গোচৰসমূহ তদন্ত কৰাৰ প্ৰয়োজনীয়তা আহি পৰা সন্দৰ্ভত বক্তব্য দাঙি ধৰাৰ লগতে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অন্যান্য পদক প্ৰাপক বিষয়াসকলেও বৈজ্ঞানিক তদন্ত আৰু অপৰাধীৰ মনস্তত্বঃ সন্দৰ্ভত নিজ নিজ অভিজ্ঞতা ব্যক্ত কৰে।
| web |
07264e984d9cd707d4aceca9030d7cfc783b1c889177d18ffa55ff070a91f6d8 | চাহ খোৱা
মোহাৰি শুকাই, খাৰৰ উপযুক্ত কৰা to
manufacture tea.
চাহীনী খোৱা (চাহীনী = ক্ষুদ্র এভাগ যেনে এচাহী) লোকৰ বস্তুৰ অলপীয়া এভাগ চুৰ কৰা বা লাভ খোৱা চান কঢ়া to misappropiate a small portion of anything চিকাচা কৰা (1) অগুচি বুলি আশঙ্কা কৰা to suspect as impure ( 2 ) খোৱাত চেলেংপেটেং কৰা মন পাৰি নোখোৱা
চিকা ফুৰা বস্তুৰ ওপৰে চিকা বগালে সি দুর্গন্ধ হয়। এতেকে দুর্গাম পোৱা লেতেৰা ঘৃণিত যেনে ভালৰ পোৱালী দুখীয়া হোৱাত চিকা ফুৰা হৈছোঁ despised
চিকোটি লাও বুঢ়া কৰা গছৰ লাও কোমলে আছেনে বুঢ়া হৈছে, মানুহে চিকোটি চাই পৰিমাণ বুজে কোমল পালে ছিঙি আনে বুঢ়া পালে এৰি আছে। সেইদৰে চিকোটিলে কোমল লাওকো বুঢ়া কৰা হয় অর্থাৎ কোমল হৈ থাকিলে হিঙিব বুলি লাও লৰা লৰিকৈ বুঢ়া হৈ পৰে এই ভাৰ। এতেকে মন নকৰাকৈ থকা কথাৰ উল্লেখ কৰি মানুহক টেঙৰ বা সতৰ্ক কৰা to put a man on guard unwittingly by referring to something that does not strike him
চিকোশ শ্যাম (চিকোণ চিকণ সুন্দৰ মিহি, আলসুৱা শ্যাম-শ্রীকৃষ্ণ তেওঁ বৰ সুন্দৰ আছিল) আলসুৱা আৰু সুন্দৰ মানুহ ব্যং a tender and beautiful person Irn চিঞৰত গগণ ফলা আকাশখন ফাটি যোৱাকৈ চিঞৰা অৰ্থাৎ বৰকৈ চিঞৰা টানকৈ চিঞৰ বাখৰ লগোৱা
to scream or cry very loudly চিঞৰত গছৰ পাত সৰোৱা ইমানকৈ চিঞৰা যে চিঞৰ শুনি পুতৌত গছৰ পাতো সबि পৰে। এতেকে
অতিপাতকৈ চিঞৰা to cry or scream violently চিৎ তোলোভা খোৱা (১) নৰিয়া পৰা to be laid up with illness (২) ওপৰলৈ মুখ কৰি লুটি খাই পৰা to fall down on the back চিৎ ভোলোঙা খুওৱা চিৎকৈ পেলোৱা to fall one on the back চিৎ ভোলোঙা দিল্লা 'চিৎ ভোলোঙা খোৱা চোৱাঁ। চিৎলং পাতলং হৈ পৰা 'চিত, পতং
খোৱা চোৱাঁ।
চিতং পতং খোৱা চিৎ হৈ দীঘল দি পৰা to lic prostrate on the back চিতৎ গতং দিয়া একে অর্থ।
চিন্তাত গর্ভ গেলা চিত্তাত অন্তৰখন গেলি যোৱা অর্থাৎ অতিপাত চিত্তা লগা
being in serious anxieties
চিপ ৰুঢ়া 'চিপ টনা চোৱাঁ। চিপ খোৱা (১) খোৰোচা লগা খোৰোচা গাঁঠি টান হৈ আট খোৱা to be tied firmly in a shp knot (২) টান উশাহত এবাৰ দাং খোৱা আৰু এবাৰ সোমাই যোৱা (বুকুত খাটে) যেনে নৰিয়াৰ বুকুৱে চিপ খাইছে to have a heaving chest as in hard breathing চিপ টনা মৃত্যুৰ সময়ত আজুৰি উশাহ লোৱা to gasp for breath when dying চিপ পতা চৰাই বা জন্তু ধৰিবলৈ খোৰোচা লগা ফান্দ পতা to lay a trap of slip knot to catch birds cr animals
চিপ মৰা উচাল মাৰি ওপৰলৈ টনা যেনে বৰণীৰ চিপ মৰা to pull up briskly চিপ লগা খোৰোচা লগা to be caught in a lip knot চিপ লোৱা 'চিপ টনা চোরাঁ। চিব্বাৰ দিয়া ঠাৰে চিয়াৰে অৰ্থাৎ সঙ্কেত বা অঙ্গিভঙ্গিৰে জানিব দিয়া ইঙ্গিত কৰা ইচাৰা দিয়া অলপকৈ উল্লেখ কৰা to
hint to remind or allude to anything by a gesture or a secret sign or hint চিয়াৰ মৰা একে অর্থ চিৰিং কৰা বুকু কঁপি উঠা to get a
thrilling sensation
| pdf |
ae4bd1cf10861de9d8d8750d850f09310649b629d3ef1e0d2bfcf2f7d27531ec | কৰিব, হয়তো সি পৃথিৱীৰ জঘন্যতম অপৰাধত অপৰাধী বুলি সহজেই প্রমাণ হৈ যাব - সি জেললৈ যাব, দহ বা বাৰ বছৰৰ সশ্রম কাৰাদণ্ডৰ মূৰত ম্যাদ শেষ কৰি যেতিয়া সি ওলাই আহিব, তেতিয়া আৰু তাৰ একো নেথাকে। তাক দেখিলে বাটৰ কাষৰ মানুহে সিফালে মূৰ কৰিব, গাও-নগৰৰ জীয়াৰী-বোৱাৰীয়ে খুই পেলাব। তাৰ প্রসঙ্গ ওলালেই সকলোৱে তাক সর্বান্তঃ কৰণে অভিশাপ দিব। তাৰ চিনাকি সমাজখনৰ সি হৈ পৰিব লজ্জা আৰু ভয়ৰ এটা ঘৃণ্য প্রতিমূর্তি।
কিন্তু এইবোৰ নোহোৱা কৰিবৰোতো কোনো উপায় নাই। পৃথিবীত সকলোবে মিছা কথা ক'ব পাৰে - গোলাপে পাৰে, সৰু ল'ৰাই পাৰে, মাখনে পাৰে, ডাক বঙলাৰ চকীদাৰে পাৰে, সকলোৱেঁই মিছা ক'ব পাৰে। মিছা কয়, কিন্তু মিছা নকয় জোনাই। সিমান জঘন্য কথা উকীলে শিকাই দিলেই তাই ক'ব নোৱাৰে। জোনাই সঁচা কথা কৈছে - মাখন নিকৃষ্ট অপৰাধত অপৰাধী।
কিতাপৰ পাতত এনেই চকু দুটা থৈ মাখনে সৰুকৈ হাঁহিলে। এজনী ছোৱালীৰ মুখৰ এষাৰ মাথোন কথাই মাখনৰ নিচিনা এটা শিক্ষিত, সন্মানিত ডেকাৰ গোটেই জীৱনটোৰ পৰিচয় কলঙ্কিত কৰি দিলে। তাৰ বৰ্তমানক নৰক-কুণ্ডত পৰিণত কৰিলে, তাৰ ভৱিষ্যতক অসম্মানৰ গেৰেকতি পুতি পেলালে। কাব্য আৰু কল্পনাভৰা, অনুভূতি আৰু আবেগভৰা এটা ডেকাক হঠাৎ এটা কয়দী, ফাটেকিয়াল, আচামী, অপৰাধীলৈ পৰিৱৰ্তন কৰি পেলালে। তাৰ কল্পনাপ্ৰৱণ, কেঁচা মনটোক এটা চিন্তাশীল অথর্ব বুঢ়া মনলৈ ৰূপান্তৰ কৰিলে। - কি অবোধ্য, কি ৰহস্যময়!
দুখ কৰা পাগলামি। মাখনৰ হাঁহি উঠিল।
এখন আওপুৰণি পৃথিবী, কিছুমান আওপুৰণি মানুহ, কিছুমান ঠেক পুৰণি মন! মানুহ মানুহৰ মাজত, পুৰুষ আৰু নাৰীৰ মাজত আদিম বন্য সম্পর্ক। ইয়াৰ মাজত নতুন মানুহৰ ঠাই নাই, নতুন মনৰ ঠাই নাই, এটা মার্জিত সভ্য সম্পৰ্কৰ বাচি থকাৰ কোনো অৱকাশ নাই। কাব্য, মানৱধৰ্ম, বিবেক-বুদ্ধি সেইবোৰৰ জন্ম এই পৃথিৱীত এতিয়াও হোৱা নাই। মানুহৰ অসুস্থ, পঙ্কিল মনত নতুন সম্পৰ্কৰ পোহৰ পৰিবৰ বাট এতিয়াও মুকলি হোৱা নাই। বহুত শ্যেলিৰ স্বপ্ন, বহুত ডাণ্টেৰ সাধনা, বহুত কালিদাসৰ আকাশমুখী কল্পনা কোনোবা বুঢ়া উকীলৰ ওকালতিত ব্যৰ্থ হৈ গৈছে।
মাখনে আকৌ কিতাপখন পঢ়িবৰ চেষ্টা কৰিলে। কিতাপৰ পাতে পাতে যুগ যুগৰ মানুহৰ অকথিত বেদনাৰ স্বাক্ষৰ। মানুহৰ ব্যৰ্থতাৰ ভিত্তিত গমি উঠিছে জীৱনৰ জেতুকাবুলীয়া সৌধ। তাৰ ভাল লগা কল্পনাবিলাসী বিদ্রোহী কবি শোলীলৈ আজিও মাখনৰ মনত পৰিল, miserable men are wrought into poetry by wrong. They learn in suffering what they teach in song. পুৰণি কথা। পৃথিৱীৰ সকলো কাব্যৰ মূলত কি দুর্দশাগ্রস্ত মানুহৰ বেদনাৰ হুমুনিয়াহেই আছে! অবোধ্য ৰহস্যময়!
| pdf |
13cd97215b00819487077943bae35ae74318b396 | ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰত ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে । ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰমোদ বড়োৱে আজিৰ দিনটোক ঐতিহাসিক বুলি মন্তব্য কৰি স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া ছহিদ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে ।
ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি প্ৰমোদ বড়োৱে নিজ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে । সশস্ত্ৰ সংগঠনসমুহক মূলসূঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাই প্ৰমোদ বড়োৱে বিটিআৰৰ উন্নয়নমুলক কাম-কাজৰ বিষয়েও ভাষণত উল্লেখ কৰে ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে অসম আৰক্ষী , চিআৰপিএফ , গৃহৰক্ষী , অসম পুলিচ বেটেলিয়ন, গৃহৰক্ষী বাহিনী , বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে । | web |
bcdc81cd24d1bbb7743206bae34704cec37b8e3f6b3c862ae76dc7c7daab3dce | নহয়। দর্শক এনেকৈ কল্পনাৰ ৰাজ্যত সোমাই পৰাৰ ফলত তেওঁক ঘৰুৱা অভাৰ-অভিযোগ, নিজৰ অসুখ-অশান্তি আৰু আনকি নিজৰ হুকীয়া সত্তাৰ কথাকে। সাময়িকভাৱে-পাহৰি যায়। সৌন্দর্যৰ এক আদর্শ তেওঁ ৰাজ্যত মন সোমাই পৰা গতিকে অভিনয় কালত সাময়িকভাৱে দৰ্শকৰ আত্ম বিস্মৃতি আহে । নায়কৰ ৰেশভূষা, অংগীভংগী আৰু মধুৰ সংলাপৰ সংযোগত দৰ্শকৰ মনৰ স্থায়ী 'ভাৰ উদ্বুদ্ধ হয়। এই ভাব অন্তৰত জাগি উঠাৰ সময়ত ব্যক্তি-চৈতন্য নথকাৰ বাবে এই ভাবৰ প্ৰকাশ লৌকিক জীৱনৰ ভাব-প্ৰকাশকৈ ভিন্ন প্ৰকাৰব। এই ভাৰ সাধাৰণীক্বত ভাব কিয়নো ব্যক্তিত্বৰ পৰিচ্ছেদ নথকা অৱস্থাত এই ভাব নাট্য-শিল্পৰ দ্বাৰা উদ্বুদ্ধ হৈছে। স্থান আৰু কালৰ ভিতৰত থকা কোনো লৌকিক কাৰণৰ সংস্পৰ্শত এই ভাব জাগি উঠা নাই । গতিকে ব্যক্তিৰ অন্তৰত থকা স্থায়ী ভাব- নাট্য-শিল্পৰদ্বাৰা এনেকৈ ব্যক্ত হোৱাৰ লগে লগে এক অলৌকিক আনন্দত অন্তৰ ভৰি উঠে। সাময়িকভাৱে দর্শক আনন্দৰ মাঙ্কত নিমজ্জিত হৈ পৰে কিন্তু এই তৃপ্তিও ব্যক্তিবিশেষ নোহোৱাকৈয়ে সাধারণীকৃত অৱস্থাত দৰ্শৰেই লাভ কৰে। দৰ্শকৰ অন্তৰত স্থায়ী-ভাৰৰ প্ৰকাশ হোৱাৰ লগে লগে ৰসাস্বাদনো হয় আৰু ইয়াৰ ফলত দশক হৈ পৰে তন্ময়।
অভিৰ গুপ্তহ শকুন্তলা নাটকত থকা ভয়ার্ত হৰিণটোৰ সহায়ত ৰসাস্বাদনৰ ঔক্রিয়া ব্যাখ্যা কৰিবলৈ যত্ন কাবছে। ঋনুষ কাঁড় জুৰি ৰজা চুষুন্তই আশ্ৰমৰ হৰিণটোৰ পাছে পাছে লৰিছে। তেওঁৰ হাতৰ তীক্ষ্ণ আশ্বৰে হৰিটাৰ লুকোমল অংগ ভেদ কৰিবলৈ তেওঁ উদ্গ্রীব হৈ পৰিছে। ভীত, সন্ত্রস্ত হৰিণ পণ্য মায়া চৌৰিছে, মাজে মাজে ডিভিটো বেকা কৰি পাছলৈ চাইছে আৰু বক্তৰ হাতৰ চোকা শৰ তাৰ গাত পৰিব বুলি ভয়তে মাজে মাজে গাটো বোচাই দিছে। আধা চো?বায়া দুবৰি বহুবোৰ তাৰ দুয়ে। কোৱাৰিয়েদি ওলাই বাটত পৰি গৈছে। সি সি দৌৰিছে, প্রান্টাকি দৌৰিছে, এনেভাৱে দৌৰিছে যেন সি শূন্য মাৰ্গেৰেছে বেছি ভাগ ৰাট পাৰ হৈ
औী १
গৈছে। অভিনয় কালত এই ভয়পোৱা হৰিণটো স্থান আৰু কালৰ ব্যৱধানৰ ওপৰত থাকে এই বুলিয়েই যে দৰ্শকৰ ভন্নয়তাৰ কাৰণে তেওঁৰ মনোৰাজ্যত ভীত হৰিণটো মূৰ্তিমান ভয়ৰ স্বৰূপ প্ৰতিভাত হয়। সাধাৰণীকৃত এই ভয়ে দৰ্শকৰ অন্তৰত গাই ভোলে ভয়ানৰ ৰস। কিন্তু লৌকিক বৃত্তিৰদ্বাৰা উৎপন্ন ভয়ৰ লগত ইয়াৰ সাদৃশ্য নাই কিয়নো ভয়ানক ৰসৰ আস্বাদনৰ সময়ত আত্মৰক্ষাৰ চেষ্টা প্রকট নহয় আৰু হবও নোৱাৰে কাৰণ ৰসাস্বাদনৰ সময়ত ব্যক্তিৰ আত্মচৈতন্য বিলোপ হয়। এই গতিকে ভয় আৰু ভয়ানক ৰসৰ ভিতৰত বিৰাট পার্থক্য। লোকৰ অন্তৰত ভয়ভাব জাগি উঠিলে গাৰ কঁপনি উঠে। আৰু আত্মৰক্ষাৰ কাৰণে স্বাভাৱিকতে মানু সচেষ্ট হয় কিন্তু ভয়ানক ৰস আস্বাদনৰ সময়ত ব্যক্তিৰ পৰিচ্ছে নথকা বাবে সি ভয় হিচাৰে ব্যক্ত নহয়। সেই ভয় ৰসৰাজ্যলৈ উন্নীত হোৱাৰ ফলত সি বেদনাদায়ক নহৈ আনন্দদায়ক হৈ পৰে। সেইদৰে শোক আ কৰুণ ৰসৰ ভিতৰত যথেষ্ট পার্থক্য আছে। শোক স্থায়ী ভাব কিন্তু কণ ৰস ভাব নহয় ৰস । শোক বেদনাদায়ক কিন্তু করুণ ৰস আনন্দদায়ক।
ট্রেজেডিৰ আনন্দও এই ৰসৰেই আনন্দ। ট্ৰেজেডিৰ শোকাবহ পৰিণতিয়ে ৰসসৃষ্ট কৰে আৰু এই কাৰণেই ? বেদনাদায়ক নহৈ আনদায়ক হয়। কিন্তু এই আনন্দ প্রকাশ কৰিব নোৱৰা, ব্যাখ্যা কৰিব নোৱৰা এক অভিনব আনন্দ । এই আনন্দ যুক্ত। ষ্ট যেন শৰীৰৰ হৃড়তা ভেদ কৰি ওলাই অহা আত্মাৰ স্বৰপানন্দ। এৰিষ্টটলে ঠিকেই কৈছে যে নাট্যকাৰৰ কৌশলৰ বলতহে এই আনন্দ শোকাবহ পৰিণতিৰ বুকুতো ফুটি উঠিব পাৰে। কিন্তু ইয়াভে আন এটা কথা যোগ দিয়াৰ প্ৰয়োজন। অঞ্চল নাট্য-প্রতিভা থাকিলেই নাটকৰ যোগেদি সকলোৱে আনন্দ লাভ কৰিব পাৰিব এনে নহয়। নাট্যবদ্ধ বুদ্ধি,
● ओराাভিাষ বৃহवूপভডি दृেटিঃ । পশ্চাৰে এৰিটঃ শৰপৰভয়াৎ ভূষণাপূর্ব্বাষ পৈালীঃৈ बयवিवृड्यूখार् बংमिভিঃ कोद
পrstবat मूUR বিষভি বQडবৎ তোমূाৎ बाहि" [बमा ]
১০৮ নাহি - লোচন • নাহিত্যতাৰ তাৎপৰ্য অনুভব কৰি আনন্দ লাভ কৰাৰসাধাৰণ যোগ্যতা দর্শকৰো থাকিব লাগিব । তেওঁ হব লাগিব ৰুচিসম্পন্ন লোক, সহৃদয়। নাট্যকাৰৰ স্বনী-ক্ষমতাৰ লগত সামাজিকৰ ৰস-গ্ৰহণ ক্ষমতাৰ সম্বন্ধ আছে। উৰ্বৰ মাটিৰ ওপৰত ২টি সিঁচিলে তাৰপৰা পুলি গজে কিন্তু মৰুভূমিত সিঁচিলে সি শুকাই যায় ।
আধুনিক পাশ্চাত্য নাট্য-সাহিত্য
ৰাণী এলিজাবেথৰ যুগত ইংলণ্ডৰ নাট্য-সাহিত্যৰ চমব প্ৰদ উন্নতি
ঘটে নাট্য-সম্রাট শ্বেক্মপীয়াৰৰ হ
ডেৰকুৰিৰো "পৰ নাটকৰ বুকুত
যি প্ৰতিভাৰ ছাপ তেওঁ এৰি থৈ গৈছে তাৰ তুলন! আওি সাহিরাজগত বিদল ঘটনা-বিন্যাস, চৰিক-চিত্রণ, দশাৱলীৰ সংযোগ, সবল সংলাপ আদি সকলোতে তেওঁ সমানে নিপুণশৰ পৰিচয় দিছে। বহুল তুলিৰে সমাৰ চিন্ত ফুটাই তোলাত অফিও তেওঁ অদ্বিতীয় নাটকীয় কাৰ্যৰ গতি অব্যাহত ৰাখি অমিত্রাক্ষৰ ছন্দৰ সহায়ত মানৱ-চৰিত্ৰ যেনেভাৱে তেওঁ চিত্রিত কৰি গ'ল, পৰবৰ্তী নাট্যকাৰসকলে তাৰ ওচৰ পাবগৈ নোৱাৰিলে। অষ্টাদশ আৰু ঊনবিংশ শতিকাত স্বেৰূপীয়াৰৰ সমপৰ্যায়ৰ নাটক সৃষ্টি নহল। ফ্ৰান্সৰ নলিয়াৰ Moliere) আৰু জার্মেনিত গেটোয় (Goethe) যথেষ্ট নাট্য-প্রতিভাব পৰিচয় দিলেও এওঁলোকে শ্বেৰূপীয়াৰৰ দৰে ব্যাপক প্রভাব বিস্তাৰ কৰিব নোৱাৰিলে। শ্বেশ্বপীয়াৰৰ প্ৰতিস্তা উপলব্ধি কৰি পাশ্চাত্য দেশ সকলোৱে তেওঁকেই নাট্য-সম্রাট বুলি গ্ৰহণ কৰিলে।
কিন্তু স্বেক্সপীয়াৰৰ প্ৰভাব ইমান ব্যাপক হোৱা সত্ত্বেও সময়ৰ বিবৰ্তনৰ লগে লগে তেওঁৰদ্বাৰা ৰচিত ৰোমান্টিক নাটকত না সন্তুষ্ট নোহোৱাত পৰিল। স্বেক্সপীয়াৰৰ যুগৰ বাৰে যিটো প্রয়োজনীয় আছিল বিংশ শতিকাৰ লোকৰ বাবে সেইটো ঠিক তেনেভাৱে প্রয়োজনীয় নোহোৱা হ'ল। ৰোমান্টিক নাটকত থকা সকলো প্ৰকাৰৰ ঘটনাসন'ব আৰু তাৰ সৰহ ভাগকেই কাৰ্যৰে প্ৰদৰ্শন কৰা কৌশল অধুনিক সমাজৰ চকু দৃষ্টিৰই হৈ পৰিল। ষোড়শ আৰু সপ্তদশ শতাব্দীৰ কল্পনা আৰু ভাব-প্রবণ সমাজে নাটকৰ ভিতৰতে সকলো ধৰণৰ কাৰ্যৰ চিত্ৰ পাৰলৈ আশা কৰিছিল। কিন্তু
| pdf |
0e1d6b62297d1f66b1db691cc37b37757f67a47f531765fb6120f1be76462217 | ষোৰ লোপ পায়। মাত্র লট, লোট, ৱিধিলিও, আৰু লট-অৰ ব্যৱহাৰ হে প্রাকৃতত দেখা যায় । অতীত কাল বুজাবলৈ সাধাৰণতে সহায়ক ক্রিয়া আৰু ক্বান্ত প ব্যৱহাৰ হয় । ক্বন্ত প, ক্রিয়া আধিৰ ব্যৱহাৰ প্ৰাকৃতত বৰ বৃদ্ধি পাইছে ।
(8) ব্যঞ্জনাপ্ত শব্দৰপ নথকাৰ দৰে ব্যঞ্জমাস্ত বাতু ৰূপো প্রাকৃতত নাই । মুঠতে প্রাকৃত ব্যাকৰণ প্ৰাচীন ভাৰতীয় আৰ্য্যভাষাৰ তুলনাত অতি গল আৰু অজটিল ।
দ্বিতীয় অধ্যায় প্রাকৃত ভাষাৰ স্তৰ বিভাগ
প্রাকৃত ভাষাবোৰৰ তিনিটা স্তৰত ভাগ কৰ1 - (1) আদি প্রকৃত (2) মধ্য প্রাকৃs (Middle Prakrit ) (৩) অন্ত প্রাকৃত বা অপভ্রংশ (Late Prakrit বা Apabhranisa).
খৃঃ পূঃ ৫ম শতিকাৰ পৰা খৃষ্টীয় ২য় শতিকাৰ ভিতৰৰ অশোকৰ অনুশাসনবোৰ, চীনীর তুর্কিস্তামত পোৱ মিয়া প্রাকৃত প্রত্নলিপিৰেশ্বৰ, হীনযান বৌদ্ধসকলৰ ধৰ্ম্মবাণী, প্রাচীন জৈন ধৰ্ম্মৰাণী, মহাৰংশ, জাতক, আৰু অশ্বধোৰৰ প্রাচীন সংস্কৃত নাটকৰ মাজে মাজে আদি প্রাকৃতৰ নিৰ্শন পোৱা যায়। এই আদি প্রকৃত বা পালি ভাষা প্রাচীন ভারতীয় আর্য ভাষাতকৈ কিছু সৰণ যদিও ইয়াত প্রাচীন ভাষাৰ ধ্বনিতত্ত্ব আৰু ৰূপতত্ত্বৰ জটিলতা বাখনি সংৰক্ষিত হৈছে ।
খৃষ্টীয় ২য় শতিকামানৰ পৰ। খৃষ্টীয় শতিকাৰানৰ ভিতৰত প্রাকৃত ভাবাই মধ্যস্তৰ পায়। মধ্য-প্রাকৃত ভাষা সাহিত্যত ৰহলভাবে ব্যবহাৰ হোৱা হয় । মহাৰাঠী প্রাকৃত ৰচিত কাৰ্যসমূহত, সংস্কৃত নাটকৰ কিছুমান চৰিত্ৰৰ মুখৰ চমত, পিছৰ যুগৰ হৈ বাণী আকার সাহিত্যত মধ্যপ্রাকৃত নিন পোৱা যায় । মধ্য প্রাকৃতৰ ভিতৰত মহাযারী, পৌরসেনী আজ মাগী প্রাকৃতক নাটকীর প্রাকৃত ( Dramatic Prakrit ) বুলি om যায়; কারণ সংস্কৃত মাইফত এই কেইবিধ প্রকৃতৰ ব্যৱহাৰ অধিক ।
খৃষ্টীয় ৫ম-৬ষ্ঠ শতিকামালৰ পৰা খৃষ্টী। ১০৪ - ১১৭ শতিকামানলৈ অ্য প্রাকৃত বা অপাংশষ সময়। এই খবৰ এইতো বহিতে কথিত ভাষা ৰূপেছে
| pdf |
e7c21f9f9ea91dd4e7a7e5d48e7bdc3eb300696a | দেৰগাঁওঃ দেৰগাঁৱৰ পূৱ ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ জৰিয়তে দেওবাৰে পঞ্চায়তৰ সভাগৃহত এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। সম্বৰ্ধনা অনুষ্ঠানত পঞ্চায়তটোৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৫ জন ছাত্ৰ-ছাত্রী আৰু উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৯ জন ছাত্র-ছাত্রীক অভিনন্দন পত্ৰ, কিতাপৰ টোপোলা, কলম, ফাইল আগবঢ়াই সম্বৰ্ধনা জ্ঞাপন কৰি ছাত্র-ছাত্রীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।
সভাত দেৰগাঁও জিলা পৰিষদৰ সদস্যা নিজৰা বৰুৱা, পূৱ ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ববি দাস, সচিব দেৱেশ্বৰ বৰুৱা, প্ৰাক্তন প্ৰধান শিক্ষক প্ৰফুল্ল পূজাৰী, ব্ৰহ্মপুত্ৰ কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষা বিউটি হাজৰিকা, বোকাখাতৰ মৌমাখি গাঁও পঞ্চায়তৰ সচিব লোকনাথ দাস, প্ৰধান শিক্ষক দিলীপ দাস, সাংবাদিক অৰুপ কুমাৰ ৰায়, সমাজকৰ্মী নকুল দাস, শিক্ষক আবেদুৰ ৰহমান, শিক্ষক কমল বৰুৱা, পুষ্প ফুকন চাহাবুদ্দিন আহেমেদ, নাজিমতদ্দিন আহেমেদসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। | web |
2724bc35b28183d9698bdc32dd95bd1a0f3f8836ed8e3c2a2ac696b013a3c581 | ফুকনে তেওঁলোকক স্বৰ্গদেউৰ ওচৰত হাজিৰ কৰালে। নগাসকলে ৰুদ্ৰসিংহৰ ওচৰত মূৰ দোঁৱাই ক্ষমা খোজাত ভৱিষ্যতে তেনে নকৰিবলৈ সকীয়াই দি ৰুদ্ৰসিংহই তেওঁলোকক ক্ষমা কৰিলে। এইদৰে নগা লোকসকলৰ সৈতে বন্ধুত্ব ভাব প্ৰদৰ্শন কৰি তেওঁ সেইলোকসকলক বিদায় কালত নানা উপহাৰ আদিও প্ৰদান কৰিলে। এই নগাসকল বৰদুৱৰীয়া, পানীদুৱৰীয়া আৰু নক্টে নগা আছিল।
ৰুদ্ৰসিংহ স্বৰ্গদেউৰ ৰাজত্বকালত যিবোৰ চুবুৰীয়া ৰাজ্যৰ সৈতে সংঘর্ষ ঘটিছিল সেইসমূহৰ ভিতৰত কছাৰীসকলৰ সৈতে ঘটা বিবাদ আছিল অন্যতম। প্রতাপসিংহৰ দিনত সুন্দৰ গোহাঁইক পৰাজিত কৰি কছাৰীসকলে নিধন কৰাৰে পৰা আহোমসকলৰ এই লোকসকলৰ প্ৰতি খং উঠি আছিল। কিন্তু মুছলমানসকলৰ সৈতে সেই সময়ছোৱাতে আহোমৰ সংঘৰ্ষ হৈ থকাৰ বাবে সুন্দৰ গোহাঁইৰ হত্যাৰ বাবে কছাৰীসকলৰ ওপৰত প্ৰতিশোধ ল'বলৈকো তেওঁলোকে আহৰি পোৱা নাছিল। এইদৰে ১৭ শতিকাৰ অধিকাংশ সময় আহোম-মুছলমানৰ যুঁজ-বাগৰতেই অতিবাহিত হোৱাত আহোমসকলৰ ব্যস্ততাৰ পূৰ্ণ সুযোগ লৈ কছাৰীসকলে আহোমৰ থাপিত সাঞ্চিত ৰজা হৈ থাকিবলৈ নিবিচাৰিলে। কছাৰী ৰজা তাম্ৰধ্বজে ৰুদ্ৰসিংহৰ দিনত প্রকাশ্যে নিজকে স্বাধীন ৰজা বুলি ঘোষণা কৰাত আহোমসকলে তেওঁৰ বিৰুদ্ধে যি অভিযান আৰম্ভ কৰিলে, সেই অভিযান এক সুদীৰ্ঘ কাল জুৰি চলিছিল। ৰুদ্ৰসিংহই ১৭০৬ খ্ৰীঃত তেওঁৰ সৈন্যদলক দুভাগ কৰি প্ৰথমটো ভাগক বৰবৰুৱাৰ নেতৃত্বত ধনশিৰি নৈয়েদি আৰু দ্বিতীয়টো ভাগক পানীফুকনৰ নেতৃত্বত কপিলীয়েদি কছাৰীৰ বিৰুদ্ধে প্ৰেৰণ কৰিলে। বিশ্বনাথৰ পৰা যাত্ৰা কৰি বৰবৰুৱাৰ দলটোৱে চামগুৰিৰ দুৰ্গ পাইছিল; তেওঁৰ দলত মুঠতে ৩৭,০০০ জন সৈন্য আছিল। এইদৰে আহোতে তেওঁ যাত্রাপথত নগাচকী, দেওপানী, দিলাও, কাকজান, তিনিমুৱনী আদি ঠাইত একো একোটা কোঠ মাৰি কিছুসংখ্যক সৈন্য এৰি গৈছিল। ইয়াৰ পিচত নোমাল পৰ্বতৰ নামনিত আহোম কছাৰীৰ সংঘৰ্ষ হোৱাত কছাৰীসকল পৰাস্ত হৈ লাঠি পৰ্বতলৈ আঁতৰি গৈছিল। এই সংঘৰ্ষত প্রায় এশজনমান কছাৰী সৈন্য নিহত হৈছিল। প্রকৃতপক্ষে, আহোমৰ সৈন্য সংখ্যা দেখি কছাৰী
সৈন্যসকলৰ সৰহভাগেই যুদ্ধ নকৰাকৈয়ে পলাবলৈ আৰম্ভ কৰিছিল আৰু যিসকলে পলাবলৈ বাট পোৱা নাছিল সেইসকলৰ সৈতেহে আহোমদলৰ সংঘৰ্ষ লাগিছিল। নোমাল পৰ্বতৰ নামহিৰা দুৰ্গৰ পৰা লাঠি পৰ্বতৰ দুৰত্ব আছিল প্রায় ৯ মাইল। এই ঠাইৰ পৰা কছাৰীসকলে কেতবোৰ সৰু সৰু দলত ভাগ হৈ হাবি-বননি কাটিবলৈ লওঁতেই আহোম সৈন্য দলটো সেইখিনি ঠাই পালেহিয়েই। ফলত আকৌ যুঁজ লাগিল। এই যুঁজতো ভালেমান কছাৰী সৈন্য নিধন হ'ল। আনবোৰে যিমান পাৰে লগৰীয়াসকলৰ মৃতদেহবোৰ লৈ সেই স্থান ত্যাগ কৰি আমলখি নামৰ ঠাইত ৰ'লগৈ। কিন্তু তাত অলপ সময় কটোৱাৰ পিছতেই বাতৰি পালে যে আহোম সৈন্যদল আহি তৰাং নামৰ ঠাইত অলপ জিৰণি লৈছে। আমলখি আৰু তৰাঙৰ দূৰত্ব মাত্র ৪ মাইল। সেয়ে সময় নষ্ট নকৰি কছাৰীসকলে অতি খৰধৰকৈ আকৌ পলাবলৈ ধৰিলে।
ইফালে আহোমসকলেও বিনা বাধাৰে নাজেৰেঙৰ মাজেদি ৯ মাইল আঁতৰৰ মাইবঙত প্ৰৱেশ কৰিলেগৈ। মাইবঙত লুটপাত চলাই আহোমসকলে অন্যান্য ভালেমান সা-সামগ্ৰীৰ সৈতে ১টা বৰতোপ আৰু ৭০০ বন্দুক, ৫০০ তৰোৱাল, ২২০ মোন গন্ধক, ৩২০ জন মানুহ, ৬০ টা হাতী, ৮০০ গৰু আদি সংগ্ৰহ কৰিলে। এইদৰে হেলাৰঙে মাইবং জয় কৰি বৰবৰুৱাই মাইবঙৰ উত্তৰে কিছুদুৰৈত অৱস্থিত মাছৰ নামৰ ঠাইত বাহৰ পাতি তেওঁৰ অভিযানৰ কৃতকাৰ্যতাৰ বাতৰি স্বৰ্গদেউ আৰু বৰফুকনলৈ প্ৰেৰণ কৰিলে। উল্লেখযোগ্য যে বৰবৰুৱাৰ দলটো মাইবঙত সোমোৱাত কছাৰী ৰজা তাম্ৰাধ্বজে ক্ষিপ্ৰ গতিত তাৰ পৰা পলাই গৈ খাছপুৰত আশ্রয় ল'লেগৈ। বৰবৰুৱাৰ নেতৃত্বাধীন দলটোত আহোম সৈন্যৰ উপৰিও কিছু সংখ্যক মিৰি সৈন্যও আছিল। যাত্রাকালত ডাঠ হাবিৰ মাজেৰে আগবাঢ়োতে বৰবৰুৱাৰ দলটোক কেইবা ঠাইত নগাসকলেও মাজে মাজে আগচিবলৈ চেষ্টা কৰোতে এই মিৰি সৈন্যসকলে তেওঁলোকক পৰাস্ত কৰিছিল বুলি জনা যায়।
কছাৰীসকলৰ বিৰুদ্ধে পানীফুকনৰ নেতৃত্বত যোৱা দ্বিতীয়টো দলে কপিলীয়েদি গৈ ৰহাত উপস্থিত হৈছিল। ৰহাৰ পৰা কছাৰী ৰাজ্যলৈ যাবলৈ কোনো সুগম পথ
নথকাত এই সৈন্যদলে হাবি-বননিৰ মাজেৰে গছ-লতা কাটি পথ উলিয়াবলগীয়াত পৰিছিল। এইদৰেই মহা কষ্টৰ মাজেদি দলটো তেতেলিগুৰিত ৰৈছিলগৈ। এই দলটোত মুঠতে ২৪,০০০ জন পাইক সৈন্য আছিল। তেওঁলোকে আটায়ে মিলি হাবি-বননি কাটি আগবাঢ়োতে বহুত সময় লাগিছিল আৰু এদিনত মাত্ৰ এমাইলমানহে আগবাঢ়িব পাৰিছিল। এইদৰে বহু কষ্টৰে তেওঁলোকে ডেমেৰাত উপস্থিত হৈছিল। ডিমেৰালৈ আগবঢ়াৰ সময়ত এই লোকসকলে শালগাঁও, মাদুৰ, লাংগুৰ, ধৰ্মপুৰ আদি কেইবাখনো কছাৰী গাঁৱত আক্রমণ চলাই তহিলং কৰিছিল। ধৰ্মপুৰত কামাখ্যা দেৱীৰ মন্দিৰ এটাও আছিল বুলি জনা যায়। পানীফুকনৰ দলটোক কছাৰীসকলে যাত্রাপথত আক্ৰমণ কৰিবলৈ বিচাৰিছিল যদিও সংখ্যাধিক্য দেখি সেই কামৰ পৰা নিজকে বিৰত ৰাখিলে আৰু বৰং সেই অঞ্চলৰ গাঁও-ভূঁইৰ কছাৰীসকলে মাইবঙৰ ফালে পলাই যোৱাহে দেখা গ'ল। সেয়ে পানীফুকনৰ দলটোৱে শত্ৰু দলৰ পৰা বাধা নোপোৱাকৈ ডিমেৰাত উপস্থিত হ'ল আৰু তাত ৩০০০ জন সৈন্য থৈ বাকীসকলে পাহাৰীয়া পথেদি ২৩ মাইল আঁতৰৰ নাদেৰাং নামৰ ঠাইলৈ আগবাঢ়িল। এই পথছোৱা আছিল অতি দুর্গম। এই চৰম কষ্টসাধ্য যাত্ৰাৰে লক্ষ্যস্থান নাদেৰাং পাওঁতে মুঠ ১৩ দিন লাগিছিল। এই স্থানতে তেওঁ বৰবৰুৱাৰ পত্ৰযোগে মাইবং অধিকাৰৰ বাতৰি পায়। এই বাতৰিয়ে যেন পানীফুকনৰ ভাগৰুৱা দলটোৰ বাবে সঞ্জীৱনীৰ কাম কৰিছিল। এইবাৰ নতুন উৎসাহেৰে এই দলটোৱে মাত্র দুদিনত ১৭ মাইল দুর্গম পথ অতিক্ৰম কৰি মাইবং পায়গৈ। পানীফুকনৰ দলটোৰ লগত আছিল ৩২২ জন যুদ্ধবন্দী আৰু যাত্রাপথত পোৱা গাঁওবোৰ লুট কৰি অনা বহু সা-সামগ্রী, অস্ত্র-শস্ত্রাদি।
মাই বঙৰ সেমেকা আৰু গুপগুপীয়া বতৰে আহোমসকলক সুজা নাছিল। সৈন্যসকলৰ বহুধৰণৰ অসুখবিসুখ হ'বলৈ ধৰিলে। স্বয়ং বৰবৰুৱায়ো নৰিয়াপাটীত পৰিবলগীয়া হ'ল। ইপিনে তেওঁলোকৰ লাগতিয়াল বয়বস্তুৰো অভাৱ ঘটিবলৈ ধৰিলে। মাইবং বিজয় কৰি দুদিনমান মহা আনন্দেৰে হৈ-চৈ কৰাৰ পিছত তেওঁলোকৰ আমনি লাগিল আৰু সেই বাবে ভালেমান দিন তেওঁলোকে একো
নকৰাকৈয়ে অতিবাহিত কৰিলে। ইপিনে ৰহাত বাহৰ পাতি থকা ৰুদ্ৰসিংহই তেওঁলোকক খাছপুৰলৈ গৈ তাম্ৰধ্বজক ধৰি আনিবলৈ নিৰ্দেশ দিছিল যদিও সৈন্যসকলৰ অনিচ্ছাৰ বাবে দলটোৱে আজি যাওঁ, কালি যাওঁ কৰি অবাবতে সময় নষ্ট কৰা দেখা গৈছিল। ইফালে ৰহাত থকা ৰুদ্ৰসিংহৰ এওঁলোকৰ ওপৰত ভয়ানক খং উঠিলত তেওঁ অতি কটু ভাষাৰে তেওঁলোকক খাছপুৰলৈ যাবলৈ আজ্ঞা কৰিলে। ৰজাৰ খং উঠা দেখি এইবাৰ পানীফুকনে তাম্ৰধ্বজক বিচাৰি গৈছিল, কিন্তু নৰিয়াত ভুগি থকাৰ বাবে কিছুদূৰ গৈয়েই তেওঁ মৃত্যুমুখত পৰিল বাবে খাছপুৰলৈ যোৱা অভিযান আধৰুৱা হ'ল। ইফালে কছাৰীৰ বিৰুদ্ধে পঠিওৱা দুয়োটা দলৰে বহু কষ্ট আৰু বেমাৰ-আজাৰ আদি হোৱাৰ বাতৰি পাই ডা-ডাঙৰীয়াসকলে ৰুদ্ৰসিংহক এই আঁচনি ত্যাগ কৰিবলৈ বুজনি দিলে । তেওঁলোকৰ বুজনিত অৱশেষত তেওঁ
এই আঁচনি ত্যাগ কৰিলে। পানীফুকনক প্রত্যাৱৰ্তনৰ বাবে নিৰ্দেশ গ'ল। সেইমৰ্মে প্রত্যাবর্তন কৰাৰ প্ৰাককালত তেওঁ মাইবঙৰ ইটাৰ দুৰ্গটো ধ্বংস কৰি ঘৰ-বাৰীসমূহত জুই লগাই দিছিল। আহোমৰ মাইবং অধিকাৰৰ স্মৃতি যুগমীয়া কৰিবলৈ সেই নগৰত ১৩ ফুট ওখ এটা স্মৃতিস্তম্ভও সজা হৈছিল। অৱশ্যে সময়ৰ সোঁতত সেই স্মৃতিস্তম্ভটোৰো চিন-মোকাম নাইকিয়া হ'ল। আহোমসকলৰ এই অভিযান কালত মাইবঙলৈ যোৱাৰ বাবে বিশেষ বাটপথ নাছিল, কিন্তু এতিয়া এই অভিযানৰ ফলত বাট-পথ ওলাইছিল বাবে প্ৰত্যাৱৰ্তন কালত দলটোৱে বিশেষ কষ্ট পোৱা নাছিল আৰু পূৰ্বৰ তুলনাত অতি কম দিনৰ ভিতৰতে নিজ ৰাজ্যলৈ উভতি আহিবলৈ সক্ষম হৈছিল। পানীফুকনে মাইবঙৰ পৰা কিছু আঁতৰত থকা ডিমেৰাত এদল পাইক সৈন্য এৰি আহিছিল। কিন্তু বাৰিষাকালৰ নেৰানেপেৰা বৰষুণত লাগতিয়াল বয়বস্তুৰ অভাৱ ঘটাত আৰু লগতে নানা ধৰণৰ বেমাৰআজাৰে এই দলটোক জুৰুলা কৰাৰ বাৰ্তা পাই ৰুদ্ৰসিংহই এই দলটোকো ঘৰলৈ উভতি আহিবলৈ অনুমতি দিলে। এইদৰে এক ঘটনাবহুল অভিযানৰ অন্তত আহোম দলটো নিজ ৰাজ্যলৈ প্ৰত্যাৱৰ্তন কৰিলে। কিন্তু যিজন কছাৰী ৰজাৰ বিপক্ষে সেই অভিযান কৰা হৈছিল সেইজন ৰজা তাম্ৰধ্বজৰ কি হ'ল সেই বিষয়ে এতিয়া চোৱা যাওক।
আহোমসকলৰ বৰবৰুৱাৰ নেতৃত্বত যোৱা সৈন্যদলটো বিজয় গৌৰৱেৰে মাইবঙত প্ৰৱেশ কৰিবলৈ অহাৰ বাতৰি পাই তাম্ৰধ্বজে খাছপুৰৰ ফালে পলাই যোৱাৰ কথা আগতে উল্লিখিত হৈছে। তেওঁ হেনো খাছপুৰৰ পৰা জয়ন্তীয়া ৰজা ৰামসিংহলৈ আহোমৰ বিৰুদ্ধে যুঁজিবলৈ সাহার্য প্রার্থনা কৰিছিল। ৰামসিঙেও তেওঁক সহায় কৰিবলৈ মান্তি হৈ সৈন্য সামন্ত যোগাৰ কৰিবলৈ ধৰিছিল। কিন্তু এনেতে তাম্ৰধ্বজে তেওঁলৈ কটকীৰ যোগেদি বাৰ্তা পঠিয়ালে যে আহোমসকলে নিজ ৰাজ্যলৈ উভতি গ'লগৈ যেতিয়া তেওঁক সাহাৰ্যৰ দৰকাৰ নহ'ব। কিন্তু ইতিমধ্যে ৰামসিঙৰ মগজুত এটা দুষ্ট বুদ্ধিয়ে বাহ লৈছিল। তেওঁ জানিছিল যে আহোমৰ অভিযান কালত কছাৰী সৈন্যবিলাকে নিজ প্ৰাণ ৰক্ষাৰ্থে অ'ত ত'ত লুকাই থকাত তাম্ৰধ্বজে নিজৰ সৈতে বিশেষ সৈন্য-সামন্ত আনিব পৰা নাই। সেয়ে এতিয়া যদি তেওঁ তাম্ৰধ্বজক বন্দী কৰি থয় তেন্তে কছাৰী ৰাজ্যখনৰ কিছু অংশ হ'লেও তেওঁ দখল কৰিবলৈ সমৰ্থ হ'ব। তেওঁলৈ দ্বিতীয়বাৰ কটকীযোগে বাৰ্তা পঠিওৱাৰ কালত তাম্ৰধ্বজ বিক্রমপুৰ (বৰ্তমানৰ কাছাৰ জিলা)ত আছিল। সেয়ে ৰামসিঙে মুলাগুল নামৰ ঠাইলৈ আগবাঢ়ি গৈ তাম্ৰধ্বজক বালেশ্বৰ নামৰ ঠাইলৈ নিমন্ত্ৰণ কৰিলে। সেইমতে তাম্ৰধ্বজ আহিলত তেওঁক বন্দী কৰি ৰামসিঙে নিজ ৰাজধানী জয়ন্তীপুৰলৈ লৈ আহিল। ৰাম সিঙৰ এনে বিশ্বাসঘাতকতাত তাম্ৰধ্বজ হতভম্ব হ'ল যদিও একো কৰিবলৈ তেওঁৰ শক্তি নাছিল। এনেদৰে কিছুদিন অসহায় অৱস্থাত বন্দী হিচাপে থকাৰ কালতে তেওঁ দুজন আহোম বৈৰাগীৰ হাতত ৰুদ্ৰসিংহলৈ গোপনে এখন পত্ৰ প্ৰেৰণ কৰিবলৈ সমৰ্থ হ'ল। পত্ৰখনত তেওঁ ৰুদ্ৰসিংহক ক্ষমা খোজাৰ উপৰিও ৰামসিঙৰ হাতৰ পৰা তেওঁক উদ্ধাৰ কৰিবলৈ সানুনয়ে প্রার্থনা জনোৱাত স্বৰ্গদেৱে ৰামসিঙক তাম্ৰধ্বজক মুক্তি দিবলৈ অনুৰোধ জনাই কটকী পঠিয়ালে। কিন্তু ৰামসিঙে এই প্ৰস্তাৱ প্রত্যাখ্যান কৰাত ৰুদ্ৰসিংহই বৰবৰুৱা আৰু বৰফুকনৰ নেতৃত্বত দুটা শক্তিশালী সৈন্যদল জয়ন্তীপুৰলৈ পঠিয়ালে (১৭০৭ খ্ৰীঃ ডিচেম্বৰ মাহ)। বৰবৰুৱাৰ দলটোবে ডেমেৰাৰ বাটেৰে কছাৰী ৰাজ্যৰ মাজেৰে গৈ হেলাৰঙে বালেশ্বৰ আৰু মূলাগুলত থকা জয়ন্তীয়া সৈন্য শিবিৰত আক্রমণ চলোৱাত
সেই শিবিৰ দুটা বিধ্বস্ত হ'ল।
মুলাগুলৰ পৰা বৰবৰুৱাই ৰামসিঙক তাম্ৰধ্বজক মুকলি কৰি দিবলৈ বাৰ্তা পঠিওৱাত ৰামসিঙে বন্দী তাম্ৰধ্বজক সপৰিয়ালে মুক্তি দিয়ে। কিন্তু ইয়াৰ পিছত যেতিয়া বৰবৰুৱাই তেওঁক তাম্ৰধ্বজৰ পৰা হস্তগত কৰা সকলোবোৰ বয়বস্তুও আহোমৰ হাতত জমা দিবলৈ ক'লে তেতিয়া ৰামসিঙৰ খং উঠিল আৰু আহোম সৈন্যদলক আক্ৰমণ কৰিবলৈ ওলাল। কিন্তু আহোম সৈন্য দলৰ পৰাক্ৰমৰ কথা ইতিমধ্যে চাৰিওফালে বিয়পি পৰিছিল আৰু জয়ন্তীয়া ৰাজ্যৰ বিষয়াসকলেও এই বিষয়ে নুশুনাকৈ থকা নাছিল। সেয়ে এতিয়া মহাপৰাক্ৰমী আহোম দলক প্রত্যাহ্বান জনোৱা মানে যে নিজৰ ধ্বংসক নিমন্ত্ৰণ কৰি অনা এই কথাটোকে তেওঁলোকে নিজ ৰজাক বুজাবলৈ চেষ্টা কৰিলে। ৰজাই প্রথমে তেওঁলোকৰ হাক বচন শুনিবলৈ বিচৰা নাছিল যদিও বহু বুজনিৰ মূৰত মান্তি হ'ল আৰু আহোমৰ সৈতে মিত্ৰতা কৰাৰ উদ্দেশ্যে নিজৰ বৰপুত্ৰ, বিষয়া আৰু ৩০টা হাতীৰে বৰবৰুৱাৰ কোঠলৈ গ'ল। বৰবৰুৱাৰ সৈতে কথা-বতৰা হৈ উভতি আহিবলৈ লোৱাত তেওঁক আহিব নিদি বৰকোঁৱৰৰ সৈতে আহোমে বন্দী কৰি থ'লে। বৰবৰুৱাই এইদৰে সপুত্ৰে ৰামসিঙক আটক কৰি ৰুদ্ৰসিংহলৈ সেই বাতৰি দিয়াত স্বৰ্গদেৱে লৰালৰিকৈ বৰফুকনকো বৰবৰুৱাক লগ দিবলৈ জয়ন্তীপূৰলৈ পঠিয়ালে। বৰফুকনে গোভাৰ পথেৰে আহিবলৈ লোৱাত মাজ পথত কেইবাবাৰো জয়ন্তীয়াসকলে আগভেটা দিছিল যদিও তেওঁ সেইসকলক পৰাস্ত কৰি বৰবৰুৱাক লগ ধৰিলেগৈ।
তাৰ পিছত কছাৰী আৰু জয়ন্তীয়া ৰজাক মাইবং আৰু গোভাৰ পথেৰে বিশ্বনাথত বাহৰ পাতি থকা স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ সমুখত হাজিৰ কৰোৱা হ'ল। জয়ন্তীয়া ৰজাৰ সাজপাৰ, মণিমুক্তা, অস্ত্র-শস্ত্ৰ, হাতী আৰু ঘোঁৰাবিলাক স্বৰ্গদেৱে নিজে লৈ বাকী থকা লুটৰ সা-সামগ্ৰীসমূহ সৈন্যসকলৰ মাজত ভগাই ল'বলৈ দিলে। তিনিগৰাকী জয়ন্তীয়া কুঁৱৰী আৰু জয়ন্তী দেবীৰ মূৰ্তিও স্বৰ্গদেৱৰ ভাগত পৰিল। মিৰজুমলাৰ আক্ৰমণৰ সময়ত যিসকল আহোম প্ৰজাই পলাই গৈ খাছপুৰ অঞ্চলত লুকাইছিলগৈ সেইসকলক এতিয়া নিজ ৰাজ্যলৈ উভতিবলৈ ৰজাই আহ্বান জনালে।
বৰবৰুৱা আৰু বৰফুকনৰ তত্ত্বাৱধানত জয়ন্তীপুৰত এদল আহোম সেনা ৰাখিবলৈকো তেওঁ আদেশ দিলে। এইবোৰ নিৰ্দেশ দিয়াৰ পিছত ১৭০৮ খ্ৰীঃৰ ফেব্ৰুৱাৰী মাহত কছাৰী আৰু জয়ন্তীয়া ৰাজ্য আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত বুলি ঘোষণা কৰা হ'ল। এই ৰাজ্য দুখন নিজ দখললৈ নিয়াৰ বিষয়ে ৰুদ্ৰসিংহই চিলেটত থকা মুছলমান ফৌজদাৰ মতিউল্লাকো জনাইছিল আৰু মতিউল্লায়ো সেই সংবাদৰ প্ৰাপ্তি স্বীকাৰ কৰি সৌজন্যমূলক উত্তৰ দিছিল বুলি জনা যায়।
ৰুদ্ৰসিংহই এইদৰে জয়ন্তীয়া ৰজা ৰামসিঙক বন্দী কৰি ৰখাত জয়ন্তীয়া ৰাজ্যৰ বিষয়াসকল অতি ক্ষুব্ধ হৈছিল। সেয়ে উৰহীৰ খং ভগা ঢাৰিত জৰাৰ দৰে এই লোকসকলে জয়ন্তীয়া ৰাজ্যত থকা আহোমসকলক খেদিবলৈ ওলাল। জয়ন্তীয়া সৰুকোৱৰ আৰু মন্ত্ৰী বৰদলৈয়ে আহোমবিৰোধী এই অভিযানত সক্রিয় সহযোগিতাৰ বাবে নৰ্ত্তং, খৈৰাম আৰু ৰাণীৰ ৰজাকো আবেদন জনালে। তাৰ পিছত জয়ন্তীয়াসকলে তেওঁলোকৰ ৰাজ্যৰ পৰা আহোম বিতাৰণৰ অভিযান আৰম্ভ কৰিলে। বৰফুকনে গোভাৰ পথেৰে জয়ন্তীয়া ৰাজ্যলৈ যাওঁতে বাটত কেতবোৰ দুৰ্গ সজাৰ বিষয়ে আগতে উল্লেখ কৰা হৈছে। এতিয়া জয়ন্তীয়া ৰাজ্যৰ পৰা আহোমসকলক খেদাৰ লগতে সেই দুৰ্গবোৰতো আক্ৰমণ চলিল। এইদৰে বহু ৰক্তপাত, ধ্বংসলীলা আদি চলাৰ পিছত জয়ন্তী দেবীৰ মূৰ্ত্তিটোও তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। এইবোৰ বাতৰি পাই ৰুদ্ৰসিংহই আৰু এদল সৈন্য পঠিয়াই দিয়াত সেই সৈন্যসকলে য'তে ত'তে যিমান জয়ন্তীয়া লোকক দেখিলে মহটিয়াই যাবলৈ ধৰিলে। কিন্তু এইদৰে কেইদিনমান যোৱাৰ পিছত জয়ন্তীয়াসকলৰ প্ৰতিআক্ৰমণত তিষ্ঠিব নোৱাৰি আহোম সৈন্যদলহে পলাবলৈ বাধ্য হ'ল। বৰফুকন আৰু বৰবৰুৱায়ো কোনোমতে আহি গোভা পালেহি।
এনেদৰে নানা ঘটনাবহুল আক্ৰমণ আৰু প্ৰতি-আক্ৰমণৰ অন্তত ৰুদ্ৰসিংহই বিশ্বনাথত এখন ডাঙৰ দৰবাৰ পাতি কছাৰী আৰু জয়ন্তীয়া ৰজাক সৌজন্যমূলক সম্বর্ধনা জনাই আহোমৰ বশ্যতা স্বীকাৰ কৰিলে দুয়োকে মুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেইমতে কছাৰী ৰজা তাম্ৰধ্বজে আহোম স্বৰ্গদেৱৰ বশ্যতা স্বীকাৰ কৰাত তেওঁক মুক্তি দিয়া হ'ল। কিন্তু জয়ন্তীয়া
ৰজাই এই সম্বন্ধে থেৰোগেৰো কৰি বহু সময় নষ্ট কৰা দেখা গৈছিল। পিছত অৱশ্যে তেওঁ সেও মানিলে। তেতিয়া ৰুদ্ৰ সিংহই এইবুলি ঘোষণা কৰিলে যে যদি জয়ন্তীয়া ৰাজ্যৰ বিষয়াসকলে তেওঁক যথাযোগ্য সম্মান জনাই তেওঁলোকৰ ৰজাক খোজেহি তেন্তে তেওঁ ৰজা ৰামসিঙক তেওঁলোকৰ লগতে নিজ ৰাজ্যলৈ পঠিয়াই দিব। কিন্তু ঘোষণাৰ পিছতেই ৰামসিং বসন্ত ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিল। তেতিয়া তেওঁৰ জ্যেষ্ঠ পুত্ৰ বৰকোঁৱৰে তেওঁৰ দুগৰাকী ভনীয়েকক ৰুদ্ৰসিংহলৈ বিয়া দি ঘৰলৈ যাবলৈ বিচৰাত তেওঁ তেওঁক গুৱাহাটীৰ বৰফুকনৰ ওচৰলৈ পঠিয়াই দি জয়ন্তীয়া ৰাজ্যৰ বিষয়াসকলক এইবুলি সম্ভেদ দিয়ালে যে যদি তেওঁলোকে আহি তেওঁলোকৰ বৰকোঁৱৰক খোজেহি তেন্তে আহোম ৰজাই তেওঁক মুক্তি দিব। কিন্তু এইদৰে মাতি পঠিওৱা সত্বেও জয়ন্তীয়া ৰাজ্যৰ বিষয়াসকলে বোধকৰো ভয় কৰি আগবাঢ়ি নাহিলত আহোমসকলে বৰকোঁৱৰক পুনৰ বন্দী কৰি থ'লে আৰু পুনৰবাৰ জয়ন্তীয়া ৰাজ্য আক্ৰমণ কৰা যো-জা কৰিলে।
জয়ন্তীয়া ৰাজ্যত পুনৰ অভিযানকালত ৰুদ্ৰসিংহই বৰদোৱাত বাহৰ পাতিছিল। আহোম সৈন্যদলক দুটা ভাগ কৰি তেওঁ এদলক গোভা আৰু আনটো দলক কপিলীৰ বাটেৰে জয়ন্তীয়া ৰাজ্যলৈ আগবাঢ়িবলৈ দিছিল। সেই আজ্ঞানুসৰি সৈন্য দলে যাত্ৰা কৰি যাত্ৰাপথত পোৱা গাঁওসমূহত লুটপাত কৰি ক্ষতি কৰিছিল। নতংগ নামৰ ঠাই এখনত উপস্থিত হৈ গাঁওখন আক্ৰমণৰ যো-জা কৰাত গাঁৱৰ মানুহে তেওঁলোকক আক্ৰমণ নকৰিবলৈ কাকুতি-মিনতি কৰি ক'লে যে প্ৰকৃততে জয়ন্তীয়া বিষয়াসকলে তেওঁলোকৰ বৰকোঁৱৰক খুজিলেই মুক্তি দিব বুলি আহোমসকলে দিয়া প্রতিশ্রুতিত পতিয়ন যোৱা নাই আৰু সেইবাবে যদি তেওঁলোকক এবাৰ বৰকোঁৱৰক চাবলৈ দিয়া হয় তেন্তে এই ভুল ধাৰণা আঁতৰিব। তেতিয়া আহোমসকলে জয়ন্তীয়া বিষয়াসকলে তেওঁলোকৰ ওচৰলৈ আহিলে কোনো ধৰণৰ অন্যায় কৰা নহ'ব বুলি বাৰম্ববাৰ আশ্বাস দিয়া সত্ত্বেও জয়ন্তীয়া বিষয়াসকল পতিয়ন নগ'ল। বৰং জয়ন্তীয়া লোকসকলে ধনু-কাঁড়েৰে আহোমক আক্রমণ কৰিব ধৰিলে। এইদৰে কাঁড় বৰখিবলৈ লোৱা জয়ন্তীয়াসকলৰ ওচৰত
আহোমৰ বৰ খং উঠিল আৰু এইবাৰ য'তে জয়ন্তীয়া গাঁও দেখিলে তাতেই সেই গাঁওবোৰ মহটিয়াই যাব ধৰিলে। এনে সময়তে সেই স্থানলৈ বৰকোঁৱৰক লৈ অহা হ'ল আৰু তেৱোঁ তেওঁৰ বিষয়াসকলক আহোমক লগ ধৰিবলৈ কোৱা সত্ত্বেও প্ৰাণৰ ভয়ত কোনো নাহিল। তেতিয়া আহোমসকলে বৰকোৱৰক বৰদোৱাত বাহৰ পাতি থকা ৰুদ্ৰসিংহৰ ওচৰলৈকে উভতাই পঠিয়ালে।
বৰকোঁৱৰৰ কুঁৱৰীগৰাকীয়ে বহু কাকৃতি কৰি ৰুদ্ৰসিংহক এইবুলি কোৱালে যে যদি বন্দী বৰকোৱৰক ফুলগুৰিলৈ পঠিয়াই দিয়ে তেন্তে জয়ন্তীয়া লোকে তাৰ পৰা তেওঁক আগবঢ়াই আনিবগৈ। কুঁৱৰীগৰাকীৰ এনে বিনম্ৰ অনুৰোধত ৰুদ্ৰসিংহৰ মনটো কুমলিল আৰু বঁটা বাহন দি বৰকোঁৱৰক জাগীলৈ পঠিয়াই দিলে। তাৰ পাছত জয়ন্তীয়া ৰাজ্য আৰু সেই ৰাজ্যৰ অধীনস্থ গোভা, নেলী আৰু খলাৰ সম্ভ্ৰান্ত বিষয়াসকলে ভাৰে-ভেটীয়ে কলঙৰ পাৰলৈ আহি ৰুদ্ৰসিংহ আৰু বৰফুকনক সেৱা জনাই বৰকোঁৱৰক লৈ গ'লহি। এইদৰে মুক্তি পাই আহোম ৰজাৰ বশ্যতা স্বীকাৰ কৰি তেওঁক বছৰি ৬টা হাতী আৰু বৰফুকনলৈ ১টা হাতী আৰু কাপোৰকানি কৰ হিচাপে পঠিওৱাৰ প্ৰতিশ্ৰুতিৰে বৰকোঁৱৰ অৱশেষত নিজ ঘৰমুৱা হ'ল। তদুপৰি যাবৰ সময়ত তেওঁ এইবুলিও প্রতিশ্রুতি দি গ'ল যে আহোম ৰজাৰ তলত খাটিবলৈ তেওঁ কেতবোৰ জয়ন্তীয়া লোকক এই ৰাজ্যলৈ পঠিয়াই দিব।
কিছুদিনৰ পিচত বৰকোঁৱৰে গোভাৰ পৰা ভালেকেইজন লোক আহোম ৰজাৰ তলত খাটিবলৈ পঠিওৱাৰ লগতে অসম আৰু জয়ন্তীয়া ৰাজ্যৰ মাজত থকা গিৰিপথসমূহ খুলি দিবলৈ অনুৰোধ কৰাত ৰুদ্ৰসিংহই সেই গিৰিপথসমূহ মুকলি কৰি দিয়ে। এইদৰে আহোম আৰু জয়ন্তীয়া ৰাজ্যৰ মাজত পুনৰ শান্তি-সৌহার্দ্য স্থাপনৰ পথ উন্মোচন হ'ল আৰু দুয়ো ৰাজ্যৰ মাজত নতুন উৎসাহেৰে বেহা বেপাৰো চলিল। কিছুদিন এইদৰে শান্তিৰে পাৰ হোৱাৰ মূৰকত বৰকোঁৱৰে আহোম ৰজা আৰু বৰফুকনক কৰ নিদিয়া হ'লত ৰুদ্ৰসিংহ অতি বিতৃষ্ট হ'ল। পুনৰবাৰ আহোমৰ জয়ন্তীয়া অভিযানৰ অন্তত বৰকোঁৱৰক বন্দী কৰি এই ৰাজ্যলৈ লৈ অহা হ'ল। দুয়ো ৰাজ্যৰ মাজত থকা দুৱাৰসমূহ আহোমে পুনৰ বন্ধ
কৰিলে আৰু সেইদৰে তেওঁলোকৰ মাজত চলা বেহাবেপাৰো বন্ধ হ'ল। তেতিয়াৰে পৰা চৈধ্য বছৰ কাল বৰকোঁৱৰ আহোম ৰাজ্যতে বন্দী হৈ থাকিল। ৰুদ্ৰসিংহই পুনৰবাৰ জয়ন্তীয়াৰ সৈতে বুজাপৰালৈ আহিবলৈ চেষ্টা নকৰিলে।
ৰুদ্ৰসিংহৰ দিনত আহোম আৰু জয়ন্তীয়াৰ সুদীর্ঘ বিবাদ কালত আহোমসকলৰ মূল উদ্দেশ্য সফল হৈছিল - অর্থাৎ তেওঁলোকে জয়ন্তীয়াসকলক পৰাজিত কৰাৰ ক্ষেত্ৰত বিফল হোৱা নাছিল। কিন্তু পৰাজিত জয়ন্তীয়াসকলে অতি কম দিনৰ বাবেহে তেওঁৰ বশ্যতা স্বীকাৰ কৰি কৰ-কাটল দিছিল। তাৰ পিছত পুনৰ কৰ দিবলৈ বন্ধ কৰাত আহোমে পুনৰবাৰ অভিযান চলাইছিল। জয়ন্তীয়াসকলে যি পৰিমাণৰ কৰৰ প্ৰতিশ্ৰুতি দিছিল তাৰ তুলনাত আহোমসকলে এই অভিযানসমূহৰ ফলত বহুত ক্ষতিগ্রস্ত হৈছিল। লাভালাভৰ প্ৰশ্নটো উত্থাপন কৰিলে দেখা যায় যে এই অভিযানৰ ফলত আহোমসকলে লাভ কৰিছিল ২২৭৩ টা বন্দুক, ১০৯টা হাতী, ১২০০ ৰূপৰ মোহৰ আৰু অন্যান্য লুটৰ সামগ্ৰী। তদুপৰি তাহানিখন মিৰজুমলাৰ আক্ৰমণকালত অসমৰ পৰা পলাই গৈ খাছপুৰ আৰু জয়ন্তীপুৰত আশ্ৰয় লোৱা ২২০০ জন অসমীয়া প্ৰজাক তেওঁলোকে নিজ ৰাজ্যলৈ লৈ আনিছিল। আনহাতেদি এই অভিযানত আহোমসকলে ১২ জন উচ্চ বিষয়াকে ধৰি ২৩৬৬ জন লোক হেৰুৱাইছিল। জয়ন্তীপুৰত হোৱা গণহত্যাৰ বাহিৰে পৰাজিত জয়ন্তীয়াসকলৰ নিহতৰ সংখ্যা বিজয়ী আহোমৰ তুলনাত তাকৰ আছিল। তদুপৰি জয়ন্তীয়া ৰাজ্যখন পোনপটীয়াভাৱে দখললৈ আনিবলৈ নোৱাৰাৰ বাবে ৰুদ্ৰসিংহই বৰবৰুৱা আৰু বৰফুকনকে জগৰীয়া কৰি শান্তি দিবলৈ ওলাইছিল। অৱশ্যে অন্যান্য ডা-ডাঙৰীয়াসকলৰ অনুৰোধত তেওঁ যেনিবা সেই কাৰ্যৰ পৰা নিজকে বিৰত ৰাখিলে। জয়ন্তীয়া অভিযানত আহোমৰ বহুত ক্ষয়-ক্ষতি হ'ল, কিন্তু মনকৰিবলগীয়া যে ৰুদ্ৰ সিংহৰ দিনত আহোম আৰু জয়ন্তীয়াৰ মাজ কোনো স্থায়ী শান্তি স্থাপন নহ'ল।
ৰুদ্ৰসিংহৰ দিনৰ আন এটা অতি উল্লেখযোগ্য ঘটনা আছিল বংগ বিজয়ৰ প্ৰস্তুতি। এই অভিযানৰ দ্বাৰা তেওঁ কৰতোৱালৈকে ৰাজ্যৰ সীমা বৃদ্ধি কৰিবলৈ বিচাৰিছিল বুলি বুৰঞ্জীয়ে সাক্ষী দিয়ে। সম্ভৱ হ'লে সমগ্ৰ পূবভাৰত মুছলমানৰ
হাতৰ পৰা পুনৰ উদ্ধাৰ কৰাটোও তেওঁৰ অন্যতম উদ্দেশ্য আছিল যেন লাগে। এই সম্বন্ধে তেওঁ তিনিজন ডাঙৰীয়াৰ উপৰিও বৰফুকন, বৰবৰুৱা আদিৰ সৈতেও পৰামৰ্শ কৰাত তেওঁলোকেও এই পৰিকল্পনাত উৎসাহ যোগাইছিল। ভাৰতৰ বিভিন্ন স্থানৰ হিন্দু ৰজা আৰু জমিদাসকললৈ এই অভিযানত সহযোগিতা কামনা কৰি তেওঁ পত্ৰও প্ৰেৰণ কৰিছিল। ত্ৰিপুৰাৰ্জালৈ এই সংক্রান্তত লিখা চিঠিখনত তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছিল যে মুঘলসকলৰ প্ৰতিপত্তি বৃদ্ধি হোৱাত বৈদিক ধৰ্মৰ স্থিতি বিপদাপন্ন হৈছে আৰু সেইবাবে ধৰ্মৰক্ষাৰ্থে সাজু হোৱাৰ প্ৰয়োজনীয়তাই দেখা দিছে। তেওঁ আনকি অম্বৰৰ ৰজালৈকো এনে পত্ৰ পঠিয়াইছিল। অৱশ্যে সৰ্বভাৰতীয় ক্ষেত্ৰত তেওঁৰ এই আঁচনিয়ে কিমানদূৰ সঁহাৰি লাভ কৰিছিল জনা নাযায়। কিন্তু কছাৰী, জয়ন্তীয়া, ডফলা আৰু স্থানীয় কোনো কোনো জনজাতীয় লোকে তেওঁৰ এনে আঁচনিত যোগ দিবলৈ আগবাঢ়ি আহিছিল। এইক্ষেত্ৰত কছাৰী আৰু জয়ন্তীয়াসকলেও সহযোগিতা কৰিবলৈ ওলোৱাটো মন কৰিবলগীয়া। এইদৰে ৰুদ্ৰসিংহই বংগ অভিযানৰ বাবে প্ৰায় ৪,০০,০০০ সৈন্য গোটাইছিল। আহোমৰ মুছলমান তথা মুঘলৰ বিৰুদ্ধে এনেধৰণৰ এইটোৱেই আছিল প্রথম আৰু শেষ প্রস্তুতি। এই অভিযানৰ আঁচনি প্রস্তুতি পর্বতেই হ'ল। কাৰণ এই প্রস্তুতিকালত উত্তৰ গুৱাহাটীত বাহৰ পাতি থকাৰ কালতে অকস্মাতে নৰিয়াত পৰি ১৭১৪ খ্ৰীঃৰ আগষ্ট মাহত ৰুদ্ৰসিংহই মৃত্যুবৰণ কৰিলে। তেওঁৰ পৰৱৰ্তী ৰজা শিৱসিংহই এনে এটা উচ্চাকাংক্ষী আঁচনিক বাস্তৱৰূপ দিবলৈ শংকিত হ'ল আৰু সেয়ে এনে এক অভাৱনীয় আঁচনিৰ নেতৃত্ব দিবলৈ কোনো আগবাঢ়ি নহাত আহোমৰ বংগ অভিযানৰ প্ৰচেষ্টাৰ অপমৃত্যু ঘটিল। কিন্তু ৰুদ্ৰসিংহৰ হঠাতে জীৱনাৱসান নোহোৱাহেঁতেন তেওঁৰ এই অভিযানে যে আহোম ৰজাক এক সৰ্বভাৰতীয় ভিত্তিৰ নেতৃত্বৰ সন্মান দিলেহেঁতেন সি ধুৰূপ । ৰাজ্য পৰিচালনাৰ সুবিধাৰ বাবে ৰুদ্ৰসিংহৰ দিনত ৫ টা নতুন খেল সৃষ্টি কৰা হৈছিল। এই খেলকেইটা হ'ল - - কাকতি, কটকী, বৈৰাগী, খাউণ্ড আৰু দলৈ। কাকতিসকলে ৰজাঘৰৰ ধনৰ জমা-খৰচ, পাইক আৰু মাটিৰ হিচাপ ৰাখিছিল। তাঁতীসকলৰ তাঁতশালৰ সূতা আৰু বনকৰা গুণাৰ হিচাপো
তেওঁলোকে কৰিছিল। কটকীসকলে ৰজাৰ পত্ৰাদি অন্য ৰজাৰ ওচৰলৈ নিছিল। কাকতি আৰু কটকীসকলৰ মাজত তিনিটাকৈ ভাগ আছিল, যেনে বৰকাকতি, মাজু কাকতি আৰু সৰু কাকতি আৰু একেদৰে কটকীসকলৰ ভিতৰতো বৰ, মাজু আৰু সৰু কটকী আছিল। কাকতিসকলৰ ভিতৰত চাংকাকতিসকলৰ ৰজাঘৰৰ সৈতে সম্বন্ধ আছিল। গুৱাহাটীৰ বৰফুকনৰ তাত চাংকাকতি নাছিল; খোলা কাকতি, বৰকাকতি আৰু কাকতি সংজ্ঞাহে আছিল। সেইদৰে বৰকটকীসকলেহে ৰজা, মহাৰজা, নবাব আদিৰ ওচৰলৈ আহোম ৰজাৰ পত্ৰ আদি লৈ গৈছিল। অন্যান্য কটকীসকলে ৰাজ্যৰ ভিতৰতে এজন বিষয়া বা কৰ্মচাৰীৰ পত্ৰাদি আন এজন বিষয়া বা কৰ্মচাৰীলৈ নিছিল। পত্ৰৰ বাহিৰেও কটকীসকলে আন খা-খবৰ লৈও এইদৰে অহা-যোৱা কৰিছিল। বৈৰাগীসকলে ভেশছন ধৰি ঘূৰি-পকি আন ৰাজ্যৰ বা-বাতৰি ৰীতি-নীতি সাজপাৰ আদি ৰজাক জনাইছিল আৰু এনে ৰীতি-নীতি ৰজাৰ পছন্দ হ'লৈ তেওঁ তাক নিজ ৰাজ্যত প্ৰৱৰ্তন কৰিছিল। খাউণ্ডসকলে অন্য ৰাজ্যলৈ গৈ ৰজাৰ বয়বস্তু ক্রয় কৰিছিল। মৃত ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ অস্থি বিসর্জন আৰু দান-দক্ষিণা আদিৰ কামো এওঁলোকে কৰিছিল। দলৈসকল জ্যোতিষ শাস্ত্ৰত পাৰ্গত আছিল। এওঁলোকে জ্যোতিষ শাস্ত্রমতে গণনা কৰি দেশৰ ভাল-বেয়া সম্বন্ধে ভৱিষ্যদ্বাণী কৰিব লাগিছিল। ৰজা, ডাঙৰীয়া, অন্যান্য গোহাঁইকে আদি কৰি বিশিষ্ট ব্যক্তিৰ কোষ্ঠী বা জন্ম পত্রিকা আদিও এওঁলোকেই প্রস্তুত কৰাৰ নিয়ম আছিল। দলসকলৰ মাজতো তিনিটা শ্রেণী আছিল-বৰ, মাজু আৰু সৰু দলৈ। যিসকলৰ জ্যোতিষ শাস্ত্ৰত বিশেষ পাৰ্গতালি আছিল তেওঁলোকক বৰদলৈ বোলা হৈছিল।
সমকালীন শিক্ষা-সংস্কৃতি আৰু শিল্প জগতত ৰুদ্ৰসিংহ আছিল এটি অবিস্মৰণীয় নাম। তেওঁ ব্ৰাহ্মণসকলৰ ল'ৰাই পঢ়িবৰ বাবে বহুতো টোল স্থাপন কৰিছিল। মেধাৱী ব্রাহ্মণ ছাত্ৰক অসমৰ বাহিৰত শিক্ষা লাভৰ সুযোগ দিছিল। এনে বহুতো ছাত্রই বিশেষকৈ বংগদেশলৈ গৈ নামকৰা শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ৰাজসভা শুৱনি কৰা প্ৰখ্যাত পণ্ডিতসকলৰ ভিতৰত শংখচূড় বধ' নাটক আৰু 'দুষ্যন্ত চৰিত্ৰমালাৰ ৰচক কবিৰাজ চক্ৰৱৰ্তী
আছিল এটি উজ্জ্বল নক্ষত্ৰ স্বৰূপ। কবিৰাজে 'ব্ৰহ্ম ৰৈৱৰ্ত' পুৰাণৰ অসমীয়া ভাঙনি কৰিছিল। (অৱশ্যে এই পুথি তিনিখন শিৱসিংহৰ দিনতহে লিখা হৈছিল। ৰুদ্ৰসিংহৰ ৰাজসভাৰ কবি হিচাপে থকাৰ কালত কবিৰাজ চক্ৰৱৰ্তীয়ে 'গীত গোবিন্দ'ৰ ভাঙনি কৰিছিল।) বিভিন্ন সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য মতে ৰুদ্ৰসিংহ নিৰক্ষৰ আছিল। কিন্তু তেওঁ আছিল এজন প্রকৃত জ্ঞানী লোক আৰু ৰাজ্যখনত শিক্ষাৰ প্ৰসাৰৰ বাবে তেওঁ অহোপুৰাষাৰ্থ কৰিছিল। ৰুদ্ৰসিংহই বহুতো শিল্পী কাৰিকৰ বংগদেশৰ পৰা আনি অসমত সংস্থাপিত কৰিছিল। মুঘল বাদছাহৰ দৰে তেবোঁ জোতা আৰু পাগুৰি ব্যৱহাৰ কৰিছিল। স্থানীয় কলা-কৃষ্টিৰ তেওঁ আছিল এজন মহা উৎসাহী পৃষ্ঠপোষক। তেওঁৰ দিনত সপ্তাহজোৰা বিহু উৎসৱ পালন কৰা হৈছিল। নৃত্য-গীতৰ উৎকৰ্ষ সাধনৰ বাবে তেওঁ গায়ন বৰুৱা পদৰ সৃষ্টি কৰিছিল। ৰুদ্ৰসিংহই নিজেও গীত ৰচনা কৰিছিল আৰু গাই ছিল। খেল-ধেমালিৰ পৃষ্ঠপোষকতাত কোনো ধৰণৰ কাৰ্পণ্য নকৰা ৰুদ্ৰসিংহ শেনচোৱা বৰুৱা, কুকুৰাচোৱা বৰুৱা আদি পদৰো সৃষ্টিকাৰক আছিল। মাতৃ জয়মতীৰ স্মৃতিত তেওঁ জয়সাগৰ পুখুৰী খান্দিছিল আৰু জয়দ'ল সাজিছিল। কোচবিহাৰৰ পৰা নিপুণ কাৰিকৰ আনি তেওঁ মেটেকাত ৰংপুৰ নামৰ এখন চালে চকুৰোৱা নগৰ পাতিছিল। কাঠ আৰু বাঁহেৰে তেওঁ এটা প্ৰকাণ্ড ৰংঘৰো সাজিছিল। তদুপৰি ফাকুৱা দ'ল, ৰংনাথৰ দ'ল, নামডাঙৰ শিলৰ সাঁকো, ডিমৌৰ শিলৰ সাঁকো, খৰিকটীয়া ডুবৰ্জিান, মেটেকাৰ আলি আদিয়ে এইজন ৰজাৰ সজকামৰ নিদৰ্শন দাঙি ধৰিছিল।
ৰুদ্ৰসিংহৰ দিনত অসমৰ বেহা-বেপাৰেও ঠন ধৰি উঠিছিল। দেশৰ বিভিন্ন স্থানৰ সৈতে যোগাযোগ স্থাপন কৰাৰ উপৰি চুবুৰীয়া তিব্বত আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলতো এইজন ৰজাৰ দিনত অসমৰ এক ৰমৰমীয়া বেহা-বেপাৰ চলিছিল। বংগ আৰু মধ্যভাৰতৰ বিভিন্ন স্থানলৈ হাতীৰ দাঁত, মজাঠি, মেজাংকৰি, মুগা, এড়ীকাপোৰ আদি ৰপ্তানি কৰা হৈছিল। এইবোৰ ঠাইৰ পৰা অনা ব্যয়বস্তুৰ ভিতৰত বিভিন্ন সাজ-পোছাক, কাপোৰ, আ-অলংকাৰ, মণি-মুক্তা আদি আছিল উল্লেখযোগ্য সামগ্রী। অসমৰ বিভিন্ন শিল্পক উৎসাহ দি এইজন ৰজাই অসমক অর্থনৈতিকভাবে উন্নত কৰাৰ
ক্ষেত্ৰত এক অভূতপূর্ব অৱদান যোগাইছিল।
অসমত ৰাজত্ব কৰি যোৱা শ্রেষ্ঠ আহোম ৰজাসকলৰ ভিতৰত ৰুদ্ৰসিংহ অন্যতম বুলি সকলোৱে একমুখে স্বীকাৰ কৰি আহিছে। কোনো কোনো সূত্ৰই তেওঁক শ্রেষ্ঠতম বুলি ক'বলৈকো প্ৰয়াস পাইছে। ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জীয়ে তেওঁক 'পূব ভাৰতৰ শিৱাজী' আখ্যা দিছে। ডক্টৰ সূৰ্যকুমাৰ ভূঞলই তেওঁক 'মহান ৰুদ্ৰসিংহ' বুলি অভিহিত কৰিছে। আনহাতেদি কোনো কোনো ক্ষেত্ৰত ঐতিহাসিকসকলে এইজন ৰজাৰ কেতবোৰ দোষ-ত্রুটি সম্বন্ধেও আঙুলিয়াই দিছে। যিহেতু সৰহ সংখ্যক ঐতিহাসিকে তেওঁ শ্ৰেষ্ঠ বা সর্বশ্রেষ্ঠ বুলি আখ্যা দিছে সেয়ে এই দাবীৰ ন্যায্যতা সম্বন্ধে এটি সমীক্ষাৰ আৱশ্যকতাই দেখা দিছে।
সৰ্বশ্ৰেষ্ঠতাৰ দাবী কৰিব পৰাকৈ ৰুদ্ৰসিংহৰ নিঃসন্দেহে বহুবোৰ গুণ আছিল। যেনে- (১) ৰুদ্ৰসিংহ আছিল এজন শক্তিমত্ত, উৎসাহী আৰু পৰাক্ৰমী ৰজা। ভায়েক লেচাই কোঁৱৰে তেওঁৰ বিৰুদ্ধে বিদ্রোহ কৰাত তেওঁ ভায়েকৰ চকু কাঢ়ি বন্দীশালত নিক্ষেপ কৰাৰ বাবে কোনো কোনো মহলে তেওঁক সমালোচনা কৰিবলৈ চেষ্টা কৰিলেও তাৰ প্ৰত্যুত্তৰত নিশ্চয় এইদৰে ক'ব পাৰি যে তেওঁ তেনে কৰিবলৈ বাধ্য হৈছিল। কাৰণ, তাকে নকৰাহেঁতেন তেওঁৰ নিজৰে প্ৰাণৰ আশংকা আছিল। তেওঁ নগাসকলৰ বিদ্রোহ দমন কৰিছিল। কছাৰী আৰু জয়ন্তীয়াসকলৰ সৈতে সংঘটিত দীর্ঘ বিবাদৰ অন্তত তেওঁ দুয়োদলকে সৈমান কৰিছিল। ৰুদ্ৰসিংহই বংগ অভিযানৰ বাবে প্ৰায় ৫ লাখ সৈন্যৰ সৈতে যুঁজৰ প্ৰস্তুতি চলোৱাৰ কালতে তেওঁৰ মৃত্যু নোহোৱাহেঁতেন তেওঁ সেইকালতে মুঘলৰ বিৰুদ্ধে এক সৰ্বভাৰতীয় সফল অভিযানৰ নেতৃত্ব দি ভাৰত বুৰঞ্জীত এক বাচকবনীয়া স্থান গ্ৰহণ কৰিবলৈ সক্ষম হ'লহেঁতেন। (২) বৈষ্ণৱসকলৰ প্ৰতি গ্ৰহণ কৰা নীতিয়ে তেওঁৰ উদাৰ মনোভাব আৰু দূৰদৃষ্টিৰ পৰিচয় দাঙি ধৰিছে। বৈষ্ণৱসকলৰ প্ৰতি সুব্যৱহাৰ কৰি তেওঁ সমসাময়িক অসমত দেখা দিয়া অনাৱশ্যক ধর্মীয় অস্থিৰতাৰ উপশম ঘটাইছিল। বৈষ্ণৱসকলক ন্যায্য সম্মান দিয়াৰ উপৰি তেওঁলোকৰ বাবে সত্ৰ স্থাপন কৰি নিৰাপত্তা দিছিল। সত্ৰসমূহ তদাৰক কৰিবৰ বাবে সত্ৰীয়া বৰুৱাক নিযুক্তি দি তেওঁ এক অতি আদর্শনীয় অভিলেখ সৃষ্টি কৰিছিল।
তেওঁ স্বয়ং আউনীআতি সত্ৰৰ সত্ৰাধিকাৰৰ ওচৰত দীক্ষা লৈ আহোম আৰু বৈষ্ণৱৰ মাজত একতা আৰু সমন্বয়ৰ যোগসূত্র স্থাপন কৰিবলৈ সক্ষম হৈছিল। আনহাতেদি মেধি বা শূদ্ৰ মহন্তসকলক ব্ৰাহ্মণক শৰণ দিয়াত বাধা আৰোপ কৰি তেওঁ গোসাঁই মহন্তসকলৰ সৈতে তেওঁলোকৰ মাজত এক বিভাজন আনি দুয়োপক্ষকে এক কূটনীতিৰে নিজৰ হাতৰ মুঠিত ৰাখিবলৈকো সক্ষম হৈছিল। এইদৰে সত্ৰসমূহৰ মাজত প্ৰভাৱ বিস্তাৰ কৰি ৰুদ্ৰসিংহই তেওঁৰ ধৰ্মীয় নীতিৰ এক দূৰদৰ্শিতাৰ চিনাকি দিছিল বুলিও ক'ব পাৰি। আনহাতেদি শাক্ত ধর্মী এই ৰজাজনে ধৰ্মৰ প্ৰতি অগাধ শ্রদ্ধা প্ৰদৰ্শন কৰি মন্দিৰ, দ'ল আদি সাব্জি শাক্তসকলৰ মাজতো জনপ্রিয়তা লভিছিল। (৩) ৰুদ্ৰসিংহ আছিল অতি জ্ঞানীগুণী আৰু গুণীসকলৰো তেওঁ মূল্য বুজিছিল। শিক্ষা, সংগীত, সাহিত্য, স্থাপত্য আদিৰ ক্ষেত্ৰতো তেওঁ আছিল এজন অতি উৎসাহী পৃষ্ঠপোষক। তেৱেঁই সপ্তাহ জোৰা বিহু উৎসৱৰ প্ৰচলন কৰিছিল বুলি ওপৰত উল্লেখ কৰা হৈছে। বিভিন্ন খেল-ধেমালিতো তেওঁ উৎসাহ যোগাইছিল। শিল্পীসকলে তেওঁৰ ৰাজসভাতযথাযোগ্য সম্মান লভিছিল। তেওঁ বহুবোৰ টোল স্থাপন কৰিছিল। নিজে নিৰক্ষৰ হৈয়ো তেওঁ এজন জ্ঞানী লোক হিচাপে নিজকে সমাজত প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। মেধাৱী ব্রাহ্মণ ছাত্ৰসকলক তেওঁ ৰাজ্যৰ বাহিৰলৈ উচ্চ শিক্ষা লাভ কৰিবলৈ পৃষ্ঠপোষকতা কৰাটোও মন কৰিবলগীয়া। (৪) ৰুদ্ৰসিংহৰ দিনৰ স্থাপত্য আৰু ভাস্কৰ্যই আহোমৰ গৌৰৱৰ দিনৰ সাক্ষ্য বহন কৰি আহিছে। মাতৃ মহাসতী জয়মতীৰ পুণ্য স্মৃতিত তেওঁ সজা জয়সাগৰ পুখুৰী আৰু জয়দ'লে আজিও তেওঁৰ মাতৃ ভক্তি আৰু স্থাপত্য প্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে। কোচবিহাৰৰ পৰা ঘনশ্যাম নামেৰে এজন বিখ্যাত কাৰিকৰ আনি তেওঁ ৰংপুৰ নগৰীখন ইটাৰে সজাই পৰাই তুলিছিল। সেইবাবে ৰজাই ঘনশ্যামক মুক্তহস্তে পুৰস্কৃত কৰিছিল। কিন্তু বিদায়ৰ সময়ত ঘনশ্যামৰ পৰা এখন কাকত ওলাই পৰিল। সেই কাকতখনত আহোম ৰাজ্যৰ মেপ আৰু প্ৰজাৰ সম্পূৰ্ণ বিবৰণ দেখি ৰুদ্ৰ সিংহৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁ এজন চোৰাংচোৱাও আৰু নিশ্চয় সেই কাকতখন মুছলমানক দি তেওঁ আহোম ৰাজ্যৰ বিঘিনি ঘটাব খুজিছে। সেয়ে ৰুদ্ৰসিংহই
ঘনশ্যামক মৃত্যুদণ্ড দিবলৈকো কুণ্ঠাবোধ কৰা নাছিল। এই কাৰ্যৰ দ্বাৰা ৰজা হিচাপে দায়িত্ব পালনত যে তেওঁ অবিচল নাছিল সেইটোৱেই প্রমাণিত হৈছিল। ৰংনাথ বা ৰংগনাথৰ দল, ফাকুৱা দ'ল, নামদাং আৰু আৰু ডিমৌৰ শিলৰ সাকো, খৰিকটকীয়া, মেটেকা আদি আলি, জয়দ'ল, জয়সাগৰ নিৰ্মাণ আদিৰ বিষয়েও ওপৰত উল্লিখিত হৈছে। কাঠ আৰু বাঁহেৰে তেওঁ এটি ৰংঘৰো সাজিছিল। (৫) ৰাজ্য শাসনৰ ক্ষেত্ৰতো তেওঁ ভালেমান অৱদান যোগাইছিল। কাকতি, কটকী, খাউণ্ড, বৈৰাগী আৰু দলৈ খেলৰ সৃষ্টিকাৰকো আছিল এইজন ৰজাই। গাঁওসমূহৰ পুনৰ সংগঠন এওঁৰ দিনতেই হৈছিল। গদাধৰ সিংহৰ দিনত আৰম্ভ কৰা লোকপিয়লৰ কাৰ্য তেওঁ সমাধা কৰিছিল। (৬) মুঘল ৰাজ্যৰ ভালেমান সাজপাৰ, আচাৰ-ব্যৱহাৰ আৰু আ-অলংকাৰাদি গ্ৰহণ কৰি তেওঁ অসম আৰু পশ্চিম ভাৰতৰ মাজত এক সাংস্কৃতিক সমন্বয়ৰ বিকাশৰ সুযোগ লৈছিল। (৭) সাংগঠনিক ক্ষমতাৰ বাবেও ৰুদ্ৰসিংহই নিঃসন্দেহে শ্রেষ্ঠতাৰ দাবী কৰিব পাৰে। বংগ অভিযানৰ প্ৰস্তুতিৰ কালত অসমৰ কছাৰী, জয়ন্তীয়া, ডফলা আদিৰ বাহিৰেও ত্ৰিপুৰাৰ ৰজাৰ সহযোগিতা আদায় কৰাটোৱে তেওঁৰ অসাধাৰণ সাংগঠনিক প্ৰতিভাৰে সাক্ষ্য বহন কৰি আহিছে। বংগ আৰু মধ্য ভাৰতলৈকো এই সন্দৰ্ভত পত্রাদি পঠিয়াই তেওঁ মুঘলৰ বিৰুদ্ধে এটা সৰ্বভাৰতীয় সংগঠন কৰিবলৈ লোৱা প্ৰচেষ্টায়ো তেওঁৰ মনৰ দৃঢ়তা আৰু আত্মবিশ্বাসৰ চিনাকি দিছিল। (৮) অসমৰ সৈতে ভাৰতৰ বিভিন্ন অঞ্চল আৰু তিবৃতকে ধৰি চুবুৰীয়া ৰাজ্যৰ সৈতে বেহা-বেপাৰৰ বাবে তেওঁ কৰা পৃষ্ঠপোষকতাও এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখনীয়। (৯) কিন্তু এইখিনিতে এটা কথা মন কৰিবলগীয়া যে ব্রাহ্মণ আৰু শূদ্ৰ মহন্তসকলৰ মাজত ভেদাভেদ অনাৰ বাবে তেওঁ যথেষ্ট সমালোচিতও হৈছে। বংগৰ পৰা ব্ৰাহ্মণ পণ্ডিত অনাৰ বাবেও তেওঁক বহুতে ভাল বোলা নাই। তেওঁৰ এনে পন্থা গ্রহণে ৰজাৰ ধৰ্ম (শাক্ত) আৰু প্ৰজাৰ ধৰ্ম (মহাপুৰুষীয়া বৈষ্ণৱ) মাজত যি দ্বন্দ্বৰ সৃষ্টি কৰিছিল কালক্ৰমত সিয়ে মোৱামৰীয়া বিদ্ৰোহৰ পটভূমি সৃষ্টি কৰিছিল বুলিও কোনো কোনো মহলে মত প্ৰকাশ কৰিছে। (১০) ৰুদ্ৰসিংহৰ জয়ন্তীয়া অভিযানো সমালোচনাৰ উৰ্দ্ধত নাছিল। জয়ন্তীয়া
ৰজাক তেওঁ বন্দী কৰিছিল সঁচা, কিন্তু এই দীর্ঘ অভিযানত আহোম পক্ষৰো বহু ক্ষয়-ক্ষতি হৈছিল যদিও জয়ন্তীয়াসকলৰ সৈতে তেওঁলোকৰ মিত্ৰতা হোৱা নাছিল।(১১) ৰুদ্ৰসিংহই তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পাঁচজন পুত্ৰকে এজন এজনকৈ ৰজা হ'বলৈ দিয়া নিৰ্দেশটোও এটা ভুল পন্থাৰ সৃষ্টিকাৰক বুলি সমালোচিত হৈছে। ইয়াৰ ফলত আটাইকেইজন ৰাজকোঁৱৰে ৰজা হ'বলৈ ইচ্ছা কৰাত অযথা কেতবোৰ সমস্যাৰ উদ্ভৱ হোৱাৰ বাবে সমালোচকসকলে ৰুদ্ৰসিংহকে দায়ী কৰিছে। (১২) মুঘলৰ আচাৰ-ব্যৱহাৰ আৰু সাজপাৰ আদি গ্ৰহণ কৰা বাবেও বহু-লোকে ৰুদ্ৰসিংহক সুদৃষ্টিৰে চোৱা নাছিল।
বয়স ভাটি দি অহাৰ লগে লগে ৰুদ্ৰসিংহৰ ধৰ্ম কৰ্মৰ প্রতি অতি নিষ্ঠা দেখা গৈছিল। পিতৃ গদাধৰৰ দৰে তেৱোঁ শাক্ত আছিল। আউনীআটীৰ সত্ৰাধিকাৰক সসম্মানেৰে তেওঁৰ নিজৰ সত্ৰত পুনৰ প্ৰতিষ্ঠা কৰি ৰুদ্ৰসিংহই তেওঁক গুৰু মানিছিল যদিও এতিয়া এজন নৈষ্ঠিক হিন্দু শাক্ত হিচাপে তেওঁ শাক্ত গুৰুৰ শৰণ লোৱাৰ কথা ভাবিলে। কিন্তু আহোম ৰাজ্যত যিসকল গোসাঁই বা শাক্ত গুৰু আছে তেওঁলোক তেওঁৰ প্ৰজা বাবে ৰুদ্ৰসিংহই তেওঁলোকক সেৱা জনোৱাৰ বাবে প্রস্তুত নাছিল। গতিকে গুৰু ভজিবলৈ তেওঁ এজন গুৰু ৰাজ্যখনৰ বাহিৰৰ পৰা অনাৰ কথা চিন্তা কৰিলে। অৱশেষত এজন গুৰুৰ বিষয়ে সম্ভেদ পোৱাত তেওঁ সেইজন গুৰুক নিমন্ত্ৰণ কৰিলে। এই গুৰুজন আছিল বংগদেশৰ নদীয়া জিলাৰ শান্তিপুৰৰ ওচৰৰ মালিপোতাৰ অধিবাসী বিখ্যাত শাক্ত মহন্ত কৃষ্ণৰাম ভট্টাচাৰ্য ন্যায়বাগীশ। ৰুদ্ৰসিংহৰ নিমন্ত্রণ পাইছিল যদিও এইজন গুৰুৱে নিজ স্থানৰ পৰা আহি আহোম ৰাজ্যত প্রতিষ্ঠিত হ'বলৈ ইতস্ততঃ কৰিছিল। সেইবাবে ৰুদ্ৰসিংহই তেওঁলৈ এই বুলি বতৰা পঠিয়ালে যে যদি তেওঁ আহে তেন্তে তেওঁক কামাখ্যা মন্দিৰৰ ভাৰ দিয়া হ'ব। কামাখ্যা হ'ল শাক্ত ধৰ্মৰ অন্যতম প্ৰাণবিন্দুস্বৰূপ। সেয়ে এনে এক সন্মানীয় বাব গ্ৰহণ কৰিবলৈ কৃষ্ণৰাম ভট্টাচাৰ্যই স্বাভাৱিকতে আগ্রহী হ'ল আৰু সেইমৰ্মে তেওঁ আহোম ৰাজ্যলৈ আহিল। উল্লেখযোগ্য যে প্রচলিত বিশ্বাস অনুসৰি গুৰুৰ ওচৰত শৰণ ল'লে গুৰুৱে শিষ্যক গুপ্তমন্ত্ৰ দান কৰে আৰু তেওঁৰ ইহকাল আৰু পৰকালত ঐশ্বৰিক ৰক্ষণাবেক্ষণ
• দিয়ে। গুৰু ভজিবলৈ উত্ৰাবল হোৱা ৰুদ্ৰসিংহই এইদৰে বংগদেশৰ পৰা বিশেষভাৱে নিমন্ত্রণ কৰি অনা গুৰুজন সম্বন্ধে বহুবোৰ জল্পনা কল্পনা কৰি তেওঁক সাধাৰণ মানুহতকৈ বেলেগ ধৰণৰ বৈশিষ্টসম্পন্ন লোক হ'ব বুলি আশা কৰি থাকোতে গুৰুজন শশৰীৰে আহি পালে। তেতিয়াহে ৰুদ্ৰসিংহই উপলব্ধি কৰিলে যে, আন দহজন মানুহৰ দৰে এই গুৰুজনো এজন সাধাৰণ মানুহহে; তেওঁ ভবাৰ দৰে দেৱতাৰ শাৰীৰ লোক নহয়। সেইবাবে তেওঁ নিজ মত সলালে আৰু শৰণ ল'বলৈ অনিচ্ছা প্ৰকাশ কৰি গুৰুজনক ওভতাই পঠিয়াবলৈ মনস্থ কৰিলে। ৰজাৰ এনে ব্যৱহাৰত কৃষ্ণৰাম ভট্টাচাৰ্যই অতি অপমানিত বোধ কৰিলে আৰু গৃহাভিমুখে যাত্ৰা কৰিলে। কথিত আছে যে, গুৰুজন উভতি যোৱাৰ পিছতে এটা ভয়ংকৰ ভূঁইকঁপ হৈ ভালেমান মন্দিৰ ভাগিলত ৰুদ্ৰসিংহই ভাবিলে যে গুৰুৰ গাত নিশ্চয় ঐশ্বৰিক শক্তি আছে আৰু তেওঁক এইদৰে ওভতাই পঠিওৱাটো উচিত হোৱা নাই। সেয়ে তেওঁ কাবৌকোকালি কৰি গুৰুক আকৌ ওভতাই আনি বহু মাটিবাৰী দি কামাখ্যাত স্থাপন কৰিলে । কামাখ্যা পৰ্বতত থকাৰ বাবে তেওঁ পৰ্বতীয়া গোসাঁই নামেৰে জনাজাত হ'ল। ইয়াৰ পিছত ৰুদ্ৰসিংহই হেনো গুৰুৰ ওচৰত দীক্ষা ল'বলৈ আগ্ৰহ কৰিছিল। কিন্তু কৃষ্ণৰাম ভট্টাচাৰ্যই তেওঁক নিজে দীক্ষা দিবলৈ নগৈ এজন ব্ৰাহ্মণৰ হাতত বেলপাতত ৰঙা চন্দনেৰে বীজমন্ত্ৰ লিখি ৰজালৈ পঠিওৱাত ৰুদ্ৰসিংহই তেওঁক গুৰুৱে অৱজ্ঞা কৰা যেন ভাবি সেই বীজমন্ত্ৰ গ্ৰহণ নকৰিলে। অৱশ্যে, তেওঁ তেওঁৰ পুত্ৰসকল আৰু অন্যান্য ব্ৰাহ্মণসকলকো কৃষ্ণৰাম ভট্টাচার্যকে গুৰু ভজিবলৈ নির্দেশ দিছিল।
ৰুদ্ৰসিংহৰ পাঁচজন পুত্ৰ আছিল। মৃত্যুশয্যাত থকা কালত তেওঁ কেউটি পুত্রকে কাজিয়া-পেচাল নকৰি মিলাপ্ৰীতিৰে থাকি ইজনৰ পিছত সিজনকৈ সিংহাসনত বহিবলৈ নিৰ্দেশ দি যায়। এই নির্দেশ দিয়াৰ কেইদিনমান পিছতেই তেওঁৰ মৃত্যু হয় (আগষ্ট মাহ, ১৭১৪ খ্ৰীঃ)। ৰুদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ শৱদেহ মনিকৰ্ণেশ্বৰ পাহাৰৰ দাঁতিত হিন্দুমতে সৎকাৰ কৰা হৈছিল বুলি জনা যায়। যি ঠাইত তেওঁৰ চিতা জ্বলোৱা হৈছিল সেই ঠাইডোখৰতে পিছলৈ প্ৰমত্ত সিংহই ৰুদ্ৰেশ্বৰ মন্দিৰ সজাইছিল। কিন্তু বুৰঞ্জীসমূহে পৰিবেশন কৰা
তথ্যমতে তেওঁৰ শৱদেহ আহোম নিয়মেৰে যথাবিহিতভাৱে চৰাইদেউ পাহাৰতহে সমাধিস্থ কৰা হৈছিল।
ৰুদ্ৰসিংহৰ পাঁচজন পুত্ৰ আছিল বুলি ওপৰত উল্লেখ কৰা হৈছে। কিন্তু এই পাঁচজন পুত্ৰ একেগৰাকী মাতৃৰ সন্তান নাছিল। শিৱসিংহ আৰু প্ৰমত্ত সিংহ আছিল এগৰাকী মাতৃৰ সন্তান। তৃতীয়জন পুত্ৰ বৰজনা গোহঁাঁই আছিল আন এগৰাকী ৰাণীৰ পুত্ৰ। তৃতীয় এগৰাকী ৰাণীৰ পুত্ৰ আছিল ৰাজেশ্বৰ সিংহ আৰু চতুৰ্থ এগৰাকীৰ পুত্ৰ আছিল লক্ষ্মীসিংহ। লক্ষ্মীসিংহৰ গাৰ বৰণ ক'লা আছিল বাবে ৰুদ্ৰসিংহই এই পুত্ৰজনক দেখিব নোৱাৰিছিল বুলি জনা যায়। কিন্তু দেখিব নোৱাৰিলেও তেওঁক ভৱিষ্যতে ৰজা পাতিব নালাগে বুলি কোৱাও নাছিল। ৰজাৰ নিৰ্দেশক্রমে তেওঁৰ মৃত্যুৰ পিছত পাঁচজন পুত্ৰৰ প্ৰথমজন শিৱসিংহই ৰাজপাট লাভ কৰিছিল ।
শিৱসিংহ বা চুতানফা (১৭১৪-১৭৪৪ খ্রীঃ) চুতেনফা বা শিৱসিংহৰ সুদীৰ্ঘ ত্ৰিশ বছৰীয়া ৰাজত্ব কালে অসমৰ ইতিহাসত এক নতুন দিশ সংযোজন কৰিছিল। এওঁৰ দিনত ঘটা কেতবোৰ ঘটনাৰ ফলাফল আছিল সুদূৰপ্ৰসাৰী। ভালেমান সজ কাম কৰিলেও বিশেষকৈ ধৰ্মৰ্নীতিৰ ক্ষেত্ৰত তেওঁ উদাতা প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে অসমৰ আকাশত যি বিদ্ৰোহৰ ডাৱৰ পুঞ্জীভূত হৈছিল প্রায় ৫০ বছৰৰ মূৰত সি এক তুমুল ধুমুহাৰ সৃষ্টি কৰি মোৱামৰীয়া বিদ্ৰোহৰ ৰূপত আহোম ৰাজ্যৰ অৱনতি আৰু পতনৰ পথ উন্মোচন কৰিছিল। অৱশ্যে পৰৱৰ্তী কালত সংঘটিত মোৱামৰীয়া বিদ্ৰোহৰ বাবে কেৱল শিৱসিংহৰ দিনত ঘটা কেতবোৰ অঘটনেই যদিও একমাত্ৰ কাৰণ আছিল বুলি ডাঠি ক'ব নোৱাৰি তথাপি এই বিদ্ৰোহৰ ডাৱৰ গোড়াপণ্ডনৰ ক্ষেত্ৰত এইজন স্বৰ্গদেউ আৰু তেওঁৰ বৰৰজা ফুলেশ্বৰীৰ ভুল নীতি যে দায়ী আছিল সেই সত্যটোও অস্বীকাৰ কৰিব নোৱাৰি।
শিৱসিংহৰ পিতৃ ৰুদ্ৰসিংহৰ দিনতে বংগদেশৰ কৃষ্ণৰাম ভট্টাচার্য ন্যায়বাগীশক কামাখ্যাত প্রতিষ্ঠা কৰা হৈছিল আৰু পিতৃৰ নিৰ্দেশ ক্রমে শিৱসিংহই তেওঁৰ ওচৰত দীক্ষা লৈছিল। কৃষ্ণৰাম ভট্টাচাৰ্যক পৰ্বতীয়া গোসাঁই বোলা হৈছিল। শিৱসিংহই তেওঁক উজনি আৰু নামনিতো ভালেমান
মাটিবাৰী দিছিল বুলি জনা যায়। তেওঁৰ বৰকুঁৱৰী ফুলেশ্বৰীয়েও ভট্টাচাৰ্যৰ ওচৰত দীক্ষা লৈছিল। এইদৰে ৰজাঘৰীয়া পৃষ্ঠপোষকতা পাই কৃষ্ণৰাম ভট্টাচাৰ্যৰ প্ৰতিপত্তি বৃদ্ধি হোৱাটো স্বাভাৱিক। তেওঁ গোটেই অসমতে বংগদেশৰ প্ৰচলিত আৰ্হিৰে বিবাহাদি ক্রিয়াকাণ্ড চলাবলৈ ধৰাত এই ৰাজ্যৰ পণ্ডিতসকলৰ মাজত এক তীব্র প্রতিক্রিয়াই দেখা দিলে। পুৰণি নিয়ম-নীতিত কৃষ্ণৰাম ভট্টাচাৰ্যৰ হস্তক্ষেপত স্থানীয় পণ্ডিতসকল জাঙুৰ খাই উঠিল, তেওঁলোকে মুকলিকৈ নৱাগত ন্যায়বাগীশৰ সৈতে বাদানুবাদ আৰু তর্কযুদ্ধত অৱতীৰ্ণ হ'ল। এই তর্কযুদ্ধত কৃষ্ণৰাম ভট্টাচাৰ্যই হাৰ মানিবলগীয়া হোৱাত শিৱসিংহই হস্তক্ষেপ কৰি এইমতে আজ্ঞা কৰিলে যে ন্যায়বাগীশৰ শিষ্যসকলহে কেৱল নব্য স্মৃতিমতে ক্রিয়াকাণ্ড কৰিব আৰু অন্যান্যসকলে নিজ পছন্দমতে পুৰণি কামৰূপীয়া স্মৃতিমতে চলিব। শিৱসিংহ ৰাজত্বকালৰ প্ৰথমাৰ্দ্ধত দেখা দিয়া আন এটা ঘটনা আছিল ডফলা (নিচি)সকলৰ নামনিৰ অসমীয়া গাঁওসমূহত উপদ্ৰৱ । ১৭১৭ খ্ৰীঃৰ জানুৱাৰী মাহত ভালেমান তাগিন ডফলা লোকে দল বান্ধি পাহাৰৰ পৰা নামি আহি এনে গাঁওসমূহত সোমোৱাত এওঁলোকক দমন কৰিবলৈ শিৱসিংহই এদল সৈন্য পঠিয়াবলগীয়া হৈছিল। সৈন্যসকলে গৈ ডফলাসকলক এই গাঁওসমূহৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছিল। ভৱিষ্যতে যাতে এনে ধৰণৰ উপদ্ৰৱ নহয় তাৰ বাবে প্ৰতিকাৰৰ চিন্তা কৰি তেওঁ ডফলা পাহাৰৰ দাঁতিয়েদি এটা গড় সাজিবলৈ নিৰ্দেশ দিয়াত তেওঁলোকে এইদৰে নামনিলৈ অহাৰ মুদা মৰিছিল।
শিৱসিংহৰ ৰাজত্বৰ কিছুদিনৰ পিছতেই দেওধাই, বাইলুং, জ্যোতিষী আৰু পণ্ডিতসকলে ৰজাৰ 'ছত্ৰভংগ যোগ' পৰিছে বুলি কৈছিল। এনে ভৱিষ্যদ্বাণীত চিন্তিত আৰু আতংকিত হৈ শিৱসিংহই কৃষ্ণৰাম ভট্টাচাৰ্যৰ সৈতেও এই বিষয়ে আলোচনা কৰাত তেৱোঁ চিন্তিত হৈ তেওঁক ৰাজ কাৰ্যৰ পৰা বিৰত থকাটোৱেই সমীচীন হ'ব বুলি মত প্রকাশ কৰিছিল। সেয়ে সাতে-পাঁচে ভাবিগুণি শিৱসিংহই তেওঁ বৰকুঁৱৰী ফুলেশ্বৰীক 'বৰ ৰজা' উপাধিৰে সিংহাসনত বহুৱাই নিজে উপদেষ্টা হিচাপে ৰাজকার্য পৰিচালনা কৰিবলৈ ধৰিলে। এইদৰে 'বৰৰজা' পদত অধিষ্ঠিত হৈ ফুলেশ্বৰী
কুঁৱৰীয়ে প্ৰমথেশ্বৰী (দুর্গা গোসাঁনীৰ আন এটা নাম) নাম লৈছিল। ফুলেশ্বৰী কুঁৱৰী অতি উচ্চাকাংক্ষী আছিল। বৰ ৰজা' হিচাপে ৰজা শিৱসিংহৰ সৈতে তেওঁৰ নামটোও মোহৰত যুক্ত হৈছিল। ফুলেশ্বৰী কুঁৱৰীৰ পূৰ্বৰ নাম আছিল ফুলমতী নাচনী। তেওঁ চিনাতলীয়া নটৰ কন্যা আছিল। তেওঁ আছিল অতি ৰূপৱৰ্তী আৰু তেওঁৰ ৰূপ-লাৱণ্যত মুগ্ধ হৈ শিৱসিংহই তেওঁক বিয়া কৰাই বৰকুঁৱৰী পাতিছিল। ফুলেশ্বৰীৰ যে কেৱল ৰূপ আছিল এনে নহয় গুণৰ ক্ষেত্ৰতো তেওঁ এগৰাকী আগশাৰীৰ ৰাণী আছিল। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ পৃষ্ঠপোষকতা আছিল অতি প্রশংসনীয়। তেওঁ কেইবাখনো টোল স্থাপন কৰিছিল। ৰংপুৰত স্থাপিত পঢ়াশালিখন 'বৰৰজাৰ পঢ়াশালি' বুলি জনাজাত হৈছিল। ৰংপুৰত স্ত্রীশিক্ষাৰ বাবে তেওঁ এখন পঢ়াশালি প্ৰতিষ্ঠা কৰি ইয়াৰ যোগেদি মহিলাসকলক বোৱা-কটাও শিকাইছিল। গৌৰীসাগৰৰ দ'ল-পুখুৰী খন্দাৰ উপৰি শিৱ, বিষ্ণু আৰু দেৱী দ'ল তেওঁৰ নিৰ্দেশতেই সজা হৈছিল। সেই দৃষ্টিকোণৰ পৰা ফুলেশ্বৰী কুঁৱৰীক এগৰাকী স্থাপত্যপ্রেমী বুলিও স্বীকাৰ কৰিব লাগিব। কিন্তু 'বৰকুঁৱৰী' আৰু 'বৰৰজা' হৈ তেওঁ স্বজন প্রীতিৰে কৰা কেতবোৰ কাম-কাজে সম্ভ্রান্ত আহোমসকলক বিতুষ্ট কৰিছিল। তেওঁ শিৱ সিংহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি নিজৰ ককায়েকক বৰপাত্ৰ গোহাঁইৰ পদ দিয়াত আহোম বিষয়াসকল অসন্তুষ্ট হৈছিল। ইয়াতে ক্ষান্ত নাথাকি নিজৰ দদায়েক দুজনক যথাক্রমে তিপাম ৰজা আৰু ঢেকিয়াল বৰুৱা পতাত সম্ভ্রান্ত লোকসকলৰ চকু থিয় দিছিল। তদুপৰি ফুলেশ্বৰীয়ে মাকক পুৰণি মেল, কেঁকোৰা দোলা আৰু সোণ টুপেৰে জাপি দিয়াত এনে অসন্তুষ্টি আৰু বৃদ্ধি পাইছিল। আনহাতেদি বৰজা ফুলেশ্বৰীয়ে সাহিত্যৰ পৃষ্ঠপোষকতাৰ ক্ষেত্ৰত ভালেমান প্রশংসনীয় অৱদান যোগাইছিল। তেওঁৰ পৃষ্ঠপোষকতাত অনন্ত আচাৰ্য্যই লিখিছিল 'আনন্দ-লহৰী' আৰু কবিচন্দ্ৰ দ্বিজে লিখিছিল 'কাম-কুমাৰহৰণ', ধৰ্মপুৰাণ আদি। কবিৰাজ চক্ৰৱৰ্তীয়েও 'দুষ্যন্ত চৰিত্ৰমালা' বা 'শকুন্তলা কাব্য', 'শংখচূড়বধ' আৰু 'ব্ৰহ্মবৈৱৰ্ত পুৰাণ'ৰ অংশবিশেষ আদি লিখাত এইগৰাকী ৰাণী আৰু ৰজা শিৱসিংহৰ পৃষ্ঠপোষকতা লাভ কৰিছিল বুলি উল্লেখ কৰিছে। কিন্তু এইদৰে বহুবোৰ সজগুণৰ
অধিকাৰী হৈও ফুলশ্বৰীৰ কেতবোৰ কাম-কাজ আৰু মইমতীয়া স্বভাৱে অসমৰ ইতিহাসত কেতবোৰ গুৰুতৰ সমস্যা সংযোজন কৰি গৈছে। ফুলেশ্বৰী বৰজা এগৰাকী নৈষ্ঠিক শাক্ত আছিল আৰু তেওঁ কৃষ্ণৰাম ভট্টাচাৰ্যৰ শিষ্যা হৈ তেওঁৰ নিৰ্দেশমতে চলিবলৈ লৈছিল। তুংখুঙীয়া বুৰঞ্জীমতে তেওঁ ঠাকুৰীয়া মহন্তসকলক মতাই আনি আউনীআটী আৰু গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰৰ ওচৰত মূৰ দৌঁৱাবলৈ আজ্ঞা কৰিছিল। ভাগৱতী দেউৰীৰ তত্ত্বাৱধানত শালগ্রাম, ভাগৱত দি পূজা-সেৱা কৰিবলৈ নির্দেশ দিছিল। তেওঁ ব্ৰাহ্মণসকলক বহু মাটি বাৰীও দান কৰিছিল। কিন্তু ঠাকুৰীয়া (শূদ্র) মহন্তসকলে দেৱী পূজা নকৰে বুলি জানি তেওঁ বৰ অসন্তুষ্ট হৈ এবাৰ মহা পয়োভৰেৰে দুৰ্গা পূজা পাতি তালৈ মোৱামৰীয়া বা মায়ামৰা মহন্তকে ধৰি ভালেমান মহন্ত, মেধি আদিক নিমন্ত্ৰণ কৰি আনি বলেৰে তেওঁলোকক মূৰ্ত্তি সেৱা কৰাই কপালত বলিৰ তেজেৰে ফোঁট দি তেওঁলোকৰ ধৰ্মভাৱত চৰম আঘাত আৰু অপমান হানি এক মহাভুল কৰা দেখা গ'ল। মহাপ্রতাপী শূদ্ৰ বৈষ্ণৱ মোৱামৰীয়া মহন্ত আৰু শিষ্যসকলে এই অপমানৰ হোৰ ভুলিবলৈ তেতিয়াই অংগীকাৰ কৰিছিল। এইদৰে নিজ ধৰ্মবিশ্বাসত অন্ধ হৈ তেওঁৰ ধৰ্মক প্ৰজাৰ ওপৰত জাপি দিয়া ফুলশ্বৰী কুঁৱৰী আহোম ৰাজত্বকালত 'বৰজা' পদ লাভ কৰা প্ৰথম মহিলা আছিল।
১৭৩১ খ্ৰীঃত বৰজা ফুলেশ্বৰীৰ মৃত্যু ঘটাত শিৱসিংহই তেওঁৰ ভনীয়েক আৰু সলাল গোহঁাঁইৰ বোৱাৰী দ্রৌপদীক বিয়া কৰি তেওঁক অম্বিকা বা মদাম্বিকা নাম দি 'বৰৰজা' পাতে। এইগৰাকী বৰৰজায়ো শিৱসিংহৰ নামৰ সৈতে যুটীয়াভাৱে মোহৰ মৰাইছিল। এওঁ সোণৰ কলচীৰে শিৱ দ'ল সজাইছিল আৰু পুখুৰী খন্দাইছিল। এইগৰাকী বৰজাৰ শিৱ দৌলটো অসমৰ আটাইবোৰ দ'লৰ ভিতৰত ওখ আছিল। ই ওখই ৮৩- হাত আছিল আৰু ৪ - একৰ মাটিজুৰি এই দ'লটো নিৰ্মিত হৈছিল। উল্লেখযোগ্য এইগৰাকী সাহিত্যৰ প্ৰতি ধাউতি থকা বৰৰজাৰ পৃষ্ঠপোষকতাত সুকুমাৰ বৰকাইথে 'হস্তীবিদ্যাৰ্ণৱ' নামৰ বিখ্যাত পুথিখন ৰচনা কৰিছিল। হস্তী সম্বন্ধীয় সকলোবোৰ তথ্য-পাতিৰে সমৃদ্ধ এই সচিত্ৰ আৰু আকর্ষণীয় পুথিখনে আজিও সকলোৰে
দৃষ্টি আৰু প্ৰশংসা অৰ্জন কৰি আহিছে। অসমৰ ভূতপূৰ্ব চীফ কমিছনাৰ চাৰ আৰ্চডেল আর্লে এই পুথিখন চাই অতি মুগ্ধ হৈ এই বুলি মন্তব্য কৰিছিল যে ইউৰোপৰ যিকোনো পুথিভঁৰাল বা যাদুঘৰত এই পুথিখন এক সন্মানজনক স্থান লাভৰ যোগ্য। ১৭৩৮ খ্ৰীঃত অম্বিকা কুঁৱৰী বৰৰজাৰ মৃত্যু
শিৱসিংহৰ ৰাজত্বকালত তৃতীয় গৰাকী বৰ ৰজা আছিল সৰ্বেশ্বৰী কুঁৱৰী। এওঁৰ পূৰ্বৰ নাম আছিল অনাদৰী আৰু তেওঁ সলাল গোহাঁইৰ জীয়ৰী আছিল। এইগৰাকী বৰৰজাৰ দিনত কেৰী ৰাজমাত্ৰ দল সজা হয়। ৰজাৰ নামৰ সৈতে এওঁৰো যুগ্ম মোহৰ উলিওৱা হৈছিল।
শিৱসিংহৰ দিনত কামৰূপ আৰু বকতাত মাটিৰ পিয়ল হৈছিল। এই পিয়লৰ কাগজবোৰক 'পেৰা কাগজ' বোলা হৈছিল আৰু সেইবোৰ সযত্নে ৰখা হৈছিল। এইবোৰ তাহানিৰ দিনৰ মূল্যৱান নথি-পত্ৰ। তেওঁৰ দিনত মাটিবোৰ দেৱোওৰ, ধৰ্মোত্তৰ, ব্ৰহ্মোত্তৰ আৰু নানকাৰ বা নিকৰ শ্রেণীভুক্ত কৰা হৈছিল। মন্দিৰ, দেৱালয়সমূহত ভূমিদান কৰাৰ ক্ষেত্ৰত তেওঁ এজন অগ্রণী আছিল। উল্লেখযোগ্য যে আহোম যুগৰ যি ৪৮ খন ভূমিদান সংক্রান্ত তামৰ ফলি পোৱা গৈছে তাৰ ভিতৰত ১৯ খনেই আছিল শিৱসিংহৰ দিনৰ। এইজন ৰজাৰ দিনত চোৰাংচোৱাসকলে অতি নিষ্ঠাৰে ৰাজ্যৰ সকলো বাতৰি ৰজাক জনাইছিল। কোনোবাই কিবা হাতে-কামে কৰিলেতো কথাই নাই। আনকি কিবা কথা লাহেকৈ উচ্চাৰণ কৰিলেও চোৰাংচোৱাই কথাবোৰ বিজুলী সঞ্চাৰে ৰজাৰ কাণত পেলাইছিল। শিৱসিংহৰ দিনত আন ভালেমান জনহিতকৰ কাম হৈছিল। বৰজা কেইগৰাকীৰ দিনত নিৰ্মাণ কৰা বিভিন্ন স্থাপত্যৰ বিষয়ে ওপৰত উল্লেখিত হৈছে। শিৱসিংহৰ নিৰ্দেশতেই অশ্বক্ৰান্ত আৰু দীঘ্ৰেশ্বৰীৰ দ'ল সজোৱা হয়। তেওঁৰ ধাইমাকে শিৱসাগৱত বন্ধোৱা আলিটো আজিও ধাই আলি নামেৰে পৰিচিত।
১৭৩৯ খ্ৰীঃত বিল, গডউইন, লিষ্টাৰ আৰু মিল নামেৰে ৪ জন ইউৰোপীয় লোক ৰংপুৰলৈ অহাত শিৱসিংহই নগৰৰ প্রধান দুৱাৰৰ ওচৰত তেওঁলোকক সাক্ষাৎ দিছিল। সাক্ষাৎ কালত এই বিদেশী লোক কেইজনে ৰজাক ভৰি চুই সেৱা কৰি সন্মান জনাইছিল বুলি জনা যায়।
শিৱসিংহৰ দিনতে ৰাজ অনুগ্রহ পাই হিন্দু ধৰ্ম ঠন ধৰি উঠে আৰু এক বুজন সংখ্যক আহোম লোকে এইসময়তে হিন্দু ধৰ্ম গ্ৰহণ কৰা দেখা যায়। ৰজা শিৱসিংহ আৰু তেওঁৰ বৰজাসকলে তেওঁলোকৰ অধিক সময় মন্দিৰ আৰু দ'লদেৱালয় স্থাপনত অতিবাহিত কৰিছিল। মন্দিৰ, দলদেৱালয়ৰ পূজা সেৱাৰ বাবে নিযুক্ত পূজাৰীসকলক ভৰণপোষণৰ বাবে পাইক নিবন্ধনেৰে ভূমিদান কৰা হৈছিল। আহোমৰ পুৰোহিত দেওধাই, বাইলুং আদিয়ে পূৰ্বৰ আহোমসকলৰ দৰে নিজ ধৰ্ম ৰাখিবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকৰ এই প্ৰচেষ্টাৰ ফলাফল সন্তোষজনক আছিল বুলি ক'ব নোৱাৰি। তথাপি চোমদেউৰ পূজাকে আদি কৰি আহোমসকলৰ কেতবোৰ নিয়ম-নীতি তেতিয়াও প্রচলিত আছিল। শিৱসিংহৰ ধৰ্মনীতিৰ এটি সমীক্ষা কৰিলে দেখা যায় যে শাক্ত ধৰ্মৰ অধিক পৃষ্ঠপোষকতা কৰি আনহাতে বৈষ্ণৱসকলৰ ওপৰত বলপূৰ্বকভাৱে সেই ধৰ্ম জাপি দিবলৈ গৈ তেওঁৰ বৰজা ফুলেশ্বৰী কুঁৱৰীয়ে কৰা পয়মালৰ ক্ষেত্ৰত তেওঁ কোনো হস্তক্ষেপ নকৰি ভুল কৰিছিল। আহোমৰ সৈতে বৈষ্ণৱসকলৰ বিৰোধ চুহুংমুং দিহিংগীয়া ৰজাৰ দিনতো আছিল। শংকৰ আৰু মাধৱদেৱে তেতিয়াই আহোম ৰাজ্য এৰি কোচবিহাৰলৈ গৈছিল। কিন্তু সেইসময়ত বৈষ্ণৱসকলক ধৰি আনি শাক্ত ধৰ্মত দীক্ষিত কৰাৰ প্ৰয়াস কৰা নাছিল - কোনো বৈষ্ণৱক কপালত বলিৰ তেজেৰে ফোঁট দিয়া হোৱা নাছিল নাইবা আন ধৰণে অপমান কৰাও নাছিল। ৰজা গদাধৰ সিংহৰ দিনতো এচাম বৈষ্ণৱলোক নির্যাতিত হোৱাৰ বাবে তেওঁলোক ক্ষুব্ধ হৈছিল। কিন্তু লক্ষণীয় যে গদাধৰে তেওঁক পূৰ্বতে দুৰ্য্যৱহাৰ কৰা বৈষ্ণৱসকলকহে বেয়া ব্যৱহাৰ কৰিছিল নাইবা পাইকসকলে ভকত হৈ পাইকখটাৰ অব্যাহতি পোৱাৰ চেষ্টাত বিধি-পথালি দিছিল। অৱশ্যে মোৱামৰীয়া মহন্ত বৈকুণ্ঠনাথক হত্যা কৰি গদাধৰেও তেওঁলোকক জোকাই লৈছিল। ৰুদ্ৰ সিংহয়ো শাক্ত ধৰ্মৰ প্ৰতি অত্যধিক পৃষ্ঠপোষকতাৰে বৈষ্ণৱসকলক অসন্তুষ্ট কৰিছিল সঁচা, কিন্তু শিৱসিংহৰ দিনৰ দৰে জোৰকৈ বৈষ্ণৱ ধৰ্মী লোকক দুর্গা দেৱীৰ মূৰ্তি সেৱা কৰোৱা বা বলিৰ ফোঁট দিয়াৰ দৰে ঘটনাত তেওঁলোকে ইন্ধন যোগোৱা নাছিল। এইদৰে মোৱামৰীয়া মহন্তৰ দৰে প্ৰতাপী মহস্তসকলক অনাহকতে জোকাই
নোলোৱাহেঁতেন বোধকৰো ভৱিষ্যতে মোৱামৰীয়া বিদ্ৰোহ নহ'লহেঁতেন। বৰজা ফুলেশ্বৰীয়ে একপক্ষীয় ধর্মনীতি গ্রহণ কৰাৰ সময়ত তেওঁক এইক্ষেত্ৰত কোনো বাধা প্রদান নকৰাৰ বাবে শিৱসিংহক দোষাৰোপ কৰিবই লাগিব। তদুপৰি আহোমসকলে এইদৰে হিন্দু ধৰ্ম গ্ৰহণ কৰাত বৰ্ণ প্ৰথা অনুসৰি তেওঁলোকক নিম্ন বৰ্ণৰ লোক বুলি অন্য হিন্দুসকলে গণ্য কৰিবলৈ লৈছিল। এইদৰে আহোমসকলৰ মৰ্যাদা ক্ষুণ্ণ হোৱাৰ কালত শিৱসিংহই এক নিষ্ক্রিয় ভূমিকা লোৱাটোও নিশ্চয় এক মহা ভুল হৈছিল আৰু তেওঁৰ এনে ভূমিকাই অনাগত দিনৰ বাবে এক অশুভ ইংগিত দিছিল।
প্রমত্ত সিংহ বা চুনেনফা (১৭৪৪-১৭৫১ খ্রীঃ) ৰুদ্ৰসিংহই মৃত্যুকালত তেওঁৰ পাঁচোজন পুত্রকে জ্যেষ্ঠতানুসৰি ৰজা হ'বলৈ নিৰ্দেশ দি যোৱাৰ বাবে তেওঁৰ মৃত্যুৰ পিছত প্ৰথমজন ৰাজকোঁৱৰ শিৱসিংহই ৰাজপাটত আৰোহণ কৰিছিল বুলি আগতে উল্লেখ কৰা হৈছে। শিৱসিংহৰ মৃত্যু পিছত সেয়ে তেওঁৰ জ্যেষ্ঠ পুত্ৰক সিংহাসন নিদি তেওঁৰ পিছৰজন ভায়েক চুনেনফা বা প্রমত্ত সিংহক সেই সন্মান যচা হৈছিল। প্রমত্ত সিংহই স্থাপত্যৰ ক্ষেত্ৰত ভালেমান অৱদান যোগাইছিল। গড়গাঁৱৰ শিলৰ দুৱাৰ, নতুন পকীঘৰ আৰু ৰংপুৰৰ পকীঘৰ এইজন ৰজাৰ দিনতে সজা হৈছিল। এওঁ গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰে। উত্তৰ গুৱাহাটীত ৰুদ্ৰসিংহ স্বৰ্গী হোৱা ঠাইত তেওঁ ৰুদ্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। তেওঁ মন্দিৰত পাইক নিবন্ধনেৰে মাটিবাৰীও দান কৰিছিল। এওঁৰ দিনতো লোক পিয়লৰ কামকাজ চলি আছিল বুলি জনা যায়।
ৰাজেশ্বৰ সিংহ (১৭৫১-১৭৬৯ খ্রীঃ) ৰুদ্ৰসিংহৰ নিৰ্দেশনাযায়ী তেওঁ পিছত তেওঁৰ প্ৰথম আৰু দ্বিতীয়জন পুত্র যথাক্রমে শিৱসিংহ আৰু প্ৰমত্ত সিংহ ৰজা হোৱাৰ অন্তত ৰাজপাট পাব লাগিছিল তেওঁৰ তৃতীয় পুত্ৰ মোহনমালা গোহাঁয়ে। কিন্তু তেওঁৰ মুখত বসন্তৰ দাগ থকাৰ বাবে তেওঁক ৰজা নাপাতি ডা-ডাঙৰীয়াসকলে চতুর্থজন পুত্ৰ বোন্দা গোহাঁই তথা চুৰেমফা বা ৰাজেশ্বৰ সিংহকহে ৰজা মনোনীত কৰিছিল। এওঁৰ দিনত ভালেমান উল্লেখযোগ্য ঘটনা ঘটিছিল।
এইজন ৰজাৰ দিনত ডফলাসকলে (বর্তমান তেওঁলোক
'নিচি' নামেৰে জনাজাত) সীমান্তৱৰ্তী অসমীয়া গাঁওসমূহত বয়-বস্তু লুটপাত আৰু অন্যান্য উপদ্ৰৱ কৰাত ৰাজেশ্বৰ সিংহই তেওঁলোকক দমনার্থে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছিল। ১৭৫৮ খ্ৰীঃত ডফলাসকলে ঘিলাধাৰীৰ ওচৰত কেইবাবাৰো আহোম সেনাক আক্রমণ কৰাত ৰাজেশ্বৰ সিংহই সেই অঞ্চলত দুর্গ সাব্জি ডফলাসকলক পাহাৰৰ পৰা ভৈয়ামলৈ আহি উপদ্ৰৱ নকৰিবলৈ সকীয়াই দিছিল। এইদৰে ডফলাবিলাকে ভৈয়ামলৈ আহিবলৈ নোৱাৰা হ'লত তেওঁলোকৰ বৰ অসুবিধা হৈছিল। তেওঁলোকৰ গিৰিপথবোৰ আহোম সৈন্যৰ পহৰাৰ ফলত প্ৰায় নিষ্ক্ৰিয় হৈ পৰাত তেওঁলোকে পূৰ্বতে নামনিৰ পৰা ধৰি নিয়া আহোম লোকসকলক ওভটাই দিছিল। তেওঁলোকৰ এটা দলে ভাৰেভেটিয়ে ৰাজেশ্বৰ সিংহক শ্রদ্ধা জনাইছিলহি। কিন্তু ডফলাসকলৰ ওপৰত আগৰে পৰা খং উঠি থকা ৰাজেশ্বৰ সিংহৰ এই ডফলা দলটো দেখি সেই খং দুগুণে চৰিল আৰু তেওঁলোকক বন্দী কৰি থ'লে। এই ঘটনাৰ বাতৰি পাই বন্দী ডফলাকেইজনৰ আত্মীয়-স্বজনে আহি ভৈয়ামৰ পৰা ৩৫ জন অসমীয়া লোক আৰু ২ টা বৰতোপ কাঢ়ি নিলেহি। পিছত অৱশ্যে আহোম ৰজাই ডফলাৰ সৈতে বুজাবুজি কৰিবলৈ সন্মত হ'ল। দুয়ো পক্ষৰ মাজত বন্দী বিনিময় হোৱাৰ উপৰি ডফলাৰ সৈতে নতুনকৈ 'পচা' বন্দৱম্ভ হ'ল। সেই মৰ্মে পাহাৰৰ নামনিৰ কেতবোৰ নিৰ্দিষ্ট গাঁৱৰ প্ৰত্যেক পৰিয়ালৰ পৰা ডফলাসকলে বছৰি ১ পুৰা ধান আৰু ৩২০ টা কড়ি সংগ্ৰহ কৰাৰ নতুন ব্যৱস্থা প্ৰৱৰ্তন হ'ল। ডফলাসকলেও ইয়াৰ বিনিময়ত ভবিষ্যতলৈ ভৈয়ামত উপদ্ৰৱ নকৰাৰ বাবে প্রতিশ্রুতিবদ্ধ হ'ল ।
মিক্ৰিসকলে (বর্তমান তেওঁলোকে নিজকে আর্লেং বোলে) ৰাজেশ্বৰ সিংহৰ দিনত আহোম ৰজাৰ প্ৰাপ্য কৰ দিবলৈ নিবিচৰাত ৰজাই তেওঁলোকৰ বিৰুদ্ধে দুটা অভিযান প্ৰেৰণ কৰিছিল। এই অভিযানৰ এটা আছিল স্থল আৰু আনটো নৌ অভিযান আৰু এই দল দুটাই যথাক্রমে চপানলা আৰু কপিলী নৈৰে আগবাঢ়িছিল। দুয়োটা দল পাহাৰত উঠি একগোট হৈ মিকিৰ গাঁওবোৰত জুই লগাই দি বহুতো বয়বস্তু লুট কৰি ওভতি অহাৰ পথত ৰহাত ৰ'লহি। আহোম সৈন্যই এইদৰে মিকিসকলৰ পৰা লুট কৰি অনা বয়-বস্তুৰ
ভিতৰত টুপী, ছুৰী, দা, কোৰ, যাঠি, ছাগলী আদি উল্লেখযোগ্য। এই ঘটনাৰ পিছত মিকিসকলে দল বান্ধি আহি আহোমৰ ওচৰত শান্তি প্ৰাৰ্থনা কৰিলত ৰাজেশ্বৰ সিংহৰ নিৰ্দেশ মতে সেনাপতি দুজনে মিটমাট কৰিলে। মিক্ৰিসকলকো বহুবোৰ বয়-বস্তু উপহাৰ দিয়া হ'ল। উল্লেখযোগ্য যে মিকিৰ তথা আর্লেংসকলৰ বিৰুদ্ধে এইটোৱেই আছিল আহোমৰ প্ৰথম আৰু শেষ অভিযান।
ৰাজেশ্বৰ সিংহৰ সমসাময়িক কছাৰী ৰজা আছিল সন্ধিকাৰী। তেওঁক আহোম ৰজাই ৰাজসভালৈ নিমন্ত্ৰণ জনোৱাত তেওঁ সেই অনুৰোধ প্রত্যাখ্যান কৰিছিল। তেওঁৰ এনে ব্যৱহাৰত বিতৃষ্ট হৈৰাজেশ্বৰ সিংহই কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ অধীনত কছাৰী ৰাজলৈ এটা অভিযান প্ৰেৰণ কৰে। এই দলটোৰ আগমনৰ কথা জানিব পাৰি সন্ধিকাৰীয়ে নিজে আগবাঢ়ি আহি ৰাজেশ্বৰ সিংহক ভাৰ-ভেটি দি দেখা কৰিছিলহি। সেই সময়ছোৱাতে ব্ৰহ্মদেশৰ (বৰ্তমানৰ 'মায়ানমাৰ') মান সৈন্যই মণিপুৰ ৰাজ্যত আক্ৰমণ কৰাত সেই ৰাজ্যৰ ৰজা জয়চন্দ্ৰই আহি কছাৰী ৰাজ্যত আশ্ৰয় লৈছিলহি। সেয়ে সন্ধিকাৰীৰ ভয় হ'ল যে মণিপুৰৰ পিছত নিশ্চয় মানবিলাকে তেওঁৰ ৰাজ্যতো আক্রমণ চলাবহি আৰু এনে সময়ত অনাহকত আহোমৰ সৈতে শত্ৰুতা নকৰাটোৱেই বুদ্ধিমানৰ কাম হ'ব বুলি ভাবি তেওঁ নিজে আহি ৰাজেশ্বৰ সিংহক দেখা কৰিছিলহি। কছাৰী ৰজাৰ সৈতে তেওঁৰ ৰাজ্যত আশ্রয় লোৱা মণিপুৰৰ ৰজা জয়চন্দ্রও আহোম ৰাজ্যলৈ আহিছিল। ৰাজেশ্বৰ সিংহই কছাৰী ৰজা সন্ধিকাৰীয়ে তেওঁৰ আদেশ অমান্য কৰাৰ বাবে তেওঁক তিৰস্কাৰ কৰিছিল বুলি জনা যায়। পিছত অৱশ্যে তেওঁৰ সৈতে মিত্ৰতা কৰিবলৈ সিদ্ধান্ত লৈ তেওঁ কছাৰী ৰজাক নিজ ৰাজলৈ ওভতি যাবলৈ অনুমতি দিছিল। কছাৰী ৰজা সন্ধিকাৰীয়ে ৰাজেশ্বৰ সিংহক আহি দেখা কৰা ঘটনাটো কোনো কেনো সূত্রই অলপ বেলেগ ধৰণে পৰিবেশন কৰিছে। কিছুমান বুৰঞ্জীমতে কছাৰী ৰজা ৰামৰ খুৰায়েক সন্ধিকাৰীয়ে তিপ্পেৰাৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আহোম ৰজাৰ সহায় বিচাৰিছিল। তিপ্পেৰাৰ আক্ৰমণত হেনো ৰাম মণিপুৰলৈ আৰু সন্ধিকাৰীয়ে মাইবঙলৈ পলাই গৈছিল। কিন্তু কছাৰীসকলৰ সৈতে তিপ্পেৰাৰ এনে বিবাদৰ বিষয়ে
আন আন সূত্রসমূহ সম্পূর্ণ নিমাত।
কছাৰী ৰজা সন্ধিকাৰীৰ সৈতে আহি মণিপুৰৰ ৰজা জয়চন্দ্ৰই ৰাজেশ্বৰ সিংহক সাক্ষাৎ কৰাৰ কথা ওপৰত উল্লেখ কৰা হৈছে। ৰাজেশ্বৰ সিংহৰ দিনত চুবুৰীয়া ৰাজ্য মণিপুৰত ব্ৰহ্মদেশৰ মানসকলে আক্ৰমণ কৰাত ৰজা জয়চন্দ্ৰই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰি নিৰাশ হৈ কছাৰী ৰজা সন্ধিকাৰীৰ আশ্ৰয় লৈছিল। এনেতে সন্ধিকাৰীৰ সৈতে আহোমৰ মনোমালিন্য হোৱাৰ অন্তত সন্ধিকাৰীয়ে আহোম ৰজাক দেখা কৰি সেই মনোমালিন্যৰ অৱসান ঘটাইছিল। এইদৰে আহোম ৰজাক সাক্ষাৎ কৰাৰ কালত সন্ধিকাৰীৰ সৈতে তেওঁৰ আশ্ৰয়ত থকা মণিপুৰৰ ৰজা জয়চন্দ্ৰও আহিছিল। তেওঁ তেওঁৰ দেশৰ পৰা বৰ্মীসকলক বিতাড়িত কৰিবৰ বাবে ৰাজেশ্বৰ সিংহৰ সহায় ভিক্ষা কৰাত তেওঁ ডাডাঙৰীয়াসকলৰ সৈতে আলোচনা কৰি তেওঁ সহায় কৰিব বুলি কথা দিয়ে আৰু সেই মৰ্মে এক বুজন সংখ্যক ৰণুৱাও গোটায়। কিন্তু সমস্যা হ'ল যে কোনে এই সৈন্য দলৰ নেতৃত্ব গ্ৰহণ কৰিব? ৰজাই যিজনকে কয় তেঁৱেই শাৰীৰিক অক্ষমতাকে আদি কৰি ভালেমান অসুবিধাৰ অজুহাতত সেই গুৰুভাৰ ল'বলৈ অনিচ্ছা প্ৰকাশ কৰা দেখা গ'ল। বিষয়াসকলৰ এনে ব্যৱহাৰৰ পৰা সেই সময়ত আহোমৰ মাজত যে সাহিয়াল আৰু কৰ্মোৎসাহী লোকৰ অভাৱ সেই সত্যটো জলজল পটপটকৈ ওলাই পৰিছিল। বিষয়াসকলৰ এনে ধৰণৰ ইতস্ততঃ ভাবে ৰজা ৰাজেশ্বৰ সিংহকো অতি বিতুষ্ট কৰা দেখা গ'ল। খঙৰ ভমকত ৰজাই এনে বিষয়াসকলৰ বিষয়-বাব কাঢ়ি লৈ সা-সম্পত্তি জব্দ কৰাও দেখা গ'ল। অৱশেষত যেনিবা হৰনাথ ভিতৰুৱাল ফুকনে প্ৰায় ৪০,০০০ ৰণুৱাৰ সৈতে মণিপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। দীঘলীয়া পথেৰে মণিপুৰলৈ নগৈ এটা নতুন পথেৰে সোনকালে মণিপুৰত উপস্থিত হ'বৰ বাবে তেওঁ চৰাইদেউৰ দক্ষিণে থকা পাহাৰবোৰৰ মাজেদি যাবলৈ ধৰাত ডাঠ হাবিৰ মাজত সোমায়গৈ। তাৰ পিছত তেওঁ পথ হেৰুওৱাৰ ফলত এই বিৰাট সৈন্য দলটোৰ সৈতে যথেষ্ট নিকাৰ ভুঞ্জিবলগীয়াত পৰে।
বাট-পথ বিচাৰি নাপাই তেওঁলোকে ডাঠ হাবি কাটি পথ উলিয়াবলগীয়াত পৰিল। ফলত দলটোৰ সীমাহীন কষ্ট হল।
তেওঁলোকে ভালদৰে আগবাঢ়িবও পৰা নাছিল। কষ্ট পাই বহুবোৰ ৰণুৱাৰ মাজ পথতে মৃত্যু ঘটিল। ৰ'দ-বৰষুণ আৰু খাদ্যাভাৱেও তেওঁলোকক অশেষ কষ্ট দিলে। ঘন হাবিত ভালেমান সৈন্যৰ সাপৰ কামোৰতো প্রাণ গ'ল। তাতে আকৌ ভূতৰ ওপৰত দানৱৰ দৰে ঠায়ে ঠায়ে নগালোক কেতবোৰে তেওঁলোকক যাঠি, জোং, দা আদিৰে খেদি আহি ভালেমান সৈন্যক মাৰি থৈ গ'ল। বহু ৰণুৱাৰ অনাহাৰ আৰু নানা বেমাৰ-আজাৰত মৃত্যু ঘটিল। যেতিয়া এই সৈন্যসকলৰ দুখ-দুর্দশাৰ বাতৰি ৰাজেশ্বৰ সিংহৰ কাণত পৰিল তেতিয়া তেওঁ দলটোক উভতি আহিবলৈ ক'লৈ। প্রায় আধামৰা হৈ কোনোমতে এই অভিযানত যোৱা দলটো প্ৰত্যাৱৰ্তন কৰাৰ পিছত ৰাজেশ্বৰ সিংহই এই অভিযানৰ সেনাপতিৰ দায়িত্ব লোৱা ভিতৰৱাল ফুকনক হেনো এনেদৰে বাট-পাথ হেৰুৱাই সৈন্যদলক আধামৰা কৰাৰ লগতে অভিযানটোৰ ব্যৰ্থতাৰ বাবে বহু ককৰ্থনা কৰি শাস্তি বিহিছিল। এই অভিযান তথা ৰণযাত্ৰা কালত দুৰ্গম হাবিত নানা গছ-লতা কাটি পথ উলিয়াব লগীয়া হোৱাৰ বাৰে এই অভিযানটো 'লতা-কটা ৰণ' নামেৰে পৰিচিত হৈছিল।
তেওঁ পুনৰ নিজ ৰাজ্য আৰু সিংহাসন উদ্ধাৰত সক্ষম হৈছে সেই কথা মনত ৰাখি জয়চন্দ্ৰই নিজ কন্যা কুৰংগনয়নীক বহু যৌতুকেৰে তেওঁলৈ বিয়া দিছিল। এইদৰে মণিপুৰত সফল অভিযানৰ নেতৃত্ব দি সগৌৰৱেৰে বঁটা-বাহন আৰু ৰজালৈ সুন্দৰী ৰাজকুঁৱৰী লৈ অহা গেছেলা বৰবৰুৱাৰ কৃতকাৰ্যতাক ভূয়সী প্রশংসা কৰি ৰাজেশ্বৰ সিংহই তেওঁক 'কীৰ্তিচন্দ্ৰ' নামেৰে সন্মান জনাইছিল। ৰাজেশ্বৰ সিংহই কুৰংগনয়নীক বিধিমতে বিয়া কৰাই বৰকুঁৱৰী পাতিছিল। কুৰংগনয়নীৰ সৈতে যিসকল মণিপুৰী লোক আহিছিল তেওঁলোকক ৰজাই দিচে নৈৰ পাৰত স্থাপন কৰিলে। মণিপুৰী লোকক অসমীয়া মানুহে 'মগলৌ' বা মগল বুলিছিল বাবে সেই ঠাইডোখৰ তেতিয়াৰে পৰা 'মগলুখাট' নামেৰে জনাজাত হ'ল। কুৰংগনয়নীয়ে সেই ঠাইতে এটা পুখুৰী খন্দাইছিল আৰু সেই পুখুৰীটোক স্থানীয় লোকে নাম দিলে 'মগলু জীয়েকৰ পুখুৰী'
ইয়াৰ পিছত মণিপুৰলৈ পঠিওৱা দ্বিতীয় অভিযানটোৰ দায়িত্ব ৰজাই দিছিল তেওঁৰ এজন প্রিয় বিষয়া গেন্ধেলা বৰবৰুৱাক (পিছলৈ এওঁ কীৰ্তিচন্দ্ৰ বৰবৰুৱা নামেৰে জনাজাত হৈছিল।) গেন্ধেলা বৰবৰুৱাৰ পুত্ৰ খংগিয়া ফুকনে এদল সৈন্য লৈ মণিপুৰলৈ আগবাঢ়িল। এই দলটো ৰহাত ৰ'লগৈ আৰু মন্মথ নগা বৰা নামৰ আন এজনৰ দায়িত্বত ১০,০০০ সৈন্যৰ এটা দলে জয়চন্দ্ৰৰ সৈতে মিৰানলৈ গ'ল । এই ঠাইৰ পৰা কেতবোৰ নগা সৈন্য লৈ জয়চন্দ্ৰই মণিপুৰলৈ যাত্ৰা কৰিলে। ইতিমধ্যে মান বা বর্মীসকলে মণিপুৰত কেলেম্বা নামৰ এজনক ৰজা পাতি নিজ দেশলৈ উভতি গৈছিল। জয়চন্দ্ৰই দ্বিতীয় অভিযানকাৰী দলৰ সহায়ত তেওঁক নিজ ৰাজ্যৰ পৰা খেদি দিছিল। ডক্টৰ ব্ৰাউনৰ 'ষ্টেটিছটিকেল একাউণ্ট অব আসাম'ৰ মতে এই ৰজাজনৰ নাম আছিল বৈৰাং আৰু তেওঁক ধৰি মৃত্যুদণ্ড দিয়া হৈছিল। মানৰ মনোনীত এই ৰজাজনক সবংশে নিধন কৰাৰ পিছত জয়চন্দ্ৰই ৰাজেশ্বৰ সিংহৰ সাহায্যৰ বাবে অশেষ কৃতজ্ঞতা প্ৰকাশ কৰি বহু ভাৰ-ভেটি পঠিয়াইছিল। ৰাজেশ্বৰ সিংহৰ বাবেহে যে
১৭৬৯ খ্ৰীঃত জয়ন্তীয়া ৰজাই আহোম ৰাজ্যৰ সীমাত সৈন্যৰ সমাবেশ ঘটোৱা দেখি ৰাজেশ্বৰ সিংহই তেওঁ তেনে কৰাৰ অভিপ্রায় সম্বন্ধে জানিবৰ বাবে কটকী পঠোৱাৰ কথা চিন্তা কৰিছিল। কিন্তু ডা-ডাঙৰীয়াসকলে তেওঁক পৰামৰ্শ দিলে যে জয়ন্তীয়া ৰজাই যেতিয়া আক্ৰমণৰ যো-জা কৰা নাই, সেই ক্ষেত্ৰত তেওঁক উপযাচি একো নোসোধাই ভাল। কিন্তু এনে ধৰণৰ পৰামৰ্শ ৰজাৰ মনঃপূত নহ'ল আৰু তেওঁ এই বিষয়ে আতি গুৰি উলিয়াবলৈ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক ভাৰ দিলে। বৰবৰুৱাই সেই উদ্দেশ্যে কিছুসংখ্যক সৈন্যৰে ৰহালৈকে আগবাঢ়ি যোৱাত জয়ন্তীয়া সৈন্যসকল নিজেই লৰালৰিকৈ আঁতৰি যোৱা দেখা গ'ল।
এজন বহু গুনৰ অধিকাৰী আৰু উপযুক্ত ৰজাৰ সকলোবোৰ গুণ থকা সত্ত্বেও ৰাজেশ্বৰ সিংহ অতি এলেহুৱা আৰু বিলাসী লোক আছিল। কৰ্মবিমুখ এই ৰজাজনে শাসনৰ সকলো দায়িত্ব কীর্তিচন্দ্ৰ বৰবৰুৱাৰ হাততেই এৰি দিছিল। এইদৰে ৰজাৰ পৰা আসৈ পাই কীৰ্তিচন্দ্ৰই গপতে গংগাটোপ হৈ ডা-ডাঙৰীয়া, গুৰু-গোসাঁই কাকো নমনা হৈছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱা বকতিয়ালৰ কাড়ী খেলৰ লোক আছিল আৰু তেওঁৰ প্ৰকৃত নাম আছিল গেন্ধেলা। এওঁ প্ৰমত্ত সিংহৰ দিনতেই বৰবৰুৱা নিযুক্ত হৈছিল। মণিপুৰ অভিযানত
সফলতা লাভ কৰাত ৰাজেশ্বৰ সিংহই তেওঁক কীৰ্তিচন্দ্ৰ নাম দিয়েই ক্ষান্ত নাথাকি প্রশাসনীয় কাম-কাজৰ সকলোধৰণৰ গুৰু দায়িত্ব তেওঁৰ ওপৰতেই ন্যস্ত কৰিছিল। কীর্তিচন্দ্ৰ আছিল এজন প্ৰখৰ বুদ্ধিসম্পন্ন আৰু তড়িৎ কৰ্মা ব্যক্তি। সেয়ে তেওঁৰ দ্ৰুত উন্নতিৰ পথ উজ্ হৈ উঠিল। কিন্তু এইদৰে ৰজাৰ প্ৰিয়পাত্ৰ হৈ সকলো ক্ষেত্ৰতে ৰজাৰ সোঁহাতস্বৰূপ হৈ পৰা কীৰ্তিচন্দ্ৰৰ ভেম দিনে দিনে বাঢ়ি যোৱাত সম্ভ্রান্ত ডা-ডাঙৰীয়ানকল মহা বিৰক্ত হ'ল।
নুমলী বৰগোহাঁই নামৰ এজন লোক 'চকৰি ফেঁটী' নামৰ বুৰঞ্জীত বকতিয়ালৰ গেন্ধেলা বৰবৰুৱাৰ ঘৰক 'জলমবটা' (জলম তথা দহি বটা লোক) আৰু অনা আহোম বুলি উল্লেখ কৰাত কীৰ্তিচন্দ্ৰ খঙত জাঙুৰ খাই উঠি নৰাদেশৰ পৰা তেওঁৰ নিজৰ আত্মীয় লোক আনি নিজকে আহোম বুলি প্ৰমাণিত কৰিছিল। ইয়াতে ক্ষান্ত নাথাকি তেওঁ ৰাজেশ্বৰ সিংহক বুজাইছিল এইদৰে স্বাৰ্থান্বেষী লোকে ৰজা ঘৰকে আদি কৰি আন লোকৰ কথাও বেয়াকৈ লিখিব পাৰে আৰু সেইবাবে বুৰঞ্জীসমূহ গোটাই আনি ভালদৰে চোৱা-চিতা কৰাটো অতি আৱশ্যক। তেওঁৰ কথাত ৰাজেশ্বৰ সিংহই হয়ভৰ দিয়াত কীৰ্তিচন্দ্ৰৰ আদেশত য'তে যিমান বুৰঞ্জী পালে আনি দম কৰিলে। যিবিলাক বুৰঞ্জীত বিশেষকৈ তেওঁক বা তেওঁৰ পৰিয়ালক ইংগিত কৰি কিবা লিখাৰ প্ৰমাণ পালে সেইবোৰ পুৰি নষ্ট কৰা হ'ল। এই অগ্নিকাণ্ডত ভালেমান বুৰঞ্জী পুথি পুৰি নিঃশেষ হ'ল। এইদৰে যিবোৰ বুৰঞ্জীত বিষম কথাৰ উল্লেখ আছিল সেইবোৰ নষ্ট কৰি, যিবোৰত আপত্তিজনক কথা একো নাছিল সেইবোৰ নিজ নিজ গৰাকীক ওভতাই দিয়া হ'ল।
ওপৰত উল্লেখ কৰাৰ দৰে জুই লগাই ভালেমান বুৰঞ্জী ধ্বংস কৰাৰ বাবে কীৰ্তিচন্দ্ৰ বৰবৰুৱা বহু লোকৰ ৰোষত পৰিল। বহুবোৰ মূল্যৱান তথ্য সম্বলিত বুৰঞ্জী এইদৰে ধ্বংস হোৱাত এচাম লোকৰ অতি খং উঠিল আৰু ৰজাৰ আসৈ পাই উভতি নচা কীৰ্তিচন্দ্ৰক প্ৰাণে মাৰিবলৈ ওলাল। এদিন তেওঁ ৰাজ কাৰেঙত প্ৰৱেশ কৰাৰ কালত এনে এদল লোকে তেওঁক মাৰিবলৈ খেদি যোৱাত তেওঁ প্ৰাণ লৈ পলাল। আনহাতে ভালেকেইজন ষড়যন্ত্ৰী ধৰা পৰাত তেওঁলোকৰ কেইজনমানক প্রাণদণ্ড দি বাকীবোৰক নাক-কাণ কাটি,
অংগচ্ছেদ কৰি এৰি দিয়া হ'ল।
ৰুদ্ৰসিংহৰ তৃতীয় পুত্ৰ ব্ৰজনা গোহাঁই বা মোহনমালা গোহাঁইৰ গাত বসন্তৰ দাগ থকাৰ বাবে ডাঙৰীয়াসকলে তেওঁক ৰাজপাট গ্ৰহণৰ বাবে অযোগ্য বুলি কৈ তেওঁৰ ভায়েক বোন্দা গোহাঁইক ৰাজেশ্বৰ সিংহ নামেৰে ৰজা পতাৰ বিষয়ে আগেয়ে উল্লেখিত হৈছে। ৰাজ সিংহাসনৰ পৰা বঞ্চিত হৈ মোহনমালা গোহাঁয়ে ৰাজেশ্বৰ সিংহৰে বিৰুদ্ধে এটা দল সংগঠনৰ চেষ্টা কৰিছিল। মোহনমালাই যেতিয়া গম পালে যে মোৱামৰীয়া মহন্তয়ো ভালেমান দিনৰ পৰা আহোম ৰজাৰ প্ৰতি বীতশ্রদ্ধ হৈ উঠিছে তেতিয়া তেওঁ এই মহন্তগৰাকীৰ সমৰ্থন আদায়ৰ বাবে সচেষ্ট হৈ তেওঁক এই বুলি কোৱাইছিল যে যদি তেওঁলোকৰ সমৰ্থনত তেওঁ ৰজা হ'ব পাৰে তেন্তে মোৱামৰীয়া মহন্তক তেওঁ আটাইবোৰ মহন্তৰ ওপৰত স্থান দিব। এই প্রতিশ্ৰুতিৰ পিছত মোৱামৰীয়া মহন্তই মোহনমালা গোহাঁই আৰু তেওঁৰ লগৰীয়া সমৰ্থকসকলক বিশ্বাসত লৈছিল।
ইয়াৰ পিছত মোৱামৰীয়া মহন্ত অষ্টভুজদেৱে তেওঁৰনো কিমান শিষ্য আছে সেইটো ভালদৰে জানিবলৈ ইচ্ছা কৰাত তেওঁৰ পুত্ৰ গাগিণি বায়নে যোৰহাটৰ মালৌ পথাৰৰ দ ঠাই এডোখৰত সত্ৰ স্থাপন কৰিব বুলি কৈ প্ৰতিজন শিষ্যকে সেই ঠাইত এচপৰাকৈ মাটি দিবলৈ আহ্বান জনালে। এই আহ্বানত সঁহাৰি দি দলে দলে শিষ্যসকলে আহি এমুঠিকৈ মাটি দি যোৱাত সেই ঠাই ডোখৰত এটা ওখ ভেটি সৃষ্টি হ'ল।এই ভেটিটোকে 'বৰভেটি' বোলা হয়। ভেটিটো দেখি মোৱামৰীয়া মহন্তই অনুমান কৰিলে যে প্ৰয়োজনবোধে তেওঁ প্রায় ৮ লাখ লোক গোটাব পাৰিব। বৰভেটিত সত্ৰ আৰু নামঘৰ পাতি মহন্তই শিষ্যসকলৰ মাজত আহোম বিৰোধী প্ৰচাৰ অভিযান চলাবলৈ ধৰিলে।
এনে প্ৰস্তুতিৰ বিৰুদ্ধে জানিব পাৰি ৰাজেশ্বৰ সিংহই দিহিঙৰ শিলিখাতলীয়া মহন্তক বহু ভাৰ-ভেটিৰে হাত কৰি মোৱামৰীয়া মহন্তৰ গতি-বিধিৰ ওপৰত চকু ৰাখিবলৈ আজ্ঞা দি তেওঁক ৰজাঘৰীয়া বিষয়বাব দিলে আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাই তেওঁৰ ওচৰত শৰণ লৈ তেওঁক অতি ক্ষমতাশালী কৰি তুলিলে। এনেবোৰ কাণ্ড-কাৰখানা প্রত্যক্ষ কৰি মোৱামৰীয়া মহন্তয়ো আহোমৰ বিৰুদ্ধে বিদ্ৰোহৰ বাবে নিজৰ
বল বৃদ্ধিৰ আয়োজনত লাগিল। দিহিঙৰ শিলিখাতলীয়া মহন্তৰ যোগেদি সকলোবোৰ বাতৰি পাই থকা কীৰ্তিচন্দ্ৰই মোৱামৰীয়াসকলৰ প্ৰস্তুতি সম্বন্ধে ৰজাক অৱগত কৰাত তেওঁৰ আদেশমতে মোৱামৰীয়াসকলৰ ওপৰত নানাধৰণৰ অত্যাচাৰ আৰম্ভ হ'ল। উল্লেখযোগ্য যে দিহিঙৰ এই মহন্তজনৰ সা-সম্পত্তি আৰু প্ৰতিপত্তি যথেষ্ট আছিল আৰু সেইবাবেই কীর্তিচন্দ্রই এইজন মহস্তক মোৱামৰীয়া মহন্তৰ সমকক্ষ কৰিবলৈ ৰজাক পৰামৰ্শ দিয়াত ৰজাই তেওঁক আনকি বিষয়বাব দিবলৈকো কুণ্ঠাবোধ কৰা নাছিল।
এইবোৰ ঘটনাৰ কালতে ৰজাই ১৭৬৯ খ্ৰীঃৰ জেঠ মাহত নৰিয়া পাটীত পৰিল আৰু ২১ দিনৰ মূৰত তেওঁৰ মৃত্যু ঘটিল। ৰাজেশ্বৰ সিংহৰ দিনত গড়গাঁও আৰু ৰংপুৰত তলাতল ঘৰ নিৰ্মিত হৈছিল। বশিষ্ঠাশ্ৰম, মণিকৰ্ণেশ্বৰ আৰু চিত্ৰাচল বা নৱগ্ৰহৰ দেৱালয়ত তেওঁ দ'ল সজাইছিল। কামাখ্যাৰ নাতি গোসঁাঁহৰ ওচৰত দীক্ষা লৈ তেওঁকো এইজন ৰজাই ভালেমান মাটিবাৰী দিছিল। তেওঁৰ ৰাজত্বকালত দেৰগাঁওৰ পুৰণি দ'লটো ব্রহ্মপুত্র নদীয়ে খহাই নিয়াত তেওঁ নেঘেৰিটিঙত নতুনকৈ দ'ল নিৰ্মাণ কৰি দিছিল। ৰাজশ্বেৰ সিংহ নিজে শাক্ত আছিল আৰু তেওঁৰ দিনত বিভিন্ন ধৰ্মসম্প্ৰদায়ৰ মাজত মতভেদ হৈ ৰাজ্যখনৰ শান্ত বাতাৱৰণ দুষিত কৰিছিল। কিন্তু মইমতালি স্বভাৱৰ এই ৰজাজনৰ ভালেমান গুণ আছিল। কিন্তু তেওঁ কর্মবিমুখ হোৱাৰ বাবে তেওঁ তেওঁৰ গুণাৱলী আৰু উপযুক্ততা চাই যিমান কাম কৰিব লাগিছিল তাৰ চাৰিভাগ এভাগো কৰি যাব নোৱাৰিলে। কিন্তু তেওঁৰ দিনত প্ৰজাৰ আৰ্থিক স্বচ্ছলতা বিৰাজ কৰিছিল আৰু সাধাৰণতে প্ৰজাসকলৰ দিনবোৰ ভাল ধৰণেই অতিবাহিত হৈছিল।
আলি-পদূলি আদি সাজি তেওঁ প্ৰজাৰ উপকাৰ সধাও দেখা গৈছিল। তেওঁ আছিল এজন শিক্ষিত লোক আৰু সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত এজন আগ্রহী পৃষ্ঠপোষক হিচাপেও তেওঁ সুনাম আৰ্জিছিল। তেওঁ নিজেও আছিল সুকবি আৰু 'কবি চূড়ামণি' বুলি পৰিচিতও হৈছিল। তেওঁ এজন নাট্যকাৰো আছিল আৰু 'কীচক বধ' নামৰ এখন নাটক ৰচনা কৰিছিল।
কিন্তু ৰাজ্য শাসনকালত তেওঁ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক
অনাহকতে প্রাধান্য দিবলৈ গৈ নিজৰে ক্ষতি কৰিছিল। কীৰ্তিচন্দ্ৰই তেওঁৰ পৰা আসৈ পাই যিকোনো লোককে যেতিয়াই তেতিয়াই অপমান কৰি আহোম ৰাজ্যত যি এক বিষাক্ত বাতাৱৰণৰ সৃষ্টি কৰিছিল তাৰ ফলত এই সময়েৰে পৰা আহোম ৰাজত্বৰ অৱনতিৰ দিন আৰম্ভ হৈছিল। বহুতো বুৰঞ্জী লিখকে সেয়ে ৰাজেশ্বৰ সিংহৰ দিনৰ পৰাই আহোমৰ পতনৰ দিন আৰম্ভ হৈছিল বুলি ক'ব খোজে। ৰজাই কেৱল কীৰ্তিচন্দ্ৰ বৰবৰুৱাক প্রাধান্য দিয়াত ডা-ডাঙৰীয়াকে ধৰি অন্যান্য বিষয়া শ্ৰেণী আৰু সম্ভ্ৰান্তলোক তেওঁৰ ওপৰত ইমান বিতুষ্ট হৈছিল যে তেওঁলোকে বাধ্যত পৰিহে তেওঁক ৰজা হিচাপে স্বীকৃতি দিছিল। তেওঁৰ কথা কোনেও শুনিবলৈ নিবিচাৰিছিল আৰু তেওঁৰ আজ্ঞা পালনৰ প্ৰতিও কাৰো আগ্ৰহ নাছিল। মোৱামৰীয়া মহন্তকে ধৰি বিভিন্নজনক অনাহকতে তুচ্ছ-তাচ্ছিল্য কৰি ৰাজেশ্বৰ সিংহই যি ভুল কৰিছিল তাৰেই অন্যতম ফলশ্রুতি আছিল আহোমৰ অৱনতি। ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালে অনাগত দিনবোৰৰ বাবে অশুভ ইংগিত কঢ়িয়াই আনিছিল আৰু বিশেষকৈ মোৱামৰীয়া বিদ্ৰোহৰ বীজ দুগুণে অংকুৰিত হ'বলৈ ধৰাত আহোম ৰাজত্বৰ ভেটি দুৰ্বল হ'বলৈ আৰম্ভ কৰিছিল। (চ) আহোম ৰাজ্যৰ অৱনতি আৰু পতন - মোৱামৰীয়া বিদ্ৰোহ, ৰাজভবন আৰু মানৰ আক্ৰমণ আদি (লক্ষ্মীসিংহ বা চুন্যেউফা - মানৰ দিন ১৭৬৯-১৮২৬ খ্রীঃ) লক্ষ্মীসিংহ বা চুন্যেউফা (১৭৬৯-১৭৮০):
লক্ষ্মীসিংহবা চুন্যেউফা স্বৰ্গদেউৰ দিনত আহোম ৰাজ্যত ভালেমান গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল। এইজন ৰজাৰ দিনতে আৰম্ভ হৈছিল বিখ্যাত মোৱামৰীয়া বিদ্রোহ। এই বিদ্ৰোহৰ ফলত লক্ষ্মীসিংহই কিছুদিনৰ বাবে সিংহাসনচ্যুত হৈ জয়দ'লত বন্দী হিচাপে দিন কটাবলগীয়াত পৰিছিল। এওঁ আছিল ৰুদ্ৰসিংহৰ কনিষ্ঠ পুত্ৰ। ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত কোন ৰজা হ'ব সেই প্রশ্নটোৱেও যথেষ্ট মতানৈক্যৰ সৃষ্টি কৰিছিল। ৰাজেশ্বৰ সিংহৰ টান নৰিয়াৰ বাতৰি পাই কীৰ্তিচন্দ্ৰ বৰবৰুৱাই ততাতৈয়াকৈ ৰাজধানী আহি ওলাইছিল আৰু নামৰূপৰ ৰজা ৫৩ বছৰীয়া লক্ষ্মীসিংহক সিংহাসনৰ ন্যায্য উত্তৰাধিকাৰী বুলি সজোৰে দাবী কৰিছিল। তেওঁ সকলো ডা-ডাঙৰীয়া আৰু বিষয়াসকলক এই বুলি ডাঠি কৈছিল যে
ৰুদ্ৰসিংহ স্বৰ্গদেৱে তেওঁৰ মৃত্যুশয্যাত এওঁৰ পাঁচজন পুত্ৰই ইজনে সিজনৰ পিছত ৰাজপাট লাভ কৰিব বুলি যিহেতু ইচ্ছা প্ৰকাশ কৰিছিল সেয়ে এতিয়া সিংহাসনৰ একমাত্ৰ দাবীদাৰ হ'ল লক্ষ্মী সিংহ। কিন্তু ডা-ডাঙৰীয়া আৰু বিষয়াসকলৰ মাজৰ কেইজনমানে ক'লে যে তেওঁলোকে তেনে কথা কেতিয়াও শুনা নাই। তেওঁলোকে সকলোকে মনত পেলাই দিলে যে লক্ষ্মীসিংহক ৰুদ্ৰসিংহই দেখিব নোৱাৰিছিল আৰু তেওঁৰ গাৰ বৰণ মলিয়ন হোৱাৰ উপৰি দেখা-শুনাতো আন ৰাজকোঁৱৰকেইজনৰ সৈতে তেওঁৰ মিল নথকাত আনকি তেওঁক নিজৰ সন্তান বুলি ক'বলৈকো ইতস্ততঃ কৰিছিল। সেইবাবে এতিয়া ৰাজেশ্বৰ সিংহৰ ডাঙৰ পুত্ৰজনকহে ৰাজপাট দিয়া উচিত। এইবোৰ নানাজনৰ নানা মতপ্ৰকাশৰ অন্তত অৱশেষত লক্ষ্মীসিংহকে ৰাজপাট দিবলৈ সকলোৱে মিলি সিদ্ধান্ত লোৱা দেখা গ'ল। সেই মর্মে সিংহাসনখন অৱশেষত লক্ষ্মীসিংহৰ ভাগতেই পৰিল। এইদৰে কীৰ্তিচন্দ্ৰ বৰুৱাৰ প্ৰভাৱ, প্ৰতিপত্তি আৰু সদিচ্ছাৰ ফলত সিংহাসন লাভ কৰা লক্ষ্মীসিংহৰ দিনত স্বাভাৱিকতে তেওঁৰ প্ৰতিপত্তি আৰু বৃদ্ধি পালে।
আনহাতে জন্মত গণ্ডগোল থকা বুলি সন্দেহ কৰি এইজন ৰজাক স্বীকাৰ নকৰে বুলি কোৱাত কামাখ্যাৰ পৰ্বতীয়া গোহাঁইৰ প্ৰতি অসন্তুষ্ট হোৱা লক্ষ্মীসিংহই আন এজন পুৰোহিত আনিলে। এই পুৰোহিতজনৰ নাম আছিল ৰমানন্দ ভট্টাচাৰ্য। ঘোৰ শাক্ত এই পুৰোহিতজনক ন-গোসাঁই হিচাপে প্ৰতিষ্ঠা কৰিছিল।ন-গোসাঁইজন পহুমৰীয়া গোসাঁই নামেৰেও জনাজাত আছিল।
ৰাজপাট নিষ্কণ্টক কৰিবৰ ভাবে লক্ষ্মীসিংহই ৰাজেশ্বৰ সিংহৰ পুত্ৰদ্বয় তিপাম আৰু চাৰিংগীয়া ৰজাক নামৰূপলৈ নির্বাসন দিছিল। ৰাজেশ্বৰ সিংহৰ শৱদেহ ব্ৰহ্মপুত্ৰৰ পাৰত দাহ কৰি ছাইখিনি তেওঁ আহোম নিয়মেৰে চৰাইদেউত পুতি থোৱালে। এইদৰে হিন্দু মতে মৃত আহোম ৰজাৰ শৱ দাহ কৰি তেওঁ গোড়া আহোম লোকসকলৰ অপ্রিয়ভাজন হৈছিল।
ৰজা হিচাপে লক্ষ্মীসিংহ এজন এলেহুৱা আৰু অকর্মণ্য শাসক আছিল বুলি সমালোচকসকলে মত পোষণ কৰা দেখা যায়। তেওঁ ৰুদ্ৰসাগৰ নামৰ বিশাল পুখুৰী এটা খন্দাইছিল।
দিখৌ নদীৰ ওপৰত এখন দলং সাজিবলৈ মনস্থ কৰি তাৰ বাবে ৰংপুৰৰ তলাতল ঘৰৰ চূড়া খহাই ইটা যোগাৰ কৰিছিল, সেই দলং সজাৰ আঁচনি বাস্তৱত পৰিণত নহ'ল। ৰংপুৰৰ বগী দল নিৰ্মাণৰ কাম অৱশ্যে তেওঁ সম্পূৰ্ণ কৰিছিল।
কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত অতিশয় ক্ষমতা দান কৰি তেওঁ অন্যান্য ডা-ডাঙৰীয়া বিষয়াসকল আৰু প্ৰজাৰ মনত গভীৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। তেওঁৰ ৰাজত্বৰ সমুদায় কালত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই যেন এটা কুগ্ৰহৰ দৰে তেওঁৰ ওপৰত ভৰ কৰিছিল। এইজন ৰজাই সকলো ক্ষেত্ৰতে কীৰ্তিচন্দ্ৰৰ ওপৰত নিৰ্ভৰ নকৰি যদি আন ডাডাঙৰীয়াসকলৰ পৰাও কিছু সজ পৰামৰ্শ ল'লেহেঁতেন বা অন্ততঃ নিজৰ বুদ্ধি বিবেচনাৰেও চলিলেহেঁতেন তেন্তে তেওঁৰ দিনত মোৱামৰীয়াসকলৰ পুঞ্জীভূত অসন্তোষৰ এক সর্বনাশী বিস্ফোৰণ নঘটিলেহেঁতেন আৰু ৰাজভগনৰ দৰে
গুৰুত্বপূৰ্ণ দুৰ্ঘটনাও সংঘটিত নহ'লহেঁতেন।
প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সুত্রপাত, বিস্তৃতি আদি : নিৰপেক্ষ দৃষ্টিৰে বিচাৰ কৰিলে দেখা যায় যে মোৱামৰীয়া বিদ্ৰোহৰ বাবে কেৱল লক্ষ্মীসিংহহে দায়ী আছিল সেইটো নহয়। প্রকৃতপক্ষে তেওঁ সিংহাসন আৰোহণ কৰাৰ বহু পূৰ্বৰে পৰা মোৱামৰীয়া সত্ৰ আৰু আহোম ৰজা ঘৰৰ সম্বন্ধৰ অৱনতি ঘটিছিল। সেয়ে সদ্যহতে মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ বিশ্লেষণ কৰি ইয়াৰ প্ৰকৃতি নিৰ্ণয়ৰ চেষ্টা নকৰি এই অধ্যায়ৰ প্ৰথম ভাগত যি দুজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল তেওঁলোকৰ ৰাজত্বকালৰ অন্যান্য ঘটনাসমূহ আলোচনা কৰা যাওক। ইয়াৰ লগতে মোৱামৰীয়া বিদ্রোহে তেওঁলোকৰ ৰাজত্বকালত কি ধৰণৰ গতি লৈছিল আৰু কিদৰে সেই বিদ্রোহ নিষ্প্রভ হ'ল আদি সম্বন্ধেও আলোকপাত কৰা যাওক। তিনিওটা মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত আৰু বিস্তৃতি আদিৰ বিষয়ে বর্ণনা কৰাৰ পিছত এই বিদ্ৰোহৰ বিভিন্ন কাৰণ আৰু প্ৰকৃতি নিৰ্ণয়ৰ চেষ্টা কৰিলেহে বোধকৰো মোৱামৰীয়া বিদ্ৰোহ সম্বন্ধে খৰচি মাৰি এক বহল ভিত্তিত আলোচনা সম্ভৱ হ'ব। বিদ্রোহ শেষ হোৱাৰ পিছতো মোৱামৰীয়াবিলাকে পৰবৰ্তী ৰজা কমলেশ্বৰ সিংহৰ দিনতো মূৰ দাঙি উঠিছিল। সেইবাবে মোৱামৰীয়া বিদ্ৰোহৰ সমীক্ষা এইজন ৰজাৰ ৰাজত্বকালতহে কৰাটো উচিত হ'ব।
মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হয় ১৭৬৯ খ্রীঃত। প্রথম মোৱামৰীয়া বিদ্ৰোহ হয় লক্ষ্মীসিংহৰ দিনত আৰু দ্বিতীয় আৰু তৃতীয়টো বিদ্ৰোহ হয় গৌৰীনাথ সিংহৰ দিনত। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেপ্টেইন ৱেলছে আহি গৌৰীনাথ সিংহক এই বিদ্রোহ দমনৰ ক্ষেত্ৰত সহায় আগবঢ়াইছিল। কিন্তু ৱেলছৰ প্ৰত্যাৱৰ্তনৰ পিছত পুনৰ বিভিন্ন ঠাইত বিদ্ৰোহ মূৰ দাঙি উঠিছিল। শেষৰ ফালে অৱশ্যে বিদ্ৰোহবোৰ বিভিন্ন ঠাইত ছেগা চোৰোকাকৈ হৈছিল আৰু বিদ্ৰোহীসকলৰ মাজত সংগঠনৰ অভাৱ দেখা গৈছিল। যিবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত লক্ষ্মীসিংহৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্রোহে দেখা দিলে সেইবোৰ আছিল এনে ধৰণৰ
লক্ষ্মীসিংহ স্বৰ্গদেৱে কীৰ্তিচন্দ্ৰৰ হাতত ৰাজ্যৰ প্ৰায় সকলো ক্ষমতা অৰ্পণ কৰাৰ ফলত এই বৰবৰুৱাজন গপতে গংগাটোপ হৈ উঠিছিল। এইজন কীৰ্তিচন্দ্ৰই লক্ষ্মীসিংহৰ আগৰ্জন ৰজা ৰাজেশ্বৰ সিংহৰ দিনতো নানা ধৰণৰ মইমতালি কৰি ডা-ডাঙৰীয়াকে আদি কৰি সাধাৰণ প্ৰজাকো বিতৃষ্ট কৰাৰ বিষয়ে আগেয়ে উল্লেখ কৰা হৈছে। এতিয়া লক্ষ্মীসিংহ স্বৰ্গদেৱক ৰাজপাট লাভৰ সময়ত সমৰ্থন কৰি কীৰ্তিচন্দ্ৰ তেওঁৰ অতি প্রিয়পাত্ৰ হৈ পৰিল। ফলত ৰাজ্যখনত এতিয়া যেন লক্ষ্মীসিংহ হ'ল বহি ৰজা আৰু কীৰ্তিচন্দ্ৰ উঠি ৰজা ! এনে সন্ধিক্ষণতে এদিন লক্ষ্মীসিংহৰ সৈতে একেখন নাৱেৰে কীৰ্তিচন্দ্ৰই ক'ৰাবলৈ যাওঁতে মাজপথতে মোৱামৰীয়া মহন্তক ব্ৰহ্মপুত্ৰৰ পাৰত থিয় হৈ থকা দেখিলে। ৰজাক দেখি মহন্তই তেওঁক সেৱা জনাই সন্মান জনালে যদিও কীর্তিচন্দ্ৰক দেখিও হেনো নেদেখা ভাও জুৰিলে। এই ঘটনাটোৱে কীৰ্তিচন্দ্ৰক ইমানেই উত্তেজিত কৰিলে যে তেওঁ মহন্তজনক অতি কটু ভাষাৰে তিৰস্কাৰ কৰাৰ মূৰকতহে তেওঁৰ খঙৰ ভমক কমিল। মোৱামৰীয়া মহন্তৰ দৰে এজন সন্মানীয় ব্যক্তিৰ পক্ষে এনে ধৰণে কীৰ্তিচন্দ্ৰৰ তিৰস্কাৰ সহ্য কৰাটো টান হ'ল। এই ঘটনাটোৱে মোৱামৰীয়া সত্ৰৰ শিষ্যসকলকো অতি বিতৃষ্ট কৰা দেখা গ'ল। ইয়াৰ কিছুদিন পিছত ঘটা আৰু এক ঘটনাই মোৱামৰীয়াসকলক উত্তেজিত কৰিলে।
১৭৬৯ খ্ৰীঃৰ ছেপ্টেম্বৰ মাহৰ ১৫ তাৰিখে মোৱামৰীয়া সত্ৰৰ শিষ্য আৰু মৰাণসকলৰ হাতীচুংগীখেলৰ দুজন নেতা
নাহৰখোৰা শইকীয়া আৰু ৰাঘৱ নেওগে আহোম ৰজা আৰু অন্যান্য বিষয়াসকলক বার্ষিক হিচাপে দিবলগীয়া হাতীকেইটা দিবলৈ আহি কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ অনুমতি নোলোৱাকৈ প্ৰথমে ৰজা আৰু অন্যান্য বিষয়াসকলক হাতী দিয়াৰ পিছত অৱশেষত যিটো হাতী বাকী ৰ'ল সেইটোহে নি তেওঁক দিলেগৈ। ইয়াতে অপমান পাই কীৰ্তিচন্দ্ৰই হাতীটো বহু ধৰণে চাই চিতি ভালেমান খুঁত উলিয়াই দুয়োজনকে বহু ককৰ্থনা কৰি মূৰ খুৰাই ৰাঘৱ নেওগক মাটিত পেলাই ২০ টা কোব শোধালে আৰু নাহৰখোৰাক কাণ কাটি গতিয়াই খেদি পঠিয়ালে। কীৰ্তিচন্দ্ৰৰ এনে দুৰ্য্যৱহাৰত লাজে-অপমানে নাহৰখোৰা শইকীয়া আৰু ৰাঘৱ মৰাণে তেওঁলোকৰ গুৰু মোৱামৰীয়া সত্ৰাধিকাৰৰ ওচৰলৈ গৈ আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ অনুমতি বিচৰাত সত্ৰাধিকাৰ মহন্তই তৎকালে অনুমতি নিদি বহু ভাবি-চিন্তি চাই এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকি এই বিদ্ৰোহৰ বাবে সন্মতি দিলে। মোৱামৰীয়া মহন্তই হেনো মৰাণসকলক বিদ্ৰোহ কৰি আহোমৰ হাতৰ পৰা ৰাজদণ্ড কাঢ়ি আনিবলৈ হাক দি কৈছিল যে বিদ্ৰোহৰ অন্তত তেওঁলোকে তুংখুঙীয়া ফৈদৰ কোঁৱৰ এজনকহে ৰজা পতা উচিত হ'ব। এইদৰে বিদ্ৰোহৰ প্ৰস্তুতি আৰম্ভ হ'ল। কীৰ্তিচন্দ্ৰৰ দ্বাৰা অপমানিত হোৱাৰে পৰা মোৱামৰীয়া মহন্তৰ মনতো এটা বিক্ষোভৰ ভাব আছিল যদিও তেওঁ অতি সংযতভাৱেহে এই বিদ্রোহ হোৱাটো বাঞ্ছা কৰিছিল। ইয়াৰ পিছত মোৱামৰীয়া মহন্তই তেওঁৰ ভালেমান শিষ্য একগোট কৰি নামৰূপলৈ গ'ল। নামৰূপত মহন্তক আদৰিবলৈ অসংখ্য মৰাণ আৰু কছাৰী শিষ্য ৰৈ আছিল। মহন্তৰ পুত্ৰ বায়নে এই সময়তে 'নামৰূপীয়া ৰজা' উপাধি গ্ৰহণ কৰিলে।
এই সময়তে লক্ষ্মীসিংহ স্বৰ্গদেৱৰ ককায়েক মোহনমালা গোহাঁয়েও বিদ্রোহী দলত যোগ দিয়েহি। মুখত বসন্তৰ দাগ থকাৰ বাবে এওঁক সিংহাসন লাভৰ পৰা বঞ্চিত কৰাৰ বিষয়ে আগেয়ে উল্লেখ কৰা হৈছে। কিছুদিন পিছত মোৱামৰীয়া বিদ্ৰোহীৰ দলত যোগ দিয়া আন দুজন ৰাজকোঁৱৰ আছিল ৰাজেশ্বৰ সিংহৰ পুত্ৰ চাৰুসিংহ আৰু ৰত্নেশ্বৰ। মোহনমালা গোহাঁইক মৰাণ বিদ্রোহীসকলে জয় লাভ কৰিলে ৰজা পাতিম বুলি কথা দিছিল। এইজনম্ৰাজকোঁৱৰক বহু বিষয়া
আৰু সাধাৰণ প্ৰজায়ো পছন্দ কৰিছিল বুলি জনা যায়। সেয়ে মোৱামৰীয়াসকলে মোহনমালা গোহাঁইৰ জৰিয়তে কীৰ্তিচন্দ্ৰৰ বিৰোধী বিষয়াসকলৰো সহায় লাভ কৰিব বুলি আশা কৰিছিল।
এইবোৰ বাতৰি পাই লক্ষ্মীসিংহই বায়নক ধৰিবলৈ সৈন্য পঠিওৱাত এই সৈন্য দল পৰাক্ত হ'ল। ইয়াৰ পিছত ডিব্ৰু নৈৰ পাৰৰ যুঁজত মোৱামৰীয়াসকল হাৰিছিল যদিও পিছলৈ মোৱামৰীয়াসকলক হৰুৱাব নোৱৰা হ'ল। এইদৰে ১৭৬৯ খ্ৰীঃৰ ভিতৰত মোৱামৰীয়াসকলে প্রায় ৭০০০ সেনাৰে এটা বাহিনী প্রস্তুত কৰিলে। এনে সময়তে কীর্তিচন্দ্ৰ বৰবৰৱাই মৰাণ জনজাতিৰ ঘন বসতিপূর্ণ অঞ্চলত কিছুমান মানুহক কাঠ কাটিবলৈ পঠিওৱাত মৰাণসকলে তেওঁলোকক মাৰিবলৈ খেদি আহিল। এই বাতৰি পাই কীর্তিচন্দ্ৰই বেজ টেকেলা বৰাৰ নেতৃত্বত প্ৰায় ২০০০ সৈন্য পুনৰবাৰ সেই অঞ্চললৈ প্ৰেৰণ কৰাত আকৌ মৰাণসকলে খেদি আহিল। ফলত দুয়ো পক্ষৰে যুঁজ-বাগৰ লাগিল। মৰাণসকলে প্রাণটাকি যুঁজ দিলে। যুঁজত নাহৰ খোৰা শইকীয়াৰ পত্নীদ্বয় ৰাধা আৰু ৰুক্মিনীয়ে মহা পৰাক্ৰমেৰে শত্ৰুক প্ৰত্যাহ্বান জনাই সকলোকে তভক খুৱাইছিল। এওঁলোকৰ আক্ৰমণত পিচ হুহুঁকিবলৈ আৰম্ভ কৰা আহোম সেনাসকলৰ মুখে মুখে এটা গুজব বিয়পি পৰিছিল যে ৰাধা, ৰুক্মিণীয়ে তীব্র গতিত আহোম সেনাৰ ওপৰত আক্ৰমণ চলোৱাৰ বাহিৰেও নিজ আঁচল পাতি গুলীবোৰ ধৰিছে - তেওঁলোক সাধাৰণ তিৰোতা নহয়, কোনোবা দেৱীহে! এই যুঁজত আহোমদলৰ শোচনীয় পৰাজয় ঘটিল আৰু ইতিমধ্যে হাজাৰ বিজাৰ শিষ্য আহি লগ লগাত মোৱামৰীয়া দলটোৱে আগবাঢ়ি আহি চেঁচা নদীৰ ওচৰত শিবিৰ পাতিলেহি।
মোৱামৰীয়াসকৰ সমৰ্থকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিলে। বিদ্ৰোহীসকলৰ শক্তি, মনোবল আৰু দৃঢ়তা দেখি ৰাজমন্ত্ৰী ঘনশ্যাম বুঢ়াগোহাঁয়ে লক্ষ্মীসিংহক এই বুলি পৰামৰ্শ দিছিল যে, মোৱামৰীয়াসকলৰ শক্তিক অৱমূল্যায়ন কৰা উচিত নহয়। এই শক্তি দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু যিকোনো মুহূৰ্তত তেওঁলোকে আহোম ৰজাক চৰম বিপদত পেলোৱাৰ আশংকাই দেখা দিছে। সেয়ে এওঁলোকৰ সৈতে যুঁজ নকৰি এটা বুজাবুজিলৈ অহাটোহে ভাল হ'ব।
কিন্তু দূৰদৃষ্টিসম্পন্ন বুঢ়াগোহাঁই ডাঙৰীয়াৰ পৰামৰ্শত স্বৰ্গদেৱ লক্ষ্মীসিংহই কোনো গুৰুত্ব নিদিলে আৰু পুনৰবাৰ কীৰ্তিচন্দ্ৰৰ পৰামৰ্শহে গ্ৰহণ কৰিলেগৈ। সেইমতে ১৪,০০০ সৈন্যদল গোটাই হৰনাথ ভিতৰুৱাল ফুকনৰ নেতৃত্বত পুনৰবাৰ মোৱামৰীয়া বিদ্রোহ দমনৰ বাবে অভিযান আৰম্ভ হ'ল। চেঁচা নদীৰ দলং পাৰ হৈ এই সৈন্যদল মোৱামৰীয়াৰ কোঠৰ ফালে আগবঢ়াৰ চেষ্টা কৰি থাকোতে বিদ্রোহী দলে দলং ভাঙি আহোম দলৰ খাদ্য সৰবৰাহত বিঘিনি ঘটোৱাত তেওঁলোক শ'লঠেকত পৰিল। এই সুযোগতে পুনৰবাৰ মোৱামৰীয়া বিদ্রোহীয়ে আহোম সৈন্যক পৰাজিত কৰিবলৈ সক্ষম হ'ল।
এইবাৰ মোৱামৰীয়া বিদ্রোহীসকলে দুগুণ উৎসাহেৰে চৰাইদেউ পাহাৰ অতিক্ৰম কৰি গড়গাঁৱৰ ফালে আগবাঢ়িল । ইতিমধ্যে লক্ষ্মীসিংহৰ নিৰ্দেশানুসৰি গুৱাহাটীৰ বৰফুকনে গড়গাঁও অভিমুখে সৈন্য পঠিয়াইছিল যদিও তেওঁলোক আহি পোৱাৰ আগতেই হাজাৰ বিজাৰ মোৱামৰীয়া সৈন্যই গড়গাঁও সোমালেগৈ। এইদৰে প্ৰায় হেলাৰঙে গড়গাঁও সোমাবলৈ সক্ষম হোৱা বিদ্ৰোহীসকলে হৈ হৈ কৰি ৰংপুৰলৈ আগবাঢ়িল। ইতিমধ্যে গুৱাহাটীৰ বৰফুকনে পঠিওৱা সৈন্যদল এটা ৰাজধানী পোৱাত লক্ষ্মীসিংহই সৈন্যসকলক তিনি ভাগত ভাগ কৰি একোজনকৈ বিষয়াৰ নেতৃত্বত তিনিটা ভিন ভিন পথেৰে বিদ্ৰোহীসকলক ভেটিবলৈ পাচিলে। সৈন্যসকলক নেতৃত্ব দিয়াসকল আছিলদিহিংগীয়া ফুকন বৰপাত্ৰ গোহাঁই আৰু গুৱাহাটীৰ ডেকাফুকন। কিন্তু বিদ্ৰোহীৰ সমুখত তেওঁলোক তিস্তিব নোৱাৰিলে। এইদৰে আহোম ৰজাই ৰাজধানী ৰক্ষা কৰিবলৈ চেষ্টা কৰি থকাৰ কালতে ৰাজধানীত থকা কেতবোৰ ৰাজ বিষয়া, কৰ্মচাৰী আৰু মোৱামৰীয়া শিষ্যই গুপুতে বিদ্ৰোহীসকলক যুদ্ধৰ গোপনীয় সম্ভেদ যোগাইছিল বুলি জনা যায়। কীৰ্তিচন্দ্ৰ আৰু কীৰ্তিচন্দ্ৰৰ আতিশয্যৰ বাবে ৰজা লক্ষ্মীসিংহক দায়ী কৰা ভালেমান লোকে এই সময়তে বিদ্রোহী দলত যোগ দিয়াত ৰজাঘৰীয়া সৈন্যদলৰ বিপৰ্যয় দুগুণে বাঢ়িছিল।
গতি বিষম দেখি স্বৰ্গদেৱ লক্ষ্মীসিংহ, কীৰ্তিচন্দ্ৰ বৰুৱা, বুঢ়াগোহাঁই, বৰ গোহাইকে ধৰি ভালেমান বিষয়াই নাৱেৰে
গুৱাহাটীলৈ বুলি পলাবলৈ ধৰাত বিদ্ৰোহীদলে তেওঁলোকৰ পিছে পিছে খেদি গৈ সোনাই নৈ পাৰ হ'বলৈ চেষ্টা কৰি থকা অৱস্থাতে ধৰা পেলাই বন্দী কৰি আনিলে। স্বৰ্গদেৱ লক্ষ্মীসিংহক জয়দ'লত বন্দী কৰি থৈ কীৰ্তিচন্দ্ৰ বৰবৰুৱা আৰু তেওঁৰ পুত্ৰসকলক লোহা লগাই হাতীশালত থাকিবলৈ দিলে। বিদ্ৰোহীৰ হাতত বন্দী হোৱা কেইবাজনো লোকক হত্যা কৰা হৈছিল যদিও তেওঁলোকে অধিক সংখ্যক লোকক প্রাণে নামাৰি বন্দী কৰিহে ৰাখিছিল।
বিদ্রোহীসকলে এইদৰে জয়লাভ কৰাৰ মূৰকত মোৱামৰীয়া মহন্তৰ পুত্ৰ বায়নক ৰজা পাতিবলৈ বিচাৰিছিল। কিন্তু মহন্তই বায়নক ৰজা হ'বলৈ হাক দি নাহৰখোৰা শইকীয়াৰ পুত্ৰ ৰমাকান্তকহে ৰাজপাট দিবলৈ পৰামৰ্শ দিছিল। পিতৃৰ এনে হস্তক্ষেপত গাগিনি বায়ন ক্ষুণ্ণ হৈছিল বুলি জনা যায়। এইদৰে ৰমাকান্ত ৰজা হ'ল ।
নাহৰৰ পুত্ৰ দুজনক যথাক্রমে তিপাম আৰু চাৰিঙৰ ৰজা বুলি ঘোষণা কৰা হ'ল। বিদ্ৰোহৰ অন্যান্য নেতাসকলকো উচ্চ বিষয়বাব দি পূৰ্বৰ আহোম বিষয়াসকলৰ বাসভৱনসমূহত থাকিবলৈ দিয়া হ'ল। ৰাঘৱ মৰাণ বৰবৰুৱা হ'ল। তেওঁ লক্ষ্মীসিংহ আৰু ৰাজেশ্বৰ সিংহৰ কুৱঁৰীসকলক নিজৰ কৰি ল'লে। এইদৰে বলপূৰ্বকভাৱে ধৰি নিয়া কুঁৱৰীসকলৰ ভিতৰত মণিপুৰৰ কুৰংগনয়নীও আছিল। উল্লেখযোগ্য যে, ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত লক্ষ্মীসিংহই কুৰংগনয়নীক বিয়া কৰাই কুঁৱৰী কৰি লৈছিল। এতিয়া ৰাঘৱ মৰাণে কুৰংগনয়নীক'জোৰকৈ নিজৰ ভাৰ্যা হিচাপে ৰাখিলে। ১৭৬৯ খ্ৰীঃত ৰমাকান্ত ৰজাৰ নামেৰে ন-চুকীয়া মোহৰ মৰা হ'ল। অৱশ্যে তেওঁ নামতহে ৰজা হ'ল, শাসনৰ ঘাই জৰীডাল ৰাঘৱ মৰাণে ৰাখিলে। ৰাঘ মৰাণে কীৰ্তিচন্দ্ৰৰ বাসভৱনটো দখল কৰিলে। তেওঁ তিনিজন বিদ্রোহী নেতাক বুঢ়াগোহাঁই, বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁইৰ বিষয়বাব দিলে। সকলোবোৰ উচ্চ পদত নিজৰ লোকক নিযুক্তি দি সৰু সুৰা পদত পূৰ্বৰ ৰজা দিনৰ মানুহখিনিকে থাকিবলৈ দিলে। উল্লেখযোগ্য যে বিদ্রোহীসকলে ৰংপুৰ অধিকাৰ কৰাৰ বাতৰি পাই পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি ৰাজপাটত বহিবলৈ বুলি মোহনমালা গোহাঁই আহি উপস্থিত হৈছিল যদিও ৰাঘ মৰাণৰ নিৰ্দেশত তেওঁক হত্যা কৰা হৈছিল। আহোমৰ
সিংহাসন দাবী কৰিব পৰা আন কেইবাজনকো বধ কৰি ৰাঘৱ মৰাপে ৰাজপাটখন নিষ্কণ্টক কৰিবলৈ সচেষ্ট হৈছিল। এইদৰে ৰমাকান্তই মুঠতে প্রায় ৫ মাহজুৰি ৰাজপাট অধিকাৰ কৰিবলৈ সক্ষম হৈছিল (১৭৬৯ ↓ ২১ নৱেম্বৰৰ পৰা ১৭৭০ খ্ৰীঃৰ ১১ এপ্রিললৈ)।
মোৱামৰীয়াসকলৰ দিনত কীৰ্তিচন্দ্ৰ বৰবৰুৱা, বুঢ়াগোহাঁই, বৰগোহঁাঁই আদি বিষয়াক হত্যা কৰা হ'ল। ৰাঘ মৰাণে হেনো এদিন বন্দী লক্ষ্মীসিংহকো চাবলৈ যোৱাত তেওঁ হেনো ইমান লেতুসেতু হৈ পৰিল যে ৰাঘৱৰ তেওঁক মাৰিবলৈ সত নগ'ল। ইতিমধ্যে ৰাঘ মৰাণে উজনি অসমৰ আটাইবোৰ সত্ৰৰ গোসাঁইসকলক ধর্মীয় ক্ষেত্ৰত মোৱামৰীয়া মহস্তক স্বীকৃতি দিবলৈ আদেশ দিলে। ইমানদিনে আহোম ৰজাঘৰৰ পৰা পৃষ্ঠপোষকতা লাভ কৰি অহা আউনীআটী আৰু দক্ষিণপাট সত্ৰক ৮০০০ কৈ আৰু গড়মূৰ আৰু কুৰুৱাবাহী সত্ৰক ৪০০০ কৈ ৰূপৰ মুদ্ৰা জমিনা ভৰোৱা হ'ল। তুংখুঙীয়া বুৰঞ্জীমতে এই সময়তে আউনীআটীৰ বাগীশ বাপুৰ নাক-কাণ কাটি চকু কঢ়া হৈছিল। উল্লেখযোগ্য যে ৰাঘৱ মৰাণে নির্দেশ দিলেও মোৱামৰীয়া মহন্তই যিকোনো লোককে সতকাই শিষ্য কৰি লোৱাৰ পৰা নিজকে বিৰত কৰিছিল। অনিচ্ছুক লোকক জোৰকৈ শিষ্য কৰিলেও তাৰ ফল শুভ নহ'ব বুলি তেওঁ বিশ্বাস কৰিছিল ।
ৰমাকান্তক ৰজা পাতি এইদৰে ৰাঘ মৰাণৰ নিৰ্দেশত শাসন চলি থাকিল। কিন্তু ৰাজ্যৰ বহু লোক আৰু বিষয়া আৰু সম্ভ্ৰান্ত ঘৰৰ লোকে ৰমাকান্তক ৰজা বুলি মানিবলৈ ভাল পোৱা নাছিল। বাধ্যত পৰি তেওঁক ৰজা বুলি মৌখিক স্বীকৃতি দিয়াৰ বাবে এইজন ৰজাৰ প্ৰতি তেওঁলোকৰ কোনো আন্তৰিকতা নাছিল। এই কথা গম পাই ৰমাকান্তই তেওঁৰ বিষয়াসকলৰ সৈতে আলোচনা কৰি এনে বিৰোধী লোক কেইবাজনকো হত্যা কৰাৰ মূৰকত বন্দী ৰজা লক্ষ্মীসিংহ আৰু আন আন আহোম বিষয়াকো হত্যা কৰাটোকে সমীচীন হ'ব বুলি বিবেচনা কৰিলে। এই বাতৰি সদৰী হ'বলৈ বেছি সময় নালাগিল। ৰজাক বধ কৰিবলৈ সিদ্ধান্ত লোৱা বুলি জানি তেওঁৰ সমৰ্থনকাৰীসকলে জিকাৰ খাই উঠিল। সেইবাবে ৰমাকান্তক আঁতৰাই পুনৰ লক্ষ্মীসিংহক ৰজা পতাৰ বাবে তেওঁলোকে ষড়যন্ত্ৰ ৰচনা কৰিলে। মনকৰিবলগীয়া
যে মণিপুৰী কুঁৱৰী কুৰংগনয়নীকো এই ষড়যন্ত্ৰৰ বিষয়ে অৱগত কৰাত তেৱোঁ ইয়াৰ অংশীদাৰ হ'বলৈ আগবাঢ়িল।
মন কৰিবলগীয়া যে মোৱামৰীয়া বিদ্রোহীসকলে ৰংপুৰ অধিকাৰ কৰি ৰমাকান্তক ৰজা পতা দিন ধৰি তেওঁলোকৰ মাজত অন্তর্দ্বন্দ্বই দেখা দিছিল। দৰাচলতে মোৱামৰীয়া মহন্তৰ পুত্ৰ গাগিনি ৰায়নেহে ৰজা হ'বলৈ বিচাৰিছিল আৰু তেওঁৰ ভালেমান সমর্থকো নাছিল। কিন্তু মোৱামৰীয়া মহন্তই ৰমাকাস্তকহে ৰজা হ'বলৈ দিলে। সেইবাবে ৰমাকান্তক ওফৰাইনো কেনেকৈ ৰাজপাটত বহিব পাৰি এনে এটা চিন্তাই দিনে নিশাই গাগিনিক যেন খুলি খুলি খাইছিল। আনহাতে হাতীচুংগী মৰাণসকলেও ৰমানন্দ ৰজা হোৱাটো ভালপোৱা নাছিল আৰু সেইবাবে তেওঁলোকে নামৰূপৰ ফালে নোমল নামৰ এজনক ৰজা পাতি এখন সুকীয়া ৰাজ্য স্থাপনৰ বাবে সচেষ্ট হৈছিল। ৰমাকান্তৰ বিৰোধী আন এজন নেতা আছিল শশুনমূৰীৰ গোবিন্দ গাঁওবুঢ়া। গাগিনি বায়নেও এতিয়া গাঁওবুঢ়ার লগ লাগি ক্ষমতা লাভৰ আখৰাত ব্যস্ত হৈছিল। এনেবোৰ ঘটনাই প্ৰমাণ কৰিছিল যে ৰমাকান্তৰ ৰাজপাট নিষ্কণ্টক নাছিল। তাতে এতিয়া আকৌ তেওঁৰ বিৰুদ্ধে আহোম ডা-ডাঙৰীয়া কেইজনমানকে ধৰি ভালেমান লোকে গোপন ষড়যন্ত্ৰ চলোৱাত ৰাঘৱ মৰাণে জোৰকৈ পত্নী কৰি লোৱা কুৰংগনয়নীয়েও তেওঁলোকৰ ষড়যন্ত্রত ইন্ধন যোগাইছিল। এইদৰে ষড়যন্ত্ৰক বাস্তৱ ৰূপ দিয়াৰ যো-জা চলিল।
ব'হাগ বিহুৰ দিন আগবাঢ়ি অহাত মৰাণসকলৰ অধিকাংশই বিহু উপলক্ষে ৰাজধানী এৰি নিজ গাঁৱলৈ। সেইবাবে সুযোগ বুজি বহু সংখ্যক আহোম সৈন্য আৰু অন্যান্যলোকে মৰাণৰ সাজ-পোছাক পিন্ধি নিশাৰ ভাগত হুঁচৰি গাবলৈ ৰাঘ মৰাণৰ চোতালত উপস্থিত হ'লহি। তেওঁলোকে ঢোলত চাপৰ মাৰ্লিত কুৰংগনয়নীয়ে আগতে তেওঁলোকৰ সৈতে কৰি থোৱা বন্দৱক্ত মতে ৰাঘক জগাই দি হুঁচৰি দলক সেৱা কৰিবলৈ ক'লৈ। ৰাঘই অভ্যাসমতে হাতত তৰোৱালখন লৈ চোতাললৈ ওলাই যাবলৈ খোজাত কুৰংগনয়নীয়ে এই বুলি কৈ তেওঁৰ হাতৰ পৰা তৰোৱালখন লৈ থ'লে যে নিজৰ জ্ঞাতি-ভাইসকলে হুঁচৰি গাবলৈ আহিছে আৰু তেওঁলোকক দেখা-সাক্ষাৎ কৰি সেৱা আগবঢ়াবলৈ
যাওঁতে হাততনো কেলেই আকৌ তৰোৱালখন নিব লাগে? ৰাঘয়ো ভাবিলে যে কুঁৱৰীয়ে সজ কথাকে কৈছে আৰু সেইবাবে শুদা হাতে হুঁচৰি দলক লগ ধৰিবলৈ ওলাই আহিল। ইয়াৰ পিছত হুঁচৰি শেষ হলত ৰাঘ মৰাণে যেতিয়া ৰাইজক সেৱা জনাবলৈ আঁঠু লৈ মূৰ দোঁৱালে, লগে লগে পিছকালৰ পৰা কুৰংগনয়নীয়ে তেওঁৰ হাতৰ পৰা লৈ থোৱা তৰোৱালখনেৰে তেওঁৰ ডিঙিত পূৰ্ণহতীয়া কোব শোধালত তেওঁ বাগৰি পৰিল। লগে লগে আন ষড়যন্ত্রীসকলে তেওঁক বধ কৰিলে। এই দৰে ৰাঘৱক হত্যা কৰাৰ পিছত ষড়যন্ত্রকাৰীসকলে দুগুণ উৎসাহেৰে মৰাণ সেনা-বিষয়া যাকে য'তে পালে এফালৰ পৰা মাৰি-কাটি যাবলৈ ধৰিলে। ৰজা ৰমাকান্তই পলাবলৈ লৈছিল যদিও অতি সহজে তেওঁলোকৰ হাতত পৰিল আৰু তেওঁক বন্দী কৰা হ'ল।
ইয়াৰ পিছত জয়দ'লত বন্দী হৈ থকা আহোম ৰজা লক্ষ্মীকান্ত সিংহক মুকলি কৰি অনা হ'ল। মহাসমাৰোহেৰে লক্ষ্মী সিংহই শিংগৰি ঘৰত উঠি আকৌ এবাৰ ৰজা হ'ল।
ইফালে ৰাজ্যখনত মোৱামৰীয়া হত্যাৰ অভিযান চলিল। মোৱামৰীয়া গোসাঁইক ধৰি আনি নানা ধৰণে শাস্তি দি অৱশেষত শূলত দিয়া হ'ল। ৰমাকান্তৰ ভাগ্যতো অনুৰূপ শাস্তি যুটিল। গাগিনি বায়নকো বধ কৰা হ'ল। আনহে নালাগে নাহৰখোৰা শইকীয়াৰ পত্নীদ্বয় ৰাধা-ৰুক্মিণীও এই বধ যজ্ঞৰ বলি হ'বলগীয়াত পৰিল। বুঢ়া-মেথা, পোপোৱালিকে ধৰি বহুবোৰ লোক এইদৰে নিধন হোৱাত কিছুসংখ্যক মৰাণ লোক আৰু মোৱামৰীয়া শিষ্যই পুনৰ বিদ্ৰোহৰ কথা আলচিবলৈ ল'লে। লক্ষ্মীসিংহই দ্বিতীয়বাৰ ৰাজপাটত উঠিয়েই এনেদৰে হত্যালীলা চলোৱা কাৰ্যত হাতীচুংগী মৰাণসকলৰো খঙ উঠিল। এওঁলোকে ৰমাকান্ত ৰজা হোৱাত ক্ষুব্ধ হৈ শগুনমূৰীৰ গোবিন্দ গাওঁবুঢ়াৰ লগ হৈ নামৰূপ অঞ্চলত নোমল নামৰ এজনক ৰজা পতাৰ কথা পূৰ্বে উল্লেখ কৰা হৈছে। এওঁলোক ৰমাকান্তৰ সমৰ্থক নহ'লেও আহোম ৰজাই এই দৰে মৰাণ আৰু মোৱামৰীয়াসকলক মাৰিবলৈ লোৱাত বৰ অসন্তুষ্ট হৈছিল আৰু পুনৰবাৰ বিদ্ৰোহ কৰি লক্ষ্মীসিংহক আঁতৰোৱা উচিত বুলি মতপোষণ কৰিছিল। এই লোকসকলে ভবা ধৰণে নামৰূপৰ পৰা আহোমৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰি দুবাৰকৈ
আহোম সৈন্যক পৰাভূত কৰিবলৈ সক্ষম হৈছিল। পিছত যেনিঝ মণিপুৰৰ পৰা অহা এদল সৈন্যক এই লোকসকলক দমন কৰিবলৈ দিয়াত এওঁলোকে দিচাঙৰ পাৰত এই বিদ্ৰোহীসকলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। কিন্তু ইয়াৰ পিছতো চুংগীসকলে ডাঠ হাবিত দুৰ্গ সাজি তাৰ পৰা মাজে সময়ে আহোম সৈন্যক ব্যতিব্যস্ত কৰি তুলিছিল। কিন্তু পিছত লাহে লাহে চুংগীসকলৰ বিদ্ৰোহৰো শাম কাটে।
কিন্তু লক্ষ্মীসিংহই দ্বিতীয়বাৰ ৰজা হৈও ৰাজ্যখনত শান্তি দেখা নাপালে । ১৭৪৪ খ্ৰীঃৰ শেষার্ধত কলিতা ফুকন নামৰ এজনে আহোম ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল যদিও সফলকাম নহ'ল। নাৰায়ণপুৰৰ প্ৰজাসকলৰ পৰা এইজন বিষয়াৰ বিৰুদ্ধে বহুবোৰ অভিযোগ পাই তেওঁক ৰজাই কামৰ পৰা খেদাই দিছিল। কোনো কোনো সূত্রমতে লক্ষ্মীসিংহক কেইজনমান বিষয়াইহে কলিতাফুকনৰ বিৰুদ্ধে কথা লগোৱাত লক্ষ্মীসিংহই তেওঁলোকৰ কথাত বিশ্বাস কৰি কলিতাফুকনক কামৰ পৰা বৰ্খাস্ত কৰিছিল। লাজে-অপমানে কলিতাফুকনে লোহিতৰ উত্তৰ দিশে থকা তামোলবাৰীলৈ গৈ মিৰহাং নাম লৈ নিজকে ৰজা বুলি দাবী কৰিছিল। তেওঁ এজন সৈন্য যোগাৰ কৰাৰ উপৰি আহোমক প্ৰত্যাহ্বান কৰিবলৈ বিচাৰিছিল । তেওঁ কেঁচামাটিত এটা দুৰ্গও সাজিছিল। তেওঁৰ এনেধৰণৰ কাৰ্যকলাপৰ বাবে আহোম ৰজাই তেওঁক ধৰিবলৈ মানুহ পঠিওৱাত তেওঁ পলাই গ'ল। মাজ পথতে ধৰা পৰাত তেওঁক বন্দী কৰি অনা লোককেইজনক তেওঁ বহু টকা-পইচা দি আকৌ পলাইছিল যদিও অৱশেষত তেওঁ পুনৰবাৰ ধৰা পৰে। এইবাৰ তেওঁ ডফলাসকলৰ ওচৰত আশ্ৰয় বিচৰাত তেওঁলোকে তেওঁৰ সেই অনুৰোধক আওকাণ কৰিলে। ফলত তেওঁ পুনৰবাৰ ধৰা পৰিল আৰু এইবাৰ তেওঁক হত্যা কৰি আহোমসকলে তেওঁৰ পৰা নিস্তাৰ পালে।
ইফালে আকৌ এসময়ত খামজাঙৰ পৰা নৰা নামৰ এজনে আহি অসম ওলোৱাত তেওঁক আহোম ৰজাই শদিয়াত মাটিবাৰী দি সংস্থাপিত কৰিছিল। কিন্তু নৰাই কিছুসংখ্যক মিচিমি আৰু চুতীয়া লোকৰ সহযোগত আহোম ৰজাৰ বিৰোধিতা কৰাত ৰজাই তেওঁক শদিয়াৰ পৰা ধৰি নিবলৈ এদল বিশ্বস্ত লোক পঠিয়ালে। ইতিমধ্যে নৰাই
শদিয়াখোৱা গোহাঁইকো হত্যা কৰাত ৰজাঘৰ অতি বিতৃষ্ট হৈছিল। সেইবাবে এতিয়া কিছুসংখ্যক আহোম সৈন্যক নৰাক ধৰিবলৈ পঠিওৱাত নৰায়ো ততাতৈয়াকৈ শদিয়া এৰি ডাঠ হাবিত লুকাইছিলগৈ। পিছত অৱশ্যে তেওঁ ধৰা পৰাত তেওঁক আহোম ৰজাই শাস্তি দিছিল।
মোৱামৰীয়া প্রথম বিদ্রোহে লক্ষ্মীসিংহ স্বৰ্গদেৱক জুৰুলা কৰিছিল। বন্দী হৈ থকা কালৰে পৰা মানসিক সুখ শান্তি নোহোৱা হ'লত তেওঁৰ স্বাস্থ্যও একেবাৰে ভাঙি পৰিছিল। ১৭৮০ খ্ৰীঃৰ ডিচেম্বৰ মাহত তেওঁ মৃত্যুবৰ্ণ কৰিছিল। তেওঁ প্ৰকৃতপক্ষে এজন দুৰ্বল ৰজা আছিল আৰু নিজৰ ববীয়াকৈ স্থিৰ সিদ্ধান্ত ল'ব নোৱাৰিছিল। ৰাজত্বকালত তেওঁ দেওধাই, বাইলুংসকলৰ কথা শুনিব নে গণকৰ গণনা মতে কাম কৰিব তাকে লৈও তেওঁক যথেষ্ট বিমোৰত পৰা দেখা গৈছিল। তেওঁ দ্বিতীয়বাৰৰ বাবে ৰাজপাট লাভ কৰাত দেওধাইসকলে এইবুলি তেওঁক বুজনি দিছিল যে তেওঁ এইদৰে বিদ্ৰোহৰ সন্মুখীন হোৱাৰ উপৰি তেওঁলোকৰ হাতত বন্দী হ'বলগীয়া হোৱাৰ মূলতে আছিল তেওঁৰ কেতবোৰ কুকর্ম। এই কুকৰ্মৰ ভিতৰত এটা হ'ল তেওঁৰ পূৰ্বপুৰুষৰ ধৰ্ম নীতি উলংঘন। উদাহৰণস্বৰূপে তেওঁলোকে ৰাজেশ্বৰ সিংহৰ শৱদেহ মৈদামত সমাধিস্থ কৰাৰ সলনি লক্ষ্মীসিংহই কাৰো হাক বচন নামানি তেওঁক হিন্দুমতে চিতাত জ্বলাই দি বৰ ভুল কৰিছিল বুলি পতিয়ন নিয়াইছিল। পিছলৈ ৰজাই বিশ্বাস কৰিছিল যে সেই ভুলৰ প্রায়শ্চিত্ত হিচাপেই তেওঁৰ অদৃষ্টত বন্দী দশা সংযোজিত হৈছিল। সেয়ে দেওধাই বাইলুংসকলে দিয়া দিহা-পৰামৰ্শ অনুসৰি মাটিৰে ৰাজেশ্বৰ সিংহৰ এটা প্রতিকৃতি সাজি ৰিখবন উৎসৱ পাতি এই প্রতিকৃতিক 'জীৱনদান' কৰা হ'ল। তাৰ পিছত স্বৰ্গৰ দেৱতাসকললৈ পূজা এভাগ আগবঢ়াই তাৰ পিছত সেই প্রতিকৃতিক আহোম নিয়মেৰে মৈদামত সমাধিস্থ কৰি লক্ষ্মীসিংহই তেওঁৰ সেই তথাকথিত ভুলৰ প্ৰায়শ্চিত্ত কৰিলে। ইফালে আকৌ ৰজাক তেওঁৰ গুৰু ন-গোসাঁয়ে তাৰা দেৱী (তথা দুৰ্গা বা কালী)ৰ পূজা পাতি দান-দক্ষিণা কৰি ৰাজ্যৰ সকলো অপায়-অমংগলৰ প্ৰতিকাৰ কৰিবলৈ কোৱাত তেওঁ গুৰুজনৰ এই নির্দেশো গুৰুত্ব সহকাৰে পালন কৰিছিল। এইদৰে ৰজাই আকৌ হিন্দু নিয়মমতে পূজা২৬১
পাতল, দান-দক্ষিণা আদি কৰিবলৈ লোৱাত দেওধাই, বাইলুংগুৰ কোনেও সেই দান-দক্ষিণা ল'বলৈ নাহিল। লক্ষ্মীসিংহৰ দিনত ঘটা এনেবোৰ ঘটনাই এই ৰজাজনৰ দুৰ্বলতাৰহে চিনাকি দিছিল। তেওঁৰ চাৰিত্ৰিক দৃঢ়তা নাছিল বাবে আনৰ কথাত অতি সহজে ভোল গৈছিল। ফলত বিভিন্নজনৰ প্ৰভাৱত তেওঁ লেছকা বাঁহৰ দৰে হালি পৰিছিল।
লক্ষ্মীসিংহৰ ৰাজত্বৰ শেষ অধ্যায়ত তেওঁ দৰঙী প্ৰজাৰ বিক্ষোভৰ সম্মুখীন হ'বলগীয়াত পৰিছিল। প্রতাপ সিংহ স্বৰ্গদেৱৰ দিনতে কোচ ৰজা পৰীক্ষিতৰ ভায়েক বলীনাৰায়ণক ধৰ্মনাৰায়ণ নামেৰে দৰঙত 'থাপিত-সাঞ্চিত' ৰজা পতা হৈছিল। ১৬৩৯ খ্ৰীঃত আহোম আৰু মুঘলৰ মাজত হোৱা সন্ধিমতে বৰনদীৰ পৰা পশ্চিমলৈ আহোমৰ অধিকাৰত থকা কামৰূপৰ অংশটোও ধৰ্মনাৰায়ণৰ অধীনস্থ কৰাত দৰঙী ৰজাৰ ক্ষমতা বৃদ্ধি পাইছিল। লক্ষ্মীসিংহৰ দিনত দৰঙীৰ প্ৰায় ৪০০০জন প্ৰজাই ৰংপুৰত ৰজাক লগ ধৰি তেওঁলোকৰ অসুবিধাসমূহ ব্যক্ত কৰি তাৰ আশু প্ৰতিকাৰৰ বাবে খাটনি ধৰিছিল। তেওঁলোকে আনকি মাটি পিয়ল ৰদ কৰিবলৈকো চৰকাৰক দাবী জনাইছিল। এই বিদ্রোহী ভাবাপন্ন লোকসকলৰ দাবী আওকাণ কৰিলে বিপদ হ'ব বুলি ভাবি তেওঁ দৰঙীৰ প্ৰজাৰ দাবীসমূহ মানি লৈছিল। এইদৰে লক্ষ্মীসিংহই সকলো ক্ষেত্ৰতে নিজক প্ৰতিৰক্ষা কৰা নীতি এটা লৈ চলিছিল। এনে নীতিয়ে তেওঁ যে এজন দুৰ্বল মনৰ ৰজা সেইটোৰেই প্ৰমাণ কৰিছিল ।
গৌৰীনাথ সিংহ বা চুহিৎপংকা (১৭৮০-১৭৯৫ খ্রীঃ), মোৱামৰীয়া দ্বিতীয় আৰু তৃতীয় বিদ্রোহ, নামনি অসম আৰু দৰঙৰ বিদ্ৰোহ, কেপ্টেইন ৱেলছৰ আগমন আদি :
স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহ আৰু লক্ষ্মীসিংহৰ ৰাজত্বকালত আহোম ৰাজ্যৰ যি অৱনতি আৰম্ভ হৈছিল, সেই অৱনতিৰ গতি ক্ষিপ্ৰতৰ হৈছিল গৌৰীনাথ সিংহৰ দিনত। এই ৰজাৰ দিনতে হৈছিল মোৱামৰীয়াৰ দ্বিতীয় আৰু তৃতীয় বিদ্রোহ। তদুপৰি দৰঙী প্ৰজাৰ বিদ্রোহেও তেওঁক চিন্তিত কৰি তুলিছিল। প্রকৃতপক্ষে এই ৰজাজন ঘোৰ মোৱামৰীয়া বিৰোধী আছিল। লক্ষ্মী সিংহই তেওঁৰ মৃত্যুৰ পূৰ্বে গৌৰীনাথক ৰজা পাতিবলৈ কৈ গৈছিল। তেওঁ পিতৃৰ
শৱদেহ হিন্দুমতে দাহ কৰি শ্ৰাদ্ধাদিৰ অন্তত ছাইখিনি নি চৰাইদেউ পাহাৰত আহোমমতে মৈদাম দিরাইছিল। গৌৰীনাথ পহুমৰীয়া গোসাঁই ৰমানন্দ আচাৰ্যৰ শিষ্য আছিল। এইজন ৰজাৰ দিনত দুজন অভিজ্ঞ লোকে বুঢ়াগোহাঁই হিচাপে কার্য নির্বাহ কৰিছিল। এওঁলোকৰ প্ৰথমজন আছিল কুঁৱৈগঞা ঘনশ্যাম বুঢ়াগোহঁাঁই। এইজন বুঢ়াগোহাঁই স্বৰ্গী হোৱাত তেওঁৰ পুত্ৰ পূৰ্ণানন্দই বুঢ়াগোসাঁই হবে খাইছিল। গৌৰীসিংহৰ ঘটনা বহুল ৰাজত্ব কালত মোৱামৰীয়া বিদ্ৰোহৰ উপৰি কামৰূপত হৰদত্ত বুজৰবৰুৱা আৰু দৰঙত কোচ ৰজা কৃষ্ণনাৰায়ণৰ বিদ্রোহে গভীৰ সমস্যাৰ সৃষ্টি কৰিছিল। অৱশেষত গৌৰীনাথ সিংহই ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাহায্য ভিক্ষা কৰাত কেপ্টেইন ৱেলছৰ নেতৃত্বত কোম্পানীয়ে এদল সৈন্য পঠিয়াইছিল। কেপ্টেইন ৱেলছৰ আগমনে সমসাময়িক আহোম ৰাজ্যত বিদ্ৰোহ দমনৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল সঁচা কিন্তু আনহাতে সেইসময়ৰ পৰা কোম্পানীৰ অসম আগমনৰ পথ মুকলি হৈছিল। এইটোও সঁচা যে কেপ্টেইন ৱেলছৰ অসম অভিযান শেষ নৌহওঁতেই কোম্পানীৰ নৱনিযুক্ত গভৰ্ণৰ ছাৰ জন ছোৰে অহস্তক্ষেপ নীতিৰ দোহাই দি তেওঁক অসমৰ পৰা মাতি নিছিল। কিন্তু এই নীতি এটা স্থায়ী নীতি আছিল বাবে ভবিষ্যতে কোম্পানীয়েও এই নীতি ত্যাগ কৰি অসম দখল কৰিছিলহি। মোৱামৰীয়াৰ দ্বিতীয় বিদ্রোহ : গৌৰীনাথ সিংহই মহা ধুমধামেৰে শিংগৰীঘৰত উঠি ৰজা হোৱাৰ পিছৰে পৰা মোৱামৰীয়াসকলক দমন কৰাৰ উদ্দেশ্যৰে তেওঁলোকৰ ওপৰত পুনৰ নানা ধৰণৰ অত্যাচাৰ আৰম্ভ কৰাত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহৰ পটভূমি ৰচিত হ'বলৈ সৰহ দিন নালাগিল। এদিন (১৭৮২ খ্ৰীঃৰ এপ্ৰিল মাহ) গৌৰীনাথ সিংহই মাছ মাৰিবলৈ গৈ উভতি আহোঁতে ৰাতি হৈছিল। ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ ভালেমান মোৱামৰীয়া বিদ্ৰোহীয়ে হাতত জোঁৰ লৈ ৰজাৰ লগত অহা লোকৰ মাজত সোমাই গড়গাঁৱত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। নগৰৰ ভিতৰত তেওঁলোকে ৰজাৰ মানুহ যাকে য'তে পালে কাটিমাৰি খাস্তাং কৰাত লাগিল। তাৰ পিছত এই বিদ্ৰোহীৰ দলটোৱে শিংগৰীঘৰত জুই লগাই দিয়াৰ উপৰি হত্যাকাণ্ড অব্যাহত ৰখাত প্রমাদ গণি ৰজাই কোনোমতে হাতীত উঠি
| pdf |
48cc450f86aa0528ac1b82ddd4068f58f9fcc16cb6dd9abbde49cd5f07af8cc9 | আৰু নিষাদ
সিমানেই যথেষ্ট আছিল। ৰিয়াজৰ ওচৰত ৰহস্তটো সিমানতেই টফটীরাক ওলাই পৰিছিল। কিন্তু তাৰ লোভ হল।
পৃথিৱীত 'লোভ' বোলা বস্তুটো প্রধান অমঙ্গলীয়। বস্তু। ইয়াতকৈ অমঙ্গলীয়। বস্তু আৰু একো নাই। অথচ ইয়াৰে আদৰ সবাতোকৈ বেছি। লোভৰ কৱলত পৰিলে মানুহৰ হিতাহিত জ্ঞান লোপ পায়। ধৰি লয় তেওঁৰ লাভৰ কথা কোনেও নুবুজে। লোভত পৰি কৰা কাম কোনেও নেদেখে। ৰিয়াজৰো হল সেই অৱস্থা। কাণছিগা মানুহটোৰ মুখখন চাবৰ কাৰণে তাৰ বৰ লোভ হল। সেই লোভৰ বহুতীয়া হৈয়ে সি এটা ঘটনা কৰি পেলালে ।
মাহুহহাল যেতিয়া এটা লেমপষ্টৰ ওচৰ চাপিল আৰু পোহৰৰ মাজত ভৰি দিলে সেই মুহূর্ততে সি উজুটি খাই মাহুহুটোৰ গাত পৰি গ'ল। মাহহুটোৱে ভৰ থাই ঘূৰি চালে । ৰিয়াজে তাক দেখিলে। গাভৰুকো দেখিলে। কিন্তু কাকো চিনি নাপালে । সি সিহঁতৰ ওচবত ক্ষমা বিচাৰিলে। ৰাস্তাৰ এনে দেন্যদশাৰ কাৰণে পৌৰ নিগমৰ গৰিহণা দিলে। শপত খাই কলে যে এই দুৰ্ঘটনাত তাৰ শৰীৰৰ কৰবাত যদি আঁচোৰ এটাও পৰিছে তেন্তে সি পৌৰনিগমৰ বিরুদ্ধে আদালতত গোচৰ তৰিব। তেতিয়া যেন তেওঁলোকে সাক্ষী দিয়ে তাৰ বাবেও গোহাৰি জনালে ।
এই ক্ষম। প্ৰাৰ্থনাই আৰু পৌৰ নিগমক দিয়া গৰিহণাই বা মোকৰ্দমা তৰাৰ সজ সংকল্পই সিহঁতক ভূৰুকিয়াব নোৱাৰিলে। অপৰাধীৰ মন সদায়ে সন্দিহান। এই ঘটনাৰপৰা ৰিয়াজৰ উপৰঞ্চি লাভ একো নহল। বৰং সি নিজৰ বিপদহে চপাই ললে।
সিহঁতৰ পাছে পাছে অহা মানুহ এটাই ঘটনাটো মন কৰিলে । মন কৰিলে তাৰে। পাছে পাছে অহা মানুহবোৰেও। এজনে তাক অহসৰণ কৰিলে ।
ৰিয়াজ যেতিয়। ৰিভাৰভিউ হোটেলত সোমালে তেতিয়া মানুহটে। হুমকি ৰ'ল। তাৰ ওপৰত চকু ৰখাৰ দায়িত্ব আন এটাক গতাই সি গুচি গ'ল । ৰিভাৰভিউ হোটেলভ চকু ৰাখিছিল সেইজনে।
ৰিয়াজ এই হোটেলতে আছে। ইয়াত তাৰ নাম মোহন দ্বিবেদী। উত্তৰ প্ৰদেশৰ এজন জমিদাৰৰ বিলাসী পুত্র।
সি তৎক্ষণাৎ ঘটনাটো ভাস্কৰক জনালে । সি এই কথা নজনালে যে তাক এটা মানুহে অনুসৰণ কৰিছিল। সে কথা সি নিজেও জনা নাছিল। তথাপি সেই সম্ভাৱনাৰ কথা ভাম্বৰে অনুমান কৰি ললে। সি ৰিয়াজৰ কাৰণে চিন্তিত হৈ পৰিল। তাৰ চকুৰ আগত ভাহি উঠিল হাতীদাতৰ নাল লগা এখন চুৰী। সি ৰিয়াজক হোটেলৰপৰা গুচি যাবলৈ নির্দেশ দিলে।
আশাৰ ৰেঙণী
অজিতেশ বৰুৱা আৰু হৰিকিষণ ভালুকাৰ হত্যাকাণ্ডৰ ৰহ্য উদঘাটন কৰিবলৈ কিরীটি শইকীয়াই যে আন্তৰিকতাৰে চেষ্টা কৰিছে তাত কোনে। সন্দেহ নাই ।
দিনবোৰ গৈ আছে। ৰহস্ত কিন্তু অলপো লৰচৰ হোৱা নাই । য'ত খছিলে ত'তেই খোপনি পুতি বৈ আছে। ইফালে ৰাজ্য আৰু কেন্দ্ৰৰ তৰফৰপৰা দিনৌ তাগিদ। আহিব লাগিছে - কিমানদূৰ আগ বঢ়া গৈছে ৰিপৰ্ট দিয়া। দৰকাৰ হলে জনোৱা আমি ইয়াৰপৰা অভিজ্ঞ অফিচাৰ পঠিয়াম।
কিৰীটি শইকীয়াই সকলো সহ্য কৰিব পাৰে । নোৱাৰে মাথোন অভিজ্ঞতাৰ পানী-ফুটনি। তেওঁ দিল্লীত থাকি আহিছে । অভিজ্ঞ লোক কিজনক চিনিবলৈ বাকী নাই। কোনোবাই অভিজ্ঞতাৰ কথা যেন তেওঁৰ আগত মহাবলৈ নাহে। কিৰীটি শইকীয়াই বহুত ঘাটৰ পানী খাই থৈছে। সেই কথাকে কৈছিল বিকাশ বৰুৱাৰ আগত ।
ঘটনাৰ গঢ-গতিলৈ চাই বিকাশ বৰুৱা হতাশ হৈ পৰিছে। দুটাকৈ নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰীৰ কোনো অস্তিত্বকে আৱিষ্কাৰ কৰিব পৰা নগ'ল । ধৰাৰ কথাতো দূৰৈতে। নিষাদ' যদি দস্যু ভাস্কৰ হয় তেতিয়াহুলে
| pdf |
24c360b40260c6ef6676c91c2be7eefabd1a61b0 | 'স্বচ্ছ ভাৰত' অভিযানৰ অধীনত স্বচ্ছতা সম্পৰ্কত জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত আৰম্ভ কৰিছিল এই অভিলাষী আঁচনি। মোদীৰ এই আঁচনিক আৰম্ভণি পৰ্যায়ত দেশৰ সকলো লোকে ব্যাপক সঁহাৰি জনোৱাও পৰিলক্ষিত হৈছিল।
গাঁও তথা চহৰ সমূহ পৰিষ্কাৰ কৰাৰ উদ্দেশ্যে চৰকাৰে ব্যাপক ৰূপত খৰচ কৰিছে ধন। হোজাই জিলাৰ সদৰ চহৰ হোজাইক সুন্দৰ তথা পৰিষ্কাৰ কৰিবৰ বাবে চহৰখনৰ পৌৰ নিগমেও জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ সমদল, প্ৰতিযোগিতা আৰু চহৰখনৰ বিভিন্ন অঞ্চলত স্থাপন কৰিছে ডাষ্টবিন।
ইয়াৰ উপৰি হোজাই পৌৰ নিগমৰ কৰ্মচাৰীসকলেও চহৰখনক নিকা কৰি ৰাখিবলৈ সদায় অব্যাহত ৰাখিছে চেষ্টা। কিন্তু তেওঁলোকৰ এই চেষ্টা যেণ অনৰ্থক। কিয়নো চহৰখনৰ লোকসকল এই ক্ষেত্ৰত যেণ অলপো সচেতন নহয়। চহৰবাসীয়ে ডাষ্টবিন ব্যৱহাৰ কৰাৰ বিপৰীতে য'ত ত'ত জাৱৰ-যোথৰ পেলাই সৃষ্টি কৰিছে এক অৱৰ্ণনীয় পৰিৱেশ।
উল্লেখ্য যে জনসাধাৰণৰ এনে কাৰ্যত চহৰখনত এতিয়া অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই সংক্ৰান্তত হোজাই পৌৰ নিগমৰ এগৰাকী বিষয়া সঞ্জল মহন্তই আমাৰ সাংবাদিকৰ আগত কয়, 'ডাষ্টবিন ব্যৱহাৰ কৰাটো কেৱল জনসাধাৰণৰ দায়িত্বই নহয়, ইয়াৰ ফলত পৰিৱেশ তথা সমাজত এটা গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰে। চৰকাৰী যন্ত্ৰই মানুহৰ স্বভাৱ সলনি কৰিব নোৱাৰে'।
'সমাজৰ কল্যাণৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছো। ইয়াৰ বাবে প্ৰয়োজন জনসাধাৰণৰ সহযোগিতা। জনসাধাৰণৰ সহায় তথা সহযোগিতা অবিহনে আমি কেতিয়াও আমাৰ সপোন তথা সমাজৰ উন্নয়ন সাধন কৰিব নোৱাৰো', বুলিও মহন্তই আমাৰ আগত উল্লেখ কৰে। | web |
b852fb52cd745e61a5078bd9175708e4042555a5 | মাজুলীৰ শোকাবহ নাও দুৰ্ঘটনাৰ পাছত মানুহৰ মনত সংবেদনশীল অনুভুতিয়ে ক্ৰিয়া কৰি থকাৰ মাজতে দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাই কৰা এক অসংবেদনশীল মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে।
বিধায়ক বৰাই শোকাবহ দুৰ্ঘটনাটোক লৈ মন্তব্য কৰিবলৈ গৈ কয় যে কম বেছি পৰিমানে সকলোৰে গাত দোষ আছিল। যাত্ৰীসকলৰো বহু পৰিমানে দোষ আছে। যাত্ৰী, জল পৰিবহন বিষয়াসকলৰ দোষৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।
গোটেই ঘটনাটোক এক ভাগ্যৰ পৰিণতি বুলি ব্যাখ্যা কৰিবলৈ গৈ বিধায়কগৰাকীয়ে কয় যে দুৰ্ভাগ্য যেতিয়া আহে তেতিয়া কাকো দোষ দি লাভ নাই। তেওঁলোকক মৃত্যুৱে মাতিছে, ইয়াত কোনোৱে একো কৰিব নোৱাৰে।
তাৰ মাজতে বিধায়কগৰাকীয়ে অৱশ্যে মাজুলীত দলং নিৰ্মাণক লৈ কেন্দ্ৰীয় চৰকাৰে বিলম্ব কৰাৰ বাবেও আক্ষেপ প্ৰকাশ কৰে।
সেয়া যিয়েই নহওক, যিসময়ত ৰাজ্যবাসীয়ে এই শোকাবহ দুৰ্ঘটনাটোক লৈ ব্যথিত হৈ পৰিছে আৰু একেমুখে শীঘ্ৰেই মাজুলীত এখন দলঙৰ বাবে দাবী উত্থাপন কৰিছে, তেনে সময়তে বিজেপি বিধায়কগৰাকীয়ে ভাগ্যৰ দোহাই দি কৰা এক অসংবেদনশীল মন্তব্যই সকলোকে আচৰিত কৰি তুলিছে। | web |
c5f9b3615a51adb134016b7cb2465419 | ডিজিটেল সংবাদ, গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৃহস্পতিবাৰে দিছপুৰ লাষ্টগেটত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ২৯ সংগঠনে সকীয়নি বিক্ষোভ শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। গণেশ মন্দিৰৰ সমীপৱৰ্তী গণেশ উদ্যানৰ পৰা দিনৰ প্ৰায় ১ বজাত বাহিৰ কৰিছিল প্ৰতিবাদী সমদল।
সেই সমদলক বাধা দিবলৈ লাষ্টগেটৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সমীপত বেৰিকেড গঢ়ি ৰৈ আছিল আৰক্ষীৰ বিশাল বাহিনী। আৰক্ষীয়ে পিছে প্ৰতিবাদকাৰীক বাধা দিয়াৰ লগতে সেই সময়ত কৰ্তব্যৰত এজন আৰক্ষী কনিষ্টবলকো চম্ভালিবলগীয়া হ'ল। হাতত ধৰি কেবাজনো আৰক্ষীয়ে আঁতৰাই নিলে কনিষ্টবলগৰাকীক।
দশম আৰক্ষী বেটেলিয়নৰ এই কনিষ্টবলজন অসুস্থ হোৱাৰ বাবে সহকৰ্মী আৰক্ষীয়ে তেওঁক এনেদৰে আতৰাই নিয়ে বুলি ভুল নুবুজিব। থিৰেৰে থাকিব নোৱৰা এইজন আৰক্ষী কনিষ্টবলজনে দিনতে সেৱন কৰিলে সুৰা। তাৰপিছতে তেওঁৰ এই অৱস্থা। মদৰ নিচাত মাতাল হৈ থকা আৰক্ষীজনক উপস্থিত একাংশই সুধিলে, 'অ' দাদা পানী খাব নেকি নেমুপানী?' সংবাদ মাধ্যমৰ কেমেৰাৰ সমুখত তেওঁ থিৰেৰে থাকিব নোৱাৰিলে যদিও অস্বীকাৰ কৰিলে মদ খোৱাৰ কথা। বাৰে বাৰে হালি পৰিব বিচৰা আৰক্ষী কনিষ্টবলজনৰ কৰ্মকাণ্ডৰ নমুনা এয়া।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰো কেন্দ্ৰবিন্দু হৈ পৰিল এই আৰক্ষী কনিষ্টবলগৰাকী। সাংবাদিকে তেওঁৰ নাম সুধিলে। কিন্তু তেওঁ নিজৰ নামটো পাহৰিলে। দুচকু মেলিব নোৱৰা অৱস্থাত থকা আৰক্ষী কনিষ্টবলজনে কেৱল অস্বীকাৰ কৰি গ'ল মদ খোৱাৰ কথা। অসম আৰক্ষীত এতিয়া এচাম লোকে কেনেদৰে কৰ্তব্য সম্পাদন কৰে তাৰ নমুনা এয়া।
এই আৰক্ষী কনিষ্টবলজনৰ ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এচাম এনে আৰক্ষী কৰ্মীৰ বাবেই নাক কটা গৈছে আসম আৰক্ষীৰ।
| web |
Subsets and Splits